Assam Jatiya Bidyalay Class 6 Social Science Chapter 17 আঞ্চলিক ভূগোল অসম

Assam Jatiya Bidyalay Class 6 Social Science Chapter 17 আঞ্চলিক ভূগোল অসম, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 17 আঞ্চলিক ভূগোল অসম Class 6 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 Social Science Chapter 17 আঞ্চলিক ভূগোল অসম Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Social Science Chapter 17 আঞ্চলিক ভূগোল অসম provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

আঞ্চলিক ভূগোল অসম

Chapter – 17

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১৷ আঞ্চলিক ভুগোল কাক বোলে ?

উত্তৰঃ ভূগোল বিষয়ৰ যিটো শাখাই কোনো এটা অঞ্চলৰ ভূগোল সম্বন্ধীয় সকলো কথা প্রণালীবদ্ধভাৱে আলোচনা কৰে তাকে আঞ্চলিক ভূগোল বোলে। 

২৷ অসমৰ চাৰিসীমাত থকা যিকোনো এখন বিদেশী ৰাষ্ট্ৰৰ নাম লিখা ?

উত্তৰঃ বাংলাদেশ।

৩৷ ব্রহ্মপুত্র উপত্যকাত কেইখন প্রশাসনিক জিলা আছে ?

উত্তৰঃ ব্ৰহ্মপুত্ৰ উপত্যকাত ১৮খন প্রশাসনিক জিলা আছে।

৪৷ বৰাক উপত্যকাত থকা যিকোনো এখন প্রশাসনিক জিলাৰ নাম লিখা।

উত্তৰঃ কৰিমগঞ্জ।

৫৷ বৰাইল পাহাৰৰ সৰ্বোচ্চ শৃংগটোৰ নাম লিখা।

উত্তৰঃ লাইকেই। 

খালী ঠাই পূৰ কৰা –

(ক) ভূটান অসমৰ ___দিশত অৱস্থিত।

(খ) অসমৰ কালি প্রায় ___বর্গ কিলোমিটাৰ।

(গ) প্রাকৃতিক বৈশিষ্ট্যবোৰ লক্ষ্য কৰি অসমক ___টা ভৌগোলিক অঞ্চলত ভগাব পাৰি।

(ঘ) বৰাক সমতল অসমৰ ___অংশত অৱস্থিত।

(ঙ) কাৰ্বি মালভূমিৰ আটাইতকৈ ওখ শৃংগ দুটাৰ নাম সিংহাসন আৰু ___৷

(চ) ২০০১ চনৰ লোকপিয়ল মতে অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় ___শতাংশ গাওঁ অঞ্চলত বাস কৰে।

(ছ) অসমৰ প্ৰধান নদী দুখন ব্ৰহ্মপুত্ৰ আৰু ___৷

(জ) অসমৰ ভিতৰতে ওখ পাহাৰখনৰ নাম ___৷

(ঝ) কাৰ্বি মালভূমি ___মালভূমিৰ অংশ।

(ঞ) ব্ৰহ্মপুত্ৰ উপত্যকাৰ কালি ___বর্গ কিলোমিটাৰ।

উত্তৰঃ (ক) ভূটান অসমৰ উত্তৰ দিশত অৱস্থিত।

(খ) অসমৰ কালি প্রায় ৭৮৪৩৮ বর্গ কিলোমিটাৰ।

(গ) প্রাকৃতিক বৈশিষ্ট্যবোৰ লক্ষ্য কৰি অসমক ৩ টা ভৌগোলিক অঞ্চলত ভগাব পাৰি।

(ঘ) বৰাক সমতল অসমৰ দক্ষিণ অংশত অৱস্থিত।

(ঙ) কাৰ্বি মালভূমির আটাইতকৈ ওখ শৃংগ দুটাৰ নাম সিংহাসন আৰু দাম্বুকছো। 

(চ) ২০০১ চনৰ লোকপিয়ল মতে অসমৰ মুঠ জনসংখ্যার প্রায় ৮৭ শতাংশ গাওঁ অঞ্চলত বাস কৰে।

(ছ) অসমৰ প্ৰধান নদী দুখন ব্ৰহ্মপুত্ৰ আৰু বৰাক। 

(জ) অসমৰ ভিতৰতে ওখ পাহাৰখনৰ নাম বৰাইল।

(ঝ) কাৰ্বি মালভূমি মেঘালয় মালভূমিৰ অংশ। 

(ঞ) ব্ৰহ্মপুত্ৰ উপত্যকাৰ কালি ৫৪,৪০০ বর্গ কিলোমিটাৰ।

প্ৰশ্নৰ যথাযত উত্তৰ দিয়া –

১৷ আঞ্চলিক ভূগোল বুলিলে কি বুজা? আঞ্চলিক ভূগোল অধ্যয়নৰ উদ্দেশ্য লিখা। 

উত্তৰঃ ভূগোল বিষয়ৰ যিটো শাখাই কোনো এটা নিৰ্দিষ্ট অঞ্চলৰ ভূগোল সম্বন্ধীয় সকলো কথা প্রণালীবদ্ধভাৱে আলোচনা কৰে তাকে আঞ্চলিক ভূগোল বোলে। সকলো ঠাইৰ ভৌগোলিক অবস্থা একে নহয়। ভিন ভিন অঞ্চলৰ ভৌগোলিক অৱস্থা ভিন ভিন। আঞ্চলিক ভূগোল অধ্যয়ন কৰিলে একোটা অঞ্চলৰ বিতং তথ্য পোৱাত সহায় কৰে।

২৷ অসমৰ চাৰিসীমা লিখা।

উত্তৰঃ উত্তৰে— অৰুণাচল প্ৰদেশ আৰু ভূটান ৰাষ্ট্ৰ। 

পূবে— মণিপুৰ আৰু নাগালেণ্ড ৰাজ্য।

দক্ষিণে— মিজোৰাম আৰু ত্ৰিপুৰা ৰাজ্য।

পশ্চিমে— মেঘালয় আৰু ত্ৰিপুৰা ৰাজ্য আৰু বাংলাদেশ ৰাষ্ট্ৰ।

৩৷ প্রাকৃতিক বৈশিষ্ট্যবোৰ লক্ষ্য কৰি অসমক কেইটা ভৌগোলিক ভাগত ভগাব পাৰি আৰু কি কি ?

উত্তৰঃ প্রাকৃতিক বৈশিষ্টবোৰ লক্ষ্য কৰি অসমক তিনিটা ভৌগোলিক ভাগত ভাগব পাৰি।

(ক) ব্রহ্মপুত্র উপত্যকা বা ব্রহ্মপুত্র সমতল অঞ্চল।

(খ) বৰাক উপত্যকা বা বৰাক সমতল অঞ্চল।

(গ) কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাহাৰীয়া অঞ্চল। 

৪৷ কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাহাৰীয়া অঞ্চলৰ অৱস্থান চমুকৈ লিখা।

উত্তৰঃ কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাহাৰীয়া অঞ্চলটো অসমৰ মাজ অংশত অৱস্থিত। ইয়াৰ উত্তৰে আছেব্ৰহ্মপুত্ৰ উপত্যকা আৰু দক্ষিণে বৰাক সমতল। অঞ্চলটো কাৰ্বি মালভূমি আৰু উত্তৰ কাছাৰ পাহাৰীয়া অঞ্চলৰে গঠিত। অঞ্চলটোত সমতল খুব কম। ইয়াত প্ৰচুৰ ঝুম খেতি হয়। ৰাজ্যখনৰ ভিতৰতে ওখ বৰাইল পাহাৰ ইয়াত অৱস্থিত। অঞ্চলটোৰ ডাঙৰ চহৰ হাফলং চহৰ।

৫৷ অসমৰ জলবায়ুৰ বিষয়ে ছটামান বাক্য লিখা।

উত্তৰঃ অসমৰ ৰাজ্য অসমখন মৌচুমী জলবায়ু অঞ্চলৰ অন্তৰ্গত। দেশৰ আন ৰাজ্যৰ তুলনাত অসমত বেছি বৰষুণ হয়। মাৰ্চ এপ্ৰিল মাহত বৰদৈচিলা নামৰ এক বিশেষ বতাহ প্রবাহিত হয়। বাৰিষা বৰষুণ বেছিকৈ হয় কিন্তু খৰালি একেবাৰে বৰষুণ কম হয়।

ৰাজ্যখন জলবায়ুৰ ক্ষেত্ৰত থকা তাৰতম্যই মানুহৰ কাম কাজত প্ৰভাৱ পেলায়। ঋতু অনুযায়ী মানুহৰ কাম কাজৰ পৰিৱৰ্তন হয়।

চমুটোকা লিখা :

(ক) অসমৰ নদীসমূহ আৰু বিলসমূহ।

(খ) অসমৰ বনাঞ্চল।

(গ) বৰাক উপত্যকা।

(ঘ) অসমৰ প্ৰাকৃতিক বিভাগ।

(ঙ) অসমৰ অৱস্থান।

(চ) আঞ্চলিক ভূগোল।

উত্তৰঃ (ক) অসমৰ নদীসমূহ আৰু বিলসমূহ :- অসম এখন নদী প্রধান ৰাজ্য। ইয়াৰ প্ৰধান নদী দুখন হ’ল– ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী। এই নদী দুখনৰ বহুতো উপনৈ আছে। এই উপনৈসমূহে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক কৃষিৰ বাবে উপযোগী কৰি তুলিছে।

এই নৈ উপনৈসমূহৰ উপৰিও অসমত বহুতো বিল আছে। বিলসমূহত বহুতো প্রাকৃতিক সম্পদ আছে। মানুহে এই প্রাকৃতিক সম্পদসমূহ নানা ধৰণে ব্যৱহাৰ কৰি আছে।

(খ) অসমৰ বনাঞ্চল :- অসম বনাঞ্চল তথা বনজ সম্পদত দেশখনৰ ভিতৰতে এখন চহকী ৰাজ্য। অসমৰ অৰণ্যত বিভিন্ন ধৰণৰ মূল্যবান বনজ সম্পদ পোৱা যায়। ৰাজ্যখনত থকা ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণা আৰু সংৰক্ষিত বনাঞ্চল সমূহ বনজসম্পদৰ ভড়াল। এই বনাঞ্চলসমূহত পোৱা মূল্যবান জীৱ-জ্য, গছ-বন, উদ্ভিদ আদি ৰাজ্যখনৰ লগতে দেশ বিদেশৰ পৰ্যটকৰ ঘাই আকর্ষণ।

(গ) বৰাক উপত্যকা :- এই সমতলখন অসমৰ দক্ষিণ অংশত অৱস্থিত। বৰাক নদী আৰু ইয়াৰ উপনৈসমূহে সৃষ্টি কৰা সমতল ভূমিয়েই হ’ল বৰাক উপত্যকা। পূব দিশে মণিপুৰ, পশ্চিমে বাংলাদেশৰ কিছু অংশ। উত্তৰে উত্তৰ কাছাৰ পাহাৰ আৰু দক্ষিণে মিজোৰাম। অঞ্চলটোত তিনিখন প্রশাসনিক জিলা আছে। ইয়াৰ মানুহৰ প্রধান জীৱিকা কৃষি।

(ঘ) অসমৰ প্ৰাকৃতিক বিভাগ :- অসমখন পাহাৰ সমভূমি, উপত্যকা নদ-নদী আদিৰে ভৰি আছে। নানাধৰণৰ প্ৰাকৃতিক বৈশিষ্ট্যবোৰ লক্ষ্য কৰি ৰাজ্যখনক তিনিটা ভৌগোলিক অঞ্চলত ভগাব পাৰি। সেইকেইটা হ’ল– (ক) ব্ৰহ্মপুত্ৰ উপত্যকা, (খ) বৰাক উপত্যকা আৰু (গ) কাৰ্বি আংলং উত্তৰ কাছাৰ পাহাৰীয়া অঞ্চল।

ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰধান নৈ ব্ৰহ্মপুত্ৰ আৰু বহুতো উপনৈ আছে। ব্ৰহ্মপুত্র উপত্যকাত ওঠৰ খন প্রশাসনিক জিলা আছে।

বৰাক উপত্যকা অসমৰ দক্ষিণ অংশত অৱস্থিত। বৰাক নদী আৰু ইয়াৰ উপনেসমূহে সৃষ্টি কৰা সমতল ভূমিয়েই বৰাক উপত্যকা। অঞ্চলটোত তিনিখন প্রশাসনিক জিলা আছে। 

কাৰ্বি আংলং উত্তৰ কাছাৰ পাহাৰীয়া অঞ্চলটো ৰাজ্যখনৰ মাজ অংশত অৱস্থিত। এই অঞ্চলটো পাহাৰীয়া অঞ্চল। ইয়াত সমতল খুব কম আছে। ইয়াৰ প্ৰধান খেতি ঝুম খেতি বৰাইল পাহাৰ ইয়াত অৱস্থিত। অঞ্চলটোৰ ডাঙৰ চহৰ হাফলং।

(ঙ) অসমৰ অৱস্থান :- অসম বিশাল ভাৰতবৰ্ষৰ এখন অংগ ৰাজ্য। ই ভাৰতৰ উত্তৰ পূব দিশত অৱস্থিত। অসমখনক দুখন বিদেশী ৰাষ্ট্ৰ আৰু সাতখন আমাৰ দেশৰ আন ৰাজ্যই আগুৰি আছে। বিদেশী ৰাষ্ট্ৰ দুখন হ’ল ভূটান আৰু বাংলাদেশ। আৰু আন সাতখন ৰাজ্য হ’ল অৰুণাচল প্রদেশ, নাগালেণ্ড, মণিপুৰ মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু পশ্চিম বংগ। অসমৰ মাটিকালি ৭৮৪৩৮ বর্গ কিলোমিটাৰ। 

(চ) আঞ্চলিক ভূগোল :- পৃথিৱীৰ সকলোবোৰ অঞ্চল একে নহয়। প্রতিটো অঞ্চলৰে ভৌগোলিক অৱস্থা বেলেগ বেলেগ। আঞ্চলিক ভূগোলে কোনো এখন ঠাই বা অঞ্চলৰ বিতং তথ্য দিয়ে। কোনো এখন ঠাইৰ ভৌগোলিক অবস্থান, ঠাইৰ জলবায়ু, চাৰিসীমা, জনসংখ্যা, প্রাকৃতিক সম্পদ আৰু ইয়াৰ ব্যৱহাৰ আদি আঞ্চলিক ভূগোলৰ বিষয়। এই সকলোবোৰ কথা জানিলে এখন ঠাই বা অঞ্চলৰ বিষয়ে। খৰছি মাৰি জানিব পাৰি

১৷ অসমৰ ভৌগোলিক বিভাগসমূহৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ অসম ৰাজ্যখনত পাহাৰ ভৈয়াম, নৈ, বিল আদি ভৰি থকাৰ বাবে ই অসমান। এই বৈশিষ্ট্যতাৰ বাবে ৰাজ্য খনক তিনিটা ভৌগোলিক অঞ্চলত ভাগ কৰা হৈছে :

(ক) ব্রহ্মপুত্র উপত্যকা :- ব্ৰহ্মপুত্ৰ নৈ আৰু ইয়াৰ উপনৈসমূহৰ দুয়োকাষে থকা সমতল ভূমিভাগ।

(খ) বৰাক উপত্যকা :- বৰাক নদী আৰু ইয়াৰ উপনৈ সমূহে সৃষ্টি কৰা সমতল ভূমিভাগ।

(গ) কাৰ্বি আংলং আৰু ডিমা হাচাও :- ৰাজ্যখনৰ মাজ ভাগত অৱস্থিত পাহাৰীয়া অঞ্চল। ইয়াৰ উত্তৰে ব্ৰহ্মপুত্ৰ উপত্যকা আৰু দক্ষিণে বৰাক উপত্যকা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top