Niketan Class 4 Social Chapter 3 অসমৰ জলবায়ু

Niketan Class 4 Social Chapter 3 অসমৰ জলবায়ু, Sankardev Sishu Niketan Chapter 3 অসমৰ জলবায়ু Class 4 Social Science Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board শংকৰদেৱ শিশু নিকেতন Class 4 সমাজ বিজ্ঞান Question Answer can be of great value to excel in the examination.

Join Telegram channel

অসমৰ জলবায়ু

Chapter – 3

SANKARDEV SISHU NIKETAN

প্রশ্নোত্তৰ

প্রশ্ন ১ : চমু উত্তৰ দিয়া–

(ক) জলবায়ু কাক বোলে ? অসমৰ জলবায়ুক কি বুলি কোৱা হয় ? 

উত্তৰ : এখন ঠাই বা অঞ্চলৰ এক দীঘলীয়া সময়ত বতৰৰ গড় বা সামগ্রিক অৱস্থাকে জলবায়ু বোলে। অসমৰ জলবায়ুক মৌচুমী জলবায়ু বোলে।

(খ) অসমত বছৰি গড়ে কিমান ছেঃমিঃ বৰষুণ হয় ? 

উত্তৰ ; প্রায় ২০০ ছেঃ মিঃ বৰষুণ হয়।

(গ) পাহাৰীয়া অঞ্চলৰ মানুহে কেনেকৈ খেতি কৰে আৰু ইয়াক কি খেতি বোলে ?

উত্তৰ : পাহাৰীয়া অঞ্চলৰ মানুহে এঢলীয়া ঠাইৰ বনত জুই লগাই মুকলি কৰি মাটি চহাই খেতি কৰে। ইয়াক ঝুম খেতি বোলে। ইয়াৰ উপৰি পাহাৰত খাজ কাটি তেওঁলোকে বেদিকা খেতিও কৰে।

(ঘ) বৰষুণ বেছি হ’লে কি কি উপকাৰ হয় ? 

উত্তৰ : বৰষুণ বেছি হোৱাৰ ফলত হোৱা উপকাৰবোৰ এনেকুৱা – খেতি-বাতি ভাল হয়, গছ-গছনি বৃদ্ধি হ’লে জীৱ-জন্তুৰ বসবাসৰ বাবে উপযোগী হৈ পৰে। বৰষুণে বায়ুত থকা বিষাক্ত পদার্থসমূহ ধুই নিয়ে।

(ঙ) বৰষুণ বেছি হ’লে কি কি অপকাৰ হয় ?

উত্তৰ : বৰষুণ বেছি হ’লে হোৱা অপকাৰসমূহ হৈছে

নদ-নদী, খাল-বিলকে ধৰি জলাশয়সমূহ পানীৰে উপচি পৰি বানপানীৰ সৃষ্টি হয়। বানপানীয়ে খেতি-বাতি নষ্ট কৰে। মানুহৰ ঘৰ-দুৱাৰ, পোহনীয়া জীৱ-জন্তু উটুৱাই নিয়ে। বনৰীয়া জীৱ-জন্তুৰো আলাই-আথানি হয়। 

(চ) অসমত চাহ খেতি বৰ ভাল হয় কিয় ?

উত্তৰ : আঠালেতীয়া মাটিত চাহ খেতি ভাল হয়। আনহাতে চাহৰ বাবে প্ৰচুৰ বৰষুণ আৰু পানী জমা নোহোৱা উর্বৰ মাটিৰ প্রয়োজন। এনে মাটি অসমত থকা বাবে অসমত চাহ খেতি বৰ ভাল হয়।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১ : বতৰ কাক বোলে ?

উত্তৰ : এখন ঠাইৰ সূৰ্যৰ পোহৰ আৰু তাপ, বায়ুর চাপ, বতাহ, বৰষুণ, বায়ুত থকা জলীয় ভাপৰ পৰিমাণ আদি লগ লাগি সৃষ্টি কৰা অৱস্থাকে বতৰ বোলে।

প্রশ্ন ২ : অসমত গৰমৰ দিনত হোৱা কেইবিধমান শস্য, ফল-মূল আৰু শাক পাচলিৰ নাম লিখা। 

উত্তৰ : ধান, মৰাপাট, আম, কঁঠাল, আনাৰস, জিকা, ভেন্দি, কেৰেলা, তিয়ঁহ ইত্যাদি।

প্রশ্ন ৩ : অসমত ঠাণ্ডা দিনত হোৱা কেইবিধমান শস্য, ফল-মূল আৰু শাক পাচলিৰ নাম লিখা।

উত্তৰ : মাহ, সৰিয়হ, ধনীয়া, সুমথিৰা টেঙা, জলফাই, বগৰী, ৰবাব টেঙা, আলু, মূলা, কবি, লাই, পালেং ইত্যাদি। 

প্রশ্ন ৪ : অসমত শৰৎ ঋতুত পালন কৰা দুটি উৎসৱৰ নাম লিখা।

উত্তৰ : দুর্গা পূজা আৰু ৰাস মহোৎসৱ।

প্রশ্ন ৫ : খালী ঠাই পূৰ কৰা–

(ক) অসমত দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ……….কালত প্ৰচুৰ বৰষুণ বাবে হয়।

উত্তৰ : অসমত দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ বাবে গ্ৰীষ্ম কালত প্ৰচুৰ বৰষুণ হয়।

(খ) অসমত………মাহৰ পৰা……….মাহলৈ বৰষুণৰ ঋতু বোলে। 

উত্তৰ : অসমত জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ বৰষুণৰ ঋতু বোলে।

(গ) জলবায়ু অনুসৰি মানুহৰ ……….. সাজ-পাৰ আদি বেলেগ বেলেগ হয়।

উত্তৰ : জলবায়ু অনুসৰি মানুহৰ খাদ্যাভ্যাস, সাজ-পাৰ আদি বেলেগ বেলেগ হয়।

(ঘ) অসমত জেঠ, আহাৰ আৰু শাওণ মাহত সূৰ্যৰ পোহৰ ……….. কৈ পৰে বাবে সেই সময়ত …………. বেছি হয়। 

উত্তৰ : অসমত জেঠ, আহাৰ আৰু শাওণ মাহত সূৰ্যৰ পোহৰ থিয় কৈ পৰে বাবে সেই সময়ত গৰম বেছি হয়।

(ঙ) অসমৰ বাৰিষা কালৰ প্ৰধান শস্য হৈছে………আৰু………৷

উত্তৰ : অসমৰ বাৰিষা কালৰ প্ৰধান শস্য হৈছে ধান আৰু মৰাপাট।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top