বিশ্বকাপ ৰচনা | World Cup Essay in Assamese

বিশ্বকাপ ৰচনা | World Cup Essay in Assamese

Join Telegram channel

সম্প্রতি ক্রিকেট খেল সমগ্ৰ বিশ্বৰ জনসাধাৰণৰ বাবে অতি জনপ্রিয় খেল হিচাপে পৰিগণিত হৈ পৰিছে। ক্রিকেটখেলৰ খেলুৱৈসকলৰ নাম এতিয়া ল’ৰাৰ পৰা বুঢ়ালৈকে সকলোৰে মুখে মুখে আৰু তেওঁলোকৰ সমাদৰো চিনেমাৰ তাৰকাৰে দৰেই। সৌ সিদিনালৈকে ক্রিকেটপ্রেমীয়ে ক্রিকেট খেল বুলিলে কেৱল টেষ্ট মেচ আৰু এদিনীয়া মেচ- এই দুই প্ৰকাৰৰ খেলৰ কথাই জানিছিল। কিন্তু প্ৰকৃতিৰ নিয়মৰ দৰে পৰিৱৰ্তনৰ ধাৰা বহন কৰা ক্রিকেট খেলত শেহতীয়াকৈ অন্তৰ্ভুক্ত হ’ল টুৱেণ্টী-২০ ক্রিকেট। আই চি চি বা বিশ্ব ক্রিকেট সংস্থাই চিৰাচৰিত প্ৰথা ভংগ কৰি এদিনীয়াতকৈও কম আৰু অধিক উত্তেজনাপূৰ্ণ

বিশ্বকাপ ৰচনা | World Cup Essay in Assamese

কৰি তোলাৰ উদ্দেশ্যৰেই টুৱেণ্টী- ২০ ক্ৰিকেটৰ জন্ম দিলে। উল্লেখযোগ্য যে টেষ্ট ক্ৰিকেটৰ যি বেটিং শৈলী, সি এদিনীয়াত অপমৃত্যু ঘটে আৰু নৱতম সংযোজন টুৱেণ্টী ২০ ক্ৰিকেটত আকৌ এদিনীয়াৰ বেটিং শৈলীৰো ৰূপ সংক্ষিপ্ত হৈ পৰে।

Read Also: বিশ্বকাপ ফুটবল ৰচনা | Football World Cup Essay in Assamese

টুৱেণ্টী- ২০ বিশ্বকাপ, ২০০৭ | Twenty-20 World Cup, 2007

২০০৭ চনত প্ৰথমবাৰৰ বাবে বিশ্বকাপ টুৱেণ্টী-২০ খেল অনুষ্ঠিত হয়। দক্ষিণ আফ্রিকাত অনুষ্ঠিত হোৱা এই বিশ্বকাপত অষ্ট্রেলিয়া, ৱেষ্ট ইণ্ডিজ, দক্ষিণ আফ্রিকা, ইংলেণ্ড, ভাৰত, পাকিস্তান, নিউজিলেণ্ড, জিম্বাব’ৱে, শ্রীলংকা, বাংলাদেশ, কেনিয়া, স্কটলেণ্ড আদিকে ধৰি মুঠ ১২খন দেশে যোগদান কৰিছিল। এই ১২খন দেশৰ ১২ টা দলক চাৰিটা গ্ৰুপত ভাগ কৰা হৈছিল। প্রতি গ্ৰুপৰ পৰা দুটাকৈ দল ছুপাৰ এইটলৈ নিৰ্বাচিত হয় ৷ ছুপাৰ এইটলৈ নিৰ্বাচিত হোৱা দলকেইটা হৈছে দক্ষিণ আফ্রিকা, অস্ট্রেলিয়া, ভাৰত, পাকিস্তান, নিউজিলেণ্ড, শ্রীলংকা, বাংলাদেশ আৰু ইংলেণ্ড। ছুপাৰ এইটৰ পৰা নিৰ্বাচিত পাকিস্তানে নিউজিলেণ্ডক প্রথম চেমি ফাইনেলত তিনি উইকেটত পৰাস্ত কৰি চূড়ান্ত খেললৈ নির্বাচিত হয়। দ্বিতীয় চেমি ফাইনেলত ভাৰতে ১৫ ৰানত অস্ট্রেলিয়াক হৰুৱাই চূড়ান্ত খেল খেলাৰ যোগ্যতা লাভ কৰে।

চূড়ান্ত খেল | The Final Game

২০০৭ চনৰ ২৪ ছেপ্টেম্বৰত দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত ভাৰত-পাকিস্তানৰ টুৱেণ্টী-২০ বিশ্বকাপৰ চূড়ান্ত খেলখন অনুষ্ঠিত হয়। চূড়ান্ত খেলখনত ভাৰতে প্রথমে বেট ধৰি ছয় উইকেটৰ বিনিময়ত ১৫৭ ৰাণ সংগ্ৰহ কৰিছিল৷ ভাৰতৰ বাবে ক্ৰিকেটৰ চিৰবৈৰী দেশ পাকিস্তানৰ বাবে ১৫৭ ৰাণ সংগ্ৰহ কৰাটো স্বাভাৱিকতে অতি সাধাৰণ কথা আছিল। তেনে মুহূর্তত দর্শকেও ভাবিবলৈ বাধ্য হৈছিল যে পাকিস্তানেই চেম্পিয়ন হ’ব। সাধাৰণতে দেখা গৈছিল যে টুৱেণ্টী-২০ মেচত নিৰ্ধাৰিত ২০ অভাৰত প্ৰায়বোৰ আগশাৰীৰ দলেই ২০০ বা ততোধিক ৰাণ সংগ্ৰহ কৰিছিল। কিন্তু সুখৰ বিষয় যে ভাৰতীয় বলাৰসকলৰ বলৰ ওচৰত পাকিস্তানী বেছ মেন তিষ্ঠি থাকিব নোৱাৰিলে আৰু ভাৰতেই চূড়ান্ত বিজয়ীৰ সম্মান দখল কৰিলে। সফল কেপ্তেইন হিচাপে ইতিমধ্যে ক্রিকেটপ্রেমীৰ মাজত জনপ্ৰিয় হোৱা মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বাধীন ভাৰতীয় দলৰ হৈ উক্ত খেলত গৌতম গম্ভীৰে ৫৪টা বলত ৭৫ ৰাণৰ সৰ্বোচ্চ স্ক’ৰ কৰিছিল। সেইদৰে বলিঙত ইৰফান পাঠান আৰু যোগিন্দৰ সিঙে বিশেষ অৱদান আগবঢ়াইছিল। চূড়ান্ত খেলখনত সুন্দৰ প্ৰদৰ্শনেৰে ভাৰতীয় দলক জয়ৰ পথলৈ আগুৱাই নিয়াৰ বাবে ইৰফান পাঠানে ‘মেন অৱ দ্য মেচ’ সন্মান লাভ কৰে। বিজয়ী দল হিচাপে ভাৰতে বিশ্বকাপ টুৱেণ্টী-২০ টুফী আৰু ৪৯০,০০০ ডলাৰ প্ৰাইজমনী লাভ কৰে।

ইয়াৰ পাছত ক্ৰমে ২০০৯ চনত ইংলণ্ডত অনুষ্ঠিত বিশ্বকাপ টুৱেণ্টি- ২০ প্রতিযোগিতাত পাকিস্তান আৰু শ্ৰীলংকাৰ মাজৰ খেলখনত পাকিস্তানে ৮ উইকেটত জয়লাভ কৰিছিল। ২০১০ চনত রেষ্ট ইণ্ডিজত অনুষ্ঠিত চূড়ান্ত খেলত ইংলণ্ডই অস্ট্রেলিয়াক ৭ উইকেটত পৰাজিত কৰে। ২০১২ চনত শ্রীলংকাত অনুষ্ঠিত চূড়ান্ত খেলত ৱেষ্ট ইণ্ডিজে শ্রীলংকাক ৩৬ ৰাণত পৰাজিত কৰে। ২০১৪ চনত বাংলাদেশত অনুষ্ঠিত চূড়ান্ত খেলত শ্রীলংকাই ভাৰতক ৬ উইকেটত পৰাস্ত কৰে। ইয়াৰ পাছত ২০১৬ চনত ভাৰতবৰ্ষত অনুষ্ঠিত চূড়ান্ত খেলত ৱেষ্টইণ্ডিজে ইংলেণ্ডক ৪ উইকেটত পৰাজিত কৰে।

টুৱেন্টী- ২০ খেলৰ ভৱিষ্যৎ | The Future of Twenty-20 Games

সম্প্রতি ব্যস্ততাই সকলো মানুহকে যন্ত্ৰলৈ ৰূপান্তৰিত কৰিছে। এই যান্ত্রিক যুগত দুদিন-তিনি দিন ধৰি ষ্টেডিয়াম বা দূৰদৰ্শনত টেষ্ট মেচৰ দৰে গ্ৰুপদী ক্রিকেট উপভোগ কৰি বহি থাকিবলৈ কাৰো সময় নাই। সেয়ে হয়তো বর্তমান সময়ত টেষ্ট ক্ৰিকেটৰ জনপ্ৰিয়তাও পূর্বতকৈ বহু পৰিমাণে হ্রাস পাইছে। টেষ্ট ক্ৰিকেটৰ তুলনাত বৰ্তমান বিশ্বৰ সিংহভাগ ক্রিকেটপ্রেমী এদিনীয়া ক্রিকেট খেলৰ জ্বৰত আক্ৰান্ত। টুরেন্টী-২০ ক্রিকেটেও অতি সাম্প্রতিক সময়ত যথেষ্ট জনপ্রিয়তা অর্জন কৰিছে। এতিয়া সকলোৱে বিচাৰে কম সময়ত অধিক ৰাণ, বেটৰ মাৰমুখী বন্যা, দূৰম্ভ বলিং অথবা এজনৰ পিছত এজন বেট্‌ছ মেনৰ পেভেলিয়নমুখী মিছিল। বহুকেইজন ক্রিকেট বিশেষজ্ঞই এনে তাৎক্ষণিক উত্তেজনা তথা ক্ৰিকেটৰ চমকনিয়ে সামগ্রিক সৌন্দর্য, মহিমাক কিমান দিন ধৰি ৰাখিব পাৰিব, তাত সন্দেহ প্রকাশ কৰিছে।

Read Also: Class 10 Science Solution

অভিজ্ঞ খেলুৱৈৰ মন্তব্য | Comments From Experienced Players

টুৱেণ্টী – ২০ বিশ্বকাপ খেল উপভোগ কৰি বিশ্ববিখ্যাত বেট্‌ছ মেন শচীন টেন্ডুলকাৰ উচ্ছ্বসিত হৈ পৰিছে। ২০০৭ চনৰ প্ৰথম টুৱেণ্টী-২০ বিশ্বকাপ জয় কৰা ধোনী বাহিনীৰ খেল দেখি ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যৎ বৰ্তমান সম্পূৰ্ণৰূপে নিৰাপদ বুলি টেন্ডুলকাৰে একেমুখে স্বীকাৰ কৰিছে। সৌৰভ গাংগুলীয়েও ধোনী বাহিনীক প্ৰশংসাৰে উজ্বলাই তুলিছে।

সামৰণি

সুখৰ বিষয় যে দূৰদৰ্শন তথা ছেটেলাইট চেনেলৰ কল্যাণত আমি ঘৰতে বহি বিশ্বকাপ বা অন্যান্য খেল উপভোগ কৰিবলৈ সুবিধা পাইছো। সেয়ে টুরেন্টী-২০ ক্রিকেট খেলৰ জনপ্ৰিয়তা দিনে দিনে বাঢ়িবলৈ ধৰিছে। বিশেষকৈ ১৯৮৩ চনৰ বিশ্বকাপ জয়ৰ পিছত টুরেন্টী-২০ বিশ্বকাপ জয়ৰ সোৱাদে ক্রিকেটপ্রেমীক আপ্লুত কৰিছে। ক্ৰিকেটৰ এই সংক্ষিপ্তকৰণ ভৱিষ্যতৰ বাবে সুখবৰ বুলি ক’ব নোৱাৰি। তথাপি আমি সদায় আশা কৰিম, টুৱেণ্টী-২০ ক্রিকেট খেলৰ দ্বাৰাই ভাৰতে ভৱিষ্যতেও বিশ্বকাপ জয়ৰ সোৱাদ দিয়ক। কিন্তু মূল কথা হৈছে দেশৰ সন্মান, তাৰবাবে দায়বদ্ধ, পৰিকল্পিত ক্রীড়া-নৈপুণ্যহে আমি সদায় বাঞ্ছা কৰো।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top