Niketan Class 4 Social Chapter 14 স্থানীয় শাসন প্রণালী

Niketan Class 4 Social Chapter 14 স্থানীয় শাসন প্রণালী, Sankardev Sishu Niketan Chapter 14 স্থানীয় শাসন প্রণালী Class 4 Social Science Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board শংকৰদেৱ শিশু নিকেতন Class 4 সমাজ বিজ্ঞান Question Answer can be of great value to excel in the examination.

Join Telegram channel

স্থানীয় শাসন প্রণালী

Chapter – 14

SANKARDEV SISHU NIKETAN

প্রশ্নোত্তৰ

প্রশ্ন ১ : স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থা বুলিলে কি বুজা ?

উত্তৰ : আমাৰ দেশৰ সকলো ঠাইবে প্রশাসন আৰু উন্নয়নৰ বাবে গোটেই দেশখনতে কিছুমান সৰু সৰু গোট বা সমিতি গঠনৰ ব্যৱস্থা আছে।এই সমিতিবোৰৰ সদস্যসকলক নিজ নিজ এলেকাৰ স্থানীয় ভোটাৰসকলে নির্বাচিত কৰে।

এই প্রতিনিধিসকলৰ জৰিয়তে জনসাধাৰণে নিজৰ শাসন নিজেই করে। এই সমিতিবোধৰ জৰিয়তে জনসাধাৰণৰ সমস্যাবিলাক সমাধান কৰি তেওঁলোকক স্বাৱলম্বী কবি তুলিবলৈ চেষ্টা কৰা হৈছে।শাসনৰ এই ব্যৱস্থাটোক স্থানীয় স্বায়ত্ত শাসন ব্যবস্থা বুলি কোৱা হয়। 

প্রশ্ন ২ : স্থানীয় স্বায়ত্ত শাসনৰ প্ৰতিষ্ঠানবিলাক কি কি ?

উত্তৰ : স্থানীয় স্বায়ত্তশাসনৰ প্ৰতিষ্ঠানবিলাক হৈছে– 

(ক) পৌৰনিগম।

(খ) পৌৰসভা। 

(গ) নগৰ সমিতি।আৰু 

(ঘ) পঞ্চায়তীৰাজ।

প্রশ্ন ৩ : একোখন পঞ্চায়তত কিমানটা পঞ্চায়ত সমষ্টি থাকে ?

উত্তৰ : ১০ টা পঞ্চায়ত সমষ্টি থাকে। 

প্রশ্ন ৪ : পঞ্চায়তৰ কাৰ্যকাল কিমান বছৰ ?

উত্তৰ : পাঁচ বছৰ।

প্রশ্ন ৫ : একোখন পঞ্চায়তত সাধাৰণতে কিমান জনসংখ্যা থাকে ?

উত্তৰ : ৬০০ তকৈ বেছি আৰু ১০,০০০ তকৈ কম জনসংখ্যা থাকে।

প্রশ্ন ৬ : পঞ্চায়তত মহিলাৰ বাবে কিমান আসন সংৰক্ষিত ?

উত্তৰ : এক তৃতীয়াংশ আসন সংৰক্ষিত। 

প্রশ্ন ৭ঃ অসমৰ পার্বত্য অঞ্চলত কেইখন স্বায়ত্তশাসিত পরিষদ আছে আৰু কি কি ?

উত্তৰ : দুখন আছে। সেই দুখন হ’ল – কাৰ্বি আংলং স্বায়ত্ত শাসিত জিলা পৰিষদ আৰু ডিমা হাচাও স্বায়ত্তশাসিত জিলা পৰিষদ।

প্রশ্ন ৮ : ভৈয়াম অঞ্চলৰ স্বায়ত্তশাসিত পৰিষদবোৰ কি কি ?

উত্তৰ : বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিল, ৰাভা স্বায়ত্ত শাসিত পৰিষদ, তিবা স্বায়ত্ত শাসিত পৰিষদ আৰু মিচিং স্বায়ত্ত শাসিত পৰিষদ।

প্রশ্ন ৯ : খালী ঠাই পূৰ কৰা— 

(ক) জিলাৰ শাসনৰ গুৰিয়ালজনক………বোলে।

উত্তৰ : জিলাৰ শাসনৰ গুৰিয়ালজনক উপায়ুক্ত বোলে।

(খ) সমগ্ৰ দেশৰ শাসনৰ কেন্দ্ৰ স্থূলক……….বোলে।

উত্তৰ : সমগ্ৰ দেশৰ শাসনৰ কেন্দ্ৰ স্থলক ৰাজধানী বোলে।

(গ) পৌৰসভাৰ গুৰিয়ালজনক………..বোলে। 

উত্তৰ : পৌৰসভাৰ গুৰিয়ালজনক পৌৰপতি বোলে।

(ঘ) পৌৰ নিগমৰ মুৰব্বীজনক………..বোলা হয়।

উত্তৰ : পৌৰ নিগমৰ মুৰব্ৰীজনক মেয়ৰ বোলা হয়।

(ঙ) ভাৰতৰ ৰাজধানী………৷

উত্তৰ : ভাৰতৰ ৰাজধানী নতুন দিল্লী।

প্রশ্ন ১০ : চমু টোকা লিখা–

(ক) জিলা পৰিষদ।

(খ) আঞ্চলিক পঞ্চায়ত।

(গ) পৌৰসভা।

(ঘ) নগৰ সমিতি।

(ঙ) পৌৰ নিগম।

উত্তৰ : (ক) জিলা পৰিষদ : তিনিতৰপীয়া পঞ্চায়তীৰাজ ব্যৱস্থাৰ একেবাৰে ওপৰৰ তৰপটো হৈছে জিলা পৰিষদ। প্ৰতিখন জিলাত এখনকৈ জিলা পৰিষদ থাকে। এখন জিলা পৰিষদৰ তলত কেইবাখনো আঞ্চলিক পঞ্চায়ত থাকে। এইবোৰৰ পৰা স্থানীয় ভোটাৰসকলে গণতান্ত্রিক পদ্ধতিৰে একোজনকৈ সদস্য জিলা পৰিষদলৈ নির্বাচন কৰে। এই নিৰ্বাচিত সদস্যসকলে তেওঁলোকৰ মাজৰপৰা এজন সদস্যক সভাপতি আৰু এজনক উপ-সভাপতি নির্বাচন কৰি জিলা পৰিষদ গঠন কৰে। জিলা পৰিষদৰ কাম হৈছে ৰাস্তা-ঘাট আদি মেৰামতি তথা নিৰ্মাণ কৰা, কৃষি উন্নয়ন কৰা, অনাময় ব্যৱস্থা, খোৱা-পানীৰ সু-ব্যৱস্থা কৰা, বিল-পুখুৰী আদিৰ সংৰক্ষণ আৰু উন্নয়নৰ ব্যৱস্থা কৰা ইত্যাদি। জিলা পৰিষদৰ কাৰ্যকাল পাঁচ বছৰ।

(খ) আঞ্চলিক পঞ্চায়ত : পঞ্চায়তীৰাজ ব্যৱস্থাত মাজৰ গোটতো হৈছে আঞ্চলিক পঞ্চায়ত। প্ৰতিটো উন্নয়ন খণ্ডতে একোখনকৈ আঞ্চলিক পঞ্চায়ত থাকে। এটা উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰতিখন গাঁও পঞ্চায়তৰ পৰা গণতান্ত্রিক পদ্ধতিৰে নিৰ্বাচিত হৈ অহা আঞ্চলিক পঞ্চায়তৰ সদস্যসকলক লৈ আঞ্চলিক পঞ্চায়ত গঠন হয়। গাঁও পঞ্চায়ত এলেকাৰ পৰা নিৰ্বাচিত হৈ অহা আঞ্চলিক পঞ্চায়তৰ সদস্যসকলে তেওঁলোকৰ মাজৰ পৰাই এজনক সভাপতি আৰু এজনক উপ-সভাপতি হিচাপে নিৰ্বাচন কৰে। ৰাস্তা-ঘাটৰ মেৰামতি আৰু নিৰ্মাণ, খোৱা পানীৰ সু-ব্যৱস্থা কৰা, বিল-পুখুৰী আদিৰ উন্নয়ন তথা সংৰক্ষণ কৰা ইত্যাদি আঞ্চলিক পঞ্চায়তৰ কাম। আঞ্চলিক পঞ্চায়তৰ কার্যকাল পাঁচ বছৰ।

(গ) পৌৰসভা : ১০,০০০ ৰ ওপৰৰ জনসংখ্যা থকা নগৰৰ বাবে পৌৰসভা গঠন কৰা হয়। নগৰৰ আলি-পদুলি, খোৱাপানী, যোগান ব্যবস্থা আদি চোৱা-চিতা আৰু পৰিচালনা কৰাৰ বাবে পৌৰসভা একোখন থাকে। পৌরসভাৰ সৰু সৰু সমষ্টিবোৰক ‘বাৰ্ড’ বোলে। প্ৰতিটো বাৰ্ডৰ পৰা একোজন কাউন্সিলার প্রতিনিধিরূপে বাছি লোৱা হয়। পৌৰসভাৰ গুৰিয়ালজনক ‘পৌরপতি’ বোলে। পৌরসভার কার্যকাল পাঁচ বছৰ; কিন্তু চৰকাৰে ইয়াক তাৰ আগতেও বিশেষ পৰিস্থিতিত ভংগ কৰিব পাৰে।

(ঘ) নগৰ সমিতি : ১০,০০০ ব কম জনসংখ্যা থকা চহৰবোৰৰ যাতায়াত, পানী আৰু বিজুলী যোগান, জনস্বাস্থ্য, হাট-বজাৰ আদি চোৱা-চিতা কৰিবলৈ একোখন সমিতি গঠন করা হয়। এনে সমিতিক নগৰ সমিতি’ বোলে। একোখন নগরক কেইটামান সৰু সৰু সমষ্টিত ভাগ কৰা হয়। এই সমষ্টিবোৰক ‘ৱাৰ্ড’ বোলা হয়। প্ৰতিটো বাৰ্ডৰ পৰা একোজনকৈ প্রতিনিধি গণতান্ত্রিক পদ্ধতিৰে নিৰ্বাচন কৰি নগৰ সমিতি গঠন কৰা হয়। নগৰ সমিতিৰ গুৰিয়ালজনক ‘সভাপতি’ বোলা হয়। নগৰ সমিতিৰ কাৰ্যকাল পাঁচ বছৰ। নগৰ সমিতিৰ প্ৰকৃত সদস্য সংখ্যা চৰকাৰে নিৰ্ধাৰণ কৰে।

(ঙ) পৌৰ নিগম : ব্যৱসায়-বাণিজ্য, জনসংখ্যা আদি বৃদ্ধি হৈ যেতিয়া একোখন নগৰ মহানগৰীত পৰিণত হয়, তেতিয়া তাত পৌৰ নিগম স্থাপন কৰা হয়। বর্তমান অসমৰ অকল গুৱাহাটীতহে পৌৰ নিগম আছে। ১৯৬৯ চনৰ পৌৰ নিগম আইন মতে ১৯৭৪ চনত গুৱাহাটী পৌৰনিগম স্থাপন কৰা হয়। পৌৰ নিগমৰ সদস্যসকলক কাউন্সিলাৰ বোলে। তেওঁলোক মহানগৰৰ ১৮ বছৰৰ ঊৰ্ধ্বৰ বাসিন্দা ভোটাৰ সকলৰ দ্বাৰা প্ৰত্যক্ষভাৱে নিৰ্বাচিত। পৌৰ নিগমৰ মুৰব্বীজনক ‘মেয়ৰ’ বুলি কোৱা হয়। পৌৰ নিগমৰ বাবে চৰকাৰে এজন আয়ুক্ত নিযুক্ত কৰে। আয়ুক্তই মেয়ৰক কাম কাজত সহায় কৰে। পৌৰ নিগমে মহানগৰৰ ৰাস্তা-ঘাট নির্মাণ, পানী যোগান, গৃহ নির্মাণৰ আঁচনি, দোকান-বজাৰ, ব্যৱসায় কেন্দ্র স্থাপনত অনুমোদন আদি বিভিন্ন উন্নয়নমূলক কাম কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top