আজৰি সময় কটোৱাৰ উপায় ৰচনা | Way to Spend Free Time Essay in Assamese

আজৰি সময় কটোৱাৰ উপায় ৰচনা | Way to Spend Free Time Essay in Assamese

Join Telegram channel

জীৱনৰ প্ৰতিপল, প্রতি অনুপল।

অনাগত জীৱনৰ সংগ্ৰামৰ

প্রস্তুতি মাথােন।

মানৱ জীৱন কর্মময় হলেও অবিশ্রান্ত কৰ্ম আৰু শ্রমে জীৱনটোক ক্লান্তিময় আৰু অৱসাদপূর্ণ কৰি তােলে। সেইবাবেই মানুহে প্ৰতিটো কর্ম সম্পাদনৰ পাছতেই পুনৰ কৰ্মশক্তি লাভ কৰিবৰ কাৰণে জিৰণি লয়। কিছুকাল কাম সম্পাদন কৰাৰ পাছত জিৰণি বা বিৰামৰ কাৰণে যথেষ্ট সময় পােৱা যায়। এই সময়ছােৱাকেই আজৰি বুলি কোৱা হয়। আজৰি জীৱনীশক্তি পুনৰ লাভৰ মূল।

আজৰি সময় কটোৱাৰ উপায় ৰচনা

কৃষক সকলৰ আজৰি সময়

কৃষকৰ বাবে বীজ ৰােপণ আৰু ৰােপণৰ পাছৰপৰা শস্য চপােৱাৰ আগলৈকে আৰু শস্য চপােৱাৰ পাছৰপৰা পুনৰ মাটি কৰ্ষণৰ সময়লৈকে এইখিনি। আজৰি সময়। এই আজৰি সময়ত বহুতো কৃষকে কাঠি কামিকে আদি কৰি ঘৰুৱা শিল্প-কৰ্মত প্রবৃত্ত হৈ উপৰুৱা আর্থিক উপাৰ্জনৰ দিহা কৰি পৰিয়ালৰ আর্থিক দিশ টনকিয়াল কৰাৰ ব্যৱস্থা কৰে। বহুত ধর্মপ্রাণ লােকে ৰামায়ণ, মহাভাৰত, বা ভক্তিমূলক গ্রন্থ আদি পাঠ আৰু  অধ্যয়ন কৰি আধ্যাত্মিক চিন্তা-চৰ্চাত নিমগ্ন হৈ পাৰলৌকিক শান্তিৰ পথ সুগম কৰে; তদুপৰি ইহকালতাে ভগৱং-ভক্তিৰ যােগেদি মানসিক প্রশান্তি লাভৰ উপায় কৰে।

Read Also: ব্রহ্মপুত্র ৰচনা | Brahmaputra Essay in Assamese

ছাত্ৰ-ছাত্ৰীৰ আজৰি সময়

ছাত্ৰ-ছাত্ৰীসকলেও অধ্যয়নত ৰত হওঁতে মানসিক শ্রম হয়। শাৰীৰিক শ্ৰমতকৈ মানসিক শ্ৰমত অধিক শক্তি ক্ষয় হয়। সেইবাবে ছাত্ৰ-ছাত্ৰীসকলৰাে মানসিক বিশ্রান্তিৰ প্ৰয়ােজন। গৰমৰ দীঘলীয়া বন্ধ, কোনাে উৎসৱ উপলক্ষে বন্ধ, পৰীক্ষাৰ পাছত ফলাফল ঘােষণা আৰু পুনৰ পাঠদান আৰম্ভ হােৱালৈকে যথেষ্ট আজৰি সময় পােৱা যায়। এই আজৰি সময়ছােৱাত ছাত্র-ছাত্রীসকলে পাঠ গ্রহণ কার্যৰপৰা অব্যাহতি পাই মগজুক জিৰণি দিবলৈ সক্ষম হয়। এই জিৰণিয়ে মগজু পুনৰ সুভেজ আৰু সক্রিয় হােৱাত প্রভূত অৰিহণা যােগায়।

আজৰি সময় কি কৰি কটায়

বহুতাে ছাত্ৰ-ছাত্ৰীয়ে এই দীঘলীয়া আজৰি সময়বােৰত বন্ধু বান্ধৱ, মিতিৰ কুটুমক সাক্ষাৎ কৰি স্নেহৰ বান্ধোন কটকটীয়া কৰে। বহুতে দূৰ-দূৰণিত ভ্রমণ কৰিবলৈ গৈ, বিভিন্ন সমাজৰ লগত পৰিচয় হৈ ভাব-বিনিময়ৰ যােগেদি সামাজিক, সাংস্কৃতিক আদি বিষয়ৰ জ্ঞান অর্জন কৰি নিজৰ জ্ঞান-ভাণ্ডাৰ চহকী কৰে। আমাৰ কথাতে কয়, “নানা দেশ ফুলে যেয়ে, নানা কথা শিকে  সিয়ে।” নানা দেশ নানা ঠাই ফুৰাটোও শিক্ষা লাভৰ এটা সহজ উপায়। বহুতে “হৰি” বা নিজ ৰুচিপূর্ণ কামত প্রবৃত্ত হৈ এফালে জ্ঞান বৃদ্ধি কৰে আৰু আনফালেদি মানসিক প্রশান্তি লাভ কৰে। বহুতে খেলা-ধূলাৰ অনুশীলন কৰি সেইবোৰত প্রতিভা বিকাশৰ প্ৰচেষ্টা চলায়। আন এক শ্রেণীব ছাত্ৰ-ছাত্ৰীয়ে সামাজিক সংগঠনমূলক কামত প্রবৃত্ত হৈ, সামান্যভাৱে হ’লেও সামাজিক উন্নয়নত অৰিহণা যােগােৱাৰ প্ৰয়াস কৰে। এই সকলােবােৰ কৰ্মৰ মাজেদিয়েই ছাত্র-ছাত্রীসকলে নিজৰ ভৱিষ্যত জীৱন সুন্দৰ কৰি তুলিবলৈ চলােৱা প্ৰচেষ্টাৰ পৰিচয় ফুটি উঠে।

Read Also: Class 11 Assamese Question Answer

ছাত্র-ছাত্রীয়ে আজৰি সময়ত কি কি কৰিব পাৰে

আজিৰ ছাত্র-ছাত্রী কাইলৈৰ বাবে প্রশাসক, কর্মচাৰী, শিক্ষক, কবি, সাহিত্যিক, সমাজসংগঠক, দেশ-সেৱক, যান্ত্রিক, কৃষক সকলল। ভৱিষ্যতৰ সুখ-শান্তিৰে পৰিপূৰ্ণ, মহীয়ান, সুন্দৰ জীৱনৰ প্ৰস্তুতিয়ে ছাত্র জীৱন। ছাত্র-ছাত্রীও সমাজৰ একোজন সদস্য। গতিকে শিক্ষা সাং কৰাৰ পাছত সমাজৰে এজন হিচাপে, সমাজৰ পিছ পৰি থকা লােকসকলৰ কল্যাণ সাধনৰ প্রশিক্ষণ ছাত্রজীৱনতেই লােৱা উচিত। বিশেষকৈ বহল মানৱ সমাজত সােমাই সমাজৰ ৰীতি-নীতি, ধ্যান-ধাৰণা, কৃষ্টি-সংস্কৃতি আদিৰ আভাস লৈ ভৱিষ্যতে আৰুকৰ্মত ৰূপায়িত কৰাৰ প্ৰস্তুতি চলােৱাৰ এয়ে সুযােগ। সময়ৰ সুযােগ গ্ৰহণ কৰিব পৰাটো অর্থাৎ সময়ৰ শৰ মাৰিব জনাটো কৃতকার্যতাৰ মূল। সেয়েহে সুযােগ পৰিকল্পিতভাৱে গ্ৰহণ কৰা উচিত।

শৃংখলাপূর্ণভাৱে আৰু কৃতকার্যভাৱে কাম সমাধা কৰাৰ মূলতে আছে সুস্থ পৰিকল্পনা। সেইবাবে কামত আগবঢ়াৰ আগতে পৰিকল্পনাও কৰি ল’ব লাগে। আমি তলত তেনে এটি সাধাৰণ পৰিকল্পনা দাঙি ধৰিছে।

এটা দলে এখন গাঁৱত প্রথম সপ্তাহটো গাঁৱৰ আলি-পদূলি মেৰামতিৰ কাম হাতত ল’ৰ। গাঁৱৰ ৰাইজৰ সহযােগত সেই কামবােৰত আগ বাঢ়িব। গধূলি আজৰি পৰত ৰাইজক কুটীৰ-শিল্পব প্রয়ােজনীয়তা, সেইবােৰৰ উন্নয়ন আদিৰ বিষয়ে জ্ঞান দিব।

দ্বিতীয় সপ্তাহটো খােৱা পানীৰ সুব্যৱস্থা, পাইখানাৰ প্ৰয়ােজনীয়তা, সাধাৰণ পাইখানা তৈয়াৰ কৰাৰ প্ৰণালী, স্বাস্থ্যৰক্ষাৰ ব্যৱস্থা আদিৰ বিষয়ে স্তন দিব।

তৃতীয় সপ্তাহটো কৃষকসকলক আধুনিক আৰু উন্নত কৃষি-পদ্ধতি, সমবায় কৃষি-পদ্ধতি, সমূহীয়া খাদ্য শস্যৰ ভাণ্ডাৰ গঠন আদি বিষয়ত জ্ঞান দিয়াত ৰত হৈ গাঁৱৰ ৰাইজৰ মন-প্রাণত উন্নত জীৱন যাপনৰ আদৰ্শ দাঙি ধৰিব।

এইবােৰ কামৰ লগে লগে গধূলি, আজৰি সময়ত লােকসকলক সমবেত কৰাই, গাঁৱৰ যুৱক-যুৱতীসকলৰ সহযােগত গীত-মাত, ভাওনা আদি পৰিবেশনৰ যােগেদি মনােৰঞ্জনৰ দিহা কৰিব; বাতৰি কাকত, আলােচনী আদি পাঠ কৰি শুনাই নিজ দেশৰ বিভিন্ন সমস্যাবােব, বিভিন্ন দেশৰ কৃষ্টি-সংস্কৃতি, সভ্যতাৰ বিষয়ে ৰাইজক অৱগত কৰাই, বহল সংসাৰখনৰ বিভিন্ন বিষয়ৰ আভাস দিব; নিজৰ কৃষ্টি-সংস্কৃতিৰ বিকাশ সাধনৰ দিহা কৰাব; মাজে মাজে ল’ৰা বুঢ়া, ডেকা, যুৱক-যুৱতীসকলৰ মাজত খেল-ধেমালিৰ আয়ােজন কৰি-

“গাঁৱে গাঁৱে ৰং ধেমালিৰ হাট……

ঘৰে ঘৰে হাঁহিমুখ…।” -কথাষাৰৰ সত্যতা প্রতিপ কৰাই, সেইবােৰৰ মূল্যবােধ জগাই তুলিব। ঐক্য আৰু সংহতিৰ পথ প্রদর্শন আদি বিষয়ত ৰেখাপাত  কৰি, গাঁৱলীয়া ৰাইজক উৎসাহ-উদ্দীপনা যােগাব।

এইবােৰ কাৰ্যৰ যােগেদি কেইবাটাও উদ্দেশ্য সাধিত হ’ব। প্রথমে, শিক্ষা-দীক্ষা, জ্ঞান বুদ্ধিত পিছ  পৰি থকা গাঁৱলীয়া সমাজখনক পােহৰৰ বাটত আগুৱাই নিয়াত সহায়ক হব। দ্বিতীয়তে, সমাজৰ ঐক্য আৰু সংহতি সাধনত ইন্ধন যােগােৱা হ’ব। তৃতীয়ত, জাতীয় জীৱন সুস্থ সবল কৰি তােলাত অৰিহণা যােগােৱা হ’ব।

চতুর্থত, ছাত্র-ছাত্ৰীসকলেও সামাজিক ৰীতি-নীতি, বিভিন্ন সমস্যা, কৃষ্টি-সংস্কৃতিৰ বিষয়ে অৱগত হৈ, স্বাভাৱিকতেই ভৱিষ্যত সামাজিক জীৱনত নিজকে খাপ খুৱাই ল’বলৈ সক্ষম হ’ব আৰু সমাজত প্রতিষ্ঠা লাভৰ পথ প্রশস্ত কৰি ল’ব পাৰিব।

পঞ্চমতে, কামবােৰত লাভ কৰা কৃতকার্যতাই জীৱনলৈ আনিব মধুৰ প্ৰশান্তি, আনিব গৌৰৱৰ জয়মাল্য; সমাজত প্রতিষ্ঠা হব ছাত্র সমাজৰ সংগঠনমূলক কামৰ স্বীকৃতি।

এনে কর্মসূচী লৈ বিশাল মানৱ সমাজত প্ৰৱেশ কৰি ছাত্ৰ-ছাত্ৰীসকলে আজৰি সময়বােৰত নৰ-নাৰায়ণৰ প্রতি সেৱা আগবঢ়াই নিজেও ধন্য হ’ব পাৰে, সমাজকো ধন্য কৰিব পাৰে। আজৰি সময় কটোৱাৰ ইয়াতকৈ মহৎ নিদর্শন আন একোৱেই হ’ব নােৱাৰে। তদুপৰি ব্যক্তি স্বার্থতকৈ সামাজিক স্বার্থক যিদিনাই সমাজে শ্রেষ্ঠ বুলি গণ্য কৰিব, সেই দিনাৰপৰাই সমাজত নৱ-জাগৰণৰ সৃষ্টি হ’ব। মানৱৰ অন্তৰে অন্তৰে মানৱতাবােধ জাগি উঠিব। মানৱে মানৱৰ অন্তৰাত্মক চিনি পাব। সেইদিনা মানৱে কৈ উঠিব-

“মানুহেই দেব             মানুহেই সেৱ

মানুহ বিনে নাই কেও…” 

এইখন সুন্দৰ সমাজৰে প্রতিভূ ছাত্র-ছাত্রীসকল। সেইখন সুন্দৰ, সুখ শান্তিৰ ভূ-স্বর্গ ৰচনাত ছাত্র-সমাজৰ অমােঘ শক্তি নিয়ােজিত হওক। ছাত্র-সমাজে এই কথা মনত ৰখা উচিত যে সমাজৰ লগত সংযােগ সাধন কৰি, সমাজৰ সমস্যাবােৰৰ প্রতি সহানুভূতিৰে বিবেচনা কৰি সমাজক বুকুত সাবটি লৈ, সেই সমাজৰ সৰ্বাংগীণ কল্যাণ সাধনত ব্ৰতী হ’ব পৰাটোৱে প্রকৃত দেশপ্রেম। তাতেহে নিহিত আছে মানৱীয়তা। মানৱীয়তা অবিহনে মানৱ-প্রেম অসম্ভৱ আৰু মানৱ-প্ৰেমত উদ্বুদ্ধ হ’ব নােৱাৰিলে মানৱতাৰ সার্থকতা হ’ব নোৱাৰে। বর্তমান বিশ্বত বহু ক্ষেত্ৰত মানৱতা লাঞ্ছিত হৈছে। মানুহে ব্যক্তি-স্বাৰ্থৰ মােহান্ধতাত 

মানৱীয়তা হেৰুৱাই পেলাইছে।

“মা কুৰু ধন-সূন যৌৱ গৰ্ব্বম্।

নিমেষাৎ কালঃ হৰতি সৰ্ব্বম্।।” 

– এই উপলব্ধি মানুহৰ নােহােৱা হৈছে। ধন-দৌলত, ঐশ্বর্য বিভূতিৰ চিকমিকিয়া জেউতিৰ চমকত মানৱীয়তা স্নান হৈছে, সেইবােৰৰ চিকমিকনিয়ে মানৱ মনত জগাই তুলিছে এক ঐন্দ্রজালিক লালসা। মানুহ পৰিণত হৈছে একো একোজন “মিদাছ”ত। এনে এখন পৃথিৱীত, এনে এখন বিকৃত সভ্যতা সম্বলিত সমাজত আশা-ভৰসাৰ একমাত্র স্কুল ছাত্রসমাজ। ভৱিষ্যতৰ জাতিৰ কর্ণধাৰ এই ছাত্র-ছাত্রীসকলে সমাজক পতনৰ মুখৰপৰা ৰক্ষা নকৰিলে গত্যন্তর নাই। সেইবাবে ছাত্র-ছাত্রীসকলে সাংগঠনিক কর্মসূচী লৈ অন্তত এই আজৰি সময়খিনিৰ সদ্ব্যৱহাৰ কৰিবলৈ আগবাঢ়ি আহক।

আমি আশা কৰিছো আজৰি সময় কটোৱাৰ উপায় ৰচনাটোৱে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ আজৰি সময় কটোৱাৰ উপায় ৰচনাৰ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top