Assam Jatiya Bidyalay Class 6 Social Science Chapter 5 সম্রাট হর্ষবৰ্দ্ধন

Assam Jatiya Bidyalay Class 6 Social Science Chapter 5 সম্রাট হর্ষবৰ্দ্ধন, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 5 সম্রাট হর্ষবৰ্দ্ধন Class 6 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 Social Science Chapter 5 সম্রাট হর্ষবৰ্দ্ধন Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Social Science Chapter 5 সম্রাট হর্ষবৰ্দ্ধন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

সম্রাট হর্ষবৰ্দ্ধন

Chapter – 5

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

(ক) থানেশ্বৰ ৰাজ্যৰ উত্থান কোন শতিকাত হৈছিল ?

উত্তৰঃ সপ্তম শতিকাৰ পৰা দশম শতিকাৰ আগভাগলৈকে থানেশ্বৰ ৰাজ্যৰ উত্থান হৈছিল।

(খ) পুষ্যভৃতিত বংশৰ প্ৰতিস্থাপক ৰজাজনৰ নাম কি ? 

উত্তৰঃ পুষ্যভুতি বংশৰ প্ৰতিস্থাপক ৰজাজনৰ নাম প্রভাকৰ বৰ্দ্ধন।

১৷ হৰ্ষবৰ্দ্ধনে কি উপাধি লৈছিল ?

উত্তৰঃ হৰ্ষবৰ্দ্ধনে ৰাজপুত শিলাদিত্য উপাধি লৈছিল।

২৷ বাণভট্টই ৰচনা কৰা হৰ্যবৰ্দ্ধনৰ জীৱনীখনৰ নাম কি ?

উত্তৰা বাণভট্টই ৰচনা কৰা হৰ্ষবৰ্দ্ধনৰ জীৱনীখনৰ নাম গ’ল ‘হৰ্ষ চৰিত’। 

৩৷ হংসবেগ কোন আছিল ?

উত্তৰঃ হংসবেগ কামৰূপৰ ৰজা ভাস্কৰ বৰ্মণৰ কটকী আছিল। 

৪৷ হর্ষবৰ্দ্ধনক কোনে নর্মদা নদীৰ পাৰৰ যুদ্ধত পৰাস্ত কৰিছিল ?

উত্তৰঃ চালুক্য বংশৰ ৰজা দ্বিতীয় পুলকেশীয়ে নর্মদা নদীৰ পাৰৰৰ যুদ্ধও হর্ষবৰ্দ্ধনক পৰাস্ত কৰিছিল। 

৫৷ ভুক্তিৰ শাসকজনক কি বোলা হৈছিল ?

উত্তৰঃ ভুক্তিৰ শাসজনক ‘কুমাৰমাত‍্য’ বোলা হৈছিল।

৬৷ হর্ষবৰ্দ্ধনৰ দিনত প্ৰজাই কি কি কৰ দিব লাগিছিল ?

উত্তৰঃ হর্ষবৰ্দ্ধনৰ দিনত প্ৰজাই বালি আৰু ভাগা নামৰ দুবিধ কৰ দিব লাগিছিল। 

৭৷ হর্ষবৰ্দ্ধনৰ বিষয়ে জনাত সহায় কৰা চাৰিখন তামৰ ফলিৰ নাম লিখা।

উত্তৰঃ হর্ষবন্ধনৰ বিষয়ে জনাত সহায় কৰা চাৰিখন তামৰ ফলিৰ নাম হ’ল―

(ক) বাঁনখো তামৰ ফলি। 

(খ)মধুবন তামৰ ফলি

(গ) নালন্দা মোহৰ

(ঘ) দ্বিতীয় পুলকেশীৰ আইহোল লিপি।

৮৷ কামৰূপৰ লগত হৰ্ষৰ সম্পৰ্ক কেনে ধৰণৰ আছিল লিখা।

উত্তৰঃ কামৰূপৰ লগত হৰ্ষৰ, সু-সম্পর্ক আছিল। শাশাঙ্কৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ হর্ষবৰ্দ্ধনে কামৰূপৰ সহায় বিছাৰিছিল। কামৰূপৰ ৰজা ভাস্কৰ বৰ্মনেও সহায় কৰিছিল। হর্ষবন্ধন আৰু ভাস্কৰৰ মাজৰ এই মিত্ৰতা হৰ্ষবৰ্দ্ধনৰ মৃত্যুলৈকে আছিল। হবৰ্ষবৰ্দ্ধনে আয়োজন কৰা প্ৰয়াগ আৰু কনৌজৰ মেলাত ভাস্কৰ বৰ্মণ মুখ্য অতিথি আছিল। প্রয়াগ মহামেলতে হর্ষবৰ্দ্ধনে ভাস্কৰক একেখন ৰথতে লৈ নগৰ পৰিভ্ৰমণ কৰিছিল। বাণভট্টৰ ‘হৰ্ষচৰিতত ভাস্কৰ বৰ্মন আৰু হৰ্ষবন্ধনৰ সু-সম্পৰ্কৰ কথা উল্লেখ আছে। হিউবেন চাঙেও তেওঁৰ জীৱনীত ভাস্কৰবৰ্মণ আৰু হৰ্ষবন্ধনৰ সু সম্পৰ্কৰ কথা উল্লেখ কৰিছে।

৯৷ হৰ্ষবৰ্দ্ধনৰ দিনত হোৱা সাহিত্যৰ উন্নতি সম্পর্কে লিখা।

উত্তৰঃ হৰ্ষবৰ্দ্ধন এজন সাহিত্য অনুৰাগী আৰু বিদ্যুৎসাহী সম্রাট আছিল। তেওঁ নিজে এজন সু-পণ্ডিত আছিল। তেওঁ নিজে নাগানন্দ, ৰত্নাৱলী আৰু প্রিয়দর্শিকা নামৰ তিনিখন অমূল্য নাটক লিখিছিল।

তেওঁৰ ৰাজসভাত জ্ঞানী পণ্ডিতসকলক আদৰ কৰিছিল। হর্ষবৰ্দ্ধনৰ পৃষ্ঠপোষকতাত বহুকেইজন সাহিত্যিকে অমৰ সাহিত্য ৰচনা কৰি গৈছে। তেওঁ ৰাজকবি বানভট্টই ‘হৰ্ষচৰিত আৰু কাদম্বৰী’ নামে দুখন বহুমূলীয়া গ্ৰন্থ ৰচনা কৰিছিল।

হর্ষবৰ্দ্ধন বিদ্যুৎসাহী আছিল। নালন্দা বিশ্ব বিদ্যালয়ৰ দৈনিক খৰছৰ বাবে তেওঁ ২০০ খন গাঁও দান দিছিল। নালন্দা বিশ্ববিদ্যালয়ত পৃথিৱীৰ বিভিন্ন দেশৰ ছাত্ৰই অধ্যয়ন কৰিছিল। হৰ্ষবৰ্দ্ধনৰ ৰাজত্বকালত নালন্দা বিশ্বদ্যিালয়ৰ উপাচার্য আছিল শীলভদ্র। শীলভদ্র বৌদ্ধ দৰ্শনৰ পণ্ডিত আছিল। শীলভদ্ৰ কামৰূপৰ লোক আছিল। 

১০৷ হর্ষবৰ্দ্ধনৰ ৰাজত্বকালৰ এটি চমু বিৱৰণ দি ইতিহাসত তেওঁৰ স্থান নির্ণয় কৰা।

উত্তৰঃ উত্তৰ ভাৰতৰ শেষ হিন্দু সম্রাট হৰ্ষবৰ্দ্ধনৰ ৰাজত্বকাল বিভিন্ন কার্য আৰু ঘটনাৰে ভৰপূৰ। তেওঁৰ বিষয়ে বাণভট্টৰ হৰ্ষচৰিত আৰু চীনা পরিব্রাজক হিউৱেন চাঙৰ টোকা আৰু জীৱনীৰ পৰা জনা যায়।

নিজকে শক্তিশালীৰূপে প্ৰতিস্থা কৰিবলৈ প্রথমে তেওঁ ৰাজ্য বহলাবলৈ মন কৰিছিল। হর্ষবৰ্দ্ধনে ককায়েকৰ শত্ৰু শশাংকক এসেকা দিবলৈ সাজু হ’ল। তেতিয়া কামৰূপৰ ৰাজ ভাস্কৰ বৰ্মনে হসংবেগ নামৰ এজন কটকীৰ হাতত হৰ্ষবৰ্দ্ধনলৈ বিভিন্ন উপহাৰ পঠাই দিছিল। দুয়োৰে মাজত মিত্ৰতা স্থাপন কৰিছিল। এই মিত্ৰতাৰ পিছত ভাস্কৰ বৰ্মণে পূৰ্বৰ পৰা আৰু হর্ষবৰ্দ্ধনে পশ্চিমৰ পৰা একে সময়তে শশাংকৰ ৰাজ্য আক্রমণ কৰিছিল। এই আক্ৰমণৰ পিছত ভাস্কৰ বৰ্মণে পণ্ড্রবৰ্দ্ধন অঞ্চল পুনবাই লাভ কৰিছিল। শাশংকৰ ৰাজ্য হৰ্যবৰ্দ্ধন আৰু ভাস্কৰ বৰ্মণৰ মাজত ভাগ হৈছিল। পিছত হর্ষবৰ্দ্ধনে বল্লভী ৰাজ্যৰ ৰজা ধ্ৰুৱসেন আৰু কঙ্গোদ ৰাজ্যৰ ৰজাক পৰাজিত কৰিছিল। হৰ্ষবৰ্দ্ধনে কাশ্মীৰ আৰু নেপালো আক্রমণ কৰিছিল। হর্ষবন্ধনে সিন্ধু দেশো নিজৰ অধীনলৈ আনিছিল।

উত্তৰ ভাৰতৰ প্ৰায়বোৰ ৰাজ্য অধিকাৰ কৰি হৰ্যবৰ্দ্ধনে দক্ষিণ ভাৰত বিজয়ৰ বাবে যাত্ৰা কৰিছিল। কিন্তু নর্মদা নদীৰ পাৰৰ চালুক্য বংশৰ ৰজা দ্বিতীয় পুলবেশীয়ে তেওঁক পৰাস্ত কৰিছিল। তেওঁৰ ৰাজ্যৰ সীমা উত্তৰে জলন্ধৰ, পুরে পাটলিপুত্র, দক্ষিণে নর্মদা নদী আৰু পশ্চিমে সৌৰাষ্ট্ৰলৈকে সামৰি লৈছিল।

হর্ষবন্ধন নিজে এজন দক্ষ প্রশাসক আছিল। প্রশাসন নিয়াৰীকৈ চলাবলৈ তেওঁ ৰাজ্যখনক কেইবাখনো ভুক্তি বা প্রদেশত ভাগ কৰি লৈছিল। তেওঁ স্বেচ্ছাসানী শাসন চলোৱা নাছিল।

সাহিত্যৰ ক্ষেত্ৰতো তেওঁ অনুৰাগী আছিল। নিজে তিনিখন নাটক লিখিছিল। তেওঁৰ পৃষ্ঠপোষকতাত বানভট্টই দুখন অমৰ গ্ৰন্থ ৰচনা কৰিছিল। অমৰ গ্ৰন্থ দুখন হ’ল হৰ্ষ চৰিত আৰু কাদম্বৰী। নালন্দা বিশ্ববিদ্যালয়ক শিক্ষাৰ আগশাৰীৰ বিশ্ববিদ্যালয়ৰূপে গঢ়ি তুলিছিল।

হৰ্ষবৰ্দ্ধন সকলো ধৰ্মৰ প্ৰতি সহানুভূতিশীল আছিল। ধৰ্মক লৈ যাতে ভেদাভেদ নহয় তাৰ বাবে প্রয়াগ মহামেলাত তেওঁ প্ৰথম দিনা বুদ্ধৰ, দ্বিতীয় দিনা সূৰ্যৰ আৰু তৃতীয় দিনা শিৱৰ মূর্তিসহ শোভাযাত্ৰা কৰিছিল। 

হর্ষবন্ধনৰ ব্যক্তিত্ব আৰু অন্য গুণৰাশিৰ বাবে সকলোকে আকৰ্ষিত কৰিব পাৰিছিল। সেয়েহে পৃথিৱীৰ বিভিন্ন দেশৰ ৰজা তেওঁৰ বন্ধু আৰু অনুৰাগী আছিল। আনকি কামৰূপৰ ৰজা ভাস্কৰবৰ্মনৰ মিত্ৰতা হৰ্ষবৰ্দ্ধনৰ মৃত্যুৰ সময়লৈ অক্ষুণ্ণ আছিল। 

গুপ্ত সাম্রাজ্যৰ পতনৰ পিছত থানবান হ’ব ধৰা ভাৰতবৰ্ষক তেওঁ শক্তিশালী ৰূপত গঢ়ি তুলিছিল। শক্তিশালী বাজতন্ত্র প্রতিষ্ঠা কৰি হৰ্ষবৰ্দ্ধনে ভাৰতক ৰাজনৈতিক অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিকভাৱে শ্রেষ্ঠ ৰূপত গঢ় দিছিল। 

ভাৰতৰ বুৰঞ্জীত হর্ষবৰ্দ্ধন এজন সফল প্রতিভাশালী আৰু প্ৰতাপী ৰজাৰূপে চিৰদিন জিলিকি থাকিব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top