Techniques of teaching Unit 1 শিকণ শিক্ষণ প্ৰক্ৰিয়া

Techniques of teaching Unit 1 শিকণ শিক্ষণ প্ৰক্ৰিয়া, College and University Answer Bank for BA, and Post Graduate Notes and Guide Available here, Techniques of teaching Unit 1 শিকণ শিক্ষণ প্ৰক্ৰিয়া Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Techniques of teaching Unit 1 শিকণ শিক্ষণ প্ৰক্ৰিয়া Question Answer can be of great value to excel in the examination.

Techniques of teaching Unit 1 শিকণ শিক্ষণ প্ৰক্ৰিয়া

Join Telegram channel

Techniques of teaching Unit 1 শিকণ শিক্ষণ প্ৰক্ৰিয়া Notes cover all the exercise questions in UGC Syllabus. Techniques of teaching Unit 1 শিকণ শিক্ষণ প্ৰক্ৰিয়া The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Teaching And Learning Process

TECHNIQUES OF TEACHING

শিক্ষাদানৰ কৌশল

অতি চমু প্ৰশ্নোত্তৰ 

১। খালী ঠাই পূৰণ কৰাঃ (Fill in the Blanks)

(ক) মনোবিজ্ঞানী চাৰ জন আডামচ্ ৰ মতে, শিক্ষাদান আৰু শিক্ষাগ্ৰহণ প্ৰক্ৰিয়াত _____ পক্ষ থাকে। (According to psychologist sir John Adams in the process of teaching and learning _____ on behalf of.)

 উত্তৰঃ মনোবিজ্ঞানী চাৰ জন আডামচ্ ৰ মতে, শিক্ষাদান আৰু শিক্ষাগ্ৰহণ প্ৰক্ৰিয়াত দুটা পক্ষ থাকে।

(খ) শিক্ষাদান হৈছে এক _____ প্ৰক্ৰিয়া। (Teaching has been a _____ process.)

উত্তৰঃ শিক্ষাদান  হৈছে এক সামাজিক প্ৰক্ৰিয়া।

(গ) আধুনিক শিক্ষা ব্যৱস্থাৰ এক নৱতম সংযোজন হ’ল _____। (A new addition to the modern education system is ______.)

  উত্তৰঃ আধুনিক শিক্ষা ব্যৱস্থাৰ এক নৱতম সংযোজন হ’ল দলীয় শিক্ষণ।

(ঘ) ই – শিক্ষণ বা প্ৰযুক্তিগত শিক্ষণ হ’ল শিক্ষাজগতৰ এক _____ ধাৰণা। (E – learning or technical education is a _____ concept of education)

 উত্তৰঃ ই – শিক্ষণ বা প্ৰযুক্তিগত শিক্ষণ হ’ল শিক্ষাজগতৰ এক নৱতম ধাৰণা।

(ঙ) হিউৰিষ্টিক পদ্ধতিৰ আৱিষ্কাৰ অধ্যাপক _____ কৰিছিল। (The inventor Professor of the heuristic method _____.)

উত্তৰঃ হিউৰিষ্টিক পদ্ধতি আৱিষ্কাৰ অধ্যাপক ‘আমষ্ট্ৰঙেʼ (Prof Armstrong) কৰিছিল।

২। উত্তৰ দিয়াঃ (Write the answer)

(ক) ‘নতুনত্ব’ শব্দৰ ইংৰাজী প্ৰতিশব্দটো কি? (What is the English synonym for the word innovation?)

উত্তৰঃ ‘নতুনত্ব’ শব্দৰ ইংৰাজী প্ৰতিশব্দ হৈছে ‘Innovation’।

(খ) আমেৰিকাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত কিমান চনত দলগত শিক্ষাদান পদ্ধতিৰ আৰম্ভ হৈছিল। (In which year did the group teaching system start at Herbert University in America?)

উত্তৰঃ আমেৰিকাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত 1955 চনত পোন প্ৰথমে এই পদ্ধতিৰ আৰম্ভ হৈছিল।

(গ) Library ইংৰাজী প্ৰতিশব্দ কোনটো লেটিন ভাষাৰ পৰা আহিছে। (The English word ‘library’ comes from which Latin language?)

উত্তৰঃ Library ইংৰাজী প্ৰতিশব্দ লেটিন ভাষাৰ “Librarium” শব্দৰ পৰা আহিছে।

(ঘ) ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ে কোনটো চনৰ পৰা উচ্চ শিক্ষাৰ বাবে শিক্ষামূলক দূৰদৰ্শন সেৱা আৰম্ভ কৰে। (From which year did Indira Gandhi Open University launch educational television service for higher education?)

উত্তৰঃ ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ে ১৯৯১ চনৰ ২০ মে ‘ ৰ পৰা উচ্চ শিক্ষাৰ বাবে শিক্ষামূলক দূৰদৰ্শন সেৱা আৰম্ভ কৰে।

(ঙ) শিক্ষাদানৰ হিউৰিষ্টিক পদ্ধতি আৱিষ্কাৰক কোন আছিল। (Who was the inventor of the heuristic method of teaching?)

উত্তৰঃ শিক্ষাদানৰ হিউৰিষ্টিক পদ্ধতিৰ আৱিষ্কাৰ অধ্যাপক ‘আমষ্ট্ৰঙে’ (Prof Armstrong) কৰিছিল।

(চ) ইংৰাজী ‘Heuristic’ শব্দটো কোনটো ভাষাৰ পৰা আহিছে। (From which language does the English word ‘heuristic’ come from?)

উত্তৰঃ ইংৰাজী ‘Heuristic’ শব্দটো গ্ৰীক ভাষাৰ ’Heurisco’শব্দৰ পৰা উৎপত্তি হৈছে।

চমু আৰু ৰচনাধৰ্মী প্ৰশ্নোত্তৰঃ 

১। শিক্ষাদানৰ অৰ্থ লিখা। (Write the meaning of teaching.)

উত্তৰঃ শিক্ষাদান হৈছে এক সামাজিক প্ৰক্ৰিয়া। ই ছাত্ৰ – ছাত্ৰীসকলক শিকণৰ  বাবে অভিৰুচিত  কৰা, পথপ্ৰদৰ্শন তথা নিৰ্দেশনা প্ৰদান কৰা কাৰ্য্য। শিক্ষাদান প্ৰক্ৰিয়াই ছাত্ৰ – ছাত্ৰীসকলক নিজৰ লক্ষ্যত উপনীত হ’বৰ বাবে উৎসাহ প্ৰদান কৰা এক প্ৰচেষ্টা। পূৰ্বতে শিক্ষাদান প্ৰক্ৰিয়াক এক যান্ত্ৰিক প্ৰক্ৰিয়া বলি অভিহিত কৰা হৈছিল। কিন্তু বৰ্তমান শিক্ষাৰ এই ধাৰণা গ্ৰহণযোগ্য নহয়। সময়ৰ পৰিৱৰ্তনৰ লগে লগে শিক্ষাদানৰ ধাৰণাও সলনি হৈছে। সঁচা অৰ্থত শিক্ষাৰ্থীসকলৰ শিকণ প্ৰক্ৰিয়া বাস্তৱায়িত  কৰি তুলিবৰ বাবে শ্ৰেণীকক্ষৰ ভিতৰ আৰু বাহিৰত বিভিন্ন কৌশল বা পদ্ধতি প্ৰয়োগ কৰি প্ৰদান কৰা জ্ঞানৰ  সমষ্টিয়ে হ’ল শিক্ষাদান কাৰ্য্য। 

২। অনুক্ৰমিত শিক্ষণৰ সুবিধাসমূহ লিখা। (Write the Merits of Programme Learning.) 

উত্তৰঃ অনুক্রমিত শিক্ষণৰ সুবিধাসমূহ হ’লঃ 

(ক) এই পদ্ধতিত বিষয়বস্তু নিৰ্দিষ্ট বিন্যাসত ক্ষুদ্ৰ ক্ষুদ্ৰ অংশত আৰু সহজভাৱে ভাগ কৰাৰ বাবে বিষয়বস্তুৰ আয়ত্বকৰণ অলপকৈ ক্ৰম অনুযায়ী হয়।

(খ) এই পদ্ধতিত শ্ৰম আৰু সময়ৰ ৰাহি হয়।

(গ) এই পদ্ধতিত এটা ফ্ৰেমৰ শুদ্ধভাৱে উত্তৰ দিব পাৰিলেহে নতুন ফ্ৰেমৰ অগ্ৰসৰ হ’ব পাৰিব।

(ঘ) এই পদ্ধতিৰে শিক্ষাগ্ৰহণ কৰিবলৈ হ’লে শিক্ষাৰ্থীসকল সকলো সহায়তে সক্ৰীয় হ’ব লাগিব।

(ঙ) এই পদ্ধতিত শিক্ষাৰ্থীয়ে নিজৰ প্ৰতিক্ৰিয়া  তৎক্ষণাত জানিব পাৰে।

৩। অনুক্ৰমিক শিক্ষণৰ অসুবিধাসমূহ লিখা। (Write the Demerits of Programmed Learning.)

 উত্তৰঃ অনুক্ৰমিত শিক্ষণৰ অসুবিধাসমূহ হ’ল :-

(ক) এই পদ্ধতিত শিক্ষকৰ গুৰুত্ব শিক্ষাৰ্থীৰ তুলনাত কম।

(খ) এই পদ্ধতিয়ে শিক্ষণৰ সমস্যাৰ উদ্ ঘাটন কৰি তাৰ সমাধান কৰাত সহায়ক নহয়।

(গ) এই পদ্ধতিত শিক্ষাদানৰ প্ৰভাৱ বিস্তাৰ কৰা কাৰকৰ যেনে আবেগিক পৰিপক্কতা সামাজিক সংবেদনশীলতা আদি গুণসমূহৰ বিকাশত কোনো সহায় নকৰে।

(ঘ) এই পদ্ধতিত তাক ভাষা প্ৰয়োগ নহ’লে প্ৰগ্ৰমেই সফলতাত বাধাৰ সৃষ্টি কৰে।

(ঙ) এই পদ্ধতিত প্ৰগ্ৰেম তৈয়াৰ কৰোতে ছপা কৰা, উপস্থাপনৰ কৰা বাবে ব্যৱহাৰ কৰা মেচিনৰ বাবে যথেষ্ট ব্যয় হয়।

(চ) এই পদ্ধতি শিক্ষাৰ্থীক অভিৰোচিত কৰিব নোৱাৰো। ই নিৰস বিধৰ।

৪। দলীয় শিক্ষাদানৰ সুবিধাসমূহ লিখা। (Write the advantages of Team Teaching.) 

উত্তৰঃ দলীয় শিক্ষাদানৰ সুবিধাসমূহ তলত দিয়া ধৰণৰ :-

(ক) এই শিক্ষণৰ জৰিয়তে শিক্ষক – শিক্ষাৰ্থীসকলে মুক্তভাৱে আলোচনা কৰাৰ সুবিধা লাভ কৰে।

(খ) দলীয় শিক্ষণ ব্যৱস্থাত শিক্ষক – ছাত্ৰৰ মাজৰ সম্পৰ্ক স্থাপনৰ সুযোগ লাভ কৰা হয়।

(গ) শিক্ষকসকলৰ মৰ্যদা এই পদ্ধতিৰ জৰিয়তে লাভ কৰা হয়।

(ঘ) শিক্ষকসকলে অধিক গতিশীলভাৱে শিক্ষাদান কৰিব পাৰে।

(ঙ) এই শিক্ষণ ব্যৱস্থাত উপযুক্ত মুল্যায়নৰ ব্যৱস্থা থাকে।

(চ) দলীয় শিক্ষণৰ জৰিয়তে শিক্ষাৰ গুণগত মানদণ্ড দাঙি ধৰা হয়।

(ছ) এই পদ্ধতিৰ জৰিয়তে সময় আৰু শ্ৰমৰ ৰাহি হয়।

৫। দলীয় শিক্ষাদানৰ সীমাবদ্ধতাসমূহ লিখা। (Write the Limitations of Team Teaching.)

 উত্তৰঃ তলত দলীয় শিক্ষাদানৰ সীমাবদ্ধতাৰ বিষয়ে উল্লেখ কৰা হ’ল :-

(ক) দলীয় শিক্ষাদানত পৰস্পৰৰ মাজত সহযোগিতা নাথাকিলে ই বিফল হ’ব পাৰে।

(খ) দলীয় শিক্ষাদানৰ বাবে আমাৰ অনুষ্ঠানসমূহত পৰ্যাপ্ত সুবিধা নাই।

(গ) এই শিক্ষাদান অতি ব্যয়বহুল।সেয়েহে, ইয়াক সকলো লোকে ব্যৱহাৰ কৰিব নোৱাৰে।

(ঘ) নিম্ন পৰ্যায়ৰ শ্ৰেণীৰ বাবে ই অনুপযোগী।

(ঙ) এই পদ্ধতিৰে শিক্ষা প্ৰদান কৰিবলৈ শিক্ষক নিৰ্বাচন প্ৰক্ৰিয়াত কেতিয়াবা পক্ষপাতিত্ব কৰা হয়।

(চ) প্ৰশিক্ষণপ্ৰাপ্ত  শিক্ষকৰ অভাৱ যথেষ্ট ৰূপত দেখিবলৈ পোৱা যায়।

(ছ) ৰক্ষণশীল আৰু আত্মকেন্দ্ৰিক মনোভাৱৰ শিক্ষকসকলে এই শিক্ষণ আঁচনি গ্ৰহণ কৰিব নিবিচাৰে।

৬। কম্পিউটাৰৰ বৈশিষ্ট্যসমূহ লিখা। (Write the Characteristics of Computer.) 

উত্তৰঃ কম্পিউটাৰৰ বৈশিষ্ট্যসমূহ হ’ল :-

(ক) গতি বা বেগ হিচাপে এই সঁজুলিৰ সহায়ত দ্ৰুতভাৱে কাম কৰিব পাৰে।

(খ) কম্পিউটাৰৰ সহায়ত শুদ্ধ আৰু নিৰ্ভুলভাৱে কাম কৰিব পৰা যায়।

(গ) কম্পিউটাৰ এনে এটা যন্ত্ৰ যি ভাগৰ ক্লান্তিৰ পৰা মুক্ত।

(ঘ) সৰ্বদক্ষতা কম্পিউটাৰৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। কম্পিউটাৰে সকলো ধৰণৰ কাৰ্য্য কোনো বিৰক্তি নোপোৱাকৈ সমাধান কৰিব পাৰে।

(ঙ) কম্পিউটাৰৰ জৰিয়তে যিকোনো তথ্য উপযুক্তভাৱে সংৰক্ষণ কৰি ৰাখি উপযুক্ত সময়ত স্মৰণ কৰি ৰাখিব পাৰি।

৭। কম্পিউটাৰৰ বিভিন্ন প্ৰকাৰৰ ভাগসমূহ কি কি? (What are the Types of Computer?)

উত্তৰঃ তলত বিভিন্ন প্ৰকাৰৰ কম্পিউটাৰৰ ভাগ উল্লেখ কৰা হ’ল :-

(ক) এনালগ কম্পিউটাৰ (Analog Computer).

(খ) ডিজিটেল কম্পিউটাৰ (Digital Computer).

(গ) হাইব্ৰীড কম্পিউটাৰ (Hybrid Computer).

(ঘ) চুপাৰ কম্পিউটাৰ (Supercomputer).

(ঙ) মেইনফ্ৰেম কম্পিউটাৰ (Mainframe Computer).

(চ) মিনি কম্পিউটাৰ (Mini Computer).

(ছ) মাইক্ৰ কম্পিউটাৰ (Micro Computer).

(জ) লেপটপ কম্পিউটাৰ (Laptop Computer).

(ঝ) নোটবুক কম্পিউটাৰ (Notebook Computer).

(ঞ) ডেক্সটপ কম্পিউটাৰ (Desktop Computer).

৮। শিক্ষাৰ বিভিন্ন দিশত কম্পিউটাৰৰ ব্যৱহাৰ সম্পৰ্কে লিখা। (Write about the use of computer in different aspects of education?)

উত্তৰঃ শিক্ষাৰ বিভিন্ন দিশত কম্পিউটাৰৰ ব্যৱহাৰ সম্পৰ্কে তলত আলোচনা কৰা হ’ল-

(ক) শৈক্ষিক নথিপত্ৰ সংৰক্ষণৰ বাবে কম্পিউটাৰ ব্যৱহাৰ কৰা হয়।

(খ) শিক্ষাৰ্থীক কম্পিউটাৰৰ সহায়ত জ্ঞানৰ অন্বেষণ শিক্ষা দিয়া হয়।

(গ) জটিল গণনা কৰিবলৈ ইয়াৰ ব্যৱহাৰ কৰা হয়।

(ঘ) প্ৰশাসনিক কাৰ্য্য্য সূচাৰুৰূপে পৰিচালনা কৰিবলৈ ইয়াৰ ব্যৱহাৰ কৰা হয়।

(ঙ) শৈক্ষিক কাৰ্য্যসূচী বিজ্ঞানসন্মত কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়।

(চ) বিভিন্ন ধৰণৰ বিষয়ৰ উপস্থাপন কৰিবলৈ।

(ছ) গৱেষণা কাৰ্য্যত ব্যৱহাৰ কৰিবলৈ।

(জ) শিক্ষাৰ্থীক প্ৰশিক্ষিত কৰিবলৈ।

৯। কম্পিউটাৰৰ শৈক্ষিক উপকাৰিতা সমূহ কি কি? (What are the Educational Advantage of Computers?)

উত্তৰঃ কম্পিউটাৰৰ শৈক্ষিক উপকাৰিতাসমূহ তলত উল্লেখ কৰা হ’ল-

(ক) আনুষ্ঠানিক আৰু অনানুষ্ঠানিক দুয়োবিধ শিক্ষাৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰিব পাৰি।

(খ) কম্পিউটাৰৰ জৰিয়তে ব্যাপকভাৱে শিক্ষা প্ৰদান কৰিব পাৰি।

(গ) দূৰৱৰ্তী শিক্ষাৰ (Distance Education) ৰ জৰিয়তে শিক্ষা লাভ কৰা শিক্ষাৰ্থীৰ বাবে অতি উপযোগী পদ্ধতি।

(ঘ) শৈক্ষিক তথ্য সংৰক্ষণৰ এক উপযুক্ত আহিলা।

(ঙ) শিক্ষাৰ্থীক আনন্দেৰে শিক্ষা প্ৰদান কৰা এক আহিলা।

(চ) ইয়াৰ জৰিয়তে জটিল প্ৰশ্নৰ উত্তৰ কম সময়ত প্ৰদান কৰা হয়।

(ছ) শিক্ষাৰ্থীসকলৰ কৃতিত্বসমূহ কম্পিউটাৰত সংৰক্ষণ কৰি ৰাখিব পাৰি।

১০। কম্পিউটাৰৰ আসোঁৱাহসমূহ উল্লেখ কৰা (Mention the Disadvantages of Computer.)

উত্তৰঃ কম্পিউটাৰ ব্যৱহাৰৰ বহুতো আসোঁৱাহ আছে। সেইবোৰ হ’ল:-

(ক) কম্পিউটাৰ যোগে দিয়া শিক্ষা হ’ল এক যান্ত্ৰিক ব্যৱস্থা বাবে ইয়াৰ পৰা প্ৰকৃত অনুভূতি লাভ কৰিব নোৱাৰি।

(খ) সাধাৰণ জনসাধাৰণৰ বাবে বৰ্তমানেও কম্পিউটাৰ ব্যয়বহুল।

(গ) কম্পিউটাৰৰ মাধ্যমেৰে ভাষাৰ আদান – প্ৰদান কৰিব নোৱাৰে। শ্ৰেণীকোঠাৰ শিক্ষকৰ সন্নিধ্যৰ দৰে জীপাল শ্ৰেণী কম্পিউটাৰৰ জৰিয়তে নহয়।

(ঘ) কম্পিউটাৰৰ যান্ত্ৰিক বিজুতি সঘনাই হোৱা দেখা যায়।

(ঙ) কম্পিউটাৰ যোগে প্ৰদান কৰা শিক্ষাই মৌলিক চিন্তাৰ বিকাশ সাধন কৰিব নোৱাৰে।

১১। কম্পিউটাৰ সহযোগী নিৰ্দেশনাৰ সীমাবদ্ধতাসমূহ উল্লেখ কৰা। (Mention the Limitations of Computer Assisted Instructions.)

উত্তৰঃ কম্পিউটাৰ সহযোগী নিৰ্দেশনাৰ সীমাবদ্ধতাসমূহ তলত দিয়া হ’ল:-

(ক) ইয়াৰ জৰিয়তে যান্ত্ৰিক শিক্ষা প্ৰদান কৰি মানসিক অৱসাদ বৃদ্ধি পোৱা দেখা যায়।

(খ) ইয়াৰ জৰিয়তে দিয়া শিক্ষক শিক্ষাৰ্থীক আৱেগসমূহ বিশ্লেষণ কৰি চোৱাৰ সুবিধা নাথাকে।

(গ) ইয়াত ভাষিক বিকাশৰ সুবিধা কম পোৱা যায়।

(ঘ) বহুল জনসংখ্যাৰ দেশত সকলো লোকৰ বাবে কম্পিউটাৰ সহযোগী শিক্ষা দিয়াটো সহজ নহয়।

(ঙ) ইয়াৰ জৰিয়তে প্ৰদান কৰা শিক্ষাই শিক্ষাৰ্থীক প্ৰকৃত আনন্দ আৰু মানসিক অনুভূতি প্ৰদান কৰিব নোৱাৰে।

১২। প্ৰযুক্তিগত শিক্ষণ বা ই – শিক্ষণৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। (Mention the Characteristics of E – Learning.)

উত্তৰঃ প্ৰযুক্তিগত শিক্ষণ বা ই – শিক্ষণৰ বৈশিষ্ট্যসমূহ তলত দিয়া ধৰণৰ:-

(ক) ই – শিক্ষণ প্ৰযুক্তিগত আহিলা যেনে – কম্পিউটাৰ, ইণ্টাৰনেট আদিৰ ওপৰত নিৰ্ভৰশীল।

(খ) ই – শিক্ষণৰ জৰিয়তে গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ তথ্য দ্ৰুতভাৱে লাভ কৰিব পাৰি।

(গ) ই – শিক্ষণত আত্ম – শিক্ষণৰ সুবিধা যথেষ্ট থাকে। অৰ্থাৎ ইচ্ছা অনুযায়ী শিক্ষা লাভ কৰাৰ সুবিধা ইয়াত থাকে।

(ঘ) ই – শিক্ষণ এক গতিশীল শিক্ষণ প্ৰক্ৰিয়া।

(ঙ) এই শিক্ষা লাভৰ বাবে সময় আৰু গতি নিজে ঠিক কৰি ল’ব পাৰি। সেয়েহে ই এক নমনীয় পদ্ধতি।

(চ) এই পদ্ধতিৰে শিক্ষা আহৰণ শিক্ষাৰ্থীৰ প্ৰয়োজনৰ ওপৰত নিৰ্ভৰ কৰে।

(ছ) এই শিক্ষা শিক্ষাৰ্থীকেন্দ্ৰিক। তথ্য সংগ্ৰহৰ বাবে শিক্ষাৰ্থীয়ে নিজৰ পদ্ধতিৰ প্ৰয়োগ কৰিব পাৰে।

(জ) এই শিক্ষা শিক্ষক অবিহনেও সম্ভৱ ।

(ঝ) এই শিক্ষা লাভৰ বাবে ইণ্টাৰনেটৰ জ্ঞান অপৰিহাৰ্য।

(ঞ) আধুনিক শিক্ষণ সঁজুলিৰ অবিহনে এই শিক্ষা লাভ কৰিব নোৱাৰি।

১৩। ই – লাৰনিঙৰ সুবিধাসমূহ লিখা? (Write the Advantages of E – learning?)

উত্তৰঃ শিক্ষণৰ নৱতম সংযোজন হিচাপে ই – লাৰনিঙৰ সুবিধাসমূহ তলত দিয়া হ’ল:-

(ক) শিক্ষাৰ্থীৰ শিক্ষা প্ৰদানৰ বাবে এক উপযোগী মাধ্যম।

(খ) ই – শিক্ষাৰ্থীৰ আত্ম – জ্ঞান আৰু আত্মবিশ্বাসৰ বিকাশৰ ক্ষেত্ৰত সহায় কৰে।

(গ) ই – শিক্ষাৰ্থীৰ প্ৰযুক্তিগত কৌশলৰ বিকাশ সাধন কৰে।

(ঘ) ই – শিক্ষাৰ্থীক বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে শিক্ষা প্ৰদান কৰা।

(ঙ) ই – শিক্ষণে শিক্ষাৰ্থীক নিজস্ব গতিৰে কাম কৰাৰ সুবিধা প্ৰদান কৰে।

(চ) ই – শিক্ষণ দৈনন্দিন গৃহ কৰ্মসূচীৰ মাজত সম্ভৱ হয়।

(ছ) ই – শিক্ষণে অনুষ্ঠানত উপস্থিত থাকি লাভ কৰিবলৈ হোৱা খৰচৰ মাত্ৰা কমাই দিয়ে।

(জ) ই – শিক্ষণ অতি জনপ্ৰিয় শিক্ষা।

(ঝ) ই – শিক্ষণে জ্ঞানৰ লগতে আনন্দও প্ৰদান কৰে।

১৪। ই – শিক্ষণৰ অসুবিধা বা সীমাবদ্ধতা উল্লেখ কৰা। (Mention the Disadvantages or Limitations of E – learning.)

উত্তৰঃ ই – শিক্ষণৰ অসুবিধা বা সীমাবদ্ধতা তলত দিয়া হ’ল:- 

(ক) পিছপৰা বা অনগ্ৰসৰ শিক্ষাৰ্থীৰ বাবে ই – শিক্ষণ অনুপযোগী।

(গ) ই – শিক্ষণে শিক্ষাৰ্থীক অধ্যয়নৰ ক্ষেত্ৰত অসুবিধাত পেলাব পাৰে।

(গ) সমনীয়াৰ লগত বন্ধুত্বপূৰ্ণ ভাৱেৰে থাকি শিক্ষা লাভ কৰাৰ পৰা বিৰত থাকে।

(ঘ) ইণ্টাৰনেটৰ গতি লেহেম থকা ঠাইত ই অসুবিধাজনক।

(ঙ) প্ৰাৰম্ভিক স্তৰত শিক্ষাৰ্থীৰ বাবে ই এক অনুপযুক্ত পদ্ধতি।

১৫। প্ৰযুক্তিসমৃদ্ধ পুথিভঁৰাল বা ই – লাইব্ৰেৰীৰ বৈশিষ্ট্যসমূহ লিখা। (Write the Characteristics of E – Library.)

উত্তৰঃ প্ৰযুক্তিসমৃদ্ধ পুথিভঁৰাল বা ই – লাইব্ৰেৰীৰ বৈশিষ্ট্যসমূহ তলত দিয়া হ’ল:- 

(ক) ই – লাইব্ৰেৰীৰ জৰিয়তে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পুথিভঁৰালৰ তথ্য নিমিষতে সংগ্ৰহ কৰিব পাৰি।

(খ) প্ৰয়োজনীয় তথ্য কম্পিউটাৰৰ জৰিয়তে ছপাৰূপত সংগ্ৰহ কৰিব পৰা যায়।

(গ) ই – লাইব্ৰেৰীৰ বাবে ব্যক্তিসকল কাৰিকৰী দিশত প্ৰশিক্ষণপ্ৰাপ্ত হ’ব লাগিব।

(ঘ) ই – লাইব্ৰেৰীৰসকলে কম খৰচতে বিভিন্ন জ্ঞান আৰু তথ্য আয়ত্ত্ব কৰিব পাৰে।

(ঙ) ই – লাইব্ৰেৰীৰ তথ্যবোৰ ইণ্টাৰনেটৰ সহায়ত লাভ কৰিব পাৰে।

(চ) ই – লাইব্ৰেৰীৰ তথ্যবোৰ বৈদ্যুতিক যন্ত্ৰত সংৰক্ষণ কৰা হয়।

(ছ) ই – লাইব্ৰেৰীৰ ব্যৱহাৰ কৰিবলৈ কাৰিকৰী দিশত প্ৰশিক্ষণপ্ৰাপ্ত হ’ব লাগিব।

১৬। প্ৰযুক্তিসমৃদ্ধ পুথিভঁৰাল বা ই – লাইব্ৰেৰীৰ সুবিধাসমূহ লিখা। (Write the Advantages of E – library.)

উত্তৰঃ প্ৰযুক্তিসমৃদ্ধ পুথিভঁৰাল বা ই – লাইব্ৰেৰীৰ  সুবিধাসমূহ তলত দিয়া হ’ল:-

(ক) ই – লাইব্ৰেৰীৰ বা প্ৰযুক্তিসমৃদ্ধ পুথিভঁৰালৰ জৰিয়তে সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ তথ্যৰ যোগান অতি সহজে ধৰিব পাৰি।

(খ) ই – লাইব্ৰেৰীৰ জৰিয়তে গৱেষকসকলে গৱেষণা কাৰ্য্যত যথেষ্ট লাভৱান হোৱা দেখা যায়।

(গ) উদ্যোগিক কাৰ্য্য সমাধানৰ বাবে ই – লাইব্ৰেৰীৰ  প্ৰয়োজনীয়তা আছে।

(ঘ) ই – লাইব্ৰেৰীৰ যোগেদি বিশ্বৰ সকলো দেশত ইয়াৰ সুবিধা উপলব্ধ হয়।

(ঙ) ই – লাইব্ৰেৰীয়ে গ্ৰন্থাগাৰ যাবলৈ অসমৰ্থ ব্যক্তিৰ সুবিধা প্ৰদান কৰে।

(চ) ই – লাইব্ৰেৰীত ইণ্টাৰনেটৰ জৰিয়তে বিশাল জ্ঞান লাভ কৰিব পাৰি।

(ছ) গতানুগতিক গ্ৰন্থাগাৰৰ দৰে কিতাপ নষ্ট হোৱাৰ ভয় ই – লাইব্ৰেৰীত নাথাকে।

(জ) ই – লাইব্ৰেৰীৰ যোগেদি নতুন তথ্য সন্নৱিষ্ট কৰা আৰু সাম্প্ৰতিক তথ্যসমূহ সহজলভ্য হয়।

১৭। শিক্ষাদানৰ প্ৰকৃতিসমূহৰ বিষয়ে বহলাই আলোচনা কৰা। (Discuss in detail the nature of teaching.)

উত্তৰঃ শিক্ষাদানৰ প্ৰকৃতিসমূহ তলত আলোচনা কৰা হ’ল:-

(ক) দ্বি – পাক্ষিক প্ৰক্ৰিয়া (Bipolar Process): শিক্ষাদান হৈছে এক দ্বিপাক্ষিক প্ৰক্ৰিয়া। ইয়াত শিক্ষক আৰু শিক্ষাৰ্থী উভয়ৰে সহযোগিতাৰ প্ৰয়োজন।

(খ) ত্ৰি – পাক্ষিক প্ৰক্ৰিয়া (Tri-Polar Process): বহল অৰ্থত শিক্ষাদান কাৰ্য্য হৈছে এক ত্ৰি – পাক্ষিক প্ৰক্ৰিয়া। শিক্ষক, শিক্ষাৰ্থী আৰু শিক্ষণীয় পৰিৱেশ তিনিওটা উপাদানৰ প্ৰচেষ্টাত সম্ভৱ হয়।

(গ) প্ৰণালবদ্ধ প্ৰক্ৰিয়া (Systematic Process): শিক্ষাদান হ’ল এক প্ৰণালীবদ্ধ প্ৰক্ৰিয়া য’ত পূৰ্বনিৰ্ধাৰিত লক্ষ্যত উপনীত হ’বৰ বাবে প্ৰচেষ্টা চলোৱা হয়।

(ঘ) শিক্ষাদান এক আনুষ্ঠানিক প্ৰক্ৰিয়া (Teaching is a Formal Process): শিক্ষাদান হৈছে এক আনুষ্ঠানিক প্ৰক্ৰিয়া। ইয়াত শিক্ষকে শ্ৰেণীকক্ষৰ ভিতৰত নিৰ্দিষ্ট নীতি নিয়ম তথা অনুশাসনৰ ভিতৰত থাকি শিক্ষাৰ্থীসকলক শিক্ষাদান কৰে।

(ঙ) শিক্ষাদান এক আনুষ্ঠানিক প্ৰক্ৰিয়া (Teaching is an Informal Process): শিক্ষাদান এক অনানুষ্ঠানিক প্ৰক্ৰিয়া। বিদ্যালয়ৰ চাৰিবেৰৰ মাজত আবদ্ধ থাকি প্ৰদান কৰা শিক্ষাৰ উপৰিও বৃহত্তৰ সমাজৰ পৰাও বহল অৰ্থত শিক্ষাদান কাৰ্য্য সম্ভৱ হয়।

(চ) শিক্ষাদান এক সংযোগ কৌশল (Teaching is a Communication Process): শিক্ষাদান এক সংযোগ কৌশল। সংযোগ প্ৰক্ৰিয়াৰ ওপৰত শিক্ষাদানৰ সফলতা নিৰ্ভৰ কৰে।

(ছ) শিক্ষাদান এক মনোবৈজ্ঞানিক প্ৰক্ৰিয়া (Teaching is a Psychological Process): শিক্ষাদান হ’ল এক মনোবৈজ্ঞানিক প্ৰক্ৰিয়া। শিশু মনোবিজ্ঞানৰ জ্ঞানে শিক্ষাদান কাৰ্য্য অধিক ফলপ্ৰসূ কৰি তোলে।

(জ) শিক্ষাদান এক প্ৰকাৰৰ কলা (Teaching is an Art): শিক্ষাদান হ’ল এক প্ৰকাৰৰ কলা। শিক্ষাদান কৰিবৰ বাবে বিশেষ কৌশলৰ প্ৰয়োজন। যিসকল লোকৰ এই কলা সম্পৰ্কীয় জ্ঞান আছে, তেওঁলোকেহে ফলপ্ৰসূ শিক্ষাদান কৰিব পাৰে।

(ঝ) শিক্ষাদানক অৰ্থপূৰ্ণভাৱে পৰ্যবেক্ষণ তথা বিশ্লেষণ কৰিব পাৰি (Teaching is Worthy of Observation and Analysis): পৰ্যবেক্ষণ আৰু বিশ্লেষণৰ জৰিয়তে শিক্ষাদান প্ৰক্ৰিয়াৰ মূল্যায়ন কৰিব পাৰি। ইয়াৰ জৰিয়তে শিক্ষাদান প্ৰক্ৰিয়াৰ উন্নতি সাধন কৰিব পাৰি।

১৮। ইণ্টাৰনেট সেৱাসমূহৰ বিষয়ে বহলাই আলোচনা কৰা। (Discuss Internet services in detail.)

উত্তৰঃ ইণ্টাৰনেটৰ ব্যৱহাৰৰ যোগেদি তলত উল্লেখ কৰা সৱাসমূহ লাভ কৰিব পৰা যায়।

(ক) ইলেকট্ৰনিক মেইল বা ই – মেইল (E – Mail/Electronic Mail): ইণ্টাৰনেটৰ পৰা লাভ কৰা এক গুৰুত্বপূৰ্ণ সেৱা হ’ল ই – মেইল। ই – মেইলৰ জৰিয়তে তথ্যৰ আদান – প্ৰদান অতি কম সময় আৰু খৰচৰ জৰিয়তে কৰিব পাৰি। আগতে ই – মেইলৰ জৰিয়তে ছুটি বাৰ্তা প্ৰেৰণ কৰা হৈছিল। কিন্তু MIME – Multipurpose Internet Mail Extension ৰ দ্বাৰা বাৰ্তাসমূহক এটাচমেণ্ট হিচাপে ছবি, ছাউণ্ড ফাইল, ভি. ডি. অ’ ফাইল আদিও পঠাব পাৰি। ই – মেইল কৰিবলৈ হ’লে পঠাবলৈ বিচৰা ব্যক্তিজনৰ  e – mail address ৰ প্ৰয়োজন হয়। ই – মেইল Inbox ত বাৰ্তাসমূহ জমা হৈ থাকে। ই – মেইলৰ ভাষা চুটি, সৰল আৰু পোনপটিয়া হোৱা উচিত। শিক্ষাত ইয়াৰ যথেষ্ট গুৰুত্ব আছে। ইয়াৰ জৰিয়তে শৈক্ষিক সমস্যা সমাধানৰ বাবে বিভিন্ন উৎসৰ পৰা তথ্যৰ সংগ্ৰহ কৰিব পাৰি।

(খ) চাটিং বা কথোপকথন (Chatting): ‘অনলাইন’ যোগাযোগত ব্যক্তিসকলে ইণ্টাৰনেটৰ সহায়ত একে সময়তে বাৰ্তা বা তথ্য আদান – প্ৰদান কৰে। বাৰ্তা প্ৰেৰকসকলে আৰু গ্ৰহণ কৰোতাসকলে পৰস্পৰৰ মাজত যোগাযোগ ৰক্ষা কৰিব পাৰে। বাৰ্তা প্ৰেৰকে ইণ্টাৰনেটৰ সহায়ত বাৰ্তা টাইপ কৰি লয় আৰু গ্ৰহণ কৰোতেই বাৰ্তা পঢ়ি উত্তৰ দিব পাৰে ।ইণ্টাৰনেটৰ জৰিয়তে কৰা বাৰ্তালাপসমূহক Chatting বুলি কোৱা হয়। বিভিন্ন প্ৰগ্ৰেমৰ জৰিয়তে এনে বাৰ্তালাপসমূহ সম্ভৱ হয়। যেনেঃ Microsoft Corporation ৰ Messanger অৰ্থাৎ www. MSN.com, Whatsapp, instagram আদি। বিভিন্ন ধৰণৰ প্ৰগ্ৰেম যেনে Google meet, Zoom আদিৰ প্ৰয়োগেৰে বিভিন্ন ধৰণৰ মেটিং বা কনফাৰেঞ্চো সম্ভৱ হয়।

(গ) ৱেব ছাইট (Web Site): ইণ্টাৰনেটৰ সহায়ত কোম্পানী, সংগঠন বা ব্যক্তিয়ে নিজৰ বিষয়ে বা আন যিকোনো বিষয়ে তথ্য সংৰক্ষণ কৰি থ’ব পাৰে। অন্য ব্যৱহাৰকাৰীসকলে প্ৰয়োজনসাপেক্ষে এনে ৱেব ছাইট ব্যৱহাৰ কৰি ল’ব পাৰে। ইণ্টাৰনেট সংযোজিত কম্পিউটাৰত বিশেষ চফটৱেৰ ব্যৱহাৰ কৰি ৱেব ছাইট মুকুলি কৰে। এই চফটৱেৰবোৰক ‘ৱেব ব্ৰাউজাৰ’ বুলি কোৱা হয়।

বৰ্তমান শিক্ষা ব্যৱস্থাৰ লগত জড়িত ব্যক্তিয়ে ৱেবছাইটৰ যোগেদি আৱশ্যকীয় তথ্য সংগ্ৰহ কৰি ল’ব পৰিছে।

(ঘ) ই – কমাৰ্চ (E – Commerce): ই – কমাৰ্চ হ’ল ইলেক্ট্ৰ’নিক কমাৰ্চৰ সংক্ষিপ্ত নাম। যোগাযোগৰ ক্ষেত্ৰত ই – কমাৰ্চক বাণিজ্যৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াৰ যোগেদি কোম্পানীৰ জৰিয়তে উৎপাদিত সামগ্ৰী তথা ব্যৱসায়িক সেৱাসমূহৰ বিষয়ে প্ৰচাৰ কৰি, বিজ্ঞাপন দি অথবা গ্ৰাহকৰ লগত যোগাযোগ স্থাপন কৰিব পাৰে। ই – কমাৰ্চৰ জৰিয়তে ইলেক্ট্ৰনিক মাধ্যমেৰে কিনা – বেচা কৰিব পাৰি। ই – কমাৰ্চৰ জৰিয়তে টকা – পইচাৰ আদান – প্ৰদান সহজ হৈ  উঠিছে। ATP (Automatic Transaction Process), ATM (Automated Teller Machine), ম্মাৰ্ট আদি ই – কমাৰ্চৰ অন্তৰ্ভুক্ত মাধ্যম। ই – কমাৰ্চৰ জৰিয়তে আমি ঘৰতে বহি প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিব পাৰো। বিনোদনৰ লগতে নিত্য নৈমত্তিক প্ৰয়োজনীয় কাম – কাজসমূহ ইণ্টাৰনেটৰ মাধ্যমেৰে অতি সহজ হৈ পৰিছে। চিকিৎসা ক্ষেত্ৰত ইয়াৰ প্ৰয়োগে ব্যক্তিসকলক মানসিক চাপৰ পৰা সকাহ দিবলৈ সক্ষম হৈছে।

১৯। শিক্ষাত ইণ্টাৰনেটৰ ব্যৱহাৰ বিষয়ে আলোচনা কৰা। (Discuss the use of internet in education.)

উত্তৰঃ বৰ্তমান সময়ত শিক্ষাৰ ক্ষেত্ৰত ইণ্টাৰনেটৰ ব্যৱহাৰ অতি জনপ্ৰিয়। ছাত্ৰ, শিক্ষক আৰু গৱেষকসকলে বিভিন্ন ধৰণেৰে ইণ্টাৰনেটৰ সুবিধা গ্ৰহণ কৰি শৈক্ষিক জগতলৈ আমূল পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হৈছে।

(ক) বৰ্তমান সময়ত ইণ্টাৰনেটৰ ব্যৱহাৰ কৰি ছাত্ৰসকলে শৈক্ষিক বা ব্যক্তিগত সমস্যাসমূহ প্ৰত্যক্ষভাৱে  শিক্ষকৰ আগত অৱগত কৰি সমাধান পথৰ সন্ধান লাভ কৰিছে।

(খ) ইণ্টাৰনেটে বৰ্তমান সময়ত বহুতো তথ্য সুলভ মূল্যত প্ৰদান কৰাৰ বাবে শিক্ষাৰ্থীসকলে তথ্য সংগ্ৰহৰ লগতে গৱেষণামূলক কামত ব্যৱহাৰ কৰিব পাৰিছে।

(গ) ইণ্টাৰনেটৰ ব্যৱহাৰ কৰি ই – লাইব্ৰেৰী বা ই – শিক্ষণৰ সুযোগ শিক্ষাৰ্থীসকলে ঘৰতে বহি লাভ কৰিছে। গোটেই বিশ্বৰ পুথিভঁৰালত সংগৃহীত কিতাপসমূহ ই – লাইব্ৰেৰীৰ যোগে ঠাইতে পাবলৈ সক্ষম হৈছে। বৰ্তমান বিদ্যালয়, মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত ইণ্টাৰনেট সংযোগ কৰি ই – লাইব্ৰেৰীৰ ব্যৱস্থা কৰা হৈছে।

(ঘ) ইণ্টাৰনেটৰ জৰিয়তে বৰ্তমান সময়ত সভা (Meeting), চেমিনাৰ, ব্ৰেইন ষ্ট্ৰৰ্মিং গৱেষণাকাৰ্য্য্য আদি বহুতো কম শ্ৰমত কৰিব পৰা হৈছে। 

(ঙ) বিভিন্ন ধৰণৰ ৰ্কোচ, (কোচিং) আৰু বিভিন্ন ধৰণৰ পৰীক্ষাৰ মূল্যায়ন এনে ইণ্টাৰনেট ব্যৱহাৰ কৰি কৰা হৈছে। বিভিন্ন ধৰণৰ বাৰ্তা (Chatting, e-mail) আদি ইণ্টাৰনেটৰ যোগেদি কম সময়ত দূৰ – দূৰণিলৈ প্ৰেৰণ কৰিব পৰা হৈছে।

(চ) ইণ্টাৰনেট ব্যৱহাৰ কৰি বৰ্তমান সময়ত শিক্ষাৰ্থীসকলে আন্তঃবিশ্ববিদ্যালয় পৰ্যায়লৈকে যোগাযোগ কৰি জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।

(ছ) ইণ্টাৰনেটৰ ব্যৱহাৰে শৈক্ষিক জগতলৈ জ্ঞানৰ সঞ্চাৰণ কৰাৰ লগতে সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক সকলো ক্ষেত্ৰত নতুন বিপ্লৱৰ সূচনা কৰিছে। বৰ্তমান বিশ্বৰ ইমূৰৰ ব্যক্তিৰ লগত সিমূৰৰ ব্যক্তিৰ মাজত সম্বন্ধ নিচেই ওচৰ চপাবলৈ সক্ষম হৈছে।

২০। শিক্ষাৰ ক্ষেত্ৰত দূৰদৰ্শনৰ ব্যৱহাৰৰ সুবিধাসমূহ উল্লেখ কৰা। (Mention the Advantages of Educational Television.)

উত্তৰঃ শিক্ষাৰ ক্ষেত্ৰত দূৰদৰ্শনৰ ব্যৱহাৰৰ সুবিধাসমূহ তলত আলোচনা কৰা হ’ল:-

(ক) দূৰদৰ্শনে শিক্ষাৰ্থীক দৰ্শন আৰু শ্ৰৱণ দুয়োটা ইন্দ্ৰিয়ৰ মাধ্যমেৰে শিক্ষা প্ৰদান কৰে। ইয়াৰ ফলত শিক্ষাৰ্থীৰ অভিজ্ঞতা সুনিৰ্দিষ্ট, সুস্পষ্ট আৰু সুসংহত হৈ উঠে।

(খ) দূৰদৰ্শনৰ জৰিয়তে শ্ৰেণীকক্ষত একেলগে বহু সংখ্যক শিক্ষাৰ্থীক শিক্ষাদান কৰিব পাৰি। দূৰদৰ্শনক “Country Wide Classroom” বুলিও কোৱা হয়।

(গ) দূৰদৰ্শনৰ জৰিয়তে শিক্ষা প্ৰদান কৰিলে সময়, শক্তি আৰু অৰ্থৰ ৰাহি হয়।

(ঘ) দূৰদৰ্শনযোগে প্ৰচাৰিত অনুষ্ঠানসমূহ নিৰ্ধাৰিত বিশেষজ্ঞৰ দ্বাৰা প্ৰস্তুত কৰা হয়। দূৰদৰ্শনৰ জৰিয়তে শিক্ষাৰ্থীয়ে নিজৰ ঠাইত সুবিধা ল’বলৈ সক্ষম হয়।

(ঙ) দূৰদৰ্শনে গতিশীল ধাৰণা প্ৰদান কৰে।

(চ) দূৰদৰ্শনে জটিল বিষয় সহজ আৰু আকৰ্ষণীয় ৰূপত পৰিবেশন কৰি শিক্ষাৰ্থীক অভিৰোচিত কৰে।

(ছ) একাধিক বিষয়ৰ জ্ঞান একেলগে দূৰদৰ্শন যোগে সম্ভৱ হয়।

(জ) দূৰদৰ্শনে জন শিক্ষা (Mass Education) প্ৰদান কৰে।

(ঝ) দূৰদৰ্শনে শিক্ষাৰ্থীৰ মনোযোগৰ প্ৰতি লক্ষ্য ৰাখি পাঠ তৈয়াৰ কৰি লয়।

(ঞ) দূৰদৰ্শন সময়োপযোগী এক শৈক্ষিক সঁজুলি। নতুন কৌশলপূৰ্ণ জ্ঞানৰ লগতে ই শিক্ষাৰ সঞ্চাৰণ কৰে।

২১। শিক্ষাৰ ক্ষেত্ৰত দূৰদৰ্শনৰ ব্যৱহাৰৰ অসুবিধাসমূহ উল্লেখ কৰা। (Mention the Demerits of Educational Television.)

উত্তৰঃ শিক্ষামূলক দূৰদৰ্শনৰ অসুবিধাসমূহ হ’ল:-

(ক) দূৰদৰ্শনযোগে প্ৰচাৰিত অনুষ্ঠানসমূহ বিদ্যালয়ৰ সময়সূচীৰ লগত নিমিলে।

(খ) দূৰদৰ্শনযোগে প্ৰচাৰ কৰা কাৰ্য্যসূচীসমূহ বিষয়কেন্দ্ৰিক। ইয়াত শিশুক গৌণ স্থান প্ৰদান কৰা হয়।

(গ) দূৰদৰ্শনযোগে প্ৰচাৰিত অনুষ্ঠান পূৰ্ব প্ৰস্তুত কৰা হয় বাবে পৰিস্থিতি অনুযায়ী পৰিৱৰ্তন কৰিব নোৱাৰি।

(ঘ) শিক্ষক অভিভাৱক উভয়েই এইক্ষেত্ৰত সচেতন হোৱা উচিত। অন্যথা শিক্ষাৰ্থীসকলে ইয়াক বিনোদনৰ মাধ্যম হিচাপে গণ্য কৰে।

(ঙ) দূৰদৰ্শনে সম্পূৰ্ণ পাঠ্যক্ৰম সামৰি অনুষ্ঠান পৰিবেশন কৰাত অসমৰ্থ হয়।

(চ) দূৰদৰ্শনযোগে প্ৰচাৰিত কাৰ্য্যসূচী ব্যয়বহুল হোৱা দেখা যায়।

(ছ) দূৰদৰ্শনযোগে প্ৰদান কৰা অনুষ্ঠানসমূহ একপক্ষীয়। শিক্ষাৰ্থীয়ে অসুবিধা পোৱা প্ৰশ্নসমূহ সুধিব নোৱাৰে।

(জ) দূৰদৰ্শনযোগে প্ৰচাৰিত অনুষ্ঠানে ব্যক্তি পাৰ্থক্যৰ ওপৰত গুৰুত্ব আৰোপ নকৰে। 

২২। শিক্ষাদানৰ নীতিসমূহক শিক্ষা মনোবিদসকলে কেইটা ভাগত বিভক্ত কৰিছে বহলভাৱে আলোচনা কৰা। (Education psychologists have divided the teaching principles into how many parts? Discuss.)

উত্তৰঃ শিক্ষাদানৰ নীতিসমূহক শিক্ষা মনোবিদসকলে বহলভাৱে দুটা ভাগত বিভক্ত কৰিছে। যেনে:- 

(ক) শিক্ষাদানৰ সাধাৰণ নীতি (General Principles of Teaching)।

(খ) শিক্ষাদান মনোবৈজ্ঞানিক নীতি (Psychological Principles of Teaching)।

দুয়োবিধ নীতিৰ বিষয়ে বহল ভাৱে তলত পৃথক পৃথককৈ আলোচনা কৰা হৈছে:- 

(ক) শিক্ষাদানৰ সাধাৰণ নীতি (General Principles of Teaching): শিক্ষকে শিক্ষাদান কৰিবলৈ যোৱাৰ আগত শিক্ষাদানৰ কিছুমান সাধাৰণ নীতিৰ বিষয়ে জ্ঞাত হ’লে শিক্ষাদান প্ৰক্ৰিয়া অধিক ফলপ্ৰসূ হয়। শিক্ষাদানৰ এনে সাধাৰণ নীতিসমূহৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হৈছে।

১। নিৰ্দ্ধাৰিত উদ্দেশ্যৰ নীতি (Principle of Definite Objectives): শ্ৰেণীকোঠাত পাঠদান কৰিবলৈ যোৱাৰ আগতে শিক্ষকে শিক্ষণীয় বিষয়বস্তুৰ লক্ষ্য স্থিৰ কৰি ল’ব লাগে। এনেদৰে শিক্ষাদান কাৰ্য্যত আগবাঢ়িলে সময়, পৰিশ্ৰম লাঘৱ হোৱাৰ লগতে শিক্ষাৰ্থীয়েও জ্ঞান আহৰণত সুবিধা হয়।

২। ব্যক্তিগত বৈষম্যৰ নীতি (Principle of Individual Difference): শিক্ষাদানৰ বেলিকা শিক্ষকসকলে ছাত্ৰ – ছাত্ৰীৰ ব্যক্তিগত বৈষম্যৰ সম্পৰ্কে সজাগ হ’ব লাগিব। সকলো ছাত্ৰ – ছাত্ৰীৰ ইচ্ছা, অভিৰুচি, বুদ্ধি, মনোভাৱ আদি একে নহয়। গতিকে শিক্ষকসকলে ছাত্ৰ – ছাত্ৰীৰ সামৰ্থ বা আগ্ৰহলৈ লক্ষ্য ৰাখি শিক্ষাদান কৰিব লাগে। শিক্ষকসকলে সকলো ছাত্ৰ – ছাত্ৰীৰ কাৰণে একেধৰণৰ শিক্ষা প্ৰদান কৰিব নালাগে।

৩। আৰ্হি উপস্থাপনৰ নীতি (Principle of Model Presentation): শিক্ষাদান কাৰ্য্যক অধিক আকৰ্ষণীয় কৰি তুলিবৰ বাবে শিক্ষকে পাঠটোৰ লগত সম্পৰ্কযুক্ত বিভিন্ন আৰ্হি উপস্থাপন কৰিব লাগে।

৪। পূৰ্ব অভিজ্ঞতাৰ নীতি (Principle of Previous Knowledge): শিক্ষকে শ্ৰেণীৰ পাঠ আৰম্ভ কৰাৰ পূৰ্বে পাঠটোৰ লগত সংগতি ৰাখি পূৰ্বজ্ঞানৰ পৰীক্ষাৰ চলোৱা উচিত। ছাত্ৰ – ছাত্ৰীৰ পূৰ্ব অভিজ্ঞতাৰ আধাৰত নতুন পাঠৰ অৱতাৰণা কৰিব লাগে।

৫। সঁজুলি বাচনিৰ নীতি (Principle of Selection of Materials): শিক্ষাদানৰ লক্ষ্য আৰু উদ্দেশ্যৰ লগত সংগতি ৰাখি শিক্ষাদানৰ পূৰ্বে শিক্ষকে পাঠটোৰ লগত জড়িত বিভিন্ন সঁজুলি বাচি ল’ব লাগে। এই শিক্ষণীয় সঁজুলিসমূহ নিৰ্বাচন কৰোতে ছাত্ৰ – ছাত্ৰীৰ আগ্ৰহ আৰু মানসিক স্তৰৰ লগত খাপ খোৱা হ’ব লাগে।

৬। পৰিকল্পনাৰ নীতি (Principle of Planning): উৎকৃষ্ট শিক্ষাদানৰ বাবে শিক্ষকে শিক্ষাদানৰ পূৰ্বে নিজকে পৰিকল্পিতভাৱে প্ৰস্তুত কৰিব লাগে। শিক্ষণীয় সমস্যাসমূহ শ্ৰেণীকক্ষত উপস্থাপন কৰিবৰ বাবে শিক্ষকে আগতীয়াকৈ পৰিকল্পনা কৰি ল’ব লাগে।

৭। শিশুকেন্দ্ৰিক নীতি (Principle of Child Centredness): শিক্ষাদানৰ বেলিকা এজন শিক্ষকে শিশুসকলৰ ৰুচি, অভিৰুচি, আগ্ৰহ, বয়স আদি দিশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে। শিক্ষাদানৰ বাবে শিক্ষকে শিশুসকলক মানসিকভাৱে প্ৰস্তুত কৰিব লাগে। শিক্ষক বা শিক্ষাদান পদ্ধতিৰ পৰিৱৰ্তে ইয়াত শিশুসকলক বেছি গুৰুত্ব প্ৰদান কৰিব লাগে।

৮। সহযোগিতাৰ নীতি (Principle of Cooperation): ফলপ্ৰসূ শিক্ষাদান নিৰ্ভৰ কৰে শিক্ষক, অভিভাৱক, প্ৰধান শিক্ষক আৰু সমাজৰ ব্যক্তিসকলৰ সহযোগিতামূলক সম্বন্ধৰ ওপৰত। শিক্ষানুষ্ঠানত সহযোগিতাপূৰ্ণ মনোভাৱেৰে সকলোৱে থাকিলে শিক্ষাদান প্ৰক্ৰিয়াই সফলতা লাভ কৰিব।

৯। সহ – সম্বন্ধৰ নীতি (Principle of Co – Relation): শিক্ষকে শিক্ষাৰ্থীক শিক্ষাদান কৰোতে শিক্ষণীয় বিষয়ৰ লগত সম্বন্ধ থকা অন্যান্য বিষয়ৰ লগত সহসম্বন্ধ স্থাপন কৰি শিক্ষাদান অধিক মনোগ্ৰাহীক কৰি তুলিব লাগে।

১০। নমনীয়তাৰ নীতি (Principle of Flexibility): সমাজ পৰিৱৰ্তনশীল। সেয়েহে শিক্ষাদান কাৰ্য্যও সময় আৰু সমাজৰ গতিশীলতাৰ ওপৰত নিৰ্ভৰশীল হ’ব লাগে। শিক্ষক এজনে শিক্ষাদান কৰোতে বিষয় আৰু শ্ৰেণী পৰিৱেশৰ লগত সংগতি ৰাখি নিজৰ শিক্ষাদান প্ৰক্ৰিয়াৰ সালসলনি কৰি ল’ব লাগে।

(খ) শিক্ষাদানৰ মনোবৈজ্ঞানিক নীতি (Psychological Principles of Teaching):  ওপৰত আলোচনা কৰা শিক্ষাদানৰ সাধাৰণ নীতিসমূহৰ উপৰিও কিছুমান মনোবৈজ্ঞানিক নীতিও আছে। শিক্ষাদানৰ মনোবৈজ্ঞানিক নীতিয়ে কিছুমান কৌশল বা নীতিৰ জৰিয়তে শিশুসকলৰ সহজাত প্ৰবৃত্তিসমূহক সঠিক পথত গঢ় দি তোলাত সহায় কৰে। 

এই নীতিসমূহ হ’ল:-

১। অভিৰোচনৰ নীতি (Principle of Motivation): শিক্ষাদান কৰোতে শিক্ষকে বিভিন্ন ধৰণৰ কৌশল আৰু পদ্ধতি ব্যৱহাৰ কৰি শিক্ষাৰ্থীসকলক অভিৰোচিত কৰিব লাগে। অভিৰোচনে ছাত্ৰ – ছাত্ৰী কৰ্মৰ প্ৰতি থকা আগ্ৰহক জাগৃত কৰে। ছাত্ৰ – ছাত্ৰীৰ মনত শিক্ষণীয় বিষয়বস্তু প্ৰতি অভিপ্ৰায় সৃষ্টি কৰিব পাৰিলেহে শিক্ষাদান আৰু গ্ৰহণকাৰ্য্য সফল হ’ব।

২। পুনৰাবৃত্তি আৰু অনুশীলনৰ নীতি ( Principle of Repetition and Exercise): শিক্ষকে শ্ৰেণীকক্ষত ছাত্ৰ – ছাত্ৰীক শিক্ষাদান কৰাৰ বেলিকা কোনো জটিল বিষয় বাৰে বাৰে পুনৰাবৃত্তি আৰু অনুশীলন কৰাব লাগে। পুনৰাবৃত্তি আৰু অনুশীলনৰ জৰিয়তে জটিল বিষয়ো সহজ বোধগম্য হৈ পৰে।

৩। তৎপৰতাৰ নীতি (Principle of Readiness): শিক্ষাদান আৰু শিক্ষাগ্ৰহণৰ সাৰ্থকতা নিৰ্ভৰ কৰে শিক্ষক আৰু শিক্ষাৰ্থীৰ মনোদৈহিক প্ৰস্তুতিৰ ওপৰত। শিক্ষকে শ্ৰেণীত প্ৰৱেশ কৰাৰ পিছত প্ৰথমে বিভিন্ন কৌশল প্ৰয়োগ কৰি ছাত্ৰ – ছাত্ৰীসকলক শিক্ষা আহৰণৰ বাবে প্ৰস্তুত কৰিব লাগে। এনে কৰিলেহে শিক্ষাদান কাৰ্য্য সফল হ’ব।

৪। পুৰস্কাৰ আৰু শান্তিৰ নীতি (Principles of Reward and punishment): পুৰস্কাৰ আৰু শান্তিৰ প্ৰদানে শিক্ষাদান কাৰ্য্য সফল কৰি তুলিব পাৰে। ছাত্ৰ – সত্ৰীয়ে কৰা ভাল কামৰ বাবে পুৰস্কাৰ প্ৰদান বা প্ৰশংসা আৰু বেয়া কামৰ বাবে শাস্তি প্ৰদান কৰিব লাগে। এনে কৰিলে ছাত্ৰ – ছাত্ৰীসকল ভাল কাম কৰিবলৈ আগ্ৰহী হ’ব।

৫। সহানুভূতি আৰু সহযোগিতাৰ নীতি (Principle of Sympathy and Co – Operation): শিক্ষাদানৰ বেলিকা শিক্ষকসকলে ছাত্ৰ – ছাত্ৰীৰ লগত সহযোগিতামূলক আচৰণ প্ৰদৰ্শন কৰিব লাগে। শিক্ষকে মৰম আৰু সহানুভূতিৰে ছাত্ৰ – ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰিব লাগে। শিক্ষকৰ প্ৰতি যদি ভয় উদয় হয় তেতিয়া শিক্ষা আহৰণত বাধা আহি পৰে।

৬। আত্ম শিক্ষণৰ নীতি (Principle of Self – Learning): শিক্ষকে ছাত্ৰ – ছাত্ৰীক শিক্ষাগ্ৰহণৰ বাবে হেঁচা প্ৰয়োগ নকৰি স্ব – শিক্ষণৰ সুবিধা প্ৰদান কৰিব লাগে আৰু তেনেধৰণৰ অভ্যাস গঠনত ছাত্ৰ – ছাত্ৰীসকলক সহায় কৰিব লাগে।

৭। সৃষ্টিশীলতাক উৎসাহিত কৰা নীতি (Principle of Fostering Creativity): শিক্ষকে শ্ৰেণীকক্ষত ছাত্ৰ – ছাত্ৰীসকলক যিকোনো বিষয়ৰ শিক্ষা প্ৰদানৰ বেলিকা মুখস্থ কৰি যান্ত্ৰিকভাৱে জ্ঞান আয়ত্ব কৰাত গুৰুত্ব দিব নালাগে। শ্ৰেণীকক্ষত ছাত্ৰ – ছাত্ৰীৰ সৃজনীশীল প্ৰতিভাৰ চিনাক্তকৰণ কৰি সেইমতে,তেওঁলোকৰ শিক্ষাদানৰ ব্যৱস্থা কৰিব লাগে।

৮। অৱসৰ আৰু বিনোদনৰ নীতি (Principle of Rest and Recreation ): সাৰ্থক শিক্ষাদান প্ৰক্ৰিয়া কৰি তুলিবলৈ মাজে মাজে জিৰণি আৰু বিনোদনৰ অতি আৱশ্যক। জিৰণি নোলোৱাকৈ অবিৰতভাৱে শিক্ষাদান কৰিলে ই শিক্ষক আৰু ছাত্ৰ উভয়কে ভাগৰুৱা কৰি তোলে। যাৰ ফলত শিক্ষাদান আৰু শিক্ষাদান প্ৰক্ৰিয়াত ব্যাঘাত জন্মে। শিক্ষণৰ বেলিকা মাজে মাজে জাৰণি ল’লে ছাত্ৰ – ছাত্ৰী আৰু শিক্ষক উভয় অধিক উৎসাহেৰে শিক্ষা আহৰণ আৰু শিক্ষাদান কৰিব পাৰিব।

৯। দলীয় শিকণৰ নীতি (Principle of Group Learning): শিক্ষাদানৰ বেলিকা শিক্ষণীয় পৰিৱেশত ছাত্ৰ – ছাত্ৰীক দলগতভাৱে কাম সুযোগ প্ৰদান কৰিব লাগে।

২৩। শিক্ষণৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। (Mention the Characteristics of Learning.)

উত্তৰঃ শিক্ষণৰ তলত দিয়া বৈশিষ্ট্যসমূহ পৰিলক্ষিত হয়। সেয়া হ’ল:-

(ক) শিক্ষণে ব্যক্তিৰ আচৰণৰ পৰিৱৰ্তন ঘটায়।

(খ) শিক্ষণ এক জীৱনযোৰা প্ৰক্ৰিয়া।

(গ) শিক্ষণ এক উদ্দেশ্য প্ৰণোদিত প্ৰক্ৰিয়া।

(ঘ) শিক্ষণ‌ এক সমস্যা সমাধান প্ৰক্ৰিয়া।

(ঙ) শিক্ষণ হৈছে উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ স্থাপন কৰা প্ৰক্ৰিয়া।

(চ) শিক্ষণ‌ অভিপ্ৰায়ৰ ওপৰত নিৰ্ভৰ কৰে।

(ছ) শিক্ষণ‌ হৈছে বিকাশৰ প্ৰক্ৰিয়া।

(জ) শিক্ষণ হ’ল উন্নত আচৰণ গ্ৰহণ কৰা প্ৰণালী।

(ঝ) শিক্ষণ হ’ল অভ্যাস, জ্ঞান আৰু মনোভাৱ আদিৰ আয়ত্ব কৰা।

(ঞ) শিক্ষণ হ’ল জ্ঞানমূলক অনুভূতিমূলক আৰু ক্ৰিয়ামূলক।

২৪। শিক্ষণৰ পদ্ধতিসমূহৰ বিষয়ে বহলাই আলোচনা কৰা। (Discuss about the Methods of Learning.)

উত্তৰঃ শিক্ষণ সম্পৰ্কে বিভিন্ন তত্ত্বসমূহ বিশ্লেষণ কৰিলে আমি দেখা পাওঁ যে শিক্ষণৰ পদ্ধতিসমূহ তলত দিয়া ধৰণৰ:- 

(ক) প্ৰচেষ্টা আৰু ভুল পদ্ধতি (Trial and Error Method). 

(খ) অন্তৰ্দশন পদ্ধতি (Insightful Learning).

(গ) অনুকৰণ পদ্ধতি (Imitation Method).

(ক) প্ৰচেষ্টা আৰু ভুল পদ্ধতি (Trial and Error Method): শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ উদ্ভাৱক হ’ল আমেৰিকাৰ মনোবিজ্ঞানী এডৱাৰ্ড লি থৰ্নডাইক। এই পদ্ধতি অনুসৰি মানুহে জীৱনত বিভিন্ন ধৰণৰ সমস্যা সমাধান কৰিবৰ বাবে বাৰে বাৰে চেষ্টা কৰাৰ প্ৰয়োজনীয়তা আছে। পূৰ্বৰ অভিজ্ঞতা অবিহনে কোনো কাৰ্য্য সমাধান কৰা সম্ভৱ নহয়। সেয়েহে, বাৰে বাৰে চেষ্টা চলাই তাক সমাধান কৰিবলৈ যত্ন কৰা হয়। এনেদৰে যত্ন কৰাৰ ফলত প্ৰথম অৱস্থাত ভুলৰ সংখ্যা বৃদ্ধি হয় আৰু সময়ও যথেষ্ট লয়। কিন্তু পিছলৈ ভুলৰ সংখ্যা কমি অহাৰ লগতে সময় কম লয় আৰু শেষত নিৰ্ভুলভাৱে সমস্যা সমাধান কৰিব পৰা যায়। মানুহৰ দৈনিক জীৱনত বিভিন্ন দিশত এই পদ্ধতিৰ জৰিয়তে শিক্ষণ প্ৰযোজ্য হয়, যেনে:- শিশুৱে লিখা, পঢ়া, শিকা, ছবি অঁকা আদি কামত প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ শিক্ষণ ব্যৱহৃত হয়। 

থৰ্ণডাইকে এটা ভোকাতুৰ মেকুৰীৰ ওপৰত পৰীক্ষা চলাইছিল আৰু মেকুৰীটোক এটি সজাৰ ভিতৰত আৱদ্ধ কৰি ৰাখিছিল। সজাটোৰ দুৱাৰ বন্ধ কৰা হৈছিল আৰু বাহিৰত এটুকুৰা মাছ ৰখা হৈছিল। মেকুৰীটোৱে মাছ টুকুৰা দেখাৰ লগে লগে দুৱাৰখন খুলিবলৈ যত্ন কৰিলে। যেনে – তেনি খুন্দিয়াই জপিয়াই দুৱাৰখন খুলিবলৈ চেষ্টা কৰিলে। অৱশেষত দুৱাৰখন মেল খাই গ’ল আৰু মেকুৰীয়ে মাছডোখৰ খাবলৈ সক্ষম হয়। পুনৰবাৰ মেকুৰীক সজাত আৱদ্ধ কৰা হ’ল আৰু মেকুৰীয়ে একে প্ৰচেষ্টাৰ দুৱাৰ খুলিবলৈ সক্ষম হ’ল কিন্তু ক্ৰমান্বয়ে ভুলৰ পৰিমাণ কমি আহে আৰু সময়ও কম লাগে।

উক্ত পৰীক্ষাৰ জৰিয়তে থৰ্ণডাইকে উপলব্ধি কৰিলে যে শিক্ষণ হ’ল উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ সঙ্গীত সাধন প্ৰক্ৰিয়া।

(খ) অন্তদৰ্শন পদ্ধতি (Insightful Learning): অন্তদৰ্শনবাদী মনোবিজ্ঞানীসকলৰ মতে, সামগ্ৰিকভাৱে পৰিৱেশটো নিৰীক্ষা কৰিহে শিক্ষণ বা অভিজ্ঞতা আহৰণ কৰিব পাৰি। মনোবিজ্ঞানী ক’হলাৰ, কফ’কা, আৰু ৱাৰ্থিমাৱে চিম্পাঞ্জীৰ ওপৰত চলোৱা পৰীক্ষাৰ পৰা অন্তদৰ্শন পদ্ধতি সম্পৰ্কে স্পষ্ট ধাৰণা আয়ত্ব কৰিব পাৰি।

চুলতান নামৰ চিম্পাঞ্জীক ক’হলাৰে এটা কোঠাৰ ভিতৰত আৱদ্ধ কৰি চিলিঙত পকা কল ওলোমাই থৈছিল। কোঠালীটোত দুডাল লাঠি আৰু বাকচ দুটা এনেদৰে থৈ দিয়া হৈছিল। যাতে চিম্পাঞ্জীয়ে সেই লাঠি দুডাল বা বাকচ দুটা লগ লগাই কলঠোকা পাৰি খাবলৈ সক্ষম হ’ব। লক্ষণীয়‌ কথা যে প্ৰথম অৱস্থাত চিম্পাজীয়ে কলঠোকা পাৰিবলৈ জপিয়াবলৈ ধৰিলে, এনেদৰে কৰি থকাৰ পাছত লাঠি দুডাল প্ৰত্যক্ষ কৰে। প্ৰথমতে, লাঠি এডালেৰে কলঠোকা পাৰিবলৈ চেষ্টা কৰিলে, কিন্তু সফল নহ’ল। পুনৰ অলপ সময় চিন্তা কৰাৰ পিছত লাঠি দুডাল লগ লগাই কলথোক পাৰি খাবলৈ সক্ষম হয়।

অন্তদৰ্শন পদ্ধতিৰ মূল – মন্ত্ৰ হ’ল সম্পূৰ্ণ পৰিৱেশটোৰ প্ৰতি সচেতন হোৱা। সামগ্ৰীকতাবাদী – সকলৰ মতে সামগ্ৰীকভাৱে সমস্যা সমাধানৰ জৰিয়তেহে শিক্ষণ কাৰ্য্য সম্পন্ন হয়।

(গ) অনুকৰণ পদ্ধতি (Imitation Method): শিক্ষণৰ আন এক গুৰুত্বপূৰ্ণ পদ্ধতি হ’ল অনুকৰণ পদ্ধতি। শিশুৱে প্ৰথম অৱস্থাত অনুকৰণ পদ্ধতিৰ জৰিয়তে বহুতো কথা শিকে। শিশুৱে মাক – দেউতাক বা বয়োজেষ্ঠসকলক অনুকৰণ কৰি আনন্দ লাভ কৰে। মানুহে কথা অনুকৰণ কৰি বিভিন্ন পৰিৱেশত সমাযোজিত হৈ থাকিবৰ বাবে নিজকে প্ৰস্তুত কৰে।

অনুকৰণ ইচ্ছাকৃত বা অনিচ্ছাকৃত — দুই ধৰণৰ হ’ব পাৰে। যেতিয়া শিশু এটাই ডাঙৰৰ আচৰণ অজানিতে বা অনিচ্ছাকৃতভাৱে অনুকৰণ কৰে তাক অজ্ঞান অনুকৰণ বোলে। শিশুৱে যেতিয়া কোনো নিদিৰ্ষ্ট উদ্দেশ্য আগত ৰাখি যুক্তি আৰু বিবেচনাৰে অনুকৰণ কৰে তাক সজ্ঞান অনুকৰণ বোলে।

অজ্ঞান আৰু সজ্ঞান অনুকৰণক গ্ৰীক ভাষাত ‘মিমেচিচ’ (Mimesis) বোলা হয়। চাৰ পৰ্চিনানৰ মতে, ‘অনুকৰণ হ’ল ব্যক্তিত্ব বিকাশৰ  প্ৰাথমিক স্তৰ আৰু যিমানেই অনুকৰণ কৰিবৰ বাবে অধিক সুযোগ প্ৰদান কৰা হয়, সমানেই ব্যক্তিত্ব অধিক সবল হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top