Sociological Foundations of Education Unit 4 শিক্ষা আৰু সামাজিক সমূহ

Sociological Foundations of Education Unit 4 শিক্ষা আৰু সামাজিক সমূহ Notes, College and University Answer Bank of Education for BA, and Post Graduate Notes and Guide Available here, Sociological Foundations of Education Unit 4 শিক্ষা আৰু সামাজিক সমূহ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus eg. Dibrugarh University and Guwahati University so that you can easily browse through different College and University Guide and Notes here. Sociological Foundations of Education Unit 4 শিক্ষা আৰু সামাজিক সমূহ Question Answer can be of great value to excel in the examination.

Sociological Foundations of Education Unit 4 শিক্ষা আৰু সামাজিক সমূহ

Join Telegram channel

Sociological Foundations of Education Unit 4 Education and Social Groups Notes cover all the exercise questions in UGC Syllabus. The Sociological Foundations of Education Unit 4 শিক্ষা আৰু সামাজিক সমূহ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

শিক্ষা আৰু সামাজিক সমূহ

EDUCATION

শিক্ষাৰ সমাজতাত্বিক আধাৰ

Sociological Foundations of Education


1. Define social organisation. Discuss the main characteristics of social organisation.

উত্তৰঃ সমাজতত্ত্ববিদ সকলে সংগঠনৰ বিষয়ে নিজস্ব দৃষ্টিভংগী আগবঢ়াইছে। 

এমিতই ঐজেনীৰ মতে— “সংগঠন হ’ল বিশেষ লক্ষ্য সাধনৰ

বাবে ইচ্ছাকৃতভাৱে সৃষ্টি কৰা কিছুমান সামাজিক গোটৰ সমষ্টি।”      স্কটৰৰ মতে-“সংগঠনহ’ল কম বেছি পৰিমাণে ধাৰাবাহিকভাবে বিশেষ লক্ষ্য সাধিবৰ বাবে গঠন কৰা ব্যক্তিৰ গোট বা সমূহকে সংগঠন বুলি কোৱা হয় ।” (Organisations are defined as collectives that have been established for the pursuit of relatively specific objectives on more or less continuous baris.) অৱশ্যে এইটোও উল্লেখ কৰিছে যে সংগঠন হ’বৰ বাবে তুলনামূলকভাবে নির্দিষ্ট সীমা, প্রতিমান পদ্ধতি, কৰ্তৃত্বৰ স্থিতিৰ অনুক্ৰম যোগাযোগ পদ্ধতি কাম কৰাৰ উৎসাহজনক ব্যৱস্থা কৰিব লাগিব।

প্রখ্যাত সমাজদার্শনিক অগবাৰ্ণ আৰু নিমকফৰ সংজ্ঞা মতে “সামাজিক সংগঠন হ’ল সমাজৰ কিছুমান ব্যক্তিৰ দ্বাৰা গঠিত একোটা বিশেষ কাৰ্য্যকৰী গোট, যাৰ সহায়ত সমাজত কিছুমান বিশেষ কাৰ্য্য সম্পাদন কৰা হয়”

সংগঠনৰ বৈশিষ্ট্য :- সংগঠনৰ কিছুমান নিৰ্দিষ্ট বৈশিষ্ট্য আছে। তাৰে কিছুমান বৈশিষ্ট্য বলত আলোচনা কৰা হ’ল—

১। লক্ষ্যঃ প্ৰতিটো সংগঠনৰে নিৰ্দিষ্ট কিছুমান লক্ষ্য আছে। লক্ষ্যবিহীনভাবে সংগঠন সৃষ্টি ই’ব নোৱাৰে। কিছুমান সংগঠনৰ এটাতকৈ অধিক লক্ষ্য থকিব পাৰে। এইক্ষেত্ৰত ৰাজনৈতিক দলবোৰৰ কথা উল্লেখ কৰিব পাৰি। এনে ৰাজনৈতিক দলসমুইৰ বহুতো লক্ষ্য থাকে। উদাহৰণস্বৰূপে, সমাজৰ উন্নতি সাধন কৰা; সামাজিক শান্তিপ্রতিষ্ঠা কৰা; অর্থনৈতিক উন্নয়নৰ কাৰণে বিভিন্ন কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ, সমাজত আইন-আৰু ন্যায় ব্যবস্থা প্ৰৱৰ্ত্তন, শিক্ষা দিশত উন্নতি সাধন, সমাজত শান্তি আৰু একতা স্থাপন কৰা ইত্যাদি। কিন্তু এই বিভিন্ন উদ্দেশ্যৰ মাজতো কিছুমান মূল লক্ষ্য নিহিত থাকে। এনে ক্ষেত্ৰত সময় সাপেক্ষে ৰাজনৈতিক ক্ষমতা দখল কৰিবলৈ চেষ্টা কৰাটোৱেই দলটোৰ প্ৰধান লক্ষ্য হ’ব পাৰে। এইদৰে দেখা যায় যে বিভিন্ন উদ্দেশ্য থকা সংগঠনসমূহৰ কেইটামান প্রধান লক্ষ্য থাকে। বেংক, দল, মহিলা সমিতি আদি সংগঠনসমূহৰ উদ্দেশ্য সীমিত। কেতিয়াবা সংগঠনৰ লক্ষ্যবোৰ সময় সাপেক্ষে হ্রস্বম্যাদী আৰু দীর্ঘম্যাদী হোৱা দেখা যায়। কিছুমান সংগঠনে দীর্ঘম্যাদী লক্ষ্যত উপনীত হ’বৰ বাবে হ্রস্বম্যাদী লক্ষ্য পূৰ্ণ কৰিবলগা হয়।

২। বিধি বা নিয়মাৱলী :- প্ৰতিটো সামাজিক সংগঠনৰে কিছুমান নির্দিষ্ট বিধি বা নিয়মাৱলী থাকে। এই নিয়মাৱলীৰ লগত সংগঠনৰ উদ্দেশ্য নিহিত হৈ থাকে। সংগঠনৰ দ্বাৰা আৰোপ কৰা এই বিধি বা নিয়মাৱলী সংগঠনৰ সকলো সদস্যই মানি চলে আৰু ইয়াক বাধ্যতামূলক বুলি গণ্য কৰা হয়। কৰ্ত্তব্য আৰ্দি বিতৰণ কৰা ইয়। তদুপৰি বিভিন্ন ব্যক্তিৰ মাজত পাৰস্পৰিক বুজাবুজিৰে আন্তসম্পর্ক স্থাপন আৰু যোগীযোগ ৰক্ষা কৰিবৰ বাবে কিছুমান নীতি নিয়ম নিৰ্দ্ধাৰণ কৰা হয়৷ নিয়মাৱলী লিখিত আৰু অলিখিত ৰূপত থাকিব পাৰে।, যেনে- কোনো এখন মহিলা সমিতিৰ নিয়মাৱলী লিখিত ৰূপত থাকিব পাৰে কিন্তু পৰিয়ালত তেনে কোনো লিখিত ৰূপ নাথাকে।

৩। সদস্যতা নিরূপণ (Membership Selection):- প্ৰতিটো সংগঠনৰে সদস্য অন্তর্ভুক্তিৰ কিছুমান নীতি আৰু পদ্ধতি থাকে। সদস্যতা লাভৰ বাবে যেনে- কোনো এটা ছাত্র সন্থা সগঠনত কেৱল বিদ্যালয়ত নিয়মীয়াকৈ অন্তর্ভুক্ত হোৱা শিক্ষাৰ্থীয়েহে সদস্য হ’ব পাৰে। তেনেকৈ এটা বিশেষ ৰাজনৈতিক দলৰ সদস্য হ’ব পাৰে। সেইদৰে সীমাহীনভাবে কোনো সংগঠনৰ সদস্যভূক্ত হৈ নাথাকে। কিছুমান সংগঠনৰ সদস্যপদ স্থায়ী আৰু কিছুমান অস্থায়ী হয়।

৪। আভ্যন্তৰীণ পৃথকীক ৰণঃ প্ৰতিটো শৃংগঠনৰ ব্যক্তিসকলৰ

মাজত কিছু আভ্যস্তৰীণ পৃথকীকৰণৰ ব্যৱস্থা থাকে। সদস্য সকলক কিছুমান নির্দিষ্ট প্রস্থিতি দিয়া হয়। এই প্ৰস্থিতি সমূহৰ প্ৰধান ভিত্তি হ’ল— কৰ্তৃত্ব সংগঠনৰ ব্যক্তিসকল সভাপতি, সম্পাদক, নিদের্শক, সদস্য আদি বিভিন্ন প্ৰস্থিতিত বিভক্ত হৈ থাকে। আৰু সেই অনুসৰিয়েই কৰ্তৃত্ব আৰু কৰ্ত্তব্যৰ বিভাজন কৰা হয়।

৫ । সম্পত্তি :- প্ৰতিটো সংগঠনৰে কিছুমান সম্পত্তি থাকে । যেনেঃ– বিদ্যালয়, মহাবিদ্যালয়, ৰাজনৈতিক দুল; যুৱক সংঘ:আদি সংগঠনৰ নিজস্ব কাৰ্য্যালয়, বিভিন্ন সম্পত্তি থাকে। 

2. What are the elements’ of social organisation: Briefly elaborate the different types of social organisation.

উত্তৰঃ সামাজিক সংগঠনৰ উপাদানসমূহ (Elements of Social organisation) সামাজিক সংগঠনৰ উপাদানসমূহ হ’ল—

১। এটা নির্দিষ্ট লক্ষ্য :- সংগঠনৰ সদস্যসকল এটা নির্দিষ্ট লক্ষ্য সাধনৰ বাবে সম্পর্কিত হয়। তেওঁলোকৰ লক্ষ্য সমূহৰ মাজত মিল থাকে। আৰু এই লক্ষ্য পূৰণৰ বাবে সামুহিক (Interest) থাকে। সামুহিক একতাৰ অবিহনে সংগঠনৰ পতন ঘটিব পাৰে। উদাহৰণস্বৰূপে এটা ৰাজনৈতিক দলৰ প্ৰত্যেকজন সদস্যই সামূহিকভাৱে দলটোৱে ক্ষমতা লাভ কৰাটো বিচাৰে। সেয়েহে সামাজিক সংগঠনৰ বাবে এক্যবদ্ধ বা সামুহিক লক্ষ্য থাকে।

২। প্ৰস্থিতিআৰু ভূমিকা :- এটা সংগঠনত প্ৰত্যেকজন ব্যক্তিৰে একোটা প্ৰস্থিতি থাকে আৰু সেই প্ৰস্থিতি অনুসৰিয়েই পালন কৰিবলগা একোটা ভূমিকা থাকে। উদাহৰণস্বৰূপে; এখন বিদ্যালয়ত প্রধান শিক্ষক, শিক্ষক, কাৰ্য্যালয়ৰ কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আদি থাকে, ব্যক্তিয়ে নিজস্ব ভূমিকা অনুযায়ীয়ে সামাজিক মূল্য লাভ কৰে।।।এনেদৰে নিৰ্দিষ্ট প্ৰস্থিতিত এটা নির্দিষ্ট ভূমিকা পালন কৰাটো সংগঠনৰ বাবে অতি প্রয়োজনীয়।

৩। প্ৰতিমান আৰু লোকাচাৰ :- প্ৰতিটো সংগঠনতে কিছুমান নিৰ্দিষ্ট প্রতিমান আৰু লোকাচাৰ থাকে। এই প্রতিমান আৰু লোকাচাৰৰ, দ্বাৰাই, সংগঠনৰ সদস্যসকলক, সামাজিকভাৱে নিয়ন্ত্ৰিত কৰা হয়।

সাংগঠনিক প্রতিমান মানি চলিলেহে সংগঠনটো বৰ্ত্তি থাকে।

৪। অনুশাসন :- প্ৰতিটো সংগঠনতে কিছুমান অনুশাসন থাকে আৰু এই অনুশাসন প্রতিমান অনুসৰি নিৰ্দ্ধাৰিত হয়। যদি কোনো লোকে প্রতিমান ভংগ কৰে তেন্তে তেওঁক অনুশাসনৰ দ্বাৰা শাৰীৰিক বা মানসিক শাস্তি বিধানৰ ব্যৱস্থা কৰা হয়, উদাহৰণস্বৰূপে; অনুশাসন ভংগ কৰিলে একোটা ৰাজনৈতিক দলৰ পৰা একোজন সদস্যক বহিষ্কাৰ কৰিব পাৰে। কেতিয়াবা কোনো কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বিত কৰিব পাৰে।

সামাজিক সংগঠনৰ প্ৰকাৰ :- সমাজশাস্ত্ৰ দৃষ্টিকোণৰ পৰা সামাজিক সংগঠনক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে। সেয়ে হল—

(ক) ঔপচাৰিক সংগঠন।

(খ) অনৌপচাৰিক সংগঠন।

(ক) ঔপচাৰিক সংগঠন (Formal Organisation) :- যি সংগঠন লিখিত কিছুমান বিধিৰ দ্বাৰা পৰিচালিত আৰু নিৰ্দিষ্ট খকোটা অথবা তাতোধিক লক্ষ্য পূৰণৰ বাবে একাধিক ব্যক্তিৰ লগলাগি গঠন কৰা হয় তাকে ঔপচাৰিক সংগঠন বোলা হয়।

যেনে ৰাজনৈতিক দল; বিত্তীয় সংস্থা, বিদ্যালয়, মহাবিদ্যালয়, নিগম ইত্যাদি।

(খ) অনৌপচাৰিক সংগঠন (Informal Organisation) :- আনহাতে অনৌপচাৰিক সংগঠন ওপচাৰিক সংগঠনৰ বিপৰীত ধর্মী সংগঠন সাধাৰণতে যিবোৰ সংগঠন অলিখিত বিধি বা, পৰম্পৰাগত ৰীতি-নীতিৰ ওপৰত নিৰ্ভৰ কৰি স্বতঃস্ফুর্তভাৱে সংগঠিত হয় তেনৈ সংগঠনক অনৌপচাৰিক সংগঠন বোলা হয়।

উদাহৰণস্বৰূপে পৰিয়াল, সামাজিক শ্রেণী, জনজাতি, জাতি, ধর্মীয়, সমুদায় ইত্যাদি।

ওপৰত আলোচনা কৰা সংগঠন দুটাৰ উপৰিও প্ৰখ্যাত লেখক মে ৱেবাৰৰ মতে সামাজিক সংগঠনক প্রধানকৈ চাৰিটা ভাগত ভাগ কৰিব –

(ক) পৰম নেতৃত্বাধীন ।

(খ) সামন্তীয় প্রশাসনমুক্ত ।

(গ) আধুনিক আমোলাতন্ত্র । 

(ঘ) বৃত্তীয় সংগঠন ।

(ক) পৰম নেতৃত্বাধীন সংগঠন :- কিছুমান সংগঠন এজন ব্যক্তিৰ পৰম ব্যক্তিত্বৰ নেতৃত্বত গঠন আৰু পৰিচালিত হয়। এনে পৰম ব্যক্তিত্ব সম্পন্ন ব্যক্তিজন এনে কিছুমান গুণৰ অধিকাৰী হয়:যাৰ বাবে তেওঁৰ কথা আৰু কামৰ ওপৰত সহকর্মীবোৰে গভীৰ আস্থা প্ৰদান কৰে। এনে ব্যক্তিৰ কথা আৰু কামৰ দ্বাৰাই অন্য কর্মীবোৰৰ কাৰ্য্যৱিলী আৰু আচৰণ প্ৰভাৱান্বিত হ’ব। তেনে ক্ষেত্ৰত সংগঠনৰ কাম-কাজবোৰ সুচাৰুৰূপে আৰু শৃংখলিতভাৱে পৰিচালিত হয়। ফলস্বৰূপে সংগঠনে নিজৰ লক্ষ্য সাধন কৰাটো সহজ-হৈ পৰে।

(খ) সামন্তীয় প্রশাসনীয় যুক্ত সংগঠন :- যি এনে সংগঠনে ব্যৱসায় প্রতিষ্ঠান-আদিয়ে উৎপাদন কৰা বস্তু নিজে বজাৰত বিক্ৰী নকৰি কিছুমান খুচুৰা ব্যৱসায় প্ৰতিষ্ঠানৰ জৰিয়তে বিক্ৰী কৰিব বিচাৰে। এনে প্ৰকৃতিৰ সংগঠনবোৰৰ পৰম্পৰাগত সামন্তীয় সংগঠনৰ লগত প্ৰায়ে সমন্ধ থকা দেখিবলৈ পোৱা যায়। মধ্যযুগত-ইউৰোপত সাধাৰণতে- সাধাৰণ কৃষক শ্ৰেণী মানুহে জমিদাৰসকলৰ পৰা মাটি লৈ খেতি কৰিছিল। কিন্তু কোনোধৰণৰ লিখিত চুক্তি তেওঁলোকৰ মাজত নাছিল কিন্তু দুয়োটা পক্ষৰ মাজত পাৰস্পৰিক বুজাবুজিয়ে পৰম্পৰাগত সম্পর্ক অটুট ৰাখিছিল। এনেধৰণৰ সমন্ধৰে সংগঠিত সামাজিক সংগঠনক সামন্তীয় প্রশাসনযুক্ত সংগঠন বুলি কোৱা হয়।

(গ) আধুনিক আমোলতন্ত্রীয় সংগঠন :- যিবোৰ সংগঠনত ব্যক্তিসকল অর্থাৎ সংগঠনৰ সদস্য বা কাৰ্য্যকৰী সকলৰ দ্বায়িত্ব, কৰ্তব্য আৰু কৰ্তৃত্ব কিছুমান নিয়ম আৰু উপনিয়মৰ দ্বাৰা স্পষ্টভাৱে নিৰ্দ্ধাৰণ কৰা হয় আৰু সেই অনুক্ৰমে ভূমিকা গ্ৰহণকাৰীসকলৰ প্ৰস্থিতি ক্রমাগতভাৱে নিৰ্দ্ধাৰণ কৰা হয়। সেইবোৰকেই আমোলতন্ত্রীয় সংগঠন বুলি কোৱা হয়। উদাহৰণস্বৰূপে— চৰকাৰৰ নিদের্শমতে প্ৰতিটো বিভাগ আৰু উপ-বিভাগবোৰত কোনে কি দায়িত্ব পালন কৰিব, কি কৰ্তব্য কৰিব আৰু কৰ্তৃত্ব কেনেধৰণে পালন কৰিব ইত্যাদি সম্পর্কে কিছুমান নির্দিষ্ট নীতি নিয়ম থাকে। ঠিক সেইদৰে প্ৰতিটো বিভাগৰ সকলো ব্যক্তিয়ে নিজৰ নিজৰ দায়িত্ব আৰু কৰ্ত্তব্যবোৰ নিয়াৰিকৈ পালন কৰে। তদুপৰি এনে সংগঠনৰ প্ৰতিটো বিভাগতে একোজন মুখ্য প্রশাসক থাকে। এই ব্যক্তিসকলৰ তলত বিভাগীয় শাখাৰ মুখ্য সহকাৰী থাকে আৰু তেওঁৰ লগত অন্যান্য সহকাৰী থাকে। ঠিক সেইদৰে কিছুমান নির্দিষ্ট বিধি দ্বাৰা তলৰপৰা ওপৰলৈ সামাজিক প্ৰস্থিতি আৰু ভূমিকা বিতৰণ কৰা হয়। সংগঠনৰ এই সকলোবোৰ কাৰ্য্য নিয়াৰিকৈ সমাধা কৰিবৰ বাবে কিছুমান বিশেষ বিধি আৰু উপবিধিৰ দ্বাৰা নিৰ্দ্ধাৰিত আৰু নিয়ন্ত্ৰিত কৰা হয়।

(ঘ) বৃত্তীয় সংগঠন :- যিবোৰ সামাজিক সংগঠন কেৱল বিশেষ বৃত্তিৰ ভিত্তিতগঠন কৰা হয়। তেনে সংগঠনক বৃত্তীয় সংগঠন বোলে। এনে ধৰণৰ সংগঠনবোৰ বিশেষ বৃত্তিৰ বাবে উপযুক্ত শিক্ষা বা প্রশিক্ষণ লৈ তেনে বৃত্তিত আত্মনিয়োগ কৰি থকা ব্যক্তিসকলৰ দ্বাৰাহে গঠিত। উদাহৰণস্বৰূপে— শিক্ষক সন্থা, ব্যৱসায়ী সন্থা:উকীল সন্থা ইত্যাদি। এনে সংগঠনত উপযুক্ত অর্হতা থকা ব্যক্তিয়েহে সদস্যপদ লাভ কৰিব পাৰে।

3. Discuss the needs and importance of social organisation.

উত্তৰঃ সংগঠনৰ গুৰুত্ব :- সামাজিক সংগঠনৰ বিশেষ কিছুমান গুৰুত্ব আছে সেইসমূহ তলত আলোচনা সামাজিক সংগঠন হ’ল এক বিশ্বজনীন সামাজিক সংস্থা। গতিকে সমাজৰ প্ৰতিজন ব্যক্তি এই সামাজিক সংগঠনতে জন্মগ্রহণ কৰি ডাঙৰ-দীঘল হৈ সমাজৰ বিভিন্ন দিশ সম্পর্কে জ্ঞান অর্জন কৰে। যিহেতু বৰ্ত্তমান অৱস্থাত কোনো ব্যক্তিয়েই সামাজিক সংগঠনৰ প্ৰভাৱৰ পৰা মুক্ত নহয়। আমি প্রত্যেকেই একোটা ৰাষ্ট্ৰীয় সংগঠনৰ মাজত জীয়াই আছো। চৰকাৰ প্ৰতিৰক্ষা, ন্যায় বিচার পদ্ধতি, আৰক্ষী, ৰাজনৈতিক দল আদি অনেক ধৰণৰ ৰাষ্ট্ৰীয় বা ৰাজনৈতিক সংগঠনৰ লগত জড়িত হৈ আমি জীৱন নিৰ্বাহ কৰি আছোঁ। সেয়ে এই সংগঠন বিলাকে ব্যক্তিৰ ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক,অর্থনৈতিক আদি নানা দিশত গুৰুত্বপূৰ্ণ প্রভাব পেলাই আহিছে।

তৃতীয়তে, যিবোৰ সংগঠনে, কাৰ্য্যসূচী আৰু দায়িত্ব বিভাজনৰ ওপৰত অতিমাত্ৰা গুৰুত্ব দিয়ে সেইবোৰ সংগঠনৰ কাম কৰা ব্যক্তিসকলে যন্ত্ৰৰ দৰে নিজৰ কৰ্তব্য আৰু দায়িত্ব পালন কৰিবলগীয়া হয়। সেইমতে ব্যক্তিসকলে নিজৰ মানসিকতা বা মনোভাৱ গঢ়ি তুলিবলগীয়া হয়। যেনে— প্ৰতিৰক্ষা, আৰক্ষী, ঔদ্যোগিক ইত্যাদি। এনেবোৰ সংগঠনে নিজৰ লক্ষ্য সাধনৰ বাবে সকলো দিশ সুস্পষ্টভাৱে নিৰ্দ্ধাৰণ কৰি দিয়ে আৰু নিদের্শনা অনুসৰি প্ৰত্যেক ব্যক্তিয়ে কাম কৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। সেয়েহে এনে সংগঠনত কাম কৰা ব্যক্তিসকল সাধাৰণতে নিয়মানুৱৰ্ত্তী, কৰ্ত্তব্যপৰায়ণ আদি গুণেৰে ভৰপুৰ হয়। এনেবোৰ দিশ বিশেষণ কৰিলে দেখা যায় যে সমাজৰ বিভিন্ন ব্যক্তিৰ আচাৰ-ব্যৱহাৰ, চিন্তা-চৰ্চা আৰুজীৱন নিৰ্বহৰ বিভিন্ন দিশ তথা ভাবাদৰ্শৰ ওপৰত সামাজিক সংগঠনে বিশেষ প্রভাব পেলায়।

চতুৰ্থতে, সামাজিক সংগঠনবোৰ জনসাধাৰণৰ প্ৰয়োজনীয়তাৰ বাবে সৃষ্টি কৰা হয়। বৰ্ত্তমান যিবোৰ সমাজ আধুনিক শিক্ষা, বিজ্ঞান, প্রযুক্তিবিদ্যা আদিৰ ক্ষেত্ৰত বিশেষভাৱে আগবঢ়া তেনেবোৰ সমাজত সংগঠন সংখ্যাও অধিক। এনেধৰণৰ বিভিন্ন সংগঠনৰ প্ৰভাৱে পৰম্পৰাগতভাৱে প্ৰচলিত হৈ অহা সংগঠনৰ ওপৰত প্ৰভাৱ পেলোৱাৰ লগতে সেইবোৰক সংস্কাৰ ঘটাই নতুন ৰূপত সৃষ্টি কৰিছে, যেনে শিক্ষা দিশত সম্প্ৰসাৰণ, নতুন আইন প্রণয়ন, সামাজিক প্রতিমান আদি পৰিৱৰ্তন সৃষ্টি কৰিছে।

পঞ্চমতে, সামাজিক সংগঠন সমূহে মানুহৰ আমোদ প্রমোদ, অৱসৰ বিনোদন ইত্যাদি দিশতো গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। খেলুৱৈ দল,আন আন সাংস্কৃতিক দলসমূহে শাৰীৰিক, মানসিক আদি দিশৰ উৎকৰ্ষ সাধনত সহায় কৰিছে।

4. Define social group. Point out the main fea tures of social group.

উত্তৰঃ সামাজিক দল বা সামাজিক সমূহৰ বিষয়ে বিভিন্ন সমাজতত্ত্ববিদসকলে বিভিন্ন সংজ্ঞা আগবঢ়াইছে।

মেক আইভাৰ আৰু পেজৰ মতে- “সমূহ বা দল বুলিলে আমি ব্যক্তিৰ যিকোনো এটি সংগঠনৰ কথাকেই বুজো, য’ত পৰস্পৰে সামাজিক সম্বন্ধত বান্ধ খাই থাকে।

ই. এচ. বগাদাছৰ মতে দল বা সমূহ দুজন বা তাতোধিক ব্যক্তিৰ সমষ্টি, য’ত কিছুমান উমৈহতীয়া সাৱধানতা থাকে, য’ত ইজনে সিজনক প্ৰেৰণা দিয়ে, য’ত উমৈহতীয়া উক্তি থাকে আৰু যি সমজাতীয় কার্যত অংশগ্ৰহণ কৰে তেনে ব্যক্তিৰ সমষ্টিয়ে হ’ল দল বা সমূহ ।”

হেৰি এম.জনছন ৰ মতে “সামাজিক আন্তক্রিয়া পদ্ধতিয়ে হ’ল সামাজিক দল।”

দলৰ বৈশিষ্ট্য :- সমাজতত্ত্ববিদ সকলৰ সামগ্রিক দৃষ্টিভংগীৰ আধাৰত সমূহ বা দলৰ প্ৰধান বৈশিষ্ট্য সমূহ তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি।

১। পাৰস্পৰিক সম্পৰ্ক :- সামাজিক দল একোটাৰ স্থিতিৰ মূলতে হ’ল ব্যক্তিৰ পাৰস্পৰিক সম্পৰ্কসমূহ একোটাৰ অন্তৰ্ভুক্ত হোৱা লোকসকলে এজনে আনজনৰ লগত সম্পর্ক গঢ়ি তুলিব লাগিব। এজনে আনজনক বুজি নাপালে পাৰস্পৰিকভাৱে সম্পর্কযুক্ত হৈ থকাৰ ভাবিব নোৱাৰি। অৱশ্যে সদস্যসকলৰ মাজত গঢ় লৈ উঠা সম্পর্ক প্রত্যক্ষ নাইবা পৰোক্ষ যিকোনো ধৰণৰ হ’ব পাৰে।

২। ব্যক্তিৰ সমষ্টি :- দল হৈছে ব্যক্তিৰ সমষ্টি। ব্যক্তি অবিহনে দল গঠন হ’ব নোৱাৰে। গতিকে ব্যক্তিৰ সমষ্টি হৈছে দলৰ আটাইতকৈ প্রয়োজনীয় বৈশিষ্ট্য।

৩। এটা নির্দিষ্ট লক্ষ্য :- যিকোনো সামাজিক সমূহৰে একোটা নির্দিষ্ট উদ্দেশ্য আৰু লক্ষ্য থাকে। যিহেতু সদস্যসকলৰ মাজত একোটা বিশেষ উদ্দেশ্য বা লক্ষ্য অবিহনে পাৰস্পৰিক সম্পৰ্কৰ দ্বাৰা এটা সমূহ সৃষ্টি হোৱা সম্ভৱ নহয়।

৪। একতাৰ ভাব :- সামাজিক দলৰ আন এটা প্রধান বৈশিষ্ট্য হৈছে সদস্যসকলৰ মাজত একতাৰ ভাৱ, সাধাৰণতে একোটা দলত প্রতিজন সদস্যই সমক্ষমতা সম্পন্ন নহয়। কিন্তু তথাপিও পাৰস্পৰিক বুজাবুজিৰ মাজেৰে ব্যক্তিগত কাৰ্য্যপ্রণালী সামুহিক দৃষ্টিভংগীৰে সমাধান কৰে।

৫। সহযোগিতা :- সহযোগিতাৰ আদৰ্শ সামাজিক দলৰ অন্য এক বৈশিষ্ট্য। প্রতিজন সদস্যই উমৈহতীয়া স্বাৰ্থ সুৰক্ষাৰ প্ৰতি সচেতন হোৱা বাবে সহযোগিতাৰ মাজেদি কাৰ্য্য সম্পাদন কৰিবলৈ চেষ্টা চলায়।

5. What are the different types of social group: 

উত্তৰঃ বিশিষ্ট সমাজ চিন্তাবিদ কুলেইয়ে সামাজিক দলক ‘প্রাথমিক দল’ (Primary Group), আৰু মাধ্যমিক দল (Secondary Group) এই দুটা ভাগত ভাগ কৰিছে। তলত এই ভাগ দুটাৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল—

প্রাথমিক দল :- প্রাথমিক দল সমাজৰ বাবে আটাইতকৈ প্ৰয়োজনীয় দল, পৰিয়াল, স্বজনীয় গোট (Kinship) খেলা ধূলাৰ সংগী আদিক প্রাথমিক দল হিচাপে আখ্যা দিয়া হয়। এইবিধ দলৰ সদস্যসকলৰ মাজত মুখামুখি গভীৰ হয়। আমেৰিকাৰ প্ৰখ্যাত লিখক চাৰ্লছ হাটন কুলেই সর্বপ্রথম প্রাথমিক দলৰ অৱধাৰণাটোৰ সৃষ্টি কৰে। তেওঁৰ বিখ্যাত গ্রন্থ “Social organisation” নামৰ গ্ৰন্থত প্রাথমিক দলৰ সম্পর্কত বিস্তৃত ব্যাখ্যা আগবঢ়াইছে। কুলেৰ মতে—প্রাথমিক দল হ’ল এনে কিছুমান ব্যক্তিৰ সমষ্টি, যিসকলে মুখামুখি সম্পর্ক, আন্তৰিকতা, আত্মীয়তা আদি ভাবেৰে একত্রিত হয় আৰু সহযোগিতাৰে সামাজিক সমন্ধৰে বান্ধ খাই থাকে।

মেক আইভাৰ আৰু পেজৰ মতে “প্রাথমিক সমূহ হ’ল সকলো সংগঠনৰে মূল তেওঁলোকৰ ব্যাখ্যা মতে প্রাথমিক সমূহ লোকাচাৰ উৎপাদন ক্ষেত্র ।”

মাধ্যমিক দলঃ যিবোৰ দলৰ সদস্যসকলৰ আন্তক্ৰিয়া আৰু সমন্ধ কিছুমান নিৰ্দ্ধাৰিত নিয়মৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু সেই মৰ্মে যি সকলৰ সমন্ধ নিৰ্ধাৰিত কামৰ ভিতৰত সীমিত তেনে দলকে মাধ্যমিক দল বোলা হয়। এইবিধ দল প্রাথমিক দলৰ বিপৰীতধর্মী চৰিত্ৰ প্ৰধান দল। মাধ্যমিক দলৰ আকাৰ প্ৰাথমিক দলৰ তুলনাত বৃহৎ আকৃতিৰ। এইবিধ দলৰ সদস্যসকলৰ মাজত মুখামুখি সমন্ধ পৰিলক্ষিত নহয় আৰু সমসন্ধৰ স্থায়ীত্বও দীর্ঘকালীন নহয় ।ইয়াত সদস্যসকলৰ মাজত কোনো পোনপটীয়া বা প্রত্যক্ষ সমন্ধ নাথাকে সেয়ে বিভিন্ন ক্ষেত্ৰত যোগাযোগৰ মাধ্যমেৰে সমন্ধ স্থাপন কৰা হয়। মাধ্যমিক দলৰ উদাহৰণ হ’ল-বিভিন্ন প্ৰকাৰৰ কাৰ্যালয়, সংঘ সমিতি, ক্লাব ৰাজনৈতিক দল আন্তর্জাতিক সংগঠন, পৰিষদ, নিগম ইত্যাদি।

বহু সমাজবিদে মাধ্যমিক দল সমন্ধে বিভিন্ন সংজ্ঞা আগবঢ়াইছে। অগবাৰ্ণ আৰু নিমকফৰ মতে—“আত্মীয়তাবিহীন জনসমষ্টিৰ গোটক মাধ্যমিক দল বোলা হয়।”

প্রখ্যাত লিখক কিংছলি ডেভিছৰ মতে- মাধ্যমিক দল হ’ল প্রাথমিক দলৰ সম্পূৰ্ণ বিপৰীতধর্মী দল। 

এই মাধ্যমিক দলসমূহৰ বিষয়ে বিভিন্ন সমাজতত্ত্ববিদসকলে বিভিন্ন ধৰণৰ সংজ্ঞা আগবঢ়ালেও সর্বজনবিদিত, সংজ্ঞা,কোনোৱেও আগবঢ়াব পৰা নাই।

6. Write short note.on

(a) Characteristics of primary group. 

Ans: প্রাথমিক দলৰ বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ’ল— 

১। আকাৰত সৰু :- প্রাথমিক দলসমূহৰ আকাৰ স্বাভাৱিকতে সৰু। পৰিয়াল প্রাথমিক দলৰ এক অন্যতম উদাহৰণ প্ৰাথমিক সমূহৰ মিলাপ্রীতি ভাৱ স্বাভাৱিকতে গভীৰ হয়।

২। উমৈহতীয়া উদ্দেশ্য :- প্রাথমিক দলৰ অন্যতম বৈশিষ্ট্য হৈছে উমৈহতীয়া উদ্দেশ্য। এই দল সম উদ্দেশ্যৰে গঢ় লৈউঠে। প্রত্যেক সদস্যই দলটোৰ উদ্দেশ্যৰ প্ৰতি অধিক সচেতন, এই সচেতনতই সদস্যসকলক সামূহিক উদ্দেশ্যৰে কাম কৰিবলৈ উৎসাহ আৰু প্ৰেৰণা যোগায়।

৩। ব্যক্তিবাচক সমন্ধ :- প্রাথমিক দলৰ সদস্যসকলৰ মাজত কোনো এটা দল গঢ় লৈ উঠাত ব্যক্তিৰ প্ৰস্থিতি আৰু ভূমিকা ওপৰত গুৰুত্ব দিয়াতকৈ সদস্যসকলৰ সম্পৰ্কৰ ওপৰতহে অধিক গুৰুত্ব দিয়া হয়। গতিকে এনে সমন্ধবোৰ স্বাভাৱিক আৰু অপৰিৱৰ্ত্তিত হয়। 

৪। প্রাথমিক দল বিশ্বজনীন :- প্রাথমিক দল বিশ্বৰ সকলো মানৱ সমাজতে বিদ্যমান। সেয়ে ইয়াক বিশ্বজনীন বুলি ক’ব পাৰি। 

৫। স্থায়ী সামাজিক সমন্ধ :- সম্পৰ্কৰ স্থায়িত্বতা প্রাথমিক দলৰ আন এটা মন কৰিবলগীয়া দিশ। অন্যান্য দলৰ দৰে প্ৰাথমিক দল সমূহৰ সদস্যসকলৰ মাজত গঢ় লৈ উঠা সম্পর্ক অল্পস্থায়ী নহয়। উদাহৰণস্বৰূপে পৰিয়ালৰ লোকসকলৰ মাজত যি সম্পর্ক গঢ় লৈ উঠে, সেই সম্পর্ক স্থায়ী প্ৰবৃত্তিৰ।

(b) Importance of primary group. 

উত্তৰঃ মানৱ সমাজত প্ৰাথমিক দলৰ গুৰুত্ব অসীম। সমাজৰ ব্যক্তিৰ আচাৰ-ব্যৱহাৰ, ধ্যান-ধাৰণা, জীৱনৰ আশা আকাংক্ষা ইত্যাদি প্রাথমিক দলৰ প্ৰভাৱতেই গঢ় লৈ উঠে। প্ৰথমতে পৰিয়াল তাৰ পিছত সমনীয়া বন্ধুবৰ্গ, আত্মীয়-স্বজন ইত্যাদিৰ প্ৰভাৱত মানুহে ভাষা, ধর্ম, নৈতিক জ্ঞান, সামাজিক মূল্য, প্রতিমান আদি আহৰণ কৰে।

দ্বিতীয়তে, মানুহৰ ব্যক্তিগত জীৱনৰ আশা-আকাংক্ষা আদি প্রাথমিক দলৰ প্ৰভাৱতেই গঢ় লৈ উঠে। প্ৰথমতে পৰিয়ালৰ সংস্পৰ্শত তাৰ পিছত সমনীয়া বন্ধু বান্ধৱ আত্মীয়স্বজন ইত্যাদিৰ প্ৰভাৱত মানুহে ভাষা, ধর্ম, নৈতিক জ্ঞান, সামাজিক মূল্য ইত্যাদি আহৰণ কৰে। এই দলৰ প্ৰভাৱতেই মানুহৰ নিজৰ ব্যক্তিগত জীৱনৰ আশা আৰু আদৰ্শ বিচৰা ধৰণে গঢ়ি তোলে। সমাজত ভাল আৰু বেয়া অথবা নানান ধৰণৰ অপৰাধমূলক কার্যকলাপ নিয়ন্ত্ৰণ কৰাত প্ৰাথমিক দলে বিশেষ বৰঙণী যোগায়।

তৃতীয়তে, পৰিয়াল তথা প্রাথমিক দলৰ সুস্থ প্ৰভাৱৰ ফলতে দলৰ বা পৰিয়ালৰ সন্তানসকলক সমাজৰ একোজন সুস্থ সামাজিক ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰি। এনে দলৰ প্ৰভাৱতে ব্যক্তিৰ ব্যক্তিত্ব বিকাশ সাধন সম্ভৱপৰ হৈ উঠে।

চতুৰ্থতে, প্রাথমিক দলে যিকোনো ব্যক্তিৰ জীয়াই থকাৰ বাবে প্রয়োজনীয় সকলো মৌলিক আশা পূৰণ কৰাত সহায় কৰে, ডব্লিউ.আই. থমাচ আৰু ফ্লৰিয়ান জেনেকীয়ে তেওঁলোকৰ “The police peasant in Europe and America” গ্ৰন্থত উল্লেখ কৰা চাৰিটা মৌলিক আশা পূৰণ কৰাৰ ক্ষেত্ৰত প্রাথমিক দলে বিশেষ ভূমিকা গ্ৰহণ কৰে। উল্লেখযোগ্য যে এই চাৰিটা আশা সম্পূৰ্ণ নহ’লে মানুহে সমাজত জীয়াই থকাৰ কথা কল্পনাই কৰিব নোৱাৰে।

পঞ্চমতে,প্রাথমিক দলক সমাজৰ সংস্কৃতিৰ মূল গোট আৰু সংস্কৃতিৰ প্ৰেৰক বুলি ক’ব পাৰি। অতীতৰ সাংস্কৃতিক পৰম্পৰাক সংৰক্ষণ কৰি ভৱিষ্যতৰ পুৰুষৰ হাতত অৰ্পণ কৰাত প্ৰাথমিক দলে বিশেষ ভূমিকা গ্রহণ কৰে।

7 ‘What is social disorganization Discuss the main characteristics of social disorganisation.

উত্তৰঃ সামাজিক বিঘটন বা সামাজিক বিশৃংখলতা সামাজিক সংগঠনৰ এটা বিপৰীতমুখী প্ৰক্ৰিয়া। এখন সমাজ বিভিন্ন সামাজিক সমন্ধৰে গঠিত, এখন সংগঠিত সমাজত এই সমন্ধবোৰৰ মাজত এক শৃংখলা দেখা যায়। কিন্তু কেতিয়াবা কোনো কাৰণত এই সামাজিক সমসন্ধৰ মাজত বেমেজালিৰ সৃষ্টি হয় আৰু তাৰ ফলস্বৰূপে সামাজিক বিশৃংখলতাই গা কৰি উঠে। এখন সংগঠিত সমাজত অভ্যাস, প্রতিষ্ঠিত পৰম্পৰা, সংস্থা, সংগঠন আদিক সমাজৰ মূল কাৰক হিচাপে চিহ্নিত কৰা হয়। কিন্তু এখন বিশৃংখল সমাজত এই মূল কাৰক সমূহ বিশৃংখল যেন দেখা যায়। প্রত্যেকজন সমাজতে প্রত্যেকজন ব্যক্তিৰে এটা নিজস্ব মর্যদা আছে, তাৰ লগতে তেওঁলোকৰ এটা নির্দিষ্ট ভূমিকাও আছে। যেতিয়া প্রত্যেকজন মানুহে তেওঁলোকৰ ভূমিকা সন্তোষজনকভাবে সম্পন্ন কৰে- তেতিয়া- এখন ‘সংগঠিত সমাজৰ সৃষ্টি হয়। বিপৰীতক্রমে যদি এখন সমাজত এনে ভূমিকা যথোচিতভাবে সম্পাদন কৰিব নোৱাৰে, তেতিয়াই সমাজিক বিশৃংখলতাৰ সৃষ্টি হয়। এনে পৰিস্থিতিত মানুহে নিজৰ কৰ্ত্তব্য পাহৰি পেলায়, সামাজিক আইন উলংঘা কৰে, সামাজিক আদৰ্শ:সমূহৰ অৱনতি ঘটে আৰু সমগ্ৰ সমাজৰ গাঁথনি সমূহ ভীষণ

বিশৃংখলতালৈ ৰূপান্তৰিত হয়। সামাজিক বিশৃংখলতা সম্পর্কে বিভিন্ন সমাজতত্ত্ববিদ সকলে আগবঢ়োৱা সংজ্ঞা তলত উল্লেখ কৰা হ’ল–

এলিয়ট আৰু মেৰিল্লিৰ মতে—“সামাজিক বিশৃংখলতা হৈছে এটা প্ৰক্ৰিয়া য’ত গোটৰ সদস্যসকলৰ, পাৰস্পৰিক সম্বন্ধৰ অৱনতি অথবা নাশ হোৱা দেখা যায়।”

আৰ, ই. আই. ফেৰিছৰ মতে— সামাজিক বিশৃংখলতাই মানৱীয় সমন্ধৰ আৰ্হি আৰু প্ৰক্ৰিয়াসমূহত বাধাৰ সৃষ্টি কৰে।

সামাজিক বিশৃংখলতাৰ বৈশিষ্ট্যসমূহঃ সামাজিক বিশৃংখলতাৰ প্ৰধান বৈশিষ্ট্য সমূহ তলত আলোচনা কৰা হ’ল –

১। লোকৰীতি আৰু সংস্থাৰ সংঘাত :- প্রত্যেক সমাজৰে কিছুমান লোকৰীতি আছে। সেয়ে সমাজত প্ৰচলিত এই লোকৰীতি আৰু সংস্থাৰ গঠনে সকলো সদস্যৰে জীৱন সংগঠিতভাবে আগবাঢ়ি যোৱাত সহায় কৰে। কিন্তু সময়ৰ লগে লগৈ এই লোকৰীতি আৰু সংস্থাবোৰ আওপুৰণি আৰু অপ্রচলিত হৈপৰে আৰু সমাজৰ কোনো ব্যক্তিৰে প্ৰয়োজনীয়তাসমূহ পুৰণ কৰিব নোৱাৰে। ইয়াৰ ফলত নতুন লোকৰীতি গঠন হয় আৰু সমাজখন বিভিন্ন ধৰণৰ সমষ্টিত বিভক্ত হৈ পৰে। আৰু ফলত সামাজিক বিশৃংখলতাৰ সৃষ্টি হয়। সাধাৰণতে এনে প্ৰক্ৰিয়া আধুনিক সমাজত দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে আমি জাতিভেদ প্ৰথাক সমালোচনা কৰাৰ পৰিৱৰ্তে বহুতে ইয়াক সমৰ্থন কৰাও দেখা যায়। জাতিপ্ৰথাক নাইকিয়া কৰাৰ বিপৰীতে বিভিন্ন বিভাগৰ নিয়োগৰ ক্ষেত্ৰত এই প্ৰথাক আগভাদ দিওঁ, বিবাহবিচ্ছেদ, পৰিকল্পনা, প্রেমবিবাহ, যৌথ পৰিয়াল ব্যৱস্থা, স্ত্রীশিক্ষা, বিধৱা বিবাহ, শিক্ষা আদিৰ ক্ষেত্ৰত বিভিন্ন মতভেদ দেখা যায়। এনে মতভেদে সামাজিক বিশৃংখলতাৰ সৃষ্টি কৰাত যথেষ্ট অৰিহণা যোগাইছে।

২। এটা গোটৰ পৰা আন এটা গোটলৈ কৰ্মৰাজিৰ স্থানান্তৰিতকৰণ :- এখন-সুশৃংখলিত সমাজত ইয়াৰ পৰিৱৰ্ত্তন হোৱা দেখা যায়।। উদাহৰণস্বৰূপে পৰিয়াল ব্যৱস্থাত বিশেষকৈ সন্তানসকলৰ সকলো দায়িত্ব পিতৃ-মাতৃৰ পৰা নাচাৰী আৰু আন আন অনুষ্ঠানসমূহলৈ স্থানান্তৰিত হৈছে। চাকৰিয়াল পিতৃ-মাতৃৰ সন্তানৰ দায়িত্ব, শিশুঘৰ আদি বিভিন্ন অনুষ্ঠানলৈ স্থানান্তৰিত হৈছে। ইয়াৰ ফলত পৰিয়াল ব্যৱস্থাত বিশৃংখলতাৰ সৃষ্টি হৈছে। সেয়ে এটা-গোটৰ পৰা আন এটা গোটলৈ হোৱা কৰ্মৰাজিৰ স্থানাস্তৰকৰণ সামাজিক বিশৃংখলতাৰ এটা বিশেষ বৈশিষ্ট্য।

৩। ব্যক্তিবাদীতা :- সামাজিক বিশৃংখলতাৰ আন-এটা প্রধান বৈশিষ্ট্য হৈছে ব্যক্তিবাদীতা। বর্ত্তমান সমাজত ব্যক্তিসকলৰ মাজত আত্মকেন্দ্ৰীকতাই গা কৰি উঠিছে। সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে জীৱনৰ সকলো প্রয়োজনীয় দিশ নিজৰ দৃষ্টিৰে চাবলৈ লৈছে। ব্যক্তিগত আৰু একান্তই পাৰিবাৰিক দিশসমূহো সকলোৱে নিজা দৃষ্টিভংগীৰে সিদ্ধান্ত ল’বলৈ ধৰিছে। জীৱনৰ প্ৰয়োজনীয় দিশসমূহ যেনে— বিবাহ, জীৱিকা, নৈতিকতা আদি ক্ষেত্ৰত ব্যক্তিগতভাৱে লোৱা সিদ্ধান্তসমূহে পাৰিবাৰিক সমস্যাৰ সৃষ্টি কৰাৰ ফলত সামাজিক বিশৃংখলতাৰ সৃষ্টি হৈছে।

৪। ব্যক্তিৰ ভূমিকা আৰু মৰ্যদাৰ পৰিৱৰ্তন :- এখন সুংগঠিত সমাজত এজন ব্যক্তিৰ ভূমিকা আৰু মৰ্যাদা নিৰ্দ্ধাৰিত হৈ থাকে আৰু সেই অনুসৰিয়েই তেওঁ নিজস্ব দায়িত্ব সূচাৰুৰূপে পালন কৰে প্ৰাচীন সমাজ এনেধৰণৰে সু-সংগঠিত আছিল কিন্তু বর্তমান সমাজত এজন ব্যক্তিৰ প্ৰস্থিতিৰ পৰিৱৰ্তনৰ লগে লগে তেওঁৰ ভূমিকা আৰু সামাজিক মৰ্যদাৰো পৰিৱৰ্তন ঘটিছে, উদাহৰণস্বৰূপে প্ৰাচীন কালত মহিলাসকল ঘৰুৱা কাম-কাজত ব্যস্ত আছিল কিন্তু বর্ত্তমান-এই ব্যৱস্থাৰ পৰিৱৰ্ত্তন ঘটিছে। বৰ্ত্তমান মহিলাসকল চাকৰিজীৱি হোৱাৰ বাবে তেওঁলোকৰ পৰিয়াল ব্যৱস্থাত আমূল পৰিৱৰ্ত্তন ঘটিছে, ভাৰত চৰকাৰে বৰ্ত্তমান পিছপৰা জাতিসমূহৰ উন্নয়নৰ বাবে বিশেষ ব্যৱস্থা হাতত লৈছে। এনে বিভিন্ন পৰিস্থিতিয়ে সামাজিক বিশৃংখলতাৰ সৃষ্টি কৰাত প্ৰভূত অৰিহণা যোগাইছে। গতিকে ব্যক্তিৰ ভূমিকা আৰু মৰ্য্যদাৰ পৰিৱৰ্ত্তন হৈছে সামাজিক বিশৃংখলতাৰ এটা অন্যতম বৈশিষ্ট্য।

8. Define social disorganization.

উত্তৰঃ সামাজিক বিশৃংখলতা সম্পর্কে বিভিন্ন সমাজতত্ত্ববিদ সকলে আগবঢ়োৱা সংজ্ঞা তলত উল্লেখ কৰা হ’ল। এলিয়ট আৰু মেৰিল্লিৰ মতে—“সামাজিক বিশৃংখলতা হৈছে এটা

প্ৰক্ৰিয়া য’ত গোটৰ সদস্যসকলৰ, পাৰস্পৰিক সম্বন্ধৰ অৱনতি অথবা নাশ হোৱা দেখা যায়।”

আৰ, ই. আই. ফেৰিছৰ মতে— সামাজিক বিশৃংখলতাই মানৱীয় সমন্ধৰ আৰ্হি আৰু প্ৰক্ৰিয়াসমূহত বাধাৰ সৃষ্টি কৰে।

9. Elucidate the meaning of equality of educational opportunity as it applies to primary, secondary and higher education.

উত্তৰঃ এখন গণতন্ত্রৰ সফলতা নিৰ্ভৰ কৰে সেই দেশৰ জনসাধাৰণে লাভ কৰা শিক্ষাৰ প্ৰসাৰতাৰ ওপৰত। ঠিক একেদৰে প্রত্যেক জাতি, ধর্ম, বর্ণ সম্প্ৰদায়ৰ ব্যক্তিসকলে অর্থাৎ সার্বজনীনভাৱে সা-সুবিধা লাভ কৰাটোও গণতন্ত্ৰৰ এক মূল লক্ষ্য আৰু উদ্দেশ্য। শিক্ষাৰ ক্ষেত্ৰত সম সা-সুবিধা বিতৰণৰ সন্দৰ্ভত ১৯৬৪-৬৬ চনৰ শিক্ষা আয়োগে এনেদৰে মত পোষণ কৰিছিল— “শিক্ষাৰ সামাজিক লক্ষ্য হ’ল প্রত্যেক পিছপৰা শ্ৰেণীৰ লোককে শিক্ষাৰ ক্ষেত্ৰত সম সা সুবিধা বিতৰণ কৰি তেওঁলোকৰ অৱস্থাৰ উন্নতিকৰণত সহায় কৰা। সমাজৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ মাজত সামাজিক ন্যায় প্রতিষ্ঠাৰ যোগেদি তেওঁলোকৰ অন্তনিৰ্হিত প্রতিভা বিকাশত সহায় কৰা আৰু দেশৰ অৰ্থনৈতিক উন্নয়নত সফলভাৱে কৃতকার্যতা লাভ কৰি জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাত শিক্ষাৰ ভূমিকা অতীব গুৰুত্বপূৰ্ণ। সেয়েহে প্রত্যেককে সম সা-সুবিধা বিতৰণ কৰাত বৰ্তমান নিতান্তই আৱশ্যক হৈ পৰিছে। এখন সমতাপূর্ণ সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত আৰু সমাজৰ দুৰ্বল শ্ৰেণীৰ পিছপৰা লোকসকলৰ সৰ্বতোমুখী বিকাশৰ ক্ষেত্ৰত এই সম সুযোগ সুবিধা বিতৰণে কিদৰে অৰিহণা যোগাইছে তাক বঢ়াই নক’লেও হ’ব।

শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন প্ৰকাৰে অসমতো সৃষ্টি হ’ব পাৰে। বিভিন্ন ঠাইৰ প্ৰাথমিক, মাধ্যমিক আৰু মহাবিদ্যালয়ৰ পৰ্যায়ৰ অনুন্নতিৰ আমি দেখা পাওঁ যে বহুতো ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ প্ৰয়োজনীয় সা সুবিধা পৰা বঞ্চিত হোৱা পৰিলক্ষিত হয় কিছুমানে সেই একেই সুবিধা যেনে বিদ্যালয়ত জলপানিৰ ব্যৱস্থাৰ ক্ষেত্ৰত থকা সুবিধা লাভ কৰে আৰু অন্য কিছুমানে সেই বিলাকৰ পৰা বঞ্চিত হয়। অর্থাৎ প্রাথমিক, মাধ্যমিক আৰু মহাবিদ্যালয়ৰ স্থাপনৰ ক্ষেত্ৰত দেখা দিয়া অসুবিধা ইয়াৰ এক মূল কাৰণ। ঠিক একেদৰে শিক্ষাৰ ক্ষেত্ৰত অসমতাৰ অন্য এক কাৰণ হিচাপে আমি দৰিদ্ৰতাৰ কথা আঙুলিয়াব পাৰি আমাৰ সমাজ উন্নতি দিশেদি ধাৱমান হৈছে সঁচা কিন্তু এতিয়াও বিভিন্ন ঠাইত দৰিদ্ৰতাৰ সমস্যাই গা কৰি উঠিছে। সমাজৰ বেছিভাগ লোকৰে অৱস্থা এতিয়াও শোচনীয় যদিওবা চৰকাৰে এই ক্ষেত্ৰত বিভিন্ন পদক্ষেপ লৈছে তথাপিও আমাৰ সমাজৰ পৰা দৰিদ্ৰতাৰ আঁতৰ হোৱা নাই। ইয়ো এই ক্ষেত্ৰত এক ঘাই কাৰণ বৰ্তমান প্রতিযোগিতামূলক যুগত আৰু শিক্ষাৰ ক্ষেত্ৰত নতুনকৈ গঢ় লৈ উঠা ব্যক্তিগতকৰণৰ ধাৰাই দুখীয়া বা পিছপৰা ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ ক্ষেত্ৰত সম সুবিধা প্রদান কৰাত পথ লৈছে।

শিক্ষাৰ ক্ষেত্ৰত সম সা-সুবিধা বিতৰণৰ ক্ষেত্ৰত দেখা দিয়া অসুবিধাৰ অন্য এক কাৰণ হৈছে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ মানদণ্ড। উদাহৰণস্বৰূপে, যিবিলাক বিদ্যালয়ত সকলো সা-সুবিধা, ছাত্র ছাত্ৰীক প্ৰদান কৰা হয়, উপযুক্ত প্রশিক্ষণপ্রাপ্ত শিক্ষক, শিক্ষাদানৰ পদ্ধতি, অনুশাসন শিক্ষকৰ ভূমিকাৰ ওপৰত সেই বিদ্যালয় বা অনুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলৰ কৃতকাৰ্যতা নিৰ্ভৰশীল তাৰ বিপৰীতে অনুন্নত ঠাইৰ ল’ৰা-ছোৱালীয়ে এনে সা-সুবিধাৰ পৰা বঞ্চিত হোৱাৰ ফলত তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত এক বিৰাট অসমতাই দেখা দিছে।

ইয়াৰোপৰি শিক্ষাৰ ক্ষেত্ৰত অসমতাৰ অন্য এক কাৰণ হ’ল ঘৰৱা পৰিৱেশ। যিখন ঘৰৰ অভিভাৱক আৰু পৰিয়ালৰ সদস্যসকল অতি সচেতন আৰু নিজৰ সন্তানৰ সু-শিক্ষাৰ বাবে সদায়েই চিন্তা চৰ্চাত ব্রতী হয়, তেনে পৰিয়ালৰ ল’ৰা-ছোৱালীয়ে শিক্ষাৰ ক্ষেত্ৰত সফলতা অর্জন কৰি আগবাঢ়ি যাব পাৰে। অন্যহাতেদি অভিভাৱকৰ সচেতনহীনতাই আৰু শিক্ষাৰ অভাৱে নিজৰ সন্তানৰ শিক্ষাৰ অগ্ৰগতিৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে। এক কথাত ক’বলৈ গ’লে জীৱন ধাৰণৰ মানদণ্ডই শিক্ষাৰ ক্ষেত্ৰত অসমতা সৃষ্টিত প্ৰভাৱ পেলায়। ল’ৰা সন্তান আৰু ছোৱালী সন্তানৰ মাজত পাৰ্থক্য বিচাৰৰ কাৰণেও শিক্ষাৰ ক্ষেত্ৰত অসমতা সৃষ্টি কৰিছে। শিক্ষাৰ ক্ষেত্ৰত অসমতা দূৰীকৰণ নহ’লে আমি এখন সমতাপূর্ণ সমাজ প্রতিষ্ঠাৰ ক্ষেত্ৰত আগবাঢ়ি যাব নোৱাৰোঁ। প্রাথমিক পৰ্যায়ৰ শিক্ষাৰ ক্ষেত্ৰত সমতা স্থাপন :

মানৱ শিশুৰ মৌলিক বা মূল শিক্ষাই হ’ল প্রাথমিক বিদ্যালয়ত লাভ কৰা শিক্ষা। অন্য অৰ্থত ক’বলৈ গ’লে প্রাথমিক পর্যায়তে শিক্ষাৰ ভেঁটি গঢ় লৈ উঠে। প্রাথমিক পৰ্যায়ৰ শিক্ষাই ব্যক্তিৰ মৌলিক প্ৰয়োজনীয়তাসমূহ পূৰণত সহায় কৰে। সেয়েহে সংবিধানৰ ৪৫ নং অনুচ্ছেদ অনুসৰি ৬ বছৰৰ পৰা ১৪ বছৰ বয়সৰ সকলো শিশুকে বিনামূলীয়া আৰু বাধ্যতামূলক প্রাথমিক শিক্ষা প্রদানত গুৰুত্ব আৰোপ কৰা হৈছে।

গতিকে সকলোকে সমান সুবিধা দিবৰ কাৰণেই সকলো শিশুকে সার্বজনীন বাবে বিনামূলীয়া আৰু বাধ্যতামূলক প্রাথমিক শিক্ষা প্রদানত গুৰুত্ব দিয়া হৈছিল। বর্তমান সময়ত চৰকাৰে প্ৰৱৰ্তন কৰা বিভিন্ন ধৰণৰ আঁচনিসমূহৰ যোগেদি প্রাথমিক শিক্ষা সৰ্বজনীন কৰাত-গুৰুত্ব আৰোপ কৰা হৈছে। যেনেঃ- সর্বশিক্ষা মিছন। মাধ্যমিক পর্যায়ত শিক্ষাৰ ক্ষেত্ৰত 

সমতা :- কেৱল প্ৰাথমিক পৰ্যায়ৰ শিক্ষাৰ ক্ষেত্ৰত সমতা হ’লেই নহ’ব,ভাৰতৰ দৰে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ সবলতাৰ বাবে মাধ্যমিক পৰ্যায়ৰ শিক্ষাতো সমতাকৰণ হ’ব লাগিব। পাঠ্যক্ৰমৰ পৃথকীকৰণে মাধ্যমিক পৰ্য্যায়ৰ শিক্ষাৰ ক্ষেত্ৰত সম সুবিধা প্রদানত সহায় কৰে। বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীসকলৰ আগ্ৰহ, অভিৰুচি, প্ৰৱণতা আৰু প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ব্যক্তিত্ব বিকাশৰ বাবে মাধ্যমিক পৰ্যায়ত এনে পাঠ্যক্রম প্ৰৱৰ্তনৰ প্ৰয়োজনীয়তা আমি নুই কৰিব নোৱাৰো। সকলোকে সমান সুবিধা প্ৰদান কৰিবৰ বাবে আৰু বিভিন্ন প্ৰকাৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰয়োজনীয়তাসমূহ পূৰণৰ বাবে এনে পাঠ্যক্ৰমৰ প্ৰধানকৈ শিক্ষাৰ ক্ষেত্ৰত সমান সুবিধা প্রদানত গুৰুত্ব দিয়ে। 

শিক্ষাৰ অসমতাৰ কাৰণসমূহ :- শিক্ষাত সমতাৰ ধাৰণাটো অহাৰ মূল কাৰণটো হৈছে শিক্ষাত দেখা দিয়া অসমতা দূৰীকৰণৰ প্ৰচেষ্টা বিভিন্ন কাৰণ বা কাৰকে শিক্ষাৰ অৰাজকতাৰ সৃষ্টি কৰে। সেই কাৰণসমূহ এনেধৰণৰ

১। সামাজিক কাৰণ :- সমাজ ব্যক্তিৰেই সৃষ্টি। সমাজ ভেদে ব্যক্তিৰ অস্তিত্বও বেলেগ বেলেগ, শিক্ষাত অসমতাৰ সৃষ্টি হোৱা এক উল্লেখনীয় কাৰণ হৈছে সামাজিক বিভিন্নতা, সামাজিক কু-সংস্কাৰ বিলাকৰ ফলত বহুসমাজত এতিয়াও নাৰী শিক্ষাই গা-কৰি উঠিব পৰা নাই। ব্যক্তি ভিন্নত। আৰু ভিন্ন ব্যক্তিৰ ভিন্ন ‘চিন্তাৰ কাৰণেও শিক্ষাত সমতা ৰক্ষাত বাধাৰ সৃষ্টি হয়।

২। অর্থনৈতিক অৱস্থা :- অর্থনৈতিক ভিন্নতাৰ ফলতেই সমাজত ধনী আৰু দুখীয়া বুলি দুটা শ্ৰেণীৰ সৃষ্টি হৈছে বিয়ে নেকি শিক্ষতো অসমতাৰ সৃষ্টিত অৰিহণা যোগাইছে। অর্থনৈতিকভাৱে পিছপৰা বহুলোকে শিক্ষাৰ এক উপভোগ বুলি গণ্য কৰি নিজৰ ল’ৰা-ছোৱালীক শিক্ষাৰ পৰা বঞ্চিত কৰি অৰ্থ উপার্জনত নিয়োগ কৰে।

৩। সাক্ষৰতাৰ বৈষম্য :- সমগ্ৰ দেশৰ প্ৰতিখন ঠাইতে এতিয়াও ১০০ শতাংশ সাক্ষৰতা হোৱাগৈ নাই। সকলো ব্যক্তি এতিয়াও সাক্ষৰ হৈ উঠাগৈ নাই। সিও শিক্ষাৰ অসমতাৰ এক কাৰণ।

৪। ব্যক্তিগত শিক্ষানুষ্ঠানৰ স্থাপন :- বৰ্তমান শিক্ষাৰ গুণগত মান উন্নয়নৰ কাৰণে ব্যক্তিগত অনুষ্ঠানৰ স্থাপন কৰা হৈছে যদিও ই শিক্ষাত অসমতাৰ সৃষ্টি কৰিছে। ব্যক্তিগত শিক্ষানুষ্ঠানে সমাজত ধনী আৰু দুখীয়াৰ প্ৰভেদটো স্পষ্ট কৰি দিছে।।

৫। পিছপৰা অঞ্চলত শিক্ষকৰ অভাৱ :- সমাজৰ পিছপৰা অঞ্চলবিলাকত, পাহাৰীয়া অঞ্চলত, অনুসূচীত জাতি-জনজাতিৰ লোকৰ বাসস্থান সমূহত উপযুক্ত প্রশিক্ষণপ্রাপ্ত শিক্ষকৰ অভাৱ ইয়ো শিক্ষাত অসমতাৰ এক কাৰক।

10. What do you mean by equality of educational opportunity Discuss the objectives of equalisation of educational opportunities for th SC/ST

উত্তৰঃ বৰ্তমান শিক্ষাৰ ক্ষেত্ৰত সম সা-সুবিধা বিতৰণক এনেদৰে ব্যাখ্যা কৰিব পাৰি— is the opportunity to start together, to benefit from taggerec. starts, to rien on the same track, and to rien or progress together.”

ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মতে (NPE 1986) “শিক্ষাৰ ক্ষেত্ৰত সম

সা-সুবিধা মানে সকলোকে সমান সুবিধা প্ৰদান কৰা কেৱল মাত্ৰ অতিৰিক্ত সুযোগ দিয়াই নহয় কৃতকাৰ্যতাৰ বাবে অৱস্থাৰ

উন্নতি/সফলতাৰ বাবে কোনো বিশেষ অৱস্থাকে সূচায়।” 

(To provide for equal opportunity to all not only in a access but all in the conditions for success.)

শৈক্ষিক সা-সুবিধাৰ ক্ষেত্ৰত সমতাকৰণক আমি এনেদৰেও ব্যাখ্যা কৰিব পাৰো যে ভৌতিক সা-সুবিধা যেনেঃ-বিদ্যালয়ত শিক্ষণীয় সা সঁজুলিৰ যোগান, শিক্ষক নিযুক্তি, পাঠ্যক্ৰমৰ সংস্কাৰ সাধন, দুখীয়া, দুৰ্বল শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক সমানভাৱে অতিৰিক্ত সা-সুবিধা প্ৰদান কৰা।

আমি উপৰোক্ত সংজ্ঞাসমূহৰ পৰা এটা কথা ক’ব পাৰো যে শিক্ষাৰ ক্ষেত্ৰত সম সা-সুবিধা বিতৰণে সকলো লোককে শিক্ষাৰ ক্ষেত্ৰত নিম্নতম যিখিনি সুবিধা তাক সমানভাৱে কোনো উচ্চ-নীচ নাভাবি প্ৰদান কৰাকে বুজায় যেনেঃ-নতুন নতুন বিদ্যালয় স্থাপন কৰি সম দুৰত্বতে শিশুবিলাকৰ যোগাযোগৰ ক্ষেত্ৰত কোনো অসুবিধা নোহোৱাকৈ সুবিধা দিয়া, সকলো জাতি, ধর্ম লোককে বিদ্যালয়ত নামভৰ্ত্তিৰ ক্ষেত্ৰত কোনো পার্থক্য নথকাকৈ সুবিধা দিয়া, অপচয় অনুন্নয়ৰ সমস্যা ৰোধ কৰি বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ হাৰ বৃদ্ধি কৰা, অনানুষ্ঠানিক শিক্ষাৰ প্ৰৱৰ্তন (যিবিলাকে বিদ্যালয়লৈ যোৱাৰ সুবিধা নাপালে বা যিবিলাক বিভিন্ন কাৰণত বিদ্যালয়ত গৈ শিক্ষা লাভৰ পৰা বঞ্চিত হৈছে।) এনেদৰে বিভিন্ন সুযোগ সুবিধা প্রদান কৰাকে শিক্ষাৰ ক্ষেত্ৰত সমতা বুলি বুজা যায়। অনুসূচিত জাতি আৰু জনজাতীয় লোকসকলৰ শিক্ষাৰ ক্ষেত্ৰত সম-সুবিধা বিতৰণৰ উদ্দেশ্যঃ

(ক) স্বাধীনতাৰ আগৰেপৰা অনুসূচিত জাতি জনজাতীয় লোক সকল সামাজিক আৰু অৰ্থনৈতিকভাৱে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট বঞ্চিত হোৱা পৰিলক্ষিত হৈছে।

(খ) অনুসূচিত জাতি জনজাতীয় লোকসকলৰ ল’ৰা ছোৱালীবিলাকৰ মাজত শিক্ষাৰ ক্ষেত্ৰত থকা অমনোযোগিতা দূৰ কৰি আত্মবিশ্বাস আৰু আত্মপ্রত্যয়ৰ ভাব জাগৃত কৰা।

(গ) শৈক্ষিকভাৱে পিছপৰা সম্প্রদায় আৰু সমাজৰ অন্যান্য পিছপৰা লোকসকলৰ মাজত বিশেষ ধৰণৰ পদক্ষেপ হাতত লৈ শৈক্ষিক বিকাশৰ ক্ষেত্ৰত থকা অসমতা দূৰীকৰণ।

(ঘ) এনে সম্প্ৰদায়ৰ পৰা অহা ল’ৰা-ছোৱালীবিলাক বিশেষকৈ শিক্ষাৰ বাবে আগ্ৰহী ল’ৰা-ছোৱালীবিলাকৰ উন্নতিৰ কাৰণে শিক্ষকসকলে যে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সেই বিষয়ে বিশ্বাস জনোৱা।

(ঙ) ইয়াৰোপৰি বিভিন্ন শৈক্ষিক আঁচনিসমূহ বাস্তৱত সফল ৰূপায়নৰ ক্ষেত্ৰত শিক্ষকে একগুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অনুসূচিত জাতি জনজাতীয় নথকা নহয়।

(চ) অনুসূচিত জাতি জনজাতীয় আৰু সমাজৰ অন্যান্য শ্ৰেণীৰ লোকসকলৰ মাজত থকা দূৰত্ব নাইকিয়া কৰি সমাজত সৰ্বজনীনভাৱে অর্থাৎ জাতি, ধর্ম বর্ণ নির্বিশেষে সকলোকে স্বাক্ষৰ কৰি তোলাতোও ইয়াৰ এক অন্যতম উদ্দেশ্য।

11. How can equal opportunity of education be provided to the girl students.

উত্তৰঃ মহিলাৰ শিক্ষাৰ বাবে শৈক্ষিক সম সুবিধা বিতৰণৰ ব্যৱস্থা : মহিলাসকলে সমাজত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বিশেষকৈ হিন্দু সমাজত মহিলাৰ স্থান অতি উচ্চ। বর্তমান সময়ত মহিলাৰ সবলীকৰণৰ বাবে যথেষ্ট পদক্ষেপ হাতত লোৱা হৈছিল। কিয়নো অতীতৰ পৰা চলি অহা মহিলাৰ ওপৰত শোষণ, পুৰুষৰ মহিলাৰ প্ৰতি থকা নীচাত্মিকা মনোভাৱে মহিলা সকলৰ শিক্ষাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছে। সেয়েহে মহিলাক অর্থনৈতিক, সামাজিক, ৰাজনৈতিক সকলো সা-সুবিধা বিতৰণৰ কাৰণে বৰ্তমান ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্রয়োজনীয়। ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে মহিলাৰ প্ৰস্থিতি উন্নয়নত শিক্ষাৰ ভূমিকাৰ কথা উল্লেখ কৰিছিল। ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থাই মহিলা সকলৰ সৱলীকৰণত শিক্ষাই যে মূল সেই কথা বৰ্ণনা কৰিছে। –

মহিলাসকলৰ শিক্ষাৰ সম সুবিধা বিতৰণৰ বাবে আমি নিম্নলিখিত ব্যৱস্থাসমূহ গ্ৰহণ কৰিছিল—

— অর্থনৈতিক, ৰাজনৈতিক, সামাজিক, বৃত্তিমূলক দিশত মহিলাৰ অংশগ্রহণত উৎসাহ জন্মোৱা। 

— বিভিন্ন আলোচনা চক্র, কর্মশালা, সভা আদিৰ যোগেদি মহিলাক স্বাৱলম্বী হোৱাত উদগণি যোগোৱা । 

— মহিলাসকলৰ মাজত আত্মবিশ্বাস আৰু আত্মসন্মান জগাই তোলা।

— কোনো সমস্যাৰ ক্ষেত্ৰত ব্যক্তিগত বা সামূহিকভাৱে মহিলাক সিদ্ধান্ত গ্রহণত সুবিধা দিয়া।

— বিকাশৰ প্ৰক্ৰিয়াত পুৰুষৰ লগত সমানে অংশগ্ৰহণ কৰা। 

—মহিলাসকলৰ অধিকাৰৰ বিষয়ে জানিবলৈ আইন আৰু সাংসদৰ জগতখনত প্ৰৱেশ কৰাত সুবিধা দিয়া।

— মহিলাৰ বাবে নতুন বৃত্তীয় পাঠ্যক্ৰমৰ দিয়া দিয়া। – উদ্যোগ বিষয়ক গৱেষণাৰ বাবে মহিলাক অভিৰোচিত কৰা।

— ছোৱালীৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা আদি। বর্তমান বিশ্ববাসীয়ে অনুভৱ কৰিছে যে মহিলাৰ সক্রিয় অংশগ্ৰহণৰ অবিহনে সমগ্ৰ মানৱ জাতিৰ পূৰ্ণ বিকাশ সম্ভৱপৰ নহয়। বহুতৰ মনত এক বদ্ধমূলক ধাৰণাই গঢ় লৈ উঠে য়ে মহিলাসকল পুৰুষৰ ওপৰত নিৰ্ভৰশীল। যিসকলে প্রয়োজনীয় সা-সুবিধা লাভ কৰিছে, সেইসকল আগবাঢ়ি যাব পাৰিছে আৰু পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে গতিকে এটা কথা ঠিক যে শিক্ষাৰ ক্ষেত্ৰত সম সুবিধা প্রদানে মহিলাৰ সবলীকৰণত সহায় কৰিব।

13. What measures have been taken to equalise the educational opportunity?

উত্তৰঃ আধুনিক সুময়ত শিক্ষাৰ ক্ষেত্ৰত সম সুবিধাৰ চাহিদা বৃদ্ধি পাইছে। এই চাহিদা বর্তমান সকলোতে সার্বজনীনভাৱে বৃদ্ধি হৈছে কিয়নো শিক্ষাৰ ক্ষেত্ৰত অধিকাৰ হৈছে এক সর্বজনীন মানব অধিকাৰ। গতিকে জাতি, ধর্ম, বর্ণ নির্বিশেষে শিক্ষা আহৰণ কৰাটো এক অধিকাৰ।

দ্বিতীয়তে, মানুহৰ শিক্ষাৰ ক্ষেত্ৰত সীমাহীন আশা-আকাংক্ষা কিয়নো বর্তমান প্রত্যেক ব্যক্তিয়ে উপলব্ধি কৰে যে কেৱল শিক্ষাই হৈছে এক উপায় যিয়ে মানুহৰ আৰ্থ-সামাজিক অৱস্থাৰ উন্নীতকৰণত সহায় কৰিব পাৰে।

“শিক্ষাৰ ক্ষেত্ৰত সম সুবিধা বিতৰণৰ বাবে ল’বলগীয়া ব্যৱস্থা সমুহ ঃ আমি দুটা দিশৰ পৰা এই কথা আলোচনা কৰিব পাৰোঁ—

(ক) অনুসূচিত জাতি জনজাতীয় লোকসকলৰ শিক্ষাৰ বিকাশ। 

(খ) মহিলা আৰু বাধাগ্রস্থ শিশুসকলৰ শিক্ষাৰ উন্নীতকৰণ অনুসূচিত জাতি আৰু জনজাতীয় ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক বিকাশঃ

১৯৪১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ অনুসূচিত গোষ্ঠী আৰু জনগোষ্ঠীৰ স্বাক্ষৰতাৰ হাৰ আছিল ২১.৩৮ আৰু ১৬.৩৫ শতাংশ। বিশেষকৈ মহিলাসকলৰ এই ক্ষেত্ৰত যথেষ্ট পিছপৰা আছিল। সমাজ কেৱল অন্যান্য মহিলাসকলৰ তুলনাত অনুসূচিত জাতি জনজাতীয় মহিলাসকলৰ শিক্ষাৰ হাৰ আছিল। ১০.৯৩ আৰু ৮.০৪ শতাংশ। শিক্ষাৰ ক্ষেত্ৰত এনে অসমতাই মানৱ সম্পদ বিকাশৰ ক্ষেত্ৰত বাধা প্ৰদান কৰাৰ লগতে অর্থনৈতিক উন্নয়নতো বাধা প্রদান কৰিছে। এক কথাত ক’বলৈ গ’লে শিক্ষাৰ্থীসকলৰ সর্বতোমুখী বিকাশত এনে অৱস্থাই ব্যক্তিৰ বাধা প্ৰদান কৰা পৰিলক্ষিত হৈছে।

বিদ্যালয়ে এইক্ষেত্ৰত ল’বলগীয়া ব্যৱস্থাসমূহ হৈছে– 

১। বিদ্যালয়ত শিক্ষকে নিজৰ ব্যক্তিত্বৰ প্ৰভাৱেৰে এক সুস্থ বাতাবৰণ গঢ় দি তোলাৰ প্ৰয়াস কৰিব লাগিব।

২। বিদ্যালয়ত এটা কথা লক্ষ্য ৰাখিব লাগে যাতে সমাজৰ পিছপৰা অনুন্নত শ্ৰেণী আৰু আভিজাত্য মধ্যবিত্ত ছাত্ৰ-ছাত্ৰীৰ মাজত অসমতা, যাতে আহিব নোৱাৰে। সকলোকে সম দৃষ্টিৰে জ্ঞান কৰাটো বাঞ্চনীয়।

৩। বিদ্যালয়ৰ শ্ৰেণী শ্ৰেণীকোঠাত ক্ৰমিক নম্বৰ অনুসৰিহে ছাত্ৰ ছাত্ৰীক সম্বোধন কৰাৰ নিয়মৰ ব্যবস্থা কৰিব লাগে। কোনো উচ্চ জাতি, বা নাম লৈ পৰাপক্ষত সম্বোধন কৰাৰ পৰা বিৰত থকা উচিত।

৪। বিদ্যালয়ৰ আনুষংগিক কাম-কাজত নতুবা পাঠ্যক্ৰমৰ ভিতৰে বাহিৰে, সহ-পাঠ্যক্রমিক কাৰ্য্যৱিলীসমূহত অংশগ্ৰহণৰ ক্ষেত্ৰত সকলোকে সম সুবিধা প্ৰদান কৰিব লাগে।

৫। বিদ্যালয়ত শিক্ষাক অভিভাৱকৰ সভা অনুষ্ঠিত কৰি ছাত্ৰ ছাত্ৰীৰ বিভিন্ন সমস্যাসমূহৰ সৈতে আলোচনা কৰিব লাগে । বিশেষকৈ এনে সভাৰ মহিলাৰ বাবে বিশেষ শিক্ষা ব্যৱস্থা আৰু বিভিন্ন আঁচনিসমূহৰ বিষয়ে কৰা আলোচনাই অনুন্নত পিছপৰা সম্প্ৰদায়ৰ এনে ছাত্ৰ-ছাত্ৰীক যথেষ্ট উপকৃত কৰিব।

৬। যদিহে বিদ্যালয়ত প্রাপ্তবয়স্ক শিক্ষা প্ৰদান কৰা অনুষ্ঠান থাকে তেতিয়াহ’লৈ শিক্ষিত অভিভাৱক সকলক স্বাক্ষৰতাৰ হাৰ বৃদ্ধিৰ বাবে উৎসাহিত কৰিব।

14. Mention Two characteristics for, primary group. 

উত্তৰঃ ১। আকাৰত সৰুঃ প্রাথমিক দলসমূহৰ আকাৰ স্বাভাৱিকতে সৰু। পৰিয়াল প্রাথমিক দলৰ এক অন্যতম উদাহৰণ প্ৰাথমিক সমূহৰ মিলাপ্ৰীতি ভাৱ স্বাভাৱিকতে গভীৰ হয়।

২। উমৈহতীয়া উদ্দেশ্যঃ প্রাথমিক দলৰ অন্যতম বৈশিষ্ট্য হৈছে উমৈহতীয়া উদ্দেশ্য। এই দল সম উদ্দেশ্যৰে গঢ় লৈউঠে। প্রত্যেক সদস্যই দলটোৰ উদ্দেশ্যৰ প্ৰতি অধিক সচেতন, এই সচেতনতই সদস্যসকলক সামূহিক উদ্দেশ্যৰে কাম কৰিবলৈ উৎসাহ আৰু প্ৰেৰণা যোগায়।

16. What is the needs and importance of equal ization of educational opportunity? 

উত্তৰঃ (ক) স্বাধীনতাৰ আগৰেপৰা অনুসূচিত জাতি জনজাতীয় লোক সকল সামাজিক আৰু অৰ্থনৈতিকভাৱে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট বঞ্চিত হোৱা পৰিলক্ষিত হৈছে |

(খ) অনুসূচিত জাতি জনজাতীয় লোকসকলৰ ল’ৰা

ছোৱালীবিলাকৰ মাজত শিক্ষাৰ ক্ষেত্ৰত থকা অমনোযোগিতা দূৰ কৰি আত্মবিশ্বাস আৰু আত্মপ্রত্যয়ৰ ভাব জাগৃত কৰা। 

(গ) শৈক্ষিকভাৱে পিছপৰা সম্প্ৰদায় আৰু সমাজৰ অন্যান্য পিছপৰা লোকসকলৰ মাজত বিশেষ ধৰণৰ পদক্ষেপ হাতত লৈ শৈক্ষিক বিকাশৰ ক্ষেত্ৰত থকা অসমতা দূৰীকৰণ। 

(ঘ) এনে সম্প্ৰদায়ৰ পৰা অহা ল’ৰা-ছোৱালীবিলাক বিশেষকৈ শিক্ষাৰ বাবে আগ্রহী ল’ৰা-ছোৱালীবিলাকৰ উন্নতিৰ কাৰণে শিক্ষকসকলে যে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সেই বিষয়ে বিশ্বাস জনোৱা।

(ঙ) ইয়াৰোপৰি বিভিন্ন শৈক্ষিক আঁচনিসমূহ বাস্তৱত সফল ৰূপায়নৰ ক্ষেত্ৰত শিক্ষকে একগুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অনুসূচিত জাতি জনজাতীয় নথকা নহয়।

(চ) অনুসূচিত জাতি জনজাতীয় আৰু সমাজৰ অন্যান্য শ্ৰেণীৰ লোকসকলৰ মাজত থকা দূৰত্ব নাইকিয়া কৰি সমাজত সৰ্বজনীনভাৱে অর্থাৎ জাতি, ধর্ম বর্ণ নির্বিশেষে সকলোকে স্বাক্ষৰ কৰি তোলাতোও ইয়াৰ এক অন্যতম উদ্দেশ্য।

17. What steps have been suggested from time to time to educational opportunity. for SC/ST.

উত্তৰঃ বিদ্যালয়ে এইক্ষেত্ৰত ল’বলগীয়া ব্যৱস্থাসমূহ হৈছে— 

১। বিদ্যালয়ত শিক্ষকে নিজৰ ব্যক্তিত্বৰ প্ৰভাৱেৰে এক সুস্থ বাতাবৰণ গঢ় দি তোলাৰ প্ৰয়াস কৰিব লাগিব।

২। বিদ্যালয়ত এটা কথা লক্ষ্য ৰাখিব লাগে যাতে সমাজৰ পিছপৰা অনুন্নত শ্ৰেণী আৰু আভিজাত্য মধ্যবিত্ত ছাত্ৰ-ছাত্ৰীৰ মাজত অসমতা, যাতে আহিব নোৱাৰে। সকলোকে সম দৃষ্টিৰে জ্ঞান কৰাটো বাঞ্চনীয়।

৩। বিদ্যালয়ৰ শ্ৰেণী শ্ৰেণীকোঠাত ক্ৰমিক নম্বৰ অনুসৰিহে ছাত্ৰ ছাত্ৰীক সম্বোধন কৰাৰ নিয়মৰ ব্যবস্থা কৰিব লাগে। কোনো উচ্চ জাতি, বা নাম লৈ পৰাপক্ষত সম্বোধন কৰাৰ পৰা বিৰত থকা উচিত। 

৪। বিদ্যালয়ৰ আনুষংগিক কাম-কাজত নতুবা পাঠ্যক্ৰমৰ ভিতৰে বাহিৰে, সহ-পাঠ্যক্রমিক কাৰ্য্যৱিলীসমূহত অংশগ্ৰহণৰ ক্ষেত্ৰত সকলোকে সম সুবিধা প্ৰদান কৰিব লাগে।

৫। বিদ্যালয়ত শিক্ষাক অভিভাৱকৰ সভা অনুষ্ঠিত কৰি ছাত্ৰ ছাত্ৰীৰ বিভিন্ন সমস্যাসমূহৰ সৈতে আলোচনা কৰিব লাগে । বিশেষকৈ এনে সভাৰ মহিলাৰ বাবে বিশেষ শিক্ষা ব্যৱস্থা আৰু বিভিন্ন আঁচনিসমূহৰ বিষয়ে কৰা আলোচনাই অনুন্নত পিছপৰা সম্প্ৰদায়ৰ এনে ছাত্ৰ-ছাত্ৰীক যথেষ্ট উপকৃত কৰিব।

৬। যদিহে বিদ্যালয়ত প্রাপ্তবয়স্ক শিক্ষা প্ৰদান কৰা অনুষ্ঠান থাকে তেতিয়াহ’লে শিক্ষিত অভিভাৱক সকলক স্বাক্ষৰতাৰ হাৰ বৃদ্ধিৰ বাবে উৎসাহিত কৰিব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top