Assam Jatiya Bidyalay Class 5 Social Science Chapter 9 জীৱিকা আৰু পৰস্পৰ নিৰ্ভৰশীলতা

Assam Jatiya Bidyalay Class 5 Social Science Chapter 9 জীৱিকা আৰু পৰস্পৰ নিৰ্ভৰশীলতা, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 9 জীৱিকা আৰু পৰস্পৰ নিৰ্ভৰশীলতা Class v Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Social Science Chapter 9 জীৱিকা আৰু পৰস্পৰ নিৰ্ভৰশীলতা Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Social Science Chapter 9 জীৱিকা আৰু পৰস্পৰ নিৰ্ভৰশীলতা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

জীৱিকা আৰু পৰস্পৰ নিৰ্ভৰশীলতা

Chapter – 9

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। একোটিকৈ বাক্যত উত্তৰ লিখা।

(ক) কৃষিজীৱী কাক বোলে ?

উত্তৰঃ যিসকল লোকে খেতি-বাতি কৰি বা কৃষিকৰ্মত জড়িত হৈ জীৱন নিৰ্বাহ কৰে তেনে লোকক কৃষিজীৱী বোলা হয়।

(খ) অসমৰ শুৱালকুচি কোনটো উদ্যোগৰ লগত জড়িত ?

উত্তৰঃ অসমৰ শুৱালকুচি বয়ন শিল্পৰ লগত জড়িত।

(গ) অসমৰ কিমান শতাংশ লোক কৃষি কাৰ্যৰ লগত জড়িত ?

উত্তৰঃ অসমৰ ৮২ শতাংশ লোক কৃষিকাৰ্য ৰ লগত জড়িত।

(ঘ) পচন সাৰ কেনেকৈ প্ৰস্তুত কৰা হয় ?

উত্তৰঃ গোবৰ, জাৱৰ-জোথৰ আদি পচাই পচনসাৰ প্ৰস্তুত কৰা হয়।

(ঙ) তুন্দ্ৰা অঞ্চলত খেতি বাতি কিয় কৰিব পৰা নাযায় ?

উত্তৰঃ তুন্দ্ৰা অঞ্চলসমূহ বৰফেৰে আবৃত হৈ থাকে বাবে তাত খেতি বাতি কৰিব পৰা নাযায়।

(চ) অসমৰ বেছিভাগ মানুহৰ প্ৰধান বৃত্তি কি ?

উত্তৰঃ অসমৰ বেছিভাগ মানুহৰ প্ৰধান বৃত্তি হৈছে কৃষি।

(ছ) কৃষি বনুৱা কাক বোলে ?

উত্তৰঃ খেতিপথাৰত বা বাগানবোৰত যিসকল লোকে দিনহাজিৰা বা দৈনিক মজুৰিৰ ভিত্তিত কাম কৰে তেনে লোকক কৃষি বনুৱা বোলে।

(জ) সমাজৰ সেয়া কাৰ্যৰ লগত জড়িত দুটা বৃত্তিৰ নাম লিখা।

উত্তৰঃ সমাজৰ সেয়া কাৰ্যৰ লগত জড়িত দুটা বৃত্তি হৈছে শিক্ষকতা আৰু নাৰ্চ সেৱা।

২। খালী ঠাই পূৰ কৰা।

(ক) আমাৰ ভাৰতবৰ্ষৰ বেছিভাগ মানুহৰ প্ৰধান জীৱিকা হৈছে _________।

উত্তৰঃ আমাৰ ভাৰতবৰ্ষৰ বেছিভাগ মানুহৰ প্ৰধান জীৱিকা হৈছে কৃষি

(খ) গোৱৰ, জাৱৰ-জোথৰ আদি পচাই _________ সাৰ প্ৰস্তুত কৰা হয়।

উত্তৰঃ গোৱৰ, জাৱৰ-জোথৰ আদি পচাই পচন সাৰ প্ৰস্তুত কৰা হয়।

(গ) ভাৰতৰ বয়ন উদ্যোগসমূহত প্ৰয়োজনতকৈ ________ লোক জড়িত হৈ আছে।

উত্তৰঃ ভাৰতৰ বয়ন উদ্যোগসমূহত প্ৰয়োজনতকৈ অধিক লোক জড়িত হৈ আছে।

(ঘ) খেতিপথাৰত নতুন নতুন বৈজ্ঞানিক পদ্ধতি প্রয়োগৰ ফলত উৎপাদনৰ পৰিমাণ ________ পাইছে।

উত্তৰঃ খেতিপথাৰত নতুন নতুন বৈজ্ঞানিক পদ্ধতি প্রয়োগৰ ফলত উৎপাদনৰ পৰিমাণ বৃদ্ধি পাইছে।

(ঙ) আজিকালি খেতি পথাৰত _________ শ্ৰমৰ প্ৰয়োজন কমি আহিছে।

উত্তৰঃ আজিকালি খেতি পথাৰত কায়িক 

শ্ৰমৰ প্ৰয়োজন কমি আহিছে।

৩। তলৰ বাক্যবোৰ শুদ্ধ নে অশুদ্ধ লিখা।

(ক) ভাৰতবৰ্ষৰ ৭০ শতাংশ লোক কৃষিজীৱী।

উত্তৰঃ শুদ্ধ।

(খ) খেতিপথাৰসমূহত উন্নত আধুনিক যন্ত্ৰপাতিৰ ব্যৱহাৰ কৰাৰ ফলত উৎপাদন হ্ৰাস পাইছে।

উত্তৰঃ অশুদ্ধ।

(গ) কম পৰিমাণৰ মাটিত খেতিয়কে নাঙলেৰে মাটি চহ কৰে।

উত্তৰঃ শুদ্ধ।

(ঘ) তুন্দ্ৰা অঞ্চলৰ লোকসকলৰ প্ৰধান জীৱিকা হৈছে চিকাৰ কৰা।

উত্তৰঃ শুদ্ধ।

(ঙ) উদ্যোগসমূহৰ দৈনিক মজুৰিৰ ভিত্তিত কাম কৰা লোকক কৃষি বনুৱা বোলে।

উত্তৰঃ অশুদ্ধ।

৪। প্ৰশ্ন: ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা।

‘ক’ অংশ‘খ’ অংশ
(ক) ভাৰতবৰ্ষখেতিয়কসকলে খেতিপথাৰত ব্যস্ত হৈ পৰে।
(খ) ট্ৰেক্টৰ পাৱাৰঢিলাৰ আদি    বয়ন শিল্পৰ লগত জড়িত অঞ্চল।
(গ) বাৰিষা কালতখেজুৰ, উটৰ গাখীৰ, মাংস আদি খাদ্য খাই জীয়াই থাকে।
(ঘ) শুৱালকুচিএখন কৃষিপ্ৰধান দেশ।
(ঙ) শিক্ষকসকলবেছি পৰিমানৰ মাটি চহাবলৈ ব্যৱহাৰ কৰা হয়।
(চ) মৰুভূমি অঞ্চলৰ লোকসকলসমাজৰ সেৱা কাৰ্যৰ লগত জড়িত হৈ থাকে।

উত্তৰঃ 

‘ক’ অংশ‘খ’ অংশ
(ক) ভাৰতবৰ্ষএখন কৃষিপ্ৰধান দেশ।
(খ) ট্ৰেক্টৰ পাৱাৰঢিলাৰ আদি    বেছি পৰিমানৰ মাটি চহাবলৈ ব্যৱহাৰ কৰা হয়।
(গ) বাৰিষা কালতখেতিয়কসকলে খেতিপথাৰত ব্যস্ত হৈ পৰে।
(ঘ) শুৱালকুচিবয়ন শিল্পৰ লগত জড়িত অঞ্চল।
(ঙ) শিক্ষকসকলসমাজৰ সেৱা কাৰ্যৰ লগত জড়িত হৈ থাকে।
(চ) মৰুভূমি অঞ্চলৰ লোকসকলখেজুৰ, উটৰ গাখীৰ, মাংস আদি খাদ্য খাই জীয়াই থাকে।

৫। চমু উত্তৰ লিখা।

(ক) বৃত্তি বুলিলে কি বুজা ? তুমি সমাজ জীৱনত দেখা কেইটামান বৃত্তিৰ উদাহৰণ দিয়া।

উত্তৰঃ নিজৰ পৰিয়ালৰ প্ৰয়োজন পূৰাবলৈ এজন মানুহে কৰা কামটোকে মানুহৰ বৃত্তি বুলি কোৱা হয়।

(খ) কৃষি বনুৱা সকলে খেতি পথাৰত কাম নাথাকিলে, কেনেদৰে জীৱন নিৰ্বাহ কৰে লিখা।

উত্তৰঃ খেতি পথাৰত কাম নাথাকিলে কৃষি বনোৱা সকলে তাঁত বোৱা, বাঁহ-বেতৰ কাম কৰা, শিলৰ কুঁৱৰীত কাম কৰা, ৰিক্সা চলোৱা, তামোল নাৰিকলৰ ব্যৱসায় কৰা আদি কাম কৰি জীৱন নিৰ্বাহ কৰা।

(গ) সাগৰৰ পাৰৰ লোকসকলৰ বৃত্তি কেনেধৰণৰ হয় লিখা।

উত্তৰঃ সাগৰৰ পাৰৰ উপকূল অঞ্চলত বাস কৰা লোকে মাছ ধৰা, জাল বোৱা, নাও বা জাহাজ নিৰ্মাণ কৰা আদি কাম কৰি নিজৰ লগতে পৰিয়ালকো পোহপাল দিয়ে।

(ঘ) কৃষি কাৰ্যৰ বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰৰ ফলত হোৱা সুবিধা বোৰ লিখা।

উত্তৰঃ কৃষিকার্যত বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰৰ ফলত শস্যৰ উৎপাদনৰ হাৰ আৰু উৎপাদিত শস্যৰ মান বৃদ্ধি পাইছে। লগতে উৎপাদনৰ বাবে সময় আৰু কায়িক শ্ৰমৰ পৰিমাণ হ্ৰাস পাইছে।

(ঙ) মানুহৰ বৃত্তি বা জীৱিকা ভিন্ন হোৱাৰ কাৰণবোৰ কি কি ?

উত্তৰঃ মানুহৰ বৃত্তি বা জীৱিকা বহুকেইটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। সাধাৰণতে প্ৰাকৃতিক পৰিৱেশ আৰু কোনো ঠাইৰ অৱস্থানৰ ওপৰতো সেই অঞ্চলৰ মানুহৰ বৃত্তি নিৰ্ভৰ কৰে।

চহৰ অঞ্চলৰ যি বিলাক মানুহে চৰকাৰী বা বেচৰকাৰী অফিচত চাকৰি নকৰে সেই অঞ্চলৰ মানুহে সৰু-বৰ ব্যৱসায়-বাণিজ্য বা কাৰখানা আদি চলাই জীৱিকা নিৰ্বাহ কৰে। ঠিক তেনেকৈ গাঁও অঞ্চলৰ সৰহভাগ মানুহে খেতি-বাতি সৰু-সুৰা হাট ব্যৱসায়কে বৃত্তি হিচাপে লয়। আনহাতে কোনো অঞ্চলত এটা ডাঙৰ উদ্যোগ গঢ়ি উঠিলে তাৰ আশে-পাশে থকা কিছু মানুহ উদ্যোগটোত প্ৰত্যক্ষভাৱে চাকৰিত মকৰল হয় আৰু আন কিছুমান উদ্যোগটোত যোগানিয়াৰ, উদ্যোগটোৰ কৰ্মচাৰীসকলৰ লাগতিয়াল বয়-বস্তুৰ দোকান আনি দিয়ে। তদুপৰি ডাঙৰ মন্দিৰৰ আশে-পাশে বহুতো লোকে মন্দিৰৰ পূজাত লগা সামগ্ৰী আদি বেচাকে জীৱিকা হিচাপে লয়।

সাগৰ বা ডাঙৰ নদীৰ পাৰত থকা কিছুমান মানুহে সাগৰ বা নদীৰ মাছ মাৰি বিক্ৰী কৰাটোকে বৃত্তি হিচাপে গ্ৰহণ কৰে। এক কথাত কবলৈ গলে মানুহে সুযোগ আৰু পৰিস্থিতি অনুসৰি নিজৰ বৃত্তি নিৰ্ধাৰণ কৰে।

(চ) তুন্দ্ৰা অঞ্চলৰ মানুহৰ প্ৰধান জীৱিকা কি কি হয় লিখা।

উত্তৰঃ তুন্দ্ৰা অঞ্চল বৰফাবৃত হৈ থাকে কাৰণে তাত খেতি বাতি কৰিব পৰা নাযায়। সেই ঠাইৰ লোকসকলে চিকাৰ কৰিয়ে জীৱন নিৰ্বাহ কৰে। তেওঁলোকে জন্তুৰ হাড়, ছাল নাইবা মাছৰ তেল, মাংস, মাছ আদিৰো ব্যৱসায় কৰে।

(ছ) মৰুভূমি অঞ্চলৰ মানুহৰ খাদ্য কেনেধৰণৰ হয় লিখা।

উত্তৰঃ বালিময় শুকান মৰুভূমি অঞ্চলৰ লোকসকলে খেজুৰৰ পৰা তৈয়াৰী খাদ্য, উটৰ গাখীৰ, মাংস আদি খাদ্য হিচাপে গ্ৰহণ কৰে।

(জ) মৰুভূমি অঞ্চলৰ মানুহে কিদৰে জীৱিকা নিৰ্বাহ কৰে লিখা।

উত্তৰঃ সাপ ধৰা, সাপৰ খেল দেখুৱাৰ লগতে বিভিন্ন মনীহাৰী বস্তুৰ ব্যৱসায় কৰি মৰুভূমি অঞ্চলৰ লোকে জীৱিকা অর্জন কৰে।

৬। চমু টোকা লিখা।

(ক) অসমৰ ভৈয়ামৰ কৃষি।

উত্তৰঃ অসমৰ ভৈয়ামৰ মাটি সাৰুৱা। এই মাটিত ধান, চাহ, মৰাপাট, সৰিয়হ, কুঁহিয়াৰ, নানা মাহজাতীয় শস্য, শাক-পাচলি আৰু ফলমূল উৎপন্ন হয়। কম পৰিমাণৰ মাটিত খেতিয়ক সকলে নাঙলেৰে মাটি চহাই খেতি কৰে। গোৱৰ, জাৱৰ- জোথৰ আদি পচাই প্ৰস্তুত কৰা পচন সাৰ খেতি পথাৰত দিয়ে। আজিকালি বেছি মাটিত ট্ৰেক্টৰ, পাৱাৰ-টিলাৰ আদি মাটি চহাবলৈ ব্যৱহাৰ কৰা হয়।

(খ) অসমৰ বয়ন উদ্যোগ।

উত্তৰঃ অসমৰ শিপিনীয়ে তাঁতশালত এৰী, মুগা, কপাহী, পাটকাপোৰ বৈ নিজে পিন্ধাৰ উপৰিও ইয়াৰ ব্যৱসায়ো কৰে। শুৱালকুচি বয়ন উদ্যোগৰ বাবে প্ৰসিদ্ধ। এই ঠাইত প্ৰায় প্ৰতিঘৰতে তাঁতশাল আছে। বয়ন উদ্যোগৰ সৈতে প্ৰয়োজনতকৈ অধিক লোক জড়িত হৈ আছে।

(গ) উদ্যোগৰ পৰস্পৰ নিৰ্ভৰশীলতা।

উত্তৰঃ বৰ্তমান সময়ত কোনো উদ্যোগেই স্বাধীনভাৱে চলিব নোৱাৰে। এটা উদ্যোগ আন এটা উদ্যোগৰ ওপৰত নিৰ্ভৰশীল। উদাহৰণস্বৰূপে সা-সৰঞ্জাম নিৰ্মাণৰ কাৰখানা চলাবলৈ বিদ্যুৎ উৎপাদনৰ কাৰখানাৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। বিদ্যুৎ উৎপাদনৰ বাবে কয়লা, গেছ আদি নিষ্কাষণৰ উদ্যোগৰ ওপৰত নিৰ্ভৰ কৰিব লাগে।

(ঘ) তুন্দ্ৰা অঞ্চল।

উত্তৰঃ তুন্দ্ৰা অঞ্চল বৰফেৰে আবৃত হৈ থাকে বাবে তাত খেতি বাতি নহয়। তেওঁলোকে জন্তুৰ হাড়, ছাল নাইবা মাছৰ তেল, মাংস, মাছ আদিৰ ব্যৱসায় কৰে।

৭। পাৰ্থক্য লিখা। (এটি বা দুটিকৈ)

(ক) পুৰণি কৃষি পদ্ধতি আৰু আধুনিক কৃষি পদ্ধতি।

উত্তৰঃ পুৰণি কৃষি পদ্ধতিত নাঙলেৰে মাটি চহায়। নতুন বৈজ্ঞানিক পদ্ধতিত ট্ৰেক্টৰ, পাবৰ-টিলাৰ আদি মাটি চহাবলৈ ব্যৱহাৰ কৰা হয়। পুৰণি পদ্ধতিত উৎপাদন বঢ়াবলৈ অকল পচন সাৰ প্ৰয়োগ কৰা হয়। নতুন বৈজ্ঞানিক পদ্ধতিত সাৰ আৰু কীটনাশক দ্ৰব্য মেচিনৰ সহায়ত ছটিওয়া হয়। শস্য কটা, মৰাণ মৰা আদি কামবোৰো আজিকালি যন্ত্ৰৰ সহায়ত কৰা হয়।

(খ) পুৰণি যাতায়ত আৰু যোগাযোগ ব্যৱস্থা আৰু আধুনিক যাতায়াত আৰু যোগাযোগ ব্যৱস্থা।

উত্তৰঃ পুৰণি কালৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থা সুচল নাছিল। সেইবাবে জলবায়ু আৰু প্ৰাকৃতিক পৰিৱেশৰ দাস হৈ জীৱিকা অর্জনৰ বৃত্তি গ্ৰহণ কৰিবলগীয়া হৈছিল। বৰ্তমান যাতায়াত আৰু যোগাযোগ ব্যৱস্থা উন্নত হোৱাত মানুহে নিজৰ পছন্দৰ বৃত্তি বাছি লব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top