Assam Jatiya Bidyalay Class 6 Social Science Chapter 16 প্রাকৃতিক ভূগোলৰ এটি চমু আভাস

Assam Jatiya Bidyalay Class 6 Social Science Chapter 16 প্রাকৃতিক ভূগোলৰ এটি চমু আভাস, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 6 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 16 প্রাকৃতিক ভূগোলৰ এটি চমু আভাস Class 6 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 6 Social Science Chapter 16 প্রাকৃতিক ভূগোলৰ এটি চমু আভাস Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 6 Social Science Chapter 16 প্রাকৃতিক ভূগোলৰ এটি চমু আভাস provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

প্রাকৃতিক ভূগোলৰ এটি চমু আভাস

Chapter – 16

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১৷ ভূগোল মানে কি বুজা ?

উত্তৰঃ গোলাকাৰ পৃথিৱীখনৰ উপৰিভাগৰ বিভিন্ন উপাদানৰ অৱস্থান আৰু সম্পর্ক অধ্যয়নেই ভূগোল।

২৷ ভূগোলৰ প্ৰধান ভাগ দুটা কি কি ? 

উত্তৰঃ ভূগোলৰ প্ৰধান ভাগ দুটা হ’ল– প্রাকৃতিক ভূগোল আৰু মানৱ ভূগোল।

৩৷ ভূ-প্রাকৃতিক ভূগোলে কি কি অধ্যয়ন কৰে ?

উত্তৰঃ ভূ-প্রাকৃতিক ভূগোলত পৰ্বত-পাহাৰ, মালভূমি, সমভূমি, নদ-নদী, হ্রদ, বিল আদিৰ কেনেদৰে সৃষ্টি হৈছিল সেই বিষয়ে বিশদভাৱে অধ্যয়ন কৰা হয়। 

৪৷ পেঞ্জীয়া আৰু পেন্থালাছা কি ?

উত্তৰঃ বহু হাজাৰ বছৰ আগতে মহাদেশবোৰ একেলগ হৈ থকা থূপটোৰ নাম আছিল পেঞ্জীয়া আৰু পেঞ্জীয়াৰ চাৰিওফালে থকা জলভাগখিনি (বর্তমান মহাসাগৰ কেইখন) পেন্থালাছা।

৫৷ জলবায়বীয় ভূগোল মানে কি ?

উত্তৰঃ পৃথিবীর বিভিন্ন ঠাইৰ জলবায়ুৰ বিষয়ে অধ্যয়ন করাকে জলবায়বীয় ভূগোল বোলে।

খালী ঠাই পূৰ কৰা :

(ক) মেঘালয়ৰ ___ত পৃথিৱীৰ সৰ্বাধিক বৰষুণ হয়।

(খ) ভাৰতৰ পশ্চিমত থকা মৰুভূমিখনৰ নাম ___৷

(গ) টেথিছ সাগৰৰ উত্তৰত থকা স্থলভাগৰ নাম ___৷

(ঘ) পৃথিৱীয়ে ___কোণ কৰি হালি সূৰ্যৰ চাৰিওফালে ঘূৰে।

(ঙ) বিষুৱ অঞ্চলৰ গছ-গছনিবোৰ ___।

উত্তৰঃ (ক) মেঘালয়ৰ চেৰাপুঞ্জীত পৃথিৱীৰ সৰ্বাধিক বৰষুণ হয়।

(খ) ভাৰতৰ পশ্চিমত থকা মৰুভূমিখনৰ নাম থৰ।

(গ) টেথিছ সাগৰৰ উত্তৰত থকা স্থলভাগৰ নাম আংগাৰলেণ্ড। 

(ঘ) পৃথিৱীয়ে ৬৬ ১/২ কোণ কৰি হালি সূৰ্যৰ চাৰিওফালে ঘূৰে।

(ঙ) বিষুৱ অঞ্চলৰ গছ-গছনিবোৰ চিৰ সেউজীয়া। 

১৷ হিমালয় পৰ্বতৰ সৃষ্টি কেনেদৰে হৈছিল লিখা।

উত্তৰঃ ভূ-পণ্ডিতসকলে অনুমান কৰে যে বহু হাজাৰ বছৰৰ আগতে মহাদেশবোৰ একেলগ হৈ থকা থুপটোৰ মাজেৰে টেথিছ নামৰ এখন ঠেক আৰু দীঘলীয়া সাগৰ আছিল। টেথিছ সাগৰখনৰ উত্তৰত থকা ভাগটোৰ নাম আছিল আংগাৰালেণ্ড আৰু দক্ষিণত থকা ভাগটোৰ নাম আছিল পেঞ্জীয়া। ইয়াৰ চাৰিওফালে থকা বৰ্তমানৰ মহাসাগৰ কেইখন অর্থাৎ জলভাগখিনিৰ নাম আছিল পেছালাছা। মাজৰ টেথিছ সাগৰখনলৈ দুয়োপাৰে থকা মাটিভাগৰ পৰা নদীয়ে আনি আবর্জনা জমা হৈ এটা সময়ত টেথিছ সাগৰৰ তলিখন তললৈ দোঁ খাই দুয়োটা কাষ চাপি আহি চেপা খাই পৰ্বতৰ সৃষ্টি হৈছিল। পিছলৈ ভূ-আন্দোলনৰ ফলত আংগাৰালেও আৰু গণ্ডোৱানালেও ভাগি ভাগ হৈ ক্রমান্বয়ে আঁতৰি আহি বৰ্তমানৰ অৱস্থা পায়। ইয়াৰ ফলত টেথিছ সাগৰত জমা হৈ সৃষ্টি হোৱা পৰ্বতটোও টুকুৰা টুকুৰ হৈ ভাগে ভাগে গুছি গ’ল আৰু তাৰে এটুকুৰাই আমাৰ ভাৰতত হিমালয় নাম ললে। এনেকৈয়ে হিমালয় পৰ্বতৰ সৃষ্টি হৈছিল।

২৷ বিষুৱ অঞ্চলৰ এটা বর্ণনা দিয়া।

উত্তৰঃ বিষুৱ অঞ্চলত সূৰ্যৰ তাপ আৰু পোহৰ লম্বভাৱে পৰে আৰু পানীও বেছিকৈ আছে। এই অঞ্চলত গৰম হয় কিন্তু বৰষুণো সঘনাই হৈ থাকে। ইয়াৰ বাবে মাটিভাগ পানীৰে ভৰি থাকে। এই অঞ্চলৰ গছবোৰ চিৰ সেউজীয়া। বৰষুণ সঘনাই হোৱা বাবে এই অঞ্চলত গছ-গছনি বেছিকৈ গজে। প্ৰায়ভাগ গছেই সূৰ্যৰ পোহৰ পাবলৈ ওপৰলৈ বাঢ়ি আহে। মাটিভাগ পানীৰে ভৰি থকা বাবে তাত ঘাঁহ জাতীয় উদ্ভিদ নহয়। সেয়েহে তাত ঘাঁহ বন খাই জীয়াই থকা পহু জাতীয় প্রাণী নাই। পহু জাতীয় প্রাণী নাই বাবে ইহঁতক খাই জীয়াই থকা বাঘ সিংহৰ দৰে প্রাণীও নাই। পৰিবেশৰ কাৰণে এই অঞ্চলত গছে গছে বগাই ফুৰিব পৰা নানা প্ৰজাতিৰ বান্দৰ, পোক পৰুৱা আদি বাস কৰে।

৩৷ প্রশান্ত মহাসাগৰত থকা দ’ খাতটোৰ নাম কি ?

উত্তৰঃ মেৰিয়ানা।

৪৷ পৃথিৱীৰ ভিতৰত থকা আটাইতকৈ ওখ অংশটো কি ?

উত্তৰঃ এভাৰেষ্ট শৃংগ ৷

৫৷ বিভিন্ন মাটিৰ বিষয়ে আৰু বিভিন্ন মাটিত কেনে ধৰণৰ গছ গছনি গজে আমি কি ভূগোলত জানিব পাৰো ?

উত্তৰঃ মৃত্তিকা ভূগোল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top