ড° এ. পি. জে. আব্দুল কালাম ৰচনা | Dr. A. P. J Abdul Kalam Essay in Assamese

ড° এ. পি. জে. আব্দুল কালাম ৰচনা | Dr. A. P. J Abdul Kalam Essay in Assamese

Join Telegram channel

“তুমি মোৰ আটাইতকৈ প্ৰিয় ছাত্ৰ৷ মোৰ দৃঢ় বিশ্বাস, তোমাৰ কঠোৰ পৰিশ্ৰমে ভৱিষ্যতে আমাৰ শিক্ষকসকলৰ নাম উজ্জ্বল কৰিব।” -ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° এ. পি. জে. আব্দুল কালামক তেওঁৰ কলেজীয়া জীৱনতে তেওঁৰ এজন শিক্ষকে এনেদৰে কৈছিল। তেওঁৰ সেই মন্তব্য যে কিমান সঁচা আছিল, তাক দোহৰাৰ কোনো প্রয়োজন নাই। আজি তেওঁৰ কৰ্ম আৰু সাধনাই সঁচাকৈয়ে তেওঁৰ শিক্ষকসকলৰ নাম গোটেই বিশ্বতে উজলাই তুলিছে।

ড° এ. পি. জে. আব্দুল কালাম ৰচনা | Dr. A. P. J Abdul Kalam Essay in Assamese

জন্ম আৰু বংশ পৰিচয় | Birth and Lineage Identity

‘মিছাইল মানৱ’ হিচাপে খ্যাত ড° আব্দুল কালামৰ ১৯৩১ চনৰ ১৫ অক্টোবৰৰ দিনা দক্ষিণ ভাৰতৰ তামিলনাডু ৰাজ্যৰ ৰামেশ্বৰম্ নামৰ এখন সৰু দ্বীপ নগৰীত জন্ম হয়। এটা অল্প-শিক্ষিত পৰিয়ালত জন্ম গ্ৰহণ কৰা কৰ্মযোগী ড° কালামৰ সম্পূৰ্ণ নাম- আঙুল পাকিৰ জয়নুল আবেদিন আব্দুল কালাম। তেওঁৰ নামৰ ইংৰাজী বানান এনে ধৰণৰ- AVUL PAKIR JAINULABEDIN ABDUL KALAM । তেওঁলোকৰ নাম ৰখাৰ পৰম্পৰা অনুসৰি নিজৰ নামৰ আগত ক্ৰমান্বয়ে দেউতাকৰ নাম, ককাকৰ নাম আৰু আজো ককাকৰ নাম সন্নিৱিষ্ট কৰা হৈছে।

ড° কালামৰ দেউতাক জয়নুল আবেদিনৰ কোনো আনুষ্ঠানিক শিক্ষা নাছিল। তেওঁলোক বহু ধন-সম্পত্তি থকা মানুহো নাছিল। তেওঁৰ মাতৃ আছিয়াম্মা এগৰাকী আদৰ্শ গৃহিণী আছিল। আছিয়াম্মা এটা মানী বংশৰ জীয়ৰী আছিল৷ তেওঁৰ বংশৰে এজনক বৃটিছসকলে ‘বাহাদুৰ’ উপাধি প্ৰদান কৰিছিল।

ড° কালামৰ পিতৃৰ কেইবাখনো নাও আছিল। সেই নাওকেইখনৰ ওপৰতে তেওঁলোকৰ পৰিয়ালটোৰ জীৱিকা নিৰ্বাহ হৈছিল। তেওঁ সেইবোৰ ভাৰাত দিছিল। দেউতাকে সাগৰৰ উপকূলত নাও বনোৱাৰ কামো কৰিছিল। এবাৰ ধুমুহাত তেওঁলোকৰ কেইবাখনো নাও নষ্ট হয়।

Read Also: অমর্ত্য সেন ৰচনা | Amartya Sen Essay in Assamese

শিক্ষা আৰু ছাত্র-জীৱন

ড° কালামৰ শিক্ষা জীৱনৰ পাতনি মেলে ৰামেশ্বৰমৰে এখন প্ৰাথমিক বিদ্যালয়ত। তাৰ পিছত নিলগৰ ৰামনাথপুৰম চহৰত অৱস্থিত শ্বাট্‌জ হাই স্কুলত পঢ়িবলৈ যায়। তাতেই তেওঁ ইয়াদুৰাই চলমন নামৰ এজন পণ্ডিতক লগ পায়। তেওঁ ড° কালামৰ জীৱনত গভীৰ প্ৰভাৱ পেলাইছিল। পণ্ডিত ইয়াদুৰাই চলমনে কালামহঁতক প্ৰায়ে কৈছিল। “জীৱনত কৃতকার্য হ’বলৈ আৰু মনে বিচৰা ফল লাভ কৰিবলৈ তোমালোকে তিনিটা ঘাই শক্তি বা গুণ আয়ত্ত কৰিব লাগিব। সেইকেইটা হ’ল- ইচ্ছা বিশ্বাস আৰু আশা। মনত ৰাখিবা, নিষ্ঠা আৰু বিশ্বাসৰ গুণত তোমালোকে নিজৰ ভাগ্যক নিজে গঢ় দিব পাৰিবা।”

১৯৫০ চনত তেওঁ ইণ্টাৰ্‌মিডিয়েট পঢ়িবলৈ তিৰুচ্চিৰাপল্লীৰ ছেণ্ট জোছেফ্ কলেজত নাম লগায়। তাৰপৰা বিজ্ঞান বিষয়ত স্নাতক ডিগ্রী লাভ কৰাৰ পিছত ১৯৫৪ চনত তেওঁ ইঞ্জিনীয়াৰিং পঢ়িবলৈ মাদ্রাজ ইন্‌ষ্টিটিউট অব্ টেকন’লজি (এম. আই. টি.)ত নাম লগায়। তাত নাম লগাবলৈ প্রয়োজন হোৱা এহেজাৰ টকা তেওঁৰ জোহৰা নামৰ ভনীয়েকজনীয়ে নিজৰ হাতৰ কাণৰ সোণৰ গহণা কেইপদমান বন্ধকত থৈ যোগাৰ কৰিছিল। এম. আই. টিৰ. দ্বিতীয় বৰ্ষত তেওঁৰ বৈমানিকী ইঞ্জিনীয়াৰিঙক (এৰ’নটিকেল ইঞ্জিনীয়াৰিঙক) প্রধান বিষয় হিচাপে বাছি লয় ৷ এম. আই. টি. তো তেওঁ কেইজনমান পণ্ডিত ব্যক্তিক লগ পাইছিল।

এম. আই. টি.ৰপৰা তেওঁক প্ৰশিক্ষণৰ বাবে বাঙ্গালোৰত অৱস্থিত হিন্দুস্থান এৰ’নেটিক্‌চ্ লিমিটেড (এইচ. এ. এল.)লৈ পঠোৱা হয়।

১৯৫৮ চনত এইচ. এ. এল.ৰপৰা এৰ’নটিকেল ইঞ্জিনীয়াৰ হৈ ওলাই আহিয়েই তেওঁ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্রণালয়ৰ অধীনস্থ কাৰিকৰী বিকাশ আৰু উৎপাদন সঞ্চালকালয়ত, চমুকৈ ডি. টি. ডি. এণ্ড পি. (এয়াৰ)ত এটা চাকৰি পাই যায়। চাকৰিটো আছিল জ্যেষ্ঠ বৈজ্ঞানিক সহকাৰীৰ পদ। এইখিনি সময়তে তেওঁ শব্দতকৈও দ্রুতগতিসম্পন্ন লক্ষ্যভেদী বিমান এখনৰ আৰ্হি প্ৰস্তুত কৰি সকলোৰে প্ৰশংসা লাভ কৰে।

কৰ্ম-জীৱন

প্রথমতে তেওঁক টেকনিকেল চেণ্টাৰ (অসামৰিক বিমান পৰিবহণ)ত নিযুক্তি দিয়া হৈছিল। কিন্তু বিমানৰ ৰক্ষণ-প্ৰতিৰক্ষণৰ জ্ঞান লাভ কৰাৰ বাবে তেওঁক কানপুৰত থকা বিমান আৰু অস্ত্ৰ-শস্ত্ৰ পৰীক্ষণ কেন্দ্ৰলৈ পঠিয়ায়। তাত তেওঁ নানা ধৰণৰ পৰীক্ষা-নিৰীক্ষাত আত্মনিয়োগ কৰে। তাৰ কেইবছৰমান পিছত বাঙ্গালোৰত বৈমানিকী উন্নয়ন প্রতিষ্ঠান (এ. ডি. আই.) স্থাপন কৰা হয়। সেই নতুন প্রতিষ্ঠানটোলৈ তেওঁক স্থানান্তৰ কৰা হয়। সেই সময়ছোৱাত তেওঁৰ বিশেষভাৱে উল্লেখযোগ্য কামটো আছিল দেশীয় ভাসমান যান (হোভাৰ ক্ৰাফ্‌ট্) তৈয়াৰ কৰাটো। কিন্তু ৰাজনৈতিক মেৰপাকত পৰি হোভাৰ ক্ৰাফ্‌ফ্টৰ আঁচনিত যতি পৰে।

১৯৬২ চনত তেওঁ মহাকাশ গৱেষণা কেন্দ্ৰত নিযুক্তি পায়। পৰৱৰ্তী কালত কেৰালাৰ থুম্বাত প্রতিষ্ঠিত উপগ্রহ উৎক্ষেপণ কেন্দ্ৰত তেওঁক বিশেষ দায়িত্ব দি পঠোৱা হয়। পিছত তেওঁৰ ওপৰত এছ. এল. ভি.ৰ সঞ্চালকৰ দায়িত্ব অর্পিত হয়।

১৯৮০ চনৰ ১৮ জুলাই তাৰিখে ‘ৰোহিণী’ উপগ্ৰহৰ উৎক্ষেপণ ড° কালামৰ জীৱনৰ এটা ডাঙৰ কৃতিত্ব। তেওঁ তেওঁৰ কৰ্ম-জীৱনৰ ১৯টা বছৰ ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ কামত ব্যয় কৰে।

১৯৮২ চনত তেওঁ ভাৰতৰ মিছাইল উন্নয়ন প্রকল্পত কাম কৰিবলৈ আৰম্ভ কৰে। ইন্টিগ্রেটেড গাইডেড মিছাইল ডেভেলপমেণ্ট আঁচনিৰ বিজ্ঞানী হিচাপে তেওঁ ভাৰতৰ প্ৰতিৰক্ষা আৰু মিছাইলৰ ক্ষেত্ৰত উল্লেখযোগ্য সঁহাৰি আগ বঢ়ায়। এই আঁচনিৰ অধীনতে ‘অগ্নি’ আৰু ‘পৃথ্বি’ মিছাইল উৎক্ষেপণ কৰা হয় ৷ ড° কালামৰ তত্ত্বাৱধানতে ১৯৯৮ চনত ভাৰতে এলানি পাৰমাণবিক বোমাৰ পৰীক্ষামূলক বিস্ফোৰণ ঘটায়।

১৯৯২ চনত তেওঁক প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈজ্ঞানিক পৰামৰ্শদাতা হিচাপে নিয়োগ কৰা হয় । তাৰ লগতে তেওঁক জেনেৰেল অব্ ডিফেন্স ৰিছাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰগানাইজেচনৰ সঞ্চালকৰ পদত অভিষিক্ত কৰা হয় ৷

১৯৯৯ চনৰ নৱেম্বৰৰ পৰা ২০০১ চনৰ নৱেম্বৰ মাহলৈ তেওঁ কেন্দ্ৰীয় চৰকাৰৰ মুখ্য বৈজ্ঞানিক পৰামৰ্শদাতা হিচাপে কাম কৰে। ২০০১ চনত তেওঁ চেন্নাইৰ আন্না বিশ্ববিদ্যালয়ৰ গৱেষণামূলক কামত নিজকে জড়িত কৰি বহুতো উন্নয়নমূলক কাম কৰে । পিছত এই বিশ্ববিদ্যালয়খনে তেওঁলৈ ‘প্ৰফেছৰ এমিৰিটাছ’ উপাধি আগবঢ়ায়।

বঁটা-সন্মান

দেশ আৰু জাতিৰ উন্নতিৰ বাবে আগবঢ়োৱা নানা ধৰণৰ সেৱামূলক কামৰ বাবে ভাৰত চৰকাৰে তেওঁলৈ ১৯৮১ চনত পদ্মভূষণ, ১৯৯০ চনত পদ্মবিভূষণ আৰু ১৯৯৭ চনত ভাৰত ৰত্ন বঁটা আগবঢ়ায়। ইতিমধ্যে আঠাইশখনৰো অধিক বিশ্ববিদ্যালয়ে তেওঁক ডি. এছ. চি. (D. Sc-Doctor of Science) উপাধি প্রদান করে।

ইতিমধ্যে তেওঁলৈ ভালেকেইটা বঁটা আগবঢ়োৱা হয়। সেইবোৰ এনে ধৰণৰ- নেচনেল ডিজাইন এৱাৰ্ড, ড° বীৰেন ৰয় স্পেছ এৱাৰ্ড, প্ৰফেছৰ ওৱাই নায়াডুম্মা মেম’ৰিয়েল গ’ল্ড মেডেল (১৯৯৬), ডি. এম. মোডি এৱাৰ্ড ফৰ ছায়েন্স (১৯৯৬), আৰ. কে. ফিডিয়া এৱাৰ্ড ফৰ এক্সেলেন্স ইন ছায়েন্স এগু টেকন’ল’জি (১৮৯৬), জাতীয় সংহতিৰ ইন্দিৰা গান্ধী বঁটা (১৯৯৭), বীৰ ছাভাৰকাৰ বঁটা (১৯৯৮), আর্যভট্ট বঁটা।

শিল্প-সাহিত্য সাধনা

ড° কালাম অকল বিজ্ঞানী বা প্রশাসনিক নেতাই নহয়, তেওঁ এজন শিল্প-সংস্কৃতিপ্রেমী আৰু সাহিত্যৰ সাধকো। আজৰি সময়ত তেওঁ বীণা বজায়। বৰ্ণাটকী সংগীতৰ তেওঁ এজন ৰসগ্ৰাহী পণ্ডিত। তেওঁ লিখা-মেলাও কৰে। তামিল ভাষাত তেওঁ ভালেখিনি কবিতা ৰচনা কৰিছে। তাৰে ১৭টা কবিতা ইংৰাজীলৈ অনুবাদ কৰি তেওঁ এখন সংকলন প্ৰকাশ কৰিছে। ‘My Journey’ নামৰ এই কবিতা সংকলনখন ১৯৯৪ চনত প্ৰকাশ পায়। তেওঁৰ প্ৰকাশিত ইংৰাজী গ্ৰন্থকেইখনৰ নাম- ‘India 2020: A vision for the new Millennium Wings of Fire: An Autobiography’ ‘Ignited Minds-unleashing the power within India’।

এই বিজ্ঞানীজনেই ২০০২ চনৰ ২৫ জুলাই তাৰিখে ভাৰত গণৰাজ্যৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়। ৰাষ্ট্ৰপতি হোৱা সময়ত তেওঁৰ বয়স হৈছিল ৭০ বছৰ ৯ মাহ ১০ দিন।

ৰাষ্ট্ৰপতি নির্বাচন

ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰি ৰাষ্ট্ৰৰ উদ্দেশ্যে দিয়া দহ মিনিটৰ ভাষণত দেশৰ সামৰিক আৰু অর্থনৈতিক আত্মনির্ভৰশীলতাৰ ওপৰত অধিক গুৰুত্ব দিয়ে। তেওঁ সীমান্তৰ সিপাৰৰ পৰা হোৱা সন্ত্ৰাসবাদ বন্ধ কৰাৰ ওপৰতো গুৰুত্ব দিয়ে। দেশৰ পৰা দৰিদ্ৰতা দূৰ কৰা, নিৱনুৱা সমস্যা দূৰ কৰা, ৰাষ্ট্ৰীয় নিৰাপত্তা নিশ্চিত কৰা ইত্যাদিৰ ওপৰতো তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰে। ২০০৭ চনৰ ২৫ জুলাইলৈকে তেখেত ভাৰবৰ্ষৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ আছিল।

২০১৫ চনৰ ২৭ জুলাইত শ্বিলঙৰ ইণ্ডিয়ান ইন্সটিটিউট অৱ মেনেজমেণ্টৰ এটি অনুষ্ঠানত ভাষণ দি থকা অৱস্থাত হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ এইদন মণিষীৰ পৰলোকপ্রাপ্তি ঘটে।

Read Also: Class 12 Political Science Solution

সামৰণি

ড° আব্দুল কালাম এজন আশাবাদী মনৰ ব্যক্তি। তেওঁ মনত কোনো ধৰণৰ নিৰাশাক ঠাই ল’বলৈ নিদিয়ে । তেওঁ এজন উচ্চাকাংক্ষী মনৰ মানুহ। সেয়ে তেওঁ দেশৰ যুৱসমাজক উদ্দেশ্য কৰি কৈছে যে সংকীৰ্ণ আৰু তুচ্ছ লক্ষ্য স্থিৰ কৰি আগুৱাই যোৱাটো এটা অপৰাধ। তেওঁ এজন কঠোৰ পৰিশ্ৰমী ব্যক্তি৷ তেওঁৰ সেই পৰিশ্ৰম অথলে যোৱা নাই। তেওঁ সময়ৰ কাম সময়ত সমাধা কৰে।

তেওঁৰ দ্বাৰা অনুপ্ৰাণিত হৈ আমিও কঠোৰ পৰিশ্ৰম কৰাৰ ব্ৰত ল’লে জীৱনত সাফল্যৰ জখলা বগাই ওপৰলৈ উঠি যাব পাৰিম।

আমি আশা কৰিছো ড° এ. পি. জে. আব্দুল কালাম ৰচনাটোৱে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ ড° এ. পি. জে. আব্দুল কালাম ৰচনাৰ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top