সুভাষচন্দ্র বসু ৰচনা | Subhash Chandra Bose Essay in Assamese

সুভাষচন্দ্র বসু ৰচনা | Subhash Chandra Bose Essay in Assamese

Join Telegram channel

“কদম্ কদম্ বঢ়ায়ে যা,

খুশীকে গীত গায়ে যা।

য়ে‌‌‌‌ জিন্দাগী হ্যায় কৌম্‌কী

কৌম্‌পে’ লুটায়ে যা।”

মহা মহা মানৱৰ, মহা মহা বীৰ বীৰাংগনাৰ মৃত্যুঞ্জয়ী কীৰ্তি-কাহিনীৰে গৌৰৱৰঞ্জিত ভাৰতৰ দুশ বছৰীয়া পৰাধীনতাৰ গ্লানি দূৰ কৰিবলৈ, শৃঙ্খলিত দেশ-মাতৃকাৰ কালিমাৰ জিঞ্জিৰি ছিন্ন কৰি, সাম্ৰাজ্যবাদৰ কলংকিত অধ্যায়ৰ মূলোচ্ছেদ কৰিবলৈ, যিসকল বীৰ বীৰাংগনাই দুর্দম শক্তিৰে, প্ৰসাৰিত বদ্ধ-মুষ্ঠিৰে দুৰ্দ্ধৰ্ষ সংগ্ৰামত অৱতীৰ্ণ হৈছিল, সেই সকলৰে এজন ৰণ-দুৰ্মদ বীৰ সুভাষচন্দ্ৰ বসু, যাৰ জীৱনৰ বৈচিত্রময় কাহিনীৰ আজিও অন্ত পৰা নাই। বিপ্লৱৰ এটি উদ্দীপ্ত স্ফুলিংগ, দুঃসাহসিক প্ৰেৰণাৰ জীৱন্ত উৎস, দুর্দমনীয় স্বাধীনতা পিয়াসী অগ্নি স্নানকাৰী, দুৰ্নিৰ্বাৰ সাহসৰ জ্বলন্ত প্ৰতিমূৰ্ত্তি সুভাষচন্দ্ৰ এটা যুগান্তকাৰী নাম, যাৰ স্বাধীনতা সংগ্ৰামৰ বিস্ময়কৰ কাহিনী লিখা আছে “আজাদ হিন্দ ফৌজ”ৰ ইতিহাসত কেঁচা তেজেৰে ৰঞ্জিত হৈ।

সুভাষচন্দ্র বসু ৰচনা | Subhash Chandra Bose Essay in Assamese

পৰিচয় জন্ম আৰু বংশ | Introduction Birth and Lineage

১৮৯৭ চনৰ ২৩ জানুৱাৰী। সেইদিনা কোনোবা এক মাহেন্দ্ৰক্ষণত বিপ্লৱৰ আগ জাননী দি এটি অগ্নি-শিশুৱে ধৰাৰ বুকুত থিতাপি লৈছিলহি। হয়তো সুন্দৰ পৃথিৱীৰ ৰঙৰ বৈচিত্র্যই তেওঁৰ প্ৰথম দৃষ্টিত বিপ্লৱৰ জিলিঙনিকে সেইদিনা জিল্‌মিলাই তুলিছিল। উৰিষ্যাৰ কটক চহৰত সেইদিনা বিখ্যাত চৰকাৰী উকীল জানকীনাথ বসু আৰু পত্নী প্ৰভাৱতী দেৱীৰ অন্তৰত এটি দেৱোপম শিশুৰ কলকণ্ঠৰ মাধুৰিমাই অসীম আনন্দৰ স্রোতস্বিনী বোৱাই দিছিল, আৰু হয়তো দেৱ-দুন্দুভি বাজি উঠিছিল তেওঁলোকৰ স্থায়ী নিবাস বংগদেশৰ চব্বিশ পৰগণাৰ কোদালিয়াত৷ তেওঁৰ জন্মৰ ক্ষণতে হয়তো দেশ-মাতৃকাৰ পূজাৰ মন্দিৰত বাজি উঠিছিল স্বাধীনতাৰ দুৰ্বাৰ আকাঙ্ক্ষাৰ শঙ্খ, ঘণ্টা, মৃদংগৰ সংমিশ্ৰত সুৰ সমলয়। তাৰ ছন্দে ছন্দে প্ৰসাৰিত হৈছিল, শিশুটিৰ মুষ্টিৱদ্ধ দুই হাত। বিপ্লৱক শিৰত লৈ পৃথিৱীলৈ অহা এই শিশুটিয়েই সুভাষচন্দ্ৰ।

Read Also: ৰবীন্দ্ৰনাথ ঠাকুৰ ৰচনা | Rabindranath Tagore Essay in Assamese

শিক্ষা আৰু ছাত্ৰ-জীৱন

কটক চহৰৰ মিছনেৰী স্কুলতেই সুভাষে প্রথম শিক্ষা লাভ কৰে। তীক্ষ্ণ প্রতিভাসম্পন্ন সুভাষে “ৰেভেঞ্চ” কলেজিয়েট স্কুলৰপৰা ১৯১৩ চনত পাটনা বিশ্ববিদ্যালয়ৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰি পৰীক্ষাত উত্তীর্ণ হয়। তাৰ পাছত কলকাতালৈ আহি প্ৰেছিডেন্সী কলেজত ভৰ্ত্তি হয়। সেই সময়তে শ্ৰীৰামকৃষ্ণ পৰমহংস আৰু স্বামী বিবেকানন্দৰ প্ৰেৰণাত সংসাৰৰ মায়া-মোহ ত্যাগ কৰি সন্ন্যাসী জীৱন যাপনৰ অভিলাষেৰে হিমালয়লৈ গৈ গভীৰ আত্ম-সাধনাত ৰত হয়। উপযুক্ত গুৰুৰ সন্ধানত তেওঁ কিছুদিন ভাৰতৰ নানা তীৰ্থ ভ্ৰমণ কৰে। কিন্তু মুক্তি-পথৰ সন্ধান থাকিল বহুত দূৰত। সেয়েহে তেওঁ ফিৰি আহি পুনৰ প্ৰেছিডেন্সি কলেজত ভৰ্ত্তি হ’লহি। ক’বলৈ গ’লে এই প্রেছিডেন্সি কলেজেই তেওঁৰ অন্তৰত ৰূপ খাই থকা দেশাত্মবোধ আৰু বিপ্লৱী ভাৱধাৰাৰ আগ্নেয়গিৰিটো উদগীৰণত বৰঙণি যোগায়।

এদিনাখন ইংৰাজ অধ্যাপক ওটেনে পাঠদানৰ সময়ত ভাৰতীয়সকলৰ প্ৰতি তীব্র বাক্যবাণ প্রয়োগ কৰি অসম্মানজনক মন্তব্য প্রকাশ কৰিছিল। তাৰ প্ৰতিবাদত সুভাষৰ অন্তৰাত্মা বিদ্ৰোহী হৈ উঠিল। পৰাধীনতাৰ গ্লানিত তেওঁ মর্মাহত হ’ল। তীব্র দেশাত্মবোধ জাগ্রত হৈ উঠিল তেওঁৰ অন্তৰত। তেওঁ মিঃ ওটেন চাহাবক উপযুক্ত জবাব দিয়াৰ লগতে প্ৰহাৰ কৰে; ফলস্বৰূপে সুভাষ প্ৰেছিডেন্সি কলেজৰপৰা বহিষ্কৃত হয়। পাছত বংগৰ “বাঘ” নামে খ্যাত ছাৰ আশুতোষ মুখোপাধ্যায়ৰ প্ৰচেষ্টাত স্কটিছ চার্চ কলেজত ভৰ্ত্তি হয়। তাৰপৰাই ১৯১৯ চনত দৰ্শন শাস্ত্ৰত অনাৰ্চসহ বি.এ. পৰীক্ষাত উত্তীৰ্ণ হৈ এম. এ. পঢ়ে। অলপ দিনৰ পাছতে চিভিল ছাৰ্ভিছ পৰীক্ষাৰ বাবে তেওঁ ইংলণ্ডলৈ যাত্ৰা কৰে। ১৯২০ চনত আই. চি. এছ পৰীক্ষাত চতুর্থ স্থান লাভ কৰি সগৌৰৱে স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰে। ইংলণ্ডত থকা কালতেই তেওঁ কেম্ব্রিজ বিশ্ববিদ্যালয়ৰপৰা দৰ্শনত “ট্রাইপ্ৰেছ” ডিগ্রী অর্জন কৰে।

জাতীয় আন্দোলনত যোগদান

তেওঁ বিলাতত থকাৰ সময়তে ভাৰতত মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলনৰ প্ৰৱল জোৱাৰ উঠে। সেই জোৱাৰৰ অবাৰিত স্রোতে সুভাষৰ স্বাধীনতা প্রয়াসী মন-দিগন্তত হাজাৰ উৰ্মিৰ খলকনি তোলে। ১৯২১ চনত তেওঁ বিলাতৰপৰা ঘূৰি আহে। লগে লগে তেওঁলৈ আহে চৰকাৰী উচ্চ পদৰ উপঢৌকন। কিন্তু সকলোকে আচৰিত কৰি সুভাষে আই. চি. এছ. ডিগ্ৰী পৰিত্যাগ কৰি মুক্তি সংগ্ৰামত জঁপিয়াই পৰিল। আৰম্ভ হ’ল তেওঁৰ ৰোমাঞ্চকৰ ৰাজনৈতিক জীৱন। গান্ধীজীৰ পৰামৰ্শক্রমে দেশবন্ধু চিত্তৰঞ্জন দাশৰ শিষ্যত্ব গ্ৰহণ কৰি দেশ-সেৱাৰ কঠোৰ অথচ সুবিমল দীক্ষাত দীক্ষিত হ’ল। সুভাষৰ অমোঘ কৰ্ম শক্তি আৰু একান্ত আন্তৰিকতাত দেশবন্ধু মুগ্ধ হ’ল। দেশবন্ধুৰ পৰামৰ্শক্রমে সুভাষে জাতীয় শিক্ষালয়ৰ অধ্যক্ষ পদ গ্ৰহণ কৰে। লগে লগে কংগ্ৰেছ কমিটীৰ প্ৰচাৰ সচিবৰ পদতো তেওঁ অধিষ্ঠিত হ’ল। ইংলণ্ডৰ যুৱৰাজৰ ভাৰত আগমনত পূৰ্ণ হৰতালৰ আহ্বায়কৰূপে ১৯২১ চনৰ শেষ ভাগত সুভাষচন্দ্ৰ আৰু দেশবন্ধু দুয়ো কাৰাবৰণ কৰিব লগা হয়।

বিভিন্ন ঘটনা, কাৰাবৰণ, মেয়ৰ পদত অধিষ্ঠিত – বন্দীশালৰপৰা মুক্তিলাভ কৰাৰ পাছতে তেওঁ বংগীয় প্রাদেশিক কংগ্ৰেছ কমিটীৰ সম্পাদক পদত নিযুক্ত হয়। এই সময়ত উত্তৰবংগত দেখা দিয়া প্রলয়ংকৰী বানপানীৰ সময়ৰ দুৰ্যোগত আক্রান্তসকলৰ সেৱাত যি গৌৰৱময় ভূমিকা গ্ৰহণ কৰিছিল, সি আজিও প্ৰতিজন বঙালীৰ হিয়াদাপোণত জীৱন্ত হৈ জিলিকি আছে। ১৯২৩ চনত তেওঁ বিখ্যাত জাতীয়তাবাদী পত্রিকা “ফৰৱাৰ্ড”ৰ সহকাৰী সম্পাদক পদত নিযুক্ত হৈ দক্ষতাৰ পৰিচয় দিয়ে। ১৯২৪ চনত তেওঁ কলিকতা কর্পোৰেচনৰ মেয়ৰ নিৰ্বাচিত হয়। কিন্তু স্বাধীনচিতিয়া, দুৰ্দ্ধর্ষ সংগ্রামী সুভাষক ইংৰাজে শান্তিৰে কাৰ্যনিৰ্বাহ কৰিবলৈ নিদিলে। সেই বছৰেই তেওঁক প্ৰথমে অন্তৰীণ কৰি ৰাখি পাছত গ্ৰেপ্তাৰ কৰে। তিনিবছৰকাল তেওঁ কাৰাবৰণ কৰিব লগা হয়। ১৯২৭ চনত তেওঁ মুক্তি লাভ কৰে। কিন্তু সাম্রাজ্যবাদী, শোষণকাৰী ইংৰাজৰ চকুত সুভাষ আছিল দুৰম্ভ বিপ্লৱী সিংহ, যাৰ মুক্ত অৱস্থাই দেশত বিদ্ৰোহৰ আৰু বিপ্লৱৰ অগ্নি জ্বলাই তোলে। সেয়েহে তেওঁক পুনৰ বন্দী কৰা হয়। তেওঁ বন্দীশালাত থকা অৱস্থাতে পুনৰ কলিকতা কর্পোৰেচনৰ মেয়ৰ নিৰ্বাচিত হয়।

পুনঃ পুনঃ আৰু দীর্ঘ দিন ধৰি কাৰাবৰণ কৰিব লগা হোৱাত তেওঁৰ স্বাস্থ্য ভাগি পৰে। ভগ্নস্বাস্থ্য ঘূৰাই পোৱাৰ আশাৰে তেওঁ ইউৰোপলৈ যায়। এই সময়তে তেওঁৰ পিতৃবিয়োগ ঘটে।

স্বাস্থ্য ঘূৰাই পোৱাৰ পাছত তেওঁ স্বদেশলৈ ঘূৰি আহে; কিন্তু লগে লগে তেওঁ অন্তৰীণ হয়। তাৰ পাছত তেওঁ পুনৰ ইউৰোপলৈ যায় আৰু ১৯৩৬ চনত ঘূৰি আহে; অন্তৰীণ হৈ ১৯৩৭ চনত তেওঁ মুক্তি পায় ৷

কংগ্ৰেছ সভাপতি আৰু কংগ্ৰেছ ত্যাগ ফৰৱাৰ্ড ব্লক গঠন

১৯৩৯ চনত তেওঁ হৰিপুৰা কংগ্ৰেছৰ সভাপতি নির্বাচিত হয়। ১৯৪০ চনত পুনৰ্বাৰ তেওঁ ত্ৰিপুৰী কংগ্ৰেছৰ সভাপতি নির্বাচিত হয়। সেই সময়তে কংগ্ৰেছৰ উগ্ৰপন্থী আৰু নৰমপন্থীসকলৰ ভিতৰত মতভেদ তীব্ৰতৰ হৈ উঠে। সুভাষ আছিল উগ্রপন্থীসকলৰ নায়ক। দুই দলৰ মাজৰ সংঘাত এসময়ত চৰম সীমাত উপনীত হোৱাত সশস্ত্র সংগ্রামত বিশ্বাসী সুভাষচন্দ্ৰই কংগ্ৰেছ ত্যাগ কৰি উগ্ৰ ৰাজনৈতিক মতাৱলম্বী ‘ফৰৱাৰ্ড ব্লক’ দল গঠন কৰে আৰু স্বাধীনতাকামী জনগণৰ সন্মুখত অপোচবিহীন এক বৈপ্লৱিক কাৰ্যসূচী দাঙি ধৰে।

ইতিমধ্যে সমগ্র বিশ্বজুৰিমদোন্মত্ত, ৰক্তপিপাসু, ৰণোন্মাদ জাতিসমূহৰ মাজত ৰণ ডংকা বাজি উঠিল, দেশে দেশে মহাযুদ্ধৰ সৰ্ব ধ্বংসী দাবানল জ্বলি উঠিল। সুভাষচন্দ্ৰই এই সুযোগ এৰি নিদি ভাৰতৰ স্বাধীনতা সংগ্ৰামক প্রকৃত সংগ্ৰামত পৰিণত কৰাৰ প্ৰচেষ্টাত অগ্ৰসৰ হ’ল।

নিৰুদ্দেশ, আজাদ হিন্দ ফৌজ গঠন

বিপ্লৱৰ এই প্ৰদীপ্ত জুইকুৰা বাহিৰত থকাটো ইংৰাজ চৰকাৰৰ বাবে বিপদজনক। গতিকেই তেওঁক আটক কৰা হ’ল। কিন্তু ভগ্ন স্বাস্থ্যৰ বাবে তেওঁক নিজ ঘৰতে অন্তৰীণ কৰা হ’ল। ১৯৪১ চনৰ ২৬ জানুৱাৰী তাৰিখে বাতৰি প্ৰচাৰিত হ’ল সুভাষচন্দ্র নিরুদ্দেশ। কটকটীয়া পুলিচ পহৰাৰ চকুত ধূলি দি সুভাষে “উদ্দেশ্য সাধন, কিম্বা শৰীৰ পতন” মন্ত্ৰ জপ্ কৰি ছদ্মবেশেৰে প্ৰথমে কাবুল, তাৰপৰা বাৰ্লিন আৰু শেষত ছিংগাপুৰত উপস্থিত হ’লগৈ। ছিংগাপুৰত বিপ্লৱী ৰাসবিহাৰী বসুৰ নেতৃত্বত গঠিত হৈছিল মুক্তি বাহিনীআজাদহিন্দ ফৌজ। সেইদিনা পৃথিৱীৰ পূৱ প্ৰান্তত সিঁচৰতি হৈ থকা হাজাৰ হাজাৰ ভাৰতীয় জোৱান চিঙ্গাপুৰত সমবেত হ’ব। প্রত্যেকৰে প্ৰাণত অভূতপূর্ব উচ্ছ্বাস। উদ্দাত্ত কণ্ঠেৰে সুভাষে ঘোষণা কৰিলে “Give me blood; I promise you freedom.” হাজাৰ হাজাৰ ভাৰতীয় জোৱানে মাতৃভূমিৰ বাবে জীৱন উৰ্গা কৰিবলৈ “ৰক্তলেখা” দি আগবাঢ়ি আহিল। সুভাষ হ’ল আজাদ্-হিন্দ্ ফৌজৰ সৰ্বাধিনায়ক সকলোৰে প্ৰিয় নেতাজী। আৰম্ভ হ’ল স্বাধীনতা সংগ্ৰামৰ এক গৌৰৱোজ্জ্বল অধ্যায় ৷ আজাদ্-হিন্দ চৰকাৰ গঠিত হ’ল। ন-খন স্বাধীন ৰাষ্ট্ৰই আজাদহিন্দ চৰকাৰক স্বীকৃতি প্রদান কৰিলে।

বিজয় যাত্ৰা আৰম্ভ

১৯৪৩ চনত জাপানৰ সাহায্য লৈ আজাদ্‌হিন্দ বাহিনীয়ে ইংলণ্ড আৰু আমেৰিকাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে। ব্ৰহ্মদেশ আৰু ভাৰতৰ দুৰ্গম গিৰিপ্ৰান্তৰ অতিক্ৰম কৰি আজাদ্‌হিন্দ বাহিনী দুদাম গতিৰে আগবাঢ়ি আহি ইম্ফল আৰু কোহিমা দখল কৰিলেহি। পর্বতে কন্দৰে ধ্বনিত, প্রতিধ্বনিত হ’ল- জয়হিন্দ। ১৯৪৫ চনৰ ১৮ মাৰ্চত,ভাৰতভূমিৰ পূব প্ৰান্তত স্বাধীন ভাৰতৰ ত্ৰিৰংগ ৰঞ্জিত পতাকা উত্তোলিত হ’ল। নেতাজীয়ে দেশবাসীক আহ্বান জনালে- “দিল্লী চলো।” দিল্লী যাত্ৰা আৰম্ভ হ’ল। কিন্তু হায় নিয়তি।

“সৃষ্টিৰ দিনাৰেপৰা নিয়তিৰ স’তে হেবা, মানুহ

সংগ্রাম অক্ষয়,

আমি তান স্মৃতিস্তম্ভ সোঁৱৰাই মানুহৰ বীৰ্য আৰু

নিয়তিৰ জয়।”

নিয়তিৰ জয়

মানুহৰ বিপুল বীর্য সত্ত্বেও নিয়তিৰে জয় হ’ল। জাপানে প্রতিশ্রুতি মতে সাহায্য নিদিলে। ফলত হাজাৰ হাজাৰ জোৱানে দুর্গম গিৰিপ্ৰান্তৰত অনাহাৰে, অনিদ্রাই বিসর্জন দিলে। ইংৰাজে ব্ৰহ্মদেশলৈকে পুনৰ দখল কৰিলে। আজাদহিন্দ ফৌজ পতন ঘটিল । পৰাজয়ৰ দুঃসহ বেদনা আৰু গ্লানি শিৰত লৈ নেতাজীয়ে বিমানেৰে জাপানলৈ যাত্ৰা কৰিলে ৷ বাতৰি প্ৰচাৰিত হ’ল- জাপানৰ তাইহুকু বিমান দুৰ্ঘটনাত নেতাজীৰ মৃত্যু ঘটিল।

Read Also: Class 10 Science Solution

সামৰণি

কিন্তু প্রকৃততে নেতাজীব শেষ দশা কি হ’ল, সি আজিও বিবাদমান বিষয় হৈয়ে ৰ’ল। ইংৰাজৰ চকুত কুইজ্‌লিং (Quisling) মৰণ বিজয়ী, বিপ্লৱৰ স্ফুলিংগ, উগ্র স্বাধীনতা প্রয়াসী নেতাজীৰ স্বাধীনতা আন্দোলনৰ ভূমিকা ভাৰতৰ প্ৰতিজন দেশপ্রেমী লোকৰ হৃদয়-ফলিকাত গৌৰৱমণ্ডিত হৈ জিলিকি আছে। প্ৰেৰণাৰ মহান উৎস, নির্ভীকতাৰ জীৱন্ত প্রতীক প্রগতিশীলতাৰ মূৰ্তিমান চানেকি নেতাজীৰ মহান আদৰ্শই যুগে যুগে ভাৰতবাসীক স্বাধীনতা, শান্তি প্রগতিব অনির্বচনীয় জ্যোতিৰ পথ প্ৰদৰ্শন কৰক। ভাৰতৰ স্বাধীনতা যুগমীয়াকৈ ৰাখিবলৈ আমাৰ দুবাহুত তেওঁৰ দুৰ্বাৰ শক্তিৰ একণিকাৰ পুষ্প বৰিষণ হওক।

আমি আশা কৰিছো সুভাষচন্দ্র বসু ৰচনাটোৱে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ সুভাষচন্দ্র বসু ৰচনাৰ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top