Understanding Political Theory Unit 3 ৰাজনৈতিক তত্ত্বত সমালোচনামূলক আৰু সমসাময়িক পটভূমি

Understanding Political Theory Unit 3 ৰাজনৈতিক তত্ত্বত সমালোচনামূলক আৰু সমসাময়িক পটভূমি Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Understanding Political Theory Unit 3 Critical and Contemporary Perspectives in Political Theory Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Understanding Political Theory Unit 3 ৰাজনৈতিক তত্ত্বত সমালোচনামূলক আৰু সমসাময়িক পটভূমি Question Answer can be of great value to excel in the examination.

Join Telegram channel

Understanding Political Theory Unit 3 ৰাজনৈতিক তত্ত্বত সমালোচনামূলক আৰু সমসাময়িক পটভূমি

Understanding Political Theory Unit 3 ৰাজনৈতিক তত্ত্বত সমালোচনামূলক আৰু সমসাময়িক পটভূমি Notes cover all the exercise questions in UGC Syllabus. The Understanding Political Theory Unit 3 ৰাজনৈতিক তত্ত্বত সমালোচনামূলক আৰু সমসাময়িক পটভূমি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Long type questions (10/12 mark each) 

1. Discuss about the Liberal Approach to the study of Women’s Studies.

Ans: উদাৰনৈতিক নাৰীবাদী দৃষ্টিভংগীৰ মূল ধাৰণা : নাৰী অধ্যয়নৰ উদাৰনৈতিক দৃষ্টিভংগীৰ কেন্দ্ৰীয় ধাৰণা মূলতঃ ব্যক্তিবাদৰ ওপৰত প্রতিষ্ঠিত। প্রতিজন লোকৰে নিজৰ ব্যক্তিত্ব আৰু সন্মোহিত গুণৰাজিৰ বিকশিত কৰাৰ অধিকাৰ আছে আৰু প্ৰত্যেক কৰ্তৃত্বৰ মৌলিক দায়িত্ব হৈছে। ব্যক্তিৰ ব্যক্তিত্বৰ আৰু গুণৰাজিৰ বিকাশৰ সুযোগ প্রদান কৰা। অধিকাৰবিলাক নাৰী আৰু পুৰুষৰ বাবে। সমানেই প্রয়োজনীয়। নাৰীসকলক স্বেচ্ছাচাৰীভাৱে অধিকাৰসমূহ উপভোগ কৰাৰ পৰা বঞ্চিত কৰাটো সম্পূৰ্ণৰূপে অন্যায় আৰু এনে কাৰ্য দীর্ঘদিনৰ বাবে চলি থাকিবলৈ দিব নালাগে। কোনো আদর্শ গণতন্ত্রই নাৰীক অধিকাৰ উপভোগৰ পৰা বঞ্চিত কৰি প্রতিষ্ঠিত হ’ব নোৱাৰে।

এনে প্রেক্ষাপটত গণতন্ত্ৰৰ প্ৰকৃত অৰ্থ হ’ল পুৰুষ আৰু মহিলাৰ বৈধ অংশগ্রহণ। কিছুমান উদাৰনৈতিক নাৰীবাদী দৃষ্টিভংগীৰ পৃষ্ঠপোষকে নাৰীবাদ অর্থাৎ নাৰীৰ সম অধিকাৰৰ সৈতে সুখৰ ধাৰণাটোক সংলগ্ন কৰিব বিচাৰে। তেওঁলোকৰ যুক্তি হ’ল যে, সম অধিকাৰৰ অবিহনে নাৰীয়ে সুখো লাভ কৰিব নোৱাৰে। আৰু এনে অৱস্থাত নাৰীৰ সন্মোহিত গুণৰাজিৰো বিকাশ সাধন নহয়। তেওঁলোকৰ মতে, নাৰীসকলৰ ৰাজনৈতিক অধিকাৰৰ নিশ্চয়তাইহে তেওঁলোকৰ সুখ লাভৰ নিশ্চয়তা প্রদান কৰিব পাৰে। উদাৰনৈতিক নাৰীবাদীসকলে নাৰীৰ শিক্ষা লাভৰ অধিকাৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিল। 

নাৰী অধ্যয়নৰ উদাৰনৈতিক দৃষ্টিভংগীৰ বৈশিষ্ট্য— সামগ্ৰিকভাৱে বিশ্লেষণ কৰিলে উদাৰনৈতিক নাৰীবাদী দৃষ্টিভংগীৰ কেতবোৰ বৈশিষ্ট্য পৰিলক্ষিত হয়। এই বৈশিষ্ট্যবিলাক তলত আলোচনা কৰা হ’ল—

(১) সংস্কাৰবাদী: উদাৰনৈতিক নাৰীবাদৰ কেন্দ্ৰীয় বিষয় হৈছে সংস্কাৰবাদীতা। অৱশ্যে চৰম বিপ্লৱৰ জৰিয়তে সমাজৰ সামগ্ৰিক পৰিৱৰ্তনৰ লগত উদাৰনৈতিক নাৰীবাদ জড়িত নহয়। উদাৰতাবাদী নাৰীবাদে অধিকাৰ আৰু সুযোগ-সুবিধাসমূহৰ বিতৰণৰ যি প্ৰচলিত ব্যৱস্থা তাৰো বিৰোধিতা কৰে। বৰ্তমান পুৰুষৰ আধিপত্যৰ অধিকাৰ আদিৰ বিতৰণৰ ব্যৱস্থাক নাৰীৰ সপক্ষে সংস্কাৰ সাধন কৰিব পাৰিলেহে নাৰীসকলে নিজৰ ব্যক্তিত্ব আৰু সন্মোহিত গুণৰাজিৰ বিকাশ সাধন কৰিব পাৰিব বুলি নাৰী অধ্যয়নৰ উদাৰনৈতিক দৃষ্টিভংগীৰ পৃষ্ঠপোষকসকলে মতপোষণ কৰে।

(২) পুৰুষ-নাৰীৰ মাজৰ প্রাকৃতিক ব্যৱধানক অস্বীকাৰ: মহিলাৰ অধ্যয়নৰ উদাৰনৈতিক দৃষ্টিভংগীৰ পৃষ্ঠপোষকসকলে পুৰুষ ‘আৰু নাৰীৰ মাজৰ প্ৰাকৃতিক ব্যৱধানক অস্বীকাৰ কৰে। তেওঁলোকৰ মতে, নাৰীসকলে সকলো ধৰণৰ কার্য সম্পাদনৰ বাবে যোগ্য নহয়। উদাহৰ নাৰীবাদীসকলৰ মতে, পুৰুষ-নাৰীৰ মাজৰ প্ৰাকৃতিক ব্যৱধানসমূহ মনত ৰাখি সকলো ধৰণৰ অধিকাৰ আৰু সুযোগ-সুবিধা সকলোৰে কাৰণে সমানে উন্মুক্ত থাকিব লাগে। সকলো ব্যক্তিয়ে নিজৰ যোগ্যতা অনুসৰি এনে অধিকাৰ আৰু সুবিধাসমূহ উপভোগ কৰিব। ৰাষ্ট্ৰই কোনো ধৰণৰ কৃত্রিম ব্যৱধানৰ সৃষ্টি কৰিব নোৱাৰিব।

(৩) নাৰী অধ্যয়নৰ উদাৰনৈতিক দৃষ্টিভংগীৰ পৃষ্ঠপোষকসকলৰ মতে, পুৰুষ আৰু নাৰীৰ মনৰ আসক্তি, অভিৰুচি আদি বেলেগ বেলেগ আৰু যিকোনো মূল্যৰে বিনিময়ত এনে প্ৰভেদসমূহক ধৰি ৰাখিব লাগিব।

(৪) মহিলা অধ্যয়নৰ উদাৰনৈতিক দৃষ্টিভংগীৰ সমৰ্থকসকলে বিশ্বাস কৰে যে প্রচলিত সমাজ ব্যৱস্থাক নাৰীৰ পক্ষে শান্তিপূর্ণভাৱে আবেদন-নিবেদন, আন্দোলন আৰু অন্যান্য উপায়েৰে সলনি কৰিব পৰা যায়৷

উদাৰনৈতিক নাৰীবাদী দৃষ্টিভংগীৰ মৌলিক নীতিসমূহ:

উদাৰনৈতিক নাৰীবাদী দৃষ্টিভংগীৰ মৌলিক নীতিসমূহ তলত আলোচনা কৰা হ’ল—

(১) উদাৰনৈতিক নাৰীবাদে প্রচলিত সমাজ ব্যৱস্থাৰ উন্নতিৰ বিপৰীতে ব্যক্তিগত অধিকাৰৰ পোষকতা কৰে। ব্যক্তিগত অধিকাৰক উদাৰনৈতিক নাৰীবাদে সামাজিক অথবা গোট (Group)ৰ অধিকাৰতকৈ বেছি গুৰুত্ব দিয়ে।

(২) উদাৰতাবাদী নাৰীবাদৰ জন্ম যদিও ১৮শ শতিকাত হৈছিল কিন্তু এই ধাৰণাৰ জনপ্ৰিয়তা আৰম্ভ হৈছিল মাত্র বিংশ শতিকাৰ প্ৰথম ভাগতহে।

(৩) এই ধাৰণাই পৃথিৱীত নাৰী আৰু পুৰুষৰ সম-অধিকাৰ সাব্যস্ত কৰে। মহিলাক দৈহিক পৰিমাপ, ধনৰ পৰিমাপ আৰু উত্তৰাধিকাৰী সূত্ৰে সন্মান জনাব নালাগে। তেওঁলোকক সন্মান জনাব লাগে তেওঁলোকৰ সামৰ্থতাৰ বাবেহে।

(৪) উদাৰ নাৰীবাদীসকলে মহিলাসকলে যাতে পুৰুষৰ সমান সুবিধা লাভ কৰিব পাৰে আৰু এই সুবিধাসমূহ ভোগ কৰাত যাতে ৰাজনৈতিক, অর্থনৈতিক, সামাজিক তথা আইনগত বাধা আহি নপৰে তাৰ প্ৰতি নজৰ ৰাখে।

(৫) উদাৰ নাৰীবাদীসকলে পুৰুষ-মহিলাৰ মাজত বিভাজন বা বৈষম্য সৃষ্টি কৰিব পৰা যিকোনো আইন সফলতাৰে প্ৰতিহত কৰাৰ পোষকতা কৰে।

(৬) উদাৰনৈতিক নাৰীবাদী বস্তু পোনপ্ৰথমে আমেৰিকা যুক্তৰাষ্ট্ৰত জনপ্ৰিয় হৈছিল আৰু তাৰ পৰাই অন্যান্য দেশলৈ সম্প্ৰসাৰিত হয়।

(৭) উদাৰতাবাদী নাৰীবাদৰ মতে, যিহেতু লিংগ বৈষম্য (Gender Discrimination) কোনো জীৱ বিজ্ঞান (Biography)ৰ ওপৰত ভিত্তি কৰি হোৱা নাই। গতিকে ই গ্রহণযোগ্য নহয়।

উদাৰতাবাদী নাৰীবাদৰ সমালোচনা :

উদাৰতাবাদী নাৰীবাদক কেৱল মাত্ৰ নাৰীবাদৰ বিৰোধীসকলেই নহয়, বৰং কিছুমান নাৰীবাদীয়েও সমালোচনা কৰিছিল।

(১) স্ববিৰোধী: উদাৰ নাৰীবাদী দৃষ্টিভংগীৰ পৃষ্ঠপোষকসকলৰ কেতিয়াবা বিভিন্ন ধ্যান-ধাৰণাসমূহক লৈ নিজৰ ভিতৰতে মতবিৰোধ ঘটে।

(২) উদাৰ নাৰীবাদীসকলে পৃষ্ঠপোষকতা কৰা নিঃলিংগকৰণ (De-Dendered) সমাজ ব্যৱস্থা সাধাৰণ অৰ্থত সম্ভৱপৰ নহয়। নাৰীত্ব’ গুণৰ গৰাকী হোৱাৰ সুবাদতে এগৰাকী নাৰীক নাৰী হিচাপে সন্মান জনোৱা হয়। সন্তান প্রসৱ কৰা, সন্তানৰ যত্ন লোৱা, গৰ্ভধাৰণ কৰা আদি নাৰীৰ একক বৈশিষ্ট্য। নাৰীবাদীসকলে ভবাৰ দৰে ইবিলাকে এগৰাকী নাৰীক নিম্নখাপৰ কৰি নেপেলায়।

(৩) উদাৰ নাৰীবাদীসকলে কোৱাৰ দৰে কেৱল ব্যক্তিগত অধিকাৰ, ব্যক্তি স্বাধীনতা আদিৰ সমাজৰ উন্নতিৰ আনিব নোৱাৰে।  এখন সমাজৰ উন্নতি সাধন হ’ব নোৱাৰে। সমাজৰ উন্নতি অবিহনে ব্যক্তিৰ উন্নতি অর্থহীন।

(৪) উদাৰনৈতিক নাৰীবাদী ধাৰণাই ইয়াৰ নিজৰ পৰিসীমাৰ ভিতৰতে কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হোৱা নাই। কিছুমান মহিলাই লাভান্বিত হোৱা সত্ত্বেও ৰাজনীতিত ক্ষমতা আৰু কৰ্তৃত্ব আহৰণৰ ক্ষেত্ৰত বা আন কাম-কাজত অংশগ্ৰহণৰ ক্ষেত্ৰত পুৰুষ আধিপত্যৰ প্রচলন থকা দেখা যায়।

(৫) উদাৰনৈতিক নাৰীবাদৰ লক্ষ্যক বহুতে অস্বীকাৰ কৰিছিল। তেওঁলোকৰ মতে, উদাৰনৈতিক নাৰীবাদীসকলে সমাজ ব্যৱস্থাত প্রচলিত শ্রেণীব্যৱস্থা, প্রতিযোগিতা, অধিক্রমিক ব্যৱস্থা ইত্যাদিক অৱজ্ঞা কৰি | কেৱল মধ্যম শ্ৰেণীৰ মহিলাসকলৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিছিল। সমাজত প্ৰচলিত শ্রেণীব্যৱস্থা, বর্ণ বৈষম্য আদিৰ কাৰণে মহিলাসকলৰ লগতে বহুতো পুৰুষেও অৱদমিত হ’ব লগা হয়।

(৬) উদাৰতাবাদীসকলে ৰাষ্ট্ৰক নিৰপেক্ষ অনুষ্ঠান হিচাপে বিবেচনা কৰিব বিচৰা নীতিক বহুতে সমালোচনা কৰিছে। কিছুমান সমালোচকৰ মতে, ৰাষ্ট্ৰক কেৱল পুৰুষে শাসন নকৰে বৰং পুঁজিবাদী অর্থনৈতিক ব্যৱস্থাৰ প্ৰয়োজনীয়তাকো প্রতিবিম্বিত কৰে।

2. Critically analyse the Marxist Approach to the study of Women’s Studies.

Ans: মার্ক্সীয় দৃষ্টিভংগী পৃষ্ঠপোষকতাকাৰীসকলে পোষকতা কৰা নাৰীবাদ উদাৰতাবাদী নাৰীবাদৰ পৰা বহুকেইটা দিশত পৃথক। মহিলা অধ্যয়নৰ উদাৰনৈতিক দৃষ্টিভংগী অনুসৰি সমাজত পুৰুষৰ স্বাৰ্থত বিতৰণ কৰা অধিকাৰ আৰু সুযোগ-সুবিধাসমূহে নাৰীৰ ক্ষেত্ৰত বৈষম্যৰ সৃষ্টি কৰে। গতিকে অধিকাৰ আৰু সুযোগ-সুবিধাসমূহে নাৰীৰ ক্ষেত্ৰত বৈষম্যৰ সৃষ্টি কৰে। গতিকে অধিকাৰ আৰু সুযোগ-সুবিধাৰ বিতৰণ ব্যৱস্থাৰ পৰিবর্তন সাধন কৰি নাৰীৰ ক্ষেত্ৰত সমতা প্রতিষ্ঠা কৰিব পাৰি। মার্ক্সীয় নাৰীবাদীসকলৰ মতে, সমাজৰ সামাজিক, সাংস্কৃতিক আৰু অর্থনৈতিক গাঁথনিৰ মাজত নাৰী আৰু পুৰুষৰ মাজৰ সম্পর্ক গভীৰভাৱে অন্তর্নিহিত হৈ আছে। তেওঁলোকৰ মতে, এক সামাজিক বিপ্লৱৰ জৰিয়তেহে সকলোদিশৰ পৰা সমতাপূর্ণ এখন সমাজ প্রতিষ্ঠা কৰাটো সম্ভৱপৰ। মার্ক্সীয় নাৰীবাদী সকলৰ মতে, সমাজৰ অর্থনৈতিক ব্যৱস্থাৰ আমোল পৰিৱর্তন সাধন নকৰাকৈ নাৰীৰ ভাগ্য পৰিৱৰ্তন কৰাতো অসম্ভৱ।

অর্থনৈতিক ক্ষেত্ৰত নাৰীসকলে সন্মুখীন হৈ অহা বৈষম্যসমূহে আন আন ক্ষেত্রসমূহতো বৈষ্যমৰ সূচনা কৰিলে। কুৰি শতিকাৰ আশী দশকৰ আগভাগতে সন্মিলিত ৰাষ্ট্ৰসংঘই ইয়াৰ ইয়াৰ এক প্রতিবেদন প্রকাশ কৰিছিল যে বিশ্বৰ মুঠ জনসংখ্যাৰ ৫০% হৈছে মহিলা। কিন্তু নাৰীসকলে মুঠ কর্ম সময়ৰ ২/৩ অংশ কাম কৰে, বিশ্বৰ মুঠ আয়ৰ ১১/১০ অংশ লাভ কৰে আৰু বিশ্বৰ মুঠ সম্পদৰাজিৰ ১%তকৈও কম অংশৰহে গৰাকী স্বত্ব লাভ কৰে। অর্থনৈতিক ক্ষেত্ৰত থকা পুৰুষ মহিলাৰ মাজৰ এনে ব্যৱধানে বিশ্বৰ সকলো ৰাষ্ট্ৰতে যে মহিলাসকল অৱহেলিত আৰু শোষণৰ বলি হৈ আহিছে সেয়া স্পষ্টভাবে প্রতিফলিত কৰে। মার্ক্সীয় নাৰীবাদীসকলে এনে ব্যৱধান মষিমূৰ কৰিবৰ বাবে প্রচলিত অর্থনৈতিক আৰু ৰাজনৈতিক ব্যৱস্থাৰ আমোল পৰিৱর্তন সাধন কৰাৰ পোষকতা কৰে।

মহিলা অধ্যয়নৰ মাৰ্ক্সীয় দৃষ্টিভংগীৰ মূল ধাৰণা কার্ল মার্ক্স আৰু ফ্রেডৰিক এঞ্জেলছৰ চিন্তাধাৰাৰ ওপৰত প্রতিষ্ঠিত। মার্ক্সীয় দৃষ্টিভংগীয়ে সাধাৰণতে শোষিত, নিষ্পেষিত আৰু বঞ্চিত শ্ৰেণীৰ হাতত ক্ষমতাৰ অধিকাৰ ন্যস্ত থকাৰ পোষকতা কৰে। মার্ক্স আৰু এঞ্জেলছ দুয়োজনে পুঁজিবাদী সমাজ ব্যৱস্থাৰ প্ৰকৃত স্বৰূপ আৰু পুঁজিবাদী সমাজ ব্যৱস্থাত নাৰীৰ ওপৰত চলোৱা শোষণ ব্যৱস্থাও স্পষ্ট ৰূপত দাঙি ধৰিছিল। মার্ক্সে শোষক আৰু শোষিত শ্রেণীক দুটা পৰস্পৰ বিপৰীত মেৰুত অৱস্থান কৰাইছিল। তেওঁৰ মতে, পুঁজিবাদী ব্যৱস্থা সদায় ব্যক্তিগত সম্পত্তিৰ ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত য’ত নেকি ব্যক্তিগত সম্পত্তি সদায় পুৰুষতান্ত্রিক হয়। আন কথাত ক’বলৈ হ’লে, পুঁজিবাদী ব্যৱস্থাত পৰিয়ালৰ সম্পত্তিৰ মালিকীস্বত্ব পৰিয়ালৰ পুৰুষসকলে পুৰুষানুক্রমে লাভ কৰে আৰু নাৰীসকলক সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হয়। এই ব্যৱস্থা হৈছে সম্পূৰ্ণৰূপে অন্যায়মূলক।

এনেদৰে নাৰীবাদীসকলৰ ওপৰত চলোৱা শোষণ আৰু অৱদমন পুঁজিবাদী ব্যৱস্থাৰ অন্যতম বৈশিষ্ট্য। মার্ক্সীয় দৃষ্টিভংগী অনুসৰি নাৰীবাদীসকলৰ ওপৰত এই শোষণ অতীতৰে চলি অহা নাই। অর্থাৎ এই ব্যৱস্থা স্থায়ী নহয়। নাৰীৰ ওপৰত পুৰুষে চলোৱা শোষণ হৈছে সামাজিক অগ্ৰগতিৰ সময়ত হোৱা এক সামাজিক পৰিঘটনা। পুঁজিবাদী ব্যৱস্থাত এই শোষণ অধিক প্ৰকট হৈ পৰে। তাৰোপৰি পুঁজিবাদী ব্যৱস্থাত পৰিয়ালসমূহ পুৰুষ মুৰব্বী গৰাকীৰ নিৰ্দেশমতেহে চলে। পৰিয়ালসমূহত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত মহিলাসকলৰ কোনো ভূমিকা পৰিলক্ষিত নহয়। বৰং নাৰীসকলে সন্তান জন্ম দিয়া, সন্তান লালন-পালন কৰা, ঘৰুৱা কাম কাজৰ দায়িত্বহে পালন কৰিব লাগে। একমাত্র পুৰুষসকলৰ সন্তুষ্টিৰ বাবেহে মহিলাসকলে তেওঁলোকৰ ওপৰত অর্পিত দায়িত্ব পালন কৰিবলগীয়া হয়।

পুঁজিবাদী ব্যৱস্থাত নাৰীসকলৰ নিজস্ব চিন্তাধাৰা,ভাব, আৱেগ-অনুভূতিৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত নহয়। বৰং ইয়াত পুৰুষসকলে নিজৰ যৌন ক্ষুধা নিবাৰণৰ হেতু বিবাহ বহির্ভূত সম্পৰ্কৰ সহায় ল’ব পাৰে যদিও নাৰীৰ ক্ষেত্ৰত সেয়া সম্ভৱপৰ হৈ নুঠে। মুঠৰ ওপৰত ক’বলৈ হ’লে, পুঁজিবাদী সমাজ ব্যৱস্থাত নাৰীসকলক দ্বিতীয় শ্রেণীৰ নাগৰিকৰ দৰে গণ্য কৰা হয়। নাৰীসকলে মুকলিমুৰীয়াভাৱে সমাজ, ৰাজনীতি, অর্থনীতি, সংস্কৃতি আদি কোনো ক্ষেত্ৰতেই অংশগ্রহণ কৰিব নোৱাৰে। এনেবিলাক দৃষ্টিকোণৰ পৰা বিশ্লেষণ কৰি মাৰ্ক্সীয় নাৰীবাদীসকলে পুঁজিবাদী সমাজ ব্যৱস্থাৰ সমূলাংশে নাশ কৰা জৰিয়তেহে নাৰীৰ প্ৰকৃত অধিকাৰ আৰু স্বাধীনতা প্রতিষ্ঠা কৰাটো সম্ভৱপৰ হয় বুলি মত পোষণ কৰে।

মার্ক্সীয় দৃষ্টিভংগীৰ অন্যতম হোতাস্বৰূপ ফ্রেডৰিক এঞ্জেলছে তেওঁৰ “The Origin of the Family, Private Property and the State” শীর্ষক গ্ৰন্থখনত লিংগ বৈষম্য আৰু নাৰী শোষণৰ বিষয়ে উল্লেখ কৰিছে। তেওঁৰ মতে, নাৰীক কৰা অৱদমন বা নিষ্পেষণৰ কাৰণ নাৰীৰ দৈহিক গঠন নহয় ৰং প্রচলিত সমাজ ব্যৱস্থা (পুঁজিবাদী) আৰু পুৰুষৰ দমন নীতিৰ ফলশ্ৰুতি। পুঁজিবাদ আৰু পুৰুষতন্ত্র উভয়েই উভয়ক সাৰ-পানী যোগায়। যৌনবাদী ধাৰণাই পুঁজিবাদী ব্যৱস্থাত মহিলা শ্রমিক সহজলব্ধ হোৱাত সহায় কৰে। ই মহিলাৰ পাৰিশ্ৰমিক নিম্ন হাৰত ৰখাৰ লগতে উপভোগ্য সামগ্ৰীৰ চাহিদা বৃদ্ধি কৰে, যিবোৰৰ ওপৰত নেকি মহিলাসকলে নিৰ্ভৰশীল হ’বলগীয়া হয়। তাৰোপৰি পাৰিবাৰিক পৰিশ্ৰমৰ কাৰণে মহিলাসকলক কোনো পাৰিশ্রমিক নিদিয়াটো সম্ভৱপৰ কৰি তোলে। সেয়েহে ৰাজহুৱা উদ্যোগিক ক্ষেত্ৰখনত মহিলাৰ মুক্ত আৰু সম অংশগ্ৰহণৰ বাবে মহিলাসকলৰ স্বতন্ত্রতাৰ নিতান্তই প্রয়োজন। সেয়ে মার্ক্সবাদীসকলে অধিক জোৰ দি যুক্তি দৰ্শাইছে যে, তেওঁলোকে এক স্বামী বা এক স্ত্রী পৰিয়ালৰ অৱসান হোৱাতো নিবিচাৰে। বৰং ইয়াক সমাজৰ অৰ্থনৈতিক আহিলা হিচাপেহে কেৱল নোহোৱা কৰিব বিচাৰে।

মার্ক্সীয় নাৰীবাদৰ মতে, সম্পত্তিৰ উত্তৰাধিকাৰী আইনে সম্পত্তিৰ ক্ষেত্ৰত মহিলাৰ ওপৰত পুৰুষৰ দমন অধিক প্রকট কৰি তুলিছে। আইনখনে সমাজত মহিলাৰ স্থান অধিক অৱদমিত কৰি তুলিছিল। পুৰুষতান্ত্রিক ব্যৱস্থাত নাৰীয়ে এক বিশেষ ধৰণেৰে শোষণৰ বলি হ’বলগীয়া হয় আৰু তেওঁলোকৰ মানসিক আৰু দৈহিক বিকাশো সেই ধাৰণাতে আগবাঢ়ে। উল্লেখযোগ্য যে এই শোষণ বা অৱদমনৰ ফলশ্রুতি স্বৰূপেই নাৰীৰ স্বাধীনতাৰ কাৰণে নাৰীবাদী আন্দোলনৰ জন্ম দিছে। মার্ক্সবাদ আৰু নাৰীবাদী আন্দোলনে শোষিত আৰু নিষ্পেষিত শ্ৰেণীটোৰ মুক্তিৰ হকে প্রচেষ্টা চলায়। মার্ক্সীয় নাৰীবাদে লিংগ সম্পৰ্কৰ অস্ত্ৰোপচাৰ বা পুৰুষ আৰু নাৰীৰ মাজত কিদৰে সমতা স্থাপন কৰিব পাৰে তাৰ চেষ্টা কৰে। লীলা দেশায়ৰ মতে, “It tries to explore the relations between the organisation of sexuality, domestic production, the house and so on, and historical changes in the mode of production system of appropriation and exPloitation.”

মার্ক্সীয় নাৰীবাদে বিশ্বাস কৰে যে নাৰী শোষণৰ প্ৰতিবাদ কৰাটো মার্ক্সবাদৰ এক কর্তব্য। মার্ক্সবাদীসকলে মহিলাসকলৰ সমস্যা যেনে— মহিলাসকলৰ কম পাৰিশ্ৰমিক, ঘৰুৱা শ্ৰম আদিৰ প্ৰতি যথোচিত গুৰুত্ব আৰোপ কৰাৰ লগতে পিতৃপ্রধান সমাজ ব্যৱস্থাই কিদৰে নাৰীৰ জীৱনত বিৰূপ প্ৰভাৱ পেলায় তাক সঠিকভাৱে বিশ্লেষণ কৰি সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিব লাগে। মার্ক্সীয় নাৰীবাদৰ মতে, পুৰুষ মহিলাৰ মাজৰ পাৰিশ্ৰমিকৰ ব্যৱধানে শ্রেণী বৈষম্যৰো সূচিত কৰিছে।

মার্ক্সীয় নাৰীবাদৰ মৌলিক বৈশিষ্ট্য—

মার্ক্সীয় নাৰীবাদৰ বৈশিষ্ট্যসমূহ নিম্নোক্ত ধৰণৰ—

(১) পুঁজিপতি শ্ৰেণীৰ শ্ৰেণীগত বৈষম্য হ’ল নাৰী শোষণ আৰু বৈষম্যৰ মূল কাৰণ। 

(২) মার্ক্সীয় নাৰীবাদীসকলৰ মতে, পিতৃতান্ত্রিকতা হ’ল অর্থনৈতিক শোষণৰ এক ফলশ্রুতি মাথোন। 

(৩) পরিয়াল ব্যবস্থাই শ্রমিক শক্তিক সূচিত কৰে।

(৪) পুঁজিবাদে নাৰীক সংৰক্ষিত শ্রমিক শক্তি হিচাপে গণ্য কৰে। 

(৫) মার্ক্সীয় নাৰীবাদ অনুসৰি নাৰীয়ে পুৰুষপ্রধান সমাজ ব্যৱস্থাত পুৰুষৰ বাবে পত্নী, মাতৃ, ভগ্নী আৰু কন্যাৰ ভূমিকাত অৱতীৰ্ণ হ’ব। লাগে।

(৬) মার্ক্সীয় নাৰীবাদৰ দৃষ্টিভংগীৰ মূল লক্ষ্য হ’ল পুঁজিবাদক সম্পূৰ্ণৰূপে উৎখাত কৰা। এই উদ্দেশ্যে মার্ক্সীয় দৃষ্টিভংগীয়ে মহিলাসকলক সামগ্রিকভাবে নিষ্পেষিত আৰু শোষিত শ্ৰেণীটোৰ লগত সাঙুৰি লৈছে।

মার্ক্সীয় নাৰীবাদীসকলে আগবঢ়োৱা পৰামৰ্শাৱলী: মার্ক্সীয় নাৰীবাদীসকলে নাৰীৰ অধিকাৰ আৰু স্বাধীনতা প্রতিষ্ঠা কৰাৰ উদ্দেশ্যে কিছুমান পৰামৰ্শ আগবঢ়াইছে। এই পৰামৰ্শসমূহ হ’ল—

(১) যিহেতু সমগ্র পুঁজিবাদী ব্যৱস্থাটো ভণ্ডামিৰ ওপৰত প্রতিষ্ঠিত, গতিকে ইয়াক দূৰ কৰাৰ বাবে অবিৰত প্ৰচেষ্টাৰ প্ৰয়োজন। ইয়াৰ বাবে অতিকৈ প্ৰয়োজন হৈছে নাৰী শিক্ষা (Women Education)

(২) ব্যক্তিগত সম্পত্তি ব্যৱস্থাৰ বিলোপ সাধন কৰিব লাগিব। যদিহে সেইটো সম্ভৱপৰ নহয় তেনেহ’লে সম্পত্তিৰ ওপৰত পৰিয়ালৰ ছোৱালীৰো সমঅধিকাৰ প্ৰতিষ্ঠাৰ বাবে আইনগত ব্যৱস্থা ল’ব লাগিব।

(৩) এনে এক নতুন ব্যৱস্থা সৃষ্টি কৰিব লাগিব যাতে সকলো সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত নাৰীয়ে স্পষ্ট মতামত ৰখাৰ সুযোগ লাভ কৰিব পাৰে।

(৪) বৰ্তমানৰ পৰম্পৰাগত আৰু পুৰুষতান্ত্ৰিক পৰিয়াল ব্যৱস্থাৰ বিলোপ সাধন কৰি এক সামূহিক পৰিয়াল ব্যৱস্থা সৃষ্টি কৰিব লাগিব। |

(৫) সমাজৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক গাঁথনিৰ এনে পৰিৱৰ্তন কৰা উচিত যাতে নাৰীয়ে ৰাষ্ট্ৰৰ কাম-কাজত অংশগ্ৰহণ কৰাৰ অফুৰন্ত সুযোগ লাভ কৰে।

সমালোচনা:

নাৰী অধ্যয়নৰ মার্ক্সীয় দৃষ্টিভংগীৰ বিৰুদ্ধে নিম্নোক্ত সমালোচনাসমূহ উত্থাপিত হয়—

(১) মার্ক্সবাদীসকলে পোষণ কৰাৰ দৰে নাৰী কেৱল কোনো পণ্য সামগ্ৰী নহয়। নাৰীসকলক মজুৰি নিদিয়া শ্রমিক বুলি ক’লে ভুল কৰা হ’ব। নাৰীয়ে পালন কৰা মাতৃ, ভগ্নী অথবা পত্নীৰ ভূমিকা তেওঁৰ ওপৰত কোনো ধৰণৰ বলপূৰ্বকভাৱে জাপি দিয়া ভূমিকা নহয়। ই হৈছে এক সামাজিক সম্বন্ধ যি সম্পূর্ণ অর্থত প্রকৃতিগত, য’ত অর্থনীতিৰ কোনো স্থান নাই।

(২) পৰিয়াল যিকোনো সমাজৰ বাবে অতিকৈ প্রয়োজনীয় সামাজিক অনুষ্ঠান। কিন্তু মার্ক্সবাদীসকলে পৰিয়ালৰ ধাৰণাটোক অগ্রাহ্য কৰিছে।

(৩) মার্ক্সবাদীসকলে কোৱাৰ দৰে কেৱল পুঁজিবাদীসকলে নাৰীৰ ওপৰত শোষণ কৰা বুলি কোৱাটো ভুল হ’ব। সমাজবাদ, প্রচলন থকা দেশতো নাৰীৰ ওপৰত শোষণ বাহাল থকা পৰিলক্ষিত হয়।

(৪) সম্প্ৰতি পুঁজিবাদী ৰাষ্ট্ৰবিলাকত নানা ধৰণৰ সংস্কাৰমুখী কাৰ্য ব্যৱস্থা গ্ৰহণৰ জৰিয়তে লিংগ বৈষম্য দূৰীকৰণৰ প্ৰয়াস কৰা হৈছে।

(৫) যদিওবা মার্ক্সীয় নাৰীবাদীসকলে পুঁজিবাদ আৰু পুৰুষতন্ত্ৰৰ ওপৰত আলোচনা কৰিছে, তথাপি ইবিলাকৰ ওপৰত মার্ক্সীয় নাৰীয়ে সীমিত পৰিমাণেহে মনোযোগ দিয়া পৰিলক্ষিত হয়।

3. Discuss critically about Radical Approach to the study of Women’s Studies. 

Ans: মহিলা অধ্যয়নৰ চৰম দৃষ্টিভংগী: ১৯৬০ৰ দশকত নাৰীবাদৰ দ্বিতীয়টো প্ৰবাহৰ বিকাশৰ লগে লগে চৰম নাৰীবাদী ধাৰণাসমূহে গঢ় লৈ উঠে। উদাৰনৈতিক আৰু মার্ক্সীয় নাৰীবাদৰ পৰা চৰম নাৰীবাদী দৃষ্টিভংগী সম্পূর্ণৰূপে পৃথক। চৰম নাৰীবাদে নাৰীৰ সমতা প্রতিষ্ঠাৰ হকে পিতৃতান্ত্রিক সমাজ ব্যৱস্থাৰ সম্পূৰ্ণৰূপে বিলোপ সাধন কৰিব বিচাৰে।

চৰম নাৰীবাদী দৃষ্টিভংগীৰ পৃষ্ঠপোষকসকলৰ ভিতৰত চিমন দ্যা ব্যুভেৰ, কেট মিলেট, শুলেমিথ ফায়ার’ষ্টন, কিনছন আৰু জার্মেইন গ্ৰীয়েৰ আদিৰ নাম বিশেষভাবে উল্লেখনীয়।

চৰম নাৰীবাদী দৃষ্টিভংগীৰ পৃষ্ঠপোষকসকলৰ মতে, সমাজৰ আধা সংখ্যক জনসংখ্যা হৈছে নাৰী। কিন্তু তেওঁলোকে সমাজৰ আন আধা সংখ্যক অর্থাৎ পুৰুষসকলৰ দ্বাৰা শোষিত আৰু নিষ্পেষিত। সমাজৰ প্রচলিত পুৰুষতান্ত্রিক গাঁথনিয়েই নাৰীসকলক শোষণ আৰু অত্যাচাৰৰ ব্যৱস্থাৰ মাজত থাকিবলৈ বাধ্য কৰি তুলিছে। গতিকে পুরুষতান্ত্রিক গাঁথনিৰ বিলোপ সাধন কৰিলেহে নাৰী মুক্তিৰ ধাৰণাতো সম্ভৱপৰ হ’ব।

মহিলা অধ্যয়নৰ চৰম দৃষ্টিভংগীৰ পৃষ্ঠপোষকসকলৰ মতে, মহিলাৰ অনগ্ৰসৰতাৰ প্ৰধান কাৰণ হৈছে মহিলাৰ ওপৰত চলি অহা নির্মম অত্যাচাৰ। গতিকে এনে অত্যাচাৰৰ বিলুপ্তি অবিহনে নাৰীৰ বিকাশ তথা নাৰীৰ শাৰীৰিক আৰু মনস্তাত্বিক অৱস্থাৰ ইতিবাচক পৰিৱর্তন সম্ভৱ নহ’ব। কিন্তু এনে পৰিবর্তন সম্ভব হ’ব একমাত্র বিপ্লৱৰ জৰিয়তেহে। গতিকে মহিলা অধ্যয়নৰ চৰম দৃষ্টিভংগীয়ে পুৰুষতন্ত্ৰৰ বৈপ্লৱিক উপায়েৰে সম্পূৰ্ণৰূপে বিলোপ সাধন কৰি নাৰী সমতা প্রতিষ্ঠাৰ পোষকতা কৰে। এয়েই নহয়, আনকি তেওঁলোকে সমগ্র সমাজ ব্যৱস্থাৰ পুনৰ গঠনৰো পোষকতা কৰে।

মহিলা অধ্যয়নৰ চৰম দৃষ্টিভংগী পৃষ্ঠপোষকতা কৰা প্ৰবক্তাসকলৰ অভিমতসমূহ তলত বহুলভাৱে আলোচনা কৰা হ’ল—

চিমন দ্যা ব্যুভেৰৰ অভিমত চৰম নাৰীবাদ সম্পর্কে চিমন দ্যা ব্যুভেৰ-য়ে নিজৰ অভিমত আগবঢ়াইছে। ব্যুভেৰ আছিল এগৰাকী ফৰাচী উপন্যাসিক। উল্লেখযোগ্য যে ব্যুভেৰৰ ১৯৪৯ চনত প্রকাশিত ‘The Second Sex’ শীর্ষক গ্রন্থখনে জনমানসত এক বিশেষ আলোড়নৰ সৃষ্টি কৰিছিল। ব্যুভেৰৰ মতে, নাৰীৰ মৰ্যাদা আৰু শাৰীৰিক অৱস্থা পুৰুষ আৰু নাৰীৰ মাজত থকা প্ৰাকৃতিক পার্থক্যৰ দ্বাৰা নিৰ্ধাৰিত নহয় বৰং সামাজিক আৰু বস্তুগত পৰিস্থিতি আৰু শক্তিৰ দ্বাৰাহে নিৰ্ধাৰিত। নাৰীসকলক পুৰুষসকলে নিজৰ স্বাৰ্থৰ হকে ব্যৱহাৰ কৰে। গতিকে ব্যুভেৰৰ মতে, পুৰুষ আৰু নাৰীৰ মাজৰ পাৰ্থক্যসমূহ চৰম ব্যৱস্থা গ্ৰহণ কৰি দূৰীকৰণৰ জৰিয়তেহে নাৰী মুক্তি সম্ভৱপৰ হয়।

শুলামিথ ফায়াৰষ্টনৰ অভিমত নাৰী অধ্যয়নৰ চৰম দৃষ্টিভংগীৰ আন এজন পৃষ্ঠপোষক হৈছে শুলামিথ ফায়াৰষ্টন৷ তেওঁ “The Dialectic of Sex” শীর্ষক গ্ৰন্থখনত নাৰীবাদ, নাৰীমুক্তি আদি অৱধাৰণাসমূহ বিভিন্ন দৃষ্টিকোণৰ পৰা বিশ্লেষণ কৰিছে। তেওঁৰ মতে, পুৰুষ আৰু নাৰীৰ মাজৰ জৈৱিক প্ৰভেদসমূহ হঠাৎ নিঃশেষ কৰাতো সম্ভৱ নহয়। তেওঁৰ মতে, নাৰীৰ মুক্তিৰ বাবে পুৰুষসকলে অগ্রণী ভূমিকা ল’ব লাগিব আৰু অতি আধুনিক তথা কৃত্রিম কৌশলেৰে তেওঁলোকে ইয়াক কার্যকৰী কৰিব লাগিব। নাৰীসকলক অতি সহজতে সন্তান জন্ম দিয়া আৰু প্ৰতিপালন কৰা দায়িত্বৰ পৰা পুৰুষসকলে ৰেহাই দিব লাগিব। নাৰীসকলে গৰ্ভধাৰণৰ পৰা ৰেহাই পাবলৈ গৰ্ভপ্ৰতিৰোধক ব্যৱহাৰ কৰিব পাৰে। শিশুসকলক প্ৰতিপালনৰ বাবে কিছুমান বেচৰকাৰী সংস্থা গঠন কৰি দায়িত্ব অর্পণ কৰিব লাগে। ঘৰুৱা কাম-কাজৰ বেলিকা পুৰুষ-মহিলাৰ উভয়ৰে মাজত সমানে ভাগ কৰি ল’ব লাগে। তাৰোপৰি আধুনিকীকৰণ আৰু উন্নয়ন হৈছে নাৰীসকলৰ মুক্তিৰ বাবে আন এক ফলপ্রসূ উপায়। ফায়াৰষ্টনৰ মতে, নাৰী মুক্তিৰ কাৰণে আৰ্থ-সামাজিক আৰু ৰাজনৈতিক ব্যৱস্থাৰ আমোল পৰিবর্তন সাধন কৰাৰ নিতান্তই আবশ্যকতা আছে।

চৰম নাৰীবাদ সম্পর্কে কেটমিলেটৰ অভিমত কেট মিলেট হৈছে নাৰীবাদৰ আন এগৰাকী প্ৰবক্তা। ১৯৭০ চনত প্রকাশিত কেট মিলেটৰ “Sexual Politics” শীর্ষক গ্ৰন্থখনত তেওঁ যুক্তি দৰ্শাইছিল যে নাৰীসকলক দুর্বলী হিচাপে প্রতিষ্ঠা কৰাত কিছুমান অনুষ্ঠান আৰু শক্তিয়ে অৰিহণা যোগাই আহিছে। এই অনুষ্ঠান আৰু শক্তিসমূহ বহু যুগৰ পূৰ্বে সৃষ্ট যদিও বর্তমানেও ইবিলাক ব্যাপি আছে। তেওঁৰ মতে, অতি সৰুকালৰে পৰা ল’ৰা-ছোৱালীক প্ৰদান কৰা শিক্ষাৰ জৰিয়তে ল’ৰাতকৈ ছোৱালীক হীন হিচাপে প্ৰতিষ্ঠা কৰা হয়। তেওঁ বিশ্বাস কৰিছিল যে নাৰীৰ ওপৰত চলি অহা নির্মম অত্যাচাৰৰ প্রধান চালিকা শক্তি হৈছে পুৰুষতান্ত্রিকতা। গতিকে নাৰীৰ শোষণ বন্ধ কৰিবলৈ পুৰুষতন্ত্ৰৰ অৱসান ঘটোৱাটো সহজসাধ্য নহয়। এইক্ষেত্ৰত ভিন্ন পর্যায়ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এইক্ষেত্ৰত প্ৰথমটো পদক্ষেপ হৈছে নাৰীসকলৰ মাজত সজাগ-সচেতনতা বৃদ্ধি। নাৰীসকলে তেওঁলোকৰ অধিকাৰসমূহৰ বিষয়ে সচেতন হ’লেহে সবলভাৱে শোষণ আৰু অত্যাচাৰৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিব পাৰিব। মিলেটৰ মতে, নাৰী মুক্তিৰ দ্বিতীয়টো পদক্ষেপ হৈছে ৰাজনৈতিক গাঁথনিসমূহৰ পুনঃগঠন। অর্থাৎ ৰাজনৈতিক গাঁথনি বিলাকৰ এনেদৰে পুনঃনির্মাণ কৰিব লাগিব যাতে ইয়াৰ জৰিয়তে নাৰীসকলৰ বিৰুদ্ধে চলি অহা শোষণৰ বিপক্ষে যুঁজ দিয়াত সহায়ক হয়। তেওঁ প্ৰচলিত আর্থ-সামাজিক গাঁথনিয়ে নাৰীৰ ওপৰত চলি অহা শোষণ আৰু অত্যাচাৰৰ বিপক্ষে যুঁজ দিয়াৰ বাবে যথোপযুক্ত নহয় সেয়া অতি সাৱলীলভাৱে “Sexual Politics” শীর্ষক গ্ৰন্থখনত বিশ্লেষণ কৰি দেখুৱাইছে। মুঠৰ ওপৰত ক’বলৈ হ’লে, মিলেটৰ মতে, নাৰীৰ মুক্তিৰ বাবে এক বৈপ্লৱিক পৰিৱৰ্তনৰ বাবে নিতান্তই প্রয়োজনীয়তা আছে।

চৰম নাৰীবাদৰ মৌলিক নীতিসমূহ

চৰম নাৰীবাদৰ মৌলিক নীতিসমূহ তলত উল্লেখ কৰা হ’ল— 

(১) সকলো মানৱ সমাজতে পুৰুষতন্ত্রৰ অৱস্থিতিৰ ধাৰণাটো চৰম নাৰীবাদে বিশ্বাস কৰে।

(২) পুঁজিবাদী আৰ্হিৰ অৰ্থনৈতিক আৰু লিংগভিত্তিক শোষণৰ বাবে পুৰুষতান্ত্রিক সম্বন্ধ অতিকৈ আৱশ্যকীয় পথ বুলি বিবেচনা কৰা হয়।

(৩) যৌন অসমতা (Sexual inequality)ক সমাজত আনুষ্ঠানিকীকৰণ (Institutionalised) কৰা হয়। আইনী ব্যৱস্থা বা জনগণৰ দৃষ্টিভংগীৰ পৰিৱৰ্তনৰ জৰিয়তে যৌন সমতা প্রতিষ্ঠা কৰাটো সম্ভৱপৰ নহয়।

(৪) বিবাহ ভিত্তিক পাৰিবাৰিক সম্পৰ্কত নাৰীৰ আচৰণ পুৰুষৰ দ্বাৰা নিয়ন্ত্রিত।

(৫) শুলামিথ ফায়াৰষ্টন (Shulamith Firestone)ৰ দৰে কিছুমান চৰম নাৰীবাদীয়ে যুক্তি দৰ্শাই যে নাৰীৰ মুক্তি প্রযুক্তিগত ভাবেহে সম্ভৱ হ’ব (যেনে— নাৰীসকলক সন্তান জন্ম দিয়াৰ পৰা ৰেহাই দিব লাগিব ইত্যাদি)।

চৰম নাৰীবাদৰ সমালোচনা

(১) চৰম নাৰীবাদী তত্ত্বই আগবঢ়োৱা পুৰুষতন্ত্ৰৰ ব্যাখ্যা বিশ্লেষণাত্মক (analytical) হোৱাৰ পৰিৱৰ্তে বর্ণণাত্মক (Descrip live) প্ৰকৃতিৰ হোৱা পৰিলক্ষিত হয়, যাৰ ফলত ই পুৰুষ শক্তি (Male Power)ৰ উৎপত্তি সম্পর্কে বিশদ ব্যাখ্যা আগবঢ়াব পৰা নাই আৰু সেয়েহে পুৰুষতন্ত্ৰৰ অৱসানৰ হেতু এক ফলপ্ৰসূ কৌশল উদ্ভাৱন কৰাত চৰম নাৰীবাদ বিফল হৈছে।

(২) বহু সমালোচকে বিশ্বাস কৰে যে মানুহক শত্রু হিচাপে গণ্য কৰা এক ভুল অৱধাৰণাৰ ওপৰত চৰম নাৰীবাদ প্রতিষ্ঠিত। 

(৩) মহিলাসকলে যৌন শ্রেণী গঠন কৰিব বুলি চৰম নাৰীবাদীসকলে পোষণ কৰা মতৰ কোনো বাস্তব ভিত্তি নাই।

(৪) যিকোনো সামাজিক ব্যৱস্থাৰ বন্ধন শক্তি হিচাপে বিবাহৰ দৰে পবিত্ৰ আৰু বিশুদ্ধ প্ৰথাক চৰম নাৰীবাদীসকলে অৱজ্ঞা কৰা বিষয়টোক সমালোচকসকলে সমালোচনা কৰিছে।

(৫) চৰম নাৰীবাদী দৰ্শনৰ ওপৰত গুৰুত্ব আৰোপ কৰাটোৱে আওপকীয়াকৈ হ’লেও সমাজ ব্যৱস্থাৰ ৰুগ্ন কৰাটোকে সূচায়। 

4. Asses the Third World Approach to the Study of Women’s Studies. 

Ans: তৃতীয় বিশ্বৰ নাৰীবাদী দৃষ্টিভংগীৰ বিষয়ে বিতং ব্যাখ্যা আগবঢ়োৱাৰ পূৰ্বে তৃতীয় বিশ্ব মানেনো কি সেই বিষয়ে থুলমূল আভাস দিয়াৰ প্ৰয়োজনীয়তা আছে।

“তৃতীয় বিশ্ব” আখ্যাৰ দ্বাৰা সাধাৰণতে এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ ৰাষ্ট্ৰসমূহক সামৰি লোৱা হয়। সাধাৰণ অৰ্থত পুঁজিবাদী আৰু সমাজবাদী ৰাষ্ট্ৰৰ বাহিৰে আন ৰাষ্ট্ৰবোৰক “তৃতীয় বিশ্বৰ ৰাষ্ট্ৰ” বুলি কোৱা হয়। “তৃতীয় বিশ্ব” অভিধাটো ১৯৫২ চনত ফৰাচী ৰাজনীতি বিজ্ঞান এ. চৌবী (A Sauvy) য়ে প্রথমে ব্যৱহাৰ কৰিছিল তৃতীয় বিশ্বৰ ধাৰণাটো মূলত তিনিটা উপাদানৰ ভিত্তিত প্রতিষ্ঠিত— আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ৰাষ্ট্ৰখনৰ অৰ্থনৈতিক স্থিতি ৰাজনৈতিক স্থিতি আৰু এই শ্ৰেণীটোৰ অন্তৰ্ভুক্ত ৰাষ্ট্ৰখনৰ স্থিতি প্রথম বিশ্ব অর্থাৎ পুঁজিবাদী দ্বিতীয় বিশ্ব অর্থাৎ সমাজবাদী ৰাষ্ট্ৰসমূহক ৰাজনৈতিক ভিত্তিত পৃথকীকৰণ কৰা হয়। ইয়াৰ পৰিৱৰ্তে তৃতীয় বিশ্বৰ ৰাষ্ট্ৰবিলাকৰ মূল সামঞ্জস্য পূর্ণ দিশটো হৈছে অর্থনৈতিক। প্রধানতঃ অর্থনৈতিকভাৱে উন্নয়নশীল ৰাষ্ট্ৰবিলাকৰ দ্বাৰা তৃতীয় বিশ্ব গঠিত হৈছে। এই তৃতীয় বিশ্বৰ ইতিহাস হৈছে ৰাজনৈতিক আৰু অৰ্থনৈতিক সংগ্ৰামৰ ইতিহাস। 

তৃতীয় বিশ্বৰ নাৰীবাদ হৈছে নাৰীবাদী দৰ্শনৰ এক ৰূপ য’ত নেকি বর্ণবাদ ঔপনিৱেশিকতাবাদ, শ্ৰমৰ লিংগভিত্তিক বিভাজন, ৰাজনৈতিক আধিপত্য ইত্যাদিৰ দৰে ধাৰণাসমূহ কেন্দ্রীভূত হৈ থাকে। ঔপনিৱেশিকোত্তৰ নাৰীবাদ হৈছে ঔপনিৱেশিক ৰাষ্ট্ৰসমূহত বিকশিত হোৱা এক নাৰীবাদী ভাবধাৰা। তৃতীয় বিশ্বৰ নাৰীবাদী দৃষ্টিভংগীৰ পৃষ্ঠপোষকসকলৰ মতে, চৰম পাশ্চাত্যৰ দৰ্শনৰ বিৰুদ্ধে কৰা সমালোচনাৰ ফলশ্ৰুতিতেই তৃতীয় বিশ্বৰ নাৰীবাদ দৰ্শনৰ অভিযান গায়ত্ৰী চক্ৰৱৰ্তীয়ে কৰা বৰ্ণনা অনুসৰি The term “Third World” Was initially Coined in the year 1955 by those emerging from the Old World Order Kum Kum Sagaryৰ মত অনুসৰি, “Third World is a term that both signifies and blurs the functioning of an economic, Political and imaginary geography that able to unite vast and vastly differentiated areas of the world into a single underdeveloped terran. 

উল্লেখনীয় যে তৃতীয় বিশ্বৰ নাৰীবাদী দর্শন তৃতীয় বিশ্বৰ অনুন্নত ৰাষ্ট্ৰ বিলাকৰ মহিলাসকলে সন্মুখীন হোৱা সমস্যা ৰাজিৰ লগত জড়িত, পাশ্চাত্যৰ নাৰীবাদীসকলে নাৰীবাদৰ ধাৰণাতো সমগ্র বিশ্বজুৰি বিস্তাৰিত কৰি তুলিছিল। কিন্তু তৃতীয় বিশ্বৰ মহিলাসকলে দৈনন্দিন জীৱনত সম্মুখীন হোৱা সমস্যা ৰাজিক সঠিকভাৱে উপস্থাপন কৰা হোৱা নাছিল। তাৰোপৰি পাশ্চাত্যৰ নাৰীবাদীসকলে অশ্বেতকায় অনা পশ্চিমীয়া মহিলাসকলৰ মতামত সমূহক সম্পূৰ্ণৰূপে আওকাণ কৰা নাছিল। তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহে সন্মুখীন হোৱা সমস্যাসমূহৰ ভিতৰত সাম্প্রদায়িকতাবাদ, যৌতনক, সতীদাহ প্রথা, শ্ৰমৰ লিংগভিত্তিক বিভাজন ইত্যাদিয়েই প্রধান। মহিলাসকলক সদায় দ্বিতীয় শ্রেণীৰ নাগৰিক হিচাপে গণ্য কৰা হয়। তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ কন্যা সন্তানৰ ভ্রূণ হত্যা, যৌতুকৰ বাবে হত্যা, সতীদাহ প্রথাৰ দৰে কেতবোৰ বদ অভ্যাসে মহিলাসকলক এক লাঞ্ছিত আত্মালৈ পর্যবেক্ষিত কৰি তুলিলে। তৃতীয় বিশ্বৰ নাৰীবাদক ঔপনিবেশিকোত্তৰ নাৰীবাদ হিচাপেও বর্ণনা করা হয়। ঔপনিৱেশিকোত্তৰ নাৰীবাদী দর্শনে ঘৰৰ চাৰিবেৰৰ ভিতৰত আৰু বাহিৰতো মহিলাসকলৰ ভঊমিকাক প্রত্যাহ্বান জনোৱাৰ জৰিয়তে তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰিছিল।

তৃতীয় বিশ্বৰ নাৰীবাদে তৃতীয় বিশ্বৰ ৰাষ্ট্ৰবিলাকৰ মহিলাসকলে সন্মুখীন হোৱা সমস্যা ৰাজি চিনাক্ত কৰি সিবিলাক সমাধান কৰাৰ প্রচেষ্টা চলায়। তৃতীয় বিশ্বৰ নাৰীবাদে নিঃ ঔপনিৱেশিকীকৰণ নতুবা সদস্য স্বাধীনতা প্রাপ্ত ৰাষ্ট্ৰবিলাক আৰু পুৰুষতান্ত্ৰিক ব্যৱস্থাৰ ভিতৰত মহিলাসকলৰ মাজত সামঞ্জস্যতা দেখা পাইছিল।

তৃতীয় বিশ্বৰ নাৰীবাদৰ বৈশিষ্ট্য :

তৃতীয় বিশ্বৰ নাৰীবাদৰ কেতবোৰ মৌলিক বৈশিষ্ট্য পৰিলক্ষিত হয়। এই বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল―

১) তৃতীয় বিশ্বৰ নাৰীবাদে মহিলাৰ মৌলিক প্রয়োজনসমূহৰ ওপৰত অধিক গুৰুত্ব দিয়ে।

২) তৃতীয় বিশ্বৰ নাৰীবাদে কেৱল লিংগৰ ক্ষেত্ৰত যে সমতাৰ পোষকতা কৰে এনে নহয় বৰং বৰ্ণ, শ্ৰেণী আৰু ৰাষ্ট্ৰগত ক্ষেত্ৰতো সমতাৰ পোষকতা কৰে।

৩) তৃতীয় বিশ্বৰ নাৰীবাদে পাশ্চাত্যৰ নাৰীবাদক সমালোচনা কৰে। লগতে পাশ্চাত্যৰ নাৰীবাদ আৰু তৃতীয় বিশ্বৰ নাৰীবাদৰ মৌলিক উদ্দেশ্যৰ মাজৰ প্ৰভেদক স্বীকাৰ কৰে।

৪) তৃতীয় বিশ্বৰ নাৰীবাদী দৃষ্টিভংগীৰ পৃষ্ঠপোষকসকল তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ পৰাই আছিল, যিসকলে নেকি তৃতীয় বিশ্বৰ ৰাষ্ট্ৰবিলাকৰ মহিলাসকলৰ অৱস্থিতিক সঠিকভাবে উপস্থাপন কৰিব পাৰিছিল।

৫) তৃতীয় বিশ্বৰ নাৰীবাদৰ ধাৰণাতো মূলতঃ মহিলাৰ কল্যাণ, দৰিদ্ৰতা দূৰীকৰণ, সতীদাহ প্রথা নিৰাময়কৰণ, যৌতুক প্রথা নিবাৰণ, ভ্রূণ হত্যা আদিৰ দৰে সমস্যাৰাজিৰ লগত নিবিড়ভাবে সম্পর্কিত।

সমালোচনা :

তৃতীয় বিশ্বৰ নাৰীবাদী দৃষ্টিভংগীৰ বিৰুদ্ধে নিম্নোক্ত সমালোচনা সমূহ উত্থাপিত হোৱা পৰিলক্ষিত হয়—

১) তৃতীয় বিশ্বৰ নাৰীবাদে পৰিচয়ৰ সামগ্রিক সুৰক্ষাৰ ওফৰত বিশ্বাস কৰে, কিন্তু বাস্তৱক্ষেত্ৰত তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহত মহিলাসকল বর্তমানেও বিভিন্ন প্ৰকাৰৰ শোষণ আৰু বৈষম্যৰ বলি হৈ অহা পৰিলক্ষিত হয়।

২) পাশ্চাত্যৰ নাৰীবাদী আৰ্হিৰ বিপৰীতে তৃতীয় বিশ্বৰ নাৰীবাদী দর্শন অধিক পৰিমাণে সামাজিক হোৱা বুলি সততে অভিযোগ উত্থাপন কৰা হয়।

5. Distinguish between Marxian feminism and Socialist feminism.

Ans: উদাৰনৈতিক নাৰীবাদৰ পৰম্পৰাৰ আধাৰত সমসাময়িকভাবে মার্ক্সীয় আৰু সমাজবাদী পৰম্পৰাই বিকাশ লাভ কৰিছিল। এই দুয়োপ্ৰকাৰৰ নাৰীবাদী চিন্তাধাৰাই বিশ্বাস কৰে যে মহিলাসকলে কেৱল ৰাজনৈতিক আৰু বিধিগত অসমতাকে সহ্য কৰি থকা নাই। বৰং অর্থনৈতিক আৰু সামাজিক ক্ষেত্ৰতো তেওঁলোকে অধিক পৰিমাণে এই অসমতাক সহ্য কৰি আহিছে। যদিও মার্ক্সীয় আৰু সমাজবাদী এই দুয়োটা ধাৰণা মার্ক্সীয় আদৰ্শৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছে তথাপি এই দুয়োটা নাৰীবাদী চিন্তাগোষ্ঠীৰ মাজত এক বিশেষ পার্থক্য পৰিলক্ষিত হয়।

মার্ক্সীয় নাৰীবাদীসকলে দৃঢ়ভাৱে বিশ্বাস কৰে যে মহিলাসকলৰ অৱদমনৰ মূল কাৰণ হৈছে সমাজ ব্যবস্থাত থকা শ্রেণী বৈষম্যতা।

পুঁজিবাদী ব্যৱস্থাৰ পৰিসমাপ্তিৰ লগে লগে মহিলাৰ ক্ষেত্ৰত থকা অসমতাৰে পৰিসমাপ্তি ঘটিব। সমাজবাদী নাৰীবাদীসকলে কয় যে, মহিলাসকলে শ্রেণী বৈষম্যৰ কাৰণে নহয় বৰং পুৰুষতান্ত্রিক সমাজ ব্যৱস্থাৰ কাৰণেহে দুর্ভোগ ভুগিবলগীয়া হয়।

মার্ক্সীয় নাৰীবাদীসকলৰ মতে, পুঁজিবাদী উৎপাদন ব্যৱস্থাৰ পৰিণতিয়েই হ’ল মহিলাৰ অৱদমন। “The Origin of Family, Private Property and the State (1884)” নামৰ গ্ৰন্থখনত ফ্রেডৰিক এঞ্জেলছে কৈছে যে, “ব্যক্তিগত সম্পত্তি আৰু পুঁজিবাদ উভয়ে মাতৃত্বৰ অধিকাৰ (Mother Right)ৰ অৱক্ষয়ক প্ৰভাৱিত কৰিছিল। পুঁজিবাদ ব্যক্তিগত সম্পত্তিৰ ওপৰত নিৰ্ভৰশীল যাৰ জৰিয়তে নেকি এটা শ্ৰেণীয়ে আন এটা শ্রেণীক শোষণ কৰাৰ পথ প্রশস্ত হয়”।

পুঁজিবাদী সমাজ ব্যৱস্থাত মহিলাসকলে এক সংৰক্ষিত শ্রমিক শ্ৰেণী হিচাপে থাকে আৰু পুৰুষ শ্ৰমিকৰ সংখ্য কম হ’লৈ তেওঁলোকক অতি নিম্ন মজুৰিৰ বিনিময়ত কামত নিয়োগ কৰা হয়। একে সময়তে তেওঁলোকে ঘৰুৱা পৰিৱেশতো অৱদমিত হ’ব লগা হয়। কিয়নো বিনা পাৰিশ্রমিকতে তেওঁলোকে ঘৰুৱা কাম-কাজৰ বোজা বহন কৰিব লগা হয়। গতিকে মার্ক্সবাদীসকলৰ মতে পুঁজিবাদৰ অৱসান ঘটোৱাটো প্ৰধান লক্ষ্য হোৱা উচিত। পুঁজিবাদৰ অৱসানৰ লগে লগে লিংগ বৈষম্যৰো পৰিসমাপ্তি ঘটিব।

সমাজবাদী নাৰীবাদীসকলে এই ধাৰণাক গ্ৰহণ কৰা নাছিল। তেওঁলোকৰ মতে, “মহিলাৰ অৱদমনৰ মূল কাৰণটো কেৱল অর্থনৈতিকেই নহয়। এইক্ষেত্ৰত মহিলাসকল বিশেষকৈ দুটা শক্তিৰ জৰিয়তে অৱদমিত হৈ থাকে। এটা হৈছে পুঁজিবাদ আৰু আনটো হৈছে পুৰুষতন্ত্রবাদ। পুৰুষতন্ত্রবাদে পুঁজিবাদৰ প্ৰকৃতিক নিৰ্ধাৰণ কৰে আৰু যেতিয়াই এই দুয়োটা শক্তি একেলগে সক্ৰিয় হৈ পৰে তেতিয়াই মহিলাসকলে অৱদমিত হ’ব লগা হয়। গতিকে ক’ব পাৰি যে মহিলাসকলে ‘উৎপাদন আৰু পুনঃ উৎপাদন’ (Production and Reproduction) এই দুয়ো দিশতে দুর্ভোগ ভুগিবলগীয়া হয়। গতিকে পুঁজিবাদ আৰু পুৰুষতন্ত্ৰবাদ উভয়কে সমাজ ব্যৱস্থাৰ পৰা নিঃশেষ কৰা নীতিৰ ওপৰত সমাজবাদী নাৰীবাদীসকলে গুৰুত্ব আৰোপ কৰিছিল। এইক্ষেত্ৰত জুলিয়েট মিটচেল (Juliet Mitchell), হেইডি হার্টমেন (Heidi Martman) আদিৰ নাম বিশেষভাৱে লেখত ল’বলগীয়া।

1 thought on “Understanding Political Theory Unit 3 ৰাজনৈতিক তত্ত্বত সমালোচনামূলক আৰু সমসাময়িক পটভূমি”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top