Assam Jatiya Bidyalay Class 5 Social Science Chapter 12 অসমৰ স্থানীয় প্ৰশাসন

Assam Jatiya Bidyalay Class 5 Social Science Chapter 12 অসমৰ স্থানীয় প্ৰশাসন, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 12 অসমৰ স্থানীয় প্ৰশাসন Class 5 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Social Science Chapter 12 অসমৰ স্থানীয় প্ৰশাসন Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Social Science Chapter 12 অসমৰ স্থানীয় প্ৰশাসন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

অসমৰ স্থানীয় প্ৰশাসন

Chapter – 12

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। একোটিকৈ বাক্যত উত্তৰ লিখা।

(ক) কোন চনত কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ জিলা স্বায়ত্ব শাসিত পৰিষদ গঠন হৈছে ?

উত্তৰঃ ১৯৫৫ চনত কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ জিলা স্বায়ত্ব শাসিত পৰিষদ গঠন হৈছে।

(খ) জিলা পৰিষদ এখনৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান ?

উত্তৰঃ জিলা পৰিষদ এখনৰ সৰ্বোচ্চ সদস্য সংখ্যা ২৪ গৰাকী।

(গ) জিলা পৰিষদৰ প্ৰশাসনৰ মুখ্য ব্যক্ত জনক কি বোলে ?

উত্তৰঃ জিলা পৰিষদৰ প্ৰশাসনৰ মুখ্য ব্যক্ত জনক মুখ্য কাৰ্যবাহী সদস্য বোলা হয়।

(ঘ) বিটিএডিছ সম্পূৰ্ণ ৰূপত কি বুলি জনা যায় ?

উত্তৰঃ বিটিএডিছ সম্পূৰ্ণ ৰূপটো হৈছে Bodoland Territorial Areas District.

(ঙ) জিলা পৰিষদৰ প্ৰধান নীতি-নিয়মবোৰ কোনে নিৰ্ধাৰণ কৰে ?

উত্তৰঃ জিলা পৰিষদৰ প্ৰধান নীতি-নিয়মবোৰ মুখ্য কাৰ্যবাহী সদস্যই নিৰ্ধাৰণ কৰে।

২। খালী ঠাই পূৰ কৰা।

(ক) জিলা পৰিষদৰ সদস্যসকলৰ কাৰ্যকাল ________বছৰ।

উত্তৰঃ জিলা পৰিষদৰ সদস্যসকলৰ কাৰ্যকাল বছৰ।

(খ) সচিবালয়ৰ মূৰব্বীগৰাকীক _________ বোলা হয়।

উত্তৰঃ সচিবালয়ৰ মূৰব্বীগৰাকীক প্ৰধান সচিব বোলা হয়।

(গ) __________ এ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গৰাকীক নিযুক্তি দিয়ে।

উত্তৰঃ ৰাজ্যপাল এ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গৰাকীক নিযুক্তি দিয়ে।

৩। উত্তৰ লিখা।

(ক) পাৰ্বত্য জিলাৰ অন্তৰ্গত জিলা দুখনৰ নাম কি কি ?

উত্তৰঃ পাৰ্বত্য জিলাৰ অন্তৰ্গত জিলা দুখনৰ নাম হৈছে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা।

(খ) চাৰিখন স্বায়ত্ত শাসিত পৰিষদৰ নাম লিখা।

উত্তৰঃ চাৰিখন স্বায়ত্ত শাসিত পৰিষদৰ নাম হৈছে বড়ো, ৰাভা, তিৱা, আৰু মিচিং স্বায়ত্ব শাসিত পৰিষদ।

(গ) বিটিএডি পৰিষদৰ অন্তৰ্গত জিলা কেইখনৰ নাম লিখা।

উত্তৰঃ বিটিএডি পৰিষদৰ অন্তৰ্গত জিলা কেইখনৰ নাম হৈছে কোকৰাঝাৰ, চিৰাং, বাগচা আৰু ওদালগুৰি।

(ঘ) জিলা পৰিষদৰ গঠন প্ৰণালী বৰ্ণনা কৰা।

উত্তৰঃ জিলা পৰিষদৰ সৰ্ব্বোচ্চ সদস্য সংখ্যা ২৪ গৰাকী। স্বায়ত্ত শাসিত জিলা পৰিষদৰ তিনি-চতুৰ্থশ সদস্যক জিলাখনৰ ভোটাৰসকলে নিৰ্বাচনৰ দ্বাৰা নিৰ্বাচিত কৰে। বাকী সদস্য সকলক ৰাজ্যপালে মনোনীত কৰে। এই সদস্য সকল বিভিন্ন ৰাজনৈতিক দলৰ পৰা নিৰ্বাচিত হয়। জিলা পৰিষদৰ সদস্য সকলে তেওঁলোকৰ মাজৰ পৰা এজনক সভাপতি নিৰ্বাচন কৰে।

নিৰ্বাচনত যিটো ৰাজনৈতিক দলৰ সদস্য সংখ্যা অধিক নিৰ্বাচিত হয় আহে সেই দলৰ নেতা গৰাকীক ৰাজ্যপালে মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি দিয়ে। মুখ্য কাৰ্যবাহী বিষয়াৰ অনুমোদন মৰ্মে অন্যান্য কাৰ্যবাহী সদস্যসকলক  ৰাজ্যপালে নিযুক্তি দিয়ে।

(ঙ) প্ৰাকৃতিক অৱস্থান আৰু অবস্থিতিৰ ফালৰপৰা অসমৰ জিলাবোৰক কেই ভাগত ভগাব পাৰি ? ভাগ কেইটা কি কি ?

উত্তৰঃ প্ৰাকৃতিক অৱস্থান আৰু অবস্থিতিৰ ফালৰপৰা অসমৰ জিলাবোৰক তিনি ভাগত ভগাব পাৰি। ভাগকেইটা হল –

(ক) ব্ৰহ্মপুত্ৰ উপত্যকাৰ জিলাসমূহ।

(খ) বৰাক উপত্যকাৰ জিলাসমূহ।আৰু 

(গ) পাৰ্বত্য জিলাসমূহ।

(চ) মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ কাৰ্যৱলী বৰ্ণনা কৰা।

উত্তৰঃ মুখ্য কাৰ্যবাহী সদস্য গৰাকীৰ স্বায়ত্ত শাসিত জিলা পৰিষদৰ প্ৰশাসনৰ মূল ব্যক্তি। প্ৰয়োজন সাপেক্ষে স্বায়ত্তশাসিত জিলা পৰিষদৰ যিকোনো বিষয়ত মুখ্য কাৰ্যবাহী সদস্যই হস্তক্ষেপ কৰিব পাৰে। তেও পৰিষদৰ প্ৰধান নীতি-নিয়মবোৰ নিৰ্ধাৰণ কৰে। জিলা পৰিষদৰ প্ৰশাসনে তেওঁৰ নিৰ্দেশ মতে কম কৰে।

(ছ) জিলা পৰিষদৰ ক্ষমতা আৰু কাৰ্যৱলী চমুকৈ লিখা।

উত্তৰঃ স্বায়ত্ব শাসিত জিলা পৰিষদে বিধয়িনী, কাৰ্যপালিকা আৰু ন্যায়িক ক্ষমতা ভোগ কৰে। পৰিষদৰ বিত্তীয় ক্ষমতাও আছে। জনজাতিসমূহৰ সমস্যা দূৰ কৰি তেওঁলোকৰ স্বাৰ্থ সুৰক্ষিত কৰাটো পৰিষদৰ কাৰ্যৰ ভিতৰত পৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top