Techniques of teaching Unit 2 শিক্ষাদানৰ পৰিকল্পনা

Techniques of teaching Unit 2 শিক্ষাদানৰ পৰিকল্পনা, College and University Answer Bank for BA, and Post Graduate Notes and Guide Available here, Techniques of teaching Unit 2 শিক্ষাদানৰ পৰিকল্পনা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Techniques of teaching Unit 2 শিক্ষাদানৰ পৰিকল্পনা Question Answer can be of great value to excel in the examination.

Techniques of teaching Unit 2 শিক্ষাদানৰ পৰিকল্পনা

Join Telegram channel

Techniques of teaching Unit 2 শিক্ষাদানৰ পৰিকল্পনা Notes cover all the exercise questions in UGC Syllabus. Techniques of teaching Unit 2 শিক্ষাদানৰ পৰিকল্পনা The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Planning Teaching

TECHNIQUES OF TEACHING

শিক্ষাদানৰ কৌশল

অতি চমু প্ৰশ্নোত্তৰ 

১। খালী ঠাই পূৰণ কৰাঃ (Fill in the blanks.) 

(ক) পাঠ পৰিকল্পনা কৰোতে বিভিন্ন শিক্ষাবিদে বিভিন্ন ধৰণৰ _____ কথা উল্লেখ কৰিছে। (Different educators have mentioned different types of _____ to plan lessons.)

উত্তৰঃ পাঠ পৰিকল্পনা কৰোতে বিভিন্ন শিক্ষাবিদে বিভিন্ন ধৰণৰ স্তৰৰ কথা উল্লেখ কৰিছে।

(খ) যিবিলাক পৰিঘটনা বা বস্তুয়ে প্ৰাণীজগতক উত্তেজিত কৰি তুলে তাকে _____ বুলি কোৱা হয়। (Events or objects that stimulate the animal kingdom are called _____.) 

উত্তৰঃ যিবিলাক পৰিঘটনা বা বস্তুয়ে প্ৰাণীজগতক উত্তেজিত কৰি তোলে তাকে উদ্দীপক বুলি কোৱা হয়।

(গ) পুনৰ উদ্দীপনা হ’ল শিক্ষকে শিক্ষাৰ্থীসকলৰ মনোযোগ আৰু আগ্ৰহ সৃষ্টি কৰিবৰ বাবে গ্ৰহণ কৰা কিছুমান ______। (Re – stimulation is something that teachers take to attract students ‘ attention and interest ______.)

উত্তৰঃ পুনৰ উদ্দীপনা হ’ল শিক্ষকে শিক্ষাৰ্থীসকলৰ মনোযোগ আৰু আগ্ৰহ সৃষ্টি কৰিবৰ বাবে গ্ৰহণ কৰা কিছুমান কৌশল।

(ঘ) _____ হৈছে এক কৌশলপূৰ্ণ বা দক্ষতাভিত্তিক শিক্ষক প্ৰশিক্ষণ ব্যৱস্থা। ( _____ Has been a strategic or skill based teaching training system.) 

উত্তৰঃ অণুশিক্ষণ হৈছে এক কৌশলপূৰ্ণ বা দক্ষতাভিত্তিক শিক্ষক প্ৰশিক্ষণ ব্যৱস্থা।

(ঙ) ভাষা হৈছে এজন ব্যক্তিৰ এক _____। (Language is a person’s _____.)

উত্তৰঃ ভাষা হৈছে এজন ব্যক্তিৰ এক স্বকীয় সত্তা।

(চ) ভাষাই আন্তৰ্জাতীক বুজাপৰা ৰক্ষা কৰে আৰু ভাষা হৈছে এটা জাতিৰ _____। (Protects international understanding of language and language has become a nation _____.)

উত্তৰঃ ভাষাই আন্তৰ্জাতীক বুজাপৰা ৰক্ষা কৰে আৰু ভাষা হৈছে এটা জাতিৰ পৰিচয়।

(ছ) ইংৰাজী ভাষাক বিশ্ব সভ্যতাৰ _____ বুলিও কোৱা হয়। (The English language is also called _____ the world civilization.)

উত্তৰঃ ইংৰাজী ভাষাক বিশ্ব সভ্যতাৰ ভাষা বুলিও কোৱা হয়।

(জ) জৰ’মিকৰ মতে, “_____অধ্যয়নেই হৈছে সমাজ বিজ্ঞান”। (According to Jormick _____ the study has been the social sciences.)

উত্তৰঃ জৰ’মিকৰ মতে, “মানৱ সম্বন্ধৰ অধ্যয়নেই  হৈছে সমাজ বিজ্ঞান”।

(ঝ) ‘Mathematics’ ইংৰাজী শব্দ ‘Greek’ ভাষাৰ ______ ৰ পৰা উৎপত্তি হৈছে। (The English word ‘mathematics’ is derived from the Greek word _____.)

উত্তৰঃ ‘Mathematics’ ইংৰাজী শব্দ ‘Greek’ ভাষাৰ Manthanein (v) ৰ পৰা উৎপত্তি হৈছে।

চমু আৰু ৰচনাধৰ্মী প্ৰশ্নোত্তৰঃ 

১। পাঠ পৰিকল্পনা কাক বোলে? (What is a lesson plan?)

উত্তৰঃ শিক্ষকে শ্ৰেণীকোঠাত শিক্ষাৰ্থীসকলক কি শিকাব, কি পদ্ধতি প্ৰয়োগ কৰিব, কি সঁজুলি ব্যৱহাৰ কৰিব, কি কৌশল অৱলম্বন কৰিলে উচিত সঁহাৰি লাভ কৰিব, এই আটাইবোৰ বিষয়ৰ পূৰ্বপৰিকল্পিত আঁচনিকেই ‘ পাঠ পৰিকল্পনা ‘ (Lesson plan) বুলি কোৱা হয়।

২। শিক্ষাদানৰ কৌশল বুলিলে কি বুজা? (What do you mean by teaching strategies?)

উত্তৰঃ শ্ৰেণীকক্ষত ফলপ্ৰসূ শিক্ষাদানৰ বাবে শিক্ষক এজনৰ শিক্ষণীয় বিষয়বস্তুৰ জ্ঞান থকাৰ উপৰি শিক্ষাদানৰ কৌশলসমূহো থকা বাঞ্ছনীয়। শিক্ষাদানৰ কৌশলসমূহ শিক্ষক এজনে শ্ৰেণীকক্ষত পাঠদান কৰাৰ পূৰ্বেই আয়ত্ব কৰিব লাগে। শিক্ষক এজনে শ্ৰেণীকক্ষত ব্যৱহাৰ কৰা সকলোবিলাক পূৰ্বপৰিকল্পিত আচৰণ বা প্ৰচেষ্টাকে শিক্ষাদানৰ কৌশল বুলি কোৱা হয়।

৩। কোনো চনত আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ষ্টেনফোৰ্ড বিশ্ববিদ্যালয়ত নতুন শিক্ষণ কৌশল ব্যৱহাৰ কৰি শিক্ষাদানৰ ব্যৱস্থা কৰা হৈছিল। (In which year was the new teaching technique introduced at Stanford University in USA?)

 উত্তৰঃ ১৯৬১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ষ্টেনফোৰ্ড বিশ্ববিদ্যালয়ত নতুন শিক্ষণ কৌশল ব্যৱহাৰ কৰি শিক্ষাদানৰ ব্যৱস্থা কৰা হৈছিল।

৪। ভাৰতত কোন গৰাকী শিক্ষাবিদে অনুশিক্ষণৰ ব্যৱহাৰ কৰিছিল। (Which Indian educator used microteaching?)

উত্তৰঃ ভাৰতত ১৯৬৭ চনত ‘D.D. Tiwari’ নামৰ শিক্ষাবিদগৰাকীয়ে অনুশিক্ষণৰ ব্যৱহাৰ কৰিছিল।

৫। ক্লিফট আৰু তেওঁৰ সহযোগীসকলে আগবঢ়োৱা অনুশিক্ষণৰ সংজ্ঞাটো লিখা। (Write down the definition of microlearning offered by clifton and his associates.)

উত্তৰঃ ক্লিফট আৰু তেওঁৰ সহযোগীসকলৰ মতে, “শিক্ষাদানৰ নিৰ্দিষ্ট কৌশল অনুশীলনৰ বাবে নিৰ্বাচন কৰি শ্ৰেণী সময় আৰু শ্ৰেণীৰ আকাৰৰ সংক্ষেপ কৰাৰ যোগেদি শিক্ষণ পৰিৱেশক সৰল আৰু সুনিয়ন্ত্ৰিত কৰি শিক্ষক – প্ৰশিক্ষণৰ যি ব্যৱস্থা কৰা হয় তাকে অনুশিক্ষণ বুলি কোৱা হয়।”

৬। Binning and Binning আগবঢ়োৱা পাঠ পৰিকল্পনাৰ সংজ্ঞাটো উল্লেখ কৰা। (Mention the definition of lesson plan given by Binning and Binning.)

উত্তৰঃ Binning and Binning ৰ মতে, “দৈনন্দিন পাঠ পৰিকল্পনাই বিষয়বস্তু শিকোৱাৰ উদ্দেশ্য, প্ৰণালীবদ্ধভাৱে বিন্যাসকৰণ , নিৰ্ধাৰণ আৰু শিকন পদ্ধতি আৰু কাৰ্য্য – ব্যৱস্থা নিৰ্দিষ্টকৰণ আদি সামৰি লয়।” (Daily lesson planning involves defining the objectives, selecting and arranging the subject matter and determining the method and procedures.)

৭। সাধাৰণ উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি শিক্ষাবিদসকলে পাঠ পৰিকল্পনাৰ পাঠসমূহক কেইটা ভাগত বিভক্ত কৰিছে আৰু কি কি? (Based on the general purpose, educators have divided the lesson plan lessons into how many parts and what?)

উত্তৰঃ সাধাৰণ উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি শিক্ষাবিদসকলে পাঠ পৰিকল্পনাৰ পাঠসমূহক তিনিটা ভাগত বিভক্ত কৰিছে। যেনে —

(ক) জ্ঞানমূলক পাঠ ( Knowledge Lesson).

(খ) প্রশংসাৰ পাঠ ( Appreciation Lesson).

(গ) কৌশল পাঠ ( Skill lesson).

৮। জ্ঞানমূলক পাঠ বুলিলে কি বুজা? (What do you mean by Knowledge Lesson?)

উত্তৰঃ যিবোৰ বিষয়ৰ পাঠদান জ্ঞানমূলক দিশৰ ওপৰত সৰ্বাধিক গুৰুত্ব কৰে, তেনে পাঠক জ্ঞানমূলক পাঠ বুলি কোৱা হয়। এনেধৰণৰ জ্ঞানমূলক পাঠৰ জৰিয়তে শিক্ষাৰ্থীৰ শিক্ষণীয় বিষয়ৰ জ্ঞান, বোধ, প্ৰয়োগ, বিশ্লেষণ, সংশ্লেষণ আৰু মূল্যায়ন কৰোতে সহায় কৰে। যেনে — ভূগোল, বুৰঞ্জী, পৌৰবিজ্ঞান আদি বিষয়সমূহ জ্ঞানমূলক পাঠৰ অন্তৰ্গত বিষয়।

৯। প্ৰশংসাৰ পাঠ কাক বোলে? (What is called Appreciated Lesson?)

উত্তৰঃ যিবোৰ পাঠে শিক্ষাৰ্থীৰ জ্ঞান আহৰণতকৈ উপলব্ধিকৰণৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে, তেনেবোৰ পাঠক উপলব্ধিমূলক বা প্ৰশংসাৰ পাঠ বুলি কোৱা হয়।

১০। কৌশল পাঠ বুলিলে কি বুজা? (What do you mean by Skill Lesson?)

উত্তৰঃ কৌশল পাঠে শিক্ষাৰ্থীৰ জ্ঞান আহৰণ বা বিষয় উপলব্ধিকৰণতকৈ সমস্যা সমাধানৰ কৌশল আয়ত্বকৰণত অধিক গুৰুত্ব প্ৰদান কৰে। কৌশলমূলক পাঠে শিক্ষাৰ্থীৰ বিষয়বস্তু সম্পৰ্কে উত্তেজনা, অনুকৰণ, নিপুণতা আয়ত্বকৰণ, সমন্বয় সাধন, নিয়ন্ত্ৰণ তথা অভ্যাস  গঠন কৰাত অৰিহণা যোগায়। যেনে — ব্যাকৰণ, জ্যামিতি, অংক, বিজ্ঞান, চিত্রাঙ্কন, হস্তশিল্প আদি বিষয়বোৰ কৌশল পাঠৰ অন্তৰ্গত বিষয়। শিক্ষাৰ্থীৰ বিভিন্ন ধৰণৰ কৌশলৰ বিকাশ সাধন কৰাই হৈছে এই পাঠৰ উদ্দেশ্য।

১১। জঙ্গীৰে আগবঢ়োৱা শিক্ষাদান কৌশলৰ সংজ্ঞাটো লিখা। (Write the definition of teaching strategy given in Jangira.)

উত্তৰঃ জঙ্গীৰাৰ মতে, “শিক্ষাদান কৌশল হৈছে বিশেষ শিক্ষাদান উদ্দেশ্যত উপনীত হ’বলৈ প্ৰয়োজনীয় পৰস্পৰ সম্পৰ্ক থকা উপাংশ শিক্ষণ আচৰণ।” (According to Jangira, “Teaching skills are a set of related component of teaching behaviour to achieve the specific teaching objectives.”) 

১২। প্ৰশ্নকৰণ কৌশলৰ প্ৰধান ভাগ দুটা কি কি? (What are the two parts of the strategy?)

উত্তৰঃ প্ৰশ্নকৰণ কৌশলৰ প্ৰধান ভাগ দুটা হ’ল:- 

(ক) প্ৰশ্নকৰণ সাৱলীলাতা (Fluency in Questioning).

(খ) সন্ধানী প্ৰশ্নকৰণ (Probing Questioning).

১৩। অনুশিক্ষণ শিক্ষাদানৰ পৰ্য্যায়সমূহ কি কি? (What are the stages of microteaching?)

উত্তৰঃ অনুশিক্ষণ শিক্ষাদানৰ পৰ্য্যায়সমূহ হ’ল:-

(ক) পৰিকল্পনা (Plan).

(খ) শিক্ষাদান (Teach).

(গ) প্ৰতিপুষ্টি (Feedback).

(ঘ) পুনৰ পৰিকল্পনা (Re – Plan).

( ঙ) পুনৰ শিক্ষাদান (Re – Teach).

(চ) পুনৰ প্ৰতিপুষ্টি (Re – Feedback).

১৪। অনুশিক্ষণ শিক্ষাদান পদ্ধতিৰ উপাদানসমূহ কি কি? (What are the elements of microteaching?)

উত্তৰঃ অনুশিক্ষণ  শিক্ষাদান পদ্ধতি উপাদানসমূহ হ’ল:- 

১। এগৰাকী দক্ষ শিক্ষক।

২। শিক্ষাৰ্থীসকল (প্ৰায় ৫ – ১০ এগৰাকী)।

৩। পাঠৰ এটা অংশ।

৪। অনুশিক্ষণৰ বিশেষ উদ্দেশ্যসমূহ।

৫। শিক্ষণ কৌশল।

৬। প্ৰতিপুষ্টি।

৭। শিক্ষণ মডেল।

৮। অনুশিক্ষণ পৰীক্ষাগাৰ।

৯। ভি. ডি. অ’ টেপ ৰেকৰ্ডৰ ব্যৱহাৰ।

১০। পৰ্য্যবেক্ষক।

১৫। Clift আৰু তেওঁৰ সহযোগীসকলে 1976 চনত আগবঢ়োৱা অনুশিক্ষণৰ তিনিটা স্তৰ কি কি? (What are the three levels of microteaching given by Clift and his colleagues in 1976?)

উত্তৰঃ Clift আৰু তেওঁৰ সহযোগীসকলে 1976 চনত আগবঢ়োৱা অনুশিক্ষণৰ তিনিটা স্তৰ হ’ল:- 

১। জ্ঞান অৰ্জনৰ স্তৰ (Knowledge Acquisition Phase).

২। দক্ষতা অৰ্জনৰ স্তৰ (Skill Acquisition Phase).

৩। সঞ্চালন স্তৰ (Transfer Phase).

১৬। পাঠ পৰিকল্পনাৰ গুৰুত্ব বা প্ৰয়োজনীয়তাসমূহ উল্লেখ কৰা। (Mention the Need and Importance of Lesson Plan.)

উত্তৰঃ পাঠ পৰিকল্পনাৰ গুৰুত্ব বা প্ৰয়োজনীয়তাসমূহ তলত উল্লেখ কৰা হ’ল:-

(ক) পাঠ পৰিকল্পনাই শিক্ষকসকলক আত্মবিশ্বাসী কৰি তোলে। পাঠদানৰ সময়ত পোৱা অসুবিধা আঁতৰ কৰি শৃংখলাবদ্ধভাৱে কৰ্ম সম্পাদন কৰাত শিক্ষকসকলক সহায় কৰে।

(খ) শিক্ষকসকলক বিষয়বস্তুৰ স্পষ্ট জ্ঞান প্ৰদান কৰি শিক্ষাদানৰ সময়ত অনাৱশ্যকীয় পুনৰাবৃত্তিৰ পৰা বিৰত ৰখাত সহায় কৰে।

(গ) পাঠ পৰিকল্পনাই শিক্ষকসকলক সঠিক নিৰ্দেশনা দান কৰে।

(ঘ) পাঠ পৰিকল্পনাৰ সহায়ত শিক্ষাদানৰ ফলত তাৎক্ষণিক সঁহাৰি প্ৰদান কৰাত সহায় কৰে।

(ঙ) পাঠ পৰিকল্পনাৰ সহায়ত শিক্ষকে ক্ৰম অনুসাৰে পাঠদান সম্ভৱ কৰি তুলিব পাৰে।

(চ) পাঠ পৰিকল্পনাৰ সহায়ত শিক্ষাৰ্থীসকলে শ্ৰেণীকক্ষত ভিতৰে – বাহিৰে আহৰণ কৰা অভিজ্ঞতাৰ ৰেকৰ্ড ৰখাৰ লগতে শিক্ষাদানৰ অগ্ৰগতিৰ বুজ লোৱাত সহায় কৰে।

(ছ) পাঠ পৰিকল্পনাই শিক্ষকক শিক্ষণীয় সঁজুলি নিৰ্বাচনত সহায় কৰে।

(জ) দৈনিক পাঠ পৰিকল্পনাই শিক্ষাদান আৰু গ্ৰহণ কৰাত শিক্ষকক সহায় কৰে। এনে ধৰণৰ পৰিকল্পনাই সময় আৰু শক্তিৰ অপচয় ৰোধ কৰাত সহায় কৰে।

(ঝ) পাঠ পৰিকল্পনাই সহ – সম্বন্ধৰ (Correlational studies) অধ্যয়নত সহায় কৰে।

(ঞ) পাঠ পৰিকল্পনাই বিষয়বস্তুৰ উদ্দেশ্যসমূহ স্থিৰ কৰাত সহায় কৰে।

১৭। পাঠ পৰিকল্পনাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। (Mention the Characteristics of Lesson Plan.)

উত্তৰঃ পাঠ পৰিকল্পনাৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল:- 

(ক) পাঠ পৰিকল্পনাৰ প্ৰধান বৈশিষ্ট্য হ’ল ইয়াৰ উদ্দেশ্য। পাঠ পৰিকল্পনা কৰোতে সদায় সাধাৰণ আৰু বিশেষ উদ্দেশ্যসমূহৰ সাধাৰণ কাৰ্য্য সম্পাদন কৰা হয়।

(খ) পাঠ পৰিকল্পনা কৰোতে শিক্ষাৰ্থীৰ লগতে শ্ৰেণীৰ বিতং বিৱৰণ উল্লেখ কৰিব লাগে যেনে:- বয়স, শ্ৰেণী, তাৰিখ, সংখ্যা আদি।

(গ) পাঠ পৰিকল্পনা প্ৰস্তুত কৰাৰ আগতে শিক্ষাৰ্থীৰ পূৰ্বজ্ঞান সম্পৰ্কে জ্ঞান মূল্যায়ন কৰাৰ ব্যৱস্থা ৰাখিব লাগে।

(ঘ) পাঠ পৰিকল্পনা কৰোতে শিক্ষণীয় বিষয় স্পষ্টকৈ আৰু নিৰ্দিষ্ট কৰিব লাগে।

(ঙ) পাঠ পৰিকল্পনা কৰোতে শিক্ষাৰ্থীৰ বয়স আৰু যোগ্যতাৰ ভিত্তিত পৰিকল্পনা কৰিব লাগে।

(চ) শিক্ষাৰ্থীক অভিৰোচিত কৰিব পৰাকৈ পাঠ পৰিকল্পনা কৰিব লাগে।

(ছ) পৰিকল্পনা কৰা পাঠটোত ব্যৱহাৰ হোৱা শিক্ষণীয় সঁজুলি (teaching aids) সমূহ অন্তৰ্ভুক্ত কৰি ল’ব লাগে।

(জ) পাঠ পৰিকল্পনা কৰোতে গৃহকৰ্ম কেনে হোৱা উচিত তাৰ স্পষ্ট উল্লেখ থাকিব লাগে। 

(ঝ) পাঠ পৰিকল্পনা কৰোতে শিক্ষক আৰু শিক্ষাৰ্থীৰ কাৰ্য্যসমূহৰ  স্পষ্টকৈ উল্লেখ কৰিব লাগে।

(ঞ) পাঠ পৰিকল্পনা কৰোতে দীগলীয়া পাঠ সৰু সৰু গোটত (Unit) ভাগ কৰি শিকাব লাগে। 

(ট) পাঠ পৰিকল্পনা কৰোতে শিক্ষকে কেনেদৰে বিষয়বস্তুৰ উপস্থাপন কৰিব তাৰ স্পষ্ট উল্লেখ কৰিব লাগিব।

১৮। পাঠ পৰিকল্পনাৰ সুবিধাসমূহ লিখা। (Write the Advantages of Lesson Plan.)

উত্তৰঃ পাঠ পৰিকল্পনাৰ সুবিধাসমূহ তলত উল্লেখ কৰা হ’ল:- 

(ক) পাঠ পৰিকল্পনা কৰাৰ ফলত শিক্ষণীয় বিষয়বস্তু প্ৰণালীবদ্ধভাৱে প্ৰদান কৰাত সহায় হয়।

(খ) শিক্ষকে পাঠ পৰিকল্পনাৰ সহায়ত শিক্ষাদান কৰিবলগীয়া বিষয়সমূহ সুন্দৰভাৱে উপস্থাপন কৰিব পাৰে।

(গ) পাঠ পৰিকল্পনাৰ জৰিয়তে পাঠদানৰ ফলত শিক্ষাদানৰ জ্ঞানমূলক দিশত উপনীত হোৱাত সহায় হয়।

(ঘ) পাঠ পৰিকল্পনা কৰিলে শিক্ষকে অনাৱশ্যকীয় পুনৰাবৃত্তি কৰাৰ পৰা বিৰত থাকে।

(ঙ) শিক্ষকসকলক দক্ষতাৰে শিক্ষাদান কাৰ্য্য সম্পাদন কৰাত পাঠ পৰিকল্পনাই সহায় কৰে।

(চ) পাঠ পৰিকল্পনাৰ সহায়ত শিক্ষাদানৰ ফলত শ্ৰেণীকক্ষত সময়ৰ সদ্ ব্যৱহাৰ হয়।

১৯। পাঠ পৰিকল্পনাৰ অসুবিধাসমূহ লিখা। (Write the Disadvantages of Lesson Plan.) 

উত্তৰঃ পাঠ পৰিকল্পনাৰ অসুবিধাসমূহ উল্লেখ কৰা হ’ল:- 

(ক) হাৰ্বাচিয়ান  পদ্ধতি সম্পূৰ্ণ শিক্ষককেন্দ্ৰিক এক শিক্ষাদান পদ্ধতি।

(খ) কেৱল জ্ঞানমূলক দিশত বেছি গুৰুত্ব দিয়া বাবে কৌশল আৰু প্ৰশংসাৰ পাঠ প্ৰদানৰ বাবে ই উপযোগী পদ্ধতি হিচাপে বিবেচিত নহয়।

(গ) পাঠ পৰিকল্পনাই শিক্ষা আহৰণতকৈ শিক্ষা দানত অধিক গুৰুত্ব প্ৰদান কৰে।

(ঘ) পাঠ পৰিকল্পনা সৰ্বজনীন নহয়। কিয়নো, পাঠ পৰিকল্পনা সকলো ধৰণৰ শিক্ষাৰ্থী যেনে — প্ৰতিভাৱান, অনগ্ৰসৰ, সাধাৰণ শিশুসকলৰ বাবে ফলপ্ৰসূ নহয়।

(ঙ)পাঠ পৰিকল্পনাৰ জৰিয়তে পাঠদানত শিক্ষকৰ কোনো স্বাধীনতা নাথাকে।

(চ) হাবাৰ্টৰ  পাঠ পৰিকল্পনাত শিশুৰ বিকাশৰ বাবে বংশগতিতকৈ পৰিৱেশৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা দেখা যায়।

(ছ) পাঠ পৰিকল্পনা কৰি শিক্ষাদান কৰাৰ ফলত শিক্ষাৰ্থীয়ে‌ নিষ্ক্ৰিয় ভূমিকা পালন কৰে। অৰ্থাৎ এনে কৰিলে শিক্ষাৰ্থীৰ মানসিক বিকাশ সম্ভৱ নহয়।

২০। হাৰ্বাচিয়ান স্তৰসমূহ বহলাই আলোচনা কৰা। (Discuss in details of Herbartian approach.) 

উত্তৰঃ তলত হাৰ্বাচিয়ান স্তৰসমূহ আলোচনা কৰা হ’ল:- 

(ক) প্ৰস্তুতি (Preparation): শিক্ষকে শিক্ষাৰ্থীসকলক শিক্ষাদান কৰাৰ পূৰ্বে পাঠ আহৰণৰ বাবে মানসিকভাৱে প্ৰস্তুত কৰি তুলিব লাগে। শিক্ষক আৰু শিক্ষাৰ্থী উভয়ৰ বাবে মানসিক প্ৰস্তুতিৰ অতি আৱশ্যক। শিক্ষকে পূৰ্ব জ্ঞানৰ সহায়ত শিক্ষাৰ্থীসকলক নতুন জ্ঞান প্ৰদান কৰে আৰু প্ৰয়োজন অনুসৰি শিক্ষণীয় সঁজুলিসমূহৰ ব্যৱহাৰ কৰি শিক্ষা আহৰণৰ বাবে অভিৰোচিত কৰি তুলিব লাগে।

George H. Green এ তেওঁৰ গ্ৰন্থ ‘Planning the lesson ‘ ত শিক্ষাৰ্থীসকলক শিক্ষাদানৰ বাবে পূৰ্বে প্ৰস্তুতিৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি কৈছিল —

“In the Preparation step the teacher brings well into the pupils mind the knowledge that will be required as a foundation for the new knowledge to be gained in the course of the lesson. In the Preparation step nothing new is learned that relevant old knowledge is marshalled, and the pupil is made ready to receive the new.”

হাবাৰ্টৰ স্তৰৰ কিছু সংশোধন কৰি বৰ্তমান শিক্ষক প্ৰশিক্ষণ অনুষ্ঠানসমূহত কিছুমান নতুন দিশৰ অন্তৰ্ভু্ক্ত কৰা হৈছে। যেনে — 

১। শিক্ষক প্ৰশিক্ষাৰ্থীৰ ৰোল নম্বৰ, শ্ৰেণীৰ নাম,  বিষয়, শিক্ষাৰ্থীৰ গড় বয়স, পাঠদানৰ সময় ইত্যাদি।

২। পাঠৰ উদ্দেশ্য — সাধাৰণ উদ্দেশ্য আৰু বিশেষ উদ্দেশ্য।

৩। শিক্ষণীয় সঁজুলি।

৪। পূৰ্বজ্ঞানৰ পৰীক্ষা।

৫। পাঠ ঘোষণা।

(খ) উপস্থাপন (Presentation): উপস্থাপন হৈছে পাঠ পৰিকল্পনাৰ দ্বিতীয় স্তৰ। এই স্তৰৰ শিক্ষকে শিক্ষাৰ্থীৰ দেহ – মানসিক প্ৰস্তুতিৰ ভিত্তিক নতুন পাঠ ঘোষণা কৰি পাঠ পৰিকল্পনাৰ বাবে সাজু কৰি থোৱা পাঠৰ অংশ সৃংখলাদ্ধভাৱে শ্ৰেণীকক্ষত বুজাই দিব। শিক্ষণীয় সঁজুলিৰ ব্যৱহাৰৰ লগতে শিক্ষাদানৰ নীতি অনুসৰণ কৰি শিক্ষাৰ্থীৰ মনোগ্ৰাহী হোৱাকৈ বিষয়বস্তুৰ উপস্থাপন কৰিব লাগে।

(গ) তুলনা আৰু অনুসংগ (Comparison and Association): তুলনা আৰু অনুসংগ হ’ল পাঠ পৰিকল্পনাৰ তৃতীয় স্তৰ। এই স্তৰৰ শিক্ষকে শিক্ষাদান কৰা বিভিন্ন পাঠৰ তুলনামূলক অধ্যয়ন কৰা হয়। শ্ৰেণীত শিকোৱা নতুন পাঠ আৰু পূৰ্বতে প্ৰদান কৰা বিষয়বস্তুৰ সাদৃশ্য আৰু বৈসাদৃশ্যৰ অধ্যয়ন বা তুলনামূলক বিচাৰ কৰা হয়। এনে তুলনা আৰু অনুসংগৰ জৰিয়তে শিক্ষাৰ্থীয়ে অতি সহজে পাঠৰ বিষয়বস্তু শিকিব পাৰে।

(ঘ) সামান্যীকৰণ বা সাধাৰণীকৰণ (Generalisation): সামান্যীকৰণ বা সাধাৰণীকৰণ হ’ল পাঠ পৰিকল্পনাৰ চতুৰ্থ স্তৰ। এই স্তৰৰ শিক্ষকে শিক্ষাদান কৰা পাঠৰ বিষয়বস্তুৰ আধাৰত কোনো এক সিদ্ধান্তত উপনীত হয়। এই স্তৰক সামৰণি স্তৰ হিচাপে গণ্য কৰা হয়। এই স্তৰত শিক্ষাৰ্থীসকলে বোধগম্য হোৱা বিষয়ৰ আত্মপ্ৰকাশ কৰে। শিক্ষাৰ্থীৰ অসম্পূৰ্ণ জ্ঞান আহৰণ কৰা বিষয়সমূহ শিক্ষকে শুদ্ধকৈ বা সম্পূৰ্ণকৈ প্ৰদান কৰিবলৈ চেষ্টা কৰে।

(ঙ) প্ৰয়োগ (Application): প্ৰয়োগ হ’ল পাঠ পৰিকল্পনাৰ শেষৰ স্তৰত শিক্ষকে প্ৰদান কৰা শিক্ষা শিক্ষাৰ্থীসকলৰ বোধগম্য হৈছে নে নাই প্ৰয়োগ কৰি চাব বিচাৰে। অৰ্থাৎ শিক্ষাৰ্থীসকলক মৌখিক বা লিখিত প্ৰশ্নৰ জৰিয়তে মূল্যায়ন কৰা হয়। এই স্তৰত শিক্ষাৰ্থীসকলৰ জ্ঞান, বোধ আৰু ক্ৰিয়ামূলক তিনিওটা দিশৰ মূল্যায়ন কৰিবলৈ বিচৰা হয়। প্ৰয়োজন সাপেক্ষে শিক্ষকে পুনৰ পাঠটো আলোচনা কৰিব পাৰে। শিক্ষকে সোধা বা লিখিব দিয়া প্ৰশ্নৰ সঠিক উত্তৰ প্ৰদান কৰিব নোৱাৰিলে বিষয়বস্তু পুনৰ বুজাই দিব লাগে। গৃহকৰ্মৰ জৰিয়তে শিক্ষকৰ পৰিকল্পিত পাঠৰ অন্ত হয়। গৃহকৰ্ম সদায় শিক্ষাৰ্থীৰ বাবে মনোগ্ৰাহী হ’ব লাগে। বিৰক্তিকৰ গৃহকৰ্মই শিক্ষাৰ্থীসকলক নঞৰ্থক প্ৰভাৱ বিস্তাৰ কৰিব পাৰে।

২১। শিক্ষাদানৰ কৌশলৰ প্ৰধান বৈশিষ্ট্যবোৰ লিখা। (Write the Characteristics of Teaching Skills.)

উত্তৰঃ শিক্ষাদানৰ কেইটামান প্ৰধান বৈশিষ্ট্য হ’ল:- 

(ক) শিক্ষাদান কৌশল হ’ল শিক্ষকে শিক্ষাদানৰ বেলিকা প্ৰদৰ্শন কৰা আচৰণ।

(খ) শিক্ষাদান কৌশলে ছাত্ৰ – ছাত্ৰীৰ আচৰণৰ বাঞ্ছিত পৰিৱৰ্তন সাধন কৰে।

(গ) শিক্ষাদান কৌশল হ’ল ছাত্ৰ – ছাত্ৰীসকলক শিক্ষা আহৰণ বেলিকা সহায় কৰা কিছুমান কৌশল।

(ঘ) শিক্ষাদানৰ কৌশলসমূহ হ’ল ছাত্ৰ – ছাত্ৰীসকলক নিৰ্দেশনাৰ বেলিকা প্ৰদান কৰা কৌশল।

(ঙ) শিক্ষাদানৰ কৌশলে ছাত্ৰ – ছাত্ৰীসকলৰ শিক্ষণ সূচল কৰিবৰ অভিপ্ৰায়েৰে সম্পাদন কৰা পৰস্পৰ সম্পৰ্ক থকা শিক্ষাদান কাৰ্য্য বা আচৰণ বিধি।

(চ) শিক্ষাদানৰ বিশেষ উদ্দেশ্যসমূহ পূৰণ কৰাত শিক্ষাদান কৌশল সহায় কৰে।

২২। শিক্ষকসকলে শিক্ষাদানৰ কৌশলসমূহ প্ৰশিক্ষাৰ্থীসকলক প্ৰদান কৰোতে অনুসৰণ কৰিব লগা স্তৰবোৰ উল্লেখ কৰা। (Mention the levels that teachers follow to provide teaching techniques to trainees.)

উত্তৰঃ শিক্ষকসকলে শিক্ষাদানৰ কৌশলসমূহ প্ৰশিক্ষাৰ্থীসকলক প্ৰদান কৰোতে অনুসৰণ কৰিব লগা স্তৰ কিছুমান হ’ল:-

(ক) শিক্ষাদানৰ কৌশলসমূহৰ বিশ্লেষণ কৰা।

(খ) প্ৰশিক্ষাৰ্থীসকলৰ প্ৰাৰম্ভিক আচৰণসমূহ নিৰীক্ষণ কৰা।

(গ) উপকৌশলসমূহক শ্ৰেণীবদ্ধ কৰা।

(ঘ) শিক্ষাদানৰ কৌশলসমূহ প্ৰশিক্ষাৰ্থীসকলৰ আগত বৰ্ণনা আৰু প্ৰদৰ্শন কৰা।

(ঙ) শিক্ষাদানৰ কৌশলসমূহ  আয়ত্ব কৰিবলৈ অনুশীলনৰ ব্যৱস্থা কৰা।

(চ) প্ৰশিক্ষাৰ্থীসকলক তাৎক্ষণিক প্ৰতিপুষ্টি প্ৰদান কৰা।

২৩। Allen আৰু তেওঁৰ সহযোগীসকলে আগবঢ়োৱা শিক্ষাদানৰ কৌশলবোৰ উল্লেখ কৰা। (Mention the teaching strategies given by Allen and his colleagues.)

উত্তৰঃ Allan আৰু তেওঁৰ সহযোগীসকলে আগবঢ়োৱা শিক্ষাদানৰ কৌশলবোৰ হ’ল:- 

(ক) পাঠ অৱতাৰণা (Set Introduction).

(খ) উদ্দীপকৰ ভিন্নতা (Stimulus Variation).

(গ) বক্তৃতা (Lecturing).

(ঘ) মূক আৰু নিৰ্বাক ইংগিত (Silence and Nonverbal Clues). 

(ঙ) শিক্ষাৰ্থীৰ অংশগ্ৰহণত পুনঃ দৃঢ়ীকৰণ (Reinforcing Pupil Participations). 

(চ) চিনাক্তকৰণ আচৰণ (Recognising Behaviour).

(ছ) সংযোগ সম্পূৰ্ণকৰণ (Completing the Communication).

(জ) প্ৰশ্নবানত বাগ্মিতা ( Fluency in Questioning).

(ঝ) সন্ধানী প্ৰশ্ন ( probing Questions).

(ঞ) অপসাৰী চিন্তন ( Divergent Thinking).

(ট) উচ্চস্তৰৰ প্ৰশ্ন ( Higher Order Questions).

(ঠ) ব্যাখ্যাকৰণ আৰু দৃষ্টান্তৰ প্ৰয়োগ (ILLustrating and Use of Examples).

(ড) পৰিকল্পিত পুনৰাবৃত্তি (Planned Repetition).

(ঢ) সমন্তকৰণ (Closure).

২৪। Passi আৰু সহযোগীসকলৰ আগবঢ়োৱা শিক্ষাদান কৌশলবোৰ লিখা। (Write the teaching strategies given by Passi and his colleagues.)

উত্তৰঃ Passi আৰু সহযোগীসকলৰ মতে, শিক্ষাদান কৌশলবোৰ হ’ল:- 

(ক) শিক্ষাদানৰ উদ্দেশ্যৰ লিখন (Writing Instructional Objectives).

(খ) পাঠ অৱতাৰণা (Introducing Lesson).

(গ) কলাফলক ব্যৱহাৰ (Using Blackboard).

(ঘ) বিষয়বস্তু নিৰ্বাচন (Selecting Content).

(ঙ) বিষয়বস্তুৰ সংগঠন (Organising Content).

(চ) দৃশ্য – শ্ৰাব্য সঁজুলি নিৰ্বাচন (Selecting Audio – visual Aids).

(ছ) উপস্থিত আচৰণ চিনাক্তকৰণ (Recognising Attending Behaviour).

(জ) শিক্ষাৰ্থীৰ অংশগ্ৰহণ বৃদ্ধিকৰণ (Increasing Students Participation).

(ঝ) মৌন আৰু নিৰ্বাক ইংগিত (Silence and Nonverbal Clues).

(ঞ) প্ৰশ্নবানত বেগ্মিতা (Fluency in Questioning).

(ট) সন্ধানী প্ৰশ্নবান (Probing Questions).

(ঠ) ব্যাখ্যাকৰণ (Explaining).

(ড) উদাহৰণসহ ব্যাখ্যা (ILLustrating with Examples).

(ঢ) পুনঃ দৃঢ়ীকৰণ (Re – inforcement).

(ণ) সংশোধনমূলক পৰিমাপন (Remedial Measurement).

(ত) শিক্ষণীয় কৰ্ম প্ৰদান (Giving Assignment).

(থ) উদ্দিপকৰ ভিন্নতা (Stimulus Variation).

(দ) মূল্যায়ন (Evaluation).

(ধ) সমাপ্তকৰণ সম্পাদন (Achieving Closure).

২৫। Jangira আৰু তেওঁৰ সহযোগীসকলৰ আগবঢ়োৱা শিক্ষাদানৰ কৌশলবোৰ উল্লেখ কৰা। (Mention the teaching strategies given by Jangira and his colleagues.)

উত্তৰঃ Jangira আৰু তেওঁৰ সহযোগীসকলৰ মতে, শিক্ষাদানৰ কৌশলসমূহ হ’ল:- 

(ক) শিক্ষাদানৰ উদ্দেশ্যৰ লিখন (Writing the Instructional Objectives).

(খ) কলাফলক ব্যৱহাৰ (Using Blackboard).

(গ) পাঠ অৱতাৰণা (Introducing a Lesson).

(ঘ) উদ্দীপকৰ ভিন্নতা (Stimulus Variation).

(ঙ) পাঠ  অৱতাৰণাৰ বা পৰিৱেশৰ সূচনা কৰা (Creating a Set for Introducing Lesson).

(চ) শিক্ষাৰ্থীৰ অংশগ্ৰহণক উদ্বুদ্ধ কৰা (Promoting Pupil Participation).

(ছ) বিষয়বস্তুৰ সংগঠন (Organisation).

(জ) শিক্ষাৰ্থীৰ প্ৰগতিৰ মূল্যায়ন (Evaluation Students Progress).

(ঝ) পাঠৰ গতিবেগ (Pacing the Lesson).

(ঞ) গঠনমূলক প্ৰশ্ন (Structuring Question).

(ট) প্ৰশ্নৰ স্তৰ (Level of Questions).

(ঠ) উদাহৰণসহ ব্যাখ্যা (ILLustrating with Examples).

(ড) শ্ৰেণীকক্ষৰ ব্যৱস্থাপনা (Classroom Management).

(ঢ) শিক্ষণীয় কৰ্ম প্ৰদান (Giving Assignment)

(ণ) শব্দিক আৰু অশাব্দিক ইংগিতৰ ব্যৱহাৰ (Using Verbal and Nonverbal Clues).

(ত) প্ৰত্যুত্তৰ ব্যৱস্থাপনা (Response Management).

(থ) বিভেদক (Diagnosing).

(দ) সংস্কাৰ পৰিমাপন প্ৰদান (Proving Remedial Measures).

(ধ) ব্যাখ্যাকৰণ (Explaining).

(ন) সমাপ্তকৰণ সম্পাদন (Achieving Closure).

২৬। পাঠ অৱতাৰণা কৌশলৰ উপাদানসমূহ উল্লেখ কৰা। (Mention the elements of Introducing a Lesson).

উত্তৰঃ পাঠ অৱতাৰণা কৌশলৰ উপাদানসমূহ হ’ল:- 

(ক) প্ৰৰম্ভিক মনোযোগ আকৰ্ষণ (Preliminary Attention Gaining): পাঠৰ আৰম্ভণিতে শিক্ষকে ছাত্ৰ – ছাত্ৰীসকলক শিকিবৰ বাবে মানসিকভাৱে প্ৰস্তুত কৰিব তুলিব লাগে। ছাত্ৰ – ছাত্ৰীসকলৰ মনোযোগ আকৰ্ষণ কৰি তুলিবলৈ শিক্ষকসকলে ৰসিকতাপূৰ্ণ কথা কোৱা, আবৃত্তি, গল্প বা শিক্ষণীয় সঁজুলি প্ৰদৰ্শন কৰিব লাগে। 

(খ) প্ৰাসংগিক পূৰ্বজ্ঞানৰ পৰীক্ষা (Check the Relevant Previous Knowledge): নতুন পাঠ আৰম্ভ কৰাৰ আগতে শিক্ষকে বা প্ৰশিক্ষাৰ্থীয়ে ছাত্ৰ – ছাত্ৰীসকলৰ পূৰ্বজ্ঞানৰ পৰীক্ষা কৰিব লাগে। পাঠৰ লগত সংগতি থকা বিভিন্ন কথাৰ ওপৰত প্ৰশ্ন কৰি ছাত্ৰ – ছাত্ৰীসকলৰ পূৰ্বজ্ঞানৰ পৰীক্ষা ল’ব লাগে। ছাত্ৰ – ছাত্ৰীৰ পূৰ্বজ্ঞানৰ ওপৰত ভিত্তি কৰি নতুন পাঠৰ আৰম্ভ কৰিব লাগে ।

(গ) শিক্ষণীয় সঁজুলিৰ ব্যৱহাৰ (Use of Teaching – Learning Aids): শিক্ষকে পাঠ অৱতাৰণা কৰিবৰ বাবে আৰু ছাত্ৰ – ছাত্ৰীসকলক পাঠটোৰ প্ৰতি আকৰ্ষিত কৰি তুলিবৰ বাবে বিভিন্ন শিক্ষণীয় সঁজুলিৰ ব্যৱহাৰ কৰিব লাগে।

(ঘ) শিক্ষণীয় বিষয়ৰ লগত সুস্পষ্ট সম্পৰ্ক স্থাপন (Explicit Link with Content): শিক্ষকে শিক্ষণীয় বিষয়ৰ লগত সুস্পষ্ট সম্পৰ্ক স্থাপন কৰিহে পাঠটো অৱতাৰণা কৰিব লাগে।

২৭। ক’লাব’ৰ্ড লিখনৰ ক্ষেত্ৰত থকা কেইটামান উপাদান উল্লেখ কৰা। (Mention some of the elements of skill of blackboard writing.)

উত্তৰঃ ক’লাব’ৰ্ড লিখনৰ ক্ষেত্ৰত থকা কেইটামান উপাদান হ’ল:- 

(ক) স্পষ্টতা (Legibility): ব’ৰ্ডৰ আখৰবোৰ শিক্ষকজনে স্পষ্টভাৱে লিখিব লাগে। যাতে ছাত্ৰ – ছাত্ৰীয়ে ভালদৰে বুজি পায়। অস্পষ্ট লিখনীয়ে শিক্ষাৰ্থীৰ শিক্ষা আহৰণৰ ক্ষেত্ৰত বিৰক্তি সৃষ্টি কৰে।

(খ) আখৰৰ আকাৰ আৰু স্থিতি (Size and Alignment): শিক্ষকে ক’লাব’ৰ্ডত লিখোতে আখৰ আৰু স্থিতিৰ ওপৰত গুৰুত্ব দিব লাগে। শ্ৰেণীৰ একেবাৰে শেষৰ বেঞ্চত বহা ছাত্ৰ – ছাত্ৰীয়ে আখৰ চিনিব পাৰিছেনে নাই তাৰ ওপৰত শিক্ষকে নজৰ ৰখা উচিত।

(গ) মূল কথা আলোকপাত কৰা (Highlighting Main Points): শিক্ষকে ব’ৰ্ডত লিখি যোৱা কথাবোৰ বা শব্দবোৰত মূল কথাবোৰৰ তলত দাগ দি ছাত্ৰ – ছাত্ৰীৰ মনোযোগ আকৰ্ষণ কৰিবলৈ যত্ন কৰিব লাগে। 

(ঘ) ব’ৰ্ডৰ ঠাইৰ সদ্ ব্যৱহাৰ (Utilisation of Space): ব’র্ডত লিখোতে শিক্ষকে ঠাইৰ সদ্ ব্যৱহাৰ কৰিব লাগে। আখৰ আৰু শব্দৰ মাজৰ ব্যৱধান ৰক্ষা কৰি শিক্ষকে অতি গুৰুত্বপূৰ্ণ কথাহে ব’ৰ্ডত লিখিব লাগে।

(ঙ) বানান আৰু বাক্যৰ গাঁথনিৰ শুদ্ধতা (Correctness of Spelling and Sentence Structure): ব’ৰ্ডত লিখোতে শিক্ষকে শব্দৰ ব্যৱহাৰ আৰু বাক্যৰ গাঁথনিৰ শুদ্ধতাৰ ওপৰত সতৰ্ক হ’ব লাগে। ব’ৰ্ডত লিখা শব্দসমূহত যাতে ভুল হৈ নাযায় তাৰ প্ৰতি শিক্ষকজন সতৰ্ক হ’ব লাগে।

(চ) শিক্ষকৰ অৱস্থান (Position of the Teacher): শিক্ষকে ব’ৰ্ডত লিখা অৱস্থাত তেওঁৰ অৱস্থান ব’ৰ্ডৰ বাওঁফালে হ’ব লাগে। যাতে ছাত্ৰ – ছাত্ৰীয়ে তেওঁ লিখা কথাখিনি স্পষ্টভাৱে পঢ়িব আৰু লিখিব পাৰে।

(ছ) ক’লাব’ৰ্ডৰ সাৰাংশ (Blackboard Summary): শিক্ষকে পাঠদান সমাপ্ত কৰাৰ আগতে পাঠটোৰ সাৰাংশ বা গুৰুত্বপূৰ্ণ কথাবোৰ ব’ৰ্ডত লিখিব লাগে।

(জ) চাক্ষুক যোগাযোগ (Eye – Contact): ছাত্ৰ – ছাত্ৰীসকলক সক্ৰিয় কৰি ৰাখিবলৈ শিক্ষকে ব’ৰ্ডত লিখা কথাবোৰ বুজাই যাওঁতে চাক্ষুক যোগাযোগ ৰক্ষা কৰি চলিব লাগে।

২৮। প্ৰশ্নকৰণ সাৱলীলতা প্ৰধান উপাদানসমূহ আলোচনা কৰা। (Discuss the main elements of Fluency in Questioning.)

 উত্তৰঃ প্ৰতি একক সময়ত শিক্ষকে সোধা অৰ্থপূৰ্ণ প্ৰশ্নবানেই হ’ল প্ৰশ্নকৰণ সাৱলীলতা। 

ইয়াৰ প্ৰধান উপাদানসমূহ তলত আলোচনা কৰা হ’ল:- 

(i) স্পষ্টতা (Clarity): শিক্ষকসকলে স্পষ্ট আৰু পোনপটিয়া শব্দ ব্যৱহাৰ কৰি প্ৰশ্ন সুধিব লাগে, যাতে ছাত্ৰ – ছাত্ৰীয়ে বুজিবলৈ অসুবিধা নাপায়।

(ii) সংক্ষিপ্ততা (Concise): শিক্ষকে সদায় প্ৰত্যক্ষ আৰু সংক্ষিপ্তভাৱে প্ৰশ্ন সুধিব লাগে। অত্যাধিক শব্দ ব্যৱহাৰ কৰি প্ৰশ্ন জটিল কৰি তুলিব নালাগে।

(iii) প্ৰয়োগিকতা (Relevance): শিক্ষাৰ্থীসকলক ভালদৰে শিকাত সহায়ক হ’বৰ বাবে শিক্ষকে প্ৰশ্ন উপস্থাপন কৰোতে বিষয়বস্তুৰ প্ৰাসংগিকতা ৰক্ষা কৰিব লাগে।

(iv) নিদিৰ্ষ্টতা (Specificity): শিক্ষকে সদায় নিৰ্দিষ্ট আৰু পৰিষ্কাৰ উত্তৰ দিব পৰা প্ৰশ্ন সুধিব লাগে।

(v) দ্ৰুততা (Pacing): শিক্ষকে প্ৰায় প্রশ্ন সোধোতে এক নিৰ্দিষ্ট গতিবেগত সুধিব লাগে। অত্যাধিক খৰকৈ বা লেহেমকৈ সোধা প্ৰশ্ন ছাত্ৰ – ছাত্ৰীয়ে বুজি পোৱাত অসুবিধা হ’ব পাৰে। 

(vi) বিৰতি (Pausing): ছাত্ৰ – ছাত্ৰীয়ে যাতে ভাবি – চিন্তি উত্তৰ প্ৰদান কৰিব পাৰে তাৰ বাবে শিক্ষকে প্ৰশ্ন সোধাৰ পিছত অলপ সময় বিৰতি দিব লাগে।

(vii) সু – সংগঠিত (Coherence): প্ৰশ্নসমূহ জধেমধে নুসুধি সুসংগঠিতভাৱে সুধিব লাগে। এনেধৰণৰ সোধা প্ৰশ্নই শিক্ষাৰ্থীসকলক শিক্ষণীয় বিষয়ৰ প্ৰতি আকৰ্ষিত কৰি তোলে।

(viii) নিৰ্দেশনা (Directing): শিক্ষকে প্ৰশ্নটো সোধাৰ পাছত অলপ বিৰতি লৈ নিৰ্দিষ্টকৈ এজন  ছাত্ৰ – ছাত্ৰীক উত্তৰ দিবলৈ নিৰ্দেশনা প্ৰদান কৰিব লাগে। এনে কৰিলে প্ৰতিজন ছাত্ৰ – ছাত্ৰীয়েই প্ৰশ্নৰ উত্তৰ নিজাববীয়কৈ মনতে জুকিয়াই লৈ উত্তৰ দিবলৈ প্ৰস্তুত হ’ব।

২৯। সন্ধানী প্ৰশ্নকৰণ কৌশলৰ উপাদানসমূহ আলোচনা কৰা। (Discuss the elements of Probing Questioning.)

উত্তৰঃ সন্ধানী প্ৰশ্নকৰণ কৌশলৰ উপাদানসমূহ হ’ল:- 

(i) উদ্বুদ্ধকৰণ (Prompting): সন্ধানী প্ৰশ্নবোৰ স্বাভাৱিকতে জটিল ধৰণৰ হোৱা দেখা যায়। সেয়েহে, শিক্ষকে ছাত্ৰ – ছাত্ৰীয়ে আংশিকভাৱে শুদ্ধ উত্তৰ জানে বা উত্তৰ নাজানে তেনে ক্ষেত্ৰত শিক্ষকে পৰোক্ষ ইংগিত প্ৰদান কৰি ছাত্ৰ – ছাত্ৰীসকলক উদ্বুদ্ধ কৰিব লাগে আৰু তেওঁলোকক  উদ্ গনি যোগান ধৰিব লাগে।

(ii) পুনৰ নিৰ্দেশন প্ৰশ্ন (Re – directed Questions): যেতিয়া কোনো এটা প্ৰশ্নৰ উত্তৰ ছাত্ৰ – ছাত্ৰীয়ে শুদ্ধকৈ দিব নোৱাৰে আংশিকভাৱে শুদ্ধ হয়, বা একাধিক ছাত্ৰ – ছাত্ৰীয়ে উত্তৰ দিব নোৱাৰে তেতিয়া শিক্ষকে প্ৰশ্নটো সকলো ছাত্ৰ – ছাত্ৰীৰ বাবে পুনৰ সুধিব লাগে। 

(iii) উচ্চস্তৰীয় প্ৰজ্ঞানাত্মক প্ৰশ্ন (Higher Order Cognitive Question): ছাত্ৰ – ছাত্ৰীসকলৰ উচ্চস্তৰীয় প্রজ্ঞানাত্মক দিশৰ বিকাশৰ বাবে শিক্ষকে বিশ্লেষণ, সংশ্লেষণ, মূল্যায়ন ইত্যাদি উচ্চ স্তৰৰ প্ৰশ্ন সুধিব লাগে।

(iv) পুনৰ নিবিষ্টকৰণ (Re – focusing): পুনৰ নিবিষ্টকৰণে শিক্ষাৰ্থীসকলক প্ৰশ্নটোৰ উত্তৰ প্ৰদান কৰোঁতে বিভিন্ন দৃষ্টিকোণৰ পৰা বিচাৰ শক্তি প্ৰদান কৰাত চিন্তাশক্তি যোগায়।

(v) সুচিন্তিত সজাগতা বৃদ্ধিকৰণ (Increasing critical Awareness): ছাত্ৰ – ছাত্ৰীসকলৰ সুচিন্তিত  সজাগতা বৃদ্ধি কৰিবৰ বাবে শিক্ষকে শুদ্ধ উত্তৰটোৰ লগত সংগতি ৰাখি অধিক প্ৰশ্ন সুধিব লাগে।

(vi) ওপৰঞ্চি তথ্যৰ সন্ধান (Seeking Further Information): ছাত্ৰ – ছাত্ৰীসকলক অতিৰিক্ত কিছুমান প্ৰশ্ন সুধিব লাগে। যিবোৰ প্ৰশ্ন কি, কিয়, কেনেকৈ আদি শব্দৰে আৰম্ভ হয়।

৩০। উদ্দীপক ভিন্নতা কৌশলৰ কেইটামান উপাদান আলোচনা কৰা। (Discuss the elements of skill of stimulus variation.)

উত্তৰঃ উদ্দীপক ভিন্নতা কৌশলৰ কেইটামান উপাদান তলত আলোচনা কৰা হ’ল:- 

(i) নিবিষ্টকৰণ (Focusing): শিক্ষকে বিভিন্ন ধৰণৰ সঁজুলি ব্যৱহাৰ কৰি বা মৌখিক শাৰীৰিক অংগী – ভংগীৰ যোগেদি ছাত্ৰ – ছাত্ৰীক বিষয়বস্তুৰ প্ৰতি মনোযোগ নিবিষ্টিকৰণ কৰিব লাগিব।

(ii) চাক্ষুস সংযোগ আৰু সঞ্চালন (Eye Contact and Eye Movement): শিক্ষকে শ্ৰেণীকক্ষত ছাত্ৰ – ছাত্ৰীসকলৰ মনোযোগ বৰ্তাই  ৰাখিবৰ বাবে চাক্ষুস সংযোগ আৰু সঞ্চালন কৰিব লাগে। শিক্ষকে সকলো ছাত্ৰ – ছাত্ৰীৰ প্ৰতি তেওঁৰ দৃষ্টি সংযোগ কৰিব লাগে।

(iii) শিক্ষকৰ চাল – চলন (Teacher’s Movement): শিক্ষকে স্থিৰভাৱে একে স্থানৰ পৰা পাঠদান কৰাৰ সলনি উদ্দেশ্যপূৰ্ণভাৱে স্থানৰ পৰিৱৰ্তন কৰিলে ছাত্ৰ – ছাত্ৰীসকল অধিক আকৰ্ষিত হ’ব। শিক্ষকে এনেদৰে স্থান পৰিৱৰ্তন কৰি শিক্ষা প্ৰদান কৰিলে শিক্ষাৰ্থীসকল অধিক প্ৰণোদিত হ’ব। 

(iv) স্বৰ – প্ৰক্ষেপন (Voice Modulation): বিষয়বস্তু অনুযায়ী শিক্ষকজনে নিজৰ কথনভংগীৰ সুৰ, গতি আদিৰ পৰিৱৰ্তন কৰিব লাগে। এনেদৰে মাত, গতি, শুৰ আদি উপযুক্তভাৱে প্ৰয়োগ কৰি শিক্ষকে শিক্ষাদান কৰিলে অধিক ফলপ্ৰসূ হ’ব।

(v) অংগী – ভংগী (Gestures): শিক্ষকে শিক্ষাদান কৰোতে বিভিন্ন সময়ত হাতৰ বা দেহৰ বিভিন্ন অংগী – ভংগী প্ৰদৰ্শনেৰে  শিক্ষাদান কাৰ্য্য অধিক ফলপ্ৰসূ কৰি তুলিব পাৰে। 

(vi) বিৰতি (Pausing): পাঠদান কৰি থাকোতে শিক্ষকে কিছু সময় নিৰবতা অৱলম্বন কৰি ছাত্ৰ – ছাত্ৰীসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ যত্ন কৰিব লাগে। এনেধৰণৰ বিৰতিয়ে ছাত্ৰ – ছাত্ৰীসকলক পাঠটোৰ প্ৰতি মনোযোগী হ’বলৈ প্ৰেৰণ যোগায়।

(vii) আন্তঃক্ৰিয়া (Interaction): শিক্ষকে শিক্ষাদানৰ সময়ত ছাত্ৰ – ছাত্ৰীৰ লগত আন্তঃক্ৰিয়া কৰিব লাগে। এনে আন্তঃক্ৰিয়াই শিক্ষাৰ্থীসকলক সক্ৰীয় কৰি তোলে।

৩১। পুনৰ উদ্দীপনা কৌশলৰ উপাদানসমূহ উল্লেখ কৰা। (Mention the elements of Reinforcement.)

উত্তৰঃ পুনৰ উদ্দীপনা কৌশলৰ অন্তৰ্গত উপাদানসমূহ হ’ল:- 

(i) প্ৰশংসা কৰা (Praising): ছাত্ৰ – ছাত্ৰীয়ে প্ৰদান কৰা সন্তোষজনক উত্তৰৰ বাবে তেওঁলোকক প্ৰশংসা কৰিব লাগে। প্ৰশংসাই ছাত্ৰ – ছাত্ৰীক অধিক মনোগ্ৰাহী কৰি তোলে।

(ii) প্রতিপুষ্টিৰ বাবে সন্তুষ্টি লাভ (Satisfaction for Feedback): শিক্ষাৰ্থীসকলে প্ৰদান কৰা শুদ্ধ প্ৰশ্নোত্তৰে শিক্ষকক সন্তুষ্টি প্ৰদান কৰে আৰু ভুল উত্তৰৰ বাবে শিক্ষকে আকৌ বিষয়টো আলোচনা কৰিব লাগে।

(iii) ব’ৰ্ডত লিখি আলোচনা কৰা (Explaining with Writing in Boards): শিক্ষকে ছাত্ৰ – ছাত্ৰীয়ে প্ৰদান কৰা উত্তৰসমূহ ব’ৰ্ডত লিখি আলোচনা কৰিব লাগে। এনে ধৰণৰ শিক্ষকে ছাত্ৰ – ছাত্ৰীৰ মনোযোগ আকৰ্ষণ কৰিব লাগে।

(iv) প্ৰশ্নোত্তৰৰ পুনৰাবৃত্তি (Repetition of Question – Answer): শিক্ষাৰ্থীসকলে প্ৰদান কৰা শুদ্ধ উত্তৰসমূহ আকৌ আন আন ছাত্ৰ – ছাত্ৰীসকলৰ  আগত উপস্থাপন কৰিব লাগে। এনে কৰিলে সকলো ছাত্ৰ – ছাত্ৰীয়ে উত্তৰ প্ৰদান কৰিবলৈ চেষ্টা কৰে।

৩২। ব্যাখ্যাকৰণ কৌশলৰ অন্তৰ্গত কেইটামান উপাদানৰ বিষয়ে লিখা। (Write about some of the elements interpretation technique of Explaining.)

উত্তৰঃ ব্যাখ্যাকৰণ কৌশলৰ অন্তৰ্গত কিছুমান উপাদান হ’ল:- 

(i) মাতৰ স্পষ্টতা (Clarity of Voice): ভাল শিক্ষাদানৰ বাবে শিক্ষকৰ স্পষ্ট মাতৰ প্ৰয়োজনীয়তা আছে। শিক্ষকে ব’ৰ্ডত লিখা বিষয়বস্তুসমূহেও স্পষ্টকৈ মুখেৰে উচ্চাৰণ কৰি যাব লাগে। অস্পষ্ট আৰু লেহেমীয়া মাতেও ছাত্ৰ – ছাত্ৰীসকলক বিৰক্তি প্ৰদান কৰিব পাৰে।

(ii) বিষয়বস্তুৰ ধাৰাবাহিকতা ৰক্ষা কৰা (Maintaining continuity of Subject matter): শিক্ষকে বিষয়বস্তুৰ ধাৰাবাহিকতা ৰক্ষা কৰিহে শিক্ষাদান কৰিব লাগে। শিক্ষকজনে মূল বিষয়বস্তুৰ পৰা কেতিয়াও আঁতৰি যাব নালাগে। বিষয়বস্তুৰ ধাৰাবাহিকতা ৰক্ষা কৰিবৰ বাবে বিভিন্ন সঁজুলি, প্ৰশ্ন, উদাহৰণ আদিৰ বাবে সহায় ল’ব লাগে। 

(iii) সাৱলীল মৌখিক ব্যাখ্যা ( Verbal Explaining): শিক্ষকজনে বিষয়বস্তু ছাত্ৰ – ছাত্ৰীৰ আগত সাৱলীলভাৱে মৌখিক ব্যাখ্যা আগবঢ়াব লাগিব। শিক্ষকজনে ইয়াৰ বাবে শাৰীৰিকভাৱে আৰু মানসিকভাৱে প্ৰস্তুত হোৱাৰ উপৰিও বিষয়বস্তু সম্পৰ্কে তেওঁৰ গভীৰ জ্ঞান থাকিব লাগিব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top