Assam Jatiya Bidyalay Class 5 Assamese Chapter 17 ভঠেলি

Assam Jatiya Bidyalay Class 5 Assamese Chapter 17 ভঠেলি, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন পাঠ Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 17 ভঠেলি Class 5 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Assamese Chapter 17 ভঠেলি Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Assamese Chapter 17 ভঠেলি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ভঠেলি

Chapter – 17

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক প্ৰশ্নোত্তৰ

* তলৰ শব্দবোৰৰ অৰ্থ লিখা :

লহিওৱা, অপাৰ, চ’ৰাঘৰ, সমাদৰ, উত্ৰাৱল, লোকে-লোকাৰণ্য, আচ্ছন্ন।

উত্তৰ :- 

শব্দ                   অৰ্থ
লহিওৱাভটিয়া (বেলি)।
অপাৰযাৰ পাৰ নাই; সীমাহীন।
চ’ৰাঘৰবাহিৰৰ বহা ঘৰ; আলহীৰে কথা-বতৰা পতা ঘৰ।
সমাদৰবিশেষ আদৰ; সম্মান।
উত্ৰাৱল অস্থিৰ; চঞ্চল।
লোকে -লোকাৰণ্যমানুহেৰে ভৰি পৰা।
আচ্ছন্নআবৃত; ঢাক খাই থকা।
গইনাআশ্ৰয়; আলম।

পাঠভিত্তিক ক্ৰিয়া-কলাপৰ প্ৰশ্নোত্তৰ

১। প্ৰথমে, কোৱা, তাৰ পিছত লিখা :

(ক) বিদ্যুৎ আৰু প্ৰদ্যুতৰ ঘৰ ক’ত ক’ত আছিল ?

উত্তৰ :- বিদ্যুতৰ ঘৰ শিৱসাগৰত আৰু প্ৰদ্যুতৰ ঘৰ নলবাৰীত আছিল।

(খ) ভঠেলি কোন অঞ্চলৰ মানুহে পালন কৰা লোক-উৎসৱ ?

উত্তৰ :- ভঠেলি অসমৰ কামৰূপৰ গ্ৰাম্য অঞ্চলৰ মানুহে পালন কৰা লোক উৎসৱ।

(গ) ভঠেলি উৎসৱত বাঁহডাল কিয় ৰং বিৰঙৰ ধুনীয়া কাপোৰেৰে সজাইছিল ?

উত্তৰ :- ভঠেলি উৎসৱৰ অন্যতম অংগ হ’ল পাৰ বা পাউৰা প্ৰতিষ্ঠা কৰা। এই পাৰ দুটা থাকে এটা মতা বা দৰা পাৰ, আনটো মাইকী বা কইনা পাৰ। এই পাৰ দুটা তৈয়াৰ কৰিবলৈ জাতিবাঁহ একোডাল কাটি আনি তাক চাঁচি-চুৰুকি পৰিষ্কাৰ কৰি বাঁহডালৰ আগৰপৰা গুৰিলৈকে ৰং-বিৰঙৰ ধুনীয়া কাপোৰেৰে মেৰিয়াই সজাই তোলা হয়।

(ঘ) ভঠেলি খোলাত পাৰ প্ৰতিষ্ঠা কৰা মানে কি ?

উত্তৰ :- ভঠেলি খোলাত পাৰ প্ৰতিষ্ঠা কৰা মানে একোডাল জাতিবাঁহ কাটি আনি তাক চাঁচি-চুৰুকি পৰিষ্কাৰ কৰি বাঁহডালত আগৰপৰা গুৰিলৈকে ৰং-বিৰঙৰ ধুনীয়া কাপোৰেৰে মেৰিয়াই সজাই তোলা।

(ঙ) ভঠেলি ঘৰত কি কি কৰা হয় ?

উত্তৰ :- ভঠেলি ঘৰত মাহ-প্ৰসাদ, ফল-মূল আদি আগবঢ়াই গাঁওবাসীয়ে নাম-কীৰ্ত্তন কৰে। এই ঘৰটোতে নিজৰ সামৰ্থ অনুযায়ী পইচা দি লোকসকলে ভক্তিভাৱে সেৱা কৰে।

(চ) ভঠেলি উৎসৱৰ সামৰণি মৰা হয় কেনেকৈ ?

উত্তৰ :- ভঠেলি-ঘৰটো ভাঙি আৰু পাৰ কেইটা উঠাই ভঠেলি উৎসৱৰ সামৰণি মৰা হয়। ইয়াৰ বাবে এজাক ডেকা ল’ৰাই হাতত একোডাল লাঠি লৈ এটি বিশেষ ধৰণৰ গীত গাই গাই ভঠেলি-ঘৰটোৰ চাৰিওফালে ঘূৰিবলৈ ধৰে আৰু শেষত ঘৰটো কোবাই ভাঙি তাৰপৰা ধনখিনি উলিয়াই নিয়ে।

২। বুজা আৰু লিখা :

গাঁও = গাঁৱলীয়া।

নগৰ = __________

পাহাৰ = __________

পৰ্বত = __________

বন = __________

উত্তৰ :- গাঁও = গাঁৱলীয়া

নগৰ = নগৰীয়া

পাহাৰ = পাহাৰীয়া

পৰ্বত = পৰ্বতীয়া

বন = বনৰীয়া

৩। ভাবা আৰু লিখা :

(ক) উৎসৱসমূহে মানুহৰ মাজত কেনেদৰে মিলনৰ সেতু গঢ়ে ?

উত্তৰ :- একো একোটা অঞ্চলত বিভিন্ন ভাষা-ভাষী, ধৰ্ম তথা জাতি-জনগোষ্ঠীৰ লোক থাকে। তাৰোপৰি এই একো-একোটা গোটৰ লোকসকলৰ মাজত বিভিন্ন মতালম্বী মানুহ থাকে। একোটা উৎসৱত এই আটাইখিনি মানুহে নিজৰ পৰিচয় প্ৰায় পাহৰি যোৱাৰ নিচিনাকৈ অংশগ্ৰহণ কৰে। উৎসৱৰ আনন্দত নিজকে মিলাই দিয়াই যেন সকলোৰে উদ্দেশ্য। প্ৰত্যেকে প্ৰত্যেকৰ ভাল-বেয়াৰ খবৰো লয় উৎসৱতে লগ পায়। এই উৎসৱসমূহতে কোনোদিনে নেদেখা লোক একোজনৰ লগতো একো একোজন লোকৰ চা-চিনাকি হয়। সেই হিচাবে সম্পৰ্কও গঢ়ি উঠে।

এইদৰে উৎসৱে মানুহৰ মাজত মিলনৰ সেতু গঢ়ে।

(খ) সমাজৰ উৎসৱৰ প্ৰচলন নথকা হ’লে কি হ’লহেতেন ?

উত্তৰ :- সমাজৰ উৎসৱৰ প্ৰচলন নথকাহেতেন লোকসকলৰ মাজত অসুয়া-অপ্ৰীতি বাঢ়িলেহেতেন। মানুহৰ মাজত বুজা-পৰাৰ অভাৱ ঘটিলহেতেন আৰু মানুহে একঘেয়ামী জীৱন কটাব লাগিলহেতেন। তাৰোপৰি উৎসৱৰ মেলাত অংশগ্ৰহণ কৰি দুই এপইচা উপাৰ্জন কৰা ব্যৱসায়ীলোকসকল ক্ষতিগ্ৰস্ত হ’লহেতেন আৰু আমিও কিছু লাগতিয়াল বস্তু পোৱাৰ পৰা বঞ্চিত হ’লোহেতেন।

(৪) বাক্য ৰচনা কৰা :

লোকে-লোকৰণ্য, আলহী-অতিথি, দোকান-পোহাৰ, ৰং-ধেমালি, জানি-বুজি।

উত্তৰ :- (i) লোকে-লোকৰণ্য : অলপ সময়ৰ ভিতৰতে ভঠেলি-থলী লোকে-লোকাৰণ্য হৈ পৰিল।

(ii) আলহী-অতিথি : ঘৰলৈ আলহী-অতিথি আহিলে ভালদৰে সেৱা-শুশ্ৰূষা কৰিব লাগে।

(iii) দোকান-পোহাৰ : পূজাৰ খলাখন দোকান-পোহাৰেৰে ভৰি পৰিছে।

(iv) ৰং-ধেমালি : উৎসৱৰ দিনকেইটাত ল’ৰাৰ পৰা বুঢ়ালৈকে আটায়ে ৰং-ধেমালি কৰে।

(v) জানি-বুজি : পৰীক্ষাত প্ৰশ্নবোৰ ভালদৰে জানি-বুজিহে উত্তৰ লিখিব লাগে।

(৫) উদাহৰণটো চাই বাকীকেইটা নিজে কৰা।

মাছ + টো = মাছটো

গাঁও + খন = __________

ফুল + জোপা = __________

বাঁহ + ডাল = __________

চুলি + কোছা = __________

উত্তৰ :- মাছ + টো = মাছটো

গাঁও + খন = গাঁওখন

ফুল + জোপা = ফুলজোপা

বাঁহ + ডাল = বাঁহডাল

চুলি + কোছা = চুলিকোছা

৬। কাষৰ বাক্যত থকা শব্দবোৰৰ পৰা উপযুক্ত শব্দটো ব্যৱহাৰ কৰি খালী ঠাই পূৰ কৰা :

বাহ, হাত, মহ, বাঁহ, হাট, ম’হ।

(ক) আমাৰ ঘৰৰ আগফালে থকা বকুলজোপাত এটা চৰাইৰ __________আছে।

উত্তৰ :- আমাৰ ঘৰৰ আগফালে থকা বকুলজোপাত এটা চৰাইৰ বাহ আছে।

(খ) আমাৰ ঘৰৰ পাছফালে এজোপা ভলুকা __________ আছে।

উত্তৰ :- আমাৰ ঘৰৰ পাছফালে এজোপা ভলুকা বাঁহ আছে।

(গ) মোক __________ কামুৰি দমলা-দমল কৰিলে।

উত্তৰ :- মোক মহে কামুৰি দমলা-দমল কৰিলে।

(ঘ) পথাৰত __________ জাক চৰি আছে।

উত্তৰ :- পথাৰত ম’হ জাক চৰি আছে।

(ঙ) দেওবাৰে আমাৰ ওচৰত __________ বহে।

উত্তৰ :- দেওবাৰে আমাৰ ওচৰত হাট বহে।

(চ) আমাৰ এখন __________ ত পাঁচোটাকৈ আঙুলি থাকে।

উত্তৰ :- আমাৰ এখন হাতত পাঁচোটাকৈ আঙুলি থাকে।

৭। কোনে কৈছিল, কাক কৈছিল আৰু কি প্ৰসঙ্গত কৈছিল :

(ক) “এতিয়া সকলোবোৰ জানি ল’লে উৎসৱৰ দিনা ন-কৈ কি চাবা ? এতিয়া ব’লা, আমি কেৰম খেলোগৈ ?

উত্তৰ :- ওপৰোক্ত কথাষাৰ প্ৰদ্যুতে বিদুতক কৈছিল।

বিদ্যুতে ভঠেলি উৎসৱৰ বিষয়ে প্ৰদ্যুতৰ দেউতাকৰ পৰা জানিব খুজিছিল। তেতিয়া প্ৰদ্যুতৰ দেউতাকে বিদ্যুতক ভঠেলিৰ বিষয়ে কিছু কথা কৈ আছিল। সকলোবিলাক জানি ল’লে ভঠেলি চোৱাৰ মজা নাথাকিব বুলিয়েই প্ৰদ্যুতে দেউতাকক ভঠেলি উৎসৱৰ বিষয়ে বিদ্যুতক বহলাই নক’বলৈ কৈ বিদ্যুতৰ ফালে চাই তেনেদৰে কৈছিল।

(খ) “দুয়োটা পাৰ সমানকৈ নোপোতে। ওখ পাৰটো মতা বা দৰা পাৰ আৰু চাপৰ পাৰটো মাইকী বা কন্যা পাৰ।”

উত্তৰ :- উক্ত কথাষাৰ প্ৰদ্যুতে বিদ্যুতক কৈছিল। ভঠেলি-খোলাত প্ৰতিষ্ঠা কৰা পাৰ দুটা সমানকৈ নোপোতা দেখি ইয়াৰ কৰণ জানিব বিচৰাত প্ৰদ্যুতে তেনেদৰে কৈছিল।

(গ) “অ সেয়া ভঠেলি ভাঙিছে। এতিয়া পাৰকেইটাও উঠাই লৈ যাব। ব’লা আমিও যাওঁ।”

উত্তৰ :- ওপৰোক্ত কথাষাৰ প্ৰদ্যুতে বিদ্যুতক কৈছিল। ভঠেলি ঘৰটো গাঁৱৰ ডেকাসকলে ভাঙি পেলোৱাত ইয়াৰ কাৰণ জানিব বিচৰাত বিদ্যুতক প্ৰদ্যুতে তেনেদৰে কৈছিল।

৮। চমুটোকা লিখা :

ফাকুৱা, কৰম পৰব, আলি-আই-লৃগাং।

উত্তৰ :- (i) ফাকুৱা : অসমৰ ধর্মীয় আৰু আনন্দ উৎসৱসমূহৰ এক অন্যতম উৎসৱ হ’ল ফাকুৱা বা দৌল উৎসৱ। যমুনা নৈৰ পাৰত ভগৱান শ্ৰীকৃষ্ণই গোপীসকলৰ সৈতে খেলা বুলি বিশ্বাস কৰি অহাৰ ফলস্বৰূপে এই উৎসৱৰ পাতনি মেলা হয় বুলি ধাৰণা কৰা হয়। ৰং-বিৰঙৰ ফাকুৱা খেলাকে আদি কৰি বিভিন্ন গীত-মাত এই উৎসৱৰ এক অপৰিহাৰ্য অংগ। অসমৰ বৰপেটাত এই ফাকুৱা উৎসৱ মহা-সমাৰোহেৰে পালন কৰা হয়। এই উৎসৱৰ সময়ত বৰপেটা কীৰ্ত্তন ঘৰত অগণন তীৰ্থযাত্ৰীৰ সমাগম হয়। ইয়াৰ স্থানীয় লোকসকলে এই উৎসৱক ‘দেউল’ বুলিও কয়। ভাৰতৰ অন্যান্য প্ৰান্তৰ এই ফাকুৱা উৎসৱক ‘হোলী’ বুলি কোৱা হয়।

(ii) কৰম পৰব : অসমৰ চাহ-বাগিচাৰ অসমীয়াসকলৰ মাজত প্ৰচলিত অনেক উৎসৱৰ ভিতৰত কৰম পৰব বা কৰম পূজা অন্যতম। এই কৰম পৰব প্রধানত: ভাদ মাহত পালন কৰা হয়। কৰম পূজা দুবিধ- ৰাজহ কৰম আৰু জিতিয়া কৰম। ভাদ মাহৰ পঞ্চমী তিথিৰ পৰা একাদশীলৈ ৰাজহ কৰম পতা হয়। ‘জিতিয়া কৰম’ পতাৰ তেনে কোনো নিৰ্দিষ্ট সময় নাই। কৰম পূজাত বিবিধ নৃত্য-গীত কৰা হয়। এই নৃত্য-গীতবোৰক কেইবাটাও ভাগত ভগাব পাৰি। যেনে- বন্দনা গীত, খেমটাগীত, ডাল গীত, ঝুমুৰ গীত, ৰং গীত আৰু ভীনচেৰীয়া গীত ইত্যাদি। কৰম পূজা বা কৰম পৰবত ব্যৱহৃত বাদ্যৰ ভিতৰত প্ৰধানত: মাদলেই অন্যতম।

(iii) আলি-আই লৃগাং : অসমৰ মিচিং জনগোষ্ঠীয় প্ৰধান উৎসৱৰূপে পৰিগণিত হোৱা উৎসৱ হ’ল আলি-আই-লৃগাং। এই উৎসৱটি হ’ল কৃষিৰ লগত জড়িত উৎসৱ। এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণিৰ উৎসৱ বুলিও কোৱা হয়। মিচিং ভাষাত ‘আলি’ মানে শস্যৰ বীজ বা কঠীয়া, ‘আয়ে’ মানে ফল আৰু ‘লৃগাং’ মানে আৰম্ভণি হোৱা বুজায়। প্ৰতি বছৰৰ ফাগুন মাহৰ প্ৰথম বুধবাৰৰ দিনা এই উৎসৱ পালন কৰা হয়। আমাৰ ৰঙালী বিহুৰ দৰেই এই উৎসৱতো মিচিং লোকসকলে নানা ৰং-ৰহইচ কৰে।

আলি-আই লৃগাং উৎসৱৰ প্ৰথম দিনা আবেলি ভাগত শস্য সিঁচাৰ কাম কৰা হয়। তাৰ পাছতে সমূহীয়া ভোজন আৰু গুমৰাগ নৃত্য পালন কৰা হয়। ধৰ্মীয় ৰীতি অনুসৰি ঘৰত তৈয়াৰ কৰা আপং আৰু পুৰাং, মাছ-মাংস ভোজন খোৱা হয়। দিনৰ অনুষ্ঠান শেষ হোৱাৰ পিছত সন্ধিয়া মিচিং ডেকা-গাভৰুৱে ‘গুমৰাগ নৃত্য’ত নাচে। ডেকা-গাভৰুৰ উপৰি গাঁৱৰ বুঢ়া-বুঢ়ী, বিবাহিত-অবিবাহিত সকলোৱে মিলি এই নাচ নাচে। নৃত্যত অংশগ্ৰহণ কৰা লোকসকলে তাঁতত বোৱা ৰঙীণ সাজ-পোছাক ব্যৱহাৰ কৰে। শাৰী পাতি বা ঘূৰণীয়াকৈ অতি শৃংখলাবদ্ধ নচা এই গুমৰাগ নৃত্য অতি মনোমোহা।

পাঠভিত্তিক ব্যাকৰণৰ আলোচনা

১। কৰ্তা, কৰ্ম আৰু ক্ৰিয়া কাক বোলে উদাহৰণসহ বুজাই লিখা।

উত্তৰ :- কোনো এটা বাক্যত যিয়ে কামটো কৰা বুজায় সিয়ে কৰ্তা। কৰ্তাই যাৰ আধাৰৰূপে লৈ ক্ৰিয়া কৰে তাকে কর্ম বোলে। আনহাতে কোনো কাম কৰা বা নকৰা অথবা হোৱা বা নোহোৱা আদি বুজোৱা পদক ক্ৰিয়া বোলে। উদাহৰণস্বৰূপে- মই কিতাপ পঢ়িছোঁ।

এই বাক্যটোত ‘মই’ পদটোৱে কামটো (কিতাপ-পঢ়া) কৰা বুজাইছে বাবে ই কৰ্তা। ‘কিতাপ’ পদটোক আধাৰৰূপে লৈ কৰ্তাই কামটো কৰিছে বা ‘কিতাপ’ পদটো কর্ম। ‘পঢ়িছো’ পদটোৱে কামটো কৰা বুজাইছে বাবে ই ক্ৰিয়া।

২। তলৰ বাক্যকেইটাৰ পৰা কৰ্তা-কর্ম-ক্ৰিয়া বিচাৰি উলিওৱা।

(ক) শিক্ষকে শ্ৰেণীত পঢ়াইছে।

(খ) কমলে তাক মাতিছে।

(গ) মায়ে মোক ভাত দিছে।

(ঘ) বাইদেউ বজাৰলৈ যাব।

উত্তৰ :-       

বাক্যকৰ্তা কৰ্ম              ক্ৰিয়া
(ক) শিক্ষকে শ্ৰেণীত পঢ়াইছেশিক্ষকেপঢ়াইছে।
(খ) কমলে তাক মাতিছেকমলেতাকমাতিছে।
(গ) মায়ে মোক ভাত দিছেমায়ে মোকদিছে।
(ঘ) বাইদেউ বজাৰলৈ যাববাইদেউবজাৰলৈযাব।

অতিৰিক্ত পাঠভিত্তিক প্ৰশ্নোত্তৰ

১। বিদ্যুৎ আৰু প্ৰদ্যুতে ক’ত আৰু কাৰ ঘৰত থাকি অধ্যয়ন কৰি আছে ?

উত্তৰ :- বিদ্যুৎ আৰু প্ৰদ্যুতে গুৱাহাটীত থকা নিজৰ মোমায়েকৰ ঘৰত থাকি এখন স্থানীয় বিদ্যালয়ত অধ্যয়ন কৰি আছে।

২। প্ৰদ্যুতহঁতে কোন তাৰিখে নলবাৰীলৈ যাত্রা কৰিছিল ?

উত্তৰ :- বাৰ এপ্ৰিল তাৰিখে।

৩। প্ৰদ্যুতহঁত গাঁওখনৰ নাম কি ?

উত্তৰ :- প্ৰদ্যুতহঁত গাঁওখনৰ নাম হ’ল সুন্দৰপুৰ।

৪। প্ৰদ্যুতহঁতৰ কেতিয়া সুন্দৰপুৰ গৈ পাইছিল ?

উত্তৰ :- আবেলি পশ্চিমত বেলি লহিওৱাপৰত প্ৰদ্যুতহঁতে সুন্দৰপুৰ পাইছিল।

৫। কি দেখি বিদ্যুতৰ মন-প্ৰাণ ভৰি গৈছিল।

উত্তৰ :- আবেলি বেলিৰ হেঙুলি কিৰণ পৰি গছে-বনে সেউজীয়া সুন্দৰ গাঁওখনৰ চালে-চকুৰোৱা ৰূপ দেখি বিদ্যুতৰ মন-প্ৰাণ ভৰি গৈছিল।

৬। সুন্দৰপুৰ গাঁৱত কোনদিনা ভঠেলি উৎসৱ পালন কৰা হৈছিল ?

উত্তৰ :- তিনি বহাগ, ইংৰাজী ষোল্ল এপ্ৰিল তাৰিখে সুন্দৰপুৰ গাঁৱত ভঠেলি উৎসৱ পালন কৰা হৈছিল।

৭। প্ৰদ্যুতে আৰু বিদ্যুতে ভঠেলিৰ আগদিনা প্ৰদ্যুতহঁতৰ ঘৰত কি খেল খেলিছিল ?

উত্তৰ :- কেৰম খেলিছিল।

৮। ভঠেলি এটি লোক উৎসৱ। তোমালোকে লোক উৎসৱ বুলিলে কি বুজা ? তোমালোকৰ নিজ নিজ অঞ্চলত লোক উৎসৱৰ প্ৰচলন আছে নেকি ? লোক উৎসৱসমূহৰ এখনি তালিকা কৰা।

উত্তৰ :- কোনো এটা অঞ্চলত পৰম্পৰাগতভাৱে চলি অহা আৰু জাতি-ধর্ম-নিৰ্বিশেষে সকলো লোকে অংশগ্ৰহণ কৰা উৎসৱসমূহকে লোক-উৎসৱ আখ্যা দিব পাৰি।

আমাৰ অঞ্চলতো বিভিন্ন লোক উৎসৱৰ প্ৰচলন আছে। ইয়াৰ ভিতৰত অন্যতম হ’ল মহহো বা মহখেদা উৎসৱ, জেঠমহীয়া নাম, গৰখীয়া উৎসৱ, সামাজিক বিবাহ অনুষ্ঠান, ভেকুলী বিয়া ইত্যাদি।

অসমৰ বিভিন্ন লোক উৎসৱ হ’ল – ফাকুৱা বা দৌল, বিহু, ভঠেলি, মহহো, কৰম পূজা, টুচু পূজা, আলি-আই-লৃগাং, লগুন দিয়নি বা উপনয়ন, তোলনী বিয়া, অম্বুবাচী ইত্যাদি।

৯। অসমৰ এটা অন্যতম লোক উৎসৱৰ বিষয়ে লিখা।

উত্তৰ :- অসমৰ এটা অন্যতম লোক উৎসৱ হ’ল- মহহো বা মহখেদোৱা উৎসৱ। নামনি অসমৰ বিভিন্ন ঠাইত বিশেষকৈ অবিভক্ত কামৰূপ জিলা আৰু গোৱালপাৰা জিলাত এই উৎসৱ পালন কৰা হয়। আঘোণ মাহৰ পূৰ্ণিমাৰ দিনা এই মহহো উৎসৱ পালন কৰা হয়। সিদিনা গাঁৱৰ চেমনীয়াসকলে জাক পাতি ঘৰে ঘৰে নাচি নাচি মহখেদা গীত গায়। এই উৎসৱত গাঁৱৰ বাবে কেতবোৰ বিশেষ গীত প্ৰচলিত আছে আৰু নাচিবৰ পৰত বাঁহৰ এচাৰি বা টাঙোনেৰে মাটিত কোবাই কোবাই নাচি এই গীতবোৰ গোৱা হয়। গৃহস্থই এই চেমনীয়া দলবোৰক ধান-চাউল, টকা-পইচা উচৰ্গা কৰে। মহহো উৎসৱে মহ খেদোৱাত সহায় কৰে বুলি বিশ্বাস কৰা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top