Assam Jatiya Bidyalay Class 5 Social Science Chapter 18 নগৰৰ ধাৰণা

Assam Jatiya Bidyalay Class 5 Social Science Chapter 18 নগৰৰ ধাৰণা, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 18 নগৰৰ ধাৰণা Class 5 Social Science Question Answer can be of great value to excel in the examination.

Assam Jatiya Bidyalay Class 5 Social Science Chapter 18 নগৰৰ ধাৰণা Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Social Science Chapter 18 নগৰৰ ধাৰণা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

নগৰৰ ধাৰণা

Chapter – 18

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। একোটিকৈ সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া।

(ক) ভাৰতবৰ্ষত কি কাৰণে গাঁৱত বাস কৰা মানুহৰ সংখ্যা বেছি ?

উত্তৰঃ ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ হোৱা বাবেই গাঁৱত  বাস কৰা লোকৰ সংখ্যা বেছি।

(খ) বৰ্তমান সময়ত নগৰ-চহৰবোৰ ক্ৰমে ডাঙৰ হ’বলৈ ধৰাৰ মূল কাৰণটি কি ?

উত্তৰঃ সাধাৰণতে নগৰ-চহৰত যাতায়াত, যোগাযোগ, শিক্ষা-দীক্ষা, চিকিৎসা আদিৰ উন্নত সুবিধাৰ উপৰিও ব্যৱসায় -বাণিজ্য,চাকৰি আদিৰ বাবে অধিকসংক লোক নগৰমুখী হোৱাত নগৰবোৰ ডাঙৰ হব ধৰিছে।

(গ) পাহাৰীয়া অঞ্চলৰ অতি গুৰুত্বপূৰ্ণ অসুবিধা উল্লেখ কৰা।

উত্তৰঃ পাহাৰীয়া ৰাজ্যকেইখনত এটা গুৰুত্বপূৰ্ণ অসুবিধা হৈছে সেইবোৰ ৰাজ্যত যাতায়াত-যোগাযোগ আদিৰ উন্নত সুবিধা নাই।

২। খালী ঠাই পূৰ কৰা।

(ক) ক’হিমা ভাৰতৰ _________ৰাজ্যৰ ৰাজধানী।

উত্তৰঃ ক’হিমা ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ ৰাজধানী।

(খ) উত্তৰ-পূৱ ভাৰতৰ ৰাজ্যৰ সংখ্যা _________খন।

উত্তৰঃ উত্তৰ-পূৱ ভাৰতৰ ৰাজ্যৰ সংখ্যা ৮ খন।

(গ) ________ ভাৰতৰ উত্তৰ-পূৱৰ দুৱাৰমুখ।

উত্তৰঃ গুৱাহাটী ভাৰতৰ উত্তৰ-পূৱৰ দুৱাৰমুখ।

(ঘ) অৰুণাচলৰ টাৱাং এখন ________ নগৰী

উত্তৰঃ অৰুণাচলৰ টাৱাং এখন পৰ্যটন নগৰী।

৩। উত্তৰ লিখা- 

(ক) পৃথিৱীৰ চাৰিখন উন্নত দেশ।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্ৰেট ব্ৰিটেইন, জাপান আৰু কানাডা এই চাৰিখন দেশ পৃথিৱীৰ উন্নত দেশসমূহৰ ভিতৰত পৰে।

(খ) ভাৰতৰ বিশেষ মৰ্যাদাসম্পন্ন নগৰ চাৰিখন।

উত্তৰঃ ভাৰতৰ বিশেষ মৰ্যাদাসম্পন্ন নগৰ চাৰিখন হ’ল – কলকাতা, মুম্বাই, দিল্লী আৰু চেন্নাই।

(গ) উত্তৰ-পূৱ ভাৰতৰ চাৰিখন বাণিজ্যিক নগৰী।

উত্তৰঃ গুৱাহাটী, তেজপুৰ, তিনিচুকীয়া আৰু ধুবুৰী উত্তৰ-পূৱ ভাৰতৰ চাৰিখন বাণিজ্যিক নগৰী।

(ঘ) ভাৰতৰ চাৰিখন বিখ্যাত পৰ্যটন নগৰী।

উত্তৰঃ ভাৰতৰ চাৰিখন বিখ্যাত পৰ্যটন নগৰী হ’ল – দাৰ্জিলিং, আগ্ৰা, চিমলা আৰু নাইনিতাল।

৪। নগৰ-চহৰ গড়ি উঠিবলৈ প্ৰয়োজনীয় যিকোনো দুটা কাৰণ লিখা।

উত্তৰঃ নগৰ-চহৰ গড়ি উঠিবলৈ প্ৰয়োজনীয় যিকোনো দুটা কাৰণ হল- 

(১) সৰহ পৰিমাণে খনিজ পদাৰ্থ পোৱা গ’লে তাক কেন্দ্ৰ কৰি নানা অৰ্থনৈতিক কাৰ্য-কলাপ আৰম্ভ হয় আৰু নগৰ গড়ি উঠে।

(২) বহুতো লোকক আকৰ্ষণ কৰিব পৰা তীৰ্থস্থানবোৰক কেন্দ্ৰ কৰিও নগৰৰ সৃষ্টি হয়।

৫। সাগৰ আৰু নদীৰ পাৰত বন্দৰক কেন্দ্ৰ কৰি গঢ়ি উঠা চাৰিখন নগৰৰ নাম লিখা।

উত্তৰঃ সাগৰ আৰু নদীৰ পাৰত বন্দৰক কেন্দ্ৰ কৰি গঢ়ি উঠা চাৰিখন নগৰৰ নাম হল – মুম্বাই, কলকাতা, চেন্নাই আৰু বিশাখাপটনম।

৬। অসমৰ কেইখনমান বাণিজ্যিক চহৰৰ নাম লিখা।

উত্তৰঃ অসমৰ কেইখনমান বাণিজ্যিক চহৰ হ’ল- গুৱাহাটী, তেজপুৰ, মৰিয়নি, ধুবুৰী, ডিব্ৰুগড় আৰু তিনিচুকীয়া।

৭। ভাৰতৰ যিকোনো চাৰিখন তীৰ্থস্থানৰ নাম লিখা।

উত্তৰঃ বেনাৰস, পুৰি, বৃন্দাবন, তিৰূপট্টি এই চাৰিখন ভাৰতৰ বিখ্যাত তীৰ্থস্থান।

৮। প্ৰাকৃতিক দৃশ্য, বতৰ, জলবায়ু আৰু প্ৰাচীন ঐতিহ্যক কেন্দ্ৰ কৰি গঢ়ি উঠা যিকোনো নগৰ চাৰিখনৰ নাম লিখা।

উত্তৰঃ প্ৰাকৃতিক দৃশ্য, বতৰ, জলবায়ু আৰু প্ৰাচীন ঐতিহ্যক কেন্দ্ৰ কৰি গঢ়ি উঠা চাৰিখন নগৰ হৈছে – দাৰ্জিলিং, শ্ৰীনগৰ, চিমলা আৰু আগ্ৰা।

৯। গুৱাহাটী মহানগৰীত দেখা দিয়া তিনিটা গুৰুত্বপূৰ্ণ সমস্যাৰ বিষয়ে লিখা।

উত্তৰঃ গুৱাহাটীত এজাক বৰষুণ দিলেই সৃষ্টি হোৱা কৃত্ৰিম বানপানীৰ সমস্যাই মহানগৰবাসীক জুৰুলা কৰিছে। দ্বিতীয়তে, যান-জঁটৰ সমস্যাই গুৱাহাটীত গুৰুত্বৰ ৰূপ ধাৰণ কৰিছে। তৃতীয়তে, বিশুদ্ধ খোৱা পানীৰ অভাৱে এক বৃহৎসংখ‍্যক গুৱাহাটীবাসীৰ বাবে এক ডাঙৰ সমস্যা, যাৰ বাবে লেতেৰা পানী খাই অনেক লোক বেমাৰত পৰিছে।

১০। পৃথিৱীখনক কিয় ‘বিশ্বগাঁও’ হিচাপে আখ্যা দিয়া হৈছে ?

উত্তৰঃ যাতায়াত, যোগাযোগ ব্যৱস্থা উন্নতি আৰু বিজ্ঞানৰ নতুন নতুন আবিষ্কাৰৰ ফলত দূৰণিবাটিয়া ঠাইৰ সৈতে মুহূৰ্তৰ ভিতৰতে যোগাযোগ কৰিব পৰা হৈছে। পৃথিৱীৰ বিভিন্ন দেশৰ মাজত সহযোগিতা আৰু নিৰ্ভৰশীলতা বৃদ্ধি হৈছে। গাঁও এখনৰ মানুহৰ মাজত যেনেকৈ সহজতে যোগাযোগ কৰিব পাৰি, পৃথিৱীৰ সকলো ঠাইৰ মাজতো তেনেকৈ যোগাযোগ কৰা সম্ভৱ হৈ উঠিছে। সেইবাবে পৃথিৱীখনক এতিয়া ‘বিশ্বগাঁও’ বুলি ক’বলৈ লৈছে।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

1 thought on “Assam Jatiya Bidyalay Class 5 Social Science Chapter 18 নগৰৰ ধাৰণা”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top