Assam Jatiya Bidyalay Class 7 Science Chapter 1 কৃষি উদ্ভিদ

Assam Jatiya Bidyalay Class 7 Science Chapter 1 কৃষি উদ্ভিদ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় বিজ্ঞান Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Class 7 Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 7 Science Chapter 1 কৃষি উদ্ভিদ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The provided here ensures a smooth and easy understanding of all the concepts. Assam Jatiya Bidyalay Class 7 Science Chapter 1 কৃষি উদ্ভিদ Understand the concepts behind every chapter and score well in the board exams.

কৃষি উদ্ভিদ

Chapter -1

ASSAM JATIYA VIDYALAYA

অসম জাতীয় বিদ্যালয়

প্রশ্ন ১। খাদ্য উদ্ভিদ, তেল উদ্ভিদ, উদ্যান উদ্ভিদ আৰু বাগান উদ্ভিদ প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া ।

উত্তৰঃ খাদ্য উদ্ভিদ – ধান, ঘেঁহু। 

তৈল উদ্ভিদ – সৰিয়হ, নাৰিকল।

উদ্যান উদ্ভিদ – জালুক হালধি।

বাগান উদ্ভিদ – চাহ কফি।

প্রশ্ন ২। ঔষধি উদ্ভিদ আৰু অৰ্থকাৰী উদ্ভিদ প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ ঔষধি উদ্ভিদ – চিত্রনেলা, সর্পগন্ধা। 

অৰ্থকৰী উদ্ভিদ – ধান সৰিয়হ ।

প্রশ্ন ৩। খাৰিফ উদ্ভিদ আৰু ৰবি উদ্ভিদ কাক বোলে? প্ৰতি বিধৰ দুটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ খাৰিফ উদ্ভিদ – যিবোৰ উদ্ভিদ গ্ৰীষ্মকালত (বাৰিষা সময়ত) কৰাৰ বাবে উপযোগী সেইবোৰ কৃষি উদ্ভিদক খাৰিফ উদ্ভিদ বোলে। যেনে-ধান, বার্লি। 

ৰবি উদ্ভিদ – যিবিলাক উদ্ভিদ শীতকালত কৰা হয় সেইবোৰ উদ্ভিদক ৰবি উদ্ভিদ বোলে। শীতকালত কৰা উদ্ভিদৰ খেতি সূৰ্যৰ পোহৰৰ ওপৰত নিৰ্ভৰশীল। উদাহৰণ সৰিয়হ মাহ। –

প্রশ্ন ৪। বৈজ্ঞানিক পদ্ধতিত খেতি কৰোঁতে তলত দিয়া দিশবোৰৰ ওপৰত গুৰুত্ব দিয়া হয়?

উত্তৰঃ বৈজ্ঞানিক পদ্ধতিত খেতি কৰোঁতে তলত দিয়া দিশবোৰৰ ওপৰত গুৰুত্ব দিয়া হয় –

(ক) জলবায়ুৰ ওপৰত ভিত্তি কৰি প্ৰত্যেক অঞ্চলৰ বাবে বিশেষভাৱে উপযোগী উদ্ভিদ খেতিৰ বাবে নিৰ্বাচন কৰা হয়।

(খ) উন্নত জাতৰ সঁচ নিৰ্বাচন কৰা হয়।

(গ) পথাৰৰ মাটি আৰু ৰাসায়নিক গুণাগুণ নির্ণয় কৰি মাটিখিনিত উদ্ভিদৰ পুষ্টিৰ বাবে প্ৰয়োজনীয় সাৰৰ পৰিমাণ নিৰ্ণয় কৰা হয়। 

প্রশ্ন ৫। উন্নত জাতৰ সঁচৰ বৈশিষ্ট্য কি কি?

উত্তৰঃ উন্নত জাতৰ সঁচৰ বৈশিষ্ট্য হ’ল –

(ক) উন্নত জাতৰ সঁচ ব্যৱহাৰ কৰিলে খেতিৰ উৎপাদন বৃদ্ধি হয় আৰু খেতি নষ্ট নহয়।

(খ) উন্নত জাতৰ সঁচৰ পৰা হোৱা কৃষি উদ্ভিদে নানান ধৰণৰ অনুজীৱ আৰু পোক পৰুৱাৰ আক্ৰমণ প্ৰতিৰোধ কৰিব পাৰে।

(গ) উন্নত জাতৰ সঁচৰ পৰা হোৱা কৃষি উদ্ভিদে আঞ্চলীয়া বতৰ, যেনে, অনাবৃষ্টিৰ ফলত হোৱা খৰাং অৱস্থা আৰু অতিবৃষ্টিৰ ফলত হোৱা বানপানীৰ দৰে জটিল অৱস্থাতো জীয়াই থাকিবলৈ সক্ষম হয়।

প্রশ্ন ৬। কীটনাশক প্রয়োগ কৰোঁতে কেনে ধৰণৰ সাৱধানতা অৱলম্বন কৰা উচিত লিখা।

উত্তৰঃ কীটনাশক প্রয়োগ কৰোতে ল’ব লগা সাৱধানতা সমূহ হ’ল –

(ক) উচিত বিচাৰ-বিবেচনা নকৰাকৈ কোনো ধৰণৰ কীটনাশক পদাৰ্থ ব্যৱহাৰ কৰিব নালাগে।

(খ) অত্যাধিক মাত্ৰাত ব্যৱহাৰ কৰা এনেবোৰ কীটনাশক পদাৰ্থই মাটিৰ গুণাগুণ নষ্ট কৰে। সেইবাবে উপযুক্ত মাত্ৰাত কীটনাশক ব্যৱহাৰ কৰিব লাগে। 

(গ) কীটনাশক পদার্থ খোৱাপানীৰ উৎসত মিহলি হৈ পানী দূষিত কৰিব নোৱাৰে যাতে সেইটো লক্ষ্য কৰিব লাগে।

(ঘ) কীটনাশক দীঘলীয়া সময় জুৰি প্ৰয়োগ কৰিলে পোক-পৰুৱা বা অনুজীৱই লাহে লাহে এইবোৰ সহ্য কৰিব পৰা হয়। ফলত কীটনাশকৰ গুণ নোহোৱা হয়। সেইবাবে কীটনাশকৰ সলনি জৈৱিক কীটনাশকৰ ব্যৱহাৰ কৰা উপায় ল’ব লাগে, যাতে আমাৰ পৰিবেশ দূষিত নহয়।

প্রশ্ন ৭। অনুজীৱই মাটিৰ উৰ্বৰতা ৰক্ষা কৰে। কথাষাৰ ব্যাখ্যা কৰা। 

উত্তৰঃ মাটি গঠন হোৱা প্ৰক্ৰিয়াত মাটিত থকা নানান ধৰণৰ অনুজীৱই সহায় কৰে। গছৰ পৰা সৰি পৰা ডাল-পাত মৰা জীৱ-জন্তু, নানান বিধ বেক্টেৰিয়া, ভেঁকুৰ ইত্যাদি অনুজীৱৰ খাদ্যৰ প্ৰধান উৎস। অনুজীৱই মৃত জীৱৰ ওপৰত গজি এইবোৰত নিহিত থকা ৰাসায়নিক পদার্থ নির্গত কৰে। শিল-বালিত থকা অজৈৱ ৰাসায়নিক পদাৰ্থৰ লগত মিহলি হৈ এই জৈৱিক পদাৰ্থবোৰে মাটিৰ সাৰুৱা অংশ হিউমাছ গঠন কৰে। গতিকে, ইয়াৰ পৰা বুজা গ’ল যে অনুজীৱই মাটিৰ উৰ্বৰতা ৰক্ষা কৰে।

প্রশ্ন ৮। তলৰ শস্যবোৰ কোনবিধৰ উদ্ভিদ চিনাক্ত কৰাঁ। 

ঘেঁহু, বাদাম, কফি, তেজপাত, জিকা।

উত্তৰঃ ঘেঁহু – খাদ্য উদ্ভিদ।

বাদাম – অর্থকাৰী উদ্ভিদ, তৈল উদ্ভিদ।

কফি – বাগান উদ্ভিদ।

তেজপাত – উদ্যান উদ্ভিদ।

জিকা – উদ্যান উদ্ভিদ।

প্রশ্ন ৯। শুদ্ধ / অশুদ্ধ লিখা।

(ক) নাৰিকল একবর্ষী উদ্ভিদ। (শুদ্ধ / অশুদ্ধ)

উত্তৰঃ অশুদ্ধ।

(খ) কাঠফুলা খাদ্যৰ উপযোগী নহয়। (শুদ্ধ / অশুদ্ধ)

উত্তৰঃ অশুদ্ধ।

(গ) কীটনাশকবোৰ ৰাসায়নিক পদাৰ্থ নহয়। (শুদ্ধ/ অশুদ্ধ)

উত্তৰঃ অশুদ্ধ।

(ঘ) শালি ধান খাৰিফ উদ্ভিদৰ অন্তৰ্ভূক্ত। (শুদ্ধ / অশুদ্ধ)

উত্তৰঃ শুদ্ধ।

(ঙ) উন্নত সঁচে পোক-পৰুৱাৰ আক্ৰমণ প্ৰতিৰোধ কৰিব পাৰে। (শুদ্ধ / অশুদ্ধ)

উত্তৰঃ শুদ্ধ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top