Understanding Ambedkar Unit 5 অধিকাৰ আৰু প্ৰতিনিধিত্ব

Understanding Ambedkar Unit Unit 5 অধিকাৰ আৰু প্ৰতিনিধিত্ব Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Understanding Ambedkar Unit Unit 5 অধিকাৰ আৰু প্ৰতিনিধিত্ব Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Understanding Ambedkar Unit Unit 5 অধিকাৰ আৰু প্ৰতিনিধিত্ব Question Answer can be of great value to excel in the examination.

Understanding Ambedkar Unit Unit 5 অধিকাৰ আৰু প্ৰতিনিধিত্ব

Join Telegram channel

Understanding Ambedkar Unit Unit 5 অধিকাৰ আৰু প্ৰতিনিধিত্ব cover all the exercise questions in UGC Syllabus. The Understanding Ambedkar Unit Unit 5 অধিকাৰ আৰু প্ৰতিনিধিত্ব provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

অধিকাৰ আৰু প্ৰতিনিধিত্ব

POLITICAL SCIENCE

UNDERSTANDING AMBEDKAR

আম্বেদকাৰ

১। ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল— 

উত্তৰঃ আম্বেদকাৰ।

২। ভীমৰাও আম্বেদকাৰ ভাৰতীয় সংবিধান সভাৰ মৌলিক অধিকাৰ উপ-সমিতিৰ এজন সদস্য আছিল। শুদ্ধ নে অশুদ্ধ।

উত্তৰঃ শুদ্ধ।

৩। মৌলিক কৰ্তব্যৰ অন্তৰ্ভুক্তি সম্পৰ্কে চমুকৈ লিখা? 

উত্তৰঃ মৌলিক কর্তব্যৰ অন্তৰ্ভুক্তি (Incorporation of Fundamental Duties) : ভাৰতীয় সংবিধানৰ আন এটা বৈশিষ্ট্য হ’ল ৪২ তম সংবিধান সংশোধনৰ দ্বাৰা সংবিধানত সন্নিবিষ্ট কৰা ১০ বিধ মৌলিক কর্তব্য। মৌলিক কর্তব্যসমূহ হ’ল নাগৰিকৰ প্ৰতি দিয়া উপদেশ। এই কর্তব্যসমূহ নাগৰিকে পালন কৰাটো তেওঁলোকৰ নৈতিক দায়িত্ব। মৌলিক কর্তব্যসমূহ আদালতৰ জৰিয়তে বলবৎ কৰা নহয়, নাগৰিকৰ নৈতিক দ্বায়বদ্ধতাৰ ওপৰত ভিত্তি কৰি চলি থাকে। ভাৰতীয় নাগৰিকক মৌলিক কর্তব্যসমূহে তেওঁলোকৰ দায়িত্ব তথা কৰ্তব্যৰ বিষয়ে সোঁৱৰাই দিয়ে।

৪। ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ অন্তর্ভুক্তি কি?

উত্তৰঃ ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ অন্তর্ভুক্তি

(Incorporation of Directive Principle of State Policy) : ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি ভাৰতীয় সংবিধানত ‘অন্তর্ভুক্তি এটা মন কৰিবলগীয়া বৈশিষ্ট্য। সংবিধানৰ চতুৰ্থ অধ্যায়ত এই নীতিসমূহৰ বিষয়ে বিশদভাৱে বর্ণিত হৈছে। এনে নীতিসমূহ হ’ল অর্থনৈতিক। সংবিধান প্রণেতাসকলে ভাৰতবৰ্ষক এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ উদ্দেশ্যে এই নীতিসমূহ সংবিধানত সংযোজন কৰিছে। কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰসমূহে এই নীতিবোৰ অনুসৰণ কৰি কাৰ্য পৰিচালনা কৰিব পাৰিলে ভাৰতবৰ্ষ এখন কল্যাণকামী ৰাষ্ট্ৰত পৰিণত হ’ব। নির্দেশাত্মক নীতিসমূহ ন্যায়ালয়ৰ জৰিয়তে সাব্যক্ত কৰিব পৰা নাযায় যদিও এইবোৰ একেবাৰে মূল্যহীন নহয়।

৫। ভাৰতীয় সংবিধানৰ কোনটো অধিকাৰক ভীমৰাও আম্বেদকাৰে সংবিধানৰ আত্মা আখ্যা দিছিল। 

উত্তৰঃ গণতান্ত্রিক অধিকাৰক।

চমু আৰু ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

১। মানৱ অধিকাৰ ধাৰণাটোৰ ওপৰত এটি টোকা লিখা। 

উত্তৰঃ মানৱ অধিকাৰৰ ধাৰণাটো তুলনামূলকভাৱে নতুন। অতীজৰে পৰা মানুহে কিছুমান অধিকাৰ উপভোগ কৰি আহিছে যদিও সেইবোৰক মানৱ অধিকাৰ বুলি স্বীকৃতি দিয়া নাছিল। বহুতো ৰাষ্ট্ৰৰ সংবিধানত কিছুমান অধিকাৰ স্বীকৃতি দিয়া হৈছে যদিও সেই অধিকাৰবোৰক মৌলিক অধিকাৰ বুলিহে আখ্যা দিয়া হয়। ১৯৪৫ চনত ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা হোৱাৰ পাছৰ পৰাহে মানৱ অধিকাৰ ধাৰণাটোৱে গুৰুত্ব লাভ কৰিছে।

মানৱ অধিকাৰ বুলিলে প্রকৃতি প্রদত্ত জন্মগত কিছুমান মৌলিক আৰু হস্তান্তৰ বিহীন অধিকাৰৰ কথা বুজা যায়। এনে অধিকাৰৰ অবিহনে এজন ব্যক্তিয়ে মানুহ হিচাপে জীয়াই থাকিব নোৱাৰে। এই মানৱ অধিকাৰসমূহে সভ্য আৰু সুন্দৰ জীৱন-যাপনৰ বাবে সুবিধা প্রদান কৰে। সকলো মানুহক সন্মান সহকাৰে নিজৰ মৰ্যাদা ৰক্ষা কৰি নিৰাপত্তাৰ মাজত জীয়াই থাকিবলৈ এনে অধিকাৰে সুবিধা দিয়ে। মানৱ অধিকাৰে এনে এটা পৰিৱেশ সৃষ্টি কৰে। যিটো পৰিৱেশত ব্যক্তিয়ে নিজৰ ব্যক্তিত্বৰ বিকাশ সাধন কৰিব পাৰে। ব্যক্তিয়ে শাৰীৰিক মানসিক আৰু বৌদ্ধিক সকলো দিশতে পূর্ণতা লাভ কৰিব পাৰে। মানৱ অধিকাৰ জন্মগত হোৱাৰ বাবে জাতি, ধর্ম, বর্ণ, লিংগ, দেশ নির্বিশেষে সকলোৱে সমানভাবে ইয়াক উপভোগ কৰিব পাৰে। এই অধিকাৰবিলাকৰ যোগেদি ব্যক্তি আৰু সমাজে সামাজিক, আর্থিক, ধার্মিক, বৌদ্ধিক, ৰাজনৈতিক, সাংস্কৃতিক আদি সকলো দিশতে স্বতন্ত্রভাৱে কার্যকলাপত অংশগ্ৰহণ কৰিব পাৰে আৰু উৎকর্ষ সাধন কৰিব পাৰে।

মানৱ অধিকাৰবিলাকে যেনেকৈ ব্যক্তিক ব্যক্তিত্ব বিকাশৰ সুবিধা দিয়ে তেনেকৈ এই অধিকাৰবিলাকে সামাজিক জীৱনৰ ভাষিক, সাংস্কৃতিক গোষ্ঠীগত বিকাশ সাধনতো সুবিধা প্রদান কৰে। কাৰণ বৰ্তমানৰ মানৱ অধিকারে তিনি প্ৰজন্মৰ অধিকাৰক সামৰি লয়। প্রথম প্ৰজন্মৰ অধিকাৰ নাগৰিকৰ ৰাজনৈতিক আৰু নাগবিক অধিকাৰ সামৰি লয়। এনে অধিকাৰবিলাকে চৰকাৰক ব্যক্তি অধিকাৰত হস্তক্ষেপ কৰাত বাধা প্ৰদান কৰে। দ্বিতীয় প্ৰজন্মৰ অধিকাৰে সামাজিক, অর্থনৈতিক আৰু সাংস্কৃতিক নিৰাপত্তাৰ অধিকাৰ প্ৰদান কৰে। তৃতীয় প্ৰজন্মৰ অধিকাৰে কিছুমান পাৰিপাৰ্শ্বিক, সাংস্কৃতিক আৰু উন্নয়নশীল অধিকাৰক সামৰি লয়।

এই অধিকাৰে গোট, গোষ্ঠীৰ আত্মনিয়ন্ত্ৰণ আৰু উন্নয়নশীল অধিকাৰক সামৰি লয়। গতিকে দেখা যে বর্তমান মানৱ অধিকাৰে ব্যক্তিৰ প্ৰাকৃতিক আৰু জন্মগত অধিকাৰৰ উপৰিও গোষ্ঠীৰ আত্মনিৰ্ধাৰণৰ অধিকাৰ অন্তৰ্ভুক্ত কৰে। মানৱ অধিকাৰবিলাকৰ বহুমুখী দিশ থকাৰ বাবে এই অধিকাৰবিলাকক বহুতে মৌলিক অধিকাৰ, প্ৰাকৃতিক অধিকাৰ বংশগত অধিকাৰ, জন্মগত অধিকাৰ নামেৰে অভিহিত হৈ আহিছিল।

মানৱ অধিকাৰৰ বিষয়টো এনে ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত যে মানৱ জাতি জন্মগতভাৱে সম মর্যাদা আৰু সম অধিকাৰৰ অধিকাৰী। মানৱীয়তাৰ খাতিৰতে এনে মৌলিক আৰু হস্তান্তৰবিহীন অধিকাৰৰ প্ৰয়োজন হয়। মানৱীয় মর্যাদা ৰক্ষাৰ বাবেই এই অধিকাৰবোৰ দাবী কৰা হয় আৰু গ্ৰহণ কৰা হয়। এই অধিকাৰবিলাকক আইনগত অধিকাৰ বুলি জাতীয় আৰু আন্তর্জাতিক চৰকাৰৰ আইন প্রণয়নকাৰী সংস্থাসমূহে গ্ৰহণ কৰিছে। নতুন নতুন অধিকাৰ মানৱ অধিকাৰে বৰ্তমান সামৰি লৈছে।

মানুহৰ সমমর্যাদাৰ ধাৰণাটো প্ৰত্যেক সভ্যতা, সংস্কৃতি, ধর্ম আৰু দার্শনিক পৰম্পৰাগত গুৰুত্ব পাই আহিছে। তথাপিও মানৱীয় মর্যাদা ইতিহাসত খর্ব হৈ আহিছে। আৰু বর্তমানেও খর্ব হৈয়েই আছে। জাতি, ধর্ম, বর্ণ, গোষ্ঠী, বিশ্বাস, লিংগ আদিৰ ভিত্তিত মানুহৰ মাজত বৈষম্য ইতিহাসত চলি আহিছে আৰু এতিয়াও চলি আছে। কিছুমান প্রাচীন মতবাদে অজ্ঞতা, বিদ্বেষ ভাবে মানৱ অধিকাৰৰ বিৰুদ্ধে বৈষম্য প্রতিষ্ঠাতহে গুৰুত্ব দি আহিছে। কিন্তু মানৱ অধিকাৰক সন্মান নজনালে সভ্যতা আৰু মানৱীয়তা সমূলঞ্চে বিলুপ্ত হ’ব। যদি সকলো মানুহক মানৱ অধিকাৰ উপভোগ কৰাৰ নিশ্চয়তা প্রদান কৰিব পৰা নহয় তেতিয়া হ’লে মানুহৰ সামাজিক, ৰাজনৈতিক, বৌদ্ধিক সাংস্কৃতিক সকলো দিশতে ব্যক্তিত্ব বাধাপ্রাপ্ত হ’ব আৰু সামাজিক আৰু ৰাজনৈতিক জীৱনতো অশান্তি বাঢ়িব। জোৰ যাৰ মুলুক তাৰ নীতিয়ে প্রাধান্য পাব। শক্তিশালী লোকৰ প্রাধান্যতা বাঢ়িব আৰু দুর্বলীসকল শোষণৰ বলি হ’ব। মানৱ জীৱন প্ৰকৃতিৰ অন্ধকাৰময় অতীতলৈ পুনৰ গতি কৰিব।

এক অৰাজক সমাজত মানৱ অধিকাৰ উপভোগ কৰিব নোৱাৰে। গতিকে এক সুসংগঠিত সমাজতহে ব্যক্তিয়ে মুকলিভাৱে অধিকাৰ উপভোগ কৰিব পাৰে। কাৰণ এনে সমাজত মানৱ অধিকাৰ লংঘন কৰিলে তাৰ প্ৰতিকাৰৰ ব্যৱস্থা আছে। মানৱ অধিকাৰ ৰক্ষণাবেক্ষণৰ বাবে এক কৰ্তৃত্বশীল সংগঠনৰ ব্যৱস্থা সুসংগঠিত গণতান্ত্রিক সমাজতহে থাকে। বৰ্তমান ৰাষ্ট্ৰীয় আৰু আন্তর্জাতিক পৰ্যায়ত লিখিত ৰূপত মানৱ অধিকাৰ স্বীকৃতি দিয়া হৈছে আৰু এনে অধিকাৰবিলাক ৰক্ষণাবেক্ষণৰ বাবে আইনগত সংস্থা গঠন কৰা হৈছে।

বিকাশ : মানৱ অধিকাৰৰ ধাৰণাটো ৰেনেচাঁ বা পুনৰ জাগৰণৰ দিনৰ পৰা গুৰুত্ব পাই আহিছে। মানৱ অধিকাৰ বিষয়ত বৈপ্লৱিক পৰিৱর্তন অন্য দুখন ঘোষণাপত্র এইক্ষেত্ৰত উল্লেখযোগ্য। 

সেই দুখন হ’ল : 

(১) আমেৰিকাৰ স্বাধীনতাৰ ঘোষণাপত্র (১৯৭৬)। আৰু 

(২) ব্যক্তি আৰু নাগৰিক অধিকাৰৰ ফৰাচী ঘোষণা পত্র (১৯৮৯)। 

ইয়াৰ বাহিৰেও ইংলেণ্ডৰ মেগনা কার্টা (১২৯৫) বিশেষভাৱে উল্লেখনীয় পদক্ষেপ আছিল। মানৱ অধিকাৰক বিশ্বজনীন কৰিবৰ বাবে ১৯৪৫ চনৰ ৰাষ্ট্ৰসংঘৰ চনদত সংকল্পবদ্ধতাৰ কথা দৃঢ়তাৰে প্ৰকাশ কৰা হৈছে। ইয়াত মৌলিক মানৱ অধিকাৰ ৰক্ষাৰ বাবে মানৱীয় মর্যাদা ৰক্ষাৰ বাবে, পুৰুষ- মহিলাৰ সম অধিকাৰ ৰক্ষাৰ বাবে, ন্যায় প্রতিষ্ঠাৰ বাবে সংকল্প গ্রহণ কৰা হৈছে। ১৯৪৮ চনৰ মানৱ অধিকাৰৰ সার্বজনীন ঘোষণা পত্র ১নং অনুচ্ছেদত কোৱা হৈছে যে সকলো মানুহ জন্মগতভাৱে স্বাধীন মর্যাদা আৰু অধিকাৰৰ ক্ষেত্ৰত সকলো সমান। তেওঁলোক সকলোকে যুক্তি আৰু বিবেচনাশক্তি প্রদান কৰা হৈছে আৰু সকলোৱে ইজনে সিজনৰ প্ৰতি ভাতৃত্ববোধৰ মনোভাবেৰে কাম কৰিব লাগে। (All human beings are born free and equal in dignity and rights. They are endowed with reasons and conscience and should act towards one another in a spirit of brotherhood.”) ৩ নং অনুচ্ছেদত কোৱা হৈছে যে ব্যক্তিৰ জীৱন ধাৰণৰ অধিকাৰ, স্বতন্ত্রতাৰ অধিকাৰ আৰু ব্যক্তিগত নিৰাপত্তাৰ অধিকাৰ প্ৰত্যেক ব্যক্তিৰ মৌলিক অধিকাৰ আৰু বাকী অন্যান্য অধিকাৰ এই তিনিবিধ অধিকাৰৰ ওপৰত নিৰ্ভৰশীল।

বর্তমান মানৱ অধিকাৰৰ বিষয়টো ৰাষ্ট্ৰৰ চাৰিবেৰৰ ভিতৰতে সীমাবদ্ধ হৈ থকা নাই। ৰাষ্ট্ৰীয় আইনৰ দৰে আন্তর্জাতিক আইনসমূহেও মানৱ অধিকাৰ ৰক্ষাৰ ব্যৱস্থা কৰিছে। যোৱা ৬০ বছৰে ৰাষ্ট্ৰসংঘৰ উদ্যোগত মানৱ অধিকাৰৰ বিষয়ত বহু কনভেনচন বা সভা হৈ গৈছে। সেইবিলাকৰ যোগেদি বিশ্বজনীন মানৱ অধিকাৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা শক্তিশালী কৰা হৈছে।

মানৱ অধিকাৰৰ উপাদান বা বৈশিষ্ট্য : মানৱ অধিকাৰৰ অৰ্থ, সংজ্ঞা আৰু ধাৰণা বিশ্লেষণ কৰিলে ইয়াৰ কিছুমান ধাৰণা বৈশিষ্ট্য প্রকাশ পায়। মানৱ অধিকাৰৰ উপাদানবোৰ হৈছে। 

(১) মানৱ অধিকাৰৰ হ’ল কোনো ব্যক্তি বা ব্যক্তিৰ সমষ্টিৰ অধিকাৰ।

(২) এই অধিকাৰসমূহ জন্মগতভাৱে লাভ কৰা অধিকাৰ আৰু ইয়াক হস্তান্তৰ কৰিব নোৱাৰি।

(৩) মানৱ অধিকাৰ বিশ্বজনীন আৰু আইনগত ধাৰণা। 

(৪) এই অধিকাৰবিলাকে সমতা আৰু মানৱীয় মর্যাদা ৰক্ষা কৰে, বৈষম্যহীনভাৱে সকলোকে ই স্বতন্ত্রতা আৰু ভাতৃত্ববোধ উপভোগত সহায় কৰে।

(৫) সমাজত সন্মানজনকভাৱে জীয়াই থাকিবৰ বাবে এই অধিকাৰবিলাক মানৱ জীৱনৰ অতি প্রয়োজনীয় চর্ত।

(৬) এই অধিকাৰবিলাক সমাজৰ মাজত থাকি কাৰ্যকৰী কৰিব পাৰি আৰু সকলো পৰ্যায়তে ৰাষ্ট্ৰৰ কৰ্তৃত্বৰ অধীনত কাৰ্যকৰী আৰু ৰক্ষণাবেক্ষণ দিব পাৰি।

বহুলভাৱে আলোচনা :

(১) মানৱ অধিকাৰসমূহ হ’ল ব্যক্তিৰ বা ব্যক্তি সমষ্টিৰ অধিকাৰ। ব্যক্তিৰ ব্যক্তিত্ব বিকাশৰ বাবে এই অধিকাৰসমূহ প্রদান কৰা হয়। ব্যক্তি বা ব্যক্তিৰ সমষ্টিৰ ৰাজনৈতিক, সামাজিক, অর্থনৈতিক, সাংস্কৃতিক আদি অধিকাৰ থাকিলে ব্যক্তিয়ে নিজৰ পচন্দ অনুসৰি মুক্তভাৱে এই অধিকাৰ উপভোগ কৰিব পাৰে। ব্যক্তিক বা ব্যক্তিৰ সমষ্টিক অধিকাৰ প্ৰদান কৰিলেহে ব্যক্তিয়ে নিজৰ প্ৰতিভা বিকাশ কৰিব পাৰে আৰু সমাজ আৰু ৰাষ্ট্ৰৰ প্ৰতি বৰঙণি যোগাব পাৰে। ব্যক্তিক প্ৰদান কৰা এই অধিকাৰবিলাক হ’ল— জীয়াই থকাৰ অধিকাৰ, মত প্ৰকাশৰ অধিকাৰ, বাসস্থানৰ অধিকাৰ, ধৰ্মীয় অধিকাৰ, সংস্থা গঠনৰ অধিকাৰ, নিজৰ পছন্দ মতে কাম কৰাৰ অধিকাৰ, আত্ম নিৰ্ধাৰণৰ অধিকাৰ, শান্তিৰ অধিকাৰ ইত্যাদি। মানৱ অধিকাৰসমূহ ব্যক্তি আৰু ব্যক্তিৰ সমষ্টিৰ অধিকাৰ। সকলো দেশতে এই অধিকাৰসমূহ ব্যক্তিক বা ব্যক্তি সমষ্টিক প্ৰদান কৰা অধিকাৰহে।

(২) এই অধিকাৰসমূহ জন্মগতভাৱে লাভ কৰা অধিকাৰ। এনে অধিকাৰ হস্তান্তৰযোগ্য নহয়। মানুহ জন্মগতভাৱে স্বাধীন। মানুহে সমাজপাতি বাস কৰা আগৰে পৰাই এনে অধিকাৰ ভোগ কৰি আহিছে। এই সম্পর্কত হবছ, লক আৰু কছোৰ সামাজিক চুক্তি মতবাদটোত মানৱ অধিকাৰ যে জন্মগত তাক প্ৰকাশ কৰা হৈছে। ৰাষ্ট্ৰ গঠন হোৱাৰ আগতেও মানুহে প্ৰকৃতি ৰাজ্যত কিছুমান অধিকাৰ উপভোগ কৰিছিল। ৰুছোৱে কৈছিল— “Men are born free everywhere he is in chain” প্রাকৃতিক আইন অনুসৰিও মানুহ সকলো সমান; সকলো সমমর্যাদাৰ অধিকাৰী। প্ৰকৃতিয়ে মানুহৰ মাজৰ বৈষম্য আচৰণ নকৰে। জন্মগতভাৱে মানুহ যিহেতু সমান, সকলো মানুহ সম-অধিকাৰৰ অধিকাৰী সেই কাৰণে এনে অধিকাৰ হস্তান্তৰ কৰিব নোৱাৰি। সামাজিক নৈতিকতা, ঐক্য আৰু প্ৰগতিৰ বাবে কিছুমান বাধ্যবাধকতা থাকিব পাৰে।

(৩) মানৱ অধিকাৰ বিশ্বজনীন আৰু এক আইনগত ধাৰণা। বিশ্বৰ সকলো মানুহে এই অধিকাৰ উপভোগ কৰিব পাৰে বাবে এনে অধিকাৰবিলাক বিশ্বজনীন। জীৱন ধাৰণৰ অধিকাৰ, পছন্দৰ অধিকাৰ, ভোটদানৰ অধিকাৰ, বৃত্তি গ্ৰহণৰ অধিকাৰ, সামাজিক সাংস্কৃতিক অধিকাৰসমূহ সকলো দেশৰ সকলো মানুহে ধর্ম, বা দেশ, সম্প্রদায় নির্বিশেষে উপভোগ কৰিব পাৰে। মানৱ অধিকাৰৰ লগত আইনৰ প্রশ্ন জড়িত হৈ আছে। ৰাষ্ট্ৰসংঘৰ চনদত, ১৯৪৮ চনৰ মানৱ অধিকাৰৰ ঘোষণা পত্ৰত, ১৯৬৬ চনৰ নাগৰিক আৰু ৰাজনৈতিক অধিকাৰ, অর্থনৈতিক, সামাজিক সাংস্কৃতিক অধিকাৰৰ আন্তর্জাতিক চুক্তিসমূহত আইনগত স্বীকৃতি আছে। এই মানৱ অধিকাৰ বিভিন্ন দেশত ৰাষ্ট্ৰীয় আইনে ৰক্ষা কৰিব লাগে। ১৯৯৩ চনত ভাৰতৰ সংসদে মানৱ অধিকাৰক নিশ্চয়তা প্রদান কৰি, ব্যক্তিৰ জীৱন, স্বতন্ত্রতা, সমতা আৰু মর্যাদা সম্পর্কীয় অধিকাৰ স্বীকৃতি প্রদান কৰি আইন প্রণয়ন কৰিছে। গতিকে মানৱ অধিকাৰ বিশ্বজনীন আৰু ই আইনৰ ধাৰণাৰ লগত জড়িত।

(৪) এই অধিকাৰবিলাকে সমতা আৰু মানৱীয় মর্যাদা ৰক্ষা কৰে। বৈষম্যহীনভাৱে সকলোকে ই স্বতন্ত্রতা আৰু ভাতৃত্ববোধ উপভোগত সহায় কৰে। মানৱ অধিকাৰ বিলাক সকলোৰে বাবে সমান। সমানভাৱে এই অধিকাৰবোৰে মানৱীয় মর্যাদা ৰক্ষা কৰে। ধনী-দুখীয়া, উচ্চ-নীচ আদিৰ ওপৰত এনে অধিকাৰবিলাক নিৰ্ভৰ নকৰে। পৃথিৱীৰ সকলো জাতি, জনগোষ্ঠী, সম্প্রদায়ে সমানভাবে এই অধিকাৰ সমানে উপভোগ কৰিব পাৰে। এনে অধিকাৰ উপভোগ কৰাত কোনো বৈষম্য নাই। ই কোনো জাতীয়তাৰ ওপৰত নিৰ্ভৰশীল নহয়। মানৱ অধিকাৰক কোনো এখন ৰাষ্ট্ৰৰ ভৌগোলিক পৰিসীমাৰ মাজত আৱদ্ধ কৰিব নোৱাৰি। বিদেশী এজনেও অন্য দেশত কিছুমান অধিকাৰ উপভোগ কৰিব পাৰে। বিদেশী বুলি এখন ৰাষ্ট্ৰই বৈষম্য আচৰণ কৰিব নোৱাৰে। মানুহৰ মাজত সমতা, ভাতৃত্ববোধ আৰু মানৱতাবাদী নীতিৰ ওপৰত মানৱ অধিকাৰ প্রতিষ্ঠিত। গোষ্ঠীগত, সংখ্যালঘুৰ অধিকাৰবোৰে ভাতৃত্ববোধ উপভোগত সহায় কৰে।

(৫) সমাজত সন্মানজনকভাৱে জীয়াই থাকিবৰ বাবে এই অধিকাৰবিলাক মানৱ জীৱনৰ অতি প্রয়োজনীয় চৰ্ত। কাৰণ এই চৰ্তসমূহৰ অবিহনে মানুহে সভ্য, সুশৃংখল আৰু আনন্দদায়ক জীৱন যাপন কৰিব নোৱাৰে। দাসসকলে সুখী আৰু আত্মনিৰ্ভৰশীল হ’ব নোৱাৰে। একনায়কত্ববাদী চৰকাৰত জনসাধাৰণক অধিকাৰ প্ৰদান কৰা নহয়, ফলস্বৰূপে সুখী, সভ্য জীৱন কৰিবলৈ জনসাধাৰণৰ সম্ভৱ নহয়। কাৰোবাৰ দমন, শোষণত থাকিলে ব্যক্তিয়ে বা সমাজে নিকৃষ্ট জীৱন-যাপন কৰিব লগা হয়। ইয়াৰ অৰ্থ এইটোৱেই যে বাধাহীনভাৱে বা কাৰোৰ দ্বাৰা দমন-শোষণ নেথাকিলেহে ব্যক্তিয়ে বা সমাজে অধিকাৰ সাব্যস্ত কৰি এক সভ্য জীৱন-যাপন কৰিব পাৰে। সেইবাবেই মানৱ অধিকাৰসমূহে ব্যক্তিৰ জীৱন, সমাজ জীৱনৰ বাবে এনে এক অৱস্থা সৃষ্টি কৰে য’ত জনসাধাৰণে মুক্তভাৱে জীয়াই থকাৰ সুবিধা লাভ কৰে। সুন্দৰ সুখী জীৱনৰ বাবে এই অধিকাৰসমূহ প্রধান চর্ত। এই অধিকাৰ আত্মনিয়ন্ত্ৰণৰ আৰু প্ৰগতিৰ চৰ্ত। মুঠতে ব্যক্তিৰ কল্যাণ আৰু সামাজিক কল্যাণ এই অধিকাৰৰ ওপৰত নিৰ্ভৰশীল।

(৬) এই অধিকাৰৰ এটা প্রধান উপাদান বা বৈশিষ্ট্য হ’ল যে এই অধিকাৰবিলাক সমাজত থাকি কাৰ্যকৰী কৰিব পাৰি। ৰাষ্ট্ৰৰ কৰ্তৃত্বৰ অধীনত এনে অধিকাৰী কাৰ্যকৰী হয় আৰু কৰ্তৃত্বই ৰক্ষণাবেক্ষণ দিয়ে। এই অধিকাৰবিলাক সামাজিকভাৱে সমাজত থাকি কাৰ্যকৰী হয়। এনে অধিকাৰবিলাক ৰাষ্ট্ৰৰ কৰ্তৃত্বই স্বীকৃতি দিয়ে। ৰাষ্ট্ৰীয় আইনৰ দ্বাৰা এনে অধিকাৰ সাব্যস্ত কৰা হয়। মানৱ অধিকাৰ ভংগ কৰিলে ৰাষ্ট্ৰীয় কৰ্তৃত্বই ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰে। প্রতিখন দেশতেই মানৱ অধিকাৰ আইন গ্ৰহণ কৰা হৈছে। মানৱ অধিকাৰ লংঘন কৰিলে এই আয়োগে তদন্ত কৰি অধিকাৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰে।

২। ভীমৰাও আম্বেদকাৰৰ মতে সামাজিক গণতন্ত্ৰৰ গুৰুত্ব।

উত্তৰঃ সামাজিক গণতন্ত্র : ড° আম্বেদকাৰ মতে, সামাজিক লোকতন্ত্র বা গণতন্ত্র মানে জীৱনৰ এটি উপায় যিয়ে স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধ জীৱনৰ নীতি হিচাপে স্বীকৃতি দিয়ে। এয়া পৃথক নহয়, এয়া ত্রিমূর্তিৰ মিলন হয়। আম্বেদকাৰ মত অনুসৰি, গণতন্ত চৰকাৰ এটা প্ৰকাৰতকৈ অধিক। ই সমাজৰ সংগঠনৰ এটা ৰূপ। দুটা প্ৰয়োজনীয় চর্ত যিয়ে গণতান্ত্রিকভাৱে গঠিত সমাজক চিহ্নিত কৰে। প্ৰথমটো হ’ল সমাজক চাৰিটা শ্ৰেণীত স্তৰবিন্যাসৰ অনুপস্থিতি। দ্বিতীয়টো হ’ল ব্যক্তি আৰু গোটৰ এটি সামাজিক অভ্যাস যিস্বাৰ্থৰ স্বীকৃতি স্বৰূপ পুনৰবিন্যাসৰ প্রস্তুত। তেওঁ গণতন্ত্র সফলতাৰ বাবে প্ৰয়োজনীয় সামাজিক বিন্যাসক পূৰ্ব আৱশ্যকতাৰ ৰূপ হিচাপে বিবেচনা কৰিছে। ইয়াৰ অবিহনে গণতন্ত্রই দীর্ঘদিন কার্যাবলী সফলভাৱে সম্পাদন কৰিব নোৱাৰে। গণতন্ত্ৰৰ আনুষ্ঠানিক কাঠামোৰ নিজস্ব মূল্য নাই আৰু সামাজিক গণতন্ত্র নাথাকিলে ই উপযুক্ত হিচাপে গঠন হ’ব নোৱাৰে। আম্বেদকাৰে গণতন্ত্ৰক জীৱন যাপনৰ এটা পদ্ধতি হিচাপে বিবেচনা কৰিছে। ইয়াত জনসাধাৰণৰ ওপৰত গুৰুত্ব দিয়ে আৰু আলোচনা আৰু সন্মতি, স্বেচ্ছ সেৱামূলক, জনবিৰোধী শাসনৰ অনুপস্থিতি, সমস্ত মানৱ সম্পৰ্কৰ ক্ষেত্ৰত মৌলিক সমতা আদি জড়িত হৈ থাকে। তেওঁ উল্লেখ কৰিছে যে সমতা গণতন্ত্ৰৰ মূলনীতি, যাক সামাজিক বিপ্লৱৰ মাধ্যমে অনুসন্ধান কৰা উচিত। যদি আমাৰ সমাজ ব্যৱস্থা লোকতান্ত্ৰিক হিচাপে গঠন কৰিব লাগে তেতিয়া গণতন্ত্ৰৰ চেতনাবোধ লাহে লাহে আৰু শান্তিপূর্ণভাৱে আমাৰ ৰীতি নীতি আৰু প্ৰথা পৰম্পৰাত প্ৰৱৰ্তিত হোৱা উচিত। তেওঁ প্ৰকাশ কৰিছে যে ৰাজনীতিবিদসকলে ভাল চৰকাৰ বিচাৰিছিল আৰু তেওঁলোকৰ উদ্দেশ্য আছিল গণতান্ত্রিক চৰকাৰ গঠন কৰা । কিন্তু তেওঁলোকে গণতান্ত্রিক চৰকাৰৰ প্ৰকাৰ সম্ভৱ হয়নে নহয় সেয়া মন্তব্য কৰা নাছিল। চৰকাৰৰ এটি গণতান্ত্ৰিক ৰূপ সমাজৰ এটি গণতান্ত্ৰিক ৰূপক গন্য কৰে। গণতন্ত্ৰৰ আনুষ্ঠানিক কাঠামোৰ কোনো মূল্য নাই আৰু সামাজিক গণতন্ত্ৰৰ অবিহনে ই উপযোগী হিচাপে কেতিয়া গঠন হ’ব নোৱাৰে। ৰাজনীতিবিদসকলে কেতিয়াও বুজা নাছিল যে চৰকাৰৰ কোনো ৰূপ নাই, ই সমাজৰ বাবে অনিবার্য এটা ৰূপ।

আম্বেদকাৰে গণতন্ত্রক সামাজিক আৰু ৰাজনৈতিক পদ্ধতি দুয়োটা ৰূপত মানি লয় ৷ সামাজিক বাধাসমূহ দূৰ কৰিবৰ বাবে, জাতি ব্যৱস্থাত থকা অসমতা অৱসান ঘটাবৰ বাবে আম্বেদকাৰে ৰাজনৈতিক গণতন্ত্রকে সামাজিক আৰু অৰ্থনৈতিক গণতন্ত্ৰ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিছিল। তেওঁ মতে ৰাজনৈতিক গণতন্ত্র তেতিয়ালৈকে সম্ভৱ নহয় যেতিয়ালৈকে এটাৰ আনটো আধাৰ হ’ব নোৱাৰে। সামাজিক গণতন্ত্রই স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধক জীৱনৰ নীতি হিচাপে স্বীকৃতি দিয়ে। সেইকাৰণে তেওঁ জীৱনৰ প্ৰতিটো ক্ষেত্ৰত সমতা আৰু ভাতৃত্বৰ ওপৰত গুৰুত্ব দিছে। সমাজৰ শ্রেণীবিন্যাস আৰু উপাৰ্জনৰ বিন্যাসৰ স্বীকৃতি সম্পূৰ্ণ ৰূপত অগণতান্ত্রিক আৰু অবাস্তৱবাদী। এই সমূহে মানৱ সমাজ তথা মানৱ সম্পৰ্কৰ ক্ষেত্ৰত হানিকাৰক হয়। সেইকাৰণে আম্বেদকাৰে জাতি ব্যৱস্থাক সম্পূর্ণ ৰূপত সমালোচনা কৰিছে, যিটোৱে গণতন্ত্ৰৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰে।

৩। ৰাজনৈতিক গণতন্ত্র মানে কি বুজা?

উত্তৰঃ (ক) ৰাজনৈতিক গণতন্ত্র : ড° আম্বেদকাৰে ৰাজনৈতিক শক্তি জনসাধাৰণৰ লগত ৰাখিছিল। কাৰণ তেওঁ ভাবিছিল এইটো সকলো সামাজিক কল্যাণৰ মূল। তেওঁ মতে গণতন্ত্রৰ আত্মা হ’ল “এক ব্যক্তি, এক ভোট” আৰু “এক ভোট, এক মূল্য” ৰ মতবাদৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁ প্ৰত্যেক তথা প্রতিজন মানুহক এক বুলি গণ্য কৰা অর্থ কি? একতকৈ অধিক কোনো ব্যক্তি নহয়। ইয়াৰ অৰ্থ হ’ল প্ৰত্যেকখন চৰকাৰে ইয়াৰ নৈতিক কার্যবিলী আৰু নির্দিষ্ট সময়সীমাৰ অন্তত ভোটাৰ আৰু নিবচিকমণ্ডলীক চৰকাৰৰ দ্বাৰা সম্পাদন কৰা কাৰ্যাৱলীৰ মূল্যায়ন কৰাৰ সুবিধা দিয়া হয়। আমি ৰাজনৈতিক গণতন্ত্র এইবাবেই প্রতিষ্ঠা কৰিছো কাৰণ যাতে কোনো ব্যক্তিয়ে চিৰস্থায়ী একনায়কত্ব প্রতিষ্ঠা কৰিব নোৱাৰে। ৰাজনৈতিক আলোচনাৰ স্বাধীনতাৰ অবিহনে গণতন্ত্র অবিশ্বাস্য। ভোটদানৰ অধিকাৰে এজন ব্যক্তিক প্রকৃত অৰ্থত চৰকাৰক নিয়ন্ত্ৰণৰ সুবিধা দিয়ে। তেওঁ কৈছে যে, সংসদীয় চৰকাৰ প্ৰণালীত ৰাজনৈতিক আলোচনা অধিক। এই ব্যৱস্থা বংশগত শাসনৰ বাবে নিষেধ হয়। যিসকলে শাসন কৰিব বিচাৰে তেওঁলোকক সময়ে যে সময়ে জনসাধাৰণৰ দ্বাৰ। নির্বাচিত কৰা হয় আৰু তেওঁলোকে জনসাধাৰণৰ পৰা অনুমোদন পাব লাগে সংসদীয় ব্যৱস্থাই দুটা স্তম্ভৰ দ্বাৰ ইয়াৰ কটূৱিলী সম্পাদন কৰে। সেয়া হ’ল (a) বিৰোধী আৰু (b) স্বতন্ত্র আৰু নিৰপেক্ষ নিবাৰ্চন। সংসদীয় ব্যৱস্থাৰ সফলতাৰ বাবে শক্তিশালী বিৰোধী আতি প্রয়োজন। বিৰোধী মুক্ত ৰাজনৈতিক জীৱনৰ মূল চাবিকাঠি। ইয়াৰ অবিহনে কোনো গণতন্ত্র সফল হ’ব নোৱাৰে। উচ্চ ৰাজনৈতিক উদ্দেশ্যসমূহ কল্পনা কৰি আম্বেদকাৰে কৈছে যে গণতন্ত সামাজিক লক্ষ্য সমূহৰ লগত জড়িত থাকিব লাগে। তেওঁ গণতন্ত্রক সামাজিক জীৱন যাত্ৰী আৰু ৰাজনৈতিৰ পদ্ধতি উভয় হিচাপে বিবেচনা কৰিছে। গণতন্তত প্ৰতিটো দলেই ৰাজনৈতিক শক্তিক সমালোচনা আৰু দমন কৰা অধিকাৰ আছে। ক্ষমতাত থকা দলে সদায়েই ক্ষমতা নিজৰ হাতত ৰখাৰ চেষ্টা কৰে। আম্বেদকাৰৰ হাতত থকা দলৰ পৰা অন্য ৰাজনৈতিক দললৈ যায়। ড° আম্বেদকাৰে বুজিব পাৰিছিল যে সামাজিক আৰু অর্থনৈতিক গণতন্ত্ৰৰ অবিহনে ৰাজনৈতিক গণতন্ত্র সফল হোৱাটো অসম্ভৱ। কাৰণ সামাজিক আৰু অৰ্থনৈতিক গণতন্ত্ৰৰ লগত ৰাজনৈতিক গণতন্ত্ৰ গভীৰ ভাৱে জড়িত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top