Assam Jatiya Bidyalay Class 5 Social Science Chapter 13 আকাশৰ কথা

Assam Jatiya Bidyalay Class 5 Social Science Chapter 13 আকাশৰ কথা, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 13 আকাশৰ কথা Class 5 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Social Science Chapter 13 আকাশৰ কথা Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Social Science Chapter 13 আকাশৰ কথা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

আকাশৰ কথা

Chapter – 13

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। উত্তৰ লিখা।

(ক) তৰা কাক বোলে ?

উত্তৰঃ নিশাৰ আকাশত যিবোৰ তিৰবিৰাই ঢিমিক-ঢামক কৰি থাকে, সেইবোৰক আমি তৰা বোলো।

(খ) পৃথিৱীৰ এটা উপগ্ৰহৰ নাম লিখা।

উত্তৰঃ চন্দ্ৰ পৃথিৱীৰ এটা উপগ্ৰহ।

(গ) বিশ্বব্ৰহ্মাণ্ড কাক বোলে ?

উত্তৰঃ অগণন জ্যোতিষ্ক তথা তৰাবোৰ থকা অন্তহীন মহাবিশ্বখনক বিশ্বব্ৰহ্মাণ্ড বোলে।

(ঘ) জ্যোতিষ্ক কাক বোলে ?

উত্তৰঃ ৰাতিৰ আকাশত দেখা পোৱা উজ্জ্বল বস্তুকে জ্যোতিষ্ক বোলে।

(ঙ) হাতী পটি কাক বোলে ?

উত্তৰঃ ৰাতিৰ ফৰকাল আকাশত কেতিয়াবা উত্তৰৰ পৰা দক্ষিণলৈ এটা অতি পাতল, শুকুলা ডাৱৰৰ বাট দেখা পোৱা যায়। তাকে হাতী পটি বোলা হয়।

(চ) কক্ষপথ বুলিলে কি বুজা ?

উত্তৰঃ সৌৰজগতৰ গ্ৰহবোৰে সূৰ্যক কেন্দ্ৰ কৰি একোটা উপবৃত্তাকাৰ পথেৰে ঘূৰি থাকে। এই কাল্পনিক পথবোৰক গ্ৰহবোৰৰ কক্ষপথ বোলে।

(ছ) মহাকর্ষণ শক্তি কাক বোলে ?

উত্তৰঃ বিশ্বব্ৰহ্মাণ্ডত থকা যিকোনো দুটা বস্তুৱে ইটোৱে সিটোক আকৰ্ষণ কৰি থাকে। ইয়াকে মহাকর্ষণ বোলে।

(জ) চন্দ্ৰমাহ কাক বোলে ?

উত্তৰঃ চন্দ্ৰই পৃথিৱীক এবাৰ প্ৰদক্ষিণ কৰিবলৈ যি সময় লাগে, তাকে চন্দ্ৰমাহ বুলি কোৱা হয়।

২। খালী ঠাই পুৰ কৰা।

(ক) ৰামধেনুৰ সাতটা ৰঙৰ সমষ্টিক ________ বোলে।

উত্তৰঃ ৰামধেনুৰ সাতটা ৰঙৰ সমষ্টিক ‘বেঘনী সেহাসুৰ‘ বোলে।

(খ) সূৰ্যৰ নিচেই ওচৰত থকা গ্ৰহটো _________।

উত্তৰঃ সূৰ্যৰ নিচেই ওচৰত থকা গ্ৰহটো বুধ

(গ) পোহৰৰ গতিবেগ প্ৰতি চেকেণ্ডত __________ কিলোমিটাৰ।

উত্তৰঃ পোহৰৰ গতিবেগ প্ৰতি চেকেণ্ডত ৩,৬০,০০০ কিলোমিটাৰ।

(ঘ) ৭৫ বছৰৰ মূৰে মূৰে দেখা দিয়া ধুমকেতুটোৰ নাম _________ ধুমকেতু।

উত্তৰঃ ৭৫ বছৰৰ মূৰে মূৰে দেখা দিয়া ধুমকেতুটোৰ নাম হেলিৰ ধুমকেতু।

(ঙ) চন্দ্ৰই পৃথিৱীক এবাৰ প্ৰদক্ষিণ কৰিবলৈ ________ দিন সময় লয়।

উত্তৰঃ চন্দ্ৰই পৃথিৱীক এবাৰ প্ৰদক্ষিণ কৰিবলৈ ২৯x১/২ দিন সময় লয়।

(চ) সৌৰজগতৰ নক্ষত্ৰটো হ’ল _________।

উত্তৰঃ সৌৰজগতৰ নক্ষত্ৰটো হ’ল সূৰ্য

৩। শুদ্ধ নে অশুদ্ধ লিখা।

(ক) গ্ৰহৰ নিজা পোহৰ নাই।

উত্তৰঃ শুদ্ধ।

(খ) আমি বাস কৰা পৃথিৱীখন এটা গ্ৰহ নহয়।

উত্তৰঃ অশুদ্ধ।

(গ) সৌৰ জগতৰ নক্ষত্ৰটোৰ নাম সূৰ্য।

উত্তৰঃ শুদ্ধ।

(ঘ) মঙ্গল আৰু বৃহস্পতি গ্ৰহৰ মাজত থকা গ্ৰহৰ থুপটোক গ্ৰহপুঞ্জ বোলে।

উত্তৰঃ শুদ্ধ।

(ঙ) ধুমকেতু এবিধ নক্ষত্ৰ।

উত্তৰঃ অশুদ্ধ।

(চ) চন্দ্ৰ গ্ৰহনত চন্দ্ৰটো পৃথিৱী আৰু সূৰ্যৰ মাজত পৰে।

উত্তৰঃ অশুদ্ধ।

(ছ) চন্দ্ৰৰ কলংক হল চন্দ্ৰত থকা কিছুমান গহ্বৰ।

উত্তৰঃ শুদ্ধ।

৪। কাৰণ দৰ্শোৱা।

(ক) আকাশ খন কিয় নীলা দেখি ?

উত্তৰঃ সূৰ্যৰ ৰশ্মিত থকা নীলা, ঘন নীলা আদি ৰং বায়ুমণ্ডলত ওপঙি ফুৰা কণিকাবোৰত বিচ্ছুৰিত হোৱা বাবে আকাশখন নীলা দেখি।

(খ) এটা পূৰ্ণিমাৰ পৰা আনটো পূৰ্ণিমালৈ কিয় ২৯_১/২ দিন সময় লাগে।

উত্তৰঃ চন্দ্ৰই পৃথিৱীক এবাৰ প্ৰদক্ষিণ কৰিবলৈ ২৯_২৯_১/২ দিন সময় লাগে।

৫। চমু উত্তৰ লিখা।

(ক) উল্কা আৰু পপীয়া তৰা কি ?

উত্তৰঃ ৰাতিৰ আকাশত কেতিয়াবা তৰাৰ দৰে উজ্জ্বল পোহৰৰ সমষ্টি নামি অহা দেখা যায়। সেইবোৰৰ কিছুমান উল্কা আৰু কিছুমান পপীয়া তৰা। আকাশত থকা ধুমকেতুৰ অৱশেষ, ভগা-ছিগা টুকুৰা আদি পৃথিৱীৰ আকৰ্ষণৰ বাবে তললৈ নামি আহে। সেইবোৰ বৰ বেগেৰে নামি আহে কাৰণে বায়ুমণ্ডলত থকা কণিকাবোৰত খুন্দা খাই উত্তপ্ত হৈ উঠে আৰু জ্বলি উঠে। এইবোৰক পপীয়া তৰা বোলে । গ্ৰহনুপুঞ্জৰ পৰা উফৰি অহা কিছুমান গোটা পদাৰ্থ পপীয়া তৰাবোৰৰ দৰে বায়ুমণ্ডলত ঘঁহনী খাই জ্বলি উঠে। ইয়াক উল্কা বুলি কোৱা হয় পপীয়া তৰা আকাশতে জ্বলি শেষ হৈ যায়। উল্কা অৱশেষত পৃথিৱীত পৰেহি।

(খ) ধুমকেতুৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ধুমকেতু মহাকাশৰ এবিধ উল্লেখযোগ্য জ্যোতিষ্ক। ধুমকেতুবোৰ পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে। পৃথিৱীখনৰ চাৰিওফালে এপাক মাৰোঁতে ধুমকেতুবোৰৰ বহুবছৰ সময় লাগে। ধুমকেতুবোৰৰ নিজৰ কক্ষপথ থাকে।

(গ) সৌৰজগতৰ বুলিলে কি বুজা ? ইয়াত থকা গ্ৰহ বোৰৰ নাম লিখা।

উত্তৰঃ সূৰ্যৰ চাৰিওফালে ঘূৰি থকা আঠটা গ্ৰহ , সিহঁতৰ উপগ্ৰহ, ধুমকেতু, উল্কা আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ গ্ৰহনুপুঞ্জক লৈ যিখন জগত আছে , তাকে সৌৰজগত বোলে। গ্ৰহজগতত থকা গ্ৰহবোৰ হৈছে – বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাচ, নেপচুন।

(ঘ) আভ্যন্তৰীণ আৰু বাহ্যিক গ্ৰহবোৰৰ নাম লিখা।

উত্তৰঃ আভ্যন্তৰীণ অৰ্থাৎ সূৰ্যৰ ওপৰত থকা গ্ৰহ- বুধ, শুক্ৰ, পৃথিৱী আৰু মংগল। বাহ্যিক অৰ্থাৎ সূৰ্যৰ পৰা দূৰত থকা গ্ৰহ – বৃহস্পতি, শনি, ইয়াৰেনাচ আৰু নেপচুন।

(ঙ) গ্ৰহনুপুঞ্জ কাক বোলে ?

উত্তৰঃ মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত ৪৩০ টা মান সৰু সৰু গ্ৰহৰ এটা থূপ আছে। সেই থুপটোকে গ্ৰহনুপুঞ্জ বোলে। সৌৰজগতৰ অন্যান্য গ্ৰহ-উপগ্ৰহৰ দৰে গ্ৰহনুপুঞ্জয়ো সূৰ্যক প্ৰদক্ষিণ কৰি আছে।

৬। পাৰ্থক্য লিখা।

(ক) গ্ৰহ আৰু নক্ষত্ৰ।

উত্তৰঃ গ্ৰহ আৰু নক্ষত্ৰৰ মাজত পাৰ্থক্য এই যে, গ্ৰহবোৰে স্থিৰ আৰু নক্ষত্ৰবোৰ তিৰবিৰাই থাকে। গ্ৰহবোৰৰ নিজা পোহৰ নাই । সূৰ্যৰ পোহৰহে গ্ৰহবোৰে প্ৰতিফলিত কৰে। আনহাতে নক্ষত্ৰৰ নিজা পোহৰ আছে। যেনে সূৰ্য।

(খ) আভ্যন্তৰীণ গ্ৰহ আৰু বাহ্যিক গ্ৰহ।

উত্তৰঃ আভ্যন্তৰীণ গ্ৰহবোৰ সূৰ্যৰ ওচৰত থাকে। বাহ্যিক গ্ৰহবোৰৰ অৱস্থান সূৰ্যৰ পৰা বহুত দূৰত। আভ্যন্তৰীণ গ্ৰহবোৰ শিল-মাটিৰ দৰে টান পদাৰ্থৰে গঠিত আৰু বাহ্যিক গ্ৰহবোৰ গেছ আৰু বৰফেৰে গঠিত। আভ্যন্তৰীণ গ্ৰহবোৰ পৃথিৱীৰ পৰা খালি চকুৰে দেখা যায়। বাহ্যিক গ্ৰহবোৰ দেখা পাবলৈ দুৰ্বিনৰ সহায় লব লাগে।

(গ) সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ কাক বোলে চিত্ৰ আঁকি বুজাই লিখা।

উত্তৰঃ পৃথিৱী আৰু চন্দ্ৰই অবিৰাম নিজৰ নিজৰ কক্ষপথত ঘূৰি থাকে। এইদৰে ঘূৰি থাকোতে কেতিয়াবা পৃথিৱীখন চন্দ্ৰ আৰু সূৰ্যৰ মাজত একেডাল সৰলৰেখাত পৰে। তেতিয়া পৃথিৱীৰ ছা গৈ চন্দ্ৰৰ ওপৰত পৰি চন্দ্ৰটো কিছু সময়ৰ বাবে নেদেখা হয়। তাকে চন্দ্ৰ গ্ৰহণ বোলা হয়। কেতিয়াবা আকৌ একেডাল সৰলৰেখাত চন্দ্ৰটো পৃথিৱী আৰু সূৰ্যৰ মাজত পৰে । তেতিয়া চন্দ্ৰটোৱে অলপ সময়ৰ বাবে সূৰ্যটো ঢাকি ধৰা যেন লাগে। সূৰ্যটো দিনৰ ভাগতে আংশিকভাৱে বা সম্পূৰ্ণৰূপে নেদেখা হয়। তাকে সূৰ্যগ্ৰহন বোলে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top