ভেট বা সংযোজিত কৰ ৰচনা | VAT Essay in Assamese

ভেট বা সংযোজিত কৰ ৰচনা | VAT Essay in Assamese

Join Telegram channel

এখন দেশৰ আৰ্থিক স্থিতি নিৰ্ভৰ কৰে দেশখনৰ অৰ্থনৈতিক প্ৰগতিৰ ওপৰত। অর্থনৈতিক প্ৰগতি আকৌ অন্যান্য দিশৰ লগতে কৰ-কাটল সগ্ৰহৰ ওপৰতো নিৰ্ভৰ কৰে। সেয়ে বিশ্বৰ সকলো ঠাইতে অতি পুৰণি কালৰ পৰা কৰ বা ৰাজহৰ সংগ্ৰহ প্ৰথা প্ৰচলন হৈ আহিছে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে কৰ সংগ্ৰহ প্ৰথাও পৰিৱৰ্তন হৈ আহিছে। আমাৰ দেশত শেহতীয়াকৈ ৰাজহ সংগ্ৰহ শিতানত অন্তর্ভুক্ত হৈছে ভেট বা মূল্য সংযোজিত কৰ ব্যৱস্থা। বর্তমান বিশ্বৰ ডেৰ শতাধিক দেশত প্ৰৱৰ্তন হৈ থকা ভেট বা মূল্য সংযোজিত কৰ ব্যৱস্থাৰ প্ৰথম প্ৰৱৰ্তন হৈছিল ১৯৫৪ চনত ফ্ৰান্সত। ভেট অর্থাৎ Value Added Tax মূলতঃ একপ্ৰকাৰৰ পৰোক্ষ কৰ ব্যৱস্থা।

ভাৰতবৰ্ষত ভেটৰ প্ৰচলন হয় ২০০৫ চনৰ এপ্ৰিল মাহৰ পৰা। ভাৰতবৰ্ষত ভেটৰ প্ৰচলন হোৱাৰ লগে লগে ব্যৱসায়ী মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ আনকি ইয়াৰ প্ৰতিবাদত প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰিছিল। অৱশ্যে এনেধৰণৰ প্ৰতিবাদৰ কোনো ফল নধৰিলে আৰু সমগ্ৰ দেশতে ভেটৰ প্ৰচলন হ’ল। এই ভেট সম্পর্কে সেই সময়ৰ বিত্তমন্ত্রী যশোৱন্ত সিঙে দৃঢ়ভাৱে কৈছিল যে ভেটৰ প্ৰৱৰ্তনে ৰাজ্যসমূহৰ বিত্তীয় সংকট দূৰ কৰাৰ লগতে এই ব্যৱস্থাই সাধাৰণ জনতাক কোনোপ্ৰকাৰে প্ৰভাৱান্বিত নকৰে। সেয়ে ভাৰতবৰ্ষৰ সৰহসংখ্যক ৰাজ্যই ভেট ব্যৱস্থা প্ৰচলনত অগ্ৰাধিকাৰ দিলে।

ভেট বা সংযোজিত কৰ ৰচনা

ভেট কি?

বিক্ৰী হোৱা সামগ্ৰীৰ ওপৰত লগোৱা কৰেই হৈছে ভেট বা মূল্য সংযোজিত কৰ। দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহে এই ভেটক বিক্ৰী কৰ আৰু ৰাজ্যিক কৰৰ ঠাইত প্ৰৱৰ্তন কৰিছিল। এই কৰ ব্যৱস্থাৰ সামগ্ৰীসমূহক চাৰিখন তালিকাত অন্তর্ভূক্ত কৰা হৈছে। সেই তালিকামর্মে কৃষি সামগ্ৰী, ফলমূল, গাখীৰ, শাক-পাচলি আদিত ভেট ধার্য কৰা হোৱা নাই। দ্বিতীয় তালিকাভুক্ত সোণ-ৰূপৰ অলংকাৰ, নিলামত বিক্ৰী হোৱা চাহপাত আদিত এক শতাংশ কৰ ধাৰ্য কৰা হৈছে। তৃতীয় তালিকাভুক্ত সামগ্রী- অত্যাৱশ্যকীয় সামগ্রী, প্রযুক্তিত ব্যৱহৃত সামগ্রী, মূলধনী পণ্য, লো আদিৰ ক্ষেত্ৰত চাৰি শতাংশ কৰ ধাৰ্য কৰা হৈছে।

সেইদৰে চতুৰ্থ তালিকাভুক্ত সামগ্ৰীৰ ভিতৰত উক্ত তিনিখন তালিকাত অন্তর্ভুক্ত নোহোৱা সামগ্রী অন্তর্ভুক্ত হৈছে আৰু সিবিলাকৰ ওপৰত ১২.৫ শতাংশ কৰ ধাৰ্য কৰা হৈছে। উল্লেখযোগ্য যে ২০০৯ চনৰ শেষৰফালে দ্বিতীয় আৰু পঞ্চম তালিকাত অন্তর্ভুক্ত সামগ্ৰীৰ ওপৰত ১ শতাংশ ভেট বৃদ্ধি কৰাৰ ফলত উক্ত পৰিমাণ ১২-৫ শতাংশৰ বিপৰীতে ১৩.৫ শতাংশ হ’ল। সেইদৰে সকলো ধৰণৰ ব্যৱসায়িক লেনদেন, বিশেষকৈ ব্যক্তিগত, সংযুক্ত বা কোম্পানী আদি ভেটৰ অন্তৰ্ভুক্ত কৰা হৈছে। মুখ্য বাৱসায়ীসকলক এই কৰ ব্যৱস্থাৰ অন্তৰ্ভুক্ত কৰা হোৱা নাই যদিও উৎপাদনৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি ৰাজ্যিক চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব।

Read Also: দুৰ্নীতিৰ কবলত ভাৰতবৰ্ষ ৰচনা | India is in The Grip of Corruption Essay in Assamese

ভেট ব্যৱস্থাৰ উপকাৰিতা

ভেট ব্যৱস্থাৰ দ্বাৰা ব্যৱসায়ীসকলৰ লগতে চৰকাৰো লাভাৱান্বিত হ’ব। ভেট ব্যৱস্থাৰ দ্বাৰা কৰ পৰিশোধ কৰা পদ্ধতি নিচেই সৰল, সেয়ে ব্যৱসায়ীসকল উপকৃত হ’ব। সেইদৰে কেঁচা সামগ্ৰীৰ ওপৰত দিব লগা কৰ কৰদাতাসকলে কৰফাকি দিলে ব্যৱসায়ীয়ে প্ৰাপ্যমাত্ৰাত কৰ ৰেহাই নাপাব! এনে নীতি ধাৰ্য হোৱাৰ বাবে কৰফাকিৰ পৰিমাণ কমিব আৰু চৰকাৰৰ ৰাজহ সূচাৰুৰূপে সংগৃহিত হ’ব। সেইদৰে বেছা-কিনাৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো লিপিবদ্ধ হোৱাৰ বাবে কৰফাকি তথা ক’লা টকাৰ লেনদেন প্রক্রিয়াও বন্ধ কৰিবলৈ ব্যৱসায়ীসকল বাধ্য হ’ব। এই প্ৰসংগতে উল্লেখ কৰিব পাৰি যে ২০০৮-০৯ বিত্তীয় বৰ্ষত মুঠ সংগৃহীত কৰ আছিল ৩,৬৪৫ কোটি টকা আৰু ইয়াৰে ২৬৯৪.৭৭ কোটি টকা আহিছিল ভেটৰ দ্বাৰা।

Read Also: Class 11 Assamese Question Answer

ভেট ব্যৱস্থাৰ অপকাৰিতা

ব্যৱসায়ী বা উদ্যোগীসকল ভেট ব্যৱস্থাৰ দ্বাৰা বহুক্ষেত্ৰত লাভাৱান্বিত হ’লেও এই ব্যৱস্থাত আসোঁৱাহ নথকা নহয় ৷ চাউল-দাইল, নিমখ, শাক-পাচলি, ফলমূল, গৰ্ভ নিৰোধক আদিকে ধৰি মুঠ ৩৯বিধ সামগ্ৰীৰ ওপৰত কৰ ৰেহাই দিলেও ৰাজ্যভেদে এই ৰেহাই ব্যতিক্রম হোৱা পৰিলক্ষিত হৈছে। এনে পৰিপ্ৰেক্ষিতত ব্যৱসায়ীৰ মাজত বৈষম্য সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। সেইদৰে CST (Central Sales Tax) বা কেন্দ্ৰীয় বিক্ৰীকৰ উঠাই নিদিলে আন্তঃৰাজ্যিক ক্ৰয়ৰ ক্ষেত্ৰত ব্যৱসায়ীসকল যথেষ্ট পৰিমাণে ক্ষতিগ্রস্ত হোৱাৰ সম্ভাৱনা আছে। ভেট ব্যৱস্থা কিছু কিছু ক্ষেত্ৰত অধিক জটিল, বিশেষকৈ কিনা-বেচা প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে লিপিবদ্ধ কৰিবলগীয়া কৰা হোৱা বাবে মজলীয়া ব্যৱসায়ীসকল অসুবিধাৰ সন্মুখীন হ’ব।

সামৰণি

ভেট ব্যৱস্থা কিমানদূৰ সফল হ’ব, সেয়া আৰু কেইবছৰমানৰ পিছতহে জানিব পৰা যাব। তথাপি আশা কৰিব পাৰি যে দেশ এখন অর্থনৈতিকভাৱে টনকীয়াল হোৱাৰ ক্ষেত্ৰত সংগৃহীত কৰে যথেষ্ট ভূমিকা গ্ৰহণ কৰে৷ ভেট ব্যৱস্থাই পৰোক্ষভাৱে হ’লেও দেশৰ প্ৰগতিত সহায়ক হ’ব বুলি আশা কৰা হৈছে। অৱশ্যে এই ব্যৱস্থা সূচাৰুৰূপে কাৰ্যকৰী কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষজ্ঞ তথা অভিজ্ঞ লোক নিযুক্ত কৰি সমস্ত ব্যৱস্থাটো কিমানদূৰ নিখুঁত হৈছে, তাক পুনৰ পৰীক্ষা-নিৰীক্ষা কৰা উচিত, কিয়নো কৰদাতাসকল কিমানদূৰ উপকৃত হৈছে, চৰকাৰে সেই বিষয়েও পর্যবেক্ষণ কৰিব লাগিব। সামৰণিত ক’ব পাৰি যে ভেট ব্যৱস্থা সঠিকভাৱে ৰূপায়ণ হ’লে আমাৰ দেশৰ আৰ্থ-সামাজিক স্থিতি ভালেখিনি উন্নত হ’ব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top