Niketan Class 4 Social Chapter 13 আমাৰ দেশৰ শাসন ব্যৱস্থা

Niketan Class 4 Social Chapter 13 আমাৰ দেশৰ শাসন ব্যৱস্থা, Sankardev Sishu Niketan Chapter 13 আমাৰ দেশৰ শাসন ব্যৱস্থা Class 4 Social Science Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board শংকৰদেৱ শিশু নিকেতন Class 4 সমাজ বিজ্ঞান Question Answer can be of great value to excel in the examination.

Join Telegram channel

আমাৰ দেশৰ শাসন ব্যৱস্থা

Chapter – 13

SANKARDEV SISHU NIKETAN

প্রশ্নোত্তৰ

প্রশ্ন ১ : চমু উত্তৰ দিয়া – 

(ক) মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে ? 

উত্তৰ : ৰাজ্যপালে ৷

(খ) প্রধানমন্ত্রীক কোনে নিযুক্তি দিয়ে ?

উত্তৰ : ৰাষ্ট্ৰপতিয়ে।

(গ) ৰাজ্য চৰকাৰৰ মুৰব্ৰীজনক কি বুলি কোৱা হয় ?

উত্তৰ : মুখ্যমন্ত্ৰী।

(ঘ) কেন্দ্ৰীয় চৰকাৰৰ মুৰব্বীজনক কি বুলি কোৱা হয় ?

উত্তৰ : প্রধানমন্ত্রী।

(ঙ) আমাৰ দেশৰ মুৰব্বী তথা ৰাষ্ট্ৰৰ সৰ্বোচ্চ পদাধিকাৰীজনক কি বুলি কোৱা হয় ?

উত্তৰ : ৰাষ্ট্ৰপতি।

(চ) আমাৰ ৰাজ্যখনৰ মুৰব্বী তথা ৰাজ্যৰ সৰ্বোচ্চ পদাধিকাৰীজনক কি বুলি কোৱা হয় ?

উত্তৰ : ৰাজ্যপাল। 

(ছ) অসমত বিধান পৰিষদ আছেনে ?

উত্তৰ : নাই।

প্রশ্ন ২ : খালী ঠাই পূৰ কৰা—

(ক) বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীৰ নাম……..৷

উত্তৰ : বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীৰ নাম শ্রীপ্রণৱ মুখার্জী।

(খ) বৰ্তমান অসমৰ ৰাজ্যপালগৰাকীৰ নাম………৷

উত্তৰ : বৰ্তমান অসমৰ ৰাজ্যপালগৰাকীৰ নাম শ্ৰী পদ্মনাথ বালাকৃষ্ণ আচার্য।

(গ) …………বৰ্তমান অসমৰ মুখ্যমন্ত্রী। 

উত্তৰ : শ্ৰীতৰুণ গগৈ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী।

(ঘ) ………… বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্রী।

উত্তৰ : শ্রীনৰেন্দ্ৰ ভাই দামোদৰ দাস মোদী বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্রী।

(ঙ) মন্ত্ৰী পৰিষদত………প্ৰকাৰৰ মন্ত্ৰী থাকে।

উত্তৰ : মন্ত্রী পরিষদত তিনি প্রকাবৰ মন্ত্ৰী থাকে।

(চ) প্রধানমন্ত্রীক………..নিযুক্তি দিয়ে।

উত্তৰ : প্ৰধানমন্ত্ৰীক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে।

(ছ) বিধানসভাৰ সদস্যসকলক………..বোলে।

উত্তৰ : বিধানসভাৰ সদস্যসকলক বিধায়ক বোলে।

(জ) লোকসভা আৰু ৰাজ্যসভাৰ সদস্যসকলক ……. বোলে।

উত্তৰ : লোকসভা আৰু ৰাজ্যসভাৰ সদস্যসকলক সাংসদ বোলে। 

প্রশ্ন ৩ : তলত উল্লেখ কৰা পদাধিকাৰীসকলক পদমর্যাদা অনুসৰি ওপৰৰ পৰা তললৈ লিখা।

মহকুমাধিপতি, ৰাষ্ট্ৰপতি, মুখ্যমন্ত্ৰী, ৰাজ্যপাল, প্রধানমন্ত্রী, উপায়ুক্ত

উত্তৰ : (১) ৰাষ্ট্ৰপতি।

(২) প্রধানমন্ত্রী।

(৩) ৰাজ্যপাল।

(৪) মুখ্যমন্ত্রী।

(৫) উপায়ুক্ত।

(৬) মহকুমাধিপতি।

প্রশ্ন ৪ : শুদ্ধ অংশটো বাছি লৈ বাক্যটো পুনৰ লিখা। 

(ক) ভাৰতবৰ্ষৰ সংবিধানখন লিখিত/কথিত সংবিধান।

উত্তৰ : ভাৰতবৰ্ষৰ সংবিধানখন লিখিত সংবিধান।

(খ) আমাৰ দেশত এজন নাগৰিকে ১৮/২০/২১ বছৰ পূৰ্ণ হ’লে ভোট দিব পাৰে।

উত্তৰ : আমাৰ দেশত এজন নাগৰিকে ১৮ বছৰ পূৰ্ণ হ’লে ভোট দিব পাৰে।

(গ) প্ৰতিখন ৰাজ্যত লোকসভা/ৰাজ্যসভা/বিধানসভা থাকে।

উত্তৰ : প্ৰতিখন ৰাজ্যত বিধান সভা থাকে।

(ঘ) প্ৰতিখন ৰাজ্যত লোকসভা/ৰাজ্যসভা/বিধানসভা/বিধান পৰিষদ নাথাকে। 

উত্তৰ : প্ৰতিখন ৰাজ্যত বিধান পৰিষদ নাথাকে।

(ঙ) মুখ্যমন্ত্ৰী হ’বলৈ লোকসভা/বিধানসভাৰ সদস্য হ’ব লাগে।

উত্তৰ : মুখ্যমন্ত্ৰী হ’বলৈ বিধানসভাৰ সদস্য হ’ব লাগে।

প্রশ্ন ৫ : চমুটোকা লিখা–

ৰাষ্ট্ৰপতি, ৰাজ্যপাল, প্রধানমন্ত্রী, মুখ্যমন্ত্রী

উত্তৰ : ৰাষ্ট্ৰপতি : ৰাষ্ট্ৰপতি হ’ল আমাৰ ৰাষ্ট্ৰৰ মুৰব্বী। তেওঁ জল বাহিনী, স্থল বাহিনী আৰু বিমান বাহিনীর অধিনায়ক। ৰাষ্ট্ৰপতি জনসাধাৰণৰ পৰোক্ষ ভোটৰ দ্বাবা নির্বাচিত হয়। সংবিধান অনুসাৰে লোকসভা, ৰাজ্যসভা আৰু ৰাজ্যিক বিধান সভাব নির্বাচিত সদস্যক লৈ এক নির্বাচক মণ্ডলী গঠন করা হয়। এই নির্বাচক মণ্ডলীয়ে ভোট প্ৰদান কৰি ৰাষ্ট্ৰপতিক নির্বাচন কৰে। ৰাষ্ট্ৰপতিৰ কাৰ্যকাল হ’ল পাঁচ বছৰ। ৰাষ্ট্ৰপতিয়ে মন্ত্ৰী পৰিষদৰ দিহা-পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰৰ শাসনকার্য পৰিচালনা কৰে। ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কাৰ্যাৱলীসমূহ হ’ল— প্রশাসনিক ক্ষমতা, আইন প্রণয়ন ক্ষমতা, বিত্তীয় ক্ষমতা, ন্যায়িক ক্ষমতা, জৰুৰীকালীন ক্ষমতা আৰু কূটনৈতিক ক্ষমতা।

ৰাজ্যপাল : ৰাজ্যপাল হৈছে ৰাজ্য এখনৰ শাসনৰ মুৰব্বী। ৰাজ্যপালক ৰাষ্ট্ৰপতিয়ে পাঁচ বছৰৰ কাৰণে নিয়োগ কৰে। বিধান সভাত মুঠ আসনৰ আধাতকৈ বেছিসংখ্যক বিধায়কৰ সমৰ্থন লাভ কৰা দলটোৰ দলপতিজনক ৰাজ্যপালে মুখ্যমন্ত্রী হিচাপে নিয়োগ কৰে। মুখ্যমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি ৰাজ্যপালে আন মন্ত্রীসকলকো নিযুক্তি দিয়ে। সাধাৰণতে উচ্চপদস্থ অৱসৰপ্ৰাপ্ত সামৰিক বাহিনীৰ বিষয়া বা প্রশাসনীয় বিষয়া, অভিজ্ঞ বয়োজ্যেষ্ঠ ৰাজনীতিবিদক ৰাষ্ট্ৰপতিয়ে ৰাজ্যত ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া দেখা যায়।

প্রধানমন্ত্ৰী : লোকসভাৰ নিৰ্বাচনৰ পাছত অধিকাংশ সাংসদৰ সমৰ্থন লাভ কৰা নেতাজনক বাষ্ট্রপতিয়ে প্রধানমন্ত্রী হিচাপে নিযুক্তি দিয়ে। ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰীৰ ভূমিকা অতি গুৰুত্বপূর্ণ। প্রধানমন্ত্ৰী হ’ল ৰাষ্ট্ৰৰ প্ৰকৃত শাসক। তেওঁৰ পৰামৰ্শমতে ৰাষ্ট্ৰপতিয়ে অন্যান্য মন্ত্রীসকলক নিযুক্তি দিয়ে। দেশৰ বৈদেশিক নীতি, অর্থনীতি, শিক্ষা, বাণিজ্য আদি সকলো দিশৰ উন্নয়ন নিৰ্ভৰ কৰে মূলতঃ প্রধানমন্ত্ৰীৰ বিচাৰ বিবেচনাৰ ওপৰত। প্রধানমন্ত্ৰীৰ কাৰ্যকাল পাঁচ বছৰ।

মুখ্যমন্ত্ৰী : মুখ্যমন্ত্ৰী হ’ল ৰাজ্য এখনৰ প্ৰধান প্ৰশাসক। বিধান সভাত আধাতকৈ বেছি সংখ্যক বিধায়কৰ সমৰ্থন পোৱা দলটোৰ দলপতিজনক ৰাজ্যপালে মুখ্যমন্ত্রী হিচাপে নিযুক্তি দিয়ে। তেওঁৰ পৰামৰ্শমতেহে ৰাজ্যপালে অন্যান্য মন্ত্রীসকলক নিযুক্তি দিয়ে। ৰাজ্যৰ সকলো প্ৰকাৰৰ উন্নয়ন নিৰ্ভৰ কৰে মুখ্যমন্ত্ৰীৰ কাৰ্য দক্ষতাৰ ওপৰত। মুখ্যমন্ত্ৰীৰ কাৰ্যকাল পাঁচ বছৰ।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১ : ভাৰতৰ সংবিধানখন কেতিয়া আনুষ্ঠানিকভাবে গ্ৰহণ কৰা হৈছিল ?

উত্তৰ : ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে। 

প্রশ্ন ২ : ভাৰতবৰ্ষৰ কেন্দ্ৰীয় সংসদ সদন দুখনৰ নাম লিখ।

উত্তৰ : ৰাজ্যসভাৰ আৰু লোকসভা।

প্রশ্ন ৩ : ভাৰতৰ ৰাষ্ট্ৰপতিয়ে লোকসভালৈ কেইজন সদস্য মনোনীত কৰিব পাৰে ?

উত্তৰ : দুইজন।

প্রশ্ন ৪ : ৰাজ্যসভার সদস্যৰ কার্যকাল কিমান ?

উত্তৰ : ছয় বছৰ।

প্রশ্ন ৫ : ৰাজ্যসভাৰ অধিৱেশনসমূহ কোনে পৰিচালনা কৰে ?

উত্তৰ : উপ-ৰাষ্ট্রপতিয়ে।

প্রশ্ন ৬ : ৰাজ্যসভাৰ সদস্যসকলক কোনে নির্বাচিত কৰে ? 

উত্তৰ : ৰাজ্য সভাৰ সদস্য সকলক ৰাজ্য বিধান সভাৰ সদস্যসকলে পৰোক্ষভাৱে নিৰ্বাচিত কৰে।

প্রশ্ন ৭ : ৰাজ্যসভালৈ ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্য মনোনীত কৰিব পাৰে ?

উত্তৰ : ১২ জন।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top