Assam Jatiya Bidyalay Class 6 Social Science Chapter 6 দক্ষিণ ভাৰত চালুক্য, পল্লব, ঢোলৰ ৰাজ্য আৰু ৰাজত্বকাল

Assam Jatiya Bidyalay Class 6 Social Science Chapter 6 দক্ষিণ ভাৰত চালুক্য, পল্লব, ঢোলৰ ৰাজ্য আৰু ৰাজত্বকাল, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 6 দক্ষিণ ভাৰত চালুক্য, পল্লব, ঢোলৰ ৰাজ্য আৰু ৰাজত্বকাল Class 6 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 Social Science Chapter 6 দক্ষিণ ভাৰত চালুক্য, পল্লব, ঢোলৰ ৰাজ্য আৰু ৰাজত্বকাল Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Social Science Chapter 6 দক্ষিণ ভাৰত চালুক্য, পল্লব, ঢোলৰ ৰাজ্য আৰু ৰাজত্বকাল provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

দক্ষিণ ভাৰত চালুক্য, পল্লব, ঢোলৰ ৰাজ্য আৰু ৰাজত্বকাল

Chapter – 6

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১৷ চালুক্যসকলৰ শাখা গোষ্ঠীকেইটাৰ নাম লিখা। 

উত্তৰঃ চালুক্যসকলৰ শাখা গোষ্ঠীকেইটাৰ নাম হ’ল– বাতাপীৰ চালুক্য, কল্যাণীৰ চালুক্য আৰু ভোগীৰ চালুক্য।

২৷ প্রথম পুলকেশীয়ে কি কি উপাধি গ্রহণ কৰিছিল ?

উত্তৰঃ প্ৰথম পুলকেশীয়ে ৰণবিক্রম, শ্রীপৃথিৱীবল্লভ আদি উপাধি গ্ৰহণ কৰিছিল। 

৩৷ প্রথম কীৰ্তিবর্মণে গ্ৰহণ কৰা দুটা উপাধিৰ নাম লিখা। 

উত্তৰঃ প্রথম কীৰ্তিবর্মণে গ্ৰহণ কৰা দুটা উপাধিৰ নাম হ’ল– সত্যাশ্রয়, পুৰু ৰাণাপৰাক্ৰম।

৪৷ চালুক্যসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন কোন আছিল ? 

উত্তৰঃ দ্বিতীয় পুলকেশী চালুক্যসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল।

৫৷ কোনজন বিদেশী পর্যটকে দ্বিতীয় পুলকেশীক মহান সম্রাট আখ্যা দিছিল ?

উত্তৰঃ চীনদেশীয় পর্যটক হিউরেনচাঙে দ্বিতীয় পুলকেশীক মহান সম্রাট আখ্যা দিছিল।

৬৷ কল্যাণীৰ চালুক্য ৰাজ বংশৰ প্ৰতিস্থাপক কোন ? 

উত্তৰঃ কল্যাণীৰ চালুক্য ৰাজবংশৰ প্ৰতিষ্ঠাপক ৰজাজন হ’ল তালিয়া বা দ্বিতীয় তালিয়িপা।

৭৷ প্রথম কীৰ্তিবৰ্মনৰ ৰাজত্বকালৰ বিষয়ে চমুকৈ লিখা ? 

উত্তৰঃ ৫৬৭ খ্রীষ্টাব্দত প্রথম পুলকেশীর পুত্র কীৰ্তিবৰ্মন বাতাপীৰ চালুক্যৰ ৰজা হয়। ৰজা হৈয়ে পিতৃৰ নিচিনা তেৰোঁ সত্যাশ্রয় পুৰু ৰাণা পৰাক্ৰম, বল্লভ আদি উপাধি গ্ৰহণ কৰে।

প্রথম কীৰ্তিবর্মনে অংগ, কলিংগ, মগধ, কেলেৰা পাণ্ড্য আদি ৰাজ্য জয় কৰিছিল বুলি শিলালিপিত পোৱা যায়। এইজন ৰজাৰ ৰাজত্বকালতে মহাৰাষ্ট্ৰ মহীশূৰ পৰ্যন্ত চালুক্যৰ ক্ষমতা বৃদ্ধি হৈছিল।

৮৷ দ্বিতীয় পুলকেশীক চালুক্যসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা বুলি কিয় কোৱা হয় ?

উত্তৰঃ দ্বিতীয় পুলকেশী এজন দ্বিগ্বীজয়ী ৰজা আছিল। তেওঁ কাদম্বৰ ৰাজধানী বনবাসী, দক্ষিণ মহিশূৰ আৰু কোঙ্কণৰ মৌৰ্যসকলক জয় কৰিছিল। বংগৰ শাসক শশাংকৰ সৈতে লগ লাগি তেওঁ কনৌজৰ অধিপতি হৰ্ষবৰ্দ্ধনৰ সৈন্য বাহিনীক

পৰাভূত কৰিছিল। হৰ্যবৰ্দ্ধনৰ দৰে শক্তিশালী সম্রাটক পৰাস্ত কৰাৰে পৰা দ্বিতীয় পুলকেশীৰ বীৰত্বই সমগ্ৰ ভাৰততে প্রতিষ্ঠা লাভ কৰে। এইজন ৰজাৰ হাতত পল্লৱ ৰাজবংশৰ ৰজা প্রথম মহেন্দ্ৰ বৰ্মনেও পৰাজয় স্বীকাৰ কৰিছিল।

চীনদেশীয় পর্যটক হিউৱেনচাঙে দ্বিতীয় পুলকেশীক এজন মহান সম্রাট হিচাপে আখ্যা দিছিল। হিউৱেনচাঙৰ মতে পুলকেশী একাধাৰে দ্বিগ্বীজয়ী বীৰ আৰু সুদক্ষ প্রশাসক আছিল।

৯৷ চালুক্যসকলৰ ৰাজত্বকালত স্থাপত্য ভাস্কৰ্যৰ দিশত হোৱা উন্নতিৰ বিষয়ে চমুৱাই লিখা।

উত্তৰঃ চালুক্যসকলৰ ৰাজত্বকালত ভাৰতীয় স্থাপত্য ভাস্কৰ্যৰ যথেষ্ট উন্নতি হৈছিল। এই সময়ছোৱাত চালুক্য শিল্পৰীতিয়ে সমাদৰ লাভ কৰিছিল। চালুক্য ৰজাসকলে পাহাৰ পৰ্বতৰ শিল কাটি গুহা তথা মন্দিৰ নিৰ্মাণৰ চমৎকাৰ কৌশল আৱিস্কাৰ কৰিছিল। মন্দিৰসমূহৰ শিলৰ বেৰবোৰত হিন্দু দেৱ-দেৱীৰ মূৰ্ত্তিৰ কাৰু কার্য অতিশয় উন্নত আছিল। বিখ্যাত অজন্তা আৰু ইলোৰাক শৈল মন্দিৰ তথা গুহাসমূহ চালুক্য ৰাজ্যৰ ভিতৰতে অৱস্থিত আছিল। অজন্তা আৰু ইলোৰাৰ বহুতো স্থাপত্য ভাস্কৰ্য্য চালুক্য ৰজাসকলৰ পৃষ্ঠপোষকতাৰ ফলত গঢ় লৈ উঠিছিল।

পল্লৱৰ ৰাজত্ব

১০৷ পল্লৱসকলে কোন অঞ্চলত ৰাজ্য স্থাপন কৰিছিল বুলি কোৱা হয় ? 

উত্তৰঃ পল্লৱসকলে দক্ষিণ ভাৰতৰ কৃষ্ণা আৰু গোদাবৰী নদীৰ মোহনা অঞ্চলত ৰাজ্য স্থাপন কৰিছিল।

১১৷ পল্লৱ ৰজা মহেন্দ্ৰ বৰ্মণে কি কি উপাধি গ্ৰহণ কৰিছিল ? 

উত্তৰঃ মহেন্দ্ৰ বৰ্মণে চেথাকাৰী, মত্তভিলাস, বিচিত্র চিত্র ইত্যাদি উপাধি গ্ৰহণ কৰিছিল।

১২৷ পল্লৱসকল কোন জনগোষ্ঠীৰ লোক আছিল ? 

উত্তৰঃ পল্লৱসকল তামিল জনগোষ্ঠীৰ লোক আছিল।

১৩৷ পল্লৱসকলৰ কোন দেশৰ লগত ঘনিষ্ঠ সম্পর্ক আছিল ? 

উত্তৰঃ পল্লৱসকলৰ চিলন দেশৰ লগত ঘনিষ্ঠ সম্পর্ক আছিল।

১৪৷ কোনজন চালুক্য সম্রাটৰ বিৰুদ্ধে যুদ্ধ কৰি মহেন্দ্ৰ বৰ্মণ পৰাজিত হৈছিল ?

উত্তৰঃ দ্বিতীয় পুলকেশীৰ হাতত মহেন্দ্ৰ বৰ্মণে কেইবাখনো যুদ্ধত বৰণ কৰিছিল ।? 

১৫৷ পল্লৱৰ শ্ৰেষ্ঠ ৰজা বুলি কাক আখ্যা দিয়া হয় ?

উত্তৰঃ নৰ সিংহ বৰ্মণক পল্লৱৰ সৰ্বশ্ৰেষ্ঠ ৰজা আখ্যা দিয়া হয়। 

১৬৷ বাতাপী কোন ৰাজ্যৰ ৰাজধানী আছিল ?

উত্তৰঃ বাতাপী চালুক্য ৰাজ্যৰ ৰাজধানী আছিল। 

১৭৷ বাতাপী দখল কৰাৰ পিছত নৰসিংহ বৰ্মনে কি উপাধি গ্রহণ কৰিছিল।

উত্তৰঃ বাতাপী দখল কৰাৰ পিছত নৰসিংহ বর্মনে বাতাপীকোণ্ড উপাধি গ্রহণ কৰিছিল।

১৮৷ কোনজন পল্লৱ ৰজাৰ ৰাজত্বকালত হিউবেন চাঙে পল্লব ৰাজ্য ভ্রমণ কৰিছিল ? 

উত্তৰঃ প্ৰথম নৰসিংহ বৰ্মনৰ ৰাজত্বকালত চীনদেশীয় পরিব্রাজক হিউৱেন চাঙে পল্লৱ ৰাজ্য ভ্রমণ কৰিছিল।

১৯৷ কাৰ আক্ৰমণত পল্লৱ ৰাজ্য দুৰ্বল হৈ পৰিছিল। 

উত্তৰঃ ৰাষ্ট্ৰকূট সকলৰ আক্ৰমণত পল্লৱ ৰাজ্য দুৰ্বল হৈ পৰিছিল।

২০৷ পল্লৱ ৰজা প্রথম নৰসিংহ বৰ্মণৰ ৰাজত্ব কালৰ উল্লেখযোগ্য ঘটনাৱলীৰ বিষয়ে চমু বিৱৰণ লিখা ? 

উত্তৰঃ প্ৰথম নৰসিংহ বর্মণে চালুক্য সম্রাট দ্বিতীয় পুলকেশীক তিনিখনকৈ যুদ্ধত পৰাস্ত কৰিছিল। তেওঁ চালুক্য ৰাজ্যৰ ৰাজধানী দখল কৰি বাতাপীকোণ্ড উপাধি গ্ৰহণ কৰিছিল। এই বজাজনে চিলনলৈ নৌ অভিযান চলাই সফলতা লাভ কৰিছিল।

প্রথম নংহ বৰ্মনৰ ৰাজত্বকালত চীনদেশীয় পৰিব্ৰাজক হিউৱেন চাঙে পল্লব ৰাজ্য ভ্ৰমণ কৰিছিল।

২১৷ পল্লৱসকলৰ শাসন কালত ধৰ্ম আৰু স্থাপত্য ভাস্কৰ্যৰ উন্নতিৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা।

উত্তৰঃ পল্লৱসকলৰ ৰাজত্বকালত সংস্কৃত ভাষা সাহিত্যৰ প্ৰচুৰ উন্নতি হৈছিল। ৰজাৰ পৃষ্ঠপোষকতাৰ ফলত শিক্ষা আৰু জ্ঞান চৰ্চাৰ উন্নত পৰিৱেশ গঢ়ি উঠিছিল।

সেই সময়ছোৱাত হিন্দু ধৰ্মৰ মাজত এক পৰিৱৰ্তন আৰু সংস্কাৰমুখী কার্যকলাপ আৰম্ভ হৈছিল। বিষ্ণু আৰু শিৱৰ উপাসনাই বিশেষ প্রাধান্য লাভ কৰিছিল। পল্লৱৰ ৰাজত্বকালতেই দক্ষিণ ভাৰতত উত্তৰ ভাৰতৰ আৰ্যসকলৰ সভ্যতা-সংস্কৃতিৰ প্ৰভাৱ বিস্তাৰ হৈছিল।

পল্লৱৰ স্থাপত্য ভাস্কর্যৰ মূল বিশেষত্ব আছিল শিলেৰে নির্মিত মন্দিৰৰ গঠন প্রণালী। পাহাৰ পৰ্বতৰ প্ৰকাণ্ড প্রকাণ্ড শিলত স্থাপন কৰা মন্দিৰৰ কাৰু কাৰ্য অতি চমৎকাৰ আছিল। মন্দিৰৰ আয়তাকাৰ আৰু আনুভূমিক নির্মাণ শৈলী পল্লৱৰ স্থাপত্য ভাস্কৰ্যৰ অন্যতম বৈশিষ্ট্য। মন্দিৰসমূহ ৰথৰ আকৃতিত নিৰ্মাণ কৰা হৈছিল। সেয়েহে মহাভাৰতৰ দ্রৌপদী, অর্জুন, ভীম, যুধিষ্ঠিৰ আদি চৰিত্ৰৰ নামেৰে মন্দিৰৰ নামকৰণ কৰা হৈছিল।

প্ৰথম মহেন্দ্ৰ বৰ্মনৰ ৰাজত্ব কালতেই মহাবলিপুৰৰ্ম মন্দিৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল।

চোল ৰাজবংশ

২২৷ বর্তমান ভাৰতৰকোন কোন অঞ্চলত প্ৰাচীন চোল ৰাজ্যখন গঢ় লৈ উঠিছিল। 

উত্তৰঃ প্রাচীন চোল ৰাজ্যখন বর্তমান ভাৰতৰ মাদ্ৰাজ আৰু ইয়াৰ দাঁতি-কাষৰীয়া জিলাসমূহকে ধৰি মহীশূৰ ৰাজ্যৰ সৰহভাগ অঞ্চলত বিস্তৃত হৈ আছিল।

২৩৷ কেতিয়া আৰু কোনজন ৰজাৰ সময়ৰেপৰা চোল শাসনৰ আৰম্ভণি হৈছিল ? 

উত্তৰঃ দ্বিতীয় খীষ্টাব্দত কাৰিকলা নামৰ ৰজাজনৰ সময়ৰে পৰা চোলৰ শাসনকাল আৰম্ভ হয়।

২৪৷ কোনজন চোল ৰজাই পাণ্ড্য আৰু চেৰাৰ সন্মিলিত শক্তিক পৰাভূত কৰিছিল ?

উত্তৰঃ কাৰিকলাই পাণ্ড্য আৰু চেৰাৰ সম্মিলিত শক্তিক পৰাভূজ্জ্বত কৰিছিল। 

২৫৷ কাৰিকলাই স্থাপন কৰা ৰাজধানী চহৰখনৰ নাম কি আছিল ?

উত্তৰঃ কাৰিকলাই স্থাপন কৰা ৰাজধানী চহৰখনৰ নাম কাবেৰী আৰু পেদ্দিনাম ৷

২৬৷ ৰজা কাৰিকলাৰ এটা প্ৰজাহিতকৰ কাম উল্লেখ কৰা। 

উত্তৰঃ ৰজা কাৰিকলে কাৰেী নদীৰ পাৰে পাৰে ১৬০ কিঃ মিঃ দীঘল এটা বান্ধ নিৰ্মাণ কৰি খেতি পথাৰত পানী যোগানৰ ব্যৱস্থা কৰিছিল।

২৭৷ চোলৰ শক্তিশালী ৰজাজনৰ নাম কি ? 

উত্তৰঃ চোলৰ শক্তিশালী ৰজাজনৰ নাম ৰাজাৰাজ।

২৮৷ প্ৰথম ৰাজেন্দ্ৰই কি কি উপাধি গ্রহণ কৰিছিল ?

উত্তৰঃ প্ৰথম ৰাজেন্দ্ৰই গঙাইকোণ্ড মুড়িকোণ্ড, পণ্ডিত চোল আদি উপাধি গ্রহণ কৰিছিল। 

২৯৷ চোল ৰজা ৰাজাৰাজৰ শাসনকালৰ বিষয়ে এটি চমু বিৱৰণ লিখা। 

উত্তৰঃচোল সাম্ৰাজ্যৰ ৰজাসকলৰ ভিতৰত ৰাজাৰাজেই আটাইতকৈ শক্তিশালী শাসক আছিল। এওঁ দিগ্বীজয়ী বীৰ আছিল। চিলন দেশ জয় কৰাৰ লগতে কেৰেলা আৰু পাণ্ড্য ৰাজ্যৰ বিৰুদ্ধেও সামৰিক অভিযান চলাইছিল। দুয়োখন ৰাজ্য জয় কৰি তেওঁৰ পুত্ৰ ৰাজাধীৰাজক শাসনকৰ্তা পাতিছিল।

প্ৰথম ৰাজেন্দ্ৰই গঙাইকোও চোলপুৰম নামেৰে ঠাইত তেওঁৰ সাম্ৰাজ্যৰ ৰাজধানী নতুনকৈ স্থাপন কৰে। নতুন ৰাজধানীত পানী যোগানৰ সু-ব্যৱস্থা, সুন্দৰ মন্দিৰ আৰু ৰাজপ্ৰসাদ নিৰ্মাণ কৰিছিল। চীন দেশৰ সম্ৰাটৰ সৈতে মিত্ৰতা স্থাপনৰ উদ্দেশ্যৰে ১০১৬ আৰু ১০৩৩ খ্ৰীষ্টাব্দত তেওঁ কটকী প্ৰেৰণ কৰিছিল। বৈদিক জ্ঞান চৰ্চা আৰু অধ্যয়নৰ বাবে প্ৰথম ৰাজেন্দ্ৰই এখন শিক্ষানুষ্ঠান প্রতিস্থা কৰিছিল। প্ৰথম ৰাজেন্দ্ৰই তেওঁৰ শাসনকালত চোল সাম্ৰাজ্যৰ গৌৰৱ অক্ষুণ্ণ ৰাখিছিল।

৩০৷ চোলৰ ৰাজ্য শাসন ব্যৱস্থাৰ বিষয়ে চমুৱাই লিখা। 

উত্তৰঃচোলৰ ৰাজ্য শাসন ব্যৱস্থাত ৰজা আছিল সকলো শক্তি আৰু ক্ষমতাৰ অধিকাৰী। উত্তৰাধিকাৰীসূত্রে পিতৃৰ পাছত পুত্ৰজন ৰজা হোৱাৰ নিয়ম আছিল। 

সমগ্ৰ ৰাজ্যখন কিছুমান মণ্ডলমত ভাগ কৰি লৈছিল। প্ৰতিটো মণ্ডলমক কিছুমান কোত্তমত ভাগ কৰা হৈছিল। কোত্তমক নাডু (জিলা) হিচাপে ভাগ কৰা হৈছিল। গাঁৱৰ প্ৰশাসনীয় গোটবোৰক কুৰাম আৰু টাৰ-কুৰাম নামেৰে জনা গৈছিল।

চোল ৰজাসকল দিগ্বীজয়ী বীৰ আছিল বাবে তেওঁলোকে একোটা স্থায়ী সেনাবাহিনী গঢ় দিছিল। স্থলসেনা আৰু নৌসেনাৰে গঠিত চোল সৈন্য বাহিনী অতি শক্তিশালী আছিল। সেনাবাহিনীৰ প্ৰধান বিষয়াসকল আছিল নায়ক সেনাপতি বা মহদণ্ড নায়ক। চোলসকল যুদ্ধক্ষেত্ৰত শত্ৰুৰ বিৰুদ্ধে অতি নিষ্ঠুৰ আছিল।

৩১৷ চোলৰ ৰাজত্বকালত স্থাপত্য ভাস্কৰ্যৰ উন্নতিৰ বিষয়ে এটি বিৱৰণ লিখা। 

উত্তৰঃ চোলৰ ৰাজত্বকালত ভাৰতীয় স্থাপত্য ভাস্কৰ্যৰ বিশেষকৈ দ্ৰাবিড়ীয় শৈলীৰ প্রভূত উন্নতি সাধন হৈছিল। প্ৰথম ৰাজেন্দ্ৰৰ ৰাজত্বকালত নির্মিত ৰাজধানী চহৰ গোঙাইকোণ্ড। চোলপুৰৰ্ম চোল ৰাজত্বৰ স্থাপত্য আৰু ভাস্কর্য শ্রেষ্ঠ নিদর্শন। একো একোটা বৃহৎ মন্দিৰক কেন্দ্ৰ কৰি গঢ়ি উঠা নগৰসমূহ অতি সুনিৰ্মিত আছিল।

ত্ৰিচলপলীত ৰজা প্রথম প্রান্তকে নিৰ্মাণ কৰা মন্দিৰটোৱে আজিও চোলসকলৰ স্থাপত্য প্রীতিৰ উদাহৰণ দাঙি ধৰে। তাঞ্জোৰত অৱস্থিত ৰজা ৰাজেশ্বৰ মন্দিৰটো ৰজা ৰাজাৰাজৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল। তাঞ্জোৰত অৱস্থিত সুব্রহ্মণ্য মন্দিৰ, আৰ্যভট্ৰেশ্বৰ মন্দিৰ, ত্ৰিভূবনেশ্বৰ মন্দিৰ আদিয়ে আজিও চোলৰ স্থাপত্য ভাস্কৰ্যৰ কীৰ্তিৰ কথা সোঁৱৰাই দিয়ে। এই মন্দিৰসমূহৰ ভাস্কর্য শিল্প অতুলনীয় আছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top