Sociology of India Unit 2 ভাৰতীয় সমাজ : অৱধাৰণা আৰু সংস্থাৱলী

Sociology of India Unit 2 ভাৰতীয় সমাজ : অৱধাৰণা আৰু সংস্থাৱলী, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Sociology of India Unit 2 ভাৰতীয় সমাজ : অৱধাৰণা আৰু সংস্থাৱলী Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Sociology of India Unit 2 ভাৰতীয় সমাজ : অৱধাৰণা আৰু সংস্থাৱলী Question Answer can be of great value to excel in the examination.

Sociology of India Unit 2 ভাৰতীয় সমাজ : অৱধাৰণা আৰু সংস্থাৱলী

Join Telegram channel

Sociology of India Unit 2 ভাৰতীয় সমাজ : অৱধাৰণা আৰু সংস্থাৱলী Notes cover all the exercise questions in UGC Syllabus. The Sociology of India Unit 2 ভাৰতীয় সমাজ : অৱধাৰণা আৰু সংস্থাৱলী provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Indian Society : Concepts and Institutions

SOCIOLOGY

ভাৰতীয় সমাজতত্ত্ব

চমু উত্তৰ দিয়া :

১। জাতিৰ অৰ্থ কি?

উত্তৰঃ পৰম্পৰাগত ভাৰতীয় সমাজ বুলি কলে মূলতঃ হিন্দু সমাজ আৰু সংস্কৃতিক কথাকেই বুজা হয়। ভাৰতীয় সমাজ সংৰচনাৰ অন্যতম আধাৰ হল জাতি ব্যবস্থা। ‘জাতি শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হৈছে caste । এই caste শব্দটো পৰ্টগীজ casta (কাষ্টা) শব্দৰ পৰা আহিছে।

জাতি হৈছে ভাৰতীয় হিন্দু সমাজৰ এক স্তৰীকৰণ ব্যৱস্থা। ইয়াৰ দ্বাৰা সমাজৰ ব্যক্তিসকলক উচ্চ আৰু নিম্ন হিচাপে কিছুমান স্তৰত বিভক্ত কৰা হৈছে। জাতি ব্যৱস্থা জন্মৰ ওপৰত আধাৰিত।

২। জাতিৰ সংজ্ঞা দিয়া।

উত্তৰঃ জাতিৰ সংজ্ঞা বিভিন্ন সমাজ শাস্ত্ৰবিদে বিভিন্ন ধৰনে আগবঢ়াইছে।

i) According to Mac lver, “when status is wholly predetermined so that men are born to their lot without any hope of changing it then class takes the extreme form of caste.”

ii) লুগুবাৰ্গৰ মতে, “জাতি হৈছে জন্মৰ জৰিয়তে সৃষ্টি হোৱা এটা কঠোৰ সামাজিক শ্ৰেণী ব্যৱস্থা, যিটোৰ পৰিবৰ্তনৰ ক্ষেত্ৰত চূড়ান্ত অসুবিধাৰ সন্মুখীন হ’ব লগা হয়।

৩। জাতিয়ে সামাজিক সুৰক্ষা কেনেদৰে প্রদান কৰে?

উত্তৰঃ জাতিৰ লগতে সাধাৰণতেই পৰম্পৰাগত বৃত্তিৰ কথা জড়িত হৈ থাকে। সেই হিচাপে জাতিয়ে ব্যক্তিক বৃত্তিগত সুৰক্ষা প্রদান কৰে। ইয়াৰোপৰি জাতিৰ লগত ‘আমি ভাৱ’ জড়িত হৈ থাকে বাবে ব্যক্তিয়ে জাতিৰ জৰিয়তেই সামূহিক সুৰক্ষা লাভ কৰিব পাৰে।

৪। জনজাতি কি?

উত্তৰঃ কোনো এক দুৰ্গম অঞ্চলত বাস কৰা সভ্যতাৰ পোহৰ নোপোৱা, নিজকে আদিবাসী বুলি পৰিচয় দিয়া ব্যক্তিসকলকে এটি অৰ্থত জনজাতি বুলি কোৱা হয়। এই লোকসকলক সাধাৰণতে জনজাতি’ আদিবাসী আদি বিভিন্ন নামেৰে জনা যায়। ভাৰতবৰ্ষৰ সংবিধানে এওঁলোকক অনুসূচীত জনজাতি হিচাপে স্বীকৃতি প্ৰদান কৰিছে।

৫। জনজাতিৰ সংজ্ঞা দিয়া।

উত্তৰঃ বিভিন্ন সমাজশাস্ত্রবিদে জনজাতিৰ সংজ্ঞা বিভিন্ন ধৰণে আগবঢ়াইছে। সেই সমূহ হলঃ

i) গিলিন আৰু গিলিনৰ মতে, “জনজাতি হল এনে এক আদিম জনসমূহৰ সমষ্টি যিসকলে উমৈহতীয়াভাৱে জীৱন যাপন কৰে। একে ভাষা (দোৱান) কয়, একে সংস্কৃতিকে অনুসৰণ কৰে।

ii) বিভাৰছৰ মতে, “জনজাতি মানে এটা সৰল প্রকৃতিৰ সামাজিক সমূহক বুজায়, যি সমূহৰ সদস্যসকলে সাধাৰণতে একে উপভাষা (Dialect) কয় আৰু যুদ্ধ বা তেনে সামূহিক কামবোৰ একত্ৰ হৈ সম্পন্ন কৰে।”

৬। আন্তঃজাতি বিবাহ বুলিলে কি বুজা?

উত্তৰঃ আন্তঃজাতি বিবাহ বুলিলে নিজৰ জাতিৰ ভিতৰতে সম্পন্ন কৰা বিবাহক বুজায়। সাধাৰণভাৱে নিজৰ জাতি বা শ্রেণীৰ ভিতৰত বিবাহ কৰা পদ্ধতিকে আন্তঃজাতি বিবাহ কোৱা হয়।

৭। স্বজনতা মানে কি? 

উত্তৰঃ এটি শিশুৰ জন্ম হোৱাৰ লগে লগেই সি সমাজভুক্ত হয় আৰু মৃত্যু হলেহে সমাজৰ পৰা আঁতৰ হয়। শিশুৱে জন্মগ্ৰহণ কৰি পিতৃ-মাতৃ, ভাতৃ-ভগ্নী, পিতৃৰ ভাতৃ, মাতৃৰ ভগ্নী আদি অতি ওচৰ সম্বন্ধীয় ব্যক্তিৰ সৈতে আত্মীয়তা গঢ়ি তোলে। সেইদৰে বিবাহ আৰু জন্মৰ জৰিয়তে যি এক আত্মীয় গোষ্ঠী গঢ়ি উঠে তাকে স্বজন পদ্ধতি বোলে।

৮। বিবাহৰ অৰ্থ কি?

উত্তৰঃ বিবাহ এনে এটা সামাজিক প্ৰথা যাৰ দ্বাৰা এহাল নাৰী-পুৰুষে সামাজিক ৰীতি-নীতি অনুযায়ী যৌন স্বীকৃতি লাভ কৰি সন্তান লাভ কৰিব পাৰে আৰু লগতে পতি-পত্নী বা পিতৃ-মাতৃ হিচাপে সামাজিক দায়িত্ব পালন কৰিবলৈ অধিকাৰ লাভ কৰে।

৯। সত্যসাধক সমাজ’ কোনে আৰু কিয় প্রতিষ্ঠা কৰিছিল?

উত্তৰঃ জ্যোতিৰাও গোবিন্দৰাও ফুলে ‘সত্য সাধক সমাজ’ প্ৰতিষ্ঠা কৰিছিল। নিম্ন জাতিৰ লোকসকলক মানৱ অধিকাৰ আৰু সামাজিক ন্যায় প্রদান কৰাৰ উদ্দেশ্যে তেওঁ এই অনুষ্ঠান প্ৰতিষ্ঠা কৰিছিল।

১০। অস্পৃশ্য জাতিসমূহক কেতিয়া অনুসূচিত জনজাতি নামে নামাকৰণ কৰা হৈছিল? 

উত্তৰঃ ১৯৩৫ চনত ব্ৰিটিছ চৰকাৰে জাতি জনজাতি বিলাকক তাৰিকাভুক্ত কৰি ‘সুচিসমূহ’ প্রস্তুত কৰি উলিয়াইছিল যাতে তেওঁলোকলৈ বিশেষ সা-সুবিধা আগবঢ়াব পৰা যায়। তেতিয়াৰে পৰা অস্পৃশ্য পিছপৰা জাতিসমূহক অনুসূচিত জনজাতি নামে নামাকৰণ কৰা হয়।

১১। উদাৰীকৰণ মানে কি?

উত্তৰঃ উদাৰীকৰণ ( Liberalization ) হৈছে এনে এটা প্ৰক্ৰিয়া য’ত ৰাষ্ট্রই অৰ্থনৈতিক ক্ৰিয়াসমূহৰ ওপৰত থকা নিজ নিয়ন্ত্ৰণ নোহোৱা সকলোবোৰ বজাৰ শক্তিসমূহৰ ওপৰত এৰি দিয়ে। ইয়াৰ বাবে বাণিজ্যিক উদাৰীকৰণ বিদেশী বিনিয়োগ, ৰাজহুৱা খণ্ডক ব্যক্তিগত কৰণ ইত্যাদি বিভিন্ন নীতি গ্ৰহণ কৰা হয়।

১২। গোলকীকৰণ বা বিশ্বায়ন মানে কি?

উত্তৰঃ গোলকীকৰণ বা বিশ্বায়ন হল এনে এটা প্ৰক্ৰিয়া যত বিশ্বৰ বিভিন্ন প্ৰান্তৰ মাজত অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক-ৰাজনৈতিক আদি বিভিন্ন ক্ষেত্ৰত আন্তঃসন্বন্ধ এনেদৰে বৃদ্ধি পায় যে বিশ্বৰ এটা প্ৰান্তৰ ঘটা ঘটনাই তৎক্ষণাতে বিশ্বৰ সিটো প্ৰান্তৰ প্রভাৱিত কৰে। তথ্য প্রযুক্তি আৰু যোগাযোগৰ ক্ষেত্রত সংঘটিত হোৱা বৈপ্লৱিক পৰিৱৰ্তন গোলকীকৰণ প্রক্ৰিয়াক খৰটকীয়া কৰি তুলিছে।

১৩। উদাৰীকৰণৰ কাৰকসমূহ কি কি? 

উত্তৰঃ উদাৰীকৰণৰ মূল কাৰকসমূহ হ’ল বাক্তিগতকৰণ, অৰ্থনৈতিক ক্ষেত্ৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ হ্ৰাস কৰা। আমদানীকৃত বস্তুৰ ওপৰত থকা শুল্ক হ্ৰাস কৰা আদি৷ প্ৰকৃততে মুক্ত অর্থনীতিৰ দ্বাৰা অর্থনৈতিক ভেটি সুদৃঢ় কৰিবৰ বাবে ৰাষ্ট্ৰবোৰ উদাৰীকৰণ নীতি গ্ৰহণ কৰা দেখা গৈছে।

১৪। ভাৰতত প্রচলিত প্রধান ধৰ্মবোৰ কি কি?

উত্তৰঃ হিন্দু, ইছলাম, খ্ৰীষ্টান, জৈন, বৌদ্ধ আদি।

১৫। বৈচিত্ৰাৰ মাজত ঐক্য বুলিলে কি বুজা?

উত্তৰঃ অনৈক‍্যৰ মাজত থকা ঐক‍্যই হৈছে ভাৰতীয় সমাজ আৰু সংস্কৃতিৰ মূল বৈশিষ্ট্য। অতি প্ৰাচীন কালৰে পৰা ভাৰতীয় সমাজ আৰু সংস্কৃতিৰ ক্ষেত্ৰত এই আদৰ্শ ফুটি উঠিছে। ভাৰতবৰ্ষত বিভিন্ন ক্ষেত্ৰত বিচিত্ৰতা বা অনৈক্য দেখিবলৈ পোৱা যায়।

১৬। জাতিৰ সংজ্ঞা দিয়ক।

উত্তৰঃ ৰিচলেৰ সংজ্ঞা মতে, “ এটা উমৈহতীয়া নাম থকা; কোনো এক পৌৰাণিক মানৱীয় অথবা সৰগীয় সত্বাৰ পৰা সৃষ্ট এক উমৈহতীয়া পূৰ্বপুৰুষ থকা বুলি দাবী কৰা; বংশগতভাৱে লাভ কৰা একেটা বৃত্তিকে অনুসৰণ কৰা বুলি কোৱা; আৰু মতামত দাঙি ধৰিব পৰাকৈ অৰ্হতা থকাসকলে এটা একক সমৰূপ সম্প্ৰদায় গঠন কৰিব পাৰিব বুলি কোৱা একাধিক পৰিয়াল নাইবা দলৰ থুপ এটাকে জাতি বোলে।” 

১৭। জাতিৰ প্ৰকৃতি কিয় সবৰ্ণ বিবাহকেন্দ্ৰিক?

উত্তৰঃ জাতি ব্যৱস্থাত ব্যক্তি এগৰাকী জন্মৰ পৰা মৃতুলৈকে একেটা জাতিতেই ৰৈ যায়। প্রতিটো জাতিৰে বিভিন্ন উপজাতি থাকে। জাতিয়ে সদস্যসকলক নিজ জাতিৰ বাহিৰত বিয়া নকৰাবলৈ কয়। সেয়েহে জাতিৰ প্ৰকৃতি সবৰ্ণ বিবাহকেন্দ্ৰিক বুলি কোৱা হয়।

১৮। জাতি ব্যবস্থা এটাৰ ভিতৰত সামাজিক প্ৰস্থিতি কেনেদৰে নিৰূপণ কৰা হয়?

উত্তৰঃ প্ৰস্থিতি হ’ল জাতি ব্যৱস্থাৰ এক আৰোপিত বৈশিষ্ট্য৷ মানুহ জন্মসূত্ৰে যিটো জাতিৰ সদস্য হয় সেইটো জাতিত আগৰে পৰাই একোট প্ৰস্থিতি আৰোপ কৰা থাকে। মানুহে সেই প্রস্থিতিটোকে সাধাৰণতে গ্ৰহণ কৰিবলগীয়া হয়। অর্থাৎ প্রস্থিতি জন্মৰ দ্বাৰা নিৰূপিত হয়

১৯। প্ৰতিপত্তিশালী জাতি বুলিলে কি বুজে?

উত্তৰঃ এম. এন. শ্ৰীনিবাসৰ মতে “এটা জাতিক তেতিয়াহে প্রভিপত্তিশালী বোলা হয় যেতিয়া অন্য জাতিতকৈ সাংখ্যিক দিশেৰে ইয়াৰ সদস্য  অধিক হয় লগতে জাতিটো অৰ্থনৈতিক তথা ৰাজনৈতিক ক্ষমতাৰেও বলীয়ান হয়। এটা বৃহৎ আৰু শক্তিশালী জাতি যদি স্থানীয় জাতি পদানুক্ৰম তালিকাত অতি নিম্ন স্থানত নাথাকে তেন্তে ই সহজে প্রতিপত্তিশালী জাতিৰূপে মূৰ দাঙি উঠিব পাৰে।”

২০। অনুসূচিত জাতিৰ প্রতি কিয় চৰকাৰে বিশেষ মনোযোগ দিয়া উচিত?

উত্তৰঃ অনুসূচিত জাতিবোৰ সামাজিক ক্ৰমত সবাতোকে নিম্ন স্তৰত থাকে। অধিকাংশ পিছপৰা নাইবা নিষ্পেষিত শ্ৰেণীৰে অনুসূচিত জাতি গঠিত। এই জাতিবোৰ আৰ্থিকভাৱে পিছপৰা আৰু সামাজিকভাৱে অৱদমিত।। তেওঁলোক মুঠ ভাৰতীয় জনসংখ্যাৰ ভিতৰত শৈক্ষিকভাৱেও সবাতোকৈ উপেক্ষিত জাতি। সেয়েহে সমাজৰ অন্যসকলৰ সৈতে ফেৰ মাৰিব পৰা কৰি তুলিবলৈ চৰকাৰে অনুসূচিত জাতিৰ উন্নয়নৰ প্রতি বিশেষ মনোযোগ দিয়া উচিত।

২১। ৰাষ্ট্ৰীয় ঐক্যৰ পথত আঞ্চলিকতাবাদে কিদৰে বাধা ৰূপে দেখা দিছে? 

উত্তৰঃ ভাৰতত আঞ্চলিকতাবাদৰ মূল উৎস হৈছে ভাষা, সংস্কৃতি, ধৰ্ম আদিৰ ক্ষেত্ৰত থকা বৈচিত্ৰতা আৰু উন্নয়নৰ ক্ষেত্ৰত থকা সৃষ্টি হোৱা আঞ্চলিক বৈষম্য বা কেন্দ্ৰৰ অৱহেলা ৷ আঞ্চলিকতাবাদে সমগ্ৰ দেশৰ উন্নয়নৰ বিপৰীতে নিজৰ অঞ্চলৰ উন্নতিহে কামনা কৰে আৰু লগতে নিজৰ অঞ্চলৰ প্ৰশাসনৰ ক্ষেত্ৰত স্ব-নিয়ন্ত্ৰণৰ দাবী কৰে আৰু বাহিৰা লোকৰ সেই অঞ্চললৈ প্ৰব্ৰজন হোৱাটো কামনা নকৰে। এনেবোৰ কঠোৰ মনোভাৱৰ বাবে আঞ্চলিকতাবাদে ৰাষ্ট্ৰীয় ঐক্য প্রতিষ্ঠাৰ বাধা প্রদান কৰা দেখা যায়।

২২। গঞা ৰাইজৰ মূল জীবিকা কি?

উত্তৰঃ কৃষি।

২৩। ভূমি বিষয়ক সংৰচনা কি?

উত্তৰঃ মাটিৰ অধিকাৰ পোৱা সকলৰ সংৰচনা বুজাবলৈ ভূমি বিষয়ক সংৰচনা শব্দটো ব্যৱহাৰ কৰা হয়। ভাৰতৰ গ্রাম্য সমাজত মাটিৰ মালিকীস্বত্বৰ দ্বাৰা এটা শ্ৰেণী সংৰচনাৰ সৃষ্টি হয় আৰু ইয়াকে ভূমি বিষয়ক সংৰচনা বুলি কোৱা হয়।

২৪। পাম খেতিৰ উৎপাদন বৃদ্ধিৰ বাবে কিহৰ প্রয়োজন?

উত্তৰঃ আধুনিক যন্তুপাতি, কৃষিৰ আহিলাৰ ব্যৱহাৰ, উন্নতমানৰ বীজ সাৰ আদি।

২৫। ভূমি সংস্কাৰ সাধনৰ দুটা কাৰণ লিখা। 

উত্তৰঃ ক) কৃষিখণ্ডৰ উৎপাদন বৃদ্ধি।

খ) মধ্যভোগী শ্ৰেণীটো অৱসান ঘটোৱা যাতে কৃষক সকল শোষণৰ পৰা মুক্ত হয়।

২৬। সেউজ বিপ্লৱৰ পৰা উত্তৰ ভাৰতৰ ৰাজ্য সমূহে অধিক সুবিধা লাভ কৰিছিল কিয়?

উত্তৰঃ সেউজ বিপ্লৱৰ কাৰ্য্যসূচী প্রথমে সেইবোৰ অঞ্চলত প্রয়োগ কৰা হৈছিল য’ত জলসিঞ্চন সু-ব্যৱস্থা কৰাৰ সময়ত দেশৰ কিছুমান অঞ্চলত সামন্তবাদী ব্যৱস্থা বৰ্তি আছিল।

২৭। অৰ্থনৈতিক উন্নয়ন কি?

উত্তৰঃ এখন ৰাষ্ট্ৰত জনমূৰি আয় বৃদ্ধি হোৱা, আন্তঃগাঁঠনিৰ উন্নতি হোৱা, নিয়োগৰ নতুন ক্ষেত্ৰৰ সৃষ্টি হোৱা, জনগণৰ জীৱন নিৰ্বাহৰ মানদণ্ড উন্নত হোৱা আদি ধৰণৰ বিষয়বোৰক আৰ্থিক উন্নয়ন বোলা হয়।

২৮। সেউজ বিপ্লৱ কি?

উত্তৰঃ সেউজ বিপ্লৱে কৃষি আৰু ইয়াৰ উৎপাদনৰ দ্ৰুত উন্নয়ন আৰু পৰিৱৰ্তনক বুজায়। খেতিয়কসকলে কৃষিখণ্ডত উন্নত বীজ,ৰাসায়নিক সাৰ আদি প্রয়োগ কৰি যি অভূতপূৰ্ব উৎপাদন সম্ভৱ কৰি তুলিছিল ইয়েই আছিল সেউজ বিপ্লৱ।

২৯। চহকী গোট কি?

উত্তৰঃ চহকী গোট হ’ল ৰাজনৈতিক নীতি, সিদ্ধান্ত আদিত প্রভাৱ পেলোৱাৰ সামৰ্থ্য থকা এমুঠিমান ব্যক্তি যিসকল সাধাৰণভাৱে কবলৈ গ’লে ক্ষমতাৰ কেন্দ্ৰবিন্দু স্বৰূপ।

৩০। চুক্তিবদ্ধ কৃষিকৰ্ম কি?

উত্তৰঃ বহুজাতিক কোম্পানীৰ লগত চুক্তিবদ্ধ হৈ কৃষকসকলে যেতিয়া কৃষিকৰ্ম কৰে তাকে চুক্তিবদ্ধ কৃষি বোলা হয়।

৩১। স্বাধীনতাৰ পিছত আৰম্ভ কৰা ভূমি সংস্কাৰৰ বাবে আইনত থকা যিকোনো দুটা নীতি উল্লেখ কৰা।

উত্তৰঃ ক) জমিদাৰী প্রথাৰ বিলুপ্তি ৷

খ) চিলিং আইন ৷

৩২। ভাৰতত জমিদাৰী প্ৰথা কেতিয়া বিলুপ্ত কৰা হৈছিল?

উত্তৰঃ ব্ৰিটিছ শাসনকৰ্তা লৰ্ড কৰ্নবালিছে জমিদাৰী প্রথাৰ প্রৰ্বতন কৰিছিল কিন্তু ভাৰতৰ স্বাধীনতাৰ পিছত এই প্রথাৰ অৱসান ঘটিছিল।

৩৩। ক্ষুদ্ৰ উদ্যোগ বুলিলে কি বুজায়?

উত্তৰঃ উদ্যোগত বিনিয়োগ কৰা ধনৰ পৰিমানৰ ওপৰত ভিত্তি কৰি চৰকাৰে ক্ষুদ্ৰ উদ্যোগৰ সংজ্ঞা আগবঢ়ায়। সৰ্বোচ্চ এক কোটি টাক মূলধন বিনিয়োগ কাৰ উদ্যোগক ক্ষুদ্ৰ উদ্যোগ বুলি কোৱা হয়।

৩৪। শ্ৰমিক সংঘ কি?

উত্তৰঃ যেতিয়া কোন উদ্যোগ বা কলকাৰখানাত শ্রমিকসকলে তেওঁলোকৰ স্বাৰ্থ আৰু দাবীৰ সুৰক্ষাৰ বাবে একগোট হৈ কোনো সংঘ বা সংস্থা গঠন কৰে তাকে শ্রমিক সংঘ বোলে।

৩৫। ৰাষ্ট্রয়াত্ত গোটসমূহৰ শ্ৰমিকসকলে কিয় ব্যক্তিগতকৰণক পছন্দ নকৰে?

উত্তৰঃ চৰকাৰী খণ্ডত কাম কৰা শ্রমিকসকল চাকৰিৰ নিৰাপত্তা থাকে আৰু পেঞ্চনৰ নিশ্চয়তাও থাকে। কিন্তু ব্যক্তিগত খণ্ডত কাম কৰা শ্রমিকসকল চাকৰিত নিৰাপত্তাও নাথাকে আৰু পেঞ্চনৰ নিশ্চয়তা নাথাকে৷ ৰাজহুৱাখণ্ডত কৰ্মৰত শ্ৰমিকসকলে তেওঁলোকৰ উদ্যোগবোৰ ব্যক্তিগতকৰণ কৰিলে তেওঁলোকৰ চাকৰিৰ নিৰাপত্তা নোহোৱা হব বুলি ভয় কৰে আৰু ব্যক্তিগতকৰণ প্রক্ৰিয়াৰ বিৰোধিতা কৰে।

৩৬। সংগঠিত খণ্ডৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ ১) শ্রমিকসকলে যথোপযুক্ত মজুৰি আৰু পেঞ্চন।

২) অন্যান্য সা-সুবিধা পোৱাৰ নিশ্চয়তা।

৩৭। তলাবন্ধ আৰু ধৰ্মঘটৰ মাজৰ পাৰ্থক্য নিৰূপণ কৰা৷

উত্তৰঃ তলাবন্ধ কাৰ্যসূচী কাৰখানাৰ মালিক বা ব্যৱস্থাপকসকলে প্ৰয়োগ কৰে। আনহাতে ধৰ্মঘট, কাৰ্যসূচী কাৰখানাৰ শ্ৰমিকসকলে ৰূপায়ন কৰে। তলাবন্ধ কাৰ্যসূচীত শ্রমিকক কাৰখানাত প্রৱেশ কৰিবলৈ দিয়া নহয় আৰু ইয়াৰ বিপৰীতে ধৰ্মঘটত শ্রমিক সকলে কাৰখানালৈ নাহি প্রতিবাদ কৰে।

৩৮। বন্ধ শ্রমিক বুলিলে কি বুজা?

উত্তৰঃ কিছুমান শ্ৰমিকে ঋণ পৰিশোধ কৰিব নোৱাৰি ভূমি পতি সকলৰ অধীনত অতি কম মজুৰি বা একেবাৰে মজুৰি নিদিয়াকৈ কামত লগোৱা হয় এনেবোৰ শ্ৰমিককে বন্ধা শ্ৰমিক বোলা হয়।

৩৯। স্বজনতা মানে কি?

উত্তৰঃ স্বজনতা সংস্থাটোৱে ৰক্ত সম্বন্ধীয় আৰু বৈবাহিক সূত্ৰে স্থাপন হোৱা সম্পৰ্কসমূহ বুজায়।

৪০। স্বজনতাক কিয় এক সামাজিক অনুষ্ঠান বুলি ধৰা হয়?

উত্তৰঃ স্বজনতা এক সামাজিক সংস্থা, কাৰণ প্রায়বোৰ সমাজতে ই ব্যক্তিসকলৰ সামাজিকীকৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু ‘সমূহ’ বোৰৰ মাজত সংহতি বৰ্তাই ৰখাত সহায় কৰে। এই সংস্থাটোৰ বিশ্বজনীন প্ৰকৃতিয়ে সামাজিক জীৱনত ইয়াৰ কাৰ্যবাহী গুৰুত্ব প্ৰকাশ কৰে।

৪১। সমোদ্ভৱজনিত আৰু বিবাহ সূত্ৰে সৃষ্ট স্বজনতাৰ মাজত কি প্ৰভেদ আছে?

উত্তৰঃ সমোদ্ভৱজনিত স্বজনতাই তেজৰ সম্পৰ্কৰ জৰিয়তে গঢ় লোৱা সম্পৰ্কৰ কথা বুজায়, কিন্তু বিবাহ সূত্ৰে সৃষ্ট স্বজনতায় বিবাহৰ ফলত সৃষ্টি হোৱা সম্বন্ধৰ কথা বুজায়।

৪২। উত্তৰ ভাৰতৰ স্বজনতাৰ আৰ্হিটো কেনেধৰণৰ?

উত্তৰঃ উত্তৰ ভাৰতত সকলো বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰতে ‘চাচন’ নীতি মানি চলা হয়। ল’ৰাই নিজৰ পিতৃ পৰিয়ালৰ কাকো বিয়া কৰাব নোৱাৰে আৰু সদিন্তু স্বজন য আত্মীয়ক বিয়া কৰোৱাৰ পৰা বিৰত থাকিব লাগে। 

৪৩। অৱ নিযুক্তি কি?

উত্তৰঃ বেছিভাগ কৃষি শ্রমিকেই দিন হাজিৰা কৰা লোক আৰু কেতিয়াবা বহুদিনলৈ তেওঁলোকে কাম নোপোৱাকৈ থাকে। এনে অৱস্থাকে অৱ নিযুক্তি বুলি কোৱা হয়।

৪৪। ঔদ্যোগিকৰণৰ প্ৰসংগত অপসাৰিত মানে কি?

উত্তৰঃ ঔদ্যোগিকৰণৰ এটা দিশ হল শ্রমবিভাজন ৷ শ্ৰমবিভাজনৰ ফলত এজন শ্ৰমিকে তেওঁৰ শ্ৰমৰ চূড়ান্ত ফল কি হয় তাক দেখা নাপায়। যাৰ বাবে তেওঁ কৰ্মৰ আনন্দ লাভ কৰিব নোৱাৰে। মার্ক্সে উদ্যোগত কৰ্মৰত মানুহে তেওঁলোকৰ কৰ্মৰ আনন্দ লাভ নোৱাৰা দিশটোত য’ত তেওঁলোক কেৱল ভাৰ কাপোৰৰ বাবে কৰ্ম কৰিছে। এই মনোভাৱটোক অপসাৰিত বুলি আখ্যা দিছিল।

৪৫। বহিঃউৎসৰ সেৱা মানে কি?

উত্তৰঃ কোম্পানীবোৰে আন আন কোম্পানীলৈ কৰ্মৰ  উৎস হস্তান্তৰ কৰাকে বহিঃউৎসৱ সেৱা বোলে। 

৪৬। সাম্প্ৰদায়িকতাবাদ বুলিলে কি বুজা?

উত্তৰঃ কোনো ধৰ্মীয় মনোভাৱৰ আধাৰক গইনা হিচাপে লৈ সৃষ্টি হোৱা উগ্র ৰাজনৈতিক আদৰ্শকে সাম্প্ৰদায়িকতাবাদ বুলিব পাৰি।

৪৭। সংবিধান প্রণেতাসকলে কিয় ভাৰতক এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে গঢ়িব বিচাৰিছিল?

উত্তৰঃ প্রাচীন কালৰে পৰা ভাৰতত বিভিন্ন ধৰ্মাৱলম্বী লোকে বসবাস কৰি আহিছে। বিভিন্ন ধৰ্মাবলম্বী লোকৰ বাসস্থান ভাৰতত যাতে ধৰ্মক কেন্দ্ৰ কৰি অশান্তিৰ সৃষ্টি নহয় সেই উদ্দেশ্যত সংবিধান প্রণেতাসকলে ভাৰতক ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে গঢ় দিছিল। য’ত ৰাষ্ট্ৰই কোনো ধৰ্মকে ৰাষ্টৰূধৰ্ম হিচাপে স্বীকৃতি নিদিয়ে আৰু ধৰ্মীয় যুক্তিত জনগণৰ মাজত কোনো বিভাজন সৃষ্টি নকৰে।

৪৮। জাতিবাদে কি বুজায়?

উত্তৰঃ ভাৰতীয় সমাজৰ মূল আধাৰ হৈছে জাতি ব্যৱস্থা, পোনপ্ৰথমে ই কৰ্মভিত্তিক আছিল। কিন্তু পিছলৈ ই জন্মভিত্তিক হয়। সময় আগবাঢ়ি যোৱাৰ লগে হিন্দুসকলৰ সমাজৰ জাতিগত গোড়ামী বৃদ্ধি হয়৷ এটা জাতিয়ে অন্য জাতিৰ লগত মিলামিছা অৰ্থাৎ বিয়া-বাৰু, উৎসৱ-পাৰ্বন আদিত ৰক্ষণশীল মনোভাৱ গঢ় লৈ উঠে। ঘৃণাৰ ভাবৰ উদ্ভৱ হয়। নিজৰ জাতিটোৰ স্বাৰ্থক অধিক গুৰুত্ব দিবলৈ ধৰিলে। এইদৰে আংশিক বা সম্পূৰ্ণভাৱে কেৱল নিজৰ জাতিটোৰ প্রতি থকা ভালপোৱাকে মনোভাৱকে জাতিবাদ হিচাপে অভিহিত কৰিব পাৰি। জাতিবাদে ব্যক্তিসমূহৰ মাজত জাতীয় সংহতি গঢ় লৈ উঠাত প্ৰতিবন্ধক হৈ থিয় দিয়ে।

৪৯। আমাৰ সমাজত জাতিবাদৰ দুটা প্রভাৱ লিখা।

উত্তৰঃ জাতি অস্তৰ্বিবাহী। সেই অনুসৰি কোনো এটা জাতিয়ে নিজৰ জাতিৰ বাহিৰত বিবাহ কৰাব নোৱাৰে। বিবাহৰ ক্ষেত্ৰত থকা এনে নিষেধাজ্ঞাৰ ফলতে জাতিবোৰৰ মাজত থকা ব্যৱধান বাঢ়িবলৈ ধৰে আৰু সামগ্ৰিকভাৱে সমাজত ইয়াৰ কু-প্রভাৱ পৰে।

দ্বিতীয়তে , জাতিবাদে নিৰ্বাচনৰ নিজৰ নেতা নিৰ্বাচিত কৰাৰ বাবে চেষ্টা কৰে আৰু ই সুস্থ গণতান্ত্ৰিক ব্যৱস্থা এটা গঢ় লৈ উঠাৰ পথতে হেঙাৰ হৈ পৰি।

৫০। জন্ম প্ৰদত্ত পৰিচয় বুলিলে কি বুজা?

উত্তৰঃ জন্ম সূত্ৰে লাভ কৰা পৰচিয়ক জন্ম প্রদত্ত পৰিচয় বুলি কোৱা হয়। 

৫১। ৰাষ্ট্ৰ কি?

উত্তৰঃ সাধাৰণ অৰ্থত জাতি হৈছে বহু সম্প্ৰদায়ৰ সমষ্টি। জাতিৰ সদস্যসকলে সাধাৰণতে সামূহিক সংস্কৃতি, ইতিহাস, ধৰ্ম, ভাষা আদিৰ দ্বাৰা ঐক্যবদ্ধ হৈ থাকে আৰু একোটা ৰাজনৈতিক জীৱনৰ অংশীদাৰ হ’বলৈ ইচ্ছা প্রকাশ কৰে।

৫২। সা-সুবিধা প্রাপ্ত সংখ্যালযু সম্প্ৰদায় মানে কি?

উত্তৰঃ সাধাৰণতে সংখ্যালঘু বুলি ক’লে কম জনসংখ্যাতে গঠিত এক শ্ৰেণীৰ লোকক বুজায়। যি সকল লোক প্রায়েই কিছুমান সা-সুবিধাৰ পৰা বঞ্চিত হৈ থাকে। সংখ্যালঘু সকলৰ মাজত এক শ্ৰেণী অতি ধনী বা আঢ্যুবন্ত লোক থাকে যি সকলক তথাকথিত সংখ্যালঘুৰ শাৰীত থ’ব নোৱাৰি৷ কিয়নো এই শ্ৰেণীটো কোনো সুবিধাৰ পৰায়েই বঞ্চি হৈ নাথাকে। এই শ্ৰেণীটোক সুবিধাবাদী সংখ্যালঘু শ্রেণী বুলি জনা যায়।

৫৩। সংখ্যালঘু সমাজতাত্বিক অর্থ কি? 

উত্তৰঃ সমাজতাত্ত্বিক দৃষ্টিৰে ক’বলৈ গলে সংখ্যালঘু লোকসকলে একোটা গোট বা সমূহ গঠন কৰে য’ত তেওঁলোকৰ গোটৰ প্রতি একাত্মকতা, এক আন্ধোন এক বান্ধোন আৰু সেই গোটত প্ৰতি প্ৰবলভাৱে জাগ্ৰত হোৱা ‘আমি ভাৱ’ অন্তৰ্নিহিত হৈ থাকে।

৫৪। আমাৰ সমাজৰ পৰা জাতি প্রথা কিদৰে আঁতৰাব পাৰি?

উত্তৰঃ জাতিবাদে আমাৰ দেশৰ বহুতো সমস্যাৰ সৃষ্টি কৰিছে। ই দেশৰ প্রগতিৰ ক্ষেত্ৰত অন্তৰায় হৈ থিয় দিছে। গতিকে আমাৰ দেশৰ পৰা জাতিবাদ নিৰ্মূল কৰিবৰ বাবে তলত উল্লেখ কৰা ব্যৱস্থা সমূহ ল’ব পাৰি।

ক) ৰক্ষনশীল আৰু পৰম্পৰাগত দৃষ্টিভংগীৰ ফলস্বৰূপে জাতিবাদে গা কৰি উঠে। এনে দৃষ্টিভংগীৰ মানুহে জাতিৰ বিষয়ে কোনো জ্ঞান নথকাকৈয়ে জাতিবাদ অনুকৰণ কৰে। এই লোকসকলক যদি এই বিষয়ে সঠিক জ্ঞান দিব পৰা যায় তেন্তে জাতিবাদৰ কু-প্রভাৱৰ পৰা মুক্ত হ’ব পৰা যাব। 

খ) জাতিবোৰৰ মাজত বিবাহৰ ক্ষেত্ৰত থকা বাধাসমূহ দূৰ কৰিব পাৰিনে । জাতিবাদৰ নিচিনা কু-প্রথাৰ পৰা আঁতৰি থাকিব পৰা যাব৷

গ) জাতিবোৰৰ মাজত থকা সামাজিক আৰু সাংস্কৃতিক বৈষম্যসমূহ দূৰ কৰবি পাৰিলে জাতিবাদ নিৰ্মূল কৰিব পৰা যাব।

৫৫। আঞ্চলিকতাবাদক উৎসাহিত কৰা দুটা কাৰক উল্লেখ কৰা ৷

উত্তৰঃ জাতি, বৰ্ণ, ভাষা, ধৰ্ম আদিৰ ক্ষেত্ৰত থকা বিভিন্নতাৰ বাহিৰেও আঞ্চলিকতাবাদক উৎসাহিত দিয়াৰ আন কিছুমান কাৰকো আছে। যেনে কেন্দ্ৰীয় চৰকাৰৰ বৈষম্যমূলক নীতিৰ বিৰোধিতা কৰিও আঞ্চলিকতাবাদ গঢ় লৈ উঠা দেখা গৈছে। তদুপৰি, আঞ্চলিক বেষম্য, আৰ্থিক অনগ্ৰসৰতাৰ দৰে কাৰকেও আঞ্চলিকতাবাদক উদগণি যোগায়।

৫৬। সাংস্কৃতিক বৈচিত্ৰতা বুলিলে কি বুজা?

উত্তৰঃ বৈচিত্ৰতাই প্রকৃততে পাৰ্থক্যক বুজায় অসমতা নহয়। ভাৰতত বসবাস কৰা বিভিন্ন সামাজিক সমূহ আৰু সম্প্ৰদায়ৰ প্ৰত্যেকৰে নিজা নিজা পৰিচয় বহন কৰা ভাষা, ধৰ্ম, সংস্কৃতি আছে। সাংস্কৃতিক বিচিত্ৰতাই এনেধৰণৰ পাৰ্থক্য সমূহক ইংগিত কৰে।

সম্প্ৰদায়িক পৰিচয়ৰ সৃষ্টিৰ মূল কাৰকসমূহ হ’ল — পৰিয়াল, স্বজন, সম্বন্ধ, জাতি, নৃ-গোষ্ঠীয়তা, ভাষা অঞ্চল, ধৰ্ম আদি।

৫৭। ড৹ বি আৰ আম্বেদকাৰে কি ধৰ্ম গ্ৰহণ কৰিছিল আৰু কি?

উত্তৰঃ ড৹ বি আৰ অম্বেদকাৰে হিন্দু ধৰ্মৰ গোড়ামী আৰু জাতি ব্যৱস্থা আৰু অস্পৃশ্যতা আদিৰ বিৰোধীতা কৰি বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল। 

৫৮। ভাৰতৰ কেইটামান সংখ্যালঘু গোটৰ নাম লিখা।

উত্তৰঃ মুছলমান, খ্ৰীষ্টান, শিখ, বৌদ্ধ ধৰ্মাৱলম্বী আদি।

৫৯। আশ্ৰম ব্যৱস্থা কি বুজায়?

উত্তৰঃ হিন্দুসকলে জীৱনৰ লক্ষ্যত উপনীত হ’বৰ বাবে মনুষ্য জীৱনটোক চাৰিভাগত ভাগ কৰিছে। এই চাৰিটা ভাগত জীৱনৰ লক্ষ্যত উপনীত হোৱাৰ আশাৰে যিখিনি কৰ্ম সম্পাদন কৰে সেয়াই হৈছে আশ্রম। জীৱনৰ এই চাৰিটা আশ্ৰম হৈছে ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ আৰু সন্ন্যাস। এয়াই হৈছে আশ্ৰম ব্যৱস্থা।

৬০। কোন চনত (RTI) আইন গৃহীত আৰু বলবৎ হৈছিল?

উত্তৰঃ ২০০৫ চনৰ ১৫ জুন আইন গৃহীত আৰু বলবৎ কৰা হৈছিল ২০০৫ চনৰ ৩ অক্টোবৰত। 

৬১। বৈচিত্ৰ্য শব্দটোৱে অসমতাতকৈ বিভিন্নতাতহে জোৰ দিয়ে (সঁচা/মিছা)

উত্তৰঃ সঁচা। 

৬২। সেউজ বিপ্লৱৰ পৰা ধনী কৃষকবোৰ কিদৰে বেছিকৈ সুবিধা লাভ কৰিছিল?

উত্তৰঃ ১৯৬০ খ্ৰীষ্টাব্দৰ পৰা ১৯৭০ খ্ৰীষ্টাব্দৰ মাজৰছোৱাত ভূমি সংস্কাৰ সম্বন্ধীয় আইন আৰু পঞ্চ-বাৰ্ষিক পৰিকল্পনা সমূহে কৃষকসকলক লাভান্বিত কৰিছে। ফলত ভাৰতত সেউজ বিপ্লব আৰম্ভ হৈছে। এই সেউজ বিপ্লৱৰ পৰা ধনী কৃষকবোৰ বেছিকৈ সুবিধা লাভ কৰিছিল। সেউজ বিপ্লৱৰ ফলত ধনী কৃষক সকলেহে নতুন উচ্চ প্রযুক্তিবিদ্যা, নতুন প্ৰজাতিৰ বীজ আৰু আধুনিক সাৰ ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছিল। কাৰণ তেওঁলোকৰ হাততহে কৃষিত বিনিয়োগ কৰিবলৈ মূলধন আছিল। উন্নত প্রজাতিৰ বীজ, সাৰ, প্রযুক্তিবিদ্যা আদি ব্যৱহাৰ কৰাৰ ফলত কৃষি উৎপাদন বৃদ্ধি পাইছিল আৰু কৃষকসকল আৰ্থিকভাৱে লাভান্বিত হৈছিল। 

৬৩। এখনৰ দেশৰ অর্থনৈতিক উন্নয়ন কিদৰে কৃষিৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰঃ এখনৰ দেশৰ অর্থনৈতিক উন্নয়ন সদায় দেশখনৰ কৃষিখণ্ডৰ ওপৰত নিৰ্ভৰশীল। অৱশ্যে ঔদ্যোগীকৰণৰ ফলত আগবঢ়া ৰাষ্ট্ৰবোৰত এই নিৰ্ভৰশীলতা কম যদিও ঔদ্যোগিকভাৱে পাছপৰা তৃতীয় বিশ্বৰ দেশসমূহৰ আৰ্থিক উন্নয়ন কৃষি খণ্ডৰ ওপৰত নির্ভৰশীল ভাৰতো ইয়াৰ ব্যতিক্ৰম নহয়। ভাৰতত ১৯৬০ – ১৯৭০ দশকৰ মাজছোৱাত সেউজ বিপ্লৱৰ সূচনা হৈছিল। এই সময়ছোৱাত উৎপাদন পৰিমান ঠাই বিশেষে তিনিগুণ বৃদ্ধি পাইছিল। সেউজ বিপ্লৱে ভাৰতীয় কৃষকৰ আৰ্থিক অৱস্থা টনকীয়াল কৰি দেশৰ আৰ্থিক বিকাশত অৰান্ধিত কৰিছিল।

৬৪। ভূমিৰ’চিলিং মানে কি?

উত্তৰঃ মাটিৰ গুণাগুণ উৎপাদনশীলতা আৰু অন্যান্য দিশৰ ওপৰত নিৰ্ভৰ কৰি এটা পৰিয়ালে পাৰ পৰা মাটিৰ পৰিমাণৰ উচ্চতম সীমা নিৰ্ধাৰন কৰাকে ভূমিৰ চিলিং বুলি কোৱা হয়।

৬৫। ক্ষুদ্ৰ উদ্যোগক চৰকাৰে কিদৰে উৎসাহিত কৰিছে?

উত্তৰঃ ১৯৯০ চনৰ নীতিমতে ক্ষুদ্ৰ উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন সাধন হ’ল। পিছপৰা অঞ্চল আৰু গ্রাম্যাঞ্চলত ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ বাবে কেন্দ্রীয় বিনিয়োগ সাহায্যৰ পাৰ ৰাজ সাহায্য দিয়াৰ ব্যৱস্থা হ’ল চৰকাৰে বহুতো বস্তু যেনে কাগজ আৰু কাঠৰ দ্বাৰা উৎপাদিত বস্তু, কলম, পেঞ্চিল, বাচন-বৰ্তন আদিৰ দৰে বস্তুবোৰ উৎপাদন ক্ষুদ্ৰ উদ্যোগবোৰৰ কাৰণে সংৰক্ষণ কৰি ৰাখিছিল। ইয়াৰোপৰি ক্ষুদ্ৰ উদ্যোগবোৰক ৰাজ সাহায্য প্রদান কৰি কম সূতৰ বিনিময়ত মূলধন যোগান কৰি ক্ষুদ্ৰ উদ্যোগবোৰক উদগনি যোগাইছিল।

৬৬। ভাৰতৰ স্বাধীনতাৰ প্ৰথমৰ বছৰবোৰত ঔদ্যোগিক অৱস্থা ব্যাখ্যা কৰা ৷

উত্তৰঃ ভাৰতবৰ্ষৰ স্বাধীনতাৰ প্ৰথম বছৰ কেইটাৰ প্ৰথম বছৰ কেইটাত এই দেশত কেতবোৰ ঔদ্যোগিক বিকাশ সূচনা হৈছিল। অৰ্থাৎ ১৯৪৭ চনৰ পৰা ১৯১০-১১ চনৰ এই সময়ছোৱাত ঔদ্যোগিক বিকাশ সম্ভৱ হৈ উঠিছিল। ভাৰতবৰ্ষৰ স্বাধীনতাৰ সময়ছোৱাত বিকাশ লাভ কৰা আধুনিক উদ্যোগসমূহৰ ভিতৰত কপাহি উদ্যোগ, কয়লা, মৰাপাট, ৰেল উদ্যোগ ইত্যাদি প্রধান। এই সময়ছোৱাত ভাৰতত মিশ্ৰ অৰ্থনৈতিক ব্যৱস্থা গ্রহণ কৰা হৈছিল। যত কিছুমান খণ্ড চৰকাৰৰ ওপৰত ন্যস্ত কৰা হৈছিল আৰু আন কিছুমান বেচৰকাৰী খণ্ডৰ বাবে মুকলি কৰি ৰখা হৈছিল। এনে উদ্যোগসমূহক ভাৰতবৰ্ষৰ চৰকাৰে অনুজ্ঞা পত্র প্রদান কৰি উন্নয়ন ব্যৱস্থা হাতত লৈছিল। ভাৰতবৰ্ষৰ স্বাধীনতাৰ পূৰ্বেই এই দেশৰ বিভিন্ন উদ্যোগসমূহ নদী বা সাগৰৰ দাঁত কাষৰীয়া অঞ্চলত স্থাপন কৰা হৈছিল। ভাৰতবৰ্ষৰ মাদ্ৰাজ, বোম্বে, কলিকতা আদি মহানগৰসমীহ বৃন্দৰ এলেকাত ঔদ্যোগবোৰ হৈছিল। চৰকাৰৰ নীতিৰ ফলত পুনা, ফৰিদাবাদ, ৰাজকোট ইত্যাদিবোৰ ভাৰতবৰ্ষৰ গুৰুত্বপূৰ্ণ উদ্যোগ প্রধান ঠাই হিচাপে বিবেচনা কৰিব পাৰি।

৬৭। গোলকীকৰণ আৰু উদাৰীকৰণৰ ফলত ভাৰতীয় উদ্যোগ সমূহলৈ অহা পৰিৱৰ্তনবোৰ কি কি?

উত্তৰঃ গোলকীকৰণৰ ফলত ভাৰতত বিদেশী বহুজাতিক প্ৰতিষ্ঠানবোৰ আহিবলৈ আৰম্ভ কৰে। ইয়াৰ লগে লগে বিদেশী পণ্যৰে ভাৰতীয় বজাৰ ভৰি পৰে ভাৰতৰ চহৰবোৰত এই কোম্পানীবোৰৰ বিক্ৰি প্রতিষ্ঠান, উৎপাদনী গোট আৰু কাৰ্য্যালয় খোলা আৰম্ভ হয়৷ গোলকীকৰণৰ পিছত ভাৰতত অনুজ্ঞা পত্ৰৰ যুগৰ অন্ত পৰে। এতিয়া ভাৰতত উদ্যোগ প্ৰতিষ্ঠাৰ বাবে কোনো অনুজ্ঞা পত্ৰৰ প্ৰয়োজন নহয়৷ গোলকীকৰণৰ ফলত ভাৰতৰ বহুতো কোম্পানী বহুজাতিক প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত হয়। গোলকীকৰণৰ ফলত উদ্যোগিক উন্নয়ন দ্ৰুততম হৈছে যাৰ ফলত দ্ৰুত উদ্যোগিক বিকাশ আৰু অর্থনৈতিক উন্নয়ন সম্ভৱ হৈছে।

 এনেদৰে গোলকীকৰণে ভাৰতৰ উদ্যোগ ক্ষেত্ৰলৈ পৰিৱৰ্তন অনা দেখা গৈছে।

৬৮। শ্ৰমিকৰ ওপৰত ঔদ্যোগিকৰণৰ নেতিবাচক প্রভাৱ কি?

উত্তৰঃ শ্ৰমিকলৰ ওপৰত ঔদ্যোগিকৰণৰ কু-প্রভাৱটোক মাক্সে বিচ্ছিন্নকৰণ বা অপসাৰিতা বুলি উল্লেখ কৰিছিল। সাধাৰণতে উদ্যোগীকৰণৰ লগত শ্রম বিভাজনৰ ধাৰণা জড়িত হৈ থাকে। শ্ৰম বিভাজন আৰু শ্ৰমৰ বিশেষীকৰণ নীতিৰ প্ৰয়োগ কৰি উদ্যোগবোৰত একোটা কামক কেইবাটাও সৰু সৰু খণ্ডত খণ্ডিত কৰা হয়। যাৰ ফলত বহুতো শ্রমিকে কামৰ চূড়ান্ত ফল দেখা নাপায়। এনেকৈয়ে কামৰ প্রকৃত আনন্দ নোপোৱাকৈ জীৱন ধাৰণৰ বাবে কৰ্ম কৰিবলগীয়া হয়। মাক্সে এই অৱস্থাটোক অপসাৰিতা বুলি ব্যাখ্যা কৰিছিল। এই অপসাৰিতা হৈছে আধুনিক ঔদ্যোগিকৰণৰ ব্যৱস্থাৰ শ্ৰমিকৰ ওপৰত সৃষ্টি কৰা কু-ফল। প্রযুক্তি বিদ্যাৰ দ্ৰুত বিকাশে ঔদ্যোগবোৰৰ শ্রমিকক ব্যস্ত কৰি ৰাখে যাৰ ফলত কম বয়সতে দুৰ্বল হৈ পৰে। আধুনিক ঔদ্যোগবোৰৰ উৎপাদনী ব্যৱস্থাই শ্রমিকসকলক মানসিক চাপ দিয়ে। এইবোৰে হৈছে শ্রমিকৰ ওপৰত পৰা ঔদ্যোগীকৰণৰ কু-প্রভাৱ।

৬৯। খনি শ্ৰমিকসকলে সন্মুখীন হোৱা বিপদ আৰু বিপদাশংকাবোৰ কি কি? 

উত্তৰঃ খনিত কাম কৰা শ্ৰমিকসকলে সকলো সময়তে বিপদৰ আশংকা বহন কৰিবলগীয়া হয়। খনিত কৰ্মৰত অৱস্থাত ভূমিস্খলন হৈ বহু শ্রমিক আৱদ্ধ হোৱা বা মৃত্যু হোৱা ঘটনাও সংগঠিত হয়। আকৌ খনিৰ ভিতৰত হঠাতে পানী বাঢ়ি যোৱা, বিষাক্ত গেছ নিৰ্গত হোৱা, জুই আৰু ধোৱাৰ সৃষ্টি উশাহ নিশাহৰ বাবে অসুবিধাৰ সৃষ্টিকৰে শিল-কলি মাটি খহি যোৱাৰ ফলত কৃত্রিম পোহৰৰ ব্যৱস্থা কৰে যদিও কেতিয়াবা হোৱা বিদ্যুৎ সৰবৰাহ বিজুলি বা পোহৰৰ অভাৱতো শ্রমিকসকল বিপদত পৰিব পাৰে। বিশুদ্ধ বতাহৰ অভাৱত খনি কৰ্মীসকলৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। 

৭০। কোনটো শব্দৰ পৰা ‘ৰয়েতৱাৰী’ শব্দটো সৃষ্টি হৈছে আৰু ৰায়তবাৰী ব্যৱস্থা কি?

উত্তৰঃ তেলেণ্ড ভাষাৰ ৰায়ত শব্দৰ পৰাই ৰায়তৱাৰী শব্দটোৰ সৃষ্টি হৈছে। ৰায়ত মানে হৈছে কৃষক। ৰায়তৱাৰী ব্যৱস্থাত উৎপাদকৰ হাততেই ভূমিৰ মালিকীস্বত্ব থাকে আৰু ভূমিৰ খাজনা তেওঁলোকে নিজেই চৰকাৰক দিয়ে। সময়ে সময়ে নিৰ্দিষ্ট খাজনা দি ভূমি ৰক্ষণাবেক্ষণত সচেষ্ট থাকে।

৭১। ভূমি চিলিং আইন সম্পৰ্কে এটা টোকা লিখা?

উত্তৰঃ ভাৰতৰ ভূমি সংস্কাৰৰ বাবে লোৱা ব্যৱস্থাসমূহৰ ভিতৰত এটা উল্লেখযোগ্য ব্যৱস্থা হ’ল ভূমি চিলিং আইন। এই আইনসমূহে এটা পৰিয়ালে কিমান পৰিমানৰ ভূমি লাভ কৰিব তাৰ সীমা নিৰ্ধাৰণ কৰি দিয়ে ভূমিৰ উৎপাদন, প্রকাৰ, আৰু অন্যান্য কাৰকৰ ওপৰত নিৰ্ভৰ কৰি অঞ্চল বিশেষে এই আইন সমূহ ভিন্ন হয়। এই আইন মতে ৰাজ্যসমূহে জাতি আৰু জনজাতিসকলক চিলিঙৰ নিৰ্দ্ধাৰিত পৰিমানৰ ভূমিতকৈ বেছি থকা ভূমিসমূহ অধিগ্ৰহণ কৰি সেইবোৰক ঘৰক প্রদান কৰে।

৭২। জাতি শব্দটোৰ অর্থ কি ?জাতি ব্যৱস্থাত দেখা পোৱা বৈশিষ্ট্য সমূহ উল্লেখ কৰা?

উত্তৰঃ জাতি’ বুজোৱা ইংৰাজী শব্দ ‘Caste ৰ মূল হ’ল স্পেণিছ শব্দ ‘Caste‘ । ইয়াৰ অৰ্থ হ’ল সঁচ (Breed), জনগোষ্ঠী (Race), বংশ[Lineage) নাইবা বংশগতভাৱে লাভ কৰা গুণৰ এক সংমিশ্ৰণ।পৰ্তুগীজসকলে এই শব্দটোৰে মানুহৰ শ্রেণী (Classes of People) বুজায়। ভাৰতত ‘Caste’ৰ সমাৰ্থক শব্দটো হ’ল জাতি’।

ৰিচলে ‘ৰ সংজ্ঞা মতে, “এটা উমৈহতীয়া নাম থকা; কোনো এক পৌৰাণিক মানৱীয় অথবা সৰগীয় সত্বাৰ পৰা সৃষ্টি এক উমৈহতীয়া পূৰ্বপুৰুষ থকা বুলি দাবী কৰা; লাভ কৰা একেটা বৃত্তিকে অনুসৰণ কৰা বুলি কোৱা আৰু মতামত দাঙি ধৰিব পৰাকৈ অৰ্হতা থকা সকলে এটা একক সমৰূপ সম্প্ৰদায় গঠন কৰিব পাৰিব বুলি কোৱা একাধিক পৰিয়াল নাইবা সমূহ এটাকে জাতি বোলা হয়।”

লান্দবাৰ্গৰ মতে, “এটা জাতি মানে হ’ল এটা অনমনীয় সামাজিক শ্ৰেণী, যিটোত সদস্যসকলে জন্মগ্ৰহণ কৰে আৰু যিটোৰ পৰা চৰম কণ্টকৰভাবে নিজৰ সংযোগ চ্ছিন্ন কৰে নাইবা নিস্তাৰ পায়।” গতিশীলতা আৰু সামাজিক প্ৰস্থিতিৰ বৈশিষ্ট্য আদিৰ দৰে বিষয়বোৰত অতি অনমনীয়তা প্ৰদৰ্শন কৰা স্তৰীকৰণ ব্যৱস্থাৰ প্রকাৰটোৱেই হ’ল জাতি।

গ্ৰীণৰ মতে, “জাতি হ’ল স্তৰীকৰণ এনে এক ব্যৱস্থা য’ত সামাজিক প্রস্থিতিৰ জখলাডালেৰে ওপৰ-তল কৰিব পৰা গতিশীলতাৰ উদ্ভৱ নহ’বও পাৰে।”

বৈশিষ্ট্য : সামাজিক স্তৰীকৰণৰ এটা ৰূপ হিচাপে জাতিয়ে প্ৰচলিত ৰীতি-নীতিগত পবিত্ৰতা আৰু অপবিত্ৰতাৰ আধাৰত এক উচ্চৰ পৰা নিম্নগামী পদানুক্ৰমত সমাজখনক বিভিন্ন সামাজিক সমূহত ভাগ কৰে। জাতি হ’ল এটা বংশানুক্ৰমিক আৰু সবৰ্ণ সমূহ। ইয়াৰ পৰম্পৰাগত জীৱিকা/বৃত্তিৰ সৈতে সম্পৰ্ক আছে। জাতি ব্যৱস্থাৰ বহুকেইটা বৈশিষ্ট্য আছে।

তলত বৈশিষ্ট্যবোৰ আলোচনা কৰা হ’ল–

গৌণ বিভাজন : প্রতিটো জাতিয়েই একোটা স্বনিয়ন্ত্রিত সমূহ ৷ জাতিবোৰ পৰস্পৰৰ পৰা স্বতন্ত্ৰ। মানুহ জন্মসূত্ৰে কোনো এটা জাতিৰ সদস্য হয়। জাতি অপৰিৱৰ্তনীয়। সেয়েহে মানুহে নিজৰ জাতি সলনি কৰি অন্য জাতিৰ সদস্য হ’ব নোৱাৰে। প্ৰতিটো জাতিৰে নিজস্ব জীৱন যাপন পন্থা আছে। প্রতিটো জাতিৰে নিজস্ব নীতি-নিয়ম, প্রথা, পৰম্পৰা, ধৰ্মীয় অনুশীলন আৰু ৰীতি আছে। জাতিভিত্তিক নীতি-নিয়মবোৰ বলৱৎ কৰিবলৈ প্ৰতিটো জাতিৰে ‘জাতি পৰিষদ’ নামৰ নিজস্ব প্ৰশাসনিক অভিকৰণ একোটা থাকে।

পদানুক্ৰম : জাতি ব্যৱস্থাটোৰ প্রকৃতি পদানুক্ৰমিক। এটা জাতিত চাৰিটা বৰ্ণ নাইবা জাতি থাকে। জাতিবোৰ ক্ৰমে উচ্চৰ পৰা নিম্নলৈ ভাগ কৰা হয়। পদানুক্রম তালিকাৰ শীৰ্ষৰ পৰা নিম্ন স্থানত থকা জাতিকেইটা হ’ল-“ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। ব্ৰাহ্মণ আৰু শূদ্ৰ এই দুটা চৰম জাতিৰ মাজত আৰু বহুতো জাতি আছে। এই জাতিবোৰ ব্ৰাহ্মণসকলৰ পৰা কিমান আঁতৰত/তলত তাৰ ওপৰত এইবোৰৰ সামাজিক প্ৰস্থিতি নিৰ্ভৰশীল ৷

বৰ্ণ ব্যৱস্থাৰ বাহিৰতো অস্পৃশ্যতাৰ অস্তিত্ব আছে। বৰ্ণ বৱস্থাত যিটো চতুঃস্তৰীয় শ্ৰেণীবিভাজন আছে সেইটো দৰাচলতে ধৰ্মকেন্দ্ৰিক বিভাজন। আপেক্ষিক ধাৰ্মিক আচাৰ বিধিৰ পবিত্ৰতাৰ ভিত্তিত এই শ্ৰেণীবিভাজন কৰা হয়। ডি. চি. ভট্টাচাৰ্যৰ ভাষাত, “ই বিভিন্ন জাতিক একোটা পদানুক্ৰম গঢ়ি দিয়াৰ লগতে এটা জাতিৰ সদস্যসকলে নিৰ্বাহ কৰা জীৱিকা, খাদ্য হিচাপে গ্রহণ কৰা বিভিন্ন সামগ্ৰী আৰু ভিন্ন পদানুক্ৰম অনুসৰি মানি চলা প্রথাবোৰকো সূচায়।”

আন্তঃবিবাহ : বেষ্টাৰমাৰ্কৰ মতে অন্ত বিবাহেই হ’ল জাতি ব্যৱস্থাৰ মূলাধাৰ। অন্ত বিবাহে একেটা জাতিৰ ভিতৰতে বিবাহ সম্পন্ন হোৱাটোক বুজায়৷ আন্তঃ বিবাহ নীতিয়ে জাতি এটাৰ সদস্যসকলক নিজ জাতিৰ বাহিৰত বিবাহ নিষেধ কৰা। আন্তঃ বিবাহৰ এই নীতি উলংঘা কৰিলে জাতিৰ পৰা এঘৰীয়া কৰা নাইবা জাতিৰ পৰিচয় হেৰুৱাবলগীয়া হ’ব পাৰে৷ একেটা গোত্ৰ’তে (Clan) বিয়া কৰাটোও নিষিদ্ধ কাৰ্য। গাৱলীয়া সমাজবোৰত সৰ্বৰ্ণ বিবাহৰ এই নীতি কঠোৰভাৱে মানি চলা হয়। অৱশ্যে এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে আন্ত: বিবাহ নীতিত কিছুমান ব্যতিক্ৰমো আছে। এনে ব্যতিক্ৰম দুটা হ’ল অনুলোম আৰু প্ৰতিলোম বিবাহ। 

জীৱিকা স্থিৰকৰণঃ জাতি ব্যৱস্থাৰ আন এক বৈশিষ্ট্য হ’ল ইয়াৰ জীৱিকা স্থিৰভাৱে নিৰ্ধাৰণ কৰিব পৰা গুণটো ৷ জীৱিকা/বৃত্তিবোৰক বংশগত বুলি ধৰা হয়। জাতি এটাৰ সদস্যসকলে নিজ নিজ পৰম্পৰাগত জীৱিকাবোৰেই গ্ৰহণ কৰিব বুলি ধৰা হয়। ব্ৰাহ্মণসকলে ধৰ্মীয় আচাৰ-বিধি সম্পন্ন কৰা কামত জড়িত হৈ থকাটোৱেই ইয়াৰ প্রমাণ। অন্য জাতিৰ লোকৰ কাপোৰ ধোৱাই হ’ল ধোবাৰ পৰম্পৰাগত জীৱিকা। ব্যৱসায়-বাণিজ্য, কৃষি, সামৰিক সেৱা আদিৰ দৰে বৃত্তি দুটামান অৱশ্যে সকলোৰে বাবে মুকলি ৷ কিছুমান জাতিৰ মানুহৰ উপাধিৰ পৰাই তেওঁলোকৰ জীবিকাৰ বিষয়ে গম পোৱা যায়। যেনে- নাপিত, ধোবা, মুচী, মালী ইত্যাদি ৷

খাদ্য আৰু পেয় পদাৰ্থত থকা বাধা-নিষেধ: (Restriction of food and Drink) : এটা নিৰ্দিষ্ট জাতিৰ সদস্যই কেনে ধৰণৰ খাদ্য খাব পাৰিব অথবা কি কি পেয় পদাৰ্থ গ্ৰহণ কৰিব পাৰি তাৰ কিছুমান নিয়ম আছে। সাধাৰণতে এটা জাতিয়ে সামাজিক মান্যতাৰ তুলাচনীত নিজতকৈ তলৰ জাতিবোৰৰ হাতেৰে খাদ্য গ্ৰহণ নকৰে। উচ্চ জাতিৰ লোক এজনে নিম্ন জাতিৰ লোকৰ ছাঁটোৱে স্পৰ্শ কৰিলেও নিজকে অপবিত্ৰ হৈ পৰা বুলি বিশ্বাস কৰে। নিম্ন জাতিৰ লোকৰ হাতৰ পৰা খাদ্য নাইবা পেয় পদাৰ্থ গ্ৰহণ কৰাৰ সময়তো একেটা বিশ্বাসেই ক্ৰিয়া কৰে।

সাংস্কৃতিক পাৰ্থক্য (Cultural Difference) : প্রতিটো জাতিৰে সবৰ্ণ অথবা আন্ত বিবাহ, পবিত্ৰ-অপবিত্ৰৰ ধাৰণা, বৃত্তিগত বিশেষ জ্ঞান আদিৰ ক্ষেত্ৰত নিজা নিজা নীতি-নিয়মৰ সমষ্টি একোটা আছে। প্রতিগৰাকী ব্যক্তিৰে আচৰণ তেওঁৰ জাতিৰ প্ৰয়োজনীয়তাবোৰে নিয়ন্ত্ৰণ কৰে বাবে প্ৰতিটো জাতিয়েই নিজ নিজ উপ-সংস্কৃতি বিকশিত কৰে। নীতি মতে, যিমানেই আকৰ্ষণীয় নহওক কিয় অন্য জাতিৰ ধৰ্ম’ পালন কৰাতকৈ মানুহে যিমানেই নিম্ন নহওক কিয় নিজ জাতিৰ ‘ধৰ্ম’ (ধৰ্মীয় বাধ্যবাধকতা) পালন কৰাটোহে শ্ৰেয়। এই নীতিৰ ফলস্বৰূপে বিভিন্ন জাতিৰ জীৱনশৈলী’ ভিন ভিন ধৰণৰ হৈছে৷ অধ্যাপক ঘাৰ্মাৰ মতে, “সেয়েহে জাতিবোৰ নিজেই একো একোখন ক্ষুদ্ৰ আৰু সম্পূৰ্ণ সামাজিক পৃথিৱী জাতিবোৰ পৰস্পৰৰ পৰা পৃথক কিন্তু বৃহত্তৰ সমাজখনৰ ভিতৰত সকলো জাতিয়েই সহাৱস্থান কৰে”

পবিত্ৰতা আৰু অপবিত্ৰতাৰ ধাৰণা : অপবিত্ৰতাৰ ধাৰণাটোৱে বিভিন্ন জাতিৰ মাজৰ প্ৰয়োজনীয় ব্যৱধান বৰ্তাই ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। “এগৰাকী উচ্চ জাতিৰ মানুহে নিম্ন জাতিৰ মানুহে ৰন্ধা খাদ্য আৰু যঁচা পানী গ্ৰহণ কৰাটোতো বাদেই, তেনে মানুহক আনকি স্পৰ্শই নকৰিব। আন্তঃ ক্ৰিয়াত জড়িত দুয়োটা জাতি যদি পদানুক্ৰম তালিকাৰ চৰম জাতি দুটাৰ সদস্য হয়, তেন্তে নিম্ন জাতিৰ মানুহ উচ্চ জাতিৰ মানুহৰ পৰা নূনতম দূৰত্ব বতাই ৰাখিব লগা হয়। জাতি আৰু স্থানভেদ এই অপবিত্ৰতাৰ পৰিমাণ ভিন ভিন হব পাৰে।

এক নিৰ্দিষ্ট নাম : প্ৰতিটো জাতিৰে একোটা বিশেষ নাম থাকে। আমি এনে নামেৰে জাতিবোৰ চিনো। কেতিয়াবা কোনো নিৰ্দিষ্ট জাতিৰ নামৰ সৈতে জাতিটোৰ বৃত্তিটো সাঙুৰ খাই থাকে। আমি নামৰ দ্বাৰাই জাতি এটাৰ বৃত্তি নাইবা জীৱিকাৰ কথা গম পাওঁ।

উলম্ব গতিশীলতাৰ অনুপস্থিতি : এটা জাতি ব্যৱস্থাত কোনো ব্যক্তিয়েই প্ৰস্থিতি জখলাৰে ওপৰলৈ অথবা তললৈ গতি কৰিব নোৱাৰে। ব্যক্তিয়ে জন্মৰ সময়ত লাভ কৰা প্ৰস্থিতিকে সমগ্র জীৱনৰ বাবে কঢ়িয়াব লাগে।

৭৩। জাতি আৰু বৰ্ণৰ পৰিচয় দিয়া।

উত্তৰঃ ভাৰতীয় সামাজিক ব্যৱস্থা অধ্যয়ন কৰাৰ সময়ত সততে মুখামুখি হোৱা দুটা গুৰুত্বপূৰ্ণ শব্দ হ’ল ‘জাতি’ আৰু ‘বৰ্ণ দুয়োটা শব্দই পৰম্পৰাগত ভাৰতীয় সমাজৰ কিছুমান শ্ৰেণীবিভাজনৰ কথা বুজায় আৰু বহুতৰে মনত বিভ্ৰান্তিৰ সৃষ্টি কৰে। এগৰাকী হিন্দু ব্যক্তিৰ জীৱনত জাতি আৰু বৰ্ণই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্রাচীন ভাৰতৰ সমাজত প্ৰচলিত শ্ৰেণী বিভাজন ব্যৱস্থা এটাৰ নাম হ’ল ‘বৰ্ণ ব্যৱস্থা’। বৰ্ণ ব্যৱস্থাই সমাজ এখনক চাৰিটা শ্ৰেণীত ভাগ কৰিছিল। শ্ৰেণীকেইটা হ’ল—

(ক) ব্ৰাহ্মণ, পুৰোহিত শ্রেণী।

(খ) ক্ষত্ৰিয়, যোদ্ধা শ্রেণী।

(গ) বৈশ্য, ব্যৱসায়ী শ্ৰেণী।

(ঘ) শূদ্ৰ, ভৃত্য নাইবা শ্রমিক শ্রেণী।

বৰ্ণ : বৰ্ণ শব্দৰ আক্ষৰিক অৰ্থ হ’ল ৰং। কিন্তু বৰ্ণ ব্যৱস্থাৰ মানুহৰ গাৰ বৰণৰ সৈতে কোনো সম্পৰ্ক নাই। এই ব্যৱস্থাই মানুহৰ গাত আৰোপিত গুণ অথবা বৈশিষ্ট্য আধাৰত মানুহক বিভিন্ন সামাজিক শ্ৰেণীত ভাগ কৰিছিল। সময়ৰ সৌত বৰ্ণ ব্যৱস্থাৰ প্রভাৱ ম্লান  হৈ পৰিল আৰু অধিক বিদ্বেষপূৰ্ণ জাতি ব্যৱস্থাৰ বিকাশ ঘটিল । এই জাতি ব্যৱস্থাৰ অস্তিত্ব আজিও আছে। জাতি ব্যৱস্থা অনুসৰি এগৰাকী ব্যক্তিৰ উৰ্দ্ধমুখী সামাজিক গতিশীলতা লাভৰ কোনো অৱকাশ নাই। তেওঁ যিটো জাতিত জন্মিছে সেইটো জাতিৰ সদস্য হৈয়েই জীৱন পাৰ কৰিব লাগিব।

মৌলিক বৰ্ণ ব্যৱস্থাৰ উদ্দেশ্য আছিল সমাজত বাস কৰা লোকৰ মাজৰ সমন্বয় আৰু সহযোগিতা বৃদ্ধি কৰা। বেলেগ বৰ্ণৰ লোকে কেতিয়াও অন্য বৰ্ণৰ লোকৰ জীৱনত প্ৰতিদ্বন্দিতা কৰিম বুলি হস্তক্ষেপ নকৰিছিল। যেতিয়া মানুহৰ গুণৰ আধাৰত নহৈ জন্মৰ আধাৰত বৰ্ণ নিৰ্ণয় প্রথা আৰম্ভ হল তেতিয়াৰ পৰাই ব্যৱস্থাটোত ঘূণে ধৰিবলৈ আৰম্ভ কৰিলে।

জাতি : প্ৰাচীন বৰ্ণ ব্যৱস্থাৰ সামাজিক শৃংখলাৱদ্ধতাৰ দিশৰ পৰা কোনো বিশেষ গুৰুত্ব নাছিল। এগৰাকী ব্ৰাহ্মণক অন্য বৰ্ণৰ লোকে অন্য দৃষ্টিৰে চাইছিল। কিন্তু নিজ বৰ্ণৰ ভিতৰত তেওঁ অন্য দহজনৰ দৰেই এগৰাকী সাধাৰণ ব্যক্তি আছিল আৰু তেওঁৰ কোনো পৃথক চিনাকি নাছিল। একেটা বৰ্ণৰ ভিতৰতে পৃথক চিনাকিৰ প্রয়োজন উদ্ভৱ হোৱা বাবেই বৰ্ণ ব্যৱস্থাৰ ভিতৰতে জাতি ব্যৱস্থাৰ বিকাশ ঘটিল। ভাৰতত পৰৱৰ্তী সময়ত বহুতো জাতিৰ বিকাশ ঘটিল। এনে ব্যক্তিয়ে কোনো এক নিৰ্দিষ্ট সম্প্ৰদায়ৰ ব্যৱসায় নাইবা বৃত্তিক প্রতিফলিত কৰিছিল। ধোবা সম্প্ৰদায়টোৰ নাম আহিছে ‘ধোনা’ শব্দটোৰ পৰা। ইয়াৰ অৰ্থ হ’ল ‘ধোৱা’৷ অৰ্থাৎ ধোবাসকল হ’ল অন্যৰ কাপোৰ ধুই চাফা কৰি দিয়া লোক। অৰ্থাৎ জাতি হ’ল কোনো এক নিৰ্দিষ্ট বৃত্তি অথবা ব্যৱসায়ত জড়িত থকা একোটা সম্প্ৰদায়। আধুনিক ভাৰতত কেইদিনমানৰ আগলৈকে জাতি ব্যৱস্থাৰে সমাজৰ শ্রেণী বিভাজন কৰাৰ প্রক্ৰিয়া চলি আছিল। এজন মানুহৰ উপাধিৰ পৰাই মানুহজনৰ জাতিগত জীৱিকা / বৃত্তি কি সেয়া গম পোৱা যায়। অৱশ্যে আধুনিক শিক্ষা ব্যৱস্থা আৰু ৰাষ্ট্ৰৰ বৈষম্যহীন আচৰণৰ ফলত লাহে লাহে এই জাতি ব্যৱস্থাৰ গুৰুত্ব কমিবলৈ ধৰিছে।

৭৪। জাতি আৰু শ্রেণীৰ মাজৰ প্ৰভেদসমূহ কি কি?

উত্তৰঃ (ক) জাতিৰ কেৱল ভাৰতীয় উপ-মহাদেশতহে অস্তিত্ব আছে। বিশেষকৈ ভাৰতত জাতিৰ অস্তিত্ব অধিক স্পষ্ট। আনহাতে, পৃথিবীৰ সকলো সমাজতে শ্রেণী আছে। শ্রেণী বিশেষকৈ ইউৰোপ আৰু আমেৰিকাৰ ঔদ্যোগিক সমাজবোৰৰ বৈশিষ্ট্য। ডুম’ণ্ট আৰু লীচ্চৰ মতে জাতি কেৱল ভাৰতত অস্তিত্ব থকা এক বিশেষ পৰিঘটনা।

(খ) ব্যক্তিক পাৰ্থিৱ সম্পদৰ ওপৰত থকা দখল আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত দেখা পোৱা অসমতাৰ আধাৰত বিভিন্ন সমূহত ভাগ কৰাৰ দৰে মূলতঃ অর্থনৈতিক পাৰ্থক্যৰ আধাৰত ভাগ কৰাকে শ্ৰেণী বোলে। জাতি প্রথাত ধৰ্মৰ দৰে অনা-অৰ্থনৈতিক প্রভাৱে (পুনজন্ম আৰু পবিত্ৰতা-অপবিত্ৰতা সূচিত কৰা ধৰ্মীয় বিধি-বিধানৰ পালন আদি) অধিক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

(গ) জাতি আৰু অন্য ধৰণৰ সামাজিক স্তৰীকৰণৰ দৰে শ্রেণী কোনো ন্যায়িক অথবা ধৰ্মীয় পন্থাৰে গঢ় লৈ নুঠে। ন্যায়িক নাইবা পৰম্পৰাগত প্ৰথাই সুনিৰ্দিষ্ট কৰি দিয়া কোনো উত্তৰাধিকাৰীসূত্ৰে লাভ কৰা প্ৰস্থিতিৰ আধাৰত শ্ৰেণীৰ সদস্য হ’ব নোৱাৰি। জাতি ব্যৱস্থাতহে মানুহে সদস্যপদ উত্তৰাধিকাৰীসূত্ৰে লাভ কৰে।

(ঘ) জাতি ব্যৱস্থা স্থিৰ; শ্ৰেণী ব্যৱস্থা গতিশীল।

(ঙ) জাতি ব্যৱস্থাত থকাৰ দৰে শ্রেণী ব্যৱস্থাত বিভিন্ন শ্রেণীৰ লোকৰ মাজত আন্তঃ খাদ্যগ্ৰহণ আৰু আন্তঃ বিবাহৰ কোনো আনুষ্ঠানিক বাধা-নিষেধ নাই। জাতি ব্যৱস্থাৰ মূলাধাৰ হ’ল সবৰ্ণ অথবা আন্তঃ বিবাহ আৰু ইয়েই ব্যৱস্থাটোক বৰ্তমানলৈকে জীয়াই ৰাখিছে।

(চ) জাতি ব্যৱস্থা হ’ল এক সংকীৰ্ণ ব্যৱস্থা। ইয়াত গতিশীলতাক বাধা দিয়া হয়। আনহাতে, শ্রেণী ব্যৱস্থা হ’ল এক মুক্ত ব্যৱস্থা ৷ ইয়াত জন্মতকৈ ব্যক্তিৰ সফলতাৰ ওপৰত সামাজিক গতিশীলতা নিৰ্ভৰশীল।

 (ছ) এটা শ্রেণী গঠন কৰিবলৈ শ্ৰেণী সচেতনতাবোধ গঢ়ি উঠাটো প্ৰয়োজনীয়। কিন্তু জাতি ব্যৱস্থাত সদস্যসকলৰ কোনো বিষয়নিষ্ঠ সজাগতাৰ কোনো প্রয়োজন নাই।

(জ) জাতি ব্যৱস্থাত আন্তঃ বিবাহ নীতিৰে জীৱনসংগী বাছিব লাগে। অৰ্থাৎ নিজৰ জাতিৰ ভিতৰতে বিয়া কৰাব লাগে। শ্রেণী ব্যৱস্থাত এনে কোনো বাধা-নিষেধ নাই৷ 

(ঝ) জাতি ব্যবস্থা ইশ্বৰৰ সৃষ্টি বুলি ভবা হয়। শ্ৰেণীৰ উৎস ধৰ্মনিৰপেক্ষ। কোনো ধৰ্মীয় গোড়ামিৰ আধাৰত শ্ৰেণী গঠন কৰা নহয়।

(ঞ) বিভিন্ন জাতিৰ আপেক্ষিক মৰ্যাদা সমাজত সুপ্রতিষ্ঠিত। শ্ৰেণী ব্যৱস্থাত এনে কোনো অনমনীয়াভাৱে নিৰ্ধাৰণ কৰি দিয়া মৰ্যাদা ক্ৰম নাথাকে।

৭৫। যজমানি ব্যৱস্থা আৰু প্ৰতিপত্তিশালী জাতি বুলিলে কি বুজা? 

উত্তৰঃ জাতি ব্যৱস্থা হ’ল ভাৰতীয় সমাজৰ এক বিশেষত্ব। নগৰ-চহৰতকৈ গ্ৰামোঞ্চলত ইয়াৰ প্রভাৱ অধিক শক্তিশালী৷ জাতিয়ে সামাজিক আচৰণৰ নীতি-নিয়ম বান্ধি দিয়ে। এনে নীতি-নিয়ম উলংঘা কৰিব নোৱাৰি। জাতি ব্যৱস্থাৰ অন্তৰ্ভুক্ত প্ৰতিটো জাতিয়েই নিজৰ সদস্যসকলক বান্ধি  ৰখা আৰু তেওঁলোকৰ আচৰণ নিয়ন্ত্ৰণ কৰাৰ প্রয়াস কৰে। জাতিভেদে পৰম্পৰা, প্ৰথা আৰু আচৰণৰ নীতি-নিয়ম ভিন ভিন হ’ব পাৰে। জাতিবোৰক সামাজিকভাৱে বহুতো গৌণ উপভাগত ভগোৱা হৈছে যদিও এনে বহুতো সামাজিক পৰিস্থিতিৰ উদ্ভৱ হয় যিবোৰত এটা জাতিক আন এটা জাতিৰ সহায়/সেৱাৰ প্ৰয়োজন হয়। জাতিবোৰৰ মাজত থকা এনে ধৰণৰ নিৰ্ভৰশীলতাকে ‘যজমানি ব্যৱস্থা’ বোলা হয়। এই ব্যৱস্থাৰ অধীনত গাঁও এখনত বাস কৰা প্রতিটো দলেই অন্য জাতিক কিছুমান নিৰ্দিষ্ট স্বীকৃত মানৱদ্ধ সেৱা আগবঢ়াব বুলি ভবা হয়৷ যেনে- ব্ৰাহ্মণ জাতিৰ প্ৰধান কাম হ’ল বিভিন্ন ধৰ্মীয় আৰু উৎসৱ-পাৰ্বণৰ সৈতে জড়িত পূজা-পাতল কৰা৷ এগৰাকী ব্ৰাহ্মণে অন্য জাতিৰ কৰি দিয়াৰ বিনিময়ত ধন নাইবা অন্য দ্রব্যৰ ৰূপত মূল্য লাভ কৰে৷ একেদৰে, ধোবাই অন্যৰ কাপোৰ ধোবাটো হ’ল তেওঁৰ যজমান’। তেওঁ আগবঢ়োৱা সেৱাৰ বিনিময়ত খাদ্য শস্যৰ অংশ এটা লাভ কৰিব পাৰে। বিয়া আৰু সন্তান জন্মাৰ দৰে কোনো বিশেষ উপলক্ষত ধোবাই বস্ৰ আৰু বাচন-বৰ্তনো লাভ কৰিব পাৰে।

প্ৰতিপত্তিশালী জাতি : এম. এন. শ্ৰীনিবাসে প্ৰতিপত্তিশালী জাতি ৰ ধাৰণাটো আগবঢ়াই কৈছিল যে অন্য জাতিতকৈ সদস্যৰ সংখ্যা অধিক জাতিটোকে প্ৰতিপত্তিশালী জাতি বোলা হয়। এটা জাতি প্ৰতিপত্তিশালী হ’বলৈ প্ৰয়োজন হোৱা প্রধান চৰ্তবোৰ হ’ল—

(ক) অর্থনৈতিক শক্তি।

(খ) ৰাজনৈতিক ক্ষমতা।

(গ) ধৰ্মীয় বিধি-বিধানে প্রদান কৰা পবিত্ৰতা।

(ঘ) সাংখ্যক শক্তি।

শ্ৰীনিবাসৰ মতে, “এটা জাতিক তেতিয়াহে প্রতিপত্তিশালী বোলা হয় যেতিয়া অন্য জাতিতকৈ সাংখ্যিক দিশেৰে ইয়াৰ সদস্য অধিক হয় আৰু লগতে জাতিটো অর্থনৈতিক তথা ৰাজনৈতিক ক্ষমতাৰেও অন্যতকৈ বলীয়ান হয়। এটা বৃহৎ আৰু শক্তিশালী জাতি যদি স্থানীয় জাতি পদানুক্ৰম তালিকাত অতি নিম্ন স্থান নাথাকে তেন্তে ই সহজে প্ৰতিপত্তিশালী জাতিৰূপে মূৰ দাঙি উঠিব পাৰে।”

প্ৰতিপত্তিশালী জাতিৰ প্ৰকাৰ্য : (ক) প্ৰতিপত্তিশালী জাতি এটাই প্রায়েই নিম্ন জাতি সমূহৰ বাবে একোটা উল্লেখ আৰ্হিৰ কাম কৰে। নিম্ন জাতিৰ মানুহে প্ৰতিপত্তিশালী জাতিটোৰ আচৰণ, ধৰ্মীয় আচাৰ-বিধিৰ নমুনা, প্ৰথা আদিৰ নকল কৰে। এইদৰে প্ৰতিপত্তিশালী জাতি একোটাই সাংস্কৃতিক প্রচাৰ কাৰ্যত বৰঙনি আগবঢ়ায়।

(খ) এক নিৰ্দিষ্ট স্থানৰ প্ৰতিপত্তিশালী জাতিবোৰে স্থানডোখৰত প্ৰচলিত বহুত্ববাদী সংস্কৃতি তথা ব্যৱস্থাবোৰৰ পহৰাদাৰৰ ভূমিকা পালন কৰে। তেওঁলোকে সামাজিক জীৱনৰ প্রতিমান আৰু নিৰ্দেশনাৱলী নিৰ্ধাৰণ কৰি দিয়ে।তেওঁলোকে পৌৰ তথা অৰ্থনৈতিক সা-সুবিধাবোৰো নিৰ্ধাৰণ কৰিব পাৰে। 

(গ) প্ৰতিপত্তিশালী জাতিবোৰ হ’ল সমাজৰ প্ৰধান ক্ষমতাৰ গৰাকী। তেওঁলোকে বাহিৰৰ চৰকাৰী বিষয়া, নিৰ্বাচিত প্ৰতিনিধি আৰু ৰাজনৈতিক নেতাবোৰৰ সৈতে সম্পৰ্ক স্থাপন কৰে। তেওঁলোকে ৰাজনৈতিক প্রক্ৰিয়াবোৰক প্রভাৱিত কৰিব পাৰে।

(ঘ) প্ৰতিপত্তিশালী জাতিবোৰে সম্প্ৰদায়ৰ প্ৰমূল্য তথা প্রতিমানবোণ নিৰূপণ কৰে। পৰম্পৰাগতভাৱে এই জাতিবোৰৰ প্রধান প্রকাৰ্যবোৰ ন্যায়িক, কাৰ্যকৰী আৰু বৈধতাৰ সৈতে জড়িত আছিল। তেওঁলোকে গাঁও আৰু বাহিৰৰ পৃথিৱীখনৰ মাজত যোগসূত্ৰ স্থাপন কৰে।

(ঙ) গ্রাম্য সমাজত প্রভাৱশালী স্থিতিত থকা প্রতিপত্তিশালী জাতিবোৰে বিভিন্ন ধৰণে গ্রাম্য অৰ্থনীতি নিয়ন্ত্ৰণ কৰে। 

প্ৰতিপত্তিশালী জাতিয়ে অন্য জাতি নাইবা সমূহৰ ওপৰত অর্থনৈতিক তথা ৰাজনৈতিক ক্ষমতা প্ৰয়োগ কৰে। এনে জাতিবোৰে স্থানীয় জাতিভিত্তিক পদানুক্ৰমত এক উচ্চ স্তৰৰ বিধি-বিধান সংগত প্ৰস্থিতি উপভোগ কৰে। প্ৰতিপত্তিশালী জাতি এটা ধৰ্মীয় বিধি-বিধানৰ দিশেৰে উচ্চ নহ’বও পাৰে। কিন্তু এনে জাতিক ধন-সম্পত্তি, ৰাজনৈতিক ক্ষমতা আৰু সাংখ্যিক শক্তিৰ দৰে কাৰকবোৰে এক উচ্চ প্রস্থিতি উপভোগৰ সুবিধা প্রদান কৰে। এনে জাতিত অধিক শিক্ষিত লোকৰ উপস্থিতি আৰু বৃত্তিজীৱী লোকৰ হাৰ উচ্চ হোৱাৰ বাবেও তেওঁলোকে অন্য জাতি দলৰ ওপৰত নিজৰ প্রভাৱ খটুৱাব পাৰে। কেতিয়াবা প্ৰতিপত্তিশালী জাতিৰ একক ‘গোত্ৰ’ এটাই বহুতো অঞ্চলৰ একাধিক গাঁও নিয়ন্তণ কৰা দেখা যায়। প্ৰতিপত্তিশালী জাতিয়ে নিজ জাতিৰ ভিতৰত তথা অন্য জাতিৰ সদস্যৰ মাজত চলা নানা বিবাদ নিষ্পত্তি কৰে। প্রতিপত্তিশালী জাতিৰ সদস্যবোৰ বিশেষভাৱে ধনৱান আৰু ক্ষমতাশালী পৰিয়ালৰ সদস্য । তেওঁলোকে বিভিন্ন চৰকাৰী বিষয় -ববীয়াৰ সৈতে মিলি গাঁৱৰ বিভিন্ন কাম-কাজ সম্পন্ন কৰাৰ বাবে প্ৰতিনিধিৰ ভূমিকা পালন কৰে।

৭৬। নগৰীয়া সমাজ বা চহৰীয়া সমাজ কোনখন? শ্ৰেণীবিভাজন কৰি নগৰীয়া সমাজৰ ভূমিকা বিচাৰ কৰা?

উত্তৰঃ নগৰিকৰণ পদ্ধতিৰ ফলস্বৰূপেই নগৰীয়া সমাজৰ সৃষ্টি হৈছে। সমাজতত্ত্বৰ উল্লেখ থকা মতে, নগৰিকীকৰণে চহৰ বা নগৰ আৰু মহানগৰৰ গঠন প্রক্ৰিয়াকে বুজায়৷ বৰ্তমান জনসংখ্যা আৰু অ-কৃষিভিত্তিক বৃত্তি নাগৰিক সমাজৰ বৈশিষ্ট্য। ভাৰতীয় সভ্যতাৰ ইতিহাসৰ বিভিন্ন সময়ত নাগৰিক সমাজৰ গঠন আৰু বিকাশৰ সাক্ষৰ দেখা যায়। এনেকুৱা কিছুমান ইতিহাস প্ৰসিদ্ধ নগৰ হ’ল-হৰাপ্পা মহেন ঞ্জা-ডাৰো, ইন্দ্ৰপ্ৰস্থ, পাটলিপুত্ৰ, নালান্দা, তক্ষশীল, আগ্ৰা আদি। সময়ৰ লগে লগে, বিজ্ঞান আৰু প্ৰযুক্তিৰ অগ্ৰগতি, নতুন ৰাজনৈতিক আৰু অর্থনৈতিক পদ্ধতিৰ প্রভাৱত পুৰণি চহৰসমূহে নতুন ৰূপ লয় আৰু বহু নতুন চহৰৰ সৃষ্টি হয়।

চহৰসমূহৰ শ্ৰেণীবিভাজনঃ ভাৰতৰ চহৰসমূহক ইয়াত বাস কৰা জনসংখ্যাৰ গাঁথনিৰ ভিত্তিত আৰু চহৰসমূহৰ ভূমিকাৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভাগ কৰা হয়।

জনসংখ্যাৰ ভিত্তিত শ্ৰেণীৰিভাজনঃ ভাৰতৰ পৰিসংখ্যা বিভাগে জনসংখ্যাৰ ওপৰত ভিত্তি কৰি ভাৰতৰ চহৰসমূহক ছয় প্রকাৰত ভাগ কৰিছে। প্রথম শ্ৰেণীৰ চহৰ এখনৰ মৰ্যাদাৰ বাবে চহৰখনত প্ৰায় ১০০,০০০ বা ওপৰৰ জনসংখ্যা ধাৰ্য কৰা হৈছে। তেনেদৰে ৫০,০০০-৯৯,৯৯৯ জনসংখ্যাযুক্ত চহৰসমূহক দ্বিতীয় শ্ৰেণীৰ চহৰ আৰু ২০,০০০-৪৯,০০০ জনসংখ্যাযুক্ত চহৰসমূহক তৃতীয় শ্ৰেণীৰ চহৰত ভাগ কৰা হয়। ১০,০০০-১৯,০০০ জনসংখ্যাযুক্ত চহৰসমূহক চতুৰ্থ শ্ৰেণী, ৫,০০০-৯,৯৯৯ জনসংখ্যাৰ চহৰসমূহক পঞ্চম শ্রেনীৰ আৰু ৫,০০০ তকৈ কম জনসংখ্যাৰ চহৰসমূহক ষষ্ঠ শ্ৰেণীৰ চহৰ বুলি শ্ৰেণীভুক্ত কৰা হয়। নিম্নতম জনসংখ্যা ৫,০০০, কমেও ৭৫ শতাংশ যুৱ জনসংখ্যাৰ অ-কৃষিভিত্তিক বৃত্তি আৰু জনবসতিৰ ঘনত্ব ৪০০ বৰ্গ কিঃমিঃ হ’লে চহৰখনক জনগণনা চহৰ হিচাপে গণ্য কৰা হয়। এই মানদণ্ডৰ উপৰিও পৌৰসভা, বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ধাৰ্য কৰা চহৰৰ পৰিসীমাযুক্ত চহৰসমূহক ব্যৱস্থাপিত বা আইনমতে সিদ্ধ চহৰ বুলি কোৱা হয়।

ভূমিকা বা কাৰ্য : ভাৰতবৰ্ষৰ চহৰসমূহক ইয়াৰ প্রভাৱশালী ভূমিকাৰ ওপৰত ভিত্তি কৰিও শ্ৰেণীবিভাগ কৰিব পাৰি।

ধাৰ্মিক কেন্দ্ৰঃ কিছুমান চহৰ ইয়াৰ ধৰ্মীয় অনুষ্ঠানসমূহৰ বাবে বিশেষভাৱে পৰিচিত হয় আৰু বহু মানুহ এই অনুষ্ঠানসমূহৰ দ্বাৰা প্ৰভাবান্ধিত হয়। এই চহৰসমূহক মন্দিৰ চহৰ বুলি জনা যায়। মন্দিৰসমূহৰ দ্বাৰা এই চহৰসমূহৰ অৰ্থব্যৱস্থা বহু পৰিমাণে পৰিচালিত হয় আৰু ভোজনালয়, হোটেল, ধৰ্মশালা, স্মাৰক বিক্ৰীৰ দোকান, পথপ্রদৰ্শক ব্যৱসায় আদি এই মন্দিৰসমূহক কেন্দ্ৰ কৰি গঢ়ি উঠে। মন্দিৰ চহৰৰ দুটা উদাহৰণ হ’ল-দক্ষিণ ভাৰতৰ তিৰুপতি আৰু উত্তৰ ভাৰতৰ নাথদ্বাৰা।

ব্যবসায়িক কেন্দ্ৰ : উদ্যোগীকৰণৰ বিস্তৃত ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ব্যৱসায়িক সঞ্চালনৰ দ্বাৰা ভাৰতবৰ্ষৰ কিছুমান চহৰৰ জন্ম হোৱাৰ লগতে ই বহু মানুহক প্ৰভাৱিত কৰি চহৰমুখী কৰি তোলে। উদাহৰণ স্বৰূপে ক’লকাতা, মুম্বাই, জামছেদপুৰ, বাঙ্গালোৰ আদি।

পৰ্যটনৰ কেন্দ্ৰ : কিছুমান চহৰ ইয়াৰ প্রাকৃতিক শোভাৰ ওপৰত ভিত্তি কৰি আৰু অন্য কিছুমান পৰ্যটন স্থলীৰ আকৰ্ষণৰ কাৰণে গঢ়ি উঠে। এই চহৰসমূহৰ অৰ্থনীতি প্ৰধানকৈ পৰ্যটনৰ ওপৰত প্ৰতিষ্ঠিত। উদাহৰণ স্বৰূপে চিমলা, মানালি আদি চহৰৰ কথা ক’ব পাৰি।

প্রসাৰিত চহৰ : ডাঙৰ মেট্ৰোপলিটান চহৰসমূহৰ অত্যধিক জনসংখ্যাৰ হেঁচা লাঘৱৰ উদ্দেশ্যে এই চহৰসমূহৰ নিকটৱৰ্তী অঞ্চলত সৰু চহৰ কিছুমান গঢ়ি উঠে। উদাহৰণ স্বৰূপে নৱী মুম্বাই এনে এখন সৰু চহৰ তেনেদৰে দিল্লীৰ নিকৱৰ্তী, আহমেদাবাদৰ ওচৰত গান্ধীনগৰ এনেভাৱেই গঠন হৈছিল।

৭৭। নগৰীয়া বা চহৰীয়া সমাজৰ সমস্যাসমূহ কি কি?

উত্তৰঃ অপেক্ষাকৃতভাৱে অধিক সুবিধাৰ প্রত্যাশাত ক্ৰমাগতভাৱে চহৰ অভিমুখী লোকৰ আগমণত ভাৰতবৰ্ষৰ চহৰসমূহ প্রসাৰিত হৈ আহিছে। গাঁও আৰু চহৰৰ মাজত থকা অসমানুপাতিক উন্নয়নৰ ফলত চহৰ অঞ্চললৈ প্রৱজনৰ হাৰ বাঢ়িছে। ইয়াৰ ফলত চহৰসমূহত আকস্মিকভাৱে বৃদ্ধি পোৱা জনসংখ্যাৰ হাৰে কিছুমান সমস্যাৰ সৃষ্টি কৰিছে। এই সমস্যাসমূহৰ কিছুমান আলোচনা কৰা হ’ল—

জনসংখ্যাৰ অত্যধিক হেঁচা : জনসংখ্যাৰ অত্যধিক চহৰ কেন্দ্ৰিকতাই চহৰসমূহত জনস্ফীতি ঘটাইছে। ইয়াৰ ফলত চহৰৰ পূৰ্বস্থিত সম্পদ যেনে- ভূ-ভাগৰ ওপৰত অত্যধিক হেঁচাৰ সৃষ্টি কৰিছে। ভূ-সম্পদৰ যোগানী সীমিত বাবে ই প্রয়োজন অনুসৰি পৰিমাণত কম হৈ যোৱা বাবে মানুহে অৱশেষত চৰকাৰীভাৱে সংৰক্ষিত অঞ্চলসমূহতো বাস কৰিবলৈ লয় আৰু প্রকৃতি ইয়াৰ ফলত ক্ষতিগ্ৰস্ত হয় আৰু অন্যান্য সমস্যাৰো সৃষ্টি কৰে। বহুচহৰৰ অপৰিকল্পিত পৰিচালনাৰ ফলত জধে- মধে গঢ়ি উঠা গৃহ নিৰ্মাণ, নলী-নৰ্দমাৰ অবৈজ্ঞানিক গাঁথনি আদিয়ে সমস্যাৰ সৃষ্টি কৰে। উদাহৰণ স্বৰূপে গুৱাহাটীৰ কথাই ক’ব পাৰে। বৰ্তমান সময়ত গুৱাহাটী এখন জনসংখ্যা বহুল চহৰ। এই ক্ৰমবৃদ্ধিপ্ৰাণ্ড জনসংখ্যাৰ প্রয়োজন অনুসৰি গৃহ নিৰ্মাণ কৰিব যাওঁতে বহু সময়ত জলাশয় আৰু জলমনিৰ্গমন অঞ্চলসমূহ ব্যৱহাৰ কৰি অহা হৈছে। চহৰৰ পৰিসীমাৰ মুকলি ঠাইসমূহ বৃহৎ অট্টালিকাই গ্ৰাস কৰি এই ঠাইসমূহৰ পাৰিপাৰ্শ্বিকতাক ক্ষতি কৰিছে। চহৰখনত কৃত্ৰিম বানপানীৰ সমস্যাৰ এক চিন্তনীয় বিষয় হিচাবে দেখা দিছে।

বস্তি অঞ্চলৰ সৃষ্টি : অপর্যাপ্ত গৃহৰ সমস্যাই চহৰ অঞ্চলত প্রায়েই বস্তি অঞ্চলৰ সৃষ্টি কৰে। এই অঞ্চলসমূহ স্বাস্থ্যকৰ জীৱন নিৰ্বাহৰ বাবে বিশেষ সন্তোষজনক নহয়, কিয়নো এইবোৰত প্রায়ে প্রয়োজনীয় অনাময় ব্যৱস্থা, খোৱাপানীৰ ব্যৱস্থাৰ অভাৱৰ উপৰিও গৃহসমূহ সুস্থ বতাহ বা বায়ুৰ চলাচলৰ অভাৱৰ বাবে, আৰু ৰ’দৰ অভাৱত বহু বেমাৰৰ বীজাণু বহন কৰি ঠাইলৈ পৰ্যবসিত হয়। এই বস্তি অঞ্চলত আৰ্থিকভাৱে দুৰ্বল লোকসকল বাস কৰে। বহু সময়ত এই বস্তিসমূহ অনৈতিক কাৰ্যকলাপৰ এক গুপ্তথলী হৈ পৰে। ড৹ ৰাধাকমল মুখাৰ্জীৰ উক্তিয়ে বস্তি অঞ্চলৰ ছবি এখন প্রকাশ কৰে- “ভাৰতবৰ্ষৰ উদ্যোগিক চহৰসমূহত গঢ়ি উঠা হাজাৰৰ ওচৰৰ বস্তিসমূহত মানৱীয় আচৰণসমূহ প্ৰায়েই বিপথগামী হয়, মহিলাৰ প্রতি অন্যায় আচৰণ আৰু শিশুসকলৰ বাল্যকালছোৱা নষ্ট কৰি পেলোৱা হয়।”

যাতায়তৰ সমস্যাঃ চহৰসমূহত ৰাজহুৱা যাতায়ত ব্যৱস্থাৰ ক্ষেত্রত সুবিধা আছে। চহৰ অঞ্চলত ৰাজহুৱা পৰিবহণৰ সুচল বাৱস্থা থকা সত্বেও বেছিভাগ নাগৰিকে ব্যক্তিগত পৰিবহণৰ ব্যৱস্থা ৰাখে আৰু নিজাকৈ গাড়ী-মটৰ ক্ৰয় কৰে। ব্যক্তিগতভাৱে গাড়ীৰ গৰাকী হোৱাটো এক মৰ্যদাৰ চিহ্ন বুলি গণ্য কৰাৰ উপৰিও ই দ্ৰুত নগৰীয়া জীবনৰ বিশেষ সহায়ক হয়। সেয়েহে যান-জঁট চহৰীয়া জীৱনৰ এক দৈনন্দিন ঘটনা হিচাবে দেখা দিছে আৰু নাগৰিকসকলৰ চহৰ সম্বন্ধীয় সমস্যা এক কাৰক হৈ পৰিছে। 

বিদ্যুতৰ নাটনি : বৈদ্যুতিক সামগ্ৰীৰ বহুল ব্যৱহাৰ ক্ৰমাগতভাৱে বৃদ্ধি পাই অহাৰ পৰিণতিত বিদ্যুতৰ চাহিদাও বৃদ্ধি পাইছে। তেনেদৰে নগৰৰ ক্ৰমগতিত বৃদ্ধি পোৱা জনসংখ্যাৰ অনুপাতে বিদ্যুতৰ যোগ৷ন কম হোৱাত নগৰৰ কিছুমান অঞ্চল যেনে- বস্তি অঞ্চলত বেছিভাগ সময়তে বিদ্যুতৰ যোগান ব্যাহত হৈ থাকে। তদুপৰি চহৰৰ ম’ল, কাৰখানা, হোটেল, নাগৰিকৰ বাসগৃহ আদিত প্রয়োজন হোৱা বিদ্যুতৰ চাহিদা পূৰণ কৰিবলৈ গৈ উপকষ্ঠীয় গাঁওসমূহত প্রায়েই দুৰ্বল বিদ্যুতৰ যোগান ধৰা হয়।

পৰিবেশৰ বিনষ্টকৰণ : জনসংখ্যা বৃদ্ধিৰ পৰিণতি স্বৰূপে জধে-মধে, অপৰিকল্পিতভাৱে গঢ় লৈ উঠা অট্টালিকা আৰু হাবি-গছ কাটি মানুহৰ বাসস্থান নিৰ্মাণ কৰিবলৈ লোৱাৰ ফলত প্রাকৃতিক পৰিবেশ বিনষ্ট হৈছে। প্রাকৃতিক ভাৰসাম্যহীনতাৰ ফলত মানৱ জাতিয়ে ভৱিষ্যতে ভয়ানক সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনাৰ লগতে বৰ্তমানেও ই মানুহৰ কাৰণে ক্ষতিকাৰকৰূপে দেখা দিছে। উদাহৰণ স্বৰূপে, জনসংখ্যা বৃদ্ধিৰ ফলস্বৰূপে গুৱাহাটী মহানগৰী ক্ৰমাৎ আয়তনৰ ফালৰ পৰা বৃদ্ধি হৈ আহিছে অৰ্থাৎ ইয়াৰ ভূমিভাগৰ প্রসাৰ ঘটোৱা হৈছে। ইয়াকে কৰিবলৈ যাওঁতে গুৱাহাটীৰ মাজমজিয়াত ভূমিৰ গছ-গছনি ধ্বংস কৰি আৰু প্রয়োজন হ’লে কাষৰীয়া ঠাইৰ গছ-গছনি কাটি মানুহৰ বাসস্থান,উদ্যোগ আদিৰ কাৰণে ঠাই উলিয়াই সুবিধা কৰি লোৱা হৈছে। বহু সময়ত জলাশয়সমূহ মাটিৰে পুতি বাসস্থান নিৰ্মাণ, অফিচ নিৰ্মাণ, ম’লকে আদি কৰি বৃহৎ অট্টালিকা নিৰ্মাণ কৰা হৈছে। এই কাৰ্যৰ প্রত্যক্ষ ফল হিচাবে কৃত্ৰিম বানপানীৰ সমস্যা ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে। আকৌ, ক্ৰমাৎ বৃদ্ধিপ্ৰাপ্ত মটৰ গাড়ী আদি যাতায়তৰ ব্যৱস্থাসমূহে বায়ুমণ্ডল দূষিত কৰাৰ উপৰিও বৰ্ধিত জনসংখ্যাই অন্য কিছুমান প্রদূষণৰো সৃষ্টি কৰি পাৰিপাৰ্শ্বিকতাক ক্ষতিগ্ৰস্থ কৰিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top