Understanding Ambedkar Unit 2 জাতি আৰু ধৰ্ম

Understanding Ambedkar Unit 2 জাতি আৰু ধৰ্ম Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Understanding Ambedkar Unit 2 জাতি আৰু ধৰ্ম Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Understanding Ambedkar Unit 2 জাতি আৰু ধৰ্ম Question Answer can be of great value to excel in the examination.

Understanding Ambedkar Unit 2 জাতি আৰু ধৰ্ম

Join Telegram channel

Understanding Ambedkar Unit 2 জাতি আৰু ধৰ্ম cover all the exercise questions in UGC Syllabus. The Understanding Ambedkar Unit 2 জাতি আৰু ধৰ্ম provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

জাতি আৰু ধৰ্ম

POLITICAL SCIENCE

UNDERSTANDING AMBEDKAR

আম্বেদকাৰ

১। Caste in India গ্ৰন্থখন কিমান চনত প্ৰকাশ হৈছিল? 

উত্তৰঃ 1916

২। The Untouchables গ্ৰন্থখনৰ লেখক কোন?

উত্তৰঃ আম্বেদকাৰ।

৩। জাতি প্রথা বিনাশ সম্পৰ্কত আম্বেদকাৰ দ্বাৰা ৰচিত গ্ৰন্থখনৰ নাম কি? 

উত্তৰঃ Annihilation of Caste.

৪। আম্বেদকাৰৰ মতে অস্পৃশ্যতা তথা জাতি ব্যৱহাৰৰ বিৰুদ্ধে যুঁজাৰ প্ৰধান অস্ত্ৰ কি?

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।

৫। ঘূৰণীয়া মেজমেলত অস্পৃশ্যসকলক কোনে প্রতিনিধিত্ব কৰিছিল?

উত্তৰঃ ভীমৰাও আম্বেদকাৰ।

চমু আৰু ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

১। জাতি ব্যৱস্থাৰ ক্ষেত্ৰত আম্বেদকাৰৰ দৃষ্টিভংগী আলোচনা কৰা।

উত্তৰঃ আম্বেদকাৰৰ মতে এটা সমাজ ব্যৱস্থা মূলতঃ কেতবোৰ সামাজিক, অর্থনৈতিক তথা বুদ্ধিজীৱী শ্রেণীক লৈ গঠিত হয়। সমাজৰ এজন ব্যক্তি যিকোনো এটা শ্রেণীৰে সদস্য হয়। তেওঁৰ মতে হিন্দু সমাজ ব্যৱস্থাৰ আটাইতকৈ ডাঙৰ আসোৱাঁহটো হৈছে যে এই শ্রেণীসমূহ এটা জাতিলৈ পৰিৱৰ্তিত হয়। হিন্দু সমাজ ব্যৱস্থাত সামাজিক নীতি নিয়মসমূহে ব্যক্তিৰ স্বাভাৱিক দক্ষতা তথা ক্ষমতাক কোনো ধৰণৰ প্রাধান্য নিদিয়ে ।

হিন্দু সামাজিক ক্রম ব্যৱস্থাত সমতাৰ নীতিক প্রাধান্য দিয়া নহয় ৷ এই ব্যৱস্থাত মানুহ এজন কি বর্ণ বা শ্রেণীত জন্মগ্ৰহণ কৰিছে সেই বিষয়টোৰ ওপৰতহে অধিক প্রাধান্য দিয়া হয়। হিন্দু সমাজ ব্যৱস্থা মূলতঃ অসমতাৰ ওপৰতহে প্রতিষ্ঠিত আছিল বুলিও আম্বেদকাৰে মত পোষণ কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল। এই ব্যৱস্থাত ব্যক্তিৰ স্বাধীনতাৰ কোনো গুৰুত্ব নাছিল। এই সমাজ ব্যৱস্থাটো পৰিচালনা কৰা তথা ইয়াক আগুৱাই নিয়াৰ দায়িত্ব ৰজাৰ হাতত অৰ্পণ কৰা হৈছিল। সমাজৰ নিম্ন শ্ৰেণীৰ লোকসকলৰ শিক্ষাৰ কোনো অধিকাৰ নাছিল। ইয়াৰ উপৰি তেওঁলোকৰ প্ৰতিৰোধ কৰাৰো কোনো অধিকাৰ নাছিল। হিন্দু সমাজ ব্যৱস্থাটো মূলতঃ বৰ্ণ ব্যৱস্থাৰ ওপৰত প্রতিষ্ঠিত আছিল।

ভাৰতীয় সমাজখনক ব্রাহ্মণ, ক্ষত্রিয়, বৈশ্য আৰু শূদ্ৰ – এই চাৰিটা বৰ্ণৰূপে বিভাজন কৰা হৈছে। এনে বিভাজন জন্মৰ ভিত্তিত কৰা হয়। ড° আম্বেদকাৰ উক্ত ‘চতুবৰ্ণ’ সমালোচনা কৰি কয় যে এনে বিভাজনে সমাজখনৰ যথেষ্ট ক্ষতিসাধন কৰে মানুহৰ মাজত বিচ্ছিন্নতা ভাবৰ সৃষ্টি কৰে, গতিকে ই কেতিয়াও গ্রহণযোগ্য নহয়। ‘চতুবৰ্ণ, ভিত্তিত সৃষ্টি হোৱা সামাজিক বিভাজন সমাজৰ এক ব্যাধি আৰু মানুহৰ এক অন্ধবিশ্বাস। 

শ্ৰমৰ ভিত্তিত চতুবৰ্ণৰ ব্যাখ্যা দাঙি ধৰিলে দেখা যায় যে ব্রাহ্মণ সকলে জ্ঞানচর্চা, ক্ষত্রিয়ই যুদ্ধ, বৈশ্যই বেপাৰ বাণিজ্য আৰু শূদ্রই লোক সেৱাৰ কামত ব্ৰতী থাকিব। কিন্তু শ্রম বিভাজন মানুহৰ মৰ্যাদাৰ বিভাজনো কঢ়িয়াই শূদ্ৰ সকলৰ কোনো মর্যাদা নাই আৰু এওঁলোকক ওপৰৰ তিনিটা বর্ণই নিয়ন্ত্ৰণ কৰে আৰু বিভিন্ন ধৰণে শোষণ কৰে।

প্ৰথম অৱস্থাত চাৰিটা বৰ্ণ আছিল যদিও পৰৱৰ্তী সমাজৰ অস্পৃশ্যসকলো এটা বৰ্ণৰূপে পৰিগণিত হয়। জাতি সংঘাত হিন্দু সমাজ ব্যৱস্থাৰ এটা মূল বৈশিষ্ট্য। এই ব্যৱস্থাটো মূলতঃ জন্ম আৰু ধৰ্মৰ অনুমোদনৰ ওপৰত প্ৰতিষ্ঠিত। এই সমাজ ব্যৱস্থাত সমাজৰেই কেতবোৰ লোকক অস্পৃশ্য বুলি গণ্য কৰা হয় আৰু সমাজত সমান অধিকাৰৰ পৰা তেওঁলোকক বঞ্চিত কৰা হয়। যদিও হিন্দু ধৰ্মক আটাইতকৈ উদাৰ বুলি গণ্য কৰা হয় তথাপি এই ধৰ্মই অস্পৃশ্যসকলক সামৰি ল’ব পৰা নাই। আম্বেদকাৰে মতপোষণ কৰিছিল যে হিন্দু আইনৰ মূল প্ৰবক্তা মনু, যাজ্ঞাবল্ক্য আৰু নাৰদে আইনসমূহ এনেধৰণে প্ৰতিষ্ঠা কৰিছিল যে ইয়াৰ ফলত সমাজ ব্যৱস্থাত এটা স্থায়ী বিভাজন আহি পৰিছিল। এই বিভাজন মূলতঃ সমাজৰ অস্পৃশ্য আৰু আন লোকসকলৰ মাজত আছিল। উচ্চ জাতিসমূহে সকলো অধিকাৰ ভোগ কৰিছিল।

ড° আম্বেদকাৰ দলিত সম্প্ৰদায়ত জন্মগ্ৰহণ কৰিছিল আৰু সেয়েহে তেওঁ এই সম্প্রদায়টোৱে ভুগি অহা সকলো ধৰণৰ অন্যায়, অবিচাৰ আদিৰ বিষয়ে ছাত্ৰ অৱস্থাৰ পৰাই উপলব্ধি কৰি আহিছিল। সকলো ধৰণৰ অন্যায়-অবিচাৰৰ পৰা এই দলিত সম্প্রদায়টো মুক্ত কৰি সমাজৰ আন সম্প্ৰদায়ৰ সমপৰ্যায়লৈ উন্নীত কৰাৰ বাবে তেওঁ দৃঢ় প্রতিজ্ঞ আছিল। এই উদ্দেশ্য আগত ৰাখি ড° আম্বেদকাৰে কঠোৰ সংগ্ৰামত জঁপিয়াই পৰে।

ভাৰতীয় সমাজত প্ৰচলিত বর্ণ ব্যৱস্থাক তেওঁ এক ব্যাধি বুলি অভিহিত কৰি ইয়াৰ বিৰুদ্ধে জনমত গঠন কৰে, তাৰোপৰি এনে সামাজিক ব্যাধিয়ে সৃষ্টি কৰা সমস্যাসমূহৰ প্ৰতি সংবিধান প্রণেতাসকলৰ দৃষ্টি আকৰ্ষণ কৰি সাংবিধানিক ব্যৱস্থাৰ দ্বাৰা সমস্যা সমাধানৰ কথা গভীৰভাৱে চিন্তা কৰিছিল।

ড° আম্বেদকাৰৰ নেতৃত্বতেই ভাৰতৰ সংবিধানত দলিত আৰু পিছপৰা সম্প্ৰদায়ৰ লোকৰ কল্যাণৰ বাবে কিছুমান ব্যৱস্থা লোৱা হৈছে, শিক্ষা, নিযুক্তি, পদোন্নতি আদিৰ ক্ষেত্ৰত তেওঁলোকৰ আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে।

ভাৰতবৰ্ষৰ ৰাজনৈতিক কার্যাৱলীত যাতে তেওঁলোকে আন সম্প্ৰদায় অংশগ্ৰহণ কৰিব পাৰে তাৰ বাবেও অশেষ প্রচেষ্টা আগবঢ়ায়। এইক্ষেত্ৰত তেওঁ হৰিজন সকলৰ বাবে পৃথক নিৰ্বাচন, মন্ত্ৰীৰ ব্যৱস্থা কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। আজি হৰিজন সকলে সাংবিধানিক ব্যৱস্থাই প্ৰৱৰ্তন কৰা সংৰক্ষিত ব্যৱস্থাৰ দ্বাৰা নিজৰ স্বাৰ্থ ৰক্ষা কৰাৰ উপৰিও উন্নতিৰ পথত আগুৱাই যাবলৈও তেওঁলোক সক্ষম হোৱা দেখা যায়। ৰাজনৈতিক আৰু সামাজিক দিশৰ উপৰিও অর্থনৈতিক দিশত আগবাঢ়ি যাবৰ বাবে সংবিধানত সন্নিৱিষ্ট ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিয়ে যথেষ্ট অৰিহণা আগবঢ়াইছে।

ড° আম্বেদকাৰ হৈছে অস্পৃশ্যসকলৰ মুক্তিৰ পথ প্ৰদৰ্শক আৰু তেওঁৰ প্ৰচেষ্টাত দলিলসকলে দেশৰ সামাজিক আৰু ৰাজনৈতিক ব্যৱস্থাত সম-মর্যাদা অধিকাৰী হ’বলৈ সক্ষম হৈছে।

২। ৰাজনৈতিক সমতা সম্পর্কে আম্বেদকাৰৰ মতামত আলোচন কৰা।

উত্তৰঃ অস্পৃশ্যতাৰ সলনি গান্ধীজীয়ে প্ৰৱৰ্তন কৰা হৰিজন শব্দটো আম্বেদকাৰে বিশেষভাৱে সমর্থন কৰিব পৰা নাছিল। গান্ধীজীয়ে প্রতিষ্ঠা কৰা হৰিজন সেৱক সংস্থাটো মূলতঃ হিন্দুসকলে পৰিচালনা কৰিছিল আৰু এই সংঘ কংগ্ৰেছৰ এটা অংগস্বৰূপ আছিল। আম্বেদকাৰে মতপোষণ কৰিছিল যে ইয়াৰ মূল উদ্দেশ্য হৈছে সমাজৰ অৱহেলিত শ্ৰেণীটোৰ সমৰ্থন লাভ কৰা। সেইবাবেই আম্বেদকাৰে ‘সমতা সৈনিক দল’ গঠন কৰে। এই সময়ছোৱাতে আম্বেদকাৰে বৌদ্ধিক আৰু শৈক্ষিক মহলত বিশেষ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ সত্ত্ব ভাৰতবৰ্ষতে সামাজিক আৰু ৰাজনৈতিক উভয় ক্ষেত্ৰতে এটা সম্মানীয় স্থান লাভ কৰিবলৈও সক্ষম হয়। তেওঁ মত পোষণ কৰিছিল যে বিগত কেইবা শতিকাজুৰি সামাজিক তথা ৰাজনৈতিক অধিকাৰসমূহৰ পৰা বঞ্চিত হৈ অহা সমাজৰ অৱহেলিত শ্ৰেণীটোৰ ঐক্যবদ্ধ সংগ্ৰামেহে তেওঁলোকক এক সুন্দৰ ভৱিষ্যৎ প্ৰদান কৰিবলৈ সক্ষম হ’ব। তেওঁ অৱহেলিত শ্ৰেণীটোৰ জনসংখ্যাৰ সমানুপাতিক হাৰত আসন সংৰক্ষণ কৰাৰ বাবে দাবী উত্তাপন কৰিছিল। ১৯১১ চনৰ পৰা ১৯৪৬ চনলৈকে সাংবিধানিক সংস্কাৰৰ জৰিয়তে আম্বেদকাৰে সমাজৰ সকলো শ্ৰেণীৰ লোককে সামাজিক আৰু ৰাজনৈতিক অধিকাৰ প্ৰদান কৰাৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল।

৩। অস্পৃশ্যতা সম্পর্কে আম্বেদকাৰৰ ধাৰণাটো আলোচনা কৰা।

উত্তৰঃ আম্বেদকাৰৰ মতে হিন্দু আইনে অস্পৃশাসকলক ব্যক্তি হিচাপে গণ্য নকৰে আৰু সেয়েহে তেওঁলোকক নেতৃত্ব প্ৰদানৰ পৰাও বিৰত ৰাখে। তেওঁৰ এই ধাৰণা বিভিন্ন উদাহৰণৰ জৰিয়তে প্রতিপন্ন কৰিবলৈ চেষ্টা কৰে। প্ৰচলিত হিন্দু সমাজৰ ব্যৱস্থাত অস্পৃশ্য সকলৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে দুটা স্তৰত বিদ্ৰোহৰ সূচনা হৈছিল। ইয়াৰ প্রথম পর্যায়ত আবেদন-নিবেদন তথা বিক্ষোভ প্রদর্শন আৰু দ্বিতীয় পৰ্যায়ত ৰাজহুৱা কুঁৱা, বিদ্যালয়, বাছ, ৰে’ল আদিৰ ক্ষেত্ৰত সমান অধিকাৰৰ বাবে বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰা হৈছিল। ১৯২৭ চনত মুম্বাইত অনুষ্ঠিত হোৱা অস্পৃশ্যসকলৰ প্রথম মহাসম্মিলনত আম্বেদকাৰে তেওঁলোকৰ নিজৰ অধিকাৰসমূহৰ হকে যুঁজ দিয়াৰ লগতে নিজৰ কু অভ্যাসসমূহ বিসর্জন দিয়াৰ বাবেও আহ্বান জনাইছিল। সেই সময়তে গান্ধীজীয়েও সকীয়নি দিছিল যে অস্পৃশ্যতাৰ নিচিনা পাপক প্রশ্রয় দিলে এশ বছৰতো স্বৰাজ লাভ কৰাটো সম্ভৱ নহ’ব। গান্ধীজীৰ এই সমর্থনে আম্বেদকাৰৰ হাত অধিক শক্তিশালী কৰিছিল। আম্বেদকাৰৰ মতে সমাজৰ পৰা জাতি প্ৰথা আঁতৰ কৰিব নোৱাৰিলে অস্পৃশ্যতা আঁতৰ কৰাটো অসম্ভব। এইক্ষেত্ৰত মহাৰাষ্ট্ৰৰ সত্য শোধক আন্দোলনৰ নেতাসকলে আম্বেদকাৰক সম্পূৰ্ণৰূপে সমর্থন জনোৱাই নহয়, সমাজৰ অৱহেলিত শ্ৰেণীটোৰ অধিকাৰসমূহ সাব্যস্ত কৰাৰ বাবেও তেওঁলোকে অৰিহণা যোগাইছিল.

১৯৩০ চনৰ ৮ আগষ্ট তাৰিখে সৰ্বভাৰতীয় দলিত শ্রেণী সংঘৰ (All India Depressed Classes Association) প্রথম অধিবেশনৰ সভাপতি আম্বেদকাৰে সংবিধানত অস্পৃশ্যসকলক সাংবিধানিক সুৰক্ষা প্ৰদানৰ দাবী উত্থাপন কৰে। তেওঁ বিভাগীয় সমিতিসমূহতো অস্পৃশ্যসকলৰ প্ৰতিনিধিত্বৰ দাবী উত্থাপন কৰিছিল। ১৯৩০ চনত মুম্বাইত চৰকাৰে গঠন কৰি দিয়া ৰাজ্যিক সমিতিৰ সদস্য আম্বেদকাৰে সমাজৰ অৱহেলিত শ্ৰেণীটোৰ সামাজিক আৰু শৈক্ষিক অৱস্থাৰ বিষয়ে অধ্যয়ন কৰি ছাত্ৰসকলৰ বাবে জলপানিৰ ব্যৱস্থা কৰাৰ লগতে পুলিচ আৰু সেনা বাহিনীত নিয়োগৰ ব্যৱস্থাও কৰিছিল। এইদৰে তেওঁ সমাজৰ অৱহেলিত শ্ৰেণীটোক সামাজিক তথা সাংস্কৃতিক ক্ষেত্ৰত অধিকভাৱেসক্ৰিয় কৰি তোলাৰ বাবে এক বৃহৎ প্রচেষ্টা চলাইছিল। 

4. Write a note on Ambedkar’s contradiction with Gandhi.

Ans: গান্ধীজীৰ সৈতে মতবিৰোধ (Contradiction with Gandhi)

১৯৩১ চনৰ মাৰ্চ মাহত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত অৱহেলিত (Depressed) শ্ৰেণীটোৰ বাবে পৃথক ৰাজনৈতিক অধিকাৰৰ বিষয়টোত আম্বেদকাৰে গান্ধীজীৰ পৰা প্ৰবল বাধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। গান্ধীজীয়ে নিজৰ প্ৰাণ বিসর্জন দি হ’লেও ইয়াৰ বিৰোধিতা কৰিব বুলি ঘোষণা কৰে। ১৯৩২ চনৰ মে’ মাহৰ ২৩ তাৰিখে পুণা চহৰত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় অস্পৃশ্য সংঘৰ অধিৱেশনত আম্বেদকাৰে ঘোষণা কৰে যে চৰকাৰী চাকৰিত যোগদান, অন্ন, বস্ত্র, শিক্ষা তথা অন্যান্য আনুষংগিক সা-সুবিধা সমূহেহে সমাজত তেওঁলোকৰ স্থান সুনিশ্চিত কৰিব। ১৯৩২ চনৰ (সাম্প্ৰদায়িক পুৰস্কাৰ) Communal Awardৰ জৰিয়তে আম্বেদকাৰে অস্পৃশ্যসকলৰ বাবে পৃথক ভোটাধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু মহাত্মা গান্ধীয়ে এই কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে আৰু আমৰণ অনশন আৰম্ভ কৰে। পৰিস্থিতিয়ে অধিক জটিল ৰূপ ধাৰণ কৰাৰ সময়তে কংগ্ৰেছৰ আন আন নেতাসকলে আম্বেদকাৰৰ লগত আলোচনা কৰি হিন্দুসকলৰ লগতে যুটীয়া ভোটাধিকাৰ গ্ৰহণ কৰিবলৈ সৈমান কৰায়। ১৯৩২ চনৰ ২৪ ছেপ্টেম্বৰ তাৰিখে আম্বেদকাৰে বিখ্যাত পুণা চুক্তিত (Poona Pact) অৱহেলিত শ্রেণীৰ প্ৰতিনিধিৰূপে স্বাক্ষৰ কৰে। এই চুক্তিত অৱহেলিত শ্ৰেণীটোৰ বাবে পৃথক আসনৰ বিষয়ে উল্লেখ আছে। পৰৱৰ্তী এই চুক্তিখন ১৯৩৫ চনৰ ভাৰত শাসন আইনত সন্নিৱিষ্ট কৰা হয়।

আম্বেদকাৰে এখন জাতিভেদ প্রথা আৰু অস্পৃশ্যতাবিহীন হিন্দু সমাজ গঢ়াৰ প্ৰয়াস কৰিছিল যদিও এইক্ষেত্ৰত তেওঁ হিন্দু নেতৃত্বৰ পৰা তীব্র বাধাৰ সম্মুখীন হ’বলগীয়া হৈছিল। ১৯৪২ চনৰ ২ জুলাই তাৰিখে আম্বেদকাৰক ব্ৰিটিছ ভাইচৰয়ৰ কাৰ্যবাহী পৰিষদ (Executive Council)ত অন্তর্ভুক্ত কৰা হয়। প্রথমবাৰৰ বাবে সমাজৰ অস্পৃশ্য বুলি বিবেচিত শ্ৰেণীটোৰ এজন সদস্যক ইয়াত অন্তর্ভুক্ত কৰা হয়। তেওঁক শ্রম দপ্তৰটোৰ দায়িত্ব অর্পণ কৰা হৈছিল। তেওঁ এই দায়িত্ব গ্ৰহণ কৰিয়েই শ্ৰমিকসকলক ন্যায্য অধিকাৰ আৰু সামাজিক সুৰক্ষা প্রদান কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে। তেওঁ শ্ৰমিকসকলৰ জীৱন ধাৰণৰ লগতে মানৱ উন্নয়নৰ বাবেও বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰে।

গান্ধীজী আৰু আম্বেদকাৰ দুয়োগৰাকীয়ে প্ৰত্যেক ব্যক্তিৰ বাবে সমতা, ন্যায় আৰু স্বাধীনতা প্ৰদান কৰাৰ সপক্ষে মত পোষণ কৰিছিল। কিন্তু এই সমাজ ব্যৱস্থা কেনেদৰে প্ৰতিষ্ঠিত কৰা হ’ব সেই বিষয়ে দুয়োগৰাকীৰ মাজত মতানৈক্য দেখা যায়। ‘হৰিজন’ কাকতত প্ৰকাশ পোৱা মহাত্মা গান্ধীৰ শ্ৰেণী ব্যৱস্থা সম্পৰ্কীয় ধাৰণাটোও আম্বেদকাৰে বিৰোধিতা কৰিছিল। গান্ধীজীৰ মতে ধৰ্মৰ ক্ষেত্ৰত জাতি প্ৰথাৰ কোনো ভূমিকা নাই। কিন্তু আম্বেদকাৰৰ মতে জাতি প্ৰথাই ধৰ্মীয় বীজ ৰোপণ কৰে যাৰ ফলত সমগ্ৰ হিন্দু ব্যৱস্থাটোকে ধ্বংসৰ মুখলৈ ঠেলি দিয়া হৈছে। বর্ণবাদৰ ওপৰত ভিত্তি কৰি হিন্দু সমাজ ব্যৱস্থাক পুনৰ গঠন কৰাটো সম্ভৱপৰ নহয় বুলি তেওঁ মত পোষণ কৰিছিল।

১৯৩২ চনৰ ছেপ্টেম্বৰ মাহত গান্ধীজীৰ পৃষ্ঠপোষকতাত All India Anti-Untouchability League গঠন কৰা হয় আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াক হৰিজন সেৱক সংঘৰূপে নামকৰণ কৰা হয়। এই সংঘৰ পৰিচালনা সমিতিত অৱহেলিত শ্ৰেণীৰ নেতাসকলক অন্তর্ভুক্ত নকৰাৰ বাবে আম্বেদকাৰে কংগ্ৰেছৰ এই কার্যক সমর্থন জনাব পৰা নাছিল। আম্বেদকাৰে পৰামৰ্শ আগবঢ়াইছিল যে সংঘই সমাজৰ অৱহেলিত শ্ৰেণীটোৰ অৰ্থনৈতিক-সামাজিক আৰু শৈক্ষিক অৱস্থাৰ উন্নতি সাধন কৰিব লাগে। অৱশ্যে তেওঁৰ এই পৰামৰ্শ অগ্রাহ্য কৰা হৈছিল। গান্ধীজীয়ে সমাজৰ পৰা অস্পৃশ্যতা বর্জন কৰি আগৰ বৰ্ণ ব্যৱস্থালৈ ঘুৰি যোৱাৰ বাবে পৰামৰ্শ আগবঢ়াইছিল। কিন্তু আম্বেদকাৰে ইয়াৰ তীব্র প্রতিবাদ জনাইছিল। হৰিজন সেৱক সংঘৰ ৰাজনৈতিক লক্ষ্যৰ উমান পাই আম্বেদকাৰে ইয়াৰ পৰা নিজকে আঁতৰাই ৰাখে। ইয়াৰ পিছত আম্বেদকাৰে ‘সমতা সৈনিক দল’ নামৰ এটা সমান্তৰাল সংগঠনৰ সৃষ্টি কৰে। পৃথক ভোটাধিকাৰ আৰু আসন সংৰক্ষণৰ বিষয়টোতো গান্ধীজী আৰু আম্বেদকাৰৰ মাজত মতানৈক্য আছিল। তেওঁ মুক্তভাৱে ঘোষণা কৰিছিল যে হিন্দু আৰু অৱহেলিত শ্ৰেণীটোৰ মাজত যিহেতুকে কোনো সম্বন্ধ নাই সেইবাবে অৱহেলিত শ্ৰেণীটোক এটা পৃথক গোট হিচাপে গণ্য কৰিব লাগে।

5. “Ambedkar was a Social prophet of the Untouchable”. Examine this statement with a critical estimate of his crusade against Manusmriti.

Ans: অস্পৃশ্যসকলৰ ওপৰত অত্যাচাৰ (Harassment upon the Untouchables)

আম্বেদকাৰৰ মতে হিন্দু আইনে অস্পৃশ্যসকলক ব্যক্তি হিচাপে গণ্য নকৰে আৰু সেয়েহে তেওঁলোকক নেতৃত্ব প্ৰদানৰ পৰাও বিৰত ৰাখে। তেওঁৰ এই ধাৰণা বিভিন্ন উদাহৰণৰ জৰিয়তে প্রতিপন্ন কৰিবলৈ চেষ্টা কৰে। প্ৰচলিত হিন্দু সমাজ ব্যৱস্থাত অস্পৃশ্যসকলৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে দুটা স্তৰত বিদ্ৰোহৰ সূচনা হৈছিল। ইয়াৰ প্ৰথম পর্যায়ত আবেদন-নিবেদন তথা বিক্ষোভ প্রদর্শন আৰু দ্বিতীয় পর্যায়ত ৰাজহুৱা কুঁৱা, বিদ্যালয়, বাছ, ৰে’ল আদিৰ ক্ষেত্ৰত সমান অধিকাৰ বাবে বিভিন্ন কার্যপন্থা গ্রহণ কৰা হৈছিল। ১৯২৭ চনত মুম্বাইত অনুষ্ঠিত হোৱা অস্পৃশ্যসকলৰ প্ৰথম মহাসন্মিলনত আম্বেদকাৰে তেওঁলোকৰ নিজৰ অধিকাৰসমূহৰ হকে যুঁজ দিয়াৰ লগতে নিজৰ কু-অভ্যাসসমূহ বিসর্জন দিয়াৰ বাবেও আহ্বান জনাইছিল। সেই সময়তে গান্ধীজীয়েও সকীয়নি দিছিল যে অস্পৃশ্যতাৰ নিচিনা পাপক প্রশ্রয় দিলে এশ বছৰতো স্বৰাজ লাভ কৰাটো সম্ভৱ নহ’ব। গান্ধীজীৰ এই সমর্থনে আম্বেদকাৰৰ হাত অধিক শক্তিশালী কৰিছিল। আম্বেদকাৰৰ মতে সমাজৰ পৰা জাতি প্ৰথা আঁতৰ কৰিব নোৱাৰিলে অস্পৃশ্যতা আঁতৰ কৰাটো অসম্ভৱ। এইক্ষেত্ৰত মহাৰাষ্ট্ৰৰ সত্য শোধক আন্দোলনৰ নেতাসকলে আম্বেদকাৰক সম্পূৰ্ণৰূপে সমর্থন জনোৱাই নহয়, সমাজৰ অৱহেলিত শ্ৰেণীটোৰ অধিকাৰসমূহ সাব্যস্ত কৰাৰ বাবও তেওঁলোকে অৰিহণা যোগাইছিল।

১৯৩০ চনৰ ৮ আগষ্ট তাৰিখে সৰ্বভাৰতীয় দলিত শ্ৰেণী সংঘৰ (All India Depressed Classes Association) প্রথম অধিৱেশনৰ সভাপতি আম্বেদকাৰে সংবিধানত অস্পৃশ্যসকলক সাংবিধানিক সুৰক্ষা প্ৰদানৰ দাবী উত্থাপন কৰে। তেওঁ বিভাগীয় সমিতিসমূহতো অস্পৃশ্যসকলৰ প্ৰতিনিধিৰ দাবী উত্থাপন কৰিছিল। ১৯৩০ চনত মুম্বাইত চৰকাৰে গঠন কৰি দিয়া ৰাজ্যিক সমিতিৰ সদস্য আম্বেদকাৰে সমাজৰ অৱহেলিত শ্ৰেণীটোৰ সামাজিক আৰু শৈক্ষিক অৱস্থাৰ বিষয়ে অধ্যয়ন কৰি ছাত্ৰসকলৰ বাবে জলপানিৰ ব্যৱস্থা কৰাৰ লগতে পুলিচ আৰু সেনা বাহিনীত নিয়োগৰ ব্যৱস্থাও কৰিছিল। এইদৰে তেওঁ সমাজৰ অৱহেলিত শ্ৰেণীটোক সামাজিক তথা সাংস্কৃতিক ক্ষেত্ৰত অধিকভাৱে সক্ৰিয় কৰি তোলাৰ বাবে এক বৃহৎ প্রচেষ্টা চলাইছিল।

ৰাজনৈতিক উদ্যোগ (Political Initiative)

অস্পৃশ্যতাৰ সলনি গান্ধীজীয়ে প্ৰৱৰ্তন কৰা হৰিজন শব্দটো আম্বেদকাৰে বিশেষভাৱে সমর্থন কৰিব পৰা নাছিল। গান্ধীজীয়ে প্রতিষ্ঠা কৰা হৰিজন সেৱক সংস্থাটো মূলতঃ হিন্দুসকলে পৰিচালনা কৰিছিল আৰু এই সংঘ কংগ্ৰেছৰ এটা অংগস্বৰূপ আছিল। আম্বেদকাৰে মতপোষণ কৰিছিল যে ইয়াৰ মূল উদ্দেশ্য হৈছে সমাজৰ অৱহেলিত শ্ৰেণীটোৰ সমৰ্থন লাভ কৰা। সেইবাবেই আম্বেদকাৰে ‘সমতা সৈনিক দল’ গঠন কৰে। এই সময়ছোৱাতে আম্বেদকাৰে বৌদ্ধিক আৰু শৈক্ষিক মহলত বিশেষ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁ সমগ্ৰ ভাৰতবৰ্ষতে সামাজিক আৰু ৰাজনৈতিক উভয় ক্ষেত্ৰতে এটা সন্মানীয় স্থান লাভ কৰিবলৈও সক্ষম হয়। তেওঁ মত পোষণ কৰিছিল যে বিগত কেইবা শতিকাজুৰি সামাজিক তথা ৰাজনৈতিক অধিকাৰসমূহৰ পৰ বঞ্চিত হৈ অহা সমাজৰ অৱহেলিত শ্ৰেণীটোৰ ঐক্যবদ্ধ সংগ্রামেহে তেওঁলোকক এক সুন্দৰ ভৱিষ্যৎ প্ৰদান কৰিবলৈ সক্ষম হ’ব। তেওঁ অৱহেলিত শ্ৰেণীটোৰ জনসংখ্যাৰ সমানুপাতিক হাৰত আসন সংৰক্ষণ কৰাৰ বাবে দাবী উত্থাপন কৰিছিল। ১৯১১ চনৰ পৰা ১৯৪৬ চনলৈকে সাংবিধানিক সংস্কাৰৰ জৰিয়তে আম্বেদকাৰে সমাজৰ সকলো শ্ৰেণীৰ লোককে সামাজিক আৰু ৰাজনৈতিক অধিকাৰ প্ৰদান কৰাৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল।

ভাৰতৰ সংবিধান আৰু আম্বেদকাৰ (Indian Constitution and Ambedkar)

ভাৰতৰ সংবিধান প্রস্তুতিৰ বাবে গঠন কৰা কমিটিৰ ডাঃ আম্বেদকাৰ সভাপতি আছিল। সাংবিধানিক উপদেষ্টা বি. এন. ৰাৱে প্ৰস্তুত কৰা খচৰা সংবিধানখন আম্বেদকাৰৰ নেতৃত্বত কমিটীখনে সংবিধান প্ৰথম খচৰা কাম সম্পাদন কৰে।

ভাৰতৰ সংবিধান সন্নিৱিষ্ট নির্দেশাত্মক নীতিৰ প্ৰতি সমর্থন আগবঢ়াই কয় যে এই নীতি সমূহে ভাৰতবৰ্ষৰ অর্থনৈতিক গণতন্ত্ৰৰ আদর্শ প্রতিফলিত হৈছে। শান্তি শৃংখলা আৰু সুস্থ চৰকাৰ এখন প্ৰতিষ্ঠাৰ কথা চিন্তা কৰিলে এনে নীতি সমূহৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি। কিয়নো সংসদীয় গণতন্ত্ৰত অর্থনৈতিক আৰু সামাজিক আদর্শ সুনির্দিষ্টাৱা উচিত। আম্বেদকাৰে কয় যে বিভিন্ন ধৰণৰ চিন্তাধাৰাৰ ব্যক্তিয়ে নিজৰ আদৰ্শৰে ভাৰতবৰ্ষত অর্থনৈতিক গণতন্ত্র প্রতিষ্ঠা কৰাৰ অৱকাশ ৰাষ্ট্ৰৰ নির্দেশাত্মক নীতিত আছে।

সংসদীয় চৰকাৰক আম্বেদকাৰে সমৰ্থন কৰি কয় যে ইংলেণ্ডৰ ৰাণীৰ সম পৰ্যায়ৰ স্থান ৰাষ্ট্ৰপতিৰ থাকিব। তেওঁ ৰাষ্ট্ৰৰ মুৰব্বী, কিন্তু মন্ত্ৰী পৰিষদৰ পৰামৰ্শ উলংঘাও কৰিব নোৱাৰে, অথবা পৰিষদৰ পৰামৰ্শ নোলোৱাকৈ কোনো কাম কৰিব নোৱাৰে।

পৰিষদৰ সামূহিক দায়বদ্ধতাৰ বিষয়ে উল্লেখ কৰি আম্বেদকাৰে কয় যে এনে দায়বদ্ধতাৰ প্রধানমন্ত্ৰীৰ জৰিয়তে আদায় কৰিব পাৰি। তেৱেঁই কেবিনেটৰ মূল সদস্য আৰু কোনো সদস্য মনোনীত আৰু অপসাৰণ কৰাৰ সম্পূর্ণ দায়িত্ব প্রধানমন্ত্রীক অর্পণ কৰিলেহে সামূহিক দায়বদ্ধতা ফলপ্রসূ হ’ব।

সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ জৰিয়তেহে ভাৰতীয় গণতন্ত্ৰৰ ভেটি সুদৃঢ় কৰিব পাৰি। ভাৰতৰ সংবিধানে ইয়াৰ ব্যৱস্থা কৰিছে। কিন্তু অর্থনৈতিক সমতা প্রতিষ্ঠাৰ বাবে সংবিধানে বলিষ্ঠ পদক্ষেপ লোৱা নাই বুলি আম্বেদকাৰে আক্ষেপ কৰে।

মনুস্মৃতিৰ বিৰুদ্ধে আম্বেদকাৰৰ ক্রুশ্চেদ (ধর্মযুদ্ধ) (Ambedkar’s Crusade Against Manusmriti)

ডঃ আম্বেদকাৰৰ যুগ যুগ ধৰি হিন্দুসকল, বিশেষকৈ ব্ৰাহ্মণৰ হাতত অপমানিত হৈ থকা সমাজৰ পদ-দলিতসকলৰ ত্ৰাণকৰ্তা বুলি অভিহিত কৰিব পাৰি। তেওঁ জাতিভেদ প্রথাৰ (Caste System) বিৰোধিতা কৰিছিল আৰু হিন্দু সমাজৰ পৰা অস্পৃশ্যতা নাইকিয়া কৰিবলৈ। বিচাৰিছিল।

আম্বেদকাৰৰ মতে হিন্দু সমাজব্যবস্থাই সমতাৰ নীতিক স্বীকৃতি নিদিয়ে জাতি ব্যৱস্থাৰ ওপৰত প্রতিষ্ঠিত হিন্দু সমাজ ব্যবস্থাই শোষণ আৰু অসমতাকে চিৰস্থায়ী কৰে। বৰ্ণব্যৱস্থাৰ বাবেই সমাজত অস্পৃশ্য শ্ৰেণী এটিৰ সৃষ্টি হৈছে। এই ব্যৱস্থাত ব্রাহ্মণসকলে শীর্ষস্থান দখল কৰি অস্পৃশাসকলৰ ওপৰত চূড়ান্ত নির্দয়তা আৰু অত্যাচাৰ আৰম্ভ কৰিছিল। দুৰ্ভাগ্যৰ কথা এই যে হিন্দু ধৰ্মৰ শিখণ্ডী (Torch bearer) আৰু মনুস্মিতিৰ সমৰ্থকসকলে এই কু ব্যৱস্থাটোক সমর্থন কৰিছিল। সেয়েহে আম্বেদকাৰে ভাবিছিল যে এই বর্ণ ব্যবস্থা নাশ কৰি পৰম্পৰাগত ধর্মব্যৱস্থা বিৰোধিতা আৰু মনুস্মৃতিৰ দাহন কাৰ্যই অস্পৃশ্য সকলৰ লগতে হিন্দু সমাজৰো সংস্কাৰ সাধনত সহায় কৰিব পাৰিব। তেওঁ নিজেই মাহাৰত মনুস্মৃতি জ্বলাই দিছিল আৰু আন সকলকো তাকেই কৰিবলৈ আহ্বান জনাইছিল।

আম্বেদকাৰৰ মতে জাতিভেদ প্ৰথাৰ বিকাশৰ লগে লগে হিন্দু ধৰ্মই ইয়াৰ লক্ষ্যৰ পৰা বিচ্ছিন্ন হৈ পৰিছে। আম্বেদকাৰে প্ৰকৃততে হিন্দু ধৰ্মৰ বিৰোধী নাছিল। তেওঁ সমাজ ব্যৱস্থাৰ মূলনীতি হিচাপে ‘স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধ’ৰ বিশ্বাস কৰিছিল। তেওঁৰ মতে, চতুবৰ্ণ বেয়া সমাজব্যৱস্থা আৰু এনে ব্যৱস্থা বৰ্তি থাকিব নোৱাৰে। এই ব্যৱস্থাই মানুহৰ হিতসাধন কৰাৰ পৰিৱৰ্তে তেওঁলোকক পংগু কৰি পেলায়। হিন্দু ধর্ম শ্রেণী বিভক্ত (Graded) অসমতা নীতিৰ ওপৰত প্ৰতিষ্ঠিত। এই অসম শ্রেণী ব্যৱস্থাত থকা বিভিন্ন শ্রেণীৰ লোকসকলে একগোট হৈ কেতিয়াও অন্যায় সমাজ ব্যৱস্থাৰ বিৰুদ্ধে থিয় দিব নোৱাৰে। আম্বেদকাৰৰ মতে এইটো অতি দুর্ভাগ্যজনক যে হিন্দুসকলে ধর্মক এটা স্তম্ভ হিচাপে লৈ তেওঁলোকৰ ঘৰ সাজিছে য’ত স্পৃশ্য আৰু অস্পৃশ্য শ্রেণী বিভাজন সৃষ্টি কৰিছে আৰু স্পৃশ্য শ্রেণীকো আকৌ বিভিন্ন সৰু সৰু শ্ৰেণীত (Sub Castes) ভাগ কৰিছে তেওঁ উপলব্ধি কৰিছিল যে সমতা হিন্দু ধৰ্মত এটা দৈৱ ঘটনাহে (Casualty)। সেয়েহে তেওঁ জীৱনত সমতা, মানৱতা, দয়া আৰু বন্ধুত্বৰ হকে থিয় দিয়ে। ছাত্ৰ অৱস্থাৰ পৰা বেৰিষ্টাৰ হোৱালৈকে আৰু আনকি মহাৰজাৰ অধীৰন চাকৰিকালতো ব্যক্তিগত অভিজ্ঞতাৰ পৰা তেওঁ দেখিছিল যে হিন্দু সমাজত নিম্ন বৰ্ণৰ ‘শূদ্র সৈকলক মানুহ হিচাপে ব্যৱহাৰ কৰা নহয়। জাতিব্যৱস্থা হিন্দু ধৰ্মৰ নামত এক কলংক। সেয়েহে ইয়াক নাশ কৰিব লাগিব। তেওঁ দৃঢ়ভাৱে বিশ্বাস কৰিছিল যে জাতি ব্যৱস্থাৰ বিনাশ নকৰালৈকে হিন্দু সমাজৰ উত্তৰোত্তৰ উন্নতি অসম্ভৱ। জাতি ব্যৱস্থাৰ বিনাশৰ ওপৰতেই ভাৰতৰ শান্তি আৰু একতা নির্ভৰশীল। সামাজিক গাঁথনিত এক মৌলিক পৰিৱৰ্তন আনিবৰ বাবে সামাজিক উন্নতিৰ (Improvement) লগতে এক সামাজিক বিপ্লৱৰ প্ৰয়োজনীয়তাৰ ওপৰত তেওঁ জোৰ দিছিল।

আম্বেদকাৰে পবিত্ৰ শাস্ত্ৰসমূহৰ পৰাই জাতিব্যৱস্থাৰ সৃষ্টি হৈছে বুলি মত প্ৰকাশ কৰিছিল। সেয়েহে তেওঁ সমাজৰ সকলোকে শাস্ত্ৰৰ কবলৰ পৰা ওলাই অহাৰ লগতে তেওঁলোকৰ মনৰ পৰা পবিত্র অপৱিত্ৰৰ মনোভাব মচি পেলাবলৈ আহ্বান জনাইছিল যাতে জাতি ব্যৱস্থাক নাইকিয়া কৰিব পৰা যায়। ইয়াৰ বাবে তেওঁ অসবর্ণ বিবাহৰ (Inter Caste Marriage) পৰামৰ্শ দিছিল কিয়নো ই জনসাধাৰণৰ মাজত আত্মিক সম্বন্ধ গঢ়ি তোলাৰ লগতে জাতিভেদ প্রথাই সৃষ্টি কৰা বিভেদ ভাবৰ নাশ কৰাত সহায় কৰিব। তেওঁ হিন্দু ধৰ্মৰ মুক্তি আৰু ব্ৰাহ্মণ্যবাদৰ বিনাশৰ পৰামৰ্শ দিছিল। তেওঁ তেওঁৰ জাতিৰ লোকসকলৰ যিবিলাক কামে তেওঁলোকক অস্পৃশ্য আৰু নীচ হিচাপে স্বীকৃতি দিয়ে। তেনে কামৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছিল। হীনমন্যতাভাবৰ ত্যাগে অস্পৃশ্যসকলক নিজকে উচ্চ জাতৰ সমান বুলি ভাবিবলৈ সহায় কৰিব। এইদৰেই জাতিভেদ প্রথা আঁতৰ কৰিব পৰা যাব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top