Understanding Political Theory Unit 1 ৰাজনীতি কি? ৰাজনৈতিকৰ তাত্ত্বিককৰণ

Understanding Political Theory Unit 1 ৰাজনীতি কি? ৰাজনৈতিকৰ তাত্ত্বিককৰণ Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Understanding Political Theory Unit 1 What is Politics: Theorizing the ‘Political Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Understanding Political Theory Unit 1 ৰাজনীতি কি? ৰাজনৈতিকৰ তাত্ত্বিককৰণ Question Answer can be of great value to excel in the examination.

Understanding Political Theory Unit 1 ৰাজনীতি কি? ৰাজনৈতিকৰ তাত্ত্বিককৰণ

Join Telegram channel

Understanding Political Theory Unit 1 ৰাজনীতি কি? ৰাজনৈতিকৰ তাত্ত্বিককৰণ Notes cover all the exercise questions in UGC Syllabus. The Understanding Political Theory Unit 1 ৰাজনীতি কি? ৰাজনৈতিকৰ তাত্ত্বিককৰণ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

ৰাজনীতি কি? ৰাজনৈতিকৰ তাত্ত্বিককৰণ

POLITICAL SCIENCE

UNDERSTANDING POLITICAL THEORY

ৰাজনৈতিক তত্ত্ববোধ

1. The main laboratory for the actual working of political institutions is not a library but the outside world of political life was said by Mac Over/Lowell/ Lord Bryce.

Ans: লৱেলে কৈছিল।

2. The interdisciplinary approach of social science was developed by structural functionalism/System theory/Behaviouralism.

Ans: আচৰণবাদ।

3. “When I see a set of examination questions headed by the word ‘Political science’, I regret not the question but the title.” Who said this ?

Ans: মেইটলেণ্ড।

4. “Behaviouralism is a protest movement in Political Science.” This statement was made by Robert Dahl/David Easton/David Truman.

Ans: ৰবার্ট ডল।

5. Who used the term political science ?

Ans: ফৰাচী দার্শনিক বঁড়ে (Bodin) প্রথমে ৰাজনীতি বিজ্ঞান শব্দৰ প্রয়োগ কৰিছিল।

6. The father of modern political science is Machiavelli/Aristotle/Laski.

Ans: Aristotle.

7. Who used the term Political Science ?

Ans: জন বডিন। 

8. The word ‘politics’ comes from which Language, which word ?

Ans: গ্রীক ভাষাৰ।

9. Do the behavioristic political scientists make value base analysis ?

Ans: নকৰে।

10. Which method use Measurement, graph, quantity in studying political science ?

Ans: পৰীক্ষামূলক দৃষ্টিভংগী।

11. “Political is the authoritative allocation of values as it is influenced by the distribution and use of power.”- who said ?

Ans: ডেভিদ ইষ্টন।

12. Behavioural approach to the study of Political Science originated in UK/USA/France.

Ans: USA.

13. “Politics is the study of political aspects of organised human society” was said by Plato/ Catlin/Barker.

Ans: Catlin.

14. “Behaviouralism is a protest movement in Political Science.” This statement was made by Robert Dahl/David Easton/Laski.

Ans: Robert Dahl.

15. Politics (can be/cannot be) separated from power.

Ans: Cannot be.

16. The word ‘politics’ comes from which Language, which word ?

Ans: গ্ৰীক ভাষাৰ পলিচ (Polis) শব্দৰ পৰা অহা।

17. The word ‘politics’ comes from which Language, which word ? 

Ans: গ্ৰীক ভাষাৰ পলিচ (Polis) শব্দৰ পৰা অহা ।

18. Where was political science started as independent subject? Name two universities introducing political science as an independent subject.

Ans: আমেৰিকাত আৰম্ভ হৈছিল। দুখন বিশ্ববিদ্যালয়ৰ নাম যথাক্রমে ১৮৭৬ চনত প্ৰতিষ্ঠা কৰা জন হ’পকিনছ বিশ্ববিদ্যালয় আৰু মিচিগান বিশ্ববিদ্যালয়।

19. Do the behavioralism political scientists make value vase analysis ?

Ans: নকৰে।

20. What method use measurement, graph, quantity in studying political science ?

Ans: আচৰণবাদী দৃষ্টিভংগী

21. The political system of Plato called behavioural/ Metaphysical/analytical.

Ans: পৰাবিজ্ঞানীমূলক।

22. Plato/Socrates/Aristotle is called ‘The father of Political Science’.

Ans: এৰিষ্টটলক।

23. What is the name of the first book on political science written by Plato ?

Ans: ৰিপাব্লিক।

24. Who wrote the book ‘Human Nature in Politics’ ?

Ans: গ্রাহাম ওৱালচ।

Very Short Type Questions (2 mark each)

১। ৰাজনীতি বিজ্ঞানৰ অৰ্থ লিখা।

উত্তৰঃ ৰাজনীতি বিজ্ঞান সমাজ বিজ্ঞানৰে এটা অংশ। ব্যক্তি আৰু সমাজ ব্যৱস্থাৰ বিষয়ে অধ্যয়ন আৰু বিশ্লেষণ কৰাই হ’ল। সমাজবিজ্ঞানৰ মূল লক্ষ্য। ৰাজনীতি বিজ্ঞানেও ৰাষ্ট্ৰ, চৰকাৰ ব্যৱস্থা, ৰাষ্ট্ৰ তথা চৰকাৰৰ কাৰ্যাৱলী, ৰাষ্ট্ৰৰ সমস্যা, ৰাষ্ট্ৰ আৰু ব্যক্তিৰ মাজৰ সম্পৰ্ক আদিৰ বিষয়ে বিশ্লেষণ দাঙি ধৰে।

২। ৰাজনীতি বিজ্ঞানৰ পিতৃ কোন ?

উত্তৰঃ এৰিষ্টটল।

৩। ৰাজনীতি বিজ্ঞান শব্দটো আধুনিক অৰ্থত কালত কোনে প্রথমে প্রয়োগ কৰিছিল ?

উত্তৰঃ জ্যা বদাই।

৪। ৰাজনীতি বিজ্ঞানৰ এটা সংজ্ঞা দিয়া।

উত্তৰঃ অধ্যাপক বার্জেছৰ মতে, “ৰাজনীতি বিজ্ঞান হ’ল স্বাধীনতা আৰু সাৰ্বভৌমত্বৰ বিজ্ঞান।”

৫। ৰাজনীতি বিজ্ঞানৰ যিকোনো এটা পৰিসৰৰ বিষয়ে লিখা।

উত্তৰঃ ৰাষ্ট্ৰ আৰু চৰকাৰৰ অধ্যয়ন।

৬। ৰাজনৈতিক তত্ত্ব কি ?

উত্তৰঃ ৰাজনৈতিক তত্বই ৰাষ্ট্ৰ, চৰকাৰ, ৰাজনৈতিক নীতি আৰু আদর্শসমূহ প্রণালীবদ্ধভাৱে পৰ্যালোচনা কৰে। ৰাজনৈতিক তত্ব হ’ল ৰাজনৈতিক ধাৰণা আৰু আদৰ্শসমূহৰ প্ৰকৃতি প্রয়োজনীয়তা আৰু তাৎপর্য ব্যাখ্যা কৰাৰ এক আহিলা। 

৭। “এৰিষ্টটলে ৰাজনীতি মূল বিজ্ঞান বুলি কৈছে। শুদ্ধ নে অশুদ্ধ লিখা।

উত্তৰঃ শুদ্ধ।

৮। দুজন প্রাচীন গ্রীক দার্শনিকৰ নাম লিখা। 

উত্তৰঃ প্লেটো, এৰিষ্টটল।

৯। আধুনিক চিন্তাবিদৰ নাম লিখা।

উত্তৰঃ কালমার্ক্স, ৰুছো।

১০। ‘দি ৰিপাব্লিক’ নামৰ গ্ৰন্থখন কোনে লিখিছিল ?

উত্তৰঃ প্লেটো।

Short Type Questions ( 4/5 mark each)

1. Write in brief the limitation of institutional approach.

Ans: আনুষ্ঠানিক দৃষ্টিভংগীক সমালোচকসকলে বিভিন্ন দৃষ্টিকোণৰ পৰা সমালোচনা কৰিছে।

১। আনুষ্ঠানিক দৃষ্টিভংগীয়ে ৰাষ্ট্ৰ, চৰকাৰ আদিৰ দৰে অনুষ্ঠানবিলাকৰ অধ্যয়ন কৰোতে ব্যক্তিৰ আচৰণক অৱজ্ঞা কৰা দেখা যায়। এই ব্যক্তিৰ আচৰণ অধ্যয়ন অবিহনে কেৱল অনুষ্ঠানৰ অধ্যয়নতে সীমাবদ্ধ থাকিলে ৰাজনীতি বিজ্ঞানৰ অধ্যয়ন সম্পূর্ণ নহয়।

২। এই দৃষ্টিভংগীয়ে ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ পৰিসৰ সীমিত কৰি ৰাখিছে। কিয়নো এই দৃষ্টিভংগীয়ে আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানবিলাকৰ অধ্যয়নক আওকাণ কৰি ৰাষ্ট্ৰীয় সংস্থাবিলাকৰ অধ্যয়নতেই ইয়াৰ পৰিসৰ সংকুচিত কৰি ৰাখিছে।

৩। এই দৃষ্টিভংগীৰ আন এক আঁসোৱাহ হ’ল যে বিভিন্ন ধৰণৰ অনুষ্ঠান, সংগঠনবিলাক যে সমাজতাত্বিক উপাদনবিলাকৰ দ্বাৰা প্ৰভাৱিত হয় সেই কথা আনুষ্ঠানিক দৃষ্টিভংগীয়ে অৱজ্ঞা কৰিছে।

৪। কোনবিলাক বিষয় ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ পৰিসৰত অন্তর্ভুক্ত বা বহির্ভূত কৰা হ’ব সেই বিষয়ে আনুষ্ঠানিক দৃষ্টিভংগীত এক স্পষ্ট মত দেখা যায়। সেয়ে এই দৃষ্টিভংগীক সমালোচকসকলে এক উন্নত দৃষ্টিভংগী বুলি অভিহিত কৰিব নোখোজে।

2. Points out the characteristics of post behaviouralism. 

Ans: আনুষ্ঠানিক দৃষ্টিভংগীক সমালোচকসকলে বিভিন্ন দৃষ্টিকোণৰ পৰা সমালোচনা কৰিছে।

(ক) ই একপ্ৰকাৰ বুদ্ধিজীৱীৰ আন্দোলন আৰু ৰাজনীতি বিজ্ঞান কেৱল আচৰণৰ বিজ্ঞান বুলি তেওঁলোকে বিশ্বাস নকৰে।

(খ) ৰাজনীতি বিজ্ঞান কেতিয়াও প্ৰমূল্যবিহীন হ’ব নোৱাৰে। প্ৰমূল্য ৰাজনীতি বিজ্ঞানৰ এক এৰাব নোৱাৰা বিষয়। আদর্শবিহীন অধ্যয়ন নিষ্ফল হ’বলৈ বাধ্য। সুস্থ আদর্শ হ’লেহে সুস্থ সমাজৰ সম্ভাৱনা থাকিব।

(গ) বৰ্তমানৰ সমাজত উদ্ভৱ হোৱা বিভিন্ন জটি সমস্যা সমাধানৰ পথ উলিয়াই ভৱিষ্যতৰ সমাজ সমস্যামুক্ত কৰাটোৱেই উত্তৰ আচৰণবাদৰ মূল লক্ষ্য। পলায়নবাদী অধ্যয়ন প্রণালীয়ে সমস্যা বুদ্ধিত সহায়হে কৰিব।

(ঘ) সমাজত বসবাস কৰা ক্ষুদ্র ক্ষুদ্র জাতিসত্বাসমূহৰ অধ্যয়ন কৰা, তেওঁলোকৰ জীৱন ধাৰণৰ প্ৰণালী অধ্যয়ন কৰি সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক সমস্যাসমূহ দূৰীকৰণ কৰা উত্তৰ আচৰণবাদৰ মূল লক্ষ্য।

(ঙ) এই আচৰণবাদে অধ্যয়ন পদ্ধতি আৰু কৌশলৰ ওপৰত অধিক গুৰুত্ব নিদি অধ্যয়নৰ উদ্দেশ্য আৰু ফলাফলৰ ওপৰত গুৰুত্ব আৰোপ কৰে। 

3. Briefly discuss the four characteristics of the behavioural approach to the study of political science.

Ans: আচৰণবাদী দৃষ্টিভংগীৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা ধৰণৰ―

১। প্রতিবাদী আন্দোলন: আগতে কৈ অহা হৈছে যে আচৰণবাদ হ’ল ৰাজনীতি বিজ্ঞানৰ ওপৰত চলি অহা পৰম্পৰাগত অধ্যয়ন পদ্ধতিৰ বিপক্ষে আমেৰিকাৰ ৰাজনৈতিক বিজ্ঞানীসকলে সূচনা কৰা এক প্রতিবাদ আন্দোলন। আমেৰিকাৰ ৰাজনীতি বিজ্ঞানৰ অধ্যাপক, গৱেষক আৰু ৰাজনৈতিক বিজ্ঞানীসকলে পৰম্পৰাগতভাৱে চলি অহা ৰাজনীতি বিজ্ঞান অধ্যয়নৰ তীব্ৰ বিৰোধিতা কৰিছিল। কাৰণ পৰম্পৰাগত পদ্ধতি অনুসৰি ৰাজনীতি বিজ্ঞানত চৰকাৰ, ৰাষ্ট্ৰ আৰু ৰীতি নিষ্ঠ অনুষ্ঠানহে অধ্যয়ন কৰা হৈছিল। সমাজৰ বিভিন্ন সংস্থা, সংগঠনৰ ক্রিয়া-প্রতিক্রিয়া বা জনসাধাৰণৰ আচৰণ সম্পর্কে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাছিল। ফলত সমাজৰ বিভিন্ন সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক সমস্যাৰ লগত জনসাধাৰণ, চৰকাৰ আৰু ৰাষ্ট্ৰ প্ৰত্যক্ষভাৱে জড়িত হৈ থাকিলেও এই সমস্যাবোৰ অধ্যয়নৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব দিয়া নহয়। আচৰণবাদীসকলে মত দাঙি ধৰিছিল যে সমাজ বিজ্ঞান বিষয়সমূহ অধ্যয়ন কৰোঁতে সমাজৰ এই সমস্যাৱলীসমূহ বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰা উচিত যাতে সমস্যাসমূহৰ লগত জড়িত থকা প্রকৃত সত্য উদ্ঘাটন কৰিব পৰা যায়।

২। আচৰণ অধ্যয়ন: আচৰণবাদৰ মূল লক্ষ্য হ’ল সমাজৰ ব্যক্তিৰ আচৰণ অধ্যয়ন কৰা। অৰ্থাৎ আচৰণবাদীসকলে সমাজৰ ব্যক্তিৰ আচৰণ অধ্যয়নকে তেওঁলোকৰ অধ্যয়ন আৰু গৱেষণাৰ কেন্দ্ৰবিন্দু হিচাপে গ্ৰহণ কৰিছিল। তেওঁলোকে কৈছিল সমাজত বিভিন্ন মতাবলম্বী লোক বাস কৰিলেও এই অনৈক্যৰ মাজতে কিছুসংখ্যক লোকৰ মাজত ঐক্য দেখা যায়। আনহাতে কোনো কোনো বিষয়ত সমাজৰ সকলো ব্যক্তিৰ মাজত মিল দেখা যায়। সেইকাৰণে আচৰণবাদীসকলে বিশ্বাস কৰিছিল যে ব্যক্তিৰ আচৰণ সমূহীয়াভাৱে প্রকাশ পায় আৰু ব্যক্তিৰ আচৰণ আনুমানিকবাবেও গ্রহণ কৰিব পাৰি। তেওঁলোকে পুনঃ মত দাঙি ধৰিছিল যে ব্যক্তিৰ আচৰণ মানসিক উৎকর্ষ সাধনৰ দ্বাৰা উদ্ভৱ হোৱাৰ উপৰিও সামাজিক পৰিৱেশৰ দ্বাৰাও গঠিত হয়।

এজন ব্যক্তিৰ বিভিন্ন বৈশিষ্ট্যৰ দ্বাৰা মানসিক উৎকর্ষ সাধন হয়। এই বৈশিষ্ট্যবোৰ হ’ল মনৰ আৱেগ, সহজাত প্রবৃত্তি, ধৈর্য, অনুভৱ, কু-সংস্কাৰ, মূল্যবোধ আৰু মতামত। সামাজিক পৰিৱেশেও ব্যক্তিৰ আচৰণ বহুখিনি প্ৰভাৱ পেলায়। কাৰণ এজন ব্যক্তিয়ে বিভিন্ন সামাজিক পৰিৱেশত বিভিন্ন ধৰণে আচৰণ প্ৰদৰ্শন কৰে। এনে এক পৰিপ্ৰেক্ষিতত আচৰণবাদীসকলে সংস্থা আৰু অনুষ্ঠানৰ সদস্য হিচাপে যি ৰাজনৈতিক আচৰণ প্ৰদৰ্শন কৰে সেয়া আলোচনা আৰু অধ্যয়ন কৰাই হ’ল আচৰণবাদীসকলৰ উদ্দেশ্য।

৩। বিজ্ঞানসম্মত ধাৰণা: আচৰণবাদীসকলে বিজ্ঞানসম্মত ভাব ধাৰণাৰ ওপৰত অধিক গুৰুত্ব দিছিল। গতিকে বিজ্ঞানসন্মত ধাৰণা আচৰণবাদৰ এটা প্রধান বৈশিষ্ট্য। বিজ্ঞানসম্মত পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা বাস্তৱ দৃষ্টিভংগী আৰু বিজ্ঞানসন্মত অধ্যয়ন পদ্ধতি গ্ৰহণ কৰি ৰাজনীতি বিজ্ঞানৰ বিভিন্ন বিষয়সমূহ অধ্যয়ন কৰাই হ’ল আচৰণবাদৰ মুখ্য লক্ষ্য।

৪। সূত্রপ্রণালী উদ্ভাবন আন্দোলন: আচৰণবাদ এক কথাত অত্যাধুনিক বিজ্ঞানসম্মত সূত্রপ্রণালী বা পদ্ধতি উদ্ভাৱন কৰা এক আন্দোলন। আচৰণবাদে ৰাজনীতি বিজ্ঞানৰ বিষয়বস্তু অধ্যয়ন আৰু গৱেষণাৰ বাবে নতুন নতুন অধ্যয়ন পদ্ধতি উদ্ভাৱন কৰিছিল। সেয়ে বহুতে ক’ব খোজে যে ৰাজনীতি বিজ্ঞানত আচৰণবাদ আন্দোলনৰ মুখ্য লক্ষ্য হল অত্যাধুনিক গৱেষণা পদ্ধতি উদ্ভাৱন কৰা। পুৰণি ৰাজনৈতিক বিজ্ঞানীসকলে ঐতিহাসিক, দার্শনিক, তুলনামূলক আদি পদ্ধতি প্রয়োগ কৰি গৱেষণা পৰিচালনা কৰিছিল। আচৰণবাদীসকলে মত দাঙি ধৰিছিল যে এনে পৰম্পৰাগত পদ্ধতিৰ দ্বাৰা বিজ্ঞানসন্মত অধ্যয়ন কেতিয়াও সম্ভৱ হ’ব নোৱাৰে। সেয়ে আচৰণবাদীসকলে সাক্ষাৎকাৰ, পর্যবেক্ষণ, জৰীপ, গৱেষণা, তথ্যপাতি সংগ্রহ, পৰিসংখ্যামূলক বিশ্লেষণ আদি কৌশল বা পদ্ধতি গ্ৰহণ কৰি গৱেষণা বিজ্ঞানসন্মত কৰি তোলাত অগ্ৰাধিকাৰ দিছিল।

4. Points out the characteristics of philosophical approach.

Ans: দার্শনিক দৃষ্টিভংগী আলোচনা কৰিলে ইয়াৰ কেতবোৰ বৈশিষ্ট্যলৈ আঙুলিয়াব পাৰি—

(ক) দার্শনিক দৃষ্টিভংগী হ’ল ৰাজনীতি বিজ্ঞান অধ্যয়নৰ আটাইতকৈ পুৰণি দৃষ্টিভংগী।

(খ) দার্শনিক দৃষ্টিভংগীয়ে ৰাজনৈতিক তত্ত্ব আৰু ৰাজনৈতিক দর্শনক অভিন্ন জ্ঞান কৰে।

(গ) আদৰ্শ জীৱন আৰু সমাজ পদ্ধতি প্রতিষ্ঠাই ইয়াৰ লক্ষ্য। ডাইকৰ (Dyke), “The object of philosophical inquiry is to establish standard of good the right and the just.”

(ঘ) এই দৃষ্টিভংগীয়ে অধ্যয়নৰ বাবে নিগমাত্মক পদ্ধতি ব্যৱহাৰ কৰে অৰ্থাৎ এটা সাধাৰণ বা সৰ্বব্যাপি নীতিৰ পৰা ব্যক্তিগত বা বিশেষ কথালৈ যুক্তিৰ দ্বাৰা প্ৰতিষ্ঠা কৰা।

(ঙ) এওঁলোকে পূর্ব পৰিকল্পিত সিদ্ধান্তৰ দ্বাৰা ৰাষ্ট্ৰ আৰু ৰাজনৈতিক জীৱনৰ সাৰ্বজনীন মূল্যবোধ নির্ণয় কৰি তাৰ ভিত্তিত ৰাষ্ট্ৰ আইন আৰু নাগৰিকৰ অধিকাৰ আদি সম্পর্কে ব্যাখ্যা আগবঢ়ায়।

5. Discuss the four limitations of the historical approach to the study of political science.

Ans: ৰাজনীতি বিজ্ঞান অধ্যয়নৰ বাবে গ্ৰহণ কৰা ঐতিহাসিক পদ্ধতিৰ ভালেমান সীমাবদ্ধতা আছে। যেনে—

১। ঐতিহাসিক পদ্ধতিৰ প্ৰধান সীমাবদ্ধতা হ’ল ইয়াৰ ইতিহাস প্ৰৱণতা। ইতিহাসৰ ভিত্তিত নিৰ্ণয় কৰা সকলো সিদ্ধান্তই সুফল দায়ক নহয়৷ কিয়নো বহু সময়ত ঐতিহাসিক অনুসন্ধান ধর্মীয় বিশ্বাস বর্ণগত ধাৰণা বা নানা ধৰণৰ আৱেগিক উপাদনেৰে প্ৰভাৱান্বিত হ’ব পাৰে। লর্ড ব্ৰাইচৰ মতে, ‘Historical investigation may be influenced by religious belief, racial prejudices and many other emotional features.’

২। ঐতিহাসিক মতবাদে ইতিহাসৰ ভিত্তিত বৰ্তমানৰ ধাৰণা আলোচনা কৰোতে পৰিস্থিতিৰ ওপৰত গুৰুত্ব প্রদান নকৰে। যাৰ ফলত ইয়াৰ সৰহভাগ সিদ্ধান্তই অকার্যকৰী হয়।

৩। ঐতিহাসিক মতবাদে বর্ণনাতহে অধিক গুৰুত্ব দিয়ে। বিশ্লেষণত নহয়। যাৰ বাবে অধ্যয়নৰ এক পদ্ধতি হিচাপে ইয়াৰ মূল্য কমিছে। 

৪। ইতিহাসৰ সকলো তথ্য বিচাৰি উলিওৱা কঠিন হয়। কাৰণ বিভিন্নজনে বিভিন্নভাৱে ইতিবাচক বিশ্লেষণ কৰে। 

6. Mention four characteristics of historical approach.

Ans: ঐতিহাসিক দৃষ্টিভংগী পৰ্যালোচনা কৰিলে ইয়াৰ কিছুমান বৈশিষ্ট্যলৈ আঙুলিয়াব পাৰি—

(ক) ঐতিহাসিক দৃষ্টিভংগী অনুষ্ঠানকেন্দ্ৰিক। ই মূলতঃ ৰাষ্ট্ৰ আৰু ৰাজনৈতিক অনুষ্ঠানবোৰৰ বিষয়ে আলোচনা কৰে।

(খ) ঐতিহাসিক দৃষ্টিভংগী বহু পৰিমাণে বর্ণনাত্মক। ই বিভিন্ন ঘটনাৰ উদ্ভৱ বিকাশ আদিবোৰ বৰ্ণনা কৰে। এই দৃষ্টিভংগীৰ সমৰ্থকসকেল নানা উৎসৰ পৰা তথ্য আদি গ্ৰহণ কৰি নিজৰ বুদ্ধি বিবেচনাৰ জৰিয়তে সেইবিলাকৰ ব্যাখ্যা দাঙি ধৰে।

(গ) ঐতিহাসিক দৃষ্টিভংগীৰ সিদ্ধান্তবোৰ পৰ্যবেক্ষণৰ দ্বাৰা গৃহীত। ইয়াত পূৰ্ব পৰিকল্পনা বা কল্পনাৰ স্থান কম। অতীতৰ বিভিন্ন ঘটনাৰ পর্যবেক্ষণ কৰি তাৰ পৰাহে সাধাৰণীকৰণ কৰি সিদ্ধান্ত গ্ৰহণ কৰা হয়।

(ঘ) ঐতিহাসিক দৃষ্টিভংগীৰ সমৰ্থকসকলে অধিক বুৰঞ্জী প্ৰৱণতাক সমৰ্থন কৰে। ইয়াৰ মূল লক্ষ্য হ’ল বুৰঞ্জীৰ সহায়ত ৰাজনীতি বিজ্ঞানৰ আলোচনা কৰা। অতীতৰ পৰিঘটনাৰ ভিত্তিতহে বৰ্তমানৰ ব্যাখ্যা আগবঢ়োৱা হয়। এই তত্বৰ প্ৰবক্তাসকলৰ মতে, ‘One can know the origin and development of the existing political institutions only from history and that knowledge of the origin and development of the institution are essential for future action.’

(ঙ) ঐতিহাসিক দৃষ্টিভংগীৰ প্ৰবক্তাসকলে ৰাজনৈতিক অধ্যয়ন তথা বিশ্লেষণৰ বাবে আগমনাত্মক পদ্ধতিৰ প্ৰয়োগ কৰে। এওঁলোকে বিভিন্ন বিশেষ ঘটনাৰ পৰ্যবেক্ষণ কৰিহে এক সাধাৰণ তত্ব প্রতিষ্ঠা কৰে।

7. ৰাজনৈতিক তত্ত্ব অধ্যয়নৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ১। ৰাজনৈতিক তত্ত্ব অধ্যয় কৰি দায়িত্বশীল নাগৰিক নিৰ্মাণ কৰিব পাৰি।

২। সমসাময়িক ৰাজনৈতিক আলোচনাৰ সঠিক গতিপথ নিৰ্ণয় কৰিব পাৰি।

৩। বিকাশৰ চৰিত্ৰৰ উন্মোচন কৰিব পাৰি। গণমাধ্যম সমূহক সঠিক গতিপথ প্রদান কৰা ইত্যাদিত সহায় কৰিব পাৰে।

8. আমি ৰাজনৈতিক তত্ত্ব কিয় অধ্যয়ন কৰিব লাগে ?

উত্তৰঃ ১। ৰাজনৈতিক তত্ত্বই সামাজিক জীৱনৰ সকলো দিশ সামৰি লয়।

২। এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত নাগৰিক হিচাপে ৰাষ্ট্ৰৰ, ৰাষ্ট্ৰপতি, বৈদেশিক নীতি, ৰাষ্ট্ৰ পৰিচালনাৰ বিষয়ে, ৰাজনৈতিক দল সম্পর্কে জ্ঞান আহৰণ কৰিবই লাগিব।

৩।ৰাজনৈতিক তত্বই আমাক প্রয়োজনীয় জ্ঞানখিনিৰ যোগান ধৰিব।

৪। ৰাজনৈতিক তত্বই নতুন নতুন ধ্যান-ধাৰণা সৃষ্টিত সহায় কৰে।

৫।ৰাজনৈতিক তত্বই আমাক ন্যায় বা সমতা সম্পর্কে প্রণালীবদ্ধ জ্ঞান লাভ কৰাত সহায় কৰে।

9. ৰাজনীতিৰ কিছুমান বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ১। ৰাজনীতি কাৰ্যপালকৰ সৈতে জড়িত থাকে। এই কার্যকলাপ ৰাজহুৱা জীৱনত ব্যক্তিৰ কাৰ্যকলাপক বুজায়।

২।ৰাজনীতি ৰাজনৈতিক অথবা ইয়াক প্ৰভাৱিত কৰা বিভিন্ন বিষয় আৰু কাৰকৰ সৈতে জড়িত।

৩।ৰাজনীতি । ৰাজনৈতিক প্ৰকৃতিৰ ব্যৱস্থা এটাত থাকে।

৪। ৰাজনীতি যিসকলে নির্দেশ প্রদান কৰে আৰু যিসকলে নির্দেশ গ্ৰহণ কৰে এই ৰাজনৈতিক সম্পৰ্কৰ আৰ্হিৰ সৈতে জড়িত।

৫। চৰকাৰ ইয়াৰ অনুষ্ঠানসমূহ, নীতি-নিয়ম পদ্ধতি আদি ৰাজনীতিৰ অন্তৰ্ভুক্ত।

10. ৰাজনীতি বিজ্ঞানৰ পৰিসৰৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ১। ৰাষ্ট্ৰ, চৰকাৰ আৰু জনসাধাৰণ: ৰাজনীতি বিজ্ঞানে ৰাষ্ট্ৰ, চৰকাৰৰ লগতে জনসাধাৰণকো সাঙুৰি লয়। জনসমষ্টি ব্যতিৰেকে কোনো ৰাষ্ট্ৰ বৰ্তিব নোৱাৰে। ৰাষ্ট্ৰৰ উৎপত্তিও জনকল্যাণৰ বাবেই। আকৌ, জনসাধাৰণৰ ভাৱ চিন্তাৰ দ্বাৰা ৰাষ্ট্ৰৰ চৰকাৰ প্ৰভাৱান্বিত হয়। গতিকে ৰাষ্ট্ৰ আৰু চৰকাৰৰ অধ্যয়ন স্বাভাৱিকতে জনসাধাৰণৰ বিষয়ে অধ্যয়নত পৰিণত হয়। ৰাষ্ট্ৰৰ কৰ্তৃত্ব আৰু নাগৰিকসকলৰ স্বতন্ত্রতাৰ ভাৰসাম্য স্থাপনৰ উপায় উদ্ভাৱন কৰি কাৰ্যত পৰিণত কৰাটো ৰাজনীতি বিজ্ঞান অধ্যয়নৰ মূল লক্ষ্যসমূহৰ অন্যতম।

২। ৰাজনৈতিক তত্ব: ৰাজনৈতিক তত্ব ৰাজনীতি বিজ্ঞানৰ সাৰ বস্তু। ৰাজনীতি বিজ্ঞানবিদ, দার্শনিকসকলে কৰা চিন্তা আৰু গৱেষণা আৰু ৰাজনৈতিক আদৰ্শৰ প্ৰৱক্তাসকলৰ মতবোৰ সামৰি ৰাজনৈতিক তত্ব অংশটো গঠিত হৈছে। ৰাজনীতি বিজ্ঞানৰ ছাত্ৰসকলে তেওঁলোকৰ অধ্যয়ন ৰাজনৈতিক তত্বৰে আৰম্ভ কৰিব লাগে।

৩। ৰাজনৈতিক অনুষ্ঠান: ৰাজনৈতিক অনুষ্ঠান বুলিলে সংবিধান, তুলনামূলক চৰকাৰ, জন প্রশাসন, স্থানীয় স্বায়ত্তশাসন ব্যৱস্থা আৰু চৰকাৰৰ বিভিন্ন অংগ আদি বুজায়।

৪। ৰাজনৈতিক গতিবিজ্ঞান: মানৱ চৰিত্ৰ আৰু সমাজ ব্যৱস্থা দুয়োটাই গতিশীল। ফলস্বৰূপে চৰকাৰৰ ব্যৱস্থা আৰু ৰাষ্ট্ৰও গতিশীল হয়।

৫। আন্তর্জাতিক সম্পৰ্ক আৰু আন্তর্জাতিক আইন: আধুনিক কালত পৃথিৱীৰ ৰাষ্ট্ৰসমূহৰ মাজত ঘনিষ্ঠ সম্পর্ক স্থাপিত হৈছে। সেয়ে কোনো ৰাষ্ট্ৰই আন ৰাষ্ট্ৰসমূহৰ পৰা সম্পূৰ্ণ পৃথকভাৱে থাকিব নোৱাৰে।

11. ৰাজনীতি বিজ্ঞানৰ প্ৰকৃতিৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ ১। এবিধ সমাজ বিজ্ঞান: সমাজবিজ্ঞান সমূহৰ অধ্যয়নৰ মূল বিষয়বস্তু ব্যক্তি আৰু সমাজ। ৰাজনীতি বিজ্ঞান ব্যক্তি আৰু সমাজৰ সৈতে ওতঃপ্রোতভাৱে জড়িত হোৱা কাৰণে ইয়াৰ সমাজ বিজ্ঞানসমূহক অন্যতম বুলি জ্ঞান কৰা হয়।

২। ৰাষ্ট্ৰৰ বিজ্ঞান: ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ বিষয়বস্তুলৈ মন কৰিলে দেখা যায় যে ই মূলতঃ ৰাষ্ট্ৰৰ বিষয়ে অধ্যয়নত দৃষ্টি নিবদ্ধ কৰি ৰাখে।

৩। চৰকাৰৰ বিজ্ঞান: ড° ষ্টিফেন লীকক প্ৰমুখ্যে ভালেমান লিখকৰ মতে ৰাজনীতি বিজ্ঞানৰ বিষয়বস্তু একমাত্ৰ চৰকাৰ। তেওঁলোকে ৰাষ্ট্ৰৰ বিষয়ে কৰা যিকোনো অধ্যয়ন প্ৰকৃততে চৰকাৰৰ অধ্যয়নত পৰিণত হয় বাবেই এনে মত পোষণ কৰে।

৪। ক্ষমতাৰ বিজ্ঞান: ক্যাপলাপ, মিলাৰ, অষ্টিনবেৰি আদি পণ্ডিতসকলে ৰাজনীতি বিজ্ঞানক মতবিৰোধ, অনৈক্য, সংঘাত, ক্ষমতা আদিক বিজ্ঞান বুলি অভিহিত কৰে।

৫। গতিশীল বিজ্ঞান: গতিশীলতা ৰাজনীতি বিজ্ঞানৰ আন এটা বৈশিষ্ট্য। মানৱ চৰিত্ৰ আৰু সমাজৰ গতিশীলতাৰ বাবে চৰকাৰ ব্যৱস্থা আৰু ৰাষ্ট্ৰত গতিশীল হয়।

৬। বিজ্ঞান আৰু কলা দুয়োবিধৰ উপাদানযুক্ত বিষয়: ৰাজনীতি বিজ্ঞানত বিজ্ঞান আৰু কলা দুয়োবিধ উপাদানৰ উপস্থিৰি বাবে ইয়াক বৈজ্ঞানিক আৰু কলাসুলভ চৰিত্ৰৰ বিষয়ে বিভিন্ন মত পোৱা যায়।

12. বিজ্ঞান হিচাপে ৰাজনীতি বিজ্ঞানৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ বাৰ্ক, মেটলেণ্ড আদি পণ্ডিতসকলৰ মতে, ৰাজনীতি বিজ্ঞান বিজ্ঞানৰ মৰ্যাদা লাভৰ উপযুক্ত নহয়। তেওঁলোকৰ মতে, ৰাজনীতি বিজ্ঞানৰ বিষয়বস্তু, অধ্যয়ন প্ৰণালী, সিদ্ধান্ত আদিৰ সৈতে জড়বিজ্ঞানৰ বিষয়বস্তু, সিদ্ধান্ত আদিৰ কোনো মিল নাই। বঁড়া, হবছ, বাণ্টছলি আদি আন কেতবোৰ পণ্ডিতে ৰাজনীতি বিজ্ঞানক বিজ্ঞান বুলিয়েই গণ্য কৰে। তেওঁলোকৰ মতে, সুদক্ষ পৰ্যবেক্ষণৰ জৰিয়তে সমগ্ৰ জনসাধাৰণকে গৱেষণাগাৰ হিচাপে গ্ৰহণ কৰিলে ৰাজনীতি বিজ্ঞানৰ ক্ষেত্ৰতো সঠিক সিদ্ধান্তত উপনীত হ’ব পৰা যায়।

13. কলা হিচাপে ৰাজনীতি বিজ্ঞানৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ বহুতে ৰাজনীতি বিজ্ঞানক কলাৰ অন্তৰ্গত বুলি ভাবে আৰু কোনো কোনোৱে ইয়াৰ গাত বিজ্ঞান আৰু কলা দুয়োবিধৰ উপাদান মিশ্ৰিত আছে বুলি মত প্ৰকাশ কৰে। অধ্যয়নলব্ধ অভিজ্ঞতা আৰু মানৱীয় কৌশলৰ সমন্বয়ত কলাৰ সৃষ্টি হয়। সংবিধান প্ৰস্তুতকৰণ, আইন প্রণয়ন, আইন শৃংখলা ৰক্ষা, অন্য ৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক ৰক্ষা আদি কামত ৰাজনীতিক তাত্বিক দিশৰ লগত মানৱীয় কৌশলৰ সমন্বয় ঘটে। তদুপৰি, জন্মগত গুণ আৰু অনুশীলনৰ দ্বাৰাও ৰাজনীতিকাৰীসকলে কলাকাৰসকলৰ নিচিনা উৎকর্ষ সাধিত কৰিব পাৰে। এনেবোৰ কাৰণত ৰাজনীতি বিজ্ঞানক কলাবিদ্যা বুলিব পাৰি। প্ৰকৃতাৰ্থত ৰাজনীতি বিজ্ঞানত বিজ্ঞান আৰু কলাৰ উপাদানৰ সুন্দৰ সংমিশ্রণ ঘটা বুলি ক’ব পৰা যায়।

14. ৰাজনৈতিক দর্শন মানেনো কি ?

উত্তৰঃ ৰাষ্ট্ৰৰ দার্শনিক তাৎপর্য বিশ্লেষণেই হ’ল ৰাজনৈতিক দৰ্শনৰ উদ্দেশ্য। ৰাজনৈতিক জীৱনৰ ব্যৱহাৰিক বিষয় সম্পর্কে কোনো আলোচনা এই শাস্ত্ৰত কৰা নহয় । মুঠতে ৰাজনৈতিক দৰ্শনৰ আলোচনা ভাৱভিত্তিক। ৰাষ্ট্ৰৰ ব্যৱহাৰিক আলোচনা ৰাজনৈতিক দৰ্শনত কৰিব নোৱাৰি। ৰাজনৈতিক দৰ্শনে ৰাজনৈতিক চিন্তাধাৰাৰ বিষয়েহে অধ্যয়ন কৰে; ইয়াত ৰাজনৈতিক অনুষ্ঠানবিলাকৰ বিষয়ে অধ্যয়ন কৰা নহয়। গতিকে যি বিষয়ত ৰাষ্ট্ৰৰ গঠন, সৃষ্টি, উদ্দেশ্য, ৰাজনৈতিক অনুষ্ঠান আদি বিভিন্ন বিষয়ে অধ্যয়ন কৰা হয় তাক ৰাজনৈতিক দর্শন আখ্যা দিয়া হয়।

1 thought on “Understanding Political Theory Unit 1 ৰাজনীতি কি? ৰাজনৈতিকৰ তাত্ত্বিককৰণ”

  1. UNDERGRADUATE ENGLISH MEDIUM STUDENTS R KARONE ENGLISH T QUESTION ANSWER PALE VAL LGILE HOI PLEASE PARILE ENGLISH T DIBO

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top