Understanding Political Theory Unit 2 ৰাজনৈতিক তত্ত্বৰ পৰম্পৰাসমূহ

Understanding Political Theory Unit 2 ৰাজনৈতিক তত্ত্বৰ পৰম্পৰাসমূহ Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Understanding Political Theory Unit 2 Traditions of Political Theory Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Understanding Political Theory Unit 2 ৰাজনৈতিক তত্ত্বৰ পৰম্পৰাসমূহ Question Answer can be of great value to excel in the examination.

Join Telegram channel

Understanding Political Theory Unit 2 ৰাজনৈতিক তত্ত্বৰ পৰম্পৰাসমূহ

Understanding Political Theory Unit 2 ৰাজনৈতিক তত্ত্বৰ পৰম্পৰাসমূহ Notes cover all the exercise questions in UGC Syllabus. The Understanding Political Theory Unit 2 ৰাজনৈতিক তত্ত্বৰ পৰম্পৰাসমূহ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

15. CRITICISM OF THE MARXIST THEORY

Ans: সমালোচনা : মার্ক্সীয় ৰাজনৈতিক দর্শনে পৃথিৱীত যেনেকৈ অভূতপূৰ্ব আলোড়নৰ সৃষ্টি কৰিছে, তেনেকৈ ই তীব্র সমালোচনাৰো সন্মুখীন হৈছে। বিভিন্ন দৃষ্টিভঙ্গীৰ পৰিপ্ৰেক্ষিতত মার্ক্সবাদৰ সমালোচনা কৰা হয়।

(ক) ইতিহাসৰ বস্তুবাদী ব্যাখ্যা সম্পূর্ণ সত্য নহয়। অর্থনৈতিক প্ৰভাৱৰ বাহিৰেও সামাজিক বিৱৰ্তনৰ ক্ষেত্ৰত অন্যান্য কিছুমান কাৰণ আছে। সেইবিলাকৰ গুৰুত্ব অস্বীকাৰ কৰিব নোৱাৰি। ইতিহাসৰ গতি-প্রকৃতি সদায় বুৰঞ্জীৰ দ্বাৰা নিয়ন্ত্ৰিত নহয়। সেয়েহে লয়েডে মন্তব্য কৰিছে, “Eco nomics certainly determined part of the moment of history, but man does not live by bread alone.”

(খ) মার্ক্সৰ শ্ৰেণীসংগ্ৰামৰ তত্ত্বও সমালোচনাৰ সন্মুখীন হৈছে। সামাজিক প্রগতিক অকল, শ্ৰেণীসংগ্ৰামৰ জৰিয়তে ব্যাখ্যা কৰিব নোৱাৰি। সমাজক অকল দুটা শ্ৰেণীত বিভক্ত কৰিব নোৱাৰি। পুঁজিবাদী আৰু সর্বহাৰা শ্ৰেণীৰ বাহিৰেও অন্যান্য বহুশ্ৰেণী আৰু উপশ্রেণী আছে। বুৰঞ্জীত সমাজৰ বিভিন্ন শ্ৰেণীৰ মাজত পাৰম্পৰিক সহযোগিতাৰ উদাহৰণো পোৱা যায়।

(গ) মার্ক্সে ৰাষ্ট্ৰ অৱসানৰ কথা কৈছে। তেওঁৰ এই বক্তব্য গ্রহণযোগ্য নহয়। সাম্যবাদী দেশসমূহত ৰাষ্ট্ৰ বিলুপ্ত হোৱা নাই। তদুপৰি মার্ক্সৰ শ্রেণীহীন সমাজ এটি সপোনৰ দৰে, ই বাস্তৱ নহয়।

(ঘ) মার্ক্সৰ মতানুসাৰে ৰাষ্ট্ৰ শক্তি প্রয়োগৰ এটা বিশেষ অনুষ্ঠান। কিন্তু মেকাইভাৰৰ মতে “শক্তি ৰাষ্ট্ৰৰ এটা লক্ষণ হ’ব পাৰে, কিন্তু ই ৰাষ্ট্ৰৰ ভিত্তি নহয়” (Coercive power is a criterion of the State, but not its essence).

(ঙ) মানৱ-চৰিত্ৰৰ বৈশিষ্ট্য সম্পর্কে মার্ক্সৰ ধাৰণা সত্য নহয়। অকল অর্থনৈতিক ধাৰণাৰ পৰাই ৰাষ্ট্ৰৰ উদ্ভৱ নহয়। তেওঁ জাতীয়তা আৰু গোষ্ঠীৰ প্রতি আনুগত্য যে কিমান শক্তিশালী হ’ব পাৰে সেইটো উপলব্ধি কৰিব পৰা নাই। তদুপৰি মানুহৰ হিংসা, বিদ্বেষ, লোভ ইত্যাদিয়েও তেওঁলোকৰ দৃষ্টিভঙ্গী নিৰ্ণয় কৰে।।

(চ) ৰাষ্ট্ৰ সকলো শ্ৰেণীস্বাৰ্থৰ ধাৰক আৰু বাহক নহয়। তেওঁ ৰাষ্ট্ৰক এখন মানৱীয় অনুষ্ঠান হিচাপে ব্যাখ্যা কৰাত ব্যৰ্থ হৈছে। বর্তমানে সৰহভাগ ৰাষ্ট্ৰই কল্যাণকামী আদর্শ গ্ৰহণ কৰিছে। গতিকে ৰাষ্ট্ৰই অকল শ্ৰেণীস্বাৰ্থৰ কথা চিন্তা কৰে বুলি ক’লে ভুল কৰা হ’ব।

(ছ) মার্ক্সে কৈছে যে বিপ্লৱৰ জৰিয়তে সাম্যবাদ প্রতিষ্ঠা কৰিব লাগিব । কিন্তু সমালোচকসকলৰ মতে হিংসা আৰু বিদ্বেষৰ দ্বাৰা মার্ক্সীয় লক্ষ্যত উপনীত হ’ব নোৱাৰি। শ্রেণীসংগ্ৰামৰ দ্বাৰা আদৰ্শ ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা সম্ভৱপৰ নহয়।

(জ) মার্ক্সবাদৰ সমৰ্থকসকলে মা’ৰ ৰাষ্ট্ৰ সম্পৰ্কীয় ধাৰণাক চিৰন্তন সত্য বুলি অভিহিত কৰিছে। তেওঁলোকৰ এই ধাৰণাটো ভুল। সমাজৰ পৰিৱৰ্তনৰ লগে লগে মতাদৰ্শৰো পৰিৱৰ্তন হয়। মার্ক্সবাদী ৰাছিয়াৰ পতনে এই কথা ভালদৰে প্ৰমাণ কৰে। এতিয়া মার্ক্সবাদী ধাৰণা যে যথেষ্ট দুর্বল হৈছে সেই বিষয়ে সন্দেহ নাই।

মূল্যায়ন (Evaluation) : মার্ক্সবাদী ধাৰণাক তীব্রভাবে সমালোচনা কৰা হৈছে। বর্তমানে মার্ক্সবাদৰ অৱস্থা সিমান শক্তিশালী নহয়। প্রায়বিলার দেশতে ইয়াৰ ভাঙনে দেখা দিছে। তাৰ মানে এয়েই নহয় যে মার্ক্সবাদ এটি মূল্যহীন মতবাদ। ৰাষ্ট্ৰ জন্ম আৰু বিকাশৰ মাৰ্ক্সবাদৰ যথেষ্ট প্রভাব দেখা যায়।।

(ক) সামাজিক প্ৰগতিৰ ক্ষেত্ৰত অৰ্থনৈতিক ক্ৰিয়া-কলাপৰ গুৰুত্বপূৰ্ণ ভূমিকাক আজিও অস্বীকাৰ কৰিব নোৱাৰি। 

(খ) মার্ক্সৰ শ্ৰেণী সংগ্ৰামৰ তত্ত্বয়ো যথেষ্ট সমাদৰ লাভ কৰিছে।।

(গ) মার্ক্সে শোষিত জনসাধাৰণৰ মুক্তিৰ বাবে এটি গুৰুত্বপূৰ্ণ তত্ত্বৰ উদ্ভাৱন কৰিছে।

(ঘ) পৃথিৱীৰ সকলো ঠাইত সামাজিক উন্নয়নৰ বাবে মার্ক্সীয় দর্শনে উৎসাহ আৰু উদ্দীপনাৰ সঞ্চাৰ কৰিছে। এই প্রসঙ্গত লাস্কিয়ে কৈছে, In every country he world where men have set themselves to the task of social improvement, Marx has been always the source of inspiration and Prophecy.”

(ঙ) মার্ক্সীয় তত্ত্বই পৃথিৱীৰ বহুতো দেশত যথেষ্ট পৰিমাণে জনপ্রিয়তা অৰ্জন কৰিছে। প্ৰক-তপক্ষে মার্ক্সৰ সম্পৰ্কে ধাৰণা বস্তুনিষ্ঠ, বিজ্ঞানভিত্তিক আৰু মানৱিক হোৱাৰ বাবে ৰাজনৈতিক চিন্তাজগতত ই বিশিষ্ট মর্যাদা লাভ কৰিছে। মার্ক্সৰ অভিন্ন হৃদয় বন্ধ এঞ্জেলচে মার্ক্সৰ সমাধিৰ ওচৰত থিয় হৈ মসত্তব্য কৰিছিল যে, “তেওঁৰ নাম আৰু কাম যুগে যুগে জীয়াই থাকিব”।

ৰাষ্ট্ৰৰ উৎপত্তি সম্পর্কে মার্ক্সীয় মতবাদ সম্পূর্ণৰূপে গ্রহণযোগ্য নহ’লেও ইয়াৰ গুৰুত্ব কোনেও অস্বীকাৰ কৰিব নোৱাৰে। ৰাষ্ট্ৰৰ উৎপত্তি, বিৱৰ্তন আক কার্যাৱলীত অর্থনৈতিক কাৰণৰ গুৰুত্ব অপৰিসীম। ৰাষ্টীয় জীৱনৰ মূলতে যে অর্থনৈতিক তক কাৰণ আছে ইও ধ্রুব সত্য। ৰাষ্ট্ৰ উৎপত্তিৰ অর্থনৈতিক কাৰণ যে বৰ গুৰুত্বপূৰ্ণ ইয়াৰ সত্যতা কোনেও নুই কৰিব নোৱাৰে। অৱশ্যে, ৰাষ্ট্ৰৰ উৎপত্তিৰ বাবে অর্থনৈতিক কাৰণেই একমাত্র দায়ী নহ’ব পাৰে।

16. CLASS STRUGGLE OR CLASS CONFLICT. 

Ans: শ্রেণী সংগ্রাম বা শ্রেণী সংঘর্ষ [ CLASS STRUGGLE OR CLASS CONFLICT ]

মার্ক্সৰ শ্ৰেণী সংগ্ৰামৰ ধাৰণাৰ ইতিহাসৰ অৰ্থনৈতিক ব্যাখ্যা, আৰু উদ্বৃত্ত মূল্যৰ ধাৰণাৰ লগত সম্পর্ক আছে। তেওঁৰ মতে শ্রেণীসংগ্ৰামৰ আলমতহে মানৱ-ইতিহাসৰ বিষয়ে জানিব পাৰি। কমিউনিষ্ট মেনিফেষ্ট (Communist Manifesto) ত শ্রেণীসংগ্রাম সম্পর্কে এনেদৰে ব্যাখ্যা কৰা আছে -বৰ্তমান সমাজৰ ইতিহাস হৈছে শ্ৰেণীসংগ্ৰামৰ ইতিহাস।” আদিম সময়ৰ পৰাই সমাজত দুই শ্ৰেণীৰ মানুহ বাস কৰিছিল আৰু এই দুই শ্ৰেণীৰ মানুহৰ মাজত সংঘৰ্ষ হৈছিল। দাস আৰু মালিক, পেট্ৰিছিয়ান আৰু প্লেবিয়ান, জমিদাৰ আৰু কৃষক, পুঁজিপতি আৰু বনুৱা এই দুই শ্ৰেণীৰ মানুহৰ মাজত প্ৰায়ে সংঘাত হৈছিল। কেতিয়াবা এই সংঘাত গোপনে আৰু কেতিয়াবা এনে সংঘাত মুকলিকৈ হৈছিল। কেতিয়াবা এনে সংঘৰ্ষৰ ফলত সমাজত বৈৱিক পৰিৱৰ্তন হৈছিল আৰু কেতিয়াবা হয়তো সংঘৰ্ষত লিপ্ত দুই শ্ৰেণীৰ লোক ধ্বংসপ্রাপ্ত হৈছিল।

মার্ক্সৰ মতে সমাজত সদায় দুই শ্ৰেণীৰ মানুহ বাস কৰে। একশ্ৰেণীৰ লোক উৎপাদনৰ আহিলা-পাতিৰ গৰাকী। এই শ্ৰেণীৰ লোকৰ সংখ্যা কম আৰু আন শ্ৰেণীৰ লোক হৈছে বনুৱা শ্ৰেণী। এই শ্ৰেণীৰ লোকৰ সংখ্যা হৈছে সৰহ। প্ৰথম শ্ৰেণীৰ লোকক মালিক, পুঁজিপতি, জমিদাৰ আদি আখ্যা দিব পাৰি। এই শ্ৰেণীৰ লোকে শাৰীৰিক পৰিশ্ৰম নকৰে, কিছু উৎপাদনৰ সিংহভাগ এই লোকে ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষমতা লাভৰ কাৰণে শ্রেণী সংঘৰ্ষৰ সৃষ্টি হয়।

আগৰ কালত ৰোমত পেট্ৰিছিয়ান আৰু প্লেবিয়ান-এই দুই শ্ৰেণীৰ লোক আছিল। ক্ষমতাৰ কাৰণে এই দুই শ্ৰেণীৰ লোকৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছিল দাস-এই দুই শ্ৰেণীৰ লোক বাস কৰিছিল। মধ্যযুগত সামস্ত প্ৰথাৰ প্ৰচলন আছিল। সামন্ত প্ৰথাৰ প্ৰচলন থকাৰ সময়ত জমিদাৰ শ্ৰেণীৰ লোকে ৰাজনৈতিক আৰু অৰ্থনৈতিক সকলো সুবিধা ভোগ কৰিছিল। জমিদাৰ শ্ৰেণীৰ লোকে খেতিপথাৰত কোনো কাম নকৰিছিল যদিও উৎপাদনৰ সৰহভাগ তেওঁলোকে লাভ কৰিছিল। অর্থাৎ খেতিয়ক শ্ৰেণীৰ পৰিশ্ৰমৰ ওপৰত জমিদাৰ-বেৰণ আদিয়ে আৰামতে জীৱন-নিৰ্বাহ কৰিব পাৰিছিল। আনহাতে কৃষক শ্ৰেণীৰ লোকে কঠোৰ পৰিশ্ৰম কৰিও দৰকাৰ মতে তেওঁলোকে সামগ্রী নাপাইছিল। উদ্যোগ বিপ্লৱৰ পিছত পুঁজিবাদী সমাজ ব্যৱস্থাৰ প্রচলন হয়। এনে সমাজত পুঁজিপতি আৰু বনুৱা এই দুই শ্ৰেণীৰ লোক বাস কৰে। কল-কাৰখানা, ভূমি, খনি আদি উৎপাদনৰ আহিলাসমূহ পুঁজিপতিসকলৰ অধীনত থাকে। এই শ্ৰেণীৰ লোকে পৰিশ্ৰম নকৰাকৈয়ে আৰামত জীৱন-নিৰ্বাহ কৰে। আনহাতে বনুৱা শ্ৰেণীৰ লোকে কঠোৰ পৰিশ্ৰম কৰিও জীৱন-ধাৰণৰ কাৰণে নিম্নতম সুবিধাখিনি নাপায়। বনুৱাই মূল্যৰ সৃষ্টি কৰে; অথচ এই মূল্য ভোগ কৰে পুঁজিপতিয়ে। ইয়াৰ ফলত মালিক আৰু বনুৱাৰ মাজত অর্থনৈতিক ব্যৱধান বাঢ়ি যায় আৰু শ্রেণী সংঘৰ্ষৰ সৃষ্টি হয়।

সমাজত থকা এই দুই শ্ৰেণীৰ লোকৰ স্বাৰ্থ পৰস্পৰবিৰোধী হ’লেও এটা শ্ৰেণীৰ লোকে আনটো শ্ৰেণীৰ লোকৰ সহায় নহ’লৈ চলিব নোৱাৰে। মাটি চহ কৰিবলৈ খেতিয়ক নাথাকিলে জমিদাৰৰ মাটিত শস্য উৎপাদন নহয়; গতিকে শস্য উৎপাদন কৰিবলৈ অর্থাৎ খেতি কৰিবলৈ

জমিদাৰসকলক খেতিয়ক শ্ৰেণীৰ লোকৰ দৰকাৰ। সেইদৰে খেতি কৰিবলৈ জমিদাৰে মাটি নিদিলে খেতিয়কে খেতি কৰিব নোৱাৰে। অর্থাৎ খেতি কৰি উৎপাদনৰ এটা অংশ পাবলৈ হ’লে খেতিয়কসকলক জমিদাৰৰ দৰকাৰ। কল-কাৰখানাত কাম কৰিবলৈ বনুৱা নাথাকিলে, কল-কাৰখানা অচল হয়; উৎপাদন বন্ধ হয়। গতিকে কল-কাৰখানা, উদ্যোগ আদিত সামগ্রী উৎপাদন কৰিবলৈ হ’লে কাৰখানা বা উদ্যোগৰ মালিকক বনুৱাৰ দৰকাৰ। সেইদৰে বনুৱাই কাম পাবলৈ হ’লেও কল-কাৰখানা উদ্যোগ আদিৰ দৰকাৰ। ইয়াৰ পৰা দেখা যায় যে জমিদাৰ আৰু খেতিয়ক, নাইবা পুঁজিপতি আৰু বনুৱা এই দুই শ্ৰেণীৰ লোকে এটাই আনটো শ্ৰেণীৰ সহায় নহ’লে চলিব নোৱাৰে। কিন্তু দুই শ্ৰেণীৰ লোকৰ স্বাৰ্থ পৰস্পৰবিৰোধী। জমিদাৰ বা পুঁজিপতিয়ে কৃষক নাইবা বনুৱাক কম মজুৰি দিব বিচাৰে। আনহাতে খেতিয়ক আৰু বনুৱাসকলে জমিদাৰ আৰু উদ্যোগৰ মালিকৰ পৰা অধিক মজুৰি আদায় কৰিবলৈ চেষ্টা কৰে; ফলত মালিক আৰু বনুৱাৰ মাজত প্ৰতিযোগিতাৰ সৃষ্টি হয়। 

এক শ্ৰেণীৰ লোকে কম মজুৰি দিবলৈ ইচ্ছা কৰে আৰু আন শ্ৰেণীৰ লোকে অধিক মজুৰি দাবী কৰে। এই প্রতিযোগিতাত বনুৱাসকল অসুবিধাৰ সন্মুখীন হয়। পুঁজিপতিসকলে তেওঁলোকৰ উদ্যোগ, কাৰখানা আদি কিছুদিন বন্ধ ৰাখিলেও তেওঁলোকৰ বিশেষ অসুবিধা নহয়। তেওঁলোকৰ হাতত যথেষ্ট পৰিমাণৰ ধন থকাৰ কাৰণে তেওঁলোক আৰামত চলিব পাৰে। কাৰখানা, উদ্যোগ আদি বন্ধ ৰাখিলে তেওঁলোকৰ আয় বন্ধ হয়। কিন্তু বনুৱাসকলে তেওঁলোকৰ শ্ৰম জমা কৰি ৰাখিব নোৱাৰে। বৰ্তমান যুগত গাখীৰ, মাছ আদিৰ নিচিনা সামগ্ৰী ২/৪ দিন জমা কৰি ৰাখিব পাৰি; কিন্তু শ্রম এদিনো জমা কৰি ৰাখিব নোৱাৰি। এদিন শ্রম নকৰিলে সেই দিনৰ মজুৰি নাপাব আৰু মজুৰি নাপালে তেওঁলোকে নোখোৱাকৈ থাকিব লগা অৱস্থা হ’ব পাৰে। সেয়েহে পুঁজিপতিসকলে কেতিয়াবা কম মজুৰি দিলেও শ্রমিকে কাম কৰিবলৈ বাধ্য হয়। এইদৰে পুঁজিপতিসকলে শ্রমিকসকলক শোষণ কৰে। শোষণত অতিষ্ঠ শ্রমিকে মালিকৰ বিৰুদ্ধে থিয় দিব পাৰে। এইদৰে মালিক আৰু বনুৱাৰ মাজত শ্রেণী সংগ্ৰামৰ সৃষ্টি হয়।

এই প্রসংগতে পুঁজিবাদী সমাজ ব্যৱস্থাৰ আন-এটা বৈশিষ্টাও উল্লেখ কৰা দৰকাৰ; কাৰণ এনে বৈশিষ্ট্যই শ্রেণী সংগ্ৰামৰ বিষয়ে সম্যক জ্ঞান লাভ কৰাত সহায় কৰিব পাৰে। সামন্ত প্ৰথাৰ প্ৰচলন থকা সময়ত বনুৱাসকলে বনুৱা আৰু জমিদাৰ শ্ৰেণীৰ ভৰণ-পোষণৰ কাৰণে সামগ্ৰী উৎপাদন কৰিছিল। কিন্তু উদ্যোগ বিপ্লৱৰ ফলত পুঁজিবাদী সমাজৰ হ’ল আৰু উৎপাদন প্ৰক্ৰিয়াৰে৷ পৰিৱৰ্তন হ’ল। ভোগৰ কাৰণে সামন্ত উৎপাদন কৰাৰ উপৰিও লাভৰ প্ৰতি লক্ষ ৰাখি সামগ্ৰী উৎপাদন কৰা নীতি অৱলম্বন কৰা হ’ল। এই ব্যৱস্থাত বনুৱাসকলে তেওঁলোকৰ মালিকৰ লাভৰ কাৰণেহে উৎপাদন কৰে। অৰ্থাৎ বনুৱই মূল্যৰ সৃষ্টি কৰে আৰু সেই মূল্য ভোগ কৰে মালিকসকলে। বনুৱাসকলে পৰিমাণৰ মূল্যৰ সৃষ্টি কৰে, সেই পৰিমাণে তেওঁলোকক মজুৰি দিয়া নহয়। সেয়েহে যেতিয়াই বনুৱাই তেওঁলোকৰ স্বাৰ্থৰ প্ৰতি সচেতন হয়, তেতিয়াই মালিকৰ লগত তেওঁলোকৰ সংঘ আৰম্ভ হয়।

পুঁজিবাদী ব্যৱস্থাত বিভিন্ন উদ্যোগ একে অঞ্চলতে প্রতিষ্ঠিত ত কৰাৰ কাৰণে বনুৱাসকলে একেটা এলেকাতে কাম কৰাৰ সুবিধা পায়। এই উদ্যোগৰ বনুৱাৰ লগত আন এটা উদ্যোগৰ বনুৱাৰ ভাবৰ আদান-প্রদান হয়। ফলত তেওঁলোকৰ মাজত শ্রেণী সচেতনতাৰ সৃষ্টি হয়। তাৰোপৰি উৎপাদিত সামগ্রী বিদেশৰ বজাৰত বিক্ৰী কৰাৰ কাৰণে যাতায়াত আৰু যোগাযোগ ব্যৱস্থা উন্নত কৰিবলগা হয়। যাতায়াত আৰু যোগাযোগ ব্যৱস্থা উন্নত হোৱাৰ ফলত এখন দেশৰ বনুৱাৰ লগত আন এখন দেশৰ বনুৱাৰ ভাবৰ আদান-প্রদান সম্ভৱ হয়। এইদৰে বিভিন্ন দেশৰ বনুৱাৰ মাজত শ্রেণী সচেতনতাৰ সৃষ্টি হয়। এই শ্রেণী সচেতনতাই পুঁজিবাদ ধ্বংস কৰাত সহায় কৰে।

সংক্ষেপতে ক’বলৈ হ’লে পুঁজিবাদী সমাজত বনুৱা প্রাপ্য মূল্যৰ পৰা বঞ্চিত হয়। ফলত মালিক আৰু বনুৱাৰ মাজত শ্রেণী সংগ্ৰামৰ সৃষ্টি হয়। মা’ৰ মতে এই শ্রেণী সংগ্ৰামত পুঁজিপতিসকলে পৰাজয়বৰণ কৰিব আৰু শ্রমিকসকলে সর্বহাৰাৰ একনায়কত্ববাদ প্রতিষ্ঠা কৰিব। শ্রেণী সংগ্ৰামৰ ফলত এখন শ্রেণীহীন সমাজৰ সৃষ্টি হ’ব আৰু শ্রেণী সংস্থা হিচাবে ৰাষ্ট্ৰৰো দৰকাৰ নাইকিয়া হ’ব। অর্থাৎ শ্রেণী সংগ্ৰামৰ ফলত শ্রেণীবিহীন আৰু ৰাষ্ট্ৰবিহীন সমাজ ব্যৱস্থাৰ সৃষ্টি হ’ব।

শ্রেণী সংগ্ৰামৰ সমালোচনা [CRITICISM OF CLASS STRUGGLE]

সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ ভূমিকা সম্পৰ্কে উল্লেখ কৰি মার্ক্সে সমাজ বিজ্ঞানৰ অধ্যয়নৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাইছে। ঐতিহাসিক ঘটনাসমূহ শ্ৰেণীৰ স্বাৰ্থত ব্যাখ্যা কৰা ব্যক্তি তেৱেঁই হৈছে প্ৰথম। তথাপি তেওঁ কোৱাৰ নিচিনা বৰ্তমান সমাজৰ ইতিহাসক শ্রেণী সংঘৰ্ষৰ ইতিহাস হিচাবে গ্ৰহণ কৰিব নোৱাৰি। সেইদৰে মানৱ ইতিহাস অধ্যয়নৰ কাৰণে শ্রেণী সংগ্রামকে একমাত্র উপায় হিচাবেও স্বীকাৰ কৰিব নোৱাৰি। তেওঁৰ শ্ৰেণী, সংগ্ৰামৰ তত্ত্বৰ বিৰুদ্ধে তলত দিয়া ধৰণে যুক্তি আগবঢ়োৱা হয়

(১) যিকোনো সমাজ বিশ্লেষণ কৰিলে দেখা যায় যে কোনো সমাজেই একমাত্ৰ দুটা শ্ৰেণীৰ লোকেৰে গঠিত নহয়। সমাজত বিভিন্ন শ্ৰেণীৰ মানুহ বাস কৰে আৰু জন্ম, সম্পদ, মর্যাদা, দক্ষতা আদি বিভিন্ন বিষয়ৰ ওপৰত নিৰ্ভৰ কৰি সমাজত বিভিন্ন শ্রেণীৰ লোক পোৱা যায়। অৰ্থাৎ মার্ক্সে ধাৰণা কৰাৰ নিচিনা সমাজত পুঁজিপতি আৰু বনুৱা এই দুই শ্ৰেণীৰ লোকেই অকলে নাথাকে। সেইদৰে সমাজত বাস কৰা এই বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত একতা আৰু সংহতিও সদায়ে আশা কৰিব নোৱাৰি, তেওঁলোকৰ মাজত একতা আৰু সংহতিও নাথাকিব পাৰে। এখন দেশৰ পুঁজিপতিসকলৰ লগত আন এখন দেশৰ পুঁজিপতিৰ স্বাৰ্থৰ মিল নাথাকিব পাৰে; বৰং বজাৰ লাভৰ কাৰণে তেওঁলোকৰ মাজত প্ৰতিযোগিতা আৰু প্ৰতিদ্বন্দ্বিতাৰহে সৃষ্টি হ’ব পাৰে। সেইদৰে বনুৱাসকলৰ মাজতো পুৰুষ, মহিলা, দক্ষ, অদক্ষ আদি বিভিন্ন ভাগত ভাগ থাকে। তদুপৰি এখন দেশৰ বনুৱাৰ স্বাৰ্থৰ লগত আন এখন দেশৰ বনুৱাৰ স্বাৰ্থৰ মিল নাথাকিব পাৰে। সেয়েহে শ্রেণী সংগ্ৰামৰ মাধ্যমেৰে ইতিহাসৰ ব্যাখ্যা কৰা কেতিয়াও সম্ভৱ নহয়।

(২) মার্ক্সে জাতীয়তাবাদৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা নাই। মার্ক্সৰ মতে বনুৱাসকলৰ কোনো স্বদেশ নাই। কিন্তু এনে মন্তব্য গ্রহণযোগ্য নহয়। শ্রমিকসকলেও নিজৰ দেশৰ প্ৰতি চিন্তা কৰে। তেওঁলোকৰ মনতো দেশপ্রেম আছে। প্রথম মহাসমৰৰ সময়ত শ্ৰমিকসকলে নিজৰ চৰকাৰৰ প্রতি সহায়-সহযোগিতা আগবঢ়োৱা ব্যৱস্থাৰ পৰাই প্রমাণ হয় যে বনুৱাসকলেও ব্যক্তিগত স্বাৰ্থতকৈ জাতীয় স্বাৰ্থৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সকলো সময়তে আৰু সকলো বিষয়তে শ্রমিকসকলৰ মাজতো আন্তঃৰাষ্ট্ৰীয় সহযোগিতা কেতিয়াও সম্ভৱ নহয়। তদুপৰি বনুৱাসকলৰ মাজতো জাতিভেদ, বর্ণভেদ আদি আছে। এটা জাতিৰ বনুৱাই আন জাতিৰ বনুৱাৰ স্বাৰ্থৰ কাৰণে চিন্তা নকৰিব পাৰে। এটা বৰ্ণৰ বনুৱাই আন এটা বৰ্ণৰ বনুৱাৰ লগত একে বনুৱা হিচাবে নিজকে চিনাকি দিবলৈ সম্মত নহ’ব পাৰে। এনেবোৰ অৱস্থাৰ পৰিপ্ৰেক্ষিতত শ্ৰেণীসংঘৰ্ষত বনুৱাসকলে জয়লাভ কৰিব বুলি নিশ্চিত হ’ব নোৱাৰি।

(৩) মার্ক্সৰ মতে সমাজত ধনী-দুখীয়া, মালিক বনুৱা-এই দুই শ্ৰেণীৰ লোকহে বাস কৰে। কিন্তু বাস্তব অভিজ্ঞতাৰ পৰা দেখা যায় যে প্রত্যেক সমাজতে এই দুই শ্ৰেণীৰ লোকৰ উপৰিও আন শ্ৰেণীৰ লোকো বাস কৰে। প্রত্যেক সমাজতে উকিল, অধ্যাপক, শিক্ষক, ইঞ্জিনিয়াৰ আৰু অন্যান্য চাকৰি কৰা লোক থাকে। এওঁলোকক মধ্যবিত্ত শ্ৰেণীৰ লোক বোলা হয়। এই শ্ৰেণীৰ লোককো আকৌ উচ্চ মধ্যবিত্ত আৰু নিম্নধ্যবিত্ত এই দুটা ভাগত ভাগ কৰিব পাৰি। সৰ্বহাৰাৰ শাসনতকৈ পুঁজিপতিসকলৰ শাসনত এই শ্ৰেণীৰ লোকৰ স্বাৰ্থ সুৰক্ষিত হ’ব বুলি তেওঁলোকে বিশ্বাস। কৰে। তেওঁলোকে নিজকে বনুৱা হিচাবে স্বীকাৰ নকৰে। সেয়েহে এই শ্ৰেণীৰ লোকৰ সহায় আৰু সহযোগিতা অবিহনে পুঁজিপতিৰ বিৰুদ্ধে শ্রমিকসকলে জয়লাভ কৰিব বুলি কেতিয়াও আশা কৰিব নোৱাৰি।

(৪) মার্ক্সৰ মতে একেটা এলেকাতে বহুসংখ্যক শ্রমিকে কাম কৰাৰ কাৰণে আৰু তেওঁলোকৰ মাজত ভাবৰ আদান-প্রদান হোৱাৰ সুবিধাৰ কাৰণে শ্ৰমিকসকলৰ মাজত শ্রেণী সচেতনতা বৃদ্ধি পাব আৰু তেওঁলোকে শ্রমিকৰ স্বাৰ্থৰক্ষাৰ কাৰণে একেলগে থিয় দিব। কিন্তু বাস্তব অভিজ্ঞতাৰ পৰা দেখা যায় যে শ্রমিকৰ সংখ্যা বৃদ্ধি হৈছে যদিও, সেই অনুপাতে তেওঁলোকৰ মাজত শ্রেণী সচেতনতা বৃদ্ধি পোৱা নাই। শ্ৰমিকসকলৰ ভিতৰৰ কিছুমান শ্রমিকৰ স্বাৰ্থৰক্ষাৰ হকে কাম কৰাতকৈ পুঁজিপতিসকলৰ প্ৰতি সহযোগিতা আৰু সহানুভূতি প্ৰকাশ কৰাহে দেখা যায়। একেটা কাৰখানাতে অধিক বনুৱা সংস্থাৰ সৃষ্টি হোৱাৰ পৰা সহজতে অনুমান কৰিব পাৰি যে শ্রমিকসকলে কেতিয়াও একবৰিত হৈ পুঁজিপতিসকলৰ বিৰুদ্ধে সংগ্ৰামত অৱতীৰ্ণ হ’ব নোৱাৰে; সেয়েহে শ্রেণী সংগ্ৰামৰ জৰিয়তে পুঁজিবাদক ধ্বংস কৰি সৰ্বহাৰাৰ একনায়কত্ববাদ প্রতিষ্ঠা কৰা সম্ভৱ নহয়।

(৫) ইয়াৰ উপৰিও পুঁজিপতিসকলেও বর্তমান শ্ৰমিকসকলৰ লগত সংঘাতত আহিবলৈ ইচ্ছা নকৰে। শ্ৰমিকসকলৰ শ্ৰমৰ ওপৰতে হ’লে তেওঁলোকৰ লাভ নিৰ্ভৰ কৰে, সেই সম্পৰ্কে তেওঁলোক সদায় সচেতন। সেয়েহে পৰিবেশ আৰু পৰিস্থিতিৰ পৰিবৰ্তনৰ লগে লগে তেওঁলোকেও তেওঁলোকৰ উদ্যোগ পৰিচালনা নীতি সলনি কৰে। শ্ৰমিকৰ স্বাৰ্থৰ প্ৰতি তেওঁলোক সচেতন থাকে। শ্রমিকসকলেও মালিক প্রতি সহযোগিতা আগবঢ়ায়। সেয়েহে মার্ক্সে শ্রেণী সংগ্রাম হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছিল যদিও, এতিয়ালৈ শ্রেণী সংগ্রাম হোৱা নাই।।

(৬) মার্ক্সে বিশ্বাস কৰিছিল যে উদ্বৃত্তমূল্য পুঁজিপতিসকলে ভোগ কৰাৰ ফলত পুঁজিপতিৰ সংখ্যা কমি যাব। সৰু সৰু উদ্যোগৰ মালিকসকলে ডাঙৰ ডাঙৰ উদ্যোগপতিৰ লগত প্রতিযোগিতাত তিষ্ঠিব নোৱাৰি নিজৰ উদ্যোগ বন্ধ কৰিব আৰু এই শ্ৰেণীৰ লোকো বনুৱা শ্ৰেণীত পৰিণত হ’ব। কিন্তু বাস্তব অভিজ্ঞতাৰ পৰা দেখা যায় যে যৌথ ব্যৱস্থাত পদ্ধতিৰ সুবিধা থকাৰ কাৰণে সৰু-সৰু ব্যৱসায়ীৰ সংখ্যা কমা নাই। এই লোকসকলৰ আয়ৰ ক্ষেত্ৰত যাতে প্রতিবন্ধকতাৰ সৃষ্টি নহয়, তাৰ কাৰণে তেওঁলোকে স্থিৰতা বিচাৰে; সেয়েহে এই শ্রেণীৰ লোকে শ্ৰেণী সংগ্ৰামৰ প্রতি সমর্থন জনোৱাৰ সম্ভাৱনা নাই।

(৭) মার্ক্সে ভবাৰ দৰে শ্ৰেণী সংগ্ৰামৰ সৃষ্টি হ’লেও পুঁজিবাদ ধ্বংস হৈ সৰ্বহাৰাৰ একনায়কত্ববাদ যে প্রতিষ্ঠা হ’ব, তাৰ কোনো নিশ্চয়তা নাই। বর্তমান যুগৰ সংগ্ৰামত আধুনিক যন্ত্রপাতি ব্যৱহাৰ হয় আৰু এনে যন্ত্রপাতি ব্যৱহাৰৰ কাৰণে কাৰিকৰী জ্ঞান থকা লোকৰ আৱশ্যক। পুঁজিপতিসকলৰ কাৰণে এনে যন্ত্রপাতি আৰু কাৰিকৰী জান থকা লোক পোৱাত অসুবিধা নাই। কিন্তু শ্ৰমিকসকলৰ কাৰণে ই সম্ভৱ নহয়। সেয়েহে শ্রেণী সংগ্রাম হ’লৈও পুঁজিবাদক ধ্বংস কৰা সম্ভৱ নহয়। তদুপৰি পুঁজিবাদ ধ্বংস হ’লেও সমাজবাদ প্রতিষ্ঠা হোৱাৰ কোনো নিশ্চয়তা নাই। লাস্কি (Laski) ৰ মতে ক’বলৈ হ’লে পুঁজিবাদৰ ধ্বংসৰ পিছত সমাজবাদৰ লগত সম্পর্ক নোহোৱা অ-ৰাষ্ট্ৰবাদৰ সৃষ্টি হ’ব পাৰে আৰু ইয়াৰে সুযোগ লৈ কোনো শক্তিশালী লোকে একনায়ক হিচাবে শাসন পৰিচালনাৰ সুযোগ গ্রহণ কৰিব পাৰে। উদাহৰণস্বৰূপে ইটালীৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ পতনৰ পিছত মুছোলিনিৰ নেতৃত্বত ফেচিবাদী শাসনৰ আৰম্ভ হৈছিল। সেইদৰে জার্মানীত ওৱেমাৰ ৰিপাব্লিকৰ পতনৰ পিছত হিটলাৰৰ নেতৃত্বত নাজীবাদী শাসনৰ আৰম্ভ হৈছিল।

(৮) ইয়াৰ উপৰিও সৰ্বহাৰাই যে দেশৰ শাসনৰ দায়িত্ব বহন কৰিব পাৰিব, সেই বিষয়তো সন্দেহৰ অৱকাশ আছে। পুঁজিপতিসকলৰ শাসনৰ অস্ত পৰিলে হয়তো আৰু আন এটা শ্ৰেণীৰ সৃষ্টি হ’ব পাৰে। এই শ্ৰেণীৰ লোকৰ সৰ্বহাৰা নাইবা পুঁজিপতি-কাৰো লগত সম্পর্ক নাথাকিব পাৰে।

(৯) যুক্তিৰ পিনৰ পৰা যদি ধৰিলোৱা হয় যে শ্রেণী সংগ্ৰামৰ ফলত পুঁজিবাদৰ পতন ঘটিব আৰু এখন শ্রেণীবিহীন সমাজ প্রতিষ্ঠা হ’ব; তেতিয়াও শ্ৰমিকসকলৰ মাজত যে একতা আৰু শ্ৰেণী সচেতনতা থাকিব, সেইটো কেতিয়াও আশী কৰিব নোৱাৰি। শ্রমিক শ্ৰেণীৰ মাজত মতানৈক্য ঘটিব পাৰে আৰু এনে পৰিস্থিতিৰ উদ্ভৱ হ’লে দ্বন্দ্বাত্মক পদ্ধতিৰ অৱসান নঘটিব। অর্থাৎ সর্বহাৰাৰ একনায়কত্ববাদ প্রতিষ্ঠা হ’লৈ দ্বন্দ্বাত্মক পদ্ধতি চলি থাকিব পাৰে।

(১০) ওপৰৰ যুক্তিসমূহৰ ওপৰত ভিত্তি কৰি সহজতে সিদ্ধাত্তলৈ আহিব পাৰি যে মার্ক্সৰ শ্ৰেণী সংগ্ৰামৰ তত্ত্ব গ্রহণযোগ্য নহয়। মার্ক্সে “কমিউনিষ্ট মেনিফেষ্ট” ৰচনা কৰা সময়ত সেই সময়ৰ ইংলেণ্ডৰ অর্থনৈতিক অবস্থাৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল। সেই সময়ত ইংলেণ্ডত পুঁজিপতিৰ সংখ্যা বৃদ্ধি হৈছিল যদিও, সেই অনুপাতে বনুৱাসকলৰ এটা শক্তিশালী গণ-আন্দোলনৰ সৃষ্টি কৰিব আৰু এই আন্দোলনে পুঁজিবাদী ব্যৱস্থাৰ অৱসান ঘটাব। কিন্তু মার্ক্সে যদি তেওঁৰ এই গ্ৰন্থ কিছু বছৰৰ পিছত লিখিলেহেঁতেন, হয়তো তেওঁ নিজেই এনে সিদ্ধান্ত সলনি কৰিলেহেঁতেন সেয়েহে মার্ক্সে শ্ৰমিকসকলৰ দুখ-কষ্ট বৃদ্ধি আৰু পুঁজিবাদৰ পতন সম্পর্কে যি ভৱিষ্যদ্বাণী কৰিছে সেই ভবিষ্যদ্বাণ প্রকৃত ঘটনা আৰু পৰিসংখ্যাৰ ভিত্তিত প্রতিষ্ঠিত নহয়।

17. THEORY OF SURPLUS VALUE

Ans: উদ্বৃত্ত মূল্য সম্পৰ্কীয় তত্ত্ব : [THEORY OF SURPLUS VALUE]

মার্ক্সৰ সিদ্ধান্তসমূহৰ ভিতৰত উদ্বৃত্ত মূল্য সম্পৰ্কীয় সিদ্ধান্তটো বিশেষভাবে উল্লেখযোগ্য। তেওঁৰ মতে উদ্বৃত্ত মূল্য বনুৱাসকলে সৃষ্টি কৰে আৰু ইয়াক ভোগ কৰে পুঁজিপতিসকলে। এই ব্যৱস্থাৰ ফলত মালিক আৰু বনুৱাৰ মাজৰ অৰ্থনৈতিক ব্যৱধান বাঢ়ি যায় আৰু ই সুদূৰপ্ৰসাৰী প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। উদৃত্ত মুলাই সৃষ্টি কৰা প্ৰতিক্ৰিয়া আলোচনা কৰা আগতে আগতে উদ্বৃত্ত মূল্য কাক বোলে জনা দৰকাৰ।

কোনো সামগ্ৰীৰ বিক্ৰীমূল্য আৰু উৎপাদনৰ খৰচৰ ব্যৱধানকে উদ্বৃত মূল্য বোলে। কোনো এটা সামগ্রী উৎপাদন কৰিবলৈ হ’লে উৎপাদনৰ আহিলাসমূহৰ সংযোগৰ দৰকাৰ। কেঁচাসামগ্ৰী, শ্ৰম, মূলধন আৰু সংগঠন এই চাৰিটাক উৎপাদনৰ উপাদান বোলা হয়। এই চাৰিটাৰ সম্বনয়ৰ ফলত উৎপাদন সম্ভব হয়। গতিকে সামগ্রী উৎপাদনৰ খৰচ আছে। প্ৰথমতে কাৰখানাৰ মালিকে উৎপাদনৰ কাৰণে কেঁচাসামগ্রী কিনিব লাগে। ইয়াৰ কাৰণে ধনৰ দৰকাৰ। দ্বিতীয়তে, কাৰখানাত কাম কৰা শ্ৰমিকসকলক মজুৰি দিব লাগে। তৃতীয়তে কাৰখানাত ব্যৱহাৰ কৰিবলৈ দৰকাৰ মতে যন্ত্রপাতি কিনিব লাগে। শেষত, কাৰখানাত কাম কৰা মেনেজাৰ, কেৰাণী, কাৰিকৰী বিশেষজ্ঞ আদিক দৰমহা দিব। তাৰোপৰি কাৰখানা প্রতিষ্ঠা কৰা ঘৰৰ কাৰণে ঘৰ ভাৰা দিব লাগে।

অর্থাৎ যিকোনো সামগ্রী উৎপাদন কৰিবলৈ হ’লে খৰচৰ দৰকাৰ। কিন্তু উৎপাদিত সামগ্ৰী বজাৰত বিক্রী কৰি ধন পোৱা যায়। কোনো সামগ্ৰীৰ উৎপাদনত যি পৰিমাণৰ খৰচ হয় তাতকৈ অধিক দামত সেই সামগ্রী বিক্ৰী কৰা হয়। সেয়েহে সামগ্ৰীৰ বিক্ৰীৰ দাম আৰু উৎপাদনৰ খৰচৰ মাজৰ ব্যৱধানেই হৈছে উদ্বৃত্ত মূল্য। উদাহৰণস্বৰূপে এখন ক্ষুটাৰৰ উৎপাদন মূল্য যদি ২০,০০০ টকা হয় আৰু ইয়াৰ বিক্ৰীমূল্য যদি ২৫,০০০ টকা হয়, তেতিয়াহ’লে ৫০০০ টকা (২৫০০০-২০০০০) হ’ব উদ্বৃত্ত মূল্য। এই উদ্বৃত্ত মূল্য শ্রমিকসকলে সৃষ্টি কৰে, কাৰণ শ্রমিকসকলেহে কাৰখানাত কাম কৰে, মালিকে কাম নকৰে। কিন্তু ইয়াক ভোগ কৰে কাৰখানাৰ মালিকসকলে। শ্রমিকসকলেহে তেওঁলোকৰ দৈনন্দিন মজুৰিৰ বাহিৰে আন একো নাপায়।

কিন্তু মালিকে শ্ৰম নকৰাকৈয়ে উদ্বৃত্ত মূল্য ভোগ কৰাৰ সুবিধা পায়। আন উপায়েও উদ্বৃত্ত মূল্য প্রকাশ কৰিব পাৰি। এজন শ্রমিকে এদিনত কাম কৰি যি পৰিমাণৰ মূল্যৰ সৃষ্টি কৰে আৰু সেইদিনৰ কাৰণে তেওঁক যি পৰিমাণৰ মূল্য মজুৰি হিচাবে দিয়া হয, ইয়াৰ প্ৰভেদেই হৈছে উদ্বৃত্ত মূল্য। কামৰ সময়ৰ মাধ্যমেৰেও উদ্বৃত্ত প্ৰকাশ কৰিব পাৰি। ধৰিলোৱা হওক, এজন বনুৱাক যিখিনি, মজুৰি দিয়া হয়, তেওঁ ৫ ঘণ্টা পৰিশ্ৰম কৰি সেইখিনি কৰিব পাৰি। কিন্তু বনুৱাসকলে কাৰাখনাত ৮ ঘণ্টা কাম কৰিব লাগে। গতিকে বাকী ৩ ঘণ্টা (৮-৫) উদ্বৃত্ত। এই সময়ছোৱাত তেওঁলোকে যি পৰিমাণৰ মূল্যৰ সৃষ্টি কৰে, সেইখিনি কাৰখানাৰ মালিকে ভোগ কৰে। এই সময়ছোৱাত উৎপাদন কৰা মূল্যৰ ভাগ বনুৱাসকলক দিয়া নহয় । উদ্বৃত্ত মূল্যৰ ভোগে সুদূৰপ্ৰসাৰী প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে।

(১) উদ্বৃত্ত মূল্যৰ ভোগে এক শ্ৰেণীৰ অকামিলা অথচ ধনী মানুহৰ সৃষ্টি কৰে। এই শ্ৰেণীৰ মানুহে নিজে কোনো পৰিশ্ৰম নকৰে, তেওঁলোকে আনৰ পৰিশ্ৰমৰ ওপৰত অতি আৰামত জীৱন-নিৰ্বাহ কৰে। কাৰখানাৰ মালিক, উদ্যোগপতি আদিয়ে কাৰখানাৰ উদ্যোগ আদিত কোনো শ্রম নকৰে। কিন্তু তেওঁলোকৰ কাৰখানা তথা উদ্যোগত উৎপন্ন হোৱা সকলোখিনি উদ্বৃত্ত মূল্য তেওঁলোকেই ভোগ কৰে। 

(২) উদ্বৃত্ত মূল্য ভোগৰ ফলত পুঁজিপতিসকলৰ সম্পদ বাঢ়ি যায়। যদিও, ইয়ে পুঁজিবাদৰ ধ্বংসও মাতি আনে। পুঁজিপতিসকলে উদ্বৃত্ত মূল্য ভোগ কৰাৰ ফলত বজাৰত ক্রয়শক্তি কমি যায়। কিন্তু সামগ্ৰীৰ উৎপাদন বাঢ়ি থাকে। অর্থাৎ সামগ্ৰীৰ আমদানি বাঢ়ি থাকে, কিন্তু চাহিদা কমি যায়। চাহিদাৰ তুলনাত যোগান বৃদ্ধি হোৱাৰ কাৰণে দ্রব্যমূল্য কমি আহে। এনে অৱস্থাত বহুত সামগ্ৰী জমা হয়, সেইবোৰ বিক্ৰী কৰিব পৰা নাযায়। সামগ্রী বিক্ৰী কৰিবলৈহে উৎপাদন কৰা হয়, জমা ৰাখিবলৈ নহয় । গতিকে হয় সামগ্রী উৎপাদন কমাবলগা হয়, নহয় কিছুদিনৰ কাৰণে উৎপাদন একেবাৰে বন্ধ ৰাখিবলগা হয়। কিন্তু এই দুয়োটা অৱস্থাতে শ্ৰমিকসকলৰ মাজত নিবনুৱা সমস্যাই দেখা দিয়ে। উৎপাদন কম কৰিলে কিছুমান শ্রমিকে কাম হেৰুৱায়। আনহাতে উৎপাদন বন্ধ কৰিলে উদ্যোগত কাম কৰা সকলো বনুৱাই কাম হেৰুৱায়। এনে ব্যৱস্থাৰ ফলত মালিক আৰু বনুৱাৰ মাজত সংঘর্ষ হয়। মার্ক্সৰ মতে মালিক আৰু বনুৱাৰ মাজত হোৱা এই সংঘৰ্ষৰ ফলত পুঁজিবাদৰ পতন হয়। এইদৰে উদ্বৃত্ত মূল্যৰ ভোগে পুঁজিবাদক ধ্বংস কৰে।

(৩) পুঁজিপতিসকলে সদায় অধিক লাভৰ কাৰণে চেষ্টা কৰে। সেয়েহে উৎপাদনৰ আহিলাসমূহ কেনেদৰে ব্যৱহাৰ কৰিলে উৎপাদনৰ খৰচ কমে আৰু ৎপাদন বৃদ্ধি হয়, তাৰ প্ৰতি লক্ষ্য ৰাখে। বৰ্তমান যুগত শ্ৰমিকৰ পৰিৱৰ্তে যন্ত্ৰ-পাতি ব্যৱহাৰ কৰিও কিছুমান কাম কৰিব পাৰি। গতিকে এনেকুৱা নতুন নতুন যন্ত্ৰ-পাতিৰ ব্যৱহাৰৰ ফলত শ্ৰমিকসকলৰ মাজত নিবনুৱা সমস্যাই দেখা দিয়ে। শ্রমিকক আঁতৰ কৰিবলৈ চেষ্টা কৰাৰ ফলত মালিক আৰু শ্ৰমিকৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। মার্ক্সৰ মতে উদ্যোগপতিৰ সংখ্যা তাকৰীয়া হোৱাৰ কাৰণে তেওঁলোকে শ্ৰমিকসকলৰ লগত সংগ্ৰাম কৰি জয়যুক্ত হ’ব নোৱাৰে। সেয়েহে শ্ৰেণী সংগ্ৰামৰ ফলত পুঁজিবাদৰ পতন হয় আৰু সৰ্বহাৰাৰ একনায়কত্ববাদ প্রতিষ্ঠিত হয়।

(৪) পুঁজিপতিসকলে উদ্বৃত্ত মূল্য ভোগ কৰাৰ ফলত মালিক আৰু শ্ৰমিকৰ মাজৰ অৰ্থনৈতিক ব্যৱধান ক্রমান্বয়ে বাঢ়ি যায়। তদুপৰি ডাঙৰ ডাঙৰ উদ্যোগপতিসকলৰ লগত প্ৰতিযোগিতাত তিষ্ঠিব নোৱাৰি সৰু সৰু উদ্যোগৰ মালিকসকলে উদ্যোগ বন্ধ কৰিবলগা হয়। এই শ্ৰেণীৰ লোকো শেষত বনুৱা শ্ৰেণীৰ লোকত পৰিণত হয়। অর্থাৎ ক্রমান্বয়ে পুঁজিপতিৰ সংখ্যা কমি যায় আৰু শ্ৰমিকসকলৰ সংখ্যা বাঢ়ি যায়। সমাজত ধনী-দুখীয়া, মালিক-বনুৱা, উদ্যোগপতি আৰু শ্রমিক এই দুই শ্ৰেণীৰ লোকৰ সৃষ্টি হয়। পুঁজিপতিসকলৰ শোষণত অতিষ্ঠ হৈ বনুৱাসকলে পুঁজিপতিসকলৰ বিৰুদ্ধে থিয় দিয়ে। মালিক-বনুৱাৰ মাজত সৃষ্টি হোৱা এই শ্রেণী সংগ্রামে পুঁজিবাদৰ পতন ঘটায়।

(৫) অধিকসংখ্যক উদ্যোগ একেটা এলেকাৰ ভিতৰত স্থাপন হোৱাৰ কাৰণে বিভিন্ন উদ্যোগত কাম কৰা শ্ৰমিকসকলৰ মাজত ভাবৰ আদান প্রদান হয়। এটা উদ্যোগৰ শ্ৰমিকৰ অভাৱ-অভিযোগক আন আন উদ্যোগৰ শ্রমিকসকলে নিজৰ অভাৱ-অভিযোগ হিচাবে জ্ঞান কৰে। অৰ্থাৎ শ্ৰমিকসকলৰ মাজত শ্রেণী সচেতনতাৰ সৃষ্টি হয় আৰু এই সচেতনতাই সকলোবোৰ শ্রমিককে পুঁজিপতিসকলৰ বিৰুদ্ধে সংঘবদ্ধ হোৱাত সহায় কৰে।

(৬) আগৰ কালত অকল নিজৰ নিজৰ এলেকাৰ চাহিদা পূৰ্ণ কৰাৰ উদ্দেশ্যে সামগ্রী উৎপাদন কৰা হৈছিল। কিন্তু উদ্যোগ বিপ্লৱৰ ফলত উৎপাদন প্রক্রিয়াত ভালেমান “পৰিৱৰ্তন আহিল। এতিয়া নিজৰ দেশৰ চাহিদা পূৰণ কৰাৰ উপৰিও বিদেশলৈ সামগ্ৰী ৰপ্তানি কৰাৰ উদ্দেশ্যে উৎপাদন বৃদ্ধি কৰা হয়। বিদেশলৈ সামগ্ৰী ৰপ্তানিৰ কাৰণে যাতায়াত আৰু যোগাযোগ ব্যৱস্থা উন্নত হোৱা দৰকাৰ। বিভিন্ন দেশৰ লগত যাতায়াত আৰু যোগাযোগ ব্যৱস্থা উন্নত হোৱাৰ কাৰণে এখন দেশৰ শ্ৰমিকৰ লগত আন আন দেশৰ শ্ৰমিকৰ ভাবৰ আদান-প্রদান হোৱাৰ সুবিধা হয়। অর্থাৎ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰমিকসকলৰ মাজত সহযোগিতাৰ সৃষ্টি হয় আৰু এই সহযোগিতাই পুঁজিবাদৰ ধ্বংস কৰাত সহায় কৰে।

মূল্যায়নঃ 

মার্ক্সৰ উদ্বৃত্ত মূল্যৰ তত্ত্বটো একেবাৰে তাৎপর্যহীন নহয়। উদ্বৃত্ত মূল্য ভোগৰ ফলত এক শ্ৰেণীৰ এলেহুৱা অথচ ধনী মানুহৰ যে সৃষ্টি হয়, তাত কিছু পৰিমাণে সত্যতা আছে। বর্তমান যুগত ডাঙৰ ডাঙৰ উদ্যোগসমূহত উদ্যোগপতিসকলে বিশেষ কাম নকৰে। জীৱন-বীমা নিগমৰ অংশীদাৰসকলে কোনো পৰিশ্ৰম কৰিব নালাগে; তেওঁলোকে নিজৰ নিজৰ ভাগৰ টকা জমা দিলেই লাভৰ অংশ পায়। সেইদৰে ডাঙৰ ডাঙৰ নিগমৰ সঞ্চালকসকলেও বিশেষ কাম নকৰে; কাৰিকৰী জ্ঞান থকা লোকৰ ওপৰত বিভিন্ন বিষয়ত অভিজ্ঞতা থকা লোকৰ ওপৰতেই নিগম পৰিচালনাৰ দায়িত্ব দিয়া হয়। তথাপি মার্ক্সৰ এই ধাৰণাৰ সমালোচনা নোহোৱাকৈ থকা নাই। তেওঁৰ উদ্বৃত্ত মূল্য তত্ত্ব বিৰুদ্ধে তলত দিয়া ধৰণে সমালোচনা আগবঢ়োৱা হয় :

(১) উৎপাদন ব্যৱস্থাত জৰিত সকলো উদ্যোগৰ মালিককে এলেহুৱা আখ্যা দিব নোৱাৰি। কিছুমান লোকে বেংক আদি বিত্তীয় অনুষ্ঠানৰ পৰা ধাৰ-ঋণ লৈ উদ্যোগ প্রতিষ্ঠা কৰে। এনে উদ্যোগৰ মালিকে উৎপাদন বৃদ্ধিৰ কাৰণে কঠোৰ পৰিশ্ৰম কৰিব লাগে। গতিকে এই শ্ৰেণীৰ উদ্যোগৰ মালিকক এলেহুৱা আখ্যা দিব নোৱাৰি।

(২) যিসকল উদ্যোগৰ মালিকে ধাৰ-ঋণ লৈ উদ্যোগ প্রতিষ্ঠা কৰে আৰু উৎপাদন বৃদ্ধিৰ কাৰণে কঠোৰ পৰিশ্ৰম কৰে, তেনেকুৱা উদ্যোগৰ মালিকক উদ্বৃত্ত মূল্য ভোগ কৰা বুলি ক’বও নোৱাৰি। কঠোৰ পৰিশ্ৰমৰ ফলত সামগ্ৰী উৎপাদন কৰাৰ ফলত তেওঁলোকে লাভৰ অংশ পায়। যি পৰিমাণৰ উদ্বৃত্ত মূল্য তেওঁলোকে পায়, আন উদ্যোগত চাকৰি কৰিলেও সিমান পৰিমাণৰ দৰমহা হয়তো তেওঁলোকে পালেহেঁতেন। অৰ্থাৎ তেওঁলোকে ভোগ কৰা উদ্বৃত্ত মূল্যক তেওঁলোকৰ দৰমহাৰ সমান বুলি ক’ব পাৰি। প্ৰভেদ এইখিনিতে যে নিজৰ উদ্যোগৰ পৰা তেওঁ উদ্বৃত্ত মূল্য হিচাবে পাইছে আৰু আনৰ তলত চাকৰি কৰিলে তেওঁ দৰমহা হিচাবে পালেহেঁতেন।

(৩) মার্ক্সৰ মতে শ্রমিকসকলে মূল্যৰ সৃষ্টি কৰে আৰু পুঁজিপতিসকলে সেই মূল্য ভোগ কৰে। এনে ধাৰণা সঁচা নহয়। শ্রমিকসকলৰ উপৰিও কাৰখানা, উদ্যোগ আদিত কাৰিকৰী, বিশেষজ্ঞ, কেৰাণী, মহৰী, মেনেজাৰ আদি বিভিন্ন শ্ৰেণীৰ লোকে কাম কৰে। কিছুমানে শাৰীৰিক শ্ৰম কৰে আৰু কিছুমানে মানসিক শ্ৰম কৰে। এনেবোৰ লোকৰ পৰিশ্ৰমৰ ফলতহে কোনো সামগ্রীৰ উৎপাদন সম্ভব হয়। গতিকে উদ্বৃত্ত মূল্য অকল শ্রমিকৰ সৃষ্টি বুলি কোৱা উচিত নহয়।

(৪) শ্রমিকে অকলে মূল্যৰ সৃষ্টি কৰা মন্তব্য গ্রহণযোগ্য নহয়। আধুনিক যুগত শ্রমিকসকলে যন্ত্রপাতিৰ সহায় নহ’লৈ কাম কৰিব নোৱাৰে। তদুপৰি উৎপাদনৰ কাৰণে কেঁচাসামগ্ৰীৰ দৰকাৰ। সেয়েহে কেঁচাসামগ্রী, শ্রম, মূলধন আৰু সংগঠন-এই চাৰিটা উপাদানৰ সমন্বয়ৰ ফলতহে উৎপাদন সম্ভব হয়। অর্থাৎ উৎপাদনৰ আহিলাবোৰৰ ভিতৰত শ্ৰম এটা আহিলাহে; ইয়াক একমাত্র আহিলা হিচাবে আখ্যা দিব নোৱাৰি। সেয়েহে অমকেই মূল্যসৃষ্টিৰ একমাত্ৰ আহিলা হিচাবে গ্রহণ কৰা সমীচীন নহয়।

(৫) শ্রমিকসকলক মজুৰি দিয়াতেই মালিকৰ কাম শেষ নহয়। তেওঁ মূলধনজাতীয় সামগ্ৰীৰ মেৰামতিৰ কাৰণে পয়চা খৰচ কৰিব লাগে। শ্রমিকসকলক নগদ বেতন দিয়াৰ উপৰিও, তেওঁলোকৰ স্বাস্থ্যৰক্ষাৰ সুবিধা, ল’ৰা-ছোৱালীৰ শিক্ষাৰ সুবিধা, খোৱাপানীৰ ব্যৱস্থাকে আদি কৰি বিভিন্ন কামত ধন খৰচ কৰিব লাগে। সেয়েহে উদ্বৃত্ত মূল্যৰ পৰা বনুৱাক একেবাৰে বঞ্চিত কৰা বুলি ক’ব নোৱাৰি।

ওপৰৰ যুক্তিসমূহৰ পৰা সহজতে অনুমান কৰিব পাৰি যে মার্ক্সৰ উদ্বৃত্ত মূল্যৰ তত্ত্বৰ ভালেমান আসোঁৱাহ আছে। এই তত্ত্বৰ কিছুমান সীমাবদ্ধতা আছে যদিও এইটো সঁচা যে পুঁজিবাদী ব্যৱস্থাত শ্রমিকসকলে তেওঁলোকৰ শ্ৰম অনুযায়ী পাৰিশ্রমিক নাপায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top