Assam Jatiya Bidyalay Class 5 Social Science Chapter 4 পৃথিৱীৰ এটি প্ৰাচীন সভ্যতা- সিন্ধু সভ্যতা

Assam Jatiya Bidyalay Class 5 Social Science Chapter 4 পৃথিৱীৰ এটি প্ৰাচীন সভ্যতা- সিন্ধু সভ্যতা, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 4 পৃথিৱীৰ এটি প্ৰাচীন সভ্যতা- সিন্ধু সভ্যতা Class 5 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Social Science Chapter 4 পৃথিৱীৰ এটি প্ৰাচীন সভ্যতা- সিন্ধু সভ্যতা Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Social Science Chapter 4 পৃথিৱীৰ এটি প্ৰাচীন সভ্যতা- সিন্ধু সভ্যতা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

পৃথিৱীৰ এটি প্ৰাচীন সভ্যতা- সিন্ধু সভ্যতা

Chapter – 4

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। একোটিকৈ বাক্যত উত্তৰ দিয়া।

(ক) মহেঞ্জদাৰোত আৱিষ্কৃত হোৱা ভগ্নাৱশেষ বিলাকৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য নিদর্শনটি কি ?

উত্তৰঃ মহেঞ্জদাৰোত আৱিষ্কৃত হোৱা ভগ্নাৱশেষ বিলাকৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য নিৰ্দশনটি হৈছে ৰাজহুৱা স্নানাগাৰ বা গা ধোৱা ঘৰটো।

(খ) সিন্ধু উপত্যকাৰ আবিষ্কাৰ হোৱা ঘৰবোৰৰ প্ৰধান ভাগ কেইটা কি কি ?

উত্তৰঃ সিন্ধু উপত্যকাৰ আবিষ্কাৰ হোৱা ঘৰবোৰৰ প্ৰধান ভাগকেইটা হৈছে মানুহ থকা ঘৰ, ৰাজহুৱা স্নানাগাৰ বা গা ধোৱা ঘৰ আৰু ডাঙৰ অষ্টালিকা।

(গ) হৰপ্পাত আবিষ্কাৰ হোৱা ঘৰবিলাকৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ ঘৰ আছিল ?

উত্তৰঃ হৰপ্পাত আবিষ্কাৰ হোৱা ঘৰবিলাকৰ ভিতৰত আটাইতকৈ ডাঙৰ ঘৰটো হৈছে এটা শস্যৰ ভঁৰাল।

(ঘ) ‘কুজ থকা বলধৰ চিহ্ন’ সিন্ধু সভ্যতাৰ আবিষ্কাৰ হোৱা কি বস্তুত বেচেকৈ দেখিবলৈ পোৱা যায় ?

উত্তৰঃ মাটিৰ তলত পোৱা অনেক মোহৰত ‘কুঁজ থকা বলধৰ চিহ্ন ‘ পোৱা গৈছে।

২। খালি ঠাই পূৰ কৰা :

(ক) ________ নদীৰ পাৰত সিন্ধু সভ্যতা উদ্ভৱ হৈছিল।

উত্তৰঃ সিন্ধু নদীৰ পাৰত সিন্ধু সভ্যতা উদ্ভৱ হৈছিল।

(খ) ইৰাকৰ পুৰণি নামটো _________।

উত্তৰঃ ইৰাকৰ পুৰণি নামটো মেচ’পটেমিয়া

(গ) সিন্ধু সভ্যতাৰ ‘ৰাজহুৱা স্নানাগাৰ’টো _________ নগৰত আবিষ্কাৰ হৈছিল।

উত্তৰঃ সিন্ধু সভ্যতাৰ ‘ৰাজহুৱা স্নানাগাৰ’টো মহেঞ্জদাৰো নগৰত আবিষ্কাৰ হৈছিল।

৩। শুদ্ধ নে অশুদ্ধ লিখা।

(ক) সিন্ধু উপত্যকাবাসীয়ে লোৰ ব্যৱহাৰ জানিছিল।

উত্তৰঃ অশুদ্ধ।

(খ) হৰপ্পা আৰু মহেঞ্জদাৰো বৰ্তমান বাংলা দেশৰ অন্তৰ্গত।

উত্তৰঃ অশুদ্ধ।

(গ) মায়া আৰু ইনকা সভ্যতা নদীৰ পাৰত গড় লৈ উঠা নাই।

উত্তৰঃ শুদ্ধ।

(ঘ) সিন্ধু সভ্যতাৰ মৃতদেহ দাহ কৰা হৈছিল।

উত্তৰঃ শুদ্ধ।

(ঙ) সিন্ধু সভ্যতাৰ যুদ্ধৰ সা-সঁজুলিবোৰ বগীতামেৰে নিৰ্মিত আছিল।

উত্তৰঃ শুদ্ধ।

৪। চমুটোকা লিখা।

(ক) সিন্ধু উপত্যকাৰ মানুহৰ জীৱন নিৰ্বাহৰ উপায়।

উত্তৰঃ পশুপালন আৰু কৃষিৰ উপৰিও সিন্ধু উপত্যকাৰ মানুহে কাঠমিস্ত্ৰী, ৰাজমিস্ত্ৰী, কাৰিকৰ আদি বৃত্তি জীৱন নিৰ্বাহৰ উপায় হিচাপে গ্ৰহণ কৰিছিল। ব্যৱসায়ী আৰু বনুৱা হিচাপেও অনেক লোকে জীৱন নিৰ্বাহ কৰিছিল।

(খ) সিন্ধু উপত্যকাৰ মানুহৰ বেপাৰ বাণিজ্য।

উত্তৰঃ সিন্ধু উপত্যকাৰ মানুহে বিভিন্ন ঠাইৰ লগত বেপাৰ বাণিজ্য কৰিছিল। মহেঞ্জদাৰোত এটা বিখ্যাত বন্দৰ আছিল আৰু সেই বন্দৰেদি মিছৰ, বেবিলন আদিৰ লগত বেহা-বেপাৰ কৰিছিল।

(গ) সিন্ধু উপত্যকাৰ নগৰসমূহ গঠন প্ৰৱলী।

উত্তৰঃ সিন্ধু উপত্যকাৰ নগৰ বোৰত ডাঙৰ ডাঙৰ আলিবাট আছিল। সেই আলিবাট বোৰ সৰু আলিৰে যুক্ত আছিল। ডাঙৰ আলিবাটৰ কাষত অষ্ট্ৰালিকাবোৰ সজা হৈছিল আৰু সৰু আলিবাটৰ কাষত শাৰী শাৰীকৈ  আছিল মানুহ থকা ঘৰ। প্ৰত্যেক সৰু আলিৰ কাষতে একোটাকৈ ৰাজহুৱা কোৱা । লগতে ৰাজহুৱা স্নানাগাৰো আছিল।

(ঘ) সিন্ধু উপত্যকাৰ সভ্যতাৰ ধাতুৰ ব্যৱহাৰ।

উত্তৰঃ সিন্ধু উপত্যকাৰ ধাতুৰ ব্যৱহাৰ আছিল। কুঠাৰ, যাঠি, দা আৰু ঢাল বগীতামেৰে নিৰ্মিত কিছুমান দস্তা, তাম, সিহ আদি ধাতুৰ আছিল। কাঁহৰো প্ৰচলন আছিল। কিন্তু লো-ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা নাযায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top