Techniques of teaching Unit 3 শিক্ষাদানৰ পদ্ধতি আৰু দৃষ্টিকোণ

Techniques of teaching Unit 3 শিক্ষাদানৰ পদ্ধতি আৰু দৃষ্টিকোণ, College and University Answer Bank for BA, and Post Graduate Notes and Guide Available here, Techniques of teaching Unit 3 শিক্ষাদানৰ পদ্ধতি আৰু দৃষ্টিকোণ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Techniques of teaching Unit 3 শিক্ষাদানৰ পদ্ধতি আৰু দৃষ্টিকোণ Question Answer can be of great value to excel in the examination.

Techniques of teaching Unit 3 শিক্ষাদানৰ পদ্ধতি আৰু দৃষ্টিকোণ

Join Telegram channel

Techniques of teaching Unit 3 শিক্ষাদানৰ পদ্ধতি আৰু দৃষ্টিকোণ Notes cover all the exercise questions in UGC Syllabus. Techniques of teaching Unit 3 শিক্ষাদানৰ পদ্ধতি আৰু দৃষ্টিকোণ The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Methods And Approaches of Teaching

TECHNIQUES OF TEACHING

শিক্ষাদানৰ কৌশল

অতি চমু প্ৰশ্নোত্তৰ 

১। খালী ঠাঁই পূৰণ কৰাঃ (Fill in the blanks.)

(ক) শিকণ বা শিক্ষাদান এক জটিল _____ প্রক্রিয়া। (Teaching is a complex_____ process.) 

উত্তৰঃ শিকণ বা শিক্ষাদান এক জটিল সামাজিক প্রক্রিয়া।

(খ) শিক্ষার্থীকেন্দ্রিক বা শিশুকেন্দ্রিক শিক্ষাদান পদ্ধতিত শিশু বা শিক্ষার্থীৰ স্থান _____, আৰু শিক্ষকৰ_____ গৌণ। (In student – centered or child – centered teaching methods, the child or student’s place is _____ and the teacher’s _____ secondary.)

উত্তৰঃ শিক্ষার্থীকেন্দ্রিক বা শিশুকেন্দ্রিক শিক্ষাদান পদ্ধতিত শিশু বা শিক্ষার্থীৰ স্থান মুখ্য আৰু শিক্ষকৰ স্থান গৌণ।

(গ) শিক্ষাদানৰ বা শিকণ কাৰ্য্যৰ এটা গুৰুত্বপূৰ্ণ পদ্ধতি হৈছে _____ পদ্ধতি। (An important method of teaching and learning has been the ______ method.) 

উত্তৰঃ শিক্ষাদানৰ বা শিকণ কাৰ্য্যৰ এটা গুৰুত্বপূৰ্ণ পদ্ধতি হৈছে খেলা-ভিত্তিক পদ্ধতি।

(ঘ) ______ কিণ্ডাৰগার্টেনৰ জৰিয়তে শিশুকেন্দ্রিক শিক্ষা প্ৰদানৰ পোষকতা কৰিছিল। ( ____ Kindergarten sponsored child – centered education.)

উত্তৰঃ ফ্ৰৱেলে কিণ্ডাৰগার্টেনৰ জৰিয়তে শিশুকেন্দ্রিক শিক্ষা প্ৰদানৰ পোষকতা কৰিছিল।

(ঙ) ফ্লৱেলে প্ৰৱৰ্তন কৰা শিক্ষা ব্যৱস্থা হ’ল সম্পূর্ণ‌ ______ শিক্ষা ব্যবস্থা। (The education system introduced in Frabel is a complete _____ education system.)

উত্তৰঃ ফ্ৰৱেলে প্ৰৱৰ্তন কৰা শিক্ষা ব্যৱস্থা হ’ল সম্পূৰ্ণ শিশুকেন্দ্রিক শিক্ষা ব্যবস্থা।

(চ) খেলাভিত্তিক পদ্ধতিৰ আন এটা জনপ্ৰিয় শিক্ষাদান পদ্ধতি হ’ল _____ পদ্ধতি। (Another popular game-based teaching method is _____.)

উত্তৰঃ খেলাভিত্তিক পদ্ধতিৰ আন এটা জনপ্রিয় শিক্ষাদান পদ্ধতি হ’ল মণ্টেছৰী পদ্ধতি।

(ছ) হিউৰিষ্টিক শব্দটো গ্ৰীক ভাষাৰ _____ ৰ পৰা উৎপত্তি হৈছে। (The word Heuristic is derived from the Greek word _____.)

উত্তৰঃ হিউৰিষ্টিক শব্দটো গ্ৰীক ভাষাৰ হিউৰেচকো (Heurisco) ৰ পৰা উৎপত্তি হৈছে।

(জ) আলোচনা পদ্ধতিক ______ বুলিও কোৱা হয়। (The discussion method is also called ______.)

উত্তৰঃ আলোচনা পদ্ধতিক ‘চক্রেটিক পদ্ধতি’ বুলিও কোৱা হয়।

চমু আৰু ৰচনাধর্মী প্রশ্নোত্তৰঃ

১। শিকণ বা শিক্ষাদান পদ্ধতি বুলিলে কি বুজা? (What do you mean by teaching methods?)

উত্তৰঃ শিকণ বা শিক্ষাদান এক জটিল সামাজিক প্রক্রিয়া। শিক্ষাদানত এক মনোবৈজ্ঞানিক প্ৰক্ৰিয়া জড়িত হৈ আছে। শিক্ষাদান প্রক্রিয়াক অধিক ফলপ্রসূ আৰু আকৰ্ষণীয় কৰি তোলাৰ বাবে শিক্ষকে কিছুমান পদ্ধতি ব্যৱহাৰ কৰে তাকেই শিকণ বা শিক্ষাদান পদ্ধতি বুলি কোৱা হয় ৷

২। শিশুকেন্দ্রিক বা শিক্ষার্থীকেন্দ্রিক শিক্ষাদান পদ্ধতি কেইটা ভাগত বিভক্ত কৰিছে আৰু কি কি? (Child – centered or student – centered teaching methods are divided into how many parts and what are they?) 

উত্তৰঃ শিশুকেন্দ্ৰিক বা শিক্ষার্থীকেন্দ্রিক শিক্ষাদান পদ্ধতিবোৰ চাৰিটা ভাগত বিভক্ত কৰা হৈছে—

(ক) কথন বা কোৱা পদ্ধতি (Telling Method): বক্তৃতা, আলোচনা, পর্যালোচনা, গল্প কোৱা, সাধু কোৱা ইত্যাদি।

(খ) কর্ম সম্পাদন পদ্ধতি (Doing Method): প্রকল্প, সমস্যা সমাধান, পৰীক্ষা ইত্যাদি। 

(গ) দৃষ্টিনির্ভৰ পদ্ধতি (Visual Method): প্রদর্শন, নিদর্শন, তত্ত্বাৱধানমূলক অধ্যয়ন ইত্যাদি।

(ঘ) মানসিক প্রক্রিয়া নিৰ্ভৰ পদ্ধতি (Mental Method): আৰোহী, অৱৰোহী, সংশ্লেষণাত্মক, বিশ্লেষণাত্মক ইত্যাদি।

৩। প্রাচীন আৰু আধুনিক কালত ব্যৱহৃত হোৱা শিক্ষাদান পদ্ধতিৰোৰ কি কি? (What are the ancient and modern teaching methods?) 

উত্তৰঃ প্ৰাচীন আৰু আধুনিক কালত ব্যৱহৃত হোৱা শিক্ষাদান পদ্ধতিবোৰ হ’ল—

(ক) খেলা – ভিত্তিক পদ্ধতি।

(খ) কাৰ্য্যভিত্তিক পদ্ধতি।

(গ) আলোচনা পদ্ধতি।

(ঘ) আৰোহী – অৱৰোহী পদ্ধতি।

(ঙ) হিউৰিষ্টিক পদ্ধতি।

(চ) সমস্যা সমাধানমূলক পদ্ধতি।

(ছ) প্রকল্প পদ্ধতি।

৪। বৰ্তমান সময়ত শিকণৰ তাৎপৰ্য্যসমূহ উল্লেখ কৰা। (Mention the significance of teaching in the present time.)

উত্তৰঃ বৰ্তমান সময়ত শিকণৰ তাৎপৰ্য্যসমূহ তলত দিয়া ধৰণৰ —

(ক) ধাৰণা প্ৰদান কৰাৰ বাবে শিক্ষণীয় পদ্ধতি ব্যৱহাৰ কৰা হয়।

(খ) শিকণ পদ্ধতিৰ জৰিয়তে শিক্ষণীয় পাঠ আৰু তথ্য প্ৰদান কৰা হয় ৷

(গ) শিক্ষাৰ লক্ষ্যৰ ওপৰত ভিত্তি কৰি পাঠৰ নিৰ্দেশনা দিয়া হয়। গতিকে, লক্ষ্যৰ ওপৰত ভিত্তি কৰি পদ্ধতি নিৰ্বাচন কৰা হয়।

(ঘ) শিকণৰ পদ্ধতিৰ ওপৰত শিক্ষণ নিৰ্ভৰশীল।

(ঙ) ভিন্ন ভিন্ন শিকণ পদ্ধতিৰ সহায়ত শিক্ষকে দলীয়ভাৱে শিক্ষাৰ্থীক শিক্ষাদান কৰে।

(চ) শিকণ পদ্ধতি ব্যৱহাৰ কৰোতে শিক্ষার্থী দৈহিক আৰু মানসিকভাৱে সক্ৰিয় হৈ থাকে।

(ছ) শিক্ষক – শিক্ষার্থীৰ সু – সম্পর্ক গঠন কৰাত শিকণ পদ্ধতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰে।

(জ) বর্তমান শৈক্ষিক প্ৰযুক্তিবিদ্যাৰ সহায়ত শিক্ষাদান কাৰ্য্য সম্পন্ন কৰিবলৈ অতি সহজ হৈ পৰিছে।

(ঝ) ব্যক্তি পার্থক্যৰ ওপৰত ভিত্তি কৰি শিকণ কাৰ্য্য সম্পন্ন হয়।

(ঞ) শিকণ পদ্ধতিত বিষয়বস্তু অধিক আকষর্ণীয় কৰি তোলাত গুৰুত্ব প্ৰদান কৰা হয়।

৫। কিণ্ডাৰৰ্গাৰ্টেনৰ বৈশিষ্ট্যসমূহ বহলাই আলোচনা কৰা। (Discuss the Characteristics of Kindergarten.) 

উত্তৰঃ ফ্ৰৱেলে তেওঁৰ কিণ্ডাৰগার্টেন পদ্ধতিমতে শিশুৰ স্বভাৱ অনুসৰি শিক্ষা প্ৰদান কৰাৰ পোষকতা কৰে। তেওঁৰ মতে শিশুৰ দুটা প্ৰবৃত্তি থাকে। যেনে— কোনো বস্তু গঢ়া / সজা আৰু আন এটা হৈছে কোনো বস্তু ভঙা। গতিকে, শিশুৰ স্বভাৱ বা প্রকৃতি অনুসৰি শিশুক শিক্ষা দিয়াৰ কথা ফ্ৰৱেলে উল্লেখ কৰে।

কিণ্ডাৰগার্টেনৰ বৈশিষ্ট্যসমূহ হ’ল―

(ক) আত্মক্রিয়া বা নিজস্ব কর্ম (Self-Activity): ফ্ৰৱেলৰ মতে, শিশুৰ নিজস্ব কর্ম বা আত্মপ্ৰকাশৰ দ্বাৰাহে প্ৰকৃত বিকাশ সম্ভৱ। শিশুৱে নিজ আবেগ, আগ্রহ, ৰুচি – অভিৰুচি অনুসৰি আত্মপ্ৰকাশৰ সুবিধা পালে শিশুৰ অন্তর্নিহিত গুণ বা সুপ্ত প্রতিভাসমূহৰ বিকাশ সম্ভৱ হয়। সেয়েহে শিশুৰ আত্মপ্ৰকাশৰ বাবে পূর্ণ স্বাধীনতা প্ৰদান কৰিব লাগে। এনেধৰণৰ নিজস্ব কর্ম বা আত্মক্ৰিয়াৰ দ্বাৰা শিশুৱে জ্ঞান অৰ্জন কৰে আৰু কৰ্মৰ মাজৰ ব্যৱধান কমাই শিশুক আনন্দ, স্বাধীনতা তথা মানসিক সন্তুষ্টি প্ৰদান কৰে। শিশুৱে কিণ্ডাৰগার্টেনৰ শিক্ষাৰ জৰিয়তে অংগ সঞ্চালনমূলক খেল, সংগীত আদি ক্ৰিয়াৰ বিকাশত সহায় কৰে।

(খ) সৃষ্টিশীলতা (Creativity): কিণ্ডাৰগার্টেন বিদ্যালয়ৰ জৰিয়তে শিশুৰ সৃজনীশীলতাৰ বিকাশ সাধন কৰিবলৈ চেষ্টা কৰা হয়। কিণ্ডাৰগার্টেনৰ জৰিয়তে শিশুৰ দুটা প্রবৃত্তিগত দিশ যেনে— বস্তু ভঙা আৰু বস্তু গঢ়া বা সজাৰ ওপৰত গুৰুত্ব দি শিক্ষাদানৰ ব্যৱস্থা কৰা হয়।

(গ) সামাজিক অংশগ্রহণ (Social Participation): ফ্ৰৱেলে বিদ্যালয় এখনৰ জৰিয়তে তেওঁৰ জীৱন দৰ্শনৰ দিশটো প্ৰকাশ কৰিব বিচাৰিছিল। মানুহ সামাজিক প্রাণী হিচাপে সমাজ পাতি ভাল পায়। সেয়েহে, সমাজৰ বাবে প্ৰয়োজনীয় দিশৰ বিকাশৰ বাবে বিদ্যালয়ে ঘৰ, বিদ্যালয়, মন্দিৰ, মছজিদ, গীর্জা, ৰাষ্ট্ৰ আদিত শিশুক অংশগ্ৰহণৰ সুযোগ প্ৰদান কৰিব লাগে। কিণ্ডাৰগার্টেনত সম্পাদন কৰা কাৰ্য্যৰ দ্বাৰা শিশুক সামাজিকীকৰণত সহায় কৰে। গতিকে, এনে কিণ্ডাৰগার্টেনত খেলাৰ যোগেদি শিশুক দলীয় অংশগ্ৰহণৰ সুযোগ প্ৰদান কৰি সামাজিক হোৱাত উদ্‌গনি যোগোৱাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল।

(ঘ) খেলাৰ মাজেৰে শিক্ষণ (Learning by Playing): ফ্রৱেলে শিশুক খেলাৰ মাজেৰে শিক্ষা প্ৰদান কৰাৰ পোষকতা কৰিছিল। তেওঁ শিক্ষণীয় সঁজুলিসমূহ শিশুৰ উপযোগীতৈ প্ৰস্তুত কৰি শিশুক খেলাৰ জৰিয়তে শিক্ষা প্ৰদানত গুৰুত্ব দি কয় যে, খেলাৰ জৰিয়তে শিশুৰ সামাজিক অনুভূতি, স্বাধীনতা, সহযোগিতা, সহিষ্ণুতা, আত্ম – নিৰ্ভৰশীলতা আদি গুণৰ বিকাশ সাধন হয়।

(ঙ) পৰিকল্পিত শিক্ষা ব্যৱস্থা (Planned Education System): পৰিকল্পিত শিক্ষা ব্যৱস্থাৰে কিণ্ডাৰগার্টেনত ফ্রৱেলে শিক্ষা প্ৰদানৰ পোষকতা কৰিছিল। 3 বছৰৰ পৰা 7 বছৰ বয়সলৈকে শিশুৰ দৈহিক, মানসিক তথা সামাজিক দিশত বিকাশৰ বাবে কৰিব লগা কামৰ ওপৰত গুৰুত্ব দি শিশুৰ শৃংখলাবদ্ধ বিকাশত গুৰুত্ব প্ৰদান কৰা।

(চ) শিশুকেন্দ্রিক পাঠ্যক্রম (Child – Centric Curriculum): ফ্রৱেলে কিণ্ডাৰ গার্টেনৰ জৰিয়তে শিশুকেন্দ্রিক শিক্ষা প্ৰদানৰ পোষকতা কৰে। শিশুৰ আগ্ৰহ, ৰুচি – অভিৰুচি, প্রৱণতা, আশা – আকাঙ্খাৰ প্রাধান্য দি শিক্ষাদান কৰাৰ ওপৰত গুৰুত্ব দি কিণ্ডাৰগার্টেনত শিশুকেন্দ্রিক শিক্ষাৰ পাঠ্যক্ৰমৰ ব্যৱস্থা আছে।

(ছ) শিক্ষকজন বন্ধু, দার্শনিক আৰু পথ প্ৰদৰ্শক স্বৰূপ (Teacher is Friend, Philosopher and Guide): ফ্ৰৱেলৰ কিণ্ডাৰগার্টেন বিদ্যালয়ত শিক্ষকজনে ফুলৰ মালীৰ দৰে ভূমিকা পালন কৰে। বাগিছাত মালীয়ে ফুল চোৱা – চিতা কৰাৰ দৰে কিণ্ডাৰগার্টেনত শিক্ষকজন শিক্ষার্থীৰ বাবে বন্ধু, দার্শনিক আৰু পথ – প্ৰদৰ্শকৰ ভূমিকা পালন কৰা দেখা যায়।

(জ) আত্ম – অনুশাসন (Self – Discipline): কিণ্ডাৰগার্টেনৰ আন এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল আত্ম – অনুশাসন মনোভাৱৰ সৃষ্টি কৰা। শিশুক আভ্যন্তৰীণ অনুশাসন প্ৰদানৰ জৰিয়তে আত্ম – অনুশাসনৰ মনোভাৱ গঢ়ি তুলিব পৰা যায়। ফ্ৰৱেলে শিশুক বাহ্যিক অনুশাসনৰ পৰিৱৰ্তে নিজে স্বাধীনভাৱে কাম কৰাৰ পোষকতা কৰিছিল।

৬। কিণ্ডাৰগার্টেনত শিশুসকলৰ শিক্ষা ব্যৱস্থাক মনোযোগী আৰু আকর্ষণীয় কৰিবলৈ কেনেধৰণৰ কৌশল অৱলম্বন কৰা হয় বহলাই আলোচনা কৰা। (Discuss in detail what kind of strategies are used to make the education system of children in kindergarten attentive and attractive.)

উত্তৰঃ কিণ্ডাৰগার্টেনত শিশুসকলক সংগীতৰ যোগেনি জ্ঞান প্ৰদান কৰি সঞ্চালনৰ বাবে অভিনয়ৰ সহায় লৈ কাঠ বা মাটিৰ নমুনাৰে শিক্ষাদানৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰা হয়। শিক্ষা ব্যৱস্থাক মনোযোগী আৰু আকর্ষণীয় কৰিবলৈ তলত দিয়া কৌশল অবলম্বন কৰা হয়। যেনে-

(ক) সংগীতৰ মাজেদি শিক্ষাদান (Teaching Through Songs).

(খ) উপহাৰ আৰু কামৰ মাজেৰে শিক্ষাদান (Teaching Through Gift and Occupations).

(গ) খেলাৰ মাজেৰে শিক্ষাদান (Teaching Through Play).

(ক) সংগীতৰ মাজেৰে শিক্ষাদান (Teaching Through Songs): ফ্রৱেলে তেখেতৰ শিক্ষাদান পদ্ধতিত সংগীতৰ যোগেদি আত্মাক জাগ্ৰত কৰি শিক্ষা প্ৰদান কৰাৰ পোষকতা কৰিছিল। শিশুৰ দৈহিক আৰু মানসিক দিশৰ বিকাশৰ বাবে সংগীত অতি প্রয়োজনীয় দিশ। সংগীতৰ যোগেদি শিশুৱে মনৰ ভাব অতি সহজে প্ৰকাশ কৰিব পাৰে।

কিণ্ডাৰগার্টেনত ব্যৱহৃত সংগীতবোৰৰ প্ৰকাৰ তলত উল্লেখ কৰা হ’ল—

১। শিক্ষয়িত্রী বা মাতৃৰ নীতি কথাৰ ব্যাখ্যা (A Motto for the Guidance of Mother or Teachers).

২। সমূহীয়াকৈ গোৱাৰ বাবে পদ্যাংশ (A Verse Accompanied by Music) আৰু

(৩) পদ্যাংশৰ বৰ্ণনাৰ বাবে চিত্ৰ (A Picture Illustrating the Verse)

শিশুৰ মানসিক, নৈতিক আৰু ভাষিক দিশৰ বিকাশৰ বাবে কিণ্ডাৰগার্টেন স্কুলত সংগীতৰ ব্যৱহাৰ কৰা হয়।

(খ) উপহাৰ আৰু কামৰ মাজেৰে শিক্ষাদান (Teaching Through Gift and Occupations): ফ্রৱেলে কিণ্ডাৰগার্টেনৰ যোগেদি উপহাৰ আৰু কামৰ ব্যৱস্থাৰে খেলাৰ শিক্ষা প্ৰদানৰ পোষকতা কৰে। উপহাৰৰ যোগেদি ফ্ৰৱেলে শিশুক প্ৰদান কৰাৰ পোষকতা কৰিছিল। উপহাৰ হ’ল খেলাৰ কিছুমান সামগ্রী। যেনে— Sphere, Cube, Cylinder, Soft ball ইত্যাদি। খেলাৰ সামগ্ৰী ব্যৱহাৰ কৰি শিক্ষাৰ্থীৰ পঞ্চইন্দ্ৰিয় অনুভূতিৰ সহায়েৰে বস্তুৰ ৰং, ওজন, আকৃতি, উচ্চতাৰ প্ৰত্যক্ষ ধাৰণা প্ৰদান কৰা হয়। ফ্রৱেলে ৫০তকৈ অধিক ওমলা গীত ব্যৱহাৰ কৰি কিণ্ডাৰগার্টেনত শিক্ষা প্ৰদান কৰে।

ঠিক একেদৰে বৃত্তি বা কাম হ’ল উপহাৰৰ প্ৰয়োগ কৰি সম্পাদন কৰা কাম। ইয়াত শিশুসকলৰ নানাধৰণৰ বস্তুৰ আকৃতি – প্রকৃতি বা ৰং সম্বন্ধীয় জ্ঞান শিশুসকলক বিভিন্ন কৌশল প্রয়োগ কৰি প্ৰদান কৰিবলৈ বিচৰা হয়। এনেধৰণৰ কৌশল প্রয়োগৰ দ্বাৰা শিক্ষা প্ৰদান কৰিলে ভৱিষ্যত শ্ৰমৰ মৰ্যাদা সম্পৰ্কেও উপলব্ধি কৰাত সহায়ক হয়। এই কাম বা বৃত্তি হ’ল — কাঠ বনোৱা (Mat weaving), কাগজ ভাঁজ কৰা (Paper folding), মাটি বস্তু বনোৱা (Clay modeling), খৰাহী বনোৱা (Basket making) ইত্যাদি। কিণ্ডাৰগার্টেনত উপহাৰ আৰু কৰ্ম বা বৃত্তিৰ ব্যৱস্থাৰে শিকা প্ৰক্ৰিয়াক কামৰ মাজেৰে শিকা (Learning by doing) বুলি কোৱা হয়। ফ্ৰৱেলে ব্যৱহাৰ কৰা উপহাৰ ২০ ৰ ভিতৰৰ প্ৰধান উপহাৰকেইটা তলত দিয়া ধৰণৰ—

১। প্রথম উপহাৰত উলৰ ভিন্নৰঙী বল থাকে। যেনে— ৰঙা, হালধীয়া, নীলা, কমলা ৰং, সেউজীয়া আৰু মদকৱা। ইয়াত শিশুসকলে চিনাক্ত কৰিব পৰাকৈ নামাকৰণ কৰি ৰং বস্তু, ইহঁতৰ প্ৰকৃতি, আকৃতি, গতিশক্তি মাংসপেশীৰ সঞ্চালনৰ কামৰ ধাৰণা দিয়া।

২। দ্বিতীয় উপহাৰ বাকচত টান কাঠেৰে নিৰ্মিত এটা গোলক (sphere); এটা ঘনক (cube) আৰু এটা চুঙা (cylinder) থাকে। এই উপহাৰৰ জৰিয়তে শিশুৱে গোলকৰ গতিশীলতা, ঘনকৰ স্থিতিশীলতাৰ জ্ঞান লাভ কৰে। চুঙা (cylinder) ৰ যোগেদি শিশুৱে স্থিতিশীল আৰু গতিশীল জ্ঞান প্ৰদান কৰে। অৰ্থাৎ পোন চুঙাই স্থিতিশীল জ্ঞান আৰু বগৰাই দিয়া চুঙাই গতিশীল জ্ঞান প্ৰদান কৰে।

৩। তৃতীয় উপহাৰ হ’ল এটা ডাঙৰ আকৃতিৰ ঘনক। এই ঘনক সমানকৈ আঠটা সৰু সৰু ঘনকত বিভক্ত কৰা হয়। এই ঘনকেৰে শিশুৱে নানা ধৰণৰ বস্তু সাজিব পাৰে। যেনে— দলং, দুৱাৰ – খিৰিকি, বেঞ্চ আদি। এনে উপহাৰে শিশুক যোগ – বিয়োগ সম্পৰ্কীয় প্রাথমিক জ্ঞান প্ৰদান কৰিব পাৰে।

৪। চতুৰ্থ উপহাৰ হ’ল এটা ডাঙৰ আকৃতিৰ ঘনক। ঘনকৰ আঠোটা টুকুৰাক বিভিন্ন আকৃতিৰ ত্ৰিভুজত ভাগ কৰি থোৱা থাকে। শিশুসকল এই ত্ৰিভুজৰ ব্যৱহাৰ কৰি শিক্ষাৰ্থীযে নানা আকৃতিৰ বস্তু সাজিব পাৰে। এনেধৰণৰ উপহাৰে শিশুৰ সৃজনীশক্তিৰ বিকাশ সাধন কৰিব পাৰে।

৫। পঞ্চম উপহাৰবিধ হ’ল বৃহৎ আকৃতিৰ ঘনক। এই ঘনককো সৰু সৰু ২৭ টা ভাগত বিভক্ত কৰা থাকে। এই ঘনকবোৰ একেলগ কৰি শিক্ষাৰ্থীসকলে বিভিন্ন বস্তু নিৰ্মাণ কৰিব পাৰে। ইয়াৰ যোগেদি বস্তুৰ আকৃতি – প্রকৃতি তথা সাংখ্যিক জ্ঞান প্ৰদান কৰিব পাৰি।

৬। ষষ্ঠ উপহাৰটিত এটা ডাঙৰ ঘনক থাকে। এই ঘনককো ১৮ টা ডাঙৰ আৰু ৯ টা সৰু সৰু ব্লকত ভাগ কৰা থাকে। এই ঘনকবোৰ ব্যৱহাৰ কৰি শিক্ষাৰ্থীয়ে নানা আকৃতিৰ বস্তু তৈয়াৰ কৰিব পাৰে।

৭। সপ্তম উপহাৰ হ’ল মিহি কাঠেৰে বনোৱা বর্গাকৃতি আৰু ত্ৰিভুজাকৃতিৰ দুটুকুৰা কাঠ। প্রত্যেক টুকুৰা কাঠতে দুটাকৈ ৰং লগোৱা থাকে আৰু ঘনকবোৰ ব্যৱহাৰ কৰি শিক্ষাৰ্থীয়ে বিভিন্ন বস্তু বনাব পাৰে।

ইয়াৰ উপৰি ফ্ৰৱেলে কিণ্ডাগার্টেনত ব্যৱহাৰ কৰা উপহাৰৰ নানা কাম বা বৃত্তি আছে। এনে অভিনৱ শিক্ষা ব্যৱস্থাৰে শিক্ষাদান কৰি ফ্ৰৱেলে কিণ্ডাৰগার্টেনত নতুন বিপ্লৱৰ সূচনা কৰিছে। উপহাৰ আৰু বৃত্তি প্ৰদানৰ জৰিয়তে শিশুৰ সংজ্ঞানাত্মক (Cognitive), অনুভুতিমূলক (Affective) আৰু মনোসঞ্চালনমূলক (Psychomotor) দিশৰ বিকাশ সাধনৰ চেষ্টা কৰা হয়।

(গ) খেলাৰ মাজেৰে শিক্ষাদান (Teaching Through Play): ফ্রৱেলে কিণ্ডাৰগার্টেন পদ্ধতিৰ জৰিয়তে শিশুক খেলাৰ মাজেৰে শিক্ষাদানৰ পোষকতা কৰিছিল। খেলৰ যোগেদি শিশুৰ স্বতঃস্ফূর্ত, স্বাধীন, আনন্দদায়ক তথা উদ্দেশ্যবিহীন আন্তৰিক গুণাৱলীৰ বাহ্যিক প্রকাশ কৰিব বিচাৰে। খেলৰ জৰিয়তে প্ৰদান কৰা জ্ঞান মনোগ্ৰাহী আৰু কম আয়াসতে শিকিব পাৰি। ফ্ৰৱেলে পাঁচ প্ৰকাৰৰ খেলৰ ওপৰত গুৰুত্ব দিছিল। যেনে—

১। অৱসৰ বা গঠনাত্মক খেল।

২। কল্পনাত্মক বিকাশ সম্বন্ধীয় খেল।

৩। সহযোগিতা বিকাশমূলক খেল। 

৪। চাৰিত্ৰিক বিকাশ সম্বন্ধীয় খেল।

৫। 3 R’s— লিখা, পঢ়া আৰু গণনা শিক্ষাৰ বাবে খেল।

খেলৰ যোগেদি শিক্ষা প্ৰদান কৰিলে শিশুৰ তলত দিয়া কিছুমান গুণৰ বিকাশ সাধন হয়। যেনে—

১। খেলৰ যোগেদি শিশুৰ সুপ্ত প্ৰতিভাৰ বিকাশ সাধনৰ চেষ্টা কৰা হয়।

২। খেলৰ যোগেদি উৎকৃষ্ট আৰু উপযোগিতা সম্পন্ন গুণাৱলীৰ বিকাশত উৎসাহিত কৰা হয়।

৩। শিক্ষাৰ্থীৰ অন্তৰত চিন্তন, অনুভৱন তথা কর্মমূলক অভ্যাসৰ সঠিক সংগঠনত খেলা – ধূলাই সহায় কৰে।

৪। খেলা – ধূলাই শিশুৰ সত্য, ন্যায়, স্বাধীনচিতীয়া মনোভাব, প্রজ্ঞা, আত্মনিয়ন্ত্রণ, আনুগত্য, অধ্যাবসায় তথা সহযোগিতামূলক আদি নৈতিক গুণাৱলীৰ বিকাশ সাধনত সহায় কৰে।

৭। আধুনিক শিক্ষাব্যৱস্থাত কিণ্ডাৰগার্টেনৰ প্ৰভাৱ সম্পৰ্কে বহলাই আলোচনা কৰা। (Discuss in detail the impact of kindergarten on the modern education system.)

উত্তৰঃ আধুনিক শিক্ষাব্যৱস্থাত কিণ্ডাৰগার্টেনৰ প্ৰভাৱ তলত দিয়া ধৰণৰঃ

(ক) শিশুকেন্দ্রিক শিক্ষাব্যবস্থা (Child – Centric System of Education): ফৱেলে প্ৰৱৰ্তন কৰা শিক্ষা ব্যৱস্থা হ’ল সম্পূর্ণ শিশুকেন্দ্রিক শিক্ষা ব্যবস্থা। এই শিক্ষা ব্যৱস্থাৰ মূল কেন্দ্ৰবিন্দু হ’ল শিক্ষার্থী ইয়াত শিশুসকলৰ ৰুচি-অভিৰুচি, প্ৰৱণতা আদিৰ ওপৰত ভিত্তি কৰি শিক্ষা প্ৰদান কৰা হয়। আধুনিক যুগৰ শিশুকেন্দ্রিক শিক্ষা ব্যৱস্থাৰ মূল আধাৰ হ’ল ‘ফ্ৰৱেলৰ’ কিণ্ডাৰগার্টেন পদ্ধতি।

(খ) শ্ৰৱণ – দৰ্শন সঁজুলিৰ ব্যৱহাৰ (Use of Audio-Visual Aids): আধুনিক যুগৰ শিক্ষাদান ব্যৱস্থা মৌখিক শিক্ষাদানৰ পৰিপন্থী আৰু শ্ৰৱণ – দৰ্শনৰ ব্যৱহাৰ কৰি প্ৰত্যক্ষ জ্ঞানে প্ৰদান কৰাৰ ওপৰত গুৰুত্ব দিয়া দেখা যায়। ‘কিণ্ডাৰগার্টেন’ বিদ্যালয়ত ফ্ৰৱেলে বিভিন্ন ধৰণৰ শিক্ষণীয় সঁজুলি ব্যৱহাৰ কৰি প্ৰত্যক্ষ জ্ঞান প্ৰদান কৰাৰ ব্যৱস্থা কৰিছিল। আধুনিক যুগৰ শিক্ষাব্যৱস্থাত ব্যৱহৃত শিক্ষণীয় সঁজুলিৰ ব্যৱহাৰ কৰি শিক্ষা প্ৰদানৰ মূল আধাৰ হ’ল কিণ্ডাৰগার্টেন স্কুল।

(গ) যান্ত্রিক শিক্ষা প্রদানৰ বিৰোধিতা (Prohibit Mechanical Education): ফ্ৰৱেলে তেওঁৰ কিণ্ডাৰগার্টেন বিদ্যালয়ত মৌখিক পাঠদানৰ দৰে যান্ত্ৰিক শিক্ষা পৰিহাৰ কৰি কৰ্মৰ মাজেৰে শিক্ষা প্ৰদানৰ পোষকতা কৰে। গতিকে, আধুনিক শিক্ষা ব্যৱস্থাত কৰ্মৰ মাজেৰে শিকা নীতি (Learning by doing) ৰ পোষকতা কৰা হয়।

(ঘ) জাতীয় সংহতি আৰু আন্তঃর্জাতিক বুজাপৰা (National Integration and International Understanding): বর্তমান যুগৰ শিক্ষাৰ পাঠ্যক্ৰমত জাতীয় সংহতি আৰু আন্তৰ্জাতিক বুজাপৰাৰ মনোভাৱৰ বিকাশ সাধন কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়। ফুৱেলৰ কিণ্ডাৰগার্টেন বিদ্যালয়ৰ পাঠ্যক্ৰমৰ যোগেদি শিশুৰ মনত জাতীয় সংহতি তথা আন্তর্জাতিক বুজাপৰাৰ মনোভাৱ গঢ় লৈ উঠে। কিণ্ডাৰগার্টেনত ব্যৱহৃত বিষয়সমূহ হ’ল— ধৰ্ম আৰু ধর্মীয় শিক্ষা, ভাষা সম্বন্ধীয় শিক্ষা আৰু বিভিন্ন কলা আৰু কলা সম্বন্ধীয় শিক্ষা।

(ঙ) বিদ্যালয় হ’ল ক্ষুদ্র সমাজ (School is a Miniature Society): বর্তমান যুগত বিদ্যালয়ক ক্ষুদ্র সমাজ হিচাপে গণ্য কৰা হয়। বিদ্যালয়তেই সমাজ এখনৰ প্ৰতিচ্ছবি প্রতিফলন ঘটে। ফ্রৱেলেও বিদ্যালয়ক এখন ফুলনি বাগিচাৰ লগত তুলনা কৰি শিশুৰ বিকাশত গুৰুত্ব প্ৰদান কৰিছিল। বৰ্তমান যুগত কিণ্ডাৰগার্টেনৰ শিক্ষা ব্যৱস্থাৰ লগত খাপ খুৱাই বিদ্যালয়ক ক্ষুদ্র সমাজ হিচাপে গণ্য কৰা হয়।

(চ) শৈক্ষিক উদ্দেশ্য (Educational Objectives): আধুনিক শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীৰ সংজ্ঞানাত্মক (Cognitive), অনুভূতিমূলক (Affective) আৰু মনোসঞ্চালনমূলক (Psychomotor Domain) দিশৰ বিকাশত গুৰুত্ব প্ৰদান কৰা হয়। ফ্রৱেলেও তেওঁৰ কিণ্ডাৰগার্টেন বিদ্যালয়ৰ জৰিয়তে জ্ঞানমূলক, অনুভূতিমূলক আৰু সম্পাদনমূলক দিশক প্রভাৱিত কৰিব পাৰে।

(ছ) মূৰ্তৰ পৰা বিমূৰ্তলৈ (From Concrete to Abstract): বর্তমান যুগৰ শিক্ষাদানৰ এক নীতি (Maxim) হ’ল শিক্ষাৰ্থীক মূৰ্তৰ পৰা বিমূৰ্তলৈ শিক্ষাদান কৰা। কিণ্ডাৰগার্টেনৰ জৰিয়তেও শিশুক বিভিন্ন উপহাৰৰ প্ৰয়োগেৰে মূৰ্তৰ পৰা বিমূর্ত বিষয়ৰ জ্ঞানদানৰ ওপৰত গুৰুত্ব দিয়া হয়।

(জ) প্রাক্‌ – প্রাথমিক বিদ্যালয়ৰ জনপ্ৰিয়তা (Popularity of Pre – Primary School): ভাৰতবৰ্ষত আনুষ্ঠানিক শিক্ষা ৬ বছৰত আৰম্ভ হয়। কিন্তু কিণ্ডাৰগার্টেনত প্রাক্‌ – প্রাথমিক শিক্ষা প্ৰদান কৰাৰ দৰে বৰ্তমান যুগত অভিভাৱকে শিশুক প্রাক্ – প্রাথমিক শিক্ষা দিয়াৰ পোষকতা কৰিছে। গতিকে, বিভিন্ন মাধ্যমত গঢ় লোৱা প্ৰাক্ – প্রাথমিক বিদ্যালয়ে জনপ্রিয়তা লাভ কৰা দেখা যায়।

৮। কিণ্ডাৰগার্টেন পদ্ধতিৰ গুণ / সুবিধাসমূহ উল্লেখ কৰা। (Mention the Merits / Advantages of Kindergarten Methods) 

উত্তৰঃ ফ্ৰৱেলৰ জীৱন দৰ্শনৰ আধাৰত গঢ় লৈ উঠা কিণ্ডাৰগার্টেনৰ সুবিধা / গুণাৱলীসমূহ তলত দিয়া ধৰণৰ —

(ক) শিশুকেন্দ্রিক (Child – Centric): শিশুকেন্দ্রিক শিক্ষাদান পদ্ধতি কিণ্ডাৰগার্টেন বিদ্যালয়ৰ এটা গুৰুত্বপূৰ্ণ সুবিধা।

(খ) শিশুৰ স্বাধীনতাক গুৰুত্ব (Emphasize on Freedom of Child): কিণ্ডাৰগার্টেনৰ জৰিয়তে শিশুৰ শিক্ষা আহৰণৰ ক্ষেত্ৰত সম্পূর্ণ স্বাধীনতা প্ৰদান কৰা আৰু শিশুৰ আত্মকৰ্মক উৎসাহিত কৰা হয়।

(গ) শিশুৰ উপযোগী পদ্ধতি (Effective Method for Children): শিশুৰ ৰুচি – অভিৰুচি, আগ্রহ, আশা – আকাংক্ষাৰ ওপৰত ভিত্তি কৰি শিক্ষাপ্ৰদান কৰি সৰ্বাংগীন বিকাশ সাধনৰ ওপৰত গুৰুত্ব দিয়া হয়।

(ঘ) ঐক্যতাৰ নীতি (Principles of Unity): কিণ্ডাৰগার্টেন শিক্ষাদান ব্যৱস্থাত শিশু ‘ঐক্যতা নীতি’ বিৰাজমান।

(ঙ) সামাজিক আৰু নৈতিক গুণাৱলীৰ বিকাশ (Development of Social and Moral Qualities): কিণ্ডাৰগার্টেন বিদ্যালয়ত শিশুৰ নৈতিক আৰু সামাজিক গুণৰ বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। 

(চ) কৰ্মৰ মাজেৰে শিক্ষণ (Learning by Doing): কিণ্ডাৰগার্টেনৰ যোগেনি শিশুক কৰ্মৰ মাজেৰে শিক্ষা প্ৰদানত গুৰুত্ব দিয়া হয়।

(ছ) ইন্দ্ৰিয়ৰ বিকাশ সাধন (Development of Sense Organ): পঞ্চ ইন্দ্ৰিয়ৰ বিকাশ সাধনৰ জৰিয়তে প্রত্যক্ষ জ্ঞান কিণ্ডাৰগার্টেনত দিয়া হয়।

(জ) বাহ্যিক অনুশাসনৰ বিৰোধিতা কৰি আধ্যাত্মিক অনুশাসন বৰ্তাই ৰখাৰ পোষকতা কিণ্ডাৰগার্টেনত কৰা হয়।

(ঝ) কিণ্ডাৰগার্টেনত শিক্ষক এজনে বন্ধু, দার্শনিক আৰু পথ – প্ৰদৰ্শকৰ ভূমিকা পালন কৰে। 

(ঞ) কিণ্ডাৰগার্টেনত শিশুক সংগীতৰ জৰিয়তে শিক্ষা প্ৰদান কৰাৰ ফলত শিশুক জাগ্ৰত কৰি শিক্ষাদান ৰুচিপূৰ্ণ কৰি তুলিব পাৰি।

৯। কিণ্ডাৰগার্টেন পদ্ধতিৰ অসুবিধাসমূহ উল্লেখ কৰা। (Mention the Demerits of Kindergarten Method.) 

উত্তৰঃ কিণ্ডাৰগার্টেন স্কুলৰ ৰহুতো সুবিধা থকা সত্ত্বেও বহুতো অসুবিধা থকা দেখা যায়।

কিণ্ডাৰগার্টেন স্কুলত থকা অসুবিধাসমূহ তলত দিয়া ধৰণৰ —

(ক) সহসম্বন্ধৰ অভাৱ (Lack of Correlation): ফ্ৰৱেলৰ কিণ্ডাৰগার্টেন বিদ্যালয়ত শিশুক কোনোধৰণৰ সহসম্বন্ধৰ জ্ঞান প্ৰদান কৰা নহয়। ইয়াৰ শিক্ষণীয় বিষয়বস্তুৰ মাজত সহসম্বন্ধ নাই।

(খ) সংকীর্ণ সামাজিক প্রশিক্ষণ (Narrow Social Training): কিণ্ডাৰগার্টেনত শিক্ষকৰ তত্ত্বাৱধানত সামাজিক প্রশিক্ষণ দিয়া বাবে শিশুৱে শিক্ষকৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়।

(গ) সার্বজনীন প্ৰয়োগৰ অভাৱ (Lack of Universal Utility): কিণ্ডাৰগার্টেনত শিক্ষা ব্যৱস্থাত সার্বজনীন প্রয়োগৰ অভাৱ ঘটা দেখা যায়। অর্থাৎ মানসিকভাৱে বিকাৰগ্ৰস্থ বা শাৰীৰিকভাৱে অক্ষম শিশুৱে কিণ্ডাৰগার্টেনত শিক্ষা আহৰণ কৰিবলৈ অসুবিধা পায়।

(ঘ) কিণ্ডাৰগার্টেনত বংশগতিৰ ওপৰত ভিত্তি কৰি শিক্ষা প্ৰদান কৰা হয়। ফ্ৰৱেলে কেৱল শিশুৰ বংশগতিৰ ওপৰত ভিত্তি কৰি জ্ঞান প্ৰদানৰ পোষকতা কৰিছিল। ইয়াত শিশুৰ বাবে পৰিৱেশৰ অৱদান সমানে গুৰুত্বপূৰ্ণ হয় তাক আওকাণ কৰা হৈছে।

(ঙ) কিণ্ডাৰগার্টেনত সংগীত প্ৰয়োগৰ যোগেদি শিক্ষা প্ৰদান কৰিলেও কোনো নতুনত্বৰ সংযোজন নাই। প্রাচীন কালত ব্যৱহাৰ হৈ থকা কিছুমান সংগীতৰ প্ৰয়োগ বর্তমান সময়োপযোগী নহয়।

(চ) কিণ্ডাৰগার্টেনত ব্যক্তিত্ব অধ্যয়নৰ কোনো সুবিধা নাই। কিণ্ডাৰগার্টেনত সামাজিক ঐক্য সাধনত গুৰুত্ব দি ব্যক্তিৰ ব্যক্তিগত বৈষম্যৰ প্ৰতি আওকাণ কৰা হয়।

(ছ) বিমূৰ্ত ধাৰণা লাভ কৰাত অসুবিধাৰ সৃষ্টি হয়। কিণ্ডাৰগার্টেনত উপহাৰৰ জৰিয়তে কোনো বস্তুৰ বিমূৰ্ত ধাৰণা লাভ কৰাত অসুবিধাৰ সৃষ্টি হয়।

১০। মণ্টেছৰী শিক্ষাদান পদ্ধতিৰ নীতিবোৰৰ বিষয়ে আলোচনা কৰা। (Discuss the principles of Montessori teaching method.) 

উত্তৰঃ মণ্টেছৰী শিক্ষাদান পদ্ধতিৰ নীতিবোৰ উল্লেখ কৰা হ’ল—

(ক) পূৰ্ণ স্বাধীনতাৰ নীতি (Principle of Complete Freedom): মণ্টেছৰীয়ে প্রত্যেক শিশুক পূর্ণ স্বাধীনতাৰে শিক্ষাদান কৰাৰ পোষকতা কৰিছিল। পূর্ণ স্বাধীনতাইহে শিশুৰ স্বতঃস্ফুত বিকাশত সহায় কৰে। পূৰ্ণ স্বাধীনতাইহে শিশুৰ পূৰ্ণ ব্যক্তিত্বৰ বিকাশ সাধনত ইচ্ছন যোগায়। লগতে তেওঁ কয় যে আত্ম অনুশাসনে শিশুক পূর্ণ স্বাধীনতা প্ৰদান কৰে।

(খ) ব্যক্তিগত বিকাশৰ নীতি (Principles of Individual Development): মন্টেছৰীয়ে শিশুৰ ব্যক্তিত্বৰ বিকাশ সাধনত যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল। প্ৰত্যেক শিশুৰ ৰুচি – অভিৰুচি, আশা – আকাংক্ষা ভিন্‌ ভিন্‌ হোৱা বাবে দলীয় শিক্ষাদানে শিশুৰ সামৰ্থ্য অনুযায়ী বিকাশ সাধনত সমস্যাৰ সৃষ্টি কৰে। সেয়েহে প্রত্যেক শিক্ষকে শিশুৰ মনোদৈহিক বিকাশৰ বাবে নির্দেশনা প্রদান কৰিব লাগে।

(গ) ইন্দ্ৰিয় অনুশীলনৰ নীতি (Principles of Sense Training): মণ্টেছৰীয়ে শিক্ষাদান পদ্ধতিত ইন্দ্ৰিয়ৰ অনুশীলন কৰাটো গুৰুত্ব আৰোপ কৰিছিল। তেওঁ জ্ঞানেন্দ্ৰিয়ৰ জৰিয়তে শিক্ষা প্ৰদান কৰি শিশুসকলক বিভিন্ন ইন্দ্ৰিয়ৰ কাৰ্য্য সম্পর্কে জ্ঞান প্ৰদানৰ পোষকতা কৰিছিল।

(ঘ) পেশীয় অনুশীলনৰ নীতি (Principles of Muscular Training): মণ্টেছৰী পদ্ধতিৰ আন এক গুৰুত্বপূৰ্ণ নীতি হ’ল পেশীয় অনুশীলনৰ নীতিৰ জৰিয়তে শিক্ষা প্রদান কৰে। পেশীয় অনুশীলনৰ জৰিয়তে শিশুসকলক শিক্ষা প্ৰদান কৰিলে শিক্ষার্থীয়ে লিখা, পঢ়া, ছবি আঁকা আদি কৌশল সহজে আয়ত্ব কৰিব পাৰে। সেয়েহে, শিশুৰ পেশীয় অনুশীলনৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি শিশুক মুক্তভাবে দৌৰা, জপিওৱা, চলা – ফুৰা কৰা, ব্যায়াম কৰিবলৈ উৎসাহিত কৰিব লাগে। পেশীয় অনুশীলনে শিশুৰ দৈহিক বিকাশ ঘটোৱাৰ উপৰিও ইন্দ্ৰিয় সবল হোৱাত সহায় কৰে।

(ঙ) আত্মশিক্ষাৰ নীতি (Principles of Self – Education): মণ্টেছৰীয়ে শিশুৰ আত্মশিক্ষাৰ নীতিৰ প্ৰয়োগ কৰি শিক্ষা দিয়াত গুৰুত্ব দিছিল। শিশুক নিজৰ দায়িত্ব নিজৰ ওপৰত এৰি দিলেহে প্রকৃত শিক্ষা সম্ভৱ হয়। শিক্ষক বা পৰিচালিকা গৰাকীৰ তত্ত্বাৱধানত শিশুক নিজ অভিজ্ঞতাৰ মাজেৰে শিক্ষা আহৰণত প্ৰাধান্য দিয়া উচিত।

(চ) খেলাৰ নীতি (Principles of Playing): মণ্টেছৰীৰ শিক্ষাদান পদ্ধতি খেলাৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত। খেলাভিত্তিক পদ্ধতিৰ এক গুৰুত্বপূর্ণ শিক্ষাদান পদ্ধতি হিচাপে মণ্টেছৰীয়ে শিশুক শিক্ষাদান কৰোতে বিভিন্ন ধৰণৰ খেলৰ প্ৰয়োগ কৰি শিশুৰ অন্তর্নিহিত গুণৰ বিকাশ সাধনৰ চেষ্টা কৰিছিল।

(ছ) অপেশ্বৰীৰ কাহিনী কোৱাটো নিষেধ (No Place for Fairy Tales): মণ্টেছৰীয়ে তেওঁৰ পাঠ্যক্ৰমত অপেশ্বৰী বা জলগৰীৰ কাহিনীৰ প্ৰয়োগ কৰাৰ বিৰোধিতা কৰিছিল। এনেধৰণৰ বিষয়ৰ জ্ঞানে শিশুৰ প্ৰকৃত জ্ঞান আহৰণত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে।

(জ) নির্দেশিকা হিচাপে শিক্ষক (The Teacher as the Directress): মণ্টেছৰীৰ শিক্ষাদানৰ নীতিত মহিলা শিক্ষয়িত্ৰীক প্রাধান্য দিয়া দেখা যায়। মণ্টেছৰীয়ে ‘শিক্ষয়িত্ৰী’ শব্দৰ প্রয়োগতকৈ ‘পৰিচালিকা’ (directress) বুলি কোৱাতহে গুৰুত্ব আৰোপ কৰা দেখা যায়। মণ্টেছৰীৰ মতে, শিশুসকলৰ উপযোগীকৈ পৰিচালিকাগৰাকী কিছু পৰিমাণে বৈজ্ঞানিক, চিকিৎসক আৰু ধৰ্মানুৰাগী মহিলা হোৱা উচিত। এনেধৰণেৰে শিশুক শিক্ষা দিলেহে গঠনাত্মক শিক্ষা প্ৰদানত সহায়ক হয়।

(ঝ) বস্তুগত পুৰস্কাৰ আৰু শাস্তিৰ ব্যৱস্থা নাই (No Place of Material Reward and Punishment): মণ্টেছৰীয়ে প্ৰদান কৰা শিক্ষাদান পদ্ধতিত শাস্তি আৰু পুৰস্কাৰৰ কোনো স্থান নাই। তেওঁৰ মতে শিক্ষাৰ্থীৰ স্বাভাৱিক বিকাশৰ বাবে মুক্ত পৰিৱেশেহে সহায় কৰে। সেয়েহে তেওঁ কৈছে যে, “The Jockey offers a piece of sugar to his horse that he may respond to the signs given by the reins and neither runs so superbly as the free horse of the plains.”

(ঞ) আভ্যন্তৰীণ বিকাশৰ নীতি (Principle of Development from Within): মণ্টেছৰীয়ে শিশুৰ আভ্যন্তৰীণ গুণাৱলীৰ স্বতঃস্ফূর্ত বিকাশৰ ওপৰত প্ৰাধান্য দিছিল। শিশুৰ সুপ্ত প্ৰতিভাৰ বিকাশ সাধন কৰিবলৈ হ’লে উপযুক্ত পৰিৱেশৰ যোগান ধৰিব লাগে। সেয়েহে তেওঁ শিক্ষাদান কাৰ্য্যক সহায় হিচাপে গণ্য কৰিছে।

১১। মণ্টেছৰী শিক্ষাদান প্রণালীও কোনকেইটা দিশৰ ওপৰত ভিত্তি প্ৰদান কৰা হয় আলোচনা কৰা। (Discuss which aspects of Montessori teaching method are based.)

উত্তৰঃ মণ্টেৰীয়ে তেখেতৰ শিক্ষাদান প্ৰণালী তলত উল্লেখ কৰা দিশৰ ওপৰত ভিত্তি কৰি প্ৰদান কৰাৰ পোষকতা কৰিছিল। যেনে-

১। পেশীয় শিক্ষা (Motor Education).

২। ইন্দ্রিয়জনিত বা সংবেদনাত্মক শিক্ষা (Sensory Education).

৩। ভাষা আৰু গণিত শিক্ষা (Language and Arithmetic Teaching).

১। পেশীয় শিক্ষা (Motor Education): ডাঃ মেৰিয়া মন্টেছৰীয়ে নিজে কাম কৰাৰ সময়ত শিশুসকলৰ উপযোগীকৈ কিছুমান বিষয়ৰ জ্ঞান প্ৰত্যক্ষ অভিজ্ঞতাৰ জৰিয়তে প্ৰদান কৰিব বিচাৰিছিল। শিশুক ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে দৈনন্দিন কর্মসমূহৰ জ্ঞান পৰিচালিকাই দিব বিচাৰিছিল। এই জ্ঞান প্ৰদানৰ মূল উদ্দেশ্য হ’ল পেশীয় তথা গ্রন্থিসমূহক সক্ৰিয় কৰি তোলা। এনে কামৰ জৰিয়তে শিশুৰ হস্ত, হৃদয়, মস্তিষ্ক আৰু স্বাস্থ্যৰ মাজত এক সামঞ্জস্যপূর্ণ বিকাশ হয়।

২। ইন্দ্রিয়জনিত বা সংবেদনাত্মক শিক্ষা (Sensory Education): মণ্টেছৰীয়ে পঞ্চইন্দ্ৰিয়াৰ জৰিয়তে জ্ঞান লাভৰ পোষকতা কৰিছিল। জ্ঞানেন্দ্ৰিয়ৰ বাবে তেওঁলোকে কিছুমান ‘আত্মনির্দেশমূলক সঁজুলি’ (Didactic Apparatus) ৰ প্ৰস্তুত কৰি লৈছিল। এনে সঁজুলিয়ে শিশুৰ সংবেদনাত্মক অনুভূতি জাগ্ৰত কৰি তুলিব পাৰে। আত্মনিৰ্দেশমূলক সঁজুলি যেনে— কাঠৰ টুকুৰা, চিলিণ্ডাৰ, সৰু বাকচ, ঘনক, পেঞ্চিল, পুতলা আদি। এনে সঁজুলিবোৰে শিশুৰ পঞ্চ ইন্দ্ৰিয়ৰ সংবেদন জাগ্ৰত কৰে আৰু প্ৰত্যক্ষ জ্ঞান অর্জন কৰাত সহায় কৰে। আত্মনিৰ্দেশমূলক সঁজুলিৰ সহায়ত শিক্ষাৰ্থীক পঞ্চ ইন্দ্ৰিয়ৰ জ্ঞান প্ৰদান কৰোতে তলত উল্লেখ কৰা দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। যেনে- আনুষংগিক পদ্ধতি, চিনাক্তকৰণ পদ্ধতি আৰু স্মৰণ পদ্ধতি। শিশুক সংবেদনাত্মক শিক্ষাইহে প্ৰকৃত শিক্ষা প্ৰদানত সহায় কৰে।

৩। ভাষা আৰু গণিত শিক্ষা (Language and Arithmetic Teaching): ইন্দ্রিয় প্ৰশিক্ষণৰ দৰে ভাষা আৰু গণিত বিষয়ৰ জ্ঞান প্ৰদান কৰোতেও কিছুমান আত্মনির্দেশমূলক সঁজুলিৰ ব্যৱহাৰ কৰা হয়। ইয়াত শিশুক পঢ়িবলৈ শিকোৱাৰ আগতে লিখিবলৈ শিকাব লাগে। শিশুক লিখিবলৈ শিকাওতে তলত দিয়া দিশৰ ওপৰত গুৰুত্ব দিব লাগে। যেনে— 

(ক) বৰ্ণমালাৰ আকাৰৰ সৈতে চিনাকি (Recognition of the forms of Letters).

(খ) ধ্বনি উচ্চাৰণৰ শিক্ষণ (Learning of Phonetic Sounds).

(গ) কলমৰ নিয়ন্ত্ৰণ (Control of Pen).

মন্টেছৰীৰ মতে, শিশুক লিখিবলৈ আৰু পঢ়িবলৈ শিকোৱাৰ পাছতহে গণনা কৰিবলৈ শিকাৱ লাগে। গণিতৰ শিক্ষা প্ৰদান কৰিবলৈ আত্মনিৰ্দেশনমূলক সঁজুলিৰ ব্যৱহাৰ কৰা হয়। এনে সঁজুলিৰ প্ৰয়োগে শিশুক যোগ, বিয়োগ, পূৰণ আৰু হৰণৰ জ্ঞানো সহজে লাভ কৰে।

১২। মন্টেছৰী পদ্ধতিৰ সুবিধাসমূহ উল্লেখ কৰা। (Mention the Merits of Montessori Method.) 

উত্তৰঃ খেলাভিত্তিক পদ্ধতিৰ এটা জনপ্ৰিয় পদ্ধতি হিচাপে মণ্টেছৰী পদ্ধতিৰ কিছুমান গুণ বা সুবিধাসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) শিশুৰ পূৰ্ণ স্বাধীনতাৰ প্ৰতি সমর্থন (Support on Full Freedom): মণ্টেছৰী শিক্ষাদান পদ্ধতিত শিশুক পূর্ণ স্বাধীনতাৰে সুপ্ত প্রতিভাৰ বিকাশ সাধনত যথেষ্ট গুৰুত্ব দিয়ে।

(খ) জ্ঞাননেন্দ্ৰিয়ৰ অনুশীলনত প্ৰাধান্য (Importance on Training of Sense Organ): মণ্টেছৰীয়ে শিশুৰ জ্ঞানেন্দ্ৰিয়ৰ অনুশীলনত প্ৰাধান্য দিছিল। জ্ঞানেন্দ্ৰিয়ৰ জৰিয়তে শিক্ষা প্ৰদানৰ ফলত শিশুক মূৰ্ত বিষয়ৰ জ্ঞান সহজে প্ৰদান কৰিব পাৰি।

(গ) মুক্ত অনুশাসন ( Free Discipline): মণ্টেছৰীয়ে তেওঁৰ শিক্ষাদানত মুক্ত অনুশাসনৰ পোষকতা কৰিছিল। মুক্ত অনুশাসনে স্বাধীনতা সহকাৰে কৰ্ম কৰাৰ প্ৰেৰণা যোগায়।

(ঘ) ব্যক্তিগত বৈষম্যৰ প্ৰতি গুৰুত্ব প্রদান (Emphasis on Individual Difference): মণ্টেছৰীয়ে ব্যক্তিগত বৈষম্যৰ আধাৰত শিক্ষা প্ৰদানৰ পোষকতা কৰিছিল। এই পদ্ধতিৰে শিক্ষাদান কৰিলে শিশুৰ বুদ্ধ্যংক অনুসৰি জ্ঞান প্ৰদানত সহায়ক হয়।

(ঙ) শিশুৰ ব্যক্তিত্বৰ প্ৰতি শ্ৰদ্ধা প্রদর্শন (Emphasis on Children Personality): মণ্টেছৰী পদ্ধতিত শিশুসকলৰ ব্যক্তিত্বক শ্ৰদ্ধা আৰু সন্মান জনাই তেওঁলোকক সুস্থভাৱে লালন – পালন কৰাত গুৰুত্ব দিছিল।

(চ) বিজ্ঞানসন্মত শিক্ষা প্রদান (Emphasis on Scientific Education): মণ্টেছৰীয়ে তেখেতৰ শিক্ষাদান পদ্ধতিত বিজ্ঞানসন্মত ধাৰণা দিব বিচাৰিছিল। মণ্টেছৰী এগৰাকী সু – চিকিৎসক হোৱা বাবে নিৰীক্ষণ, পর্যবেক্ষণ তথা বিজ্ঞানসন্মত কৌশলৰ প্রয়োগেৰে জ্ঞান প্ৰদানৰ পোষকতা কৰিছিল।

(ছ) মনোবৈজ্ঞানিক সত্যৰ ওপৰত প্ৰতিষ্ঠিত (Based on Psychological Truth): মণ্টেছৰী শিক্ষাদান পদ্ধতিটো মনোবিজ্ঞানৰ ওপৰত প্ৰতিষ্ঠিত। এই পদ্ধতিত শিশুৰ ৰুচি, অভিৰুচি, আশা – আকাঙ্খাক প্রাধান্য দিয়া হয়।

(জ) শিক্ষকগৰাকীৰ ভূমিকা বন্ধু, দার্শনিক আৰু পথ – প্রদর্শক স্বৰূপ (Role of Teacher is Friend, Philosopher and Guide): এই পদ্ধতিত শিক্ষকৰ ভূমিকা বৰ গুৰুত্বপূর্ণ। শিক্ষক এগৰাকীয়ে বন্ধু, দার্শনিক আৰু পথ – প্রদর্শকস্বৰূপে নিজৰ ভূমিকা পালন কৰে।

(ঝ) মণ্টেছৰী শিক্ষাদান পদ্ধতিত ব্যক্তিকেন্দ্রিক ও সামাজিক লক্ষ্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় (Importance is Given on both Individualistic and Socialistic Aims)।

১৩। মন্টেছৰী পদ্ধতিৰ সীমাবদ্ধতাসমূহ উল্লেখ কৰা। (Mention the Limitations of Montessori Method of Teaching.)

উত্তৰঃ মন্টেছৰী শিক্ষাদান পদ্ধতি এটি জনপ্রিয় খেলাভিত্তিক শিক্ষাদান পদ্ধতি। এই পদ্ধতিৰ যথেষ্ট গুৰুত্ব আছে। এই পদ্ধতিৰ সুবিধাসমূহ থাকিলেও বহুতো অসুবিধা থকা দেখা যায়।

মন্টেছৰী শিক্ষাদান পদ্ধতিৰ অসুবিধাসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) মণ্টেছৰী শিক্ষাদান পদ্ধতিত ইন্দ্ৰিয় প্ৰশিক্ষণৰ ওপৰত অধিক হেঁচা প্ৰয়োগ কৰা দেখা যায়।

(খ) এই পদ্ধতি বাধাগ্রস্থ বা অনুন্নত শিশুসকলৰ বাবেহে উপযোগী এক শিক্ষাদান পদ্ধতি।

(গ) এই পদ্ধতি যথেষ্ট ব্যয়বহুল পদ্ধতি। মণ্টেছৰী পদ্ধতিৰে শিক্ষাদানৰ ব্যৱস্থা কৰিবলৈ সকলো লোকে ব্যয় কৰিব নোৱাৰে।

(ঘ) এই পদ্ধতিত যান্ত্ৰিক সঁজুলিৰ প্ৰয়োগ কৰি শিক্ষা প্ৰদান কৰা বাবে শিশুৱে প্রকল্প বা সহসম্বন্ধৰ যোগেদি জ্ঞান লাভ কৰিব নোৱাৰে। 

(ঙ) উপযুক্ত প্রশিক্ষণপ্রাপ্ত শিক্ষকৰ অভাৱ।

(চ) উক্ত পদ্ধতিৰে শিক্ষাদান কৰিলে মনোবৈজ্ঞানিক দিশতকৈ জৈৱিক দিশত বেছি প্ৰাধান্য দিয়া হয়।

(ছ) ইয়াত আত্মনিৰ্দেশনামূলক সঁজুলিৰ অধিক প্ৰয়োগ হোৱা বাবে শিক্ষকে নিজস্ব দৃষ্টিভঙ্গী আগবঢ়াব নোৱাৰে।

(জ) সাধুকথা বা নীতিকথাৰ প্ৰয়োগেৰে শিক্ষাদান কৰা বাবে কেতিয়াবা শিশুসকলে কিছুমান নীতিক স্বীকাৰ কৰিবলৈ অসমৰ্থ হয়।

(ঝ) জ্ঞানেন্দ্ৰিয়ৰ প্ৰশিক্ষণত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা হয়।

১৪ মণ্টেছৰী আৰু কিণ্ডাৰগার্টেন শিক্ষা পদ্ধতিৰ মাজত থকা সাদৃশ্যবোৰৰ বিষয়ে আলোচনা কৰা। (Discuss the similarities between Montessori and the kindergarten education system.) 

উত্তৰঃ মন্টেছৰী আৰু কিণ্ডাৰগার্টেন শিক্ষা পদ্ধতিৰ মাজত কিছু সাদৃশ্য থকা দেখিবলৈ পোৱা যায়। যেনে―

(ক) শিশুসকলৰ উপযোগী শিক্ষাদান পদ্ধতি (Useful Method for Children): কিণ্ডাৰগার্টেন আৰু মন্টেছৰী পদ্ধতি শিশুসকলৰ বাবে অতি উপযোগী শিক্ষাদান পদ্ধতি। এনে পদ্ধতিৰে প্ৰাক্ – প্রাথমিক স্তৰৰ শিক্ষা প্ৰদান কৰা হয়।

(খ) বয়স (Age): এই দুয়োটা পদ্ধতিতেই ৩ – ৭ বছৰ বয়সৰ শিশুক শিক্ষা প্ৰদানৰ ওপৰত গুৰুত্ব দিয়া হয়।

(গ) শিক্ষা হৈছে অন্তৰ্নিহিত গুণাৱলীৰ বিকাশ (Education is the Development of Inner – Quality): কিণ্ডাৰগার্টেন আৰু মন্টেছৰী উভয়া পদ্ধতিতেই শিশুসকলৰ অন্তর্নিহিত গুণাৱলীৰ বিকাশত প্ৰাধান্য দিয়া হয়।

(ঘ) অনুকূল পৰিৱেশ প্ৰদান (Provide Suitable Environment): উভয় শিক্ষাদান পদ্ধতিত শিশুসকলৰ উপযোগী অনুকূল পৰিৱেশ সৃষ্টিৰ ওপৰত প্ৰাধান্য দিয়া হয়।

(ঙ) শিশুসকলক শ্ৰদ্ধা আৰু স্নেহ প্রদর্শন (Give Respect and Love to Children): উভয় পদ্ধতিতেই শিক্ষকগৰাকীয়ে শিশুৰ প্ৰতি শ্ৰদ্ধা আৰু স্নেহ প্ৰদৰ্শনেৰে শিশুৰ স্বতঃস্ফূর্ত বিকাশৰ ওপৰত গুৰুত্ব কৰিছিল।

(চ) জ্ঞানেন্দ্রিয় প্রশিক্ষণ গুৰুত্ব (Importance on Sense Training): উভয় পদ্ধতিতেই জ্ঞানেন্দ্রিয় প্ৰশিক্ষণত গুৰুত্ব আৰোপ কৰা হয়।

(ছ) স্ব-শিক্ষা / আত্মশিক্ষা (Sense – Learning / Auto – Learning): উভয় পদ্ধতিতেই শিশুসকলক আত্মশিক্ষা বা স্ব – শিক্ষা প্ৰদানৰ পোষকতা কৰা হৈছিল। শিশুসকলক বাহ্যিক শিক্ষাৰে শিক্ষিত কৰাৰ পৰিৱৰ্তে স্ব – শিক্ষা অতি প্রয়োজনীয় শিক্ষা।

(জ) শিক্ষকগৰাকী এজন নির্দেশকস্বৰূপ (Teacher Act as a Guide): উভয় প্রকাৰৰ শিক্ষাদানতেই শিক্ষকজন এগৰাকী নির্দেশকস্বৰূপ।

(ঝ) সঁজুলিৰ পূৰ্ণ ব্যৱহাৰ (Full Use of Teaching Materials): উভয় প্ৰকাৰৰ শিক্ষাদানতেই সঁজুলিৰ ব্যৱহাৰ পূৰ্ণ ৰূপত কৰাৰ ওপৰত প্ৰাধান্য দিয়া হয়।

(ঞ) সার্বজনীনতা (Universal): উভয় পদ্ধতিতেই ই শিশু শিক্ষাৰ বাবে সার্বজনীন।

১৫। কিণ্ডাৰগার্টেন আৰু মণ্টেছৰী পদ্ধতি দুটাৰ মাজত থকা বৈসাদৃশ্যসমূহ উল্লেখ কৰা। (Discuss the difference between Montessori and the kindergarten education system.)

উত্তৰঃ কিণ্ডাৰগার্টেন আৰু মণ্টেছৰী পদ্ধতি দুটাৰ মাজত বৈসাদৃশ্য থকাও দেখা পোৱা দুয়োটা পদ্ধতিৰ বৈসাদৃশ্যসমূহ হ’ল—

বিষয়বস্তু (Contents)কিণ্ডাগাৰর্টেন পদ্ধতি (Kindergarten Method)মণ্টেছৰী পদ্ধতি (Montessori Method)
ভিত্তিকিণ্ডাৰগার্টেন পদ্ধতি আদর্শবাদী দার্শনিক ফ্ৰবেলৰ দৰ্শনৰ ওপৰত প্রতিষ্ঠিত।মণ্টেছৰী পদ্ধতি মণ্টেছৰী নামৰ চিকিৎসক গৰাকীৰ বৈজ্ঞানিক জ্ঞানৰ আধাৰত প্রতিষ্ঠিত।
সামাজিক বিকাশকিণ্ডাৰগার্টেন শিশুৰ দলীয় কাৰ্য্যৰ মাজেদি সামাজিক বিকাশত গুৰুত্ব দিয়া হয়। পোষকতা কৰিছিল।মণ্টেছৰী পদ্ধতিত শিক্ষাৰ ব্যক্তিগত কাৰ্য্যকলাপৰ মাজেদি শিক্ষা দিয়াৰ।
শিক্ষাদানৰ প্ৰকৃতিশ্রেণীকক্ষৰ শিক্ষাদানত (Classroom teaching) ত অধিক প্রাধান্য দিয়া হয়।ব্যক্তিগত শিক্ষণ (Individual learning) ক অধিক গুৰুত্ব দিয়া হয়।
সময়সূচীশিক্ষাদানৰ বাবে নিৰ্দিষ্ট সময়সূচীৰ প্ৰস্তুত কৰা হয়।ইয়াত কোনো পূৰ্বনিৰ্ধাৰিত সময়সূচী নাথাকে।
ইন্দ্ৰিয় প্ৰশিক্ষণইন্দ্ৰিয় প্ৰশিক্ষণৰ বাবে উপহাৰ (Gift) প্ৰদানৰ ব্যৱস্থা কৰা হয়।ইয়াত আত্মনির্দেশনামূলক সঁজুলি প্ৰদানৰ পোষকতা কৰে। সঁজুলিৰ যোগেদি (Didactic tic Apparatus) ইন্দ্রিয় প্ৰশিক্ষণত গুৰুত্ব দিয়া হয়।
খেলৰ প্ৰৱণতাশিশুৰ মনত খেলাৰ প্ৰৱণতা গঢ়ি তুলিবলৈ সকলোবোৰ পাঠ সংগীত, দৈহিক অংগী – ভংগী তথা সঞ্চালনৰ যোগেদি প্ৰদান কৰা হয়।মণ্টেছৰী পদ্ধতিত আত্ম সংশোধনমূলক সঁজুলিৰ যোগেদি শিক্ষা আহৰণত অধিক গুৰুত্ব প্ৰদান কৰা হয়। 
কামৰ প্ৰকৃতিকিণ্ডাৰগার্টেন পদ্ধতিত শিক্ষার্থীয়ে বাগিচা কৰা, প্রকৃতি অধ্যয়ন, মাটিৰ আৰ্হি বনোৱা আদি হস্তচালিত কামক অধিক গুৰুত্ব প্ৰদান কৰে।মণ্টেছৰী পদ্ধতিত হস্তচালিত কৰ্মৰ পৰিৱৰ্তে দৈনন্দিন জীৱনৰ কৰ্ম সম্পাদনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
শিককৰ ভূমিকাশিক্ষকৰ ভূমিকা এগৰাকী নেতাস্বৰূপ (as leader)। এই নেতাগৰাকীয়ে শিশুসকলক নির্দেশনা প্রদান কৰিব লাগে।শিক্ষকৰ ভূমিকা নিৰ্দেশিকা বা সঞ্চালিকা (Directress) স্বৰূপ। তেওঁক শিক্ষার্থীক আত্মনিৰ্দেশনামূলক সঁজুলিৰ যোগান ধৰে আৰু পর্যবেক্ষক হিচাপে শিশুক সহায় কৰে। 
সঁজুলিৰ প্ৰয়োগ এই পদ্ধতিৰে শিক্ষাদান কৰিবলৈ বেছি ব্যয় নহয় বাবে বিদ্যালয় স্থাপন কৰি শিক্ষাদান কৰিব পাৰি।মণ্টেছৰী পদ্ধতিত ব্যৱহাৰ কৰা সঁজুলিবোৰ যথেষ্ট ব্যয়বহুল বাবে বিদ্যালয় স্থাপন কৰি শিক্ষাদান কৰিবলৈ সকলোৰে বাবে সহজসাধ্য নহয়।
সম্পূর্ণতাইয়াত লিখা – পঢ়া আৰু গণনাত বেছি গুৰুত্ব দিয়া নহয় বাবে ই অসম্পূৰ্ণ হৈ ৰয়।মণ্টেছৰী পদ্ধতিত খেলাৰ উপৰি শিক্ষণীয় সঁজুলিৰ জৰিয়তে লিখা – পঢ়া আৰু গণনা কৰা শিক্ষাও প্ৰদান কৰা হয়।
কল্পনা প্ৰৱনএই পদ্ধতিৰে শিক্ষাৰ্থীৰ কল্পনা প্ৰৱণতাৰ বিকাশৰ বাবে সাধুকথা, গল্প আদিৰ সহায় লোৱা হয়।কিন্তু মণ্টেছৰী পদ্ধতিত শিশুক অপেশ্বৰী, জলকুঁৱৰীৰ সাধুৰে শিক্ষা আহৰণত গুৰুত্ব প্ৰদান কৰা নহয়। এনেধৰণৰ কল্পনা প্ৰৱণ শিক্ষাই শিশুৰ প্ৰগতিত বাধা জন্মাব পাৰে।

১৬। খেলাভিত্তিক পদ্ধতিৰে প্ৰদান কৰা ডেল্টন পৰিকল্পনাৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা। (Discuss the characteristic of Dalton plan.) 

উত্তৰঃ খেলাভিত্তিক পদ্ধতিৰে প্ৰদান কৰা ডেল্টন পৰিকল্পনাৰ বৈশিষ্ট্যবোৰ হ’ল—

(ক) পূৰ্ণ স্বাধীনতাৰ নীতি (Principle of Complete Freedom): মিচ্ পাৰ্খাষ্টে শিশুসকলৰ বিকাশৰ বাবে পূৰ্ণ স্বাধীনতাৰ নীতিক সমৰ্থন কৰিছিল। পূৰ্ণ স্বাধীনতাৰে শিশুৰ ৰুচি – অভিৰুচি, আশা – আকাঙ্খাৰ ওপৰত ভিত্তি কৰি শিক্ষাদান কৰাৰ পোষকতা কৰিছিল।

(খ) আত্মশিক্ষাৰ নীতি (Principle of Self – Education): আত্মশিক্ষাৰ নীতি পাৰ্খাষ্টেৰ শিক্ষাদানৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। আনুষ্ঠানিক শিক্ষাৰ ঠেক গণ্ডীৰ মাজত থাকি শিক্ষা গ্রহণ কৰাতকৈ শিশুসকলে নিজৰ আগ্ৰহ, ইচ্ছা, অভিৰুচি বা ক্ষমতা অনুসৰি শিক্ষাদানৰ ব্যৱস্থা কৰিছিল। শিশুৱে নিজৰ সমস্যাসমূহৰ সমাধান কৰি পৰৱৰ্তী সমস্যাসমূহৰ সমাধানৰ পথ আত্মপ্ৰচেষ্টাৰে বাচি ল’ব লাগে।

(গ) শিশুকেন্দ্রিক শিক্ষা (Child – Centric Education): ডেল্টন পৰিকল্পনাৰ আন এটা বৈশিষ্ট্য হ’ল শিশুকেন্দ্রিক শিক্ষাক প্রাধান্য দিয়া। শিক্ষককেন্দ্রিক নীতিৰ বিৰোধিতা কৰি পাৰ্খাষ্টে শিশুসকলৰ ব্যক্তিগত বৈষম্য অনুসৰি শিক্ষাদানৰ পোষকতা কৰিছিল।

(ঘ) সামাজিক শিক্ষা (Social Education): মিচ্ পার্খাষ্টে ব্যক্তিকেন্দ্রিক শিক্ষাদানৰ পোষকতা কৰিলেও শিক্ষাৰ্থীৰ সামাজিক বিকাশত গুৰুত্ব আৰোপ কৰিছিল। সেয়েহে, তেওঁ সামাজিক বিকাশৰ বাবে দলীয় কাৰ্য্য যেনে— খেল – ধেমালি, নাটক, আবৃত্তি, সন্মিলন, আলোচনা চক্র আদি অনুষ্ঠিত কৰি শিক্ষাৰ্থীক অংশগ্ৰহণ কৰিবলৈ উৎসাহ যোগাইছিল।

(ঙ) মনোবৈজ্ঞানিক মনোভাৱৰ বিকাশ সাধন (Development of Psychological Attitude): মিচ্‌ পাৰ্থাষ্টে প্ৰদান কৰা শিক্ষা আঁচনিখন মনোবিজ্ঞানসন্মত। অর্থাৎ এই পৰিকল্পনাখনে শিশুসকলৰ সৰ্বাঙ্গীন দিশৰ বিকাশ হোৱাকৈ শিশুক বুজি পাব লাগে।

(চ) শিক্ষকগৰাকী পথ – প্রদর্শকস্বৰূপ (The Teacher Acts as a Guide): ডেল্টন পৰিকল্পনাৰ শিক্ষাদান পদ্ধতিত শিক্ষকৰ ভূমিকা অতি গুৰুত্বপূর্ণ। শিক্ষকজন শিক্ষাৰ্থীৰ বাবে পথ – প্রদর্শকস্বৰূপ। শিক্ষকজনে শিশুৰ বিকাশৰ ক্ষেত্ৰত প্ৰত্যক্ষ হস্তক্ষেপ কৰিব নালাগে। শিক্ষার্থীয়ে শিক্ষা আহৰণৰ সময়ত পোৱা জটিলতাবোৰৰ সমাধানৰ ক্ষেত্ৰত উচিত নির্দেশনাহে শিক্ষকে প্ৰদান কৰা উচিত। গতিকে, ডেল্টন পৰিকল্পনাৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে শিক্ষকজন এজন বন্ধু, দার্শনিক আৰু পথ – প্ৰদৰ্শকস্বৰূপ।

১৭। ডেল্টন পৰিকল্পনাৰ শৈক্ষিক আঁচনিসমূহৰ বিষয়ে বহলাই আলোচনা কৰা। (Discuss about the Programmes of Education under Dalton Plan.)

উত্তৰঃ প্ৰচলিত শিক্ষা ব্যৱস্থাৰ বিৰোধিতা কৰি মিচ্‌ পার্থাষ্টে খেলাভিত্তিক শিক্ষাপ্ৰদানৰ পোষকতা কৰি শিশুকেন্দ্ৰিক শিক্ষালৈ যথেষ্ট অৱদান আগবঢ়াইছে।

এই পৰিকল্পনাৰ অন্তৰ্গত কাৰ্য্যসমূহ হ’ল―

(ক) চুক্তি (Contract): মিচ্ হেলেন পাৰ্খাষ্টে শিক্ষাদান পদ্ধতিত শিক্ষণীয় বিষয়সমূহৰ না পূৰ্বনিৰ্ধাৰণ কৰা হয়। এই পদ্ধতিত শিক্ষকে শৈক্ষিক বৰ্ষটোত অধ্যয়ন কৰিবলগা বিষয়সমূহ নিজৰ শৈক্ষিক সময়সীমাৰ ভিতৰত সমাপ্ত কৰিবলৈ শিক্ষার্থীয়ে চুক্তিবদ্ধ কৰি সাক্ষৰ প্ৰদান কৰে। অৰ্থাৎ শৈক্ষিক বৰ্ষটোৰ ভিতৰত কিছুমান কাম সম্পাদন কৰিব বুলি কৰা প্ৰতিজ্ঞাই হৈছে চুক্তি (Contract)।

(খ) নিৰ্দ্ধাৰিত কৰ্ম (Assignment): ডেল্টন পৰিকল্পনা মতে শৈক্ষিক বৰ্ষৰ অধ্যয়ন কৰিবলগীয়া বিষয়সমূহৰ চুক্তি অনুসৰি সেই চুক্তিসমূহক মাহ হিচাপত সৰু সৰু খণ্ড আকাৰে কাম সম্পাদন কৰিবলৈ দিয়া হয়। প্রত্যেক মাহত সম্পাদন কৰিবলগীয়া কাৰ্য্যসমূহক নিৰ্ধাৰিত কর্ম (Assignment) বুলি কোৱা হয়। শিশুসকলে প্রথমে নিৰ্ধাৰিত কৰ্ম সম্পাদন কৰিব পাৰিলেহে পৰৱৰ্তী কৰ্ম কৰিবলৈ দিয়া হয়। গতিকে, শিক্ষার্থীয়ে চুক্তিমতে ১২ মাহত ১২ টা নিৰ্ধাৰিত কৰ্ম সম্পাদন কৰিবলগীয়া হয়।

(গ) একক (Unit): ডেল্টন পৰিকল্পনা মতে প্রত্যেক মাহতে কৰিবলগীয়া কামক প্ৰত্যেক সপ্তাহেৰে প্ৰত্যেক দিনৰ বাবে পৰিকল্পিতভাৱে কিছুমান কামৰ ভাগ কৰি সম্পাদন কৰাকে একক (Unit) বুলি কোৱা হয়। শিক্ষাৰ্থীয়ে নিৰ্দ্ধাৰিত সময়খিনিৰ নিজৰ কাম সম্পাদন কৰাটোহে শিক্ষকৰ প্ৰধান কাম।

(ঘ) পৰীক্ষাগাৰ বা প্ৰয়োগশালা (Laboratory): ডেল্টন পৰিকল্পনা অনুসৰি শিক্ষার্থীক আত্মপ্ৰচেষ্টাৰে শিক্ষা আহৰণত গুৰুত্ব প্ৰদান কৰি শ্ৰেণীকক্ষসমূহক বিষয়কক্ষলৈ ৰূপান্তৰ কৰি শিক্ষা প্ৰদান কৰা উচিত। সেই শ্রেণী কক্ষসমূহেও গৱেষণাগাৰৰ ৰূপ লয়। প্ৰতিটো গৱেষণাগাৰত শিক্ষাৰ্থীৰ প্ৰয়োজন অনুযায়ী শিক্ষণীয় সঁজুলি আৰু বিশেষজ্ঞ শিক্ষকৰ নিয়োগ কৰিব লাগে।

(ঙ) সমাৱেশ আৰু সন্মিলন (Assembly and Conference): ডেল্টন পৰিকল্পনাত শিক্ষার্থীসকলে বিদ্যালয় আৰম্ভ হোৱাৰ আগতেই একেলগ হৈ আৱশ্যকীয় দিহা – পৰামৰ্শৰে কৰ্ম সম্পাদনৰ দিশে অগ্ৰসৰ হয়। পৰীক্ষাগাৰ বা শ্ৰেণীকক্ষত প্ৰৱেশ কৰি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰি নিজৰ অভিজ্ঞতাসমূহ আদান – প্ৰদান কৰে। এনেধৰণৰ সমাবেশ আৰু আলোচনাৰ জৰিয়তে শিশুৰ সামাজিকীকৰণত সহায় হয়। ৰাতিপুৱাৰ সমাবেশৰ অন্তত এঘণ্টা সময় শিক্ষার্থীয়ে জিৰণি লয়। দ্বিতীয় সমাবেশত শিক্ষার্থীয়ে খেলা – ধূলা বা দৈহিক অনুশীলনত ব্যস্ত থকা দেখা যায়। এনেদৰে মিচ্ পার্খাষ্টেৰ ডেল্টন পৰিকল্পনাত দৈনিক কাৰ্য্যসমূহৰ অনুশীলনত প্রাধান্য দিয়া হয়।

(চ) ৰেখাচিত্ৰ (Graph): প্রচলিত শিক্ষাব্যৱস্থাৰ দৰে পৰীক্ষাৰ বিৰোধিতা কৰি ‘ডেল্টান পৰিকল্পনাত’ শিক্ষাৰ্থীৰ শৈক্ষিক কৃতিত্বৰ মূল্যায়ন কৰিবলৈ ৰেখাচিত্ৰ (Graph) ৰ সহায়ত অগ্ৰগতিৰ তালিকা (Record Card) প্রস্তুত কৰা হয়। এনেধৰণৰ তালিকাৰ সহায়ত শিক্ষার্থীৰ অগ্রগতি সম্বন্ধে জ্ঞান লাভত সহায়ক হয়।

১৮। ডেল্টন পৰিকল্পনাৰ গুণাবলী / সুবিধাসমূহ উল্লেখ কৰা। (Mention the Advantages / Merits of Dalton Plan.) 

উত্তৰঃ মিচ্ হেলেন পাৰ্থাষ্টে উদ্ভাৱন কৰা ‘ডেল্টন পৰিকল্পনা’ অনুসৰি প্ৰদান কৰা খেলাভিত্তিক শিশুকেন্দ্ৰিক শিক্ষাৰ সুবিধা তলত উল্লেখ কৰা হ’ল―

(ক) ডেল্টন পৰিকল্পনাৰ শিক্ষাদান স্বাধীনতা নীতিৰ ওপৰত প্ৰতিষ্ঠিত (Based on Freedom Principle): এই পদ্ধতিৰে শিক্ষাদান কৰিলে শিশুৱে পূৰ্ণ স্বাধীনতা লাভ কৰে।

(খ) আত্মপ্ৰচেষ্টাৰ প্ৰাধান্য (Self – Effort Predominant): ডেল্টন পৰিকল্পনা ই অনুসৰি শিক্ষাৰ্থীক আত্ম – প্ৰচেষ্টাৰে শিক্ষাৰ সমস্যাৰ সমাধান কৰাত গুৰুত্ব আৰোপ কৰা হয়। 

(গ) আত্ম – মূল্যায়নৰ সুবিধা (Advantages of Self – Evaluation): ডেল্টন পৰিকল্পনা অনুযায়ী শিক্ষাদানৰ কৰিলে শিক্ষাৰ্থীৰ শৈক্ষিক কৃতিত্বৰ বাবে ৰেখাচিত্ৰৰ সহায় লোৱা হয়।

(ঘ) সার্বজনীন এক শিক্ষা আঁচনি ( Universal Teaching Programme): এই পৰিকল্পনা অনুসৰি এই পৰিকল্পনাখন প্রত্যেক শিশুৰ বাবে উপযোগী শিক্ষা আঁচনি। ইয়াত উচ্চ বুদ্ধিসম্পন্ন, ক্ষীণ বুদ্ধি, প্রতিভাসম্পন্ন শিশু, সৃজনীশীল শিশু অর্থাৎ সকলো শিশুৰ বাবে উপযুক্ত সার্বজনীন শৈক্ষিক পৰিকল্পনা।

(ঙ) সামাজিক বিকাশ ( Social Development): ডেল্টন পৰিকল্পনা অনুসৰি ব্যক্তিভিত্তিক শিক্ষা প্রদান কৰিলেও বিভিন্ন কাৰ্য্যসূচীৰ জৰিয়তে সামাজিক বিকাশত গুৰুত্ব প্ৰদান কৰা হয়। যেনে— অভিনয়, আলোচনা সভা, তর্ক প্রতিযোগিতা আদি।

(চ) গৃহকর্মসমূহ শিক্ষাৰ্থীৰ ইচ্ছা অনুসৰি সম্পাদন কৰাত গুৰুত্ব প্ৰদান (Emphasis the Importance of Performing Homework According to the Wishes of the Students): প্রচলিত শিক্ষা ব্যৱস্থাৰ গৃহকৰ্মৰ বিৰোধিতা কৰি মিচ্ পাৰ্খাষ্টে প্ৰৱৰ্তন কৰা শিক্ষা পৰিকল্পনাখনত শিশুৰ গৃহ কৰ্মৰ ব্যৱস্থা থাকিলেও শিশুৰ বাবে তেনে কর্ম বাধ্যতামূলক নহয়। বৰং তেনেবোৰ কৰ্ম শিশুৰ ইচ্ছা অনুসৰিহে কৰাত গুৰুত্ব প্ৰদান কৰা হয়।

(ছ) শিক্ষকৰ ভূমিকা বন্ধু, দাৰ্শনিক আৰু পথপ্ৰদৰ্শকস্বৰূপ (Role of the Teacher is Friend, Philosopher and Guide): ডেল্টন পৰিকল্পনাত শিক্ষকৰ প্ৰত্যক্ষ ভূমিকাৰ পৰিৱৰ্তে শিক্ষাৰ্থীৰ বাবে তেওঁ এজন বন্ধু – দার্শনিক আৰু পথ – প্ৰদৰ্শকস্বৰূপ।

(জ) গণতান্ত্ৰিক প্ৰকৃতিৰ শিক্ষা (Education of Democratic Nature): ডেল্টন পৰিকল্পনাৰ শিক্ষা এক গণতান্ত্ৰিক প্ৰকৃতিৰ শিক্ষা। কিয়নো, ইয়াত শিক্ষাৰ্থীৰ ব্যক্তিস্বাধীনতা, বিষয়শিক্ষকৰ ব্যৱস্থা, মূল্যায়ন ব্যৱস্থা, শিক্ষকৰ ভূমিকা আদিত গণতন্ত্ৰৰ নীতিৰ আধাৰত প্রতিষ্ঠিত। অর্থাৎ সমতা, ন্যায়, স্বাধীনতা, ভাতৃত্ববোধ আদিৰ দিশৰ বিকাশত গুৰুত্ব আৰোপ কৰা হয়।

(ঝ) ব্যক্তিকেন্দ্রিক শিক্ষাদান প্রণালী হিচাপে এই পৰিকল্পনাই শিশুৰ ব্যক্তিগত বৈষম্যৰ প্ৰতি গুৰুত্ব আৰোপ কৰি শিক্ষাদানত প্ৰাধান্য দিয়া হয়।

(ঞ) ডেল্টন পৰিকল্পনা অনুসৰি প্ৰদান কৰা শিক্ষাদান পদ্ধতিত শিশুৰ পূৰ্ণবিকাশৰ বাবে স্বাধীনতা প্রদানত গুৰুত্ব দিয়া হয়।

১৯। ডেল্টন পৰিকল্পনাৰ সীমাবদ্ধতা / দোষসমূহ উল্লেখ কৰা। (Mention the Limitations / Demerits of Dalton Plan.) 

উত্তৰঃ ডেল্টন পৰিকল্পনাৰ কিছুমান অসুবিধা তলত উল্লেখ কৰা হ’ল―

(ক) ব্যয়বহুল পৰিকল্পনা (Expansive Plan): ডেল্টন পৰিকল্পনাখন এক ব্যয়বহুল শিক্ষা পৰিকল্পনা। শিক্ষার্থীসলৰ বাবে উপযুক্ত সঁজুলিৰে ভৰপুৰ পৰীক্ষাগাৰৰ ব্যৱস্থাৰ বাবে যথেষ্ট অৰ্থৰ প্ৰয়োজন হয়।

(খ) ব্যক্তিকেন্দ্রিক পৰিকল্পনা (Individualistic Plan): ডেল্টন পৰিকল্পনা এক ব্যক্তিকেন্দ্ৰিক পৰিকল্পনা। ব্যক্তিকেন্দ্রিক পৰিকল্পনাৰ জৰিয়তে শিক্ষাৰ্থীৰ উচিত সামাজিক বিকাশ হৈ নুঠিবও পাৰে।

(গ) সহযোগিতাৰ অভাৱ (Lack of Cooperation): এই পৰিকল্পনা মতে বিশেষজ্ঞ শিক্ষকে প্ৰদান কৰা বিভিন্ন বিষয়ৰ মাজত সহ – সম্বন্ধ ৰক্ষা কৰা নহয়। গতিকে, বিষয়বস্তুৰ মাজত সহ – সম্বন্ধৰ অভাৱ ঘটা দেখা যায়। এই পৰিকল্পনাত শিক্ষার্থীৰ শাৰীৰিক আৰু সাংস্কৃতিক দিশৰ বিকাশৰ সুযোগ প্ৰদানত গুৰুত্ব আৰোপ কৰা নহয়।

(ঘ) প্রশিক্ষণপ্রাপ্ত শিক্ষকৰ অভাৱ (Lack of Trained Teacher): ডেল্টন পৰিকল্পনা শিশুৰ ব্যক্তিগত বৈষম্যৰ আধাৰত প্ৰস্তুত বাবে উপযুক্ত প্রশিক্ষণপ্রাপ্ত শিক্ষকেহে শিক্ষা প্ৰদান কৰিব পাৰে। কিন্তু এই পৰিকল্পনাৰ এটা উল্লেখযোগ্য আসোঁৱাহ হ’ল প্ৰশিক্ষণপ্রাপ্ত শিক্ষকৰ অভাৱ।

(ঙ) লিখনৰ ওপৰত অত্যাধিক প্রাধান্য (Emphasis on Writing): ডেল্টন পৰিকল্পনা মতে, শিক্ষার্থীৰ পঠনতকৈ লিখনৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা হয়। শিশুৰ সমতাপূৰ্ণ বিকাশৰ বাবে পঠন আৰু লিখন দুয়োটা দিশত প্ৰাধান্য দিয়া উচিত।

(চ) ডেল্টন পৰিকল্পনা অমনোবৈজ্ঞানিক প্ৰকৃতিৰ (Not Based on Psychological Nature): এই পৰিকল্পনা মতে, সকলো শিশুকে তেওঁলোকৰ কাৰ্য্যসূচীসমূহৰ ভিত্তিত একেধৰণৰ নিৰ্ধাৰিত কৰ্ম (Assignment) সম্পাদন কৰিব দিয়া হয়। ফলত শিক্ষাৰ্থীৰ মনোদৈহিক বিকাশত বাধাৰ সৃষ্টি কৰে। সেয়েহে ই এটা অমনোবৈজ্ঞানিক শিক্ষাদান পদ্ধতি।

(ছ) ডেল্টন পৰিকল্পনা মতে, উচ্চ বুদ্ধিসম্পন্ন আৰু হীনবুদ্ধিৰ শিশুৰ মনত উচ্চাত্মিকা মনোভাব সৃষ্টি কৰিব পাৰে।

(জ) ডেল্টন পৰিকল্পনা শিক্ষাক্ষেত্ৰলৈ এক নৱতম সংযোজন। মিচ্ হেলেন পাৰ্খাষ্টে উদ্ভাবন কৰা এই পৰিকল্পনাৰ বহুতো প্রায়োগিক দিশ বর্তমান শিক্ষাক্ষেত্ৰত দেখা পোৱা যায়।

২০। প্রকল্প পদ্ধতিৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা। (Discuss the features of the project method.) 

উত্তৰঃ প্ৰকল্প পদ্ধতিৰ বৈশিষ্ট্য কিছুমান তলত উল্লেখ কৰা হ’ল—

(ক) উদ্দেশ্য প্রণোদিত (Purposiveness): প্রকল্প পদ্ধতিৰ এক উল্লেখযোগ্য বৈশিষ্ট্য হ’ল ই উদ্দেশ্য প্রণোদিত। এই পদ্ধতিত কোনো এক উদ্দেশ্য আগত ৰাখি সমস্যাসমূহৰ সমাধানৰ পথ বাচি উলিওৱা হয়।

(খ) কর্মভিত্তিক (Activity Based): প্রকল্প পদ্ধতিৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল ইয়াত শিক্ষার্থীয়ে নিজস্বভাৱে কৰ্ম সম্পাদন কৰি শিকিবলৈ চেষ্টা কৰে (Learning by doing)। প্রকল্প পদ্ধতিত শিক্ষার্থীক তাত্ত্বিক (Theory) বিষয়ৰ জ্ঞানদানৰ পৰিৱৰ্তে কর্মভিত্তিক জ্ঞান প্ৰদানৰ পোষকতা কৰে। কর্মভিত্তিক শিক্ষাইহে শিক্ষার্থীসকলক ফলপ্রসূ শিক্ষণীয় অভিজ্ঞতা প্ৰদান কৰে।

(গ) শিক্ষার্থীকেন্দ্রিক (Child Centredness): প্রকল্প পদ্ধতি এক শিশুকেন্দ্রিক শিক্ষাদান পদ্ধতি। ইয়াত শিক্ষাৰ্থীৰ ৰুচি – অভিৰুচি, আশা -আকাংক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি জ্ঞান প্ৰদান কৰা হয়। শিক্ষার্থীয়ে প্রকল্প বাছনি কৰিবলৈ সম্পূর্ণ স্বাধীনতা লাভ কৰে। অর্থাৎ সমগ্ৰ শিক্ষাব্যৱস্থাৰ মূল কেন্দ্ৰবিন্দু হ’ল শিক্ষাৰ্থীসকল। ইয়াত শিক্ষকৰ স্থান গৌণ।

(ঘ) সামাজিক আৰু প্ৰাকৃতিক পৰিৱেশ (Social and Natural Setting): প্রকল্প পদ্ধতিৰ জৰিয়তে শিক্ষাদান কৰোতে শিক্ষাৰ্থীসকলক সামাজিক ও প্রাকৃতিক পৰিৱেশৰ মাজত থাকি কৰ্ম সম্পাদন কৰিবলৈ সুবিধা প্ৰদান কৰা হয়। এনে পৰিৱেশত কৰা কামে শিক্ষার্থীসকলক বাস্তৱ জীৱনত সন্মুখীন হোৱা সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত সহায় কৰা দেখা যায়।

(ঙ) স্বতঃস্ফূর্ততা (Spontaneity): প্রকল্প পদ্ধতিৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল শিক্ষার্থীক নিজৰ কাম স্বতঃস্ফূর্তভাবে সম্পাদন কৰিবলৈ সুযোগ প্ৰদান কৰা। ইয়াত শিক্ষকসকলে কোনো ক্ষেত্ৰত বাধ্যবাধকতা আৰোপ কৰিব নোৱাৰে।

(চ) স্বাধীনতা (Freedom): প্রকল্প পদ্ধতিত শিক্ষার্থীক সম্পূর্ণ স্বাধীনভাৰে সমস্যা সমাধান কৰিবলৈ সুযোগ প্ৰদান কৰা হয়। সমস্যা সমাধানৰ বাবে শিক্ষার্থীসকলে নিজস্ব চিন্তাধাৰাৰ প্ৰয়োগ কৰি প্ৰকল্প কৰে।

(ছ) বাস্তৱতা (Reality): প্রকল্প পদ্ধতিত শিক্ষাৰ্থীসকলৰ বাবে কৃত্ৰিম পৰিৱেশৰ পৰিৱৰ্তে এক প্রকৃত বাস্তৱ পৰিৱেশত থাকি শিক্ষার্থীক শিক্ষা প্ৰদান কৰাৰ পোষকতা কৰিছিল। স্বাভাৱিক পৰিৱেশেহে শিক্ষাৰ্থীক বাস্তৱ জীৱনৰ জ্ঞান প্ৰদান কৰিব পাৰে।

(জ) উপযোগিতা (Utility): উপযোগিতা হ’ল প্ৰকল্প পদ্ধতিৰ এটি গুৰুত্বপূর্ণ বৈশিষ্ট্য। প্রয়োগবাদী দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত প্ৰকল্প পদ্ধতিয়ে উপযোগিতাৰ নীতিৰ ওপৰত গভীৰ বিশ্বাস কৰে। মানৱ জীৱনত ব্যৱহাৰ হোৱা বিষয়ৰ ওপৰত প্ৰকল্প পদ্ধতিৰ উপযোগিতা বিচাৰ কৰা হয়।

(ঝ) সমস্যামূলক কর্ম (Problematic Act): প্ৰকল্প পদ্ধতিৰ এটা গুৰুত্বপূর্ণ বৈশিষ্ট্য হ’ল সমস্যামূলক কর্ম। শিক্ষা প্ৰদানৰ মূল বিষয়বস্তু হলে একো একোটা সমস্যা সমাধানৰ চেষ্টা কৰা। ইয়াত মৌখিক জ্ঞান প্ৰদানৰ পৰিৱৰ্তে বাস্তৱতাৰ ভিত্তিত সমস্যাসমূহৰ সমাধানৰ জ্ঞান শিক্ষাৰ্থীক প্ৰদানৰ পোষকতা কৰা হয়।

(ঞ) নির্দেশনা দান (Guidance): প্রকল্প পদ্ধতিত শিক্ষকৰ স্থান হ’ল নির্দেশনা দান কৰা। সমস্যাসমূহৰ সমাধানৰ বাবে শিক্ষার্থীসকলক শিক্ষকে নির্দেশনাহে প্ৰদান কৰে। কিন্তু শিক্ষার্থীয়ে নিজস্ব চেষ্টাৰে সমস্যা সমাধানৰ পথত আগবাঢ়ি যায়।

২১। শিক্ষাবিদ কিলপেট্রিকে প্রকল্পসমূহক কেইটা ভাগত বিভক্ত কৰিছে আলোচনা কৰা। (Discuss how the educator divided the Kilpatrick projects into sections.)

উত্তৰঃ প্ৰকল্পসমূহ উদ্দেশ্য প্রণোদিত। সেই উদ্দেশ্যসমূহৰ আধাৰত শিক্ষাবিদ কিলপেট্রিকে প্রকল্পসমূহক কেইবাটাও ভাগত বিভক্ত কৰিছে।

প্রকল্পসমূহৰ ভাগকেইটা তলত উল্লেখ কৰা হ’ল—

(ক) গঠনাত্মক প্রকল্প (Constructive Project): গঠনাত্মক প্রকল্প কোনো বিশেষ উদ্দেশ্য আগত ৰাখি প্ৰস্তুত কৰা হয়। এনেধৰণৰ প্ৰকল্পত শিক্ষাৰ্থীৰ সংগঠনমূলক দিশ বা সৃজনীশীলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। যেনে— গঠনাত্মক প্রকল্পসূহে বিভিন্ন হস্তশিল্প, গীত, নাটক কৰা, স্কুল দিৱস, শিক্ষক দিৱস, স্বাস্থ্যদিৱস, শিশু দিৱস কাৰ্য্য পালনত গুৰুত্ব দিয়ে।

(খ) গ্রহণাত্মক প্রকল্প (Receptive Project): গ্ৰহণাত্মক প্ৰকল্পৰ জৰিয়তে শিক্ষার্থীসকলে সমস্যা সমাধান কৰোতে আনন্দদায়ক পৰিৱেশ এটা লাভ কৰে। এনেধৰণৰ কাৰ্য্য কৰোতে শিক্ষাৰ্থীয়ে আনন্দ লাভ কৰাৰ উপৰি সৌন্দৰ্যানুভুতি জাগ্রত হয়। যেনে— খেলা – ধূলা কৰা, নৃত্য – গীত পৰিৱেশন কৰা, অভিনয় কৰা, শিক্ষামূলক ভ্ৰমণ কৰা, প্রকৃতি অধ্যয়ন আদি কাৰ্য্যসমূহ গ্ৰহণাত্মক প্ৰকল্পৰ অন্তৰ্গত বিষয়।

(গ) সমস্যা সমাধানমূলক প্রকল্প (Problem Solving Project): যিবোৰ প্ৰকল্পৰ জৰিয়তে সমস্যাসমূহ সমাধান কৰাটো বুজায়, তেনে প্রকল্পবোৰক সমস্যা সমাধানমূলক প্রকল্প বুলি কোৱা হয়। এনে প্রকল্প শিক্ষার্থীৰ আগত কিছুমান বিশেষ সমস্যা দাঙি ধৰা হয় পৰিকল্পনাৰ জৰিয়তে সমাধানৰ পথত আগবাঢ়ি যোৱা হয়। যেনে— নিৰক্ষৰতা দূৰীকৰণ আঁচনি, জনসংখ্যা বৃদ্ধিৰ কাৰণ পৰিৱশীয় সমস্যা, ভূমিকম্প এক প্রাকৃতিক দুৰ্যোগ আদি এনেধৰণৰ সমস্যা সমাধানমূলক প্রকল্প।

(ঘ) বিশেষ শিক্ষামূলক প্রকল্প (Specific Learning Project): এনেধৰণৰ প্ৰকল্পই শিক্ষার্থীক কোনো বিশেষ বিষয়ৰ বিশ্লেষণাত্মক অধ্যয়ন তথা অভিজ্ঞতা প্ৰদানৰ চেষ্টা কৰে। যেনে— ভাষা অধ্যয়ন, বুৰঞ্জী অধ্যয়ন, বিজ্ঞান তথা কাৰিকৰী বিষয়ৰ লগত জড়িত দিশবোৰ বিশেষ শিক্ষণমূলক প্ৰকল্পৰ অন্তৰ্গত বিষয়।

২২। ভাল প্ৰকল্পৰ আৱশ্যকীয় গুণাৱলীবোৰৰ বিষয়ে উল্লেখ কৰা। (Mention about the Quality of a Good Project.)

উত্তৰঃ প্ৰত্যেক বস্তুৰে কিছুমান গুণাবলী আছে। ভাল প্ৰকল্পৰো কিছুমান গুণাবলী দিয়া ধৰণৰ —

(ক) ভাল প্রকল্প শিক্ষার্থীকেন্দ্রিক (Good Project is Learner – Centric): ভাল প্ৰকল্পৰ আৱশ্যকীয় গুণ এটা হ’ল — ই শিশুকেন্দ্রিক বা শিক্ষার্থীকেন্দ্রিক হ’ব লাগিব। শিশুসকলৰ দৈহিক বয়স, প্রৱণতা, বৈষ্যমতা অনুযায়ী প্রকল্প সম্পাদন কৰাত গুৰুত্ব আৰোপ কৰিব লাগে।

(খ) অর্থপূর্ণ হোৱা উচিত (Should be Meaningful): ভাল প্রকল্প এটা শিক্ষার্থীসকলৰ বাবে অর্থপূর্ণ হ’ব লাগে।

(গ) সময়সাপেক্ষ (Relevant): ভাল প্রকল্প এটা সময়সাপেক্ষ হোৱা উচিত। অর্থাৎ প্রকল্প সদায় শিক্ষার্থী আৰু সমাজৰ প্ৰয়োজনীয়তাৰ লগত সংগতি ৰাখি প্ৰকল্প প্ৰস্তুত কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা উচিত।

(ঘ) যথোপযোগী (Utility): ভাল প্রকল্প এটা যথোপযোগী হ’ব লাগে। অৰ্থাৎ প্ৰকল্পটোৰ প্রায়োগিকতা থাকিলেহে ই ভাল বুলি পৰিগণিত হ’ব।

(ঙ) প্রায়োগিক জ্ঞান প্রদান (Provide Practical Knowledge): ভাল প্রকল্পই তাত্ত্বিক জ্ঞানতকৈ প্রায়োগিক জ্ঞান প্ৰদানত গুৰুত্ব আৰোপ কৰে।

(চ) ব্যাপক অভিজ্ঞতা প্রদান (Provide Work Experience): ভাল প্রকল্প এটাই শিক্ষার্থীক ব্যাপক অভিজ্ঞতা প্ৰদান কৰে। ই শিক্ষার্থীৰ বহুমুখী উদ্দেশ্যৰ জ্ঞান প্ৰদানত গুৰুত্ব দিয়ে।

(ছ) কাৰ্য্যকাৰিতা (Effectiveness / Usefulness): ভাল প্রকল্পই সদায় কাৰ্য্যকৰীকৰণত গুৰুত্ব আৰোপ কৰা দেখা যায়। অর্থাৎ ভাল প্রকল্পই বাস্তৱত কাৰ্য্যকৰীকৰণ কৰিব পৰা হ’ব লাগে।

২৩। প্রকল্প পদ্ধতিৰ গুণাৱলীবোৰ আলোচনা কৰা। (Discuss the Merits of the Project Method.) 

উত্তৰঃ প্ৰকল্প পদ্ধতিৰ গুণাৱলীসমূহ হ’ল—

(ক) মনোবৈজ্ঞানিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত (Based on Psychological Principle): প্রকল্প পদ্ধতি মনোবৈজ্ঞানিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত। কিয়নো, ইয়াত শিক্ষার্থীসকলে নিজস্ব অভিজ্ঞতাৰে প্রকল্প সমাধা কৰা সুযোগ লাভ কৰে।

(খ) কামৰ মাজেৰে শিক্ষা (Learning by doing ): প্রকল্প প্রস্তুত কৰোতে সদায় কামৰ মাজেৰে শিকাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। ইয়াত প্ৰত্যক্ষ অভিজ্ঞতাৰে কৰ্ম সম্পাদনত গুৰুত্ব প্ৰদান কৰা হয়।

(গ) মুখস্থ বিদ্যাৰ স্থান নাই (No Place of Memorization): প্রকল্প প্রস্তুত কৰোতে প্রত্যক্ষ অভিজ্ঞতাৰে কাম কৰাৰ পোষকতা কৰা হয়। ইয়াত মুখস্থ বিদ্যাৰ কোনো স্থান নাই।

(ঘ) গণতান্ত্রিক ভাৱধাৰাৰ বিকাশ (Development of feeling of Democracy): প্রকল্প পদ্ধতিৰে শিক্ষাদান কৰিলে শিক্ষার্থীসকলে স্বাধীনভাৱে, সাম্যভাৱে, সহযোগিতাৰে কাম সম্পাদন কৰি গণতান্ত্ৰিক জীৱন – যাপন কৰাৰ প্ৰেৰণা পায়। 

(ঙ) উচ্চ শিক্ষাৰ উপযোগী (Suitable for Higher Education): প্রকল্প পদ্ধতিৰ শিক্ষাদান উচ্চ শিক্ষাৰ বাবে অতি উপযোগী। বিশেষকৈ গৱেষণা কাৰ্য্যৰ বাবে এনে পদ্ধতি অতি প্রয়োজনীয় পদ্ধতি স্বৰূপ।

(চ) স্ব – চেষ্টাৰে শিক্ষা লাভৰ সুবিধা (Self – Practice Education): প্রকল্প পদ্ধতিৰে শিক্ষাদানৰ জৰিয়তে শিক্ষার্থীয়ে নিজস্বভাৱে জ্ঞান লাভৰ সুবিধা পায়।

(ছ) আত্ম – মূল্যায়নৰ সুবিধা (Self Evaluations): প্রকল্প পদ্ধতিৰ এটা গুৰুত্বপূর্ণ গুণ হ’ল এই পদ্ধতিৰে শিক্ষাদান কৰিলে শিক্ষার্থীয়ে সমগ্ৰ প্ৰকল্পটোৰ জৰিয়েত আত্ম – মূল্যায়ন কৰাৰ সুযোগ লাভ কৰে।

(জ) শিক্ষক – শিক্ষার্থীৰ মাজৰ সম্বন্ধ (Relationship between Teacher and Student): শিক্ষক – শিক্ষার্থীৰ মাজৰ সম্বন্ধ মধুৰ হোৱাৰ লগতে শিক্ষকে শিক্ষাৰ্থীৰ লগত বন্ধু, দার্শনিক আৰু পথ – প্ৰদৰ্শকৰ ভূমিকা পালন কৰে।

(ঝ) শ্ৰমৰ মৰ্যাদা (Dignity of Labour): প্রকল্প পদ্ধতিৰ জৰিয়তে শিক্ষা প্রদান কৰিলে শিক্ষার্থীয়ে শাৰীৰিক আৰু মানসিকভাৱে কৰ্ম কৰিবলগা হয় বাবে শ্ৰমৰ মৰ্যদা উপলব্ধি কৰাত সহায়ক হয়।

(ঞ) সহ – সম্বন্ধ স্থাপন (Established Correlational studies): প্রকল্প পদ্ধতিৰে শিক্ষার্থীক বিভিন্ন বিষয়সমূহ পৃথকভাৱে শিকোৱাৰ পৰিৱৰ্তে সহ – সম্বন্ধ স্থাপনৰ যোগেদি কর্মভিত্তিক শিক্ষা প্ৰদানৰ ওপৰত গুৰুত্ব দিয়া হয়।

২৪। প্রকল্প পদ্ধতিৰ আসোঁৱাহ বা দুর্বলতাসমূহ উল্লেখ কৰা। (Mention the Demerits / Defects of Project Method.) 

উত্তৰঃ প্ৰকল্প পদ্ধতিৰ শিক্ষাদানৰ বহুতো গুণ আছে যদিও ইয়াৰ দুৰ্বল দিশ বা আসোঁৱাহসমূহে যথেষ্ট থকা দেখা যায়। প্রকল্প পদ্ধতিৰ আসোঁৱাহসমূহ তলত দিয়া হ’ল― 

(ক) ব্যয়বহুল পদ্ধতি (Expansive Method): প্রকল্প পদ্ধতিৰ শিক্ষাদান এক ব্যয়বহুল শিক্ষাদান পদ্ধতি বাবে এনে কাৰ্য্য সম্পাদন কৰিবৰ বাবে অধিক অৰ্থৰ প্রয়োজন হয়।

(খ) অধিক সময়ৰ প্ৰয়োজন হয় (Time Consuming Method): এনে পদ্ধতিৰে শিক্ষাদান কৰিলে অধিক সময়ৰ প্ৰয়োজন হয়। আত্ম – প্ৰচেষ্টাৰে জ্ঞান আহৰণ কৰিবলৈ যথেষ্ট সময় আৰু জ্ঞানৰ প্ৰয়োজন হয়।

(গ) ত্রুটিপূর্ণ মূল্যায়ন (Defective Evaluation): প্রকল্প পদ্ধতিৰে লাভ কৰা জ্ঞানৰ মূল্যায়ন কৰিবলৈ কোনো পৰীক্ষা বা অভীক্ষা লোৱা নহয় বাবে শিক্ষাৰ্থীৰ জ্ঞানৰ পৰিমাপ কৰিবলৈ অসুবিধা হয়।

(ঘ) প্রশিক্ষণপ্রাপ্ত শিক্ষকৰ অভাৱ (Lack of Trained Teachers): প্রকল্প পদ্ধতিৰে শিক্ষাদান কৰিবলৈ হ’লে প্ৰশিক্ষণপ্রাপ্ত শিক্ষকৰ প্রয়োজন হয়। অভিজ্ঞ আৰু মেধাসম্পন্ন শিক্ষকেহে প্ৰকল্পটো অতি নিয়াৰিকৈ সমাধান কৰিব পাৰে।

(ঙ) অমনোবৈজ্ঞানিক (Lack of Psychological Nature): প্রকল্প পদ্ধতি শিক্ষার্থীয়ে অৰ্জন কৰা জ্ঞান অমনোবৈজ্ঞানিক প্ৰকৃতিৰ। ইয়াত সমাপ্ত প্রকল্পটি পুনৰ আলোচনা কৰা সুযোগ কম থাকে।

(চ) মূল উদ্দেশ্যক অৱহেলা (Neglect of Main Objective): প্রকল্প পদ্ধতিৰে শিক্ষাদান কৰোতে মূল উদ্দেশ্যৰ পৰা ফালৰি কাটি প্রকল্প সম্পাদন কৰাতহে অধিক গুৰুত্ব প্ৰদান কৰা হয়।

(ছ) নিৰ্ধাৰিত সময়ৰ ভিতৰত পাঠ্যক্ৰম সম্পূৰ্ণ কৰাত অসুবিধা (Unable to Finished the Curriculum in Allotted Time ): প্ৰকল্পৰ কাম সমাধান কৰোতে যথেষ্ট সময়ৰ প্রয়োজন হোৱা বাবে নিৰ্ধাৰিত সময়ৰ ভিতৰত প্ৰকল্পটি সম্পাদন কৰাত অসুবিধা হয়। অর্থাৎ নিৰ্দিষ্ট সময়ৰ ভিতৰত পাঠ্যক্ৰম সম্পূৰ্ণ শেষ কৰাটো অসম্ভৱ হয়।

২৫। হিউৰিষ্টিক পদ্ধতিৰ মূল বৈশিষ্ট্যবোৰ উল্লেখ কৰা। (Mention the Characteristics of Heuristic Method.)

উত্তৰঃ হিউৰিষ্টিক পদ্ধতিৰ বৈশিষ্ট্যবোৰ তলত দিয়া হ’ল—

(ক) হিউৰিষ্টিক পদ্ধতি হ’ল কাৰ্য্যকৰী পদ্ধতি।

(খ) এই পদ্ধতি যুক্তিযুক্ত চিন্তাৰ ওপৰত প্ৰতিষ্ঠিত এক পদ্ধতি।

(গ) হিউৰিষ্টিক পদ্ধতি উদ্দেশ্যধৰ্মী নীতিৰ আধাৰত প্ৰতিষ্ঠিত। 

(ঘ) হিউৰিষ্টিক পদ্ধতি মানসিক বিকাশৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত এক পদ্ধতি।

(ঙ) আত্ম – চিন্তন আৰু আত্ম – অধ্যয়ন নীতি হিউৰিষ্টিক পদ্ধতিৰ এক গুৰুত্বপূৰ্ণ নীতি।

(চ) হিউৰিষ্টিক পদ্ধতি মনোবৈজ্ঞানিক নীতিৰ আধাৰত প্ৰতিষ্ঠিত। 

(ছ) হিউৰিষ্টিক পদ্ধতিত শিক্ষাদানৰ নীতি জনাৰ পৰা নজনালৈ অগ্ৰসৰ হোৱা নীতিৰ আধাৰত প্রতিষ্ঠিত।

২৬। হিউৰিষ্টিক পদ্ধতিৰ উদ্দেশ্যবোৰ লিখা। (Mention the Objectives of the Heuristic Method.) 

উত্তৰঃ হিউৰিষ্টিক পদ্ধতিৰ শিক্ষাদানৰ উদ্দেশ্যসমূহ তলত দিয়া ধৰণৰ —

(ক) এই পদ্ধতিৰ এটা উদ্দেশ্য হ’ল ই শিক্ষার্থীৰ মনত আত্ম – শিক্ষণ আৰু আত্ম – নিৰ্দেশনাৰ অভ্যাসৰ বিকাশ সাধন কৰে।

(খ) এই পদ্ধতিৰ গুৰুত্বপূৰ্ণ উদ্দেশ্য হ’ল শিক্ষাৰ্থীৰ মনত নতুন জ্ঞান আহৰণৰ বাবে মনোবৈজ্ঞানিক দৃষ্টিভঙ্গীৰ মৌখিক বা যান্ত্ৰিকভাৱে প্ৰতিষ্ঠিত সূত্ৰবোৰৰ জ্ঞান আহৰণতকৈ নিজস্ব অনুসন্ধান বা পৰীক্ষাৰ দ্বাৰা এক সিদ্ধান্তত উপনীত হোৱা।

(গ) হিউৰিষ্টিক পদ্ধতি মনোবৈজ্ঞানিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত আৰু শিক্ষাৰ্থীৰ কৰ্মফলতকৈ কর্ম সম্পাদন প্ৰক্ৰিয়াৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰে।

২৭। হিউৰিষ্টিক পদ্ধতিৰ গুণাৱলী বা সুবিধাসমূহৰ বিষয়ে লিখা। (Write the Merits of Heuristic Methods of Teaching.) 

উত্তৰঃ হিউৰিষ্টিক পদ্ধতিৰ শিক্ষাদানৰ সুবিধা বা গুণাৱলীসমূহ উল্লেখ কৰা হ’ল— 

(ক) স্ব – শিক্ষাৰে শিক্ষাৰ্থীক আত্মনিৰ্ভৰশীল কৰি তোলা (Co – Education Makes Students Self – Reliant): হিউৰিষ্টিক পদ্ধতিৰ এটা গুণ হ’ল ইয়াত শিক্ষার্থীক স্ব – শিক্ষাৰে আত্মনিৰ্ভৰশীল কৰি তোলা। অর্থাৎ শিক্ষার্থীসকলে নিজ সমস্যাসমূহ নিজে সমাধান কৰি যথেষ্ট আনন্দ লাভ কৰে।

(খ) গৃহ কৰ্মৰ পৰা মুক্তি প্রদান (Release form Homework): হিউৰিষ্টিক পদ্ধতিত কোনো ঘৰুৱা কৰ্ম শিক্ষাৰ্থীক প্ৰদান কৰা নহয়। বিদ্যালয়ত এক আনন্দমুখৰ পৰিৱেশত শিক্ষা আহৰণ কৰিবলৈ সুযোগ দিয়া হয়।

(গ) শিক্ষার্থীৰ মানসিক শক্তিৰ বৃদ্ধি (Increase the Mental Strength of the Student): শিক্ষার্থীয়ে নিজ জ্ঞানেৰে সমস্যা সমাধান কৰাৰ সুযোগ লাভ কৰা বাবে শিক্ষার্থীৰ মানসিক শক্তিৰ বৃদ্ধি পায়।

(ঘ) শিক্ষার্থীক ব্যক্তিগত মনোযোগ প্রদান (Provide Personal Attention to the Student): হিউৰিষ্টিক পদ্ধতিৰে শিক্ষাদানৰ জৰিয়তে প্রত্যেক শিক্ষার্থীক ব্যক্তিগত মনোযোগ প্রদান কবি শিক্ষকে প্রত্যক্ষভাৱে জ্ঞানদান কাৰ্য্য নকৰিলেও তেওঁ বন্ধু, দার্শনিক আৰু পথ – প্ৰদৰ্শকৰ ভূমিকা পালন কৰা দেখা যায়।

(ঙ) কঠোৰ শ্ৰমৰ প্ৰতি উৎসাহ (Encourage to the Work Hard): হিউৰিষ্টিক পদ্ধতিৰে শিক্ষাদানৰ জৰিয়তে কঠোৰ পৰিশ্ৰমৰ মাজেৰে শিক্ষাৰ্থীয়ে জ্ঞান লাভ কৰিবলৈ সক্ষম হয়।

(চ) শিক্ষাৰ্থীৰ বৈজ্ঞানিক মনোভাৱৰ বিকাশ সাধন কৰা (Develop Attitude Among Students): শিক্ষাৰ্থীৰ মনত বৈজ্ঞানিক মনোভাৱৰ বিকাশৰ লগতে পর্যাবেক্ষণ আৰু পৰীক্ষণৰ বাবেও শিক্ষার্থীক উৎসাহিত কৰা হয়।

(ছ) মনঃস্তাত্ত্বিক ভিত্তি (Psychological Basis): এই পদ্ধতিৰ এটা গুৰুত্বপূৰ্ণ গুণ হ’ল ইয়াৰ মনঃস্তাত্ত্বিক ভিত্তি। এই পদ্ধতিৰ জৰিয়তে শিক্ষার্থীৰ জ্ঞানমূলক (Cognitive), অনুভৱমূলক (Affective) আৰু মনোসঞ্চালনমূলক (Conative) দিশৰ বিকাশ সাধন সম্ভৱ হয়।

(জ) সূক্ষ্ম পর্যবেক্ষণ (Minute of Observation): এই পদ্ধতিৰ জৰিয়তে শিক্ষার্থীয়ে সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি বিষয়বস্তুৰ জ্ঞান আহৰণ কৰিবলৈ সক্ষম হয়।

(ঝ) বাস্তৱ জীৱনৰ বাবে উপযোগী (Useful for Real Life): এই পদ্ধতিৰ জৰিয়তে শিক্ষা প্ৰদান কৰি শিক্ষাৰ্থীক বাস্তৱ জীৱনৰ বাবে প্ৰয়োজনীয় জ্ঞান প্ৰদান কৰিব পাৰি।

(ঞ) খেলাৰ ধাৰণাৰ শিক্ষা (Education on Concept of Play): হিউৰিষ্টিক পদ্ধতিৰ জৰিয়তে শিশুসকলক খেলাৰ মৌলিক ধাৰণা প্ৰদান কৰা হয়। অর্থাৎ এই পদ্ধতিত শিশু খেলাৰ মৌলিক ধাৰণা আৰু নীতিৰ দ্বাৰা প্ৰভাৱিত হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top