Understanding Political Theory Unit 1 ৰাজনীতি কি? ৰাজনৈতিকৰ তাত্ত্বিককৰণ

Understanding Political Theory Unit 1 ৰাজনীতি কি? ৰাজনৈতিকৰ তাত্ত্বিককৰণ Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Understanding Political Theory Unit 1 ৰাজনীতি কি? ৰাজনৈতিকৰ তাত্ত্বিককৰণ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Understanding Political Theory Unit 1 ৰাজনীতি কি? ৰাজনৈতিকৰ তাত্ত্বিককৰণ Question Answer can be of great value to excel in the examination.

Join Telegram channel

Understanding Political Theory Unit 1 ৰাজনীতি কি? ৰাজনৈতিকৰ তাত্ত্বিককৰণ

Understanding Political Theory Unit 1 ৰাজনীতি কি? ৰাজনৈতিকৰ তাত্ত্বিককৰণ Notes cover all the exercise questions in UGC Syllabus. The Understanding Political Theory Unit 1 What is Politics: Theorizing the ‘Political provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Essay Type Question (10 mark each)

1. Critically discuss the behavioural approach to the study of political science.

Or

What is behaviouralism ? Discuss its nature and characteristics ?

Ans: আচৰণবাদী দৃষ্টিভংগী: দ্বিতীয় মহাযুদ্ধৰ আগতে আমেৰিকাত আচৰণবাদ সম্পর্কে অধ্যয়ন আৰম্ভ হৈছিল। এই চিন্তাধাৰাৰ লগত জড়িত ছাৰ্লচ মেৰিয়াম, মেক্স ওৱেবাৰ, আৰ্থাৰ বেণ্টলি, ডেভিদ ইষ্টোন আদি চিন্তাবিদসকলে পৰম্পৰাগত পদ্ধতিৰ পৰিৱৰ্তে এই নতুন পদ্ধতি প্রয়োগ কৰি ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰিছিল।

আচৰণবাদৰ অৰ্থ: বৈজ্ঞানিক ভিত্তিত ৰাজনীতি বিজ্ঞান অধ্যয়নক আচৰণবাদ বুলি ক’ব পাৰি। ৰাষ্ট্ৰ, চৰকাৰ, আইন, আদর্শবাদ আদি অধ্যয়নৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে এনে অনুষ্ঠানৰ লগত জড়িত ৰাজনৈতিক দল, প্ৰভাৱ গোষ্ঠী, ভোটদাতাৰ আচৰণ আদিৰ ওপৰতহে আচৰণবাদীয়ে বৈজ্ঞানিক ভিত্তিত পৰীক্ষা-নিৰীক্ষাৰ যোগেদি অধ্যয়ন কৰে আৰু সিদ্ধান্ত গ্রহণ কৰে। মানুহৰ আচৰণৰ এক বাস্তবভিত্তিক অধ্যয়ন কৰোতে আচৰণবাদে প্ৰমূল্য নিৰপেক্ষ অধ্যয়নৰ পোষকতা কৰে আৰু অন্যান্য প্ৰাকৃতিক বিজ্ঞানৰ দৰে পৰিসংখ্যা, পৰিমাপ, মডেল আদিৰ সহায়ত তত্ত্ব উদ্ভাৱনৰ ওপৰত গুৰুত্ব দিয়ে।

দলৰ মতে “আচৰণবাদী দৃষ্টিভংগী হ’ল বিভিন্ন প্রক্রিয়া, তত্ত্ব আৰু প্ৰামাণিক মানদণ্ডৰ সহায়ত ৰাজনৈতিক জীৱনৰ দিশসমূহ ব্যাখ্যা কৰিবলৈ বিচাৰি সেই বিষয়ৰ জ্ঞানৰ প্ৰগতি সাধনৰ এক প্ৰচেষ্টা।” 

ট্রুমেনৰ (Truman) মতে আচৰণবাদ দেশৰ শাসন ব্যৱস্থা আৰু গোষ্ঠীৰ কাৰ্যকলাপৰ লগত জড়িত।

(Heing Eulou) ইউৰোপৰ মতে– “আধুনিক আচৰণ বিজ্ঞান কেৱল মানুহৰ কাৰ্যকলাপৰ লগতেই প্ৰধানকৈ জড়িত নাথাকি ইয়াৰ ব্যৱস্থাপক আৰু মূল্যাংকন প্রক্রিয়াতো জড়িত থাকে।

পাৰ্মাৰৰ মতে “আচৰণবাদে অভিজ্ঞতাবাদী অধ্যয়নৰ ওপৰত গুৰুত্ব দিয়ে।”

আচৰণবাদৰ বৈশিষ্ট্য—

আচৰণবাদৰ প্ৰধান বৈশিষ্ট্যবোৰ হৈছে— বিজ্ঞানসম্মত পদ্ধতি গ্রহণ : আচৰণবাদে ৰাজনৈতিক কার্যকলাপ অধ্যয়নৰ বিষয়ত বিজ্ঞানসন্মত পদ্ধতি অনুসৰণ কৰে। ৰাজনৈতিক ঘটনাসমূহৰ বিশ্লেষণ, শ্রেণীবিভাগ, পৰিমাণ আৰু পৰিমাপৰ ওপৰত ই গুৰুত্ব দিয়ে। পৰীক্ষা-নিৰীক্ষাৰ যোগেদিহে সিদ্ধান্তত উপনীত হোৱাত এই দৃষ্টিভংগীয়ে গুৰুত্ব প্ৰদান কৰে।

২। ব্যক্তিকেন্দ্রিক: আচৰণবাদে আনুষ্ঠানিক সংগঠনৰ পৰিৱৰ্তে ব্যক্তিৰ আচৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কিন্তু ব্যক্তিক অকলশৰে অধ্যয়ন কৰাৰ পৰিৱৰ্তে অনুষ্ঠানৰ সদস্য হিচাপেহে অধ্যয়ন কৰা হয়। ব্যক্তিৰ আচৰণ বেলেগ বেলেগ হ’লেও অনুষ্ঠানৰ সদস্য হিচাপে তেওঁলোকৰ আচৰণৰ মাজত কিছু সাদৃশ্য পৰিলক্ষিত হয়। মানুহৰ আচৰণৰ অন্তৰালত থকা নিয়মসমূহ সৰলীকৰণ কৰিব পাৰি আৰু বিজ্ঞানসন্মত ব্যাখ্যা আগবঢ়াব পাৰি।

৩। নৈতিক প্ৰমূল্যবিহীন: আচৰণবাদে ৰাজনৈতিক বাস্তবতাৰ ব্যাখ্যাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু নৈতিক প্ৰমূল্যৰ ওপৰত গুৰুত্ব আৰোপ নকৰে। নৈতিক প্ৰমূল্যসমূহ বিজ্ঞানসম্মতভাৱে অধ্যয়ন কৰিব নোৱাৰি বাবে বাস্তৱতাক প্ৰমূল্যৰ পৰা আঁতৰাই ৰাখিব লাগে।

৪। বৈজ্ঞানিক সূত্র: এই দৃষ্টিভংগীৰ মতে ৰাজনৈতিক বিশ্লেষণ তত্ত্বভিত্তিক হ’ব লাগে। প্রণালীবদ্ধ তত্ত্ব উদ্ভাৱন কৰাটো আচৰণবাদৰ মূল লক্ষ্য। কোনো ঘটনাৰ ব্যাখ্যা তত্ত্বই দিব পাৰে। লগতে তত্ত্বই ঘটনাৰ পূৰ্বাভাষ বা ভৱিষ্যৎবাণী কৰিব পাৰে। তত্ত্বত উপনীত হ’ব নোৱাৰা ৰাজনৈতিক বিশ্লেষণ অর্থহীন।

৫। সমাজ বিজ্ঞানৰ মাজত পাৰস্পৰিক সম্পর্ক: এই দৃষ্টিভংগীয়ে সমাজবিজ্ঞানসমূহৰ মাজত সম্পৰ্ক ৰক্ষা কৰাৰ পোষকতা কৰে। অন্যান্য সমাজ বিজ্ঞানসমূহৰ লগত যেনে— সমাজ শাস্ত্র, মনস্তস্ব, অর্থনীতি আদিৰ লগত আৰু ইয়াৰ তত্ত্ব পদ্ধতি আদিৰ লগত সম্পৰ্ক ৰাখি চলিলেহে ৰাজনৈতিক বিশ্লেষণ সম্পূৰ্ণ হ’ব। সমাজ বিজ্ঞানৰ সকলো দিশতে মানৱ আচৰণ প্রতিফলিত হয় বাবে সেইবোৰৰ অধ্যয়নো প্রয়োজন।

৬। পদ্ধতিগত বিপ্লব: আচৰণবাদে পদ্ধতি প্রয়োজনৰ ওপৰত গুৰুত্ব দিয়ে। আচৰণবাদীসকলে তথ্য নিৰীক্ষণ, জৰীপ, পৰিমাপ, পৰিসংখ্যা অধ্যয়ন আদি পদ্ধতি গ্ৰহণ কৰি সিদ্ধান্তত উপনীত হ’বলৈ বিচাৰে। এই বিষয়ত গৱেষকসকলে পদার্থ বিজ্ঞান, অংক শাস্ত্র, পৰিসংখ্যা বিভাগৰ পৰা তথ্য সংগ্ৰহ কৰে।

৭। প্রতিবাদী আন্দোলন: আমেৰিকা যুক্তৰাষ্ট্ৰত এই আচৰণবাদে ছোভিয়েট ৰাছিয়াৰ সাম্যবাদৰ বিৰুদ্ধে প্ৰসাৰতা লাভ কৰিছিল।

আচৰণবাদৰ প্ৰকৃতি আৰু দিশ: আচৰণবাদৰ বৈশিষ্ট্যসমূহত ইয়াৰ প্ৰকৃতি আৰু দিশৰ প্ৰতিফলন ঘটিছে। ইয়াৰ উপৰিও আচৰণবাদৰ কিছুমান নির্দিষ্ট দিশ আৰু প্ৰকৃতি আছে। সেইবোৰ হ’ল—

১। বৈজ্ঞানিক পদ্ধতি প্রয়োগৰ জৰিয়তে সমাজ বিজ্ঞান অধ্যয়ন হোৱা যুগুত। আচৰণবাদে বিশ্বাস কৰে যে বিজ্ঞানসন্মত পদ্ধতিয়ে নিৰ্দিষ্ট আৰু নিশ্চিত সিদ্ধান্তলৈ অহা সম্ভৱ।

২। কৌশলৰ প্ৰয়োগ: প্রাকৃতিক বিজ্ঞানৰ ব্যৱহাৰ কৰা সা সঁজুলি অধ্যয়নৰ বাবে পৰিমাপ, পৰিসংখ্যা বিশ্লেষণ আৰু নমুনা সংগ্রহ, জৰীপ আদিৰ কৌশল প্রয়োগৰ ওপৰত আচৰণবাদে গুৰুত্ব দিয়ে।

৩। ব্যক্তিৰ আচৰণৰ তাত্ত্বিক আৰু অভিজ্ঞতালব্ধ আলোচনা: মানুহৰ আচৰণ অধ্যয়ন কৰি যিবোৰ সিদ্ধান্তলৈ আহিব পৰা যায় সেইবোৰ একে পৰিস্থিতিত সকলো মানুহৰ বাবে ভৱিষ্যতে প্রযোজ্য হ’ব। ইয়াৰ যোগেদি সাধাৰণীকৰণ সম্ভৱ হ’ব।

৪। অধ্যয়নৰ সিদ্ধান্তবাৰৰ প্ৰমাণযোগ্যতা: সিদ্ধান্ত বা তত্ত্বসমূহ পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা প্ৰমাণ কৰিব পৰা হ’ব লাগে। এজনৰ গৱেষণাৰ সিদ্ধান্ত আন এজনৰ সিদ্ধান্তৰ লগত সাদৃশ্য থাকিব লাগে।

৫। একৰূপতা: মানুহৰ আচৰণ একে নহ’লেও ৰাজনৈতিক বিষয়ত এক উমৈহতীয়া আচৰণ দেখা যায়। এই উমৈহতীয়া বা এক আচৰণে সাধাৰণীকৰণ কৰাত বা তত্ত্ব উদ্ভাৱনত সহায়ক হয়।

৬। প্ৰমূল্য আৰু প্ৰমূল্যবিহীন: আচৰণবাদে প্রমূলাভিত্তিক অধ্যায় আৰু প্ৰমূল্যবিহীন অধ্যয়নৰ মাজত পাৰ্থক্য লক্ষ্য কৰে আৰু প্রমূল্যবিহীন বিষয়ত প্রাধান্য দিয়ে।

৭। প্রাকৃতিক বিজ্ঞান: আচৰণবাদী সকলে ৰাজনীতি অধ্যয়নত প্রাকৃতিক বিজ্ঞানৰ দৃষ্টিভংগী গ্ৰহণ কৰাত গুৰুত্ব দিয়ে। ইয়াৰ যোগেদিহে ৰাজনৈতিক আচৰণত সমৰূপ আইন উদ্ভাৱনত সহায়ক হয়।

৮। সমন্বয়: আচৰণবাদে ৰাজনীতি বিজ্ঞান আৰু অন্যান্য সমাজ বিজ্ঞানৰ মাজত সমন্বয় সাধন হোৱাটো বিচাৰে। সমাজ বিজ্ঞানৰ সকলো বিষয়তে মানৱীয় আচৰণ জড়িত। সমাজ বিজ্ঞানৰ ঘটনাসমূহে ৰাজনৈতিক জীৱনতো প্ৰভাৱ পেলায়।

সমালোচনা: সমালোচকসকলে বিভিন্ন দৃষ্টিকোণৰ পৰা আচৰণবাদৰ সমালোচনা কৰিছে।

১। সংজ্ঞাৰ অভাৱ: এক সুকীয়া দৃষ্টিভংগী গ্রহণ কৰিলেও আচৰণবাদীসকলে ফলাফলতকৈ বিভিন্ন কৌশল গ্রহণত অধিক গুৰুত্ব প্ৰদান কৰে। কৌশলৰ ওপৰত গুৰুত্ব দিবলৈ যাওঁতে সমস্যাসমূহৰ সমাধানৰ ওপৰত গুৰুত্ব কমি যায়।

২। কৌশলৰ ওপৰত অত্যধিক গুৰুত্ব: আচৰণবাদীসকলে ফলাফলতকৈ বিভিন্ন কৌশল গ্রহণত অধিক গুৰুত্ব প্ৰদান কৰে। কৌশলৰ ওপৰত গুৰুত্ব দিবলৈ যাওঁতে সমস্যাসমূহৰ সমাধানৰ ওপৰত গুৰুত্ব কমি যায়।

৩। বিশ্বজনীন নহয়: ৰাজনীতি বিজ্ঞানে সমগ্ৰ বিশ্বৰ বিষয়বস্তু সামৰি লয় বাবেই বিশ্বজনীন। কিন্তু আচৰণবাদীসকলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰী ব্যৱস্থা, সমাজ ব্যৱস্থা, সামূহিক আচৰণ, ৰাজনৈতিক প্ৰক্ৰিয়াৰ বিষয়েহে অধ্যয়ন কৰে। এই অর্থত ই সংকীর্ণ।

৪। সামাজিক অনুষ্ঠানৰ গুৰুত্ব অস্বীকাৰ: আচৰণবাদীসকলে ভোটাৰৰ আচৰণ আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে যদিও ভোটাধিকাৰ নোপোৱা লোকৰ সংগঠনক আৰু আচৰণক গুৰুত্ব দিয়া নাই।

৫। প্রমূল্যভিত্তিক বিষয়ত অৱহেলা: আচৰণবাদীসকলে প্রমূল্যভিত্তিক অধ্যয়ন কৰি প্ৰমূল্যবিহীন অধ্যয়নৰ পোষকতা কৰে। কিন্তু ৰাজনীতিত প্ৰমূল্যৰ গুৰুত্ব অস্বীকাৰ কৰিব নোৱাৰি। সৎ আদর্শ, সুন্দৰ জীৱন-যাপনৰ আদৰ্শ নাথাকিলে ৰাজনীতি বিজ্ঞান হৃদয়বিহীন যন্ত্ৰ মানৱৰ অধ্যায়লৈ পৰিৱৰ্তিত হ’ব।

৬। ৰক্ষণশীল: আচৰণবাদীসকলে সমাজৰ কিছুমান জ্বলন্ত সমস্যাক আওকাণ কৰি পদ্ধতি আৰু কৌশলৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ফলস্বৰূপে ভয়াৱহ যুদ্ধ, নিৰক্ষৰতা, দুর্ভিক্ষ, পুষ্টিহীনতা আদি বিষয়ত গুৰুত্ব নিদিয়ে।

৭। ব্যক্তিৰ আচৰণৰ ওপৰত গুৰুত্ব: ব্যক্তিৰ আচৰণ সুকীয়া সুকীয়া। উমৈহতীয়া আচৰণ থাকিব নোৱাৰে। সময়ে সময়ে পৰিৱৰ্তিত হৈ থকা ব্যক্তিৰ আচৰণ অধ্যয়ন কৰাটো সম্ভৱ নহয়।

৮। ৰাজনীতি বিজ্ঞানৰ পৃথক সত্তা নাথাকে: সকলো সমাজ বিজ্ঞানক পৰস্পৰ সম্পর্কযুক্ত বুলি আচৰণবাদীসকলে বিবেচনা কৰে। একে উমৈহতীয়া পদ্ধতি উদ্ভাৱন কৰিলে ৰাজনীতি বিজ্ঞানে স্বকীয় সত্তা হেৰুৱাব।

৯। বিজ্ঞানসন্মত নহয়: বিজ্ঞানসন্মত বুলি দাবী কৰিলেও আচৰণবাদ বিজ্ঞানসন্মত নহয়। ব্যক্তিৰ আচৰণৰ ওপৰত ই এক বিজ্ঞানসম্মতভাবে বাস্তব চিত্ৰ দাঙি ধৰিব পৰা নাই।

১০। সীমিত আচৰণ: আচৰণবাদ ব্যক্তিৰ আচৰণৰ লগত সীমাবদ্ধ। সেইবাবে অন্যান্য সমস্যাবিলাকৰ বিষয়ে জ্ঞান আহৰণ কৰাত ই সুবিধা নিদিয়ে।

ইয়াৰ উপৰিও পৰিমাণ, পৰিসংখ্যাৰ ওপৰত দিয়া অত্যধিক গুৰুত্বৰ বাবে আৰু বিষয়বস্তুক অধিক বোধগম্য কৰি নোতোলাৰ বাবে আচৰণবাদক সমালোচনা কৰা হয়।

অৱশ্যে পৰম্পৰাগত অধ্যয়নৰ বাহিৰেও ব্যক্তিৰ আচৰণে ৰাজনীতি বিজ্ঞানক প্ৰভাৱান্বিত কৰা দিশ উন্মোচন কৰি আচৰণবাদে ৰাজনীতি বিজ্ঞানৰ অধ্যয়নত এক নতুন দিশৰ সন্ধান দিছে। 

2. Discuss in brief the evolution of Political Theory.

Or

Discuss the development of political science as a discipline after world war II.

Or

Discuss the development of the study of political science. What its present stage ?

Ans: প্রাচীন গ্রীক নগৰ ৰাষ্ট্ৰত ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ আৰম্ভ হয় চক্ৰেটিছৰ পিছত প্লেটোৱে ‘Politics’ নামৰ গ্ৰন্থত আদর্শ ৰাষ্ট্ৰৰ বিষয়ে আলোচনা কৰিছিল। এৰিষ্ট ‘টলে বিজ্ঞানসম্মতভাৱে ‘Poli tics’ নামৰ গ্ৰন্থত ৰাষ্ট্ৰৰ বিষয়ে আলোচনা কৰিছিল।

ইয়াৰ পিছতেই আগষ্টাইন আৰু একুইনাচ উভয়ে ৰাষ্ট্ৰৰ লগত গীৰ্জাৰ সম্বন্ধ আলোচনা কৰিছিল। ১৬শ শতিকাত ফৰাচী দার্শনিক বঁড়েই প্রথমে ৰাজনীতি বিজ্ঞান শব্দটো প্ৰয়োগ কৰিছিল আৰু মেকীয়াভেলীয়ে ৰাষ্ট্ৰ শব্দটো ব্যৱহাৰ কৰিছিল।

বেহাম, হেগেল, মিল, লাস্কি আদিয়ে ৰাজনীতি বিজ্ঞানক দর্শন হিচাপে আলোচনা কৰিছিল। ১৯শ শতিকাৰ শেষৰফালে ৰাজনীতি বিজ্ঞান এটা স্বতন্ত্র বিষয় হিচাপে অধ্যয়ন আৰম্ভ হয়।

আধুনিক কালত ৰাজনীতি বিজ্ঞানৰ চৰ্চা কেৱল ৰাষ্টন আৰু চৰকাৰতে সীমাবদ্ধ নাথাকি বহল পৰিসৰৰ চৰ্চা হ’বলৈ ধৰিলে। ১৯৪৮ চনত UNESCOৰ উদ্যোগত ৰাজনীতি বিজ্ঞানক চাৰিটা বিভাগত বিভক্ত কৰি বিষয়বস্তু নিৰ্ধাৰণ কৰা হৈছিল। এইকেইটা হ’ল—

১। ৰাজনৈতিক তত্ত্ব।

২। ৰাজনৈতিক অনুষ্ঠান।

৩।দল, গোষ্ঠী আৰু জনমত।আৰু

৪। আন্তর্জাতিক সম্পর্ক।

সাম্প্ৰতিক কালত ৰাজনীতি বিজ্ঞান বিষয়ত কেইবাটাও দৃষ্টিভংগী গ্ৰহণ কৰা হৈছে। ইয়াৰ ভিতৰত উদাৰবাদী দৃষ্টিভংগী, মার্ক্সীয় দৃষ্টিভংগী, আচৰণবাদী দৃষ্টিভংগী আদিয়েই প্রধান।

বিজ্ঞানৰ প্ৰসাৰৰ লগে লগে যোগযোগ ব্যৱস্থাৰ উন্নতি হ’ল। ৰাষ্ট্ৰবিলাকৰ মাজত পাৰস্পৰিক বৃদ্ধি পালে আৰু ৰাজনীতি বিজ্ঞানৰ ধ্যান-ধাৰণাৰ পৰিৱৰ্তন ঘটিল, আদর্শবাদৰ ঠাইত বস্তুবাদৰ গুৰুত্ব বৃদ্ধি পালে, পুলিচ ৰাষ্ট্ৰৰ পৰিৱৰ্তে কল্যাণকামী ৰাষ্ট্ৰৰ ধাৰণাই অধিক গুৰুত্ব লাভ কৰিলে। ইয়াৰ উপৰিও ৰাজনীতি বিজ্ঞান পদটি ৰাজনৈতিক পদ্ধতি, ৰাজনৈতিক সংস্কৃতি নামেৰে ব্যৱহাৰ কৰা হ’ল। ৰাজনীতি বিজ্ঞান বিকাশৰ পৰিক্ৰমাত ৰাজনীতি বিজ্ঞানক ৰাজনৈতিক তত্ত্ব আৰু ৰাজনৈতিক দর্শন হিচাপে ৰাজনীতিবিদসকলে ব্যৱহাৰ কৰি আহিছে।

ৰাজনৈতিক বিজ্ঞান বিকাশৰ পৰ্যায়:

অধিক বোধগম্য হোৱাকৈ ৰাজনৈতিক পণ্ডিতসকলে ৰাজনীতি বিজ্ঞানৰ বিকাশৰ ধাৰাক কেইটামান পৰ্যায়ত ভাগ কৰিছে। চাৰ্লচ মেৰিয়াম আৰু বাৰবাৰা স্মিথে ৰাজনীতি বিজ্ঞানক চাৰিটা ভাগত ভাগ কৰিছে।

১। ধ্রুপদী পর্যায় : ১৮৫০ চনলৈ।

২। আনুষ্ঠানিক পর্যায় : ১৮৫০ চনৰ পৰা ১৯০০ চনলৈ।

৩।পৰিৱৰ্তনৰ পৰ্যায় : ১৯০০ চনৰ পৰা ১৯২৩ চনলৈ।

৪। আচৰণবাদী পর্যায় : ১৯২৩ চনৰ পৰা ১৯৬০ চনলৈ। 

এই চাৰিটা ভাগৰ উপৰিও বৰ্তমানকালৰ ৰাজনৈতিক পণ্ডিতসকলে আৰু ৰাজনীতি বিজ্ঞানক আৰু এটা ভাগত ভাগ কৰিছে। এই পঞ্চম ভাগটো হৈছে—

৫। উত্তৰ আচৰণবাদী পর্যায় : ১৯৬০ চনৰ পৰা বৰ্তমানলৈকে।

১। ধ্রুপদী পর্যায় : ১৮৫০ চনলৈ।

প্রাচীন ‘ৰাজনৈতিক চিন্তাবিদসকলে ৰাজনীতি আৰু নৈতিকতাৰ মাজত পাৰ্থক্য নাৰাখিছিল। প্লেটো, এৰিষ্ট’টল, ষ্টইকসকলে আদর্শ ৰাষ্ট্ৰৰ সন্ধান কৰিছিল। মধ্যযুগৰ আগষ্টাইন আদি লেখকে ৰাজনীতি আৰু ধৰ্মক একাকাৰ কৰি খ্ৰীষ্টিয়ান ধৰ্মই পৃথিৱীত ঐশ্বৰিক ৰাষ্ট্ৰ প্রতিষ্ঠা কৰাত গুৰুত্ব আৰোপ কৰিছিল।

এই পৰ্যায়ৰ লিখকসকলে দার্শনিক ঐশ্বৰিক আৰু ঐতিহাসিক পদ্ধতি গ্ৰহণ কৰিছিল। তেওঁলোকে আদৰ্শ আৰু প্ৰমূল্যভিত্তিক বিশ্লেষণত গুৰুত্ব দিছিল। তেওঁলোকে পূর্ব নিৰ্ধাৰিত আদর্শ বা প্ৰমূল্যৰ ভিত্তিত ৰাষ্ট্ৰক আলোচনা কৰিবলৈ বিচাৰে আৰু আদর্শ চানেকি হিচাপে গ্রহণ কৰে। আদৰ্শ ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়োজন হোৱা অনুষ্ঠান আৰু তত্ত্বৰ সন্ধান এই পৰ্যায়ৰ লিখকসকলৰ প্ৰধান বৈশিষ্ট্য।

২। আনুষ্ঠানিক পর্যায় : ১৮৫০-১৯০০ : বিকাশৰ এই পৰ্যায়ত ৰাজনীতি বিজ্ঞান এক স্বতন্ত্র বিজ্ঞান হিচাপে প্রতিষ্ঠা লাভ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰই হপকিন্‌চ (১৮৭৬) মিচিগান আদি বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ দ্বাৰা ৰাজনীতি বিজ্ঞানৰ বিকাশত এক নতুন পর্যায় আৰম্ভ হ’ল। এই পৰ্যায়ত ৰাজনীতি বিজ্ঞানীসকলে ঐতিহাসিক বিশ্লেষণাত্মক আৰু আইনগত আনুষ্ঠানিক দৃষ্টিভংগী গ্ৰহণ কৰিছিল। অষ্টিন, হবছ, বঁড়ে আদিয়ে সার্বভৌম শক্তিৰাষ্ট্ৰৰ বাবে অপৰিহাৰ্য বুলি বিবেচনা কৰিছিল।

চেভিগনি, হেন্‌ৰি মেইন দি লেখকে ৰাজনৈতিক অনুষ্ঠানসমূহক ঐতিহাসিক দৃষ্টিভংগীৰে আলোচনা কৰিছিল। আইন, স্বতন্ত্রতা সমত আদি ধাৰণাসমূহৰ ওপৰত বিশ্লেষণ আৰু তত্ত্ব উদ্ভাৱন কৰা হৈছিল। এই পর্যায়ত আদর্শমূলক উপাদান নিষ্ক্ৰিয় হোৱা নাছিল। সংসদীয় চৰকাৰ, ৰাষ্ট্ৰপতি পৰিচালিত চৰকাৰ আদিৰ সুবিধা অসুবিধাসমূহ আলোচনা কৰা হৈছিল। কিন্তু অনুষ্ঠানসমূহৰ সাংগঠনিক দিশৰ আলোচনা কৰিলেও এই পৰ্যায়ত অনুষ্ঠানসমূহৰ কাৰ্যকাৰিতাৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাছিল।

৩। পৰিৱৰ্তনৰ পৰ্যায় : ১৯০০-১৯২৩: আনুষ্ঠানিক পৰ্যায়ত ৰাজনীতি বিজ্ঞান পুথিভঁড়ালৰ চাৰিবেৰৰ মাজত আৱদ্ধ আছিল। কিন্তু এই পৰ্যায়ত ৰাজনীতি বিজ্ঞানে অনুষ্ঠানৰ কাৰ্যকৰী দিশ আৰু মানুহৰ কর্যকলাপত মনোযোগ দিবলৈ ধৰিলে। ৰাজনৈতিক ক্ষমতা কাৰ হাতত থাকে, ক্ষমতা কেনেকৈ প্ৰয়োগ কৰা হয়, চৰকাৰৰ ওপৰত ইয়াৰ প্ৰভাৱ কেনেকুৱা, নীতি নিৰ্ধাৰণ, ৰাজনৈতিক নেতৃত্বৰ চৰিত্ৰ আৰু প্ৰকাৰ আদি ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ বিষয়বস্তু হৈ পৰিছে। ইয়াৰ উপৰিও ৰাজনৈতিক দল, প্রভাৱ গোষ্ঠী আদি অপাৰম্পৰিক বিষয়ৰ ওপৰত গুৰুত্ব দিয়া হ’ল।

ৰাজনীতি বিজ্ঞানৰ বিষয়বস্তুৰ বৃদ্ধিৰ লগে লগে ইয়াৰ পদ্ধতিৰো সলনি হ’ল। ঐতিহাসিক আৰু Deductive Method বা ধনাত্মক পদ্ধতিৰ পৰিৱৰ্তে নতুন নতুন পদ্ধতি আৰু কৌশলৰ প্ৰয়োগ হ’বলৈ ধৰিলে।

আৰ্থাৰ বেণ্টলি আৰু চাৰ্লচ মেৰিয়াম, লৱেল আদি এই সময়ৰ বিখ্যাত চিন্তাবিদ আছিল। লৱেলেই প্রথমে ৰাজনীতি বিজ্ঞানত পৰিসংখ্যা। পদ্ধতি প্রয়োগ কৰিছিল। বিভিন্ন গোষ্ঠীৰ আচৰণ অধ্যয়ন কৰা আৰু ইয়াৰ বাবে পদ্ধতি অবলম্বন কৰি ৰাজনীতি বুজিবলৈ যত্ন কৰাত বেণ্টলিয়ে গুৰুত্ব দিছিল।

এই পৰ্যায়ত ৰাজনীতি বিজ্ঞানক অন্যান্য সমাজ বিজ্ঞানৰ শাৰীত অন্তর্ভুক্ত কৰি সামগ্রিক অধ্যয়নৰ পথ প্রশস্ত কৰা হৈছিল।

৪। আচৰণবাদী পর্যায় : ১৯২৩-১৯৬০-১৯০০: এই আচৰণবাদী পৰ্যায়ৰ পৰম্পৰাগত পদ্ধতিৰ প্ৰতিবাদী আন্দোলনৰূপে কুৰি শতিকাৰ আৰম্ভণিত আমেৰিকাৰ চিন্তাবিদসকলৰ হাতত প্ৰসাৰতা লাভ কৰে। কুৰি শতিকাৰ পঞ্চাশ আৰু ষাঠি দশকত এই আচৰণবাদে ৰাজনীতি বিজ্ঞানৰ পৰিসৰ আৰু কৌশল প্রয়োগত নতুন পৰিৱৰ্তন আনিলে। আচৰণবাদী সকলে মানুহৰ আচৰণক কেন্দ্ৰবিন্দু হিচাপে ধৰি লৈ বাস্তব ভিত্তিক আৰু বৈজ্ঞানিকভিত্তিক অধ্যয়ন কৰোতে প্ৰমূল্য নিৰপেক্ষ (Value free) অধ্যয়নকগুৰুত্ব দিয়ে। দল ডেভিদ ইষ্টোন (David Estone) মেৰিয়াম (Marium) আদি চিন্তাবিদ এই আচৰণবাদ পৰ্যায়ত বিশেষভাৱে জড়িত।

আচৰণবাদী দৃষ্টিভংগীৰ কিছুমান বৈশিষ্ট্য উল্লেখ কৰিলে এই পৰ্যায়ৰ ৰাজনীতি বিজ্ঞানৰ পৰিসৰ আৰু কৌশলৰ এটা সংক্ষিপ্ত আভাস পোৱা যাব।

আচৰণবাদৰ বৈশিষ্ট্য :

(ক) বিজ্ঞানসম্মত পদ্ধতি গ্রহণ: আচৰণবাদীসকলে মানুহৰ আচৰণ অধ্যয়ন কৰোঁতে বিজ্ঞানসন্মত পদ্ধতি গ্রহণ কৰে। ৰাজনৈতিক ঘটনাসমূহৰ বিশ্লেষণ, শ্রেণীবিভাগ, পৰিমাণ আৰু পৰিমাপৰ ওপৰত গুৰুত্ব দিয়ে।

(খ) ব্যক্তিকেন্দ্রিক: আচৰণবাদ আনুষ্ঠানিক সংগঠনৰ পৰিৱৰ্তে ব্যক্তিৰ আচৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কিন্তু ব্যক্তিক এজন ব্যক্তি হিচাপে অধ্যয়ন নকৰি অনুষ্ঠনৰ সদস্য হিচাপে অধ্যয়ন কৰে। 

(গ) নৈতিক প্রমূল্যবিহীন: আচৰণবাদে নৈতিক প্ৰমূল্যক আঁতৰাই ৰাখি বাস্তৱতাৰ ওপৰত ভিত্তি কৰি ঘটনা বিশ্লেষণৰ পোষকতা কৰে।

(ঘ) বৈজ্ঞানিক সূত্র: কেনো ঘটনাৰ ব্যাখ্যা তত্ত্বই দিব পাৰে। সেইবাবে ৰাজনৈতিক বিশ্লেষণ তত্ত্বভিত্তিক হ’ব লাগে। প্রণালীবদ্ধ তত্ত্ব উদ্ভাৱন আচৰণবাদৰ মূল লক্ষ্য।

(ঙ) সমাজ বিজ্ঞানৰ মাজত পাৰস্পৰিক সম্বন্ধ: সমাজ বিজ্ঞানৰ  সকলো বিষয়ত মানৱ আচৰণ জড়িত থকা বাবে ৰাজনৈতিক বিজ্ঞানক সামগ্রিকভাৱে সমাজ বিজ্ঞান হিচাপে আলোচনা কৰাত আচৰণবাদে গুৰুত্ব দিয়ে।

(চ) পদ্ধতিগত বিপ্লৱ: পদ্ধতি বা কৌশল উদ্ভাৱনৰ ওপৰত আচৰণবাদে বিশেষ গুৰুত্ব দিয়ে। পৰিসংখ্যা, পৰিমাণ, পৰিমাপ আদি পদ্ধতি গ্ৰহণ কৰি প্ৰাকৃতিক বিজ্ঞানৰ দৰে ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰিব পাৰি।

(ছ) প্রগতিবাদী আন্দোলন: সাম্যবাদী আন্দোলনৰ প্ৰতিবাদী আনে দালনৰূপে আমেৰিকাত ই গঢ় লৈ উঠিছিল।

৫। উত্তৰ আচৰণবাদ : ১৯৬০ বৰ্তমানলৈকে : আচৰণবদীসকলে অধ্যয়ন পদ্ধতি আৰু কৌশলৰ ওপৰত অত্যধিক গুৰুত্ব দিছিল যে বহুক্ষেত্ৰত ই বাস্তৱিক মানব জীৱন আৰু সামাজিক জীৱনৰ পৰা বিষয়টোক আঁতৰাই নিছিল। ইয়াৰ ফলস্বৰূপেই উত্তৰ আচৰণবৰ বিকাশ হয় আৰু ৰাজনীতি বিজ্ঞান অধ্যয়নতো পুনৰ কিছুমান প্রমূল্যভিত্তিক আলোচনাই ঠাই পাব ধৰিলে। বিজ্ঞান অধ্যয়নতো পুনৰ কিছুমান প্রমূল্যভিত্তিক আলোচনাই ঠাই পাব ধৰিছে।

উত্তৰ আচৰণবাদৰ বৈশিষ্ট্যঃ

(ক) ই একপ্ৰকাৰ বুদ্ধিজীৱীৰ আন্দোলন আৰু ৰাজনীতি বিজ্ঞান কেৱল আচৰণৰ বিজ্ঞান বুলি তেওঁলোকে বিশ্বাস নকৰে।

(খ) ৰাজনীতি বিজ্ঞান কেতিয়াও প্ৰমূল্যবিহীন হ’ব নোৱাৰে। প্ৰমূল্য ৰাজনীতি বিজ্ঞানৰ এক এৰাব নোৱাৰা বিষয়। আদর্শবিহীন অধ্যয়ন নিষ্ফল হ’বলৈ বাধ্য। সুস্থ আদর্শ হ’লেহে সুস্থ সমাজৰ সম্ভাবনা থাকিব।

(গ) বৰ্তমানৰ সমাজত উদ্ভৱ হোৱা বিভিন্ন জটিল সমস্যা সমাধানৰ পথ উলিয়াই ভৱিষ্যতৰ সমাজ সমস্যামুক্ত কৰাটোৱেই উত্তৰ আচৰণবাদৰ মূল লক্ষ্য। পলায়নবাদী অধ্যয়ন প্রণালীয়ে সমস্যা বৃদ্ধিত সহায়হে কৰিব।

(ঘ) সমাজত বসবাস কৰা ক্ষুদ্র ক্ষুদ্র জাতিসত্বাসমূহৰ অধ্যয়ন কৰা, তেওঁলোকৰ জীৱন ধাৰণৰ প্ৰণালী অধ্যয়ন কৰি সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক সমস্যাসমূহ দূৰীকৰণ কৰা উত্তৰ আচৰণবাদৰ মূল লক্ষ্য।

(ঙ) এই আচৰণবাদে অধ্যয়ন পদ্ধতি আৰু কৌশলৰ ওপৰত অধিক গুৰুত্ব নিদি অধ্যয়নৰ উদ্দেশ্য আৰু ফলাফলৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

3. Discuss about the institution approach to the study of political science.

Or

Discuss the development of the study of political science. What it’s present state ?

Ans: ৰাজনীতি বিজ্ঞান অধ্যয়নৰ পৰম্পৰাগত দৃষ্টিভংগীসমূহৰ ভিতৰত প্রাচীনতম হৈছে আনুষ্ঠানিক দৃষ্টিভংগী। এই আনুষ্ঠানিক দৃষ্টিভংগীয়ে ৰাজনৈতিক বিজ্ঞনৰ আলোচনাত ব্যক্তিৰ পৰিৱৰ্তে অনুষ্ঠানবিলাকৰ অধ্যয়নৰ ওপৰতহে গুৰুত্ব দিয়ে। অর্থাৎ এই দৃষ্টিভংগীৰ মতে ৰাজনীতি বিজ্ঞান অধ্যয়নৰ প্রধান বিষয়বস্তু হৈছে ৰাজনৈতিক অনুষ্ঠানসমূহ। সাধাৰণতে ই সেইবিলাক অনুষ্ঠানৰ কথা সূচায় যিবিলাক ৰাষ্ট্ৰৰ সংবিধান বা চৰকাৰখন যিবোৰ তথ্য পাতিৰ ভিত্তিত প্রতিষ্ঠিত সেইসমূহৰ পৰা সৃষ্ট। ওৱাচবিৰ মতে, চৰকাৰ আৰু ৰাজনীতিৰ আনুষ্ঠানিক দিশটোৰ ওপৰত আনুষ্ঠানিক বা গাঁথনিগত দৃষ্টিভংগীয়ে বিশেষ গুৰুত্ব দিয়ে। এই আনুষ্ঠানিক দৃষ্টিভংগীৰ প্ৰধান পৃষ্ঠপোষকসকলৰ ভিতৰত এৰিষ্টটল, বেগিহট, ওগ’, মনৰো, ফাইনাৰ, লাস্কি, ব্রাইচ আলমণ্ড পাৱেল আদিৰ নাম উল্লেখনীয়। এৰিষ্টটলে বিশ্বৰ ১৫৮ খন দেশৰ সংবিধানৰ তুলনা কৰি চৰকাৰৰ শ্ৰেণীবিভাজন কৰি দেখুৱাইছিল।

আনুষ্ঠানিক দৃষ্টিভংগীয়ে ৰাষ্ট্ৰ, চৰকাৰৰ তিনিটা প্রধান অংগ ক্রমে আইন পালিকা, কাৰ্যপালিকা আৰু ন্যায়পালিকা, ৰাজনৈতিক দল, প্রভাৱগোষ্ঠী, স্বার্থান্বেষী গোটবিলাকৰ অধ্যয়ন সামৰি লয়। এই অনুষ্ঠানবিলাকৰ গঠন, ক্ষমতা আৰু কাৰ্যাৱলীৰ লগতে ইবিলাকৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ বিষয়ৰ আলোচনাও আনুষ্ঠানিক দৃষ্টিভংগীয়ে সামৰি লয়।

আনুষ্ঠানিক দৃষ্টিভংগীৰ এক প্ৰধান বৈশিষ্ট্য হৈছে অনুষ্ঠানবিলাকৰ কার্যকলাপ অধ্যয়ন কৰিবলৈ যাওঁতে ইবিলাকৰ লগত জড়িত ব্যক্তিৰ আচৰণ অধ্যয়নৰ ওপৰত আনুষ্ঠানিক দৃষ্টিভংগীয়ে গুৰুত্ব আৰোপ নকৰে। ব্যক্তিৰ ৰুচি-অভিৰুচিৰ ওপৰত ইয়াত গুৰুত্ব দিয়া নহয়।

ব্যক্তিৰ আচৰণ অপৰিৱৰ্তনীয় বুলি ধৰি অনুষ্ঠানবিলাকৰ কাৰ্যকলাপ অধ্যয়ন কৰাটোৱেই আনুষ্ঠানিক দৃষ্টিভংগীৰ কেন্দ্রীভূত বিষয়। সেয়ে আনুষ্ঠানিক দৃষ্টিভংগীক আলোচনা কৰি ডেভিদ ইষ্টনে কৈছে যে আনুষ্ঠানিক দৃষ্টিভংগীৰ ব্যক্তিক Wooden automation বুলি বিবেচনা কৰা হয়।

এই দৃষ্টিভংগী মধ্যযুগত অধিক প্রভাৱশালী আছিল। গণতন্তৰৰ সমর্থকসকলে ৰাজতন্ত্ৰৰ অৰ্থাৎ ৰজাৰ শাসন ওপৰত অনুষ্ঠানবিলাকৰ প্রাধান্যতা থকাতো বিচাৰিছিল। কিয়নো তেওঁলোকে ধাৰণা কৰিছিল। যে সংবিধান, আইনৰ অনুশাসন, আইনপালিকা আৰু স্বাধীন ন্যায়পালিকাৰ ব্যৱস্থাই ৰজাক স্বেচ্ছাচাৰীভাৱে প্ৰশাসন চলোৱাত হেঙাৰ স্বৰূপে দেখা দিব। সেয়ে গণতান্ত্রিক চিন্তাদিসকলে অনুষ্ঠানবিলাকক সর্বোচ্চ বুলি বিবেচনা কৰিছিল। এই সম্পৰ্কত আৰু হিমেন ফাইনাৰৰ “”Law of the Constitution”. মুনৰোৰ European Government আৰু হিমেন ফাইনাৰৰ “The Theory and Practice of Modern Government” নামৰ গ্ৰন্থসমূহত সবিশেষ ব্যাখ্যা আগবঢ়াইছে।

আনুষ্ঠানিক দৃষ্টিভংগীৰ সুবিধা : 

আনুষ্ঠানিক দৃষ্টিভংগীৰ কেতবোৰ সুবিধা আছে। এই সুবিধবিলাক তলত আলোচনা কৰা হ’ল—

১। আনুষ্ঠানিক দৃষ্টিভংগীয়ে ৰাজতন্ত্ৰ আৰু স্বেচ্ছাচাৰী শাসনৰ বিৰোধিতা কৰি আনুষ্ঠানিক প্রাধান্যতা দিয়াৰ জৰিয়তে গণতান্ত্রিক শাসন ব্যৱস্থা অধিক সবলীকৰণত অৰিহণা যোগাইছে। আধুনিক যুগত গণতন্ত্রক অধিক জনপ্ৰিয় চৰকাৰ বুলি বিবেচনা কৰা হয়।

২। অনুষ্ঠানবিলাকৰ গঠন, ক্ষমতা আৰু কাৰ্যকলাপৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ জৰিয়তে সাংগঠনিক ব্যৱস্থাইহে যে মানৱীয় কার্যকলাপক প্রভাৱিত কৰে সেই কথা আনুষ্ঠানিক দৃষ্টিভংগীয়ে প্ৰতিফলিত কৰে। 

৩। আইনৰ অনুশাসন, ন্যায়িক স্বতন্ত্রতা, সংবিধান, চৰকাৰৰ কৰ্তব্যৰ পৰিধি নিৰ্ধাৰণ আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ জৰিয়তে আনুষ্ঠানিক দৃষ্টিভংগীয়ে ব্যক্তি স্বধীনতা সুৰক্ষিত কৰাৰ বাবে দিক নির্দেশনা দিছে।

আনুষ্ঠানিক দৃষ্টিভংগী অসুবিধা:

আনুষ্ঠানিক দৃষ্টিভংগীক সমালোচকসকলে বিভিন্ন দৃষ্টিকোণৰ পৰা সমালোচনা কৰিছে।

১। আনুষ্ঠানিক দৃষ্টিভংগীয়ে ৰাষ্ট্ৰ, চৰকাৰ আদিৰ দৰে অনুষ্ঠানবিলাকৰ অধ্যয়ন কৰোতে ব্যক্তিৰ আচৰণক অৱজ্ঞা কৰা দেখা যায়। এই ব্যক্তিৰ আচৰণ অধ্যয়ন অবিহনে কেৱল অনুষ্ঠানৰ অধ্যয়নতে সীমাবদ্ধ থাকিলে ৰাজনীতি বিজ্ঞানৰ অধ্যয়ন সম্পূর্ণ নহয়।

২। এই দৃষ্টিভংগীয়ে ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ পৰিসৰ সীমিত কৰি ৰাখিছে। কিয়নো এই দৃষ্টিভংগীয়ে আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানবিলাকৰ অধ্যয়নক আওকাণ কৰি ৰাষ্ট্ৰীয় সংস্থাবিলাকৰ অধ্যয়নতেই ইয়াৰ পৰিসৰ সংকুচিত কৰি ৰাখিছে।

৩। এই দৃষ্টিভংগীৰ আন এক আসোঁৱাহ হ’ল যে বিভিন্ন ধৰণৰ অনুষ্ঠান, সংগঠনবিলাক যে সমাজতাত্বিক উপাদানবিলাকৰ দ্বাৰা প্ৰভাৱিত হয় সেই কথা আনুষ্ঠানিক দৃষ্টিভংগীয়ে অৱজ্ঞা কৰিছে।

৪। কোনবিলাক বিষয় ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ পৰিসৰত অন্তৰ্ভুক্ত বা বহির্ভূত কৰা হ’ব সেই বিষয়ে আনুষ্ঠানিক দৃষ্টিভংগীত এক স্পষ্ট মত দেখা যায়। সেয়ে এই দৃষ্টিভংগীক সমালোচকসকলে এক উন্নত দৃষ্টিভংগী (Standard Approach) বুলি অভিহিত কৰিব নোখোজে।

৫। আনুষ্ঠানিক দৃষ্টিভংগীক এক স্বতন্ত্র দৃষ্টিভংগী বুলি গণ্য কৰিব নোৱাৰি কিয়নো এই দৃষ্টিভংগীয়ে একীভূত ৰূপত অনুষ্ঠানবিলাকৰ বিষয়ে অধ্যয়ন কৰাৰ পৰিৱর্তে নিসংগতাৰ পৰিৱেশতহে অধ্যয়ন কৰাৰ পক্ষপাতিত্ব কৰে।

৬। আনুষ্ঠানিক দৃষ্টিভংগীৰ আন এক দোষ হ’ল যে এই দৃষ্টিভংগীয়ে নতুন তত্ত্ব উদ্ভাৱনত সহায় নকৰে, যিহেতু ৰাজনীতি বিজ্ঞানৰ সকলোবিলাক বিষয়বস্তু ই সামৰি লোৱা নাই, সেয়ে এই দৃষ্টিভংগীৰ দ্বাৰা তত্ত্ব উদ্ভাবন সম্ভৱ নহয়।

ওপৰত আলোচনা কৰা পৰম্পৰাগত দৃষ্টিভংগীৰ যেনেকৈ কিছুমান আসোঁৱাহো আছে। এই দৃষ্টিভংগীৰে ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰিলে বিষয়টোক বর্ণনাত্মক আৰু আনুষ্ঠানিক আলোচনাৰ মাজত সীমাবদ্ধ কৰা হয়। এই দৃষ্টিভংগীৰে চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰা প্ৰভাৱগোষ্ঠীসমূহ, ৰাজনৈতিক প্ৰক্ৰিয়াত বিভিন্ন ধৰণে অংশ লোৱা ৰাজনৈতিক দল, ভোটদাতাৰ আচৰণ আৰু জনমত ইত্যাদি গুৰুত্বপূৰ্ণ বিষয়বোৰৰ সম্যক জ্ঞান লাভ কৰাটো সম্ভৱ নহয়।

পৰম্পৰাগত দৃষ্টিভংগীৰ আন এটা দুর্বলতা হ’ল এই যে ই সমাজবিদ্যা, মনোবিদ্যা, অর্থনীতি আদি সমাজ বিজ্ঞানৰ বিভিন্ন শাখাৰ লগত সহযোগিতা কৰি ৰাজনৈতিক সমস্যাসমূহৰ সমাধান উলিওৱাত আগ্রহী নহয়। উদাহৰণস্বৰূপে, উত্তৰ পূব ভাৰতত উদ্ভৱ হেৱা সন্ত্রাসবাদৰ সমস্যাটোক অকল ঐতিহাসিক দৃষ্টিকেণৰ পৰা বিচাৰ কৰিলে আমি তক আংশিকভাৱেহে বুজিব পাৰিম। এই ধৰণৰ জটিল সমস্যা আন্তঃসমাজ বিজ্ঞানকেন্দ্ৰিক দৃষ্টিভংগীৰেহে ভালদৰে বুজিব পৰা যায়।

তদুপৰি এই দৃষ্টিভংগীয়ে আন্তর্জাতিক ৰাজনীতি, আন্তর্জাতিক সংগঠন আৰু আন্তর্জাতিক আইন আৰু এইবোৰে ৰাষ্ট্ৰৰ ৰাজনীতিৰ ওপৰত পেলোৱা প্ৰভাৱ অধ্যয়ন কৰাত গুৰুত্ব আৰোপ নকৰে। ৰাজনীতি বিজ্ঞানৰ পৰিসৰত অন্তর্ভুক্ত এই বিষয়বোৰৰ অধ্যয়ন আনবোৰ বিষয়ৰ দৰে সমানে গুৰুত্বপূর্ণ। কিন্তু পৰম্পৰাগত দৃষ্টিভংগীয়ে এই সত্য মানি নলয়।

মূলতঃ সংকীর্ণতাৰ দোষত দোষী হলেও পৰম্পৰাগত দৃষ্টিভংগীৰ গুৰুত্ব আৰু উপযোগিতা কোনোমতে হেয় কৰিব পৰা বিধৰ নহয়। ৰাজনীতি বিজ্ঞানৰ ভালেমান দিশ এতিয়াও এই দৃষ্টিভংগীৰে অধ্যয়ন কৰিলেহে বাস্তৱত দেখা দিয়া চৰকাৰৰ অনুষ্ঠান সম্পর্কীয় কিছুমান সমস্যাৰ সম্যক জ্ঞান লাভ কৰিব পৰা যায়।

4. What is post behaviouralism ? Discuss its characteristics.

Ans: আচৰণবাদীসকলে অধ্যয়ন পদ্ধতি আৰু কৌশলৰ ওপৰত অত্যধিক গুৰুত্ব দিছিল যে বহুক্ষেত্ৰত ই বাস্তৱিক মানৱ জীৱন আৰু সামাজিক জীৱনৰ পৰা বিষয়টোক আঁতৰাই নিছিল। ইয়াৰ ফলস্বৰূপেই উত্তৰ আচৰণবাদৰ বিকাশ হয় আৰু ৰাজনীতি বিজ্ঞান অধ্যয়নতো পুনৰ কিছুমান প্ৰমূল্যভিত্তিক আলোচনাই ঠাই পাব ধৰিলে।

উত্তৰ আচৰণবাদ বিকাশৰ কাৰণসমূহ তলত দিয়া ধৰণৰ :

(১)  আচৰণবাদীসকলে বিশ্বৰ ব্যৱহাৰিক দাঙি ধৰা আৰু সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কোনো ধৰণৰ সূত্ৰ উদ্ভাৱনত বিফল হোৱাৰ ফলত পৰৱৰ্তী আচৰণবাদৰ জন্ম হয় বুলি ক’ব পাৰি। আচৰণবাদ যেনেধৰণে জনশ্রুতিবাদৰ বিপক্ষে এক বিপ্লৱ ঠিক সেইদৰে পৰৱৰ্তী আচৰণবাদ আচৰণবাদৰ বিপক্ষে এক বিপ্লৱ। কিন্তু পৰৱৰ্তী আচৰণবাদীসকলে জনশ্রুতিবাদ আৰু আচৰণবাদৰ মাজত এক নতুন পদ্ধতি উদ্ভৱৰ প্ৰচেষ্টা হাতত লৈছিল। ইয়াৰ ফলতেই পৰৱৰ্তী আচৰণবাদৰ জন্ম হয়।

(২)  প্রখ্যাত আচৰণবাদী ডেভিদ ইউনে ‘Annual Convention of the American Political Science Association, 1969’ গত ভাষণ দাঙি ধৰি আচৰণবাদৰ বিফলতাৰ কাৰণ দশাই এটা দীঘল বক্তৃতা দিছিল। ভাষণ প্রসংগত ডেভিদ ইষ্টনে আচৰণবাদীসকলে আচৰণবাদ পদ্ধতি গ্রহণ কৰি পৰিচালনা কৰা ৰাজনীতি বিজ্ঞানৰ বিভিন্ন বিষয়ৰ গৱেষণা কাৰ্যৰ বিফলতা দাঙি ধৰে। ইষ্টনৰ অনুগামী আচৰণবাদীসকলৰ একাংশই একমত দাঙি ধৰি জনশ্ৰুতিবাদ আৰু আচৰণবাদৰ মাজত এক উমৈহতীয়া পদ্ধতি উদ্ভাৱনৰ প্ৰচেষ্টা হাতত লয়। ফলত পৰৱৰ্তী আচৰণবাদৰ জন্ম হয়।

(৩)  আচৰণবাদীসকলে কোনো এটা বিষয় গৱেষণা কৰিবলৈ গৱেষণা পদ্ধতি আৰু কৌশলৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল। আচৰণবাদীসকলে সদায় নতুন নতুন গৱেষণা পদ্ধতি আৰু কৌশল উদ্ভাৱন কৰাত অধিক গুৰুত্ব দিছিল। আচৰণবাদীসকলৰ বাবে গৱেষণা পদ্ধতি আৰু কৌশল অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছিল। এনে সময়তে ডেভিদ ইউনকে ধৰি কেইগৰাকীমান আচৰণবাদীয়ে মত পোষণ কৰিছিল। যে তেওঁলোকে গৱেষণা পদ্ধতি দি বাস্তৱ মানৱ জীৱনৰ পৰা বহুখিনি আঁতৰি আহিছে। সেয়ে তেওঁলোকৰ অমূল্য সময় নষ্ট নকৰি পৰৱৰ্তী আচৰণবাদৰ উদ্ভাৱনৰ মনোনিৱেশ কৰে।

(৪)  আৰম্ভণিতে আচৰণবাদে আমেৰিকাত অধিক জনপ্রিয়তা লাভ কৰে যদিও পৰৱৰ্তী কালছোৱাত আচৰণবাদৰ প্ৰতি এক অসন্তুষ্টি ভাব প্ৰকট হৈ উঠে। আচৰণবাদৰ প্ৰতি গঢ়ি উঠা এনে অসন্তুষ্ট মনোভাবৰ পৰাই পৰৱৰ্তী আচৰণবাদৰ জন্ম হয়। গৱেষণা কার্যত হেজাৰ লাখ টকা ব্যয় কৰি যেতিয়া আচৰণবাদীসকলে সমাজৰ সমস্যাসমূহৰ সমাধানৰ কোনো শুদ্ধ পথ বিচাৰি উলিয়াবলৈ সক্ষম হয় তেতিয়াৰ পৰাই আচৰণবাদৰ জনপ্ৰিয়তা লোপ পাই অসন্তুষ্টি ভাব গঢ়ি উঠিবলৈ ধৰে। সেয়ে পৰৱৰ্তী আচৰণবাদ আচৰণবাদৰ বিপক্ষে এক বিপ্লৱ হিচাপেহে জন্ম লাভ কৰে বুলি কোৱা হয়।

(৫)  আচৰণবাদীসকলে সমাজৰ বিভিন্ন সমস্যা অধ্যয়ন কৰি এফালে যেনেকৈ সমস্যাসমূহ সমাধানৰ শুদ্ধ পথ বাচি উলিওৱাত বিফল হৈছিল আনফালে তেনেকৈ ৰাজনীতি বিজ্ঞানক এক সমস্যা সমাধানৰ বিজ্ঞান হিচাপে ৰূপান্তৰিত কৰি তোলাটো বিফল হৈছিল। উত্তৰ আচৰণবাদীসকলৰ মতে আচৰণবাদীসকলে সাম্প্রতিক সামাজিক আৰু ৰাজনৈতিক সমস্যাসমূহ বুজি উঠাত বিফল হৈছিল। আচৰণবাদীসকলে অর্থ আৰু সময় নষ্ট কৰি সামাজিক আৰু ৰাজনৈতিক সমস্যা সমাধানৰ ক্ষেত্ৰত আশাপ্রদ ফল দেখুওৱাত ব্যর্থ হয়। ফলত উত্তৰ আচৰণবাদৰ জন্ম হয়।

উত্তৰ আচৰণবাদৰ বৈশিষ্ট্য :

উত্তৰ আচৰণবাদৰ মূল বৈশিষ্ট্যসমূহ তলত দিয়া ধৰণৰ— 

(১) ৰাজনীতি বিজ্ঞান অধ্যয়ন মূল্যবিহীন বুলি আচৰণবাদীসকলে আগবঢ়োৱা ধাৰণাৰ উত্তৰ আচৰণবাদীসকলে তীব্ৰ বিৰোধিতা কৰে। অৰ্থাৎ উত্তৰ-আচৰণবাদীসকলে জনশ্রুতিবাদীসকলৰ দৰে ক’ব বিচাৰে যে ৰাজনীতি বিজ্ঞান মূল্যবিহীন বিজ্ঞান নহয়।

(২) উত্তৰ আচৰণবাদৰ দ্বিতীয় বৈশিষ্ট্য হ’ল ই এক আচৰণবাদৰ বিপক্ষে গঢ়ি উঠা প্রতিবাদী আন্দোলন। আচৰণবাদীসকলে ব্যক্তিৰ প্রকৃত জীৱনৰ পৰা ফালৰি কাটি আহিছিল। তেওঁলোকে সমাজৰ ব্যক্তিৰ সামাজিক অর্থনৈতিক আৰু ৰাজনৈতিক সমস্যাসমূহ বুজি উঠাত বিফল হৈছিল। উত্তৰ আচৰণবাদৰ মূল বৈশিষ্ট্য হ’ল ব্যক্তিৰ প্ৰকৃত জীৱন ধাৰণ প্ৰণালী আৰু সামাজিক, ৰাজনৈতিক আৰু অৰ্থনতিক সমস্যাসমূহ অধ্যয়ন কৰা আৰু এই সমস্যাসমূহ সমাধানৰ বাবে শুদ্ধ পথ উদ্ভাৱন কৰা।

(৩) উত্তৰ আচৰণবাদৰ আন এটা বৈশিষ্ট্য হ’ল ই সমাজৰ কল্যাণৰ কথা চিন্তা কৰে। ডেভিদ ইষ্টনৰ মতে, “Although the post-behavioural revolution may have all the appearances of just another reaction to behaviourists, it is in fact notably different. The post behavioural revolution is, however, future oriented. It does not seek to return to some golden age of political research or to conserve as even to destroy a particular methodological approach. It peele’s rather to probe political science in new direction.” গতিকে উত্তৰ আচৰণবাদে সমাজৰ ভৱিষ্যত কল্যাণৰ বাবে অধ্যয়ন আৰু গৱেষণা কৰে আৰু বৰ্তমানৰ সমস্যাসমূহ সমাধান কৰি ভৱিষ্যতৰ সমাজ সমস্যামুক্ত কৰি তোলাই হ’ল মূল লক্ষ্য।

ডেভিদ ইষ্টনে দাঙি ধৰা উত্তৰ আচৰণবাদৰ বৈশিষ্ট্য : 

ডেভিদ ইষ্টনে আচৰণবাদৰ বৈশিষ্ট্য সুকীয়াকৈ দাঙি ধৰাৰ দৰে পৰৱৰ্তী আচৰণবাদৰো ৭টা বৈশিষ্ট্য দাঙি ধৰিছিল। ডেভিদ ইষ্টনে দাঙি ধৰা ৭টা বৈশিষ্ট্য হ’ল―

(১) অধ্যয়নৰ উদ্দেশ্য আৰু অধ্যয়নৰ ফলাফল অধ্যয়ন পদ্ধতি আৰু কৌশলৰ তুলনাত অধিক গুৰুত্ব লাভ কৰা উচিত।

(২) সামাজিক পৰিৱৰ্তনৰ ওপৰত অধিক গুৰুত্ব।

(৩) বাস্তৱ ৰাজনীতিৰ লগত ৰাজনীতি বিজ্ঞানৰ প্ৰত্যক্ষ সম্পর্ক। গঢ়ি তোলা।

(৪) ৰাজনীতি বিজ্ঞান মূল্যবিহীন হোৱা উচিত নহয়।

(৫) সভ্যতাৰ মানৱীয় মূল্যবোধ ৰক্ষণা-বেক্ষণ দিয়া ৰাজনীতি বিজ্ঞানৰ উদ্দেশ্য হোৱা উচিত।

(৬) চিন্তাশীল ব অধ্যয়নশীল হোৱাৰ সলনি কাৰ্যকৰী হোৱাৰ ওপৰত গুৰুত্ব আৰোপ।

(৭) অনুষ্ঠন-প্রতিষ্ঠান, সংস্থা, বিভিন্ন পেছা আদি ৰাজনীতিকৰণ কৰি তোলা।

ওপৰৰ উল্লেখ কৰা ৭ বিধ বৈশিষ্ট্য ডেভিদ ইষ্টনে পৰৱৰ্তী আচৰণবাদৰ মূল বৈশিষ্ট্য হিচাপে দাঙি ধৰি পৰৱৰ্তী আচৰণবাদৰ পৃষ্ঠপোষকতা কৰি আচৰণবাদৰ পৰা ফালৰি কাটি আহিছিল। 

5. Discuss about the philosophical and historical approach to the study of political science.

Or

Discuss the development of the study of political science. What its present stage ?

Ans: ৰাজনীতি বিজ্ঞান অধ্যয়নৰ পৰম্পৰাগত দৃষ্টিভংগীটো এটা মূল্যভিত্তিক দৃষ্টিভংগী। এই দৃষ্টিভংগীত ভাল-বেয়া, উচিত-অনুচিত, ন্যায়-অন্যায় আদি নৈতিক দিশৰ ওপৰত ভিত্তি কৰি বিচাৰ-বিশ্লেষণ কৰা হয়। ই সম্পূৰ্ণ দর্শনভিত্তিক, আনুষ্ঠানিক আৰু বৰ্ণনাত্মক বিচৰ বিশ্লেষণ। ই ঐতিহাসিক আৰু তুলনামূলক দৃষ্টিভংগীৰ ওপৰতে বেছি নিৰ্ভৰশীল হোৱা দেখা যায়। বিংশ শতিকাৰ আগলৈকে ৰজনীতি বিজ্ঞনত এই দৃষ্টিভংগীৰে প্ৰাধান্য দেখা যায়। বিংশ শতিকাৰ আগলৈকে ৰজনীতি বিজ্ঞনত এই দৃষ্টিভংগীৰে প্ৰাধান্য দেখা যায়। তলত কেইটিমান পৰম্পৰাগত দৃষ্টিভংগীৰ আলোচনা কৰা হ’ল—

(ক) দার্শনিক দৃষ্টিভংগী (Philosophical Approach) : প্রাচীন গ্ৰীচৰ দার্শনিক প্লেটোৰ দিনৰে পৰ এই দার্শনিক পদ্ধতিৰে ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰাৰ নিয়মৰ প্ৰচলন হৈ আহিছে। ৰুছো, হেগেল, কান্ট, মিল, লক, চিডউইক আদি লেখকেও এই পদ্ধতি অনুসৰণ কৰিছিল। দৰ্শনিক দৃষ্টিভংগী নির্গমন (Deductive) ধর্মীয় পদ্ধতি। ৰুছো, হেগেলে সম্পূৰ্ণৰূপে এই দৃষ্টিভংগীৰে ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰিছিল। এই পদ্ধতিত এলানি সাধাৰণ সত্য আৰু অনুমানৰ পৰা নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হ’বলৈ চেষ্টা কৰা হয়। ৰাষ্ট্ৰৰ প্ৰকৃতি, কাৰ্যাৱলী আৰু উদ্দেশ্য সম্পর্কে এক অমূর্ত আদৰ্শৰ পৰা ইয়াৰ বিচাৰ বিশ্লেষণ আদি কৰিব বিচঙ্গৰে। মানুহৰ কিছুমান প্রকৃতি স্বতঃসিদ্ধ বুলি ধৰি লৈ ৰাজনৈতিক অনুষ্ঠানবোৰৰ প্ৰকৃতি নিৰ্ধাৰণ কৰিছিল। মুঠতে, দার্শনিক দৃষ্টিভংগীয়ে সমাজৰ আদৰ্শ আৰু আশা-আকংক্ষাৰ ভিত্তিত ৰাজনৈতিক সমস্যাৱলী অধ্যয়ন কৰিব বিচাৰে।

প্লেটেৰ ‘ৰিপাব্লিক’ (Republic) আৰু থমাচ মুৰৰ ‘ইউটোপীয়’ (Utopia) গ্রন্থ দুখন দার্শনিক কল্পনাৰ ভিত্তিত ৰচনা কৰা গ্ৰন্থ আছিল। এই দৃষ্টিভংগী প্রকৃত বাস্তৱবাদী দৃষ্টিভংগী নহয় কাৰণ ই অবৈজ্ঞানিক, অবাস্তৱ, অমূর্ত অনুমানৰ ওপৰত ভিত্তিশীল। মানুহৰ ৰাজনৈতিক জীৱনৰ প্ৰকৃত জ্ঞান বাস্তৱবাদী আৰু আদৰ্শবাদী জীৱনৰ সংমিশ্ৰণতহে লাভ কৰিব পাৰি। দার্শনিক দৃষ্টিভংগীৰ সমৰ্থকসকলে যুক্তিৰ পৰিৱৰ্তে কল্পনাৰ ওপৰত অত্যধিক গুৰুত্ব আৰোপ কৰাৰ কাৰণে ৰাজনীতি বিজ্ঞানৰ অধ্যয়ন ভাববাদী হৈ যোৱা দেখিবলৈ পোৱা যায়।

দার্শনিক দৃষ্টিভংগীৰ বৈশিষ্ট্য:

দার্শনিক দৃষ্টিভংগী আলোচনা কৰিলে ইয়াৰ কেতবোৰ বৈশিষ্ট্যলৈ আঙুলিয়াব পাৰি—

(ক) দার্শনিক দৃষ্টিভংগী হ’ল ৰাজনীতি বিজ্ঞান অধ্যয়নৰ আটাইতকৈ পুৰণি দৃষ্টিভংগী।

(খ) দার্শনিক দৃষ্টিভংগীয়ে ৰাজনৈতিক তত্ত্ব আৰু ৰাজনৈতিক দর্শনক অভিন্ন জ্ঞান কৰে।

(গ) আদৰ্শ জীৱন আৰু সমাজ পদ্ধতি প্রতিষ্ঠাই ইয়াৰ লক্ষ্য।

ডাইকৰ (Dyke) মতে, “The object of philosophical inquiry is to establish standard of good the right and the just.”

(ঘ) এই দৃষ্টিভংগীয়েঅধ্যয়নৰ বাবে নিগমাত্মক পদ্ধতি ব্যৱহাৰ কৰে অৰ্থাৎ এটা সাধৰণ বা সৰ্বব্যাপি নীতিৰ পৰা ব্যক্তিগত বা বিশেষ কথালৈ যুক্তিৰ দ্বাৰা প্ৰতিষ্ঠা কৰা।

(ঙ) এওঁলোকে পূর্ব পৰিকল্পিত সিদ্ধান্তৰ দ্বাৰা ৰাষ্ট্ৰ আৰু ৰাজনৈতিক জীৱনৰ সাৰ্বজনীন মূল্যবোধ নির্ণয় কৰি তাৰ ভিত্তিত ৰাষ্ট্ৰ আইন আৰু নাগৰিকৰ অধিকাৰ আদি সম্পর্কে ব্যাখ্যা আগবঢ়ায়।

(চ) এই দৃষ্টিভংগীয়ে অধ্যয়নৰ বিষয়ত অন্তৰ্ভুক্ত কৰা বিভিন্ন ধাৰণাৰ অৰ্থ স্পষ্ট কৰাত সহায় কৰে। ডাইক (Dyke)ৰ মতে “A Philosophical analysis is an effort to clarify thought about the nature of the subject and about ends and means in studying it.”

দার্শনিক দৃষ্টিভংগীৰ সীমাবদ্ধতা :

ৰাজনীতি বিজ্ঞান অধ্যয়নৰ দার্শনিক দৃষ্টিভংগীৰ ভালেমান দিশ সীমাবদ্ধতা থকা দেখা যায়—

(ক) দার্শনিক দৃষ্টিভংগীৰ প্ৰধান সীমাবদ্ধতা হ’ল ইয়াৰ কল্পনা প্রসূত দিশ। ই যথেষ্ট অবাস্তৱ নীতিৰ ওপৰত প্ৰতিষ্ঠিত হোৱাৰ লগতে আগবঢ়োৱা তত্ববোৰো বাস্তৱত অকার্যকৰী যাৰ বাবে ইয়াৰ প্ৰয়োগিক মূল্য একেবাৰে কম।

(খ) এই দৃষ্টিভংগীৰ আন এক দোষ হৈছে ই পৰিৱেশ আৰু ব্যক্তিৰ আচৰণৰ ওপৰত গুৰুত্ব প্রদান নকৰাতো। ই কিছুমান গুৰুত্বপূৰ্ণ বিষয় অধ্যয়ন কৰে যদিও সাধাৰণ দিশ কিছুমানক আওকাণ কৰা দেখা যায়।

(গ) দার্শনিক পদ্ধতিৰ আন এক দোষ হ’ল সাৰ্বজনীনতাৰ অভাৱ। তত্ব হিচাপে কোনো দৃষ্টিভংগী প্রতিষ্ঠা হ’বলৈ হ’লে সাৰ্বজনীনতাৰ দৰকাৰ যদিও দার্শনিক দৃষ্টিভংগীৰ প্ৰবক্তাসকলে কোনো সার্বজনীন তত্ব দাঙি ধৰিব পৰা নাই।

দার্শনিক দৃষ্টিভংগীৰ গুৰুত্ব:

দার্শনিক দৃষ্টিভংগীব কিছু সীমাবদ্ধতা থাকিলেও ইয়াৰ অৱদানক দলিয়াই পেলাব পৰা বিধৰ নহয়। ভালেমান ক্ষেত্ত ইয়াৰ মূল্য থকা দেখা যায়। যেনে―

(ক) দার্শনিক পদ্ধতি হ’ল ৰাজনীতি বিজ্ঞানক পদ্ধতিগতভাৱে আলোচনা কৰা প্ৰথম দৃষ্টিভংগী। ইয়াৰ ভিত্তিতহে পৰৱৰ্তী সংস্কৰণবোৰ আৰম্ভ হৈছে।

(খ) দার্শনিক তত্বৰ বাস্তৱ মূল্য কম হ’লেও ই ভাল বেয়া, উচিত অনুচিত আদি নিৰ্ধাৰণ কৰি প্ৰকৃত পথৰ সন্ধান দিয়াত অৰিহণা যোগাইছে।

(গ) এলাম বলৰ মতে, দার্শনিক পণ্ডিতসকল অকল পূৰ্ব ধাৰণাৰ দ্বাৰা পৰিচালিত হোৱা নাছিল। তেওঁলোকে বাস্তৱ অভিজ্ঞতাৰ ভিত্তিত ৰাজনৈতিক সিদ্ধান্তত উপনীত হৈছিল। হবচ, লক, ৰুছো আদিয়ে সমকালীন ৰাজনৈতিক জীৱনৰ অভিজ্ঞতাৰ পৰা সংগৃহীত তথ্যৰ ভিত্তিত তত্ব আগবঢ়াইছিল।

পৰিশেষত অ’, পি. গৌবাৰ (O.P. Gauba)ৰ মন্তব্য প্রণিধানযোগ্য। তেওঁৰ মতে, “The philosophical approach does not simply rely on the political thought of the past. It is a subject of the current and Continuous debate.”

(খ) ঐতিহাসিক দৃষ্টিভংগী (Historical Approach): ঐতিহাসিক দৃষ্টিভংগীক পৰম্পৰাগত দৃষ্টিভংগীৰ অন্যতম বুলি মানি লোৱা হয়। তথ্য আৰু প্ৰমাণৰ ভিত্তিত অতীতৰ ঘটনাসমূহৰ বিশ্লেষণাত্মক মূল্যায়ন আৰু সাম্প্রতিক কালৰ ৰাজনৈতিক সমস্যা, আৰু কাজ-কর্ম সম্পর্কে সম্ভাব্য সমাধান আৰু ধাৰণাত উপনীত হোৱাকে ঐতিহাসিক দৃষ্টিভংগী বুলি কোৱা হয়। বুৰঞ্জীবিদসকলে বর্ণনামূলক পদ্ধতিৰে ইতিহাসৰ বিশ্লেষণ কৰে। এলান বলৰ মতে বুৰঞ্জীবিদসকলে নিজৰ বুদ্ধিমত্তা আৰু জ্ঞানৰ বলত বুৰঞ্জীৰ অগণিত তথ্যৰ মাজৰ পৰা সাৰ অংশক বাছি লৈ অতীত ঘটনাৱলীৰ পৰ্যবেক্ষণ কৰে আৰু অতীত আৰু বৰ্তমানৰ মাজত থকা অন্তর্নিহিত সম্পর্কে বিশ্লেষণ কৰে। ঐতিহাসিক দৃষ্টিভংগীৰে বুৰঞ্জীমূলক ঘটনাসমূহ অধ্যয়ন কৰি যি সাধাৰণীকৰণ কৰা হয় সিয়ে ভৱিষ্যতৰ ৰাজনীতিৰ পথ প্ৰদৰ্শকৰূপে কাম কৰে। গতিকে বৰ্তমানৰ ৰাজনীতি ঐতিহাসিক পটভূমি সম্পর্কে বিতং জ্ঞান নাথাকিলে ৰাজনীতি বিজ্ঞানীসকলে সাম্প্ৰতিক কালৰ ৰাজনৈতিক প্ৰক্ৰিয়াৰ সম্যক জ্ঞান আহৰণ কৰিবলৈ সমৰ্থ নহ’ব। অনুৰূপে, ৰাজনীতিত লিপ্ত লোক আৰু কৰ্ণধাৰসকলেও এই জ্ঞান অবিহনে বহুত সমস্যাৰ সমাধান উলিয়াবলৈ অপাৰগ হ’ব।

ঐতিহাসিক দৃষ্টিভংগীৰ কিছু দুর্বলতা নথকা নহয়। বহু সময়ত এই দৃষ্টিভংগী প্ৰয়োগ কৰা গৱেষকসকলে নিৰপেক্ষ পণ্ডিতৰ ভূমিকা নলৈ পক্ষপাতমূলক ভূমিকা লোৱাও দেখা যায়। বুৰঞ্জীৰ সঠিক সমল গোটোৱা আৰু সেইবোৰৰ ভিত্তিত নিৰপেক্ষ সিদ্ধান্ত গ্ৰহণ কৰিব পৰাটোৰ ওপৰতে এই দৃষ্টিভংগীৰ যথাৰ্থতা নিৰ্ভৰ কৰে। বহু সময়ত উদ্দেশ্য প্রণোদিতভাৱেও বুৰঞ্জীক বিকৃত কৰা ঘটনা ঘটিছে। এনে ঘটনাৰ কাৰণে কীৰ্তিচন্দ্ৰ বৰবৰুৱাই ‘চকৰীফেঁটী’ৰ লগতে ভালেকেইখন শুদ্ধ বুৰঞ্জীও হেনো পুৰি ছাই কৰিছিল। ভাৰত বিভাজনৰ ওপৰত লিখা বুৰঞ্জীসমূহৰ মাত্ৰ কেইখনমানহে নিৰপেক্ষ বুলি ক’ব পাৰি। গতিকে বুৰঞ্জীৰ সমল নির্বাচন আৰু তাৰ নিৰপেক্ষ বিশ্লেষণ অতি সাৱধানেৰে কৰাটো অতি আৱশ্যকীয়।

ৰাজনীতিৰ ফলপ্রদ আলোচনাৰ বাবে ঐতিহাসিক পটভূমি অতিকৈ প্রয়োজনীয়। কিন্তু ঐতিহাসিক সমলৰ নিৰ্ভৰযোগ্যতা ভালদৰে বিচাৰ বিবেচনা কৰিহে গ্ৰহণ কৰা যুগুত। বাস্তৱক্ষেত্ৰত এই দৃষ্টিভংগীৰে ৰাজনীতি বিজ্ঞান কিমান দূৰ লাভৱান হৈছে, সেই লৈয়ো প্রশ্ন উঠিছে। বহু সময়ত ৰাজনৈতিক ঘটনাৰ সামাজিক, অর্থনৈতিক কাৰণবোৰৰ বিজ্ঞানসম্মত বিশ্লেষণৰ সলনি ৰাজনীতি বিজ্ঞানীসকলৰ অধিক সংখ্যকেই পক্ষপাতমূলক ব্যাখ্যা আগবঢ়োৱাৰ প্ৰৱণতা দোষত দোষী। যেনে— ইংৰাজ বুৰঞ্জীবিদসকলৰ সৰহ সংখ্যকেই ইংৰাজ জাতিৰ শ্রেষ্ঠতা প্রতিপন্ন কৰিবলৈ গৈ এসময়ত ভাৰত বুৰঞ্জী বিকৃত কৰিছিল। এনে ঘটনা সর্বত্র ঘটিছে। সুনির্দিষ্ট, নিৰপেক্ষ আৰু নিকপকপীয়া আলোচনাৰ পদ্ধতি গঢ়ি তুলিব নোৱাৰিলে ঐতিহাসিক দৃষ্টিভংগী বহু সময়ত বিপদজনকো হ’ব পাৰে। হিটলাৰৰ সময়ত সেয়ে হৈছিল। গতিকে অতি সাৱধানেৰে এই দৃষ্টিভংগী ৰাজনীতি বিজ্ঞান অধ্যয়নত প্ৰয়োগ কৰা উচিত।

ঐতিহাসিক দৃষ্টিভংগীৰ বৈশিষ্ট্য:

ঐতিহসিক দৃষ্টিভংগী পৰ্যালোচনা কৰিলে ইয়াৰ কিছুমান বৈশিষ্ট্যলৈ আঙুলিয়াব পাৰি —

(ক) অনুষ্ঠানকেন্দ্রিক : ঐতিহাসিক দৃষ্টিভংগী অনুষ্ঠানকেন্দ্রিক। ই মূলতঃ ৰাষ্ট্ৰ আৰু ৰাজনৈতিক অনুষ্ঠানবোৰৰ বিষয়ে আলোচনা কৰে।

(খ) বর্ণনাত্মক : ঐতিহাসিক দৃষ্টিভংগী বহু পৰিমাণে বর্ণনাত্মক। ই বিভিন্ন ঘটনাৰ উদ্ভৱ বিকাশ আদিবোৰ বৰ্ণনা কৰে। এই দৃষ্টিভংগীৰ সমর্থকসকলে নানা উৎসৰ পৰা তথ্য আদি গ্ৰহণ কৰি নিজৰ বুদ্ধি বিবেচনাৰ জৰিয়তে সেইবিলাকৰ ব্যাখ্যা দাঙি ধৰে।

(গ) পর্যবেক্ষণমূলক : ঐতিহাসিক দৃষ্টিভংগীৰ সিদ্ধান্তবোৰ পৰ্যবেক্ষণৰ দ্বাৰা গৃহীত। ইয়াত পূর্ব পৰিকল্পনা বা কল্পনাৰ স্থান কম। অতীতৰ বিভিন্ন ঘটনাৰ পৰ্যবেক্ষণ কৰি তাৰ পৰাহে সাধাৰণীকৰণ কৰি সিদ্ধান্ত গ্রহণ কৰা হয়।

(ঘ) অধিক বুৰঞ্জী প্ৰৱণতা : ঐতিহাসিক দৃষ্টিভংগীৰ সমর্থকসকলে অধিক বুৰঞ্জী প্ৰৱণতাক সমর্থন কৰে। ইয়াৰ মূল লক্ষ্য হ’ল বুৰঞ্জীৰ সহায়ত ৰাজনীতি বিজ্ঞানৰ আলোচনা কৰা। অতীতৰ পৰিঘটনাৰ ভিত্তিতহে বৰ্তমানৰ ব্যাখ্যা আগবঢ়োৱা হয়। এই তত্বৰ প্রবক্তাসকলৰ মতে, ‘One can know the origin and development of the existing political institution only from history and that knowledge of the origin and development of the institution are essential for future action.”

(ঙ) আগমণাত্মক পদ্ধতিৰ প্ৰয়োগ : ঐতিহাসিক দৃষ্টিভংগীৰ প্ৰবক্তাসকলে ৰাজনৈতিক অধ্যয়ন তথা বিশ্লেষণৰ বাবে আগমনাত্মক পদ্ধতিৰ প্ৰয়োগ কৰে। এওঁলোকে বিভিন্ন বিশেষ ঘটনাৰ পৰ্যবেক্ষণ কৰিহে এক সাধাৰণ তত্ব প্রতিষ্ঠা কৰে।

ঐতিহাসিক পদ্ধতিৰ দোষ :

ৰাজনীতি বিজ্ঞান অধ্যয়নৰ বাবে গ্ৰহণ কৰা ঐতিহাসিক পদ্ধতিৰ ভালেমান সীমাবদ্ধতা আছে। যেনে—

১। ঐতিহাসিক পদ্ধতিৰ প্ৰধান সীমাবদ্ধতা হ’ল ইয়াৰ ইতিহাস প্ৰৱণতা। ইতিহাসৰ ভিত্তিত নিৰ্ণয় কৰা সকলো সিদ্ধান্তই সুফলদায়ক নহয়। কিয়নো বহু সময়ত ঐতিহাসিক অনুসন্ধান ধর্মীয় বিশ্বাস বর্ণগত ধাৰণা বা নানা ধৰণৰ আৱেগিক উপাদানেৰে প্ৰভাৱান্বিত হ’ব পাৰে। লর্ড ব্রাইচৰ মতে, ‘Historical investigation may be influenced by religious belief, racial prejudices and many other emotional features.”

২। ঐতিহাসিক মতবাদে ইতিহাসৰ ভিত্তিত বৰ্তমানৰ ধাৰণা আলোচনা কৰোতে পৰিস্থিতিৰ ওপৰত গুৰুত্ব প্রদান নকৰে। যাৰ ফলত ইয়াৰ সৰহভাগ সিদ্ধান্তই অকার্যকৰী হয়।

৩। ঐতিহাসিক মতবাদে বর্ণনাতহে অধিক গুৰুত্ব দিয়ে। বিশ্লেষণত নহয়। যাৰ বাবে অধ্যয়নৰ এক পদ্ধতি হিচাপে ইয়াৰ মূল্য কমিছে।

ঐতিহাসিক মতবাদৰ গুৰুত্ব :

ঐতিহাসিক মতবাদৰ ভালেমান ত্রুটি থাকিলেও বিভিন্ন দিশত ইয়াৰ অৱদান স্বীকাৰ কৰিব লগা হয়। বিশেষকৈ ঐতিহাসিক দৃষ্টিভংগীয়ে বিভিন্ন ৰাজনৈতিক অনুষ্ঠান আৰু ঘটনাসমূহৰ জন্ম বৃত্তান্তবোৰ জনাত সহায় কৰে। এইটো সকলোৱে স্বীকাৰ কৰে যে ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰাৰ ক্ষেত্ৰত বুৰঞ্জীৰ এক বিশেষ অৱদান আছে। পৰিশেষত ক’ব পাৰি যে ঐতিহাসিক মতবাদে সম্পূৰ্ণৰূপে ৰাজনীতি বিজ্ঞান অধ্যয়নৰ সহায় কৰিব নোৱাৰিলে ই বিভিন্ন ঘটনা বিশ্লেষণ পর্যবেক্ষৰ লগতে ভৱিষ্যতে ল’বলগীয়া সিদ্ধান্ত সম্পর্কেও কিছু আভাস দিবলৈ সক্ষম হৈছে।

1 thought on “Understanding Political Theory Unit 1 ৰাজনীতি কি? ৰাজনৈতিকৰ তাত্ত্বিককৰণ”

  1. UNDERGRADUATE ENGLISH MEDIUM STUDENTS R KARONE ENGLISH T QUESTION ANSWER PALE VAL LGILE HOI PLEASE PARILE ENGLISH T DIBO

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top