The Economy of North-East India Unit 3 উদ্যোগ

The Economy of North-East India Unit 3 উদ্যোগ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, The Economy of North-East India Unit 3 উদ্যোগ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. The Economy of North-East India Unit 3 উদ্যোগ Question Answer can be of great value to excel in the examination.

The Economy of North-East India Unit 3 উদ্যোগ

Join Telegram channel

The Economy of North-East India Unit 3 উদ্যোগ Notes cover all the exercise questions in UGC Syllabus. The Economy of North-East India Unit 3 উদ্যোগ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Industry

ECONOMICS

THE ECONOMY OF NORTH-EAST INDIA

উত্তৰ-পূৱ ভাৰতৰ অৰ্থনীতি

অতি চমু প্রশ্নোত্তৰঃ

১। ভাৰতত অৰ্থনৈতিক সংস্কাৰ কেতিয়া আৰম্ভ কৰা হৈছিল? 

উত্তৰঃ ১৯৯১ চনত৷

২। অর্থনৈতিক সংস্কাৰৰ মূল বৈশিষ্টসমূহ কি? 

উত্তৰঃ গোলকী কৰণ, ব্যক্তিগত কৰণ আৰু উদাৰী কৰণ ৷

৩। অর্থনৈতিক সংস্কাৰৰ আৰম্ভণিতে বিত্তীয় ঘাটি কিমান আছিল? 

উত্তৰঃ ৮.৪ শতাংশ।

৪। উত্তৰ পূৰ্বাঞ্চলৰ দুখন পৰ্বতীয়া পৰ্যটন স্থলৰ নাম লিখা। 

উত্তৰঃ মেঘালয়ৰ শ্বিলং আৰু অসমৰ হাফলং।

৫। ‘গলফ্ পৰ্যটন’ শব্দটোৰ দ্বাৰা কি বুজোৱা হয়? 

উত্তৰঃ ‘গলফ্ পৰ্যটন’ শব্দটোৱে এনে এক ভ্রমণক বুজায় ফ’ত ব্যক্তিসকলৰ ভ্ৰমণৰ মূল উদ্দেশ্য হৈছে গলফ্ খেলা।

৬। ‘মৰু পৰ্যটন’ বুলিলে কি বুজা?

উত্তৰঃ ‘মৰু পৰ্যটন’ হৈছে মৰুভূমিলৈ কৰা পৰ্যটন। মৰুভূমি অঞ্চলত বাস কৰা মানুহবোৰ, তেওঁলোকৰ চহকী ঐতিহ্য আৰু তেওঁলোকৰ জাকজমকতাই মৰুভূমি সমূহক পৰ্যটনৰ বাবে এক আকর্ষণীয় স্থান হিচাপে পৰিগণিত কৰিছে। বহু পর্যটকে নতুন নতুন কথা আৱিষ্কাৰ আৰু আমোদ-প্রমোদৰ অৰ্থে এই মৰুভূমি অঞ্চলসমূহলৈ পৰ্যটন কৰে।

৭। পূৱ ভাৰতৰ দুখন সাগৰ তীৰৰ নাম লিখা। 

উত্তৰঃ পশ্চিমবঙ্গৰ দীঘা আৰু উৰিষ্যাৰ চাণ্ডীপুৰ ।

৮। অসমৰ যিকোনো এখন ঐতিহাসিক পর্যটন স্থানৰ নাম লিখা।

উত্তৰঃ তেজপুৰ।

৯।‌ গৃহ পর্যটন মানে কি?

‘উত্তৰঃ গৃহ পৰ্যটন মানে হৈছে কোনো এখন দেশৰ নাগৰিকে কেৱল নিজৰ দেশৰ ভিতৰতে কৰা ভ্ৰমণ ৷

১০৷ ভাৰতৰ কোনখন প্ৰদেশত জগন্নাথ মন্দিৰ অৱস্থিত? 

উত্তৰঃ উৰিষ্যাত।

১১৷ কোন চনত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? 

উত্তৰঃ ১৯৭৪ চনত।

১২৷ যোৰাবাটৰ পৰা শ্বিলঙলৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? 

উত্তৰঃ ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথ।

১৩। ONGC ৰ সম্পূৰ্ণ প্ৰসাৰণ লিখা। 

উত্তৰঃ Oil and Natural Gas Corporation.

১৪ ৷ ভাৰতবৰ্ষৰ মুঠ খাৰুৱা তেলৰ কিমান শতাংশ অসমে যোগান ধৰে? 

উত্তৰঃ ৫৮%।

১৫। অসমৰ তিনিটা বিমান বন্দৰৰ নাম লিখা।

উত্তৰঃ (ক) লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ। 

(খ) মোহনবাৰী বিমান বন্দৰ। 

(গ) ৰৰৈয়া বিমান বন্দৰ।

১৬ ৷ উত্তৰ-পূৰ্ব সীমান্ত ৰেল সেৱাৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত? 

উত্তৰঃ গুৱাহাটীৰ মালিগাঁৱত।

১৭। অসমত কোন চনত প্ৰথম ৰজ্জুপথ স্থাপন হৈছিল? 

উত্তৰঃ ১৯৬৪ চনত।

১৮ ৷ অসমৰ দুটা তেল শোধনাগাৰৰ নাম লিখা। 

উত্তৰঃ ডিগবৈ তেল শোধনাগাৰ আৰু নুনমাটি তেল শোধনাগাৰ।

১৯। ডিগবৈ তেল শোধনাগাৰটো কোন চনত স্থাপন কৰা হৈছিল? 

উত্তৰঃ ১৯০১ চনত।

২০। অসমৰ প্ৰধান খনিজ সম্পদবিধ কি? 

উত্তৰঃ খনিজ তেল ।

২১। ভাৰতীয় অর্থনীতিত আয় সংস্কাৰৰ এটা বৈশিষ্ট্য লিখা। 

উত্তৰঃ আয় সংস্কাৰৰ এটা বৈশিষ্ট্য হ’ল যে ই দেশত নতুন সুযোগ-সুবিধাৰ সৃষ্টি কৰে আৰু সম্পদসমূহৰ পুনৰ গঠনৰ কাৰণে উৎসাহিত কৰে।

২২। ভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগৰ প্ৰকৃতি কেনেকুৱা? 

উত্তৰঃ ভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগৰ প্ৰকৃতি হ’ল যে— এই উদ্যোগসমূহে কয়লা, লো, গধুৰ ইঞ্জীনিয়াৰিং সামগ্ৰী, শক্তি, পেট্ৰলিয়াম, ৰাসায়নিক সামগ্রী ইত্যাদি উৎপাদনৰ লগত জড়িত।

২৩। ভাৰতৰ ব্যক্তিগত খণ্ডৰ উদ্যোগৰ প্ৰকৃতি কেনেকুৱা? 

উত্তৰঃ ভাৰতৰ ব্যক্তিগত খণ্ডৰ উদ্যোগৰ প্ৰকৃতিহ’ল যে— এই উদ্যাগসমূহে বস্তু সামগ্রী, বেপাৰ-বাণিজ্য, নিৰ্মাণ কাৰ্য, কৃষি আৰু কৃষিভিত্তিক ইত্যাদি সামগ্ৰীসমূহৰ উৎপাদনৰ লগত জড়িত।

২৪। ১৯৯১ চনত উদ্যোগিক উৎপাদনৰ হাৰ কিমান আছিল? 

উত্তৰঃ ১.৮ শতাংশ (১৯৯২-১৯৯৩)। ২৫। আমদানিৰ বিকল্পীকৰণৰ অৰ্থ কি ? উত্তৰঃ ইয়াৰ অৰ্থ যে—ব্যৱহাৰযোগ্য সামগ্ৰীসমূহ বাহিৰৰ দেশৰ পৰা আমদানি নকৰি নিজৰ দেশৰ ভিতৰতে উৎপাদন কৰাৰ ব্যৱস্থা কৰে।

২৬। FERA ৰ ঠাইত কি নতুন কৈ গ্ৰহণ কৰা হৈছে? 

উত্তৰঃ ২০০০ চনৰ ১ জুনত FEMA (Foreign Exchange Management Act.) নতুনকৈ গ্ৰহণ কৰা হৈছে।

২৭ ৷ কপাহী বয়ন উদ্যোগৰ প্ৰধান ভাগ কেইটা কি কি?

উত্তৰঃ (ক) যন্ত্রচালিত উদ্যোগ।

(খ) বিদ্যুৎ চালিত উদ্যোগ।

(গ) হস্তচালিত উদ্যোগ।

২৮। ট্ৰে’ৰাসায়নিক উদ্যোগৰ মূল কেঁচা সামগ্ৰী কি? এই উদ্যোগৰ প্ৰধান উৎপাদিত দ্ৰব্যবোৰ কি?

উত্তৰঃ খনিজ তেলৰ পৰা পোৱা নানা প্ৰকাৰৰ খনিজ পদাৰ্থ পেট্ৰ’ৰাসায়নিক উদ্যোগৰ মূল কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ হয়।

পেট্ট’ৰাসায়নিক উদ্যোগত প্ৰধানকৈ পলিমাৰ, সংশ্লেষিত আঁহ, পলিষ্টাৰ সুঁতাৰ মাহুৱা, নাইনল খণ্ড আদি উৎপাদন কৰা হয়।

২৯। চেনি-উদ্যোগটো কি কাৰণে ঋতুজনিত? 

উত্তৰঃ চেনি উদ্যোগটো কুঁহিয়াৰ উৎপাদনৰ ওপৰত নিৰ্ভৰশীল। কুঁহিয়াৰৰ উৎপাদন ঋতুৰ ওপৰত নিৰ্ভৰশীল হোৱা হেতুকে এই উদ্যোগটো ঋতুজনিত হয়।

৩০। তথ্য-প্রযুক্তিৰ উদ্যোগৰ দ্বাৰা ভাৰতবৰ্ষত কি প্ৰভাৱ পৰিছে? 

উত্তৰঃ তথ্য প্রযুক্তি উদ্যোগৰ দ্বাৰা ভাৰতবৰ্ষত আর্থিক- সামাজিক পৰিৱৰ্তনৰ সূচনা হোৱাৰ লগতে এই খণ্ডটোৱে দেশখনক আন্তঃৰাষ্ট্ৰীয় বাণিজ্য ক্ষেত্ৰত উচ্চৰ পৰা উচ্চস্তৰলৈ উৎক্ষেপন কৰিবলৈ সক্ষম হৈছে।

৩১। লো-তীখা উদ্যোগক সকলো প্ৰকাৰৰ ঔদ্যোগিক উন্নয়নৰ মূল বুলি কিয় কোৱা হয়?

উত্তৰঃ সৰু-বৰ সকলো ধৰণৰ ঔদ্যোগিক ক্ষেত্ৰতে লো তীখা উদ্যোগৰ পৰা উৎপাদিত সাসৰঞ্জাম ব্যৱহাৰ কৰাৰ বাবে লো-তীখা উদ্যোগক সকলো প্ৰকাৰৰ ঔদ্যোগিক উন্নয়নৰ মূল বুলি কোৱা হয় ।

৩২। উদ্যোগৰ লগত মানুহৰ তাৎপর্য কি? 

উত্তৰঃ মানুহে ব্যৱহাৰ কৰা সকলোবোৰ সা-সামগ্ৰীয়ে মূলতঃ উদ্যোগৰ মাধ্যমেৰে মানুহৰ ব্যৱহাৰৰ উপযোগী কৰি গঢ় দিয়া হয়।

৩৩৷ উত্তৰ-পূব অঞ্চলৰ মুখ্য বস্ত্ৰ কোনবোৰ? 

উত্তৰঃ চেৰিকালচাৰ হৈছে উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কুটিৰ উদ্যোগ। এই অঞ্চলত পৰম্পৰাগতভাৱে তছ, এৰি আৰু মুগাৰ দৰে বিখ্যাত ৰেচম উৎপাদন কৰা হয়। মুগা হৈছে অসমীয়া মহিলাসকলৰ গৌৰৱ ৷

৩৪। কোনখন ৰাজ্য হস্ততাঁতৰ বাবে বিখ্যাত?

উত্তৰঃ চুৰাট, গুজৰাট ৰাজ্যৰ এই চহৰখন ভাৰতৰ অন্যতম মহান বস্ত্ৰ উদ্যোগ।ই হস্ততাঁত আৰু হীৰাৰ বজাৰৰ বাবে বিখ্যাত। ইয়াক গুজৰাটৰ টেক্সটাইল চিটি বুলিও জনা যায়।

৩৫। অসমৰ হস্তশিল্প কি কি? 

উত্তৰঃ অসমৰ বাঁহ আৰু বেতৰ হস্তশিল্পৰ ভিতৰত আছে বাঁহৰ চাট, বাঁহ আৰু বেতৰ আচবাব, খোজ কড়া লাঠি, বাঁহ আৰু বেতৰ বাস্কেট, বাদ্যযন্ত্ৰ, বাঁহৰ মাছ ধৰা ফান্দ, বাঁহৰ টুপী, হাতৰ ফেন, বাঁহৰ চিৰা পৰ্দা, মজিয়াৰ মেট, বাঁহৰ ট্ৰে, বাঁহৰ বিয়েৰৰ মগ, ধনু আৰু কাঠ ইত্যাদি ।

৩৬। নাগালেণ্ডৰ হস্তশিল্প কি কি?

উত্তৰঃ বেত আৰু বাঁহৰ কাম, কাঠখোদাই, লোহাৰ আৰু মৃৎশিল্প হৈছেনাগাসকলৰ আটাইতকৈ জনপ্ৰিয় হস্তশিল্পৰ কাম। কাঠৰ ওপৰত বিভিন্ন ধৰণৰ চিত্ৰ সতৰ্কৰ্তাৰে খোদিত কৰা হয়। সাধাৰণতে খোদিত চিত্ৰবোৰ হৈছে মানুহৰ চিত্ৰ, মিথুন মুৰ, হৰ্ণবিল, হাতী, নাহৰফুটুকী বাঘ আৰু বাঘ ।

৩৭ ৷ উত্তৰ-পূবৰ বস্ত্ৰৰ বিশেষত্ববোৰ কি কি? 

উত্তৰঃ ডিজাইনবোৰ ৰঙা, কমলা আৰু বগা কপাহৰ সূতাৰে তৈয়াৰ কৰা হয়। কাপোৰৰ প্রয়োজনীয় দৈর্ঘ্য পাবলৈ কাপোৰৰ দুটুকুৰা একেলগে চিলাই কৰা হয়। ইয়াক মেইটি মহিলাসকলে ব্যৱহাৰ কৰে ৷

৩৮। মেঘালয়ৰ হস্তশিল্প কি? 

উত্তৰঃ মেঘালয় ৰাজ্য বিভিন্ন কাৰুশিল্পৰ বাবে সুপৰিচিত। বেত আৰু বাঁহৰ সামগ্ৰী, বস্ত্ৰ বয়ন, কার্পেট বয়ন, অলংকাৰ নিৰ্মাণ আৰু কাঠ খোদাইৰে তৈয়াৰ কৰা হস্তশিল্পবোৰেও মেঘালয়ৰ কলা আৰু কাৰুশিল্পত গুৰুত্বপূৰ্ণ স্থান দখল কৰে। দৰাচলতে, বয়নে ৰাজ্য আৰু ইয়াৰ জনজাতিসকলৰ সংস্কৃতিত এক অবিচ্ছেদ্য অংগ গঠন কৰে।

৩৯। ধাঁহৰ হস্তশিল্প কি? 

উত্তৰঃ বাঁহৰ হস্তশিল্প হৈছে বাঁহৰ পৰা তৈয়াৰ কৰা কাৰুশিল্পৰ সামগ্ৰী। বাঁহৰ পৰা বিভিন্ন সামগ্রী হস্তশিল্প কৰিব পাৰি। উদাহৰণস্বৰূপে—বাঁহৰ আচবাব।

৪০। কোনখন জিলাক নাগালেণ্ডত হস্তশিল্পৰ দেশ বুলি কোৱা হয়? 

উত্তৰঃ লংলেং জিলাক।

৪১। উত্তৰ-পূৰ ভাৰতত কি কি শিল্প বিখ্যাত?

উত্তৰঃ (ক) বস্ত্ৰশিল্প।

(খ) বেত আৰু বাঁহৰ সামগ্রী।

(গ) পৰম্পৰাগত হস্তনির্মিত মুখা।

(ঘ) অৰুণাচল প্ৰদেশৰ নকটে জনজাতিৰ গহনা।

চমু আৰু বচনাধর্মী প্রশ্নোত্তৰঃ

১। ভাৰতীয় কপাহী বয়ন উদ্যোগৰ বিকাশ সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ প্ৰাক স্বাধীনতা কালত ভাৰতৰ প্ৰায় সকলোবোৰ কপাহ কল মুম্বাই, আহমেদাবাদ চহৰত কেন্দ্রীভূত আছিল। শোলাপুৰ, নাগপুৰ, আকোলা, বুঢ়ানপুৰ, সাতাৰা, প্রভৃতি সেই সময়ৰ ভাৰতত কপাহৰ উৎপাদনস্থলীসমূহৰ কিছুমান উপকেন্দ্ৰ আৰু পূৱ ভাৰতৰ সৰ্ববৃহৎ চহৰ কলকাতাৰ ওচৰে পাজৰেও কিছুসংখ্যক কপাহকল প্রতিষ্ঠা হৈছিল। তাৰ বাহিৰে দেশৰ আন অঞ্চলত তেতিয়া কাপোৰৰ কল নাছিল বুলিবই পাৰি। ১৯৫০-৫১ চনত অৰ্থাৎ আধুনিক ভাৰতৰ ভেটি প্রতিষ্ঠাৰ সময়ত দেশত মুঠতে ৪২১৫ টা যন্ত্রচালিত কাপোৰৰ শাল আছিল। ইয়াৰে ৩৪০১ টা, অৰ্থাৎ ৮১ শতাংশ শালৰ অৱস্থান আছিল মুম্বাই, আহমেদাবাদ, নাগপুৰ আৰু আকোলা চহৰত। ১৮৫৪ চনত মুম্বাইচহৰত ভাৰতৰ প্ৰথমটো যন্ত্রচালিত কাপোৰৰ কল প্রতিষ্ঠা হয় ৷ 

২০০৩-০৪ চনৰ পৰিসংখ্যা অনুক্ৰমে বৰ্ত্তমান ভাৰতত এহেজাৰ ছশৰো অধিক কাপোৰৰ শালত বছৰি ২৭,৯৪৫ নিযুত বর্গমিটাৰ কাপোৰ তৈয়াৰ কৰা হয়। এই কলসমূহত ৪.৫৮ নিযুত কৰ্মচাৰী নিযুক্ত হৈ আছে। দেশত উৎপাদিত মুঠ কপাহৰ ৬৩ শতাংশ এই কলসমূহে কেঁচামাল হিচাপে ব্যৱহাৰ কৰে। সেইদৰে, এইসমূহ কলত উৎপাদিত কাপোৰৰ একাংশ ৰপ্তানি কৰি ২০০৩-০৪ চনত ভাৰতে উপাৰ্জন কৰা বৈদেশিক মুদ্ৰাৰ মূল্য আছিল ৫৫,০০৪ কোটি টকা, অর্থাৎ দেশৰ মুঠ ৰপ্তানি দ্ৰব্যজাত উপার্জন ১৮.৮৬ শতাংশ। গতিকে এই বয়ন শিল্পৰ লগত দেশৰ আভ্যন্তৰীণ অর্থনীতিৰ লগতে বৈদেশিক বাণিজ্যৰ পৰিক্ৰমাটোও ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে।

২। ভাৰতত পেট্ৰ’ ৰাসায়নিক  উদ্যোগে মুখামুখি হোৱা বিভিন্ন সমস্যা বিলাক লিখা। 

উত্তৰঃ পেট্র’ৰাসায়নিক উদ্যোগৰ পৰা উৎপাদিত বিভিন্ন সৰঞ্জামসমূহ আমাৰ দৈনন্দিন জীৱনযাত্ৰাৰ এৰাব নোৱাৰা সহচৰ হৈ উঠিছে যদিও এনে ধৰণৰ সৰঞ্জামৰ ব্যৱহাৰৰ ফলত আন এলানি সমস্যাৰ সৃষ্টি হৈছে। সকলো প্লাষ্টিক সামগ্রীয়েই অজৈৱবিঘটনীয় হোৱা হেতুকে এইবোৰ পচি নাযায়। ফলত প্রাকৃতিক পৰিবেশত এনেবোৰ অজীৰ্ণ পদাৰ্থৰ পৰিমাণ দিনে দিনে বৃদ্ধি পাই আহিছে। এইবোৰে বহুদিনলৈ মাটিত পৰি থাকি মাটিৰ গুণাগুণ নষ্ট কৰে, যাৰ ফলত মাটিৰ উৎপাদন ক্ষমতা লোপ পায়। এই পদার্থবিলাকে নগৰ-চহৰৰ নলা-নর্দমাবোৰত পৰি এইবোৰ প্ৰায় পুতি পেলাই চহৰত পানী চলাচল প্ৰক্ৰিয়াত বাধা প্ৰদান কৰি মানুহক নানান অসুবিধাত পেলায়। এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ বিভিন্ন প্ৰদেশত বহুতো প্লাষ্টিক সামগ্ৰীৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। ইয়ে পেট্ৰ ৰাসায়নিক উদ্যোগসমূহলৈ ভাবুকি আনিছে।

প্লাষ্টিক সামগ্রীসমূহ নিষিদ্ধ হোৱাত ইয়াৰ বিকল্প দ্ৰব্য উৎপাদনত গুৰুত্ব দিয়া হৈছে, যাৰ ফলত বহুতো প্লাষ্টিক সামগ্ৰীৰ চাহিদা আগৰ তুলনাত হ্ৰাস পাইছে।

৩। উদাৰীকৰণৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি?

উত্তৰঃ উদাৰীকৰণ নীতি অনুসৰি দেশৰ সামৰিক, নিৰাপত্তা আৰু পৰিবেশ ৰক্ষণাবেক্ষণৰ লগত সম্পর্ক জড়িত ৬টা উদ্যোগখণ্ডৰ বাহিৰে আনবোৰ উদ্যোগৰ বেলিকা অনুজ্ঞাপত্ৰ সংগ্ৰহৰ ব্যৱস্থা উঠাই লোৱা হয়। তদুপৰি দেশৰ সামগ্রিক উদ্যোগ পৰিক্ৰমাত ১৯৫৬ চনৰ পৰা বাহাল থকা চৰকাৰী খণ্ডৰ অধিকাৰ ১৭ শতাংশৰ পৰা ৪ শতাংশ লৈ হ্ৰাস কৰা হয়। এই নীতি অনুসৰি দেশত পাৰমাণৱিক শক্তি উৎপাদন আৰু ৰেল পৰিবহণৰ লগত জড়িত উদ্যোগসমূহক সম্পূৰ্ণ চৰকাৰী খণ্ডত ৰখা হয় আৰু দেশৰ চৰকাৰী খণ্ডৰ উদ্যোগসমূহৰ কিছুমান অংশপত্র ভালেমান বিত্তীয় প্রতিষ্ঠান আৰু জনসাধাৰণৰ মাজত বিতৰণ কৰিবলৈকো চৰকাৰে সিদ্ধান্ত লয়। আকৌ এই নীতি অনুসৰি ব্যক্তিগত খণ্ডৰ উদ্যোগসমূহত বিনিয়োগৰ পৰিসৰ অসীম পৰ্যায়লৈ সম্প্ৰসাৰণ কৰাৰ লগতে এনেবোৰ উদ্যোগ স্থাপনৰ উদ্দেশ্যে আগতীয়া অনুমোদনৰ প্ৰয়োজন নোহোৱা হ’ল। বৰঞ্চ নিৰ্দিষ্ট প্ৰপত্ৰযোগে চৰকাৰক একোখন স্মাৰক প্ৰদান কৰাৰ লগে লগেই অনুজ্ঞাপত্ৰবিহীন এনে একোটা উদ্যোগত পুঁজিৰ বিনিয়োগ সম্ভৱ হৈ উঠিল।

৪। উদ্যোগ পুঞ্জীভৱনৰ কাৰকসমূহ কি কি?

উত্তৰঃ ঔদ্যোগিকৰণৰ এলানি ভিন্নসুৰী কাৰকৰ দ্বাৰা বিভিন্ন মাত্ৰাত প্ৰভাৱান্বিত ভাৰতৰ উদ্যোগসমূহ দেশৰ ভিন্ ভিন্‌ এলেকাত অসম ৰূপত বিস্তৃতি লাভ কৰা দেখা যায়। এনে আঞ্চলিক বৈষম্যৰ পৰিণতি স্বৰূপে দেশৰ কেইটামান সুবিধাজনক অঞ্চলত নিৰ্ধাৰিত লক্ষণৰ ভালেমান উদ্যোগ পঞ্জীভূত হৈছে।

এটা অঞ্চলত উদ্যোগ পুঞ্জীভৱন তলৰ কাৰকসমূহৰ 

ওপৰত নিৰ্ভৰশীল— 

(ক) অঞ্চলটোত সমাৱেশ ঘটা উদ্যোগ প্ৰতিষ্ঠানৰ সংখ্যা। 

(খ) অঞ্চলটোৰ উদ্যোগসমূহত নিযুক্ত মুঠ শ্রমিক।

(গ) উদ্যোগ ক্ষেত্ৰত ব্যৱহৃত মুঠ শক্তি সম্পদৰ পৰিমাণ। 

(ঘ) উদ্যোগসমূহত উৎপাদিত পৰিসজ্জিত সম্ভাৰৰ পৰিমাণ। 

(ঙ) অঞ্চলটোত অৱস্থিত সকলোবোৰ উদ্যোগক একত্ৰৰূপে লৈ উদ্যোগ ক্ষেত্ৰখনত ব্যৱহৃত মুঠ কেঁচামাল আৰু তদ্ভৱ পৰিসজ্জিত দ্ৰব্যৰ বজাৰ মূল্যৰ ব্যৱধান। 

৫। অৰুণাচল প্ৰদেশৰ হস্তশিল্পৰ বিষয়ে লিখা ।

উত্তৰঃ অৰুণাচল প্ৰদেশৰ এটা সমৃদ্ধ শিল্প পৰম্পৰা আছে। অৰুণাচল প্ৰদেশৰ প্ৰতিটো জনজাতিয়ে কাৰু শিল্পত উৎকৃষ্ট। তেওঁলোকে এই দক্ষতাবোৰ বিভিন্ন হস্তশিল্প প্রস্তুত কৰিবলৈ ব্যৱহাৰ কৰে যিয়ে তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰে।

অৰুণাচল প্ৰদেশৰ কাৰুশিল্পবোৰৰ ভিতৰত আছে — 

(ক) কার্পেট নির্মাণ।

(খ) মুখা।

(গ) ৰং কৰা কাঠৰ পাত্ৰ।

(ঘ) বাঁহ আৰু বেতৰ কাৰুশিল্প।

(ঙ) বয়ন।

(চ) কাঠখোদাই- অৰুণাচল প্ৰদেশৰ খামতিসকল কাঠত ভগৱান বুদ্ধক খোদাই কৰাৰ বাবে জনাজাত। 

(ছ) গহনা- অৰুণাচল প্ৰদেশৰ জনজাতিসকলে লাৰ গঢ়ৰ কৌশল ব্যৱহাৰ কৰি পিতল আৰু সোণৰ গহনা প্রস্তুত কৰে য’ত তেওঁলোক অত্যন্ত দক্ষ।

(জ) হস্তনির্মিত মৃৎশিল্প-অৰুণাচলৰ ডাফলা মহিলাসকল প্ৰসিদ্ধ কুমাৰ ৷ অৰুণাচল প্ৰদেশৰ জনজাতিসকলে হাতীদাঁত, ছাগলীৰ চুলি, গাহৰিৰ দাঁত আৰু অন্যান্য শিল আৰু লগতে পিতল আৰু গ্লাছৰ সৈতে কেইবাটাও সামগ্ৰী প্ৰস্তুত কৰে।

৬। মণিপুৰৰ হস্তশিল্পৰ বিষয়ে লিখা।

উত্তৰঃ মণিপুৰে জনজাতীয় পৰম্পৰা আৰু বৈষ্ণৱ ধৰ্মৰ অনন্য মিশ্ৰণৰ জৰিয়তে ভাৰতীয় সংস্কৃতিৰ সমৃদ্ধি বৃদ্ধি কৰে। ইয়াত অসংখ্য সুন্দৰ আৰু জীৱন্ত কাৰুশিল্প আছে। যেনে— 

(ক) বস্ত্ৰ।

(খ) শক্তিশালী বেল ধাতুৰ বাটি।

(গ) বেত আৰু বাঁহৰ শিল্প।

(ঘ) কাঠ সোপসুপীয়া নলৰ দ্বাৰা নিৰ্মিত।

(ঙ) সোণ আৰু সোণৰ ধাতুৰ পাত লগোৱা গহনা যেনে ব্রেচলেট, আর্মলেট, কাণফুলি আৰু নেকলেচ।

(চ) পুতলা- ধুনীয়া পুতলা আৰু মাটিৰ পুতলাও জনজাতিৰ দ্বাৰা তৈয়াৰ কৰা হয়।

৭। মেঘালয়ৰ হস্তশিল্পৰ বিষয়ে লিখা।

উত্তৰঃ ‘মেঘালয়’ৰ অৰ্থ হৈছে সংস্কৃতত ‘মেঘৰ বাসস্থান’ আৰু ব্ৰিটিছে এই ৰাজ্যক পূবৰ স্কটলেণ্ড বুলি অভিহিত কৰিছিল। মেঘালয় সাংস্কৃতিকভাৱে নৃত্য আৰু সংগীতৰ ক্ষেত্ৰত সমৃদ্ধ ৷ ইয়াত খাচী, জয়ন্তীয়া আৰু গাৰো জনজাতি বাস কৰে। মেঘালয় ইয়াৰ কলা আৰু কাৰু শিল্প বাৱে জনাজাত। যেনে— বেত আৰু বাঁহৰ শিল্প- এই কাৰু শিল্পই এক মুখ্য স্থান দখল কৰে।

(ক) শৈল্পিক বস্ বয়ন- এণ্ডি ৰেচমৰ বয়ন মেঘালয়ত অতি বিখ্যাত। এণ্ডি ৰেচম বয়নৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হৈছে মেঘালয়ৰ চনিদান ৷

(খ) কাঠখোদাই-গাৰো জনজাতিৰ দ্বাৰা গাৰো পাহাৰত কাঠখোদাই কৰা হয়।

(গ) কার্পেট বয়ন।

(ঘ) অলংকাৰ।

(ঙ) বাদ্যযন্ত্র।

(চ) আনাৰস আঁহৰ সামগ্রী।

৮। অসমত খাৰুৱা তেল উদ্যোগ গঢ়ি উঠাত কেনে ধৰণৰ অৱস্থাই সহায় কৰিলে লিখা। 

উত্তৰঃ ১৮৯০-১৯০০ চনৰ দশকত ডিগবৈত তৈলক্ষেত্ৰ আৱিষ্কাৰ হোৱাৰ সময়ত তৈলক্ষেত্ৰখনৰ পৰা নিষ্কাশন কৰা খাৰুৱা তেল শোধনৰ উদ্দেশ্যে তেতিয়া অসম তথা ভাৰতবৰ্ষত কোনো তেল শোধনাগাৰ নাছিল ৷ তেতিয়া পৃথিৱীৰ একমাত্ৰ তেল শোধনাগাৰটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছ অঞ্চলতহে আছিল । সেয়েহে, ডিগবৈ অঞ্চলত উৎপাদিত খাৰুৱা তেল শোধন কৰাৰ উদ্দেশ্য অসম তেল কোম্পানীতে ১৯০১ চনত পৃথিৱীৰ দ্বিতীয়টো আৰু ভাৰতবৰ্ষৰ প্ৰথমটো তেল শোধনাগাৰ ডিগবৈত প্ৰতিষ্ঠা কৰে। ১৯৫১ চনৰ পাছত মৰাণ, নাহৰকটীয়া আৰু হুগ্ৰীজান প্রভৃতি এলেকাত অধিক পৰিমাণৰ খাৰুৱা তেলৰ নিষ্কাশন আৰম্ভ হোৱাত কেন্দ্ৰীয় চৰকাৰে নুনমাটি শোধনাগাৰ স্থাপনৰ উদ্যোগ হাতত লয় ৷ ষাঠিৰ দশকৰ পৰা উজনি অসমৰ ৰুদ্ৰসাগৰ, লাকুৱা, গেলেকী, বৰহোলা প্রভৃতি ঠাইসমূহত নতুনকৈ তেলৰ পুং আৱিষ্কাৰ হোৱাত অসমত তৃতীয় এটা শোধনাগাৰৰ দাবীও সজোৰে উত্থাপিত হৈছিল ৷ 

ইয়াৰ ফলস্বৰূপে বঙাইগাঁও শোধনাগাৰ আৰু পেট্ৰ’ৰাসায়নিক প্রকল্প স্থাপন কৰা হয়। দেখা যায় যে, : অসমত খাৰুৱা তেলৰ নিষ্কাশনৰ পৰিমাণ বৃদ্ধি পাই অহাৰ লগে লগে শোধনাগাৰসমূহ স্থাপন কৰা হৈছে। অৰ্থাৎ অসমৰ বিভিন্ন ঠাইত খাৰুৱা তেলৰ উদঘাটনৰ ফলস্বৰূপে তৈল উদ্যোগটোৱে গঢ় লৈ উঠে।

৯। ঔদ্যোগিক নীতিৰ সংস্কাৰৰ প্ৰভাৱসমূহ লিখা। 

উত্তৰঃ প্ৰভাৱসমূহ তলত আলোচনা কৰা হ’ল —

(ক) ঔদ্যোগিক প্ৰগতিৰ হাৰ অৰ্জনৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্রগতি পৰিলক্ষিত হৈছে। এই প্ৰগতিৰ হাৰ ১৯৯২-৯৩ চনৰ ২.৩% ৰ পৰা বৃদ্ধি হৈ ২০১০-১১ চনত ৮.২% হৈছে। 

(খ) দেশৰ বিনিয়োগৰ পৰিবেশৰ ওপৰত ধনাত্মক প্রভাৱ সৃষ্টি কৰিছে। এই সংস্কাৰ বৈদেশিক বিনিয়োগকাৰীৰ পৰা যথেষ্ট পৰিমাণে সহাৰি অৰ্জন কৰিবলৈ সক্ষম হৈছে।

(গ) উদাৰীকৰণৰ পৰৱৰ্তী কালছোৱাত বৈদেশিক প্রত্যক্ষ বিনিয়োগৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে। ১৯৯১ চনৰ পৰা ২০০৪ চনলৈ মুঠ বৈদেশিক প্রত্যক্ষ বিনিয়োগৰ প্ৰকৃত অন্তঃপ্ৰবাহৰ পৰিমাণ আছিল ১,৩১,৩৮৫ কোটি টকা।

(ঘ) ঘৰুৱা বিনিয়োগৰ পৰিমাণ বৃদ্ধিৰ ওপৰত আশাপ্রদ গতিধাৰাৰ সৃষ্টি হৈছে আৰু ই মূলধনী বজাৰৰ অৱস্থাৰ উন্নতি আৰু সৰ্বভাৰতীয় বিত্তীয় প্রতিষ্ঠানসমূহে অনুমোদন জনোৱা বিত্তীয় সাহাৰ্যৰ পৰা পৰিলক্ষিত হৈছে।

(ঙ) ভাৰতৰ ঔদ্যোগিক খণ্ডৰ সঠিক নিয়োগৰ অৱস্থাৰও উন্নতি হৈছে। তিনিটা উপখণ্ডত, ক্ৰমে, প্রস্তুতকাৰক উদ্যোগ, ক্ষুদ্র উদ্যোগ আৰু ASI ফেক্টৰীত ঔদ্যোগিক জনসংখ্যাৰ নিয়োগৰ পৰিমাণ বৃদ্ধি পাইছে।

১০। উদ্যোগ স্থাপনৰ বাবে আৱশ্যকীয় কাৰকবোৰৰ বিষয়ে বর্ণনা কৰা। 

উত্তৰঃ উদ্যোগ স্থাপনৰ বাবে আৱশ্যকীয় কাৰকবোৰৰ বিষয়ে তলত আলোচনা কৰা হ’লঃ 

(ক) কেঁচামালঃ উদ্যোগত ব্যৱহাৰ হোৱাৰ ফলত ওজন অথবা পৰিমাণ কমি যোৱা লক্ষণৰ অথবা অতি কম সময়ৰ ভিতৰতে নষ্ট হোৱা জাতৰ কেঁচামালৰ ওপৰত নিৰ্ভৰশীল উদ্যোগসমূহ নিশ্চিতভাৱেই কেঁচামালৰ উৎপাদনস্থলীৰ মাজে মাজে গঢ় লয় ৷ উত্তৰ প্ৰদেশৰ কুঁহিয়াৰ খেতিৰ এলেকাটোত চেনি উদ্যোগ; গুজৰাটৰ মহেশানা, হিম্মত নগৰ আৰু আনন্দ নগৰত দুগ্ধ উদ্যোগ। উজনি অসমৰ চাহ বাগিছাৰ মাজে মাজে চাহ প্ৰস্তুতকৰণৰ কাৰখানা আদি কেঁচামালৰ উপলব্ধতাৰ বাবেই গঢ় লৈ উঠিছে।

(খ) শক্তি সম্পদঃ অধিক পৰিমাণে শক্তি নিৰ্ভৰ উদ্যোগসমূহ শক্তি সম্পদৰ নাতি দূৰত গঢ় লয়। উদাহৰণস্বৰূপে, ভাৰতৰ ৰাসায়নিক সাৰৰ বৃহত্তৰ কাৰ্খানাটো দামোদৰ উপত্যকাৰ কয়লা আৰু জলবিদ্যুৎ উৎপাদনস্থলীত অৱস্থান কৰা দেখা যায়।

(গ) বজাৰ্ঃ উদ্যোগৰ পৰিসজ্জিত দ্ৰব্যসমূহৰ পৰিবহন ব্যয় কেঁচামালৰ কম পক্ষেও সমান হ’লে উদ্যোগটো বজাৰ অৱস্থানত গঢ় লয়। সেয়েহে, গধুৰ যন্ত্রপাতি, গুৰু ৰাসায়নিক দ্রব্য, বস্তু উদ্যোগ, তেল শোধনাগাৰ প্ৰভৃতি উদ্যোগসমূহ বজাৰ এলেকাত অৱস্থান কৰা দেখা যায়।

(ঘ) পৰিবহণঃ কেঁচামাল আৰু পৰিসজ্জিত সম্ভাৰৰ সৰবৰাহৰ সুবিধা গ্ৰহণ কৰি একোটা অঞ্চলত ঠাইখনৰ লগত খাপ নোখোৱা ধৰণৰ উদ্যোগ কিছুমানো গঢ় লৈ উঠে। ভূপাল, জবলপুৰ, বৰোদৰা, কানপুৰ, লুধিয়ানা প্রভৃতি ভাৰতৰ এক শ্ৰেণীৰ ঔদ্যোগিক চহৰ গঢ়ি উঠাৰ প্ৰধান কাৰণ হ’ল— এনে চহৰসমূহ একাধিক গুৰুত্বপূৰ্ণ ৰেলপথৰ জংচনত অৱস্থিত।

(ঙ) শ্রমিকঃ শ্রমিক বল যিকোনো উদ্যোগৰ অপৰিহাৰ্য কাৰক। পূৰ্বতে শ্রমিকৰ অভাৱে সম্ভাৱনা থকা স্বত্বেও একোটা উদ্যোগ গঢ়ি উঠাত বাধাই দেখা দিছিল। কিন্তু, বৰ্ত্তমান পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ লগে লগে এইটো কাৰকৰ প্ৰভাৱ যথেষ্ট হ্ৰাস পাই আহিছে।

(চ) ঐতিহাসিক পৃষ্ঠভূমিঃ ভাৰতৰ ঔদ্যোগিক কাম-কাজৰ আঞ্চলিক বিস্তাৰৰ ওপৰত কিছুমান প্রাচীন সৰম্পৰা আৰু ব্ৰিটিছ যুগৰ ঔপনিবেশিক আদর্শ জড়িত হৈ আছে। গুজৰাট আৰু মহাৰাষ্ট্ৰৰ কপাহী বয়ন উদ্যোগ, মির্জাপুৰ আৰু ভদোহিৰ দলিচা উদ্যোগ, মুর্শিদাবাদকেন্দ্রীক বয়ন উদ্যোগ অথবা মুৰাদাবাদৰ পিতল উদ্যোগ মধ্যযুগীয় পৰম্পৰাৰ পৃষ্ঠভূমিত সম্প্ৰসাৰণ ঘটা দেখা যায় ৷

(ছ) ঔদ্যোগিক নীতিঃ কল্যাণমূখী গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাবে দেশখনৰ বিভিন্ন অঞ্চলত সমপ্ৰায় পৰ্যায়ৰ ঔদ্যোগিক বিকাশ ঘটোৱাৰ স্বাৰ্থত ভাৰতৰ নিজস্ব কিছুমান ঔদ্যোগিক নীতি আছে। এনে উদ্যোগ নীতিৰ আধাৰতে অত্যন্ত পিছপৰা জনজাতি এলেকাৰ মাজত ছত্তীশগঢ়ৰ ভিলাই আৰু উৰিষ্যাই ৰুৰকেল্লাত দুটা বৃহৎ উদ্যোগ স্থাপন কৰা হয় ৷

১১। অর্থনৈতিক সংস্কাৰৰ আগত আৰু পিছত, উদ্যোগিক প্ৰগতি আৰু উন্নয়নৰ কৌশলসমূহৰ বিষয়ে ব্যাখ্যা কৰা।

উত্তৰঃ অর্থনৈতিক সংস্কাৰৰ আগত (১৯৪৮-১৯৯০): ১৯৪৮ চনৰ ৬ এপ্ৰিলত ভাৰতত দেশৰ উদ্যোগিক উন্নয়নৰ গতি দ্ৰুত কৰণৰ বাবে ঔদ্যোগিক নীতি প্রণয়ন কৰা হৈছিল। এই নীতিৰ প্ৰস্তাৱত মিশ্ৰ অৰ্থনীতিৰ ব্যৱস্থা চিন্তা কৰা হৈছিল য’ত উদ্যোগিক সমূহক 4 টা ভাগত বিভক্ত কৰা হৈছিল। ইয়াত কুটীৰ আৰু ক্ষুদ্র শিল্প বিকাশৰ বাবে বিশেষ গুৰুত্ব দিয়া হৈছিল। ১৯৫৬ চনৰ ৩০ এপ্ৰিলত দ্বিতীয়খন ঔদ্যোগিক নীতি প্ৰৱৰ্তন কৰা হৈছিল য’ত উদ্যোগসমূহক, ‘অনুসূচী A, অনুসূচী B, অনুসূচী C হিচাপে নতুনকৈ বিভাজন কৰা হৈছিল। ইয়াত বেচৰকাৰী উদ্যোগক উদ্‌গনি আৰু আঞ্চলিক অসমতা দূৰীকৰণত গুৰুত্ব দিয়া হৈছিল। 1977 চনৰ December মাহত জনতা চৰকাৰে তেওঁলোকৰ নতুন উদ্যোগিক নীতি ঘোষণা কৰিছিল ৷ ইয়াত ঔদ্যোগিক খণ্ডৰ উন্নয়ন আৰু বৃহৎ ঔদ্যোগিক খণ্ডৰ অঞ্চলসমূহ চিনাক্ত কৰা আৰু গুৰুত্ব দিয়া হৈছিল। 

এই নীতিখনৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হ’ল বিদেশৰ পৰা কাৰিকৰী কৌশল আমদানি কৰি কাৰিকৰী বিষয়ত আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা। আকৌ, ১৯৮০ চনৰ ২৩ জুলাইত নতুন ঔদ্যোগিক নীতিৰ ঘোষণা হৈছিল। এই নীতিখনত অর্থনৈতিক স্বাধীনতা, ৰাজহুৱা খণ্ডৰ দক্ষতা বৃদ্ধি, ঔদ্যোগিক উৎপাদনৰ গতি পৰিৱৰ্তন আৰু একচেটিয়া ব্যৱসায় আৰু নিয়ন্ত্ৰিত ব্যৱসায় পদ্ধতি আইন (MRTP Act) আৰু FERA-Act (বিদেশী মুদ্রা নিয়ন্ত্রণ আইন)ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল ৷

অর্থনৈতিক সংস্কাৰৰ পিচতঃ ১৯৯১ চনৰ ২৪ জুলাইত নতুন ঔদ্যোগিক নীতি ঘোষণা কৰা হৈছিল। আশীৰ দশকত প্ৰৱৰ্তন কৰা মুক্ত অৰ্থনীতিৰ পৰিপ্ৰেক্ষিতত এই নতুন নীতিখনে দেশৰ ঔদ্যোগিক নীতিক যথেষ্ট উদাৰমুখী কৰি তুলিছে আৰু ঔদ্যোগিক খণ্ডক যথেষ্ট নিয়ন্ত্রণ মুক্ত কৰিবলৈ চেষ্টা কৰিছে। ইয়াৰ প্ৰধান উদ্দেশ্য আছিল “ভাৰতীয় ঔদ্যোগিক অর্থনীতিক অপ্রয়োজনীয় আমোলাতান্ত্রিক নিয়ন্ত্ৰণৰ পৰা শৃংখলমুক্ত কৰা।” আনহাতে, নতুন ঔদ্যোগিক নীতি প্ৰৱৰ্তন হোৱাৰ পিচত এই নীতিৰ সংস্কাৰ কাৰ্য চলোৱা হৈছিল ক্রমে, ১৯৯২-৯৩, ১৯৯৩-৯৪, ১৯৯৪-৯৫ আৰু ১৯৯৫-৯৬ চনত । আকৌ, দেশৰ প্ৰস্তুতকাৰক উদ্যোগসমূহৰ পৰিমাণবোধক আৰু গুণমানৰ পৰিৱৰ্তন কৰিবলৈ ভাৰত চৰকাৰে ইয়াৰ ‘ৰাষ্ট্ৰীয় প্ৰস্তুতকাৰক ঔদ্যোগিক নীতি’ ২০১১ (NMP) সঠিক উদ্দেশ্যলৈ ঘোষণা কৰিছিল। এই নতুন নীতিখনে দেশৰ ঔদ্যোগিক খণ্ডৰ অধিক বিকাশ অৰ্জন, ৰাষ্ট্ৰীয় উৎপাদনত ইয়াৰ বৰঙণি বৃদ্ধি, কৰ্মসংস্থান সৃষ্টি, দক্ষতা বৃদ্ধি আৰু প্ৰযুক্তিমানৰ উন্নতিকৰণ আৰু ইয়াৰ বিশ্ব প্রতিযোগিতামূলক অৱস্থানৰ উন্নতিৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল ।

১২৷ ভাৰতীয় অর্থনৈতিক সংস্কাৰৰ প্ৰধান বৈশিষ্ট্যসমূহ লিখা। 

উত্তৰঃ ৰতীয় অর্থনৈতিক সংস্কাৰৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল— 

(ক) উদাৰীকৰণঃ ইয়াৰ সাধাৰণ অৰ্থহ’ল দেশৰ বাণিজ্য আৰু উদ্যোগত প্রয়োজন নোহোৱা নিয়ন্ত্ৰণৰ পৰা মুক্ত কৰা৷ ই উদ্যোগবোৰক মুক্ত বজাৰত প্ৰতিযোগিতাৰ সন্মুখীন হ’বলৈ আৰু উৎপাদন দক্ষতা বৃদ্ধিৰ বাবে দ্রুত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত যথেষ্ট মুক্ত পৰিবেশৰ সৃষ্টি কৰিছে। 

(খ) বেচৰকাৰীকৰণঃ ইয়াৰ অৰ্থ ৰাজহুৱা খণ্ডৰ উদ্যোগিক গোটবোৰত বেচৰকাৰী মালিকানাৰ প্ৰৱৰ্তন কৰি ই ব্যক্তিগত খণ্ডলৈ সম্পূর্ণ বা আংশিকভাৱে হস্তান্তৰ কৰা। এই ব্যৱস্থাত ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰত নিৰ্বিনিয়োজনৰ জৰিয়তে চৰকাৰী খণ্ডৰ সমাংশৰ অনুপাত কমাই বে-চৰকাৰী খণ্ডৰ সমাংশৰ অনুপাত বৃদ্ধি কৰা ৷

(গ) বিশ্বায়নঃ এই শব্দটোৰ অৰ্থ হ’ল আন্তর্জাতিক প্রতিদ্বন্দিতামূলক ক্ষমতা অৰ্জনৰ বাবে দেশৰ অৰ্থনীতিক বিশ্বৰ বজাৰৰ বাবে মুকলি কৰি দিয়া। অর্থাৎ, বিশ্ব অর্থনীতিৰ সৈতে, ভাৰতীয় অর্থনীতিৰ সংহতি স্থাপন কৰা। বিশ্বায়নে, উন্নয়নশীল দেশৰ অৰ্থনীতিৰ বাবে প্ৰত্যাহ্বান আৰু সুযোগ দুয়োটাই সৃষ্টি কৰিছে।

(ঘ) আধুনিকীকৰণঃ নতুন আর্থিক নীতিত উৎপাদন ব্যৱস্থাত আধুনিক পদ্ধতিৰ প্ৰৱৰ্তনৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে।ই দেশৰ “সূর্য উদয়” উদ্যোগবোৰ বিকাশত সহায় কৰিছে। 

(ঙ) বিত্তীয় সংস্কাৰঃ এই ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ ভিতৰত – তাৰল্য অনুপাত কমোৱা, সুদৰ হাৰৰ মুক্তভাৱে নিৰ্দ্ধাৰণ, অচল সম্পদৰ পৰিমাণ হ্রাস কৰা, মূলধনী বজাৰ সংস্কাৰৰ ব্যৱস্থাৰ প্ৰৱৰ্তন আদিয়ে প্রধান ৷

(চ) নতুন ৰাজহুৱা খণ্ডৰ নীতিঃ ইয়াৰ বৈশিষ্ট্য হ’ল যে, ৰাজহুৱা খণ্ডৰ নীতিৰ পৰিবৰ্তন কৰি ৰাজহুৱা খণ্ডৰ পৰা বে-চৰকাৰী খণ্ডলৈ বেছি গুৰুত্ব প্ৰদান কৰা। এই ক্ষেত্ৰত ঔদ্যোগিক নীতিত হণ কৰা ব্যৱস্থাসমূহ হ’ল— সংৰক্ষিত উদ্যোগৰ তালিকা কমোৱা, অংশপত্ৰৰ নিৰ্বিনিয়োজন সাধাৰণ ৰাইজৰ মাজত কৰা, ৰুগ্ন ৰাজহুৱা উদ্যোগৰ পুনৰুদ্ধাৰৰ ব্যৱস্থা কৰা ইত্যাদি।

১৩৷ অৰ্থনৈতিক সংস্কাৰৰ সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া ৷

উত্তৰঃ সপক্ষে যুক্তিঃ

(ক) দেশৰ ঔদ্যোগিক খণ্ডক বিশ্বজনীন প্রতিযোগিতাৰ সন্মুখীন হ’বলৈ প্রতিদ্বন্দিতামূলক ক্ষমতা অৰ্জন কৰিবলৈ সহায়তা আগবঢ়াইছে।

(খ) দৰিদ্ৰতা আৰু আয়, সম্পদৰ বিতৰণৰ অসমতা কমোৱাৰ বাবে সচেষ্ট হৈছে। 

(গ) ৰাজহুৱা খণ্ডৰ উদ্যোগৰ দক্ষতা আৰু লাভ অৰ্জনৰ ক্ষমতা বৃদ্ধিৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে।

(ঘ) বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত বেচৰকাৰী বিনিয়োগ বৃদ্ধিত সহায় কৰিছে । 

(ঙ) দেশত প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ বৃদ্ধিত সহায় কৰিছে।

বিপক্ষে যুক্তিঃ

(ক) তুলনামূলকভাৱে কৃষিখণ্ডক আওকাণ কৰিছে।

(খ) বিলাসবহুল দ্ৰব্যৰ প্ৰতি ভোগ প্ৰৱণতাক যথেষ্ট পৰিমাণে বৃদ্ধি কৰিছে।

(গ) বিদেশী প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধি কৰিছে আৰু দেশীয় প্রযুক্তিৰ উন্নতি কৰিবলৈ ব্যৰ্থ হৈছে।

(ঘ) বৈদেশিক সাহাৰ্যৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধি কৰি বৈদেশিক ঋণৰ পৰিমাণক বহুগুণ বৃদ্ধি কৰিছে।

(ঙ) শ্ৰমিক ছাটাইৰ ফলত নিবনুৱা সমস্যাক আৰু বেছি প্ৰকট কৰি তুলিছে।

১৪। অসমৰ অৰ্থনীতিত ক্ষুদ্ৰ আৰু কুটীৰ শিল্পৰ গুৰুত্ব সমূহ ব্যাখ্যা কৰা। 

উত্তৰঃ অসমৰ নিচিনা এখন পিচপৰা ৰাজ্যত ক্ষুদ্ৰ আৰু কুটীৰ উদ্যোগৰ যথেষ্ট গুৰুত্ব আছে। অসমৰ প্ৰাকৃতিক সম্পদৰ ওপৰ ভিত্তি কৰি ইয়াত কুটীৰ আৰু ক্ষুদ্র উদ্যোগ উন্নয়নৰ যথেষ্ট সুবিধা আছে। এই উদ্যোগবোৰৰ উন্নয়ন থলুৱা সম্পদৰ ব্যৱহাৰৰ উপৰিও অসমত আয় আৰু কৰ্ম-সংস্থান বৃদ্ধিৰ সুযোগ সৃষ্টি কৰিছে। অসমৰ গাঁৱলীয়া খেতিয়ক পৰিয়ালবোৰে এই উদ্যোগবোৰৰ পৰা সহকাৰী জীৱিকাৰ উপায় লাভ কৰিছে। যিহেতু এই উদ্যোগবোৰত অতি কম পৰিমাণৰ মূলধন আৰু সাধাৰণ যন্ত্রপাতিৰ প্ৰয়োজন হয় গতিকে গাঁৱলীয়া পৰিয়ালবোৰে এই ধৰণৰ শিল্প চলাই যাব পাৰে।

১৯৮১ চনৰ মাৰ্চ মাহ লৈকে অসমত মুঠ পঞ্জীভূত ক্ষুদ্ৰ শিল্পৰ সংখ্যা আছিল ১২,০৫৬ টা আৰু এই শিল্পবোৰত নিযুক্ত হোৱা মুঠ মানুহৰ সংখ্যা আছিল প্রায় ৬২ হাজাৰ। আকৌ ১৯৯৮–৯৯ চনৰ মাৰ্চ মাহত অসমত পঞ্জীভূত মুঠ ক্ষুদ্র উদ্যোগৰ সংখ্যা ৩৬,২৩৮ নিযুক্ত হোৱা শ্ৰমিকৰ সংখ্যা আছিল ৯৬ হেজাৰ। আকৌ ২০০৫ চনৰ ডিচেম্বৰ মাহ লৈকে অসমত পঞ্জীভূত মুঠ ক্ষুদ্র উদ্যোগৰ সংখ্যা ৫০,৬৯৪ টা আছিল আৰু এই উদ্যোগবোৰত নিযুক্ত মুঠ শ্ৰমিকৰ সংখ্যা আছিল প্রায় ২.০ লাখ। এই উদ্যোগবোৰে যি যি ধৰণৰ দ্ৰব্য উৎপাদনত ব্যস্ত হৈ আছে এইবোৰ হ’ল— চাহ উৎপাদনৰ যন্ত্রপাতি, বাণিজ্যিক আৰু চাহ বাকছৰ বাবে প্লাইউদ, নিৰ্মাণ কামৰ বস্তু, ৰাসায়নিক দ্রব্য, বস্ত্ৰ, পৰিবহণৰ কামত লগা যন্ত্রপাতি, খাদ্যদ্রব্য, ছপাকৰণ, প্রকাশকৰণ আদি।

অসমৰ গাঁৱলীয়া আৰু কুটীৰ শিল্পবোৰ হ’ল হাতেৰে চলোৱা তাঁত-শাল শিল্প, চাবোন উদ্যোগ, কাঁহ-পিতল শিল্প, বেত আৰু বাঁহৰ কাম, সোণ আৰু ৰূপৰ কাম, হাতীদাঁতৰ কাম আদি। এই শিল্পবোৰে অসমত গাঁৱলীয়া অঞ্চলবোৰৰ লেখত ল’বলগীয়া মানুহক সহকাৰী কামকাজৰ সুবিধা দি আছে। আকৌ শিল্পবোৰৰ কেইটামান গাঁৱলীয়া মিস্ত্ৰি আৰু কাৰিকৰবোৰৰ পৰিচালনাত চলি আছে।

এই কুটীৰ গাঁৱলীয়া শিল্পবোৰৰ উন্নয়নৰ লগে লগে বহুসংখ্যক দুখীয়া পৰিয়াল সিহঁতৰ আয় আৰু জীৱন ধাৰণৰ মান উন্নত কৰিবলৈ সক্ষম হৈছে। এই সহকাৰী কাম কাজবোৰ গাঁৱলীয়া অঞ্চলৰ দুখীয়া পৰিয়ালবোৰৰ মাজত সঞ্চয় আৰু বিনিয়োগৰ অভ্যাস বৃদ্ধি কৰে। অসমৰ কুটীৰ শিল্প বিভিন্ন ধৰণৰ ধুনীয়া বস্তু যেনে— মুগা আৰু চিল্কৰ বস্ত্ৰ উৎপাদন কৰি আছে, সমগ্ৰ দেশতেই এই বস্ত্ৰবোৰৰ উল্লেখনীয় চাহিদা আছে। ১৯৯৮–৯৯ চনত এই ক্ষুদ্র ঔদ্যোগিক গোটসমূহে মুঠ ৩.৫২ কোটি টকাৰ মূল্যৰ সামগ্ৰী উৎপাদন কৰিবলৈ সক্ষম হৈছে।

অসমত ক্ষুদ্ৰ আৰু কুটীৰ শিল্পবোৰৰ বিস্তাৰৰ যথেষ্ট সুযোগ আছে। এই শিল্পবোৰে গাঁও আৰু চহৰৰ মানুহৰ চাহিদা পূৰ্ণৰ বাবে বিভিন্ন ধৰণৰ বস্তু উৎপাদন কৰিবলৈ সক্ষম হ’ব।

১৫ ৷ অসমৰ ক্ষুদ্ৰ আৰু কুটীৰ শিল্পৰ সমস্যাসমূহৰ কি কি? এই সমস্যাসমূহ দূৰ কৰাৰ ব্যৱস্থা বা পৰামৰ্শ সমূহ কি কি?

উত্তৰঃ যদি পুৰণি কালৰ পৰা অসমৰ কুটীৰ আৰু ক্ষুদ্র শিল্পবোৰ যথেষ্ট উন্নত আছিল তথাপি এই শিল্পবোৰৰ অসংখ্য অসুবিধা থকাৰ ফলত ই যথেষ্ট বাধাৰ সন্মুখীন হ’বলগীয়া হৈছে। অসমৰ কুটীৰ আৰু ক্ষুদ্র শিল্পবোৰৰ কিছুমান গুৰুত্বপূৰ্ণ অসুবিধা আৰু সমস্যাসমূহ আলোচনা কৰা হ’ল।

প্ৰথমতে, এই শিল্পবোৰৰ লগত জড়িত থকা মানুহবোৰৰ অজ্ঞানতা, অশিক্ষা অৱস্থা আৰু ৰক্ষণশীল মনোভাৱ অসমৰ কুটীৰ আৰু ক্ষুদ্র শিল্পবোৰৰ আধুনিকীকৰণ আৰু বিকাশৰ পথত হেঙাৰ হৈ থিয় দিছে । অজ্ঞানতাৰ ফলত এই শিল্পবোৰে পুৰণিকলিয়া যন্ত্রপাতি আৰু উৎপাদন পদ্ধতি ব্যৱহাৰ কৰি থকাৰ বাবে ই অসমৰ অৰ্থনীতিৰ আৰু অন্যান্য খ ৰ লগত ফেৰ মাৰিব পৰা নাই ৷ নতুন আৰু বৈজ্ঞানিক উৎপাদন পদ্ধতিৰ ব্যৱহাৰ নথকাৰ ফলত এই শিল্পবোৰে এতিয়াও পুৰণি ধৰণৰ বস্তু উৎপাদন কৰি আছে। এই শিল্পৰ বাবে ই এটা ডাঙৰ সমস্যা।

দ্বিতীয়তে, অসমৰ কুটীৰ আৰু ক্ষুদ্র শিল্পবোৰৰ আন এটা সমস্যা হ’ল মূলধনৰ অভাৱ গ্ৰাম্য মিস্ত্ৰী আৰু কাৰিকৰবোৰ বৰ দুখীয়া হোৱাৰ ফলত তেওঁলোকে নিজা বিত্তীয় অভাৱ পূৰণৰ বাবে গাঁৱলীয়া মহাজনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়৷ গাঁৱলীয়া মহাজনবোৰে উচ্চ হাৰত সুত আদায় কৰাৰ ফলত এই শিল্পবোৰৰ উৎপাদন ব্যয় বৃদ্ধি পায়। গাঁৱলীয়া মিস্ত্ৰী আৰু কাৰিকৰবোৰে বাণিজ্যিক বেংক আৰু আন বিত্তীয় প্রতিষ্ঠান যেনে অসমৰ বিত্তীয় নিগম আদিৰ পৰা কোন প্রয়োজনীয় ঋণ নাপায়। গতিকে বিত্তীয় অভাৱৰ ফলত এই শিল্পবোৰে সিহঁতৰ উৎপাদনত এতিয়াও আধুনিক পদ্ধতিৰ ব্যৱহাৰ কৰিবলৈ সক্ষম হোৱা নাই। 

তৃতীয়তে, অসমৰ কুটীৰ আৰু শিল্পল্পমূহৰ আন এটা ডাঙৰ সমস্যা হৈছে কেঁচামালৰ অভাৱ ৷ এই শিল্পসমূহ নিয়মীয়াকৈ ন্যায্য মূল্যত কেঁচামাল যোগান নোপোৱাৰ ফলত সিহঁতৰ উৎপাদনৰ কামত যথেষ্ট ব্যাঘাত ঘটিছে আৰু এই শিল্পৰ উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত যথেষ্ট বাধাৰ সৃষ্টি কৰিছে।

চতুৰ্থতে, কাৰিকৰ বিলাকৰ বাবে উপযুক্ত প্রশিক্ষণ ব্যৱস্থা নথকাটো এই শিল্পৰ আন এটা প্রধান সমস্যা। গতিকে কাৰিকৰ বিলাকে উপযুক্ত প্রশিক্ষণ নোপোৱাৰ ফলত এতিয়াও পুৰণিকলিয়া উৎপাদন পদ্ধতি আৰু পুৰণি ধৰণৰ বস্তুহে উৎপাদন কৰি আছে।

পঞ্চমতে, অসমৰ কুটীৰ আৰু ক্ষুদ্র শিল্পবোৰৰ আন এটা সমস্যা হৈছে উপযুক্ত বেচা-কিনা ব্যৱস্থাৰ অভাৱ ৷ এই শিল্পবোৰৰ উৎপাদিত বস্তুখিনিৰ বাবে উপযুক্ত বেচা-কিনা ব্যৱস্থা বা বজাৰ নথকাৰ ফলত তেওঁলোকে কেতিয়াবা অতি কম মূল্যত উৎপাদিত বস্তুখিনি মহাজনৰ ওচৰত বিক্ৰী কৰিবলৈ বাধ্য হয়।

শেষত, অসমৰ কুটীৰ উদ্যোগবোৰে এতিয়া সংগঠিত বৃহৎ উদ্যোগবোৰৰ লগত প্ৰতিযোগীতাৰ সন্মুখীন হ’ব লগা হৈছে। কিন্তু এই শিল্পবোৰৰ উৎপাদন বস্তুবোৰৰ উচ্চ উৎপাদন ব্যয়, নিম্ন গুণমান আৰু পুৰণি ধৰণ হোৱাৰ ফলত এই শিল্পবোৰ সংগঠিত বৃহৎ শিল্পবোৰৰ লগত ফেৰ মাৰিব পৰা নাই আৰু ফলতে ইয়াৰ অস্তিত্ব বিপন্ন হোৱাৰ পথত।

অসমৰ কুটীৰ আৰু ক্ষুদ্র শিল্পবোৰৰ বিভিন্ন সমস্যা দূৰীকৰণৰ বাবে প্ৰতিকাৰ মূলক ব্যৱস্থা সমূহ হ’ল —

অসমৰ কুটীৰ আৰু ক্ষুদ্র উদ্যোগবোৰে ৰাজ্যৰ অৰ্থনীতিৰ পুননিমাৰ্ণৰ কামত যথেষ্ট গুৰুত্বপূৰ্ণ সহায়তা আগবঢ়াই আছে। বৃহৎ আৰু মজলীয়া শিল্পবোৰৰ উন্নয়নৰ লগে লগে এই ক্ষুদ্র উদ্যোগবোৰে গাঁও অঞ্চলত যথেষ্ট পৰিমাণে আয় আৰু কৰ্ম-সংস্থানৰ সৃষ্টি কৰি নিজা গুৰুত্ব অক্ষুন্ন ৰাখিছে। কিন্তু এই উদ্যোগবোৰে যিহেতু যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে গতিকে তলত দিয়া প্ৰতিকাৰমূলক ব্যৱস্থাবোৰ গ্ৰহণ কৰাটো এই শিল্পৰ বাবে অতি প্রয়োজনীয়।

প্ৰথমতে, এই শিল্পবোৰৰ আধুনিকীকৰণ আৰু বিকাশৰ বাবে ব্যৱস্থা লোৱাটো অতি প্রয়োজন । এই শিল্পবোৰত নিযুক্ত থকা শ্রমিকবোৰক আধুনিক উৎপাদন পদ্ধতি আৰু প্ৰযুক্তিৰ লগত তথা পৰিচয় কৰাব লাগিব। এই শিল্পবোৰত ন্যায্য মূল্যত উন্নত ধৰণৰ যন্ত্ৰপাতিসমূহ যোগান ধৰাৰ বাবে ব্যৱস্থা ল’ব লাগিব ৷

দ্বিতীয়তে, বাণিজ্যিক বেংক আৰু অন্যান্য বিত্তীয় প্রতিষ্ঠানবোৰ অসমৰ ক্ষুদ্ৰ আৰু কুটীৰ শিল্পবোৰক দীৰ্ঘকালীন আৰু হ্রস্বকালীন ঋণ আগবঢ়োৱাৰ বাবে উপযুক্ত আঁচনি গ্ৰহণ কৰিব লাগিব। ইয়াৰ বাহিৰে কম সুতত উপযুক্ত পৰিমাণে ঋণ আগবঢ়োৱাৰ ব্যৱস্থা ল’ব লাগিব। এই ব্যৱস্থাসমূহ অসমৰ এই শিল্পবোৰৰ বিকাশ আৰু বৈচিত্র্য বৃদ্ধিৰ বাবে যথেষ্ট সহাৰি আগবঢ়াব।

তৃতীয়তে, অসমৰ কুটীৰ আৰু ক্ষুদ্র শিল্পবোৰক সুবিধাজনক সময়ত আৰু মূল্যত কেঁচামাল যোগান ধৰাৰ বাবে উপযুক্ত প্রতিনিধি আৰু উপযুক্ত আঁচনি গ্ৰহণ কৰিব লাগিব ৷

চতুৰ্থতে, এই শিল্পত নিযুক্ত থকা শ্রমিকবোৰক প্ৰশিক্ষণ দিয়াৰ উপযুক্ত ব্যৱস্থা ল’ব লাগিব। এই উদ্দেশ্যেৰে অসমৰ বিভিন্ন অঞ্চলত প্ৰশিক্ষণ প্রতিষ্ঠান স্থাপন কৰাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ৷

পঞ্চমতে, এই শিল্পবোৰ উৎপাদিত বস্তুবোৰৰ বিক্ৰীৰ বাবে উপযুক্ত বিক্ৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এই ব্যৱস্থাই এই শিল্পত নিযুক্ত থকা শ্রমিক আৰু কাৰিকৰবোৰক দালালৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হ’ব।

ষষ্ঠতে, অসমৰ কুটীৰ আৰু ক্ষুদ্র শিল্পবোৰৰ ওচৰে পাজৰে বেচি সংখ্যক উমৈহতীয়া সেৱা কেল (Common Facility Centre) স্থাপন কৰিব লাগিব। এই শিল্পবোৰে নিজা প্ৰয়োজনত এই কে দুবোৰৰ পৰা প্ৰয়োজনীয় সাধাৰণ সেৱা সমূহ ল’ব লাগিব।

শেষত, অসমৰ উদ্যোগ বিভাগে এই শিল্পবোৰৰ আধুনিকীকৰণৰ বাবে পৰিকল্পনাৰ ৰূপৰেখা নিৰ্ণয় কৰিব লাগিব আৰু গোটেইখিনি শিল্পৰ পৰিকল্পনাৰ ৰত সামৰি ল’ব লাগিব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top