ড° জাকিৰ হুছেইন জীৱনী – স্বাধীন ভাৰতৰ ৩য় জন ৰাষ্ট্ৰপতি | Zakir Husain

ড° জাকিৰ হুছেইন | Zakir Husain Essay in Assamese | Biography of Zakir Husain in Assamese | ড° জাকিৰ হুছেইন বিষয়ে জীৱনী | ড° জাকিৰ হুছেইন বিষয়ে ৰচনা | ড° জাকিৰ হুছেইনৰ চমু পৰিচয়।

Join Telegram channel

শিক্ষা হ’ল এক জীৱন ব্যাপ্তি চলা প্ৰক্ৰিয়া। শিক্ষাৰ জৰিয়তে দূৰ হয় মনৰ আন্ধাৰ। শিক্ষাৰ অবিহনে এক সুস্থিৰ সমাজ গঢ় দিয়াটো সম্ভৱ নহয়। শিক্ষা হ’ল মানৱ জাতিৰ উত্তৰণৰ এক অন্যতম প্ৰধান কাৰক। শিক্ষাৰ গুৰি বঠা ধৰি শিক্ষক সকলে এখন সমাজক প্ৰগতিৰ পথত আগুৱাই লৈ যায়। শিক্ষাৰ মাধ্যমেৰে সমাজখনত পোহৰৰ সূচনা কৰিবলৈ প্ৰয়াস কৰা এজন ব্যক্তি হ’ল ড° জাকিৰ হুছেইন (Dr. Zakir Hussain)। কেৱল শিক্ষাই নহয় যিসকল ব্যক্তিৰ ব্যক্তিত্ব আৰু দেশ প্ৰেমৰ ফলশ্রুতিত ভাৰতবৰ্ষ এখন আধুনিক, শক্তিশালী দেশ হিচাপে গঢ় লৈ উঠিছে তাৰ ভিতৰত এজন অন্যতম ব্যক্তি হ’ল ড° জাকিৰ হুছেইন। স্বাধীন ভাৰতৰ তৃতীয় গৰাকী ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পৰৱৰ্তী সময়ত বিভিন্ন প্ৰত্যাহ্বানৰ সম্মুখীন হৈও ভাৰতক এখন শক্তিশালী ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছিল ড° জাকিৰ হুছেইনে। বিশেষকৈ তেওঁ শিক্ষা ক্ষেত্ৰখনত সংস্কাৰ সাধন কৰি ভাৰতবৰ্ষক এখন শক্তিশালী দেশলৈ পৰিণত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছিল।

জাকিৰ হুছেইন

ড° জাকিৰ হুছেইন জীৱনী | Biography of Dr. Zakir Hussain

নামড° জাকিৰ হুছেইন (Dr. Zakir Hussain[1])
জন্ম চন৮ ফেব্ৰুৱাৰী, ১৮৯৭ চন
জন্ম স্থানহায়দৰাবাদ, ভাৰত (বৰ্তমানৰ তেলেংগানা)
পিতৃফিদা হুছেইন খান
শিক্ষা১/ ইটোৱাৰ ইছলামীয়া হাইস্কুল, ফৰুৰখাবাদ জিলা
২/ আলিগড় মুছলিম বিশ্ববিদ্যালয়
৩/ বাৰ্লিন বিশ্ববিদ্যালয়, জাৰ্মানী
বঁটা১/ ভাৰত ৰত্ন (১৯৬৩ চন)
২/ পদ্মবিভূষণ (১৯৫৪ চন )
৩/ এলাহাবাদ, আলিগড়, কলিকতা, দিল্লী, কহিৰাে আদি বিশ্ববিদ্যালয়ৰ পৰা ডি. লিট উপাধিৰে সম্মানিত
মৃত্যু৩ মে’, ১৯৬৯ চন

Also Read: জীৱনী: ড° বিৰিঞ্চি কুমাৰ বৰুৱা – অসমীয়া সাহিত্যিক | Birinchi Kumar Barua

জাকিৰ হুছেইন পৰিয়াল তথা প্ৰাৰম্ভিক জীৱন

জাকিৰ হুছেইনৰ জন্ম হৈছিল দাক্ষিণাত্যৰ হায়দৰাবাদত এটি আফগান পৰিয়ালত ১৮৯৭ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখে। তেখেতৰ পিতৃ ফিদা হুছেইন খান আছিল এজন আইনজীৱী। শৈশৱৰ সময়খিনিত যথেষ্ট প্ৰত্যাহ্বানৰ মাজেৰে অতিবাহিত কৰিছিল জাকিৰ হুছেইনে। জাকিৰ হুছেইনৰ মাত্ৰ ১০ বছৰ বয়সতে পিতৃয়ে ইহলীলা সম্বৰণ কৰাৰ পৰৱৰ্তী সময়ত তেওঁৰ ১৪ বছৰ বয়সত মাতৃয়েও ইহলীলা সম্বৰণ কৰে। তথাপিও জীৱন যুঁজত কেতিয়াও হাৰ মনা নাছিল জাকিৰ হুছেইনে।

শিক্ষা

জাকিৰ হুছেইনে প্ৰাথমিক শিক্ষা হায়দৰাবাদতে গ্ৰহণ কৰিছিল। অন্যহাতে উচ্চ মাধ্যমিক শিক্ষা গ্ৰহণ কৰিছিল চুলতান বজাৰ হাই স্কুল নামৰ এখন আৱাসিক বিদ্যালয়ত। ইয়াৰ পৰৱৰ্তী সময়ত ইটাৱাৰ ইছলামীয়া হাইস্কুলত হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰাৰ পিছত লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত খ্ৰীষ্টিয়ান ডিগ্ৰী কলেজৰ পৰা অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পৰৱৰ্তী সময়ত জাকিৰ হুছেইন এলাহাবাদ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত Muhammadan Anglo-Oriental College -ত নাম ভৰ্তি কৰে। এইখন মহাবিদ্যালয় বৰ্তমান সময়ত আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ হিচাপে জনাজাত। উল্লেখ্য যে তেখেতে ১৯২৬ চনত বাৰ্লিন বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰে। গুৰুত্বপূৰ্ণ কথা যে, ছাত্ৰ অৱস্থাৰ পৰাই জাকিৰ হুছেইন নেতৃত্ব গুণৰ অধিকাৰী এজন সবল ছাত্ৰ নেতা হিচাপে আত্মপ্ৰকাশ কৰিছিল।

তাৎপৰ্যপূৰ্ণ কথা যে ১৯২০ চনত জাকিৰ হুছেইন সহঃ বহু কেইজন ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকে আলিগড়ত ৰাষ্ট্ৰীয় মুছলিম বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। অৱশ্যে পৰৱৰ্তী সময়ত এই ৰাষ্ট্ৰীয় মুছলিম বিশ্ববিদ্যালয় খন জামিয়া নগৰলৈ স্থানান্তৰ কৰা হয় আৰু জামিয়া মিলিয়া বিশ্ববিদ্যালয় হিচাপে পুনৰ নামকৰণ কৰা হয়। 

কৰ্মজীৱন

জাকিৰ হুছেইনে জামিয়া মিলিয়া বিশ্ববিদ্যালয়ত শিক্ষকতা কৰিয়েই তেওঁৰ বৃত্তিগত জীৱনৰ পাতনি মেলিছিল। তেওঁ জামিয়া মিলিয়া বিশ্ববিদ্যালয়ত ১৯২০ চনৰ পৰা ১৯২২ চনলৈকে শিক্ষকতা কৰিছিল। 

ইয়াৰ পৰৱৰ্তী সময়ত ১৯২৭ চনত জাকিৰ হুছেইনে জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ মুৰব্বী তথা উপাচাৰ্য হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি ১৯৪৮ চনলৈকে এই পদতে কাৰ্যনিৰ্বাহ কৰিছিল। বিশ্ববিদ্যালয় খনৰ প্ৰতিষ্ঠা কৰাৰে পৰা উপাচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰালৈকে বিভিন্ন দিশত সমস্যা তথা প্ৰত্যাহ্বানৰ সম্মুখীন হৈও পুথিগত জ্ঞানৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলক স্বাৱলম্বী কৰি তুলিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল। 

গুৰুত্বপূৰ্ণ কথা যে নানান প্ৰত্যাহ্বান তথা সমস্যাৰ মাজত একেৰাহে বহু বছৰ ধৰি উপাচাৰ্যৰ পদত অধিষ্ঠিত হৈ থকাৰ পিছত ১৯৫৬ চনত জাকিৰ হুছেইন ভাৰতীয় সংসদীয় ব্যৱস্থাত উচ্চ সদনলৈ সদস্য হিচাপে মনোনীত হয়। উল্লেখ্য যে জাকিৰ হুছেইনে ১৯৫৭ চনৰ পৰা ১৯৬২ চনলৈকে বিহাৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰি সফল ভাৱে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ উপৰিও ড° জাকিৰ হুছেইনে ১৯৫৭ চনত ৰাষ্ট্ৰসংঘৰ United Nations Educational, Scientific and Cultural Organization (UNESCO) -ৰ কাৰ্যনিৰ্বাহক পৰিষদৰো সদস্য হিচাপে দায়িত্ব পালন কৰাৰ উপৰিও ১৯৫৭ চনত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ ৰূপেও সূচাৰুৰূপে দায়িত্ব পালন কৰিছিল। ১৯৫৭ চনত তেওঁ বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ সদস্য হিচাপে দায়িত্ব পালন কৰাৰ লগতে ১৯৪৮ – ৪৯ চনত বিশ্ববিদ্যালয়ৰ শিক্ষা আয়োগৰ সদস্য পদ অলংকৃত কৰাৰ সমান্তৰালকৈ বিহাৰ, উত্তৰ প্ৰদেশ আৰু মধ্য – প্ৰদেশৰ শৈক্ষিক পুনৰ্গঠন সমিতিৰ‌ সদস্যৰ দায়িত্ব পালন কৰিছিল।

ৰাজনৈতিক 

ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ ১৯৬২ চনত ভাৰতৰ দ্বিতীয় জন উপ-ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰি ১৯৬৭ চনলৈকে উপ-ৰাষ্ট্ৰপতিৰ পদত কাৰ্যনিৰ্বাহ কৰিছিল। উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পৰৱৰ্তী সময়ত জাকিৰ হুছেইন ১৯৬৭ চনৰ ১৩ মে’ তাৰিখে স্বাধীন ভাৰতৰ তৃতীয় জন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়। উল্লেখ্য যে ইছলাম ধৰ্মৰ পৰা নিৰ্বাচিত হোৱা তেওঁ আছিল প্ৰথমজন ৰাষ্ট্ৰপতি। গুৰুত্বপূৰ্ণ কথা যে ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰি তেওঁ প্ৰথমে প্ৰদান কৰা ভাষণৰ জৰিয়তে মন্তব্য প্ৰকাশ কৰিছিল যে, তেওঁৰ বাবে ভাৰত বৰ্ষ হ’ল নিজৰ ঘৰ আৰু ইয়াত বসবাস কৰা প্ৰতিজন ব্যক্তি তেওঁৰ পৰিয়ালৰ এজন সদস্যৰ দৰে। 

গুৰুত্বপূৰ্ণ কথা যে জাকিৰ হুছেইন ভাৰতীয় সংসদীয় ৰাজনীতিৰ এটা উল্লেখযোগ্য ব্যক্তি সত্বা তথা এজন  ৰাজনীতিবিদ হিচাপে সকলো গুণেৰে পৰিপূৰ্ণ থকা ব্যক্তি হোৱাৰ সমান্তৰালকৈ তেওঁ আছিল এজন শিক্ষাবিদ। উল্লেখ্য যে ড০ হুছেইনে  ভাৰতৰ বিশ্ববিদ্যালয় সমূহ বৌদ্ধিক অখণ্ডতাৰ ওপৰত দৃঢ় বিশ্বাসী হোৱাৰ সমান্তৰালকৈ বিশ্বাস কৰিছিল যে উন্নত শিক্ষা আৰু গৱেষণাক উৎসাহিত কৰাটো এখন দেশক শক্তিশালী কৰাৰ সৰ্বশ্ৰেষ্ঠ উপায়। উল্লেখ্য যে, অষ্টম শ্ৰেণীত অধ্যয়ন কৰি থকাৰ সময়তে তেওঁ লিখা প্ৰথম ৰচনা খনত উল্লেখ কৰিছিল যে, এজন শিক্ষাৰ্থীৰ জীৱনৰ উদ্দেশ্য হ’ব লাগে  কুসংস্কাৰ দূৰ কৰা আৰু অসৎ তথা বেয়া অভ্যাস সমূহ ত্যাগ কৰা। ইয়াৰ উপৰিও নিৰক্ষৰ লোকসকলৰ মাজত শিক্ষাৰ্থীসকলৰ এটা প্ৰধান কাম বুলি অভিহিত কৰাৰ লগতে শিক্ষাৰ প্ৰচাৰ কৰাটো শিক্ষাৰ অংশ হিচাপে বিবেচনা কৰাটো শিক্ষাৰ্থীৰ কৰ্তব্য হোৱা উচিত বুলি অভিহিত কৰিছিল। 

Also Read: জীৱনী: ৰামাস্বামী ভেঙ্কটৰমন – স্বাধীন ভাৰতৰ ৮ম গৰাকী ৰাষ্ট্ৰপতি | Ramaswamy Venkataraman

সাহিত্যৰাজি

এজন শিক্ষাবিদ তথা এজন ৰাজনীতিবিদ হোৱাৰ উপৰিও ড° জাকিৰ হুছেইন আছিল এজন সাহিত্যনুৰাগী ব্যক্তি। যাৰ বাবে তেওঁ জাৰ্মানীত থকা সময়ত বিখ্যাত উৰ্দু কবি মিৰ্জা আসাদুল্লাহ খানৰ “গালিব” নামৰ কবিতাৰ সংকলন খন প্ৰকাশ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।‌ ইয়াৰ উপৰিও অনুবাদ সাহিত্যৰ ক্ষেত্ৰখনলৈও জাকিৰ হুছেইনৰ অনবদ্য অৱদান আছিল। ১৯২০ চনত জামিয়া মিলিয়া বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰাৰ পিছতেই তেওঁ প্লেটোৰ The Republic আৰু কেননৰ Elementary Political Economy গ্ৰন্থ দুখন উৰ্দু ভাষালৈ অনুদিত কৰিছিল। ইয়াৰ উপৰিও ড° জাকিৰ হুছেইনে শিশুসকলৰ বাবে উৰ্দু ভাষাত বিভিন্ন ধৰণৰ কাহিনী ৰচনা কৰি এটি শিশুৰ মানসিক উৎকৰ্ষ সাধন কৰি বিজ্ঞান ধৰ্মী চিন্তাৰ বিকাশ ঘটাবলৈ বিশেষ ভাৱে প্ৰচেষ্টা হাতত লৈছিল। উদাহৰণ স্বৰূপে, ‘Saeeda ki amma’ নামৰ কাহিনীৰ জৰিয়তে ড° হুছেইনে চিকিৎসা বিজ্ঞানৰ প্ৰাসংগিকতাৰ কথা বৰ্ণনা কৰিছে। ইয়াৰ ওপৰিও তেওঁৰ আন কিছুমান কাহিনী হৈছে – “Blowing Hot, Blowing Cold”, “Little Chicken in a Hurry”, “The Poori that Ran Away”, “The Bravest Goat in the World”, and “A Flower Song”, “A Pact with the sun” ইত্যাদি। গুৰুত্বপূৰ্ণ কথা যে ড° জাকিৰ হুছেইনৰ নাতিনী তথা লেখিকা চামিনা মিশ্ৰই ড° হুচেইনৰ বহুবোৰ কাহিনী একত্ৰিত কৰি ‘The Magic Key’ নামেৰে সংকলিত কৰে। ইয়াৰ উপৰিও তেওঁৰ আন আন অনুদিত গ্ৰন্থ হৈছে- Educational reconstruction in India, The dynamic university, Friedrich List’, ‘National system of economics’ ইত্যাদি।

সমাজ জীৱনলৈ ড° জাকিৰ হুছেইনে আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ১৯৫৪ চনত তেওঁক পদ্মবিভূষণ, ১৯৬৩ চনত ভাৰতৰ সৰ্বোচ্চ নাগৰিক সন্মান হিচাপে ভাৰত ৰত্ন বঁটাৰে তেওঁক সন্মানিত কৰা হয়। ইয়াৰ উপৰিও ড° হুচেইনক দিল্লী, কলিকতা, আলিগড়, এলাহাবাদ আৰু কায়ৰো বিশ্ববিদ্যালয়ৰ দ্বাৰা ডি.লিট সন্মানেৰেও সন্মানিত কৰা হৈছিল। 

উল্লেখ্য যে ভাৰতৰ তৃতীয় ৰাষ্ট্ৰপতি হিচাপে দায়িত্বত থকাৰ সময়তে কাৰ্যকালৰ অন্ত নপৰাকৈয়ে ১৯৬৯ চনৰ ৩ মে’ তাৰিখে ইহলীলা সম্বৰণ কৰে জাকিৰ হুছেইনে। 

সামৰণি

ড° জাকিৰ হুছেইনৰ ৰাজনৈতিক সততা, প্ৰমূল্যবোধ, ধৰ্মনিৰপেক্ষ মনোভাৱ, শক্তিশালী ব্যক্তিত্ব, আদৰ্শ নতুন প্ৰজন্মৰ মাজত সদায় চিৰ উজ্জীৱিত হৈ থাকিব। শিক্ষাবিদ, ৰাজনীতিবিদ, সাহিত্যৰ ক্ষেত্ৰখনলৈ অৱদান আগবঢ়োৱা বিশাল ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি হিচাপে সমাদৃত জাকিৰ হুছেইনৰ বৌদ্ধিক দৃষ্টিভংগী, কঠোৰ পৰিশ্ৰম তথা নম্ৰ ব্যৱহাৰৰ বাবে বৰ্তমান সময়তো সকলোৰে মাজত জনপ্ৰিয় তথা বৰ্তমানো ড° জাকিৰ হুছেইনৰ চিন্তাৰ প্ৰাসংগিকতাৰ কথা সোঁৱৰাই থাকে।

ড° জাকিৰ হুছেইন আছিল উদাৰনৈতিক ধৰ্মীয় দৃষ্টিকোণ আৰু ধৰ্ম নিৰপেক্ষতাৰ প্ৰতি আস্থাশীল এজন ব্যক্তি। ৰাজনৈতিক ক্ষেত্ৰখনত সক্ৰীয় অংশগ্ৰহণৰ জৰিয়তে দেশৰ সৰ্বোচ্চ পদ ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ’লেও এজন শিক্ষাবিদ হিচাপেও তেওঁ আছিল জনপ্ৰিয়। উল্লেখ্য যে ড° জাকিৰ হুছেইন এটা সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল যদিও কঠোৰ প্ৰত্যাহ্বানৰ মাজতে জীৱন সংগ্ৰামত অৱতীৰ্ণ হৈ নিজৰ স্বকীয় প্ৰতিভা, অধ্যৱসায়, ধীশক্তি, উদ্যম আৰু ব্যক্তিত্বৰ জৰিয়তে  নিজকে  বিশিষ্ট শিক্ষাবিদ, সুলেখক, বিশিষ্ট ৰাজনীতিবিদ আৰু সহৃদয় মানব প্রেমিক ৰূপে প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল।

Also Read: জীৱনী: ভোগেশ্বৰ বৰুৱা – অসমৰ ক্ৰীড়া জগতৰ তাৰকা | Bhogeswar Baruah

FAQs

১) জাকিৰ হুছেইন কোন আছিল?

উঃ- জাকিৰ হুছেইন ভাৰতীয় অৰ্থনীতিবিদ, ৰাজনীতিবিদ তথা স্বাধীন ভাৰতৰ ৩য় জন ৰাষ্ট্ৰপতি আছিল।  

২) জাকিৰ হুছেইনৰ জন্ম কেতিয়া হৈছিল?

উঃ- ৮ ফেব্ৰুৱাৰী, ১৮৯৭ চনত।

৩) জাকিৰ হুছেইনে কৰ্মজীৱনৰ পাতনি কেনেকৈ মেলিছিল?

উঃ- জামিয়া মিলিয়া বিশ্ববিদ্যালয়ত শিক্ষক হিচাপে।

৪) জাকিৰ হুছেইনক পদ্মবিভূষণ কেতিয়া দিয়া হৈছিল?

উঃ- ১৯৫৪ চনত।

৫) জাকিৰ হুছেইনৰ মৃত্যু কেতিয়া হৈছিল?

উঃ- ১৯৬৯ চনৰ ৩ মে’ মাহত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top