Understanding Ambedkar Unit 3 মহিলাৰ বিষয়ে অনতাৰণা

Understanding Ambedkar Unit 3 মহিলাৰ বিষয়ে অনতাৰণা Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Understanding Ambedkar Unit 3 মহিলাৰ বিষয়ে অনতাৰণা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Understanding Ambedkar Unit 3 মহিলাৰ বিষয়ে অনতাৰণা Question Answer can be of great value to excel in the examination.

Understanding Ambedkar Unit 3 মহিলাৰ বিষয়ে অনতাৰণা

Join Telegram channel

Understanding Ambedkar Unit 3 মহিলাৰ বিষয়ে অনতাৰণা cover all the exercise questions in UGC Syllabus. The Understanding Ambedkar Unit 3 মহিলাৰ বিষয়ে অনতাৰণা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

মহিলাৰ বিষয়ে অনতাৰণা

POLITICAL SCIENCE

UNDERSTANDING AMBEDKAR

আম্বেদকাৰ

১। ‘সমতা সৈনিক দল’ কোনে প্রতিষ্ঠা কৰিছিল? 

উত্তৰঃ আম্বেদকাৰে প্ৰতিষ্ঠা কৰিছিল।

২। আম্বেদকাৰৰ মতে ভাৰতীয় নাৰীৰ পতন কেতিয়াৰ পৰা আৰম্ভ হয়?

উত্তৰঃ আম্বেদকাৰৰ মতে ভাৰতীয় নাৰীৰ পতন মনুস্মৃতি যুগত আৰম্ভ হয়।

৩। হিন্দু ক’ড বিল কোনে উত্থাপন কৰিছিল?

উত্তৰঃ ভীমৰাও আম্বেদকাৰে। 

৪। হিন্দু ক’ড বিল কেই প্ৰকাৰৰ বিবাহক স্বীকৃতি দিয়া হৈছে আৰু কি কি?

উত্তৰঃ দুই প্ৰকাৰৰ —

(ক) শাস্ত্রীয় বিবাহ। আৰু 

(খ) বিধায়নিক বিবাহ।

৫। কালাৰাম সত্যাগ্রহ কোন চনত হৈছিল?

উত্তৰঃ ১৯৩০ চনত। 

৬। Hindu Code Bill ত থকা শাস্ত্রীয় বিবাহৰ ক্ষেত্ৰত কেইটা চৰ্ত ৰখা হৈছে?

উত্তৰঃ পাঁচ প্ৰকাৰৰ চৰ্ত ৰখা হৈছে।

চমু আৰু ৰচনাধৰ্মী প্রশ্নোত্তৰঃ 

১। ভাৰতীয় মহিলাৰ অৱনমিত সামাজিক স্থানৰ বিৰুদ্ধে আম্বেদকাৰৰ ৰাজনৈতিক পদক্ষেপ কেনেধৰণৰ আছিল? 

উত্তৰঃ ভীমৰাও আম্বেদকাৰে ১৯২৮ চনত ভাৰতলৈ অহা চাইমন কমিচনৰ সন্মুখনত দিয়া এটা প্ৰস্তাৱৰ মূল অংশটো আছিল — 

“যদি সঁচা অৰ্থত প্রতিনিধিত্বমূলক চৰকাৰ গঠন কৰিব বিচাৰে তেন্তে পুৰুষৰ দৰে মহিলাকো ভোটাধিকাৰ প্ৰদান কৰা উচিত হ’ব।”

এই প্ৰস্তাৱটো বহুতো দিশৰ পৰা তাৎপর্যপূর্ণ বুলিব পাৰি। ভাৰতত বহুশতাধিক ৰাজ কৰা বৃটিছ মহিলাসকলেও ১৯২৯ চনত প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ লাভ কৰিছিল। ইউৰোপৰ মহিলাসকলে ৩০০ বছৰ এই অধিকাৰৰ বাবে সংগ্রাম কৰিব লগা হৈছিল। নাৰীবাদী আন্দোলনৰ সমগ্র প্রথম পৰ্য্যায়টো বিশেষকৈ মহিলাসকলে ৰাজনীতিত অংশগ্ৰহণ অথবা ভোটাধিকাৰৰ ক্ষেত্ৰত থকা লিংগ বৈষম্যৰ বিৰুদ্ধাচৰণৰ বাবেই গঢ় লৈ উঠিছিল। মহিলাৰ ভোটাধিকাৰৰ বাবে যোৱা শতিকাৰ পঞ্চাছৰ দশকলৈকে সমগ্র বিশ্বত বহুতো আন্দোলন কৰা হৈছিল। পশ্চিমীয়া উদাৰবাদী ৰাষ্ট্ৰসমূহতো সংবিধান তথা গণতন্ত্র প্রতিষ্ঠা লাভ কৰাৰ পাছতো ৰাষ্ট্ৰত মহিলাসকলে নিজৰ ভোটাধিকাৰ অধিকাৰ পাবৰ বাবে আন্দোলন কৰিব লগীয়া হৈছিল। কিন্তু একে সময়তে নতুনকৈ স্বাধীনতা লাভ কৰি গণতন্ত্র বীজ ৰোপণ কৰা ভাৰতত নাৰীসমাজে এই ৰাজনৈতিক অধিকাৰৰ বাবে আন্দোলন কৰিব লগা হোৱা নাছিল। স্বাধীন ভাৰতৰ গণতান্ত্রিক সংবিধান ৰচনাৰ দায়িত্ব পোৱাৰ লগে লগে আম্বেদকাৰে মহিলাৰ ভোটাধিকাৰ প্ৰদান কৰাৰ লগতে সংবিধানত এনে কিছুমান ব্যৱস্থা যাৰ ফলত দীর্ঘদিন ধৰি নিজৰ অধিকাৰৰ পৰা বঞ্চিত হৈ অহা ভাৰতীয় মহিলাই ৰাজনৈতিক তথা সাংবিধানিক সুৰক্ষা কবচ লাভ কৰিলে — 

(i) অনুচ্ছেদ 15: লিংগ ভিত্তিত কোনো বৈষম্যমূলক আচৰণ কৰিব নোৱাৰিব।

(ii) অনুচ্ছেদ 16: চৰকাৰী চাকৰি ক্ষেত্ৰত সমান সুবিধা।

(iii) অনুচ্ছেদ 39: সমান কামৰ বাবে সমান মজুৰি।

(iv) অনুচ্ছেদ 42: “Maternity Relief”

(v) অনুচ্ছেদ 213: মহিলাৰ সংৰক্ষণ ব্যৱস্থা।        

মনুৱে মহিলাসকলক দ্বিতীয় শ্রেণীৰ নাগৰিক হিচাপে গণ্য কৰিছিল। মনুস্মৃতিত নাৰীৰ বিষয়ে ৯নং অধ্যায়ত এইদৰে উল্লেখ কৰিছে–

“ৰাতি নতুবা দিন, কেতিয়াও নাৰীক স্বাধীন হ’বলৈ দিয়া অনুচিত। নাৰীক কালত স্বামী আৰু বৃদ্ধাৱস্থাত পুত্ৰই এগৰাকী নাৰীক সুৰক্ষা দিয়ে, কিয়নো নাৰী কেতিয়াও স্বতন্ত্র জীৱনৰ যোগ্য নহয়।”

ইয়াৰ বিপৰীতে ভাৰতীয় সংবিধান নির্মাতা আম্বেদকাৰে আৰম্ভণিৰ পৰাই লিংগ নির্বিশেষে সকলোকে “এজন নাগৰিক এটা ভোট” ব্যৱস্থা কৰিছিল। যি অধিকাৰ ছুইজাৰলেণ্ডৰ দৰে বিশ্বৰ আটাইতকৈ উদাৰ গণতন্ত্ৰ হিচাপে প্ৰখ্যাত ৰাষ্ট্ৰ মহিলাই লাভ কৰিবৰ বাবে ১৯৭১ চনলৈকে অপেক্ষা কৰিব লগা হৈছিল। অহা ভাৰতীয় নাৰীৰ পুনৰ উত্থানৰ বাবে সংবিধানত আম্বেদকাৰে সকলো জাতি, ধৰ্ম বৰ্ণৰ লগতে লিংগ তথা মহিলাৰ সামাজিক ন্যায়ৰ ব্যৱস্থা কৰিছিল। হিন্দু কড’ বিলৰ জৰিয়তে ভাৰতীয় নাৰীৰ বিধায়িনী সুৰক্ষা প্ৰদান কৰিছিল। এই বিধেয়কৰ মূল চাৰিটা অংশ আছিল —

(ক) হিন্দু সমাজত বহু বিবাহৰ প্ৰচলন বন্ধ কৰা।

(খ) মহিলাক সম্পত্তিৰ অধিকাৰ আৰু সন্তান তুলি লোৱাৰ অধিকাৰ প্রদান।

(গ) নাৰীক তালাকৰ অধিকাৰ প্ৰদান। অসবর্ণ বিবাহৰ প্ৰচলন। আৰু 

(ঘ) আধুনিক আৰু প্ৰগতিশীল বিচাৰধাৰাৰ অনুৰূপ সমাজক পুনঃগঠন আৰু শক্তিশালী কৰা।

প্ৰকৃত অৰ্থত ভাৰতত প্ৰজাতন্ত্ৰৰ প্ৰতিষ্ঠা কৰিবলৈ মহিলাৰ অধিকাৰৰ সুৰক্ষাৰ ক্ষেত্ৰত এইদৰে কৈছিল —

“সঁচা অৰ্থত প্রজাতন্ত তেতিয়াহে সম্ভৱ হ’ব যেতিয়া, মহিলাক পিতাকৰ সম্পত্তিৰ সমান অংশ প্ৰদান কৰা হ’ব। তেওঁলোকক পুৰুষৰ সমান অধিকাৰ প্ৰদান কৰা হয়। তেওঁ পুনৰ কৈছিল— “মহিলাৰ উন্নতি তেতিয়াহে সম্ভৱ হ’ব যেতিয়া, তেওঁলোকক পৰিয়াল সমাজত পুৰুষৰ সমান মর্যদা লাভ কৰিব, ইয়ে তেওঁলোকৰ শিক্ষা আৰু আর্থিক ক্ষেত্ৰত সহায় কৰিব।”

অৱশ্যে ড° ৰাজেন্দ্ৰ প্ৰসাদৰ দৰে মহিলা বিৰোধী হিন্দুৰ প্ৰতিবাদৰ বাবে সংসদত গৃহীত হ’ব নোৱাৰিলে। এই পৰিঘটনাটোৱেই আম্বেদকাৰক ইমানেই দুখ দিছিল যে তেওঁ নিজৰ অসন্তেষ্টি প্রকাশ কৰিবলৈ পদত্যাগ পত্ৰ দিছিল। পিছত 1955-1956 “HINDU CODE BILL” ৰ সংশোধন কৰি চাৰিখন আইনৰ ৰূপত পৃথকে পৃথকে গৃহীত কৰা হয়। এইদৰে মহিলাক পিতৃ আৰু স্বামীৰ সম্পত্তিৰ অংশিদাৰী প্ৰদান কৰা, তালাকৰ অধিকাৰ, সন্তান তুলি লোৱা অধিকাৰ পুনঃবিবাহ আৰু অসবৰ্ণ বিবাহ অধিকাৰ প্ৰদানৰ আম্বেদকাৰৰ সপোন বাস্তৱত পৰিণত হয়।

২। মহিলা সবলীকৰণৰ ক্ষেত্ৰত আম্বেদকাৰৰ ভূমিকা সম্পৰ্কে চমু আলোচনা আগবঢ়োৱা?

উত্তৰঃ মহিলাৰ সবলীকৰণৰ পথ মুকলি কৰাৰ ক্ষেত্ৰত আম্বেদকাৰৰ বৈপ্লবিক চিন্তাধাৰা সঁচাই অতুলনীয় আছিল। তেওঁ হিন্দু সমাজৰ সংস্কাৰৰ লগতে নাৰীৰ অধিকাৰ সুৰক্ষিত কৰি নাৰীক সামাজিক সমতা, সামাজিক ন্যায় প্ৰদান কৰাত সদাই অগ্রণী ভূমিকা গ্ৰহণ কৰিছিল। আম্বেদকাৰে নাৰীবাদী আন্দোলনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত নিজে আগভাগ লোৱাৰ উপৰিও সমাজৰ নিপিড়িত দলিত  মহিলাসকলৰ হাতত এই আন্দোলনসমূহৰ নেতৃত্বৰ ভাৰ অৰ্পণ কৰি তেওঁলোকক সাহস দিছিল। অন্য নাৰীবাদী চিন্তাবিদৰ দৰে মহিলাৰ সমস্যাসমূহ নিজৰ দৃষ্টিভংগীৰে বিচাৰ নকৰি এগৰাকী নাৰীৰ দৃষ্টিভংগীৰে বিচাৰ কৰিছিল। ভাৰতীয় নাৰীবাদী আন্দোলনত আম্বেদকাৰ এক বহুচৰ্চিত নাম নহয় যদিও হিন্দু নাৰীক পতনৰ পৰা উদ্ধাৰ কৰি উত্থানৰ দিশলৈ লৈ যোৱাৰ ক্ষেত্ৰত আম্বেদকাৰৰ অৱদান প্রথম ব্যক্তি আছিল। 

১৯২৭ চনতে তেওঁ প্ৰতিষ্ঠা কৰা ‘সমতা সৈনিক দল’ ১৯৪২ চনত নিজৰ কৰ্মৰ জৰিয়তে ১৯৪২ চনত ৰাষ্ট্ৰৰ দ্বাৰা প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল। শেষত আম্বেদকাৰৰ এষাৰ মহান বক্তব্যৰে মহিলাৰ উত্থানৰ ক্ষেত্ৰত আম্বেদকাৰৰ মহান কৰ্মৰাজিক শ্ৰদ্ধাৰে স্মৰণ কৰা হ’ল- UNITY IS MEANINGLESS WITHOUT THE ACCOMPANIMENT OF WOMEN. EDUCATION IS FRUITLESS WITHOUT LESS EDUCATED WOMEN, AND AGITATION IS INCOMPLETE WITHOUT THE STRENGTH OF WOMEN.

৩। Hindu Code Bill য়ে ভাৰতীয় বিবাহ ব্যৱস্থালৈ কেনেধৰণৰ পৰিৱৰ্তন আনিছিল?

উত্তৰঃ ‘হিন্দু ক’ড বিল’ৰ খচৰা ভীমৰাও আম্বেদকাৰে সংসদত উত্থাপন কৰাৰ সময়ত ইয়াৰ 9 (৯) টা অংশ 139 (১৩৯) টা ধাৰা আৰু 700 (৭০০) তকৈ অধিক অধিসূচি আছিল। বিধেয়কখনৰ মূল উদ্দেশ্য আছিল হিন্দু পৰম্পৰাৰ ওপৰত প্রতিষ্ঠিত সামাজিক অসমতা, ভেদাভেদ আৰু হিংসাত্মক প্রকৃতিক পৰিসমাপ্তি কৰি নাৰী মুক্তিৰ পথ প্রশস্ত কৰা। এই বিধেয়কখনে একে সময়তে হিন্দু ধৰ্ম আৰু ভাৰতীয় পিতৃ তান্ত্রিকতাবাদক প্রত্যাহবান জনাইছিল। এই বিধেয়কখনৰ জৰিয়তে আম্বেদকাৰে একে সময়তে ভাৰতীয় মহিলাক সেই মানৱীয় জৰিয়তে আম্বেদকাৰে একে সময়তে ভাৰতীয় মহিলাক সেই মানৱীয় অধিকাৰসমূহ দিবলৈ পদক্ষেপ লৈছিল যি সমূহ অধিকাৰৰ পৰা ভাৰতীয় হিন্দু মহিলা হাজাৰ হাজাৰ বছৰ ধৰি বঞ্চিত হৈ থাকিবলগীয়া হৈছিল। বিধেয়কখনৰ মুখ্য অংশসমূহ তলত প্ৰথমে চমুকৈ উল্লেখ কৰা হ’ল —

এই বিধেয়কত দুই প্ৰকাৰ বিবাহক স্বীকৃতি দিয়া হৈছিল — 

(i) শাস্ত্রীয় বিবাহ। আৰু

(ii) বিধায়নিক বিবাহ।

সেই সময়তে হিন্দু সমাজত কেৱল শাস্ত্রীয় বিবাহকে স্বীকৃতি দিয়া হৈছিল আৰু সমাজে বিধায়নিক বিবাহক অবৈধ ঘোষণা কৰিছিল। শাস্ত্রীয় বিবাহৰ পাঁচটা চৰ্ত ৰখা হৈছিল—

(ক) দৰা ১৮ বছৰ আৰু কন্যা ১৪ বছৰ হ’ব লাগিব।

(খ) বিবাহৰ সময়ত দৰাৰ ঘৈণীয়েক আৰু কন্যাৰ গিৰিয়েক জীৱিত থাকিব নালাগিব।

(গ) দৰা বা কন্যাৰ এনেকুৱা কোনো সম্বন্ধ থাকিব নালাগিব যি বিবাহৰ বিধি বা নিয়মৰ অধীন নহয়।

(ঘ) দৰা আৰু কন্যা উভয় ‘সপিন্দ’ হ’ব নোৱাৰিব। আৰু 

(ঙ) দুয়োজনৰ ভিতৰত কোনো মানসিক বিকাৰগ্ৰস্থ হ’ব নালাগিব। 

‘শাস্ত্রীয় বিবাহ’ আৰু বিধায়িনী বিবাহৰ মাজত থকা প্ৰথমটো পার্থক্য “হ’ল বিধায়িনী তথা পঞ্জীভূত বিবাহ ব্যৱস্থাত ‘সপিন্দ’ (একেবৰ্ণ) সাদৃশ্যতাৰ ওপৰত কোনো বাধা আৰোপ নাথাকিব। 

দ্বিতীয়তে, পঞ্জীয়ণৰ অবিহনে ‘বিধায়িনী বিবাহ’ বৈধ বা গ্রহণযোগ্য নহ’ব। এইদৰে এই বিধেয়কখনে বিবাহ সম্বন্ধে তিনিটা পৰিৱৰ্তন বিচাৰিছিল —

(ক) শাস্ত্রীয় বিবাহ নীতি মতে দৰা-কন্যা একে বৰ্ণৰ হোৱাটো বাধ্যতামূলক আছিল। কিন্তু হিন্দু কড’ বিলে এই ব্যৱস্থাটোৰ প্রতিবন্ধকতা আঁতৰাই অসবর্ণ বিবাহৰ বাট মুকলি কৰি দিছিল।

(খ) হিন্দু পৰম্পৰাৰ বহুপত্নী ব্যৱস্থাত প্রতিবন্ধকতা কৰি একেসময়ত আইনে এগৰাকী পত্নীৰ স্বীকৃতিৰ বিধান কৰিছিল। 

(গ) শাস্ত্রীয় বিবাহত বিবাহ বিচ্ছেদ কোনো বিধান নাছিল বাবে নতুন হিন্দু ক’ড বিলে বিবাহ বিচ্ছেদৰ ব্যৱস্থাক বৈধ ঘোষণা কৰিছিল। 

হিন্দু কড’ বিলৰ অধীনত তিনিটা উপায়েৰে বিবাহ সম্পন্নৰ পিছত বিবাহ-বিচ্ছেদৰ অধিকৰ পোৱাৰ বিধান আছিল―

(ক) যদি বিবাহ ৰদ ঘোষিত হয়।

(খ) যদি বিবাহ অবৈধ ঘোষিত হয়। আৰু

(গ) যদি দুয়োজনে বিবাদ বিচ্ছেদৰ বাবে ইচ্ছা প্রকাশ কৰে।

আকৌ বিবাহক অবৈধ হিচাপে ঘোষণা কৰি বিবাহ ৰদ কৰিবলৈ দুটা কাৰণ হ’ব পাৰে। যেনে ―

(ক) যদি বিয়াৰ সময়ত দৰাৰ ঘৈণীয়েক নতুবা কন্যাৰ স্বামী জীৱিত আছে তেন্তে বিবাহ ৰদ হৈ যাব।

(খ) দৰা-কন্যাৰ মাজত সম্পৰ্ক যদি নিচিহ্ন হৈ পৰে তেনে অৱস্থাটো বিবাহ ৰদ হৈ যাব।

ইয়াৰ উপৰিও পাঁচটা অন্য কাৰণটো বিবাহক অবৈধ ঘোষণা কৰিব পৰা যাব —

(ক) প্রজনন শক্তিহীনতা।

(খ) দৰা আৰু কন্যাৰ সপিন্দতা।

(গ) মানসিক বিকাৰগ্ৰস্ততা।

(ঘ) অভিভাবকৰ হেঁচা বা প্ৰবঞ্চনাৰ দ্বাৰা সম্পন্ন বিবাহ।

(ঙ) সদাই বিবাহ-বিচ্ছেৰ আকাংক্ষা থাকিলে ।

হিন্দু ক’ড বিল অনুসৰি বিবাহ ৰদ কৰিবৰ বাবে বিয়াৰ তিনি ভিতৰত মুকৰ্দমা কৰিব লাগিব, অন্যথা বিবাহৰ অবৈধতাৰ বাবে কোনো কাৰণ মজুত নাই বুলি গণ্য কৰা হ’ব। বিধেয়কত এই ব্যৱস্থা কৰা হৈছিল যাতে বিবাহক অবৈধ ঘোষণাই তেওঁলোকৰ সন্তানৰ ওপৰত কোনো প্রভাৱ পেলাব নোৱাৰে। অৰ্থাৎ সন্তানক অবৈধ হিচাপে মানি লোৱা হব । ৭ টা কাৰণৰ অধীনত তালাকৰ ব্যৱস্থা কৰা হৈছিল—

(ক) পৰিত্যাগ।

(খ) ধর্ম পৰিৱৰ্তন।

(গ) বেশ্যা সৈতে সম্পর্ক বা বেশ্যা হৈ যোৱা।

(ঘ) অসাধাৰণ উন্মাগুতা

(ঙ) অসাধাৰণ কুন্ঠৰোগ।

(চ) সংক্রমিত গুপ্তৰোগ।

(ছ) হিংসাত্মক আচৰণ।

হিন্দু ক’ড বিলত তুলি লোৱা সন্দৰ্ভত দুটা বিধি বা নিয়ম আছিল – 

(ক) প্রথমে, যদি পুৰুষজনে কাৰোবক তুলি ল’ব বিচাৰে তেন্তে ন্যায়ালয়ৰ পৰা ঘৈণীয়েকৰ অনুমতি লোৱাৰ প্ৰমাণ থাকিব লাগিব। যদি পুৰুষজনৰ একাধিক পত্নী থাকে তেন্তে যিকোনো এগৰাকীৰ অনুমতি লোৱাটো বাধ্যতামূলক হ’ব।

(খ) দ্বিতীয়তে, এগৰাকী বিধবাই কোনো সন্তান তুলি ল’বলৈ হ’লে মৃত্যুৰ পূৰ্বে তেওঁৰ গিৰিয়েকে নিশ্চিত আদেশ এৰি থৈ যাব বা দি থৈ যাব লাগিব। এই ক্ষেত্ৰত ন্যায়ালয়ে কেৱল পঞ্জীভূত আদেশকহে মুকৰ্দমাৰ সময়ত বৈধ বুলি মানি ল’ব।

হিন্দু কড’ বিলত এইটো স্পষ্ট কৰি দিয়া হৈছিল যে সন্তান তুলি। ল’বলৈ হ’লে পঞ্জীয়ন কৰাটো বাধ্যতামূলক হ’ব। বিভিন্ন প্ৰকাৰৰ মোকদমাত বাধা সৃষ্টি নহ’বৰ বাবেই এই ব্যৱস্থাটো কৰা হৈছিল।

বিধেয়কখনৰ অন্তিমটো বিষয় সম্পত্তিৰ উত্তৰাধিকাৰীৰ লগত জড়িত আছিল। পুত্ৰক সম্পত্তিৰ আধা অংশ সম্পত্তি অধিকাৰৰ প্ৰদান সম্বন্ধে বিধেয়কত ব্যৱস্থা ৰখা হৈছিল। বিধেয়ক জন্ম সূত্রে পৈতৃক সম্পত্তি অধিকাৰৰ বিধানক সমাপ্তি কৰি হৈছিল। পূৰ্বে থকা মহিলাৰ সম্পত্তিৰ সীমিত অধিকাৰক পূর্ণ অধিকাৰলৈ পৰিবৰ্তন কৰা হৈছিল। 

৪। আম্বেদকাৰৰ লিংগ সমতা ধাৰণাটো ব্যাখ্যা কৰা।

উত্তৰঃ ভীমৰাও আম্বেদকাৰে ভাৰতীয় মহিলাক পুৰুষৰ সমান অধিকাৰৰ অধিকাৰী কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছিল। ভাৰতীয় সমাজত থকা লিংগ অসমতা সমাপ্তি কৰিবলৈ সংবিধানৰ পিতৃ-পুৰুষজনে সংবিধানত লিংগভিত্তিক সকলো বৈষম্যক বেআইনী ঘোষণা কৰাৰ উপৰিও মহিলাৰ সৱলীকৰণৰ বাবে বিশেষ কিছুমান ব্যৱস্থা কৰিছিল। সংবিধানৰ ১৪ নং অনুচ্ছেদৰ পৰা ১৬ নং অনুচ্ছেদলৈকে মহিলাক সম অধিকাৰ প্ৰদান কৰিছে। সংবিধান সভাত এই সন্দৰ্ভত বিতর্কত অংশ লৈ তেওঁ কৈছিল— “কোনো এগৰাকী মহিলাক, কেৱল মহিলা হিচাপে জন্ম হোৱাৰ বাবেই লিংগৰ আধাৰত সুবিধাৰ পৰা বঞ্চিত কৰিব পৰা নাযায়, আৰু তাইৰ প্ৰতি লিংগভিত্তিত ভেদাভেদ ৰখাটো ন্যায়সংগত হ’ব নোৱাৰে।”

আম্বেদকাৰে সংবিধান ৰচনাৰ সময়ছোৱাত মহিলাৰ উন্নয়নৰ বাবে বহুতো প্রস্তাৱ সংবিধান সভাত উত্থাপন কৰিছিল। ইয়াৰ উপৰিও নাৰী সৰবৰাহ আৰু শোষণৰ বিৰুদ্ধে সাংবিধানিক ব্যৱস্থাৰ সমান্তৰালভাৱে বিধায়িনী ব্যৱস্থা গ্ৰহণ কৰিছিল। তেওঁ মন্ত্ৰীসভাত আইনমন্ত্রী হিচাপে দায়িত্ব পালন কৰি থকা সময়ছোৱাত ভাৰতীয় প্ৰদেশসমূহক নিজৰ নিজৰ প্ৰদেশৰ শিশু আৰু মাতৃ কল্যাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছিল।

নাৰী সবলীকৰণৰ বাবে নাৰীয়ে নেতৃত্ব লোৱাটো বিচাৰিছিল। এই সন্দৰ্ভত নিজৰ ধাৰণাক এইদৰে ব্যক্ত কৰিছিল, “মহিলাৰ দ্বাৰা পৰিচালিত আন্দোলনৰ ওপৰত মোৰ দৃঢ় বিশ্বাস আছে সক্ষম হয়, তেন্তে সমাজৰ এই অতি দুখলগা প্ৰতিচ্ছবিখন আপোনালোকে সলনি কৰিবলৈ সক্ষম হ’ব।

আম্বেদকাৰৰ মতে সবলীকৰণৰ অৰ্থ ক্ষমতাহীন অৱস্থানৰ পৰা ক্ষমতাশালী দিশলৈ গতি কৰি পুৰুষৰ সমান মৰ্য্যাদাৰ অধিকাৰী হোৱা। ভীমৰাও আম্বেদকাৰৰ অনুপ্ৰেৰণাতেই বহুতো ভাৰতীয় মহিলাই কাম কৰিবলৈ ওলাই আহিছিল। ভীমৰাও আম্বেদকাৰৰ কৰ্মৰ মহিলাসকলৰ ওপৰত পৰা প্ৰভাৱ উপলদ্ধি কৰিবলৈ “শোকমালা” কাকতৰ প্ৰতিষ্ঠাপক তুলাবাই বণচোভেই ১৯৪২ চনত আয়োজিত ‘দলিত মহিলা ফেডাৰেচন সভা” ত দিয়া বক্তৃতাৰ এক চমু অংশ তলত উল্লেখ কৰা হ’ল—

“পৃথিৱীখন তীব্র গতিত সলনি হৈছে। ইয়াত জীয়াই থাকিবলৈ হ’লে, আমিও  ইয়াৰ লগত সলনি হ’ব লাগিব। আমাৰ দুই প্ৰকাৰৰ দায়িত্ব আছে— পুৰুষক সহায়ৰ হাত আগবঢ়োৱাৰ লগতে মহিলাক শিক্ষা আৰু অন্যান্য বিষয়ত সংস্কাৰ কৰিব লাগিব। মহিলাৰ মন-মগজুৰপৰা হিন্দু ধর্মীয় দাসত্বৰ চিন্তাধাৰাক আঁতৰ কৰিবলৈ এটা কঠিন পথ আমি লংঘিব লাগিব।”

প্রথমাপত্নী ৰামাবাই আম্বেদকাৰৰ উপৰিও আৰু দুগৰাকী মহিলাই আম্বেদকাৰৰ লিংগ সমতা প্রতিষ্ঠাৰ বাবে কৰা সংগ্ৰামত উল্লেখযোগ্য অৰিহণা আগবঢ়াইছিল। ইয়াৰে এগৰাকী সোনচনাবাই ডুংগবেই মহিলা অধিৱেশনৰৰ অধ্যক্ষ আছিল আৰু ১৯৪২ চনত প্ৰতিষ্ঠা হোৱা “সদৌ ভাৰত অনুসূচীত জাতি ফেডাৰেচনত বিশেষ অৰিহণা আগবঢ়াইছিল। আনগৰাকী “আছিল চখুভাই মোহিটে, যি গৰাকী নাৰী ১৯৫৬ চনত প্রতিষ্ঠা লাভ কৰ। “সদৌ ভাৰত বৌদ্ধ মহিলা সংগঠন”ব অধ্যক্ষ আছিল, তাৎপর্যপূর্ণভাৱে চখুভাই মুহিতে এগৰাকী ব্ৰাহ্মণ মহিলা আছিল, কিন্তু আম্বেদকাৰক লগ পোৱাৰ পিছত হিন্দু ধৰ্মৰ বৰ্ণ ব্যৱস্থাক বিৰোধীতা কৰি, বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল।

৫। আম্বেদকাৰৰ দৃষ্টিভংগীৰে স্ত্ৰী-শিক্ষাৰ এটি ধাৰণা দিয়া। 

উত্তৰঃ উচ্চ শিক্ষাৰে শিক্ষিত আম্বেদকাৰ সমাজত স্ত্ৰী-শিক্ষাৰ গুৰুত্ব ভালদৰে উপলব্ধি কৰিব পাৰিছিল। পুৰুষৰ লগতে সমাজত মহিলাৰো শিক্ষা গ্ৰহণৰ প্ৰয়োজনীতা আম্বেদকাৰে অনুভৱ কৰিছিল। ১৯১৩ চনত আমেৰিকা যুক্তৰাষ্ট্ৰ নিউয়কত এখন সভাত নিজৰ বক্তৃতাত আম্বেদকাৰে এইদৰে উল্লেখ কৰিছিল —

“মাক-দেউতাকে সন্তানক জন্মহে দিয়ে, কর্ম নহয়৷ এগৰাকী মাতৃয়েহে সন্তানৰ জীৱনক সঠিক দিশ দিব পাৰে। এই কথাষাৰ মনত ৰাখি যদি আমি ল’ৰাৰ লগতে ছোৱালীকো শিক্ষিত কৰিব পাৰোঁ, তেন্তে আমাৰসমাজৰ উন্নতি অধিক ক্ষিপ্ৰ হ’ব।”

আম্বেদকাৰৰ এই ভৱিষ্যত বাণী আজি সত্য বুলি প্রমাণিত হৈছে। আজিৰ ভাৰতীয় মহিলাই পুৰুষৰ সমানে সকলো ক্ষেত্ৰতে আগবাঢ়ি যোৱাৰ মূলতে হৈছে ভাৰতত স্ত্ৰী-শিক্ষাৰ প্ৰসাৰ।

নিউয়র্কত উচ্চ শিক্ষা গ্ৰহণ কৰি থকা সমছোৱাত আম্বেদকাৰে তেওঁৰ “পিতৃৰ এজন বন্ধুক এখন পত্ৰত এইদৰে লিখিছিল- 

“অতি সোনকালে ভাৰতে প্ৰগতিৰ দিশ নিজে নিৰ্ণয় কৰিব। কিন্তু এই প্রত্যাহবান পূৰণ কৰাৰ পূৰ্বে, আমি ভাৰতৰ স্ত্ৰী-শিক্ষাৰ দিশত সকাৰাত্মক পদক্ষেপ গ্রহণ কৰিব লাগিব।”       

১৯২৭চনত অনুষ্ঠিত মহাদ সত্যাগ্রহত দলিত মহিলাৰ লগতে চান্তাবাই চিন্দে নামৰ প্ৰগতিবাদী চিন্তাধাৰাৰ মহিলাই অংশ গ্ৰহণ কৰা সন্মিলনখনত মহিলাসকলক উদ্দেশ্য কৰি আম্বেদকাৰে কৈছিল,

“শিক্ষা মহিলাৰ বাবে সিমানেই প্রয়োজনীয় যিমান পণ্যৰ বাবে প্রয়োজনীয় হয়। যদি আপুনি লিখিব পঢ়িব পাৰে, তেন্তে সমাজত আপোনাৰ উদ্ধাৰ সম্ভৱ।” মহিলাসকলক উদ্দেশ্য কৰি তেওঁ পুনৰ কৈছিল,

“এজন পিতৃৰ সৰ্বপ্ৰথম কৰ্তব্য নিজৰ পৰিয়ালত থকা স্ত্ৰীসকলক শিক্ষাগ্ৰহণৰ পৰা আঁতৰাই নাৰাখি উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তোলা উচিত। বিয়াৰ পিছত এগৰাকী মহিলাই নিজকে এগৰাকী দাসীৰ দৰে অনুভৱ কৰে। ইয়াৰ মূলতে তাইৰ মনত এনে ভাৱ অনুভৱ নহয়।

ভাৰতৰ প্ৰথম মহিলা শিক্ষয়িত্রী সাৱিত্ৰীবাই ফুলে আৰু ফাতিমা শেখৰৰ পৰম্পৰাটোক আগবঢ়াই নিছিল আৰু মহিলাসকলক শিক্ষাগ্ৰহণৰ বাবে অধিক স্বতন্ত্রতা প্রদানত গুৰুত্ব দিছিল। ১৯২০ চনত “মূখনায়ক” আৰু ১৯২৭ চনত “বহিষ্কৃত ভাৰত” নামৰ তেওঁৰ দ্বাৰ। প্ৰকাশিত বাতৰিকাকত দুখনত স্বী শিক্ষাৰ গুৰুত্ব ব্যাখ্যা কৰি বিভিন্ন প্রবন্ধ লিখিছিল।

৬। মহিলাৰ অধিকাৰ ক্ষেত্ৰত আগবঢ়োৱা যুঁজখনত আম্বেদকাৰে সমসাময়িত সমাজৰ পৰা কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল আলোচনা কৰা।

উত্তৰঃ আম্বেদকাৰে অসহায় মহিলাক তেওঁলোকৰ উৎপীড়নৰ বিৰুদ্ধে যুঁজ দিয়াৰ প্ৰেৰণা আগবঢ়াইছিল। ইয়াৰ বাবে তেওঁ বাল্য বিবাহ, দেৱদাসী প্ৰথা আদিৰ দৰে হিন্দু পৰম্পৰাৰ বিপক্ষে মাত মাতিছিল।

১৯২৭ চনৰ ২৫ ডিচেম্বৰত ভীমৰাও আম্বেদকাৰে মনুস্মৃতিক কেৱল সেইবাবে জ্বলোৱা নাছিল কাৰণ ইয়াত শূদ্ৰসকলৰ বিৰুদ্ধে বহুতো বিকৃত ব্যাখ্যা আগবঢ়োৱা হৈছিল, ইয়াৰ উপৰিও এই নিন্দনীয় ধর্মগ্রন্থখনক সেইবাবে অগ্নিত দাহ দিছিল কিয়নো ইয়াত মহিলাসকলক দাস কৰি ৰখাৰ উপায়ৰ বিধান উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে, এই অনুষ্ঠানত ২৫ গৰাকী মহিলাই অংশগ্ৰহণ কৰিছিল।

১৯২৮ চনত মহিলা কল্যাণৰ বাবে মোম্বাইত এটা মহিলা কল্যাণকামী সংস্থাৰ প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ অধ্যক্ষ আছিল আম্বেদকাৰৰ পত্নী ৰামাবাই আম্বেদকাৰ।

১৯৩০ চনত বিখ্যাত কালাৰাম মন্দিৰ সত্যাগ্রহত আম্বেদকাৰে মহিলাসকলকো প্রতিবাদত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। এই মন্দিৰত অস্পৃশ্য আৰু স্ত্ৰীৰ প্ৰৱেশ নিষিদ্ধ আছিল। আম্বেদকাৰৰ অনুৰোধ মর্মে এই প্রতিবাদত প্রায় ৫০০ মহিলাই অংশ গ্ৰহণ কৰিছিল। কেইবাগৰাকীও মহিলাক পুৰুষৰ লগতে আৰক্ষীয়ে আন্দোলন কৰাৰ বাবে গ্ৰেপ্তাৰ কৰিছিল। এই প্রতিবাদত অংশ লোৱা কেইবাগৰাকী মহিলাই পৰৱৰ্তী সময়ত সমাজত নাৰীৰ প্ৰতি থকা বৈষম্য আৰু অমানবীয় আচৰণৰ বিৰুদ্ধে মাত মাতিছিল। তেওঁলোকৰে এগৰাকী ৰাধাবাই ভান্দালেই ১৯৩১ চনৰ এখন সংবাদ মেলত এইদৰে মন্তব্য আগবঢ়াইছিল, “এনে লজ্জাজনক জীৱন জীয়াই থকাতকৈ এশবাৰ মৃত্যুক আকোৱালি লোৱাটো শ্রেয়া আমি আমাৰ অধিকাৰৰ বাবে, নিজৰ জীৱন ত্যাগ কৰিব সাজ আছে।

১৯৩৬ চনত বোম্বেৰ দামোদৰ প্রেক্ষাগৃহত অনুষ্ঠিত সভাত আম্বেদকাৰে বেশ্যা বৃত্তিত জড়িত মহিলাসকলৰ সবলীকৰণৰ বাবে দেবদাসী আৰু বেশ্যা বৃত্তিত জড়িত ‘জুসিনি’ সম্প্ৰদায়ৰ পুৰুষ-মহিলাক উদ্দেশ্য কৰি এইদৰে কৈছিল, “তোমালোকে সমাজত এক সন্মানজনক জীৱন জীয়াই থাকিব বিচৰা যদি এনে লজ্জাজনক মানহানিকৰ বৃত্তি ত্যাগ কৰিবই লাগিব। সমাজৰ অন্যসকলৰ দৰে ঘৰুৱা আৰু পাৰিবাৰিক জীৱনক আঁকোলি ল’ব লাগিব। এনে আচৰণৰ পৰা দূৰৈত থকা যিয়ে তোমাক বেশ্যাবৃত্তিলৈ টানি আনে।” উল্লেখযোগ্য যে,এই সভাখনৰ কিছুদিনৰ পিছতে আম্বেদকাৰে ধৰ্মতিৰৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু আম্বেদকাৰৰ উপদেশ মানি জুসিনি সম্প্ৰদায়ৰ বহুতো বেশ্যাই এই অপমানজনক বৃত্তি ত্যাগ কৰি হিন্দু ধৰ্মৰ পৰা বৌদ্ধ ধৰ্মলৈ ধৰ্মান্তৰকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যি আম্বেদকাৰৰ এক বৃহৎ নৈতিক বিজয় আখ্যা দিব পাৰি।

১৯৪০ চনৰ ২০ জুলাইত আম্বেদকাৰৰ পৃষ্ঠপোষকতা “সদৌ ভাৰতত অনুন্নত শ্রেণী মহিলা সন্মিলন” অনুষ্ঠিত হৈছিল। এই সভাতে নিজৰ বক্তৃতাত সেই বিখ্যাত উক্তি ফাঁকি আগবঢ়াইছিল— “মহিলাৰ প্ৰগৃতি অবিহনে আমি সমাজৰ প্ৰগতি আশা কৰিব নোৱাৰো”।

১৯৪২ চনৰ ২০ জানুৱাৰীত ভীমৰাও আম্বেদকাৰৰ সভাপতিত্বত ‘সদৌ ভাৰত দলিত মহিলা সন্মিলন’ অনুষ্ঠিত হৈছিল। এই সন্মিলনখনত প্রায় ২৫০০০ মহিলাই অংশ গ্ৰহণ কৰিছিল। সেইসময়ত ইমান সংখ্যক মহিলা এক নির্দিষ্ট স্থানত একেলগে হোৱাটো এক আচৰিত হ’ব লগা বিষয় আছিল। এই সভাত উপস্থিত দলিত মহিলাৰ প্ৰশংসা কৰি তেওঁ এইদৰে কৈছিল— “মহিলাৰ মাজত জাগৃতিৰ দৃঢ় বিশ্বাস আছে। সামাজিক কু-প্রথা নিঃশেষ কৰিবলৈ মহিলাসকলে বৃহৎ অৱদান আগবঢ়াব পাৰে।” মই নিজৰ ব্যক্তিগত অনুভৱ তথা অভিজ্ঞতাৰপৰা কওঁ যে, মই যেতিয়া দলিত সমাজৰ দায়িত্ব লৈছিলো, মনত এইটো নিশ্চিত কৰিছিলো যে দলিত পুৰুষৰ সমান্তৰালকৈ দলিত মহিলাকহে আগবঢ়াই লৈ যোৱা উচিত।”

তেওঁ পুনৰ কৈছিল— “মহিলা সমাজে যি দৰে প্ৰগতি কৰিছে ইয়াক মই দলিত সমাজৰ প্ৰগতিৰ সৈতে যোগ দিব বিচাৰোঁ।” ১৯৪২ চনৰ ২০ জুলাইত নাগপুৰত অনুষ্ঠিত “সদৌ ভাৰত অনুগত শ্ৰেণীৰ মহিলা সন্মিলন”ত উপস্থিত প্ৰতিগৰাকী মহিলাক উদ্দেশ্য কৰি কৈছিল,— “প্ৰতিগৰাকী বিৱাহিতা স্ত্রী নিজৰ স্বামীৰ লগত একেলগে থিয় হ’বলৈ সাহস কৰা। নিজৰ স্বামীৰ দাস হিচাপে জীয়াই নাথাকি বন্ধু আৰু সমনীয়া বুলি ভাৱিবলৈ চেষ্টা কৰা। ৰ যদি আপোনালোক মোৰ পৰামৰ্শ মানি চলে, আপোনালোক এক সন্মানজনক জীৱনৰ অধিকাৰী হ’ব।”

ভাৰতৰ দৃষ্টিকোণৰ পৰা লক্ষ্য কৰিলে আম্বেদকাৰ সম্ভৱত প্রথম ব্যক্তি আছিল যিজনে সমাজ সংৰচনাত মহিলাৰ ভূমিকা এক প্রগতিশীল দৃষ্টিভংগীৰে চাবলৈ প্ৰয়াস কৰিছিল। “মহিলা সবলীকৰণ” আম্বেদকাৰৰ অন্যতম লক্ষ্য আছিল। ইয়াৰ বাবে ব্ৰাহ্মণ্যবাদী সমাজ আৰু পিতৃতান্ত্ৰিক ব্যৱস্থাটোক তেওঁ ধ্বংস কৰি দিয়াৰ পণ লৈছিল। পিতৃতান্ত্রিক ভাৰতীয় সমাজত ছোৱালী সন্তানৰ “ভ্রুণ হত্যা” বিষয়ত তেওঁ কৈছিল— “মই নাজানো এই পৃথিৱীখনৰ অৱস্থা কি হ’ব, যেতিয়া ইয়াৰ ছোৱালীৰ জন্ম নহ’ব।”

৭। Hindu Code Bill আইন সম্পর্কে তোমাৰ ধাৰণা প্ৰকাশ কৰা?

উত্তৰঃ ভাৰতৰ আইনমন্ত্ৰী হিচাপে ভীমৰাও আম্বেদকৰে কেইবাখনো বিধেয়কৰ উত্থাপন, আইন প্রণয়ন আৰু আইনৰ সংস্কাৰ কৰিছিল। এইসমূহৰ ভিতৰত ‘হিন্দু ক’ড বিল’ক ভাৰতৰ প্ৰধানমন্ত্রী জৱাহৰলাল নেহৰুৱে সকলোতকৈ গুৰুত্বপূৰ্ণ আখ্যা দি এইদৰে উল্লেখ কৰিছে–

“হিন্দু ক’ড বিল’ এই ৰাষ্ট্ৰৰ বিধান মণ্ডলৰ দ্বাৰা প্ৰণয়ন কৰা সকলোবিলাক বিধিৰ তুলনাত আটাইতকৈ মহত্বপূর্ণ আছিল। অৰ্থ আৰু মহত্বৰ দৃষ্টিকোণৰ পৰা ‘হিন্দু কড’ বিলৰ তুলনা ভাৰতীয় বিধানমণ্ডলৰ দ্বাৰা অতীত বা ভৱিষ্যতত প্রণয়ন কৰিব লগা যি কোনো আইনৰ সৈতে তুলনা কৰাটো অসম্ভৱ হ’ব।”

‘হিন্দু ক’ড বিল’ৰ খচৰা ভীমৰাও আম্বেদকাৰে সংসদত উত্থাপন কৰাৰ সময়ত ইয়াৰ 9 (৯) টা অংশ 139 (১৩৯) টা ধাৰা আৰু 700 (৭০০) তকৈ অধিক অধিসূচি আছিল। বিধেয়কখনৰ মূল উদ্দেশ্য আছিল হিন্দু পৰম্পৰাৰ ওপৰত প্ৰতিষ্ঠিত সামাজিক অসমতা, ভেদাভেদ আৰু হিংসাত্মক প্রকৃতিক পৰিসমাপ্তি কৰি নাৰী মুক্তিৰ পথ প্ৰশস্ত কৰা। এই বিধেয়কখনে একে সময়তে হিন্দু ধৰ্ম আৰু ভাৰতীয় পিতৃ তান্ত্রিকতাবাদক প্রত্যাহণীন জনাইছিল। এই বিধেয়কখনৰ জৰিয়তে আম্বেদকাৰে একে সময়তে ভাৰতীয় মহিলাক সেই মানৱীয় জৰিয়তে আম্বেদকাৰে একে সময়তে ভাৰতীয় মহিলাক সেই মানৱীয় অধিকাৰসমূহ দিবলৈ পদক্ষেপ লৈছিল যি সমূহ অধিকাৰৰ পৰা ভাৰতীয় হিন্দু মহিলা হাজাৰ হাজাৰ বছৰ ধৰি বঞ্চিত হৈ থাকিবলগীয়া হৈছিল। বিধেয়কখনৰ মুখ্য অংশসমূহ তলত প্ৰথমে চমুকৈ উল্লেখ কৰা হ’ল—

এই বিধেয়কত দুই প্ৰকাৰ বিবাহক স্বীকৃতি দিয়া হৈছিল— 

(i) শাস্ত্ৰীয় বিবাহ। আৰু

(ii) বিধায়নিক বিবাহ।

সেই সময়তে হিন্দু সমাজত কেৱল শাস্ত্রীয় বিবাহকে স্বীকৃতি দিয়া হৈছিল আৰু সমাজে বিধায়নিক বিবাহক অবৈধ ঘোষণা কৰিছিল। শাস্ত্ৰীয় বিবাহৰ পাঁচটা চৰ্ত ৰখা হৈছিল—

(ক) দৰা ১৮বছৰ আৰু কন্যা ১৪ বছৰ হ’ব লাগিব। 

(খ) বিবাহৰ সময়ত দৰাৰ ঘৈণীয়েক আৰু কন্যাৰ গিৰিয়েক জীৱিত থাকিব নালাগিব ৷

(গ) দৰা বা কন্যাৰ এনেকুৱা কোনো সম্বন্ধ থাকিব নালাগিব যি বিবাহৰ বিধি বা নিয়মৰ অধীন নহয়।

(ঘ) দৰা আৰু কন্যা উভয় ‘সপিন্দ’ হ’ব নোৱাৰিব। আৰু 

(ঙ) দুয়োজনৰ ভিতৰত কোনো মানসিক বিকাৰগ্ৰস্থ হ’ব নালাগিব।

‘শাস্ত্রীয় বিবাহ’আৰু বিধায়িনী বিবাহৰ মাজত থকা প্ৰথমটো পার্থক্য হ’ল বিধায়িনী তথা পঞ্জীভূত বিবাহব্যৱস্থাত ‘সপিন্দ’ (একেবৰ্ণ) সাদৃশ্যতাৰ ওপৰত কোনো বাধা আৰোপ নাথাকিব ।

দ্বিতীয়তে, পঞ্জীয়ণৰ অবিহনে ‘বিধায়িনী বিবাহ’ বৈধ বা গ্রহণযোগ্য নহ’ব। এইদৰে এই বিধেয়কখনে বিবাহ সম্বন্ধে তিনিটা পৰিৱৰ্তন বিচাৰিছিল—

(ক) শাস্ত্রীয় বিবাহ নীতি মতে দৰা-কন্যা একে বৰ্ণৰ হোৱাটো বাধ্যতামূলক আছিল। কিন্তু হিন্দু কড’ বিলে এই ব্যৱস্থাটোৰ প্ৰতিবন্ধকতা আঁতৰাই অসবর্ণ বিবাহৰ বাট মুকলি কৰি দিছিল।

(খ) হিন্দু পৰম্পৰাৰ বহুপত্নী ব্যৱস্থাত প্রতিবন্ধকতা কৰি একেসময়ত আইনে এগৰাকী পত্নীৰ স্বীকৃতিৰ বিধান কৰিছিল।

(গ) শাস্ত্রীয় বিবাহত বিবাহ বিচ্ছেদ কোনো বিধান নাছিল বাবে নতুন হিন্দু ক’ড বিলে বিবাহ বিচ্ছেদৰ ব্যৱস্থাক বৈধ ঘোষণা কৰিছিল।

হিন্দু কড’ বিলৰ অধীনত তিনিটা উপায়েৰে বিবাহ সম্পন্নৰ পিছত বিবাহ-বিচ্ছেদৰ অধিকৰ পোৱাৰ বিধান আছিল—

(ক) যদি বিবাহ ৰদ ঘোষিত হয়।

(খ) যদি বিবাহ অবৈধ ঘোষিত হয়। আৰু

(গ) যদি দুয়োজনে বিবাদ বিচ্ছেদৰ বাবে ইচ্ছা প্ৰকাশ কৰে। 

আকৌ বিবাহক অবৈধ হিচাপে ঘোষণা কৰি বিবাহ ৰদ কৰিবলৈ দুটা কাৰণ হ’ব পাৰে। যেনে—

(ক) যদি বিয়াৰ সময়ত দৰাৰ ঘৈণীয়েক নতুবা কন্যাৰ স্বামী জীৱিত আছে তেন্তে বিবাহ ৰদ হৈ যাব।

(খ) দৰা-কন্যাৰ মাজত সম্পৰ্ক যদি নিচিহ্ন হৈ পৰে তেনে অৱস্থাটো বিবাহ ৰদ হৈ যাব। 

ইয়াৰ উপৰিও পাঁচটা অন্য কাৰণটো বিবাহক অবৈধ ঘোষণা কৰিব পৰা যাব—

(ক) প্রজনন শক্তিহীনতা।

(খ) দৰা আৰু কন্যাৰ সপিন্দতা।

(গ) মানসিক বিকাৰগ্ৰস্ততা।

(ঘ) অভিভাবকৰ হেঁচা বা প্ৰবঞ্চনাৰ দ্বাৰা সম্পন্ন বিবাহ।

(ঙ) সদাই বিবাহ-বিচ্ছেৰ আকাংক্ষা থাকিলে।

হিন্দু ক’ড বিল অনুসৰি বিবাহ ৰদ কৰিবৰ বাবে বিয়াৰ তিনি ভিতৰত মোকর্দমা কৰিব লাগিব, অন্যথা বিবাহৰ অবৈধতাৰ বাবে কোনো কাৰণ মজুত নাই বুলি গণ্য কৰা হ’ব। বিধেয়কত এই ব্যৱস্থা কৰা হৈছিল যাতে বিবাহক অবৈধ ঘোষণাই তেওঁলোকৰ সন্তানৰ ওপৰত কোনো প্রভাৱ পেলাব নোৱাৰে। অৰ্থাৎ সন্তানক অবৈধ হিচাপে মানি লোৱা হব। ৭ টা কাৰণৰ অধীনত তালাকৰ ব্যৱস্থা কৰা হৈছিল—

(ক) পৰিত্যাগ।

(খ) ধৰ্ম পৰিৱৰ্তন।

(গ) বেশ্যা সৈতে সম্পর্ক বা বেশ্যা হৈ যোৱা।

(ঘ) অসাধাৰণ উন্মাগুতা। 

(ঙ) অসাধাৰণ কুণ্ঠৰোগ।

(চ) সংক্ৰমিত গুপ্তৰোগ।

(ছ) হিংসাত্মক আচৰণ।

হিন্দু ক’ড বিলত তুলি লোৱা সন্দৰ্ভত দুটা বিধি বা নিয়ম আছিল— 

(ক) প্রথমে, যদি পুৰুষজনে কাৰোবক তুলি ল’ব বিচাৰে তেন্তে ন্যায়ালয়ৰ পৰা ঘৈণীয়েকৰ অনুমতি লোৱাৰ প্ৰমাণ থাকিব লাগিব। যদি পুৰুষজনৰ একাধিক পত্নী থাকে তেন্তে যিকোনো এগৰাকীৰ অনুমতি লোৱাটো বাধ্যতামূলক হ’ব।

(খ) দ্বিতীয়তে, এগৰাকী বিধবাই কোনো সন্তান তুলি ল’বলৈ হ’লে মৃত্যুৰ পূৰ্বে তেওঁৰ গিৰিয়েকে নিশ্চিত আদেশ এৰি থৈ যাব বা দি থৈ যাব লাগিব। এই ক্ষেত্ৰত ন্যায়ালয়ে কেৱল পঞ্জীভূত আদেশকহে মোকদমাৰ সময়ত বৈধ বুলি মানি ল’ব।

হিন্দু কড’ বিলত এইটো স্পষ্ট কৰি দিয়া হৈছিল যে সন্তান তুলি ল’বলৈ হ’লে পঞ্জীয়ন কৰাটো বাধ্যতামূলক হ’ব। বিভিন্ন প্ৰকাৰৰ মোকর্দমাত বাধা সৃষ্টি নহ’বৰ বাবেই এই ব্যৱস্থাটো কৰা হৈছিল।

বিধেয়কখনৰ অন্তিমটো বিষয় সম্পত্তিৰ উত্তৰাধিকাৰীৰ লগত জড়িত আছিল। পুত্ৰক সম্পত্তিৰ আধা অংশ সম্পত্তি অধিকাৰৰ প্ৰদান সম্বন্ধে বিধেয়কত ব্যৱস্থা ৰখা হৈছিল। বিধেয়ক জন্ম সূত্রে পৈতৃক সম্পত্তি অধিকাৰৰ বিধানক সমাপ্তি কৰি হৈছিল। পূৰ্বে থকা মহিলাৰ সম্পত্তিৰ সীমিত অধিকাৰক পূর্ণ অধিকাৰলৈ পৰিবৰ্তন কৰা হৈছিল।

হিন্দু কড’ বিলত সম্ভান তুলি লোৱাৰ সন্দৰ্ভত জাতি আৰু লিংগ বিভেদকো সমাপ্ত কৰা হৈছিল। অন্য এক বিধান অনুসৰি যদি হিন্দু পিতৃ সন্যাস গ্ৰহণ কৰে বা হিন্দু ধর্ম ত্যাগ কৰে তেন্তে তেওঁ নাবালিক শিশুৰ অভিভাৱক হৈ থাকিব নোৱাৰিব। ন্যায়ালয়ৰ অন্য এক নিয়ম সলনি কৰি যদি হিন্দু এগৰাকী বিধবাৰ স্বামীয়ে উইলত [Will]ত যদি কোনো অভিভাৱকৰ নিযুক্তি নকৰে, তেন্তে উক্ত মহিলাগৰাকীক উইলত অভিভাৱক নিয়োগ কৰাৰ অধিকাব দিয়া হৈছিল। দ্রাবড় সমিটিয়ে পিতৃৰ ন্ঠ সম্পতি পুত্ৰৰ অংশক পুত্ৰৰ সমান বুলি উল্লেখ কৰিছিল যদিও হিন্দু কড বিলত ইয়াক পুত্ৰৰ অংশ আধা বুলিহে উল্লেখ থকা দেখিবলৈ পোৱা যায়। হিন্দু কড’ বিলৰ গুৰুত্ব ব্যাখ্যা কৰি ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ (প্রাক্তন) পি. বি. গজেন্দ্ৰকাৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে কৈছিল—

“সাধাৰণ আইনসমূহে কোটি কোটি ভাৰতীয়ক প্রভাবিত কৰে বাবে ই সৰল স্পষ্ট আৰু নিশ্চিত হোৱা উচিত। এনে উদ্দেশ্য হিন্দু কড’ বিলৰ আৰ্হিতহে পূৰণ কৰাটো সম্ভৱ হ’ব পাৰে।

হিন্দু সমাজৰ আটাইতকৈ সমালোচিত বিষয়টি হ’ল এই সমাজ বৰ্ণৰ ভিত্তিত বিভাজিত। এতিয়া এই কথাষাৰ বুজিবলৈ কোনো তত্ত্বৰ আৱশ্যকতা নাই যে, বর্তমান চতুর্বর্ণ ব্যৱস্থাটো প্রাচীন আৰু অপ্রচলিত হৈ পৰিছে। সংবিধান সভাই ভাৰতীয়সকলক এনে এখন সংবিধান প্ৰদান কৰিছে যাক লৈ ভাৰতীয়সকলে গৌৰৱ অনুভৱ কৰে। এই ‘দেশৰ ইতিহাসত এক বৈপ্লৱিক আধাৰ নিৰ্মাণ কৰা হৈছে, য’ত আসি সকলোৱে এক স্বাধীন জীৱন স্পন্দন অনুভৱ কৰিব পাৰোঁ। মোৰ বিচাৰত বৰ্তমান যুগৰো এইটোৱেই দাবী যাতে জাতি-বর্ণ সম্প্রদায় লিংগ নির্বিশেষে সকলে। হিন্দুৰ বাবে সমতাৰ ভিত্তিত একে আইনৰ প্ৰযোজ্য হওক। প্রাচীন হিন্দু ইতিহাসত ই এক গৌৰৱময় দিন হ’ব, যিদিনা সমগ্র হিন্দু সমাজ আইনৰ অধীনত ভাতৃত্ববোধৰ ধাৰণাৰে বান্ধ খাই পৰিব। আম্বেদকাৰ ভাৰতৰ সংবিধান নির্মাণেৰে এক সাহসী কাৰ্য কৰিলে, যাৰ বাবে তেওঁ নিশ্চিয় গৌৰৱৰ অধিকাৰী। যদি হিন্দু কড’ বিল বৰ্ণধাৰ হিচাপে তেওঁ ইয়াক আইনৰ ৰূপ দিবলৈ সক্ষম হয় তেন্তে মই সমগ্র হিন্দু সমাজৰ বাবে সময়ৰ মধুৰ প্ৰতিকাৰ হিচাপে গণ্য কৰিম। যদি ভীমৰাও আম্বেদকাৰে আমাক হিন্দু কড’ বিল আইনৰ ৰূপত আমাক প্ৰদান কৰিবলৈ সক্ষম হয় তেন্তে তেওঁৰ এই সফলতা ইতিহাসৰ এক কবচৰূপী ন্যায় ৰূপত মানি লোৱা হ’ব।”

অৱশ্যে গজেন্দ্ৰকাৰে ভবাৰ দৰে আম্বেদকাৰে মৌলিক ৰূপত সংসদত গৃহীত কৰাত বিফল হ’ল। বিধেয়কখনৰ বিৰোধীতা সংসদৰ ভিতৰে বাহিৰে হোৱা দেখা গ’ল। ভাৰতৰ উপৰিও হিন্দুলোক বসবাস কৰা বিদেশতো এই বিষেয়কক লৈ বিবোধ প্রদর্শন হ’ল। সংসদীয় পৰম্পৰাক উলংঘা কৰি জনপ্রিয় নেতা তথা সেই সময়ৰ অধ্যক্ষ ড° ৰাজেন্দ্ৰ প্ৰসাদ বিধেয়কখনক বিৰুদ্ধাচৰণ কৰি অধ্যক্ষ আসনৰ পৰাই বিবাহ ব্যবস্থাটা সম্পূর্ণভাবে নষ্ট কৰি দিব বুলি মন্তব্য দিছিল। সংসদৰ অন্য এজন সদস্য শ্যামা প্রাসাদ মুখার্জীয়ে এই বিধেয়কখনক এটা নির্দিষ্ট ধৰ্মক প্ৰহাৰ কৰা উদ্দেশ্যৰে নিৰ্মাণ কৰা হৈছে বুলি উল্লেখ কৰাৰ লগতে চৰকাৰে সংখ্যালঘুৰ ধৰ্মত হাত নিবলৈ সাহস কৰা নাই বুলি চৰকাৰক সমালোচনা কৰি সমগ্ৰ ভাৰতৰ বাবে চিভিল কড’ বিল প্রণয়নৰ বাবে প্রত্যাখান জনাইছিল। সদনৰ বাহিৰত ৰাম ৰাজা পৰিষদৰ সংস্থাপক, কৰপাত্ৰী মহাৰাজে বিষেয়কখন শাস্ত্ৰ বিৰোধ আখ্যা দি নেহৰক মুকলি বিতৰ্কলৈ আহিবৰ বাবে প্রত্যাহ্বান জনাইছিল। দেশৰ বিভিন্ন স্থানত ৰাষ্ট্ৰীয় স্বয়ং সেবক সংঘ আৰু হিন্দু মহাসভাই বৰ্ণা, প্রতিবাদ কাৰ্যসূচীৰ লগতে আম্বেদকাৰ আৰু নেহৰুৰ প্ৰতিমূৰ্তি দাহ কৰি নিজৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল।

অৱশেষত আহিব লগা ভাৰতৰ প্ৰথম গণতান্ত্রিক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৱে নিজৰ স্থিতি সলনি কৰি বিধেয়কখন উক্ত অধিবেশনত গৃহীত হোৱাৰ সম্ভাৱনীয়তা নাই বুলি উল্লেখ কৰি বিষেয়কৰ ওপৰত হ’বলগীয়া আলোচনা স্থগিত ৰখাৰ ঘোষণা কৰে। এই ঘোষণাই হিন্দুত্ববাদী নেতা আৰু সংগঠনক স্বাভাৱিকতে আনন্দিত কৰিলে যদিও ভীমৰাও আম্বেদকাৰে নিজৰ অসন্তুষ্টিৰ ফলস্বৰূপে মন্ত্রীপৰিষদৰ পৰা পদত্যাগ কৰিলে।

এই পৰিঘটনাৰ চাৰিবছৰৰ পিছত নৱগঠিত প্রথম নির্বাচিত মন্ত্রীসভাই ১৯৫৫ আৰু ১৯৫৬ চনত চাৰিটা অংশ কৰি হিন্দু কড’ বিলক আইনৰ ৰূপ দি ভাৰতীয় নাৰীক বিধায়িনী কবচ প্ৰদান কৰাৰ লগতে আম্বেদকাৰৰ সপোনক আংশিকভাৱে সফল কৰি তোলে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top