তপন দাস জীৱনী – অসমীয়া জনপ্ৰিয় অভিনেতা | Tapan Das

তপন দাস | Tapan Das Essay in Assamese | Biography of Tapan Das in Assamese | তপন দাস বিষয়ে জীৱনী | তপন দাস বিষয়ে ৰচনা | তপন দাসৰ চমু পৰিচয়।

Join Telegram channel

৮০ দশকৰ পৰা বৰ্তমানলৈকে নিজৰ প্ৰতিভা, সাধনাৰ জৰিয়তে অসমীয়া অভিনয় জগতত দপদপাই থকা এগৰাকী শক্তিশালী জনপ্ৰিয় অভিনেতা হ’ল তপন দাস (Tapan Das)।

তপন দাস

তপন দাস জীৱনী | Biography of Tapan Das

নামতপন দাস (Tapan Das[1])
জন্ম চন১১ জানুৱাৰী, ১৯৬২ চন
জন্ম স্থান গুৱাহাটী (Guwahati)
শিক্ষা১) সোণাৰাম হাইস্কুল
২) আৰ্যবিদ্যাপীঠ মহাবিদ্যালয়
৩) অসম অভিযান্ত্ৰিক মহাবিদ্যালয়
বঁটা সন্মান১) ৰূপকাৰ বঁটা, ২০১২
২) ২০২০ বৰ্ষত ভ্ৰাম্যমাণ থিয়েটাৰৰ শিতানত নেৱকছ মেডিয়া এৱাৰ্ডৰ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ।

Also Read: জীৱনী: পৰিণীতা বৰঠাকুৰ – অসমীয়া অভিনেত্ৰী | Parineeta Borthakur

তপন দাস প্ৰাৰম্ভিক জীৱন 

অসমীয়া ছৱি জগত, ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ বলিষ্ঠ অভিনেতা তপন দাসৰ পূৰ্বপুৰুষ ‌তথা ককা-দেউতাক প্ৰকৃততে বৰপেটা জিলাৰহে বাসিন্দা আছিল। পৰৱৰ্তী সময়ত জীৱিকাৰ সূত্ৰে তেওঁলোক গুৱাহাটীৰ স্থায়ী বাসিন্দা হয়। আৰু গুৱাহাটীতে ১৯৬২ চনৰ ১১ জানুৱাৰী তাৰিখে তপন দাসৰ জন্ম হয়।

তপন দাসৰ পিতৃ গড়কাপ্তানী বিভাগ (PWD) -ৰ কৰ্মচাৰী আছিল। পিতৃৰ কৰ্ম সূত্ৰে অসমৰ বিভিন্ন প্ৰান্তত শৈশৱ অতিবাহিত কৰিবলৈ সুভাগ্য হৈছিল তপন দাসৰ। একেবাৰে সৰু কালছোৱা গুৱাহাটীত অতিবাহিত কৰিলেও তেওঁ ৪ বছৰ বয়সত বিলাসীপাৰালৈ পিতৃ চাকৰি স্থানান্তৰ হৈছিল। সেই সূত্ৰে বিলাসীপাৰাতে প্ৰথম আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰিছিল অসমৰ এইজন বলিষ্ঠ অভিনেতাই। ইয়াৰ পৰৱৰ্তী সময়ত কৰিমগঞ্জ, নলবাৰী আদি স্থানত শৈশৱ অতিবাহিত কৰিছিল তপন দাসে।  পিতৃ চাকৰিসূত্ৰে স্থানান্তৰ হোৱা ধমধমা নামৰ ঠাইতো তেওঁ প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। ধমধমাতেই তৃতীয় শ্ৰেণী আৰু চতুৰ্থ শ্ৰেণীৰ শিক্ষা গ্ৰহণ কৰি প্ৰাথমিক বৃত্তি পৰীক্ষাত অৱতীৰ্ণ হৈ বৃত্তিও লাভ কৰিছিল তেওঁ।

ইয়াৰ পৰৱৰ্তী সময়ত তপন দাসে ককাকৰ সংস্পৰ্শত থাকি গুৱাহাটী সোণাৰাম হাইস্কুলৰ পৰা হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰি গুৱাহাটী আৰ্য বিদ্যাপীঠ কলেজত শিক্ষা সাং কৰি পৰৱৰ্তী সময়ত অসম অভিযান্ত্ৰিক মহাবিদ্যালয় (Assam Engineering College) -ত অধ্যয়ন কৰিছিল।

তপন দাসে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়তেই অসমীয়া ছৱি জগতত ভুমুকি মাৰিছিল। সেই সময়ত নাটকৰ ওপৰত শিক্ষাগ্ৰহণ কৰিবলৈও আগ্ৰহ আছিল তপন দাসৰ। অৱশ্যে তেখেতে ভ্ৰাম্যমাণ থিয়েটাৰ জগতত আকস্মিক ভাৱেহে জড়িত হৈ পৰিছিল। ১৯৯৩ – ৯৪ চনত প্ৰথম বাৰৰ বাবে ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত অভিনয় কৰিছিল তপন দাসে। অৱশ্যে ইয়াৰ পিছত তেওঁ আৰু থমকি ৰ’ব লগা হোৱা নাই।

নতুন নতুন বিষয়ৰ ওপৰত জ্ঞান আহৰণ কৰিবলৈ উদগ্ৰীৱ হৈ থকা তপন দাসে সাহিত্য চৰ্চাও কৰে। কৈশোৰ তথা যৌৱন কালত ফটোগ্ৰাফী(Photography)ৰ প্ৰতিও আগ্ৰহী আছিল তপন দাস। অৱশ্যে কিছু অসুবিধাৰ বাবে তেওঁৰ ফটোগ্ৰাফী শিকা নহ’ল।

কোনো আনুষ্ঠানিক অভিনয় শিক্ষা নথকাকৈয়ে নিজৰ প্ৰতিভাৰ সঠিক ব্যৱহাৰ কৰি একনিষ্ঠ সাধনাৰ জৰিয়তে অভিনয় ক্ষেত্ৰখনত দপদপাই আছে তপন দাসে। সোণাৰাম হাইস্কুলত অধ্যয়ন কৰি থকা সময়ৰ পৰাই নাটকৰ প্ৰতি ধাউতি বাঢ়িছিল তেওঁৰ। সেই সময়ত সোণাপুৰ অঞ্চলৰ বহু ব্যক্তি নাটকৰ সৈতে জড়িত আছিল। নাটক কৰা সেই ব্যক্তিসকলৰ অভিনয় চোৱাৰ লগতে তেওঁলোকৰ পৰা বহু অনুপ্ৰেৰণা লাভ কৰিছিল তপন দাসে। 

গুৰুত্বপূৰ্ণ কথা যে এই সময়ত তপন দাসৰ সহপাঠী আছিল বৰ্তমানৰ জনপ্ৰিয় কৌতুক অভিনেতা হিৰণ্য ডেকা(Hiranya Deka)।  সোণাপুৰ হাইস্কুলত তেওঁলোক দুয়োজনে একেলগে অধ্যয়ন কৰিছিল। হিৰণ্য ডেকাৰ সৈতে হাইস্কুলত অধ্যয়ন কৰা সময়ত একেলগে নাটক কৰিছিল তপন দাসে। সেই সময়ত নাটকৰ সংলাপ(Dialogue) আৰু নাটকৰ নিৰ্দেশনা নিজে দিছিল তপন দাসে। হিৰণ্য ডেকাৰ সৈতে তেওঁ বিভিন্ন অঞ্চলত নাটক কৰাৰ লগতে নাটকৰ প্ৰতিযোগিতাতো সেই সময়ত অংশগ্ৰহণ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত “সূৰ্য নাট্য গোষ্ঠী”ৰ সৈতে জড়িত হৈ অভিনয়ৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হৈ পৰিছিল তপন দাস।

Also Read: জীৱনী: ৰজনীকান্ত বৰদলৈ – অসমীয়া ঔপন্যাসিক | Rajanikanta Bordoloi

কৰ্মজীৱন | Professional Life

সোণাপুৰ হাইস্কুলত অধ্যয়ন কৰি থকা সময়ৰ পৰা মঞ্চ অভিনয়ৰ জৰিয়তে দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা তপন দাসে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা সময়ত ১৯৮৩/৮৪ চনত প্ৰথম বাৰৰ বাবে বোলছবিত অভিনয়ৰ কৰিছিল। প্ৰথম অভিনয় কৰা বোলছবি খন হ’ল পুলক গগৈ(Pulok Gogoi)ৰ পৰিচালিত সেন্দুৰপ্ৰাগ ফিল্মচ(Prag Films)ৰ  বেনাৰত নিৰ্মিত হোৱা এই বোলছবি খনত মূল চৰিত্ৰত তপন দাসৰ লগতে অভিনয় কৰিছিল ব্ৰজেন বৰা(Brajen Bora) আৰু বিদ্যা ৰাৱে(Vidya Rao)  গুৰুত্বপূৰ্ণ কথা যে তপন দাসে পোন প্ৰথমবাৰৰ অভিনয় কৰা এই বোলছবি খন বাণিজ্যিকভাৱেও সফল আছিল।

সেন্দুৰ বোলছবিত অভিনয় কৰাৰ পিছত কেতিয়াও পিছলৈ ঘূৰি চাব লগা হোৱা নাই তপন দাসৰ। তেখেতে বৰ্তমানলৈ প্ৰায় ৩৫ খনৰো অধিক ছবিত অভিনয় কৰি দৰ্শকৰ মনত সুকীয়া স্থান কৰিবলৈ সক্ষম হৈছে। তেখেতে অভিনয় কৰা বোলছবি সমূহৰ নাম হ’ল – ‘সেন্দূৰ’ , ‘শকুন্তলা আৰু শংকৰ জোচেফ আলি’ , ‘সূৰুয’ , ‘পূজা’, ‘সংকল্প’ , ‘সূত্ৰপাত’ , ‘পিতাপুত্ৰ’ , ‘অভিমান’ , ‘পাহাৰী কন্যা’, ‘প্ৰভাতী পখীৰ গান’ , ‘দৃষ্টি,প্ৰত্যাবৰ্তন’, ‘আৱৰ্তন’, ‘ইতিহাস’ , ‘কৃষ্ণচূড়া’ , ‘দাগ’ , ‘গুন গুন গানে গানে’ , ‘ কন্যাদান’, ‘বাৰুদ’ ,’দীনবন্ধু’ ,’ অনুৰাগ’ , ‘চক্ৰবেহু’, ‘অন্তহীন যাত্ৰা’, ‘কদমতলে কৃষ্ণ নাচে’ , ‘অস্তৰাগ’ , ‘অঘৰী আত্মা’ , ‘ৰামধেনু’, ‘সমীৰণ বৰুৱা আহি আছে’ ,’সূৰ্যাস্ত’ ,’অহেতুক’ ,’বৰ্ষাৰণ্য’  ইত্যাদি।

অসমীয়া বোলছবি ওপৰিও তপন দাসে বঙালী ভাষাৰ বোলছবিতো অভিনয় কৰিছে।  একদিন প্ৰতিদিন নামৰ বোলছবি খন হ’ল তপন দাসৰ অভিনিত এখন বঙালী ভাষাৰ বোলছবি।

কীৰ্তিস্তম্ভ | Achievements

গুৰুত্বপূৰ্ণ কথা যে তপন দাসৰ অভিনিত মুনিন বৰুৱা পৰিচালনা কৰা দীনবন্ধু’ নামৰ ছবিখন বাণিজ্যিকভাৱে সফল হোৱাৰ লগতে ২০০৪ চনৰ  অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) লাভ কৰিবলৈও সক্ষম হয়।

অন্যহাতে o মামণি ৰয়ছম গোস্বামীৰ এটি গল্পৰ ভিত্তিত নিৰ্মাণ কৰা  পৰিচালক মুন্না আহমেদে পৰিচালনা কৰা তপন দাসৰ অভিনিত ‘অন্তহীন যাত্ৰা ‘ নামৰ বোলছবিখন কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (Kolkata International Film Festival) –তো প্ৰদৰ্শিত হৈছিল।

তপন দাসে অভিনয় কৰা আন এখন গুৰুত্বপূৰ্ণ চলচ্চিত্ৰ হ’ল ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত আৰু ৪১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (১৯৯৪) অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) লাভ কৰা ১৯৯৩ চনত মুক্তিপ্ৰাপ্ত  ‘ ভবেন্দ্ৰ নাথ শইকীয়াৰ আৱৰ্তন ‘ নামৰ চলচ্চিত্ৰ খন।

তপন দাসৰ লগতে নিকুমণি বৰুৱাই অভিনয় কৰা ইতিহাস’ নামৰ চলচ্চিত্ৰ খনে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আঞ্চলিক ছবি শিতানত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰজত কমল বঁটা লাভ কৰিছিল। ১৯৯৬ চনত মুক্তি লাভ কৰা এই চলচ্চিত্ৰখন হৈছে ড॰ ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত অন্তিমখন অসমীয়া চলচ্চিত্ৰ।

এইসমূহ বোলছবিৰ ওপৰিও অভিজিত ভট্টাচাৰ্যৰ কাহিনীৰে তপন দাসে  ৰাজনীতি নামৰ এখন বোলছবিত অভিনয় কৰিছে।‌ অৱশ্যে এইখন বোলছবি এতিয়ালৈকে মুক্তি লাভ কৰা নাই।  তপন দাসৰ লগতে মুক্তি পাবলগীয়া নতুন বোলছবি খনত অভিনয় কৰিছে বৰষা ৰাণী বিষয়া, জুবিন গাৰ্গ, গীতাৱলী ৰাজকুমাৰী  আদিকে প্ৰমুখ্যে কৰি বহু শিল্পীয়ে।

বোলছবি বাহিৰেও ভ্ৰাম্যমাণ থিয়েটাৰত তপন দাসৰ বলিষ্ঠ অভিনয় মন কৰিবলগীয়া। তেখেতৰ জীৱন্ত অভিনয়ে দৰ্শকৰ মনত সাঁচ বহুৱাই থৈ যায়। কহিনুৰ থিয়েটাৰ, বৰদৈচিলা থিয়েটাৰ, শকুন্তলা থিয়েটাৰ, ৰাজতিলক থিয়েটাৰ, থিয়েটাৰ সূৰ্য, হেঙুল থিয়েটাৰ  আদি কৰি বহুকেইখন ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত অভিনয় কৰিছে তপন দাসে। অভিনয়ৰ ওপৰিও নাটক পৰিচালনা কৰাৰ লগতো জড়িত অভিনেতা তপন দাস।

আবৃত্তিকাৰ হিচাপেও তপন দাস ৰাইজৰ মাজত বহু জনপ্ৰিয়। প্ৰনৱ কুমাৰ বৰ্মনে ৰচনা কৰা আৰু তপন দাসে আবৃত্তি কৰা বহু কেইটা কবিতাই সাধাৰণ ৰাইজৰ মাজত সমাদৰ লাভ কৰিছিল। তাৰে ভিতৰত উল্লেখযোগ্য হ’ল- সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ, গাওঁবোৰ আছে, বৰষুণৰ দিনবোৰত, তোমাৰ প্ৰেমত পৰিমেই পৰিমেই পৰিম তুমি কি কৰিবা, দেৱদাস, জালুকবাৰীলৈ আহিলে মোক লগ নকৰাকৈ নাযাবা, এজন মন্ত্ৰীলৈ সাৱধানবাণী, আমন্ত্ৰণ  আদি প্ৰধান।

আবৃত্তিকাৰ হিচাপে সমাদৰ লাভ কৰা তপন দাস এজন কবিও। ‘লৈ আহিলো’, ‘বাপু’ আদি হ’ল তপন দাসৰ উল্লেখনীয় কবিতা। এই কবিতা কেইটা তপন দাসে নিজে আবৃত্তি কৰি শ্ৰোতা ৰাইজৰ মাজত ওচৰ চপাত অধিক সহায় কৰিছে।

গল্পকাৰ ৰূপে তপন দাস | Tapan Das as Writer

জনপ্ৰিয় অভিনেতা, আবৃত্তিকাৰ,কবি হিচাপে জনপ্ৰিয় হোৱা তপন দাসৰ গল্পকাৰ হিচাপেও আছে এক বিশেষ পৰিচিতি। পোন প্ৰথমে অসমীয়া আলোচনী ‘বিষ্ময়’ৰ পাততেই তপন দাসৰ গল্প প্ৰকাশ পাইছিল। তেখেতৰ বৰ্তমানলৈকে তিনিখন গল্প সংকলন প্ৰকাশ পাইছে। সেয়া হʼল ক্ৰমে  দীঘলা বৰুৱাৰ দালান’ আৰু  অথেলো’ ( প্ৰশান্ত কুমাৰ দাসৰ সৈতে যুটীয়াভাৱে)  আৰু ২০১৯ চনৰ আগষ্ট মাহত প্ৰকাশ পাইছে তপন দাসৰ  নিৰ্বাচিত গল্পৰ সংকলন গল্পগুচ্ছ প্ৰকাশ পাইছে। 

তপন দাসৰ গল্প সম্পৰ্কে প্ৰদীপ আচাৰ্য, দেৱব্ৰত দাস, ইমৰাণ হুছেইন, মুনীন বায়ন আৰু ধৰণী লাহন আদি সমালোচকে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে।

দেৱব্ৰত দাসে তপন দাসৰ গল্প সম্পৰ্কে  এনেদৰে মত আগবঢ়াইছে- তপন দাসৰ  গল্পবোৰ সাধাৰণতে অসমীয়া সাহিত্যত  উপলব্ধ গতানুগতিক গল্প নহয়তপনৰমেঘমল্লাৰ’, ‘বাল্ব’, ‘ক্লেপআৰুগোগোপণ্টি লাক্ৰাতুৱাআদি গল্পই  অতি সহজে অসমীয়া ভাষাৰ উৎকৃষ্ট গল্পৰ শাৰীত ঠাই দাবী কৰিব পাৰে তপনৰ প্ৰতিটো গল্পৰ বিষয়ব্স্তু বৈচিত্ৰ আৰু বিভিন্নতায়ো  লেখকৰ  সাহিত্যিক সূক্ষ্মতাৰ পৰিচয় দিয়ে” (গল্পগুচ্ছ পৃষ্ঠা ২৯৭-২৯৮)

ইমৰাণ হুছেইনৰ মতে,  “ নিম্নবৰ্গৰ নিবিড়  জীৱন চৰ্যা, কল্পনাশক্তিৰ বিশালতা , সাম্প্ৰতিক  যুৱ মানসিকতাৰ সূক্ষ্ম পৰ্যৱেক্ষণ, সংলাপৰ বাস্তৱতা আদি গুণৰ বাবে  গল্পকাৰৰ প্ৰতি  শ্ৰদ্ধাত মূৰ দো খাই যায়। এই উপাদানকেইটাৰ  ভিতৰত  তেওঁৰ কল্পনা শক্তিৰ বান্ধোনহীন ব্যৱহাৰে দীক্ষিত  পাঠকক তুলনামূলক ভাবে বেছি মুগ্ধ কৰিব। তপন দাসে ৰচনা কৰা কোনোটো গল্প  যদি সুগভীৰ দাৰ্শনিক ভাব্সমৃদ্ধ আৰু কাব্যিক সূষমামণ্ডিত  তেন্তে আন কোনোটো গল্প আকৌ ৰহস্যধৰ্মী  কাহিনীৰ উৎকণ্ঠাৰে  ভৰা। উচ্চ সাহিত্যিক মৰ্যাদাসম্পন্ন  গল্প আৰু সাধাৰণ  বিনোদনধৰ্মী গল্প  এই দুয়োধৰণৰ গল্পই  তপন দাসে লিখিছে”। 

Also Read: জীৱনী: ভোগেশ্বৰ বৰুৱা – অসমৰ ক্ৰীড়া জগতৰ তাৰকা | Bhogeswar Baruah

সামৰণি | Conclusion

সবল তথা শক্তিশালী অভিনয়ৰে কেতিয়াবা হাঁহিৰ খোৰাক যোগোৱা, কেতিয়াবা কৰুণ ৰসৰ জোৱাৰ তোলা তপন দাস‌ নি:সন্দেহে অসমীয়া চলচ্চিত্ৰ জগত, ভ্ৰাম্যমাণ নাট্যজগতৰ এজন জনপ্ৰিয় অভিনেতা। ইয়াৰ ওপৰিও আবৃত্তিকাৰ তথা গল্পকাৰ হিচাপেও তপন দাস জনতাৰ মাজত জনপ্ৰিয়। নিজৰ একাগ্ৰতা, সাধনা তথা‌ দক্ষতাৰ উপযুক্ত ব্যৱহাৰ কৰি ৰাইজৰ মৰম পাবলৈ সক্ষম হোৱা তপন দাস  যুৱ প্ৰজন্মৰ আদৰ্শ।

Also Read: জীৱনী: ড° শংকৰ দয়াল শৰ্মা – ভাৰতীয় ৰাজনীতিবিদ | Shankar Dayal Sharma

FAQ

১) তপন দাস কোন?

উঃ- ৮০ দশকৰ পৰা বৰ্তমানলৈকে নিজৰ প্ৰতিভা, সাধনাৰ জৰিয়তে অসমীয়া অভিনয় জগতত দপদপাই থকা এগৰাকী শক্তিশালী জনপ্ৰিয় অভিনেতা হ’ল তপন দাস।

২) তপন দাসৰ জন্ম কেতিয়া হৈছিল?

উঃ- ১১ জানুৱাৰী, ১৯৬২ চনত।

৩)  তপন দাসে ৰূপকাৰ বঁটা কেতিয়া পাইছিল?  

উঃ- ২০১২ চনত।

৪)   দীঘলা বৰুৱাৰ দালান’ কোনে লিখা?

উঃ- তপন দাসে।

৫) তপন দাসে কোনখন ছবিৰ বাবে “অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা” লাভ কৰিছিল?

উঃ- ‘দীনবন্ধু’।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top