Assam Jatiya Bidyalay Class 5 Social Science Chapter 7 ষোড়শ মহাজনপদ

Assam Jatiya Bidyalay Class 5 Social Science Chapter 7 ষোড়শ মহাজনপদ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 7 ষোড়শ মহাজনপদ Class 5 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Social Science Chapter 7 ষোড়শ মহাজনপদ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Social Science Chapter 7 ষোড়শ মহাজনপদ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ষোড়শ মহাজনপদ

Chapter – 7

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। একোটিকৈ বাক্যত উত্তৰ লিখা।

(ক) মহাভাৰতত উল্লেখ থকা বংশ দুটা কি কি ?

উত্তৰঃ মহাভাৰতত যদু আৰু কুৰু বংশৰ উল্লেখ আছে।

(খ) ভাৰতৰ কোনখিনি ঠাই কৃষিৰ বাবে উপযোগী আছিল ?

উত্তৰঃ গংগা-যমুনা উপত্যকাৰ সাৰুৱা অঞ্চলটো কৃষিৰ বাবে উপযুক্ত ঠাই আছিল।

(গ) ৰাষ্ট্ৰৰ ধাৰণা কেনেকৈ হৈছিল ?

উত্তৰঃ ৰজাৰ শাসন আৰম্ভ হোৱাৰ লগে লগে ৰাষ্ট্ৰৰ ধাৰণাও আৰম্ভ হৈছিল।

(ঘ) প্ৰসেনজিতৰ ভনীয়েকক কোনে বিয়া কৰাইছিল ? 

উত্তৰঃ প্ৰসেনজিতৰ ভনীয়েকক মগধৰ ৰজা বিম্বিসাৰে বিয়া কৰাইছিল।

(ঙ) ১৬ খন মহাজনপদৰ ভিতৰত স্থায়ীভাৱে থাকি যোৱা শক্তিশালী মহাজনপদ খনৰ নাম কি আছিল ?

উত্তৰঃ ১৬ খন মহাজনপদৰ ভিতৰত স্থায়ীভাৱে থাকি যোৱা শক্তিশালী মহাজনপদ খনৰ নাম  আছিল মগধ।

(চ) বাসবদত্তা কোন আছিল ?

উত্তৰঃ বাসবদত্তা আছিল অৱন্তীৰ ৰজা চণ্ডপ্ৰদ্যুৎ মহাসেনাৰ জীয়াৰী।

২। খালি ঠাই পূৰ কৰা।

(ক) গণৰাজ্যবিলাকৰ ভিতৰত ________ আছিল মুক্ত গণৰাজ্য।

উত্তৰঃ গণৰাজ্যবিলাকৰ ভিতৰত বৃজি আছিল মুক্ত গণৰাজ্য।

(খ) কোশল ৰাজ্যত _________ ফৈদৰ লোকসকলে বাস কৰিছিল।

উত্তৰঃ কোশল ৰাজ্যত মল্ল ফৈদৰ লোকসকলে বাস কৰিছিল।

(গ) কাশী ৰাজ্যৰ ৰাজধানী আছিল _________।

উত্তৰঃ কাশী ৰাজ্যৰ ৰাজধানী আছিল বাৰাণসী

(ঘ) বৎস ৰাজ্যৰ বিখ্যাত ৰজা আছিল ________।

উত্তৰঃ বৎস ৰাজ্যৰ বিখ্যাত ৰজা আছিল উদয়ন

(ঙ) ________ ৰ শাসন কালতেই গ্ৰীক আলেকজেণ্ডাৰে ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল।

উত্তৰঃ মহাপদ্মনন্দ ৰ শাসন কালতেই গ্ৰীক আলেকজেণ্ডাৰে ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল।

৩। চমু উত্তৰ লিখা।

(ক) জনপদ কাক বোলে ?

উত্তৰঃ কৃষি আৰু পশুপালনৰ সুবিধা থকা বাবে গংগা-যমুনা উপত্যকাৰ সাৰুৱা অঞ্চলত আৰ্যসকলে স্থায়ী বসতি স্থাপন কৰিলে । এনে ঠাইবোৰকে জনপদ বোলা হয়।

(খ) ষোড়শ মহাজনপদৰ সময়ত ভাৰতীয় সমাজলৈ পৰিবৰ্তন অনা প্ৰধান কাৰণসমূহ কি কি ?

উত্তৰঃ ষোড়শ জনপদৰ সময়ত বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ প্ৰভাৱত সমাজৰ জাতিভেদৰ কঠোৰতা শিথিল হৈছিল। ব্ৰাহ্মণ শ্ৰেণীৰ আধিপত্য কমি আহিছিল। নাৰীৰ স্থান নিম্নগামী হৈছিল। যৌতুক প্ৰথা , বাল্য বিবাহ , সতী যোৱা প্ৰথাৰ প্ৰচলন হৈছিল। নতুনকৈ উদ্ভৱ হোৱা চাহিদা পূৰাবলৈ কাৰীকৰ আৰু বৃত্তিধাৰী শ্ৰেণীৰ সৃষ্টি হল। নানা ধৰণৰ শিক্ষা প্ৰদানৰ বাবে শিক্ষানুষ্ঠান গঢ়ি উঠিল। এনেবোৰ কাৰকে ভাৰতীয় সমাজলৈ অনেক পৰিবৰ্তন আনিছিল।

(গ) প্রসেনজিতে কি কি উপায়েৰে ৰাজ্যৰ সীমা বহলাইছিল ।

উত্তৰঃ প্রসেনজিতে কাৰোবাৰ লগত মিত্ৰতাৰে আৰু আন কাৰোবাৰ লগত যুদ্ধ -বিগ্ৰহৰ দ্বাৰা ৰাজ্যৰ সীমা বহলাইছিল।

(ঘ) ‘বালি’ আৰু ‘ভাগ’ কি আছিল ?

উত্তৰঃ ষোড়শ মহাজনপদৰ সময়ত কৃষিকাৰ্য কৰা মাটিৰ ওপৰত দিব লগা কৰক ‘বালি’ আৰু উৎপন্ন শস্যৰ ওপৰত লগোৱা কৰক ‘ভাগ’ বোলা হয়।

৪। উত্তৰ লিখা।

(ক) ১৬ খন মহাজন পদ কি কি আছিল ?

উত্তৰঃ ১৬ খন মহাজন পদ আছিল – অঙ্গ, মগধ, বৃজি বা বজি, কাশী, কোশল, মল্ল, ছেদি, বৎস, কুৰু, পাঞ্চাল, মৎস, শূৰাসন, অস্মক, অৱন্তী, গান্ধাৰ আৰু কম্বোজ।

(খ) মগধ ৰাজ্যৰ উহ্বান সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ মগধ অন্যান্য ৰাজ্যতকৈ শক্তিশালী আছিল। মগধৰ ৰাজধানী পাটলিপুত্ৰ আছিল অতি সুৰক্ষিত। মগধ ৰাজ্যৰ অন্তৰ্ভুক্ত অঞ্চলত লোৰ খনি থকা বাবে উন্নত অস্ত্ৰ-শস্ত্ৰ আৰু অন্যান্য সঁজুলি তৈয়াৰ কৰি লব পাৰিছিল। সুবিধা জনক ভৌগোলিক অৱস্থানৰ কাৰণে বিদেশী বাণিজ্যৰ উন্নতি হৈছিল আৰু দেশখন সমৃদ্ধিশালী হৈছিল। মগধত স্থায়ী প্ৰশাসন আৰু সৈন্য বাহিনী আছিল। বৌদ্ধ আৰু জৈন ধৰ্মৰ মূল কৰ্মক্ষেত্ৰ আছিল মগধ। দুয়োটা ধৰ্মই সামাজিক আৰু শৈক্ষিক ক্ষেত্ৰত ভালেমান পৰিবৰ্তন আনিছিল।

(গ) ষোড়শ মহাজনপধমূহ অৰ্থনৈতিক অৱস্থা কেনে আছিল বৰ্ণনা কৰা।

উত্তৰঃ কৃষি কাৰ্যৰ পৰা কৰ, নতুনকৈ দখল কৰা অঞ্চল বিলাকৰ পৰা আদায় কৰা কৰ, বেহা-বেপাৰৰ পৰা সংগ্ৰহ কৰা কৰৰ অৰ্থই সেইসময়ৰ মহাজন পদক সমূহক অৰ্থনৈতিকভাৱে শক্তিশালী কৰি তুলিছিল। বেপাৰ -বাণিজ্যৰত ধাতুৰ প্ৰচলন আছিল।

(ঘ) ষোড়শ মহাজনপদৰ সময়ত সমাজলৈ পৰিবৰ্তন অহাৰ কাৰণসমূহ লিখা।

উত্তৰঃ বুদ্ধদেৱৰ বৌদ্ধ ধৰ্ম আৰু মহাবীৰৰ জৈন ধৰ্মই সেই সময়ৰ সমাজ ব্যৱস্থালৈ পৰিবৰ্তন আনিছিল । শেষৰফালে সিন্ধু ধৰ্মৰ দেখা দিয়া জাতিভেদৰ কঠোৰতা আৰু ব্ৰাহ্মণ সকলৰ প্ৰাধান্য ষোড়শ মহাজনপদৰ সময়ত যথেষ্ট হ্ৰাস পাইছিল। সেই সময়ত নাৰীৰ স্থান কিছু নিম্নগামী হৈছিল।

1 thought on “Assam Jatiya Bidyalay Class 5 Social Science Chapter 7 ষোড়শ মহাজনপদ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top