Assam Jatiya Bidyalay Class 5 Social Science Chapter 11 স্থানীয় প্ৰশাসনৰ এটি অনুষ্ঠান – গাওঁ পঞ্চায়ত

Assam Jatiya Bidyalay Class 5 Social Science Chapter 11 স্থানীয় প্ৰশাসনৰ এটি অনুষ্ঠান – গাওঁ পঞ্চায়ত, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 11 স্থানীয় প্ৰশাসনৰ এটি অনুষ্ঠান – গাওঁ পঞ্চায়ত Class 5 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Social Science Chapter 11 স্থানীয় প্ৰশাসনৰ এটি অনুষ্ঠান – গাওঁ পঞ্চায়ত Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Social Science Chapter 11 স্থানীয় প্ৰশাসনৰ এটি অনুষ্ঠান – গাওঁ পঞ্চায়ত provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

স্থানীয় প্ৰশাসনৰ এটি অনুষ্ঠান – গাওঁ পঞ্চায়ত

Chapter – 11

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। একোটিকৈ বাক্যত উত্তৰ লিখা।

(ক) পৌৰ নিৰ্গম কাক বোলে ?

উত্তৰঃ বেছি ডাঙৰ নগৰ অৰ্থাৎ মহানগৰত থকা স্থানীয় প্ৰশাসনৰ অনুষ্ঠানক পৌৰ নিগম বোলে।

(খ) কিমান জনসংখ্যাৰ এলেকাত একোখন গাঁও পঞ্চায়ত গঠন কৰা হয় ?

উত্তৰঃ সাধাৰণতে ৬ হাজাৰতকৈ অধিক আৰু ১০ হাজাৰতকৈ কম জনসংখ্যা থকা একেটা এলেকাত একোখন গাঁও পঞ্চায়ত গঠন কৰা হয়।

(গ) গাঁও পঞ্চায়তৰ এলেকাসমূহক কেইটা ভাগত ভাগ কৰা হৈছে ?

উত্তৰঃ গাঁও পঞ্চায়ত এলেকা সমূহক দহটা ভাগত ভগোৱা হয়।

(ঘ) গাঁও পঞ্চায়তৰ সভাপতি জনক কোনে নিৰ্বাচন কৰে ?

উত্তৰঃ গাঁৱৰ ৰাইজে ভোট দি গাঁও পঞ্চায়তৰ সভাপতিজনক নিৰ্বাচিত কৰে ।

(ঙ) গাঁও পঞ্চায়ত এখনৰ কাৰ্যকাল কিমান বছৰ ?

উত্তৰঃ গাঁও পঞ্চায়ত এখনৰ কাৰ্যকাল পাঁচ বছৰ।

(চ) গাঁও- পঞ্চায়তৰ উপ-সভাপতি আৰু সদস্য সকলে কাৰ ওপৰত ইস্তফা দিব লাগে ?

উত্তৰঃ গাঁও- পঞ্চায়তৰ উপ-সভাপতি আৰু সদস্য সকলে সভাপতিৰ ওপৰত ইস্তফা দিব লাগে।

(ছ) গাঁও পঞ্চায়ত সভাপতি জনে কাৰ ওপৰত ইস্তফা দিব লাগে ?

উত্তৰঃ গাঁও পঞ্চায়তৰ সভাপতিজনে জিলা উপযুক্তৰ ওচৰত ইস্তফা দিব লাগে।

(জ) গাঁও পঞ্চায়তৰ সচিবজনক কোনে নিযুক্তি প্ৰদান কৰে ?

উত্তৰঃ গাঁও পঞ্চায়তৰ সচিবজনক চৰকাৰে নিযুক্তি প্ৰদান কৰে।

(ঝ) গাঁও পঞ্চায়তৰ দুখন সভাৰ মাজৰ ব্যৱধান কিমান হয় ?

উত্তৰঃ গাঁও পঞ্চায়তৰ দুখন সভাৰ মাজৰ ব্যৱধান হয় দুমাহ।

(ঞ) গাঁও সভাৰ বৈঠক বছৰত কিমানবাৰ বহে ?

উত্তৰঃ গাঁও সভাৰ বৈঠক অতি কমেও বছৰত চাৰিবাৰ বহে।

২। খালী ঠাই পূৰ কৰা।

(ক) নগৰ অঞ্চলৰ বাবে থকা স্থানীয় প্রকাশনৰ অনুষ্ঠানটোৰ নাম ________।

উত্তৰঃ নগৰ অঞ্চলৰ বাবে থকা স্থানীয় প্রকাশনৰ অনুষ্ঠানটোৰ নাম পৌৰসভা

(খ) গাঁও পঞ্চায়ত এখনৰ কাৰ্যকাল _________ বছৰ।

উত্তৰঃ গাঁও পঞ্চায়ত এখনৰ কাৰ্যকাল পাঁচ বছৰ।

(গ) গাঁও পঞ্চায়তৰ সভাপতিয়ে _________ ক ইস্তফা পত্ৰ দিব লাগে।

উত্তৰঃ গাঁও পঞ্চায়তৰ সভাপতিয়ে উপযুক্তক ইস্তফা পত্ৰ দিব লাগে।

(ঘ) গাঁও পঞ্চায়তৰ সচিবজনক ________ নিযুক্তি দিয়ে।

উত্তৰঃ গাঁও পঞ্চায়তৰ সচিবজনক চৰকাৰে নিযুক্তি দিয়ে।

(ঙ) গাঁও পঞ্চায়তৰ কাৰ্যালয় পৰিচালনাৰ দায়িত্ব ___________ৰ।

উত্তৰঃ গাঁও পঞ্চায়তৰ কাৰ্যালয় পৰিচালনাৰ দায়িত্ব সচিবৰ

(চ) গাঁও পঞ্চায়তৰ সভাসমূহ _________ মাহৰ মূৰে মূৰে অনুষ্ঠিত হয়।

উত্তৰঃ গাঁও পঞ্চায়তৰ সভাসমূহ মাহৰ মূৰে মূৰে অনুষ্ঠিত হয়।

(ছ) গাঁও সভাই যিকোনো সিদ্ধান্ত ল’বৰ বাবে পঞ্চায়ত এলেকাৰ মুঠ সদস্যৰ শতকৰা _________ ভাগ সদস্য উপস্থিত থাকিব লাগে।

উত্তৰঃ গাঁও সভাই যিকোনো সিদ্ধান্ত ল’বৰ বাবে পঞ্চায়ত এলেকাৰ মুঠ সদস্যৰ শতকৰা দহভাগ সদস্য উপস্থিত থাকিব লাগে।

৩। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা।

‘ক’ অংশ‘খ’ অংশ
গাঁও সভা গাঁও পঞ্চায়তৰ ৰাজহুৱা সভা।
পৌৰ নিগমডাঙৰ নগৰ অৰ্থাৎ মহানগৰৰ স্থানীয় প্ৰশাসনৰ অনুষ্ঠান।
থূলনগৰ অঞ্চলৰ স্থানীয় প্ৰশাসনৰ অনুষ্ঠান।
পৌৰসভাগাঁও সভাৰ বৈঠকত সিদ্ধান্ত গ্ৰহণৰ বাবে প্ৰয়োজনীয় সদস্য সংখ্যা।

উত্তৰঃ 

‘ক’ অংশ‘খ’ অংশ
গাঁও সভা গাঁও পঞ্চায়তৰ ৰাজহুৱা সভা।
পৌৰ নিগমডাঙৰ নগৰ অৰ্থাৎ মহানগৰৰ স্থানীয় প্ৰশাসনৰ অনুষ্ঠান।
থূলগাঁও সভাৰ বৈঠকত সিদ্ধান্ত গ্ৰহণৰ বাবে প্ৰয়োজনীয় সদস্য সংখ্যা।
পৌৰসভানগৰ অঞ্চলৰ স্থানীয় প্ৰশাসনৰ অনুষ্ঠান। 

৪। তলৰ বাক্যবোৰ শুদ্ধ নে অশুদ্ধ লিখা।

(ক) গাঁও এখনত উদ্ভৱ হোৱা সমস্যাসমূহ তাত বাস কৰা লোকসকলে নিজ নিজ মত আৰু বুদ্ধিৰে সমাধান কৰে।

উত্তৰঃ অশুদ্ধ।

(খ) গাঁও পঞ্চায়তৰ সভাপতিজনক আন দহ জন সদস্যই নিৰ্বাচন কৰে।

উত্তৰঃ অশুদ্ধ।

(গ) গাঁও পঞ্চায়তৰ উপ-সভাপতিজনে সভাপতিৰ ওপৰত ইস্তফা পত্ৰ দিব লাগে।

উত্তৰঃ শুদ্ধ।

(ঘ) গুৱাহাটী মহানগৰীত থকা স্থানীয় প্ৰশাসনৰ অনুষ্ঠানটোৰ নাম পৌৰ নিগম।

উত্তৰঃ শুদ্ধ।

(ঙ) গাঁও পঞ্চায়ত খনৰ এলেকা সমূহ আঠটা ভাগত ভগোৱা হয়।

উত্তৰঃ অশুদ্ধ।

৫। চমু উত্তৰ লিখা (২০ টা শব্দৰ ভিতৰত)

(ক) গাঁও পঞ্চায়ত কি ?

উত্তৰঃ গাঁও অঞ্চলত কিছুমান সমস্যা স্থানীয় ভাৱে সমাধান কৰাৰ বাবে আৰু অঞ্চলটোৰ উন্নয়ন হকে কাম কৰিবলৈ গাঁও অঞ্চলত স্থানীয় প্ৰশাসনৰ যি অনুষ্ঠান গড়ি তোলা হয়, তাকে গাঁও পঞ্চায়ত বোলে।

(খ) গাঁও পঞ্চায়তৰ কাৰ্যকালৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ গাঁও পঞ্চায়তৰ কাৰ্যকাল পাঁচবছৰ। গাঁও পঞ্চায়ত এখনৰ প্ৰথমখন সভা বহাৰ পৰা পাঁচবছৰলৈ পঞ্চায়তখন বাহাল থাকে।

(গ) গাঁও সভা কাক বোলে ?

উত্তৰঃ একোটা গাঁও পঞ্চায়ত এলেকাৰ ভিতৰৰ ভোটাধিকাৰ থকা লোকসকল মিলি গাঁও সভা গঠন কৰা হয়।

(ঘ) থূল কি ?

উত্তৰঃ গাঁও সভাৰ বৈঠকত যিমানসংখ্যক সদস্য উপস্থিত থাকিলে কোনো বিষয় সিদ্ধান্ত লব পাৰে, তাকে থূল বোলা হয়।

(ঙ) গাঁও পঞ্চায়তৰ উপ-সভাপতিজন কেনেদৰে নিৰ্বাচিত হয়।

উত্তৰঃ পঞ্চায়তখন গঠন হোৱাৰ পাছত প্ৰথমখন বৈঠকতে উপ-সভাপতি এগৰাকী বাচনি কৰা হয়, যাতে তেওঁ সভাপতিৰ অনুপস্থিতত কাম চলাব পাৰে।

(চ) গাঁও পঞ্চায়ত এখন কেনেকৈ গঠন কৰা হয় চমুকৈ আলোচনা কৰা।

উত্তৰঃ এগৰাকী সভাপতি বা সভানেত্ৰী আৰু দহজন সদস্যক লৈ গাঁও পঞ্চায়ত এখন গঠন কৰা হয়। গাঁও পঞ্চায়ত এলেকাৰ অৰ্হতাসম্পুন্ন লোকে মুঠ এঘাৰটা পদৰ বাবে প্ৰাৰ্থীত্ব আগবঢ়াই। গাঁও পঞ্চায়তৰ অন্তৰ্গত এলেকাৰ ৰাইজে ভোট দি এগৰাকী সভাপতি বা সভানেত্ৰী আৰু দহ গৰাকী সদস্য নিৰ্বাচন কৰে। নিৰ্বাচিত সদস্য সকলৰ মাজৰ এগৰাকী সদস্য উপ-সভাপতি হিচাপে বাচনি কৰা হয়।

(ছ) গাঁও পঞ্চায়ত এখনৰ যি কোনো পাঁচটা কাৰ্য উল্লেখ কৰা।

উত্তৰঃ গাঁও পঞ্চায়ত এখনে সম্পাদনা কৰা ৫ টা কাৰ্য তলত উল্লেখ কৰা হল-

(১) গাঁও পঞ্চায়ত খনৰ বাৰ্ষিক বাজেট অৰ্থাৎ আয়-ব্যয়ৰ হিচাপে প্ৰস্তুত কৰা।

(২) গাঁও পঞ্চায়ত খনৰ অন্তৰ্ভুক্ত গাওঁবোৰৰ তথ্য সংৰক্ষণ কৰা।

(৩) কৃষি ব্যৱস্থাৰ উন্নতি কৰা।

(৪) গাঁও অঞ্চলৰ গৃহ নিৰ্মাণ।

(৫) প্ৰাকৃতিক দুৰ্যোগৰ বাবে সাহায্য পুঁজি গঠন কৰা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top