Sociology of Gender Unit 3 সামাজিক লিংগ : পাৰ্থক্য আৰু অসমতা

Sociology of Gender Unit 3 সামাজিক লিংগ : পাৰ্থক্য আৰু অসমতা Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Sociology of Gender Unit 3 সামাজিক লিংগ : পাৰ্থক্য আৰু অসমতা to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Sociology of Gender Unit 3 সামাজিক লিংগ : পাৰ্থক্য আৰু অসমতা Question Answer can be of great value to excel in the examination.

Sociology of Gender Unit 3 সামাজিক লিংগ : পাৰ্থক্য আৰু অসমতা

Join Telegram channel

Sociology of Gender Unit 3 সামাজিক লিংগ : পাৰ্থক্য আৰু অসমতা Notes cover all the exercise questions in UGC Syllabus. The Sociology of Gender Unit 3 সামাজিক লিংগ : পাৰ্থক্য আৰু অসমতা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Q.2. Discuss the Prevalence of Matriarchal Family system.

Ans: পৃথিৱীৰ বিভিন্ন সমাজ তথা দেশত বিভিন্ন সময়ত আৰু বিভিন্ন কাৰণত মাতৃপ্ৰধান পৰিয়াল ব্যবস্থাৰ প্ৰচলন হৈছিল।নৃতাত্ত্বিকসকলে বিভিন্ন অধ্যয়নৰ যোগেদি প্ৰকাশ কৰিছে যে মাতৃপ্ৰধান পৰিয়াল ব্যৱস্থা আদিম জনসমূহৰ মাজত বহুলভাৱে প্ৰচলন আছিল।আদিম কালত কেতবোৰ মানুহ স্বীকাৰৰ উদ্দেশ্য হাবিয়ে বননিয়ে ঘূৰি ফুৰিছিল।অৱশ্যে চিকাৰৰ কাৰণে পুৰুষসকলেহে ঘূৰি ফুৰিছিল।পৰিয়ালৰ মাতৃসকল ঘৰত আছিল আৰু পিতৃসকলে হাবিয়ে বননিয়ে ঘূৰি ফুৰিছিল আৰু বহুদিন ধৰি ঘৰলৈ ঘূৰি নাহিছিল।সেয়েহে পৰিয়ালত পিতৃগৰাকীৰ অনুপস্থিতিত মাতৃগৰাকীযেই পিতৃ গৰাকীৰ দায়িত্ব বহন কৰিব লগা হৈছিল।তেনে অৱস্থাত পৰিয়ালৰ মাতৃ বা মহিলা গৰাকীয়েই পৰিয়ালটো নেত্ৰী হৈ পৰিছিল।মাতৃগৰাকীয়েই পৰিয়াল পৰিচালনাৰ দায়িত্ব গাত পাতি ল’ব লগা হৈছিল।

পৰিয়ালৰ কৰ্তৃত্ব মাতৃগৰাকীৰ ওপৰতেই ন্যস্ত আছিল।ৰবাৰ্ট ব্ৰিফালটে (Robert Briffault)তেওঁৰ ‘The mothers’ নামৰ গ্ৰন্থত আদিম জনজাতীয় সমূহবোৰৰ মাজত পিতৃপ্ৰধান আৰু মাতৃপ্ৰধান পৰিয়াল আৰু অন্যান্য সংস্থাবোৰৰ প্ৰচলন সম্পৰ্কে বহলকৈ আলোচনা আগবঢ়াইছে।তেওঁ এই গ্ৰন্থৰ আলোচনাত উল্লেখ কৰিছে যে একেবাৰে আদিতে পৰিয়াল হৈছে মাতৃপ্ৰধান পৰিয়াল, তেওঁৰ মতে যেতিয়াই কৃষিক্ষেত্ৰৰ বিকাশ তথা উন্নতিৰ সূচনা হ’ল তেতিয়াই পিতৃপ্ৰধান পৰিয়ালৰ জন্ম হ’ল। মাতৃপ্ৰধান পৰিয়াল উত্তৰ আমেৰিকাৰ ভাৰতীয়সকলৰ মাজত, মালাবাৰৰ কেতবোৰ লোকৰ মাজত আৰু কিছু সংখ্যা ভাৰতীয়ৰ মাজতো প্ৰচলন আছিল।ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয় ৰাজ্যৰ খাচীসকলৰ মাজত বৰ্তমানো এনে মাতৃপ্ৰধান পৰিয়ালৰ প্ৰচলন আছে।বিশ্বৰ বিভিন্ন সমাজত মাতৃপ্ৰধান পৰিয়ালৰ যি অস্তিত্ব বৰ্তি আছে তাৰ যোগেদি কেৱল মাতৃসকলৰ কৰ্তৃত্ব, অধিকাৰ বা মাতৃসকলৰ পৰিয়াল শাসনৰ অবাধ স্বাধীনতাৰ কথাকে কোৱা হোৱা নাই পৃথিৱীৰ কোনো কোনো অঞ্চলত দেখা যায় যে সেই অঞ্চলবিলাকত মাতৃপ্ৰধান পৰিয়ালৰ প্ৰচলন দেখা যায় যদিও তেনে সমাজত নাৰী বা মাতৃগৰাকীৰ তুলনাত পুৰুষজনৰ সন্মান বা সামাজিক স্থান কোনো গুণে কম নহয়।ঠিক তেনেদৰে এনে কিছুমান অঞ্চল আছে য’ত নেকি পিতৃপ্ৰধান পৰিয়াল ব্যৱস্থাৰ প্ৰচলন থকা সত্বেও মাতৃ বা নাৰী গৰাকীয়ে উপযুক্ত সন্মান আৰু প্রস্থিত আহৰণ কৰিবলৈ সক্ষম হয়।

এনে দৃষ্টান্ত ব্ৰাজিলৰ কোনো অঞ্চলৰ কেতবোৰ জনসমূহৰ সমাজত প্ৰচলিত।আমেৰিকা আৰু আফ্ৰিকা মহাদেশৰ বহুবোৰ জনজাতিৰ মাজত মাতৃপ্ৰধান পৰিয়ালৰ প্ৰচলন আছে যদিও ইয়াৰ অৰ্থ এইটো নহয় যে সেই সমাজত মাতৃসকলেই সৰ্বেসৰ্বা নাইবা কৰিব।এনে ধৰণৰ মাতৃপ্ৰধান সমাজ ব্যৱস্থাত মাতৃগৰাকীয়ে পৰিয়ালৰ অন্যান্য কামত ভূমিকা গ্ৰহণ কৰিলেও পৰিয়ালৰ সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী নহয়। এনেবোৰ সমাজত মাতৃৰ অধিকাৰক স্বীকাৰ কৰা হয়, কিন্তু শাসনক নহয়।আমি হয়তো এতিয়ালৈকে পৃথিৱীত এনে বহুবোৰ দৃষ্টান্ত পাইছোঁ যিবোৰ দৃষ্টান্তও প্ৰতিপন্ন কৰিছে বহুতো নাৰী বা মাতৃয়ে অধিকাৰ বা কৰ্তৃত্ব লাভ কৰিবলৈ সক্ষম হৈছে সঁচা কিন্তু সেই কৰ্তৃত্ব বা অধিকাৰ মাতৃপ্ৰধান সমাজ ব্যৱস্থাই (Matriarhal social system) প্ৰদান কৰা নাই।পিতৃপ্ৰধান সমাজ,ব্যৱস্থাতো একো একো গৰাকী নাৰীয়ে ক্ষমতা আৰু কৰ্তৃত্ব লাভ কৰিবলৈ সক্ষম হৈছে।উদাহৰণস্বৰূপে ,ইংলেণ্ডৰ ৰাণী দ্বিতীয় এলিজাবেথ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে যি সন্মান, অধিকাৰ, ক্ষমতা,কৰ্তৃত্ব আদি লাভ কৰিবলৈ সক্ষম হৈছিল সেয়া কোনো মাতৃপ্ৰধান সমাজ ব্যৱস্থাই প্ৰদান কৰ।নাই মাতৃপ্ৰধান পৰিয়াল ব্যৱস্থা বিভিন্ন জনসমূহৰ মাজত প্ৰচলন আছে যদিও বিভিন্ন জনসমূহৰ মাজত ইয়াৰ প্ৰকৃতি কিছু সুকীয়া।ভাৰতৰ কেৰেলা ৰাজ্যৰ নায়াৰ জনজাতি আৰু মেঘালয়ৰ খাচী আৰু গাৰো জনজাতিৰ মাজত এই পৰিয়াল পদ্ধতিৰ কিছু পাৰ্থক্য আছে।ঠিক তেনেদৰে দক্ষিণ-পশ্চিম ভাৰতৰ মাতৃপ্ৰধান পৰিয়ালৰ লগত উত্তৰ-পূব ভাৰতৰ মাতৃপ্ৰধান পৰিয়ালৰ প্রকৃতিৰ লগত কিছু পাৰ্থক্য আছে।মেঘালয়ৰ খাচীসকলৰ মাজত মাতৃপ্ৰধান পৰিয়ালৰ প্ৰচলন আছে আৰু সেইবাবে খাচীসকলৰ বংশ-বিচাৰ মাতৃৰ ফালৰ পৰা কৰা হয়।সা-সম্পত্তিৰ অধিকাৰো মাতৃসকলৰ হাততে থাকে। অৱশ্যে নাৰীসকলে সম্পত্তি লাভ কৰে নাইবা সম্পত্তিৰ অধিকাৰ ভোগ কৰে যদিও পুৰুষজনেই এনে সম্পত্তি নিয়ন্ত্ৰণ কৰে।

Q.3. Discuss the Family on the basis of residence.

Ans: বাসস্থানৰ ওপৰত ভিত্তি কৰি পৰিয়ালক দুটা ভাগত ভাগ কৰা হৈছে।সেই ভাগ দুটা হৈছে – 

(ক) মাতৃস্থানীয় পৰিয়াল (Matrilocal Family) আৰু 

(খ) পিতৃস্থানীয় পৰিয়াল (Patrilocal Family)

(ক) মাতৃস্থানীয় পৰিয়াল (Matrilocal Family): মাতৃস্থানীয় পৰিয়াল এনেকুৱা বিধি ব্যৱস্থাৰ ওপৰত প্ৰতিষ্ঠিত পৰিয়াল, যি পৰিয়ালত বিবাহৰ পিছতো এগৰাকী নাৰী মাতৃৰ গৃহতে থাকি যায়। বিবাহৰ পিছত নাৰীগৰাকীৰ স্বামীও নাৰী গৰাকী বা পত্নী গৰাকীৰ ঘৰলৈ গুচি আহিব লগা হয়।পতিৰ নিজৰ সন্তান-সন্ততিও পত্নীৰ নিজা পিতৃ -মাতৃৰ ঘৰতে ডাঙৰ- দীঘল হ’ব লগা হয়।এনেধৰণৰ পৰিয়াল ব্যৱস্থাৰ প্ৰচলন ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলৰ খাচীসকলৰ মাজত দেখিবলৈ পোৱা যায়।অৱশ্যে ইংলেণ্ড, চীন আদি দেশতো এনে পৰিয়াল ব্যৱস্থা প্রচলনৰ দৃষ্টান্ত নথকা নহয়।

(খ) পিতৃস্থানীয় পৰিয়াল (Patrilocal Family): বাসস্থানৰ ওপৰত ভিত্তি কৰি উঠা আন এক পৰিয়াল হৈছে – পিতৃস্থানীয় পৰিয়াল।এনে পৰিয়াল পদ্ধতি বিবাহৰ পিছত কন্যাগৰাকী নিজ স্বামীৰ ঘৰত থাকিব লাগে।সমাজত এনেধৰণৰ পৰিয়াল প্ৰচলন অধিক।পৃথিৱীৰ প্ৰায় ৭০ শতাংশ লোকৰ মাজত এনে পৰিয়াল পদ্ধতিৰ প্ৰচলন আছে বুলি বিভিন্ন অধ্যয়নে প্ৰকাশ কৰিছে।

Q.4. Discuss the Family on the basis of Marriage System.

Ans: বিবাহ বা বৈবাহিক দিশৰ পৰা পৰিয়ালক বিভিন্ন ভাগত ভাগ কৰা হৈছে।বিবাহৰ ওপৰত ভিত্তি কৰি পৰিয়ালক দুটা ভাগত ভাগ কৰা হৈছে।যেনে – 

(ক) একবিবাহী পৰিয়াল (Monogamous Family) 

(খ) বহুবিবাহী পৰিয়াল (Polygamous Family)

(ক) একবিবাহী পৰিয়াল (Monogamous Family): একে সময়তে এজন পুৰুষে এগৰাকী তিৰোতাক বিবাহ কৰাৰ ফলত যি পৰিয়ালৰ সৃষ্টি হয় তাক একবিবাহী পৰিয়াল বোলা হয়। একবিবাহী পৰিয়ালসমূহ একক পৰিয়াল নাইবা যুটীয়া পৰিয়াল, পিতৃপ্ৰধান নাইবা মাতৃপ্ৰধান পৰিয়ালো হ’ব পাৰে।বৰ্তমান সভ্য সমাজত একবিবাহী পৰিয়াল সকলোৰে বাবে এক আদৰ্শনীয় পৰিয়াল।

(খ) বহুবিবাহি পৰিয়াল (Polygamous Family): এজন পুৰুষে একে সময়তে যদি কেইবাগৰাকী তিৰোতাক বিয়া কৰায় নাইবা এগৰাকী তিৰোতাই যদি একে সময়তে কেইবাজনো পুৰুষক বিয়া কৰায় ইয়াৰ যোগেদি সৃষ্টি হোৱা পৰিয়ালক বহুবিবাহী পৰিয়াল বোলা হয়।বৰ্তমান সময়ত এনেধৰণৰ পৰিয়ালৰ সংখ্যা নিচেই কম।বহু বিবাহী পৰিয়ালক পুনৰ দুটা ভাগত ভাগ কৰিব পাৰি।যেনে – 

১। বহুপতি পৰিয়াল (polyandrous Family) আৰু 

২। বহুপত্নী পৰিয়াল (Polygynous Family)

১। বহুপতি পৰিয়াল(Polyandrous Family): এগৰাকী তিৰোতাই একাধিক পুৰুষৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱাৰ ফলস্বৰূপে যি পৰিয়ালৰ সৃষ্টি হয় তাকে বহুপতি পৰিয়াল বোলা হয়।বৰ্তমান এনে ধৰণৰ পৰিয়ালৰ অস্তিত্ব সমাজত একেবাৰেই কম অৱশ্যে ভাৰতৰ কেতবোৰ জনজাতিৰ মাজত এনে পৰিয়ালৰ প্ৰচলন নথকা নহয়।উদাহৰণস্বৰূপে ,উত্তৰ-প্ৰদেশৰ জৌনচৰ বাৱাৰৰ খাচা জনজাতিৰ মাজত এনে পৰিয়ালৰ প্ৰচলন আছিল।

২। বহুপত্নী পৰিয়াল (Polygynous Family): এগৰাকী পুৰুষে কেইবাগৰাকী তিৰোতাক বিয়া কৰোৱাৰ ফলস্বৰূপে যি পৰিয়ালৰ সৃষ্টি হয় তাকে বহুপত্নী পৰিয়াল বোলা হয়।এনেধৰণৰ পৰিয়ালৰ সংখ্যা নিচেই কম যদিও ভাৰতৰ কেতবোৰ জনজাতি আৰু আন আন আৰ্থসামাজিকভাৱে পিছপৰা কেতবোৰ জনসমূহৰ মাজত এনে পৰিয়ালৰ প্ৰচলন আছে।নগা,গোণ্ড,বাইগা,আদি জনজাতিসকলৰ মাজত এনে পৰিয়াল পদ্ধতিৰ প্ৰচলন আছে।

Q.5. What do you mean by Joint Family? Write the Definitions and Characteristics of Joint Family?

Ans: ভাৰতীয় হিন্দু সমাজ ব্যৱস্থাৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে যুটীয়া পৰিয়াল।অৱশ্যে যুটীয়া পৰিয়ালৰ অস্তিত্ব যে অতীত কালৰ পৰাই ভাৰতীয় হিন্দু সমাজতেই দেখা যায় এনে নহয়, অন্যান্য দেশতো ইয়াৰ প্ৰচলন সুদূৰ প্ৰসাৰী।তথাপি হিন্দু সমাজত এই সংস্থাৰ প্ৰভাৱ কুৰি শতিকাৰ দ্বিতীয়া দ্বিতীয়াৰ্দ্ধত যিমানখিনি উপলব্ধি কৰা হৈছে অন্যান্য দেশত সিমানখিনি নহয়।ভাৰতবৰ্ষৰ সমাজত যুটীয়া পৰিয়ালৰ অস্তিত্ব যে আওপুৰণি এই সম্বন্ধে ভাৰতীয় প্ৰাচীন গ্ৰন্থসমূহেও ইংগিত দিয়ে।ঋকবেদত এনে পৰিয়ালৰ ইংগিত স্পষ্ট হৈ আছে।যুটীয়া পৰিয়াল বুলিলে গৰিষ্ঠতম সদস্যৰে গঠিত পৰিয়ালকে বুজা যায় যদিও এই বিশেষত্বৰ লগতে আৰু কেতবোৰ বৈশিষ্ট্যও ইয়াৰ লগত জড়িত।যুটীয়া পৰিয়ালত সদস্য সংখ্যাগৰিষ্ঠ হোৱাৰ লগতে এনে পৰিয়ালত নব্য বিবাহিতসকলো পৃথকে নাথাকি একেলগে থাকিব লাগে, একে ৰান্ধনিশালৰ আহাৰ গ্ৰহণ কৰিব লাগে আৰু এক কথাত পৰিয়ালৰ সকলো সদস্যই উমৈহতীয়া জীৱন -যাপন কৰিব লাগে।যুটীয়া পৰিয়াল সম্বন্ধে বিভিন্ন লেখক চিন্তাবিদে সংজ্ঞা নিৰূপন কৰিছে।সেইবাবে এওঁলোকৰ কেইটামান বাচকবনীয়া সংজ্ঞা উল্লেখ কৰিলে এই পৰিয়াল সম্বন্ধে আৰু কিছু কথা স্পষ্ট হয়।

যুটীয়া পৰিয়ালৰ সংজ্ঞা (Definitions of Joint Family): 

(১) ইৰাৱতী কাৰ্ভেৰ (Iravati Karve) মতে, “যুটীয়া পৰিয়াল হৈছে কিছুমান ব্যক্তিৰসমূহ যিসকলে সাধাৰণতে একে ঘৰতে বাস কৰে, একে ৰান্ধনিশালতে আহাৰ গ্ৰহণ কৰে, যিসকল উমৈহতীয়া সম্পত্তিৰ গৰাকী হয় আৰু একেলগে পূজা-পাতল কৰে আৰু যিসকলৰ মাজত স্বজনীয়তা সম্বন্ধ থাকে। (A Joint family is a group of people who generally live under one roof, who eat food cooked at one hearth , who hold property in common and who participate in common worship and are related to each other as some particular type of kindred.)

(২) আই -পি. দেশাইৰ মতে,যিবোৰ পৰিয়ালৰ গাইগুটীয়া পৰিয়ালতকৈ পুৰুষানুক্ৰমে অধিক আৰু পৰিয়ালৰ লোকসকল সম্পত্তি, আয় তথা পাৰস্পৰিক দায়িত্ব আৰু কৰ্তব্যৰ দ্বাৰা পৰস্পৰৰ সৈতে সম্বন্ধিত হৈ থাকে আৰু সেই পৰিয়ালক যুটীয়া পৰিয়াল বোলে।(We call that household a joint family which has greater generation depth than individual family and the members of which are related to one another by property, income and mutual rights and obligations.)।

(৩) চি, বি,মেমোৰিয়াৰ মতে, “যুটীয়া পৰিয়াল হৈছে এটাতকৈ অধিক একক বা প্ৰাথমিক পৰিয়ালৰ সমষ্টি আৰু এনে পৰিয়াল ভিত্তি কৰে তেজৰ সম্পৰ্ক,উমৈহতীয়া বাসস্থান আৰু পিতৃবংশীয় পূৰ্বপুৰুষৰ ওপৰত। “(Joint  family is a collection of more than are primary family the basis being close blood ties, common residence and patrilineal descent).

ওপৰত উল্লেখিত সংজ্ঞাসমূহৰ পৰা এটাই প্ৰতিপন্ন হৈছে যে যুটীয়া পৰিয়াল মানে বৃহৎ সংখ্যক সদস্যৰে গঠিত এটা পৰিয়াল, যিটো পৰিয়ালৰ সদস্যসকলে ধৰ্মীয়,অৰ্থনৈতিক, সামাজিক আদি বিভিন্ন দিশত উমৈহতীয়া জীৱন -যাপন কৰে।উল্লেখযোগ্য যে যুটীয়া পৰিয়াল ভাৰতীয় সমাজ পদ্ধতিৰ মূল তথা অপৰিহাৰ্য অংশ স্বৰূপ।পানিকাৰ (Panikkar)ৰ ভাষাত ক’বলৈ গ’লে জাতি ব্যৱস্থা, গ্ৰাম্য জীৱনৰ পদ্ধতি আৰু যুটীয়া পৰিয়াল ভাৰতীয় সমাজ পদ্ধতিৰ ঘাই খুটা স্বৰূপ।(…..The caste system, village system of lite and the joint family system can be regarded as the basic pillars of the Indian social system) 

পানিকাৰ(Panikkar)পুনৰ কৈছে যে হিন্দু যুটীয়া পৰিয়াল আৰু জাতি ব্যৱস্থা উভয়ে উভয়ৰ লগত সম্পৰ্ক যুক্ত।সেইবাবে পানিকাৰে উভয় সংস্থাক লৈ এটা উমৈহতীয়া সংস্থা গঠনৰ কথা কৈছে।পানিকাৰে কৈছে তাত্বিক দিশৰ পৰা যুটীয়া পৰিয়াল আৰু জাতি ব্যৱস্থা যদিও পৃথক বা সম্পৰ্কহীন কিন্তু প্ৰায়োগিক দিশত দুয়োটাৰ মাজৰ সম্পৰ্ক ঘনিষ্ঠ।(Though in theory unconnected,these two institutions, the caste and the joint family are in practice.inter locked to an extent which makes them in effect a common institution. The unit of Hindu society is not individual but joint family.the widest expression of this family is”sub caste” which often consist only of a few joint families which intermarry and interdine among themselves).

যুটীয়া পৰিয়ালৰ বৈশিষ্ট্য (Characteristics of Joint Family): যুটীয়া পৰিয়ালৰ কেতবোৰ বৈশিষ্ট্য আছে।এই বৈশিষ্ট্যবোৰ তলত আলোচনা কৰা হ’ল। 

(১) পূৰ্বপুৰুষৰ গভীৰতা : যুটীয়া পৰিয়ালসমূহত পূৰ্বপুৰুষৰ গভীৰতা থাকে।কিয়নো এনে পৰিয়ালত তিনিপুৰুষ পর্যন্ত ব্যক্তি অন্তৰ্ভুক্ত হৈ থাকে।এনে পৰিয়ালত পিতৃ -মাতৃ, ককা- আইতা, খুড়া-খুড়ী আৰু অন্যান্য তুলি লোৱা সন্তান সন্ততিও উমৈহতীয়াভাৱে বসবাস কৰে।এনে ব্যক্তিসকল তেজৰ সম্বন্ধ থকা ব্যক্তি আৰু এওঁলোক সপিণ্ড বোলা হয়।চি. বি.মেমেৰিয়াৰৰ মতে সপিণ্ড বান্ধোনৰ ব্যৱস্থা হৈছে হিন্দু যুটীয়া পৰিয়ালৰ প্ৰধান নীতি।(The fundamental principle of the Hindu joint family is the tie of sapindaship without which it is impossible to form a joint family)

(২) বহুলাকৃতি : যুটীয়া পৰিয়াল যিহেতু কেতবোৰ প্ৰাথমিক পৰিয়ালৰ সমষ্টি,সেইবাবে ইহঁতৰ আকাৰ স্বাভাৱিকতে ডাঙৰ হোৱা দেখা যায়।এটা প্ৰাথমিক পৰিয়াল গঠন হয় কেৱল পতি-পত্নী আৰু তেওঁলোকৰ সন্তান-সন্ততিৰ দ্বাৰা।আনহাতে এটা যুটীয়া পৰিয়াল গঠিত হয় পিতৃ -মাতৃ,সন্তান-সন্ততি,খুড়া- খুড়ী,দাদাই-ভতিজাকে ধৰি অন্যান্য তেজৰ সম্পৰ্ক থকা ব্যক্তিসকলৰ দ্বাৰা।

(৩) উমৈহতীয়া বাসস্থান : যুটীয়া পৰিয়ালৰ সদস্যসকল সকলোৱে একে গৃহতে বসবাস কৰে।উমৈহতীয়া বাসস্থান স্বৰূপে ঘৰখন সদস্যসকলৰ ধর্মীয়, অৰ্থনৈতিক আৰু অৱসৰ বিনোদনৰ চৰ্চাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ।হেনৰী মেইনে (Henry Maine) এই বাসগৃহ  ‘Great Home’ বুলি অভিহিত কৰিছে।বাসস্থানৰ নাটনি বা অন্যান্য শৈক্ষিক নিয়োগ আদিৰ সমস্যাৰ বাবে সদস্যসকলে পৃথকে থাকিব পাৰে কিন্তু তেওঁলোকৰ সকলোৰে মাজত সম্পৰ্ক নিয়মিতভাৱে চলি থাকে আৰু তেওঁলোকৰ মন আৰু অনুভূতিবোৰো একোটা পৰিয়াল হৈ থাকে।অৰ্থনৈতিক আৰু আবেগিক দিশত পৰিয়ালৰ সদস্যসকলৰ মূল পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ নাযায়।গতিকে উমৈহতীয়া বাসস্থান যুটীয়া পৰিয়ালৰ অন্যতম প্ৰধান বৈশিষ্ট্য।

(৪) উমৈহতীয়া ৰান্ধনিশাল (Common Kitchen) : যুটীয়া পৰিয়ালত পৰিয়ালৰ সকলোকে উমৈহতীয়া ৰান্ধনিশালৰ পৰা আহাৰ গ্ৰহণ কৰে।স্বাভাৱিকতে পৰিয়ালৰ বয়হস্ত তিৰোতাগৰাকীয়ে এনে ৰন্ধা-বঢ়া কামত ব্যস্ত থাকে। বয়োজ্যেষ্ঠ মহিলাগৰাকী হৈছে পৰিয়ালৰ কৰ্তাজনৰ পত্নী। পিতৃপ্ৰধান যুটীয়া পৰিয়ালত প্ৰথমে পুৰুষসকলক খাবলৈ দিয়া হয় আৰু তাৰ পিছত নাৰীসকলক।এনে পৰিয়ালত মহিলাসকলৰ কাম হৈছে ৰন্ধা-বঢ়া কৰা।মহিলাসকলে এই কামত পৰিয়ালগত পৰম্পৰা বা ধর্মীয় কৰ্তব্য হিচাপে বিবেচনা কৰে আৰু সেইবাবে অনিমন্ত্ৰিত অতিথিজনকো হঠাতে আপ্যায়ন কৰাত গাফিলতি নকৰে।সেইবাবে এনে পৰিয়ালক বহুতে শুশ্ৰূষাগৃহ বুলিও ভিহিত কৰে।

(৫) উমৈহতীয়া পূজা-পাৰ্বন (Common Worship): ধর্মীয় দিশৰ লগত হিন্দু যুটীয়া পৰিয়ালৰ শক্তি জড়িত হৈছে।অৰ্থাৎ হিন্দু যুটীয়া পৰিয়ালৰ লগত ধৰ্ম ওতঃপ্ৰোতভাৱে জড়িত। ভাৰতীয় সমাজৰ যুটীয়া পৰিয়ালবোৰত স্বাভাৱিকতে এটি ধর্মীয় পৰিবেশ বিৰাজ কৰে।প্ৰত্যেকটো যুটীয়া পৰিয়ালত নিজৰ ‘কুল দেৱতা'(Kula devote) আছে আৰু এনে দেৱতাৰ প্ৰতি দৈনন্দিন নিত্য কৰ্ম কৰা হয়।ইয়াৰ উপৰিও পৰিয়ালৰ বিভিন্ন শ্ৰাদ্ধ সকলোৱে মিলিজুলি একেলগে সম্পন্ন কৰে।

(৬) উমৈহতীয়া সম্পত্তি (Common Property): সাধাৰণতে যুটীয়া পৰিয়ালৰ সম্পত্তি উমৈহতীয়া বুলি বিবেচনা কৰা হয়।মেলেৰ (Meelley) মতে,যুটীয়া পৰিয়াল এটা সমবায়ভিত্তিক সংস্থা যিটোৰ যুটীয়া কোম্পানীৰ দৰে উমৈহতীয়া সম্পত্তি আছে।(Joint Family is a cooperative institution similar to a joint stock company in which these is a joint property.) এই পৰিয়ালৰ কৰ্তা (Karta) স্বৰূপ মুখিয়ালজনেই সকলো সম্পত্তিৰ গৰাকী।তেওঁৰ অনুমতি অবিহনে সম্পত্তি বিভাজন কৰিব নোৱাৰে।এনে সম্পত্তি অবিভাজিত অৱস্থাতেই থাকে।পৰিয়ালৰ বিভিন্ন উপাৰ্জন বা উৎপাদনসমূহ সকলোৰে বাবে উমৈহতীয়াভাৱে ৰখা হয় আৰু অন্যান্য খৰছো উমৈহতীয়াভাৱে কৰা হয়।

(৭) কৰ্তাৰ কৰ্তৃত্ব (Authority of Karta): পিতৃপ্ৰধান যুটীয়া পৰিয়ালত পৰিয়ালৰ আটাইতকৈ বয়োজ্যেষ্ঠ ব্যক্তিজনহে কৰ্তা বুলি অভিহিত কৰা হয় আৰু এওঁৰ হাততেই পৰিয়ালৰ সকলো কৰ্তৃত্ব ন্যস্ত থাকে।জ্যেষ্ঠতাৰ ওপৰত ভিত্তি কৰি এনে কৰ্তৃত্ব নিৰ্ধাৰণ কৰা হয়।কৰ্তাজনৰ নিৰ্দেশ, দিহা-পৰামৰ্শ পৰিয়ালৰ আন আন ব্যক্তিয়ে নতশিৰে পালন কৰে।একেদৰে মাতৃপ্ৰধান যুটীয়া পৰিয়ালত বয়োজ্যেষ্ঠ মহিলাগৰাকীয়ে এনে কৰ্তৃত্ব ভোগ কৰে।মুঠৰ ওপৰত যুটীয়া পৰিয়াল এক কৰ্তৃত্ব সংবচনাৰ ওপৰত প্ৰতিষ্ঠিত পৰিয়াল।সেইবাবে পৰিয়ালৰ মূৰব্বী বা কৰ্তাজনে পৰিয়ালৰ সা-সম্পত্তি,ল’ৰা-ছোৱালীৰ শিক্ষা-দীক্ষা, বৃত্তি-উপাৰ্জন,বিয়া-বাৰু আৰু অন্যান্য বিষয়ত নিজেই সকলো সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে।এক কথাত এনে পৰিয়ালত কৰ্তাজনে একনায়কত্ববাদী শাসন চলাব পাৰে।এই ক্ষেত্ৰত পৰিয়ালৰ আন আন সদস্যই তেওঁক প্ৰশ্নও কৰিব নোৱাৰে বা উভতিও ধৰিব নোৱাৰে।

Q.6. Discuss the Changes in Joint Family system.

Ans: পৰিবৰ্তন হৈছে মানৱ সমাজৰ অপৰিবৰ্তনীয় নীতি।পৰিৱৰ্তনৰ এই নীতিৰ বাবেই ভাৰতবৰ্ষৰ যুটীয়া পৰিয়ালৰ দৰে পৰম্পৰাৰ ওপৰত প্ৰতিষ্ঠিত পৰিয়াল ব্যৱস্থাৰো পৰিৱৰ্তন ঘটিছে।বিভিন্ন সমাজতত্ববিদকলৰ মাজতো যুটীয়া পৰিয়ালৰ এই পৰিবৰ্তনৰ সম্পৰ্কে চিন্তা চর্চা চলিছে। ভাৰতবৰ্ষৰ যুটীয়া পৰিয়ালৰ পৰিবৰ্তনৰ বিষয়ে আলোচনা কৰিবলৈ হ’লে ইয়াৰ সংৰচনাত্মক আৰু ক্ৰিয়াত্মক দুয়োটা দিশলৈকে লক্ষ্য কৰিব লাগিব।কিয়নো বৰ্তমান যুটীয়া পৰিয়ালৰ সংৰচনাত্মক আৰু ক্ৰিয়াত্মক দুয়োটা দিশতে পৰিবৰ্তন হৈছে ।তলত আলোচনাৰ পৰা এই কথা স্পষ্ট হ’ব।

(১) যুটীয়া পৰিয়ালৰ সংৰচনাত্মক পৰিবৰ্তন : যুটীয়া পৰিয়ালৰ সংৰচনাত্মক পৰিবৰ্তন বুলিলে নিম্ন উল্লিখিত দিশসমূহ গুৰুত্বপূৰ্ণ।

(ক) পৰিয়ালৰ আকাৰত পৰিবৰ্তন : বৰ্তমান যুটীয়া পৰিয়ালৰ আকাৰত পৰিৱৰ্তন হৈছে।কোনো কোনো যুটীয়া পৰিয়ালত পোন্ধৰ বা বিশজন পৰ্যন্ত মানুহ থাকে।কিন্তু বৰ্তমান ইয়াৰ সংখ্যা আগতকৈ কমিছে।বৰ্তমান যুটীয়া পৰিয়ালত অত্যধিক আঠ বা দহজন লোকহে থাকে।

(খ) সম্পত্তিৰ মালিকীস্বত্বৰ পৰিৱৰ্তন : বৰ্তমান যুটীয়া পৰিয়ালসমূহত ন্যস্ত থকা সম্পত্তিৰ মালিকীস্বত্ব বা অধিকাৰত পৰিৱৰ্তন ঘটিছে।পৰম্পৰাগত যুটীয়া পৰিয়াল ব্যৱস্থাত পৰিয়ালৰ সকলো সম্পত্তিৰ গৰাকী পুৰুষসকলেই আছিল।কিন্তু বৰ্তমান নাৰী সম্বন্ধীয় কেতবোৰ আইনে সম্পত্তিৰ অধিকাৰৰ ক্ষেত্ৰত পুৰুষৰ লগতে নাৰীসকলকো সমানেই সুবিধা প্ৰদান কৰিছে। ‘The Hindu Inheritance and Succession Act,1956 এই আইনখন বলবৎ হোৱা দিন ধৰি নাৰীসকলেও সম্পত্তি অধিকাৰৰ ক্ষেত্ৰত কেতবোৰ সুবিধা লাভ কৰিছে।

(গ) কৰ্তৃত্বৰ পৰিবৰ্তন : বৰ্তমান যুটীয়া পৰিয়ালৰ কৰ্তৃত্বৰ সংৰচনাটো পৰিবৰ্তন সূচনা হৈছে।পৰম্পৰাগত যুটীয়া পৰিয়াল ব্যৱস্থাত বয়োজ্যেষ্ঠ ব্যক্তিজনৰ হাততেই সকলো কৰ্তৃত্ব ন্যস্ত আছিল।সা-সম্পত্তি,ল’ৰা-ছোৱালীৰ পঢ়া-শুনা, উৎপাদন, উপাৰ্জন ইত্যাদি সকলো ক্ষেত্ৰতে বয়োজ্যেষ্ঠ পুৰুষজনে সিদ্ধান্ত গ্ৰহণ কৰে।নাৰীসকলৰ এই ক্ষেত্ৰত কোনো বিশেষ মতামত লোৱা নাছিল।কিন্তু বৰ্তমান কোনো যুটীয়া পৰিয়াল পুৰুষতান্ত্ৰিক হ’লেও পৰিয়ালৰ বিভিন্ন সিদ্ধান্ত গ্ৰহণত পুৰুষৰ সমানেই নাৰীয়েও অংশ ল’ব পাৰে।বিশেষকৈ যিসকল নাৰী চাকৰিয়াল বা সু-শিক্ষিত সেইসকল নাৰীয়ে অধিক গুৰুত্ব লাভ কৰে।এনেদৰে যুটীয়া পৰিয়ালৰ পূৰ্বৰ কৰ্তৃত্ব সংৰচনাত পৰিবৰ্তন ঘটিছে।

(ঘ) নাৰীৰ প্রস্থিতিত পৰিবৰ্তন : পৰম্পৰাগত যুটীয়া পৰিয়ালত নাৰীসকলক বিভিন্ন দিশৰ পৰা হেয় প্ৰতিপন্ন কৰা হৈছিল।কিন্তু বৰ্তমান যুটীয়া পৰিবৰ্তন ধৰাই নাৰীসকলৰ প্রস্থিতিত পৰিবৰ্তন সূচনা কৰিছে।নাৰী শিক্ষাৰ বিকাশ, নাৰীসকলৰ বাবে নিয়োগৰ সুবিধা প্ৰদান কৰা ইত্যাদিয়ে নাৰীসকলকো পুৰুষৰ সমানেই গুনগতভাৱে প্রস্থিতি প্ৰদান কৰা হৈছে।সেইবাবেই ভাৱমুক্তিৰ সলনি হৈছে।বিভিন্ন দিশত নাৰীসকলক আগুৱাই নিয়াত পৰিয়ালৰ পুৰুষসকলে ভূমিকা গ্ৰহণ কৰিছে।

(ঙ) শহুৰ-শাহু আৰু বোৱাৰীৰ মাজৰ সম্বন্ধত পৰিবৰ্তন : পৰম্পৰাগত যুটীয়া পৰিয়াল ব্যৱস্থাত পৰিয়ালৰ বোৱাৰীসকলে শহুৰ-শহুৰ ওচৰত কেতবোৰ সামাজিক ব্যৱধান ৰাখি চলে।উদাহৰণস্বৰূপে বোৱালীসকলে শহুৰৰ সন্মুখত দীঘলীয়া ওৰণি নোহোৱাকৈ অহা-যোৱা নকৰে বা মুখা-মুখি নহয়।ঠিক তেনেদৰে শহুৰৰ সন্মুখত চকীত নবহে কিন্তু বৰ্তমান যুটীয়া পৰিয়ালত প্ৰচলিত এই ধাৰাৰ পৰিবৰ্তন সূচনা হৈছে।বৰ্তমান বোৱাৰীসকলে ওৰণি নোলোৱাকৈ শহুৰ-শাহুৰ লগত মুখামুখি হৈ কথা পাতিব পৰা হৈছে।নিজৰ ছোৱালীৰ দৰে বোৱাৰীয়েকহঁতক ব্যৱহাৰ কৰাৰ নিয়ম প্ৰচলন হৈছে।বৰ্তমান সময়ত যুটীয়া পৰিয়ালৰ এইটো এটা গুৰুত্বপূৰ্ণ পৰিবৰ্তনৰ দিশ।

২। যুটীয়া পৰিয়ালত ক্ৰিয়াত্মক পৰিবৰ্তন : ভাৰতৰ যুটীয়া পৰিয়াল ব্যৱস্থাৰ সংৰচনাত্মক দিশৰ দৰেই এই সংস্থাৰ ক্ৰিয়াত্মক দিশৰো পৰিবৰ্তন হৈছে।সেয়ে এই পৰিয়ালৰ ক্ৰিয়াত্মক দিশত কিদৰে পৰিৱৰ্তন হৈছে সেই সম্পৰ্কে আলোচনা কৰা হ’ল – 

(ক) মূল বাসস্থানৰ পৰিবৰ্তন : বৰ্তমান নতুন প্ৰজন্মৰ মাজত মূল পৰিয়ালৰ পৰা পৃথক হৈ সুকীয়াকৈ থকাটো এক অভ্যাস হৈ পৰিছে।বিভিন্ন চাকৰি-বাকৰি, ব্যৱসায়-বাণিজ্যত এওঁলোক নিয়োজিত হৈছে আৰু পৃথকে থাকিবলৈ লৈছে।মূল পৰিয়ালত থাকি সদস্যসকলে যিখিনি ক্ৰিয়া সম্পাদন কৰিবলগীয়া হৈছিল বৰ্তমান সেই ক্ৰিয়াত পৰিবৰ্তন হৈছে। অৱশ্যে মূল পৰিয়ালৰ পৰা আঁতৰি যোৱা মানে এনে পৰিয়ালৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ যোৱাটোক নুবুজায়। পৃথকে থাকিলেও সদস্যসকলৰ মূল পৰিয়ালটোৰ লগত সততে সম্বন্ধ ৰাখি চলে।মূল পৰিয়ালত থাকি যিখিনি ক্ৰিয়া সম্পাদন কৰিব লাগে সেইখিনিও পৰিবৰ্তন ঘটে। উদাহৰণস্বৰূপে মূল পৰিয়ালত থাকি যিখিনি কাম নিয়মিতভাৱে কৰি যাব লাগে সেইখিনি কামকে পৃথক পৰিয়ালটোৰ মাজে-সময়েহে কৰিব লগা হয়।গতিকে মূল বাসস্থানৰ পৰা পৃথকে থকা বাবে কেতবোৰ ক্ৰিয়াত পৰিবৰ্তন হয়।

(খ) ধৰ্মীয় ক্ৰিয়া-কৰ্মত পৰিবৰ্তন : বৰ্তমান যুটীয়া পৰিয়ালৰ ধর্মীয় ক্ৰিয়া-কৰ্ম তথা উৎসৱ-পাৰ্বন পালন কৰা কেতবোৰ দিশত পৰিবৰ্তন সূচনা হৈছে।যুটীয়া পৰিয়ালৰ সদস্যসকলৰ বহুতেই ঘৰত যিকোনো ধৰ্মীয় কৰ্ম বা ধর্মীয় উৎসৱ-পাৰ্বন পালন কৰা পক্ষপাতী নহয়।কিন্তু পৰম্পৰাগত যুটীয়া পৰিয়াল ব্যৱস্থা ধৰ্ম চর্চাৰ প্ৰাণকেন্দ্ৰ হিচাপে পৰিচালিত হৈছিল। আনহাতে বৰ্তমান নৱপ্ৰজন্মৰ মাজত এই দৃষ্টিভংগীৰ সলনি হৈছে।বৰ্তমান বহুজনৰ হয়তো বিবাহৰ উদ্দেশ্য পঞ্চমহাযজ্ঞ সমাপন কৰা নহয়।প্ৰাচীন কালৰ পৰাই যুটীয়া পৰিয়ালসমূহত  ‘কুলধৰ্ম’ বা কুল ‘পৰম্পৰা’ ৰক্ষাৰ বাবে কেতবোৰ ধর্মীয় কৰ্ম সমাপন কৰা হৈছিল।কিন্তু বৰ্তমান যুটীয়া পৰিয়ালসমূহত সকলোবোৰ ধৰ্মীয় কৰ্ম পালন নকৰি কেৱল অতি প্ৰয়োজনীয় কৰ্মখিনিহে পালন কৰা হয়।উদাহৰণস্বৰূপে অন্য ধৰ্মীয় কৰ্মসমূহ বাদ দি বহুতেই কেৱল পিতৃ -মাতৃৰ বছেৰেকীয়া শ্ৰাদ্ধটোহে উদযাপন কৰে।

(গ) সন্তানসমূহক লালন-পালন আৰু সামাজিকীকৰণত পৰিবৰ্তন : পূৰ্বতে যুটীয়া পৰিয়াল ব্যৱস্থাত সন্তানসকলৰ লালন-পালন তথা সামাজিকীকৰণৰ দায়িত্ব পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ ওপৰতেই আছিল।প্ৰয়োজনীয় সামাজিক আৰু নৈতিক শিক্ষাসমূহ পৰিয়ালৰ জ্যেষ্ঠ ব্যক্তিসকলেই দিছিল।নৈতিক আচৰণ সম্বন্ধে শিশুসকলে বহুখিনি পৰিয়ালৰ লোকসকলৰ পৰাই শিকিছিল।শিশুসকলৰ লালন-পালনৰ দায়িত্বও পৰিয়ালৰ লোকে বহন কৰিছিল।কিন্তু বৰ্তমান যুটীয়া

পৰিয়ালৰ লোকসকলে সেই পৰিয়ালৰ লোকসকলৰ বাবে যিখিনি ভূমিকা পালন কৰিছিল সেইখিনিত পৰিৱৰ্তন ঘটিছে।বৰ্তমান পৰিয়ালৰ লোকসকলৰ কেতবোৰ দায়িত্ব কমি আহিছে বা পৰিৱৰ্তন হৈছে।বৰ্তমান পৰিয়ালৰ বাদেও বাহিৰৰ অন্যান্য অনুষ্ঠানত সন্তান প্ৰতিপালন তথা শিক্ষাদানৰ ব্যৱস্থা সৃষ্টি হৈছে।ফলত পূৰ্বৰ যুটীয়া পৰিয়ালৰ কাৰ্যৰ পৰিবৰ্তন হৈছে।

Q.7. Socialisation and Gender Biases of Childhood in School.

Ans: বিদ্যালয়ে ল’ৰা-ছোৱালীৰ লিংগ সামাজিকীকৰণৰ ক্ষেত্ৰত এক শক্তিশালী ভূমিকা পালন  কৰি আহিছে।সকলো সমাজতে শিক্ষাদানৰ বাবে বিদ্যালয়ৰ ব্যৱস্থা আছে।প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ ল’ৰা-ছোৱালীক প্ৰথম বৰ্ণমালাৰ লগত পৰিচয় কৰি দিয়াৰ লগতে লিংগভিত্তিক আচৰণ কৰাত আৰোপ কৰে।বিদ্যালয়ত ল’ৰা-ছোৱালীক সুকীয়া ইউনিফৰ্ম দিয়া হয়।ছোৱালীৰ খেলা-ধূলাবোৰ ল’ৰাৰ পৰা পৃথক হয়। ছোৱালীয়ে দীঘল চুলি ৰাখিব পাৰে কিন্তু ল’ৰাক দীঘল চুলি ৰাখিবলৈ দিয়া নহয় ।দীঘল চুলি ৰখা ল’ৰাক কি ছোৱালীৰ দৰে চুলি ৰাখিছ বুলি কোৱা হয়।ঠিক সেইদৰেই ছোৱালীয়ে উৎপাত কৰিলে কি ল’ৰাৰ দৰে উৎপাত কৰিছ বুলি ধমক দিয়া হয়।ফুটবল, ভলীবল, ক্ৰিকেট ইত্যাদি খেলবোৰ ল’ৰাক মুক্তভাৱে খেলিবলৈ দিয়া হয় আৰু সেইবোৰ খেল খেলিবলৈ উৎসাহ যোগোৱা হয়।ছোৱালীৰ পৰা নমতা, শালীনতা আদিবোৰ শিখকে আশা কৰে।ছোৱালী ডাঙৰ হৈ অহাৰ লগে লগে সিহঁতৰ পৰা সংঘমী আচৰণ আশা কৰে।এনেদৰেই বিদ্যালয়ত লিংগৰ স্থান সম্পৰ্কে ল’ৰা-ছোৱালীৰ সচেতনতা বৃদ্ধি পায়।

উদাহৰণস্বৰূপে আমাৰ বিদ্যালয়সমূহত প্ৰায়ে শুনিবলৈ পোৱা যায় এষাৰ মন্তব্য হ’ল “ছাত্ৰীসকল বিজ্ঞান বিষয়ৰ বাবে উপযুক্ত নহয়”, এই বিষয়টো কেৱল “ছাত্ৰসকলৰ বাবেহে উপযুক্ত”, “ছাত্ৰীসকলে বিজ্ঞান বিষয়তকৈ কলা বিষয়বোৰ যেনে,সাহিত্য বা সমাজ শাস্ত্ৰতহে বেছি পাৰ্গত”ইত্যাদি।ইয়াৰ উপৰিও ছাত্ৰসকলৰ বিপক্ষে প্ৰায়ে এটা অভিযোগ অনা দেখা যায় যে তেওঁলোকে বিজ্ঞান বিষয়ত ছাত্ৰসকলতকৈ ভাল প্ৰদৰ্শন দেখুৱাব নোৱাৰে যদিওবা প্ৰকৃতাৰ্থত তেওঁলোকে ছাত্ৰসকলৰ সমানেই ভাল প্ৰদৰ্শন দাঙি ধৰে।গৱেষণা কৰি পোৱা গৈছে যে বিজ্ঞান বিষয়ৰ শিক্ষণক এগৰাকী ছাত্ৰ বা ছাত্ৰৰ তেনেকুৱা কোনো প্ৰকৃতিগত পাৰ্থক্য নাই।তৎসত্বেও দেখা যায় যে বিজ্ঞানৰ লগত জড়িত বৃত্তিসমূহত ছাত্ৰীসকলৰ পৰিমাণ নিচেই কম।এনে হোৱাৰ এটা কাৰণ হ’ব পাৰে যে বিজ্ঞান বিষয়সমূহ যেনে,পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, অংকশাস্ত্ৰ ,কম্পিউটাৰ বিজ্ঞান আদি বিষয়সমূহ হ’ল প্ৰকৃতিগতভাৱে বস্তুনিষ্ঠ ,সেয়েহে এনে বিষয়সমূহত প্ৰায়ে কঠিন বিষয় বুলি গণ্য কৰা হয় আৰু কোৱা হয় যে এই বিষয়সমূহ ছাত্ৰসকলৰ বাবেহে বেছি উপযুক্ত।আনহাতে বিবৰণাত্মক বিষয়সমূহ যেনে – সমাজগাস্ত্ৰ,শিক্ষা, সাহিত্য আদি বিষয়সমূহ সহজ বা নৰম বিষয় বুলি গণ্য কৰা হয় আৰু ভবা হয় যে ছাত্ৰীসকলৰ বাবেহে এই বিষয়বোৰ উপযুক্ত।ইয়াৰ উপৰিও দেখা যায় যে বিজ্ঞান বিষয়ত পাঠ্যপুথিসমূহত সচৰাচৰ ব্যৱহাৰ কৰা উদাহৰণ, ব্যাখ্যামূলক চিত্ৰ আৰু পৰীক্ষাসমূহ প্ৰায়ে ছাত্ৰসকলৰ ৰুচি বা অভিজ্ঞতাৰ লগত সংগতি ৰাখিহে প্ৰস্তুত কৰা হয়।

উদাহৰণস্বৰূপে ক’ব পাৰি যে বিজ্ঞানৰ পাঠ্যপুথিসমূহত প্ৰায়ে মটৰগাড়ীৰ ইঞ্জিন বা তেনেকুৱা ধৰণৰ খেলৰ ব্যাখ্যা দিয়া থাকে যিবোৰ সাধাৰণতে ছাত্ৰসকলৰহে প্রিয় বিষয়।

বিশিষ্ট গৱেষক কেলিৰ মতে,বিজ্ঞান বিষয়সমূহ পুৰুষসুলভ প্ৰকৃতিয়েই হৈছে ছাত্ৰসকলে এই বিষয়টোৰ পৰা আঁতৰত থকা একমাত্ৰ কাৰণ।(The masculinity of science is often the prime reason that girls tend to avoid the subject at school.1985)।ইয়াৰ সাপেক্ষে কেলিয়ে তিনিটা কাৰণ দৰ্শাইছিল।প্ৰথমটো হ’ল, ‘ছাত্ৰীৰ সংখ্যা’,বিদ্যালয়সমূহত ছাত্ৰীৰ তুলনাত এক তৃতীয়াংশ ছাত্ৰই বিজ্ঞানৰ বিষয়সমূহ অধ্যয়ন কৰে, দ্বিতীয়তে, বিদ্যালয়ত বিজ্ঞান পাঠ্যক্ৰমৰ উপকৰণসমূহো ছাত্ৰসকলৰ ৰুচি বা অভিজ্ঞতাৰ উপযোগীকৈহে সজোৱা হয়।তৃতীয়তে শ্ৰেণীকোঠাত ছাত্ৰসকলৰ উপযোগীকৈ শিক্ষাৰ আদান প্ৰদানে বিজ্ঞান বিষয়টোৰ এই ধাৰণাটোৰ অধিক গঢ় কৰি তুলিছে।

এনেধৰণৰ এই লিংগ বৈষম্যমূলক ধাৰণাসমূহ যেনে – ‘বিজ্ঞান কেৱল ছাত্ৰসকলৰ বাবেহে ইত্যাদি শিক্ষাক্ষেত্ৰখনলৈও বিয়পি পৰিছে।যাৰ ফলত শিক্ষক ,অভিভাৱক আৰু সমাজৰ আন ব্যক্তিসকলেও প্ৰত্যক্ষ বা পৰোক্ষভাৱে তেওঁলোকৰ বিভিন্ন কথা বা কামৰ মাজেৰে ছাত্ৰীসকলক বিজ্ঞান শিক্ষাৰ পৰা বিৰত ৰাখিছে।

ইয়াৰ উপৰিও এখন সমাজৰ মূল্যবোধ প্ৰতিফলিত হয় সেই সমাজখনৰ শিশুসকলৰ মাজেৰেই,যাৰ ফলত যেতিয়া শিশুসকলে বিদ্যালযত প্ৰৱেশ কৰে তেতিয়া তেওঁলোকে ক’ব নোৱাৰাকৈয়ে সেই সমাজখনৰ প্ৰচলিত লিংগ বৈষম্য অবপাসমূহো তেওঁলোকৰ লগতেই কঢ়িয়াই লৈ আনে।আনকি শিশুসকলে বিদ্যালয়ত প্ৰৱেশ নকৰাৰ আগতেই তেওঁলোকৰ পৰিয়াল আৰু সমাজৰ এটা গভীৰ প্ৰভাৱ তেওঁলোকৰ ওপৰত থাকে।আমি সকলোৱে জানে যে বিজ্ঞানীসকলে সাধৰণতে স্বাধীন,যুক্তিবাদী মনৰ আৰু অনুসন্ধিৎসু আদি গুণৰ অধিকাৰী হয়।কিন্তু আমাৰ সমাজত ছোৱালীসকলক সদায় এই গুণবোৰৰ বিপৰীত গুণবোৰ আয়ত্ব কৰিবলৈহে শিক্ষা দিয়া হয়।যেনে,পৰাধীনতা, সহণশীলতা ইত্যাদি প্ৰায়ে দেখা যায় যে বেছি সংখ্যক পিতৃ -মাতৃয়েই তেওঁলোকৰ ল’ৰা সন্তানক বিজ্ঞানৰ প্ৰতি আগ্ৰহী কৰিবলৈ নানা ধৰণৰ বৈজ্ঞানিক খেলাৰ সামগ্ৰী ক্ৰয় কৰি দিয়ে যিটো এগৰাকী কন্যা সন্তানৰ ক্ষেত্ৰত খুব কমেই দেখা যায়।এনেধৰণৰ প্ৰচলিত বৈষম্যমূলক ধাৰণাই শ্ৰেণীকোঠাৰ ভিতৰতো লিংগ বৈষম্যমূলক কাৰ্যসমূহক প্ৰশ্ৰয় দিয়ে।গৱেষণা কৰি পোৱা গৈছে যে শ্ৰেণীকোঠাৰ ভিতৰত এনেধৰণৰ লিংগ বৈষম্যমূলক কাৰ্যৰ দ্বাৰা বিজ্ঞান শিক্ষকৰ লগতে আন ব্যক্তিসকলো যথেষ্ট প্ৰভাৱিত হয় আৰু যাৰ ফলস্বৰূপে একোটা শ্ৰেণীতে একেখন বেঞ্চতে বহা দুগৰাকী ছাত্ৰ-ছাত্ৰীয়ে সম্পূৰ্ণ বেলেগ বেলেগ ধৰণৰ বিজ্ঞান লাভ কৰে।হাডছন নামৰ গৱেষক এগৰাকীয়ে চলোৱা এক অধ্যয়নত পোৱা গৈছে যে ছাত্ৰসকলে ছাত্ৰীসকলৰ তুলনাত শিক্ষকৰ পৰা অধিক মনোযোগ আৰু সময় লাভ কৰে।আনহাতে যিবোৰ শিখকে ছাত্ৰীসকলক অধিক মনোযোগ প্ৰদান কৰিবলৈ চেষ্টা কৰে তেওঁলোকে প্ৰায়ে অস্বাচ্ছন্দ্য অনুভৱ দেখা যায়।অধ্যয়নটোত ইয়াকে পোৱা গৈছে যে এগৰাকী ছাত্ৰই সদায় শিক্ষকৰ পৰা অধিক মনোযোগ, প্ৰশংসা লাভ কৰাৰ উপৰিও শিক্ষকৰ উচ্চওৰৰ প্ৰশ্নৱলীৰো সন্মুখীন হ’ব লগা হয়।এনেধৰণৰ কাৰ্যই ছাত্ৰীসকলৰ মাজত হীনমন্যতাবোধৰ সৃষ্টি কৰাৰ লগতে তেওঁলোকৰ ইচ্ছা, আশা-আকাংক্ষাৰো যথেষ্ট ক্ষতি সাধন কৰে।আন কথাত ক’বলৈ গ’লে বিজ্ঞানৰ শ্ৰেণীকোঠাত ছাত্ৰীসকলৰ প্ৰতি কৰা এনে ব্যৱহাৰে শ্ৰেণীকোঠাত লিংগ বৈষম্যমূলক আচৰণকহে উৎসাহিত কৰে।

Q.8. Socialisation and Gender Biases of Childhood in Family.

Ans: প্ৰতিটো সদ্যজাত শিশুৰ বাবে পৰিয়াল বিশেষকৈ অভিভাৱক, সম্পৰ্কীয় লোক আত্মীয়স্বজন আদিয়ে লিংগ বৈষম্য আৰু সমাজিকীকৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে।বহু ঠাইত শিশু জন্মৰ লগে লগে কন্যা সন্তানৰ বাবে গুলপীয়া ৰং আৰু ল’ৰা সন্তানৰ বাবে নীলা ৰং ব্যৱহাৰ কৰে।অৰ্থাৎ জন্মৰ পিছতে কন্যা সন্তানক গুলপীয়া কাপোৰেৰে আৰু পুত্ৰ সন্তানক নীলা কাপোৰেৰে মেৰিয়াই লিংগ পাৰ্থক্য সৃষ্টি কৰা হয়।বহু ঠাইত পুত্ৰ সন্তান জন্ম হ’লে মাছ বিলোৱাৰ নিয়মো পালন কৰা হয়।শিশুৰ জন্মৰ লগে লগে পুত্ৰ সন্তান নে কন্যা সন্তান ঘোষণা কৰা হয়।অন্য লোকসকলেও শিশু এটা জন্ম হোৱাৰ লগে লগে পুত্ৰ নে কন্যা তাক জানিবৰ বাবে আগ্রহান্বিত হয়।এনেদৰে জন্মৰ পিছ মুহূৰ্তত পৰাই লিংগ পাৰ্থক্য আৰম্ভ হয়।বহু পিতৃ -মাতৃ বা পৰিয়ালে পুত্ৰ সন্তান জন্ম হ’লে আনন্দ প্ৰকাশ কৰাৰ বিপৰীতে কন্যা সন্তান জন্ম হ’লে বেজাৰ কৰাও দেখা যায়। আনকি পুত্ৰ আৰু কন্যা সন্তানৰ লালন-পালনো সুকীয়াকৈ কৰা হয়।নিচেই সৰু অৱস্থাৰ পৰাই কন্যা সন্তানক ধুনীয়া, মিহি,সৰু ইত্যাদিৰে বৰ্ণনা কৰা হয় আৰু পুত্ৰ সন্তানক শকত,মজবুত ইত্যাদি বিশেষণেৰে বৰ্ণনা কৰা হয়। ক্ৰমান্বয়ে ডাঙৰ হৈ অহাৰ লগে লগে ল’ৰা-ছোৱালীয়ে লিংগৰ বিষয়ে অৱগত হয় আৰু ল’ৰা-ছোৱালীৰ থাকিবলগীয়া নিৰ্ধাৰিত লক্ষণ আৰু সমাজে নিৰ্ধাৰণ কৰা গুণ তথা বৈশিষ্ট্যবোৰৰ বিষয়ে জানিব পাৰে।সমাজে, ছোৱালীৰ বাবেঅনুভূতিপ্ৰৱণ ,কোমল সহজে পতিয়ন নিয়াব পৰা, ধৈৰ্যশীল ,প্ৰতিপালন কৰা, যত্ন ল’ব পৰা গুণ আদি বৈশিষ্ট্যবোৰ নিৰ্ধাৰণ কৰে আৰু ল’ৰাৰ ক্ষেত্ৰত সবল ,কম অনুভূতিপ্ৰৱণ, যুক্তি প্ৰবণ, সাহসী গুণৰ অধিকাৰী আদি বৈশিষ্ট্যবোৰ নিৰ্ধাৰণ কৰে।

যেতিয়াৰ পৰা শিশুৱে কথা ক’বলৈ আৰু বুজিবলৈ আৰম্ভ কৰে তেতিয়াৰ পৰাই পৰিবেশৰ পৰা লিংগ পাৰ্থক্যৰ বিষয়ে জানিব পাৰে আৰু লিংগ বিচিত্ৰতা প্ৰত্যক্ষ কৰিবলৈ ধৰে। পৰিবেশৰ লগত পৰিচিত হওঁতে লিংগ বৈশিষ্ট্যবোৰ আৰু নিৰ্ধাৰিত স্থিৰ গুণৰাজি জানিবলৈ সুবিধা পায়।ল’ৰা বা ছোৱালী হিচাপে লিংগ পৰিচয় আৰু ভূমিকা কি সেই বিষয়ে পৰিয়ালৰ আত্মীয় স্বজন, লগৰীয়াৰ পৰা ধাৰণা গ্ৰহণ কৰে।পিতৃ -মাতৃ বা অভিভাৱকসকলেও ল’ৰা আৰু ছোৱালীৰ প্ৰতি পৃথক আচৰণ প্ৰদৰ্শন কৰে।

ল’ৰা -ছোৱালীৰ লিংগ পাৰ্থক্যৰ প্ৰতি লক্ষ্য ৰাখি অভিভাৱকৰ কথা কোৱাৰ ধৰণ আৰু আচৰণ কৰাৰ ধৰণো সুকীয়া হয়। ল’ৰাৰ ক্ষেত্ৰত অভিভাৱকে কিছু ৰূঢ় আৰু উচ্চস্বৰ ব্যৱহাৰ কৰে কিন্তু ছোৱালীৰ ক্ষেত্ৰত কোমল,মৰমিয়াল আৰু নিম্নস্তৰত কথা কয়।পিতৃ- মাতৃ তথা পৰিয়ালৰ লোকসকলে খেলা বস্তু, গ্ৰন্থ, দূৰদৰ্শনৰ অনুষ্ঠান, পঢ়াশালী, পুতলা আদিৰ জৰিয়তে লিংগভিত্তিক শিক্ষা প্ৰদান কৰে আৰু ল’ৰা- ছোৱালীক প্ৰভাৱিত কৰিবলৈ ধৰে।এনেদৰে ল’ৰা-ছোৱালীয়ে লাভ কৰা সামাজিক শিক্ষাই সামাজিকীকৰণ কৰি তোলাত সহায় কৰে।এনে কামবোৰ অচেতনভাৱেই কৰা হয় আৰু অভিভাৱকসকলে যে নিজৰ ল’ৰা-ছোৱালীক লিংগ সচেতন কৰি গঢ়ি তুলিছে গমকে নাপায়।

আমাৰ সমাজত কিছুমান কথা প্ৰচলিত হৈ আহিছে যে ল’ৰাবোৰে গুলপীয়া ৰং পছন্দ নকৰে বা পুতলাৰ লগত খেলি ভাল নাপায়।সেয়ে সিহঁতৰ খেলা বস্তুবোৰ ছোৱালীৰ পৰা পৃথক।ছোৱালীবোৰক পুতুলাৰ লগত আৰু ল’ৰাবোৰক গাড়ী,চাইকেল আদিৰ সৈতে খেলিবলৈ দিয়া হয়।ঠিক সেইদৰে ল’ৰাবোৰক সবল নকৰিবলৈ, লেতেৰা নহ’বলৈ আৰু মহিলাসুলভ হ’বলৈ শিকোৱা হয়।এনেবোৰ কাৰ্যই লিংগ পাৰ্থক্য আৰু লিংগ পৰিচয়ক সবল কৰি তোলে আৰু লিংগ ভিত্তিক পৰিচয়ক সবল যোগায় প্ৰাপ্তবয়স্ক লোকসকলে, সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকসকলে আৰু অভিভাৱকসকলে সমাজৰ বাবে লাগতিয়াল বুলি বিবেচনা কৰি ল’ৰা-ছোৱালীক লিংগৰ ভিত্তিত ভূমিকা নিৰ্ধাৰণ কৰি পৰিচালিত কৰে।এই ক্ষেত্ৰত অভিভাৱকসকলৰ ভূমিকা অতি তাৎপৰ্যপূৰ্ণ।ইয়াৰ লগতে পৰিয়ালৰ ককাক-আইতাক,পেহী- মাহী,খুড়া -খুড়ী,ককায়েক -ভায়েক,অঙহী -বঙহী সকলোৱেই শক্তিশালী ভূমিকা পালন কৰে।সমাজৰ প্ৰতি পদক্ষেপতে এই লোকসকলে লিংগ সচেতনতা, লিংগ পাৰ্থ্যকক সজাগ কৰি সামাজিকীকৰণ প্ৰক্ৰিয়াত এক উল্লেখযোগ্য আৰু শক্তিশালী ভূমিকা পালন কৰে।

Q.9. Socialisation and Gender Biases of Childhood in Family.

Ans: সামাজিকীকৰণ হৈছে কিছুমান গুৰুত্বপূৰ্ণ ঘটনা আৰু প্ৰক্ৰিয়াৰ অবয়ৱ ,যিবোৰৰ দ্বাৰা আমি এখন বিশেষ সমাজ আৰু আমি জন্মগ্ৰহণ কৰা উপদলত প্ৰচলিত বিশ্বাস আৰু আচৰণ আহৰণ কৰোঁ।সামাজিকীকৰণ শিশুৰ সংজ্ঞানাত্মক,ভাষিক কৌশলসমূহ তথা জৈৱিক আৰু পৰিবেষ্টিত পৰিবেশৰ ওপৰত নিৰ্ভৰ কৰে। লেৰনাৰ আৰু চিয়াৰ মতে,সংগ্রাম কৰি জীয়াই থাকিবলৈ ব্যক্তিৰ দলৰ প্ৰয়োজন আৰু দলকো ব্যক্তিৰ প্ৰয়োজন।সমাজ এখনত শিশুৱে জন্মগ্ৰহণ কৰাৰ পৰাই তেওঁলোকক সামাজিক নীতি আৰু কৰ্মৰ নিৰ্দেশনা দিয়া হয়, অৰ্থাৎ সমাজ পৰিচালনাৰ বাবে তেওঁলোকক সামাজিকীকৰণ কৰি তোলা হয়। সামাজিকীকৰণ নিৰ্ভৰ কৰে প্ৰাসংগিকতা আৰু গঠনৰ ওপৰত।যিকোনো ব্যক্তি এজন বিভিন্ন গোটৰ সৈতে সংযুক্ত আৰু প্ৰভাৱিত হয়, যেনে – পৰিয়াল, স্থানীয় সংস্কৃতি, পৰম্পৰাগত সংস্কৃতি,জাতীয় সংস্কৃতি ইত্যাদি।

এই প্ৰত্যক্ষ গোটবোৰেই সামাজিকীকৰণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত তাৎপৰ্যপূৰ্ণ ভূমিকা বহন কৰে।সামাজিকীকৰণ প্ৰক্ৰিয়া হ’ল যিবোৰৰ দ্বাৰা ব্যক্তিসকলে তেওঁলোকৰ সংস্কৃতি আহৰণ কৰে।তেওঁলোকে দোহাৰে বা সামাজিকীকৰণৰ দ্বাৰা এজন ব্যক্তিয়ে আন মানুহৰ লেখিয়া সাদৃশ্য বহন কৰে আৰু এনেদৰে সি/তাই নিজৰ সমাজত স্বাভাৱিক মানদণ্ড বজাই ৰাখিবলৈ সক্ষম হয়।সমাজে প্ৰতিমান, মূল্য,নৈতিকতা,সংস্কৃতি আৰু ঘটনা ব্যাখ্যাৰে সংজ্ঞা দিয়ে যিবোৰ আহৰণৰ দ্বাৰা ব্যক্তিয়ে নিজৰ সমনীয়াৰ দ্বাৰা সামাজিক স্বকৃতি লাভ কৰে।

পূৰ্ব-বাল্যকাল বা আগতীয়া বাল্যকালৰ সময়ছোৱাত শিশুৰ সামাজিকীকৰণৰ বিকাশৰ বিভিন্ন বৈশিষ্ট্যবোৰ তলত উল্লেখ কৰা হ’ল ।

(ক) দলানুগত্য : পূৰ্ব-বাল্যকালৰ সময়ছোৱাত ল’ৰা- ছোৱালীয়ে সমনীয়াৰ লগত দল বান্ধি থাকি ভাল পায়।সেয়ে সিহঁতৰ মাজত সংগপ্ৰিয়তা বৃদ্ধি পায়।একেলগে খেলা-ধূলাৰ প্ৰৱণতা জাগি উঠে।এটা সময়ছোৱাত তেওঁলোকৰ দলৰ মাজত কিছুমান মৌখিক নীতি-নিয়ম আৰু একোজন দলনেতা থাকে।তেওঁলোকে দলৰ সেই নীতি-নিয়ম ,নেতাৰ আৰ্দেশ-নিৰ্দেশ মানি চলিবলৈ নিজে নিজে বাধ্য হয়।ইয়াক দলানুগত্য বোলা হয়।এই সময়ছোৱাত ল’ৰা-ছোৱালীৰ দলানুগত্য ইমানেই বেছি হয় যে বহুসময়ত মাক-দেউতাকৰ আবাধ্য হৈও দলৰ আনুগত্য মানি চলে।

(খ) সহযোগিতা : পূৰ্ব-বাল্যকাল বা আগতীয়া বাল্যকালৰ সময়ছোৱাত দলৰ প্ৰতি দেখুওৱা আনুগত্যৰ মাধ্যমেৰে অনুশাসন শিকে আৰু সামাজিক আনুগত্য প্ৰকাশ কৰে।শিশুৱে সামাজিক দায়িত্ব শিকে আৰু বিভিন্ন ক্ষেত্ৰত সহযোগিতা আগবঢ়ায়।

(গ) আত্ম-প্ৰতিষ্ঠাৰ শ্ৰৱনতা (Self-assertion): পূৰ্ব-বাল্যকালৰ সময়ছোৱাত শিশুৱে নিজকে প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰে।আৰু খেলা-ধূলাৰ মাজেৰে প্ৰকাশ পায়।তেওঁলোকে নিজৰ দলৰ মাজতে প্ৰতিযোগিতামূলক ধাৰণাৰ সৃষ্টি কৰি লয় আৰু সকলো ক্ষেত্ৰতে পাৰ্গতালি দেখুৱাব বিচাৰে।খেলা-ধূলা,নৃত্য-গীত,বক্সিং,কুস্তি,সাজ-সজ্জা, অভিনয় আদিত অংশগ্ৰহণ কৰি নিজকে সমাজৰ মাজত প্ৰতিষ্ঠিত কৰাৰ চেষ্টা চলায়।

(ঘ) অনুকৰণ : অনুকৰণপ্ৰিয়তা বাল্যকালৰ বিশেষ বৈশিষ্ট্য।ডাঙৰক অনুকৰণ কৰি শিশুৱে বিভিন্ন আচাৰ-আচৰণ শিকে।অনুকৰণৰ মাধ্যমেৰে শিশুৱে তেওঁলোকৰ চৰিত্ৰ গঠন কৰিবলৈ প্ৰয়াস কৰে।পূৰ্ব-বাল্যকালৰ সময়ছোৱাতে শিশুৱে অনুকৰণৰ মাধ্যমেৰে বীৰপূজাৰ মানসিকতাও গঢ়ি তোলে।সাধুকথা মহৎলোকৰ জীৱনীৰ আধাৰত প্ৰকাশিত কাহিনীয়ে শিশুক শুদ্ধ পথত অগ্রহৰ হোৱা, শিশুৰ সৎ মন গঢ়ি উঠা আৰু আনক সন্মান জনোৱা আদি দিশৰ বিকাশত সহায় কৰে।

(ঙ) সমায়োজন : পূৰ্ব-বাল্যকাল বা আগতীয়া বাল্যকালৰ সময়ছোৱাত শিশুৱে নিজৰ পৰিয়ালৰ সদস্যসকলৰ লগতে সমাজৰ ব্যক্তিসকলৰ সান্নিধ্যলৈ আহে আৰু শিশুৱে সমাজৰ লগত সমায়োজন কৰিবলৈ শিকে।অৰ্থাৎ এই সময়ছোৱাত শিশুৰ মনত সমায়োজনৰ ধাৰণা গঢ় লৈ উঠে।

(চ) খেলা-প্ৰৱণতা : এই সময়ছোৱাত ল’ৰা-ছোৱালীবিলাকে অধিক সময় খেলা-ধূলা কৰি থাকিয়েই ভাল পায়।লগত ল’ৰা-ছোৱালীৰ লগত দল বান্ধি খেলি থাকিবলৈ পালে তেওঁলোকে বিমল আনন্দ লাভ কৰে।

উত্তৰ বাল্যকাল সময়ছোৱা ল’ৰা-ছোৱালীৰ সামাজিক চেতনা বিকাশৰ সময়।ল’ৰা-ছোৱালীয়ে এই সময়ত লগৰ লগৰীয়াৰ লগত খেলা-ধূলা কৰি আনন্দেৰে সময় অতিবাহিত কৰিবলৈ ভাল পায়।বিদ্যালয়টো লেখা-পঢ়াৰ সময়ত লগৰীয়াৰ সহায়-সহযোগিতা অনুভৱ কৰে।এনেদৰেই শিশুৰ মাজত বন্ধুত্ব, সহযোগিতা,প্ৰতিযোগিতা আদি সামাজিক গুণবোৰৰ বিকাশ সাধন হয়।

এই সময়ছোৱাত ল’ৰা-ছোৱালীয়ে দল বান্ধি খেলা-ধূলা কৰে,দল গঠন কৰে আৰু কিছুমান নীতি-নিয়ম মানি চলে।যিমান পাৰে দলৰ নিয়ম আৰু গোপনিয়তা ৰক্ষা কৰি চলিবলৈ শিকে।দল পৰিচালনাৰ বাবে দলপতি নিৰ্বাচন কৰে।তেওঁৰ প্ৰতি আৰু দলৰ প্ৰতি আস্থা আৰু নিষ্ঠাৰ ভাব প্ৰকাশ কৰে।দলৰ নীতি-নিয়ম ভংগ কৰিলে দলৰ পৰা বহিস্কাৰ কৰা হয়।নেতৃত্ব দিব নোৱাৰা দলপতিক আঁতৰাই নতুন দলপতি পাতে।দলৰ প্ৰতি সকলো আনুগত্য প্ৰকাশ কৰে এনে দলীয় সংগঠনৰ মনোভাৱে ল’ৰা-ছোৱালীৰ গণতান্ত্ৰিক মনোভাৱৰ বৃদ্ধি কৰে।এনেদৰে ল’ৰা-ছোৱালীয়ে সমাজৰ নীতি-নিয়মৰ প্ৰতিও সচেতন হৈ উঠে আৰু তাক আনুগত্যৰ মনোভাৱেৰে পালন কৰিবলৈ শিকে।

এই সময়ছোৱাত ল’ৰা-ছোৱালীয়ে আত্ম-প্ৰতিষ্ঠাৰ মনোভাৱ গঢ়ি তোলে।বিভিন্ন খেলা-ধূলাৰ মাজেদি নিজক প্ৰতিষ্ঠা কৰিবলৈ বিচাৰে।লগৰ ল’ৰা-ছোৱালীৰ লগত খেলিবলৈ পালে সকলো পাহৰি যায়।দলগত খেলা-ধূলাই তেওঁলোকৰ মনোভাৱ আৰু আচৰণক সমাজমুখী কৰি তোলে।এই সময়ছোৱাত ল’ৰাই ল’ৰাৰ লগত আৰু ছোৱালীয়ে ছোৱালীৰ লগত খেলিহে ভাল পায়।এনেদৰেই সামাজিক মনোভাৱৰ বিকাশ হয় আৰু ল’ৰা-ছোৱালী সামাজিক হৈ উঠে।

ল’ৰা-ছোৱালীসকল বিদ্যালয়লৈ যোৱাৰ পূৰ্বেই সমাজত লিংগ পক্ষপাতিত্বতাৰ সন্মুখীন হ’ব লগা হয়।ঘৰ বা পৰিয়ালত যেনেদৰে ছোৱালীতকৈ ল’ৰাক বেছি গুৰুত্ব দিয়া হয় ঠিক সেইদৰে সমাজতো ছোৱালীতকৈ ল’ৰাক বেছি প্ৰাধান্য দিয়া হয়।চম্বলপুৰ বিশ্ববিদ্যালয়ৰ গৱেষক মিশ্ৰ আৰু বেহেৰা আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ গৱেষক বাবুৱে ৪ ৰ পৰা ১৪ বছৰ ছোৱালীৰ ওপৰত চলোৱা এক গৱেষণাত উল্লেখ কৰিছে যে পিতৃমাতৃৰ দৃষ্টিভংগী আৰু বিভিন্ন সামাজিক বাধা ছোৱালীৰ ওপৰত জাপি দিয়া হয়, ল’ৰাৰ ওপৰত নহয়।ঘৰুৱা কাম-বন আৰু সৰু ল’ৰাছোৱালীৰ যত্ন লোৱা আদি দায়িত্ববোৰ ছোৱালীয়ে পালন কৰিব লগা হয়, ল’ৰাই নহয়।এইবোৰ হৈছে ঘৰুৱা পৰিবেশৰ পৰা আৰম্ভ কৰি সমাজত চলি থকা কিছুমান লিংগ পক্ষপাতিত্বতা।

বিজ্ঞানীসকলে সাধাৰণতে স্বাধীন,যুক্তিবাদী আৰু অনুসন্ধিৎসু আদি গুণৰ অধিকাৰী ।কিন্তু আমাৰ সমাজত ছোৱালীসকলক এই গুণবোৰৰ কিছুমান বিপৰীত গুণ আয়ত্ব কৰিবলৈহে শিক্ষা দিয়া হয়।যেনে – পৰাধীনতা ,সহণশীলতা, ধৈৰ্য্যশীলতা ইত্যাদি।

Q.10. Gender Inequality in Educational Context by Caste specific to North East.

Ans: শিক্ষাৰ ক্ষেত্ৰত উত্তৰ-পূবৰ সাধাৰণ জাতিৰ লিংগ অসমতাৰ কেইটামান মুখ্য কাৰণ তলত উল্লেখ কৰা হ’ল।

উত্তৰ-পূবৰ সাধাৰণ জাতিৰ পৰিয়ালসমূহ পিতৃপ্ৰধান হোৱাৰ বাবে নাৰীক উচ্চ স্থানত ৰাখিবলৈ বা উচ্চ ক্ষমতাশালী কৰি তুলিবলৈ ইচ্ছা নকৰাৰ বাবে নাৰীয়ে পুৰুষৰ সমানে সমানে উচ্চ শিক্ষা লোৱাৰ ক্ষেত্ৰত বহুতো পৰিয়ালে সদিচ্ছা প্ৰকাশ নকৰে।

বিয়া-বাৰুৰ ক্ষেত্ৰত নাৰী যদি বেছি শিক্ষিতা হয় তেন্তে বিয়া দিয়াটো এক সমস্যা হৈ পৰে।কন্যাতকৈ দৰা কম শিক্ষিত হ’লে ভৱিষ্যতে হ’ব পৰা অৰিয়া-অৰিক আশংকা কৰি বিয়া ভাঙি যায়।সেয়ে শ্ৰয়সকল সাধাৰণ জাতিৰ পিতৃ- মাতৃয়ে কন্যাসন্তানক উচ্চ ডিগ্ৰীধাৰী হোৱাটো পোষকতা নকৰে।

সাধাৰণ জাতিৰ যিবোৰ পৰিয়ালত সন্তান-সন্ততিৰ সংখ্যা বেছি কিন্তু উপাৰ্জন কম তেনেবোৰ পৰিয়ালত পিতৃ -মাতৃয়ে ছোৱালীক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তোলাৰ বিপৰীতে সোনকালে বিয়া দি পৰিয়ালৰ বোজা হ্ৰাস কৰিব বিচৰে নতুবা ক’ৰবাত বন কৰা ছোৱালী হিচাপে দি দিয়ে যাৰ ফলত তেওঁলোকে শিক্ষাৰ পৰা বঞ্চিত হয়।

সাধাৰণ জাতিৰ কিছুমান পৰিয়ালত বৰ্তমানেও বৰ্তি থকা সংৰক্ষণশীল মনোভাৱ যেনে,ল’ৰায়েহে ভৱিষ্যতে পিতৃ -মাতৃক লালন-পালন কৰে, ভৰণ-পোষণ দিয়ে;ছোৱালীয়ে নকৰে ইত্যাদিৰ বাবেও তেওঁলোকে ল’ৰাৰ শিক্ষা আৰু সংস্থাপনৰ প্ৰতিহে বেছি গুৰুত্ব প্ৰদান কৰে।

উত্তৰ-পূবৰ যিবোৰ সাধাৰণ জাতিৰ পৰিয়াল দৰিদ্ৰ সীমাৰেখাৰ তলত তেওঁলোকে আৰ্থিক দৈন্যতাক দোহাই দি ছোৱালীক শিক্ষা লাভৰ পৰা বঞ্চিত কৰাৰ বিপৰীতে ল’ৰাক কম পৰিমাণে হ’লেও শিক্ষিত কৰি তুলিবলৈ ইচ্ছা কৰে। সম্প্ৰতি উচ্চ শিক্ষাৰ বৰ্ধিত ব্যয়েও বহুতো পিতৃ -মাতৃক আর্থিকভাৱে কোঙা কৰি পেলাইছে।সেয়ে কিছুমান পিতৃ -মাতৃয়ে ছোৱালীৰ উচ্চ শিক্ষাৰ বিপৰীতে ল’ৰাক উচ্চ শিক্ষাৰ অগ্ৰাধিকাৰ দিয়া দেখা যায়।পিতৃ-মাতৃৰ এনে দৃষ্টিভংগীয়ে ল’ৰাৰ প্ৰতি থকা দুর্বলতাকে সূচায়।

অঞ্চল বিশেষে উত্তৰ-পূবৰ বিভিন্ন ঠাইত সাধাৰণ জাতিৰ বৰ্তমানেও অব্যাহত থকা যৌতুক প্ৰথাৰ বাবে অভিভাৱকে যৌতুকৰ ব্যয়বহুল বোজা মোৰ পাতি ল’বলৈ টান পোৱাৰ পৰিপ্ৰেক্ষিতত ছোৱালীক সামাজিক আৰু অৰ্থনৈতিক বোজা হিচাপে গণ্য কৰে।যৌতুকত খৰছ কৰিব লগা খা-খৰছ প্ৰতি লক্ষ্য ৰাখি নিম্ন বিত্ত সাধাৰণ জাতিৰ পৰিয়ালে ছোৱালীয়ে বেছি পঢ়া-শুনা কৰি টকা-পইচা খৰছ কৰাটো নিবিচাৰে।ইও এক লিংগ অসমতাৰে উদাহৰণ।

শিক্ষাৰ ক্ষেত্ৰত উত্তৰ-পূবৰ অন্যান্য পিছপৰা জাতিৰ লিংগ অসমতাৰ কেইটামান মুখ্য কাৰণ তলত উল্লেখ কৰা হ’ল  – 

অন্যান্য পিছপৰা জাতিৰ পৰিয়ালসমূহ পিতৃ বা পুৰুষপ্ৰধান। সেয়ে তেওঁলোকে নাৰীসকল তেওঁলোকৰ সমকক্ষ হোৱাটো নিবিচাৰে ।পৰম্পৰাগতভাৱে চলি অহা এনে সংৰক্ষণশীল মনোভাৱৰ বাবে ছোৱালী বা নাৰীসকল তুলনামূলকভাৱে পুৰুষতকৈ কম শিক্ষিতা হোৱাটো পুৰুষে কামনা কৰে যাৰ বাবে বহুতো ছোৱালীয়ে শিক্ষাৰ ক্ষেত্ৰত পৰিয়ালৰ পৰা পাবলগা প্ৰয়োজনীয় সমৰ্থন লাভ নকৰে।

বিবাহজনিত সমস্যাৰ প্ৰতি লক্ষ্য কৰা বহুতো অন্যান্য পিছপৰা জাতিৰ পিতৃ -মাতৃয়ে ছোৱালী বেছি শিক্ষিতা হোৱাটো পছন্দ নকৰে।ছোৱালী বেছি শিক্ষিতা হ’লে উপযুক্ত পাত্ৰ পোৱাত তেওঁলোকে অসুবিধাৰ সন্মূখীন হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ছোৱালীয়ে বেছি পঢ়া-শুনা কৰাটো সমৰ্থন নকৰে।ইয়াৰ ফলত ছোৱালীবোৰ উচ্চ ডিগ্ৰী লোৱাৰ পৰা বঞ্চিত হয়।

যিবোৰ নিম্নবত্তি অন্যান্য পিছপৰা জাতিৰ পৰিয়ালত সন্তান-সন্ততিৰ সংখ্যা কমিব নোৱাৰাৰ বাবে ছোৱালী সন্তানক সৰু শিশুৰ যতন লোৱা, ঘৰুৱা কাম-বন কৰি মাকক সহায় কৰা ইত্যাদি কামত নিয়োগ কৰে, যাৰ ফলত ছোৱালীবোৰ শিক্ষাৰ পৰা বঞ্চিত হ’ব লগা হয়।

অতীজৰ পৰা চলি অহা ল’ৰাৰ প্ৰতি থকা দুৰ্বলতাৰ বাবেও কিছুমান পিছপৰা জাতিৰ পৰিয়ালত ছোৱালীবোৰ শিক্ষাৰ পৰা বঞ্চিত হয়।

সম্প্ৰতি উচ্চ শিক্ষাৰ বৰ্ধিত ব্যয়ৰ বাবেও বহুতো নিম্ন বিত্ত অন্যান্য পিছপৰা জাতিৰ অভিভাৱকে ছোৱালীৰ উচ্চ শিক্ষাৰ বিপৰীতে ল’ৰাৰ উচ্চ শিক্ষাক অগ্ৰাধিকাৰ দিয়ে।

গ্ৰামাঞ্চলৰ বহুতো অন্যান্য পিছপৰা জাতিৰ পিতৃ -মাতৃয়ে ভাবে যে ছোৱালীবোৰ পঢ়াই-শুনাইনো কি লাভ হ’ব।বিয়াৰ পিছত অন্য ঘৰলৈ গুচি যাব,ইত্যাদি।এনে সংকীৰ্ণ দৃষ্টিভংগীৰ বাবেও ছোৱালী শিক্ষাই তেওঁলোকৰ ওচৰত গুৰুত্ব লাভ নকৰে।

নিৰক্ষৰ আৰু আত্ম-সজাগতাহীন অন্যান্য জাতিৰ অভিভাৱকে ছোৱালীৰ শিক্ষাক একেবাৰে আওকাণ কৰে।

পঢ়াতকৈ বিয়া দিয়াৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা একাংশ অন্যান্য জাতিৰ অভিভাৱকে ছোৱালীৰ শিক্ষাৰ প্ৰতি প্ৰদৰ্শন কৰে।

শিক্ষাৰ ক্ষেত্ৰত উত্তৰ-পূবৰ জনজাতিৰ মাজত থকা লিংগ অসমতা।

Q.11. Discuss about the merits demerits of Caste System.

Ans: জাতি ব্যৱস্থাৰ সুবিধাসমূহ : 

ক) জাতি ব্যৱস্থাই ব্যক্তিৰ সামাজিক প্রস্থিতি নিৰ্ধাৰণ কৰে : কোনো এজন ব্যক্তিৰ প্রস্থিতি নিৰ্ধাৰণ কৰা জাতি ব্যৱস্থাই সহায় কৰে।সামাজিক প্রস্থিতিয়ে ব্যক্তিক উৎকৰ্ষ সাধনত সহায় কৰে।কোনো ব্যক্তিয়ে নিজৰ প্রস্থিতিৰ বিষয়ে অৱগত হ’লে তেওঁ সেই প্রস্থিতি অনুসৰি ভূমিকা পালন কৰিবলৈ চেষ্টা কৰে।উচ্চ প্রস্থিতিৰ এজন ব্যক্তিয়ে তেওঁৰ প্রস্থিতি উচ্ছত ৰাখিবলৈ চেষ্টা কৰে।গতিকে সকলোৱে নিজৰ প্রস্থিতি উন্নত কৰিবলৈ চেষ্টা কৰাৰ ফলত সামাজিক উন্নয়নৰ ধাৰাবাহিকতা ৰক্ষা হয়।

খ) জাতি ব্যৱস্থাই ব্যক্তিৰ বৃত্তি নিৰ্ধাৰণ কৰে : জাতি ব্যৱস্থাত প্ৰতি জাতিৰ বাবে কেতবোৰ নিৰ্ধাৰিত বৃত্তি থাকে।ব্যক্তিয়ে প্রথমৰে পৰা নিজৰ বৃত্তিৰ বৃত্তিত অধিক ব্যুৎপত্তি লাভ কৰে।অভিভাৱকেও নিজৰ সন্তানক তেওঁলোকৰ ভৱিষ্যৎ বৃত্তিৰ বিষয়ে প্ৰশিক্ষণ দিব পাৰে আৰু সেই বৃত্তি আহৰণ আৰু পৰিচালনাত থকা অসুবিধাসমূহৰ বিষয়ে আগতীয়াকৈ জনাই দিব পাৰে।গতিকে জাতি ব্যৱস্থাত ব্যক্তিয়ে নিজৰ বৃত্তি নিৰ্বাচন আৰু পালনত সুবিধা হয়।

গ) জাতি ব্যৱস্থাই ব্যক্তিগত আচৰণ নিয়ন্ত্ৰণ কৰে : জাতি ব্যৱস্থাত প্ৰতিজন মানুহে অন্য ব্যক্তিৰ লগত কেনে আচৰণ প্ৰদৰ্শন কৰিব লাগে তাক জানে।বিভিন্ন জাতিৰ মাজত কেনে ধৰণৰ সামাজিক আদান-প্ৰদান কৰিব লাগে সেই বিষয়েও অৱগত হয়।গতিকে জাতি অনুসৰি নিয়ন্ত্ৰিত আচৰণ প্ৰদৰ্শন কৰিব লাগে আৰু সেই অনুসৰি সমাজে নিয়ন্ত্ৰিত হৈ থাকে। গতিকে জাতি ব্যৱস্থাই মানুহৰ আচৰণ নিয়ন্ত্ৰণ কৰি ৰাখে।

ঘ) জাতি ব্যৱস্থাই প্ৰতিযোগিতাৰ পৰিসৰ বৃদ্ধি কৰে  : জাতি ব্যৱস্থাৰ ফলত বিভিন্ন জাতিৰ মাজত সামাজিক আদৰ্শ আৰু উন্নয়নৰ প্ৰতিযোগিতাৰ পৰিসৰ বৃদ্ধি হয়।সকলো জাতিয়েই নিজৰ পৰম্পৰা ৰক্ষা আৰু সু-প্ৰতিষ্ঠিত কৰিবলৈ চেষ্টা কৰে। বিবাহ, খাদ্যাভ্যাস,ভাষা, সাজপাৰ আদি বিভিন্ন দিশত প্ৰতি জাতিয়েই নিজৰ নিজৰ উন্নয়নৰ প্ৰচেষ্টা অব্যাহত ৰাখে।

ঙ) জাতি ব্যৱস্থাই সামাজিক মূল্যবোধ নিৰ্ধাৰণ কৰে ব্যক্তিয়ে জন্মৰ লগে লগে নিজৰ জাতিৰ বিষয়ে অৱগত বাবেই নিজৰ মূল্যবোধৰ প্ৰতিও সচেতন হৈ পৰে।সামাজিক গতিশীলতাৰ ক্ষেত্ৰতো ব্যক্তিয়ে সামূহিক সচেতনতা আৰু সামূহিক প্ৰচেষ্টা অব্যাহত ৰাখে।সামাজিক গতিশীলতাৰ ক্ষেত্ৰত সামূহিক প্ৰচেষ্টা অব্যাহত থাকে বাবে সামূহিক এক্যতাও বৰ্তি থাকে।

চ) জাতি ব্যৱস্থাই শ্ৰমবিভাজন নিৰূপণ কৰে : জাতি ব্যৱস্থাত প্ৰতি জাতিৰে কৰ্ম বা শ্ৰম নিৰ্ধাৰণ কৰা আছে।প্ৰতি জাতিয়েই নিজা নিজা নিৰ্ধাৰিত কৰ্মৰ প্ৰতি সচেতন আৰু দায়বদ্ধ।জাতি ব্যৱস্থাই ব্যক্তিৰ নিজৰ কৰ্মৰ প্ৰতি আগ্ৰহী কৰি তোলে আৰু সমাজ সুচাৰুৰূপে পৰিচালনাত সহায় কৰে।

ছ) জাতি ব্যৱস্থাই সমাজ সংৰচনাত সহায় কৰে : পৰম্পৰাগতভাৱে জাতি ব্যৱস্থাই এখন সমাজ সুন্দৰ ৰূপত সংৰচিত হোৱাত সহায় কৰে।শিক্ষা-দীক্ষা,বৃত্তি,শ্ৰমবিভাজন, সামাজিক দায়বদ্ধতা, মূল্যবোধ আদিৰ প্ৰতি সচেতনতাই সমাজৰ সংৰচনাত সহায় কৰে।গতিকে জাতি ব্যৱস্থাই সমাজ সংৰচনাত সহায় কৰে।

জাতি ব্যৱস্থাৰ অসুবিধাসমূহ : 

ক) বৃত্তি বাছনিত সীমাবদ্ধতা : জাতি ব্যৱস্থাৰ ফলত বৃত্তি বাছনিত সীমাবদ্ধতা আহি পৰে।ব্যক্তিয়ে নিজৰ ইচ্ছামতে নিজৰ বৃত্তি বাছি ল’ব নোৱাৰাৰ বাবে জন্মই নিৰ্ধাৰণ কৰি দিয়া বৃত্তিতে আত্মনিয়োগ কৰিব লগা হয়।গতিকে ব্যক্তিয়ে দক্ষতা বা বৃত্তি পৰিৱৰ্তনৰ ইচ্ছা থাকিলেও অন্য বৃত্তিৰে আৰ্থিক উন্নয়ন ঘটাব নোৱাৰে।

খ ) অনুন্নত সামাজিক পৰিবেশ : জাতি ব্যৱস্থাৰ ফলত সামাজিক গতিশীলতা কম হয় বাবে সামাজিক উন্নয়নো কম হয়।জাতিবোৰে সহজে এনে পৰিবেশৰ পৰিবৰ্তন নহয় সেয়ে জাতি ব্যৱস্থাত বহুতো অঞ্চলত সামাজিক পৰিবেশ অনুন্নত।

গ ) ৰাষ্ট্ৰীয় সংহতি ৰক্ষাত বাধা : জাতি ব্যৱস্থাই সমাজৰ বিভিন্ন খণ্ড-উপখণ্ডত  বিভাজন কৰাৰ ফলত ৰাষ্ট্ৰীয় সংহতি ৰক্ষাত অসুবিধাৰ সৃষ্টি হয়।জাতি ব্যৱস্থাৰ জাতীয়তাবাদী ভাৱধাৰাৰ বিপৰীতে ব্যক্তিৰ মনত জাতিৰ সচেতনতাৰ মনোভাবহে বেছিকৈ গঢ় দিয়ে।ফলত ৰাষ্ট্ৰীয় সংহতি ৰক্ষাত অসুবিধা সৃষ্টি হয়।

ঘ) জাতি ব্যৱস্থাই মানুহক ভাগ্যবাদী কৰি তোলে : জাতি ব্যৱস্থাৰ ফলত মানুহৰ বহুতো সামাজিক কৰ্মত বাধা আহি পৰে।বৃত্তিকে ধৰি বিভিন্ন কৰ্মত মানুহে ইচ্চামতে অংশগ্ৰহণ কৰিব নোৱাৰে।কেতিয়াবা আকৌ কোনো জাতিৰ ব্যক্তিয়ে কেতবোৰ অপৰাধৰ পৰাও তেওঁৰ জাতিৰ বাবে শাস্তি নাপায়।তেনে ক্ষেত্ৰত বহুলোকে নিজৰ ভাগ্যৰ ফলতে নিজৰ জাতিত জন্মগ্ৰহণ কৰা বুলি ভাবি সাম্বনা লয়।মানুহ কৰ্মবাদীতকৈ ভাগ্যবাদী হৈ পৰে।

ঙ) বংশানুক্ৰমে সমাজ ব্যৱস্থাত প্ৰচলন : জাতি জন্মই নিৰ্ধাৰণ কৰে আৰু প্ৰীতি জাতিয়ে নিজৰ পৰম্পৰাগত বৃত্তি,সামাজিক আৰু আৰ্থিক পদ্ধতি  ৰক্ষা কৰি চলিবলৈ চেষ্টা কৰে ফলত সমাজত বংশানুক্ৰমিক আধিপত্যৰ সৃষ্টি হয়।

চ) জাতি ব্যৱস্থাই সামাজিক কু-প্ৰথাৰ প্ৰচলনত অৰিহণা যোগায় : জাতি ব্যৱস্থাৰ প্ৰচলনৰ ফলত হিন্দু ধর্মৰ কু-সংস্কাৰবোৰৰো প্ৰচলনত সুবিধা হয়। অস্পৃশ্যতা, সতীদাহ, বাল্য বিবাহ,বিধবা বিবাহ বন্ধ আদি কু-প্ৰথাবোৰ প্ৰচলনৰ ক্ষেত্ৰত জাতি ব্যৱস্থাই অৰিহণা যোগায়।উচ্চ জাতিয়ে নিম্ন জাতিক অস্পৃশ্য বুলি ভবাৰ বাবেই নিম্ন জাতিয়ে সমাজত পুতৌজনকভাৱে বাস কৰিব লগা হয়।

ছ) জাতি ব্যৱস্থাই সামাজিক অসমতা বৃদ্ধি কৰে : ৰক্ষণশীল হিন্দু ব্যৱস্থাত জাতি ব্যৱস্থাই সামাজিক অসমতা বৃদ্ধি কৰে।উচ্চ জাতীয় সমাজত বিভিন্ন দিশত সুবিধা লাভ কৰাৰ বিপৰীতে নিম্ন জাতিয়ে পুতৌজনকভাৱে সমাজত বাস কৰিব লগা হয় ।সমাজত উচ্চ আৰু নিম্নৰ পাৰ্থক্য বৃদ্ধি হয়।ফলত সমাজে ক্ৰমান্বয়ে পিছ পৰিহে গৈ থাকে।

Q.12. Write a note on origin on Caste system? 

Ans: জাতি ব্যৱস্থাৰ উৎপত্তি সম্পৰ্কে বিভিন্ন পণ্ডিতে বিভিন্ন ব্যাখ্যা দিছে।গতিকে নিৰ্দিষ্টকৈ জাতি ব্যৱস্থাৰ উৎপত্তিৰ কাৰণ নিৰ্ণয় কৰিব নোৱাৰি যদিও উক্ত ব্যাখ্যাৰ আধাৰতে জাতি ব্যৱস্থাৰ উৎপত্তিৰ সম্পৰ্কে কিছু ধাৰণা কৰিব পাৰি।জাতি ব্যৱস্থাৰ উৎপত্তিৰ সিদ্ধান্তসমূহক আমি পৰম্পৰাগত সিদ্ধান্ত, প্ৰজাতীয় সিদ্ধান্ত হিচাপে আলোচনা কৰিব পাৰো।

১) পৰম্পৰাগত সিদ্ধান্ত : হিন্দুৰ বৰ্ণাশ্ৰম ব্যৱস্থাত জাতিৰ উৎপত্তি সম্পৰ্কে থকা ব্যাখ্যাই হৈছে পৰম্পৰাগত সিদ্ধান্ত।এই সিদ্ধান্ত বেদ,উপনিষদ, মহাকাব্য, ধৰ্মশাস্ত্ৰ আদিয়ে দিয়ে।এই ব্যাখ্যাই জাতি আৰু বৰ্ণক প্ৰায় একোটা অৰ্থতে ব্যৱহাৰ কৰিছে ।এই ব্যাখ্যা মতে ঋকবেদৰ পুৰুষসূত্ৰৰ মতে “ব্ৰাহ্মণোহস্য মুখমাসীদ ,বাহুৰাজন্য: কৃত :উৰু তদস্য যদ্বৈশ্য পদভাং সুদ্ৰৰো অজায়ত” ।অৰ্থাৎ, সৃষ্টিকৰ্তা পৰমপুৰুষৰ মুখ ব্ৰাহ্মণত পৰিণত হ’ল,বাহু দুটা ক্ষত্ৰিয় হ’ল,উৰু দুটা বৈশ্য হ’ল আৰু ভৰি দুটাৰ পৰা শুদ্ৰৰ উৎপত্তি হ’ল।

বৰ্ণ বা জাতিৰ সম্পৰ্কে শ্ৰীমদ্ভাগবদগীতাত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে যে, “চাটুৱণ্যং ময়া সৃষ্টং গুণ কৰ্মবিভাগশ :।” অৰ্থাৎ ব্ৰাহ্মণ, ক্ষত্ৰিয়,বৈশ্য আৰু শুদ্ৰ এই চাৰিওটা বৰ্ণক গুণ আৰু কৰ্মৰ ভিত্তিত মোৰ দ্বাৰা সৃষ্টি কৰা হৈছে।

বৃহদাৰণ্যক উপনিষদৰ মতে,ব্ৰহ্মাই প্ৰথমে ব্ৰাহ্মণ, দ্বিতীয়তে ক্ষত্ৰিয়ৰ সৃষ্টি কৰে।কিন্তু দুয়োটা বৰ্ণৰ কাম-কাজত সন্তুষ্ট নহৈ শেষত বৈশ্য আৰু শুদ্ৰ বৰ্ণৰ সৃষ্টি কৰে।

ভৃগু সংহিতাৰ মতেও ব্ৰহ্মাই প্ৰথমে ব্ৰাহ্মণৰ সৃষ্টি কৰে।কিন্তু পিছলৈ ক্ষত্ৰিয়,বৈশ্য আৰু শুদ্ৰ এই তিনিও বৰ্ণৰ উৎপত্তি হয়।পৰাশৰ মুনিৰ মতেও ব্ৰহ্মাৰ মুখৰ পৰা ব্ৰাহ্মণৰ, বাহুৰ পৰা ক্ষত্ৰিয়,উৰুৰ পৰা বৈশ্য আৰু ভন্তিৰ পৰা শুদ্ৰ বৰ্ণৰ উৎপত্তি হয়।মহাভাৰততো একেই মতকে পোৱা যায়।

মনু সংহিতাৰ মতেও প্ৰতিলোম বিবাহ আৰু বৰ্ণসংকৰৰ উৎপত্তিৰ বাবেও জাতি ব্যৱস্থা প্ৰসাৰিত হয়।জাতি ব্যৱস্থাৰ এই সিদ্ধান্তকেইটা বিজ্ঞানভিত্তিক নহয় বাবেও সকলোৱে ইয়াক গ্ৰহণ কৰা নাই।

২) ৰাজনৈতিক সিদ্ধান্ত : আবেডুৱয় (Abed Dubos) নামৰ ফৰাচী পণ্ডিত এজনে ৰাজনৈতিক সিদ্ধান্তটো দিছে।এই সিদ্ধান্ত মতে ব্ৰাহ্মণসকলে ৰাজনৈতিক চতুৰালীৰ কাৰণে জাতি ব্যৱস্থাৰ উৎপত্তি হৈছে।ব্ৰাহ্মণসকলে জাতি ব্যৱস্থাৰ জৰিয়তে নিজৰ স্বাৰ্থ আৰু প্ৰভুত্ব সংৰক্ষিত কৰাৰ কৌশলেৰে জাতি ব্যৱস্থাৰ উদ্ভাৱন কৰিছে আৰু এই ক্ষেত্ৰত ধৰ্মৰ সহায় লৈছে।হিন্দু ধৰ্ম বুলিলে সাধাৰণতে ব্ৰাহ্মণ ধৰ্মৰ কথাকে বুজায়।ব্ৰাহ্মণসকলে ধৰ্মীয় কার্য সম্পাদনৰ অধিকাৰ নিজৰ হাতত ৰাখি নিজে উচ্চ প্রস্থিতি সম্পন্নৰূপে প্ৰতিষ্ঠিত হৈছে। আবেডুৱয় এই সিদ্ধান্তক ইবেটচনেও সমৰ্থন জনায় কৈছে যে, জাতি ব্যৱস্থাৰ উৎপত্তিৰ ক্ষেত্ৰত ব্ৰাহ্মণৰ প্ৰভাৱ অসীম।ইবেটচনৰ দৰেই ঘূৰিয়েই জাতি ব্যৱস্থাত ব্ৰাহ্মণৰ ভূমিকাৰ কথা স্বীকাৰ কৰি কৈছে,জাতি ব্যৱস্থা হৈছে ইন্দো- আৰ্য সংস্কৃতিৰ ব্ৰাহ্মণৰ সন্তান যি গংগা যমুনাৰ সমভূমি অঞ্চলত লালিত-পালিত হৈ বিভিন্ন ঠাই বা দেশলৈ সম্প্ৰসাৰিত হয়।

৩) ধৰ্মীয় সিদ্ধান্ত (Religious theory) : হোকাৰ্ট আৰু ছেনাৰ্ট (Hobart and Sentra) ধর্মৰ ওপৰত ভিত্তি কৰি জাতি ব্যৱস্থাৰ উৎপত্তিৰ বিষয়ে ধৰ্মীয় সিদ্ধান্তটো দিছে।

হোকাৰ্টৰ মতে,ধৰ্মীয় বিচাৰ আৰু ধর্মৰ নীতি-ৰীতিৰ ওপৰত ভিত্তি কৰিয়েই জাতি ব্যৱস্থাৰ সৃষ্টি হৈছে।প্ৰাচীন ভাৰতৰ ধর্মৰ বিভিন্ন কার্য সম্পাদনৰ বাবে বিভিন্ন ব্যক্তিৰ প্ৰয়োজন হৈছিল।যেনে – বলি বিধান প্ৰথাৰ বাবে বলিকটা লোক,পূজাৰ বাবে ফল তোলা লোক আদি।বিভিন্ন কামত নিয়োজিত বিভিন্ন শ্ৰেণীৰ লোকেই পিছলৈ পৃথক জাতি হিচাপে খ্যাতি লাভ কৰিলে।উদাহৰণস্বৰূপে,হোকাৰ্টে উল্লেখ কৰিছে যে, ধোঁৱা,নাপিত,কঁহাৰ আদি জাতি ধৰ্মীয় বৃত্তিৰ ওপৰত প্ৰতিষ্ঠিত।

হোকাৰ্টৰ এই সিদ্ধান্তক ছেনাৰ্টে সমৰ্থন কৰিছে।ছেনাৰ্টৰ মতে ধৰ্মীয় কৰ্তব্যৰ ওপৰত ভিত্তি কৰি জাতি ব্যৱস্থাৰ উৎপত্তি হৈছে যদিও খোৱা-বোৱা,সামাজিক চাল-চলন আদি নিষেধ ব্যৱস্থাৰ উৎপত্তিৰ অৰিহণা যোগাইছে।ছেনাৰ্টে উল্লেখ কৰিছে যে আৰ্য-অনাৰ্যৰ মাজৰ গুচি-অগুচি বা পবিত্ৰ-অপবিত্র আদি ধাৰাই আৰু পাৰিবাৰিক পূজা আৰু কুলদেৱতাৰ ভিন্নতাৰ বাবেই বিভিন্ন জাতিৰ সৃষ্টি হ’ল।

৪) বৃত্তিয়াত্মক সিদ্ধান্ত : জাতি ব্যৱস্থাৰ উৎপত্তিৰ সম্পৰ্কত বৃত্তিয়াত্মক সিদ্ধান্তটো আগবঢ়াইছে নেছফিল্ড (Nesfield) য়ে।এই সিদ্ধান্ত মতে বিভিন্ন বৃত্তিৰ কাৰণেই বিভিন্ন জাতিৰ উৎপত্তি হৈছে।মানুহৰ জীৱিকাৰ লগত বৃত্তিৰ ওতপ্ৰেত সম্বন্ধ আছে।গতিকে মানুহৰ জীৱনত বৃত্তিৰো প্ৰভাৱ অসীম।এই বৃত্তিবোৰ বিভিন্ন সামাজিক সংস্তৰণ আছে।অৰ্থাৎ সকলো বৃত্তিকে সমাজে সমপ্রস্থিতিসম্পন্ন হিচাপে গ্ৰহণ নকৰে। উদাহৰণস্বৰূপে ,মাটিৰ বাচন-বৰ্তনৰ কাম কৰা কুমাৰৰ প্রস্থিতিৰ লগত যাগ-যজ্ঞ, পূজা-সেৱা কৰা ব্ৰাহ্মণৰ প্রস্থিতিৰ পাৰ্থক্য আছে।বৃত্তিবোৰৰ বিভিন্ন সামাজিক মূল্যবোধৰ বাবে উচ্চ-নীচ হিচাপে জাতি ব্যৱস্থাতো সংস্তৰণ ঘটিছে।প্ৰত্যেক জাতিয়ে নিৰ্ধাৰিত বৃত্তি পুৰুষাণুক্ৰমিকভাৱে গ্ৰহণ কৰাৰ ফলত জাতি ব্যৱস্থাৰ উৎপত্তি হ’ল।

৫) বিৱৰ্তনাত্মক সিদ্ধান্ত : সামাজিক বিৱৰ্তন সিদ্ধান্তৰ আধাৰ হিচাপে জাতি ব্যৱস্থাৰ উৎপত্তিৰ ক্ষেত্ৰতো ভেনজিল ইবেটচনে বিৱৰ্তনাত্মক সিদ্ধান্তটো আগবঢ়াইছে।তেওঁৰ মতে যি ধৰণে সমাজ বিৱৰ্তনৰ জৰিয়তে সৰল অপৰিপক্ক অৱস্থাৰ পৰা জটিল পৰিপক্ক অৱস্থাগ্ৰাপ্ত হৈছে এই ধৰণেই পৰিৱৰ্তিত সমাজ ব্যৱস্থাত স্বাভাৱিকভাৱেই জাতিৰ উৎপত্তি হৈছে। ইবেটচনৰ মতে সমাজৰ আদিমবাসী জনজাতিসকলে বিভিন্ন ধৰ্মীয় ৰীতি-নীতি,বৃত্তি আদি গ্ৰহণ কৰাৰ ফলত বিভিন্ন জাতিৰ উৎপত্তি হৈছে।

৬) প্ৰজাতীয় সিদ্ধান্ত : জাতি ব্যৱস্থাৰ উৎপত্তিৰ সম্পৰ্কিত প্ৰজাতীয় সিদ্ধান্তটো আগবঢ়াইছে হাবি ৰিজলি,ঘুৰী, এন. কে.দত্ত, এম. চি. ৰয় মজুমদাৰ, মে’ৱেবাৰ,ক্ৰুৱাৰ আদি চিন্তাবিদসকলে।এই সিদ্ধান্তমতে জাতি ব্যৱস্থাৰ উৎপত্তিৰ মূল কাৰণ হৈছে প্ৰজাতীয় তত্ত্ব।ৰিজলিৰ মতে ইন্দো-আৰ্য প্ৰজাতিৰ লোক,পাৰস্যৰ পৰা ভাৰতলৈ আহি পাৰস্য সমাজৰ আহিতে ভাৰততো ব্ৰাহ্মণ, ক্ষত্ৰিয়,বৈশ্য আৰু শুদ্ৰ জাতিৰ সৃষ্টি কৰি কৰ্ম বিভাজন ঘটায়।অধিবাসীসকলৰ লগত থকা সাংস্কৃতিক আৰু শাৰীৰিক পাৰ্থক্যৰ বাবেই আৰ্যসকল অধিবাসীসকলৰ লগত মিলি যোৱা নাছিল।আৰ্যসকলৰ লগত সৰহসংখ্যক তিৰোতা অহা নাছিল বাবেই আৰ্যসকলে অধিবাসীসকলৰ কন্যা বিবাহ কৰিছিল।কিন্তু আৰ্যসকলৰ কন্যা অধিবাসীসকললৈ বিবাহ দিয়া নাছিল।ইয়াৰ ফলতেই সমাজত অনুলোম বিবাহ, প্ৰতিলোম বিবাহ, আন্তবিবাহ আদি পদ্ধতিৰ সৃষ্টি হ’ল।পাছলৈ এইবোৰ জাতি ব্যৱস্থাৰ অন্যতম উপাদান হৈ পৰিল।

Q.13. Definitions of Scheduled Caste? 

Ans: অনুসূচীত জাতিৰ সংজ্ঞা : ভাৰতৰ হিন্দু সংস্তৰণ পদ্ধতিত নিম্নতম স্তৰত বসবাস কৰা আৰু বৰ্ণ পদ্ধতিত পঞ্চম বৰ্ণ বুলি ভবা লোকসকলকে অনুসূচীত জাতি বা অস্পৃশ্য জাতি বুলি কোৱা হয়।যিসকল লোকে সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, শিক্ষা,ধৰ্ম আদি দিশত পিছপৰা আৰু যিসকল লোকক পৰম্পৰাগত হিন্দু সামাজিক সংস্তৰণ বা স্তৰীকৰণৰ উচ্চ শ্ৰেণীৰ লোকসকলে হীন আৰু অস্পৃশ্য বুলি গণ্য কৰি সামাজিকভাৱে শোষণ কৰি আহিছে সেই শ্ৰেণীৰ লোকসকলে অনুসূচীত জাতি বুলি কোৱা হয়; যেনে- বাধা,মংগ,চমাৰ,মোহৰ,বিলাবাস আদি।

বিখ্যাত সমাজবিজ্ঞানী ড.ডি. এন. মজুমদাৰৈ অনুসূচীত জাতিৰ সংজ্ঞা দি কৈছিল, “The untouchable castes are disabilities, many of which are traditionally prescribed and socially enforced by higher class.”

ভাৰতৰ অনুসূচীত জাতিৰ লোকসকলৰ প্ৰায় অধিক সংখ্যকেই শ্ৰমিক শ্ৰেণীৰ।তেওঁলোকে চামৰাৰ কাম, মাছমৰীয়াৰ কাম, তাড়ি সংগ্ৰহ কৰা, ৰছি আৰু বাস্কেট বনোৱা, ধুবীৰ কাম, বাঢ়ৈৰ কাম, মেটৰৰ কাম, ফলমূল আৰু শাক-পাচলি বিক্ৰী কৰা কাম, জোতা বনোৱাৰ কাম, মদ বনোৱা কাম, টুনীয়াৰ কাম, কাঠ মিস্ত্ৰী আৰু কমাৰশালৰ কাম, তাতীৰ কাম আদি কামবোৰ সম্পাদন কৰে।১৯৮১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ মুঠ অনুসূচীত জাতিৰ ৪২.২ শতাংশ লোক শ্ৰমিক শ্ৰেণীৰ অন্তৰ্ভূক্ত।

১৯৭১ চনৰ লোকপিয়ল অনুসৰি অনুসূচীত জাতি বা হৰিজনসকলৰ ৯০ শতাংশ আৰু ১৯৮১ চনৰ লোকপিয়ল অনুসৰি পলায় ৮৪ শতাংশ লোক ভাৰতৰ গ্ৰাম্যাঞ্চলত বসবাস কৰে।তেওঁলোকে কৃষি;শ্ৰমিক, আধি ৰোৱা মানুহ (Share-copper) , ৰায়ত (Tenant) আৰু (Marginal) হিচাপে জীৱিকা নিৰ্বাহ কৰে।

ভাৰতবৰ্ষৰ উত্তৰ -প্ৰদেশ,পশ্চিমবংগ, বিহাৰ, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ,মধ্যপ্ৰদেশ,ৰাজস্থান, কৰ্ণাটক,পঞ্জাৱ আৰু মহাৰাষ্ট্ৰ আদি ৰাজ্যত অনুসূচীত জাতিৰ লোকে বসবাস কৰে।অনুসূচীত জাতিৰ সৰহ সংখ্যক লোকেই নিৰক্ষৰ।

প্ৰায়সকল অনুসূচীত জাতি হিন্দু ধৰ্মাৱলম্বী।ভাৰতবৰ্ষৰ উত্তৰ -প্ৰদেশত অনুসূচীত জাতিৰ সংখ্যা সৰ্বাধিক।আনহাতে নগালেণ্ড,মিজোৰাম আৰু অৰুণাচল প্ৰদেশত কোনো অনুসূচীত জাতিৰ লোক নাই।

সামাজিক, অৰ্থনৈতিক আৰু শৈক্ষিক দিশত পিছপৰা লোকসকুলক অন্যান্য পিছপৰা জাতি বুলি কোৱা হয়।১৯৮০ চনত মণ্ডল আয়োগে (Mandal Commission) ভাৰত চৰকাৰৰ ওচৰত দাখিল কৰা প্ৰতিবেদনৰ ভিত্তিত আৰু ১৯৮২ চনত দুয়োখন সদনত হোৱা আলোচনাৰ মৰ্মে ১৯৯০ চনৰ আগষ্ট মাহত সেই সময়ৰ ভি.পি.সিঙৰ নেতৃত্বাধীন জনতা দলৰ চৰকাৰে উপৰোক্ত সূচক তিনিটাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি অন্যান্য পিছপৰা জাতিৰ বাবে সংবিধানত -২৭ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰে।

Q.14. Gender inequality in educational context by tribes in North -East.

Ans: যিবিলাক লোকে দুৰ্গম অৰণ্যাঞ্চল বা যাতায়ত আৰু যোগাযোগ ব্যৱস্থা সুবিধাজনক নোহোৱা দুৰ্গম পাহাৰীয়া আৰু বিশ্ব সভ্যতাৰ পৰা বিচ্ছিন্ন স্থানত বসবাস কৰে তেঁওলোককে ‘জনজাতি ‘ বুলি কোৱা হয়।স্বাধীনোওৰ কালত ভাৰতীয় সংবিধানে তেওঁলোকক ‘অনুসূচীত জনজাতি’ বুলি স্বীকৃতি দিয়ে।১৯৫০ চনত ভাৰতীয় সংবিধানে সেই সময়ৰ ভাৰতৰ ১৪ খন ৰাজ্যৰ ২০২ টা জনজাতিক ‘অনুসূচীত জনজাতি’বুলি স্বীকৃতি দিছিল।

সমাজতত্ববিদ ডঃ .ডি. এন মজুমদাৰৰ মতে,জনজাতি হৈছে কিছুমান পৰিয়ালৰ সমষ্টি, যাৰ,এটা সাধাৰণ নাম থাকে, সদস্যসকলে নিৰ্দিষ্ট ভূখণ্ড অধিকাৰ কৰি থাকে, একে ভাষা কয় আৰু যি সকলে বিয়া-বাৰু আৰু ব্যৱসায় আদিৰ ক্ষেত্ৰত কিছুমান বাধা-নিষেধ মানি চলাৰ লগতে পৰস্পৰে পৰস্পৰৰ সৈতে আদান-প্ৰদান ব্যৱস্থা ভালকৈয়ে থাকে। A Scheduled Tribe refers to a collection of families of groups of families, bearing a common name, member which occupy the same territory, speak the same language and observe certain tribes regarding marriage, profession or occupation and have developed as well as assessed system of reciprocity and mutuality of obligations.

চমুকৈ ক’বলৈ গ’লে,জনজাতি হৈছে এক আঞ্চলিক লোকসমষ্টি অঞ্চল,ভাষা, সমাজনীতি আৰু আৰ্থিক কার্য আদিৰ দ্বাৰা একতাৰ সূত্ৰত বন্ধা থাকে। ১৯৫০ চনত লিড’চ গিলিন আৰু ফিলিক গিলিনে “Cultural Sociology” নামৰ পুথিখনত  উল্লেখ কৰিছে যে, কোনো ঠাইত কোনো আদিম জনসমূহৰ যিসকলে উমৈহতীয়াভাৱে থাকে, একে ভাষা কয় আৰু একে সংস্কৃতি অনুসৰণ কৰে, সেইসকললে জনজাতি আখ্যা দিব পৰা যায় । (A tribe a group of local communities which lives in a common areas, speaking a common dialect and follows a common culture) লিউছ গিলিন আৰু ফিলিক গিলিনে আগবঢ়োৱা জনজাতিৰ সংজ্ঞাটোৰ সন্দৰ্ভত ডঃ বৈটশানে উল্লেখ কৰিছে যে, “Gillin’s view about Tribes have been particularly two important facts.

(i) Common habitation. and 

(ii) Sense of unity.” 

Titiperical Gazetteer ৰ মতে,”A tribe is collection of families bearing 4 common name, speaking a common dialect, occupying or professing to occupy a common territory and is not usually endogamous though originally it might have been so.” 

সমাজতত্ববিদ বগৰদাচৰ মতে, “The Tribal group was based on the need for protection,on ties of blood relationship, and on the Strength of common religion.” ভাৰতৰ সমুদায় জনজাতি জনসংখ্যাৰ তিনিভাগৰ দুভাগ মধ্যপ্ৰদেশ, উৰিষ্যা, বিহাৰ,গুজৰাট আৰু মহাৰাষ্ট্ৰত আছে।উত্তৰ-পূব মণ্ডলৰ পাঁচখন ৰাজ্য – মিজোৰাম, নাগালেণ্ড, মেঘালয়,অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰাৰ জনজাতি লোকৰ সংখ্যা অজনজাতীয় লোকতকৈ অধিক।

অনুসূচীত জনজাতিৰ লোকসকলৰ জীৱিকাৰ মূল উৎস হ’ল কৃষি।পাহাৰীয়া অঞ্চলৰ লোকে বুম পদ্ধতিৰে কৃষি কার্য সম্পাদন কৰে।

উত্তৰ-পূৱৰ আঠোখন ৰাজ্য-অসম ,অৰুণাচল প্ৰদেশ, মেঘালয়,চিকিম,নাগালেণ্ড, ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰত জনজাতি লোকে বাস কৰে।

২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ মুঠ জনসংখ্যাৰ ৮.৬ শতাংশ জনজাতি লোক।এই লোকপিয়ল মতে ভাৰতবৰ্ষত থকা মুঠ জনজাতিৰ সংখ্যা হৈছে ১০.৪৩ কোটি।ইয়াৰে ৮৯.৯৭ শতাংশ গ্ৰাম্যাঞ্চলত আৰ ১০.০৩ শতাংশ নগৰাঞ্চলত বাস কৰে।

উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ ভিতৰত মিজোৰামত সৰ্বাধিক সংখ্যক জনজাতি লোক আছে।উত্তৰ-পূৱৰ ৰাজ্যসমূহত থকা প্ৰধান জনজাতিসকল হৈছে-বড়ো,মিচিং, কছাৰী, নিচি, আপাতনী,মিজো,খাচীয়া, গাৰু, হাজং,ৰাভা,জয়ন্তীয়া, আদি, দেউৰী,কুকি,অংগামী (নগালেণ্ড), বেংমা (নগালেণ্ড)ইত্যাদি। শিক্ষাৰ ক্ষেত্ৰত এই জনজাতিসকলৰ লিংগ অসমতাৰ কেইটামান মুখ্য কাৰণ তলত উল্লেখ কৰা হ’ল।

সকলো জনজাতিতে নাৰীৰ মৰ্যাদা একে নহয়।জনজাতিভেদে নাৰীৰ মৰ্যাদা ভিন্ন।জনজাতি নাৰীসকলে অৰ্থনৈতিক দিশত প্ৰায় পুৰুষৰ সমানে দায়িত্ব বহন কৰিব লাগে।যেতিয়া পৰিয়ালৰ পুৰুষজন অন্য নগৰ বা মহানগৰত কাম কৰে তেতিয়া পৰিয়ালৰ ছোৱালী তথা মহিলাসকলে কৃষি কাৰ্য কৰিব লগা হয়।এনে পৰিপ্ৰেক্ষিতত জনজাতি ছোৱালীসকলে শিক্ষাৰ পৰা বঞ্চিত হ’ব লগা হয়।

গ্ৰাম্যাঞ্চলত জনজাতীয় বিদ্যালয়ৰ অভাৱ,যাৰ ফলত বহু দূৰত অৱস্থিত বিদ্যালয়লৈ ছোৱালী স্কুলক শিক্ষা গ্ৰহণৰ কাৰণে পঠিয়াবলৈ পৰিয়ালে ইচ্ছা প্ৰকাশ নকৰে।

পৰম্পৰাগত বা প্ৰচলিত নীতি অনুসৰি জনজাতীয় পিতৃ -মাতৃয়ে ছোৱালীক বিদ্যালয়লৈ পঠিয়াবলৈ লাজ অনুভৱ কৰে, যাৰ ফলত ছোৱালীবোৰ শিক্ষাৰ পৰা বঞ্চিত হ’ব লগা হয়।

মাতৃয়ে যেতিয়া কামলৈ ওলাই যায় তেতিয়া উঠি অহা ছোৱালীবোৰে (Grown up girls),শিশুৰ যতন ল’ব লগা হয়, যাৰ ফলত ছোৱালীবোৰ শিক্ষাৰ পৰা বঞ্চিত হয়।

গ্ৰাম্যাঞ্চলৰ প্ৰায়সকল জনজাতীয় পিতৃ- মাতৃয়ে ছোৱালীক বিদ্যালয়লৈ পঠোৱাৰ পৰিবৰ্তে ঘৰুৱা কাম-বন কৰাত লগায়।ইয়াৰ বাবেও ছোৱালীবোৰ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈছে।

গ্ৰাম্যাঞ্চলৰ প্ৰায়সকল জনজাতীয় পিতৃ- মাতৃৰ ঠেক দৃষ্টিভংগী, অশিক্ষিত, আৰ্থিক দৈন্যতা,কম শিক্ষিত আৰু সজাগতাৰ অভাৱেও ছোৱালী শিক্ষাৰ ক্ষেত্ৰত প্রতিবন্দক হিচাপে থিয় দিছে।

প্ৰায় সংখ্যক জনজাতি লোকে ছোৱালীৰ বিয়া দিয়াৰ পিছত তেওঁলোকৰ দায়িত্ব শেষ বুলি ভাবে।সেয়ে ছোৱালীক শিক্ষিতা কৰি তোলাৰ পৰিবৰ্তে তেওঁলোকে বিয়া দিয়াটোতহে বেছি গুৰুত্ব প্ৰদান কৰে; যাৰ ফলত ছোৱালীবোৰ শিক্ষা লাভৰ পৰা বঞ্চিত হ’ব লগা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top