Assam Jatiya Bidyalay Class 5 Assamese Chapter 9 ঈদ-উল-ফিটৰ

Assam Jatiya Bidyalay Class 5 Assamese Chapter 9 ঈদ-উল-ফিটৰ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন পাঠ Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 9 ঈদ-উল-ফিটৰ Class 5 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Assamese Chapter 9 ঈদ-উল-ফিটৰ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Assamese Chapter 9 ঈদ-উল-ফিটৰ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ঈদ-উল-ফিটৰ

Chapter – 9

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক প্ৰশ্নোত্তৰ

* তলৰ শব্দবোৰৰ অৰ্থ লিখা :

ৰহণ, উপবাস, শুচি, সংযমিত, ঈদগাহ, নামাজ, দোঁৱা, মিষ্টান্ন, মৰিষণ, সুস্বাদু, মতলীয়া, আপ্যায়িত, একান্ত, নিমিত্তে।

উত্তৰ :- 

শব্দ          অৰ্থ
ৰহণৰং।
উপবাসকোনো ব্ৰত পালন কৰি লঘোণে থকা।
শুচিপৱিত্ৰ।
সংযমিতসংযম ৰক্ষা কৰি।
ঈদগাহমুছলমানসকলৰ উপাসনা গৃহ।
নামাজইছলাম ধৰ্মৰ প্ৰাৰ্থনা।
দোঁৱাআশীৰ্বাদ।
মিষ্টান্নমিঠা আহাৰ।
মৰিষণ ক্ষমা।
সুস্বাদুসুন্দৰ স্বাদযুক্ত; সোৱাদ লগা।
মতলীয়াৰাগিয়ে ধৰাৰ নিচিনা; বিভোৰ।
আপ্যায়িত আহাৰ আদিৰে সন্তুষ্ট কৰোৱা কাৰ্য।
একান্তএকাগ্ৰ; একমুখী।
নিমিত্তেকাৰণে।

পাঠভিত্তিক ক্ৰিয়া-কলাপৰ প্ৰশ্নোত্তৰ

১। প্ৰথমে কোঁৱা, তাৰ পাছত লিখা :

(ক) ঈদ-উল-ফিটৰ কোনে, কেতিয়া পালন কৰে ?

উত্তৰ :- ইছলাম ধৰ্মীয় লোকসকলে ৰমজান মাহৰ শেষত ঈদ-উল-ফিটৰ উৎসৱ পালন কৰে।

(খ) ফিটৰা মানে কি ?

উত্তৰ :- ইছলাম ধৰ্মীয় শাস্ত্ৰৰ নিয়ম অনুসৰি ঈদ-উল-ফিটৰৰ দিনা প্ৰতিগৰাকী পতি-পত্নীয়ে তেওঁলোকৰ এদিনৰ আহাৰৰ সমান ধন দুখীয়াক দান কৰি আনন্দ উপভোগ কৰিব লাগে। দান দিয়া এই পৰ্বটোক ফিটৰা বোলা হয়।

(গ) ঈদ-উল-ফিটৰ বোলাৰ কাৰণ কি ?

উত্তৰ :- ঈদৰ সময়ত প্ৰতিবছৰে ফিটৰা দিয়া পৰ্বটোৰ পুনৰাগমন হয় বাবে ৰমজান মাহৰ শেষত পালন কৰা ঈদক ঈদ-উল-ফিটৰ বুলি কোৱা হয়।

(ঘ) ঈদ-উল-ফিটৰৰ আৰম্ভণি কেনেকৈ হ’ল ?

উত্তৰ :- ইছলাম ধৰ্মৰ প্ৰৱৰ্ওক হৰজত মহম্মদৰ আবিৰ্ভাৱ ঘটাৰ আগতে আৰৱত ‘নিৰুজ’ নামৰ এটি উৎসৱ‌ পালিত হৈছিল। হৰজত মহম্মদে এই উৎসৱত ধৰ্মীয় ৰহণ সানি ঈদ-উল-ফিটৰ নামেৰে পালন কৰিবলৈ নিৰ্দেশ দিয়ে। পিছত এই উৎসৱটি ভক্তসকলৰ মাজত জনপ্ৰিয় হৈ পৰে।

(ঙ) ঈদ-উল-ফিটৰৰ লগত ৰমজানৰ ৰোজাৰ কি সম্পৰ্ক আছে ?

উত্তৰ :- ঈদ-উল-ফিটৰৰ সৈতে ৰমজানৰ ৰোজাৰ বিশেষ সম্পৰ্ক আছে। ধৰ্মীয় বিশ্বাস মানি মুছলমান লোকসকলে পৱিত্ৰ ৰমজান মাহটোত ৰোজা পালন কৰে। ৰোজা পালন কৰাৰ অৰ্থ হ’ল উপবাস থকা। ৰমজান মাহৰ আটাইকেইটা দিনতে মুছলমান লোকসকলে উপবাসে থাকি শুচি-সংযমিত হৈ চলে।

(চ) ৰোজাৰ তাৎপৰ্য কি ?

উত্তৰ :- ৰোজাৰ দুটা তাৎপৰ্য আছে –

(ক) শৰীৰ ধৰ্ম পালন আৰু

(খ) মনৰ শক্তি বৃদ্ধি কৰা বা সাধন কৰা।

(ছ) ইছলাম ধৰ্মৰ মানুহে পালন কৰিবলগীয়া মূল কৰ্তব্যকেইটা কি কি ?

উত্তৰ :- ইছলাম ধৰ্মৰ ভক্তসকলে পাঁচোটা মূল কৰ্তব্য পালন কৰিব লাগে। এই কৰ্তব্যকেইটা হ’ল – ইমান, নামাজ, ৰোজা, জাকাত আৰু হজ।

(জ) ঈদৰ দিনা ঈদগাহত কিদৰে নামাজ পঢ়া হয় ?

উত্তৰ :- ঈদৰ দিনা মুকলি আকাশৰ তলত ঈদগাহত ঈদৰ নামাজ পঢ়া হয়। সেইদিনা ওচৰ-চুবুৰীয়া, ধনী-দুখীয়া সকলো মানুহ একেলগ হৈ ঈদগাহত দুপৰীয়াৰ আগে আগে নামাজ পঢ়া হয়। এজন ইমান বা ধর্মীয় নেতাই পৰিচালনা কৰা এই নামাজত সকলোৱে কান্ধত কান্ধ মিলাই নামাজ পঢ়ি আল্লাৰ ওচৰত দোৱা ভিক্ষা কৰে।

(ঝ) ঈদৰ দিনা ইছলাম ধৰ্মৰ লোকসকলে দিনটো কিদৰে আৰম্ভ কৰে ?

উত্তৰ :- ইছলাম ধৰ্মৰ লোকসকলে ঈদৰ দিনা পুৱা সোনকালে বিচনা এৰি পৰিস্কাৰ হৈ নতুন কাপোৰ-কানি পিন্ধি গাত সুগন্ধি তেল সানে। তাৰ পিছত মিষ্টান্ন ভোজন কৰে। মিষ্টান্ন ভোজন কৰাৰ পিছত সকলোৱে নামাজলৈ যায়।

(ঞ) জাকাত দিয়া মানে কি ?

উত্তৰ :- ইছলাম ধৰ্মীয় লোকসকলে ৰমজান মাহত নিজৰ সম্পত্তিৰ চল্লিছ ভাগৰ এভাগ দুখীয়া লোকসকলৰ মাজত দান দিবলগীয়া হয়। এই দান ঈদৰ আগদিনা দিব লাগে যাতে ঈদৰ দিনা দুখীয়া লোকসকলে সেই দানেৰে ঈদৰ আনন্দ ল’ব পাৰে। ইছলামধৰ্মী লোকসকলে পৱিত্ৰ কৰ্তব্য জ্ঞান কৰা এই দানকে জাকাত বুলি কোৱা হয়।

(ট) ঈদৰ দিনা মৃত ব্যক্তিৰ সন্মানাৰ্থে কি কৰা হয় ?

উত্তৰ :- ঈদৰ দিনা মৃত ব্যক্তিসকলক পৰম ভক্তিৰে মনত পেলোৱা হয়। সিদিনা পুৱাই ঘৰৰ পুৰুষসকলে মৃত ব্যক্তিসকলৰ কবৰলৈ যায় আৰু সেইবোৰ ভালদৰে পৰিস্কাৰ কৰে। মৃত ব্যক্তিসকলৰ হৈ তেওঁলোকে মৃত ব্যক্তিসকলৰ আত্মাৰ শান্তিৰ বাবে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰে যাতে আল্লাই তেওঁলোকৰ সকলো পাপ মৰিষণ কৰি মুক্তিৰ পথ সুগম কৰে।

(ঠ) ঈদৰ লক্ষ্য কি ?

উত্তৰ :- ঈদৰ ঘাই লক্ষ্য হ’ল সংযম ৰক্ষা কৰা, পৱিত্ৰতা বজাই ৰখা, ভাতৃত্ববোধ তথা মৰম-চেনেহেৰে জীয়াই থকা আৰু আল্লাৰ ওচৰত একান্ত বিশ্বাস স্থাপনৰ বাবে চেষ্টা কৰা।

২। অসমত পালন কৰা ভিন ভিন সম্প্ৰদায়ৰ ধৰ্মীয় উৎসৱসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। ইয়াৰ লগতে উৎসৱসমূহৰ লগত জড়িত সাজ-পোছাক, খাদ্য, গীত-মাত, নীতি-নিয়ম আদি সামৰি চমুটোকা একোটি প্ৰস্তুত কৰা আৰু পাৰিলে উৎসৱ উদযাপনৰ সময়ৰ ছবিও সংগ্ৰহ কৰা।

উত্তৰ :- ছাত্ৰ-ছাত্ৰীসকলে শিক্ষক তথা পৰিয়ালৰ আন সদস্যসকলৰ সহায় লৈ কৰিব।

৩। চমুটোকা লিখা :

হৰজত মহম্মদ, যীশুখৃষ্ট, স্বামী বিবেকানন্দ।

উত্তৰ :- (i)  হৰজত মহম্মদ :- হৰজত মহম্মদ ইছলাম ধৰ্মৰ প্ৰৱৰ্ওক আছিল। তেওঁ ইছলাম ধৰ্ম প্ৰৱৰ্ত্তন কৰি পৃথিৱীৰ মানুহৰ মাজত ভাতৃত্বৰ বান্ধোন সুদৃঢ় কৰে। আৰৱ দেশৰ মক্কা চহৰত চেমিটিক জনগোষ্ঠীৰ কোৰেইছ নামে এটা সম্ভ্ৰান্ত বংশত ৫৭০ খ্ৰী:ৰ ১৯ আগষ্টৰ দিনা হজৰত মহম্মদৰ জন্ম হৈছিল। আৰৱৰ দিনপজ্ঞী অনুসৰি সেই দিনটো আছিল ৰবিউল আওৱাল মাহৰ বাৰ (১২) তাৰিখ। জন্মৰ পূৰ্বেই হজৰতৰ পিতৃৰ মৃত্যু হৈছিল আৰু জন্মৰ ছবছৰ পিছতে মাতৃৰো মৃত্যু হৈছিল। ইয়াৰ ২ বছৰ পিছত ককাকৰো মৃত্যু হোৱাত হজৰতে নিঠৰুৱা হৈ পৰে। অলপ ডাঙৰ হোৱাত তেওঁ দাদাকৰ সৈতে বেহা-বেপাৰ কৰিছিল। পঁচিশ বছৰ বয়সত হজৰত মহম্মদে খাদিজা নামৰ বিধৱা মহিলা এগৰাকীক বিয়া কৰায়। হজৰত মহম্মদে আৰৱ দেশৰ মানুহবোৰে অন্যায় অনীতি, ব্যভিচাৰত লিপ্ত হোৱা দেখিছিল । সাধাৰণ কথাতে বিভিন্ন ফৈদৰ মানুহবোৰৰ মাজত সততে হাই-কাজিয়া, যুজঁ-বাগৰ লাগিছিল। এই বিপথগামী মানুহখিনিক সৎ পথলৈ আনি সত্য, ন্যায় আৰু মানৱতাৰ ভিত্তিত এখন বিশ্বসমাজ গঢ়ি তুলিবৰ উপায় তেওঁ চিন্তা কৰিছিল। তেওঁৰ মন লাহে লাহে ধৰ্মৰ ফালে ঢাল খালে। ‘হোৱা’ নামৰ পৰ্বতৰ গুহাত সোমাই হজৰত মহম্মদে তপস্যাত ব্ৰতী হ’ল। চল্লিছ বছৰ বয়সত তেঁও পৰম সত্যৰ সন্ধান লাভ কৰিছিল আৰু তেওঁলৈ ঐশ্বৰিক বাণী প্ৰেৰিত হৈছিল। তেতিয়াৰ পৰা হজৰত মহম্মদে আল্লাৰ বাণীবাহক আৰু সত্যদ্ৰষ্টা এজন ৰছুল বা পয়গম্বৰ আৰু মহাপুৰুষ হিচাবে স্বীকৃতি লাভ কৰে। তেওঁত অৱতীৰ্ণ হোৱা ঐশ্বৰিক বাণীসমূহ ‘কোৰাণ’ নামৰ ধর্মগ্ৰন্থত সংৰক্ষিত কৰা আছে আৰু হজৰত মহম্মদে প্ৰৱৰ্ত্তন কৰা ধৰ্মই ‘ইছলাম ধৰ্ম’ নামেৰে খ্যাত হ’ল। ‘ইছলাম’ শব্দৰ অৰ্থ শান্তি। সকলোৱে শান্তিৰে বসবাস কৰি জীৱন ধাৰণ কৰাই এই ধৰ্মৰ মূল কথা। সকলো মানুহ এক আল্লাৰ সন্তান। মানুহৰ ক্ষমা, দয়া, সত্য, ন্যায় আদি গুণ থাকিব লাগে। মানুহৰ সৰু বৰ নাই, সকলোকে সমান বুলি ভাবিব লাগে। প্ৰয়োজনীয় ধনৰ বাহিৰে অতিৰিক্তখিনি দুখীয়া-নিচলাক দান কৰিব লাগে। এয়াই হ’ল ইছলাম ধৰ্মৰ মূল কথা।

৬৩২ খ্ৰীষ্টাব্দত ৬৩ বছৰ বয়সত হজৰত মহম্মদে ইহলীলা সম্বৰণ কৰে। তেওঁৰ জন্ম আৰু তিৰোভাৱ তিথি মহাসমাৰোহেৰে পালন কৰা হয়।

(ii) যীশুখৃষ্ট :- যীশুখৃষ্ট খৃষ্টান ধৰ্মৰ প্ৰৱৰ্ত্তক। জেৰুজালেমৰ বেথেলহামত এটি ঘোঁৰাশালত যীশুৰ জন্ম হৈছিল। যীশুৰ মাক আছিল মেৰী আৰু পিতৃ যোচেফ। যীশুৰ জন্মৰ সময়ত ৰোমানসকলে ঐতিহাসিক ৰোমান সাম্ৰাজ্য প্ৰতিষ্ঠা হোৱাৰ দিনাৰ পৰা আৰম্ভ কৰি বছৰৰ হিচাপ কৰিছিল। যীশুৰ জীৱনকালৰ ৫০০ বছৰৰ পাছত খ্ৰীষ্টান গৱেষকসকলে যীশুখৃষ্ট জন্ম হোৱা বুলি ধৰি লোৱা বছৰটোৰপৰা আৰম্ভ কৰি বছৰ হিচাপৰ এটি নতুন উলিযায়। এতিয়া বুৰঞ্জীবিদসকলে জানিব পাৰিছে যে প্ৰকৃততে সেই আনুমানিক বছৰটোৰপৰা কিছু বছৰৰ আগেয়ে অৰ্থাৎ খ্ৰীষ্টপূৰ্ব ৬/৫ মানতেই যীশুখৃষ্টৰ জন্ম হৈছিল। তেওঁৰ জন্মৰ কেইবা শতিকাৰ পাছতহে বৰদিন উৎসৱৰ প্ৰচলন হয়।

৩০ বছৰমান বয়সত যীশুৱে জন নামৰ এজন আত্মীয়ৰ ওচৰত ধৰ্মৰ বিষয়ে দীক্ষা লয়। সমাজৰ পৰা বৰ্হিভূত আৰু নিপীড়িতসকলৰ প্ৰতি তেওঁৰ মৰম আৰু দয়াৰ ভাবে সাধাৰণ মানুহৰ মাজত তেওঁক জনপ্ৰিয় কৰি তোলে। ধৰ্মৰ দীক্ষা লোৱাৰ পিছত কিছুদিন নিৰ্জন ঠাইত কটাই সম্ভৱত ৩০ বছৰমান বয়সৰ পৰাই যীশুৱে নিজৰ মত প্ৰচাৰ কৰিবলৈ ধৰে। যীশুৱে নিজৰ মত অনুসৰি অনুগামীসকলক ঈশ্বৰ আৰু ওচৰ-চুবুৰীয়াক ভাল পাবলৈ শিকাইছিল। বিশেষকৈ আতুৰসকলক। ঈশ্বৰৰ কল্যাণময় সাম্ৰাজ্যৰ সন্ধান কৰিবলৈ হ’লে মানুহক নিজৰ পাপ কৰ্মৰ বাবে অনুশোচনা কৰিবলৈ তেওঁ আহ্বান জনাইছিল। তেওঁ অনুগামীসকলক শিকাইছিল যে ঈশ্বৰেই মানুহৰ প্ৰকৃত পিতৃ। তেৱেই সমগ্র মানৱ জাতিক ৰক্ষণাবেক্ষণ দিয়ে আৰু ক্ষমা দান কৰে। বহুতো ৰূপক কাহিনীৰ মাজেৰে তেওঁ ধৰ্মৰ শিক্ষা দিবলৈ চেষ্টা কৰিছিল।

যীশুক ইহুদীসকলে তেওঁলোকক ৰক্ষা কৰিবলৈ অহা মেছিয়াছ বা ক্ৰাইষ্ট বুলি বিশ্বাস কৰিছিল। কিন্তু ৰোমান শাসকসকলে যীশুৰ জনপ্ৰিয়তাত শংকিত হৈ ক্ৰুছবিদ্ধ কৰি মৃত্যুদণ্ড দিয়ে। যীশুৰ মৃত্যুৰ দিনটোক খ্ৰীষ্টানসকলে ‘গুড ফ্ৰাইডে’ হিচাপে পালন কৰে। ৩০/৩৩ খ্ৰীষ্টাব্দমানত যীশুখৃষ্টৰ মৃত্যু হয় বুলি ঠাৱৰ কৰা হয়।

(iii) স্বামী বিবেকানন্দ :- স্বামী বিবেকানন্দ আছিল ভাৰতীয় ধৰ্ম-দর্শনৰ প্ৰচাৰক। তেখেতৰ প্ৰকৃত নাম নৰেন্দ নাথ দত্ত। ১৮৬৩ চনৰ ১২ জানুৱাৰীত তেওঁৰ জন্ম হয়। ১৮৭৯ চনত নৰেন্দ্ৰ নাথে মেট্ৰোপলিটান স্কুলৰপৰা প্ৰথম বিভাগত এন্টেন্স পৰীক্ষাত উত্তীৰ্ণ হয়। ১৮৮১ চনত তেওঁ অফ এ আৰু ১৮৮৩ চনত বি এ ডিগ্ৰী লাভ কৰে।

১৮৮১ চনত তেওঁৰ লগত কালীসাধক শ্ৰীৰামকৃষ্ণ পৰমহংসৰ সাক্ষাৎ হয়। ৰামকৃষ্ণৰ সাহচৰ্যত থাকিয়েই নৰেন্দ্ৰ নাথৰ আধ্যাত্মিক উওৰণ ঘটে। ১৮৮৬ চনৰ ১৬ আগষ্টত ৰামকৃষ্ণৰ দেহাৱসানৰ পিছত অক্টোৱৰ মাহত কেইজনমান সহযোগীৰ স’তে তেওঁ বৰানগৰৰ এটা পৰিত্যক্ত ঘৰত শ্ৰীৰামকৃষ্ণ মঠ প্ৰতিষ্ঠা কৰে। ১৯৮৭ চনৰ জানুৱাৰী মাহত নৰেন্দ নাথে আন দহজন গুৰুভাইৰ সৈতে সন্যাস ধর্ম গ্ৰহণ কৰি স্বামী বিবেকানন্দ নাম গ্ৰহণ কৰে। ১৮৮৮ চনত তেওঁ পৰিব্ৰাজকৰূপে ভাৰত ভ্ৰমণ কৰে। তাৰ পাছত ১৮৯০ চনৰ ৩ আগষ্টত সুদীৰ্ঘদিনৰ বাবে বিশ্ব ভ্ৰমণ কৰে। ১৮৯৩ চনৰ ১১ চেপ্টেম্বৰত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগোৰ ধৰ্ম সন্মিলনত ভাগ লয় আৰু তেওঁৰ বলিষ্ঠ ভাষণেৰে সকলোকে মুগ্ধ কৰে। তাৰ পাছত তেওঁ বিশ্বৰ অন্যান্য ঠাইত ভ্ৰমণ কৰি হিন্দুধর্ম তথা দৰ্শন সম্বন্ধে বক্তৃতা দিয়ে। ১৮৯৭ চনত তেওঁ ভাৰতলৈ ঘূৰি আহি ‘ৰামকৃষ্ণ মিছন’ প্ৰতিষ্ঠা কৰে। ১৮৯৮ চনৰ ৯ ডিচেম্বৰত পশ্চিমবংগৰ বেলুড়ত ‘ৰামকৃষ্ণ মঠ’ স্থাপন কৰা হয়।

১৮৯৯ চনত তেওঁ দ্বিতীয়বাৰৰ বাবে পাশ্চাত্য ভ্ৰমণ কৰে আৰু ১৯০০ চনৰ ৭ চেপ্টেম্বৰত ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত ধর্ম ইতিহাস সম্মিলনত ভাষণ দিয়ে। ইয়াৰ পিছত পুনৰ ভাৰতলৈ ঘূৰি আহি শ্ৰীৰামকৃষ্ণৰ ভাৱবাহী এক নতুন ধর্ম আন্দোলনৰ আগৰণুৱা ব্যক্তি হিচাপে অহৰ্নিশে কাম কৰি যায়।

১৯০২ চনৰ ৪ জুলাইত স্বামী বিবেকানন্দৰ মৃত্যু হয়। 

পাঠভিত্তিক ব্যাকৰণৰ আলোচনা

৪। তলৰ বাকচটোত থকা শব্দ আৰু ধাতুবোৰ ব্যৱহাৰ কৰি পাঁচোটামান বাক্য লিখা :

সি, কাগজ, মা, আৰু, বজাৰ, ধুনীয়া, এটা, মাছ, খা, আন্, ছবি, কিন, কৰ্, আঁক, খেতি, কল, কিন্তু।

উত্তৰ :- (ক) সি কাগজত ধুনীয়া ছবি আঁকে

(খ) মায়ে কিন কিন বৰষুণত তিতিবলৈ হাক দিছে।

(গ) বজাৰত বহুতো মাছ আৰু আন বহুতো পোৱা যায়।

(ঘ) কল খেতি কৰিলে লাভবান হ’ব পাৰি।

(ঙ) ঘৰ গৈ পোৱাৰ লগে লগে তই কিন্তু ফোন কৰিবি।

৫। বুজা আৰু লিখা :

নোহোৱা অৰ্থ বুজোৱা ধ্বনি + ক্ৰিয়াপদ = নঞৰ্থক ক্ৰিয়া পদ।

ন + হয় = নহয় 

ন + কৰে = ……..

ন (অ) + কামিলা = ……….

ন(অন) + আগত = ………..

ন + দেখা = ………

ন + নুমাল = ……….

ন + সোধা = ………..

ন + শিকা = ………..

ন + আঁকো = ……….

ন + আনে = …………

উত্তৰ :- নোহোৱা অৰ্থ বুজোৱা ধ্বনি + ক্ৰিয়াপদ = নঞৰ্থক ক্ৰিয়া পদ

ন + হয় = নহয়

ন + কৰে = নকৰে

ন (অ) + কামিলা = অকামিলা

ন (অন) + আগত = অনাগত

ন + দেখা = নেদেখা

ন + নুমাল = নুনুমাল

ন + সোধা = নোসোধা

ন + শিকা = নিশিকা

ন + আঁকো = নাঁকো

ন + আনে = নানে

অতিৰিক্ত পাঠভিত্তিক প্ৰশ্নোত্তৰ

১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা :

(ক) মানুহে কেনেকৈ আনন্দ উপভোগ কৰে ?

উত্তৰ :- বিপদত পৰাজনক সহায় কৰি নতুবা অইনক দান কৰি মানুহে আনন্দ উপভোগ কৰে।

(খ) ইছলাম ধৰ্মত দান দি আনন্দ উপভোগ কৰা উৎসৱটিক কি বোলে ?

উত্তৰ :- ইছলাম ধৰ্মত দান দি আনন্দ উপভোগ কৰা উৎসৱটিক ঈদ-উল-ফিটৰ বোলা হয়।

(গ) ঈদ-উল-আজহা উৎসৱৰ আৰম্ভণি কিদৰে হ’ল ?

উত্তৰ :- ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ আবিৰ্ভাৱ ঘটাৰ আগতে আৰৱত ‘মিহিৰজান’ নামৰ এটি উৎসৱ পালিত হৈছিল। পাছত হৰজত মহম্মদে এই উৎসৱত কিছু ধর্মীয় ৰহণ সানে। তেওঁ তেওঁৰ ভক্তসকলক এই উৎসৱটিক ঈদ-উল-আজহা নামেৰে পালন কৰিবলৈ নিৰ্দেশ দিয়ে। পাছত এই উৎসৱটি ভক্তসকলৰ মাজত জনপ্ৰিয় হৈ পৰে।

(ঘ) আৰৱী কোনটো মাহত ৰোজা পালন কৰা হয় ?

উত্তৰ :- ৰমজান মাহত।

(ঙ) ৰোজা পালন কৰাৰ ফলত কি উপকাৰ হয় ?

উত্তৰ :- ৰোজা পালন কৰাৰ ফলত মানুহৰ ইন্দ্ৰিয়সমূহে বেয়া কাম কৰিবলৈ আগবাঢ়ি নাহে। ফলত সমাজত শান্তি বিৰাজ হয়।

(চ) ইছলাম ধৰ্মত দৈনিক কেইবাৰকৈ নামাজ পঢ়াটো বাধ্যতামূলক ?

উত্তৰ :- ইছলাম ধৰ্মত প্ৰত্যেক মুছলমানে দৈনিক পাঁচবাৰকৈ নামাজ পঢ়াটো বাধ্যতামূলক।

(ছ) কিহৰ নিমিত্তে সকলোৱে ঈদ পালন কৰে ?

উত্তৰ :- মুকলি মনেৰে দান-দক্ষিণা কৰি, সমাজৰ শান্তি-শৃংখলা বজাই ৰাখিবৰ নিমিত্তে সকলোৱে ঈদ-উল-ফিটৰ পালন কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top