Assam Jatiya Bidyalay Class 5 Social Science Chapter 8 সমাজ আৰু সামাজিক জীৱন প্ৰণালী

Assam Jatiya Bidyalay Class 5 Social Science Chapter 8 সমাজ আৰু সামাজিক জীৱন প্ৰণালী, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 8 সমাজ আৰু সামাজিক জীৱন প্ৰণালী Class v Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Social Science Chapter 8 সমাজ আৰু সামাজিক জীৱন প্ৰণালী Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Social Science Chapter 8 সমাজ আৰু সামাজিক জীৱন প্ৰণালী provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

সমাজ আৰু সামাজিক জীৱন প্ৰণালী

Chapter – 8

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। একোটিকৈ বাক্যত উত্তৰ লিখা।

(ক) সমাজ কাক বোলে ?

উত্তৰঃ সাধাৰণতে আচাৰ-ব্যৱহাৰ, চিন্তা ধৰা , আহাৰ, বসবাস আদিত মিল থকা কিছুমান লোকৰ সমষ্টি বা একেলগে থকাকে সমাজ বোলে।

(খ) সামাজিক জীৱন কি লিখা।

উত্তৰঃ মানুহে সমাজৰ যিবোৰ পৰিস্থিতিৰ সৈতে   খাব খুৱাই জীৱ্ন নিৰ্বাহ কৰিবলগীয়া হয়। সামগ্ৰিকভাৱে সেয়াই হল সামাজিক জীৱন।

(গ) সামাজিক কৰ্তব্য কাক বোলে ?

উত্তৰঃ সমাজ পাতি বসবাস কৰা প্ৰতিগৰাকী মানুহেই সমাজৰ প্ৰতি পালন কৰিবলগীয়া দায়িত্ব আৰু কৰ্তব্যকে সামাজিক কৰ্তব্য বোলে।

(ঘ) মানুহৰ সামাজিক জীৱন কিয় ভিন্ন হয় লিখা ?

উত্তৰঃ ভৌগোলিক অৱস্থান, বৃত্তিগত ভিন্নতা আৰু ধৰ্ম তথা মতা দৰ্শৰ পাৰ্থক্যৰ বাবে মানুহৰ সামাজিক জীৱন ভিন্ন হয়।

(ঙ) আমি সামাজিক জীৱনৰ মেৰুদণ্ড বুলি কাক কওঁ।

উত্তৰঃ সমাজত বাস কৰা লোকৰ এজনৰ প্ৰতি আনজনৰ সহযোগিতাৰ মনোভাৱেই সামাজিক জীৱনৰ মেৰুদণ্ড বুলি কোৱা হয়।

২। খালী ঠাই পূৰ কৰা।

(ক) ______পৰিৱেশেই সামাজিক জীৱনৰ সূচনা কৰে।

উত্তৰঃ সামাজিক পৰিৱেশেই সামাজিক জীৱনৰ সূচনা কৰে।

(খ) আমাৰ সমাজ খনৰ নাম হল ________।

উত্তৰঃ আমাৰ সমাজ খনৰ নাম হল মানৱ সমাজ ।

(গ) মানুহ ________ প্রাণী।

উত্তৰঃ মানুহ সামাজিক প্রাণী।

(ঘ) সামাজিক জীৱন যাপন কৰিলে আমি ________ কৰিবলৈ শিকো।

উত্তৰঃ সামাজিক জীৱন যাপন কৰিলে আমি সহায়-সহযোগ কৰিবলৈ শিকো।

(ঙ) সামাজিক জীৱনে আমাক ________ আৰু  _______ প্ৰদান কৰে।

উত্তৰঃ সামাজিক জীৱনে আমাক সুৰক্ষা আৰু নিৰাপত্তা প্ৰদান কৰে।

(চ) সমাজৰ প্ৰাথমিক গোট হল _________।

উত্তৰঃ সমাজৰ প্ৰাথমিক গোট হল পৰিয়াল

৩। চমু উত্তৰ লিখা।(২০ টা মান শব্দৰ ভিতৰত)

(ক) অঞ্চলভেদে  সামাজিক জীৱন ভিন্ন কিয় হয় লিখা ।

উত্তৰঃ অঞ্চলভেদে সামাজিক জীৱন ভিন্ন হয়। তাৰ কাৰণ হৈছে- জলবায়ুৰ বিভিন্নতা, বৃত্তিগত বা জীৱন নিৰ্বাহৰ উপায়ৰ ভিন্নতা, ধৰ্ম তথা মতাদৰ্শৰ পাৰ্থক্য আৰু পৰিৱেশৰ ভিন্নতা আদি।

(খ) সমাজত বসবাস কৰি আমি কি কি কথা আয়ত্ত কৰিবলৈ সক্ষম হৈছো লিখা।

উত্তৰঃ ইজনে সিজনক শ্ৰদ্ধা কৰিবলৈ, বিপদত সহায় কৰিবলৈ, আনৰ অনুভূতিক বুজিবলৈ, সামাজিক সমস্যাৰবোৰ সমূহীয়াভাৱে সমাধান কৰিবলৈ আমাক সমাজখনে শিকায়। কিছুমান নিয়ম-নীতিৰে চলাৰ শিক্ষা আমাক সমজখনেই দিয়ে।

(গ) মানুহক কিয় সামাজিক প্ৰাণী বুলি কোৱা হয় লিখা।

উত্তৰঃ মানুহে সমাজ পাতি বসবাস কৰি ভাল পায় বাবে মানুহক সামাজিক প্ৰাণী বুলি কোৱা হয়। অৱশ্যে মানুহৰ সামাজিক জীৱন মানুহভেদে, ঠাইভেদে বেলেগ বেলেগ হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top