Sociological Foundations of Education Unit 5 ৰাজনৈতিক আদৰ্শ আৰু শিক্ষা

Sociological Foundations of Education Unit 5 ৰাজনৈতিক আদৰ্শ আৰু শিক্ষা Notes, College and University Answer Bank of Education for BA, and Post Graduate Notes and Guide Available here, Sociological Foundations of Education Unit 5 ৰাজনৈতিক আদৰ্শ আৰু শিক্ষা Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus eg. Dibrugarh University and Guwahati University so that you can easily browse through different College and University Guide and Notes here. Sociological Foundations of Education Unit 5 ৰাজনৈতিক আদৰ্শ আৰু শিক্ষা Question Answer can be of great value to excel in the examination.

Sociological Foundations of Education Unit 5 ৰাজনৈতিক আদৰ্শ আৰু শিক্ষা

Join Telegram channel

Sociological Foundations of Education Unit 5 Education and Political Ideologies Notes cover all the exercise questions in UGC Syllabus. The Sociological Foundations of Education Unit 5 ৰাজনৈতিক আদৰ্শ আৰু শিক্ষা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

ৰাজনৈতিক আদৰ্শ আৰু শিক্ষা

EDUCATION

শিক্ষাৰ সমাজতাত্বিক আধাৰ

Sociological Foundations of Education


1. Answer the following questions.

(a) The aim of education in democracy is

(i) Personality development. 

(ii) Religions development.

(iii) Development of national integrity.

(iv) Economic development.

Ans. (iii) Development of national integrity. 

(b) in a democracy the teacher is considered students.

(i) Spiritual teacher.

(ii) Descriplinatian.

(iii) Guardian.

(iv) Friend, Philosopher and guide. 

Ans. (iv) Friend, Philosopher and guide.

(c) According to Abraham Lincon, what is the definition of democracy? 

Ans. Government of the people, by the people and for

the people. 

(d) The word “Democracy” derived from which language.

Ans. Greek language

(e) The word socialism derived from which lan guage

Ans. Greek language.

2. What you understand by education for de mocracy Discuss the special feature of such education.

উত্তৰঃ ভাৰতবৰ্ষক পৃথিৱীৰ ভিতৰতে এখন সৰ্ববৃহৎ গণতান্ত্রিক দেশ হিচাপে স্বীকৃতি দিব পাৰি কিয়নো,ভাৰতবৰ্ষৰ গণতান্ত্রিক ভাৱধাৰাৰ সৈতে পৃথিৱীৰ কোনো দেশৰে মতাদর্শ নিমিলে। ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা গণতান্ত্রিক ভাৱধাৰাৰে পৰিচালিত। অর্থাৎ শিক্ষাৰ এক প্ৰধান লক্ষ্য হৈছে জাতি, ধর্ম বর্ণ, ভাষা নির্বিশেষে সকলোকে শিক্ষাৰ সম সুযোগ সুবিধা প্ৰদান কৰা। গণতান্ত্রিক মূল্যবোধে প্রত্যেক আৰু প্ৰতিজন ব্যক্তিৰে ব্যক্তিত্বক সন্মান প্রদর্শন কৰে। এখন গণতান্ত্রিক আৰ্হিৰ সমাজত মুক্ত প্রকাশ, নিজস্ব গুণ, অনুশাসন, সক্রিয়তা আৰু স্বকীয়তাৰ গুণসমূহৰ বিকাশ ঘটে। গণতান্ত্রিক সমাজত প্রধানকৈ ক্ষমতা একতা আৰু ভ্রাতৃত্ববোধৰ ওপৰত গুৰুত্ব দিয়া হয়। সমাজৰ প্ৰগতি সেই সমাজত বাস কৰা ব্যক্তিসকলৰ সবঙ্গীন উন্নতিৰ ওপৰত নিৰ্ভৰ কৰে। ব্যক্তিসকলৰ সৰ্বাঙ্গীন উন্নতিৰ ওপৰত নিৰ্ভৰ কৰে। ব্যক্তিসকলৰ সৰ্বাঙ্গীন বিকাশৰ বাবে আৰু গণতান্ত্রিক মূল্যবোধৰ চেতনা জাগ্ৰত কৰি তুলিবৰ কাৰণে গণতান্ত্রিক ভাবধাৰাৰে উদ্বুদ্ধুদ্ধ শিক্ষাৰ ব্যৱস্থা কৰাটো প্রয়োজনীয়।

Special feature of Education for democracy.

১। শিক্ষাৰ লক্ষ্য :- গণতান্ত্রিক সমাজৰ শিক্ষাৰ কেতবোৰ লক্ষ্য তলত উল্লেখ কৰা হ’ল—

(ক) সুনাগৰিকত্বৰ বিকাশ সাধন :- গণতান্ত্রিক সমাজৰ শিক্ষাৰ এক গুৰুত্বপূৰ্ণ লক্ষ্য হ’ল—সু-নাগৰিকত্বৰ গুণসমূহৰ বিকাশ সাধন কৰা। যেনে— বন্ধুত্বসুলভ মনোভাৱ ন্যায়, সহযোগিতা আদি। কিয়নো, ব্যক্তিৰ প্ৰগতিশীল মনোভাৱে নতুন দৃষ্টিভংগী আৰু নেতৃত্বৰ গুণাগুণে গণতন্ত্ৰৰ আদৰ্শক প্রস্ফুটিত কৰে। এনে আদৰ্শৰ দ্বাৰা ব্যক্তিয়ে দায়িত্ব পালনত অংশগ্ৰহণ কৰিব পাৰে।

(খ) ব্যক্তিত্বৰ সৰ্বাঙ্গীন বিকাশ সাধন কৰা :- গণতান্ত্রিক সমাজৰ শিক্ষাৰ অন্য এক লক্ষ্য হৈছে ব্যক্তিত্বৰ সৰ্বাঙ্গীন বিকাশ সাধন কৰ। কিয়নো, ব্যক্তিৰ সৰ্বাঙ্গীন বিকাশেই গণতন্ত্ৰৰ কৃতকাৰ্যতাৰ মূল চাবি কাঠি। সেয়েহে প্রত্যেকৰে অন্তর্নিহিত প্রতিভাসমূহৰ বিকাশ সাধন কৰি যাতে সমাজৰ প্ৰগতিশীল বিকাশত সহায় কৰিব পাৰে তাৰ প্ৰতি গুৰুত্ব দিয়াটো শিক্ষাৰ এক লক্ষ্য।

(গ) নেতৃত্ব সুলভ গুণৰ বিকাশ সাধন :- গণতান্ত্রিক সমাজৰ শিক্ষাৰ অন্য এক লক্ষ্য হ’ল— নেতৃত্ব সুলভ গুণৰ বিকাশ সাধন। কিয়নো গণতন্ত্ৰ জনসাধাৰণৰ দ্বাৰা, জনসাধাৰণক লৈ গঠিত হোৱা চৰকাৰ। য’ত দেশৰ জনগণৰ হাততে শাসনভাৰ ন্যস্ত থাকে বুলি ক’ব পাৰি। সেয়েহে দেশৰ জনগণৰ মাজত নেতৃত্ব সুলভ গুণাৱলীৰ বিকাশ সাধন কৰাটো শিক্ষাৰ এক লক্ষ্য হিচাপে পৰিগণিত হৈছে।

(ঘ) গণতান্ত্রিক মূল্যবোধৰ বিকাশ সাধন কৰা :- জনসাধাৰণৰ মাজত প্ৰকৃত অৰ্থত গণতান্ত্রিক মূল্যবোধ জগাই তোলাটোও শিক্ষাৰ এক লক্ষ্য গতিকে দেশৰ ঐক্য সাধনৰ বাবে উঠি অহা প্ৰজন্মৰ মাজত নৈতিক চেতনা, ভ্রাতৃত্ববোধ বন্ধুত্বসুলভ মনোভাৱ আদিৰ বিকাশ সাধন কৰিব লাগিব ৷

(ঙ) অন্তনির্হিত প্রতিভাৰ বিকাশ সাধন কৰা :- গণতন্ত্ৰৰ মূল উদ্দেশ্য হৈছে প্ৰত্যেক নাগৰিকৰে সুপ্ত প্রতিভা আৰু শক্তি জাগ্ৰত কৰি মুক্ত কৰি তোলা। ব্যক্তিৰ আত্মউপলদ্ধিৰ বিকাশ সাধনে দেশৰ প্রগতিশীল বিকাশতো সহায় কৰিব। গতিকে প্রত্যেকৰে অন্তনিৰ্হিত সুপ্ত প্ৰতিভাসমূহৰ বিকাশ সাধন কৰি ব্যক্তিৰ মৰ্যদা নিৰ্ণয় কৰাটোও শিক্ষা লক্ষ্য।

(চ) সকলোকে সা-সুবিধা প্ৰদান কৰা :- গণতান্ত্রিক শিক্ষাৰ অন্য এক লক্ষ্য হৈছে সকলোকে সমান সা-সুবিধা প্রদান কৰি নিজৰ, যোগ্যতা আৰু অভিক্ষমতাৰ বিকাশ সাধন কৰা। জাতি, ধর্ম, বর্ণ, ভাষা নির্বিশেষে সকলোকে সমানে সুযোগ সুবিধা বিতৰণ কৰাটো শিক্ষাৰ এক লক্ষ্য।

(ছ) স্বাধীনতা প্রদান :- গণতান্ত্রিক সমাজৰ অন্য এক লক্ষ্য হ’ল—— স্বাধীনতা প্ৰদান কৰা। শিক্ষা এনেদৰে প্ৰদান কৰিব লাগিব যাতে সকলোৱে মুক্তভাৱে নিজৰ সম্ভাৱনীয়তাক পূৰ্ণ বিকাশৰ সম সুযোগ সুবিধা লাভ কৰিব পাৰে।

(জ) সহযাগিতা মনোভাৱৰ বিকাশ :- শিক্ষা এনেদৰে প্ৰদান কবিব লাগিব যাতে, সমাজৰ প্ৰত্যেক ব্যক্তিয়ে সহযোগিতা আৰু ভ্ৰাতৃত্ব সুলভ মনোভাৱেৰে আগুৱাই যাব পাৰে। কিয়নো, প্রত্যেক ব্যক্তিৰ মাজত সহযোগিতা থকাটো গণতন্ত্ৰৰ অন্যতম লক্ষ্য।

(ঝ) ব্যক্তিৰ চৰিত্ৰ গঠন কৰা :- গণতান্ত্রিক সমাজৰ শিক্ষাৰ অন্য এক লক্ষ্য হ’ল— ব্যক্তিৰ মাজত সু-চৰিত্ৰ গঠন কৰা। সু-চৰিত্ৰৰ অধিকাৰী ব্যক্তিসকলেই সমাজৰ দায়িত্ব বহন কৰি সমাজক প্রগতিশীল দিশত আগুৱাই নিয়াত সহায় কৰিব পাৰে। সেয়েহে ব্যক্তিৰ চৰিত্ৰৰ বিকাশ সাধন কৰাটো গণতান্ত্রিক সমাজৰ শিক্ষাৰ মৌলিক স্বত্ব। 

২। পাঠ্যক্রম ব্যৱস্থা :- গণতান্ত্ৰিক শিক্ষাৰ বাবে প্ৰস্তুত কৰা পাঠ্যক্ৰম গতিশীল আৰু সহজে সলনি বা পৰিৱৰ্তন কৰিব পৰা বিধৰ হ’ব লাগে। এই পাঠ্যক্ৰমৰ মূল ভেঁটি হ’ল— শিশুৰ আগ্ৰহ, অভিৰুচি, প্রয়োজন, অভিক্ষমতা অনুসৰি শিক্ষা প্ৰদান কৰা। ইয়াৰোপৰি পাঠ্যক্ৰমখনে গণতান্ত্রিক মূল্যবোধক বাস্তৱত পৰিণত কৰা বিধৰ হ’ব লাগিব। পাঠ্যক্ৰমখনত এনেকুৱা কিছুমান বিষয়বস্তু সন্নিৱিষ্ট কৰিব লাগিব যিবিলাকে সমাজৰ ছাত্ৰ-ছাত্ৰীসকলৰ মনত এক সুস্থ বৈজ্ঞানিক চিন্তাধাৰাৰ উন্মেষ ঘটাব পাৰে আৰু সুখী জীৱন ধাৰণত সহায় কৰিব পাৰে। গণতান্ত্রিক সমাজৰ কাৰণে প্ৰতিফলিত হোৱা পাঠ্যক্ৰমখন নিম্নলিখিত ধৰণৰ হ’ব লাগিব।

শিশুকেন্দ্রিক পাঠ্যক্রম :- গণতান্ত্রিক শিক্ষাৰ পাঠ্যক্ৰমখনে শিশুৰ আগ্ৰহ; প্রয়োজন, ৰুচি, অভিৰুচি অনুসৰি শিক্ষা প্ৰদান কৰিব লাগিব। শিশুৱেই এনে শিক্ষা ব্যৱস্থাত মূল কেন্দ্রবিন্দু । সেয়েহে প্ৰত্যেকৰে শিক্ষাৰ ক্ষমতাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাৰ সম সুবিধা প্রদান কৰা উচিত।

—বিভাজিত পাঠ্যক্রম :- প্রত্যেক শিশুকে ব্যক্তিগত বৈষম্য অনুসৰি শিক্ষা প্ৰদান কৰিব পৰাকৈ পাঠ্যক্ৰমখনত বিভিন্ন ধৰণৰ বিষয়ববস্তু সন্নিবিষ্ট কৰিব লাগে। তেতিয়াহে ছাত্ৰ-ছাত্ৰীয়ে নিজৰ আগ্রহ অনুসৰি সেই শিক্ষাৰ সুবিধা গ্ৰহণ কৰি নিজৰ কৰ্তব্য পালন কৰিব পাৰিব আৰু সমাজক আগুৱাই নিয়াত সহায় কৰিব।

—হাতে কামে শিক্ষা :- ‘কৰ্মৰ মাজেৰে শিক্ষা’ প্ৰদান কৰাব ওপৰত এনে পাঠ্যক্ৰমত গুৰুত্ব দিয়া হৈছে। পাঠ্যক্ৰমত এনেধৰণৰ কিছুমান বিষয়বস্তু সন্নিবিষ্ট কৰিব লাগে যিবিলাকে ছাত্ৰ-ছাত্ৰীৰ সৃজনীশীল প্ৰতিভাৰ বিকাশ সাধন কৰিব পাৰে।

—শিশু মনোবিজ্ঞানসন্মত পাঠ্যক্রম :- মনোবিজ্ঞানসন্মত নীতি নিয়মৰ ওপৰত ভিত্তিকৰি পাঠ্যক্ৰমখন প্ৰস্তুত কৰা উচিত। কিয়নো শিশু মনোবিজ্ঞানৰ জ্ঞানৰ অবিহনে ছাত্ৰ-ছাত্ৰীৰ ভিন্ন আগ্রহ অনুযায়ী সু-শিক্ষা প্ৰদান কৰাটো বাস্তৱসন্মত নহয়।

গতিকে দেখা গ’ল পাঠ্যক্ৰমখনত ছাত্ৰ-ছাত্ৰীৰ সমগ্ৰ দিশৰ বিকাশ সাধন কৰিব পৰাকৈ বিভিন্ন ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব লাগিব।

প্রাকৃতিক বিজ্ঞান, সমাজ বিজ্ঞান, ভাষা, দর্শন, শিল্প-কলা, নৈতিকতা আদি দিশসমূহ সন্নিবিষ্ট কৰি পাঠ্যক্ৰমখনত এনেধৰণৰ বিষয়বস্তু অন্তর্ভূক্ত কৰিব লাগে। অর্থনৈতিক, সামাজিক, ৰাজনৈতিক, আধ্যাত্মিক দিশৰ বিকাশ সাধনত সহায় কৰিব পৰাকৈ আৰু বিভিন্ন বৃত্তিমূলক বিষয়সমূহ পাঠ্যক্ৰমত ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ সমগ্ৰ দিশৰ বিকাশ সাধনত সহায় কৰে আৰু ভৱিষ্যত জীৱনৰ বাবে ব্যক্তিক প্ৰস্তুত কৰি তোলে।

৩। গণতান্ত্রিক শিক্ষা আৰু শিক্ষাদান পদ্ধতি :- শিক্ষাদান আৰু শিক্ষাগ্রহণ প্ৰক্ৰিয়াত গণতান্ত্রিক আদৰ্শ ৰূপায়ণৰ বাবে শিক্ষাদানৰ পদ্ধতিৰ ক্ষেত্ৰতো কিছু সংশোধন কৰাৰ প্ৰয়োজনীয়তা আছে। কিয়নো পৰম্পৰাগত বক্তৃতা পদ্ধতিয়ে কেৱল ছাত্ৰ-ছাত্ৰীৰ সমগ্ৰ দিশৰ বিকাশ সাধনত সহায় কৰিব নোৱাৰে। ছাত্ৰ-ছাত্ৰীক ‘কৰ্মৰ মাজেৰে শিক্ষা’ দিয়াৰ ওপৰত যিহেতু গুৰুত্ব দিয়া হৈছে সেয়েহে এনে ধৰণৰ কিছুমান শিক্ষাদানৰ পদ্ধতিৰ ব্যৱহাৰ কৰিব লাগিব যিবিলাকে ছাত্ৰ-ছাত্ৰীৰ সক্ৰিয় অংশগ্রহণত সুবিধা দিয়ে, অন্তনিৰ্হিত প্ৰতিভাৰ বিকাশ সাধন কৰে। নিজ অভিজ্ঞতাৰ দ্বাৰা শিশুৱে শিক্ষা আহৰণ কৰিব পৰাকৈ প্ৰজেক্ট পদ্ধতি, আত্ম শিক্ষণ পদ্ধতি, মণ্টেছৰী পদ্ধতি, আলোচনা চক্ৰ, চেমিনাৰ, কৰ্মশালা আদিৰ ব্যৱস্থা কৰাটো বৰ্তমান সময়ত খুবেই প্রয়োজনীয় হৈ পৰিছে। যিয়ে ছাত্ৰ-ছাত্ৰীৰ অবিৰত আৰু সামগ্রিক মূল্যায়নতো সহায় কৰিব। সেয়েহে শিক্ষাদান আৰু শিক্ষাগ্রহণ প্রক্রিয়াক অধিক ফলপ্রসূ আৰু সজীৱ কৰি তুলিবলৈ বৰ্তমান গণতান্ত্রিক আৰ্হিৰ সমাজ বিলাকত এনে ধৰণৰ শিক্ষাদানৰ পদ্ধতি সমূহৰ ব্যৱহাৰ পৰিলক্ষিত হৈছে।

৪। গণতন্ত্ৰ আৰু অনুশাসন ব্যৱস্থা :- গণতান্ত্রিক শিক্ষা ব্যৱস্থাত আত্ম অনুশাসন ব্যৱস্থাক গুৰুত্ব দিয়া হয়। আত্ম অনুশাসন ব্যৱস্থাৰ যোগেদি ছাত্ৰ-ছাত্ৰীৰ মাজত গণতান্ত্রিক মূল্যবোধৰ বিকাশ সাধন হয়। বিদ্যালয়ত একে নীতি-নিয়ম, একে পোছাক পৰিধান কৰা আদিয়ে অনুশাসন ব্যৱস্থাক প্রতিফলিত কৰে। এই বিদ্যালয়ত জাতি-ধর্ম, বর্ণ, ভাষা সকলো অনুশাসন ব্যৱস্থাক প্রতিফলিত কৰে। এই বিদ্যালয়ত জাতি-ধর্ম, বর্ণ, ভাষা সকলো সম্প্ৰদায়ৰ সকলো লোকেই সমানে শিক্ষা পোৱাটো অনুশাসন ব্যৱস্থাৰে নিদৰ্শন। ছাত্ৰ-ছাত্ৰীৰ মাজত সামাজিক ন্যায়ৰ ধাৰণা বিকাশ সাধন কৰিবলৈ এনে ধৰণৰ অনুশাসন ব্যৱস্থাৰ গুৰুত্ব উপলব্ধি কৰা হয়।

৫। শিক্ষকৰ ভূমিকা :- গণতান্ত্রিক আৰ্হিৰ সমাজৰ শিক্ষা ব্যৱস্থাত শিক্ষকে অতীব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শিক্ষকৰ আদৰ্শ, মনোভাৱ আৰু সচেতনতাৰ ওপৰতে শিক্ষা ব্যৱস্থাৰ উন্নতি বহু পৰিমাণে নিৰ্ভৰশীল। কিয়নো এখন সমাজৰ প্ৰগতিৰ ক্ষেত্ৰত শিক্ষকেই পথপ্রদর্শক। সেয়েহে শিক্ষকজনে গণতান্ত্রিক মূল্যবোধ, আদর্শ, নীতি নিয়মসমূহক বাস্তৱত পৰিচালিত কৰিব পৰাকৈ নিজকে গঢ় দি সমাজৰ উঠি অহা প্ৰজন্মক সঠিক দিশ নির্দেশনাৰে বাট দেখুৱাব লাগিব। এইক্ষেত্ৰত শিক্ষকজনে বন্ধু, দার্শনিক আৰু পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰে। ছাত্ৰ-ছাত্ৰীৰ মাজত বন্ধুত্বসুলভ মনোভাব, ভ্রাতৃত্ববোধ, সু-চৰিত্ৰ, সু-নাগৰিকত্ব, সহযোগিতা আদিৰ বিকাশ ঘটাই বিভিন্ন সমাজকল্যাণমূলক কাৰ্য্যত অংশগ্ৰহণ কৰিব পৰাকৈ গঢ় দি তোলাৰ ক্ষেত্ৰতো শিক্ষকৰ ভূমিকা অপৰিসীম।

3. What should be the aim and pattern of education democracy. How do they differ from those in a totalitarian society.

উত্তৰঃ গণতান্ত্রিক সমাজৰ শিক্ষাৰ কেতবোৰ লক্ষ্য তলত উল্লেখ কৰা হ’ল– 

(ক) সুনাগৰিকত্বৰ বিকাশ সাধন :- গণতান্ত্রিক সমাজৰ শিক্ষাৰ এক গুৰুত্বপূৰ্ণ লক্ষ্য হ’ল—সু-নাগৰিকত্বৰ গুণসমূহৰ বিকাশ সাধন কৰা। যেনে— বন্ধুত্বসুলভ মনোভাৱ ন্যায়, সহযোগিতা আদি। কিয়নো, ব্যক্তিৰ প্ৰগতিশীল মনোভাৱে নতুন দৃষ্টিভংগী আৰু নেতৃত্বৰ গুণাগুণে গণতন্ত্ৰৰ আদৰ্শক প্রস্ফুটিত কৰে। এনে আদৰ্শৰ দ্বাৰা ব্যক্তিয়ে দায়িত্ব পালনত অংশগ্ৰহণ কৰিব পাৰে।

(খ) ব্যক্তিত্বৰ সৰ্বাঙ্গীন বিকাশ সাধন কৰা :- গণতান্ত্রিক সমাজৰ শিক্ষাৰ অন্য এক লক্ষ্য হৈছে ব্যক্তিত্বৰ সৰ্বাঙ্গীন বিকাশ সাধন কৰ। কিয়নো, ব্যক্তিৰ সৰ্বাঙ্গীন বিকাশেই গণতন্ত্ৰৰ কৃতকাৰ্যতাৰ মূল চাবি কাঠি। সেয়েহে প্রত্যেকৰে অন্তর্নিহিত প্ৰতিভাসমূহৰ বিকাশ সাধন কৰি যাতে সমাজৰ প্ৰগতিশীল বিকাশত সহায় কৰিব পাৰে তাৰ প্ৰতি গুৰুত্ব দিয়াটো শিক্ষাৰ এক লক্ষ্য।

(গ) নেতৃত্ব সুলভ গুণৰ বিকাশ সাধন :- গণতান্ত্রিক সমাজৰ শিক্ষাৰ অন্য এক লক্ষ্য হ’ল— নেতৃত্ব সুলভ গুণৰ বিকাশ সাধন। কিয়নো গণতন্ত্ৰ জনসাধাৰণৰ দ্বাৰা, জনসাধাৰণক লৈ গঠিত হোৱা চৰকাৰ।

য’ত দেশৰ জনগণৰ হাততে শাসনভাৰ ন্যস্ত থাকে বুলি ক’ব পাৰি। সেয়েহে দেশৰ জনগণৰ মাজত নেতৃত্ব সুলভ গুণাৱলীৰ বিকাশ সাধন কৰাটো শিক্ষাৰ এক লক্ষ্য হিচাপে পৰিগণিত হৈছে।

(ঘ) গণতান্ত্রিক মূল্যবোধৰ বিকাশ সাধন কৰা :- জনসাধাৰণৰ মাজত প্ৰকৃত অৰ্থত গণতান্ত্রিক মূল্যবোধ জগাই তোলাটোও শিক্ষাৰ এক লক্ষ্য গতিকে দেশৰ ঐক্য সাধনৰ বাবে উঠি অহা প্ৰজন্মৰ মাজত নৈতিক চেতনা, ভ্রাতৃত্ববোধ বন্ধুত্বসুলভ মনোভাৱ আদিৰ বিকাশ সাধন কৰিব লাগিব।

(ঙ) অন্তনিৰ্হিত প্ৰতিভাৰ বিকাশ সাধন কৰা :- গণতন্ত্ৰৰ মূল উদ্দেশ্য হৈছে প্রত্যেক নাগৰিকৰে সুপ্ত প্রতিভা আৰু শক্তি জাগ্ৰত কৰি মুক্ত কৰি তোলা। ব্যক্তিৰ আত্মউপলদ্ধিৰ বিকাশ সাধনে দেশৰ প্রগতিশীল বিকাশতো সহায় কৰিব। গতিকে প্রত্যেকৰে অন্তনিৰ্হিত সুপ্ত প্ৰতিভাসমূহৰ বিকাশ সাধন কৰি ব্যক্তিৰ মৰ্যদা নিৰ্ণয় কৰাটোও শিক্ষা লক্ষ্য।

(চ) সকলোকে সা-সুবিধা প্রদান কৰা :- গণতান্ত্রিক শিক্ষাৰ অন্য এক লক্ষ্য হৈছে সকলোকে সমান সা-সুবিধা প্ৰদান কৰি নিজৰ, যোগ্যতা আৰু অভিক্ষমতাৰ বিকাশ সাধন কৰা। জাতি, ধর্ম, বর্ণ, ভাষা নির্বিশেষে সকলোকে সমানে সুযোগ সুবিধা বিতৰণ কৰাটো শিক্ষাৰ এক লক্ষ্য।

(ছ) স্বাধীনতা প্রদান :- গণতান্ত্রিক সমাজৰ অন্য এক লক্ষ্য হ’ল— স্বাধীনতা প্ৰদান কৰা। শিক্ষা এনেদৰে প্ৰদান কৰিব লাগিব যাতে সকলোৱে মুক্তভাৱে নিজৰ সম্ভাৱনীয়তাক পূৰ্ণ বিকাশৰ সম সুযোগ সুবিধা লাভ কৰিব পাৰে।

(জ) সহযাগিতা মনোভাৱৰ বিকাশ :- শিক্ষা এনেদৰে প্ৰদান কবিব লাগিব যাতে, সমাজৰ প্ৰত্যেক ব্যক্তিয়ে সহযোগিতা আৰু ভ্ৰাতৃত্ব সুলভ মনোভাৱেৰে আগুৱাই যাব পাৰে। কিয়নো, প্রত্যেক ব্যক্তিৰ মাজত সহযোগিতা থকাটো গণতন্ত্ৰৰ অন্যতম লক্ষ্য।

(ঝ) ব্যক্তিৰ চৰিত্ৰ গঠন কৰা :- গণতান্ত্রিক সমাজৰ শিক্ষাৰ অন্য এক লক্ষ্য হ’ল— ব্যক্তিৰ মাজত সু-চৰিত্ৰ গঠন কৰা। সু-চৰিত্ৰৰ অধিকাৰী ব্যক্তিসকলেই সমাজৰ দায়িত্ব বহন কৰি সমাজক প্রগতিশীল দিশত আগুৱাই নিয়াত সহায় কৰিব পাৰে। সেয়েহে ব্যক্তিৰ চৰিত্ৰৰ বিকাশ সাধন কৰাটো গণতান্ত্রিক সমাজৰ শিক্ষাৰ মৌলিক স্বত্ব। The difference between the. aim’ of Education for Democracy and Education for totalitarian society. The aim of Education for Democracy.

(ক) সুনাগৰিকত্বৰ বিকাশ সাধন।

(খ) ব্যক্তিত্বৰ সৰ্বাঙ্গীন বিকাশ সাধন কৰা। 

(গ) নেতৃত্ব সুলভ গুণৰ বিকাশ সাধন।

(ঘ) গণতান্ত্রিক মূল্যবোধৰ বিকাশ সাধন কৰা।

(ঙ) অন্তনিৰ্হিত প্ৰতিভাৰ বিকাশ সাধন কৰা।

(চ) সকলোকে সা-সুবিধা প্ৰদান কৰা।

(ছ) স্বাধীনতা প্রদান।

(জ) সহযাগিতা মনোভাৱৰ বিকাশ।

(ঝ) ব্যক্তিৰ চৰিত্ৰ গঠন কৰা।

The aim of Education for totalitarian society 

(ক) ৰাষ্ট্ৰৰ কল্যাণৰ হকৈ জ্ঞান প্ৰদান কৰাটোৱে শিক্ষাৰ এক গুৰুত্বপূৰ্ণ লক্ষ্য।

(খ) একনায়কত্ববাদত যদিও ব্যক্তিগত স্বাধীনতাক স্বীকৃতি দিয়া নহয় তথাপিও জাতি, ধর্ম, বর্ণ, ভাষা নির্বিশেষে সকলোকে সার্বজনীন প্রাথমিক শিক্ষা প্রদান কৰাটো শিক্ষাৰ এক লক্ষ্য হিচাপে পৰিগণিত হৈছে। 

(গ) একনায়কত্ববাদত শিক্ষাৰ এক লক্ষ্য হৈছে ব্যক্তিয়ে অর্থনৈতিক উন্নয়ন সাধন কৰিব পৰাকৈ যোগ্যৱান কৰি তোলা। 

(ঘ) ব্যক্তিৰ বৃত্তিমূলক কৌশল (Vocational Skills) সমূহ বিকাশৰ যোগেদি কর্মক্ষম, অৰ্থাৎ কামৰ প্ৰতি উপযুক্ত কৰি গঢ় দি তোলা। 

(ঙ) শিক্ষাৰ যোগেদি দেশপ্ৰেমৰ মনোভাৱ গঢ় দি তোলা।

4. Explain the concept. of democratic education.

উত্তৰঃ শিক্ষাহ’ল- গণতান্ত্রিক আদৰ্শ ৰূপায়নৰ মূল অস্ত্ৰ। সকলোৰে বাবে উপযুক্ত শিক্ষাৰ ব্যৱস্থা কৰিব নোৱাৰিলে গণতত প্ৰকৃত অৰ্থত কৃতকাৰ্য’ হৈছেবুলিব নোৱাৰি। জন ডিউয়ে সেয়েহে গণতান্ত্রিক সমাজৰ শিক্ষা ব্যৱস্থাৰ সন্দৰ্ভত এনেদৰে মতামত দিছিল— “গণতান্ত্রিক সমাজৰ এনেকুৱা শিক্ষা হ’ব লাগে যিয়ে ব্যক্তিক আৰু সামাজিক সংস্পৰ্শই ব্যক্তিগত আদৰ্শৰ জন্ম দিব পাৰে আৰু সামাজিক বিশৃংখল নোহোৱাকৈ সামাজিক পৰিৱৰ্তন আনিব পাৰে। গতিকে গণতান্ত্রিক শিক্ষাক আমি এনেদৰেও ব্যাখ্যা কৰিব পাৰো— 

The cultivation of Virtues, knowledge and skill necessary for political participation,” Gutmann, 1987.

এখন গণতান্ত্রিক সমাজত সকলো ব্যক্তিয়ে সমানে সুযোগ সুবিধা লাভ কৰাৰ লগতে বন্ধুত্বসুলভ মনোভাৱ, সহযোগিতা আৰু ন্যায়ৰ ক্ষেত্ৰত সমান দৃষ্টি লাভ কৰে। গণতন্ত্ৰত প্ৰত্যেক ব্যক্তিয়ে সমানে সিদ্ধান্ত গ্ৰহণ কৰাৰ সুবিধা লাভ কৰে। সেয়েহে প্রত্যেক ব্যক্তিয়ে শিক্ষা লাভ কৰাটো অতীব প্রয়োজনীয়। গণতান্ত্রিক সমাহত আমি শিক্ষা এনেদৰে ব্যৱস্থা কৰিব লাগে যাতে প্রত্যেক ব্যক্তিয়ে কৃতকার্যতাৰে সেই শিক্ষাৰ উদ্দেশ্য গ্ৰহণ কৰিব পাৰে। বিশেষকৈ এনে সমাজৰ শিক্ষাৰ লক্ষ্যই ব্যক্তিৰ জীৱনৰ মানদণ্ড উন্নত কৰি তোলাৰ লগতে গণতন্ত্ৰৰ প্ৰধান গুণসমূহ ভালদৰে পৰিস্ফুটিত কৰি তুলিব পাৰিব লাগিব।

5. What do you understand by democracy. Dis cuss the needs and importance of education in de mocracy.

উত্তৰঃ গণতন্ত্ৰৰ অৰ্থ (Meaning of Democracy) বৰ্তমান সময়ত গণতন্ত্র বুলিলে এটা নিৰ্দিষ্ট আৰু বিশেষ ধৰণৰ শাসন ব্যৱস্থাৰ কথাই আমাৰ মনলৈ আহে। প্ৰকৃততে গণতন্ত্রই, কেৱল চৰকাৰ গঠনৰ পদ্ধতিকেই নুবুজায়, ই এখন সমাজৰ সামাজিক আদর্শও বহন কৰে অৱশ্যে সমাজৰ বিকাশৰ লগে লগে গণতন্ত্ৰৰ ধ্যান-ধাৰণা ও সাল সলনি -হৈছে। সমাজত বাস কৰা প্ৰতিজন ব্যক্তিৰ সম্পূৰ্ণ বিকাশ সাধন কৰাই হ’ল গণতান্ত্রিক আদৰ্শৰ মূল লক্ষ্য।

গ্রীক শব্দ Demos’ অর্থাৎ জনগণ আৰু ‘Kratia অৰ্থাৎ শাসনক্ষমতা— এইশব্দ দুটা লগ লাগি Democracy শব্দটো সৃষ্টি কৰা হৈছে। প্ৰীক্ ‘Demokratia’ ৰ পৰ ইংৰাজী ‘Democratic’ শব্দটিৰ উদ্ভাৱন হৈছে। সেয়েহে ‘গণতন্ত্র’ বুলিলে য’ত জনসাধাৰণৰ ওপৰতে সেই দেশৰ শাসন ক্ষমতা ন্যস্ত হৈ থাকে। গণতন্ত্রই ব্যক্তিক সাংবিধানিক অধিকাৰ প্ৰদান কৰাৰ উপৰিও নিজৰ মতামত প্ৰকাশৰ কৰাৰ কাৰণে সমাজৰ প্ৰত্যেকজন ব্যক্তিকে যিকোনো কামতে সমানভাৱে গ্ৰহণৰ সুবিধা প্ৰদান কৰে।

গণতন্ত্ৰৰ সংজ্ঞা :- ‘গণতন্ত্ৰৰ সন্দৰ্ভত বিভিন্নজনে বিভিন্ন ধৰণেৰে মতামত প্ৰদান কৰিছে। এইসমূহ তলত উল্লেখ কৰা হ’ল— আমেৰিকাৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি আব্রাহাম লিংকনৰ মতে, “গণতন্ত্র হ’ল জনগণক লৈ গঠিত, জনগণৰ দ্বাৰা আৰু জনগণৰ বাবে পৰিচালিত শাসন ব্যৱস্থা। চিলিৰ মতে–“গণতন্ত্র হ’ল এনে এটি চৰকাৰ য’ত সকলোৰে অংশ গ্ৰহণৰ সুযোগ আছে। অষ্টিন ৰেণীৰ মতে, “গণতমৃত জনগণৰ সার্বভৌমত্ব, ৰাজনৈতিক সাম্য, জনগণৰ পৰামৰ্শ আৰু সংখ্যা গৰিষ্ঠৰ শাসন আদি নীতি অনুযায়ী সংগঠিত হোৱা চৰকাৰৰ এক বিশেষ ৰূপ।” (Democracy is a form of government organised in accordance with the principles of popular sovereignty, political equality, popular consultation and majority rule.) বাকৰিৰ মতে— “গণতন্ত্র হ’ল আলাপ আলোচনাৰ মাধ্যমত পৰিচালিত চৰকাৰ।”

(Democracy is a system of government by-discussion.) উপৰোক্ত সংজ্ঞাসমূহ পৰ্য্যালোচনা কৰিলে গণতন্ত্ৰৰ কিছুমান বৈশিষ্ট্য পৰিস্ফুটিত হয়। সেইসমূহ হৈছে—

১। গণতন্ত্ৰত সকলোৱে সমানে অংশগ্ৰহণৰ সুবিধা পায়।

২। গণতন্ত্ৰ জনসাধাৰণক লৈ গঠিত হোৱা চৰকাৰ। 

৩। এনে শাসন ব্যৱস্থাত প্রতিনিধি নির্বাচন কৰা হয়।

৪ । প্রত্যেক ব্যক্তিয়ে সমাজত সমান সুযোগ সুবিধা:লাভ কৰে। 

৫। গণতন্ত্র স্বাধীনতা, সাম্য আৰু মৈত্ৰীৰ ওপৰত প্ৰতিষ্ঠিত। 

৬। প্রত্যক্ষ বা পৰোক্ষভাৱে সকলো নাগৰিকেই শাসন কার্যত অংশগ্ৰহণ কৰিব পাৰে। গণতান্ত্রিক সমাজ ব্যৱস্থাত শিক্ষাৰ প্ৰয়োজনীয়তাঃ

তলত গণতান্ত্রিক সমাজ ব্যৱস্থাত শিক্ষাৰ প্ৰয়োজনীয়তা সম্পর্কে উল্লেখ কৰা হল- 

১ । গণতান্ত্রিক সমাজ ব্যৱস্থাত প্ৰতিজন নাগৰিকে নিজৰ অধিকাৰ আৰু দায়িত্ব সমূহৰ প্ৰতি জাগ হ’বৰ বাবে নিজৰ যোগ্যতা আৰু দক্ষতা প্ৰদৰ্শনৰ বাবে শিক্ষাৰ প্ৰয়োজনীয়তা আছে। 

২ । দ্বিতীয়তে, সুস্থ চিন্তাধাৰা, দৃষ্টিভংগী; কৌশল আদি বিকীশ সাধনৰ যোগেদি সুস্থ জনমত গঠন কৰাৰ ক্ষেত্ৰতো শিক্ষাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

৩। চৰকাৰৰ কাম-কাজত জনসাধাৰণে সম্পূৰ্ণ মুক্তভাৱে অংগগ্ৰহণ কৰাৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিব পৰাকৈ শিক্ষা লাভ কৰাৰ যুক্তি আৰু প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি। 

৪। এজন সু-নাগৰিক হিচাপে নিজৰ কৰ্ত্তব্য আৰু দায়িত্ব সমূহ পালন কৰিব পৰাকৈ যোগ্যবান হৈ উঠাৰ ক্ষেত্ৰতো শিক্ষাই সহায় কৰে। 

৫। নাগৰিকৰ সাৰ্বঙ্গীণ বিকাশৰ উন্নতিৰ বাবে শিক্ষাৰ অতীব প্রয়োজন।।

৬। এখন সুন্দৰ সুখী জীৱন-যাপনেৰে সমাজত প্ৰতিষ্ঠিত হ’ব পৰাকৈ প্রত্যেক নাগৰিককে প্রস্তুত কৰি তোলা।

৭। ভোটাধিকাৰ আৰু দেশৰ বিকাশমুখী পৰিকল্পনাত সক্ৰিয় অংশগ্ৰহণৰ বাবেও শিক্ষা প্রয়োজন।

৮। সামাজিক আৰু সাংস্কৃতিক ঐতিহ্যসমূহ নৱপ্ৰজন্মলৈ সংৰক্ষণ কৰিব পৰাকৈ শিক্ষাই প্রয়োজনীয় ভূমিকা পালন কৰে।

৯। গণতান্ত্রিক সমাজ ব্যৱস্থাত শিক্ষাই শিক্ষার্থী সকলক যিকোনো পৰিবেশৰ সৈতে সমযোজন কৰাত আৰু অংশগ্ৰহণত সহায় কৰে।

১০। সামাজিক নিয়ন্ত্রণ সামাজিক স্থায়িত্বতা আৰু সামাজিক উৎকৰ্ষ সাধন কৰিব পৰাকৈ ব্যক্তিক গঢ় দি তোলাৰ ক্ষেত্ৰতো শিক্ষাৰ প্রয়োজনীয়তা আহি পৰে।

6. What should be the form of education in a secular state like India.

উত্তৰঃ ভাৰতবৰ্ষ-এখন ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক ৰাষ্ট। ১৯৭৬ চনৰ আগলৈকে ভাৰতীয় সংবিধানত ধৰ্মনিৰপেক্ষ শব্দটো অন্তর্ভুক্ত হোৱা নাছিল কিন্তু সংবিধানৰ ৪২ তম্ সংশোধনী মতে ‘ধৰ্মনিৰপেক্ষবাদ শব্দটো ব্যৱহৃত হৈছে আৰু তেতিয়াৰ পৰাই ভাৰতবৰ্ধক এখন ‘সার্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ’ সমাজ হিচাপে অভিহিত কৰা হয়। সেয়েহে সংবিধান প্রদত্ত নিয়ম অনুযায়ী ভাৰতৰ সকলো লোকেই নিজস্ব আগ্রহ আৰু অভিৰুচি অনুসৰি যিকোনো ধৰ্ম গ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰা হৈছে।

ধৰ্মনিৰপেক্ষ সমাজ প্রতিষ্ঠা কৰাৰ ক্ষেত্ৰত শিক্ষাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তলত এই সম্পর্কে উল্লেখকৰা হ’ল—

১। শিক্ষাৰ লক্ষ্য :- ধৰ্মনিৰপেক্ষ সমাজৰ শিক্ষাৰ লক্ষ্য সমূহ নিম্নলিখিত ধৰণৰ হোৱা বাঞ্চনীয়

(ক) শিক্ষাই জনসাধাৰণৰ মনত গণতান্ত্রিক ভাৱধাৰাৰ বিকাশ সাধন কৰিব পাৰিব লাগিব।

(খ) দ্বিতীয়তে,জনসাধাৰণৰ মাজত প্ৰগতিশ্ৰীল মনোভাৱ সৃষ্টি কৰা ।

(গ) শিক্ষাই আধুনিকীকৰণত সহায় কৰা।

(ঘ) মানৱতাবাদ প্রতিষ্ঠা কৰা।

(ঙ) আধ্যাত্মিক আৰু নৈতিক দিশৰ উন্নতি সাধন। 

২। পাঠ্যক্রম :- এনে শিক্ষাৰ পাঠ্যক্ৰমখনে ছাত্ৰ-ছাত্ৰীৰ মাজত ধৰ্মনিৰপেক্ষ মূল্যবোধৰ বিকাশ সাধন কৰিব পৰাকৈ বিভিন্ন ধৰণৰ পাঠ্যক্রমিক কাৰ্যসূচীৰ লগতে সহঃপাঠ্যক্রমিক কার্যাৱলীসমূহ অন্তর্ভূক্ত কৰিব লাগিব। যিয়ে ছাত্ৰ-ছাত্ৰীৰ সমগ্ৰ ব্যক্তিত্বৰ বিকাশ সাধন কৰাৰ লগতে সাংস্কৃতিক দিশৰ উন্নতি সাধনতো অৰিহণা যোগান ধৰিব পাৰে। পাঠ্যপুথিৰ পাঠ্যসমূহ ধৰ্মীয় অন্ধবিশ্বাসৰ পৰা মুক্ত হোৱা একান্তই বাঞ্চনীয়। সেয়েহে ছাত্ৰ-ছাত্ৰীৰ বিকাশৰ প্ৰতি লক্ষ্য ৰাখি নৈতিক শিক্ষা, আধ্যাত্মিক শিক্ষা, উৎসৱ, অনুষ্ঠান, সাহিত্য-সংস্কৃতি, বুৰঞ্জী আদি বিষয়সমূহৰ অন্তৰ্ভূক্তিকৰণত জোৰ দিব লাগে।

৩। শিক্ষকৰ ভূমিকা :- ভাৰতবৰ্ষত ধৰ্মনিৰপেক্ষ শিক্ষা প্ৰচাৰৰ ক্ষেত্ৰত শিক্ষকৰ ভূমিকা অনির্বচনীয়। কিয়নো শিক্ষকজনে এই ক্ষেত্ৰত এক সবল নেতৃত্ব দিব পাৰে। বিদ্যালয়ত সকলোকে সমান ব্যৱহাৰ আৰু জাতি-ধর্ম বর্ণ নির্বিশেষে ধর্মীয় গোটত বিচাৰ নকৰি সকলোকে সম্ভাৱাপন্ন মনোভাৱেৰে শিক্ষা প্ৰদান কৰি সমাজৰ প্ৰগতিত বিচাৰ নকৰি সকলোক সমভাৱাপন্ন মনোভাৱেৰে শিক্ষা প্ৰদান কৰি সমাজৰ প্ৰগতিত সহায় কৰিব পাৰে। সেয়েহে শৈক্ষিক ব্যৱস্থাত শিক্ষকজনে গণতান্ত্রিক ভাৱধাৰাৰে সকলোকে সমানভাৱে জ্ঞান কৰিব লাগিব। 

৪। শিক্ষাদানৰ পদ্ধতি আৰু বিজ্ঞান শিক্ষা :- ছাত্ৰ-ছাত্ৰীসকলক বৰ্তমান সময়ৰ সৈতে খোজ মিলাই চলিব পৰাকৈ শিক্ষাদানৰ পদ্ধতি ব্যৱহাৰ কৰিব লাগে। শ্রেণীকক্ষৰ শিক্ষাদানত বিভিন্ন ধৰণৰ চেমিনাৰ, কৰ্মশালা, প্রজেক্ট আদিৰ যোগেদি শিক্ষা প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীক সক্রিয় কৰি ৰখাত আৰু বিশেষকৈ বিজ্ঞানভিত্তিক চিন্তা-চৰ্চাসমূহৰ সৈতে জড়িত ৰাখি সকলোৰে মনত বৈজ্ঞানিক ভাৱধাৰাৰ, বিকাশ সাধন কৰিবলৈ প্ৰয়াস কৰা উচিত। পৰম্পৰাগত শিক্ষাদানৰ পৰিৱৰ্তে বিজ্ঞানভিত্তিক শিক্ষাৰ প্ৰৱৰ্তনে সমাজৰ পৰা অন্ধবিশ্বাস, কু-সংস্কাৰ,আদি দূৰ কৰাত সহায় কৰিব।

৫। শৈক্ষিক অনুষ্ঠান সমূহৰ সংগঠন :- শৈক্ষিক অনুষ্ঠান সমূহ প্ৰতিষ্ঠা কৰোঁতেও আমি ধৰ্মনিৰপেক্ষ নীতিৰ ওপৰত লক্ষ্য ৰখা উচিত। ভাৰতীয় সংবিধানৰ ২৮ নং অনুচ্ছেদত উল্লেখ আছে যে চৰকাবৰ দ্বাৰা পৰিচালিত কোনো শিক্ষানুষ্ঠানতে ধর্মীয় শিক্ষাক প্রাধান্য দিব নোৱাৰিব। সেয়েহে শিক্ষানুষ্ঠান সমূহৰ সংগঠনৰ ক্ষেত্ৰত সকলো ধৰ্মকে সম গুৰুত্ব প্ৰদান কৰা উচিত।

৬। অনুশাসন :- ধৰ্মনিৰপেক্ষ সমাজ ব্যৱস্থাত প্রচলিত শিক্ষাত ‘আত্ম অনুশাসন’ৰ ওপৰত গুৰুত্ব দিয়া হৈছে। এনেদৰেই বৰ্তমানৰ ভাৰতীয় ধৰ্মনিৰপেক্ষ শিক্ষা ব্যৱস্থাত সকলো ধৰ্মৰ প্ৰতি উদাৰ মনোভাৱ আৰু এক সুস্থ সামাজিক বাতাবৰণ গঢ়ি তোলাত আত্ম অনুশাসনে সহায় কৰে।

7. Define secularism. Discuss the importance of secularism in education.

উত্তৰঃ ধৰ্মনিৰপেক্ষবাদ শব্দটো লেটিন ভাষাৰ Seculum শব্দৰ পৰা উৎপত্তি হৈছে যাৰ অৰ্থ হৈছে বৰ্তমান সময় বিশিষ্ট সমাজতত্ত্ববিদ জর্জ জেকব হ’লিডাকৰ চিন্তাত ধৰ্মনিৰপেক্ষবাদ শব্দটো পোনপ্ৰথমবাৰৰ বাবে ব্যৱহৃত হৈছিল। হলিডাকে এই শব্দটো সামাজিক আৰু নৈতিক মূল্যবোধৰ ক্ষেত্ৰত প্ৰয়োগ কৰিছিল।

ধৰ্মনিৰপেক্ষবাদৰ ভাৰতীয় ধাৰণা (Indian concept of secularism) অনুসৰি ভাৰতবৰ্ষত সকলো ধৰ্মৰ ক্ষেত্ৰতে সমান আৰু উদাৰ দৃষ্টিভংগী পোষণ কৰা আৰু ধৰ্মৰ নামত কোনো ভেদা-ভেদ ভাব ৰাখিব নোৱাৰিব। ভাৰতবৰ্ষত জাতিৰ পিতা মহাত্মা গান্ধীয়ে ধৰ্মনিৰপেক্ষবাদৰ বীজ ৰোপণ কৰাত অগ্রণী ভূমিকা গ্ৰহণ কৰিছিল।

ধৰ্মনিৰপেক্ষবাদৰ ভাৰতীয় ধাৰণা অনুসৰি নিম্নলিখিত নীতি দুটা পৰিলক্ষিত হয়— 

(ক) সব-ধর্ম-সম্ভৱঃ অর্থাৎ সকলো ধৰ্মৰ ক্ষেত্ৰতে সম মনোভাৱ প্ৰদান কৰা। 

(খ) একম-ব্রহ্ম, বিপ্ল বেহুদা বেদান্তি (Ekam Brahma Vipra 

Bahuda vedanti) অর্থাৎ ‘Brahma the absolute ব্রহ্ম বা ভগৱানেই প্ৰধান আৰু একমাত্ৰ ঈশ্বৰ কিন্তু তেওঁক প্রত্যেকেই বেলেগ বেলেগ কৈ বিশ্বাস কৰে। গতিকে ধৰ্মনিৰপেক্ষবাদে সকলো ধৰ্মীয় ৰীতি নীতি আৰু ধৰ্মীয় শিক্ষাৰ পৰা মুক্ত হোৱাৰ অধিকাৰকে সূচায়। শিক্ষাত ধৰ্মনিৰপেক্ষবাদৰ গুৰুত্বঃ

ধৰ্মনিৰপেক্ষতাবাদে শিক্ষাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ভাৰতবৰ্ষ এক গণতান্ত্ৰিক ৰাষ্ট্ৰ য’ত বিভিন্ন ধর্মৱলম্বী লোকে বসবাস কৰে। সেয়েহে ভাৰতবৰ্ষত ধৰ্মনিৰপেক্ষ শিক্ষা প্ৰদান কৰাটো খুবেই গুৰুত্বপূৰ্ণ। গতিকে ভাৰতবৰ্ষৰ দৰে দেশত ধৰ্মনিৰপেক্ষ শিক্ষাৰ গুৰুত্বসমূহ তলত উল্লেখ কৰা হ’ল।

১। ধৰ্মনিৰপেক্ষবাদে সমাজত জনসাধাৰণৰ মাজত সমতা স্থাপন কৰাত সহায় কৰে। 

২। নৈতিক মূল্যবোধৰ বিকাশ সাধনত ধৰ্মনিৰপেক্ষবাদৰ গুৰুত্ব অপৰিসীম।

৩। গণতান্ত্রিক মূল্যবোধৰ বিকাশ সাধন কৰাটো ধৰ্মনিৰপেক্ষবাদৰ গুৰুত্ব নুই কৰিব নোৱাৰি।

৪। শিক্ষাত ধৰ্মনিৰপেক্ষবাদে উদাৰ দৃষ্টিভংগী গঠন কৰাত সহায় কৰে।

৫। মানুহৰ মনত বৈজ্ঞানিক মূল্যবোধৰ বিকাশ সাধন কৰে।

৬। বিশ্ব ভাতৃত্ববোধ আৰু সহযোগিতা মনোভাৱ সৃষ্টি কৰে।

৭। সমাজৰ পৰা প্ৰচলিত,অন্ধবিশ্বাস ৰীতি-নীতি দূৰ কৰাত সহায় কৰে।

৮। জাতীয় আৰু আবেগিক সৃষ্টি কৰাত আৰু আন্তজাতিক বুজাপৰাৰ ভাৱ জাগ্রত কৰাত ধৰ্মনিৰপেক্ষবাদৰ গুৰুত্ব নুই কৰিব নোৱাৰি। 

8. What are the basic principles of socialistic pattern of society.

উত্তৰঃ ১। পূৰ্ণ নিয়োগ আৰু কামৰ অধিকাৰ (Full Employment and Right to work) :- ব্যক্তিৰ যোগ্যতা আৰু ক্ষমতাৰু ওপৰত ভিত্তি কৰি নিজৰ মৌলিক প্রয়োজনসমূহ পূৰণ কৰিব পৰাকৈ সকলোকে কামত নিয়োজিত হ’বলৈ উৎসাহিত কৰাৰ প্ৰয়োজন। দেশৰ অৰ্থনৈতিক বিকাশৰ কাৰণেও নাগৰিকসকলক পূৰ্ণ নিয়োগ আৰু কৰ্মৰ অধিকাৰ প্ৰদান কৰা বাঞ্চনীয়।

২। ৰাষ্ট্ৰীয় সম্পদ উৎপাদনত সৰ্বাধিক গুৰুত্ব (Maximum Production of he National Wealth) :- ভাৰতবৰ্ষৰ দৰে দেশত জাতীয় আয় বৃদ্ধি কৰাটো খুবেই গুৰুত্বপূৰ্ণ। জাতীয় আয়ৰ বৃদ্ধিয়ে ৰাষ্ট্ৰীয় অর্থনৈতিক বিকাশত সহায় কৰিব। ৰাষ্ট্ৰীয় কল্যাণৰ হকে ৰাষ্ট্ৰীয় সম্পদসমূহৰ যথোচিত উৎপাদন, বিতৰণ আৰু ব্যৱহাৰত গুৰুত্ব দিয়াৰ প্রয়োজন।

৩। সৰ্বাধিক ৰাষ্ট্ৰীয় আত্মনির্ভশীলতা :- সম্পদসমূহৰ পূৰ্ণ ব্যৱহাৰৰ যোগেদি দেশৰ উৎপাদনৰ বিশাল জগতখনক আত্মনিৰ্ভৰশীল হ’বলৈ প্ৰেৰণা যুগুৱাটো সমাজবাদী সমাজ ব্যৱস্থাৰ অন্য এক মূল নীতি। সৰ্বাধিক ৰাষ্ট্ৰীয় আত্মনিৰ্ভৰ শীলতা হ’বলৈ মানৱ সম্পদসমূহৰ বিকাশ হোৱাটো গুৰুত্বপূৰ্ণ। সেয়েহে ব্যক্তিক কর্মদক্ষ, উৎপাদন ক্ষম, কর্মপটু কৰি তুলি যোগ্য ব্যক্তিলৈ ৰূপান্তৰিত কৰিব পাৰিলেহে সৰ্বাধিক ৰাষ্ট্ৰীয় আত্ম নিৰ্ভৰশীলতা আশা কৰিব পাৰি।

৪। সামাজিক আৰু অৰ্থনৈতিক ন্যায :- সামাজিক আৰু অর্থনৈতিক ন্যায় প্রতিষ্ঠাৰ যোগেদি সকলো জনসাধাৰণকে সমানে সুযোগ সুবিধা প্ৰদান কৰিব পাৰিলেহে সমাজত সমতা প্রতিষ্ঠা হ’ব। সামাজিক ন্যায়ে সমাজত প্ৰতিজনৰ বাবে সমব্যৱহাৰ আৰু সমান পৰিমাণৰ স্বতন্ত্রতাকে বুজায়। আৰ্থিক ন্যায়ৰ অভাৱ হলে সামাজিক ন্যায় প্রতিষ্ঠা কৰিব নোৱাৰি। আর্থিক ন্যায় প্রতিষ্ঠাৰ কাৰণে সমাজৰ প্রত্যেক ব্যক্তিৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ যোগান ব্যৱস্থা কৰিব লাগিব। সেয়েহে সামাজিক আৰু অর্থনৈতিক ন্যায় প্রতিষ্ঠা কৰাটো সমাজবাদী সমাজ ব্যৱস্থাৰ এক অন্যতম গুৰুত্বপূৰ্ণ নীতি। ৫। শান্তিপূর্ণ অহিংস আৰু গণতান্ত্রিক পদ্ধতিৰ ব্যৱহাৰ (The use of Peaceful, Non-violent and Democratic Method) :

সমাজবাদী সমাজ ব্যৱস্থা প্রতিষ্ঠা কৰিবলৈ হ’লে শান্তিপূৰ্ণ, অহিংস আৰু গণতান্ত্রিক পদ্ধতি ব্যৱহাৰ কৰাটো বাঞ্চনীয়। ইয়াৰ বাবে বিদ্ৰোহৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে ক্ৰমবিৱৰ্তনৰ ওপৰত গুৰুত্ব দিব লাগিব। 

৬। অর্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতাৰ বিকেন্দ্ৰীকৰণ (Decentralisation of Economic and Political Power) :-

সমাজবাদী সমাজ ব্যৱস্থাত ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰাটো প্রয়োজনীয় । সঁচা অৰ্থত ক’বলৈ গ’লে বেছিভাগ সমাজবাদী ৰাষ্ট্ৰত অর্থনৈতিক ক্ষমতাসমূহ কেন্দ্ৰীয় চৰকাৰৰ হাতত কেন্দ্ৰীভূত হৈ থকা পৰিলক্ষিত হয়। কিন্তু সমাজবাদী সমাজ ব্যৱস্থাত পঞ্চায়ত পৰ্যায়ৰ পৰা আৰম্ভ কৰি সকলো তুঁৰতে ৰাজনৈতিক আৰু অর্থনৈতিক ক্ষমতাৰ বিকেন্দ্ৰীকৰণ গুৰুত্ব আৰোপ কৰা হয়।

9. What is democracy. Discuss its basic ideals and aspects. 

উত্তৰঃ বর্তমান সময়ত গণতন্ত্র বুলিলে এটা নিৰ্দিষ্ট আৰু বিশেষ ধৰণৰ শাসন ব্যৱস্থাৰ কথাই আমাৰ মনলৈ আহে। প্ৰকৃততে গণতন্ত্রই, কেৱল চৰকাৰ গঠনৰ পদ্ধতিকেই নুবুজায়, ই এখন সমাজৰ সামাজিক আদৰ্শও বহন কৰে অৱশ্যে সমাজৰ বিকাশৰ লগে লগে গণতন্ত্ৰৰ ধ্যান ধাৰণা ও সাল-সলনি হৈছে। সমাজত বাস কৰা প্ৰতিজন ব্যক্তিৰ সম্পূর্ণ বিকাশ সাধন কৰাই হ’ল গণতান্ত্রিক আদৰ্শৰ মূল লক্ষ্য।

গ্রীক শব্দ Demos’ অর্থাৎ জনগণ আৰু ‘Kratia অর্থাৎ শাসনক্ষমতা— এই শব্দ দুটা লগ লাগি Democracy শব্দটো সৃষ্টি কৰা হৈছে। প্ৰীক্ ‘Demokratia’ ৰ পৰ ইংৰাজী ‘Democratic শব্দটিৰ উদ্ভাৱন হৈছে। সেয়েহে ‘গণতন্ত্র’ বুলিলে যত জনসাধাৰণৰ ওপৰতে- সেই দেশৰ শাসন ক্ষমতা ন্যস্ত হৈ থাকে। গণতন্ত্রই ব্যক্তিক সাংবিধানিক অধিকাৰ প্ৰদান কৰাৰ উপৰিও নিজৰ মতামত প্ৰকাশৰ কৰাৰ কাৰণে সমাজৰ প্ৰত্যেকজন ব্যক্তিকে যিকোনো কামতে সমানভাৱে গ্ৰহণৰ সুবিধা প্ৰদান কৰে। গণতন্ত্ৰৰ কিছুমান বৈশিষ্ট্য পৰিস্ফুটিত হয়। সেইসমূহ হৈছে

১। গণতন্ত্ৰত সকলোৱে সমানে অংশগ্ৰহণৰ সুবিধা পায়। 

২। গণতন্ত্ৰ জনসাধাৰণক লৈ গঠিত হোৱা চৰকাৰ।

৩। এনে শাসন ব্যৱস্থাত প্রতিনিধি নির্বাচন কৰা হয়। 

৪। প্রত্যেক ব্যক্তিয়ে সমাজত সমান সুযোগ সুবিধা:লাভ কৰে।

৫। গণতন্ত্র স্বাধীনতা, সাম্য আৰু মৈত্ৰীৰ ওপৰত প্ৰতিষ্ঠিত।

৬। প্রত্যক্ষ বা পৰোক্ষভাৱে সকলো নাগৰিকেই শাসন কার্যত অংশগ্ৰহণ কৰিব পাৰে।

10. What measures should be taken to establish democracy in India.

উত্তৰঃ ১। ছাত্র-ছাত্রী মযদাৰ প্ৰতি সন্মান প্রদর্শন :- ছাত্ৰ-ছাত্ৰীৰ আবেগ, অনুভূতি, প্রয়োজনীয়তা আদিক প্রাধান্য দিয়াটো খুবেই গুৰুত্বপূৰ্ণ। সেয়েহে শিশুৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি গণতান্ত্রিক শিক্ষা ব্যৱস্থাই সকলোৰে মাদাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো একান্তই বাঞ্ছনীয়।

২। নেতৃত্বৰ প্ৰশিক্ষণ দিয়া :- বিদ্যালয়তে হওক বা অন্যান্য অনুষ্ঠানতেই হওক শিক্ষাৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলক নেতৃত্বৰ গুণাৱলীৰ প্ৰশিক্ষণ বিকাশৰ ব্যৱস্থা কৰিব লাগে। কিয়নো গণতান্ত্রিক সমাজ ব্যৱস্থাত নাগৰিকসকলৰ সু-নেতৃত্বৰ প্ৰয়োজনীয়তা আমি নুই কৰিব নোৱাৰো।

৩। ৰাষ্ট্ৰৰ প্ৰতি ভালপোৱাৰ ভাৱৰ বিকাশ সাধন :- ছাত্ৰ-ছাত্ৰীৰ মাজত দেশপ্রেম ভাব জগাই তুলিবলৈ বিভিন্ন ধৰণৰ ৰাষ্ট্ৰীয় উৎসৱ সমূহত যেনেফস্বাধীনতা দিৱস, গণতন্ত্র দিৱস, শিক্ষক দিৱস, গান্ধী জয়ন্তী আদিৰ কাৰ্য্যসূচীত ছাত্ৰ-ছাত্ৰীক অংশগ্ৰহণ কৰিবলৈ উৎসাহ জনাব লাগে। তেহে উঠি অহা প্ৰজন্মৰ বৌদ্ধিক, আধ্যাত্মিক আৰু সাংস্কৃতিক বিকাশৰ লগতে জাতীয়তাবাদী ভাৱধাৰাৰ বিকাশ ঘটিব।

৪। বৃত্তিমূলক যোগ্যতাৰ আয়ত্বকৰণ :- বিদ্যালয়ত বিভিন্ন ধৰণৰ শিল্পবিদ্যা আৰু বৃত্তিমূলক দিশসমূহৰ উৎকৰ্ষ সাধনৰ বাবে বৈচিত্র্যপূর্ণ বিষয়সমূহ অর্ন্তভূক্তিকৰণত গুৰুত্ব দিয়া উচিত। ছাত্ৰ-ছাত্ৰীসকলে যাতে এনে শিক্ষকৰ যোগেদি বাস্তৱ জীৱনত নিজৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিব পাৰে।

৫। আত্মপ্ৰকাশৰ সুবিধা দিয়া :- বিভিন্ন ধৰণৰ সাহিত্য সাংস্কৃতিক কাৰ্যসূচীসমূহ বিদ্যালয়ত উদযাপনৰ যোগেদি প্ৰত্যেকৰে নিজৰ মনৰ ভাব সমূহ স্পষ্ট ৰূপত প্ৰদান কৰি তুলিব পৰাকৈ অর্থাৎ বাক্ শক্তি গঢ়ি তোলাটোৱে গণতান্ত্রিক আদৰ্শ ৰূপায়ণত সহায় কৰে।

11. Discuss the ways and means for imparting edu cation for socialistic pattern of Society.

উত্তৰঃ ১। বৃত্তিমূলক প্রশিক্ষণ প্রদান :- বৃত্তিমূলক শিক্ষাৰ প্ৰৱৰ্তনৰ যোগেদি সমাজৰ প্রত্যেক ব্যক্তিৰে অন্তনির্হিত প্ৰতিভাৰ বিকাশ সাধন কৰি উৎপাদনক্ষম আৰু যোগ্যতাসম্পন্ন নাগৰিকলৈ ৰূপান্তৰিত কৰাটো সমাজবাদী সমাজৰ শিক্ষাৰ লক্ষ্য হিচাপে পৰিগণিত হৈছে। বিভিন্ন বৃত্তিমূলক কৰ্মৰ প্ৰশিক্ষণৰ যোগেদি সকলোকে কামত নিয়োজিত কৰিলে অর্থনৈতিক উন্নয়ন সম্ভৱপৰ হৈ উঠিব।

২। কামৰ প্ৰতি মৰ্যদাৰ ভাৱ উন্নীত কৰা :- সমাজবাদী সমাজ ব্যৱস্থাৰ কাৰণে অন্য এক শিক্ষাৰ লক্ষ্য হ’ল সকলো শিক্ষাৰ্থীৰ মাজত ‘কামৰ প্ৰতি মৰ্যদা’ৰ (Socially useful productive work) ভাব উন্নীত কৰা সেয়েহে পাঠ্যক্ৰমত সামাজিকভাৱে ব্যৱহৃত উৎপাদনমূলক কাৰ্যসমূহৰ অন্তৰ্ভূক্তকৰণৰ জোৰ দিয়া হৈছে। যিকোনো উৎপাদনমূলক কৰ্মৰ বাবে প্ৰস্তুত কৰি তোলাটো শিক্ষাৰ এক লক্ষ্য।

৩। সামাজিক সচেতনতা জগাই তোলা :- শিক্ষাই ব্যক্তিসকলৰ মাজত সামাজিক সচেতনতাৰ ভাব জগাই তোলাৰ লগতে ব্যক্তিক সমাজত প্ৰচলিত অন্ধবিশ্বাস, কু-সংস্কাৰ আদি দূৰ কৰাত সহায় কৰে। বহল আৰু উদাৰ দৃষ্টিভংগীৰে সুস্থ চিন্তাধাৰাৰ ভাৱ জগাই তুলি শিক্ষাই সামাজিক সচেতনতা বৃদ্ধি কৰে।

৪। সু-চৰিত্ৰৰ গুণাৱলীসমূহৰ বিকাশ সাধন :- শিক্ষাই ব্যক্তিৰ মাজত-নিহিত গুণাৱলীসমূহৰ বিকাশ সাধন কৰি সু-চৰিত্ৰৰ অধিকাৰী কৰি তোলে; যিয়ে সমাজবাদী সমাজ গঠনত অৰিহণা যোগায়। কিয়নো, সমাজবাদী সমাজ ব্যৱস্থাত ব্যক্তিসকল সু-চৰিত্ৰৰ অধিকাৰী হোৱা বাঞ্চনীয়। গণতান্ত্রিক নীতিসমূহ উপলদ্ধি কৰিব পৰাকৈ আৰু সমগ্ৰ ব্যক্তিত্বৰ বিকাশ সাধনত শিক্ষাই সহায় কৰে।

৫। গণতান্ত্রিক মূল্যবোধৰ বিকাশ সাধন কৰা :- শিক্ষাৰ্থীসকলৰ মাজত স্বাধীনতা, সমতা, সহযোগিতা, ন্যায়, বন্ধুত্বপৰায়ণ মনোভাৱৰ বিকাশ সাধনৰ বাবে শিক্ষাই হৈছে প্রধান উপায়। শিক্ষাৰ যোগেদি জাতি, ধর্ম, বর্ণ, ভাষা নির্বিশেষে সকলোৰে মাজত গণতান্ত্রিক মূল্যবোধৰ বিকাশ সাধন কৰিব পাৰি। 

12. What are the main characteristics underlying to talitarian society.

উত্তৰঃ ১। একনায়কত্ববাদ গণতন্ত্র সম্পূর্ণ এক বিপৰীত ব্যৱস্থা। 

২। এনে শাসন ব্যৱস্থা কেইজনমান ব্যক্তি বা ব্যক্তি সমষ্টিৰ হাততে ন্যস্ত থাকে।

৩। এনে শাসনত চৰকাৰৰ মতাদর্শ সকলোৱে মানি চলিবলৈ বাধ্য। 

৪। ইয়াত এজন ব্যক্তি ৰা একনায়কব নেতৃত্বত এটি মাতৰ ৰাজনৈতিক দল গঠিত হয়।

৫। জনসাধাৰণৰ ব্যক্তিগত আশা-আকাংক্ষা গুৰুত্ব দিয়া নহয়।

৬। জনসংযোগৰ মাধ্যমসমূহৰ ওপৰত চৰকাৰৰ নিয়ন্ত্রণ থাকে।

৭। এনে শাসন ব্যৱস্থাত নাগৰিকৰ সৈতে কোনো প্রত্যক্ষ সম্বন্ধ নাথাকে। 

৮। একনায়কত্ববাদত শাসকজনেই দেশৰ সাৰ্বভৌম ক্ষমতাৰ একমাত্র অধিকাৰী।

৯। চৰকাৰৰ নিৰ্দেশক্রমে সকলো প্ৰকাৰৰ যুদ্ধৰ অস্ত্ৰৰ উৎপাদন আৰু ব্যৱহাৰ কৰা হয়।

13. What are the main features of socialistic pattern of society.

উত্তৰঃ ১। পূর্ণ নিয়োগ আৰু কামৰ অধিকাৰ : ব্যক্তিৰ যোগ্যতা আৰু ক্ষমতাৰু ওপৰত ভিত্তি কৰি নিজৰ মৌলিক প্রয়োজনসমূহ পূণ কৰিব পৰাকৈ সকলোকে কামত নিয়োজিত হ’বলৈ উৎসাহিত কৰাৰ প্রয়োজন। দেশৰ অৰ্থনৈতিক বিকাশৰ কাৰণেও নাগৰিকসকলক পূর্ণ নিয়োগ আৰু কৰ্মৰ অধিকাৰ প্ৰদান কৰা বাঞ্চনীয়।

২। ৰাষ্ট্ৰীয় সম্পদ উৎপাদনত সৰ্বাধিক গুৰুত্ব : ভাৰতবৰ্ষৰ দৰে দেশত জাতীয় আয় বৃদ্ধি কৰাটো খুবেই গুৰুত্বপূৰ্ণ। জাতীয় আয়ৰ বৃদ্ধিয়ে ৰাষ্ট্ৰীয় অর্থনৈতিক বিকাশত সহায় কৰিব। ৰাষ্ট্ৰীয় কল্যাণৰ হকে ৰাষ্ট্ৰীয় সম্পদসমূহৰ যথোচিত উৎপাদন, বিতৰণ আৰু ব্যৱহাৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন।

৩। সৰ্বাধিক ৰাষ্ট্ৰীয় আত্মনিৰ্ভৰশীলতা : সম্পদসমূহৰ পূৰ্ণ

ব্যৱহাৰৰ যোগেদি দেশৰ উৎপাদনৰ বিশাল জগতখনক আত্মনিৰ্ভৰশীল হ’বলৈ প্ৰেৰণা যুগুৱাটো সমাজবাদী সমাজ ব্যৱস্থাৰ অন্য এক মূল নীতি। সৰ্বাধিক ৰাষ্ট্ৰীয় আত্মনিৰ্ভৰশীলতা হ’বলৈ মানৱ সম্পদসমূহৰ বিকাশ হোৱাটো গুৰুত্বপূৰ্ণ। সেয়েহে ব্যক্তিক কর্মদক্ষ, উৎপাদন ক্ষম, কর্মপটু কৰি তুলি যোগ্য ব্যক্তিলৈ ৰূপান্তৰিত কৰিব পাৰিলেহে সৰ্বাধিক ৰাষ্ট্ৰীয় আত্ম নিৰ্ভৰশীলতা আশা কৰিব পাৰি।

৪। সামাজিক আৰু অর্থনৈতিক ন্যাযঃ সামাজিক আৰু অর্থনৈতিক ন্যায় প্রতিষ্ঠাৰ যোগেদি সকলো জনসাধাৰণকে সমানে সুযোগ সুবিধা প্রদান কৰিব পাৰিলেহে সমাজত সমতা প্রতিষ্ঠা হ’ব। সামাজিক ন্যায়ে সমাজত প্ৰতিজনৰ বাবে সমব্যৱহাৰ আৰু সমান পৰিমাণৰ স্বতন্ত্রতাকে বুজায়। আৰ্থিক ন্যায়ৰ অভাৱ হ’লে সামাজিক ন্যায় প্রতিষ্ঠা কৰিব নোৱাৰি। আর্থিক ন্যায় প্রতিষ্ঠাৰ কাৰণে সমাজৰ প্রত্যেক ব্যক্তিৰ বাবে অত্যাৱশ্যকীয় সামগ্রীসমূহৰ যোগান ব্যৱস্থা কৰিব লাগিব। সেয়েহে সামাজিক আৰু অৰ্থনৈতিক ন্যায় প্রতিষ্ঠা কৰাটো সমাজবাদী সমাজ ব্যৱস্থাৰ এক অন্যতম গুৰুত্বপূৰ্ণ নীতি।

৫। শান্তিপূর্ণ অহিংস আৰু গণতান্ত্রিক পদ্ধতিৰ ব্যৱহাৰ :- সমাজবাদী সমাজ ব্যৱস্থা প্রতিষ্ঠা কৰিবলৈ হ’লে শান্তিপূর্ণ, অহিংস আৰু গণতান্ত্রিক পদ্ধতি ব্যৱহাৰ কৰাটো বাঞ্চনীয়। ইয়াৰ বাবে বিদ্ৰোহৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে ক্ৰমবিৱৰ্তনৰ ওপৰত গুৰুত্ব দিব লাগিব।

৬। অর্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতাৰ বিকেন্দ্রীকৰণ :- সমাজবাদী সমাজ ব্যৱস্থাত ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কৰাটো প্ৰয়োজনীয়। সঁচা অৰ্থত ক’বলৈ গ’লে বেছিভাগ সমাজবাদী ৰাষ্ট্ৰত অর্থনৈতিক ক্ষমতাসমূহ কেন্দ্ৰীয় চৰকাৰৰ হাতত কেন্দ্ৰীভূত হৈ থকা পৰিলক্ষিত হয়। কিন্তু সমাজবাদী সমাজ ব্যৱস্থাত পঞ্চায়ত পৰ্যায়ৰ পৰা আৰম্ভ কৰি সকলো তুঁৰতে ৰাজনৈতিক আৰু অর্থনৈতিক ক্ষমতাৰ বিকেন্দ্ৰীকৰণ গুৰুত্ব আৰোপ কৰা হয়।

৭। নিম্নৰপৰা উচ্চ পর্যায়লৈ :- সমাজবাদী সমাজ ব্যৱস্থাত ই এক অতীব গুৰুত্বপূৰ্ণ নীতি। এই নীতি গান্ধীজীৰ আদৰ্শৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। সমাজবাদী সমাজ ব্যৱস্থাত এই নীতি অনুসৰি সমাজৰ নিম্নতম অর্থাৎ ‘হৰিজন’ সম্প্ৰদায়ৰ লোক সকলৰ উন্নতিৰ ওপৰত গুৰুত্ব দিয়া হয়। কিয়নো, সমাজৰ উন্নতি হ’বলৈ হ’লে আমি এই পৰ্যায়ৰ পৰা দৃষ্টি ৰাখিব লাগিব। গতিকে ভাৰতবৰ্ষত গণতান্ত্রিক সমাজবাদ প্ৰতিষ্ঠাৰ অৰ্থে ব্যক্তি স্বাধীনতা, সমান সুযোগ সুবিধা আৰু ব্যক্তিৰ মাজত ভ্রাতৃত্ববোধ গঠন কৰিব লাগিব।

14. What is the meaning of totalitarianism Dis cuss the ways and means of imparting education for to talitarian.

উত্তৰঃ যেতিয়া কোনো ব্যক্তি বা ব্যক্তি সমষ্টিয়ে নিজৰ হাতলৈ ক্ষমতা আনি স্বৈৰাচাৰী ক্ষমতা প্রয়োগ কৰে তেতিয়াই তাক একনায়কত্ববাদ আখ্যা দিয়া হয়। একনায়কত্ববাদ গণতন্ত্ৰৰ এক সম্পূৰ্ণ বিপৰীত অৱস্থা। সাধাৰণতে ক’বলৈ গ’লে বল প্রয়োগৰ দ্বাৰাই একনায়কত্বাদ প্রতিষ্ঠা হয়। প্রাচীন ৰোম প্ৰজাতন্ত্রত এই “একনায়কত্ববাদ” শব্দটোৰ উৎপত্তি হৈছিল। এনে শাসন ব্যৱস্থাত শাসক কাৰোৰে,ওচৰত দায়ী নহয়। নাগৰিকসকলে এনে ব্যৱস্থাত ব্যক্তিগত স্বাধীনতা লাভ কৰাৰ পৰা বঞ্চিত হ’বলগীয়া হয়। একনায়কত্ববাদত দেশৰ বা ৰাষ্ট্ৰ প্ৰতি লক্ষ্য ৰাখিহে শিক্ষা ব্যৱস্থা নিধৰিণ কৰা হয়। একনায়কত্ববাদ উদ্ভৱ হোৱাৰ কাৰণ বহুতো যেনেঃ- কেতিয়াবা গণতন্ত্ৰৰ ব্যৰ্থতাৰ বাবেও একনায়কত্ববাদৰ জন্ম হয়, নতুবা ৰাষ্ট্ৰৰ অৰ্থনৈতিক বা ৰাজনৈতিক সংকট, বৈপ্লৱিক পৰিৱৰ্তন আদিৰ বাবেও একনায়কত্ববাদে গা কৰি উঠে। ফ্ৰেডাৰিচ আৰু ব্ৰেজিনচাকিয়ে একনায়কত্ববাদৰ ঠাইত সর্বনিয়ন্ত্রণবাদী শব্দটি প্রয়োগ কৰিছিল।

একনায়কত্ব আৰু শিক্ষাঃএকনায়কত্ববাদত শিক্ষাৰ লক্ষ্য সমূহ নিম্নলিখিত ধৰণেৰে নিৰ্ধাৰণ কৰা হয়।

(ক) ৰাষ্ট্ৰ কল্যাণৰ হকে জ্ঞান প্ৰদান কৰাটোৱে শিক্ষাৰ এক গুৰুত্বপূৰ্ণ লক্ষ্য।

(খ) একনমায়কত্ববাদত যদিও ব্যক্তিগত স্বাধীনতাক স্বীকৃতি দিয়া নহৰ তথাপিও জাতি, ধর্ম, বর্ণ, ভাষা নির্বিশেষে সকলোকে সার্বজনীন প্ৰাথমিক শিক্ষা প্ৰদান কৰাটো শিক্ষাৰ এক লক্ষ্য হিচাপে পৰিগণিত হৈছে।

(গ) একনায়কত্ববাদত শিক্ষাৰ এক লক্ষ্য হৈছে ব্যক্তিয়ে অর্থনৈতিক উন্নয়ন সাধন কৰিব পৰাকৈ যোগ্যৱান কৰি তোলা।

(ঘ) ব্যক্তিৰ বৃত্তিমূলক কৌশলসমূহ বিকাশৰ যোগেদি কর্মক্ষম, অৰ্থাৎ কামৰ প্ৰতি উপযুক্ত কৰি গঢ় দি তোলা। 

(ঙ) শিক্ষাৰ যোগেদি দেশপ্ৰেমৰ মনোভাৱ গঢ় দি তোলা।

২। পাঠ্যক্রম :- একনায়কত্ববাদত শিক্ষাৰ পাঠ্যক্ৰমখনত প্ৰধানকৈ ছাত্ৰ-ছাত্ৰীৰ মাজত দৈশপ্রেম ভাৱ জাগৃত কৰিব বিচৰা বিষয়বস্তুৰ ওপৰতহে অত্যধিক গুৰুত্ব দিয়া হয়। বিভিন্ন বৃত্তিমূলক বিষয়সমূহ পাঠ্যক্ৰমত সন্নিবিষ্ট কৰণে ব্যক্তিক দেশৰ উপযোগী ব্যক্তি হিচাপে গঢ় দি তোলাত সহায় কৰে। পাঠ্যক্ৰমত বিজ্ঞান, সাহিত্য, অর্থনীতি, সমাজশাস্ত্র, তর্কশাস্ত্র, উৎপাদনশীলতা, প্রযুক্তিবিদ্যা আদি বিষয়সমূহৰ ওপৰত গুৰুত্ব দিয়া হয়। সেয়েহে একনায়কত্ববাদৰ পাঠ্যক্ৰমত দেশৰ প্ৰতি ভালপোৱাৰ ভাব আৰু দেশৰ উন্নতি সাধন কৰিব পৰা বিষয়বস্তুসমূহ অন্তর্ভূক্তি কৰা হয়।

৩। অনুশাসন ব্যৱস্থা :- একনায়কত্ববাদত শিক্ষক, শিক্ষার্থী আটায়ে নিজৰ ব্যক্তিগত স্বাৰ্থক দেশৰ স্বাৰ্থতকৈ তলত স্থান দিবলগীয়া হয়। সেয়েহে এনে শিক্ষা ব্যৱস্থাত সকলোৱে কঠোৰ অনুশাসন মানি চলিবলগীয়া হয়। অর্থাৎ ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিগত আশী-আকাংক্ষা আদিক গুৰুত্ব দিয়া নহয়। সেয়েহে ক’ব পাৰি, এনে শাসন ব্যৱস্থাত শিক্ষাৰ যোগেদি ব্যক্তিৰ পূৰ্ণ ব্যক্তিত্বৰ বিকাশ সাধন কৰিব নোৱাৰি।

15. Point out the features of education in totali tarian state. 

উত্তৰঃ একনায়কত্ববাদৰ কিছুমান বৈশিষ্ট্য পৰিলক্ষিত হয়। এইসমূহ তলত উল্লেখ কৰা হ’ল— 

১। একনায়কত্ববাদ গণতন্ত্র সম্পূর্ণ এক বিপৰীত ব্যৱস্থা।

২। এনে শাসন ব্যৱস্থা কেইজনমান ব্যক্তি বা ব্যক্তি সমষ্টিৰ হাততে ন্যস্ত থাকে। 

৩। এনে শাসনত চৰকাৰৰ মতাদর্শ সকলোৱে মানি চলিবলৈ বাধ্য।

৪। ইয়াত এজন ব্যক্তি বা একনায়কব নেতৃত্বত এটি মাতৰ ৰাজনৈতিক দল গঠিত হয়।

৫। জনসাধাৰণৰ ব্যক্তিগত আশা-আকাংক্ষা গুৰুত্ব দিয়া নহয়।

৬। জনসংযোগৰ মাধ্যমসমূহৰ ওপৰত চৰকাৰৰ নিয়ন্ত্রণ থাকে। 

৭। এনে শাসন ব্যৱস্থাত নাগৰিকৰ সৈতে কোনো প্রত্যক্ষ সম্বন্ধ নাথাকে।

৮। একনায়কত্ববাদত শাসকজনেই দেশৰ সাৰ্বভৌম ক্ষমতাৰ একমাত্র অধিকাৰী।

৯। চৰকাৰৰ নিৰ্দেশক্রমে সকলো প্ৰকাৰৰ যুদ্ধৰ অস্ত্ৰৰ উৎপাদন আৰু ব্যৱহাৰ কৰা হয়।

16. Write short note on.

(a) Aims of education in totalitarian state.

উত্তৰঃ একনায়কত্ববাদত শিক্ষাৰ লক্ষ্য সমূহ নিম্নলিখিত ধৰণেৰে নিৰ্ধাৰণ কৰা হয়— 

(ক) ৰাষ্ট্ৰ কল্যাণৰ হকে জ্ঞান প্ৰদান কৰাটোৱে শিক্ষাৰ এক গুৰুত্বপূৰ্ণ লক্ষ্য।

(খ) একনমায়কত্ববাদত যদিও ব্যক্তিগত স্বাধীনতাক স্বীকৃতি দিয়া নহৰ তথাপিও জাতি, ধর্ম, বর্ণ, ভাষা নির্বিশেষে সকলোকে সার্বজনীন প্ৰাথমিক শিক্ষা প্ৰদান কৰাটো শিক্ষাৰ এক লক্ষ্য হিচাপে পৰিগণিত হৈছে।

(গ) একনায়কত্ববাদত শিক্ষাৰ এক লক্ষ্য হৈছে ব্যক্তিয়ে অর্থনৈতিক উন্নয়ন সাধন কৰিব পৰাকৈ যোগ্যৱান কৰি তোলা। 

(ঘ) ব্যক্তিৰ বৃত্তিমূলক কৌশলসমূহ বিকাশৰ যোগেদি কর্মক্ষম, অৰ্থাৎ কামৰ প্ৰতি উপযুক্ত কৰি গঢ় দি তোলা।

(ঙ) শিক্ষাৰ যোগেদি দেশপ্ৰেমৰ মনোভাৱ গঢ় দি তোলা। 

(b) Aim and Teachers role in democratic education.

উত্তৰঃ গণতান্ত্রিক সমাজৰ শিক্ষাৰ কেতবোৰ লক্ষ্য তলত উল্লেখ কৰা হ’ল—

(ক) সুনাগৰিকত্বৰ বিকাশ সাধন :- গণতান্ত্রিক সমাজৰ শিক্ষাৰ এক গুৰুত্বপূৰ্ণ লক্ষ্য হ’ল–সু-নাগৰিকত্বৰ গুণসমূহৰ বিকাশ সাধন কৰা। যেনে— বন্ধুত্বসুলভ মনোভাৱ ন্যায়, সহযোগিতা আদি। কিয়নো, ব্যক্তিৰ প্ৰগতিশীল মনোভাৱে নতুন দৃষ্টিভংগী আৰু নেতৃত্বৰ গুণাগুণে গণতন্ত্ৰৰ আদৰ্শক প্রস্ফুটিত কৰে। এনে আদৰ্শৰ দ্বাৰা ব্যক্তিয়ে দায়িত্ব পালনত অংশগ্রহণ কৰিব পাৰে।

(খ) ব্যক্তিত্বৰ সৰ্বাঙ্গীন বিকাশ সাধন কৰা :- গণতান্ত্রিক সমাজৰ শিক্ষাৰ অন্য এক লক্ষ্য হৈছে ব্যক্তিত্বৰ সৰ্বাঙ্গীন বিকাশ সাধন কৰ। কিয়নো, ব্যক্তিৰ সৰ্বাঙ্গীন বিকাশেই গণতন্ত্ৰৰ কৃতকাৰ্যতাৰ মূল চাবি কাঠি। সেয়েহে প্ৰত্যেকৰে অন্তৰ্নিহিত প্ৰতিভাসমূহৰ বিকাশ সাধন কৰি যাতে সমাজৰ প্ৰগতিশীল বিকাশত সহায় কৰিব পাৰে তাৰ প্ৰতি গুৰুত্ব দিয়াটো শিক্ষাৰ এক লক্ষ্য।

(গ) নেতৃত্ব সুলভ গুণৰ বিকাশ সাধন :- গণতান্ত্রিক সমাজৰ শিক্ষাৰ অন্য এক লক্ষ্য হ’ল— নেতৃত্ব সুলভ গুণৰ বিকাশ সাধন। কিয়নো গণতন্ত্ৰ জনসাধাৰণৰ দ্বাৰা, জনসাধাৰণক লৈ গঠিত হোৱা চৰকাৰ। য’ত দেশৰ জনগণৰ হাততে শাসনভাৰ ন্যস্ত থাকে বুলি ক’ব পাৰি৷ সেয়েহে দেশৰ জনগণৰ মাজত নেতৃত্ব সুলভ গুণাৱলীৰ বিকাশ সাধন কৰাটো শিক্ষাৰ এক লক্ষ্য হিচাপে পৰিগণিত হৈছে। 

(ঘ) গণতান্ত্রিক মূল্যবোধৰ বিকাশ সাধন কৰা :- জনসাধাৰণৰ মাজত প্ৰকৃত অৰ্থত গণতান্ত্রিক মূল্যবোধ জগাই তোলাটোও শিক্ষাৰ এক লক্ষ্য গতিকে দেশৰ ঐক্য সাধনৰ বাবে উঠি অহা প্ৰজন্মৰ মাজত নৈতিক চেতনা, ভ্রাতৃত্ববোধ বন্ধুত্বসুলভ মনোভাৱ আদিৰ বিকাশ সাধন কৰিব লাগিব ।

(ঙ) অন্তনিৰ্হিত প্ৰতিভাৰ বিকাশ সাধন কৰা :- গণতন্ত্ৰৰ মূল উদ্দেশ্য হৈছে প্রত্যেক নাগৰিকৰে সুপ্ত প্রতিভা আৰু শক্তি জাগ্রত কৰি মুক্ত কৰি তোলা। ব্যক্তিৰ আত্মউপলদ্ধিৰ বিকাশ সাধনে দেশৰ প্রগতিশীল বিকাশতো সহায় কৰিব। গতিকে প্রত্যেকৰে অন্তনিৰ্হিত সুপ্ত প্ৰতিভাসমূহৰ বিকাশ সাধন কৰি ব্যক্তিৰ মৰ্যদা নিৰ্ণয় কৰাটোও শিক্ষা লক্ষ্য।

(চ) সকলোকে সা-সুবিধা প্ৰদান কৰা :- গণতান্ত্রিক শিক্ষাৰ অন্য এক লক্ষ্য হৈছে সকলোকে সমান সা-সুবিধা প্ৰদান কৰি নিজৰ, যোগ্যতা আৰু অভিক্ষমতাৰ বিকাশ সাধন কৰা। জাতি, ধর্ম, বর্ণ, ভাষা নির্বিশেষে সকলোকে সমানে সুযোগ সুবিধা বিতৰণ কৰাটো শিক্ষাৰ এক লক্ষ্য।

(ছ) স্বাধীনতা প্রদান :- গণতান্ত্রিক সমাজৰ অন্য এক লক্ষ্য হ’ল—— স্বাধীনতা প্ৰদান কৰা। শিক্ষা এনেদৰে প্ৰদান কৰিব লাগিব যাতে সকলোৱে মুক্তভাৱে নিজৰ সম্ভাৱনীয়তাক পূর্ণ বিকাশৰ সম সুযোগসুবিধা লাভ কৰিব পাৰে। 

শিক্ষকৰ ভূমিকা :- গণতান্ত্ৰিক আৰ্হিৰ সমাজৰ শিক্ষা ব্যৱস্থাত শিক্ষকে অতীব গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শিক্ষকৰ আদৰ্শ, মনোভাৱ আৰু সচেতনতাৰ ওপৰতে শিক্ষা ব্যৱস্থাৰ উন্নতি বহু পৰিমাণে নিৰ্ভৰশীল। কিয়নো এখন সমাজৰ প্ৰগতিৰ ক্ষেত্ৰত শিক্ষকেই পথপ্রদর্শক। সেয়েহে শিক্ষকজনে গণতান্ত্রিক মূল্যবোধ, আদর্শ, নীতি-নিয়মসমূহক বাস্তৱত পৰিচালিত কৰিব পৰাকৈ নিজকে গঢ় দি সমাজৰ উঠি অহা প্ৰজন্মক সঠিক দিশ নিৰ্দেশনাৰে বাট দেখুৱাব লাগিব। এইক্ষেত্ৰত শিক্ষকজনে বন্ধু, দার্শনিক আৰু পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰে। ছাত্ৰ-ছাত্ৰীৰ মাজত বন্ধুত্বসুলভ মনোভাব, ভ্রাতৃত্ববোধ, সু-চৰিত্ৰ, সু-নাগৰিকত্ব, সহযোগিতা আদিৰ বিকাশ ঘটাই বিভিন্ন সমাজকল্যাণমূলক কাৰ্য্যত অংশগ্ৰহণ কৰিব পৰাকৈ গঢ় দি তোলাৰ ক্ষেত্ৰতো শিক্ষকৰ ভূমিকা অপৰিসীম। 

(e) Communistic ideology and education.

উত্তৰঃ সাম্যবাদক সমাজবাদৰ অতি উগ্ৰ প্ৰকৃতিৰ সমাজবাদ বুলি আখ্যা দিয়া হয়। কার্লমাক্স আৰু ফ্রেডৰিক এঞ্জেলচক সাম্যবাদৰ জনক বুলি জনা যায়। প্লেটোৱে তেওঁৰ বিখ্যাত গ্রন্থ ৰিপাব্লিকত সাম্যবাদ শব্দটো প্রয়োগ কৰিছিল। কার্লমার্ক্সৰ বিদ্রোহ, বিপ্লৱ আৰু শ্রেণী সংগ্ৰাম তত্ত্বৰ আধাৰত সাম্যবাদৰ সৃষ্টি হৈছিল যদিও লেলিনেহে ইয়াক অধিক কার্যকৰী ৰূপ প্ৰদান কৰে।

সাম্যবাদ হ’ল এক সামাজিক আৰু ৰাজনৈতিক ব্যৱস্থা যিয়ে সমাজত সমতা প্রতিষ্ঠা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সাম্যবাদৰ প্ৰধান উদ্দেশ্য হৈছে এখন শ্রেণীহীন সমাজ ব্যৱস্থা প্রতিষ্ঠা কৰা। সাম্যবাদী ব্যৱস্থাত সমাজত কোনো ধৰণৰ বৈষম্য নাথাকিব আৰু উৎপাদনৰ আহিলাসমূহৰ ওপৰত সামূহিক স্বত্বাধিকাৰ থাকিব। সাম্যবাদত ব্যক্তিগত সম্পত্তিৰ বিলুপ্তি সাধনৰ পোষকতা কৰা হয়।

ছোভিয়েট ৰাছিয়াতে প্রথম সাম্যবাদী শাসন ব্যবস্থা আৰম্ভ হৈছিল। পিছলৈ ৰাছিয়াৰ চুবুৰীয়া ৰাষ্ট্ৰ চীন আৰু আন কেইখনমান ৰাষ্ট্ৰত সাম্যবাদী শাসন ব্যৱস্থা প্রচলন হয়। চান দেশতেই সাম্যবাদী ৰাজনৈতিক আদৰ্শবোৰ,অধিক প্রতিফলিত হৈছিল বাবে চীনক এখন শক্তিশালী সাম্যবাদী দ্রেশ বুলি ল’ব পাৰি।

সাম্যবাদী শাসন ব্যৱস্থাত শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণ হয় চৰকাৰৰ ৰাজনৈতিক আদৰ্শ আৰু প্ৰৰ্পনৰ ওপৰত ভিত্তি কৰি। সাম্যবাদী,ৰাজনৈতিক আদৰ্শ আৰু দৰ্শনৰ ওপৰত ভিত্তি কৰি। সাম্যবাদী ৰাজনৈতিক আদৰ্শৰ আধাৰত শিক্ষাৰ লক্ষ্যসমূহ হ’ল

(১) ব্যক্তি ব্যক্তিগত স্বাৰ্থতকৈ ৰাষ্ট্ৰীয় স্বার্থক অগ্ৰাধিকাৰ দিবলৈ প্ৰত্যেক ল’ৰা-ছোৱালীকো প্রশিক্ষণ দিয়া।

২। শাৰীৰিক শিক্ষা আৰু সামৰিক প্ৰশিক্ষণ প্ৰদানৰ ওপৰত অধিক গুৰুত্ব দিয়া। 

(৩) শিক্ষাৰ্থীসকলৰ আজ্ঞানুবর্তিতা আৰু অনুবর্তিতাৰ মূল্য আৰু গুৰুত্ব উপলব্ধি কৰোৱা।

(৪) এখন শক্তিশালী সাম্যবাদী সমাজ গঢ়ি(তোলাৰ কাৰণে শিক্ষাৰ্থীক সাম্যবাদৰ বিষয়ে শিক্ষা দিয়া। ইয়াৰ বাবে শিক্ষক বিনামূলীয়া আৰু বাধ্যতামূলক কৰা।

(৫) ৭ ৰ পৰা ১৬ বছৰ যয়সৰ ল’ৰা-ছোৱালীৰ শিক্ষা সাৰ্বজনীন, বিনামূলীয়া আৰু বাধ্যতামূলক কৰা।

৬। দেশৰ অৰ্থনৈতিক ৱিকাশৰ হেঙাৰস্বৰূপ নিৰক্ষৰতা দূৰীকৰণৰ বাবে প্ৰতিজন নাগৰিককে স্বাক্ষৰ কৰি তুলিবলৈ যথাসাধ্য প্রচেষ্টা চলোৱা। 

(৭) এক শ্রেণীহীন উদ্যোগিক সমাজ গঢ়ি তোলাৰ বাবে শিক্ষাৰ্থীক ঔদ্যোগিক প্রশিক্ষণ প্রদানত গুৰুত্ব দিয়া। ৮। অর্থনৈতিক বিকাশৰ প্ৰধান আহিলা হিচাপে গণ্য কৰা হয় সেয়ে দেশৰ অৰ্থনৈতিক বিকাশ সাধন কৰাৰ উদ্দেশ্য আগত ৰাখি শিক্ষা ব্যৱস্থাক সংগঠিত কৰা।

(d) Features of education in communist countries. 

উত্তৰঃ সাম্যবাদী শাসন ব্যৱস্থাৰ বৈশিষ্ট্য সমূহ তলত উল্লেখ কৰা—

১। সাম্যবাদী ৰাজনৈতিক আদৰ্শৰ ব্যক্তিৰ ব্যক্তিগত স্বাৰ্থতকৈ ৰাষ্ট্ৰৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়া হয়। 

২। এই শাসন ব্যৱস্থাই পুঁজিপতি ব্যৱস্থাক উচ্ছেদ কৰি শ্ৰেণীহীন সমাজ প্রতিষ্ঠাৰ পোষকতা কৰে।

৩। ৰাষ্ট্ৰ ধনীক শ্ৰেণীৰ অনুষ্ঠান, গতিকে সাম্যবাদী সকলৰ বাবে ৰাষ্ট্ৰ বিলোপ সাধন হোৱাটো উচিত।

৪। সাম্যবাদ সশস্ত্র বিপ্লৱত বিশ্বাসী। সাম্যবাদী ৰাজনৈতিক আদর্শই বিপ্লৱ, বিদ্রোহ আৰু শ্রেণী সংগ্ৰামৰ দ্বাৰা ৰাষ্ট্ৰৰ পৰিৱৰ্তন বিচাৰে।

৫। সাম্যবাদত সাধাৰণতে দুটা স্তৰ পৰিলক্ষিত হয়— পৰিৱৰ্তন স্তৰ আৰু শ্রেণীহীন সাম্যবাদী সমাজ ব্যৱস্থা।

৬। সাম্যবাদী ৰাজনৈতিক আদর্শই সকলো দিশৰ ওপৰত ক্ষমতা কেন্দ্ৰীকৰণ নীতিৰ ওপৰত গুৰুত্ব দিয়ে।

৭। সামাবাদী শাসন ব্যৱস্থাত বিৰোধী ৰাজনৈতিক দলক স্বীকৃতি দিয়া নহয় বৰং একদলীয় প্রভাৱৰ ওপৰতহে গুৰুত্ব দিয়া হয়। 

৮। সাম্যবাদে কোনো ধৰ্মৰ পোষকতা নকৰে আৰু ধৰ্মীয় অনুষ্ঠানৰ প্রতি সহানুভূতিশীল নহয়। 

৯। সম্যবাদৰ পৰিধি আৰু বৈশিষ্ট্য আন্তঃ ৰাষ্ট্ৰীয়।

আদর্শগতভাবে সাম্যবাদী ৰাষ্ট্ৰ শিক্ষা ব্যৱস্থা বা শিক্ষা গণতান্ত্রিক মূল্যবোধে উদ্বুদ্ধ এখন দেশৰ শিক্ষা ব্যৱস্থাতকৈ যথেষ্ট পৃথক। সাম্যবাদী ৰাষ্ট্ৰৰ শিক্ষা ব্যৱস্থাৰ দুটা বৈশিষ্ট্য পৰিলক্ষিত হয়— 

১। এই ৰাষ্ট্ৰসমূহত শিক্ষা ব্যৱস্থা দলটিত কেন্দ্রীভূত হয় আৰু দলৰ দ্বাৰা নিয়ন্ত্রিত হয়। দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিয়ে ইয়াৰ নীতি আৰু অনুশীলন সম্পৰ্কীয় সকলো সিদ্ধান্ত গ্ৰহণ কৰে।

২। ইয়াৰ শিক্ষাক মূল অগ্ৰাধিকাৰ দিয়া হয়। প্ৰকৃততে এই মূল বৈশিষ্ট্য মুক্ত গণতান্ত্রিক পাশ্চাত্য জগতৰ উৎস হিচাপে পৰিগণিত হয়। 

(e) Education for a socialistic pattern of society.

উত্তৰঃ শিক্ষাই সমাজবাদী সমাজ ব্যৱস্থা পৰিচালিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। জাতি, ধর্ম, বর্ণ, ভাষা নির্বিশেষে সকলো ব্যক্তিৰে মাজত ৰাজনৈতিক আৰু অৰ্থনৈতিক সমতা প্ৰতিষ্ঠাৰ যোগেদি সমাজবাদী সমাজ ব্যৱস্থা গঠন কৰিব পাৰি। শিক্ষাই সকলোকে সম সুযোগ সুবিধা প্ৰদান কৰাৰ লগতে গণতান্ত্রিক নীতিসমূহ অনুভৱৰ যোগেদি এখন গণতান্ত্রিক সমাজবাদী ৰাষ্ট্ৰ প্ৰতিষ্ঠাত সমল যোগায়। এই ক্ষেত্ৰতপুণ্ডিত জৱাহৰলাল নেহৰুৰ এষাৰি মন্তব্য প্রণিধানযোগ্য— নেহৰুৱে কৈছিল, “ভাৰতবৰ্ষক জনসাধাৰণৰ সহ কাৰ্যকৰী ৰাষ্ট্ৰ হিচাপে পৰিণত কৰিবলৈ আমি সকলোৱে সমান সুযোগ বা সুবিধা আৰু সামাজিক ন্যায় প্রদান কৰিব লাগিব ইয়াৰ বাবে যিকোনো ঠেক সাম্প্রদায়িকতাবাদ বা সংকীর্ণতাবাদক আঁতৰাই পেলাব লাগিব। (Nehru said, “The development of India as a great Co-operative common wealth necessarily meant equality of opportunity and social justice for all.” Any narrow communism-or provincial ism, therefore be repressed and evil of caste rooted out”)

সমাজবাদী শিক্ষণৰ মূল লক্ষ্য হ’ল-ব্যক্তিক সুস্থ সামাজিক জীৱনৰ বাবে প্ৰস্তুত কৰি তোলা। ভাৰতত সমাজবাদী সমাজ ব্যৱস্থ। প্ৰতিষ্ঠাৰ ক্ষেত্ৰত শিক্ষাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ইয়াৰ বাবে প্রথমেই আমি শিক্ষাৰ লক্ষ্যসমূহ নিৰ্ধাৰণ কৰি ল’ব লাগিব। সমাজবাদী সমাজ ব্যৱস্থাৰ শিক্ষাৰ লক্ষ্যসমূহ আমি নিম্নলিখিতি ধৰণেৰে উপস্থাপন কৰিব পাৰো।

সমাজবাদী সমাজব্যৱস্থাত শিক্ষাৰ লক্ষ্য :- (Aims of Socialistic Pattern of Society) 

১। বৃত্তিমূলক প্রশিক্ষণ প্রদান :- বৃত্তিমূলক শিক্ষাৰ প্ৰৱৰ্তনৰ যোগেদি সমাজৰ প্ৰত্যেক ব্যক্তিৰে অন্তনিৰ্হিত প্ৰতিভাৰ বিকাশ সাধন কৰি উৎপাদনক্ষম আৰু যোগ্যতাসম্পন্ন নাগৰিকলৈ ৰূপান্তৰিত কৰাটো সমাজবাদী সমাজৰ শিক্ষাৰ লক্ষ্য হিচাপে পৰিগণিত হৈছে। বিভিন্ন বৃত্তিমূলক কৰ্মৰ প্ৰশিক্ষণৰ যোগেদি সকলোকে কামত নিয়োজিত কৰিলে অর্থনৈতিক উন্নয়ন সম্ভৱপৰ হৈ উঠিব।

২। কামৰ প্ৰতি মৰ্যদাৰ ভাৱ উন্নীত কৰা :- সমাজবাদী সমাজ ব্যৱস্থাৰ কাৰণে অন্য এক শিক্ষাৰ লক্ষ্য হ’ল সকলো শিক্ষাৰ্থীৰ মাজত ‘কামৰ প্ৰতি মৰ্যদা’ৰ ভাব উন্নীত কৰা সেয়েহে পাঠ্যক্ৰমত সামাজিকভাৱে ব্যৱহৃত উৎপাদনমূলক কাৰ্যসমূহৰ অন্তৰ্ভূক্তকৰণৰ জোৰ দিয়া হৈছে। যিকোনো উৎপাদনমূলক কৰ্মৰ বাবে প্ৰস্তুত কৰি তোলাটো শিক্ষাৰ এক লক্ষ্য।

৩। সামাজিক সচেতনতা জগাই তোলা :- শিক্ষাই ব্যক্তিসকলৰ মাজত সামাজিক সচেতনতাৰ ভাব জগাই তোলাৰ লগতে ব্যক্তিক সমাজত প্ৰচলিত অন্ধবিশ্বাস, কু-সংস্কাৰ আদি দূৰ কৰাত সহায় কৰে। বহল আৰু উদাৰ দৃষ্টিভংগীৰে সুস্থ চিন্তাধাৰাৰ ভাৱ জগাই তুলি শিক্ষাই সামাজিক সচেতনতা বৃদ্ধি কৰে।

৪। সু-চৰিত্ৰৰ গুণাৱলীসমূহৰ বিকাশ সাধন :- শিক্ষাই ব্যক্তিৰ মাজত-নিহিত গুণাৱলীসমূহৰ বিকাশ সাধন কৰি সু-চৰিত্ৰৰ অধিকাৰী কৰি তোলে; যিয়ে সমাজবাদী সমাজ গঠনত অবিহণা যোগায়। কিয়নো, সমাজবাদী সমাজ ব্যৱস্থাত ব্যক্তিসকল সু-চৰিত্ৰৰ অধিকাৰী হোৱা বাঞ্ছনীয়। গণতান্ত্রিক নীতিসমূহ উপলব্ধি কৰিব পৰাকৈ আৰু সমগ্ৰ ব্যক্তিত্বৰ বিকাশ সাধনত শিক্ষাই সহায় কৰে।

৫। গণতান্ত্রিক মূল্যবোধৰ বিকাশ সাধন কৰা :- শিক্ষাৰ্থীসকলৰ মাজত স্বাধীনতা, সমতা, সহযোগিতা, ন্যায়, বন্ধুত্বপৰায়ণ মনোভাৱৰ বিকাশ সাধনৰ বাবে শিক্ষাই হৈছে প্রধান উপায়। শিক্ষাৰ যোগেদি জাতি, ধর্ম, বর্ণ, ভাষা নির্বিশেষে সকলোৰে মাজত গণতান্ত্রিক মূল্যবোধৰ বিকাশ সাধন কৰিব পাৰি।

৬। সামাজিক অনুষ্ঠান সমূহত অংশগ্ৰহণৰ সৰ্বাধিক সুবিধা :- শিক্ষাৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন ধৰণৰ সমাজকল্যাণমূলক আঁচনি আৰু সামাজিক অনুষ্ঠান সমূহত অংশগ্ৰহণ কৰিবলৈ সুবিধা প্রদান কৰিব লাগে। বিশেষকৈ শিক্ষানুষ্ঠানৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক সমাজৰ বিভিন্ন কাৰ্যসূচী যেনেঃ জৰীপ কাৰ্য ৰাস্তা ঘাট নিৰ্মাণৰ কাৰ্যসূচী, থিয়েটাৰ সভা-সমিতি আদিত অংশ গ্ৰহণৰ সুবিধাই ছাত্ৰ-ছাত্ৰীসকলক সমাজৰ প্ৰচলিত নিয়ম-কানুন, সমস্যা আদর্শ আদি বুজ লোৱাত সহায় কৰে। সেয়েহে সমাজবাদী সমাজ ব্যৱস্থাত শিক্ষাৰ এক লক্ষ্য হ’ল সামাজিক অনুষ্ঠানসমূহত অংশগ্ৰহণত সুবিধা দিয়া। 

৭। সামাজিক আৰু অর্থনৈতিক সমতা প্রতিষ্ঠা কৰা :- শিক্ষাৰ যোগেদি ছাত্ৰ-ছাত্ৰীৰ মনত সামাজিক আৰু অৰ্থনৈতিক সমতা প্রতিষ্ঠা কৰিব লাগিব। জাতি, ধর্ম, বর্ণ নির্বিশেষে সকলোকে শিক্ষাৰ সুবিধা দিয়া আৰু কৰ্মৰ জগতখনত নিয়োজিত হোৱাত সহায় কৰা।

৮। জাতীয় আৰু আন্তঃৰাষ্ট্ৰীয় বুজাপৰাৰ ভাব বুদ্ধি :- নিজৰ সমাজ আৰু দেশৰ প্ৰতি বুজাপৰা, ভালপোৱাৰ লগত আন দেশৰ প্ৰতিও শ্ৰদ্ধাৰ ভাব জগাই তোলাত শিক্ষাই সহায় কৰে। এখন ৰাষ্ট্ৰৰ উন্নতি নিৰ্ভৰ কৰে আন ৰাষ্ট্ৰৰ সহায় সহযোগিতাৰ ওপৰত। সেয়েহে শিক্ষাৰ যোগেদি দেশৰ উঠি অহা প্ৰজন্মৰ মাজত আন্তঃজাতিক বুজাপৰা মনোভাৱ জাগৃত কৰাটো এক গুৰুত্বপূৰ্ণ লক্ষ্য।

গতিকে দেখা গ’ল যে— গণতান্ত্রিক আদৰ্শ আৰু নীতিৰ ওপৰত প্রতিষ্ঠিত শিক্ষা ব্যৱস্থাই এখন সমাজবাদী সমাজ গঠনত অৰিহণা যোগায়। সমাজৰ ব্যক্তিসকলৰ মাজত প্ৰচলিত অসমতা, অন্যায় আৰু ব্যক্তিগত প্রভেদ সমূহ দূৰ কৰি সকলোৰে মাজত সমতা, ন্যায়, বন্ধুত্বপূর্ণ মনোভাৱ গঢ় দি তুলিব পাৰিলেহে সমাজবাদী সমাজ ব্যৱস্থা প্রতিষ্ঠা কৰিব পৰা যাব। উপৰোক্ত লক্ষ্যসমূহত উপনীত হ’ব পৰাকৈ ‘শিক্ষা ব্যৱস্থা গঢ় দি তুলিব লাগিব। এই ক্ষেত্ৰত সমাজবাদী শিক্ষা ব্যৱস্থাৰ শিক্ষকজনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে প্রত্যেক ছাত্ৰ-ছাত্ৰীৰে আগ্ৰহ, অভিৰুচি আৰু প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি বৃত্তিমুখী শিক্ষা প্রদান কৰিব পৰাকৈ পাঠ্যক্ৰমখনত বিভিন্ন বিষয়ৰ অন্তৰ্ভূক্তিকৰণ অৰ্থত বৈচিত্র্যপূৰ্ণ পাঠ্যক্ৰম আৰু সামাজিকভাৱে ব্যৱহৃত উৎপাদনমূলক কাৰ্যসমূহ সন্নিবিষ্ট কৰাত গুৰুত্ব আৰোপ কৰা হৈছে। সেয়েহে ৰাষ্ট্ৰীয় সম্পদ সমূহৰ উৎপাদন আৰু বিতৰণৰ বাবে প্ৰকৃত মানৱ সম্পদ গঠন কৰাৰ ক্ষেত্ৰত শিক্ষকৰ দায়বদ্ধতা অপৰিসীম। মুঠৰ ওপৰত শিক্ষাৰ অবিহনে আমি সমাজবাদী সমাজ ব্যৱস্থা প্রতিষ্ঠা কৰাটো অবাস্তৱ আৰু কল্পনাতীত। 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top