Sociology of Kinship Unit 3 স্বজনতাৰ পুনর্বিন্যাস

Sociology of Kinship Unit 3 স্বজনতাৰ পুনর্বিন্যাস, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Sociology of Kinship Unit 3 স্বজনতাৰ পুনর্বিন্যাস Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Sociology of Kinship Unit 3 স্বজনতাৰ পুনর্বিন্যাস Question Answer can be of great value to excel in the examination.

Sociology of Kinship Unit 3 স্বজনতাৰ পুনর্বিন্যাস

Join Telegram channel

Sociology of Kinship Unit 3 স্বজনতাৰ পুনর্বিন্যাস Notes cover all the exercise questions in UGC Syllabus. The Sociology of Kinship Unit 3 স্বজনতাৰ পুনর্বিন্যাস in India provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Re-casting Kinship

SOCIOLOGY

SOCIOLOGY OF KINSHIP

স্বজনতাৰ সমাজতত্ত্ব

অতি চমু প্ৰশ্নোত্তৰঃ

(ক) শুদ্ধ উত্তৰটো বাছি উলিওৱা।

১। নৃতত্ত্ববিদসকলে এক নির্দিষ্ট সমাজত পুৰুষ আৰু মহিলাৰ বাবে উপযুক্ত বুলি বিবেচিত বিশ্বাস আৰু আচৰণৰ সাংস্কৃতিক নির্মাণক বুজাবলৈ নিম্নলিখিত কোনটো শব্দ ব্যৱহাৰ কৰে? (Which of the following terms do anthropologists use to refer to the cultural construction of beliefs and behaviours considered appropriate for males and females in a particular society?)

(ক) শ্ৰমৰ লিংগ বিভাজন (Gendered devision of labour)

(খ) লিংগ (Gender)

(গ) যৌন অভিমুখীতা (Sexual orientation)

(ঘ) লিংগ জাতি (Gender Caste)

উত্তৰঃ (খ) লিংগ (Gender)

২। সামৰিক বাহিনীত সৈন্যসকলে প্ৰায়ে ইজনে সিজনৰ সৈতে “ভাতৃত্ববোধ” বা “ভগ্নীত্ব” অনুভৱ কৰে। তদুপৰি, ঘৰত তেওঁলোকৰ পত্নীয়ে প্ৰায়ে একে ধৰণে একেলগে বান্ধোন তৈয়া…

৩। স্বজনতাৰ জ্ঞাতিতত্ত্বৰ সংজ্ঞা আৰু নৃবিজ্ঞানত স্বজনতাৰ গুৰুত্ব সম্পর্কে আলোচনা কৰা? (Discuss the definition of kinship and the importance of kinship in anthropology.)

উত্তৰঃ স্বজনতাৰ (জ্ঞাতিত্বৰ) সংজ্ঞা আৰু নৃবিজ্ঞানত স্বজনতাৰ গুৰুত্ব স্বজনতা হৈছে প্ৰাকৃতিক বা জৈৱিক সত্যৰ সামাজিক নাইবা প্রাকৃতিক নির্মাণ। এই অর্থত, স্বজনতা একেলগে প্রাকৃতিক বা জৈৱিক আৰু সামাজিক ও সাংস্কৃতিক। অতীৰ পৰা বৰ্তমান কাল, এই দেড়শ বছৰৰ স্বজনতা অধ্যয়নৰ ইতিহাস চালে দেখা যায়, স্বজনতা অধ্যয়নৰ ভিত্তি আছিল কিছুমান শক্তিশালী পূর্বানুমান।

প্ৰথমতে, ধৰি লোৱা হৈছিল স্বজনতা সকলো সমাজত বিভাজন তৈয়াৰ কৰে, কোনসকল তেজৰ অথবা কোনো কোনো সমাজত স্বজনতা বন্ধনৰ ভিত্তি হৈছে হাড় আৰু কৰোবাত বীৰ্য্য সূত্রে স্বজনতা বন্ধনত আৱদ্ধ আৰু কোনসকল স্বজন কুলৰ নহয়, এইটো এটা কেন্দ্রীয় বিভাজন।

দ্বিতীয়তে, ধৰি লোৱা হৈছিল, এই বিভাজনৰ ভিত্তি হৈছে জন্মদান সংক্রান্ত প্রাকৃতিক বিষয়াবলী। জন্মদান (Procreation) আৰু তেজৰ সম্পৰ্ক (blood relatedness) এইবোৰ হৈছে মৌলিক সত্য কাৰণ এইবোৰ প্ৰাকৃতিক (অপৰিৱৰ্তনীয়, অটল অৰ্থত) আৰু বিশ্বজনীন (সময়কাল আৰু স্থানিক ভিন্নতাৰ ঊর্ধ্বত)। এই দুটা কেন্দ্রীয় পূর্বানুমান তৈয়াৰ কৰি দিয়ে, তৃতীয়, পূর্বানুমান, জৈৱিকতা হৈছে জীৱ বিজ্ঞানীসকলৰ কাৰ্যক্ষেত্ৰ, নৃ-বিজ্ঞানীসকলৰ কাৰ্যক্ষেত্ৰ হৈছে জৈৱিকতাৰ সাংস্কৃতিক নির্মাণ। নৃ-বিজ্ঞানীসকল ধৰি লৈছিল যে, সামাজিক-সাংস্কৃতিক বিষয় আদি নৃবিজ্ঞানীসকলৰ বাবে কেন্দ্ৰীয়, কিন্তু এইবোৰ জৈৱিক সম্পৰ্কৰ পৰা উদ্ধৃত, জৈৱিকতাৰ তুলনাত কম গুৰুত্বপূৰ্ণ। সামাজিক বা সাংস্কৃতিক নিৰ্মাণ এটা সমাজৰ পৰা বেলেগ সমাজত ভিন্ন হ’ব পাৰে, উদাহৰণস্বৰূপ, গাৰো সমাজ হৈছে মাতৃতান্ত্রিক, আনহাতে চাকমাসকল পিতৃতান্ত্রিক আফ্ৰিকাৰ কিছুমান অঞ্চলত খেতি দেউতা (পিতা) খুৰাসকলৰ সৈতে খেতি কৰা হয় ।

আগতে উল্লেখ কৰা হৈছে যে, স্বজনতা অধ্যয়ন হৈছে নৃবিজ্ঞানীৰ এটা কেন্দ্ৰীয় বিষয়। কেন্দ্রীয় হোৱাৰ ‘কাৰণ’ হিচাপে সাধাৰণতে যি বিষয়সমূহ নৃ-বিজ্ঞানীসকল উল্লেখ কৰে, সেয়া হ’ল, স্বজনতাৰ সামাজিক আৰু সাংস্কৃতিক অৰ্থ কেৱল মাথো নৃ-বিজ্ঞানীসকল অনুসন্ধান কৰে, এই বিষয়ে কেৱল মাথো তেখেতসকলে গৱেষণা চলায়। এই বিষয়ে বিশেষজ্ঞ জ্ঞান কেৱল মাথো নৃ-বিজ্ঞানীসকলৰ আছে, সেইবাবে এইটো একান্তভাৱে নৃ-বিজ্ঞানীৰ বিষয়বস্তু ইত্যাদি। সাম্প্ৰতিক কালত এইধৰণৰ আলোচনা আৰু গভীৰতাৰ সৈতে দেখা হৈ আছে। নৃ-বিজ্ঞানত স্বজনতাৰ কেন্দ্ৰিকতা ও গুৰুত্বৰ ভিন্নতাৰ ব্যাখ্যা দাঙি ধৰিছে কিছুমান নৃবিজ্ঞানীয়ে। সেইটো এনেকুৱা পাশ্চাত্য ধ্যান-ধাৰণাত সমাজখন দুটা ভাগত বিভক্ত, আদিম আৰু সভ্য। সমাজৰ এই বিভাজন পাশ্চাত্য ইতিহাসত কেইবা শ বছৰ পুৰণি। পাশ্চাত্যৰ ধ্যান-ধাৰণাত এইটো প্রতিষ্ঠিত যে, আদিম সমাজ ‘গোষ্ঠীকেন্দ্ৰিক’ সভ্য সমাজ ‘ব্যক্তিকেন্দ্ৰিক’। পাশ্চাত্যৰ ইতিহাসত আদিম আৰু সভ্যৰ এই বিভাজন কেৱল মাথোঁ বিশ্বৰ সকলো সমাজক দুই ভাগত ভাগ কৰা নাই। জ্ঞানজগতৰ এটা শ্রম বিভাজনকো প্রতিষ্ঠিত কৰিছে। নৃ-বিজ্ঞানৰ আৰু নৃবিজ্ঞানীসকলৰ ক্ষেত্ৰ হৈছে সৰল, স্বজনভিত্তিক, ৰাষ্ট্ৰবিহীন সমাজ য’ত আছে উপহাৰ অৰ্থনীতি, আনহাতে, সমাজবিজ্ঞানৰ বিষয় বস্তু হৈছে আধুনিক, শিল্পভিত্তিক আৰু (উৎপত্তি অৰ্থত) পাশ্চাত্য সমাজ।

নৃ-বিজ্ঞানৰ গোড়াপত্তনৰ সময়ত, যেতিয়া আদিম সমাজ বিষয়বস্তু হিচাপে স্বীকৃত হয়, সেই একে সময়ত ‘সমাজ’ মানেই ‘স্বজনতা’ এই প্রত্যয়গত সমীকৰণও ঘটে আৰু এই ধাৰণা প্রতিষ্ঠিত হয় যে আদিম সমাজৰ গঠনমূলক একক হৈছে স্বজনতা। ক্ষুদ্ৰ পৰিসৰত আদিম সমাজ কেনেকৈ সংগঠিত, কেনেকৈ কাম কৰে এইবোৰ বুজিবলৈ স্বজনতা অপৰিহাৰ্য হিচাপে বিবেচিত হয়। সাম্প্রতিক কালত নৃবিজ্ঞানীসকলে কয়, পাশ্চাত্য মানসত আদিম সমাজ নামক যি বৰ্গ ঐতিহাসিকভাৱে গঢ়ি উঠে, এটা স্বতন্ত্র জ্ঞানকাণ্ড হিচাপে নৃবিজ্ঞানৰ প্ৰতিষ্ঠা এই বৰ্গক জাগতিক বৈধতা দান কৰে। আদিম সমাজ সভ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰে। নৃবিজ্ঞানীসকল আদিম সমাজৰ কিছুমান মূলনীতি দাঙি ধৰে, যাৰ ভিতৰত কেন্দ্ৰীয় আছিল স্বজনতা। যেনে ধৰাহওঁক নৃবিজ্ঞানী ফেটসৰ এই কথাবোৰ আদিম সমাজৰ সামাজিক জীৱনৰ সাংগঠনিক মূলনীতি হৈছে স্বজনতা, এইটো এটা অনস্বীকার্য সত্য। তথাকথিত আদিম সমাজৰ অৰ্থ স্বজনতা। এই ধাৰণাৰ ভিত্তিত নৃ-বিজ্ঞানীসকলে কাম কৰে আৰু তত্ত্ব দাঙি ধৰে। ইয়াৰ মাজত গুৰুত্বপূৰ্ণ হৈছে বংশধাৰা তত্ত্ব, সামাজিক দল গঠনৰ ভিত্তি হৈছে বংশধাৰা, এই দলসমূহ বহির্বিবাহ নীতি অনুসৰণ কৰে, কন্যা বিনিময়ৰ ভিত্তিত দুই দলৰ মাজত পাৰস্পৰিক সম্পর্ক গঢ়ি উঠে। নৃবিজ্ঞানীসকলে আৰু ধৰি লয় যে, স্বজন পদাবলী সামাজিক সংগঠন প্ৰকাশ কৰে। স্বজনভিত্তিক আদিম সমাজৰ যি সামাজিক ব্যৱস্থা, সেইটো নৃবিজ্ঞানীসকলৰ মতে, পাশ্চাত্য সমাজৰ পৰা খুবে ভিন্ন । আদিম বা অপাশ্চাত্য সমাজত স্বজনভিত্তিক সংগঠন যি ভূমিকা পালন কৰে, সেই ভূমিকা পাশ্চাত্য সমাজত পালন কৰে অন্যান্য প্রতিষ্ঠান, বিশেষকৈ কৰ্মক্ষেত্ৰ, ৰাষ্ট্ৰ।

যোৱা দুই দশক ধৰি, স্বজনতা অধ্যয়ন আৰু নৃবিজ্ঞানে, গুঢ়িপত্তনৰ এই পূর্বানুমান লৈ আৰু অত্যাধিক মৌলিক বিষয় যেনে ‘আদিম আৰু সভ্যতাৰ’ পাশ্চাত্যীয় বিভাজন লৈ, তীব্র সমালোচনা উচ্চাৰিত হৈ আছে।

৪। নৃবিজ্ঞানীসকলৰ প্ৰচলিত ধ্যান-ধাৰণা সম্পর্কে আলোচনা কৰা। (Discuss the conventional ideas of anthropologists.)

উত্তৰঃ সঠিক-বেঠিকৰ ধাৰণা শক্তিশালী আৰু সামাজিক। এই ধাৰণাৰ শক্তিমত্তাৰ ভিত্তি প্রত্যক্ষ বলপ্রয়োগ নহয়। ইয়াৰ অৰ্থ কোনেও আমাক নিৰন্তৰ মাৰপিট কৰি এনে ধাৰণা গ্ৰহণ কৰাত বাধ্য কৰা নাই। কিন্তু বল প্রয়োগ নাইবা হেঁচা প্ৰয়োগ শর্ত হিচাপে কাম কৰে। বিশেষ সময়কালত, বিশেষ সমাজ ব্যৱস্থাত নির্দিষ্ট জীৱন-যাপন প্রণালী স্বাভাৱিক যেন লাগে। স্বাভাৱিকত্বৰ ধাৰণা সামাজিক ক্ষমতা সম্পৰ্কৰ সৈতে জড়িত, যেনে — শ্রেণী, লিঙ্গ, জাতিসত্তা ইত্যাদি। বহুতে ক’ব, স্থানিক সামাজিক সমস্যা বিশ্বব্যাপী বৈষম্য ব্যৱস্থাৰ সৈতে সম্পর্কিত, বহুতো ক্ষেত্ৰত অপ্রত্যক্ষভাৱে। সাম্প্রতিক কালৰ নৃবিজ্ঞানৰ এটা ধাৰা স্বাভাৱিকত্বৰ ধাৰণা লৈ প্ৰশ্ন উত্থাপন জৰুৰী বুলি ভাবে। সেই সময়ৰ নৃবিজ্ঞানীসকলৰ যুক্তি হ’ল— বিশেষ কিছুমান ক্ষমতাৰ সম্পৰ্ক আৰু সামাজিক স্বাৰ্থ কেনেকৈ টিকি আছে আৰু গ্ৰহণ যোগ্যতা লাভ কৰে ইয়াৰ অনুসন্ধান হোৱা উচিত সাংস্কৃতিক নৃবিজ্ঞানৰ প্ৰধান লক্ষ্য। একেলগে তেখেতসকলে অনুসন্ধান কৰিছে কেনেকৈ ইউৰোপীয় সমাজৰ স্বাভাৱিকত্বৰ ধাৰণা অ-ইউৰোপীয় সমাজৰ মুক্ত গৱেষণাত অদৃশ্যভাবে উপস্থিত আছিল। অর্থাৎ প্রাথমিক পৰ্যায়ৰ নৃ-বিজ্ঞানীসকল কেনেকৈ তেখেতসকলৰ নিজা সমাজৰ স্বাভাৱিকত্বৰ ধাৰণা আৰু অনুশীলন মাপকাঠী হিচাপে ব্যৱহাৰ কৰে সেয়ালৈ সমাজৰ ৰীতি-নীতি আৰু প্ৰথা মূল্যায়ন হয়।

নৃ-বিজ্ঞানীসকলৰ মতে, এই দৃষ্টিভঙ্গিৰ সামাজিক স্বার্থ উদ্‌ঘাটনৰ এটি পথ হ’ল ভাষা বিশ্লেষণ। প্রাত্যহিক জীৱনত উচ্চাৰিত ভাষা — মতামত, ভাৱনা-সমাজৰ সকলো মানুহৰ অভিজ্ঞতা, নাইবা ভাৱনা, নাইবা আকাঙ্খাক ধাৰণ বা প্ৰকাশ নকৰে। সমাজত যিসকল ক্ষমতাশীল অর্থবিত্তৰ দিশৰ পৰা, মান-মর্যাদাত, লিংগগত বা জ্ঞাতিগত পৰিচয়ত তেখেতসকলৰ চিন্তা-ভাৱনাও শক্তিশালী। তেখেতসকলৰ সামাজিক অস্তিত্ব নিম্নবৰ্গৰ মানুহৰ কেৱল জীৱন-যাপন নহয়, চিন্তাকো প্রান্তিক বা কাষত পেলাই দিয়ে আৰু এই নৃবিজ্ঞানীসকলে ক’ব, ভাষা যিহেতু জীৱন-যাপন প্রণালীক, অভিজ্ঞতাক আকাৰ দিয়ে ভাষা বিশ্লেষণৰ পথ হ’ল, কোনো উক্তি, অভিমত বা বক্তব্যক সকলোৰে বাবে প্ৰযোজ্য, নাইবা সেয়া সকলোৰে মতামতক প্রতিফলিত কৰে এই ধৰি নোলোৱা । অৰ্থাৎ যি উচ্চাৰিত হয় সেই ক্ষেত্ৰত এই প্ৰশ্নসমূহ কৰা প্ৰয়োজন? কোনে কৈছে? কাক বা কাৰ সম্বন্ধে কৈছে? কোৱাৰ মাজেদি কি প্রকাশিত হৈছে? কি উহ্য থাকি গৈছে? তেখেতসকল ক’ব, জৰুৰী হৈছে প্ৰকাশিত আৰু অপ্রকাশিত, দুয়োটা বক্তব্যকে নির্দিষ্ট সামাজিক প্ৰেক্ষিতত স্থাপন কৰে ইয়াৰ বিশ্লেষণ কৰা বিষয়টোক স্পষ্ট কৰাৰ বাবে আকৌ পূৰ্বৰ উদাহৰণত ঘূৰি যাওঁ, ‘শিশুক মানুহ কৰাৰ দায়িত্ব তাইৰ মাকৰ’। এই বাক্যত মাকৰ দায়িত্ব যেনেকুৱা উপস্থিত কৰি তোলা হৈছে, দেউতাকৰ দায়িত্বক অনুপস্থিত কৰি ৰখা হৈছে। আকৌ মা বুলিলে জৈৱিক মাক বুজোৱা হৈছে। এই সকলো প্ৰশ্নৰ উত্তৰ বিচাৰি উলিওৱা হৈছে ভাষাৰ বিশ্লেষণ।

আমাৰ সমাজত প্ৰচলিত আৰু শক্তিশালী, এইধৰণৰ কিছুমান বক্তব্য তলত উল্লেখ কৰা হৈছে।

সাম্প্ৰতিক কালৰ কিছুমান নৃবিজ্ঞানীৰ অৱস্থান হৈছে : সভ্য-অসভ্যৰ মানদণ্ড তৈয়াৰ হৈছে ঐতিহাসিকভাৱে । আফ্রিকা আৰু এছিয়াত উপনিৱেশ স্থাপন এটা ঐতিহাসিক প্রক্রিয়া। কেইবা শ বছৰৰ ঔপনিৱেশিক সময় কালত এই শক্তিশালী ধাৰণা প্রতিষ্ঠা পায় যে, ‘পাশ্চাত্যসমাজ সভ্য’ আৰু অপাশ্চাত্য সমাজ ‘অসভ্য’ আৰু এই ধাৰণাসমূহ স্বতঃসিদ্ধ হৈ উঠে। আনন্দৰ বিষয় হ’ল বিংশ শতাব্দীৰ মাজভাগত ইউৰোপীয় শাসনৰ অৱসান ঘটে আৰু তাৰ পিছত, যেতিয়া এটা গঢ় লোৱা দেশীয় শাসক গোষ্ঠী স্বাধীন দেশ পৰিচালনাৰ দায়িত্ব লয়, সিহঁত নিজৰ দেশৰ দুখীয়া, নিপীড়ত মানুহক একে ভাষাত চিহ্নিত কৰা, নাইবা বাছনি কৰা আৰম্ভ কৰে।

সমস্যা ভদ্ৰতা লৈ নহয়। ধৰি লোৱা হয় যে, এটা বিশেষ শ্ৰেণীৰ (ডাঙৰ মানুহ) মানুহ ভদ্র। আৰু সমাজত মাথো সিহঁতেই ভদ্ৰ ৷ ভদ্ৰতাৰ যি মাপকাঠী যেনে— পোছাক-পৰিচ্ছদ, স্বাস্থ্য, চেহেৰাপাতি, আত্মবিশ্বাস এইবোৰ বহুক্ষেত্ৰত শ্রেণীগত বিষয়, এইধৰণৰ প্ৰত্যক্ষ, দৃশ্যমান বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিলে অপ্ৰত্যক্ষ আৰু মৌলিক বিষয়ৰ পৰা আমাৰ দৃষ্টি গুচি যায়। এই সামাজিক বিষয় বুজিবলৈ সমস্যা তৈয়াৰ কৰে। শ্ৰেণী হৈছে সামাজিক, অর্থনৈতিক, ৰাজনৈতিক বৈষম্যভিত্তিক এটি ব্যৱস্থা। আকৌ উল্লেখ কৰা জৰুৰী, সমস্যা ভদ্ৰতা লৈ নহয়। সাধাৰণভাৱে ধৰি লোৱা হয় যে, উচ্চশ্রেণী মানুহ আৰু কেৱল মাথো সিহঁতেই ভদ্র। অন্যান্য শ্ৰেণীৰ মানুহ দুখীয়া, দুস্থ, মাটি খোৱা মানুহ মাথই অভদ্ৰ এইটোৱেই হৈছে এটা ডাঙৰ সমস্যা।

‘সভ্য-অসভ্য’, ‘ভদ্র-অভদ্ৰ’ যেনেকৈ শক্তিশালী মানদণ্ড, ‘তেনেকৈ পাশ্চাত্য-অপাশ্চাত্য – এইটোও এটা শক্তিশালী মানদণ্ড হিচাপে কাম কৰে আৰু প্রাত্যহিক জীৱনত আমি এই মানদণ্ড ভাষাৰ মাধ্যমত স্বতঃসিদ্ধ কৰি থাকো। পাশ্চাত্য দেশ সম্বন্ধে প্রায় দুই ধৰণৰ মন্তব্য শুনিব পাৰো।

পাশ্চাত্য দেশসমূহ অর্থনৈতিকভাবে উন্নত কিন্তু পৰিয়ালত স্থিতিশীলতা নাই। তাত শুনিবলৈ পাই থাকো কথায় কথায় ডিভোর্স হয়। আমাৰ দেশ উন্নত নহ’লেও কি হ’ব, অন্তত সিহঁতৰ নিচিনা বিশৃঙ্খল কেতিয়াও নহয়।

লক্ষ্য কৰা জৰুৰী, কোনে কৈছে, কোন পৰিপ্ৰেক্ষিতত কৈছে? এইটো কৈ তেখেত কি প্ৰমাণ কৰিবলৈ বিচাৰিছে?

বিস্তৰ মন্তব্য নাইবা সাধাৰণ কাৰণ সামাজিক সম্পর্ক বুজিবলৈ আমাক সাহায্য নকৰে। বৰং বহু ক্ষেত্ৰত দেখা যায় যে বিদ্যমান কোনো সমস্যাৰ উপস্থিতি অস্বীকাৰ কৰাৰ লক্ষ্যই মন্তব্য কৰা হয় । এই বাবে, যিকোনো বক্তব্য নাইবা উক্তি নাইবা মন্তব্য বা চিন্তা ভাৱনাৰ বিষয়ে, আমি কি প্ৰক্ৰিয়াত ভাবো, কেনেধৰণৰ বস্তুক প্রমাণ হিচাপে গ্ৰহণ কৰো, এইবোৰলৈ গভীৰভাৱে, পুনৰ্ভাৱনা কৰা জৰুৰী।

৫। স্বজন শ্রেণীকৰণৰ মূলনীতি সম্পর্কে আলোচনা কৰা। (Discuss the basic principles of kinship classification?)

উত্তৰঃ স্বজন শ্ৰেণীকৰণৰ মূলনীতিঃ প্রাথমিক কালৰ নৃবিজ্ঞানীসকল নিম্নোক্ত বিষয়সমূহক স্বজন শ্ৰেণীকৰণৰ মূলনীতি হিচাপে চিহ্নিত কৰে।

(ক) প্রজন্ম – বহু সমাজত প্রজন্ম অনুসৰি স্বজনসকলক পৃথক কৰা হয়। যেনে— দেউতা আৰু খুৰা— এওঁলোক একে প্ৰজন্মৰ, আতা, আতাৰ ভাই— এওঁলোক দেউতা-খুৰাসকলৰ এক প্ৰজন্ম উৰ্ধত আৰু ‘নিজৰ’ (ইংৰাজীত যাক কোৱা হয় ego ধৰা হওঁক ‘আপনি’) হৈছে, তেখেতৰ ভ্ৰাতৃকুলসহ, এটা ভিন্ন (বেলেগ) প্ৰজন্মৰ সদস্য। ‘নিজ’ (ইংৰাজীত যাক কোৱা হয় ego ধৰা হওঁক ‘আপুনি’) হৈছে, তেখেতৰ ভ্ৰাতৃকুলসহ, এটা ভিন্ন (বেলেগ) প্ৰজন্মৰ সদস্য। ‘নিজ’ পৰা আৰু কনিষ্ঠ (সৰু) প্ৰজন্ম হ’ব ভাগিন-ভাগিনী ইত্যাদি ।

(খ) আপেক্ষিক বয়স – ইংৰাজী ভাষী মানুহৰ মাজত আপেক্ষিক বয়সৰ ধাৰণা নাই। যেনে— ভাৰতবৰ্ষসহ পৃথিৱীৰ আৰু বিভিন্ন অঞ্চলত আছে। আপেক্ষিক বয়সৰ এটা ভাল উদাহৰণ হৈছে আমাৰ সমাজত স্বামীৰ ভাতৃসকলৰ বয়সানুসাৰে পাৰ্থক্য টনা হয়, জেষ্ঠ ভাতৃসকল হৈছে স্ত্ৰীৰ ভাইশহুৰ আৰু কনিষ্ঠ ভাতৃসকল হৈছে তাইৰ ‘দেৱৰ’। নৃবিজ্ঞানীসকলৰ মতে, স্বজন শ্ৰেণীকৰণৰ সৈতে যুক্তি হৈছে আচৰণ। দেৱৰ সকলৰ সৈতে ধেমালীৰ সম্পৰ্ক অনুমোদিত আনহাতে ভাই শহুৰৰ সৈতে সম্পৰ্ক হ’ব দূৰত্বও শ্ৰদ্ধাৰ তথা সন্মানৰ ৷

(গ) ৰৈখিক বনাম পার্শ্বিক – ৰৈখিক স্বজন (Lineal Kin) বুলিলে সিহঁতক বুজায়, যিসকল এটি ৰেখাসূত্ৰত বান্ধ খাই আছে, যেনে—আতা-দেউতা-ল’ৰা আৰু পাৰ্শ্বিক স্বজন (Collateral Kin, সংক্ষেপত lateral ও কোৱা হয়) হৈছে সিহঁত, যিসকলৰ সৈতে আপুনি এজন যোগ সূত্ৰকাৰী স্বজনৰ মাধ্যমত সম্পর্কিত। যেনে ধৰা হওঁক, আমাৰ আতাৰ ভাতৃৰ সৈতে আমি সংযুক্ত আমাৰ আতাৰ মাধ্যমত। অথবা আমাৰ আবুৰ ভগ্নীৰ সৈতে আমি সম্পর্কিত আমাৰ আবুৰ মাধ্যমত, বহুতো সমাজত পার্শ্বিকতাৰ ধাৰণা উপস্থিত, আকৌ বহুতো সমাজত এই ধাৰণা অনুপস্থিত, যেনে কিছুমান সমাজ আছে য’ত দেউতা আৰু খুৰাৰ মাজত কোনো পার্থক্য বা ভিন্নতা টনা নহয়, আকৌ একে সূত্ৰত মা আৰু মাহিৰ মাজতো কোনো পার্থক্য কৰা নহয় । মা আৰু মাহি সকলোকেই ‘মা’ বুলি সম্বোধন কৰা হয় ।

(ঘ) লিংগ – ইংৰাজী ভাষী সমাজত aunt আৰু uncle পদ দুটাত যি পার্থক্য টনা হৈ থাকে সেইটোক লিংগীয় পার্থক্য কোৱা হয়। এনেধৰণে brother (ভাই) আৰু sister (ভনী) পদ দুটাৰ মাজত লিংগীয় পার্থক্য দৃশ্যমান। কিন্তু cousin পদটো লিংগ নিৰপেক্ষ। ল’ৰা হওঁক বা ছোৱালী দুইজনেই cousin।

(ঙ) তেজৰ সম্পৰ্ক বনাম বিবাহসূত্ৰীয় – এই ক্ষেত্ৰত দেখিব পোৱা যায় যে, তেজৰ সূত্ৰে (consanguineal) সম্পর্কিত আত্মীয় বিবাহসূত্রে (affinal) সম্পর্কিত আত্মীয়ৰ পৰা ভিন্ন । যেনে— তেজৰ সম্পৰ্ক সূত্রে যিজন ‘মামা’ বিবাহ সম্পর্ক সূত্রে তেখেত ‘মামা শহুৰ’ অথবা ‘খুৰীশাহু’ক যদিও বেঙ্গলী (বঙালী) সমাজত সম্বোধন কৰা হয় ‘খুৰী’ হিচাপে, তাইৰ সৈতে আত্মীয়তাৰ ধৰণ হ’ল বিবাহসূত্রীয়, এই বিষয়টোক স্পষ্ট কৰাৰ বাবে ‘শাহু’ শব্দটো যুক্ত কৰা হয়।

ইংৰাজী ভাষী সমাজত, Uncle পদ কিন্তু বিবাহ বা তেজৰ এই তাৰতম্য Uncle দেউতাকৰ ফালৰ তেজৰ সম্পৰ্কীয় খুৰাকো বুজাব পাৰে, আকৌ বুজাব পাৰে মাহীকো যিজন তেজৰ সম্পৰ্কৰ নহয় বৰং মাকৰ ফালৰ বিবাহ সূত্ৰীয় আত্মীয়।

(চ) যোগসূত্ৰকাৰী স্বজন লিংগীয় পৰিচয় – যিবোৰ সমাজত পাৰ্শ্বিক স্বজন গুৰুত্বপূৰ্ণ, সেইবোৰ সমাজত যোগসূত্ৰকাৰী স্বজনৰ লিংগীয় পৰিচয় গুৰুত্বপূৰ্ণ হ’ব পাৰে। যেনেকুৱা কিছুমান সমাজত সমান্তৰাল (Parallel) কাজিনসকলক পৃথক কৰা হয় ওচৰা-ওচৰি কাজিনৰ পৰা। সমান্তৰাল কাজিন হৈছে দেউতাকৰ ভাতৃৰ আৰু মাকৰ ভগ্নীৰ সন্তান। ওচৰা-ওচৰি কাজিন হৈছে দেউতাকৰ ভগ্নীৰ আৰু মাকৰ ভাতৃৰ সন্তান। এইবোৰ মূলনীতি সেইবোৰ সমাজৰ বাবে গুৰুত্বপূৰ্ণ য’ত সমান্তৰাল কাজিনৰ সৈতে বিবাহ নিষিদ্ধ, কিন্তু ওচৰা-ওচৰি কাজিনৰ সৈতে বিবাহ কেৱল মাথো অনুমোদিত নহয়, এইধৰণৰ বিবাহক বিশেষ ভাবে উৎসাহ প্ৰদান কৰা হয় ।

(ছ) কোন পক্ষৰ বা দিশৰ আত্মীয় – স্বজন পদাবলীৰ মাজত যেতিয়া বিভাজন বা পৃথকীকৰণ ঘটে দেউতা আৰু মাকৰ ফালৰ আত্মীয়সকলৰ মাজত, সেইটোক নৃবিজ্ঞানীসকলে কয় দ্বিখণ্ডিত কৰণ, স্বজন ব্যৱস্থা হিচাপে সেইটো দ্বিখণ্ডিত স্বজন ব্যৱস্থা (bifurcated kinship system) হিচাপে পৰিচিত। যেনে ধৰাহওঁক মাকৰ ভাই আৰু দেউতাৰ ভাইৰ বাবে ভিন্ন পদাবলীৰ ব্যৱহাৰ।

৬। চমুটোকা লিখা : (Write short note.)

(ক) হাওয়াই (Hawaii)

উত্তৰঃ এই নামৰ স্বজন পদাবলী ব্যৱস্থা, পলিনেচিয়া অঞ্চলত প্ৰচলিত। তুলনামূলকভাবে এই পদাবলী ব্যৱস্থা সহজ, কাৰণ ইয়াত আছে কম স্বজন পদাবলী। হাওয়াইৰ ব্যৱস্থাৰ বৈশিষ্ট্য হ’ল দুটা— প্ৰজন্মৰ পাৰ্থক্য আৰু মা আৰু দেউতাৰ ফালৰ আত্মীয়সকলৰ ওপৰত সমান গুৰুত্ব আৰোপ।

দেউতা-মাকৰ প্ৰজন্মত, দেউতা, দেউতাৰ ভাই আৰু মাকৰ ভাই, একে পদভুক্ত। ঠিক তেনেকৈ মা, মাকৰ ভগ্নী ও দেউতাৰ ভগ্নী একে পদভুক্ত। ভাইসকলৰ ক্ষেত্ৰতো একে (নিজৰ খুৰাৰ, পেহীৰ, মোমাইৰ আৰু মাহীৰ ফালৰ ভাই হ’ল ভাই)। লক্ষ্য ৰখা উচিত, স্বজনপদ আৰু স্বজন সম্বোধন এই দুটা ভিন্ন বিষয়। পদ বুলিলে বুজোৱা হয় শ্ৰেণীকৰণক, যেনে ধৰা হওঁক, ভাইবা ভ্ৰাতা একে শ্ৰেণীৰ স্বজনক বুজায়, ভনী বা ভগ্নী আন শ্ৰেণীৰ স্বজনক বুজায়। কিন্তু এই শ্ৰেণীৰ স্বজনক সম্বোধন কৰাৰ বিশেষ ৰীতি আছে এই অঞ্চলত হিন্দু, মুছলমান, বৌদ্ধ ও খ্রিষ্টানসকলৰ মাজত। ভাইসকলৰ ভিতৰত যিজন ডাঙৰ তেখেতক সম্বোধন কৰা হয় বড়/মেজ/সেজ ‘দাদা’ বা ‘ভাই’ বুলি, নিজৰ পৰা বয়সত যিসকল সৰু তেখেতসকলক নাম ধৰি মাতা হয় হাওয়াইৰ স্বজন পদাবলী ব্যৱস্থাত দেখা গৈছে যে, ৰৈখিক আৰু পাৰ্শ্বিক স্বজনৰ মাজত কোনো পার্থক্য কৰা নহয়। দ্বিতীয়তে মা আৰু দেউতাৰ ফালৰ আত্মীয়ৰ মাজত পাৰ্থক্য কৰা নহয়।

৭। চিত্ৰৰ সহায়ত স্বজন পদাবলীৰ ব্যৱস্থাৰ ধৰণ বহলাই লিখা। (Write in details about the type of kinship terms with a diagram.)

উত্তৰঃ মর্গানৰ দৃষ্টিত, স্বজন পদাবলী দুই ধৰণৰ । শ্ৰেণীবাচক আৰু বৰ্ণনাসূচক। শ্রেণীবাচক স্বজন পদাবলী একে শ্রেণীত ৰৈখিক আৰু পার্শ্বিক স্বজনসকলৰ অন্তৰ্ভুক্ত কৰে। (যেনে ধৰা হওঁক, হাওয়াই স্বজন পদাবলী ব্যৱস্থাত দেউতা আৰু খুৰাসকলৰ ক্ষেত্ৰত একে স্বজন পদ ব্যৱহাৰ কৰা হয়)। আনহাতে বর্ণনাসূচক স্বজন পদাবলী ৰৈখিক আৰু পার্শ্বিক স্বজনসকলক পৃথক কৰে। (যেনে ধৰা হওঁক, এস্কিমো স্বজন পদাবলী ব্যৱস্থা য’ত ‘দেউতা’ বোলতে জৈৱিক দেউতাকক বুজোৱা হৈ থাকে)। মর্গানৰ মতে শ্রেণীবাচক স্বজন পদ হৈছে ‘আদিম’ আৰু বর্ণনাসূচক স্বজন পদ হৈছে উন্নততৰ’।

স্বজন পদাবলীৰ বিভিন্ন ব্যৱস্থাৰ আলোচনাত যোৱাৰ পূৰ্বে নৃবিজ্ঞানে স্বজন সম্পর্ক কেনেকৈ নকচা আকাৰত পৰিৱেশন হয়, তাৰ সৈতে আমাক পৰিচয় কৰি দিয়া হ’ব, চিত্ৰ-১। নৃবিজ্ঞানৰ স্বজন নকচাতে মনোযোগেৰে দেখিলে সকলো সময় এজন ego থাকে ‘নিজ’ স্বজনব্যৱস্থাৰ কেন্দ্ৰ হিচাপে কাম কৰে। এই ‘নিজ’ হৈছে ধৰি লওঁক মই। মোৰ অৱস্থানৰ পৰা স্বজন দলৰ সদস্য কোন (আৰু কোন সদস্য নহয়), সেয়া নকচাৰ মাধ্যমত চিহ্নিত (চিত্ৰিত) কৰা হয়। ফলত বুজাত সুবিধা হয়। নৃবিজ্ঞানৰ পাঠ্যপুথিত এই ‘নিজ’টো সকলো সময় পুৰুষ হয়, নাৰীবাদীসকলৰ দৃষ্টিত, ইয়াৰ মাধ্যমত জ্ঞানকাণ্ড হিচাপে নৃবিজ্ঞানৰ পুৰুষ পক্ষপাতিত্ব ধৰা পৰে। চিত্র-১ ভাল দেখিলে, কিহৰ সংকেত কিহৰ চিহ্ন সেয়া কাষত লিখা আছে। চিত্ৰত তিনি প্ৰজন্মৰ এটা কাল্পনিক স্বজন দলক দেখুওৱা হৈছে। নিজ বা ego ৰ দৃষ্টিত প্ৰথম প্ৰজন্মত আছে আতা-আইতা আৰু উভয়ৰ ভাই আৰু ভগ্নী। তৃতীয় প্রজন্মত, চিত্ৰত দেখুওৱা হৈছে আমাক, মোৰ ভাই ও ভগ্নী আৰু মোৰ খুৰাৰ, পেহীৰ, মাহীৰও মোমাইৰ ল’ৰা ও ছোৱালী (ভাইও ভগ্নী)।

q no. 7 ans pic

৮। চিত্ৰৰ সহায়ত এস্কিমো সমাজৰ স্বজন পদ্ধতিটো বৰ্ণনা কৰা । (Describe the kinship system of the Eskimo community with the help of diagrams.)

উত্তৰঃ এস্কিমো পদাবলী ব্যৱস্থাত পোৱা যায় পশু চিকাৰ আৰু খাদ্য সংগ্ৰহকাৰী সমাজত। আকৌ একে ধৰণৰ পদাবলীৰ ব্যৱহাৰ পাশ্চাত্য সমাজত পৰিলক্ষিত হয়। এই ব্যৱস্থায় গুৰুত্ব আৰোপ কৰা হয় একক পৰিয়ালৰ ওপৰত। পিতা, মাতা, ভাই, ভনী, পুত্র, কন্যা এইসকলৰ বাবে যি জ্ঞাতি পদ ব্যৱহাৰ কৰা হয় সেইবোৰ আন কোনো ক্ষেত্ৰত ব্যৱহৃত নহয়। দ্বিতীয়ত একক পৰিয়ালৰ বাহিৰত বহু সদস্যসকলোৰ এটা মাত্র পদ দিয়েহে একত্রীভূত কৰা হয়। উদাহৰণ — Uncle, aunt অথবা cousin চিত্ৰত এস্কিমো সমাজত ‘জ্ঞাতি পদাবলী ব্যৱস্থা দেখিব পোৱা যায়। দেউতা পদটো সংৰক্ষিত নিজৰ দেউতাৰ বাবে, মাকৰ পদটো একেদৰে কেৱলমাত্ৰ নিজৰ মাকৰ বাবেই সংৰক্ষিত। নিজৰ ভাই-ভনীৰ ক্ষেত্ৰতেও ঠিক একেকম, গতিকে বাকিসকলে মামাতো, খুড়াত, ভাই-ভনীসকল হৈছে কাজিন।

q. no. 8 ans pic

এস্কিমো স্বজন পদ্ধতিৰ পদাবলী ব্যৱস্থাৰ ক্ষেত্ৰত নৃবিজ্ঞানীসকলৰ অভিমত হৈছে যে, ক্ষেত্রবিশেষত এই পদসমূহৰ ব্যৱস্থা বৰ্জনকাৰী (exclusive) ৰৈখিক আৰু পাৰ্শ্বিক জ্ঞাতিৰ ক্ষেত্ৰত পৃথকীকৰণ সুনির্দিষ্ট যেনে — মা আৰু দেউতা, ভাই আৰু ভনী, এইসকলৰ ক্ষেত্ৰত যি পদ ব্যৱহাৰ কৰা হৈছে সেই পদবোৰ আৰু কোনো স্বজনৰ ক্ষেত্ৰত ব্যৱহৃত নহয়। আকৌ ভিন্ন দৃষ্টিৰে এই ব্যৱস্থা অন্তভুক্তিকাৰী (inclusive)। দেউতা আৰু মাকৰ দিশৰ আত্মীয়ৰ মাজত কোনো পৃথকীকৰণ কৰা নহয়। বিবাহসূত্ৰত সম্পর্কিত আত্মীয় আৰু তেজৰ সূত্ৰত সম্পর্কিত আত্মীয়সকলৰ মাজত কোনো পার্থক্য দেখুওৱা হোৱা নাই। বহুতো নৃবিজ্ঞানী মন কৰে ইংগ মার্কিন স্বজন পদাবলী ব্যৱস্থাৰ ভিত্তি হৈছে এস্কিমো পদাবলী ব্যৱস্থা।

৯। ফ্রেট্রি (Phratry) কি? ফ্ৰেট্ৰি সম্পৰ্কে হেনৰি মৰ্গানৰ দৃষ্টিভঙ্গী দাঙি ধৰা ৷ (What is a Phratry? Highlight Morgan’s views on the Phratry.)

উত্তৰঃ ফ্ৰেট্ৰি শব্দটো গ্ৰীক শব্দ ফ্ৰাটাৰৰ পৰা আহিছে যাৰ অৰ্থ হৈছে ভাই। এইটো মূলতঃ কিছুমান মাতৃ-সূত্ৰীয় কৌম (clan) আৰু পিতৃ-সূত্ৰীয় কৌম (জেন)ক লৈ গঠিত। যেতিয়া কোনো সমাজত বংশধাৰা হয় মাকৰ ফালৰ পৰা, তাত মাতৃকূলৰ সকলক একেলগে ক্লান কোৱা হয়। কিন্তু য’ত পিতৃৰ দিশৰ পৰা বংশধাৰা ধৰা হয় তাত পিতৃকূলৰ সকলক একেলগে কোৱা হয় জেনচ (Gens)। কিন্তু জটিলতা দূৰ কৰাৰ বাবে বহুত নৃবিজ্ঞানী সৰ্বপ্ৰকাৰৰ ৰক্ত সম্পৰ্কৰ ক্ষেত্ৰত এতিয়া চিব (Sib) শব্দটো ব্যৱহাৰ কৰি থাকে। বহুত চিবমিলাই গঢ়ি ওঠে যি জনপদ তাক নৃবিজ্ঞানত ফ্রেট্রি বা ভ্রাতৃসংঘ বোলে। এইবোৰ হ’ল brotherhooddan অথবা এটা ভ্ৰাতৃ গোষ্ঠীৰ নিচিনা। নৃবিজ্ঞানীসকলৰ পৰ্যবেক্ষণৰ মতে দুই বা তাৰ বেছি ক্লান লগলাগি এটা ভ্রাতৃসংঘ বা ভ্রাতৃগোষ্ঠীৰ সৃষ্টি হয়।

হেনৰি মৰ্গানে ফ্লেট্ৰি বা ভ্ৰাতৃগোষ্ঠী সম্পৰ্কত বিস্তাৰিত আলোচনা কৰিছে। সামাজিক, ধর্মীয়, সাংস্কৃতিক আৰু বিনোদনমূলক যৌথ কর্ম ভ্রাতৃ গোষ্ঠীৰ সদস্যসকলে কৰি থাকে। মর্গানে গ্রীক ভ্রাতৃত্ব সম্পৰ্কত বিস্তাৰিত আলোচনা কৰিছে। গ্ৰীক সামাজিক জীৱনত ভ্ৰাতৃত্ব আছিল জেনচৰ পিছত দ্বিতীয় সংগঠন, ভ্রাতৃত্ব হৈছে বিশেষ উদ্দেশ্য সাধনৰ বাবে কিছুমান জেনচৰ সমবায় ইচ্ছাৰ ফল। ঘৈণীয়েকৰ বিনিময়ৰ ফলত জেনচৰ মাজত ফ্ৰেট্ৰিৰ সৃষ্টি হয়। যাৰ ফলত ধৰ্মীয় কৰ্ম কৰা সহজ হয়। মর্গানৰ ধাৰণা মতে এই ধৰণৰ বিবাহত অথবা স্ত্রী বিনিময়ত জেনচৰ তেজৰ মিশ্ৰণ ঘটে। এনেদৰে ভ্ৰাতৃত্বৰ (ফ্ৰেট্ৰিৰ) জন্ম হোৱাটো স্বাভাৱিক। ফ্রেট্রি সংগঠনত যি ছোৱালী বিয়া হৈ যায় তাই আৰু পিতৃ-মাতৃৰ ধৰ্মীয় অনুষ্ঠানত যোগদান নকৰে ৷ এইবোৰ অনুষ্ঠান পালনত তাই স্বামীৰ গৃহৰ স্থানীয় জেনচত অংশগ্ৰহণ কৰে। গতিকে পূৰ্বৰ ভাই-ভনী সম্পর্ক বজায় ৰখাৰ বাবে সিহঁতে যি সন্মিলনৰ ব্যৱস্থা গ্ৰহণ কৰে তাক ফ্লেট্টি বোলে।

মর্গানৰ দৃষ্টিত ইৰোকুয়াসকল মৃতৰ অন্ত্যোষ্টি ক্রিয়া জনসাধাৰণৰ খেলাধূলা, ধর্মীয় উৎসৱ আদি পালন কৰোঁতে ভ্ৰাতৃত্বত সংঘবদ্ধ হৈছিল। হোমাৰৰ ইলিয়ড পাঠত লক্ষ্য কৰা যায় যে, সেনাপতি জনজাতি আৰু ফ্লেট্ৰি সংগঠন অনুসৰি সৈন্যসকলৰ পৃথক পৃথক অনুষ্ঠানে সংগঠিত কৰিছিল। ইয়াত সকলোৱে সাধ্যমতে নিজৰ ভ্ৰাতৃত্বৰ কৰ্ম নিপুণতা আৰু যুদ্ধকৌশল দেখাব সচেষ্ট হৈছিল। মর্গান বর্ণিত বৰ্বৰ যুগত মধ্য পৰ্যায়ত টলাস্কালান আৰু আজটেকৰা ভ্রাতৃত্ব সংগঠন অনুসৰি ক্ষুদ্ৰক্ষেত্ৰত সেনাদল পঠাইছিল। প্রাচীন জাৰ্মানসকলৰ ক্ষেত্ৰতে এনেকুৱা দেখা গৈছিল। প্ৰতিটো জেনচৰ যেনে আর্কন (Archon) নামত ধর্মীয় পূজাৰী আছিল, তেনেকৈ আকৌ প্ৰতিটো ভ্ৰাতৃত্বৰ আৰু ফ্লেট্ৰিয়াৰ্ক নামত ধর্মীয় প্রধান আছিল। প্ৰতিটো ফ্লেট্ৰিত পৰিষদ আৰু বিচাৰমণ্ডলী আছিল। তেওঁলোক চমন আৰু আইন জাৰি কৰিছিল। অকল ভ্রাতৃত্ব নহয়, পৰিয়াল পৰ্যায়তে পুৰোহিত আইন পৰিষদ আৰু চৰকাৰ আছিল।

১০। শ্ৰেণীমূলক আৰু বৰ্ণনামূলক স্বজন সম্পৰ্কৰ পাৰ্থক্যসমূহ উল্লেখ কৰা। (Mention the differences between classical and descriptive kin relationships.).

উত্তৰঃ 

শ্রেণীমূলক স্বজন সম্পর্কবর্ণনামূলক স্বজন সম্পর্ক
(ক) যি স্বজন সম্পৰ্কত তেজ সম্পর্ক সুনিশ্চিত নহয় সেয়াই হ’ল শ্রেণীমূলক স্বজন সম্পর্ক।(ক) যি স্বজন সম্পৰ্কত তেজ সম্পৰ্ক সুনিশ্চিত সেয়াই হ’ল বৰ্ণনামূলক স্বজন সম্পৰ্ক
(খ) আত্মীয়তাৰ দূৰত্ব অনুযায়ী আত্মীয় সকলক বিভিন্ন শ্রেণীত ভাগ কৰা হয়।(খ) প্রত্যেক ব্যক্তিৰ বাবে এটা কৰি শব্দ প্রয়োগ কৰি আত্মীয়তা নিৰ্দিষ্ট কৰা হয়।
(গ) স্বজন সম্পৰ্কৰ সূচক শব্দ সৃষ্টি হয় মনস্তাত্ত্বিক কাৰণত ।(গ) এইক্ষেত্ৰত সম্পৰ্কৰ সূচক সংখ্যা সৃষ্টি হয় সামাজিক কাৰণত।
(ঘ) যৌথ বিবাহ ব্যৱস্থা গঢ়ি ওঠে শ্ৰেণীমূলক স্বজন সম্পর্ক অনুসৰি।(ঘ) একক বিবাহ ব্যৱস্থা গঢ়ি ওঠে বর্ণনামূলক স্বজন সম্পৰ্ক অনুসৰি।
(ঙ) সম্পত্তিৰ যৌথ মালিকানা।(ঙ) সম্পত্তিৰ ব্যক্তি মালিকানা।
(চ) মাক চিনাক্ত কৰা গ’লেও দেউতাক চিনাক্ত কৰা নাযায় । (চ) দেউতা মা দুয়োকে চিনাক্ত কৰা যায়।
(ছ) পৰিয়ালৰ আকাৰ আছিল এই পৰ্যায়ত খুবে ডাঙৰ।এই ক্ষেত্ৰত পৰিয়ালৰ আকাৰ আছিল অপেক্ষাকৃত সৰু।
(জ) এক শ্ৰেণীৰ সকলো আত্মীয়ক বুজাব এটা পদ বা শব্দ ব্যৱহাৰ কৰা হয়।(জ) বর্ণনামূলক পদ এজন নির্দিষ্ট আত্মীয় ব্যক্তিক বুজাব ব্যৱহৃত হয়।

১১। স্বজন পদ্ধতিৰ সংগঠনসমূহ আলোচনা কৰা । (Discuss the organization of kinship system.)

উত্তৰঃ নৃবিজ্ঞানত স্বজন সম্পর্ক (kinship) এটা গুৰুত্বপূৰ্ণ পদ। কিনশিপ বুলিলে বুজায় আত্মীয়তাৰ সম্পৰ্ক বা স্বজন সম্পর্ক। সামাজিক সংগঠনৰ লগত জড়িত আছে স্বজন সম্পর্ক। আকৌ কিছুমান আত্মীয় সম্বন্ধৰ সমন্বিত সংগঠনৰ মাধ্যমেদি স্বজন সম্পৰ্ক গঢ়ি ওঠে। বিভিন্ন ধৰণৰ স্বজন সম্পৰ্কৰ সংগঠনবোৰ হ’ল—

(ক) জনজাতি (Tribe)

(খ) ময়টি (Moiety)

(গ) ফ্রেট্টি (Phratry)

(ঘ) ক্লন (Clan) ক্লানক আকৌ জেনচ (Gens) অথবা চিব (Sib)

(ঙ) কুল বা বংশ (Lineage)

(ক) জনজাতি (Tribe) – ইংৰাজী Tribe শব্দৰ অৰ্থ হৈছে ‘a set of people of common descent’ অর্থাৎ এক দল মানুহ যিসকলৰ সাধাৰণ বংশধাৰা আছে। Tribe ৰ অসমীয়া অৰ্থ জনজাতি। ট্রাইব শব্দটো লেটিন। এটা সময়ত ট্ৰাইব বুলিলে বুজাইছিল প্রাচীন ৰোমৰ কিছুমান পৰিয়ালক। প্রাচীন ৰোম আছিল মাত্ৰ তিনিটা পৰিয়াল বা ট্রাইব। তেনেহ’লে জনজাতি হ’ল যিসকলৰ একে ভাষা আৰু প্ৰথা আৰু যিসকল এক বা একাধিক প্ৰধানৰ অধীনত সংগঠিত। ট্রাইব কথাটো ইংৰাজী ভাষাত একাধিক অৰ্থত ব্যৱহৃত হয়। কেতিয়াৱা ট্রাইব বুলিলে বুজায় এক বংশজাত মানুহৰ সমষ্টি। কেতিয়াৱা আকৌ বুজায় ওচৰা-ওচৰি তেজৰ সম্পৰ্কযুক্ত পৰিয়ালৰ সমষ্টি। আকৌ কেতিয়াৱা বুজায় এক ভাষাত কথা কোৱা এনে লোক সমষ্টি, যিসকলৰ জীৱন পৰিচালিত হয় প্রথাগত আইনৰ দ্বাৰা, কোনো ৰাষ্ট্ৰীয় আইনৰ দ্বাৰা নহয় আৰু শেষৰ এই অৰ্থত ট্ৰাইব শব্দটোৰ অসমীয়া কৰা হৈছে জনজাতি।

নৃবিজ্ঞানত জনজাতি বুলিলে এনে এটা পৰিয়ালৰ সমষ্টিক বুজায় যিসকল এটা নিৰ্দিষ্ট অঞ্চলত বাস কৰে আৰু নিজৰ মাজত অনুভব কৰে বিশেষ ধৰণৰ ঐক্যবোধ আৰু যিসকলৰ জীৱনযাত্রা পৰিচালিত হয় একে ভাবধাৰা আচাৰ-বিচাৰ আৰু প্ৰথাৰ দ্বাৰা ৷ জনজাতি বুলিলে এনে এটা সামাজিক গোষ্ঠীক বুজায় যিসকলৰ নিজস্ব এটা বিশেষ ভাষা আৰু সংস্কৃতি আছে যি আন জনজাতিৰ পৰা ভিন্নতৰ । ৰাজনৈতিকভাৱে ইটো যে এটা সংগঠিত জনপদ হ’ব লাগিব এনে কোনো বাধ্যবাধকতা নাই। বিভিন্ন নৃবিজ্ঞানী জনজাতি সংক্রান্ত আলোচনাত এনেবোৰ ভিন্ন ভিন্ন উক্তি কৰিছে যে, সেইবোৰৰ পৰা এটা স্থিৰ সিদ্ধান্তত উপনীত হোৱা কঠিন। বহু সময়ত সিহঁতৰ উক্তিত স্ব-বিৰোধিতা লক্ষ্য কৰা যায়। আচলতে পৃথিৱীৰ বিভিন্ন অঞ্চলত বিক্ষিপ্তভাবে বিয়পি থকা জনজাতিবিলাকৰ জীৱন বৈচিত্র্যময়। এইবাবে সিহঁতৰ পৰিচয় দিবলৈ নৃবিজ্ঞানীসকল বিভিন্ন জনজাতিৰ দিশত লক্ষ্য ৰাখি বক্তব্য কৰিছে। সেইবাবে এইবোৰ বক্তব্য আৰু প্ৰত্যুক্তি বহুত ক্ষেত্ৰত সংগতিবিহীন। ফলত জনজাতিৰ বৰ্ণনা সম্পূর্ণ নহয়।

(খ) ময়টি (Moiety) – ময়টি এটা ফৰাচী শব্দ। ইয়াৰ অৰ্থ হ’ল আধা (Half)। জনজাতি ট্রাইবৰ আধা বুজাবৰ বাবে ময়টি শব্দটো ব্যৱহাৰ কৰা হৈছে। নৃবিজ্ঞানীসকলে ট্রাইবক দুভাগত ভাগ কৰিছে। জনজাতিৰ এই বিভক্ত অংশক ময়টি কোৱা হয়। জনজাতি এনে এটা সামাজিক দল বা জনগোষ্ঠীক বুজায় যিসকলৰ নিজস্ব এটা বিশেষ ভাষা আৰু সংস্কৃতি আছে যি আন জনজাতিৰ পৰা পৃথক। যদিও এটা জনজাতিৰ ভাষা আৰু সংস্কৃতি মূলত এক তথাপি জনজাতিসকল বৃহৎ আকাৰ ধাৰণ কৰিলে অঞ্চলভেদে সাংস্কৃতিক জীৱনত কিছুমান পাৰ্থক্যৰ সৃষ্টি হৈ থাকে। এনেদৰে একেই জনজাতিৰ মাজত দুই ধৰণৰ জীৱন প্ৰণালী দেখা গ’লে সেই জনজাতিত ময়টি সৃষ্টি হৈছে বুলি কোৱা হয়। ময়টিবিলাকৰ বিশ্বাস, ধ্যান-ধাৰণা এক হ’লেও উৎসৱ পৰ্ব আৰু কৰ্মধাৰাত সিহঁতৰ মাজত পাৰ্থক্য দেখা পোৱা যায়। গতিকে ময়টি হ’ল জনজাতিৰ এনে দুটা শাখা যি সদায় ওচৰা-ওচৰি বসবাস কৰে আৰু এটা প্রতিযোগিতামূলক মনোভাৱ পোষণ কৰে। বস্তুত ফৰাচী শব্দ Mortie ৰ পৰা ইংৰাজী Moiety শব্দৰ উৎপত্তি। গতিকে এই ক্ষেত্ৰত জনজাতিৰ আধা অংশক ময়টি কোৱা হয়।

(গ) ফেট্টি (Phratry) – ফ্রেট্রি শব্দটো গ্ৰীক শব্দ ফ্ৰাটাৰৰ পৰা আহিছে যাৰ অৰ্থ হৈছে ভাই ৷ এইটো মূলতঃ কিছুমান মাতৃ-সূত্ৰীয় কৌম (clan) আৰু পিতৃ-সূত্ৰীয় কৌম (জেন)ক লৈ গঠিত। যেতিয়া কোনো সমাজত বংশধাৰা হয় মাকৰ ফালৰ পৰা, তাত মাতৃকুলৰ সকলক একেলগে ক্লান কোৱা হয় আৰু তাত পিতৃকূলৰ সকলক একেলগে কোৱা হয় জেনচ (Gens)। কিন্তু জটিলতা দূৰ কৰাৰ বাবে বহুত নৃবিজ্ঞানীয়ে সৰ্বপ্ৰকাৰৰ ৰক্ত সম্পৰ্কৰ ক্ষেত্ৰত এতিয়া চিব (Sib) শব্দটো ব্যৱহাৰ কৰি থাকে। বহুত চিবমিলাই গঢ়ি ওঠে যি জনপদ তাক নৃবিজ্ঞানত ফ্রেট্রি বা ভ্রাতৃসংঘ বোলে৷ এইবোৰ হ’ল brotherhood অথবা এটা ভ্ৰাতৃ গোষ্ঠীৰ নিচিনা। নৃবিজ্ঞানীসকলৰ পৰ্যবেক্ষণৰ মতে দুই বা তাৰ বেছিক্লান লগ লাগি এটা ভ্রাতৃসংঘ বা ভ্ৰাতৃগোষ্ঠীৰ সৃষ্টি হয়।

হেনৰি মৰ্গানে ফ্ৰেট্ৰি বা ভ্ৰাতৃগোষ্ঠী সম্পৰ্কত বিস্তাৰিত আলোচনা কৰিছে। সামাজিক, ধর্মীয়, সাংস্কৃতিক আৰু বিনোদনমূলক যৌথ কৰ্ম ভ্ৰাতৃ গোষ্ঠীৰ সদস্যসকলে কৰি থাকে। মর্গানে গ্রীক ভ্রাতৃত্ব সম্পৰ্কত বিস্তাৰিত আলোচনা কৰিছে৷ গ্ৰীক সামাজিক জীৱনত ভ্ৰাতৃত্ব আছিল জেনেৰ পিছত দ্বিতীয় সংগঠন, ভ্রাতৃত্ব হৈছে বিশেষ উদ্দেশ্য সাধনৰ বাবে কিছুমান জেনৰ সমবায় ইচ্ছাৰ ফল। ঘৈণীয়েকৰ বিনিময়ৰ ফলত জেনৰ মাজত ফ্ৰেট্ৰিৰ সৃষ্টি হয়। যাৰ ফলত ধৰ্মীয় কৰ্ম কৰা সহজ হয়। মর্গানৰ ধাৰণা মতে এই ধৰণৰ বিবাহত অথবা স্ত্রী বিনিময়ত জেনৰ ৰক্তৰ মিশ্ৰণ ঘটে। এনেদৰে ভ্ৰাতৃত্বৰ (ফ্ৰেট্ৰিৰ) জন্ম হোৱাটো স্বাভাৱিক। ফ্লেট্ৰি সংগঠনত যি ছোৱালীৰ বিয়া হৈ যায় তাই আৰু পিতৃ-মাতৃৰ ধৰ্মীয় অনুষ্ঠানত যোগদান নকৰে। এইবোৰ অনুষ্ঠান পালনত তাই স্বামীৰ গৃহৰ স্থানীয় জেনত অংশগ্ৰহণ কৰে। গতিকে পূৰ্বৰ ভাই-ভনী সম্পর্ক বজায় ৰখাৰ বাবে সিহঁতে যি সন্মিলনৰ ব্যৱস্থা গ্ৰহণ কৰে তাত ফ্লেট্টি বোলে।

মর্গানৰ দৃষ্টিত ইৰোকোৱাসকল মৃতৰ অন্ত্যোষ্টি ক্রিয়া জনসাধাৰণ খেলাধূলা, ধর্মীয় উৎসৱ আদি পালন কৰোঁতে ভ্ৰাতৃত্বত সংঘবদ্ধ হৈছিল। হোমাৰৰ ইলিয়ড পাঠত লক্ষ্য কৰা যায় যে, সেনাপতি জনজাতি আৰু ফ্ৰেট্ৰি সংগঠন অনুসৰি সৈন্যসকলৰ পৃথক পৃথক অনুষ্ঠানে সংগঠিত কৰিছিল। ইয়াত সকলোৱে সাধ্যমতে নিজৰ ভ্ৰাতৃত্বৰ কৰ্ম নিপুণতা আৰু যুদ্ধকৌশল কৰাৰ সচেষ্ট হৈছিল। মর্গান বৰ্ণিত বৰ্বৰ যুগত মধ্য পৰ্যায়ত টলাস্কালান আৰু আজটেকৰা ভ্ৰাতৃত্ব সংগঠন অনুসৰি ক্ষুদ্ৰক্ষেত্ৰত সেনাদল পঠাইছিল । প্ৰাচীন জাৰ্মানসকলৰ ক্ষেত্ৰতে এনেকুৱা দেখা গৈছিল৷ প্ৰতিটো জেনৰ যেনে আর্কন (Archon) নামত ধৰ্মীয় পূজাৰী আছিল, তেনেকৈ আকৌ প্ৰতিটো ভ্ৰাতৃত্বৰ আৰু ফ্ৰেট্ৰিয়াৰ্ক নামত ধর্মীয় প্রধান আছিল। প্ৰতিটো ফ্ৰেট্ৰিত পৰিষদ আৰু বিচাৰমণ্ডলী আছিল । তেওঁলোক চমন আৰু আইন জাৰি কৰিছিল। অকল ভ্রাতৃত্ব নহয়, পৰিয়াল পৰ্যায়তে পুৰোহিত আইন পৰিষদ আৰু চৰকাৰে আছিল ।

(ঘ) ক্লান (Clan) – ইংৰাজী Clan শব্দটোৰ অসমীয়া অৰ্থ হ’ল কৌম, গোষ্ঠী বা গোত্র। এই গোষ্ঠী বিশেষ এক ধৰণৰ মানৱ সংগঠনক বুজায়৷ যেতিয়া কোনো মানৱসমাজত বংশ ধৰা হয় মাতৃৰ দিশৰ পৰা তাত মাতৃকুলৰ সকলোকে একত্রে কোৱা হয় ক্লান। তেজৰ সম্পৰ্কৰ ভিত্তিতে গঠিত আদিম মাতৃ-সূত্ৰীয় সামাজিক সংগঠনৰ নাম ক্লান। এই ধৰণৰ মানৱ গোষ্ঠীত ছোৱালীৱে পৰিয়ালৰ প্ৰধান। অর্থাৎ পৰিয়ালবিলাক মাতৃশাসিত আৰু বংশ আৰু উত্তৰাধিকাৰ মাকৰ ফালৰ পৰা বৰ্তাই থাকে বুলি এয়া মাতৃ-সূত্ৰীয় কৌম গোষ্ঠী বুলি পৰিচিত। সম্পত্তি আৰু বংশ মর্যাদাৰ ক্ষেত্ৰত মাতৃ অধিকাৰৰ ভিত্তিত চলমান থাকে ৷ আৰু এই ব্যৱস্থাক ক্লান বুলি অভিহিত কৰা হয়। এইক্ষেত্ৰত ছোৱালী বা ল’ৰা যিৱেই নহওঁক কিয়, সন্তান মাতৃবংশৰ পৰিচয় বহন কৰে। মাকৰ সূত্ৰ ধৰি সন্তান পৰিচিতি লাভ কৰে। মাতৃয়ে সার্বভৌম ক্ষমতাৰ অধিকাৰী থাকে।

জেনচ (Gens) – ইংৰাজী (Gen) শব্দৰ অসমীয়া অৰ্থ হ’ল পিতৃ প্রধান কৌম বা গোষ্ঠী। য’ত পিতৃৰ ফালৰ পৰা বংশধাৰা আৰম্ভ হয় তাত পিতৃকুলৰ সকলোকে একত্রে কোৱা হয় জেনচ। এই সকল গোষ্ঠীৰ পৰিচয় পোৱা যায় পিতৃৰ দিশৰ পৰা৷ উত্তাৰাধিকাৰী ক্ষমতা আৱৰ্তিত হয় পুৰুষানুক্ৰমত ৷ কিয়নো পিতৃয়ে হয় এই ধৰণৰ মানৱ গোষ্ঠীৰ প্ৰধান। বংশৰ উত্তৰাধিকাৰ পিতৃৰ ফালৰ পৰা সন্তানৰ ওপৰত আহে। পিতৃৰ সূত্ৰ ধৰি সন্তান ল’ৰা অথবা ছোৱালী যিয়ে নহওঁক সম্পত্তি আৰু বংশ মর্যাদাৰ উত্তৰাধিকাৰী হৈ থাকে। এই ধৰণৰ জনগোষ্ঠীত সন্তানক পিতৃপুৰুষৰ বংশধৰ হিচাপে গণ্য কৰা হয় আৰু সন্তানৰ পৰিচয় পিতৃকূলৰ পৰিচয়ৰ পৰিপ্ৰেক্ষিতত নিৰ্ধাৰিত হয়।

চিব (Sib) – ক্লান আৰু জেনচৰ মাজত এটা মৌলিক পার্থক্য এটা মাতৃতান্ত্ৰিক গোষ্ঠী আৰু আনটো পিতৃতান্ত্রিক গোষ্ঠী। একে ধৰণৰ জনসমাজ কিন্তু প্রশাসনিক গাঠনি পৰস্পৰ বিপৰীতমুখী। উভয় মানৱ সম্প্ৰদায়ৰ মাজত কিছু জটিলতা আছে। আৰু এই জটিলতা নিৰসনৰ বাবে বহুত নৃবিজ্ঞানী সৰ্বপ্ৰকাৰৰ তেজৰ সম্বন্ধৰ ক্ষেত্ৰত চিব (Sib) প্ৰত্যয়টো ব্যৱহাৰ কৰিছে। ক্লান আৰু জেনচৰ মাজত যি সকল মৌলিক পার্থক্য আছে তাক ভালদৰে বুজাৰ বাবে লোঈ, মাৰ্ডক আৰু আন আধুনিক চিন্তাবিদসকল পিতৃ-চিব (Patri Sib) আৰু মাতৃ-চিব (Matri Sib) নামত জোৰা শব্দৰ উদ্ভাবন কৰে। ইয়াত পিতৃ-চিব বুলিলে জেনচ আৰু মাতৃ-চিব বুলিলে ক্লানক বুজায়।

কুল বা বংশ (Lineage) – সাধাৰণ অৰ্থত পদটোৰ দ্বাৰা বৰ্ধিত পৰিয়াল বা গোত্ৰৰ ক্ষুদ্রাংশক বুজায়। কিন্তু নৃবিজ্ঞানত ইয়াৰ এক বিশেষ অর্থ আছে। আদিম সমাজৰ গোত্ৰবিলাকত পিতৃ আৰু মাতৃসূত্ৰীয় নীতি পৰিলক্ষিত হয়। পিতৃ-সূত্ৰীয় গোত্ৰৰ নাম ক্লান (clan) আৰু মাতৃসূত্ৰীয় গোত্ৰৰ নাম জেনচ কুল পিতৃ-সূত্ৰীয় গোত্ৰৰ এক ক্ষুদ্রাংশ। গতিকে কুল বুলিলে বুজায় এনে এটা পিতৃ-সূত্ৰীয় গোষ্ঠী যাৰ সদস্যসকল এজন অভিন্ন বা একে পূৰ্বপুৰুষৰ পৰা অবিচ্ছিন্ন বা অখণ্ডিত ধাৰাত বংশোদ্ভুত । তেনেহলে কুল বা বংশ হৈছে একসূত্ৰীয় বংশধাৰা গোষ্ঠী যাৰ সদস্যসকল এজন পৰিচিত বা চিহ্নিত পুৰুষ বা মহিলা পূৰ্বপুৰুষৰ পৰা বংশ পৰম্পৰাত আহিছে বুলি পৰস্পৰ সম্পৰ্কযুক্ত।

১২। স্বজন পদ্ধতিৰ ধৰণবোৰ বহলাই আলোচনা কৰা । (Discuss in detail the types of kinship method.)

উত্তৰঃ নৃবিজ্ঞানীসকল স্বজন সম্পৰ্কৰ ধৰণবোৰক চাৰিটা ভাগত ভাগ কৰিছে।

(ক) জৈবিক অথবা তেজ সম্পৰ্কীয় বন্ধন – জৈৱিক সম্পর্ক যিসকলৰ মাজত বিদ্যমান তেওঁলোকৰ মধ্যকাৰ স্বজন সম্পৰ্কৰ্ক তেজ সম্পর্কিত স্বজন সম্পর্ক বোলে। এইবোৰ জন্মগত হৈ থাকে। যেনে দেউতা-মা, ভাই-ভনী, খুড়া-মামা আদি ব্যক্তিসকল সকলো জৈৱিক আৰু তেজ সম্পর্কিত বন্ধনত আৱদ্ধ। জৈৱিক অথবা তেজ সম্পর্কিত বন্ধন দুধৰণৰ হ’ব পাৰে। যেনে –

১। বংশানুক্রমিক (Lineal) – যেতিয়া এজনৰ পৰা আৰু এজনৰ জন্ম হয় তেতিয়া এই ধৰণৰ সম্পৰ্কৰ্ক Lineal বোলে। যেনে- ল’ৰাৰ লগত দেউতাকৰ সম্পৰ্ক।

২। সমান্তৰাল (Collateral) – যেতিয়া দুইজন একে ঠাইৰ পৰা জন্ম লয় তেতিয়া সিহঁতৰ দুজনৰ সম্পৰ্কক Collateral বোলে। যেনে – ভাইটিৰ লগত ভাই আৰু ভনীৰ সম্পৰ্ক, খুড়াৰ লগত দেউতাকৰ সম্পৰ্ক।

(খ) বৈবাহিক বন্ধন – সমাজত স্বীকৃত পন্থাত বিপৰীত লিঙ্গ বিশিষ্ট দুজন প্রাপ্তবয়স্ক ব্যক্তি বিবাহৰ মাধ্যমত যি স্বজন সম্পৰ্কৰ সৃষ্টি কৰে তাক বৈবাহিক বন্ধন বোলে। বিবাহ কেইবা ধৰণৰ কিনশিপ (স্বজন) সৃষ্টি কৰে। যেনে –

১। মালীয় পদ্ধতি – স্বজন সম্পৰ্কৰ আদিম ৰূপ লক্ষ্য কৰা যায় পলিনেচীয়সকলৰ মাজত। সিহঁতৰ মাজত বিশেষকৈ হাৱয়াইনবাসীৰ বৈশিষ্ট্য দেখা পোৱা যায়। এই পদ্ধতিত থাকে মা-দেউতা, ককা-আইতা। ইয়াত বিয়া অকল নিজৰ ভাই-ভনী অথবা স্বজন ভাই-ভনীৰ মাজত সম্পন্ন হয় আৰু এই পদ্ধতিক মালীয় পদ্ধতি বোলে।

২। তুৰাণী পদ্ধতি – তুৰাণী পদ্ধতিটো ডাঙৰ পদ্ধতি। উত্তৰ আৰু দক্ষিণ আমেৰিকান অধিবাসীসকলৰ মাজত ইয়াৰ প্ৰচলন প্রায় সাৰ্বজনীন। তুৰাণী গোষ্ঠীৰ পুনালুৱান বা দলগত বিবাহ পদ্ধতি গ্ৰহণ কৰে। ইয়াৰ ফলত ভাই-ভনীৰ লগত বিবাহ বন্ধ হৈ যায়।

৩। আৰ্য চেমিটিক আৰু উৰালী পদ্ধতি – আদিম সমাজত যেতিয়াৰ পৰা সম্পত্তি আৰু উত্তৰাধিকাৰৰ নিয়মাৱলী আহিল আৰু এটা বিয়া পদ্ধতি আৰম্ভ হ’ল তেতিয়া আৰ্য চিমেটিক আৰু উৰালী পদ্ধতিৰ উদ্ভৱ হয়।

(গ) কাল্পনিক বন্ধন – এই ধৰণৰ স্বজন সম্পৰ্ক সাধাৰণত কল্পনাৰ ওপৰত অথবা মনৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠে। তেজ অথবা বৈবাহিক সূত্ৰত আৱদ্ধ নহয়, এনে ব্যক্তিসকলৰ লগতে আমি তেজ আৰু বৈবাহিক স্বজনসকলৰ দৰেই আচৰণ কৰোঁ। যেনে – পিতৃৰ বন্ধু-বান্ধৱসকলক বিভিন্নভাৱে সম্বোধন কৰি থাকে। যেনে – খুড়া, জেঠা। নিগ্রো জনগোষ্ঠী এজন আনজনক ভাই বুলি সম্বোধন কৰে।

(ঘ) কৃত্রিম অথবা প্রথাগত বন্ধন – এই সম্পৰ্ক সাধাৰণত ধৰ্মৰ ওপৰত ভিত্তি কৰি আনৰ লগত গঢ়ি উঠে। গাঁও অঞ্চলত সাধাৰণত এটা প্ৰথা দেখা পোৱা যায় যে, এজনৰ আনৰ লগত খুবে গভীৰ সম্পৰ্ক থাকিলে তেতিয়া তাক ধৰ্মৰ ভাই অথবা ধৰ্মৰ পিতৃ, মাতৃ, ভনী আদি সম্বোধনত মাতে। ইয়াক কোৱা হয় Customatics. অথবা প্রথাগত অথবা কৃত্রিম বন্ধন। আকৌ নামৰ লগত নাম মিল থাকিলে দোস্ত, সখী বুলিও সম্বোধন কৰে৷ ইয়াৰ বাহিৰেও আকৌ দুই ধৰণৰ স্বজন সম্পৰ্ক লক্ষ্য কৰা যায়। যেনে –

১। শ্রেণীমূলক স্বজন সম্পর্ক – শ্রেণীমূলক স্বজন সম্পৰ্কৰ ক্ষেত্ৰত স্বজন সম্পর্ক স্পষ্ট ৰূপত বৰ্ণনা কৰা নহয়৷ এইক্ষেত্ৰত স্বজন সম্পৰ্কৰ দূৰত্ব অনুযায়ী স্বজনসকলক বিভিন্ন শ্ৰেণীত ভাগ কৰা হয় আৰু এটা শ্ৰেণীৰ সকলো স্বজনক একে নামত মতা হয়। শ্রেণীমূলক তেজ সম্পৰ্কত কোনো ব্যক্তিৰ নিজা ভাই আৰু পিতৃব্য পুত্ৰসকলক একেলগে ভাই আৰু তেওঁৰ নিজা ভনী আৰু মাকৰ ভনীৰ ছোৱালীসকল একেলগে তেওঁৰ ভনী বুলি পৰিচিত হয়। ইয়াত এটা শব্দ এটা শ্ৰেণীৰ সকলো আত্মীয়ক বুজাবৰ কাৰণে ব্যৱহৃত হয়।

২। বর্ণনামূলক স্বজন সম্পর্ক – বর্ণনামূলক স্বজন সম্পর্ক স্পষ্ট ৰূপত তেজ সম্পৰ্ক বৰ্ণনা কৰি থাকে। স্বজন সম্পর্কসূচক প্রাথমিক কোনো শব্দ দি অথবা কিছুমান শব্দৰ সমন্বয়ত এজন স্বজাতিক চিহ্নিত কৰিব চেষ্টা কৰা হয়। এই ক্ষেত্ৰত প্ৰত্যেক ব্যক্তিৰ বাবে এটা কৰি শব্দ প্ৰয়োগ কৰি স্বজন সম্পর্ক নিৰ্দিষ্ট কৰা হয়। যেনে – আমি ভাইটিৰ ল’ৰাক ভতিজা কওঁ, দেউতাকৰ ভায়েকক খুড়া আৰু দেউতাকৰ ভায়েকৰ লৰাক খুড়াৰ ল’ৰা৷

১৩। স্বজন পদ্ধতি সম্পৰ্কে মর্গানৰ মতবাদটো বহলাই আলোচনা কৰা। (Discuss in detail Morgan’s doctrine about the kinship method.)

উত্তৰঃ নৃবিজ্ঞানী মর্গান ইৰোকোৱা ইণ্ডিয়ানসকলৰ নাচ, গান, ধৰ্ম, ভাষা, বস্তুগত সংস্কৃতি, চৰকাৰ ব্যৱস্থা, পৰিয়াল গাঠনি আদি বিষয়ত তথ্য সংগ্ৰহ কৰে আৰু সেয়া পৰ্যালোচনা কৰি Leaque Iroquois নামত ১৮৫১ চনত এটা গ্ৰন্থ প্ৰকাশ কৰে। যেতিয়া মর্গান গৱেষণা চলাইছিল তেতিয়া তেওঁ চৰকাৰ আৰু পৰিয়াল ব্যৱস্থালৈ বেছি আগ্রহী আছিল। এই উদ্দেশ্য তেওঁ ভাৰতীয় বিবাহ ব্যৱস্থাৰ নিয়ম-কানুন আৰু মাতৃসুত্ৰীয় ডিচেণ্ট সম্পৰ্কত অনুসন্ধান চলাইছিল। তেওঁ ভাৰতীয় স্বজন ব্যৱস্থাৰ ধৰণ কেনেকুৱা অৰ্থাৎ কেনেকৈ এজন আনজনক সম্বোধন কৰে সেই সম্পৰ্কত তথ্য অনুসন্ধান কৰিব বিচাৰিছিল। সম্বোধনৰ মাজেদি সামাজিক ৰীতি-নীতি বহুখিনি ফুটি ওঠে। স্বজন ব্যৱস্থাই সমাজব্যৱস্থাৰ সেতু বন্ধন। মর্গান ইৰোকোৱাসকলৰ মাজত অনুসন্ধান চলাই দুই ধৰণৰ স্বজন ব্যৱস্থা লক্ষ্য কৰে। যেনে – 

(ক) শ্ৰেণীমূলক স্বজন সম্পর্ক। 

(খ) বর্ণনামূলক স্বজন সম্পর্ক।

(ক) শ্রেণীমূলক স্বজন সম্পর্ক – মর্গান লক্ষ্য কৰিছে যে, ইৰোকোৱা শিশুসকল সিহঁতৰ মাকৰ ভনীক মা বুলি সম্বোধন কৰে। আৰু দেউতাকৰ ভায়েকক দেউতা বুলি সম্বোধন কৰি থাকে আৰু ককা অথবা আইতাৰ ভনীক আইতা বুলি সম্বোধন কৰে। দুই বা ততোধিক ভনীয়েকৰ সন্তানসকল এজন আনজনক ভাই বা ভনী বুলি সম্বোধন কৰে। আকৌ যেতিয়া কোনো শব্দ অথবা শব্দ সমষ্টিৰ দ্বাৰা কোনো এক নিৰ্দিষ্ট ব্যক্তিক নিৰ্দেশ নকৰি একে শ্রেণীভুক্ত সকলোকে সমষ্টিগতভাৱে নিৰ্দেশ কৰে তেতিয়া তাক শ্ৰেণীমূলক স্বজন সম্পর্ক বোলে। এই পদ্ধতিত তেজ সম্পৰ্ক নিৰ্দিষ্ট কৰি বৰ্ণনা কৰা নাযায়। এই ক্ষেত্ৰত আত্মীয়তাৰ দূৰত্ব অনুযায়ী বিভিন্ন শ্ৰেণীত ভাগ কৰা হয় আৰু এটা শ্ৰেণীৰ গোটেই আত্মীয়ক এনে নামত মাতা হয়।

মর্গ্যান উল্লেখ কৰে যে, শ্রেণীমূলক আত্মীয়তাসূচক শব্দ ‘মালয়’ আৰু ‘তুৰাণীয়ান’ সমাজত বেছি লক্ষ্য কৰা যায়৷ তেওঁলোক বিভিন্ন আত্মীয়ক সম্বোধন কৰোঁতে যিবোৰ শব্দ ব্যৱহাৰ কৰে তেওঁ তাৰ অৰ্থ দ্বাৰা স্বজন সম্পৰ্ক ব্যাখ্যা কৰিছে। আদিম সমাজত প্ৰায় প্রত্যেক ক্ষেত্ৰতে বয়স্ক পুৰুষসকল সকলো পিতৃ আৰু বয়স্ক নাৰীসকল সকলো মাতৃ বুলি বিবেচিত হৈছিল। এইক্ষেত্ৰত মাকক চিহ্নিত কৰা গ’লেও দেউতাকক চিহ্নিত কৰা নগৈছিল। এই অৱস্থাৰ পৰা প্রাক্‌-একক বিবাহলৈকে শ্ৰেণীমূলক স্বজন শব্দৰ ব্যৱহাৰ লক্ষ্য কৰা যায়।

(খ) বর্ণনামূলক স্বজন সম্পর্ক – বর্ণনামূলক স্বজন সম্পর্ক দেখা পোৱা যায় যে, তেজৰ সম্পৰ্কৰ্ক বর্ণনা কৰাৰ বাবে monogamous family লৈকে অপেক্ষা কৰিবলগা হৈছিল। কাৰণ যেতিয়া অবাধ যৌনাচাৰ আছিল, সেই সময়ত কোনে কাৰ পিতা, কোনে কাৰ সন্তান সেয়া চিনাক্ত কৰা আছিল দুরূহ ব্যাপাৰ। ফলত একক বিবাহৰ পিছত ল’ৰা, ছোৱালী, ভাইভনী, পিতৃ-মাতৃ, খুড়া-খুড়ী, ককা-আইতা সকলোকে চিনাক্ত কৰা সম্ভৱ হয়।

বৰ্ণনামূলক আত্মীয় প্ৰথাৰ উৎস আৰু বিকাশ হৈছিল আধুনিক সমাজত। বর্ণনামূলক স্বজন প্ৰথা আৰ্য, চিমেটিক আৰু উৰালীসকলৰ মাজত দেখা যায়। মর্গানৰ মতে, বৰ্ণনামূলক আত্মীয়তাৰ শব্দ একক বিবাহ প্রথা উত্তৰণৰ লগত আৰম্ভ হয়। অর্থাৎ যিবিলাক শব্দ এক বিবাহভিত্তিক পৰিয়াল বিশিষ্ট সমাজত দেখা যায়। কাৰণ ইয়াতে আত্মীয়তা নিৰ্দিষ্ট কৰি চিহ্নিত কৰা সম্ভৱ। প্ৰাক্‌ যুগল বিয়া পৰ্যায়ত তেজ সম্পৰ্ক নিৰ্দিষ্ট চিহ্নিত কৰাৰ উপায় নাই। আৰু সেইটো কাৰণে আত্মীয়সকলক কিছুমান শ্ৰেণীত ভাগ কৰি এটা পদ দ্বাৰা শ্রেণীভুক্ত সকলোকে বুজোৱা হয়। এই দুই প্ৰথাৰ মাজত পাৰ্থক্য দেখাব গৈ মর্গান কৈছে যে, এটাত বহুবিবাহ বৰ্তমান আৰু আনটোত যুগল বিবাহ অথবা একক বিবাহ উপস্থিত। যুগল বিবাহ অহাৰ লগে লগে সম্পত্তিৰ মালিকানাৰ পৰিৱৰ্তন ঘটে। মর্গানৰ তত্ত্বত লক্ষণীয় যে, মানৱ সমাজত যৌথ বিবাহ, শ্রেণীবাচক স্বজন সম্পৰ্ক আৰু সম্পত্তিৰ যৌথ মালিকানা একে লগে বর্তমান। আনফালে যুগল বিবাহ পৰিয়াল বৰ্ণনামূলক স্বজন সম্পৰ্ক আৰু ব্যক্তিগত মালিকানা পৰবৰ্তীকালত একে সময়ত আবির্ভূত হয়, এইটো তেওঁৰ তত্ত্বৰ মূলকথা।

১৪। স্বজন সম্পৰ্কৰ গুৰুত্ব সম্পর্কে আলোচনা কৰা । (Discuss the importance of kinship.)

উত্তৰঃ ৰাতিৰ আন্ধাৰত যেনেকৈ চন্দ্ৰৰ পোহৰ প্ৰয়োজনীয় তেনেকৈ নৃবিজ্ঞানীৰ ওচৰত স্বজন সম্পৰ্কৰ অনুৰূপ প্ৰয়োজন৷ স্বজন সম্পৰ্ক সকলো সমাজৰ চাবিকাঠী। আদিম সমাজ আৰু আধুনিক সমাজ সকলো সমাজত স্বজন সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। মানব সমাজৰ মূল ভিত্তি হৈছে স্বজন সম্পর্ক কিয়নো ইয়াৰ ওপৰ নিৰ্ভৰ কৰে পাৰস্পৰিক সম্পৰ্ক, মানুহৰ লগতে মানুহৰ সকলো দেনা-পাওনা, দায়িত্ব-কর্তব্য অথবা দায়-দায়িত্বৰ সম্পৰ্ক। স্বজন সম্পৰ্কৰ গুৰুত্ব বুজাব গৈ ৰবিন ফক্‌চে (Robin Fox) কৈছে – “যি সমাজত স্বজন সম্পর্ক অত্যাধিক গুৰুত্বপূৰ্ণ তাত স্বজন গোষ্ঠীৰ প্ৰতি আনুগত্য, কৰ্তব্য অথবা মৰম সবোতকৈ ওপৰত সেই সমাজত স্বজন সম্পর্ক আমোলাতন্ত্ৰৰ শত্ৰু হৈ ওঠে।” কিয়নো আমোলাতন্ত্র ব্যৱস্থাত কোনো কর্মকর্তাক নিৰপেক্ষভাৱে চৰকাৰী নীতি অনুযায়ী কার্য কৰিব লাগে। তাত স্বজন বুলিহে নীতি বহির্ভূত পন্থাত কাকো বিশেষ সুযোগ দিয়া নহয়। অথচ যি সমাজৰ মানুহ স্বজনৰ প্ৰতি অতিশয় দুৰ্বল তেওঁলোক নিৰপেক্ষতা বজায় ৰাখি আমোলাতান্ত্রিক প্রশাসনিক কাম-কাজ কৰিব নোৱাৰে। গতিকে অত্যাধিক স্বজনবোধ আমোলাতান্ত্রিক ব্যৱস্থাৰ প্ৰতিকূল।

সমাজ গাঠনি অনুধাৱনত স্বজন সম্পৰ্কৰ গুৰুত্ব স্বীকাৰ কৰিবই লাগে। কিয়নো স্বজন সম্পর্কিত জ্ঞান সমাজ গাঠনি অধ্যয়নত সহায় কৰি থাকে। সমাজ গাঠনি গঢ়ি ওঠে স্বজন সম্পর্ক সমন্বয়ৰ ফলত। সমাজৰ প্ৰতিজন মানুহে একে আনৰ লগত সম্পর্কিত, কোনোৱা তেজৰ, কোনোৱা বৈবাহিক, কোনোৱা পালিত (Adopt) আকৌ কোনোৱা স্বজন হিচাপত। আদিম সমাজৰ সমাজ গাঠনি পর্যালোচনাত স্বজন সম্পর্ক এটা উল্লেখযোগ্য ভূমিকা পালন কৰি থাকে।

এটা সমাজ গঢ়াৰ বাবে স্বজন সম্পৰ্কই প্ৰেৰণা দি থাকে সংঘবদ্ধ হ’বৰ বাবে। এজন মানুহ কোনো ক্ৰমে তাৰ জীৱন পৰিচালনাত একাকী অগ্ৰসৰ হ’ব নোৱাৰে। সমাজত মেৰুদণ্ড সিধা কৰি থিয় দিবৰ বাবে আনৰ সাহায্যৰ প্ৰয়োজন হয়। এই প্রেক্ষাপটত স্বজন সম্পর্কই মানুহক সঠিক সহায়-সহযোগিতা আগবঢ়াব পাৰে।

মানব ইতিহাসৰ বেছি সময় উভতি গৈছে স্বজন ভিত্তিক সমাজ ব্যৱস্থাত। স্বজনহীন ব্যক্তিৰ সমাজত কোনো মর্যাদা নাই, ৰবিন ফক্‌চ সেয়েহে কৈছে যিকোনো লোকে তাৰ নিজস্ব সমাজ আৰু স্বজনতত্ত্ববোধক বাদ দিব নোৱাৰে। সমাজৰ সৰ্বকালতে স্বজন সম্পৰ্ক আৰ্থ-ৰাজনৈতিক কর্মকাণ্ডত খুবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি থাকে। সাধাৰণত দেখা যায় এজন ধনী আত্মীয় থাকিলে এজন দুখীয়া আত্মীয় বিভিন্নভাৱে সহায়-সহযোগিতা পাই থাকে। ৰাজনৈতিক ক্ষেত্ৰতে আত্মীয়তাৰ সম্পৰ্ক খুবে কাৰ্যকৰী। যাৰ যিমান বেছি আত্মীয় স্বজন থাকে মানুহে তাক ভয় আৰু শ্ৰদ্ধা কৰে । ক্ষমতা বজাই ৰাখিব হ’লে স্বজন সম্পৰ্কৰ সাহায্য একান্ত অপৰিহাৰ্য। আদিম সমাজত মানুহে যেতিয়া বহির্গোত্র বিবাহ প্ৰথাৰ প্ৰচলন কৰে তেতিয়া তেওঁলোক পাত্র-পাত্রী নিৰ্বাচনৰ সময় আৰু কোন অঞ্চলত শিকাৰ, ভূমি, জলাশয়, বাগিচা বেছি আছে সেয়া লক্ষ্য কৰিছিল। কিয়নো সেইটো অঞ্চলত স্বজন সৃষ্টি কৰিব পাৰিলে স্থানান্তৰ সহজ হয়।

নেতৃত্বৰ ক্ষেত্ৰতে স্বজন সম্পৰ্ক বহুত গুৰুত্বপূৰ্ণ ভূমিকা লৈ থাকে। নেতাক সহযোগিতা কৰাৰ বাবে এটা শক্তিশালী বাহন থাকিলে নেতা তেওঁৰ কৰ্মকাণ্ডত নিৰ্ভিকভাৱে আগুৱাই যাব পাৰে। এই কাৰণে নেতৃত্বদানত স্বজন সম্পৰ্কৰ সহযোগিতা একান্ত অপৰিহাৰ্য। আকৌ জাতীয়তাবাদৰ প্ৰেৰণা যোগায় স্বজন সম্পর্ক। যেতিয়া সকলো স্বজন সম্পৰ্কৰ সদস্য একত্ৰিত হয় তেতিয়া সিহঁতৰ মাজত ‘আমি’ মনোভাবটো কাম কৰে। স্বজন বন্ধনত দৃঢ় আদিম জনগোষ্ঠী যেনে – গোষ্ঠী চেতনাত উদ্বুদ্ধ আৰু নিজস্ব জনগোষ্ঠীৰ মৰ্যাদা আৰু স্বাৰ্থ ৰক্ষাত যেনেকুৱা আছিল তৎপৰ ঠিক তেনেকুৱা আজিৰ যুগত জাতীয়তাবোধে উদ্বুদ্ধ জনগোষ্ঠী বা জাতি নিজৰ স্বাৰ্থ আৰু অধিকাৰ অৰ্জনত দৃঢ় প্রতিজ্ঞ।

অৱশেষত এইটোৱে ক’ব পৰা যায় যে মানুহ সামাজিক জীৱ। আৰু মানুহৰ প্ৰধান বৈশিষ্ট্য সংঘবদ্ধ হৈ জীৱন যাপন কৰা। সংঘবদ্ধ জীৱনৰ অভিব্যক্তিই সমাজ । পৰস্পৰৰ লগত এটা সম্পৰ্ক গঢ়ি তোলাৰ পিছতে মানুহ সংঘবদ্ধ হ’ব পাৰে। এই সম্পৰ্কৰ আঁৰতে স্বজন সম্পৰ্ক কাম কৰে। আদিম সমাজৰ পৰা আধুনিক সমাজৰ প্ৰতি লক্ষ্য কৰিলে দেখা যায়, সকলো ক্ষেত্ৰতেই স্বজন সম্পৰ্কৰ গুৰুত্ব অনুভূত হৈ থাকে। কিয়নো সমাজৰ প্ৰতিটো মানুহে একে আনৰ স্বজন। কোনোৱা তেজৰ, কোনোৱা বৈবাহিক আকৌ কোনোৱা কৃত্রিম আত্মীয়তাৰ সম্পৰ্কত আৱদ্ধ! গতিকে মানৱ সমাজত স্বজন সম্পৰ্কৰ গুৰুত্ব খুবে তাৎপর্যপূর্ণ।

১৫। সহায়ক প্রজনন প্ৰযুক্তিৰ প্ৰকাৰসমূহ আলোচনা কৰা? (Discuss the types of assisted reproductive technology.)

উত্তৰঃ ইন ভিট্রো পার্টিলাইজেচন (আইডিএফ) সম্ভৱত – এ আৰটিৰ আটাইতকৈ জনাজাত প্ৰকাৰ, কিন্তু ই একমাত্র বিকল্পৰ পৰা বহু দূৰত। এআৰটি বিকল্পবোৰৰ ভিতৰত আছেঃ ইন ভিট্রো ফার্টিলাইজেচনঃ ইন ভিট্রো ফার্টিলাইজেচন (আইভিএফ) হৈছে এক তুলনামূলকভাৱে নতুন প্রযুক্তি যি প্রায় তিনি দশক ধৰি ব্যৱহাৰ হৈ আহিছে৷ ই আটাইতকৈ সফল বিকল্পবোৰৰ ভিতৰত এটা, প্ৰতি চক্ৰত প্ৰায় ১৫-২৫ শতাংশ সফলতাৰ হাৰ গৌৰৱান্বিত কৰে। আইভিএফ সময়ত চক্ৰ এটাৰ এজন চিকিৎসকে মহিলাগৰাকীৰ পৰা কণী উদ্ধাৰ কৰে আৰু তাৰ পিছত সেইবোৰ শুক্রানুৰে নিষিক্ত কৰে । নিষিক্ত কণীটো ভ্রূণ নোহোৱালৈকে কেইবাদিনো পেট্রি ডিছত বাঢ়ে। তাৰ পিছত এজন চিকিৎসকে ভ্রূণটো মহিলাগৰাকীৰ জৰায়ুত পুনৰ স্থাপন কৰে। আই-ভি-এফ চিকিৎসাৰ সফলতাৰ প্ৰতিকূলতা সৰ্বাধিক কৰিবলৈ, এগৰাকী মহিলাই সাধাৰণতে প্ৰজনন ঔষধ গ্ৰহণ কৰে যাতে তেওঁ এক অনুমানযোগ্য সময়ৰ্খোত ডিম্বস্ফোটন কৰে তেওঁৰ শৰীৰক একাধিক অতিৰিক্ত বয়স প্ৰস্তুত কৰিবলৈ উৎসাহিত কৰে। এই কাৰণে, আই-ভি-এই-এফে প্রায়ে একাধিক ভ্রূণ প্রস্তুত কৰে। ই একাধিক সন্তান জন্ম দিয়াৰ সম্ভৱনা বৃদ্ধি কৰে।

অন্তঃজৰায়ু গৰ্ভধাৰণ – অন্তজৰায়ু গৰ্ভধাৰণে এগৰাকী মহিলাৰ জৰায়ুৰ ভিতৰত কণীটো নিষিক্ত কৰে। এইটো আইভিএফতকৈ অধিক সুলভ বিকল্প, যদিও ইয়াৰ সফলতাৰ হাৰ কম । আই. ইউ. আই.-য়ে সঙ্গী অবিহনে গৰ্ভৱতী হ’বলৈ চেষ্টা কৰা মহিলাসকলৰ বাবে, অস্পষ্ট বন্ধ্যাত্ব থকা লোকসকলৰ বাবে, আৰু যেতিয়া পুৰুষৰ শুক্রাণুৰ কণীলৈ ভ্ৰমণ কৰাত সমস্যা হয়— প্ৰায়ে কম গতিশীলতাৰ বাবে, কিন্তু কেতিয়াবা পুৰুষৰ বীৰ্য আৰু মহিলাৰ যোনিৰ তৰলৰ মাজত ৰাসায়নিক অমিলৰ বাবে। আই. ইউ. আই. ৰ বাবে মাত্ৰ এটা প্ৰক্ৰিয়াৰ প্ৰয়োজন, যাৰ সময়ত শুক্রাণু মহিলাগৰাকীৰ মাজত স্থাপন কৰা হয়। কিছুমান মহিলাই তেওঁলোকে উৎপাদন কৰা কণীৰ সংখ্যা বৃদ্ধি কৰিবলৈ আই ইউআইৰ আগতে উৰ্বৰতাৰ ঔষধ গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়। উৰ্বৰতা ঔষধে আই-ইউ-আইৰ সৈতে সফলতাৰ সম্ভৱনা বৃদ্ধি কৰে ।

ইন্ট্রাফেলোপিয়ান স্থানান্তৰ – এটা ইন্ট্ৰাফেলেপিয়াৰ স্থানান্তৰে মহিলাগৰাকীৰ ফেলোপিয়ান নলীৰ ভিতৰত কণীটো নিষিক্ত কৰে। অস্পষ্ট বন্ধ্যাত্ব থকা, শুক্রাণুৰ গতীশীলতাৰ সমস্যা থকা, বা মহিলাগৰাকীৰ ফেলোপিয়ান টিউবৰ সৈতে সমস্যা হ’লে যেনে অৱদ্ধ নলী আদি থকা দম্পতিসকলৰ বাবে ইন্ট্রাফালোপিয়ান স্থানান্তৰ হৈছে ভাল বিকল্প। গেমেট ইন্ট্রাফেলোপিয়ান স্থানান্তৰ (জিআইটি) য়ে শুক্রাণু আৰু কণী এগৰাকী মহিলাৰ ফেলোপিয়ান টিউবলৈ স্থানান্তৰ কৰে, য’ত শুক্রাণুয়ে কণীটো নিষিক্ত কৰে। কিছুমান দম্পতীয়ে ধার্মিক বা নৈতিক বিশ্বাসৰ বাবে ইয়াক পছন্দ কৰে যে শৰীৰৰ ভিতৰতত নিষিক্তকৰণ হ’ব লাগে। জাইগোট ইন্ট্রাফেলোপিয়ান স্থানান্তৰ (জেডআইটি) আইভিএফৰ দৰে একে। মহিলাগৰাকীৰ শৰীৰৰ পৰা কণী আঁতৰ কৰা হয় আৰু পৰীক্ষাগাৰৰ পৰিৱেশত নিষিক্ত কৰা হয়, তাৰ পিছত ভ্রূণলৈ বিকশিত হ’লৈ মহিলাগৰাকীৰ শৰীৰলৈ স্থানান্তৰ কৰা হয়। কিন্তু আইভিএফৰ বিপৰীতে, ভ্রূণবোৰ ফেলোপিয়ন টিউবত জমা হয়। অন্যান্য এ. আৰ. টি. বিকল্পৰ দৰে, এগৰাকী মহিলাই সাধাৰণতে চক্ৰটোৰ আগতে উৰ্বৰতাৰ ঔষধ গ্ৰহণ কৰে।

হন্ট্রাচাইটোপ্লাজমিক শুক্রাণুৰ বেজী – ইন্ট্রাচাইটোপ্লাজমিক শুক্রাণু বেজী (আই. এছ. আই.) মহিলাগৰাকীৰ শৰীৰৰ পৰা এক বা একাধিক কণী আঁতৰ কৰে। তাৰ পিছত এটা পৰিপক্ক কণী এটা স্বাস্থ্যকৰ শুক্রাণুৰে বেজী দিয়া হয়। যেতিয়া কণীবোৰ স্বাভাৱিকবাৱে বিকশিত হয়, সেইবোৰ মহিলাগৰাকীৰ শৰীৰাল পুনৰ স্থানান্তৰ কৰা হয় । যেতিয়া গুৰুতৰ শুক্রাণুৰ সমস্যা থাকে তেতিয়া আই- এছ- আইয়ে সৰ্বশ্ৰেষ্ট কাম কৰে। উদাহৰণ স্বৰূপে, অতি কম শুক্রাণুৰ গতিশীলতা বা অতি কম মানদণ্ডৰ শুক্রাণু থকা পুৰুষে এই বিকল্পটো বাছনি কৰিব পাৰে। কেতিয়াবা এজন পুৰুষৰ শুক্রাণুৰ সংখ্যা আৰু ৰূপতত্ত্ব স্বাভাৱিক হয়, কিন্তু গুৰুত্বপূৰ্ণ ডি এন এ ক্ষতি হয় যি উৰ্বৰতা হ্রাস কৰে বা আগতীয়া গৰ্ভপাতৰ আশংকা বৃদ্ধি কৰে। আই-এছ-আইয়ে এজন চিকিৎসকক আটাইতকৈ স্বাস্থ্যকৰ শুক্রাণু বাছনি কৰিবলৈ আৰু ইয়াক কণীত স্থাপন কৰিবলৈ অনুমতি দিয়ে। এগৰাকী মহিলাই সাধাৰণতে কণী উৎপাদন বৃদ্ধি কৰিবলৈ আৰু আই এছ আই ৰোপণৰ আগতে তেওঁৰ চক্ৰ স্বাভাৱিক কৰিবলৈ উৰ্বৰতাৰ ঔষধ গ্রহণ কৰে।

১৬। প্ৰজননৰ নতুন প্ৰযুক্তিৰ নৈতিক আৰু সামজিক সমস্যা সমূহ আলোচনা কৰা? (Discuss the ethical and social problems of new reproductive technologies)

উত্তৰঃ প্রজনন স্বাস্থ্যৰ ক্ষেত্ৰত নতুন প্রযুক্তিৰ সৈতে সম্পর্কিত গৱেষণা বহুতো কাৰণত গুৰুত্বপূৰ্ণ। বিশেষকৈ কিয়নো এনে গৱেষণাই পৰৱৰ্তী প্ৰজন্মৰ সৃষ্টিৰ বিষয়ে চিন্তা কৰে আৰু কিয়নো প্ৰয়োগ কৰা পদ্ধতিবোৰে পৰম্পৰাৰ সৈতে এক লক্ষণীয় বিৰতি প্রতিনিধিত্ব কৰে। কৃত্ৰিম গৰ্ভধাৰণ, ইন ভিট্রো ফার্টিলাইজেচন, আৰু ভ্ৰণৰ হেৰফেৰ এসময়ত দুজন লোকৰ ব্যক্তিগত প্ৰদেশত সামাজিকভাৱে অনুমোদিত এক সংগত যোগদান কৰা পৰিৱৰ্তন হৈছে। জর্জটাউন বিশ্ববিদ্যালয় আইন কেন্দ্ৰৰ অধ্যাপক পেট্রিচিয়া এ. কিংয়ে কৈছে যে নতুন প্রজনন প্রযুক্তিবোৰ বিতর্কিত কিয়নো তেওঁলোকে গভীৰভাৱে নৈতিক আৰু ধৰ্মীয় মূল্যবোধক প্রত্যাহ্বান জনাইছে, বিশেষকৈ সেই মূল্যবোধবোৰক যিবোৰে পৰিয়াল আৰু ইয়াৰ সদস্যসকলৰ মাজত সম্পৰ্কৰ্ক চিন্তিত কৰে। এইবোৰত মানুহৰ যৌনতা আৰু মানৱ শৰীৰৰ পৰা প্ৰজনন ইচ্ছাকৃত পৃথকীকৰণ অন্তৰ্ভুক্ত থাকে।

গুৰুত্বপূৰ্ণ নৈতিক প্রশ্নবোৰে প্ৰজনন স্বাস্থ্যৰ বহুতো সামাজিক দিশত অংশগ্ৰহণ কৰে, যেনে চিকিৎসালয়বোৰে প্ৰসৱবেদনাত মহিলাসকলক প্রত্যাহাৰ কৰাৰ সমস্যা, কিয়নো তেওঁলোকৰ বীমা নাই মহিলাসকলে প্ৰসৱপূৰ্ব যত্ন আৰম্ভ কৰাৰ আগতে নিয়মীয়া চাৰি সপ্তাহ অপেক্ষা কৰে।

যেতিয়া ১৯৭০ ৰ দশকৰ আৰম্ভণিতে ইন ভিট্রো ফার্টিলাইজেচন সম্পর্কে আলোচনা কৰা হৈছিল, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অন্যান্য দেশৰ কিছুমান ধর্মতত্ত্ববিদ আৰু অন্যান্য সমালোচকসকলে মানুহৰ ওপৰত অনৈতিক পৰীক্ষা-নিৰীক্ষাক প্রতিনিধিত্ব কৰা বুলি প্ৰক্ৰিয়াটোক আক্ৰমণ কৰিছিল। পৰীক্ষাগাৰৰ ব্যঞ্জনত মানুহৰ কণী নিষিক্ত কৰাৰ বিৰুদ্ধে মুখ্য নৈতিক যুক্তিটো আছিল যে পিতৃ-মাতৃৰ সন্তানৰ প্ৰতি থকা আকাংক্ষাই তেওঁলোকক সম্ভৱতঃ অসুৰক্ষিত পদ্ধতিৰ দ্বাৰা ইয়াক প্ৰাপ্ত কৰাৰ অধিকাৰ দিয়া নাছিল যাৰ ফলত বিকৃত নৱজাতক হ’ব পাৰে। আমেৰিকা যুক্তৰাষ্ট্ৰত সেই যুক্তিয়ে আই-ভি-এপৰ অধিক বিকাশত পলম কৰিছিল। ইংলেণ্ডত, য’ত নৈতিক বিষয়বোৰৰ দৃষ্টিভংগী কিছু বেলেগ আছিল, ড. পেটুক ষ্টেপটো আৰু ৰবাৰ্ট এডৱাৰ্ডে তেওঁলোকৰ গৱেষণা অৱ্যাহত ৰাখিছিল আৰু ১৯৭৮ চনত আই-ভি-এফৰ দ্বাৰা এক সফল জীৱন্ত জন্ম লাভ কৰিছিল। তাৰ পিছৰ বছৰবোৰত, আই-ভি-এফৰ ফলস্বৰূপে বিশ্বজুৰি হাজাৰ হাজাৰ নৱজাতকৰ জন্ম হৈছে। পদ্ধতিটোৰ অভিজ্ঞতা জমা হোৱাৰ লগে লগে, ভ্রূণৰ বিপদাশংকা স্পষ্টভাৱে প্ৰকৃতিতকৈ অধিক নহয়, বা পিতৃ-মাতৃৰ ক্ষতিৰ কোনো বর্ধিত বিপদাশংকা নাই। কৌশলটোৰ সুৰক্ষা সম্পৰ্কে নৈতিক উদ্বেগবোৰ বহুপৰিমাণে হ্ৰাস পাইছে। ড. কেনেথ ৰিয়ানে কয় যদিও বিকশিত হোৱা যিকোনো নতুন প্রজনন প্ৰযুক্তিৰ বাবে সুৰক্ষাৰ একে ধৰণৰ প্ৰশ্ন উত্থাপন কৰা হ’ব, যেনে ভ্রূণ আৰু ডিম্বাশয়ৰ ক্ৰিয়াসংৰক্ষণ, গৰ্ভজাতৰ বাবে বিপদাশংকা লোৱাৰ নৈতিক বাধা কিছু সময়ৰ বাবে উলংঘা কৰা হৈছে।

আজি প্ৰজনন প্রযুক্তি সম্পৰ্কীয় নৈতিক প্ৰশ্নবোৰ প্ৰযুক্তিৰ সুৰক্ষাৰ ওপৰত ইমান গুৰুত্ব দিয়া নহয় কিন্তু ইয়াক কেনেদৰে প্ৰয়োগ কৰা হয় আৰু ই ক’ত আগবঢ়িব পাৰে তাৰ ওপৰত গুৰুত্ব দিয়া হয় । আই-ভি-এফৰ ভৱিষ্যত গৱেষণা অনুমতি আছে নে নাই আৰু কি প্ৰকাৰৰ অধ্যয়নৰ অনুমতি আছে তাৰ ওপৰত নিৰ্ভৰ কৰিব। ১৯৮০ ৰ দশকত এই প্রযুক্তিৰ বাবে মুখ্য প্ৰশ্নটো আছিল যে এটা দম্পতি জীৱন সৃষ্টি কৰাটো নৈতিকভাৱে সঠিক নেকি। ১৯৯০ ৰ দশকত, যিহেতু বিজ্ঞানীসকলে ভ্রূণ এটাৰ ডিএনএ বিশ্লেষণ কৰিবলৈ (আৰু সম্ভৱতঃ সলনি) কৰিবলৈ ক্রমান্বয়ে সক্ষম হয়। নৈতিক প্রশ্নবোৰে ভ্ৰূণৰ হেৰফেৰ কৰাৰ কি সীমা নিৰ্ধাৰণ কৰিব লাগে তাৰ ওপৰত গুৰুত্ব দিব।

আই-ভি-এফ আৰ ভ্ৰূণবিকাশৰ ওপৰত মৌলিক গৱেষণাই সকলো প্রজনন স্বাস্থ্য প্ৰভাৱিত কৰা তথ্য আধাৰত যথেষ্ট যোগ দিব। এনে কামে প্রজননৰ মৌলিক তাড়না, স্বাভাৱিক গৰ্ভধাৰণ আৰু ভ্ৰূণৰ স্বাভাৱিক বিকাশ, অকাল প্ৰসৱৰ কাৰণ, আৰু কৰ্কট ৰোগৰ প্ৰতি প্ৰজনন প্ৰণালীৰ লক্ষণীয় সংবেদনশীলতাৰ বিষয়ে চিকিৎসকৰ বুজাবুজি বৃদ্ধি কৰিব। সুৰক্ষিত, অধিক কার্যকৰী জন্ম নিয়ন্ত্ৰণৰ বাবে গৱেষণাত সহায় কৰিব। নৈতিকতা উপদেষ্টা মণ্ডলী (ই.এ.বি.) ভাঙি দিয়াৰ ফলত কেৱল আই. ভি. এফ. আৰু ভ্ৰূণ বিকশৰ ওপৰত গৱেষণা বন্ধ হোৱাই নহয়, লগতে ই প্রজনন অধ্যয়নৰ প্ৰগতিও হ্রাস কৰে।

বিজ্ঞানীসকলে গৱেষণাগাৰত এসপ্তাহ বা অধিক সময়ৰ বাবে মানৱ ভ্রূণ বজাই ৰখাৰ সামৰ্থ্যই শুক্রানু, কণী আৰু প্ৰাৰম্ভিক মানৱ ভ্ৰূণৰ সৈতে কি কৰিব পাৰি তাৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনা মুকলি কৰিছে। এই প্রযুক্তিয়ে এই গেমেট আৰু প্ৰাৰম্ভিক ভ্রুণৰ প্ৰতি সমাজ হিচাপে আমাৰ দায়বদ্ধতা আৰু এই দায়বদ্ধতাৰ নৈতিক ভিত্তিৰ বিষয়ে প্রশ্ন উত্থাপন কৰে। প্ৰজনন স্বাস্থ্যৰ ওপৰত গৱেষণাৰ বাবে ফেডাৰেলি পুঁজি যোগান ধৰা আৰু আগবাঢ়ি যাবলৈ এই প্ৰশ্নবোৰ সমাধান কৰিব লাগিব। লয়োলা বিশ্ববিদ্যালয়ৰ অধ্যাপক ডেভিদ টি. ওজাৰ আৰু অন্যান্য পর্যবেক্ষকসকলে উল্লেখ কৰা অনুসৰি, “এখন ৰাষ্ট্ৰই আইন আৰু ৰাজহুৱা নীতিৰ দ্বাৰা এনে কিছুমান বিষয়ে সমাধান কৰিব নোৱাৰে যাৰ ওপৰত সম্প্ৰদায়ৰ ভিতৰত অন্তর্নিহিত মুল্যবোধৰ ওপৰত এক মত নাই”।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top