Sociology of Religion Unit 2 ধৰ্মীয় উপাদান

Sociology of Religion Unit 2 ধৰ্মীয় উপাদান Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Sociology of Religion Unit 2 ধৰ্মীয় উপাদান to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Sociology of Religion Unit 2 ধৰ্মীয় উপাদান Question Answer can be of great value to excel in the examination.

Sociology of Religion Unit 2 ধৰ্মীয় উপাদান

Join Telegram channel

Sociology of Religion Unit 2 ধৰ্মীয় উপাদান Notes cover all the exercise questions in UGC Syllabus. The Sociology of Religion Unit 2 ধৰ্মীয় উপাদান provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Elements of Religious

SOCIOLOGY

SOCIOLOGY OF RELIGION

ধৰ্মৰ সমাজতত্ত্ব

প্ৰশ্নঃ 1. পৱিত্ৰতা আৰু অপৱিত্ৰতাই কি বুজায় ? দুখেইমৰ ধৰ্ম সম্বন্ধীয় বিশ্লেষণৰ আধাৰত এই দুটা উদাহৰণসহ আলোচনা কৰা । What is sacred and profane ? Discuss these two concepts citing examples from Durkheim’s analysis on religion. 

উত্তৰঃ দুৰখেইমৰ ধৰ্ম সম্বন্ধীয় সিদ্ধান্তৰ এটা প্ৰধান দিশ হৈছে ‘পবিত্ৰ’ সম্পৰ্কে আলোচনা । পবিত্ৰ সম্বন্ধে আলোচনা কৰোতে তেওঁ আন এক বিৰোধমূলক অৱধাৰণাৰ কথাও উল্লেখ কৰিছে। সেই অৱধাৰণাটো হৈছে অপবিত্ৰ । অৰ্থাত্ দুৰখেইমৰ ধৰ্ম সম্বন্ধীয় আলোচনা । দুৰখেইমৰ মতে পবিত্ৰ বস্তুৰ প্ৰতি উঠা বিশ্বাসৰ সমষ্টিয়য়েই হ’ল ধৰ্ম । তেওঁৰ মতে পবিত্ৰ আৰু অপবিত্ৰ বস্তু বা সত্তাৰ মাজৰ পাৰ্থক্য স্পষ্ট । পবিত্ৰ বুলি ভবা কোনো বস্তু বা সত্তাক কেন্দ্ৰ কৰি মানুহৰ মাজত বিশ্বাস গঢ়ি উঠে, কিন্তু অপবিত্ৰ কোনো বস্তু বা সত্তাই এনে বিশ্বাস গঢ়ি তুলিব নোৱাৰে । অৰ্থাত্ বিশ্বাস আৰু ধৰ্মীয় ক্ৰিয়া কলাপসমূহ পবিত্ৰ বস্তুৰ লগতহে সম্পৰ্কিত । এনে পবিত্ৰ বস্তু বা সত্তাৰ এক আছুতীয়া স্থিতি আছে আৰু সেই আছুতীয়া স্থিতিয়েই এক অলৌকিক আৰু মহিমাময়ী এক সত্তাৰ ইংগিত প্ৰদান কৰি মানুহৰ মাজত বিশ্বাস সৃষ্টি কৰে । দুৰখেইমৰ মতে এনে পবিত্ৰ জ্ঞান কৰা মহিমাময়ী শক্তিৰ ওপৰত থকা বিশ্বাসেই হৈছে ধৰ্ম । সেয়েহে দুৰখেইমে এনেদৰে কৈছে -Religion is a unified system of belief and practices relative to ascred things that is to say, things set apart and forbidden.” 

ধুৰখেইমৰ মতে ধৰ্ম প্ৰধানকৈ দুটা মূল কাৰকৰ দ্বাৰা গঢ় লয় । এটা  হ’ল বিশ্বাস আৰু আনটো আচাৰ-অনুষ্ঠান বা ক্ৰিয়াকাণ্ড । বিশ্বাস মে ৰূপত আৰু আচাৰ অনুষ্ঠান বা ক্ৰিয়া-কাণসমূহ মূৰ্ত ৰূপত প্ৰকাশিত হয় । আচাৰ-অনুষ্ঠান ক্ৰিয়া-কাণ্ড বোলোতে ধৰ্মীয় ব্ৰিয়া-কাণ্ড বা আচাৰ অনুষ্ঠানকে হৈছে । অৰ্থাত্ কোনে । এক শক্তিক বিশ্বাস কৰি যিখিনি ক্ৰিয়া সম্পন্ন কৰা সেয়ে হৈছে ক্ৰিয়াকাণ্ড । উদাহৰণস্বৰূপে কোনো শক্তি বা সত্তাক বিশ্বাস কৰি আয়োজন কৰা প্ৰাৰ্থনা, পূজা-পাতল, যাগ-যজ্ঞ, নাম কাৰ্তন ইত্যাদিবোৰেই হৈছে;ক্ৰিয়া-কাণ্ড । দুৰখেইমে তেওঁৰ ধৰ্ম সম্বন্ধীয় বিশ্লেষণত ক্ৰিয়া-কাণ্ড সম্বন্ধীয় আলোচনাক প্ৰাধান্য দিছে । দুৰখেইমৰ মতে কোনো এক পবিত্ৰ বস্তু তথা পবিত্ৰ সত্তাৰ ওপৰত ন্ঠ থকা বিশ্বাসৰ বাবে এনে আচাৰ-অনুষ্ঠান বা ধৰ্মীয় ক্ৰিয়াকাণ্ডসমূহ পালন কৰা হয় । 

দুৰখেইমে উল্লেখ কৰিছি যে তেতিয়াই মানুহৰ মাজত এক ধৰ্মীয় ভাৱৰ সৃষ্টি হ’ব যেতিয়া পবিত্ৰ আৰু অপবিত্ৰ বস্তুৰ মাজত এক পাৰ্থক্য সৃষ্টি হ’ব । তেওঁ পুনৰ কৈছে পবিত্ৰ বস্তুৱে, আত্মা নাইবা আন কোনো অতি প্ৰাকৃতিক বা অলৌকিক সত্তাকেই নুবুজায়- এই পবিত্ৰ বস্তুবোৰে এটা শিল, এটা জান বা জুৰি, এটা ঘৰ, এজোপা গছ, এটা প্ৰাণী বা আন কোনোবা বস্তুক বুজাব পাৰে । এনে বস্তুবোৰক পবিত্ৰ বুলি ক’বলৈ যাওঁতে বস্তুবোৰৰ গুণগত মানৰ ওপৰত ভিত্তি কৰি পবিত্ৰ বুলি কোৱা নহয় । এটা বস্তুক এই কাৰণেই পবিত্ৰ বুলি কোৱা হ’ব যদিহে বস্তুটো কোনো পবিত্ৰ বিশ্বাসৰ প্ৰতীক হিচাপে সামূহিক চেতনাৰ দ্বাৰা স্বীকৃত হয় । এনে পবিত্ৰ বস্তুবোৰৰ লগত, আধ্যাত্মিক বিশ্বাস অন্তনিহিত হৈ থাকে । দুৰখেইমৰ মতে পবিত্ৰ প্ৰতীক এটাৰ ওপৰত ভিত্তি কৰিয়েই এটা সমূহ বা সম্প্ৰদায়ৰ মাজচ কেতবোৰ সমূহগত ধাৰণা আৰু বিশ্বাস পদ্ধতিৰ বিকাশ হয় । যিবোৰ ধাৰণা বা বিশ্বাস বা ক্ৰিয়াকলাপ আছে যিবোৰ অপবিত্ৰ বুলি ধৰা হয়  আৰু এনেবোৰৰ ওপৰত সমূহটোৱে বাধা-নিষেধ ঞ্চ আৰোপ কৰি অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰে । দুৰখেইমে এনেদৰে ধৰ্ম সম্পৰ্কে আলোচনা কৰোতে ধৰ্মৰ দুটা বিৰোধমূলক দিশ উল্লেখ কৰিছ্ । ইয়াৰে এটাই পবিত্ৰ বিশ্বাস আৰু বস্তুবোৰক বুজায় যাক দুৰখেইমে পবিত্ৰ বুলি অভিহিত কৰিছে আৰু আটো দিশে সামূহিক বিশ্বাস বিৰুদ্ধ বস্তু অথবা কাৰ্য-আচৰণ আদিক বুজায় আৰু এইবোৰক অপবিত্ৰ বোলা হয় । গতিকে দুৰখেইমৰ মতে কোনো এক সমূহ বা সমুদায়ৰ কোনো এটা পবিত্ৰ বস্তুৰ প্ৰতি সৃষ্টি হোৱা ধাৰণাই ধৰ্মীয় ভাৱৰ বিকাশ ঘটায় । 

দুৰখেইমে ধৰ্ম সম্বন্ধে আলোচনা কৰোঁতে যি পবিত্ৰতা আৰু অপবিত্ৰতাৰ ধাৰণাৰ কথা উল্লেখ কৰিছে, সেই ধাৰণাৰ লগত কেতবোৰ ক্ৰিয়াকাণ্ডৰ সম্পৰ্ক আছে । পবিত্ৰ বস্তুবোৰৰ প্ৰতি সৃষ্টি হোৱা ধৰ্ম বিশ্বাসৰ বাবেই, কেতবোৰ ধৰ্মীয় ক্ৰিয়া-কাণ্ড সম্পন্ন হয় । কোনো এটা ধৰ্মীয়সমবহৰ সামূহিক সচেতনতাৰ বাবেই পবিত্ৰতা-অপবিত্ৰতা, বিশ্বাস, ক্ৰিয়াকাণ্ড সেইবোৰ সম্ভৱ হৈ উঠে ধৰ্মীয় সমূহবোৰৰ মাজত প্ৰচলিত ধৰ্মীয় বিশ্বাসৰ বাবে । সেইবাবে দুৰখেইমে ধৰ্মবিশ্বাস আৰু ক্ৰিয়াকাণ্ড এক সমন্বিত পদ্ধতি বুলি উল্লেখ কৰিছে । কোনো এক বস্তু বা কোনো এক প্ৰতীকৰ প্ৰতি থকা পবিত্ৰ মনোভাৱেসেই বস্তু বা প্ৰতীকৰ প্ৰতি এক বিশ্বাস জন্মায় আৰু সেই বিশ্বাসৰ বাবেই বিভিন্ন পূজা পাতল সম্পন্ন কৰা হয় । কোনো অলৌকিক সত্তা, দেৱ-দেৱী নাইবা কোনো গছ-গছনি, শিল বা আন কোনো প্ৰাণী, অৰ্থাত্ যিটোকেই পবিত্ৰ জ্ঞান কৰি বিশ্বাস কৰা হয়, সেইটোকেই পূজা-অৰ্চনা কৰা হয় । গতিে দুৰখেইমে পবিত্ৰতা আৰু ধৰ্মবিশ্বাসৰ ওপৰত ভিত্তি কৰি সম্পন্ন হোৱা যি ধৰ্মীয় ক্ৰিয়া-কাণ্ডৰ কথা উল্লেখ কৰিছে- এনে ধৰণৰ ক্ৰিয়া-কাণ্ড পৃথিৱীৰ প্ৰায় সকলোবোৰ ধৰ্মতে দেখিবলৈ পোৱা যায় । 

দুৰখেইমৰ মতে পবিত্ৰ আৰু অপবিত্ৰ দুয়োটা ধাৰণাই ৰৃথক । পবিত্ৰ বস্তু বা পবিত্ৰ প্ৰতীকবোৰৰ ওপৰত থকা বিশ্বাসৰ বাবেই ধৰ্মীয় ক্ৰিয়া কৰ্ম সম্পন্ন হয় । সেয়েহে দুৰখেইমে পবিত্ৰ আৰু অপবিত্ৰ মাজত এক মাপকাঠী স্পষ্ট কৰিছে । তেওঁৰ মতে অপবিত্ৰতাৰ সামাজিক গুৰুত্ব বা ইয়াৰ মান পবিত্ৰতাতকৈ নিম্নমানৰ আৰু সংস্কাৰমূলক অৰ্থত দুয়োটা সম্পূৰ্ণৰূপে বিপৰীত । হ’লেও দুৰখেইমৰ মতে দুয়োটাৰ মাজৰ সম্পৰ্ক ঘনিষ্ট আৰু দুয়োটাৰ মাজৰ আদান-প্ৰদানো স্পষ্ট । অৱশ্য়ে এঅটোৱে দুয়োটা অৱধাকণাৰ স্থিতি ৰক্ষাত অৰিহণা যোগায় । দুৰখেইমৰ মতে অপবিত্ৰতা এনে এক নীতিৰ ওপৰত প্ৰতিষ্ঠিত, যাৰ পবিত্ৰতাক কলুষ্ত কৰাৰ সামৰ্থ থাকে আৰু সেইবাবেই এই দুয়োটাৰ মাজত পাৰ্থক্য স্পষ্ট হৈ পৰে । দুৰখেইমৰ মতে সকলো ধৰ্মতে পবিত্ৰ আৰু অপবিত্ৰ দুয়োটা ধাৰণাই পৃথক হ’লেও ইয়াৰ আদান-প্ৰদানৰ পৰিধি সকলো ধৰ্মতে একে । 

দুৰখেইমে পবিত্ৰ আৰু অপবিত্ৰ আৰু ক্ৰিয়াকাণ্ড সম্পৰ্কে আলোচনা কৰোতে টোটেমবাদ বা টোটেম বিশ্বাসৰ প্ৰসংগও উত্থাপন কৰিছে । দুৰখেইমৰ মতে টোটেম এক বিশ্বাসৰ প্ৰতীক । কোনো এক টোটেমৰ প্ৰতি সৃষ্টি হোৱা পবিত্ৰ অনুভূতিয়ে সেই বিশ্ষ টোটেমৰ প্ৰতি বিশ্বাস সৃষ্টি কৰে । টোটেম বিশ্বাসীসকলে কোনো এটা টোটেমক এক বিশেষ শক্তিসম্পন্ন বুলি বিবেচনা কৰে । এই বিশ্বাসৰ প্ৰতীক অলৌকিক শক্তিসম্পন্ন বুলি ভাবৰ লগে লগে কোনো এটা গোত্ৰ বা সমূহৰ মনত এই প্ৰতীকৰ প্ৰতি এক পবিত্ৰ ভাৱৰ সৃষ্টি হয় । দুৰখেইমৰ মতে কোনো এটা সমূহ বা গোত্ৰৰ লোকে যেতিয়াই কোনো এক টোটেম বা প্ৰতীকক পবিত্ৰ বুলি গ্ৰহণ কৰে, তেতিয়া সেই টোটেম বা প্ৰতীকক কেন্দ্ৰ কৰি সময়ে সময়ে কেতবোৰ ধৰ্মীয় আচাৰ-অনুষ্ঠানবা ক্ৰিয়া-কাণ্ড সম্পন্ন কৰে । এনে আচাৰ-অনুষ্ঠান বা ক্ৰিয়া-কাণ্ডসমূহে গোত্ৰৰ লোক সকলৰক একত্ৰিত কৰাই নহয় সমানেই এইবোৰে টোটেমক ভিত্তি কৰি গঢ় লৈ উঠা ৱৈতিক বিধি আৰু বিশ্বাসসমূহকো দৃঢ় কৰে । টোটেম কোনো এটা সমূহ বা গোত্ৰৰ পবিত্ৰৰ প্ৰতীক । সেয়েহে এনে পবিত্ৰতাৰ প্ৰতীকক কেন্দ্ৰ কৰি কোনো এটা গোত্ৰই সদস্যসকলৰ ওপৰত কিছুমান বাধানিষেধ আৰোপ কৰে । ইয়াৰ কাৰণ হ’ল টোটেমৰ জৰিয়তেও পবিত্ৰ আৰু অপবিত্ৰৰ মাজত পাৰ্থক্য বা বিৰোধ সৃষ্টি হয় । 

উল্লিখিত আলোচনাৰ পৰা স্পষ্ট হৈছে যে কোনো বস্তু বা সত্তাৰ প্ৰতি গঢ়ি অপবিত্ৰতাৰ পৰা পৃথক হৈ পৰে । সমাজত অপবিত্ৰতাতকৈ পবিত্ৰতাই অধিক মৰ্যাদা বা গুৰুত্ব লাভ কৰে । দুৰখেইমৰ মতে যিবোৰ বস্তুৰ প্ৰতি পূজা-পাতল আগবঢ়োৱা হয় বা প্ৰাৰ্থনা কৰা হয়, সেইবোৰ একো একোটা পবিত্ৰ বস্তু বা পবিত্ৰ সত্তা আৰু বস্তু বা সত্তা এক বিশেষ শক্তিসম্পন্ন । উদাহৰণস্বৰূপে, আমি কোনো গোত্ৰ বা সমূহে টোটেম হিচাপে বিশ্বাস কৰা কোনো গছ, শিল, জীৱ-জন্তু আদিৰ কথা ক’ব গুৰুদ্বাৰ আদিৰ কথাও ক’ব পাৰোঁ । এই পবিত্ৰ বস্তু বা ঠাইৰ প্ৰতি কোনো সমূহৰ যি সামূহিক সচেতনতা আৰু বিশ্বাস সৃষ্টি হয়, সেই সামূহিক সচেতনতা বা বিশ্বাসৰ বাবেই কেতবোৰ ধৰ্মীয় আচাৰ বা কৰ্ম সম্পন্ন কৰা হয় । 

প্ৰশ্নঃ 2. তাই আহোমৰ পাঁচজোপা ধৰ্মীয় বৃক্ষৰ বিষয়ে আলোচনা কৰা ?

 উত্তৰঃ তাই আহোমসকল কি ধৰ্মৰ উপাসক সেই প্ৰশ্ন মনলৈ আহিলে উত্তৰ গভীৰতালৈ নগৈ মাত্ৰ দুটা উপাসনা-ন্থাৰ কথা ক’বই লাগিব । সেই পন্থা হ’ল- ১) সৃষ্টিশক্তি সত্তা পন্থা, ২) বৌদ্ধিক সত্তা পন্থা । পৰম্পৰাগত ৰীতি-নীতিৰে তাই আহোম সকলে পুজি অহা দেৱ-দেৱীসকলক তুষ্টি, আত্মসন্তুষ্টিৰ বাবে সৃষ্টিশক্তি সত্তা পুজা কৰা পৰিলক্ষিত হয় । সৃষ্টিশক্তি সত্ত্বা পূজা হ’ল ঘৰচীয়া জীৱ-জন্তু সমূহ ধৰি “জীৱতে জীৱ মিলাই” ভাবি ৰেপচি (ৰেপি কটা), প’মিন টঙনিয়াই মৰা আৰু ব্যক্তিগত ঘৰত মুচৰি মাৰি বিবিধ পূজা সমাপন কৰা কাৰ্য । সেই অনুষ্ঠানসমূহ হ’ল ক্ৰমে ওমফা, চাইফা, সুবচনী, বগীহঁহ বা বৰালিমাছ দি আৰৈচাউল খুউৱা ইত্য়াদি জীৱ দান দিয়া কাৰ্য । বৌদ্ধিক সত্তা পূজাৰ অৰ্থ বৃক্ষ বা উদ্ভিদজাতীয় ফলাহাৰ দি কৰা কাৰ্যসমূহ । এনে পূজা-অনুষ্ঠানত অৰ্ঘ্য হিচাপে আগবঢ়োৱা নহয় । এই অনুষ্ঠাসমূহ পৰ্যায়ক্ৰমে ফ্ৰালং বৰসবাগ, নামকাৰ্তন বা নামকীৰ্তন, শৰাই দিয়া, পৰমান্ন দিয়া বা ভোগ দিয়া আদিকে বুজায় । সূক্ষ্মভাৱে লক্ষ্য কৰিলে তাই-আহোম সমাজত বৌদ্ধিক সত্তা আৰু সৃষ্টিশক্তি সত্তা দুয়োটা অনুষ্ঠানেই পূৰ্বৰে পৰা সমান্তৰাল ভাৱে চলি আহিছে, ধৰ্মই লোকসকলক বিবিধ পন্থাত বিভাজন কৰিলেও দুয়োটা ৰীতিয়েই বৰ্তি আছে, এইখিনিতে মাছ বুলি নেখালেও জিজি বুলি খোৱা, মঙহ বুলি নেখালেও পাচলি বুলি ভক্ষণ কৰা বিবিধ ধৰ্ম উপসক ভক্তসকলৰ মনহে লক্ষ্য কৰিবলগীয়া । সময়ৰ দ্ৰুত পৰিৱৰ্তনশালতাৰ তৰংগত পৰি অনেকজনে বিবিধ ধৰ্ম উপাসনাতাত ব্ৰতী হ’লেও তাই আহোম সকল দুয়োটা পন্থাতে  জড়িত বুলি ক’লে কোনোৱাই দ্বিমত নহয় । তদুপৰি এচাম তাই-আহোমৰ মাজত প্ৰচলিত ৰীতি সোৱা পন্থীৰ বৰসেৱা অনুষ্ঠানত সৃষ্টিশক্তি সত্তা আৰু বৌদ্ধিক সত্তা দুয়োটি ৰীতিয়েই চলি থকা উল্লেখনীয় কথা । টাই আহোমৰ পূজা সেৱা অনুষ্ঠানত যি পন্থাই নহওঁক লাগিলে বিবিধ প্ৰকাৰৰ গছ-গছনিৰ অংগ, ফুল, পাতৰ আৱশ্যক । 

‘ম্য়ুংদুন চ্যুন খাম’ (সোণালী শ্যৰ বাগিচা) বুলি চাও ছ্যুকাফা আৰু সহযোগী সহযাত্ৰীয়ে সেই কালৰ সৌমাৰক কৰা সন্মান অতি দৃঢ় আৰু বাস্ৱ আছিল . নাম-তি লাও (বৰলুইত বা ব্ৰহ্মপুত্ৰ) আৰু অন্যান্য খে (নদী) সমূহৰ অধ্যূষিত পলসুৱা মাটিত বৰ্ণাঢ্য গছ-গছনিৰে ভৰা উদ্ভিত জাতীয় সম্পদসমূহ মগোলীয় কৃষিজীৱী লোকৰ অতি প্ৰিয় হৈ পৰিল । মংগোলীয়লোকে বংশানুক্ৰমে চিনি পোৱা গছসমূহৰ ৰোপন, বপন কৰাত তাই আহোমসকলেও কৃষিভিত্তিক আঁচনিত জকমকীয়া হৈ পৰিল । বৃক্ষৰোপন কাৰয তাই আহোমৰ বৌদ্ধিক সত্তাৰ প্ৰতি আনুগত্যতাৰ বৈশিষ্ট্য । জীৱনৰ বিভিন্ন প্ৰয়োজনত, পূজা-পাতলৰ আৱশ্যকতাত, সৌন্দৰ্যবৃদ্ধিত, স্বাস্থ্যজনিত উপকাৰত আৰু প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰাত কৃষিতীৱী তাই আহোমসকলে বিবিধ প্ৰকাৰৰ গছ-গছনি তাত্সময়ত আৰু যথাস্থানত ৰোৱা প্ৰত্যাহিক কৰ্তব্য বুলিয়েই গণ্য় কৰিছিল । 

তাই-আহোমসকলে প্ৰয়োজনৰ খাতিৰত ৰোৱা অনেক গছ-গছনিৰ ভিতৰত মাত্ৰ কেইজোপামান গছৰ তালিকা এই আলোচনাত উপস্থাপন কৰিছো । 

বড় গছঃ তুন-ৰুং-বাই 

বড় গছ তাই আহোম লোকসকলৰ প্ৰৱিত্ৰ বৃক্ষ । এই গছৰ তলত লোকসকলো দেৱবৃক্ষৰ ছত্ৰছায়া হিচাপে গণ্য কৰি সেৱা সত্কাৰৰ ব্যৱস্থা কৰে । স্বৰূপতে এই গছজুপি ৰোপণ কৰাত একপ্ৰকাৰে অতি মাংগলিক কাৰ্য আৰু মহাপীণ্য়ৰ কাম বুলি বিবেচনা কৰে ।  এই গছ ৰোপণত মহাপূণ্য়ৰ বুলি বিবেচনা কৰে । এই গছ ৰোপণত ৰোওতাৰ আয়ুস বৃদ্ধি হয় বুলি ভাবিয়েই আয়ুবড় ৰোপণথ গুৰুত্ব দিয়ে । গছৰ পুলি গাঁতত পুতিবৰ সময়ত ইয়াত তলত তামৰ পইচা দিয়াৰ নিয়ম । তাৰে অন্তৰৰ পৱিত্ৰতাৰ কথা সূচনা কৰা লগতে পৃথিৱীৰ পৰা প্ৰাণৰ কাকুতিৰে বৃক্ষৰোপণৰ বাবে মাটি ক্ৰয় কৰা কথাৰো অৰ্থ সূচায় । তাই লোকসকলৰ বাবে বড় গছ তলতেই থান প্ৰতিষ্ঠা কৰা নিয়ম । স্বগৰ্দউ ছ্য়ুকাফাই তিপামত থান প্ৰতিষ্ঠা কৰোতে বডৰ তলতহে কৰিছিল, তাৰ চিন মোৰাম এতিয়াও বিদ্যামন, তাই লোকসকৰ মাজত নামঘৰ প্ৰতিষ্ঠা হোৱাৰ আগতে সকলো ধৰ্মীয় কাৰ্য বড় গছৰ তলতেই অনুষ্ঠিত হৈছিল ।  হিন্দুসকলে যেনেকৈ তুলসীক পৱিত্ৰ বৃক্ষ হিচাপে গণেয় কৰে তাই লোকসকলেও বড়গছকে গুৰুত্ব দিয়ে । বড় গছতে তাই ডেকাগাভৰুসকলে বিহুৰ দেৱ-দেৱী, ধনকলীয়া আৰু কলীমতীক উপবিষ্ট কল্পনাৰে প্ৰকৃত আশ্ৰিক কৃষি উত্সৱ বিহুৰ শুভাৰম্ভ কৰি যথাসময়ত বড়ৰ তলতে বিহু সামৰে । বড়ৰ তলেদি পাৰহৈ গলেও সচেতন তাইলোকে সেৱা কৰিহে যাত্ৰা কৰে । বড়ৰ ধপলা পাতত ভাত খালে হঠাত্ বোবা হৈ যোৱা লোকৰ মাত ওলাই বুলি জনবিশ্বাস আছে । বড় গছৰ নামৰে মহিমা আছে । বড় গছৰ নাম চটাই পৰ্বতৰ আশ-পাশে যিমান আছে সকলোবোৰ বিহুযুৰীয়া নাম আৰু এইবোৰতেই মংগোলীয় ডেকা-গাভৰুৱে এসময়ত বিহুৰ দেবী প্ৰতিষ্ঠা কৰি বিহু মাৰিছিল, এই আপাহত ধোপাবড়, বিহুবড়, তিতাবড়, লহৰীবড়, হাটবড় আৰু কলীয়াবড়ৰ নাম উল্লেখ কৰিব পাৰি । 

আঁহত গছঃ খা-ৰুং-ৰাই 

আঁহত গছকো তাই আহোমলোকে বড় গছৰ দৰেই পৱিত্ৰ বৃক্ষ হিচাপে গণ্য় কৰে । অতীতত বিহুবড়ৰ পৰা দৈয়াং অঞ্চললৈকে চতাই পৰ্বতৰ নামনিৰ বিস্তৃত অঞ্চলত মংগোল গোষ্টীৰ লোকৰ বসতি (বাহৰৰ) স্থান আছিল । সেয়েহে এই লোকসকলে বিহু আৰু অন্যান্য মাংগলিক কাৰ্য্য সমাপন কৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ বড় আৰু আঁহত গছৰুই বৃক্ষ-প্ৰীতিৰ পৰিচয় আছিল । যুৰীয়া আঁহতৰ তলত কোনো জেকা-গাভৰুৰ প্ৰেম বিনিময় হ’লে সেই ডেকা-গাভৰুৰ জীৱন সুখৰ হয় বুলি বিশ্বাস । আঁহতৰ তলক সাক্ষী কৰি অতীতত তাই লোকসকলৰ মাজত দোষীলোকৰ ধৰ্মবিচাৰ হৈছিল । “কচুপাঁত আঁহতপাত” এষাৰি পটন্তৰ আছে বুলিয়েই বহুত লোকে আঁহতৰ পাতত নিজৰ ল’ৰা-ছোৱালীক ভাত খুৱাই মুখ পালত হ’বলৈ ব্যৱস্থা কৰিছিল । 

মাখিমৰা বা মাখিলতীঃ তুন-মেনেঙ

  মাখিলতী বা মাখিমৰা নামৰ চুটি-চাপৰ গছজুপি তাই লোকসকলৰ অন্যতম গুৰুত্বপূৰ্ণ গছ । এই গছক অধিককৈ ৰোপণ কৰা হৈছিল যোৰহাটৰ মেলেঙ অঢ্চল । আহোম ৰাজ্যৰ অন্যান্য ঠাইত এই গছৰ প্ৰাচুৰ্যত্য় স্বাভাৱিক আছিল যদিও মেলেঙ অঞ্চলত এইবিধ বৃক্ষৰ খেতিয়ে ৰজাঘৰীয়া পোষকতা পাইছিল । যিহেতুইয়াৰ কাষতে ৰজাঘৰৰ তৰফে গো-পামৰ ব্যৱস্থা কৰিছিল । ব’হাগ বিহুত গৰুৰ গা ধুৱাবলৈ গৰু খেদি নিওঁতে এইবিধ বৃক্ষৰ প্ৰয়োজন বাবেই মাখিলতী খেতিৰ ব্যাপকতা মন কৰিবলগীয়া । গছজোপা ফুল, পাত ডালেৰে সৈতে কাটি আনি গৰু বিহুৰ দিনা পুৱাই এটা ঠালেৰে আখলৰ পৰা কোবাই আনি ঘৰৰ চুক, বেৰ, খুঁটা আদি ডালেৰে স্পৰ্শ কৰি ব্যৱহাৰ কৰোতেই লাও-বেঙেনাৰ চাকলৈ গোহালিৰ পৰা গৰুৰ গা ধুৱাবলৈ খেদাই নিয়া খেদাই নিয়াৰ ঠালিটো পুনৰ ঘৰলৈ আনি গোহালিত সাঁচি থোৱা হয় । তেনেকৈ থালে গোহালিৰ গৰুৰ বেমাৰ বছৰটোৰ বাবে নহয় । মাখিমৰাৰ শিপা আৰু বা-গছৰ ঠাল ঋতুস্ৰাৱৰ দোষ থকা তিৰোতাৰ অসুখত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয় ।

 বগৰীঃ মাক থুম 

বগৰী তাই আহোম লোকসকলৰ বাৰীৰ আপুৰুগীয়া বৃক্ষ । এই গছ বাৰীত থাকিলে গৃহস্থৰ ঘৰত সংক্ৰামক ৰোগ হোৱাত বাধা দিয়ে । গৰুবিহুৰ দিনা টিকনি বৰুৱা, জেটুলিপকা বগৰীজেং দুৱাৰ মুখত আংৰি থোৱা হয় । ইয়াৰ তাত্পৰ্য ঘৰৰ ভিতৰত কোনো দেওভূতৰ প্ৰৱেশ নোহোৱাৰ উপায় । শ পুৰি বা খৰি দি বা মৈদাম দি আহিলে ঘৰৰ গৃহস্থ এজনে বাটত বগৰীজেং দি ঘৰলৈ ঘূৰে । ইয়াৰে জীয়াই থকা লোক আৰু মৃতক লোকজনৰ সম্বন্ধ চিঙা কথা সূচায় । কোনো শত্ৰূ নাহিবৰ বাবে বাটত বগৰীৃজেং দিয়া, ৰাতি বিহুত গাভৰুসকলে জেং দি বিহুৰ মাজত বিহুমৰা কথা প্ৰচলন আছিল . ব্ৰত ধৰা লোকে বগৰী খৰিৰে ভাত ৰান্ধি খোৱা নিয়ম তাই সমাজত প্ৰচলন আছে । তোলনি-বিয়াত কন্যাসকলে বতৰীয়া ভাত খাওতে মাটিৰ চৰুত হয় আমখৰি বা বগৰীখৰিৰে ভাত ৰন্ধাৰ নিয়ম । 

উৰি আম অসমৰ বনাঞ্চলত পোৱা সহজলভ্য গছ । এইবিধ গছকো তাই আহোম লোকসকলে পৱিত্ৰ হিচাপে মানি লয় তেনেকৈ তাই লোক সকলেও উৰি ম গছক প্ৰয়োজনীয় বৃক্ষ হিচাপে মানে । ৰাং আমৰ তক্তাই তাই লোক সকলৰ ৰাং তৈয়াৰৰ প্ৰয়োজন । ৰাং হ’ল তাই লোকৰ শ টকা বাকচ । চাৰিওফালে উৰিআমৰ তক্তাৰ বাকচে মেৰাই মাজত শ থৈ তাইলোকসকলে শ মৈদাম দিয়ে । উৰি আমৰ কুঁহিপাতৰ লগত আমৰলি টোপ ভাজি খালে বছৰটো বাব কৃমি বা পেলুৱে আক্ৰমিব নোৱাৰে বুলি তাইলোকৰ বিশ্বাস । 

প্ৰশ্নঃ 3. কুৰ্গসকলৰ ‘অক্কা’ত অগুচিৰ লগত জড়িত আচাৰ-অনুষঠানসমূহৰ বিষয়ে আলোচনা কৰা ? Discuss the rituals related to impurity of the Okka of the Coorgs. 

উত্তৰঃ শ্ৰীনিবাসে উল্লেখ কৰিছে যে কুৰ্গসকলৰ ‘অক্কা’ৰ অন্তৰ্ভুক্ত সকলো সদস্যই জন্ম আৰু মৃত্য়ু সম্বন্ধীয় অশুচিবিলাকৰ লগত জড়িত সকলোবোৰ ৰীতি-নীতি বা আচাৰ পালন কৰে । “অক্কা’ত অন্তৰ্ভুক্ত সদস্যসকলৰ উপৰি এনে অশ্চিয়ে আন আন আত্মীয় যিসকল লোকলৈকে পপ্ৰভাৱিত কৰে সেইফালৰ লোকেও এনে অশুচি সম্বন্ধীয় ৰীতি-নীতি বা আচাৰসমূহ পালন কৰিবলগীয়া হয় । “অক্কা’ৰ সদস্যসকলৰ মাজত স্তান জন্মৰ দ্বাৰা পৰা অশুচিৰ প্ৰভাৱহে অধিক বুলি ভবা হয় । সন্তান জন্মৰ দ্বাৰা নৱজাত সন্তানৰ পিতৃ-মাতৃ “অক্কা’ৰ আন আন সদস্যতকৈ বেছি অশুচি হয় । অঙ্কাৰ আন আন সদস্যৰ ক্ষেত্ৰত এনে অশুচি দীৰ্ঘদিনীয়া নহয়। ইয়াৰ উপৰি ‘অক্কা’ৰ সদস্যসকলৰ ক্ষেত্ৰত মানুহৰ মৃত্য়ুৰ জৰিয়তে পৰা অশুচিৰ প্ৰভাৱ বেছি বুলি বিবেচনা কৰা হয় । নিজৰ ‘অক্কা’ৰ উপৰি তেজ মঙহৰ সম্বন্ধ থকা আন আন লোকসকলোকো ই প্ৰভাৱিত কৰে । সেয়েহে মানুহৰ লগে লগে ‘অক্কা’ৰ সদস্য়সকলৰ উপৰি তেজ মঙহৰ সম্বন্ধ থকা আন আন লোক সকলো অশুচি হৈ পৰে । সেয়েহে অশুচি হোৱাৰ সময়ছোৱাত পালন কৰিব লগা ৰীতি-নীতিসমূহ ‘অক্কা’ৰ সদস্য়সকলৰ দৰেই আন আন আত্মীয়সকলেও পালন কৰিব লগা হয় । 

এম. এন. শ্ৰীনিবাসে তেওঁৰ অধ্য়য়নৰ যোগেদি জন্ম আৰু মৃত্য়ু সম্বন্ধীয় অশুচিৰ কথা উল্লেখ কৰাৰ উপৰি কুৰ্গ মহিলাসকলৰ মাহেকীয়া খতুবাৱ সম্বন্ধীয় অণশুচিৰ কথাও উল্লেখ কৰিছে । তেওঁৰ মতে “অক্কা’ত এগৰাকী মহিলাই তেওঁৰ ঋতুস্ৰাৱৰ সময়ছোৱাত তিনিদিন পৰ্যন্ত অশুচি হৈ থাকে আৰু চতুৰ্থদিনা পুৱা স্নান কৰাৰ পিছত তেওঁ শুদ্ধ বা অশুচি হৈ পৰে । শ্ৰীনিবাসৰ মতে পূৰ্বতে ‘অক্কা’ৰ অশুচি মহিলাসকলে ‘অক্কা’ৰ মহিলাসকলে এনে সময়ছোৱাত আছুতীয়া ঘৰত থাকিব লগা হৈছিল । ইয়াৰ উপৰি ‘অক্কাৰ আন সদস্য়সকলে ‘আন আন সদস্য়সকলক স্পৰ্শ কৰিব নোৱাৰিছিল । 

ঋতুস্ৰাৱৰ সময়ছোৱাত মহিলাসকলে পূৰ্বপুৰুষসকলৰ পাত্ৰ স্থান গপ সৰ্পবেদীৰ পৰা দূৰৈত থাকিব লগা হৈছিল । এই পবিত্ৰ স্থানবোৰৰ ওচৰ চপা মানে এইবিলাক অপবিত্ৰ হৈ পৰা বুলি বিশ্বাস কৰা হৈছিল । কৰ্গসকলৰ মাজত বিশ্বাস আছিল যে সমহলাসকলৰ মাহেকীয়া ঋতুআৱৰ সময়ত যদি এনে সৰ্পবেদীৰ কাষলৈ যায় তেতিয়া সেই সৰ্পবেদী অশুচি হৈ পৰিব আৰু মহিলাসকলৰ গোটেই ‘অক্কা’ৰ ন্ঠ ওপৰত জেৱ-দেৱীৰ কোপ দৃষ্টি পৰিব । ন্ঠ শ্ৰীনিবাসে উল্লেখ কৰিছে যে যিকোনো আচাৰ কৰ্মত পবিত্ৰতা আৰু অপবিত্ৰতা প্ৰসংগটো যিকোনো জাতি আৰু ‘অক্কা’ৰ লগত সম্পৰ্কিত । শ্ৰীনিবাসে এইখিনিতে কুৰ্গ জনগোষ্ঠীৰ পুৰুষসকলৰ শুচিতা কথাও উল্লেখিত কৰিছে । তেওঁৰ মতে যিকোনো জাতিৰ পুৰুষেই তেওঁলোকৰ পূৰ্বপুৰুষ বা দেৱ-দেৱীৰ পূজা কৰা বেলিকা পবিত্ৰতা ৰক্ষা কৰি চলিব লগা হয় । তাৰবাবে পুৰুষসকলে স্নান কৰিব লাগিব আৰু পৰিশুদ্ধ বস্তু পৰিধান কৰিব । আনকি পুৰুষ সকলে মৃত শ্ৰীনিবাসে তেওঁৰ অধ্য়য়নৰ কুৰ্গসকলে মানি চলা আন কেতবোৰ অশুচিৰ কথা উল্লেখ কৰিছে । তেওঁৰ মতে কুৰ্গসকলৰ বাবে মানুহৰ গাৰ পৰা নিৰ্গত হোৱা ঘাম আৰু মুখৰ পৰা ওলোৱা থু-খেকাৰ ইত্যাদিবোৰো অপবিত্ৰ বস্তু । ইয়াৰ উপৰি ভৰিৰ আঙুলি বা দীত হাতেৰে স্পৰ্শ কৰাটো এক অশুচি কৰ্ম । এনে কৰ্মই মানুহৰ হাত সম্পূৰ্ণৰূপে অপবিত্ৰ কৰে । সেয়ে এনে এজন অশুচি ব্যক্তিক ৰন্ধা-বঢ়া, প্ৰাৰ্থনা কৰা, খাদ্য়-বস্তু স্পৰ্শ কৰা ইত্যাদি কামত বাধা প্ৰদান কৰা হয় । এনে অশুচি হাতেৰে খাদ্য় স্পৰ্শ কৰিলে, কেৱল খাদ্য় দ্ৰব্যই অশুচি নহয়, যদি সেই খাদ্য় দ্ৰব্য কোনোবাই গ্ৰহণ কৰে সেই ব্যক্তিজনো অশুচি হৈ পৰে । 

কুৰ্গসকলৰ মাজত আন এক অশুচিক কেন্দ্ৰ কৰিও কেতবোৰ ৰীতি-নীতি পালন কৰা হয় । এনে এক অশুচি কৰ্মৰ ভিতৰত পুৰুষ-স্ত্ৰীৰ মাজত যৌন সম্বন্ধ সম্পৰ্কীয় অশুচি কৰ্ম ।

 কুৰ্গসকলৰ বিশ্বাস মতে দুই পুৰুষ-স্ত্ৰীৰ মাজত যৌন সম্পৰ্ক স্থাপন কৰা পিছত দুয়োজনেই অশুচি বা অশুদ্ধি হৈ পৰে । সেয়েহে এনে কৰ্মত লিপ্ত হোৱাৰ পিছত পুৰুষ-স্ত্ৰী উভয়েই স্নান কৰি পবিত্ৰ বা শুচি হোৱাৰ প্ৰয়োজন । এই ৰীতি পালন কৰাটো বাধ্য়তামূলক । এই ৰীতি পালন নকৰাটো এটা পাপ । গতিৰে পাপৰ পৰা অব্যাহতি পাবলৈ হ’লে পুৰুষ-তিৰোতা উভয়েই যৌন সম্পৰ্ক স্থাপনৰ পিছত মানিবলগীয়া আচাৰসমূহ মানি চলাটো খুবেই প্ৰয়োজন । 

কুৰ্গসকলৰ মাজত হাত বা ভৰিৰ নখ আৰু মূৰৰ পৰা সৰা চুলিও অপবিত্ৰ । সেইবাবে এইবোৰ ঘৰৰ পৰা পেলাবলগীয়া হয় । কুৰ্গসকলৰ মাজত প্ৰচলিত বিশ্বাস মতে নখ আৰু সৰা চুলি ঘৰৰ ভিতৰত থাকিলে মানুহৰ দৰিদ্ৰ হয় । কুৰ্গসকলৰ মতে হাত আৰু ভৰিৰ নখ মানুহে নিজেই কাটিব পাৰে । কিন্তু মূৰৰ চুলি নিজেই কটাটো অনুচিত । এইটো নাপিতৰহে কাম । সেয়েহে নাপিতৰ দ্বাৰাইহে চুলি কটোৱাটো উচিত । অৱশ্য়ে নাপিতৰ দ্বাৰা চুলি কটোৱাৰ পিছত এজন ব্যক্তি অশুচি হৈ পৰে । সেইবাবে চুলি কটোৱাৰ পিছত এজন মানুহে তেওঁ চুলি কটাওঁতে পৰিধান কৰা সাজ-পোছাক ধুই দিয়াৰ উপৰি নিজেও গা-পা-ধুই পৰিষ্কাৰ হোৱাটো বাঞ্ছনীয় । এনে ৰীতি বা আচাৰ পালন কৰাৰ পিছত মানুজন পবিত্ৰ হৈ পৰে বুলি তেওঁলোকে বিশ্বাস কৰে। 

শ্ৰীনিবাসে কুৰ্গসকলৰ মাজত প্ৰচলিত আন এক ৰীতি বা আচাৰৰ কথা উল্লেখ কৰিছে । সেইটো হৈছে কুৰ্গসকলে যিকোনো মৃতদেহক অশুচি জ্ঞান কৰে । সেয়েহে তেওঁলোকে জধে-মধে মৃতদেহ স্পৰ্শ নকৰে । কোনোবাই মৃতদেহস্পৰ্শ কৰিলে তেওঁ অশুচি বা অপবিত্ৰ হৈ পৰে । কুৰ্গসকলৰ মাজত থকা বিশ্বাস মতে কাউৰী, শগুণ আদি পক্ষীয়ে মৃতদেহটো স্পৰ্শ কৰিলে সিহওঁতো অশুচি হৈ পৰে । কুৰ্গসকলৰ মাজত থকা আন এক বিশ্বাস মতে কাউৰীবোৰ মৃতদেহটোত বিলীন হৈ থাকে । কেতিয়াবা কেতিয়াবা সেই মৃতদেহটোৱে কাউৰীৰ ৰূপ গ্ৰহণ কৰে । সেইবাবে কাউৰীৰূপী মৃতদেহটোক সন্তুষ্ট কৰিবৰ বাবেই মৃতকৰ পৰিয়ালৰ সদস্যই ঘৰৰ মূধচ বা চালত নাইবা ঘৰৰ পৰা নাতিদূৰৰ কোনো স্থানত ভাত বা আন যিকোনো খাদ্য সামগ্ৰী ৰখাৰ ব্যৱস্থা কৰে । সাধাৰণতে মৃত ব্যক্তিজনে খাই ভালোপৱা খাদ্য সামগ্ৰীসমূহ এনে স্থানত ৰখা হয় । এনে খাদ্য সামগ্ৰী যথাস্থানত ৰখাৰ পিছত যদি কাউৰীবোৰ সোনকালে আহি গ্ৰহণ কৰে তেতিয়া মৃত ব্যক্তিজন সন্তুষ্ট হোৱা বুলি বিশ্বাস কৰা হয় । কাউৰীবোৰ সোনকালে আহি আহাৰ গ্ৰহণ কৰাটো পৰিয়ালটোৰ বাবে মংগলজনক কথা বুলি ধৰা হয় । যদি কাউৰীবোৰ দেৰিকৈ আহে তেতিয়া মৃত ব্যক্তিজন সন্তুষ্ট নহয় বুলি ভবা হয় আৰু ই পৰিয়ালটোৰ বাবে এক অমংগলজনক ইংগিত বহন কৰে । 

এম.এন. শ্ৰীনিবাসে তেওঁৰ অধ্য়য়নৰ যোগেদি কুৰ্গসকলৰ মাজত প্ৰচলিত অন্তেষ্টিক্ৰিয়া তথা মৃত ব্যক্তিৰ সত্কাৰ কৰ্মত জড়িত লোকসকলে পালন কৰিবলগীয়া ৰাতি-নীতি সম্বন্ধেও উল্লেখ কৰিছে । এনে সত্কাৰৰ লগত জড়িত ব্যক্তিসকলে পালন কৰিবলগীয়া ৰীতি বা আচাৰ কৰ্মৰ সময় কিমান দিনীয়া সেই সম্বন্ধে শ্ৰীনিবাসে উল্লেখ কৰিছে । শ্ৰীনিবাসৰ মতে মৃত ব্যক্তি পত্নী আৰু জ্য়েষ্ঠ পুত্ৰৰ বাদে আনশিকি সদস্যৰ সত্কাৰ সম্বন্ধীয় মানিব লগা ৰীতি বা কৰ্ম ‘মাদা’অনুষ্ঠানৰ পিছতেই শেষ হয় । এনে ‘মাদা’ অনুষ্ঠান তেওঁলোকে এজন ব্যক্তি মৃত্য়ু হোৱাৰ দ্বাদশ দিনটোত সমাপন কৰে । অৱশ্য়েকোনো মুখিয়াল মানুহ বা উচ্চপদথ বিষয়াৰ ক্ষেত্ৰত এনে অনুষ্ঠান এজন ব্যক্তিৰ মৃত্য়ুৰ পৰা ষোল্ল দিনত নাইবা আঠাইশ দিনত সম্পন্ন কৰা হয় । গতিকে মৃত ব্যক্তিজনৰ সামাজিক গুৰুত্বৰ ওপৰতো ইয়াৰ সময় বা দৈৰ্ঘ্য নিৰ্ভৰ কৰে । কুৰ্গসকলৰ পৰিয়ালত কোনো এটি শিশুৰ মৃত্য়ু হ;লে তাৰ বাবে পৰিয়ালৰ আন ব্যক্তিসকলে বিশেষ ৰীতি-নীতিত বা আচাৰ পালন কৰিবলগা নহয় । শৱদাহৰ পিছত শিশুটোৱে পৰিয়ালৰ ব্যক্তিগসকলে কেৱল গা-ধূলে আৰু কানি-কাপোৰ সলনি কৰিলেই তেওঁলোকে পালন কৰিবলগীয়া ৰীতি শেষ হয় । 

ৰক্ষীয়ান কুৰ্গসকলৰ মতে সত্কাৰ কৰ্মৰ লগত জড়িত ৰীতি-নীতিসমূহ পূৰ্বতকৈ কমি আহিছে । ইয়াৰ কাৰণ হৈছে যে স্বজনীয় সমূহবোৰোনতুন ৰীতি-নীতিৰ সৃষ্টি হৈছে । খ্ৰীনিবাসে উল্লেখ কৰিছে যে কুৰ্গসকলৰ সমাজত বয়োজ্য়েষ্ঠ আত্মীয়-কুটুম্বই শৱদেহ সতকাৰ কৰ্মৰ সক্ৰিয় ভূমিকা গ্ৰহণ নকৰে । অৱশ্য়ে এন জেষ্ঠ ব্যক্তিসকল এনে কৰ্মৰ পৰা সম্পূৰ্ণৰূপে বিৰত নাথাকে । বিশেষকৈ মৃত ব্যক্তিগৰাকীৰ এনে পৰিয়াল বা একে ঘৰৰ ব্যক্তিসকলে এনে কৰ্মত অংশগ্ৰহণ নকৰাকৈ নাথাকে । যিসকল বয়োজ্য়েষ্ঠ ব্যক্তিয়ে এনে কৰ্মত অংশগ্ৰহণ কৰে তেওঁলোকে নিৰ্ধাৰিত সাজ-পোছাক পিন্ধিব লগা কথা নাথাকে আৰু খোৱা-বোৱাৰ ক্ষেত্ৰতো কোনো বাধা নিষেধ নাথাকে । অৱশ্য়ে মৃত ব্যক্তিজনৰ একে পৰিয়াল বা একে গৃহতে বাস কৰা জ্য়েষ্ঠ সদস্য়সকলে এনে ৰীতি-নীতি মানি চলিবলগা হয় । জ্য়েষ্ঠ হ’লেও তেওঁঁলোকৰো খোৱা-বোৱাৰ ক্ষেত্ৰত কিছু নীতি মানি চলিব লগা হয় । এনে জ্য়েষ্ঠ ব্যক্তিসকলে জধে-মধে যিকোনো পোছাক পৰিধান কৰি নোৱাৰে । তেওঁলোকে সাধাৰণতে এই সময়ছোৱাত বগাবস্ত্ৰ পৰিধান কৰাটো বাঞ্ছনীয় । অৱশ্য়ে এইসকল লোকে দাড়ি-চুলি কটাটো বাধ্যতামূকল নহয় । শ্ৰীনিবাসৰ মতে এইসকল লোকক অন্তেষ্টিক্ৰিয়াত জড়িত তৃতীয় শ্ৰেণীৰ লোক বুলি কোৱা হয় । শ্ৰীনিবাসৰ মতে মৃতকৰ পৰিয়ালৰ অন্যান্য নৃত্য কৰ্মৰ দৰেই গা-পা-ধোৱাৰ ক্ষেত্ৰতো কেতবোৰ ৰীতি-নীতি মানি চলিব লগা হয় । মৃতকৰ পৰিয়ালত .সদস্য়সকলে প্ৰতিদিনে পুৱা গা-ধুব লগা হয় । গা-ধোৱাৰ পিছত গোটেই দিনটোৰ বাবে প্ৰয়োজনীয় কৰ্ম কিবলগীয়া হয় । ইয়াৰ ভিতৰত খোৱা-লোৱাৰ প্ৰস্তুতি অন্য়মত । ৰন্ধা-বঢ়া কৰোতে মূল ঘৰৰ বাদে অন্য় ঠাইত ৰন্ধা-বঢ়া কৰিবলগা হয় । আহাৰ গ্ৰহণৰ ক্ষেত্ৰতো কেতবোৰ ৰীতি-নীতিৰ প্ৰয়োজন হয় । উদাহৰণস্বৰূপে, মৃতকৰ পৰিয়ালৰ সদস্য়সকলে চিনটোত এবাৰতকৈ অধিক আহাৰ গ্ৰহণ কৰিব নোৱাৰে । অৱশ্য়ে ৰাতিৰ সময়ছোৱাত ইচ্ছা অনুসৰি ফল-মূল খাব পাৰে । মৃতকৰ পৰিয়ালৰ লোকসকলে বিছনাত শুব নোৱাৰে, টেবুলত ভাত খাব নোৱাৰে, থাল-বাটিৰ বিপৰীতে কলপাত বা আন গছৰ পাতত ভাত খাব লাগে । মৃতকৰ পৰিয়ালৰ এইসকল সদস্যই এই সময়ছোৱাত নদীপাৰ হ’ব নোৱাৰে । এইসকল লোকে বীওহাতৰ সৰু গাঁঠিত এডাল ৰূপৰ চেইন পিন্ধিব লগা হয় আৰু সেই একে হাততেই এখন চুৰিও ৰাখিব লগা হয় । 

 এনেদৰেই এম. এন. শ্ৰীনিবাসে তেওঁৰ অদ্যয়নৰ যোগেদি কুৰ্গসকলৰ অক্কা তথা সমাজক পৰম্পৰাগতভাৱে পালন কৰি অহা ৰীতি-নীতি তথা আচাৰ অনুষ্ঠানসমূহৰ বিষয়ে পৰ্যালোচনা কৰিছে । কেৱল কুৰ্গসকলৰ অকা বা পৰিয়ালত বুলিয়েই নহয় সমগ্ৰ বিশ্বাৰ সমাজত এক সু-শৃমখলাৱদ্ধ সামাজিক আৰু আধ্য়াত্মিক জীৱনৰ বাবে এনে ৰীতি-নীতি বা আচাৰ-অনুষ্ঠাসমূহৰ প্ৰয়োজন আছে । ৰীতি-নীতি তথা আচাৰ অনুষ্ঠানৰ অবিহনে এখন সমাজ বিশৃংখল হোৱাটো নিশ্চিত । এনে ৰীতি-নীতি তথা আচাৰ-অনুষ্ঠানসমূহৰ গুৰুত্ব কেৱল সামাজিক আৰু আধ্য়াত্মিক দিশৰ পৰাই উপলব্ধি কৰিব পৰা নাযায়, এনে ৰীতি-নীতি তথা আচাৰ-অনুষ্ঠাসমূহৰ গুৰুত্ব মানসিক আৰু স্বাস্থ্য়সন্মত দিশৰ পৰাও উপব্ধি কৰিব পৰা যা । উদাহৰণস্বৰূপে, কোনো এটা শৱদেহ স্পৰ্শ নকৰা নাইবা ঋতুস্ৰাৱৰ সময়ত এগৰাকী মহ্লাক স্পৰ্শ নকৰাটো কৱল এক সামাজিক আচাৰেই নহয়, এ এক স্বাস্থ্য়সন্মত কথা । ইয়াৰ উপৰি বিভিন্ন অশুচি সম্বন্ধীয় ৰীতি-নীতি পালন কৰি থকাৰ পিছত পুনৰ শুচি হ’বৰ কাৰণে যিবোৰ পবিত্ৰ কৰ্ম পালন কৰা হয় বা পবিত্ৰ অনুষ্ঠানৰ আয়োজন কৰা হয়, এনে অনুষ্ঠানে মানুহক মন আৰু অন্তৰ পবিত্ৰ কৰে । মানুহৰ মন অৰু অন্তৰৰ পবিত্ৰতা সমষ্টি কাৰণে সম্পন্ন কৰা এনে ক্ৰিয়া-কৰ্ম বা আচাৰ-অনুষ্ঠানবোৰেই হৈছে সংস্কাৰমূলক আচাৰ-অনুষ্ঠান । 

প্ৰশ্নঃ 4. চমু টোকা লিখা । 

ক) মে-ডাম-মে-ফিঃ 

খ্ৰীঃপূঃ২৮০০ বছৰৰ আগতে খাম টাইসকলে বৰ্তমান চীনৰ য়ুনান প্ৰদেশত বাস কৰোতে ৰজা ‘ফু-চে’ৰ দিনত য়ু-নান প্ৰদেশৰ এটা পাহাৰত মে-ডাম-মে-ফি পতাৰ কথা গৱেষসকলে বিভিন্ন তথ্যত উল্লেখ কৰিছে । তেতিয়া মে-ডাম-মে-ফিত বগা ম’হ, বগা গৰু, বগা গাহৰি, বগা ঘোঁৰা, হাঁহ, কুকুৰা বলি দি পূজা পাতিছিল বুলি জনা যায় । আনহাতে খ্ৰীঃপূঃ ২২০০ত টাই সম্ৰাট য়ুয়ে নিজ ৰাজ্য়ৰ ৯ টা অঞ্চলত মে-ডাম-মে-ফি অনুষ্ঠিত কৰিছিল । মংগোলীয়সকলৰ বাসস্থান চীন, জাপান, ভিয়েটনাম, ম্যানমাৰ, লাওচ, ইন্দোনেচিয়া, কম্বোদিয়া, মালয়েচিয়া, থাইলেণ্ড, তিৰ্বত, নেপাল আৰু ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলৰ টাইসকলে মে-ডাম-মে-ফি অনুষ্ঠিত কৰি আহিছে ।  

মে-ডাম-মে-ফিৰ অৰ্থ হৈছে- মে-তৰ্পণ, উপাসনা বা উত্সৰ্গা ডাম-মৃতকৰ, উপৰিপুৰুষ আৰু ফি-দেৱতা । তাই আহোমসকলে বিশ্বসাকৰে এই অনুষ্ঠান নকৰিলে ‘ডাম’সকল ‘ফি’ হ’ব নোৱাৰে । তাই দৰ্শন অনুসৰি মানুহৰ শৰীৰত ‘পো’ আৰু ‘হান’ নামৰ দুটা আত্মা থাকে । ‘ডাম’ হোৱাৰ লগে লগে পূৰ্বতে কৰি অহা ক্ৰম অনুসৰি এটা আত্মাই মানৱ শৰীৰত স্থিতি লৈ পুনৰ জন্মগ্ৰহণ কৰে আৰু আনটো আত্মা অমৰ হৈ স্বৰ্গৰাজ্য়ৰ দেৱতাসকলৰ লগত ভূৰি ফুৰে । তেওঁলোকে মৰ্ত্য়ত থকা নাতি-পৰিনাতিসকলৰ পূজা গ্ৰহণ কৰি তেওঁলোকক ‘জনমিং’ (আশীৰ্বাদ) কৰে । 

চাওল্য়ং ছ্য়ু-কা-ফাই অসমলৈ অহাৰ পূৰ্বেই ঈৰাৱতী নৈ পাৰ হৈ মে-ডাম-মে-ফি পাতিছিল । প্ৰতিখন নতুন ৰাজ্য় কৰিয়েই তেওঁ এনেদৰে পূৰ্ব পুৰুষক সোঁৱৰিছিল । দৈ-কাও-ৰং পাৰ হৈ নামৰূপৰ বুঢ়ী দিহিঙৰ পাৰত তেওঁ আকৌ মে-ডাম-মে-ফি পাতি পূৰ্বজসকলৰ মনত পেলাইছিল । ইয়াৰ পাছত চৰাইদেউৰ নামনিত লাঙটেওকাটত পুনৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে । পৰৱৰ্তীত চৰাইদেউত ৰাজধানী পাতিবৰ সময়ত পণ্ডিতসকলে কুকুৰ ঠেঙেৰে চাই দিয়া মংগল অনুসৰি লগত অনা বগা ঘোঁৰা এটা বলি দি মে-ডাম-মে-ফি পাতি পুলিন-পুথাওসকললৈ শ্ৰদ্ধাঞ্জলি আগবঢ়াইছিল । ছ্য়ু-বহুং-ম্য়ুঙ (দিহিঙীয়া ৰজা) ই স্বৰ্গদেৱে চুতীয়া আৰু কছাৰীসকলক পৰাজয় কৰাৰ পাছত প্ৰথমবাৰৰ বাবে গড়গাওঁৱত ৰাজহুৱাভাৱে মে-ডাম-মে-ফি অনুষ্ঠিত কৰিছিল . আনহাতে সময়ত চুখামখা (খোৰা ৰজা)ই কোঁচসকলৰ সৈতে সন্ধি স্থাপন কৰাৰ পাছত, চ্য়ু-ক্লেং-মুঙ (গড়গঞা ৰজা) এ কছাৰী আৰু মোগলসকলক পৰাস্ত কৰি, চ্য়ু-চেংফা (প্ৰতাপসিংহ)ই কছাৰী-মোগলসকলৰ লগত যুঁজ দিয়াৰ আগতে আৰু যুদ্ধত জিকি আনন্দেৰে তিনিবাৰকৈ ধৰ্মীয় উত্সৱ মে-ডাম-মে-ফিপালন কৰিছিল কিন্তু বহুকেইজন স্বৰ্গদেৱে হিন্দু দৰ্মৰ প্ৰভাৱত পৰি এই অনুষ্ঠান ত্য়াগ কৰা দেখা গৈছিল । সেইসকলৰ ভিতৰত (চ্য়ু-টাম-লা) জয়ধ্বজ সিংহ আছিল অন্যতম । মিৰজুমলাৰ হাতত পৰাজিত হৈ তেওঁ নমে-ডাম-মে-ফি নপতাৰ বাবেই এনে হৈছে বুলি ভাবিবলৈ লৈছিল । তেওঁৰ মৃত্য়ুৰ পাছৰ ভাতৃ চ্য়ু-পু-ম্য়ুং (চক্ৰধ্বজ সিংহ)এ শাসনভাৰ লৈ মে-ডাম-মে-ফিপাতিবলৈ মন্ত্ৰী পৰিষদৰ পৰামৰ্শ বিচাৰি কৈছিল- ‘মোৰ ককাইদেৱে পূৰ্ব-পুৰুষক কোনো পূজা-অৰ্চনা নকৰিলে। সেইবাবেই মুছলমানবোৰে আহি দেশখন বিধ্বসিংহ কৰিলে । কাড়ী আৰু হাজোৱাবোৰক লণ্ড-ভণ্ড কৰিলে আৰু দেশৰ প্ৰজাই জীয়াতু ভূগিলে । বহু মানুহ গোটাব লাগে আৰু পূজা ভাগ আগবঢ়াব লাগে ।’ তেওঁ মে-ডাম-মে-ফি অনুষ্ঠিক কৰি বাহুৱলী লাচিত বৰফুকনক সেনাপতি পাতি ৰামসিংহৰ বিৰুদ্ধে যুঁজিবলৈ পঠাইছিল । অৱশেষত ইটাখুলি দুৰ্গ অধিকাৰ কৰাৰ লগতে গুৱাহাটী উদ্ধাৰ কৰি অসমৰ সন্মান ৰক্ষা কৰিবলৈ সক্ষম হৈছিল ।

পুলিন-পুথাওসকলৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মে-ডাম-মে-ফিত দহজনলৈ পূজা আগবঢ়োৱা হয়- খাও খাম (জলৰ অধিপতি), লেংজন (উপৰিপুৰুষ(, লাংকুৰী (অনন্ত দেৱতা), জান ছাই হুং (শুভ দেওসকলৰ গুৰু), চিত্লাম ছাং (সাত লক্ষ বজ্ৰ বিজুলীৰ অধিপতি), ডাম চাও ফী, আই লেং ডিন (পৃথিৱীৰ অধিপতি), মুত্ কুম্ তাই কম (চন্দ্ৰ-সূৰ্য দেৱতা), জাছিংফা (জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী), ৰা-খিন (অপমৃত্য়ুৰ দেৱতা) আৰু চাওল্য়ং ছ্য়ু-কা-ফা । আনহাতে তাই আহোমসকলৰ তিনি পুৰোহিত মহুং, চ্য়া বুন, মপ্লং (মহন, দেওধাই, বাইলুং) এ নিজাকৈ ডাম-ফি বা ‘খেন খাও’ পাতে । তেওঁলোকে মৃতকসকলৰ তিনি বা চাৰি পুৰুষলৈকে ৰান্ধনিশালত মেহেঙা সজাই পূজা দিয়ে । আনহাতে স্বৰ্গদেউসকলে ৰাজহুৱাভাৱে দেওশাল, থান-আঁহত-জৰী গছৰ তলত এই পূজা আগবঢ়াইছিল । মে-ডাম-মে-ফিৰ উপৰি তাই আহোমসকলে মৃতকৰ জলপান, মৃতকৰ শৰাই, ন-খোৱা, ভূঁই ৰোৱা, ব’হাগ বিহু, মাঘ বিহু, ন-পুৰুষীয়া, বংশাৱলী, বছেৰেকীয়া সকাম আদিতো মৃতকক স্মৰ্ণ কৰে । তাই আহোমসকলেৰ বিশ্বাস কৰে, তেওঁলোকৰ পিতৃ-মাতৃ, ককা, আজোককাসকলে যিদৰে জীয়াই থাকোতে নিজৰ সন্তানৰ লগতে নাতি-নাতিনীহঁতক কোনো ক্ষেত্ৰতে দুঃখ-কষ্ট নোপোৱাকৈ মৰমেৰে ৰাখে ঠিক সেইদৰে মৃত্য়ুৰ পাছতো তেওঁলোকৰ আক্মাই যাতে সতি-সন্ততিসকলক সকলো ক্ষেত্ৰতে সুৰক্ষা প্ৰদান কৰিব । সেয়েহে তাই আহোমসকলে মৃতকক উদ্দেশ্য় বিভিন্ন পূজা-পাতলেৰে তেওঁলোকক শ্ৰদ্ধা-ভক্তিৰে শ্ৰদ্ধাঞ্জলি জনাই আশীৰ্বাদ বিচাৰি আহিছে ।

মে-ডাম-মে-ফি কেনেদৰে অনুষ্ঠিত কৰিব লাগে এই সম্পৰ্কত এখন পূজাবিধি (খক্-লাই)ত উল্লেক আছে । এই পূজা দুই ধৰণে অনুষ্ঠিত কৰা হয় – ফ্ৰা-লুঙ আৰু বানফি । ফ্ৰা-লুঙ (বৌদ্ধক সত্বা পন্থা)ত আঠকোণীয়াকৈ মণ্ডপত ফুনৰ ওপৰত পেঞবাক স্থাপন কৰি কলপটুৱাৰে তৈয়াৰী খুটা পুতি তাত এশ এগচি বন্তি জ্বলাই ফ্ৰ-পদ্ধতিত আমিষ বস্তু ব্যৱহাৰ কৰা নহয় । ইফালে বানফি পদ্ধতি (সৃষ্টি শক্তি সত্বা) অনুসৰি প্ৰতিজন দেৱতাৰ নামত থকা মাইহাঙত ৰহিলাও, মাংস, মিঠাতেল, নিমখ-আদা মিহলি আৰৈ চাউলৰ প্ৰসাদৰ লগতে এঁৱা গাখীৰ, দৈ, ঘিউ, মৌ আৰু চেনীৰে সংমিশ্ৰণেৰে পঞ্চামৃত আগবঢ়োৱা হয় । বানফি পদ্ধতিৰ নৈবেদ্য়ও দুটা ভাগত বিভক্ত – 

কেঁচা আৰু পকা । কিন্তু পূজাত ইয়াৰে এবিধ নৈবেদ্য়হে দিব পাৰিব । কেঁচা ভাগত আদা, মিঠাতেল মিহলোৱা আৰৈ চাউল আৰু কণীৰে প্ৰসাদভাগ সজোৱা হয়  হয় আৰু পকা ভাগত পিঠা আলু আদি সিজাই দিয়াৰ লগতে জীয়া কুকুৰা উছৰ্গা কৰা হয় । কুকুৰা মুচৰি বা টঙনিয়াই মাৰি পিছত মঙহ সেকি মাইহাঙত দিয়া হয় । বানফি সম্পূৰ্ণকৈ পাতিলে ৩৩ টা কুকুৰা, ৩৩ টা কুকুৰা কণী, ২ টা হাঁহ কণী, কেঁচাকল, পকাকল, আদা, লুকলাও আদিৰ নিতান্তই প্ৰয়োজন । 

উপৰি পুৰুষ আৰু দেৱতাসকললৈ শ্ৰদ্ধাঞ্জলি আগবঢ়োৱা মে-ডাম-মে-ফি অনুষ্ঠিত কৰিলে তেওঁলোকৰ আশীৰ্বাদ লাভ কৰিব পাৰি বুলি তাই আহোমসকলে বিশ্বাস কৰি আহিছে । দেশ স্বাধীন হোৱাৰ পাছৰেপৰা গুৱাহাটীত মে-ডাম-মে-ফি অনুষ্ঠিত কৰি অহা হৈছে । উজনি অসমৰ ভিতৰত তনু কোঁৱৰ, চন্দ্ৰ আৰন্ধৰা, দিলীপ বুঢ়াগোহাঁই, বিমল বৰপাত্ৰগোহাঁই আদিৰ উদ্য়োগত গড়গাঁৱৰ কাৰেংঘৰৰ সন্মুখত বাজহুৱাভাৱে ১৯৭১ চনৰ ৭ ফ্ৰেব্ৰুৱাৰীত প্ৰথমবাৰৰ বাবে এই অনুষ্ঠান পতা হৈছিল । তাৰ পাছৰে পৰাই অসমৰ বিভিন্ন অঞ্চলত মে-ডাম-মে-ফি অনুষ্ঠিত কৰি অহা হৈছে । ১৯৮৫ চনত প্ৰাক্তন মুখ্য়মন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ দিনত অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈক সভাপতি আৰু বিশ্ষিট শিক্ষাবিদ ধীৰেণ গগৈক সম্পাদক হিচাপে লৈ অতি আড়ম্বপূৰ্ণভাৱে তলাতল ঘৰৰ প্ৰাংগণত এই অনুষ্ঠান পতা হৈছিল । অসমৰ চুকে-কোণে এই তৰ্পণ অনুষ্ঠান ৩১ ডিচেম্বৰত বহুল ভিত্তিত অনুষ্ঠিত কৰি অহা হৈছে বৰ্তমান মে-ডাম-মে-ফি প্ৰচলিত নীতি-নিয়ম অনুসাৰে পালন কৰি অহাৰ লগতে সকলে জাতি-জনগোষ্ঠীৰ মানুহ জড়িত হৈ আলোচনাচক্ৰ, বিভিন্ন ধৰণৰ খেল-ধেমালি আদি অনুষ্ঠিত কৰি এক সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনিছে । 

খ) কাৰবি লোক-উত্সৱ ‘চমাংকাম’

কাৰ্বিসকলৰ চমাংকান হৈছে মূলতঃ কাৰবিসকলে তেওঁলোকৰ স্বৰ্গগীমী পূৰ্বপুৰুষ পিতৃ-পিতামহ আদিসকলক যথাযোগ্যভাৱে জনোৱা শ্ৰদ্ধাপূৰ্বক অনুষ্ঠান । সাধাৰণতে মাঘ-ফাগুন মাহত সমূহীয়াভাৱে তিনিদীনিয়াকৈ পালন কৰা হয় । এই উত্সটি । ছং-নক্ (ঢাল-টৰোৱাল), ছেং (ঢোল), ছেংব্ৰোণ্ (সৰু ঢোল), টাৰ (টাৰি), হিজাপ (বিচনী), কুচটা (জালি), থাইৰাংপাক্ (ধনুকাঁড়), খালোন (বেৰত পাচি), চাটৰ (চুৰিয়া), পৌহৌ (পাগুৰি), ছই (চোলা) আদি বস্তুবোৰ যোগাৰ কৰি উত্সৱ পালনৰ বাবে সাজু হয় । এনেদৰে বস্তুবোৰ যোগাৰৰ অন্তত সজাই-পৰাই তুলি কাৰিব সমাজৰ নিৰ্দিষ্ট ওঢেপীয়ে (মৃতকক শুশ্ৰষাকাৰী তিৰোতা) বা ধুই দিয়ে (ওজা) দিনিদিনীয়া চমাংকান উছৱটিৰ শুভাৰম্ভ হয় । চমাংকান কাৰবিসকলৰ কৃষ্টি-সংস্কৃতিৰ প্ৰধান উতিসৱ । চমাংকান শব্দৰ অৰ্থ হ’ল খাচীয়া নৃত্য । খাচীসকলৰ ৰীতি-নীতিৰ মাজেৰেই মৃতকৰ আত্মাৰ শ্ৰদ্ধাৰ অনুষ্ঠান নৃত্য়সহ পালন কৰা হয় বাবেই এই উত্সৱৰ নাম চমাংকান । চমাংকান তিনিধৰণৰ- ‘কানফ্লাফ্লে’, ‘লাকটুক’ আৰু ‘হাৰনে’ । ‘কানফ্লাফা’ সাধাৰণ শ্ৰেণীৰ আৰু ‘লাংটুক’, ‘হাৰনে’ উচ্চ শ্ৰেণীৰ চমাংকান সামাজিক অনুমতি সাপেক্ষে এই দুই শ্ৰেণীৰ চমাংকান পতা হয় । এই উত্সৱ তিনিদিন ধৰি অনুষ্ঠিত কৰা হয় । প্ৰথম দিনটোক ‘ৰূ-কেহুম’ (মৃতকৰ অস্থি সমগ্ৰহৰ দিন) বোলে । সিদিনা হাতত ঢাল-তৰোৱাল লৈ গীত-নৃত্য় কৰি শ্মশানৰ পৰা মৃতকৰ অস্থিআনি ধান খেৰেৰে সজামৃতকৰ প্ৰতিকৃতিৰ ভিতৰত সযতনে থৈ দিয়ে আৰু উত্সৱ শেষ নোহোৱালৈকে বৰঘৰৰ কোঠালিক শুৱাই ৰখা হয়। উত্সৰ দ্বিতীয় দিনটোক ‘কানছ’ (সৰু নাচ) আৰু তৃতীয় দিনটোক ‘কানপি’ (বৰ নাচ) বোলে । এই উত্সৱত কাৰবি ডেকা-গাভৰু, ল’ৰা-ছোৱালীসকলে নানা গীত-মাতেৰে ঢোলৰ চেওত নৃত্য় কৰি আনন্দ লভে । চমাংকান উতিসৱৰ শেষত ‘বানজাৰ’ কেকু’ অনুষ্ঠানৰ মাধ্য়মেৰে মৃত ব্যক্তিজনৰ পাৰ্থিৱ সংস্কাৰ কৰা হয় । বুচলি অনা অস্থি ‘তিপিত’ (পৈত্ৰিক বংশৰ শ্মশানবেদী)ত পুনৰ দাহ কৰি তাৰ তাষত ‘বানজাৰ’ (যমপুৰীৰ অলংকৃত উত্সৱৰ মাজেৰে কাৰবিসকলৰ জাতীয় পৰম্পৰা, ঐতিহ্য আৰু লোক-সংস্কৃতি সুন্দৰকৈ প্ৰতিফলিত হয় । স্বকীয় লোকবিশ্বাস আৰু ধ্যান-ধাৰণাৰ আদৰ্শত তেওঁলোকৰ প্ৰধান উত্সৱ চমাংকান । এই চমাংকানতেও কাৰবিসকলে তেওঁবিলাকৰ মৃতদেহ সন্মানৰ অৰ্থে প্ৰস্তুত কৰা লাওপানী, ভা-আঞ্জা আদি দ্ৰব্যবোৰ মৃত ব্যক্তিসকলতকৈ আগবঢ়াই পাছত সকলোৱে লগ লাগি স্ফূৰ্তি-তামাচা কৰি আনন্দ মনেৰে খাই সমাজৰ মিলা-প্ৰীতিৰ এনাজৰীডাল দৃঢ় কৰি তোলে । এই উত্সৱৰ নৃত্য়-গীতবোৰৰ একাংশত পোৱা যায় কাৰবি সমাজৰ আধ্যাত্মিক চিন্তা-চৰ্চা, ধ্যান-ধাৰণা আদি – যিবোৰক সাধাৰণতে স্ততি গীত বুলি ক’ব পাৰি । সেইদৰে আন একাংশত পোৱা যায় কাৰিব ডেকা-গাভৰুহঁতৰ প্ৰেম-ভালপোৱা, জীৱন-যৌৱন আদিৰ সন্মোহনী ৰূপ-যাক পূৰ্ণাংগ অৰ্থত জীৱন-প্ৰেমৰ গীত বুলিব পাৰি । সাধাৰণতে চমাংকান উত্সৱত প্ৰথমতে মৃতকৰ উদ্দেশ্য় গোৱা স্তুতি গীতবোৰ পৰিৱেশন কৰিহে পাছলৈ কাৰবি ডেকা-গাভৰুহঁতে তেওঁলোকৰ হিয়া ৰাইজাই কৰা জীৱন-যৌৱন, প্ৰেম-প্ৰীতিৰ সুমধুৰ গীচবোৰ গাই গাই আপোন পাহৰা হৈ নৃত্য় কৰে । চমাংকান উত্সৱৰ মাজেৰে কাৰবিসকলৰ নিজস্ব প্ৰেম-ভালপোৱা, ৰীতি-নীতি, সমাজ-ব্যৱস্থা আদিৰ সুন্দৰ প্ৰতিচ্ছবি ফুটি উঠে ।  

গ) পয়চাংকেনঃ

উত্তৰঃ বছৰটোৰ ভিতৰত পালন কৰা বিভিন্ন পৰম্পৰাগত উত্সৱসমূহৰ ভিতৰত ‘পয়চাংকেন’ উত্সৱ টাই বৌদ্ধ জনগোষ্ঠীসকলৰ জাতীয় উত্সৱ । তেওঁলোকে ইয়াক বসন্ত উত্সৱ হিচাপে পালন কৰাৰ উপৰি ‘সংক্ৰান্তি উত্সৱ’ আৰু ‘বুদ্ধ মূৰ্তি ধোওৱা উত্সৱ’ হিচাপেও পালন কৰে । এই উত্সৱক ‘পয়ছননাম’ (পানীৰ উত্সৱ) বুলিও কোৱা হয় । টাই ভাষাৰ ‘পয়’ মানে উত্সৱ, ‘চাংকেন’ মানে সংক্ৰান্তি আৰু পানী । সেয়ে ‘পয়চাংকেন’ মানে পানীৰ উত্সৱ ষ কৃষি ঋতু পৰিৱৰ্তনৰ লগত জড়িত এই উত্সৱ বসন্তকালীন উত্সৱ । 

তাই বৌদ্ধ জনগোষ্ঠাৰ লোকসকলে চ’তৰ সংক্ৰান্তিৰ দিনাৰপৰাই ‘পয়চাংকেন’ উত্সৱ আৰম্ভণি উপলক্ষে ‘লিকচাংকেন’ এমাহ ধৰি পালন কৰে । ‘লিকচাংকেন’ৰ সময়ছোৱাত পৰিৱেশন কৰা লিক্ (তাই পুথি) স্তুতি পি-হু-উ(‘পি’ মানে বছৰ, ‘হু’ মানে আৰম্ভণি, ‘উ’ মানে ৰং-ৰহইচ, উল্লাহ উত্সৱ অৰ্থাত্ নতুন বছৰৰ আৰম্ভণিৰ উত্সৱ) বুলি বৰ্ণনা কৰা আছে । তেওঁলোকে এমাহ ধৰি ‘লিক্’ শিকে আৰু ‘পয়চাংকেন’ উত্সৱৰ সময়ত বুদ্ধৰ মূৰ্তিৰ ওপৰত পানী ঢালি পাঠ কৰে । 

পয়চাংকেনৰ আয়োজনৰ এমাহৰ আগৰপৰা চলে । উত্সৱৰ কেইদিনমান আগতে সকলোৱে মিলি বৌদ্ধ বিহাৰসমূহ প্ৰাংগণত ‘ক্য়ংফ্ৰা’ (ক্য়ং-বিহাৰ, ফ্ৰ- বুদ্ধ) সাজে । কাঠৰ নেওৰা এখন বাহিৰৰপৰা ভিতৰফালে এটা সুন্দৰ ‘কোংপান’ৰ (বিবিধ ৰঙৰ সূতাৰে বনোৱা বাঁহৰ চুঙাৰ চকৰি) লগত সংযোগ কৰি দিয়া হয় । এই চুঙাৰ চকৰিটো ওপৰৰ ফালে নেওৰাখনৰ বিন্ধাত সুমুৱাই দিয়া হয় আৰু তলফালে এটি সৰু শিলৰ ওপৰত বহুৱাই দিয়া হয় । 

পয়চাংকেন উত্সৱৰ দিনা বুদ্ধমূৰ্তিসমূহ মূল বিহাৰৰপৰা আনি বিশেষভাৱে নিৰ্মিত ‘ক্য়ংফ্ৰা’ত স্থাপন কৰা হয় লগে লগে পয়চাংকেন উত্সৱৰ আনুষ্ঠানিক আৰম্ভণি ঘটে । ক্য়ংফ্ৰাত থাপনা কৰাৰ আগতে সন্মুখত বিশেষভাৱে সজাই থোৱা এখন বহল আসনত কিছু সময় মূৰ্তি ৰখা হয় আৰু সময়ত সকলোৱে সুগন্ধী পানী মূৰ্তিৰ ওপৰত ঢালিবলৈ লয় আৰু সেলা-পূজা কৰে । ইয়াৰ পাছত ভিক্ষু বা শ্ৰমণে মূৰ্তি ক্য়ংফ্ৰাৰ ভিতৰলৈ নিয়ে আৰু পঞ্জিকাৰ নিৰ্দেশমতে মূৰ্তি থাপনাত প্ৰতিষ্ঠা কৰে । সেই সময়ৰপৰা প্ৰত্য়েক ল’ৰাছোৱালী, ডেকা-গাভৰু আৰু বুঢ়া-বুঢ়ীয়ে হাতত বিবিধ পাত্ৰ লৈ নতুন সাজ-পোচাক পিন্ধি শাৰী পাতি সেই পাত্ৰসমূহত চন্দন বা আন সুগন্ধী তেৱৰ লগত মিহলোৱা পানী ভৰাই আনি মূৰ্তিবিলাকক স্নান কৰায় । ইয়াক টাই ভাষাত ‘চনফ্ৰা’ (চন মানে ধোৱা আৰু ফ্ৰা মানে বুদ্ধ) বোলে । পাত্ৰসমূহত ভৰাই নিয়া পানী পোনে পোনে মূৰ্তিবোৰৰ ওপৰত ঢালি নিদিনেওৰাখনতহে ঢালি দিয়া হয় আৰু তেতিয়া সেই পানীখিনি গৈ চকৰিটোৰ (কোংপান) গাত থকা সৰু সৰু নলী চুঙাৰ বিন্ধাইদি জোৰেৰে ওলাই যায় । সেই জোৰতে চকৰিটা ঘূৰিবলৈ ধৰে । এইদৰে গোটেই দিনটো ‘চনফ্ৰ’ কৰা হয় । ডেকা-গাভৰু, বুঢ়া-বুঢ়ীসকলেও ইজনে সিজনৰ গাত পানী ছটিয়াই ৰং-তামাচা কৰে । ইয়াক জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলো লোকে অংশগ্ৰহণ কৰে । সন্ধ্যাৰ লগে লগে ‘চনফ্ৰা’ বন্ধ হয় । সন্ধ্যা ৰাইজ ‘ক্য়ংফ্ৰা’ৰ সমুখত সমবেত হৈ প্ৰাৰ্থনা, বন্তি প্ৰজ্বলন আদিৰ আয়োজন কৰে । জেকা-গাভৰুহঁতে টাই গীত আৰু মৃত্য় পৰিৱেশন কৰি গোটেই ৰাতি মূৰ্তিৰ ৰখীয়া হৈ থাকে । পাছদিনা পুৱা ৰাইজ পুনৰ সমবেত হৈ পূজা, অন্নদান, পুষ্পদান আদিৰে সমগ্ৰ মানৱ জাতিৰ মংগলৰ বাবে ভগৱান বুদ্ধৰ ওচৰত প্ৰাৰ্থনা কৰে । তাৰ পাছত পুনৰ ‘চনফ্ৰা’ আৰম্ভ হয় । 

এইদৰে চ’তৰ সংক্ৰান্তিৰ দিনাৰপৰা তিনি-চাৰি দিনলৈ ‘পয়চাংকেন’উত্সৱ টাই বৌদ্ধ জনগোষ্ঠীৰ লোকসকলে অতি উলহ-মালহেৰে পালন কৰে । 

উত্সৱ সামৰণি পৰাৰ লগে লগে মূৰ্তিবিলাক পৰম্পৰাগত ৰীতি-নীতি অনুসৰি ভিক্ষু শ্ৰমণে ৰাইজৰ সৈতে ‘ক্য়ফ্ৰাং’ৰপৰা একেধৰণৰ শোভাযাত্ৰা কৰি আন পুনৰ বিহাৰবিলাকৰ ভিতৰলৈ লৈ যায় আৰু বছৰটোৰ বাবে স্থায়ী থাপনাত আগৰদৰে থয় । পুৰণি বছৰটোক বিদায় দি ন্তুন বছৰক আদৰণি জনোৱাৰ বাবে আৰু সুখ-শান্তি কামনা কৰি ‘মাংগালা মৌং’ নামৰ ধৰ্মীয় অনুষ্ঠান পালন কৰাৰ হয় । তাৰ পাছত ভিক্ষু শ্ৰমণে বুদ্ধমূৰ্তিবিলাক টাই আৰু বৰ্মীজ আৰ্হিত নিৰ্মিত বিচনীৰে বা দিয়ে । ইয়াৰ পাছৰপৰা ৰাইজেও নিজস্বভাৱে বিচনী ব্যৱহাৰ কৰে । 

উল্লেখযোগ্য,’পয়চাংকেন’ উত্সৱ অসম আৰু উত্তৰ-পূব ভাৰতৰ টাই বৌদ্ধ জনগোষ্ঠীৰ লোকসকলৰ লগতে থাইলেণ্ড আৰু অষ্ট্ৰেলিয়াত ‘সংক্ৰান্ত, ‘ম্যানমাৰত ‘সাদিন-য়ুট’, কম্বোডিয়াত ‘চৌউল-চনাম-থমে’ নামেৰে আৰু লাওচ, চীন, ভিয়েটনাম আদি দেশসমূহৰ উপৰি বিশ্বৰ আন আন দেশৰ টাই বৌদ্ধ জাতিৰ লোকসকলে ভিন ভিন নামেৰে একে সময়তে একে পৰম্পৰা আৰু একে ৰীতি-নীতিৰে পালন কৰে । পশ্চিমীয়া লোকসকলে এই উত্সৱক পানীৰ উত্সৱ (Water Festival) আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহত পানী ছটিওৱাৰ উত্সৱ (Water sprinkle Festival) বুলি কোৱা হয় । 

ঘ) মিচিংসকলৰ আলি আয়ে লৃগাংঃ 

উত্তৰঃ অসমীয়া জাতীয় জীৱনত অতুলনীয় বৰঙণি আগবঢ়োৱা এটা জনজাতি হ’ল মিচিংসকল । মিচিংসকলৰ ঐতিহ্য়পূৰ্ণ কৃষিভিত্তিক জাতীয় উত্সৱ হ’ল আলি আয়ে লৃগাং । আলি আয়ে লৃগাং মিচিংসকলৰ এক বসন্তকালীন উত্সৱ । ‘আলি’ মানে মাটিত তলত হোৱা ফল, ‘আয়ে’ মানে গছৰ গুটি আৰু ‘লৃগাং’ মানে সিঁচিবলৈ আৰম্ভ কৰা অৰ্থাত্ আলি আয়ে লৃগাংমানে শ্স্য় সিচিবলৈ আৰম্ভ কৰাৰ দিন বা সময় । প্ৰতিটো বছৰৰ ফাগুণ মাহৰ প্ৰথমটো বুধবাৰে এই উত্সৱ পালন কৰা হয় । বুধবাৰটোক তেওঁলোকে অতি শুভবাৰ আৰু লখিমীবাৰ বুলি বিবেচনা কৰে । এই দিনটোৰ পৰাই তেওঁলোকে আহুধানৰ বীজ সিঁচিবলৈ আৰম্ভ কৰে । শস্য়ৰ অধিক উত্পাদন কামনা কৰিয়েই নৈপৰীয়া মিচিংসকলে এই উত্সৱ পালন কৰে । লৃগাং উত্সৱৰ মূল উত্সই হ’ল অনাগত কৰ্মময় সংগ্ৰামী জীৱনৰ বাবে কৰ্মোদ্য়ম কৰি তোলে। সেয়ে লৃগাং উত্সৱৰ আৰম্ভণিৰ পৰা সামাজিক ৰীতি-নীতিৰে প্ৰীতিভোজ খাই, নৃত্য-গীত গাই, বিভিন্নজনৰ মাজত ঐক্য় আৰু সম্প্ৰীতিৰ সাঁকো গঢ়ি মনবোৰ সতেজ কৰি তুলি কৃষিকৰ্মৰ বাবে নিজকে নিয়োজিত কৰিবলৈ সক্ৰিয় কৰ্মঠ কৰি তোলা হয় প্ৰতিজন ব্যক্তিৰ মন । উত্সৱৰ দিনা ভাত, বৰা চাউল আৰু ছাইমদ আগবঢ়াই ‘দঞি-পঃল’(সূৰ্য-চন্দ্ৰ)ক নাম লৈ স্তুতি গীত আওৰায় । এই স্তুতিগীতেৰে পূৰ্বপুৰুষৰ ম-তআত্মাক সন্তুষ্ট কৰাৰ কামনাৰে গোৱা হয় । লগতে শস্য়ক্ষেত্ৰত যাতে উত্পাদন ভাল হয় আৰু পৰিয়ালৰ সকলোৰে যাতে কুসল-মঙ্গল হয়, তাৰে কামনাৰেও এই প্ৰাৰ্থনা গোৱা হয় । সেইদিনা বৰা চাউলৰ ‘পুৰাং’, কৌপাতত বান্ধি সিজোৱা ভাত, মাছ, গাহৰিৰ মাংস, আপং আদিৰে ভোজন পৰ্ব কৰা হয় । এই উত্সৱত পৰঃ আপং ব্যৱহাৰ কৰা হয় । বাজ সিঁচাৰ আগতে নিৰ্দিষ্ট মাটি টুকুৰা পানী ছটিয়াই শুদ্ধ কৰি লোৱা হয় আৰু তাৰ পিছত মাটি টুকুৰাৰ চাৰিওফালে চাৰিজোপা পিঃৰ (মেগেলা) গছ ৰোৱা হয় । পিঃৰ গছৰ পাতৰ ফেৰেঙনিত কপাহ (পিঃমূৰ) অলপ অলপ লগোৱা হয় । চাহ কৰা মাটি টুকুৰা মাজভাগত পৃপৃপলৃলৃ (কণী) এটা পুতি দিয়ে । কৌপাতত তিনিভাগ পুৰাং, আদা, ছাইমদ ৰাখি সজোৱা হয় । সৰ্বশেষত বয়োজেষ্ঠজনে হোৰাত কঠীয়া ভৰাই দঞি পলৰ (চন্দ্ৰ-সূৰ্য), বসুমতী আই, বৰুণ দেৱতা, জলদেৱতা, পৱন দেৱতা আৰু উপৰিপুৰুষৰ নাম লৈ মিত্দা এখনেৰে মাটিত খুণচি ধানৰ কঠীয়া দিয়ে । তাৰ পিছত বাঁহৰ কামী কেইডালমান ধেনুভিৰীয়া কৰি মাটিত গুজি দিয়ে যাতে শীতৰ কুঁৱলীয়ে বাজ গজিব  নোৱৰাকৈ মিচিং ভাষাত ‘পেনেম’ কৰে । পেনেমৰ অসমীয়া ভাবাৰ্থ- ‘আজি মিচিং সমাজে বসুমতী আইৰ লগতে সূৰ্য, চন্দ্ৰ, জল, পৱন, বৰুণ দেৱতা, পূৰ্বপুৰুষ সকলোলৈকে কৌপাতত ভাত, আদা, কণী, ছাইমদ আদি আগবঢ়োৱা পূজা বা সেৱা আগবঢ়াইছোঁ । আজিৰ পৰা শস্য় সিঁচিবলৈ আৰম্ভ কৰা হৈছে, গতিকে শস্য় ভাল কৰি বছৰটো খাবলৈ জোৰকৈ ফচল পাব লাগে । শাতৰ কুঁৱলীয়ে বীজ গজিব নোৱাৰাকৈ ঢাকি নাৰাখিবৰ বাবে বাঁহৰ কামীবোৰ কাটি দিয়া হৈছে । পৃথিৱী শস্য-শ্যমলা হৈ সকলোফালে নদন-বদন হ’ব লাগে । আলি আয়ে লৃগাং উত্সৱ লৃগগৃদ অৰ্থাত্ প্ৰথম বীজ সিঁচাৰ নিয়ম পালন কৰোঁতে প্ৰধানৈ লাগতিয়াল বস্তুতেইপদ হ’ল – চাৰিজোপা পিঃৰ (মেগেলা গছ), কেঃছি-কেঃৰ (আদা), পৃপৃলৃলৃ (কণী), পঃৰ আপং(ছাইমদ), চৃঃপাগ্ (কপাহ), পুৰাং (কৌপাতত টোপোলা বন্ধা ভাত), কামৰ (কৌপাত), আমলি (কঠীয়া), অৃগৃন (হোৰা), আচিলৃ-চুৰ (এটেকেলি পানী), তাকু-তাঃবাদ (দুই মূৰে জোঙা কৰি পাতলকৈ চণচা চাৰিপাত বাঁহৰ কামী ইত্যাদিয়েই প্ৰধান), মাত্তৃগ (মিচিং মিত্দা) । 

আলি আয়ে লৃগাং উত্সৱৰ কৰাৰ পৰম্পৰা আছে । এই নৃত্য়ক ‘গুমৰাগ পাকচ’ বোলা হয় । কিছুমান গাঁৱত গাঁৱৰ মুখিয়ালজনৰ ঘৰৰ পৰা বিহু আৰম্ভ হয় । ইয়াৰ ‘নিতম’ (গীত) বোৰক ‘বৃঃৰগ্ নিঃতম’ বোলা হয় । ইয়াৰ অৰ্থ হ’ল উত্সৱৰ গীত । ডেকা-গাভৰুসকলে পূজাথলীত ‘গুমৰাগ পাকচ’ কৰে । নিশাগাভৰুসকলে বিহু পাতে আৰু তাতে ঐ নিঃতম’ বা বিহুগীত গায় । 

আলি আয়ে লৃগাং উপলক্ষে বিস দিনমানৰ আগৰে পৰা মিচিং নাৰীয়ে তৈয়াৰ কৰে পঃৰ (ছাইমদ) আৰু নগিন আপং । আপোনজন অথবা প্ৰেমিকৰ বাবে নিজ হাতেৰে সপোনৰ ফুল বাছি বৈ দিয়ে মিব’গালুগ (মিচিং চোলা), গানৰ ওগন(মিচিং ধুতী) আৰু দুমৌৰ (গামোচা) আৰু নিজৰ বাবেও বৈ লয় এনে পাটৰ (মেখেলা-চাদৰ), ৰিৱি, ৰুমবুং আদি । দুহাতত জেতুকা বোলায়, গামখাৰু, দুমপুন, খোপাত পিন্ধা বগা সূতাৰে নিজে বনোৱা ফুল, মাদলি, জোনবিৰি আদি পিন্ধি গাভৰুবোৰ জাক পাতি ওলাই আহে লৃগাং ছঃমান (ডেকা-গাভৰুৱে নচা নাচ) কৰিবলৈ । অতীজতে আলি আয়ে লৃগাহৰ দিনা ডেকা-গাভৰুৱে নচা নাচক ‘লৃগাং ছঃমান’ বুলি কোৱা হৈছিল যদিও বৰ্তমান এই নাচক ‘গুমৰাগ ছঃমান’ বুলি কোৱা হয় । এই গুমৰাগ ছঃমানৰ বাবে নিৰ্দিষ্টগীত, ঢোলৰ ছেও, পুৰণি বাদ্য় লৌঃলা-মাৰবাং (বৰকাঁহ জাতীয় বাদ্য়) আদি ব্দ্য় আছে । গুমৰাগ ছঃমানৰ ল-গাঙৰ দিনা গাঁৱৰ মুখ্য় ব্যক্তি গাম বা গাঁওবুঢ়াৰ ঘৰতে ঘাট মাৰে । তাৰ পিছত ক্ৰমে শইকীয়া, বৰা, সাতোলা আদিৰ ঘৰত আৰু পিছত গাঁৱৰ সকলোৰে ঘৰত গুমৰাগ ছঃমান কৰে । ছঃমান কৰি লোৱাৰ উপৰি প্ৰীতিভোজ খায় । লৃগাঙৰ পঞ্চম দিনা লৃঃলেন বা চাপলেন অৰ্থাত্ গেনা ভংগৰ নিয়ম কৰে । ঘৰৰ বয়োজেষ্ঠজনে মৌৰম (জুইশলা) সুন্দৰকৈ মচি-কাচি লোৱাৰ পিছত জাঁকিত পঃৰ আপং অলপ দঞি-পলক সাৰোগত কৰি পূৰ্বপুৰুষসকলৰ নামত ঢালি দি গেনা ভাঙে আৰু সকলো ৰাইজৰে মংগল প্ৰাৰ্থনা কৰি লৃগাং পৰ্বৰ সামৰণি মাৰে । মাঘৰ বিহুৰ শস্য চপোৱা আৰু ব’হাগ বিহুৰ শস্য সিঁচা উত্সৱৰ লগত মিচিং সমাজৰ এই আলি-আয়ে-লৃগাং উত্সৱটিৰ সম্পৰ্কে দেখা যায় । অৱশ্য়ে লৃগাং উত্সৱটিৰ লগত মিচিং লোকসকলৰ জাতীয় জীৱনৰ ধৰ্ম আৰু লোক-বিশ্বাসৰ কথাও জড়িত হৈ আছে । মিচিংসকলৰ সাধাৰণতে কৃষিজীৱী লোক । গতিকে কৃষিজীৱী এই মিচিং লোকসকলৰ কৃষি সম্পৰ্কীয় চিন্তা-চৰ্চা, ধ্য়ান-ধাৰণা, লোক-বিশ্বাস আদিৰ পূৰ্ণ প্ৰকাস ঘটিছে আলি-আই-লিগাং উতিসৱটিৰ জৰিয়তে । মিচিং সমাজৰ সমাজ জীৱনৰ সুস্পষ্ট ছবি এখনি এই উত্সৱটিত পালন কৰা লোকাচাৰসমূহৰ মাজেদি দেখিবলৈ পোৱা যায় । আলি আয়ে লৃগাং উত্সৱটিৰ মাজত লুকাই থকা লোকাচাৰবোৰৰ পৰা ইয়াক কঠীয়া বা শস্য় সিঁচাৰ পূৰ্ব প্ৰস্তুতিমূলক উত্সৱ যেন ধাৰণা হয় । মূল উত্সৱ আৰম্ভ হোৱাৰ দুই এদিন আগৰে পৰা মিচিং গাঁৱৰ গঞা ৰাইজে লগ লাগি নদী, বিল আদিত মাছ মাৰে আৰু হাবিত চৰাই-চিৰিকতি, পহু, নল গাহৰি আদি চিকাৰ কৰে । আকৌ নদী, বিল, হাবি আদিত পোৱা মাছ, মঙহবোৰ সকলোৱে ভগাই লয় । ইয়াৰ দ্বাৰা তেওঁলোকৰ ভাতৃত্ববোধ আৰু ঐক্য় মনৰ উমান পোৱা যায় । আলি আয়ে লৃগাঙৰ দিনা সেইবোৰ অস্ত্ৰেৰে বাঁহ, বেত, খেৰ আদি কোনো জীয়া বস্তু কাটিব নেপায়। কাটিলে শস্য়ৰ অমঙ্গল ঘটিব । এয়া মিচিং জনসমাজৰ লোক-বিশ্বাস । আলি আয়ে লৃগাঙৰ দিনা গাঁৱৰ ৰাইজে প্ৰতি ঘৰলৈ গৈ প্ৰীতি ভোজন কৰে । ভোজভাতৰ বাবে প্ৰস্তুত কৰা খাদ্য় সামগ্ৰীসমূহ; যেনে- মাছ, মঙহ, আপং আদিবোৰ প্ৰথমতে তেওঁলোকে তেওঁলোকৰ পূজ্য় ইষ্ট দেৱতা আৰু পূৰ্বপুৰুষৰ স্মৃতিত উৰ্ছগা কৰে । এই উছৰ্গা কৰাৰ গুৰিতেই গ’ল পূৰ্বপুৰুষসকলৰ আত্মাই যাতে তেওঁলোকৰ সতি-সন্ততিবোৰৰ মঙ্গল আনন্দ মনেৰে ভোজন কৰে । এই বিহুত গাঁৱৰ ল’ৰা-বুঢ়াৰ পৰা আৰম্ভ কৰি জীয়ৰী-বোৱাৰী সকলোৱে ঘৰত বিশেষ ভাৱে তৈয়াৰ কৰা ‘গাপা’ আৰু ‘গেৰে’ পোছাক পিন্ধি বিহু নাচে ।   এই নৃত্য়ৰ লগে লগে তেওঁলোকে গীতো গাই যায় । ইয়াতে উল্লেকযোদ্য যে লিগাঙত গোৱা গীত, নৃত্য়, ঢোলৰ চেও আদি মিচিং লোকসকলে তেওঁলোকৰ অন্য় উত্সৱ-পাৰ্ৱণ আদিত কেতিয়াও পৰিবেশন নকৰে । এনেদৰে বৃহত্ অসমীয়া জনগোষ্ঠীৰ অংশীদাৰ এই মিচিং লোকসকলে পৰম্পৰাগতভাৱে লোক-বিশ্বাসৰ ওপৰত ভিত্তি কৰিয়েই তেওঁলোকৰ প্ৰধান জাতীয় উত্সৱ সদৃশ এই আলি আয়ে লৃগাং উত্সৱটি প্ৰতি বছৰে অতি উলহ-মালহেৰে পালন কৰি আহিছে । অসমৰ থলুৱা এই জনজাতীয় উত্সৱটিয়ে মিচিং সমাজত প্ৰচলিত হৈ খতা লোক-বিশ্বাস, চিন্তা-চৰ্চা, ধ্যান-ধাৰণা আদিৰ সম্য়ক পৰিচয় দিয়ে । ইয়াৰবাহিৰেও গঞা ৰাইজৰ একতা, ভাতৃত্ববোধ আৰু সমন্বয় সাধনতে এই উত্সৱটিয়ে বিশেষ ভূমিকা পালন কৰি আহিছে । 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top