Understanding Political Theory Unit 5 ৰাজনৈতিক তত্ত্ব আৰু প্ৰয়োগ – ২

Understanding Political Theory Unit 5 ৰাজনৈতিক তত্ত্ব আৰু প্ৰয়োগ – Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Understanding Political Theory Unit 5 Political Theory and Practice – II Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Understanding Political Theory Unit 5 ৰাজনৈতিক তত্ত্ব আৰু প্ৰয়োগ – 2 Question Answer can be of great value to excel in the examination.

Join Telegram channel

Understanding Political Theory Unit 5 ৰাজনৈতিক তত্ত্ব আৰু প্ৰয়োগ –

Understanding Political Theory Unit 5 ৰাজনৈতিক তত্ত্ব আৰু প্ৰয়োগ – Notes cover all the exercise questions in UGC Syllabus. The Understanding Political Theory Unit 5 ৰাজনৈতিক তত্ত্ব আৰু প্ৰয়োগ – provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

3. Discuss Western Liberal Democracy. 

Ans: পশ্চিমীয়া উদাৰবাদী গণতন্ত্র: পশ্চিমীয়া উদাৰবাদী গণতন্ত্ৰ ধ্রুপদী গণতনতন্ত্ৰৰ অন্য এক ৰূপ। ধ্রুপদী গণতন্ত্রৰ ব্যক্তি স্বতন্ত্রতাবাদতকৈ পশ্চিমীয়া উদাৰবাদী গণতন্ত্রই আৰু অধিক ব্যক্তি স্বতন্ত্রতা পোষকতা কৰে। ব্যক্তিগত স্বতন্ত্রতা আৰু অর্থনৈতিক স্বতন্ত্রতাক প্রাধান্য দিয়া হয়। ৰাষ্ট্ৰই যিমান ব্যক্তি স্বতন্ত্রতাত কম হস্তক্ষেপ কৰে সিমানেই ভাল। দেশৰ আইন শৃংখলা ৰক্ষা আৰু নিৰাপত্তা ৰক্ষা কৰাৰ বাদে বাকী বিষয়ত ব্যক্তিক পূর্ণ স্বতন্ত্রতা দিব লাগে বুলি উদাৰবাদী সকলে মত পোষণ কৰে। সীমিত ভোটাধিকাৰৰ ঠাইত সার্বজনীন ভোটাধিকাৰৰ সপক্ষে মত পোষণ কৰে।

অৱশ্যে উদাৰবাদী গণতন্ত্ৰই অবাধ ব্যক্তি স্বতন্ত্ৰতাৰ ধাৰণা মানি নলয়। অবাধ স্বতন্ত্রতাৰ বাবে পুঁজিপতি সকলে শ্রমিকক শোষণ কৰাৰ সুবিধা পায়। সেইবাবে উদাৰবাদী গণতন্ত্ৰই শ্রমিকক সিদ্ধান্ত গ্রহণত অংশীদাৰ হোৱাটো বিচাৰে।

ব্যক্তিবাদ আৰু গণতন্ত্ৰই সংমিশ্ৰণত ই হ’ল এক দৃষ্টিভংগী, এক ভাবাদর্শ। সামন্তবাদী সমাজত মানুহে নিজকে ব্যক্তি হিচাপেহে নিজকে গণ্য কৰিছিল। কিন্তু বজাৰ ভিত্তিক অর্থনীতি আৰম্ভ হোৱাৰ লগে লগে সাধাৰণ মানুহে বেছি দামত শ্রম বিক্ৰী কৰিব পৰা হ’ল। ব্যক্তিগত পছন্দ আৰু চুক্তিৰ ওপৰত প্রতিষ্ঠিত এখন সমাজ প্রতিষ্ঠা হ’ল। এক মুক্ত বাতাবৰণৰ সৃষ্টি হ’ল। সেয়েহে এই ব্যৱস্থাক উদাৰতাবাদ বোলা হয়।

উদাৰবাদী গণতন্ত্ৰৰ ভিন্ন অর্থ—

(ক) সামাজিক দিশত পশ্চিমীয়া উদাৰবাদী গণতনতন্ত্রই ধৰ্মনিৰপেক্ষতাক বুজায়। ধর্মীয় কৰ্তৃপক্ষই ব্যক্তিৰ বিবেক, ধ্যান-ধাৰণাৰ ওপৰত কৃত্রিম নিয়ন্ত্ৰণ কৰিলে ই ব্যক্তিৰ ওপৰত অযুক্তিকৰ হস্তক্ষেপ বুজায়।

(খ) অর্থনৈতিক দিশত ৰাষ্ট্ৰীয় কৰ্তৃত্ব আৰু ব্যক্তিগত পুঁজিপতিৰ অবাধ হস্তক্ষেপৰ বিৰোধিতা কৰে। উৎপাদন, বিতৰণ, মুক্ত বাণিজ্য নীতিত শ্রমিকৰ অংশগ্ৰহণৰ পোষকতা কৰে।

(গ) ৰাজনৈতিক দিশত উদাৰতাবাদী গণতন্ত্রই কৰ্তৃত্ব আৰু নিয়ন্ত্ৰণৰ প্রতিবাদ কৰে।

নিস্পনোজ্য, গ্রীণ, লাস্কি, বাৰ্কাৰ আদি লিখকে নিজস্বভাবে উদাৰতাবাদ ধাৰণাৰ ব্যাখ্যা কৰিছে। ক্ষমতা পৃথকীকৰণ নীতি, ভাৰসাম্য আৰু সম্ভলন নীতি, ন্যায়িক সমীক্ষা, বিকেন্দ্ৰীকৰণ, সংখ্যালঘিষ্ঠ স্বাৰ্থৰ নিৰাপত্তা প্রদান, সংসদীয় গণতনতন্ত্র আদি পশ্চিমীয়া উদাৰবাদী গণতনতত্ৰৰ প্ৰধান ভিত্তি বা মূল নীতি।

ইয়াৰ মূল নীতিসমূহ সংক্ষেপে তলত আলোচনা কৰা হ’ল— 

১. পশ্চিমীয়া উদাৰবাদী গণতন্ত্রত সংখ্যাগৰিষ্ঠ শাসন প্ৰৱৰ্তন কৰা হয়। সংখ্যাগৰিষ্ঠ দলে চৰকাৰ গঠন কৰে আৰু সংখ্যাগৰিষ্ঠ ভিত্তিত সিদ্ধান্ত গ্রহণ, নির্বাচন আদি অনুষ্ঠিত হয়।

২. পছন্দৰ স্বাধীনতাত গুৰুত্ব প্ৰদান কৰা হয়। ৰাজনীতি, অর্থনীতি, সমাজনীতি সকলোতে আনৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত হৈ পছন্দ মতে চৰকাৰ গঠন, আর্থিক নীতি নিৰ্ধাৰণত অংশগ্ৰহণ কৰে।

৩. কর্তৃত্ববাদৰ বিৰোধী হিচাপে পশ্চিমীয়া উদাৰবাদী গণতনতত্ৰত সংখ্যাগৰিষ্ঠ সকলৰ ভিতৰত আৰু স্বাৰ্থক সুৰক্ষা দিয়া হয়।

৪. আলাপ-আলোচনাৰ মাধ্যমেৰে, জনমতৰ অনুমোদন সাপেক্ষে চৰকাৰে কাৰ্যব্যৱস্থা গ্রহণ কৰে। নির্দিষ্ট সময়ৰ মূৰত নিৰ্বাচন অনুষ্ঠিত কৰি প্রতিনিধি সকলৰ যোগেদি জনমত কাৰ্যকৰী কৰা হয়।

৫. সাংবিধানিক নীতি-নিয়ম অনুসৰি চৰকাৰে কাৰ্যব্যবস্থা গ্রহণ কৰে। সংবিধানৰ বিধি অনুসৰিয়েই চৰকাৰৰ তিনিটা বিভাগৰ নিৰ্বাচন হয়, ক্ষমতা বিভাজন হয়, ক্ষমতা প্রয়োগ কৰা হয়।

পশ্চিমীয়া উদাৰবাদী গণতন্ত্র বৈশিষ্ট্য:

১. এনে শাসন ব্যৱস্থাত এটা ৰাজনৈতিক দলৰ প্ৰাধান্য নাথাকে। বিভিন্ন ৰাজজনৈতিক দলৰ মাজত ক্ষমতা দখলৰ প্ৰচেষ্টা চলে।

২. গোপনীয়তা অৱলম্বন নকৰাকৈ মুক্তভাৱে নির্বাচন অনুষ্ঠিত কৰিবলৈ, গণতান্ত্রিক পদ্ধতিৰে নেতা নির্বাচন কৰিবলৈ, গণতান্ত্রিক পদ্ধতিৰে সিদ্ধান্ত গ্রহণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হয়।

৩. ব্যক্তিৰ ব্যক্তিগত স্বাধীনতা, ছপা যন্ত্ৰৰ স্বাধীনতা, সংবাদ মাধ্যমৰ স্বাধীনতাৰ ৰক্ষাৰ ব্যৱস্থা পশ্চিমীয়া উদাৰবাদী গণতন্ত্রত আছে। সামাজিক, ৰাজনৈতিক, ধর্মীয়, সাংস্কৃতিক স্বাধীনতা জনসাধাৰণে উপভোগ কৰে।

৪. জাতি, ধর্ম, বর্ণ, লিংগ নির্বিশেষে প্রাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত সাময়িক নির্বাচন অনুষ্ঠিত কৰি এনে গণতন্ত্রই সাম্য, স্বাধীনতা আৰু ন্যায় প্রতিষ্ঠাত আগ্রহী।

৫. বিভিন্ন স্বার্থন্বেষী গোট, প্রভাৱগোষ্ঠী আদিয়ে এনে গণতন্ত্রত চৰকাৰৰ নীতি নিৰ্ধাৰণত প্ৰভাৱ পেলাব পাৰে।

৬. ক্ষমতা পৃথকীকৰণ নীতিৰ যোগেদি, কেতিয়াবা ন্যায়িক সমীক্ষাৰ ক্ষমতাৰ যোগেদি আৰু কোনো কোনো দেশত আইনৰ শাসনৰ দ্বাৰা ব্যক্তি স্বতন্ত্রতাৰ ওপৰত চৰকাৰৰ হস্তক্ষেপ বাধা দি ব্যক্তি স্বতন্ত্রতা ৰক্ষা কৰা হয়। চৰকাৰৰ স্বেচ্ছাচাৰিতাক বাদা প্রদান কৰাৰ ব্যৱস্থা কৰা হয়।

৭. পশ্চিমীয়া উদাৰবাদী গণতন্ত্রই জীৱনৰ সামাজিক, অর্থনৈতিক, ৰাজনৈতিক, নৈতিক, ধার্মিক সকলো বিষয়তে দমনমূলক হস্তক্ষেপৰ বিৰোধিতা কৰে।

৮. ই কেন্দ্ৰীয়কৰণৰ পৰিৱর্তে বিকেন্দ্রীকৰণ ক্ষমতা সমৰ্থন কৰে। সৰ্বশক্তিমান ৰাষ্ট্ৰৰ পৰিৱৰ্তে স্বায়ত্ত শাসনৰ অনুষ্ঠান আৰু আত্মনিৰ্ধাৰণৰ অধিকাৰ সম্পর্কে পশ্চিমীয়া উদাৰবাদী গণতন্ত্রই দৃঢ় মত পোষণ কৰে। লাস্কিৰ মতে- উদাৰতাবাদ হ’ল স্বেচ্ছাচাৰী ৰাজনৈতিক কৰ্তৃত্বৰ পৰা অসহিষ্ণু ধৰ্মীয় কৰ্তৃত্বৰ পৰা, দাসত্বৰ পৰা, ব্যক্তিগত আৰু ৰাজনৈতিক হস্তক্ষেপৰ পৰা মুক্ত কৰা এক দর্শন।

4. What do you mean by socialist democracy. Discuss its basic features.

Ans: মার্ক্সবাদী বা সাম্যবাদী গণতন্ত্র হৈছে পশ্চিমীয়া উদাৰতাবাদী গণতান্ত্রিক ভাবাদৰ্শৰ সম্পূৰ্ণ এক বিপৰীত ৰূপ। পুঁজিবাদৰ এক আৱৰণ হিচাপে পশ্চিমীয়া উদাৰতাবাদী গণতন্ত্ৰই প্ৰসাৰতা লাভ কৰাৰ সময়তেই মার্ক্সীয় দৰ্শনৰ ভিত্তিত উদ্ভৱ হোৱা সাম্যবাদী সমাজ ব্যৱস্থাৰ প্ৰচাৰ আৰম্ভ হয়। ইয়াৰ ফলত উদাৰতাবাদী সমাজ ব্যৱস্থা সাম্যবাদী ব্যৱস্থাৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয়। সাম্যবাদীসকলে পুঁজিপতি বা উদাৰতাবাদী গণতন্ত্রক পুঁজিপতিসকলৰ শ্ৰমিকসকলৰ ওপৰত শোষণৰ এক আহিলা হিচাপে কঠোৰভাৱে সমালোচনা কৰিছিল। উদাৰতাবাদী গণতন্ত্রই শ্রমিক শ্রেণীৰ ওপৰত পুঁজিপতি শ্ৰেণীৰ শোষণৰ পথ প্রশস্ত কৰে। সাম্যবাদী সকলৰ যুক্তি আছিল যে উদাৰতাবাদী সমাজ ব্যৱস্থাত সমাজখন ধনী আৰু দুখীয়া এই দুই পৰস্পৰ বিৰোধী শ্ৰেণীৰ মাজত বিভাজিত হয়। এই ধনী পুঁজিপতি শ্ৰেণীটোৱে ৰাষ্ট্ৰৰ আর্থিক আৰু ৰাজনৈতিক ক্ষমতা হস্তগত কৰি সমাজৰ সৰ্বহাৰা শ্ৰেণীটোক শোষণ কৰে আৰু এইক্ষেত্ৰত ৰাষ্ট্ৰক শোষণৰ এক আহিলা হিচাপে ব্যৱহাৰ কৰে। যেতিয়ালৈকে পুঁজিবাদী বা উদাৰতাবাদী গণতন্ত্র বর্তি থাকিব তেতিয়ালৈকে পুঁজিপতি শ্ৰেণীয়ে শ্রমিক শ্ৰেণীৰ ওপৰত

শোষণ নিপীড়ন চলাই যাব। সাম্যবাদীসকলৰ মতে পুঁজিপতি শ্ৰেণীৰ এনে শোষণৰ কবলৰ পৰা মুক্ত হ’বলৈ শ্রমিক শ্রেণীয়ে একত্ৰিত হৈ বিপ্লৱৰ জৰিয়তে পুঁজি ওফোৰাই ৰাজনৈতিক ক্ষমতা হস্তগত কৰি শ্রমিক শ্রেণীক একনায়কত্ববাদ প্রতিষ্ঠা কৰিব লাগিব। শ্রমিক শ্রেণীক শাসনৰ ক্ষমতাত অধিষ্ঠিত কৰিব পাৰিলেহে গণতন্ত্র প্রকৃতাৰ্থত প্রতিষ্ঠা হ’ব। সাম্যবাদীসকলৰ মতে উদাৰতাবাদী গণতনতন্ত্রক সমাজৰ বুর্জোৱা শ্ৰেণীৰ একনায়কত্ব শাসন তেওঁলোকৰ শ্রমিক শ্ৰেণীৰ একনায়কত্বক শাসনক গণতান্ত্রিক শাসন বুলি আখ্যা দিছে। গতিকে মার্ক্সীয় দৰ্শনৰ ওপৰত ভিত্তি কৰি গঢ়ি তোলা শ্রমিক সর্বহাৰা শ্ৰেণীৰ চৰকাৰক মার্ক্সবাদী বা সাম্যবাদী বুলিব পাৰি। উদাৰতাবাদী গণতন্ত্ৰৰ তুলনাত সাম্যবাদী গণতন্ত্ৰত যিহেতু সমাজৰ সংখ্যাগৰিষ্ঠ শ্রমিক শ্ৰেণীয়ে শাসন কৰে গতিকে সাম্যবাদীসকলে মার্ক্সীয় গণতন্ত্রক গণতান্ত্রিক শাসন বুলি আখ্যা দি উদাৰতাবাদী গণতন্ত্রক কঠোৰ ভাষাৰে সমালোচনা আগবঢ়ায়। পোনপ্রথমে সাম্যবাদীসকলৰ প্ৰচেষ্টাত ছোভিয়েট ৰাছিয়াত শ্রমিক শ্ৰেণীৰ একনায়কত্ব শাসন ব্যৱস্থা ১৯১৭ চনত স্থাপন হয়। বৰ্তমানৰ চীন গণৰাজ্য সাম্যবাদী গণতন্ত্ৰৰ এক সুন্দৰ উদাহৰণ।

সাম্যবাদী গণতন্ত্ৰৰ বৈশিষ্ট্য: 

সাম্যবাদী গণতন্ত্ৰৰ কেতবোৰ বৈশিষ্ট্য পৰিলক্ষিত হয়। ইবিলাক হৈছে―

১। এক ৰাজনৈতিক দলৰ অৱস্থান: সাম্যবাদী গণতন্ত্রত মাত্র এটাহে ৰাজনৈতিক দল থাকে। জনগণৰ সংস্থা গঠন কৰা, ৰাজনৈতিক দল গঠন কৰাৰ অধিকাৰ নাথাকে। সাম্যবাদী গণতন্ত্ৰত সাম্যবাদী দলৰ বাহিৰে আন কোনো দলত স্বীকৃতি দিয়া হোৱা নাই। এই সাম্যবাদী দলেই নির্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে। গতিকে চীনৰ একদলীয় ব্যৱস্থাত নির্বাচনী ব্যৱস্থা এক নামমাত্ৰ আনুষ্ঠানিক প্ৰক্ৰিয়াৰ বাহিৰে আন একো নহয়।

২। মুক্ত প্রতিযোগিতাৰ বিৰোধী: সাম্যবাদী গণতন্ত্র মুক্ত প্ৰতিযোগিতাৰ বিৰোধী। মুক্ত প্রতিযোগিতাৰ বিপৰীতে ইয়াত অর্থনৈতিক সহযোগিতাৰ ওপৰতহে গুৰুত্ব দিয়া হয়। ঔদ্যোগিক ক্ষেত্ৰখনত ব্যক্তিগত স্বতন্ত্রতা নোহোৱাৰ কাৰণে ব্যক্তিয়ে নিজ ৰুচি অনুসৰি অৰ্থনীতি নিয়ন্ত্ৰণ কৰিব নোৱাৰে। সৰ্বহাৰা শ্রমিক শ্ৰেণীৰ স্বাৰ্থতহে ঔদ্যোগিক অর্থনীতি নিয়ন্ত্ৰণ কৰা হয়।

৩। ব্যক্তিগত সম্পত্তিৰ উচ্ছেদকৰণ: ব্যক্তিগত সম্পত্তিৰ উচ্ছেদকৰণ সাম্যবাদী গণতন্ত্রৰ অন্যতম প্রধান বৈশিষ্ট্য। ব্যক্তিগত সম্পদ ব্যৱস্থা সাম্যবাদী আদৰ্শৰ প্ৰধান প্রতিবন্ধক স্বৰূপ বুলি ধৰা হয়। ব্যক্তিগত সম্পদ যিহেতু সকলো প্ৰকাৰৰ শোষণ নিৰ্যাতনৰ মূল গতিকে ব্যক্তিগত সম্পদৰ উচ্ছেদকৰণৰ জৰিয়তে শোষণ, নিষ্পেষণৰ অৱদান ঘটাই এখন সাম্যবাদী সমাজ প্রতিষ্ঠা কৰিব পাৰি বুলি সাম্যবাদী গণতন্ত্রই বিশ্বাস কৰে।

৪। দলৰ প্ৰশাসন আৰু চৰকাৰৰ প্ৰশাসনৰ সাদৃশ্যতা: সাম্যবাদী গণতন্ত্রত সাম্যবাদী দলৰ প্ৰশাসনেই হ’ল চৰকাৰৰ প্ৰশাসন। দলীয় প্রশাসন আৰু চৰকাৰী প্ৰশাসনৰ মাজত কোনো প্রভেদ নাই।

৫। গণতান্ত্রিক কেন্দ্রীকৰণ নীতি: সাম্যবাদী গণতন্ত্ৰত ক্ষমতাৰ কেন্দ্ৰীকৰণ কৰা হয়। গণতান্ত্রিক কেন্দ্ৰীকৰণ নীতিও ইয়াত অনুসৰণ কৰা হয়। সর্বোচ্চ কৰ্তৃত্বশীল সংগঠনৰ জৰিয়তে নিম্ন স্তৰৰ সংগঠনসমূহ নিয়ন্ত্ৰণ কৰা হয়। সাম্যবাদী দলৰ কেন্দ্ৰীয় পৰ্যায়ৰ কমিটীৰ দ্বাৰা নিম্ন পৰ্যায়ৰ কমিটীসমূহক নিয়ন্ত্ৰণ কৰা হয়।

5. Discuss the differences between Western Liberal Democracy and Marxist or Socialist Democracy.

Ans: উদাৰবাদী গণতন্ত্র আৰু মার্ক্সবাদী গণতন্ত্রৰ পাৰ্থক্য: এই দুয়ো প্ৰকাৰ গণতন্ত্ৰৰ মাজত বহুখিনি প্ৰভেদ লক্ষ্য কৰা যায়। ব্ৰিটেইন, আমেৰিকা আদি উদাৰতাবাদী গণতন্ত্র আৰু এসময়ৰ ৰুছিয়া আৰু বৰ্তমান চীন প্রজাতন্ত্র আদি সমাজবাদী গণতন্ত্ৰৰ উদাহৰণ। দুয়ো গণতন্ত্ৰৰ মাজত থকা পার্থক্যসমূহ তলত আলোচনা কৰা হ’ল।

১. উদাৰনৈতিক গণতন্ত্ৰৰ মূল ভেটি হৈছে পছন্দৰ স্বাধীনতা। নিজৰ ধৰ্ম, জীৱন ধাৰণৰ পদ্ধতি, পৰিয়াল পৰিচালনা, জীৱিকা অৰ্জনৰ উপায় আদি পছন্দ স্বাধীনতাসমূহ প্রত্যেক ব্যক্তিৰে আছে বুলি এনে গণতন্ত্রই বিশ্বাস কৰে। সামন্তবাদত শ্রমিকে পছন্দৰ স্বাধীনতা নাপাইছিল। কিন্তু উদাৰনৈতিক গণতন্ত্ৰত জনসাধাৰণে জীৱিকা নির্বাহৰ বাবে নিজৰ শ্ৰম বিক্ৰী কৰিব পৰা পছন্দ স্বাধীনতা উপভোগ কৰে। কিন্তু সাম্যবাদী গণতন্ত্রত ব্যক্তিয়ে নিজ ইচ্ছামতে সকলো কাম কৰাৰ অধিকাৰ নাই। জীৱন ধাৰণৰ পদ্ধতি জীৱিকা নিৰ্বাহৰ পদ্ধতি আদি চৰকাৰে নিৰ্ধাৰণ কৰে। ৰাজনৈতিক স্বাধীনতা, চৰকাৰৰ সমালোচনা কৰা আদি ব্যক্তিগত স্বাধীনতাৰে গুৰুত্ব নাই। কমিউনিষ্ট আদৰ্শৰ লগত খাপ নোখোৱা কোনো ধ্যান-ধাৰণা প্রকাশ কৰিবলৈ দিয়া নহয়।

২. উদাৰনৈতিক গণতন্ত্র মুক্ত প্রতিযোগিতা থাকে অর্থনৈতিক ক্ষেত্ৰত জনসাধাৰণৰ জীৱন ধাৰণৰ পদ্ধতি, বৃত্তি, জীৱিকা নির্বাহ উন্নত কৰিবৰ বাবে জনসাধাৰণৰ সম্পূর্ণ ব্যক্তি স্বাধীনতা আছে। Laissez Faire নীতি প্রযোজ্য থকাৰ বাবে ব্যক্তিয়ে নিজে ব্যৱসায় বাণিজ্য উদ্যোগত উদ্যমী হ’ব পাৰে। সেয়েহে মুক্ত প্রতিযোগিতা থকাৰ বাবে ইয়াত এক শ্রেণী পুঁজিপতি আৰু এক শ্রেণী পুঁজিহীন লোকৰ সৃষ্টি হয়।

কিন্তু সাম্যবাদী গণতন্ত্ৰত মুক্ত প্রতিযোগিতাৰ পৰিৱৰ্তে অর্থনৈতিক সহযোগিতাহে থাকে। ইয়াত ব্যৱসায় বাণিজ্য উদ্যোগ প্রতিষ্ঠাত ব্যক্তিগত স্বাধীনতা নোহোৱাৰ বাবে ব্যক্তিয়ে নিজ ইচ্ছামতে অর্থনীতি নিয়ন্ত্রণ কৰিব নোৱাৰে। সৰ্বহাৰাৰ শ্ৰেণী স্বাৰ্থত উদ্যোগ অর্থনীতি নিয়ন্ত্রণ কৰা হয়।

৩. বজাৰ ভিত্তিক অর্থনীতি উদাৰনৈতিক গণতন্ত্ৰৰ প্ৰধান বৈশিষ্ট্য। বজাৰ ভিত্তিক অর্থনীতিত শ্ৰমিকসকলে ইয়াত নিজৰ শ্ৰম আটাইতকৈ বেছি দাম দিওতাজনক বেচিব পৰা হ’ল। নিজৰ পছন্দ অনুসৰি ইয়াত শ্রমিকে চুক্তি কৰিব পাৰে। এনে অৰ্থনীতিত লাভ অৰ্জন কৰাৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰা হয়।

কিন্তু সাম্যবাদী গণতন্ত্রত বজাৰ ভিত্তিক অর্থনীতি গঢ়ি উঠিব নোৱাৰে কাৰণ ইয়াত মুক্ত প্রতিযোগিতাও নাই আৰু শ্ৰমিকসকলে ব্যক্তিগতভাৱে চুক্তি কৰিব, পছন্দ অনুসৰি দৰ দাম কৰিব নোৱাৰে। অৰ্থনীতিত সম্পূৰ্ণ ৰাষ্ট্ৰীয় নিয়ন্ত্রণ আছে। লাভৰ ওপৰত সদায়েই গুৰুত্ব দিয়াতকৈ ইয়াত ৰাজহুৱা উপযোগিতাৰ স্বাৰ্থত সামগ্রী উৎপাদন কৰা হয়।

৪. উদাৰবাদী গণতন্ত্ৰত শ্রেণী বিভক্ত সমাজ সৃষ্টি হয়। পুঁজিপতিসকলে ইয়াত পুঁজি নিয়ন্ত্রণ কৰে। এনে শ্রেণী পুঁজিপতিৰ হাতত দেশৰ সম্পদ সমূহ কেন্দ্রীভূত হয়। আনহাতে, এক শ্ৰেণীয়ে পুঁজি নিয়ন্ত্ৰণৰ দ্বাৰা দেশৰ অৰ্থনীতি, ৰাজনীতি, সমাজনীতি নিয়ন্ত্রণ কৰে। পুঁজি নথকা সকলে উৎপাদনৰ উপায়সমূহৰ অধিকাৰী হয নোৱাৰা বাবে শ্রম বিক্ৰী কৰি জীৱিকা নির্বাহ কৰে। ফলস্বৰূপে সমাজত শ্রেণী বিভাজন সৃষ্টি হয়।

আনহাতেদি সমাজবাদী গণতন্ত্রত পুঁজি এক শ্ৰেণীৰ হাতত কেন্দ্ৰীভূত হ’ব নোৱাৰে। মুক্ত প্রতিযোগিতা নথকাৰ বাবে আৰু সম্পদৰ গৰাকীও নহয়। কমিউনিষ্ট গণতন্ত্র বৃহৎ সংখ্যক জনসাধাৰণৰ স্বাৰ্থ ৰক্ষাৰ বাবে প্ৰশাসন পৰিচালিত হোৱা বাবে শ্রেণী বিভক্ত সমাজ নাথাকে। সাম্যবাদী গণতন্ত্রই এক শ্রেণীহীন সমাজ প্রতিষ্ঠাত আগভাগ লয়।

৫. উদাৰবাদী গণতন্ত্রত দায়িত্বশীল চৰকাৰ প্ৰতিষ্ঠা হৈছে। বজাৰ ভিত্তিক অর্থনীতি পৰিচালিত হ’ব পৰাকৈ প্রয়োজনীয় আন্তঃগাঁথনি সৃষ্টি কৰাৰ দায়িত্ব আছে বুলি এনে চৰকাৰত ভবা হয়। সেইবাবে আইন-কানুন, কৰ-কাটল, শিক্ষা, স্বাস্থ্য, প্রতিক্ষা, শিল্প উদ্যোগ বিকাশৰ বাবে প্রয়োজনীয় যোগাযোগ ব্যৱস্থা, কেঁচামাল সৰবৰাহ আদি পৰিচালনা আৰু নিয়াৰিকৈ চলাব পৰাটো এনে চৰকাৰৰ প্ৰধান দায়িত্ব আৰু এনে দায়িত্ব ন্যস্ত কৰিবৰ বাবেই নিৰ্বাচনৰ যোগেদি ইয়াত দায়িত্বশীল চৰকাৰৰ ব্যৱস্থা কৰা হয়।

কিন্তু সমাজবাদী গণতন্ত্রত নির্বাচন অনুষ্ঠিত হ’লেও ইয়াৰ চৰকাৰ সম্পূৰ্ণ জনগণৰ ওচৰত দায়িত্বশীল নহয়। সাম্যবাদী আদৰ্শৰ বাহিৰে অন্যান্য আদৰ্শৰ ৰক্ষণাবেক্ষণত চৰকাৰ দায়ী নহয়। জনমতৰ দ্বাৰা ইয়াত চৰকাৰ পৰিচালিত নহয়৷ আনহাতেদি কমিউনিষ্ট দলৰ দ্বাৰাহে ইয়াত চৰকাৰ আৰু জনসাধাৰণ পৰিচালিত হয়।

৬. উদাৰবাদী গণতন্ত্ৰত বহুতো ৰাজনৈতিক দল থাকিব পাৰে। ইয়াত বিভিন্ন দল গঠন কৰাৰ, সন্থা গঠন কৰাৰ অধিকাৰ বিভিন্ন মত প্ৰকাশৰ স্বাধীনতা থকাৰ বাবে ৰাজনৈতিক ব্যৱস্থাও বহুমুখী হয়। জনসাধাৰণৰ আস্থা হেৰুৱালে ইয়াত ক্ষমতাও থকা ৰাজ-দলৰ সলনি নতুন দলক ক্ষমতাত অধিষ্ঠিত কৰিব পাৰি।

কিন্তু সাম্যবাদী গণততন্ত্ৰত এটা মাত্ৰ ৰাজনৈতিক দল থাকে। জনসাধাৰণৰ সন্থা গঠন কৰাৰ, ৰাজনৈতিক দল গঠনৰ অধিকাৰ নাথাকে। এটা কমিউনিষ্ট দলেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে। সেইবাবে দলীয় ব্যৱস্থাত নির্বাচন এটা নামমাত্র আনুষ্ঠানিক প্রক্রিয়াহে। কমিউনিষ্ট দলক বাদ দি অন্য সংগঠন প্রতিষ্ঠা কৰাত সাংবিধানিক বাধা আছে।

৭. উদাৰবাদী গণতন্ত্রত পুঁজিপতি শ্রেণীয়ে পুঁজিবিহীন শ্ৰেণীটোক কম পাৰিশ্রমিক দি কাম কৰিবলৈ বাধ্য কৰায়। পৰিয়াল পৰিচালনাৰ তাগিদাত পৰি, জীৱিকা নির্বাহৰ বাবে শ্রমিকে কম মজুৰিত কাম কৰিবলৈ বাধ্য হয়। লাভ অর্জন কৰাটো পুঁজিপতিসকলৰ প্ৰদান উদ্দেশ্য হোৱা বাবে ইয়াত শ্রমিকে লাভৰ অংশৰ পৰা বঞ্চিত হয়। সেইবাবে ইয়াত শোষণৰ মাত্ৰা বেছি।

কিন্তু সাম্যবাদী গণতন্ত্ৰৰ প্রধান লক্ষ্য এক শোষণহীন শ্রেণীহীন সমাজ প্রতিষ্ঠা কৰা। এনে ৰাজনৈতিক ব্যৱস্থাত সাধাৰণতে পুঁজিপতি শ্ৰেণীৰ সৃষ্টি হ’ব নোৱাৰে। সম্পদৰ, উপাৰ্জনৰ আহিলাসমূহ ৰাষ্ট্ৰৰ হাতত থকাৰ বাবে ৰাষ্ট্ৰীয় সম্পদ সম বিতৰণ কৰা হয় বাবে ইয়াত এক শ্ৰেণীৰ অৰ্থনৈতিক প্রভুত্ব নাথাকে। সেইবাবেই ইয়াত শোষণৰ সম্ভাৱনীয়তাও কম হয়।

৮. উদাৰবাদী গণতন্ত্রত ব্যক্তি স্বাধীনতাক প্ৰধান গুৰুত্ব আৰোপ কৰা হয়। সকলো ব্যক্তিয়ে ৰাজনীতি, সমাজনীতি, অর্থনীতি ধর্মীয় অধিকাৰ উপভোগ কৰিব পাৰে। কিন্তু সমতাৰ ওপৰত ইয়াত গুৰুত্ব প্ৰদান কৰা নহয়। সকলো ব্যক্তিৰে বাক স্বাধীনতা, ভাব প্ৰকাশৰ স্বাধীনতা, সন্থা গঠনৰ স্বাধীনতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। কিন্তু স্বাধীনতাৰ ওপৰত অত্যধিক গুৰুত্ব দিয়াৰ বাবে ইয়াত বৈষম্যৰ সৃষ্টি হয়।

কিন্তু সাম্যবাদী গণতন্ত্রত সমতাৰ ওপৰত বিশেষ গুৰুত্ব প্রদান কৰা হয়। উদাৰবাদী গণতন্ত্ৰৰ সুযোগৰ সমতাৰ উপৰিও ইয়াত এক মানৱীয় সমতা সৃষ্টি কৰিবলৈ বিচৰা হয়। য’ত এটা শ্ৰেণীয়ে আন এটা শ্ৰেণীক শোষণ আৰু দমন কৰাৰ অৱকাশ নাথাকিব। উৎপাদন বিতৰণ আৰু বিনিয়োগ ৰাষ্ট্ৰৰ নিয়ন্ত্রণাধীন হোৱাৰ বাবে ইয়াত সমতা বিৰাজ কৰে। অৰ্থনৈতিক স্বাধীনতা আৰু সমতাৰ অবিহনে ৰাস্বতন্ত্রতা অর্থহীন বুলি সাম্যবাদী গণতন্ত্রই বিশ্বাস কৰে।

৯. উদাৰতাবাদী গণতন্ত্ৰত পুঁজিপতি, বুর্জোৱা শ্ৰেণীৰ প্ৰভুত্ব বিৰাজ কৰে। এই শ্ৰেণীয়ে অর্থনীতি নিয়ন্ত্ৰণ কৰাৰ কাৰণে অন্যান্য ৰাজনীতি, সমাজনীতি, আইন আদি সকলো দিশ এই পুঁজিপতি সকলেই নিয়ন্ত্রণ কৰে।

কিন্তু সমাজবাদী গণতন্ত্ৰত শ্রমিক শ্ৰেণীৰ একনায়কত্ববাদ প্রতিষ্ঠা কৰা হয়। ইয়াত শ্রমিক কৃষক শ্ৰেণীৰ স্বাৰ্থ ৰক্ষাৰ বাবেহে চৰকাৰ প্ৰদান ৰাজনৈতিক দল ব্যস্ত থাকে। শ্রমিক-কৃষক শ্ৰেণীৰ স্বাৰ্থবিৰোধী পুঁজিপতি শ্ৰেণীৰ অস্তিত্ব বিলোপ সাধন কৰি শোষণৰ অৱসান ঘটাই শ্রমিক শ্ৰেণীৰ একনায়কত্ববাদ প্রতিষ্ঠা সমাজবাদৰ প্ৰধান লক্ষ্য।

১০. উদাৰবাদী গণতন্ত্রই ব্যক্তিগত সম্পত্তি পোষকতা কৰে। ব্যক্তিগত সম্পত্তি নাথাকিলে ব্যক্তিগত স্বতন্ত্রতা অর্থহীন। নিজৰ সমাৰ্থ অনুযায়ী প্রতিজন ব্যক্তিয়েই ইয়াত ব্যক্তিগত সম্পত্তি আহৰণ কৰিব পাৰে, উদ্যোগৰ প্ৰতিষ্ঠান স্থাপন কৰিব পাৰে, ব্যৱসায় বাণিজ্য সম্প্ৰসাৰণ কৰিব পাৰে; উৎপাদনৰ উপাদানসমূহ পৰিচালিত কৰিব পাৰে, আৰু ব্যক্তিগত লাভৰ বাবে নিয়োগ কৰিব পাৰে।

কিন্তু সাম্যবাদী গণতন্ত্রত ব্যক্তিগত সম্পত্তি উচ্ছেদ কৰা হয়। ব্যক্তিগত সম্পত্তি সাম্যবাদী আদৰ্শৰ বাধাস্বৰূপ বুলি ভবা হয়। সমাজৰ শোষণ, শ্রেণীবিভক্ত সমাজৰ সৃষ্টিৰ কাৰণ হ’ল সম্পত্তি, সকলো সম্পদ, উৎপাদনৰ আহিলা ৰাষ্ট্ৰৰ হাতত থাকিলেহে শোষণ, নির্যাতন আৰু দমন অৱসান ঘটাই এখন সাম্যবাদী সমাজ প্রতিষ্ঠা কৰিব পাৰি বুলি সাম্যবাদী গণতন্ত্রই বিশ্বাস কৰে।

6. What do you mean by Third world democracy. Discuss its basic features.

Ans: তৃতীয় বিশ্বৰ গণতন্ত্ৰৰ বিষয়ে আলোচনা কৰাৰ আগতে তৃতীয় বিশ্ব বুলিলে কোনবিলাক ৰাষ্ট্ৰক সূচায় সেয়া জনাতো প্রয়োজন। এই তৃতীয় বিশ্বই সমগ্র পৃথিৱীৰ মুঠ জনসংখ্যাৰ আৰু ভৌগোলিক এলেকাৰ প্রায় আধাতকৈও বেছি অংশ সামৰি লয়। প্রথম বিশ্বৰ ভিতৰত পুঁজিবাদী ৰাষ্ট্ৰসমূহক, দ্বিতীয় বিশ্বৰ ভিতৰত সাম্যবাদী ৰাষ্ট্ৰবিলাকক অন্তর্ভুক্ত কৰা হয়। এতিয়া তোমালোকৰ মনত এটি প্রশ্নৰ উদয় নহয়নে যে তৃতীয় বিশ্বত কোনবিলাক ৰাষ্ট্ৰ অন্তৰ্ভুক্ত হ’ব? এই তৃতীয় বিশ্বৰ ভিতৰত সাধাৰণতে দ্বিতীয় মহাসমৰৰ পৰৱৰ্তী কালত ঔপনিৱেশিক শাসনৰ পৰাধীনতাৰ পৰা স্বাধীনতাপ্রাপ্ত দৰিদ্ৰ ৰাষ্ট্ৰবিলাকক অন্তৰ্ভুক্ত কৰা হয়।

তৃতীয় বিশ্বৰ ৰাষ্ট্ৰবিলাকৰ প্রধান বৈশিষ্ট্য এইয়ে যে এই ৰাষ্ট্ৰবিলাকৰ সৰহসংখ্যক জনসাধাৰণ দৰিদ্ৰ, আৰ্থ সামাজিক সংস্কৃতিক ৰাজনৈতিক ক্ষেত্ৰসমূহত অনগ্ৰসৰ। নিৰক্ষৰতা, দৰিদ্ৰতা, অন্ধবিশ্বাস, জাতি-জনজাতি, বর্ণ আদি গোষ্ঠীগত ভাবধাৰাৰ দ্বাৰা তৃতীয় বিশ্বৰ জনসাধাৰণ বৰ্তমানে পৰিচালিত। শিল্প উদ্যোগৰ বিকাশ, জনমূৰি আয়, জাতীয় উৎপাদন, অর্থনৈতিক বিকাশ আদিৰ ক্ষেত্ৰত তৃতীয় বিশ্বৰ দেশসমূহ বহু পৰিমাণে অনগ্ৰসৰতাৰ কবলত। শিল্প বিপ্লৱৰ ফলশ্রুতিত যোগাযোগ আৰু পৰিবহণ ব্যৱস্থাৰ উন্নতি, বৃহৎ উদ্যোগ স্থাপন, উদ্যোগিক ক্ষেত্ৰসমূহত উৎপাদিত সামগ্ৰীৰ বিক্ৰীৰ বাবে প্রয়োজনীয় বজাৰ ইত্যাদিয়ে সাম্রাজ্যবাদী ৰাষ্ট্ৰসমূহক অনুন্নত ৰাষ্ট্ৰবিলাকৰ ওপৰত আধিপত্য বিস্তাৰ কৰাৰ সুযোগ প্ৰদান কৰিছিল। আৰু ইয়াৰ জৰিয়তে উপনিৱেশবিলাকত নিজৰ শাসন কালক্ৰমত সুদৃঢ় কৰিছিল। এইক্ষেত্ৰত এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ ৰাষ্ট্ৰবিলাক সাম্রাজ্যবাদী শাসনৰ বলি হৈছিল।

উল্লেখনীয় যে এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ ৰাষ্ট্ৰবিলাক সাম্রাজ্যবাদী শাসনৰ বলি হৈছিল। উল্লেখনীয় যে এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ ৰাষ্ট্ৰবিলাককেই তৃতীয় বিশ্বৰ ৰাষ্ট্ৰ বুলি জনা যায়। কিন্তু দ্বিতীয় মহাসমৰৰ পৰৱৰ্তী কালত গণতান্ত্রিক ভাবধাৰাৰ প্ৰসাৰ, গণতান্ত্রিক প্রমূল্যৰআইঝৰ বিকাশ, পাশ্চাত্য শিক্ষাৰ প্ৰসাৰ, ৰাষ্ট্ৰসংঘৰ গঠন আৰু জাতীয়তাবাদী আন্দোলন আদিৰ ফলশ্রুতিত সাম্রাজ্যবাদী শক্তিবিলাকে ইয়াৰ অধীনস্থ বহু ৰাষ্ট্ৰক স্বাধীনতা প্ৰদান কৰিছিল। কিন্তু তৃতীয় বিশ্বৰ স্বাধীনতাপ্রাপ্ত ৰাষ্ট্ৰবিলাকে গ্রহণ কৰা গণতান্ত্রিক ব্যৱস্থা সম্পূৰ্ণৰূপে উদাৰনৈতিক গণতন্ত্রও নহয় বা সাম্যবাদী গণতন্ত্রও নহয় । বৰং দুয়োবিধ গণতান্ত্রিক ভাবধাৰাৰ সংমিশ্ৰিত ৰূপত এক মিশ্রিত গণতান্ত্রিক আদর্শ গ্রহণ কৰিলে। তৃতীয় বিশ্বৰ উন্নয়নশীল ৰাষ্ট্ৰসমূহে গ্ৰহণ কৰা এনে গণতান্ত্রিক ভাবাদর্শকে তৃতীয় বিশ্বৰ গণতন্ত্র আখ্যা দিয়া হয়।

তৃতীয় বিশ্বৰ গণতন্ত্ৰৰ বৈশিষ্ট্য:

তৃতীয় বিশ্বৰ গণতন্ত্ৰৰ বহুতো বৈশিষ্ট্য পৰিলক্ষিত হয়। ইবিলাক তলত আলোচনা কৰা হ’ল–

১। তৃতীয় বিশ্বৰ গণতন্ত্ৰৰ প্ৰধান বৈশিষ্ট হৈছে যে ই এক মিশ্রিত গণতন্ত্র অর্থাৎ তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহে গ্ৰহণ কৰা গণতান্ত্রিক পৰম্পৰা সম্পূৰ্ণ ৰূপত পশ্চিমীয়া উদাৰতাবাদীও নহয় বা পূবৰ সাম্যবাদীও নহয়, বৰং দুয়োবিধৰে এক সংমিশ্ৰিত ৰূপহে। উদাৰতাবাদী গণতন্ত্ৰৰ ব্যক্তি স্বতন্ত্ৰতাৰ ধাৰণাক যিদৰে তৃতীয় বিশ্বৰ গণতন্ত্রই সমৰ্থন কৰে, তেনেদৰে সাম্যবাদী গণতন্ত্ৰৰ সমতা সামাজিক সহায় আদিৰ ধাৰণাও পোষকতা কৰে। ইয়াৰোপৰি এই ৰাষ্ট্ৰবিলাকে এক মিশ্রিত অর্থনীতিও গ্ৰহণ কৰে।

২। বহুদলীয় ব্যৱস্থা তৃতীয় বিশ্বৰ গণতন্ত্ৰৰ অন্যতম বৈশিষ্ট্য। তৃতীয় বিশ্বৰ ৰাষ্ট্ৰবিলাকত আঞ্চলিকতাবাদ, ভাষা, ধর্ম, জাতি, বর্ণ আদিৰ ভিত্তিত বহু ৰাজনৈতিক দলৰ সৃষ্টি হৈছে যদিও দলবিলাকৰ মাজত আদর্শগত প্রভেদ বিশেষ নাছিল। সাম্রাজ্যবাদী শাসনৰপৰা মুক্তি লাভ কৰি জনগণৰ ভিন্নমুখী আশা, আকাংক্ষা, অভাৱ-অভিযোগ আদি পূৰণ কৰিবৰ কাৰণে বহু ৰাজনৈতিক দলৰ অভ্যুত্থান হৈছে যদিও এই দলবিলাকে নিজা দলীয় আদর্শ সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত বিশেষ সাফল্য লাভ কৰিব পৰা নাই।

৩। তৃতীয় বিশ্বৰ ৰাষ্ট্ৰবিলাকৰ আন এক বৈশিষ্ট্য হ’ল যে এই ৰাষ্ট্ৰবিলাকত বর্তমানেও জাতি গঠনৰ প্ৰক্ৰিয়া অসম্পূর্ণ অৱস্থাত আছে। বিভিন্ন ধর্মীয়, ভাষিক সংখ্যালঘু সাম্প্রদায়িক গোষ্ঠীৰ অৱসান হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰতিটো গোষ্ঠীয়েই নিজা স্বকীয় স্বাৰ্থৰ দ্বাৰা পৰিচালিত হোৱাৰ বাবে ৰাষ্ট্ৰীয় সংহতি অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত সমস্যাই দেখা দিয়ে।

৪। তৃতীয় বিশ্বৰ ৰাষ্ট্ৰবিলাকত এক শক্তিশালী ৰাজনৈতিক দলৰ প্রাধান্য দেখা যায়, অর্থাৎ শক্তিশালী বিৰোধী ৰাজনৈতিক দলৰ অনুপস্থিতি তৃতীয় বিশ্বৰ গণতন্ত্ৰৰ এক প্ৰধান বৈশিষ্ট্য। এই ৰাষ্ট্ৰবিলাকত বিদেশী শাসনৰ অধীনত থকাৰ সময়ত প্ৰতিখন ৰাষ্ট্ৰতেই এক শক্তিশালী অনুষ্ঠানৰ নেতৃত্বত জাতীয়তাবাদী আন্দোলন গঢ়ি তোলা হৈছিল আৰু স্বাধীনতা লাভৰ পৰৱৰ্তী কালত সেই সংগঠনটোৰ প্ৰতি জনসাধাৰণৰ আনুগত্য থাকি গ’ল আৰু ফলত সেই সংস্থাবিলাকে শাসনৰ বাঘজৰীডাল নিজৰ হাতত ৰাখিবলৈ সক্ষম হৈছিল আৰু সেইবাবে শক্তিশালী বিৰোধী দলৰ অনুপস্থিতি দেখা যায়। এইক্ষেত্ৰত আমি উদাহৰণস্বৰূপে ভাৰতীয় জাতীয় কংগ্ৰেছৰ কথা উল্লেখ কৰিব পাৰো।

৫। তৃতীয় বিশ্বৰ গণতান্ত্ৰিক ৰাষ্ট্ৰবিলাকে হিংসাত্মক পন্থাৰ আশ্ৰয় লৈ সমস্যা সমাধান কৰাৰ পৰিৱৰ্তে অহিংসা নীতিৰ দ্বাৰা শান্তিপূর্ণ পদ্ধতিৰে সামাজিক পৰিৱৰ্তন সাধনৰ পোষকতা কৰে।

7. Distinguish between western liberal democracy and third world democracy.

Ans: উদাৰনৈতিক গণতন্ত্র আৰু তৃতীয় বিশ্বৰ গণতন্ত্ৰৰ মাজত কিছুমান মৌলিক প্রভেদ পৰিলক্ষিত হয়। ইবিলাক হৈছে—

(১) পশ্চিমীয়া উদাৰতাবাদী গণতন্ত্র পশ্চিমীয়া ৰাষ্ট্ৰবোৰত বছৰৰ আগৰ পৰা কাৰ্যকৰী হৈ আছে। কিছুমান পশ্চিমীয়া দেশত এনে গণতান্ত্রিক শাসনে ইতিমধ্যে স্থায়ী ৰূপ লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে তৃতীয় বিশ্বৰ ৰাষ্ট্ৰবোৰে ঔপনিৱেশিকতাৰ কবলৰ পৰা মুক্তি পোৱাৰ পাছতহে যিহেতুকে গণতান্ত্রিক শাসন প্ৰৱৰ্তন কৰিছে গতিকে এনে ৰাষ্ট্ৰবিলাকত গণতান্ত্রিক শাসন প্রৱৰ্তন কৰিছে গতিকে এনে ৰাষ্ট্ৰবিলাকত এনে শাসনে বর্তমানেও স্থায়ী ৰূপ লাভ কৰিব পৰা নাই। আন কথাত ক’ব পাৰি যে উদাৰতাবাদী গণতন্ত্ৰৰ তুলনাত তৃতীয় বিশ্বৰ গণতনতন্ত্ৰ নতুনকৈ স্থাপিত হোৱা গণতন্ত্র।

(২) পুঁজিবাদী অর্থনীতি পশ্চিমীয়া উদাৰনৈতিক গণতন্ত্ৰৰ অন্যতম প্রধান বৈশিষ্ট্য। উৎপাদন আৰু বিতৰণ ব্যৱস্থাৰ ক্ষেত্ৰত উদাৰতাবাদী গণতনতত্রই অবাধ প্রতিযোগিতাৰ নীতি অনুসৰণ কৰে। সেয়ে এনে গণতান্ত্ৰিক ৰাষ্ট্ৰবিলাকত ধনীক শ্ৰেণীটোৱে আধিপত্য লাভ কৰা দেখা যায়।

আনহাতেদি তৃতীয় বিশ্বৰ গণতান্ত্ৰিক ৰাষ্ট্ৰবিলাকৰ অৰ্থনীতি হৈছে মিশ্র অর্থনীতি। পুঁজিবাদ আৰু সাম্রাজ্যবাদ এই দুয়োবিধ অর্থনীতিৰেই তৃতীয় বিশ্বৰ গণতান্ত্রিক ৰাষ্ট্ৰবিলাকত সমাহাৰ ঘটিছে। পুঁজিবাদী অৰ্থনীতিৰ মুনাফা অৰ্জন আৰু ব্যক্তিগত কল্যাণ সাধনকেই একমাত্র প্রাধান্যতা নিদি সাম্রাজ্যবাদী অর্থনীতিৰ সহযোগিতামূলক উৎপাদন ব্যৱস্থা আৰু সামাজিক আয়ৰ ওপৰতো তৃতীয় বিশ্বৰ গণতান্ত্ৰিক ৰাষ্ট্ৰবিলাকে সমানেই গুৰুত্ব আৰোপ কৰে।

(৩) পশ্চিমীয়া উদাৰতাবাদী গণতন্ত্রত দ্বিদলীয় ৰাজনৈতিক প্ৰচলন দেখা যায়। এই দ্বিদলীয় ব্যৱস্থাত এটা দলে নির্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰে আৰু আনটো দলে বিৰোধী দলৰ ভূমিকাত অৱতীৰ্ণ হয়। গতিকে উদাৰতাবাদী গণতন্ত্ৰৰ দ্বিদলীয় ব্যৱস্থাত বিৰোধী দলে শক্তিশালী ভূমিকা পালন কৰে। ইংলেণ্ড, আমেৰিকাৰ দৰে উদাৰনৈতিক গণতান্ত্ৰিক ৰাষ্ট্ৰসমূহত দ্বিদলীয় ব্যৱস্থা প্রচলন আছে। সেয়েহে এনেবিলাক দেশত চৰকাৰৰ স্থায়িত্ব পৰিলক্ষিত হয়।

ইয়াৰ পৰিৱৰ্তে তৃতীয় বিশ্বৰ গণতান্ত্ৰিক ৰাষ্ট্ৰত দ্বিদলীয় ব্যৱস্থাৰ পৰিৱৰ্তে বহুদলীয় ব্যৱস্থাৰ প্ৰচলন দেখা যায়। এনে ৰাষ্ট্ৰসমূহত জাতি ধর্ম আদিৰ ভিত্তিত সময়ত ৰাজনৈতিক দলবিলাকৰ আৰু ঘটা দেখিবলৈ পোৱা যায়। এই সকলোবিলাক দলেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে আৰু সেয়ে বহু সময়ত তৃতীয় বিশ্বৰ গণতান্ত্ৰিক ৰাষ্ট্ৰবিলাকত সংযুক্ত চৰকাৰ গঠন কৰাৰ প্ৰৱণতা বৃদ্ধি পোৱা পৰিলক্ষিত হয়। যিহেতু সংযুক্ত মৰ্চা চৰকাৰ ব্যৱস্থাত একাধিক ৰাজনৈতিক দলে ভাগ লয় সেয়ে চৰকাৰৰ স্থায়িত্ব বহু পৰিমাণে কম হোৱা পৰিলক্ষিত হয়।

(৪) পশ্চিমীয়া উদাৰনৈতিক গণতান্ত্ৰিক ৰাষ্ট্ৰবিলাকে ধৰ্মনিৰপেক্ষতাৰ নীতি সবলভাৱে অনুসৰণ কৰে। এনে ৰাষ্ট্ৰবিলাকত ধৰ্ম আৰু ৰাজনীতিৰ মাজত এক বৃহৎ প্ৰাচীৰ আছে। ধৰ্মই ৰাষ্ট্ৰৰ কাৰ্যকলাপত আৰু ৰাষ্ট্ৰই ধর্মীয় কার্যকলাপত হস্তক্ষেপ নকৰে। ধৰ্মৰ ক্ষেত্ৰত জনসাধাৰণে উদাৰ নীতি গ্ৰহণ কৰা দেখা যায়।

আনহাতে তৃতীয় বিশ্বৰ গণতান্ত্ৰিক ৰাষ্ট্ৰসমূহত সাত্বিকভাৱে ধর্মীয় নিৰপেক্ষতাৰ নীতি অবলম্বন কৰিলেও বাস্তৱিক ক্ষেত্ৰত ৰাষ্ট্ৰৰ কার্যকলাপত ধর্মই বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰা দেখা যায়। এই ৰাষ্ট্ৰবিলাকত জাত-পাত, ধর্ম, ভাষা আদিৰ ভিত্তিত বহু সময়ত জনসাধাৰণৰ মাজত অনৈক্য বিৰাজ কৰে। এনে ৰাষ্ট্ৰবিলাকত ধর্মীয় মৌলবাদে ক্রমশঃ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ ধৰা পৰিলক্ষিত । চৰকাৰী পক্ষইও এনে ৰাষ্ট্ৰসমূহত বহু বিষয়ৰ সিদ্ধান্ত গ্রহণ কৰোতে ধর্মীয় দিশতো বিবেচনা কৰা দেখা যায়। হয়।

(৫) তৃতীয় বিশ্বৰ গণতন্ত্রত আঞ্চলিকতাবাদী শক্তিৰ প্ৰভাৱ বেছি। এই ৰাষ্ট্ৰবোৰত আঞ্চলিক আনুগত্যৰ ভিত্তিৰ ৰাজনৈতিক দল গঠন কৰি চৰকাৰ গঠনত গুৰুত্ব দিয়া হয়। আনহাতে পশ্চিমৰ উদাৰনৈতিক গণতান্ত্ৰিক ৰাষ্ট্ৰবিলাকত এনে আঞ্চলিকতাবাদৰ প্ৰভাৱ সীমিত।

8. What do you mean by totalitarian government. Discuss its basic principles. 

Ans: ৰাষ্ট্ৰৰ কাৰ্যকলাপৰ লগত জড়িত তত্ত্বসমূহৰ ভিতৰত সর্বাত্মকতাবাদী এক পুৰণি তত্ত্ব। এই তত্ত্ব অনুযায়ী ৰাষ্ট্ৰ হৈছে এক নৈতিক সত্ত্বা। ৰাষ্ট্ৰ হৈছে ব্যক্তিৰ প্ৰকৃত ব্যক্তিত্বৰ সৃষ্টি কৰা আৰু নিশ্চয়তা প্রদান কৰা অনুষ্ঠান। সেয়েহে ব্যক্তিৰ আচৰণ নিৰ্দেশ কৰা আৰু নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সামগ্রিকভাৱে ৰাষ্ট্ৰই সর্বোচ্চ কর্তৃত্ব লাভ কৰে। একেদৰে ব্যক্তিয়েও ৰাষ্ট্ৰৰ ওচৰত নিজকে কৰি ৰাষ্ট্ৰীয় কৰ্তৃত্ব মানি চলিলে এক উচ্চ নৈতিকতাসম্পন্ন জীৱন যাপন কৰাৰ সুবিধা লাভ কৰে। এইদৰে সৰ্বাত্মকতাবাদী তত্ত্বই ৰাষ্ট্ৰক এক প্রশ্নাতীত সৰ্বোচ্চতা প্ৰদান কৰিছে। এনে চৰকাৰৰ কৰ্তৃত্ব প্ৰয়োগৰ ক্ষেত্ৰত কোনো বাধা বা সীমাবদ্ধতা নাথাকে। সৰ্বাত্মকতাবাদী চৰকাৰত সমাজৰ ৰাজহুৱা কাম-কাজ পৰিচালনাৰ ক্ষেত্ৰত জনসাধাৰণ অংশগ্ৰহণৰ ব্যৱস্থাক স্বীকাৰ নকৰে। সামগ্রিকভাৱে সৰ্বাত্মকতাবাদী চৰকাৰ হৈছে সর্বোচ্চভাৱে ক্ষমতাসম্পন্ন চৰকাৰ। ব্যক্তিগত বা সমাজ জীৱনৰ কোনো এটা দিশেই এই চৰকাৰৰ নিয়ন্ত্ৰণৰ বাহিৰত নাথাকে। ব্যক্তিৰ বা সমাজৰ সকলো কার্যকলাপেই এনে চৰকাৰৰ অধীনত নিয়ন্ত্রণাধীন হৈ থাকে।

সর্বাত্মকতাবাদৰ বৈশিষ্ট্য:

১। ৰাষ্ট্ৰ এক নৈতিক সত্ত্বা: সর্বাত্মকতাবাদীসকলে ৰাষ্ট্ৰক সর্বোচ্চ ক্ষমতাসম্পন্ন অনুষ্ঠান হিচাপে গণ্য কৰে। তেওঁলোকৰ মতে, ৰাষ্ট্ৰ কেৱল জনসাধাৰণৰ কল্যাণ সাধনৰ বাবে কার্য সম্পাদন কৰা ৰাজনৈতিক যন্ত্ৰ নহয়। ইয়াৰ বিপৰীতে ৰাষ্ট্ৰ হৈছে জীৱন্ত আৰু প্ৰাকৃতিক সত্ত্বা ইয়াৰ এক মহৎ উদ্দেশ্য আছে। হেগেলৰ মতে, বিশ্বব্রহ্মাণ্ড হৈছে সামগ্রিকভাবে সংলগ্ন আৰু ইয়াৰ অন্তৰালত যুক্তি, ধাৰণা, বা স্বর্গীয় চেতনা জড়িত হৈ থাকে। এনে চিন্তাৰ লগত সকলোবোৰ বিষয় জড়িত হৈ থাকে। চেতনা বিকাশৰ ক্ষেত্ৰত বিভিন্ন পর্যায়ত অতিক্ৰম কৰিব লগা হয়। মানৱ চেতনা বিকাশৰ ফলস্বৰূপেই শেষ পৰ্যায়ত ৰাষ্ট্ৰৰ সৃষ্টি হৈছিল। সেয়েহে ৰাষ্ট্ৰ হৈছে মানৱ চেতনাৰ সৰ্বোচ্চ সাকাৰ ৰূপ। গ্ৰীণৰ দৃষ্টিতো ৰাষ্ট্ৰ হৈছে মানৱীয় চেতনাৰ মূর্তমান প্রকাশ। 

২। ৰাষ্ট্ৰ সাধাৰণ ইচ্ছাৰ মূৰ্ত ৰূপ: বোছানকোৱেটৰ দৰে দার্শনিক ৰাষ্ট্ৰক মানৱ চেতনাৰ সাকাৰ ৰূপ বোলাতকৈ ইয়াক সাধাৰণ ইচ্ছাৰ সমষ্টি বুলি বিবেচনা কৰিছিল। তেওঁৰ ধাৰণা অনুযায়ী প্রত্যেক ব্যক্তিৰে দুই ধৰণৰ ইচ্ছা থাকে— বাস্তৱিক ইচ্ছা (Actual Will) আৰু প্ৰকৃত ইচ্ছা (Real Will)। বাস্তৱিক ইচ্ছা ব্যক্তিৰ স্বাৰ্থৰ লগত সংলগ্ন। সামাজিক কল্যাণৰ লগত ই জড়িত নাথাকে। সেয়ে এনে ইচ্ছা সংকীর্ণ আৰু স্ববিৰোধী। সেয়েহে ই মানুহক স্বাৰ্থপৰ আৰু অনৈতিক কৰি তোলে। গতিকে বোছানকুৱেটৰ মতে, বাস্তৱিক ইচ্ছা সম্পূৰ্ণৰূপে আৱেগিক আৰু যুক্তিহীন।

বাস্তবিক ইচ্ছাই ব্যক্তিক অন্যান্য ব্যক্তিসকলৰ পৰা পৃথকভাৱে থাকিবলৈ পৰিচালিত কৰাৰ বিপৰীতে প্রকৃত ইচ্ছাই ব্যক্তিক অন্যান্য ব্যক্তিৰ লগত সহযোগিতা কৰিবলৈ প্ৰভাৱিত কৰে। যেতিয়া সমাজৰ সকলো ব্যক্তিৰ প্ৰকৃত ইচ্ছাক একত্ৰিত কৰি এক সামূহিক ইচ্ছালৈ পৰিৱৰ্তন কৰা হয়, তেতিয়াই ৰাষ্ট্ৰত সাধাৰণ ইচ্ছাৰ সৃষ্টি হয়। সেয়েহে সাধাৰণ ইচ্ছা হৈছে সকলো ব্যক্তিৰ প্ৰকৃত ইচ্ছাৰ সমষ্টি। এই দিশৰ পৰা লক্ষ্য কৰিলে দেখা যায় যে ৰাষ্ট্ৰ হৈছে সাধাৰণ ইচ্ছাৰ মূৰ্তমান ৰূপ। ৰাষ্ট্ৰই সকলো ব্যক্তিৰ উমৈহতীয়া ইচ্ছাক প্রতিনিধিত্ব কৰে।

(৩) ৰাষ্ট্ৰৰ নিজস্ব ব্যক্তিত্ব আছে: ব্যক্তিৰ দৰে ৰাষ্ট্ৰৰো এক স্পষ্ট আৰু নিজস্ব ব্যক্তিত্ব আছে। হেগেলে ইয়াক এক আত্মসচেতন নৈতিক ৰূপ আৰু স্ব-জ্ঞানী আৰু স্ব বাস্তৱায়িত ব্যক্তি হিচাপে বর্ণনা কৰিছে। বোছানকোৱেটে ইয়াক এক নৈতিক ধাৰণা হিচাপে আখ্যা দিছে। এই ধাৰণাই সকলো ব্যক্তিৰ মনত উচ্চ স্থান লাভ কৰে আৰু অন্তর্নিহিত হৈ থাকে। এক পৃথক সত্ত্বা হিচাপে ৰাষ্ট্ৰৰ নিজস্ব কিছুমান বৈশিষ্ট্য আছে আৰু এই সত্ত্বাক সংবিধান, পৰম্পৰা বা ৰাজনৈতিক আইনবিলাকৰ জৰিয়তে অনু অনুভৱ কৰিব পাৰি।

(8) ৰাষ্ট্ৰৰ এক লক্ষ্য আছে: ৰাষ্ট্ৰ এক স্বাধীন সত্ত্বা হিচাপে ইয়াৰ এক নিজৰ লক্ষ্য আছে। ৰাষ্ট্ৰক মানৱ শৰীৰ সদৃশ। মানৱ শৰীৰৰ বিভিন্ন অংগই যিদৰে শৰীৰৰ সামগ্রিক উন্নতিৰ বাবে কাম কৰে আৰু সকলো অংগতে পৰিপুষ্টি যোগায় সেইদৰে ৰাষ্ট্ৰইও ব্যক্তিৰ উন্নয়নৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰিও ব্যক্তিয়েও ৰাষ্ট্ৰৰ কল্যাণৰ বাবে কাম কৰা প্ৰয়োজনীয়।

ৰাষ্ট্ৰই এক স্বকীয় নৈতিকতা আৰু অধিকাৰ বহন কৰে। ৰাষ্ট্ৰৰ অধিকাৰে ব্যক্তিৰ তথাকথিত অধিকাৰক নাকচ কৰে। কাৰণ ব্যক্তিৰ কোনো প্রকৃত অধিকাৰ নাথাকে। ব্যক্তিৰ যি অধিকাৰ থাকে সেয়া আচলতে ৰাষ্ট্ৰৰ পৰাহে লাভ কৰে। ব্যক্তিয়ে কেনে ধৰণৰ অধিকাৰ লাভ কৰিব বা ব্যক্তিয়ে কি দায়িত্ব পালন কৰিব লাগিব সেয়া ৰাষ্ট্ৰই নিৰ্ধাৰণ কৰিব।

(৫) ৰাষ্ট্ৰৰ এক নৈতিক লক্ষ্য আছে: ব্যক্তিৰজীৱন বা অন্যান্য অনুষ্ঠানৰ ক্ষেত্ৰত ৰাষ্ট্ৰই কিছুমান ইতিবাচক ভূমিকা পালন

কৰিব লগা হয়। ৰাষ্ট্ৰই ব্যক্তিৰ আধ্যাত্মিক চৰিত্ৰৰ উন্নয়নৰ বাবে যথেষ্ট কৰণীয় আছে। সর্বাত্মকতাবাদী সকলৰ মতে ৰাষ্ট্ৰই হৈছে একমাত্র প্রতিষ্ঠান যিয়ে ৰাষ্ট্ৰৰ নাগৰিকসকলৰ আভ্যন্তৰীণ সত্ত্বাৰ সমানে সমানে বাহ্যিক সত্ত্বাৰ উত্তৰণত সহায় কৰিব পাৰে। ব্যক্তিৰ চেতনাক অসত্যৰ পৰা সত্যলৈ নাইবা বিভ্ৰান্তিৰ পৰা বাস্তৱতাৰ দিশলৈ পৰিৱৰ্তন কৰাটো ৰাষ্ট্ৰৰ উদ্দেশ্য। এই দিশৰ পৰা ৰাষ্ট্ৰৰ এক উচ্চ নৈতিকতা প্ৰাপ্তিৰ লক্ষ্য আছে।

(৬)ৰাষ্ট্ৰ হৈছে স্বাদীনতাৰ উৎস: হেগেলৰ মত অনুযায়ী ব্যক্তিয়ে কেৱল ৰাষ্ট্ৰৰ জৰিয়তেহে প্ৰকৃত স্বাধীনতা লাভ কৰিব পাৰে। হেগেলৰ মতে, মানুহৰ চেতনা সম্পূৰ্ণৰূপে মুক্ত। সেয়েহে মানৱ চেতনা স্বাধীন আৰু গতিশীল। অন্যহাতে চেতনা স্বাধীন হলেও আইনৰ বাবে ই সম্পূর্ণ স্বাধীন হ’ব নোৱাৰে। সেয়েহে চেতনাৰ গতিপথে স্বাধীনতাৰ উন্নয়ন সূচনা কৰে। মানৱ চেতনা বিকাশৰ পূৰ্ণ পৰ্যায়তে যিহেতু ৰাষ্ট্ৰৰ সৃষ্টি হৈছিল; সেয়েহে ৰাষ্ট্ৰৰ অধীনতহে স্বাধীনতা প্রকৃত আৰু সর্বোচ্চভাৱে উপভোগ কৰিব পৰা যায়। গতিকে ৰাষ্ট্ৰৰ অধীনতহে ব্যক্তিয়ে স্বাধীনতা ভোগ কৰিব পাৰে। 

9. What is authoritarian government? Discuss its main features.

Ans: প্ৰাধিকাৰাত্মক চৰকাৰৰ কেতবোৰ বৈশিষ্ট্য পৰিলক্ষিত হয়। এই বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ’ল।

(১) প্রশাসনত দমনমূলক নীতিৰ প্ৰয়োগ: প্ৰাধিকাৰাত্মক চৰকাৰ ব্যৱস্থাত ৰাষ্ট্ৰৰ আভ্যন্তৰীণ প্ৰশাসনত দমনমূলক নীতি গ্রহণ কৰা হয়। জনসাধাৰণক চৰকাৰৰ প্ৰতি অনুগত কৰি ৰাখিবলৈ চৰকাৰে বিভিন্ন দমনমূলক নীতি গ্রহণ কৰে।

(২) ব্যক্তি স্বতন্ত্রতাৰ অভাৱ: প্রাধিকাৰাত্মক চৰকাৰত নাগৰিকৰ কোনো ব্যক্তিগত অধিকাৰ নাথাকে। প্রচাৰ মাধ্যমসমূহ যেনে— বাতৰি কাকত, ৰেডিঅ’ টেলিভিছন, ইণ্টাৰনেট আদি সম্পূর্ণভাৱে চৰকাৰৰ নিয়ন্ত্রণাধীন হৈ থাকে। 

(৩) নিৰপেক্ষ ন্যায়পালিকাৰ অভাৱ: এই ব্যৱস্থাত ৰাষ্ট্ৰৰ ন্যায়পালিকাৰ স্বতন্ত্রতা আৰু নিৰপেক্ষতা নাথাকে। ন্যায়পালিকাই কাৰ্যপালিকাৰ সম্পূর্ণ নিয়ন্ত্ৰণত কাৰ্যনিৰ্বাহ কৰিব লগা হয়।

(৪) চৰকাৰ নিয়ন্ত্ৰিত কাৰ্যকলাপ: প্ৰাধিকাৰাত্মক চৰকাৰৰ ব্যৱস্থাত ব্যক্তিগত আৰু সামাজিক — সকলো কার্যকলাপকে চৰকাৰৰ ৰাজনৈতিক বিবেচনাৰ বিষয় হিচাপে গণ্য কৰা হয়।

(৫) দলীয় একনায়কত্ববাদ: বাজনৈতিক আৰু আইনগতভাৱে প্ৰাধিকাৰাত্মক চৰকাৰ ব্যৱস্থাত এটা নিৰ্দিষ্ট ৰাজনৈতিক দল ক্ষমতাশালী হৈ থাকে। ৰাষ্ট্ৰৰ সকলো ৰাজনৈতিক কার্যকলাপ নিৰ্দিষ্ট ক্ষমতাশালী ৰাজনৈতিক দলটোৰ নিয়ন্ত্ৰণত পৰিচালিত হয়।

(৬) দলীয় ৰাজনীতিৰ স্বীকৃতি নাই: প্ৰাধিকাৰাত্মক চৰকাৰৰ ব্যৱস্থাত দলীয় ৰাজনীতিক স্বীকৃতি দিয়া নহয়। ক্ষমতাত অধিষ্ঠিত দলটোৰ বাদে অন্য বিৰোধী দলসমূহক কঠোৰভাৱে দমন কৰা হয়। প্ৰাধিকাৰাত্মক শাসন ব্যৱস্থাত শাসনৰ অধিষ্ঠিত দলটোৱে কোনো ক্ষেত্ৰতে নিজৰ প্ৰাধান্য ক্ষুণ্ণ হ’বলৈ নিদিয়ে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top