Assam Jatiya Bidyalay Class 5 Assamese Chapter 10 বাৰিষা

Assam Jatiya Bidyalay Class 5 Assamese Chapter 10 বাৰিষা, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় আপোন পাঠ Class 5 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 10 বাৰিষা Class 5 Assamese Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 5 Assamese Chapter 10 বাৰিষা Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 5 Assamese Chapter 10 বাৰিষা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

বাৰিষা

Chapter – 10

অসম জাতীয় বিদ্যালয়

পাঠভিত্তিক প্ৰশ্নোত্তৰ

* তলৰ শব্দবোৰৰ অৰ্থ লিখা :

গহীন, গাজনি, ছানি, লৰি, ঘৰমুৱা, বেগা-বেগি, জুম, খৰধৰ, ডোঙা।

উত্তৰ :- 

শব্দ অৰ্থ
গহীনধীৰ; প্ৰশান্ত।
গাজনিডাঙৰ শব্দ।
ছানিআৱৰি।
লৰিখৰখেদাকৈ; বেগাই।
ঘৰমুৱাঘৰৰ ফাললৈ যোৱা।
বেগা-বেগিখৰধৰ।
জুমদল; সমূহ; জাক।
খৰধৰলৰালৰি।
ডোঙাপানী থকা সৰু খাল; খাৱৈ।

পাঠভিত্তিক ক্ৰিয়া-কলাপৰ প্ৰশ্নোত্তৰ

১। তলৰ বৰহাতৰ আখৰেৰে লিখা শব্দবোৰ বহীত লিখি নতুনকৈ বাক্য সাজাঁ :

(ক) ঘৰৰ চালৰ পৰা টিপটিপ কৈ পানী পৰিছে।

(খ) বান্ধৰটোৱে খেক্ খেককৈ মাতিছে।

(গ) ঘড়ীটোৱে টিক টিক কৰিছে।

(ঘ) কেৰ কেৰ শব্দ কৰি দুৱাৰখন খোল খাইছে।

উত্তৰ :- (ক) টিপ টিপ :- টিপ টিপ কৈ সৰা নিয়ৰৰ শব্দটিয়ে এক নতুন পৰিবেশৰ সৃষ্টি কৰিছে।

(খ) খেক্ খেক্ :- ৰামুৱে খেক্ খেককৈ হঁহাত সকলোৱে ঘূৰি চালে।

(গ) টিক টিক :- ঘড়ীটোৱে টিক টিক কৰিছে।

(ঘ) কেৰ কেৰ :- গৰুটোৱে জেওৰাখন ভঙাত কেৰ কেৰ শব্দ হৈছে।

২। খালী ঠাই পূৰ কৰা :

(ক) বাটেৰে যোৱা মানুহ = বাটৰুৱা

(খ) গাঁৱত কাম কৰা মানুহ = __________

(গ) নাও চলোৱা মানুহ = __________

(ঘ) ঘৰত পোহা জন্তু = __________

(ঙ) মাহে মাহে যি হয় = __________

উত্তৰ :- (ক) বাটেৰে যোৱা মানুহ = বাটৰুৱা

(খ) গাঁৱত বাস কৰা মানুহ = গাঁৱলীয়া

(গ) নাও চলোৱা মানুহ = নাৱৰীয়া

(ঘ) ঘৰত পোহা জন্তু = ঘৰচীয়া

(ঙ) মাহে মাহে যি হয় = মাহেকীয়া

৩। তলৰ বিষয় কেইটাৰ বিষয়ে দহোটামান বাক্যত একোটিকৈ টোকা লিখা :

পথাৰ, নদী, অৰণ্য

উত্তৰ :- (i) পথাৰ :- পথাৰ বুলি ক’লে আমি আহল-বহল খেতি কৰা ঠাই এডোখৰকে বুজো। সেইদৰে আমি খেল-ধেমালি কৰা মুকলি ঠাই ডোখৰকো পথাৰ বুলি কোৱা হয়। খেতি কৰা পথাৰক খেতিপথাৰ আৰু খেল-ধেমালি কৰা পথাৰক খেলপথাৰ বোলে। অসমৰ প্ৰতিখন গাঁৱতে খেতিপথাৰ আছে। বাৰিষা সেউজীয়া ধানেৰে উপচি পৰা পথাৰখন দেখিলে আমাৰ মনবোৰ মুকলি মুকলি লাগে। সেইদৰে আঘোণৰ সোণোৱালী ধানেৰে উপচি পৰা পথাৰখন দেখি খেতিয়কৰ মনত আনন্দৰ জোৱাৰ আহে। আমি ধান চপাই নিয়া পথাৰত লেচেৰি বুটলো। ভোগালী বিহুত পথাৰত ভেলাঘৰ আৰু মেজি সজা হয়।

আমাৰ বিদ্যালয়ৰ খেলপথাৰখন যথেষ্ট আহল-বহল। স্কুলৰ বাৰ্ষিক অধিৱেশনৰ খেলসমূহ এই পথাৰখনতে অনুষ্ঠিত কৰা হয়। ইয়াৰ উপৰিও বিভিন্ন ডাঙৰ সভা-সমিতি আদিও এই খেল-পথাৰতে অনুষ্ঠিত কৰা হয়। এবাৰ মুখ্যমন্ত্ৰী আমাৰ গাঁৱলৈ আহোতে এই খেলপথাৰখনতে হেলিকপ্তাৰেৰে নামিছিল। চহৰত এখন মুকলি পথাৰৰ অভাৱ।নগৰীয়া মানুহে ষ্টেডিয়াম আৰু উদ্যানসমূহকে পথাৰৰ বিকল্প হিচাবে ব্যৱহাৰ কৰে।

(ii) নদী :- আমাৰ দেশত বহুতো নদী আছে। পাহাৰৰ পৰা নামনিলৈকে প্ৰায় সকলো অঞ্চলতে সৰু-বৰ বহুতো নদী আছে। প্ৰায় এক কথাত ক’বলৈ হ’লে আমাৰ দেশখন নদীমাতৃক দেশ। নদীক কেন্দ্ৰ কৰিয়েই দেশত বিভিন্ন সভ্যতা গঢ় লৈ উঠিছে। নদীৰ উপত্যকাবোৰ সাৰুৱা হয় বাবে আমাৰ দেশৰ কৃষি ব্যৱস্থা প্ৰায় নদীৰ ওপৰত নিৰ্ভৰশীল। পৃথিৱীৰ বৃহৎ নদীসমূহৰ ভিতৰত অন্যতম বৃহৎ নদী ব্ৰহ্মপুত্ৰ আমাৰ অসমৰ মাজেদি বৈ গৈ বঙ্গোপসাগৰত মিলিছে। এই ব্ৰহ্মপুত্ৰৰ মাজতে বিশ্বৰ  সৰ্ববৃহৎ নদী-দ্বীপ মাজুলী অৱস্থিত। খৰশ্ৰোতা নৈ সমূহত  কৃটিম বান্ধ দি জলবিদ্যুৎ উৎপাদন কৰা হয়। বাৰিষা প্ৰায়ভাগ নদীৰে পাৰ পানীৰে উপচি পৰে। কোনো কোনো ঠাইত বানপানীও হয়।

নদীসমূহ বিভিন্ন প্ৰাকৃতিক সম্পদৰ উৎস। ইয়াত মাছ-কাছ আদি পোৱাৰ উপৰিও বালি আৰু নদীৰ পৰাই আহৰণ কৰা হয়। কিছুমান নদীৰ বুকুৰ পৰা সোণ আহৰণ কৰা হয়। উল্লেখযোগ্য অসমৰ সোৱণশিৰি নদীখনত হেনো এসময়ত সোণ আহৰণ কৰা হৈছিল। নদীক যাতায়তৰ বাবেও ব্যৱহাৰ কৰা হয়। বিভিন্ন নাও, জাহাজ আদি নদীৰ জলপথেৰে চলোৱা হয়। প্ৰাচীন কালত স্থলপথ আৰু আকাশীপথৰ অভাৱ আছিল আৰু নদীৰ জলপথেই একমাত্ৰ সুগম পথ হিচাপে ব্যৱহাৰ কৰা হৈছিল।

(iii) অৰণ্য :- অৰণ্য বুলি ক’লে হাবি-বননিৰে ভৰা এক বৃহৎ অঞ্চলৰ কথাই আমাৰ মনলৈ আহে। পৃথিৱীৰ স্থলভাগত এক বৃহৎ অংশক অৰণ্যই আগুৰি আছে। এই অৰণ্যসমূহ বিভিন্ন বনজাত সম্পদৰ উৎস। বিভিন্ন গছ-লতাৰ উপৰিও অৰণ্যত বসবাস কৰা জীৱ-জন্তুৱে পৃথিৱীৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰি আহিছে। অৰণ্য পৰিৱেশ সংৰক্ষণৰো প্ৰধান কাৰক। কিন্তু দুখৰ বিষয়, জনসংখ্যা বৃদ্ধিৰ লগে লগে এই অৰণ্যসমূহ মানুহৰ হাতত ধ্বংস হ’ব ধৰিছে। তাৰ ফলো এতিয়া মানুহে ভূগিব লাগিছে; অনাবৃষ্টি, খৰাং তথা অতিবৃষ্টি আদিয়ে মানুহৰ জীৱন তথা পৃথিৱীখনক প্ৰভাৱিত কৰিছে। আমি সকলোৱে অৰণ্যৰ সংৰক্ষণ তথা সংবৰ্ধনৰ বাবে চেষ্টা কৰা উচিত; ন’হলে এই ধুনীয়া পৃথিৱীখন এদিন বসবাসৰ অনুপযোগী হৈ পৰিব।

অৰণ্যক কেন্দ্ৰ কৰিয়েই বিভিন্ন বৃহৎ বৃহৎ উদ্যান, অভয়াৰণ্য আদি গঢ় দিয়া হৈছে। অসমৰ কাজিৰঙা, মানাহ, পবিতৰা, ওৰাং আদি তেনে অঞ্চল। সেইদৰে ভাৰতৰ পশ্চিমবংগৰ সুন্দৰবন, উত্তৰ প্ৰদেশৰ তৰাই আদি বিভিন্ন অৰণ্য আছে।

৪। কবিতাটো সম্পূৰ্ণকৈ মুখস্থ কৰি আবৃত্তি কৰা।

উত্তৰ :- ছাত্ৰ-ছাত্ৰীসকলে কবিতাটি ভালদৰে মুখস্থ কৰি পিছত আবৃত্তি কৰিবলৈ চেষ্টা কৰিব।

৫। পঢ়া, বুজা আৰু লিখা :

বেগা-বেগি – খৰ-খেদা

হালি-জালি – __________

গুৰু-গহীন – __________

মেঘ – __________

বতাহ – __________

উত্তৰ :- বেগা-বেগি – খৰ-খেদা

হালি-জালি – দোঁ খাই

গুৰু-গহীন – ধীৰ-স্থিৰ

মেঘ – ডাৱৰ; অম্বুদ

বতাহ – বায়ু; পৱন; সমীৰ; অনিল

৬। প্ৰথমে কোৱা, তাৰ পাছত লিখা :

(ক) মেঘে কেনেকৈ ছানি উঠে ?

উত্তৰ :- আকাশখন ক’লা মেঘে ঢাকি ধৰে। গুৰু গৰু শব্দৰে গাজনি ঢেৰেকণি আহে; বিজুলী মাৰে। তাৰ পাছত টিপ টিপ বৰষুণ আহি পৃথিৱীত পৰেহি।

(খ) সোণটিয়ে কি ভাবি থাকে ?

উত্তৰ :- বাৰিষানো কিয় হয় সোণটিয়ে তাকে ভাবি থাকে।

(গ) খালে-ডোঙে কিহে চিঞৰি উঠে ?

উত্তৰ :- খালে-ডোঙে ভেকুলীয়ে চিঞৰি উঠে।

(ঘ) গৰু-গাইবোৰ লৰা-ঢপৰা কৰি ক’লৈ আহে ?

উত্তৰ :- গৰু-গাইবোৰ লৰা-ঢপৰা কৰি ঘৰলৈ আহে।

(ঙ) বাৰিষা কেনেকৈ হয় ?

উত্তৰ :- পৃথিৱীত থকা পানীবোৰ সূৰ্যৰ তপত জলীয় বাষ্প হৈ আকাশলৈ উৰি যায় আৰু আকাশত ডাৱৰ হিচাপে জমা হয়। এই মেঘ বা ডাৱৰবোৰে পৰস্পৰ খুন্দা খাই বিভিন্ন শব্দৰে তললৈ নামি আহে। ই তললৈ নামি আহি বৰষুণ ৰূপে পৃথিৱীত পৰেহি। আকাশখন ক’লা-বগা মেঘে ঢাকি ৰাখে বাবে বাৰিষাৰ সময়ত ৰ’দ নোলায়। বাৰিষা এইদৰেই হয়।

(চ) বাৰিষাৰ আকাশখন কেনেকুৱা হয় বাৰু ?

উত্তৰ :- বাৰিষাৰ আকাশখন ক’লা-বগা মেঘবোৰে ঢাকি ধৰে। বেলিটিয়ে আধা দেখা দিয়ে।

৭। ভাষা আৰু উত্তৰ উলিওৱা :

(ক) ৰজাৰ চোতাল, 

ঘন ঘন গজল

উত্তৰ : বৰষুণ।

অতিৰিক্ত পাঠভিত্তিক প্ৰশ্নোত্তৰ

১। ‘বাৰিষা’ কবিতাটিৰ কবিৰ পৰিচয় দিয়া।

উত্তৰ :- ‘বাৰিষা’ কবিতাটিৰ কবি হ’ল শশীকান্ত গগৈ। ১৯১৬ চনত জন্মগ্ৰহণ কৰা গগৈয়ে দুশৰো অধিক কবিতা লিখি থৈ গৈছে। ১৯৮৯ চনত তেখেতৰ মৃত্যু হয়।

২। বাৰিষা বায়ু কিদৰে বয় ?

উত্তৰ :- বাৰিষা বায়ু হো হো শব্দ কৰি বয়।

৩। বাৰিষা বাটৰুৱাই কেনেকৈ বাট বুলে ?

উত্তৰ :- বাৰিষা বাটৰুৱাই বেগা-বেগিকৈ বাট বুলে।

৪। চোতালৰ ধান কিয় খৰধৰকৈ তোলা হয় ?

উত্তৰ :- বাৰিষাৰ বৰষুণত তিতিব বুলি চোতালৰ ধান খৰধৰকৈ তোলা হয়।

৫। বাৰিষা আকাশত বেলিটিৰ কেনে ৰূপ হয় ?

উত্তৰ :- বাৰিষা আকাশত বেলিটিয়ে আধা দেখা দিয়ে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top