Assam Jatiya Bidyalay Class 5 Assamese Chapter 18 সোণতকৈও মূল্যবান

Assam Jatiya Bidyalay Class 5 Assamese Chapter 18 সোণতকৈও মূল্যবান, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন পাঠ Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 18 সোণতকৈও মূল্যবান Class 5 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Assamese Chapter 18 সোণতকৈও মূল্যবান Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Assamese Chapter 18 সোণতকৈও মূল্যবান provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

সোণতকৈও মূল্যবান

Chapter – 18

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক প্ৰশ্নোত্তৰ

* তলৰ শব্দবোৰৰ অৰ্থ লিখা।

নিহিত, খাটাংকৈ, ডোঙা, ভূতত্ববিদ, আহৰণ, অম্বেষণ, ভাণ্ডাৰ, শোধন, সন্ধান, প্ৰত্যাহ্বান।

উত্তৰ :- 

শব্দ                    অৰ্থ
নিহিতসোমাই থকা; জমা হৈ থকা।
খাটাংকৈসম্পূৰ্ণৰূপে নিশ্চিত; পিছত লৰচৰ হ’বৰ সম্ভৱনা নথকা।
ডোঙাপানী থকা সৰু খাল।
ভূতত্ববিদপৃথিৱীৰ বিষয়ে অধ্যয়ন কৰা বিজ্ঞানী বা লোক।
আহৰণগোটাই অনা কাৰ্য; সংগ্ৰহ।
অম্বেষণঅনুসন্ধান।
ভাণ্ডাৰভঁৰাল।
শোধনপৰিষ্কাৰকৰণ; মল বা অশুদ্ধ আঁতৰ কৰা কাৰ্য।
সন্ধানশুংসূত্ৰ; উৱাদিহ।
প্ৰত্যাহ্বানবাধা।

পাঠভিত্তিক ক্ৰিয়া-কলাপৰ প্ৰশ্নোত্তৰ

১। প্ৰথমে কোৱা, তাৰ পিছত লিখা :

(ক) খাৰুৱা তেলক কিয় ‘পনীয়া সোণ’ বুলি কোৱা হয় ?

উত্তৰ :- আমি সদায় ব্যৱহাৰ কৰি থকা পেট্ৰ’ল, ডিজেল, কেৰাচিন, ৰন্ধন গেছ, প্লাষ্টিক, ৰবৰ, বিভিন্ন ঔষধ, সাৰ, বিষ্ফোৰক পদাৰ্থ, কৃত্ৰিম সূতা, মম, ৰং, চাবোন, ভেছলিন আদি মানুহৰ দৈনন্দিন জীৱন-যাপনত অপৰিসীম গুৰুত্ব থকা বস্তুবোৰ খাৰুৱা তেলৰ পৰাই আহৰণ কৰা হয়। সোণতকৈও মূল্যবান এই পদাৰ্থ অৰ্থাৎ খাৰুৱা তেলবিধক সেয়েহে ‘পনীয়া সোণ’ বুলি কোৱা হয়।

(খ) ক’ত আৰু কেনেদৰে খাৰুৱা তেলৰ উৎপত্তি  হয় লিখা।

উত্তৰ :- খাৰুৱা তেল পৃথিৱীৰ অন্তভাৰ্গত উৎপত্তি হয়। মৃত গছ-গছনি আৰু প্ৰাণীদেহৰ পচন হৈ খাৰুৱা তেলৰ সৃষ্টি হয়। এই পচন প্ৰক্ৰিয়াৰ বাবে সময়ৰ হিচাপত কেইবা নিযুত বছৰৰ প্ৰয়োজন হয়। মৃত জীৱদেহৰ পচনৰ ফলত উৎপন্ন হোৱা গেছবোৰে পৃথিৱীৰ উপৰিভাগত এটা স্তৰ গঠন কৰে। কালক্ৰমত এটা গেদৰ স্তৰৰ ওপৰত একো একোটা নতুন জমা হয়। ফলত খাৰুৱা তেল নিহিত হৈ থকা স্তৰবোৰ ক্ৰমে বহুত তলত পৰি ৰয়। অন্তৰ্ভাগত চাপ বেছি হোৱা বাবে ই উৎপত্তি হোৱা শিলাস্তৰৰপৰা অধিক বিন্ধা থকা শিলাস্তৰলৈ গতি কৰে। তাতে এটোপ-এটোপকৈ ইয়াৰ টোপোলাবোৰ মিলি একোটা বিৰাট খাৰুৱা তেলৰ ভাণ্ডাৰৰ সৃষ্টি হয়।

(গ) কেনে ধৰণৰ অঞ্চলৰ পৰা খাৰুৱা তেল আহৰণ কৰিব পাৰি ?

উত্তৰ :- পৃথিৱীৰ অন্তৰ্ভাগত থকা তিনিধৰণৰ শিলাস্তৰৰ পৰা খাৰুৱা তেল আহৰণ কৰিব পাৰি। এই তিনিধৰণৰ শিল হ’ল – খাৰুৱা তেলক উৎপাদন কৰিব পৰা উৎস শিল, তেল জমা হৈ থাকিব পৰা আশ্ৰয় শিল আৰু খাৰুৱা তেল ওলাই যাব নোৱাৰাকৈ আৱৰি ৰখা অভেদ্য শিল।

(ঘ) খাৰুৱা তেল আহৰণৰ কাৰণে কেনেধৰণৰ কৌশল অৱলম্বন কৰা হয় বুজাই লিখা।

উত্তৰ :- আগেয়ে ভূ-পৃষ্ঠত থকা ডোঙাৰ পৰা সেই অঞ্চলত খাৰুৱা তেল থকা বুলি অনুমান কৰি লৈছিল। বৰ্তমান অনুসন্ধানৰ বাবে বিভিন্ন বৈজ্ঞানিক কৌশল অৱলম্বন কৰা হয়। ইয়াৰ ভূ-তত্ত্ববিদসকলে পৰীক্ষা-নিৰীক্ষাৰ সহায়ত ভূ-ৰ্গভৰ এখন সুন্দৰ চিত্ৰ তৈয়াৰ কৰি লয়। এইবোৰ পৰীক্ষা-নিৰীক্ষাত জিঅ’ফ’ন, ভাইব্ৰ’ছিছ, হাইড্ৰ’ফন আদি বিভিন্ন যন্ত্ৰ ব্যৱহাৰ কৰা হয়। পৰীক্ষা-নিৰীক্ষাৰ পৰা পোৱা তথ্যসমূহ কম্পিউটাৰত পুনৰ প্ৰণালীৱদ্ধভাৱে অধ্যয়ন কৰা হয়। ইয়াৰ পিছত সম্ভাৱনাপূৰ্ণ অঞ্চলত খনন কাৰ্য আৰম্ভ কৰা হয়। ভূ-গৰ্ভৰ তলৰপৰা ভূ-পৃষ্ঠৰ ওপৰলৈ খাৰুৱা তেল উলিয়াই অনাৰ বাবে পথ তৈয়াৰ কৰাৰ উদ্দেশ্যে বহু দ গাত খন্দা হয়। এই দ গাঁতবোৰক কুপ বোলা হয়। কুপ খন্দাৰ পিছত খাৰুৱা তেল পাবও পাৰে, নাপাবও পাৰে। অৱশ্যে তেল নাপালেও কুপটোৰ বিষয়ে কৰা অধ্যয়ন আৰু কৰ্মীসকলৰ অভিজ্ঞতাই আন ঠাইত তেলৰ অন্বেষণ কৰাত সহায় কৰে। এনেদৰেই দিনকদিনে উন্নত কৌশলসমূহ আৱিষ্কাৰ হয়। আজিকালি খনন প্ৰযুক্তিৰ যথেষ্ট উন্নতি হৈছে খনন কাৰ্যত ব্যৱহৃত সঁজুলিসমূহক একেলগে ৰিগ বোলা হয়। এই ৰিগৰ সহায়ত সাগৰৰ তলিত তেলৰ অন্বেষণ কৰাটো সহজ হৈ পৰিছে।

(ঙ) খাৰুৱা তেলৰপৰা কি কি উৎপাদন কৰিব পাৰি ?

উত্তৰ :- খাৰুৱা তেলৰ পৰা পেট্ৰ’ল, ডিজেল, কেৰাচিন, ৰন্ধন গেছ, প্লাষ্টিক, ৰবৰ, বিভিন্ন ঔষধ, সাৰ, বিষ্ফোৰক পদাৰ্থ, কৃত্ৰিম সূতা, মম, ৰং চাবোন, ভেছলিন আদি বস্তু উৎপাদন কৰিব পাৰি।

(চ) ডিগবৈ তৈলক্ষেত্ৰৰ আৱিষ্কাৰ কেতিয়া, কেনেদৰে হৈছিল ?

উত্তৰ :- ডিগবৈ তৈলক্ষেত্ৰখন আৱিষ্কাৰ হৈছিল ১৮৮২ চনত। ডিব্ৰুগড়ৰ পৰা মাৰ্ঘেৰিটা-লিডু পাইপ লাইন নিৰ্মাণ কৰাৰ সময়ত নিৰ্মাণ কাৰ্যত ব্যৱহাৰ হোৱা সামগ্রীসমূহ কঢ়িয়াবৰ বাবে হাতী কামত লগোৱা হৈছিল। এদিন অভিযন্তাসকলে এটা হাতীৰ ভৰিত তেল লাগি থকা দেখিবলৈ পালে। তেওঁলোকে হাতীৰ খোজ অনুসৰণ কৰি গৈ এটুকুৰা ঠাইত খাৰুৱা তেল নিগৰি থকা দেখা পায় আৰু তাতে খনন কাৰ্য আৰম্ভ কৰে।

(ছ) কুপ কি ?

উত্তৰ :- খাৰুৱা তেলৰ অনুসন্ধানৰ বাবে বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলোৱাৰ পাছত সম্ভাৱনাপূৰ্ণ অঞ্চলত খনন কাৰ্য আৰম্ভ কৰা হয়। এনে অনুসন্ধানত খন্দা দ গাঁতবোৰক কুপ বোলা হয়।

(জ) খনন কাৰ্যত ব্যৱহৃত সঁজুলিসমূহক একেলগে কি বুলি জনা যায় ?

উত্তৰ :- খনন কাৰ্যত ব্যৱহৃত সঁজুলিবোৰক একেলগে ৰিগ বোলা হয়।

(ঝ) ভাৰতৰ প্ৰথম আধুনিক তেল শোধনাগাৰটো ক’ত আছে ?

উত্তৰ :- ভাৰতৰ প্ৰথম আধুনিক তেল শোধনাগাৰটো অসমৰ তিনিচুকীয়া জিলাৰ ডিগবৈত আছে।

২। ক-অংশৰ লগত খ-অংশ মিলাই লিখা :

ক অংশখ অংশ
উৎপত্তি স্থলতেল উৎপন্ন হোৱা ক্ষেত্ৰ
প্ৰাকৃতিক সম্পদপৃথিৱীৰ অন্তৰ্ভাগ
তৈলক্ষেত্ৰতৈলভাণ্ডাৰবোৰত সৃষ্টি হোৱা গেছ
প্ৰাকৃতিক গেছকোনো বস্তুৰ উৎপন্ন হোৱা ঠাই
ভূগৰ্ভপ্ৰকৃতিৰ পৰা পোৱা সম্পদ

উত্তৰ :- 

ক অংশখ অংশ
উৎপত্তি স্থলকোনো বস্তুৰ উৎপন্ন হোৱা ঠাই।
প্ৰাকৃতিক সম্পদপ্ৰকৃতিকপৰা পোৱা সম্পদ।
তৈলক্ষেত্ৰতেল উৎপন্ন হোৱা ক্ষেত্ৰ।
প্ৰাকৃতিক গেছতৈল ভাণ্ডাৰবোৰত সৃষ্টি হোৱা গেছ।
ভূগৰ্ভপৃথিৱীৰ অন্তৰ্ভাগ।

৩।উদাহৰণত দেখুৱাৰ দৰে আন শব্দ গঠন কৰা :

সাগৰ সাগৰীয়।
নাটক_____
স্বৰ্গ_____
নৰক_____
বিভাগ_____

উত্তৰ :- 

সাগৰ সাগৰীয়।
নাটকনাটকীয়।
স্বৰ্গস্বৰ্গীয়।
নৰকনাৰকীয়।
বিভাগবিভাগীয়।

৪। বিপৰীত অৰ্থবোধক শব্দ লিখা :

মৃত, নতুন, উন্নত, স্পষ্ট, সহজ, বৃহৎ, ব্যৱহাৰ, নিৰাপদ, বুদ্ধি।

উত্তৰ :- 

শব্দ      বিপৰীত শব্দ
মৃতজীৱিত
নতুনপুৰণি
উন্নতঅনুন্নত
স্পষ্টঅস্পষ্ট
সহজটান
বৃহৎসৰু
ব্যৱহাৰঅপব্যৱহাৰ
নিৰাপদবিপদজনক
বুদ্ধিদুবুদ্ধি

৫। একে অৰ্থবোধক শব্দ লিখা :

বিন্ধা, উৎপন্ন, কৌশল, চহকী, শোধন, ভাণ্ডাৰ

উত্তৰ :-

শব্দএকে অৰ্থবোধক শব্দ ( সমাৰ্থক শব্দ ) 
বিন্ধাছিদ্ৰ
উৎপন্নউৎপাদন
কৌশলবুদ্ধি
চহকীধনী
শোধনপৰিস্কাৰ
ভাণ্ডাৰসম্ভাৰ; ভঁৰাল।

৬। নিজকে এবিধ প্ৰাকৃতিক সম্পদৰ ৰূপত কল্পনা কৰি এখন ৰচনা লিখা।

উত্তৰ :- মোৰ নাম কয়লা। মই পৃথিৱীৰ ভূ-গৰ্ভত থাকো। আজিৰ পৰা বহু নিযুত বছৰ আগেয়ে ভূ-পৃষ্ঠৰ গছ-গছনি আদি মাটিত পোত খাই মোৰ জন্ম হৈছিল। মই মানুহক ইন্ধনৰ যোগান ধৰো। মানুহে মোক জ্বলাই তাপ উৎপন্ন কৰে আৰু তাৰে বিভিন্ন কাম চলায়। ৰন্ধা-বঢ়া কৰা, কল-কাৰখানা চলোৱা, বিদ্যুৎ উৎপাদন কৰা, ৰেলগাড়ীৰ ইঞ্জিন চলোৱা আদি বিভিন্ন কামবোৰ মোৰ সহায়তে কৰা হয়। মই মানৱ জাতিলৈ আগবঢ়োৱা অৱদানৰ বাবে মোক ‘ক’লা হীৰা’ বুলিও আখ্যা দিছে। অসমৰ তিনিচুকীয়া জিলাৰ দক্ষিণ-পূৰ্বৰ মাৰ্ঘেৰিটা, লিডু, টিপং, বৰগোলাই, মাকুম আদি অঞ্চলত মই থাকো। এই অঞ্চলত মোক উচ্চমানদণ্ডৰ বুলি কয়। মই য’ত থাকো সেই অঞ্চলক ‘খনি’ বুলি কোৱা হয়। ওপৰত উল্লেখ কৰা ঠাই সমূহৰ উপৰিও জয়পুৰত, নাজিৰাৰ দক্ষিণৰ নাগিনীমৰাৰ কাষত, তিৰুত আৰু কাৰ্বি আলঙৰ ঠায়ে ঠায়ে মোৰ খনি আছে। লিডু-বৰগোলাই ক্ষেত্ৰৰ পৰা মোৰ যথেষ্ট উৎপাদনো কৰা হয়।

মোক আহৰণ কৰাৰ পিছত মোক ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ উপৰিও মোৰ পৰা বিভিন্ন বস্তু তৈয়াৰ কৰা হয়। এইবোৰৰ ভিতৰত আলকাতৰা, নানাবিধ সুগন্ধি মচলা, ৰং আৰু চেকাৰিণ আদি প্ৰধান।

বৰ্তমান মোক যিটো হাতৰ ভূগৰ্ভৰ পৰা আহৰণ পৰা হৈছে এদিন হয়তো মই নোহোৱা হৈ যাম। গতিকে সকলোৱে মোৰ ব্যৱহাৰত মিতব্যয়ী হোৱা উচিত।

অতিৰিক্ত পাঠভিত্তিক প্ৰশ্নোত্তৰ

(১) প্ৰাকৃতিক গেছ কি ?

উত্তৰ :- খাৰুৱা তেলৰ ভাণ্ডাৰবোৰত কম-বেছি পৰিমাণে এবিধ গেছ উৎপন্ন হয়। এই গেছবিধক প্ৰাকৃতিক গেছ বোলা হয়।

(২) পৃথিৱীৰ সকলো ঠাইতে খাৰুৱা তেলৰ উৎপত্তি হয়নে ?

উত্তৰ :- পৃথিৱীৰ সকলো ঠাইতে খাৰুৱা তেলৰ উৎপত্তি নহয়।

(৩) খাৰুৱা তেল প্ৰাকৃতিকভাৱে কিদৰে ভূপৃষ্ঠ পায়হি ?

উত্তৰ :- ভূগৰ্ভত হোৱা জোকাৰণিৰ ফলত সৃষ্টি হোৱা ফাটবোৰৰ মাজেৰে কেতিয়াবা খাৰুৱা তেল ওপৰলৈ উঠি আহে আৰু ভূপৃষ্ঠ পায়হি।

(৪) খনন কাৰ্যৰ মূল উদ্দেশ্য কি ?

উত্তৰ :- খনন কাৰ্যৰ মূল উদ্দেশ্য হ’ল খাৰুৱা তেল ভূগৰ্ভৰ তলৰপৰা ভূপৃষ্ঠলৈ উলিয়াই অনাৰ বাবে পথ তৈয়াৰ কৰা।

(৫) খাৰুৱা তেলৰ অনুসন্ধান কাৰ্যক কিয় ‘অনিশ্চয়তাৰ খেল’ বুলি কোৱা হয় ?

উত্তৰ :- খাৰুৱা তেলৰ অনুসন্ধান কাৰ্যত কিমান ধন বিনিয়োগ কৰা হ’ব সেইটো নিৰ্দিষ্ট কৰা থাকে, অথচ কিমান পৰিমাণত ইয়াৰ উৎপাদন হ’ব কোনেও আগতীয়াকৈ নাজানে। লাখ লাখ টকা খৰচ কৰি কেইবাটাও কুপ খন্দাৰ পিছতো এটোপালও তেল পোৱা নাযাবও পাৰে। সেয়েহে খাৰুৱা তেলৰ অনুসন্ধান কাৰ্যক ‘অনিশ্চয়তাৰ খেল’ বুলি কোৱা হয়।

(৬) কুপ খান্দি ভূগৰ্ভৰপৰা তেল আহৰণ কৰাৰ বাবে কাক কৃতিত্ব দিয়া হয় ? তেওঁ খন্দা কুপটোৰ বিষয়ে লিখা।

উত্তৰ :- কুপ খান্দি ভূগৰ্ভৰপৰা তেল আহৰণ কৰাৰ বাবে তেল কোম্পানী এটাৰ পৃষ্ঠপোষক আমেৰিকাৰ জৰ্জ এইচ বিছেলক কৃতিত্ব দিয়া হয়।

১৮৫৯ চনত বিছেলৰ তেল কোম্পানীয়ে প্রথম ঐতিহাসিক সফল কুপটো খান্দিছিল। ৬৯ ফুট গভীৰতাৰ এই কুপটোৰ পৰা দৈনিক প্ৰায় ৪০০০ (চাৰি হাজাৰ) লিটাৰ তেল উৎপাদন কৰা হৈছিল।

(৭) ভাৰতবৰ্ষৰ প্রথম কুপটো ক’ত আৰু কেতিয়া খন্দা হৈছিল ?

উত্তৰ :- ১৮৬৬ চনত অসমৰ ডিব্ৰুগড় জিলাৰ জয়পুৰত ভাৰতবৰ্ষৰ প্ৰথম খাৰুৱা তেলৰ কুপটো খন্দা হৈছিল।

(৮) ভাৰতৰ কোনটো সাগৰীয় অঞ্চলত খাৰুৱা তেলৰ বৃহৎ ভাণ্ডাৰ পোৱা গৈছে ?

উত্তৰ :- ভাৰতৰ মুম্বাই মহাগৰীৰ ওচৰৰ সাগৰীয় অঞ্চলত খাৰুৱা তেলৰ বৃহৎ ভাণ্ডাৰ পোৱা গৈছে।

(৯) খাৰুৱা তেল ব্যৱহাৰৰ উপযোগী কৰিবলৈ পোনতে কি কৰিব লাগে ?

উত্তৰ :- খাৰুৱা তেল ব্যৱহাৰৰ উপযোগী কৰিবলৈ পোনতে শোধন কৰি ল’ব লাগে।

(১০) কুপৰপৰা শোধনাগাৰসমূহলৈ কিদৰে তেল কঢ়িওৱা হয়, বুজাই লিখা।

উত্তৰ :- আগেয়ে কুপৰপৰা পিপাৰ সহায়েৰে খাৰুৱা তেলবোৰ শোধনাগাৰসমূহলৈ কঢ়িওৱা হৈছিল। পিছত টেংকাৰ আৰু ৰেলৰ ডবা ব্যৱহাৰ কৰা হৈছিল। বৰ্তমান পাইপ লাইনৰ জৰিয়তে খাৰুৱা তেল শোধনাগাৰসমূহলৈ সৰবৰাহ কৰা হয়।

(১১) পাইপ লাইনৰ নিৰ্মাণ কাৰ্য কোনে তদাৰক কৰে ?

উত্তৰ :- অতি দক্ষ আৰু প্ৰশিক্ষণপ্ৰাপ্ত অভিযন্তাসকলে পাইপ লাইন নিৰ্মাণ কাৰ্যৰ তদাৰক কৰে।

(১২) ১৮৮৯ চনত ডিগবৈৰ বৰবিলত খন্দা কুপটোৰ বৰ্তমান গভীৰতা কিমান ?

উত্তৰ :- ৬৬২ ফুট।

(১৩) খাৰুৱা তেলৰ আন এটা নাম কি ? ই কি ভাষাৰপৰা আহিছে ?

উত্তৰ :- খাৰুৱা তেলৰ আন এটা নাম হ’ল পেট্ৰ’লিয়াম। ই লেটিন ভাষাৰ পৰা আহিছে। লেটিন ভাষাত ‘পেট্ৰ’ মানে শিল আৰু ‘অলিয়াম’ মানে তেল।

(১৪) ‘পাইপ লাইন নিৰ্মাণ কাৰ্য সঁচাকৈয়ে এক বিৰাট প্ৰত্যাহ্বান।’ – বুজাই লিখা।

উত্তৰ :- তেল শোধনাগাৰসমূহ সাধাৰণতে তৈলক্ষেত্ৰৰ ওচৰত নাথাকে। গতিকে তৈলক্ষেত্ৰতপৰা শোধনাগাৰসমূহলৈ পাইপ লাইনৰ যোগেদি খাৰুৱা তেল সৰবৰাহ কৰা হয়। এই পাইপ লাইনসমূহ দুৰ্গম অৰণ্য, নদী আনকি পাহাৰৰ মাজেদিও নিৰ্মাণ কৰিব লগা হয়। এই নিৰ্মাণ কাৰ্য অতি দক্ষ আৰু প্ৰশিক্ষণপ্ৰাপ্ত অভিযন্তাসকলেহে কৰিব পাৰে। গতিকে পাইপ লাইনৰ নিৰ্মাণ কাৰ্য সঁচাকৈয়ে এক বিৰাট প্ৰত্যাহ্বান বুলি ক’ব পাৰি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top