Assam Jatiya Bidyalay Class 5 Social Science Chapter 10 আমাৰ বজাৰ ব্যৱস্থা

Assam Jatiya Bidyalay Class 5 Social Science Chapter 10 আমাৰ বজাৰ ব্যৱস্থা, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 10 আমাৰ বজাৰ ব্যৱস্থা Class 5 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Social Science Chapter 10 আমাৰ বজাৰ ব্যৱস্থা Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Social Science Chapter 10 আমাৰ বজাৰ ব্যৱস্থা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

আমাৰ বজাৰ ব্যৱস্থা

Chapter – 10

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। একোটিকৈ বাক্যত উত্তৰ লিখা।

(ক) বজাৰ কাক বোলে ?

উত্তৰঃ যি ঠাইৰ বস্তু কিনা -বেচা কৰা হয়, সাধাৰণতে সেই ঠাইক বজাৰ বোলে।

(খ) বজাৰক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি ?

উত্তৰঃ বজাৰক প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰি ভাগ দুটা হৈছে স্থায়ী বজাৰ আৰু অস্থায়ী বজাৰ।

(গ) স্থায়ী বজাৰ কাক বোলে ?

উত্তৰঃ যি বজাৰ সদায় চলি থাকে, তেনে বজাৰক স্থায়ী বজাৰ বোলে।

(ঘ) অস্থায়ী বজাৰ কাক বোলে ?

উত্তৰঃ সপ্তাহৰ বা মাহৰ কোনো এটা নিৰ্দিষ্ট দিনত অস্থায়ীভাৱে বহা বজাৰক অস্থায়ী বজাৰ বোলে।

(ঙ) সপ্তাহিক বজাৰ কাক বোলে ?

উত্তৰঃ সপ্তাহৰ এটা নিৰ্দিষ্ট দিনত বহা বজাৰক সপ্তাহিক বজাৰ বোলে।

(চ) দৈনিক হাট কাক বোলে ?

উত্তৰঃ প্ৰতিদিনে বহা হাটক দৈনিক হাট বোলে।

(ছ) দৈনিক হাট বোৰক কিয় অস্থায়ী বজাৰ বুলি কোৱা হয় ?

উত্তৰঃ দৈনিক হাট বোৰ সদায় বহিলেও দোকান পোহৰবিলাকৰ স্থায়ী ঘৰ নাথাকে।

(জ) অসমৰ চাহ বাগানবোৰত পষেকীয়া হাট বহাৰ কাৰণ কি ?

উত্তৰঃ চাহ বাগানবোৰত শ্ৰমিকসকলক পোন্ধৰ দিনৰ মূৰে মূৰে মজুৰি দিয়া হয় কাৰণে মজুৰি দিয়া দিনটোত পষেকীয়া হাট বোলে।

(ঝ) পাইকাৰী গ্ৰাহক বুলিলে কি বুজা ?

উত্তৰঃ যি সকল গ্ৰাহকে একেলগে অধিক পৰিমাণৰ বস্তুত ক্ৰয় কৰে, তেনে গ্ৰহকক পাইকাৰী গ্ৰাহক বুলি কোৱা হয়।

(ঞ) হাটখোৱা বা মহলদাৰ কাক বোলে ?

উত্তৰঃ প্ৰতি বছৰে হাতবোৰ এক নিদিষ্ট হাৰত ডাকত দিয়া হয় আৰু হাট ডাকি লোৱা ব্যক্তি বা গোটক হাটখোৱা বা মহলদাৰ বোলে।

২। খালি ঠাই পূৰ কৰা।

(ক) স্থায়ী বজাৰত থকা দোকান-পোহৰবিলাক _________ থাকে।

উত্তৰঃ স্থায়ী বজাৰত থকা দোকান-পোহৰবিলাক স্থায়ীভাৱে থাকে।

(খ) খুচুৰা বজাৰত বিক্ৰী কৰা বস্তুবোৰ _________ বজাৰৰ পৰা কিনি অনা হয়।

উত্তৰঃ খুচুৰা বজাৰত বিক্ৰী কৰা বস্তুবোৰ পাইকাৰী বজাৰৰ পৰা কিনি অনা হয়।

(গ) অস্থায়ী বজাৰক _________ বুলিও কোৱা হয়।

উত্তৰঃ অস্থায়ী বজাৰক হাট বুলিও কোৱা হয়।

(ঘ) বেপাৰী শ্ৰেণীটোৱে ________ ৰ ওপৰত বৃত্তি কৰিয়েই জীৱিকা অর্জন কৰে।

উত্তৰঃ বেপাৰী শ্ৰেণীটোৱে বজাৰৰ ওপৰত বৃত্তি কৰিয়েই জীৱিকা অর্জন কৰে।

(ঙ) হাট বজাৰবোৰ সুচাৰুৰূপে চলোৱাৰ দায়িত্ব ________ আৰু __________ ৰ ওপৰত থাকে।

উত্তৰঃ হাট বজাৰবোৰ সুচাৰুৰূপে চলোৱাৰ দায়িত্ব স্থানীয় আৰু হাটখোৱাৰ ওপৰত থাকে।

৩। ‘ক’ অংশ লগত ‘খ’ অংশ মিলোৱা

‘ক’ অংশ‘খ’ অংশ
(ক) সপ্তাহত এদিন বহা হাটপষেকীয়া হাট
(খ) সপ্তাহত দুদিন বহা হাটদৈনিক হাট
(গ) পোন্ধৰ দিনৰ মূৰত বহা হাটখেতিয়ক
(ঘ) প্ৰতিদিন বহা হাটঅৰ্ধ-সপ্তাহিক হাট
(ঙ) নিজৰ উৎপাদিত বস্তুৰ ৰাহি অংশ বজাৰত বিক্ৰী কৰি জীৱিকা অর্জন কৰা লোকবেপাৰী
(চ) বিভিন্ন ঠাইত হাত বজাৰ কৰি জীৱিকা অর্জন কৰা লোকসাপ্তাহিক হাট

উত্তৰঃ 

‘ক’ অংশ‘খ’ অংশ
(ক) সপ্তাহত এদিন বহা হাটসাপ্তাহিক হাট
(খ) সপ্তাহত দুদিন বহা হাটঅৰ্ধ-সপ্তাহিক হাট
(গ) পোন্ধৰ দিনৰ মূৰত বহা হাটপষেকীয়া হাট
(ঘ) প্ৰতিদিন বহা হাটদৈনিক হাট
(ঙ) নিজৰ উৎপাদিত বস্তুৰ ৰাহি অংশ বজাৰত বিক্ৰী কৰি জীৱিকা অর্জন কৰা লোকখেতিয়ক
(চ) বিভিন্ন ঠাইত হাত বজাৰ কৰি জীৱিকা অর্জন কৰা লোকবেপাৰী

৪। তলৰ বাক্যবোৰ শুদ্ধ নে অশুদ্ধ লিখা।

(ক) পাইকাৰী বজাৰত বস্তুবোৰ একেলগে অধিক পৰিমাণত বেচা-কিনা কৰা হয়।

উত্তৰঃ শুদ্ধ।

(খ) গাঁও অঞ্চলত স্থায়ী বজাৰ নাথাকে।

উত্তৰঃ অশুদ্ধ।

(গ) বেপাৰী সকল এখন বজাৰত ক্রেতা হ’লে আনখন  বজাৰত বিক্রেতা হয়।

উত্তৰঃ শুদ্ধ।

(ঘ) হাটখোৱাই বজাৰখন ডাকি লোৱাৰ বিনিময়ত একো নাপায় ?

উত্তৰঃ অশুদ্ধ।

(ঘ) বজাৰ ব্যবস্থাই সমাজৰ এক শ্ৰেণীৰ লোকক নিয়োগৰ সুমিধা দিছে।

উত্তৰঃ শুদ্ধ।

৫। চমু উত্তৰ দিয়া।

(ক) হাটখোৱাই বজাৰত বিক্ৰেতাসকলৰপৰা কিয় কৰ বা মাচুল সংগ্ৰহ কৰে ?

উত্তৰঃ বজাৰখন ডাকি লওঁতে খৰচ হোৱা ধন আদায় কৰিবলৈ আৰু তাৰ ওপৰত অলপ লাভ কৰাৰ বাবে হাটখোৱাই বিক্রেতাসকলৰ পৰা কৰ বা মাচুল সংগ্ৰহ কৰে।

(খ) পাইকাৰী বজাৰতকৈ খুচুৰা বজাৰত বস্তুৰ দাম কিয় অধিক ?

উত্তৰঃ পাইকাৰী দামৰ লগত বস্তুবোৰ খুচুৰা বজাৰলৈ নিয়াৰ খৰচৰ উপৰিও বেপাৰীৰ মজুৰি যোগ দিব লগীয়া হোৱাত পাইকাৰী দামতকৈ খুচুৰা বজাৰত দাম অলপ বেছি হয়।

(গ) হাট-বজাৰবোৰক খবৰৰ কেন্দ্ৰ বুলি কিয় কব পাৰি ?

উত্তৰঃ হাট-বজাৰলৈ দূৰ-দূৰণিৰ পৰা মানুহ আহে।এখন গাঁৱৰ খবৰ হাট-বজাৰতে আনখন গাঁৱৰ মানুহে জানিব পাৰে। কাৰোৱালৈ কিবা খবৰ দিবলগীয়া থাকিলে হাট-বজাৰতে দিব পাৰি। তাৰ উপৰিও দেশ-বিদেশৰ খবৰ হাট বজাৰত আলোচনা হয়। সেয়ে হাট-বজাৰবোৰ বাতৰিৰ কেন্দ্ৰ।

(ঘ) বেপাৰীসকলক সমাজৰ এক গুৰুত্বপূৰ্ণ অংগ বুলি কিয় কোৱা হয় ?

উত্তৰঃ বেপাৰী সকলৰ জৰিয়তে আমি নিজৰ ঠাইত নোপোৱা বস্তুবোৰ সহজতে আৰু নিজে থকা ঠাইৰ ওপৰতে পাব পাৰো কাৰণে তেওঁলোকক সমাজৰ গুৰুত্বপূৰ্ণ অংগ বুলি কোৱা হয়।

(ঙ) হাট-বজাৰবোৰে আমাক কেনেদৰে উপকৃত কৰে ?

উত্তৰঃ হাট-বজাৰবোৰত বহুত বিক্রেতা থাকে। সেই কাৰণে ক্রেতাসকলে দৰ দাম কৰি নিজৰ পছন্দৰ বস্তু কম দামত কিনিব পাৰে। খেতিয়ক সকলে নিজৰ ৰাহি হোৱা বস্তুবোৰ বজাৰত বিক্ৰী কৰিব পাৰে। লগতে বেপাৰী সকলে বজাৰত কিনা-বেচা কৰিয়েই নিজৰ পৰিয়ালৰ ভৰন-পোষণ দিয়ে। হাট-বজাৰত এখন গাঁৱৰ মানুহে আনখন গাঁৱৰ খবৰ-বাতৰি লব পাৰে, কাৰোবাক কিবা বাতৰি দিব লগা থাকিলে হাট বজাৰত লগ পোৱা মানুহৰ যোগেদি জনাব পাৰে। দেশ বিদেশৰ বা বাতৰি হাট বজাৰত হোৱা আলোচনাৰ পৰা জানিব পাৰি। বজাৰৰ বস্তু অনা নিয়া কৰা, জোখ-মাখ লোৱা আদি কাম কৰি বহুলোকে জীৱিকা অর্জন কৰে।

(চ) হাট- বজাৰবোৰে সমাজৰ এক শ্ৰেণীৰ মানুহক কেনেদৰে জীৱিকা অর্জনত সহায় কৰে লিখা।

উত্তৰঃ হাট-বজাৰবোৰে বেপাৰীবোৰক জীৱিকা অর্জনৰ সুযোগ দিয়ে। তেওঁলোকে পাইকাৰী বজাৰত অধিক পৰিমাণত বয়-বস্তু কিনে। কিনা দামৰ লগত পৰিবহনৰ খৰচ আৰু নিজৰ পৰিশ্ৰমিক যোগ কৰি খুচুৰা দাম ঠিক কৰে। পাইকাৰী বজাৰৰ পৰা বস্তু কিনি খুচুৰা বজাৰত বিক্ৰী কৰিয়েই বেপাৰী সকলে জীৱন নিৰ্বাহ কৰে। অৱশ্যে পাইকাৰী বজাৰতকৈ খুচুৰা বজাৰত বস্তুৰ দাম স্বাভাবিকভাৱেই অলপ বেছি হয়।

৭। পাৰ্থক্য লিখা।

(ক) স্থায়ী বজাৰ আৰু অস্থায়ী বজাৰ ।

উত্তৰঃ স্থায়ী বজাৰ সদায় বহে আৰু অস্থায়ী বজাৰ সপ্তাহ বা মাহৰ নিৰ্দিষ্ট দিনতহে বহে।

(খ) পাইকাৰী বজাৰ আৰু খুচুৰা বজাৰ ।

উত্তৰঃ যি বজাৰত অধিক পৰিমাণে বস্তু কিনা বেচা কৰা হয়, তাকে পাইকাৰী বজাৰ বোলে । কম পৰিমাণে বস্তু বেচা কিনা কৰা বজাৰৰ নাম খুচুৰা বজাৰ ।

(গ) ক্রেতা আৰু বিক্রেতা।

উত্তৰঃ ক্ৰেতাই বজাৰত বস্তু কিনে। তেওঁলোকক গ্ৰাহক বুলিও কোৱা হয়। আনফালে বিক্রেতাই বস্তু বিক্ৰী কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top