Sociological Foundations of Education Unit 3 শিক্ষা সামাজিক পৰিৱৰ্তন আৰু বিকাশ

Sociological Foundations of Education Unit 3 শিক্ষা সামাজিক পৰিৱৰ্তন আৰু বিকাশ Notes, College and University Answer Bank of Education for BA, and Post Graduate Notes and Guide Available here, Sociological Foundations of Education Unit 3 শিক্ষা সামাজিক পৰিৱৰ্তন আৰু বিকাশ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus eg. Dibrugarh University and Guwahati University so that you can easily browse through different College and University Guide and Notes here. Sociological Foundations of Education Unit 3 শিক্ষা সামাজিক পৰিৱৰ্তন আৰু বিকাশ Question Answer can be of great value to excel in the examination.

Sociological Foundations of Education Unit 3 শিক্ষা সামাজিক পৰিৱৰ্তন আৰু বিকাশ

Join Telegram channel

Sociological Foundations of Education Unit 3 Role of Education in Social Changes and Development Notes cover all the exercise questions in UGC Syllabus. The Sociological Foundations of Education Unit 3 শিক্ষা সামাজিক পৰিৱৰ্তন আৰু বিকাশ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

শিক্ষা সামাজিক পৰিৱৰ্তন আৰু বিকাশ

EDUCATION

শিক্ষাৰ সমাজতাত্বিক আধাৰ

Sociological Foundations of Education


1. Answer the following.

(a) “Social change means the change of social rela tionships”- whose statement is this-

(i) Maclver. 

(ii) Kingslay Devis.

(iii) Johnson. 

(iv) Gillan and Gillin.

Ans: (i) Maclver.

(b) “The pattern of social change in every society is same”Is it true-

Ans. No

(c) Social change is the change of———-

Ans. Society.

(d) The author of ‘Human Society’ is written by

Ans. Kingsley Devis. 

(e) Social change is a

(i) Discontinuous process.

(ii) Continuous process. 

(iii) Conscious process. 

(iv) All the above. 

Ans. (ii) Continuous process.

(f) Social change implies changes in the

(i) Functional units of society. 

(ii) Structure units of society.

(iii) Both of the above.

(iv) Narrow senses.

Ans. (iii) Both of the above

2. Define social change.

উত্তৰঃ লুণ্ড্রবাৰ্গৰ মতে, ‘সামাজিক পৰিৱৰ্তনে আন্তঃমানৱীয় সম্বন্ধৰ প্রতিষ্ঠিত আৰ্হি আৰু আচৰণৰ মানদণ্ডৰ সাল-সলনিক বুজায়।” (Social change refers to any modification in established patterns of inter-human relationships and standards of conduct.)

(Social change is change in social structure (including changes in the size of society) or in particular social institutions or in the relationship between institutions.)

টি.বি. বটমৰৰ মতে, “সামাজিক পৰিৱৰ্তনক এজন মানুহৰ জীৱন বা এখন সমাজৰ ক্ৰিয়াক সলনি বা বদলিৰে নতুন ধুন বা আৰ্হিৰ প্ৰতিষ্ঠা বুলি ক’ব পাৰি।” (Social change may be defined as a new fashion or mode either modifying or replacing the old in the life of a people or in the operation of a society.)

3. Mention the factors responsible for social change. Explain the relationship be tween education and social change in the context of our country.

উত্তৰঃ (ক) জৈৱিক কাৰক (Biological Factor) সামাজিক পৰিৱৰ্তনত প্ৰভাৱ পেলোৱা এক অন্যতম কাৰক হৈছে জৈৱিক কাৰক। বংশৰ লগত সম্পর্কিত জনসংখ্যাৰ গুণগত আৰু সংখ্যাগত দিশেই হৈছে জৈৱিক কাৰক। গতিকে জৈৱিক কাৰক বুলি ক’লৈ জনসংখ্যাৰ আকাৰ, ইয়াৰ গঠন ইত্যাদিবোৰ বুজা যায়। এইবোৰ কাৰকক সামাজিক দৃষ্টিভংগী, স্বার্থ, যৌন সম্বন্ধ নিয়ন্ত্রণকেন্দ্রিক মূল্যবোধ, বিৱাহ, প্ৰজাতীয় সংমিশ্ৰণ, পৰিয়ালৰ আকাৰ ইত্যাদিবোৰে । 

জনসংখ্যাৰ সৈতে সামাজিক পৰিৱৰ্তনৰ আখ্তঃসম্বন্ধক প্রধানত তলত উল্লেখ কৰা তিনিটা দিশত আলোচনা কৰিব পাৰি— 

(ক) অত্যধিক জন্মৰ হাৰ আৰু অত্যধিক মৃত্যুৰ হাৰে জনসংখ্যাৰ

অতি কম বা কোনো ধৰণৰ বৃদ্ধি নকৰে। 

(খ) মৃত্যুৰ তুলনাত জন্মৰ হাৰ অধিক হ’লে জনসংখ্যা বৃদ্ধি পাই।

(গ) নিম্ন জন্ম-মৃত্যুৰ হাৰে জনসংখ্যাক স্থিৰ কৰি ৰাখে। 

(ঘ) জন্মৰ তুলনাত মৃত্যুৰ হাৰ অধিকহ’লে জনসংখ্যা হাস পাই। জনসংখ্যাৰ আকাৰ আৰু গঠন প্রণালী পাৰস্পৰিক আন্তঃসম্পর্কযুক্ত। উন্নত অর্থনৈতিক অৱস্থা আৰু জনসংখ্যা হাস পাৰস্পৰিকভাৱে আন্তঃসম্পর্ক যুক্ত। জন্ম আৰু মৃত্যুৰ হাৰত হোৱা পৰিৱৰ্তনে সামাজিক পৰিৱৰ্তন আনে। জনসংখ্যাৰ বৈৱাহিক স্থিতিয়েও পৰিৱৰ্তনত অনুঘটকৰ কাম কৰে। এই সকলোবোঞ্জৰে সামাজিক দৃষ্টিভঙ্গী, সামাজিক সম্বন্ধ, সামাজিক সংগঠন, প্রথা, পৰম্পৰা, সংস্থা, সস্থা ইত্যাদিবোৰৰত প্ৰভাৱ পেলায়।

জনসংখ্যাৰ বিতৰণেও সামাজিক সংৰচনাত প্রভাব বিস্তাৰ কৰে। চহৰত জনসংখ্যা কেন্দ্ৰীকৰণে গ্ৰাম্য আৰু চহৰীয়া সামাজিক সম্বন্ধ আৰু সাংস্কৃতিক দৃষ্টিভংগীৰ সূচনা কৰে। সামাজিক পৰিস্থিতি, সমূহগত অৱস্থা, সংস্কৃতি, জীৱন শৈলী, অৱসৰ বিনোদন, শিক্ষা, চিকিৎসা আদিবোৰ ক্ষেত্ৰত ভিন্নতা আনে।

কেতিয়াবা জনসংখ্যাৰ পৰিৱৰ্তনে ৰাজনৈতিক সংস্থাতো পৰিবৰ্তন অনা দেখা যায়। বয়স,লিংগ আৰুনৃ-গোষ্ঠীয় গঠন প্রণালীত দেখা দিয়া পৰিৱৰ্তনে ৰাজনৈতিক প্ৰক্ৰিয়াক জটিল কৰি তোলে। অর্থাৎ জনসংখ্যাৰ পৰিৱৰ্তনে ৰাজনৈতিক ব্যৱস্থাটো পৰিৱৰ্তন ঘটাই।

(খ)পৰিবেশগত বা ভৌগোলিক কাৰক (Environmental or Geographical Factor) পৰিৱেশগত অথবা ভৌতিক কাৰকৰ ভতৰত পৃথিৱীৰ উপৰিভাগ, জলবায়ু, নদ-নদী, বৰষুণ, পাহাৰ-পর্বত, খবাং, বানপানী,বতাহ-ধুমুহা, চুনামী, ভূমিকম্প ইত্যাদিবোৰক অন্তর্ভুক্ত কৰিব পাৰি। এইবোৰে সামাজিক পৰিৱৰ্তন আনে। জলবায়ু, মাটি, উৰ্বৰতা, বৰষুণ আদিবোৰ জলবায়ু নিৰ্ভৰশীল আৰু সমতল ভূমিৰ দৰে পৰিৱেশগত কাৰকৰ পৰিৱৰ্তনে মানুহ আৰু সমাজৰ ওপৰত প্ৰভাৱ পেলাই।

ঠিক একেদৰে মানুহে পৰিৱেশ আৰু জলবায়ুৰ ওপৰত ভিত্তি কৰি ঘৰ-দুৱাৰ সাজে, কাপোৰ-কানি পৰিধান কৰে আৰু ঘৰৰ আন্তঃগাঁথনি; যেনে- হিটাৰ বা এয়াৰ কুলাৰ প্ৰস্তুত কৰি লয়। গতিকে এইবোৰত হৌৱা যিকোনো পৰিৱৰ্তনে মানুহৰ জীৱন-ধাৰণৰ মানদণ্ডত প্ৰভাৱ পেলাই। পৰিৱেশ আৰু ভৌতিক কাৰকৰ ওপৰত নিৰ্ভৰ কৰি সৰু বৰ চহৰ, ব্যৱসায়-বাণিজ্যৰ প্ৰসাৰণ হয় আৰু এইবোৰত সংৰচনাতো প্ৰভাৱ পেলায়।

(গ) প্রযুক্তিবিদ্যাগত কাৰকঃ প্ৰযুক্তিবিদ্যা বুলি ক’লে প্রধানত দুটা অর্থ পোৱা যায়; যথা—

১। কোনো এক নির্দিষ্ট সভ্যতা, সম্প্রদায় বা সময়ৰ কাৰিকৰী উপায় আৰু নিপুণতাকেন্দ্রীক বৈশিষ্ট্য। 

(২) উদ্যোগৰ নিৰ্দিষ্ট দিশত ব্যৱহৃত কাৰিকৰী পদ্ধতি। এইদৰে প্রযুক্তিবিদ্যাৰ আমি তিনিটা গুৰুত্বপূৰ্ণ দিশ বিচাৰি পাৰে; যেনে, 

(ক) যন্ত্রপাতি।

(খ) শক্তিৰ উৎস।

(গ) শক্তিৰ উৎস আৰু যন্ত্রপাতিৰ যোগসূত্ৰৰ জ্ঞান।

(ঘ) সাংস্কৃতিক কাৰক: সাংস্কৃতিক কাৰকেও সামাজিক পৰিৱৰ্তন আনে। ইয়াৰ ভিতৰত বিশ্বাস, প্ৰমূল্যবোধ, আদৰ্শ, ধাৰণা,নীতি-নিয়ম প্রথা, পৰম্পৰা, আচাৰ-ব্যৱহাৰ, নৈতিকতা ইত্যাদিবোৰত হোৱা পৰিৱৰ্তনক সামৰিব পৰা যায়। সংস্কৃতিয়ে আমাৰ দৈনন্দিন জীৱনত ওপৰোক্ত দিশসমূহৰ সৈতে হোৱা আন্তঃক্ৰিয়াক সূচায়। অৱশ্যে সমাজভেদে সামাজিক পৰিৱৰ্তনত সংস্কৃতিৰ ভূমিকা পৃথক। আমি সকলোৱেই জানো যে আমাৰ বিশ্বাস আৰু সংস্থা অথবা প্রমূল্যবোধ আৰু সামাজিক সম্বন্ধৰ মাজত এক অভিন্ন যোগসূত্র আছে। অর্থাৎ সামাজিক আৰু সাংস্কৃতিক কাৰকসমূহ আন্তঃনিৰ্ভৰশীল। সেয়ে সংস্কৃতিৰ পৰিৱৰ্তনে অৱধাৰিতভাৱেই সামাজিক পৰিৱৰ্তন সাধন কৰে।

বর্তমান সময়ত প্রত্যক্ষ কৰা দ্রুত আৰু ক্ষিপ্ৰ যাতায়ত আৰু যোগাযোগে অতিমাত্রা সাংস্কৃতিক সংমিশ্রণ আনিছে। যিহেতু ক্ষিপ্র হাৰত সাংস্কৃতিক সংমিশ্রণ ঘটিব ধৰিছে। সেয়ে এনে পৰিস্থিতিত সমাজ সাংস্কৃতিক সংঘৰ্ষৰ পৰা মুক্ত হৈ থাকিব নোৱাৰে। সেয়ে সম্ভৱত সাংস্কৃতিক পৰিৱৰ্তনে সামাজিক পৰিৱৰ্তনৰ গতি আৰু দিশ নিৰ্ণয় কৰে বুলি কোৱা হয়। সংস্কৃতি হৈছে আমাৰ সামাজিক জীৱনত সামাজিক পৰিৱৰ্তন অনাৰ এফালেদি প্রভান্বিত কাৰক আৰু অন্যফালেদি আভ্যন্তৰীণ শক্তি । ইয়াৰ আন এক শক্তিশালী সাংস্কৃতিক চাপ ধর্মই সমাজ পৰিৱৰ্তনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা যায়।

বিখ্যাত জার্মান দার্শনিক মেক্স ৱেবাৰৰ লিখনিতো সামাজিক পৰিৱৰ্তনত সংস্কৃতিৰ ভূমিকাৰ কথা পোৱা যায়। তেওঁৰ The Protestant Ethics and Rise of Capitalism ত থকা ব্যাখ্যা অনুসৰি প্রটেষ্টাণ্ট ধৰ্মৰ নীতিয়ে কঠোৰ পৰিশ্ৰম কৰাৰ ওপৰত গুৰুত্ব দিয়াৰ ফলস্বৰূপেই পশ্চিমীয়া সমাজ উদ্যোগীকৰণৰ দিশত যথেষ্ট অগ্ৰসৰ হ’বলৈ সক্ষম হৈছে। অন্যহাতেদি চীন আৰু ভাৰতবৰ্ষত সাংস্কৃতিক আৰু ধৰ্মীয় নীতি-নিয়মে এই ক্ষেত্ৰত প্রতিবন্ধকতাৰ সৃষ্টি কৰিছে। আন এজন সমাজ দার্শনিক উইলিয়াম এফ. অগবাৰ্ণৰ ‘সংস্কৃতিৰ দীর্ঘসূত্রিতা” সিদ্ধান্তয়ো সামাজিক পৰিৱৰ্তন কথাকেই উনুকিয়াই৷ তেওঁৰ মতেবস্তুবাদী সংস্কৃতিৰ পৰিৱৰ্তন অবস্তুবাদী সংস্কৃতিতকৈ ক্ষিপ্ৰ আৰু তীব্র গতিত হয়। অর্থাৎ সংস্কৃতিৰ দুটা দিশত হোৱা পৰিৱৰ্তনৰ ভিন্নতাই সামাজিক পৰিৱৰ্তনৰ ওপৰতো প্ৰভাৱ পেলায়। চমুকৈ ক’বলৈ গ’লে আমি নিম্নলিখিত কথাখিনি ক’ব পাৰো –

(১) সামাজিক প্রতিমান, মূল্যবোধ, বিশ্বাস ইত্যাদিবোৰ হৈছে সংস্কৃতিৰ একো একোটা অংশ।এইবোৰে সমাজত ব্যক্তিসকলৰ আচৰণ প্ৰণালীক নিৰূপণ আৰু প্ৰভাৱান্বিতই নকৰে বৰঞ্চ নতুন উন্নয়ন অনুসৰি সিবোৰক পৰিৱৰ্তনো কৰে। এই সাংস্কৃতক কাৰকসমূহে প্রযুক্তিগত কাৰকৰ সিবোৰৰ দিশো নিৰূপণ কৰে।

(২) সাংস্কৃতিক কাৰকসমূহে সমাজত চিন্তা-চৰ্চাৰ স্বৰূপ আৰু কৰে। কাৰণ মানুহৰ চিন্তা অনুসৰি এখন সমাজত বস্তুবাদী প্রগতি বা বস্তুবাদী সংস্কৃতিৰ পৰিৱৰ্তন হোৱা দেখা যায়।

(৩) নতুন পৰিস্থিতি আৰু পৰিৱেশ সৃষ্টিত সাংস্কৃতিক কাৰকসমূহ দায়বদ্ধ হয়। মেক্স ৱেবাৰৰ মতে প্রটেষ্টাণ্ট ধৰ্মই পুঁজিবাদৰ সূচনা কৰাৰ লগে লগে ইয়াৰ প্ৰতিমান আৰু মূল্যবোধে নতুন পৰিৱৰ্তন আনিছিল।

(ঙ) অর্থনৈতিক কাৰকঃ পলিবিলিচ, মেকিয়াভেলী, জর্জ উইলহেম, ৰাণ্ডমৰ, মিলাৰ, আদাম স্মিথ, এঞ্জেলচ, কার্লমার্ক্স, হেৰিংটন আদিৰ দৰে দার্শনিকৰ মতে সামাজিক পৰিৱৰ্তনৰ বাবে অর্থনৈতিক কাৰক দায়ী। অর্থনৈতিক চৰ্তাৱলী আৰু অৱস্থাই সমাজত গুৰুত্বপূৰ্ণভাৱে প্রভাৱ পেলাই। উৎপাদন, বিতৰণ,বিনিয়োগ,উপভোগ, সম্পত্তিৰ ওপৰত স্বত্ব ইত্যাদিবোৰৰ সৈতে সামাজিক পৰিৱৰ্তনৰ এক গভীৰ সম্বন্ধ আছে। কার্লমার্ক্সেও এই ক্ষেত্ৰত অতি সুন্দৰ ব্যাখ্যা আগ বঢ়াইছে। অর্থনৈতিক কাৰকৰ প্ৰভাৱ সন্দৰ্ভত তলৰ কথাখিনি উল্লেখ কৰা হ’ল—

১। আর্থিক কাৰকসমূহে জনসংখ্যাৰ ভৌতিক আৰু মানসিক চৰিত্ৰত প্ৰভাৱ পেলায়। ধনী-দুখীয়াৰ মাজৰ পাৰ্থক্যই সমাজত প্ৰভাৱ পেলাই আৰু বহুসময়ত সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত ই দায়ী।

২। আর্থিক কাৰকসমূহে জন্ম, মৃত্যু, প্রব্রজন আৰু সামাজিক প্ৰক্ৰিয়াত প্ৰভাৱ পেলায়।

৩। আর্থিক কাৰকে অপৰাধ, আত্মহত্যা আৰু প্ৰব্ৰজনৰ দৰে

সমস্যাত পোনপটীয়া আৰু শক্তিশালী প্ৰভাৱ পেলায়।

(৪) ই সামাজিক সংগঠনৰ স্বৰূপ আৰু সামাজিক পৰিৱৰ্তনক নিৰূপণ কৰে।

(৫) ই ধৰ্মীয় সংস্থা আৰু এনে সংস্থাৰ প্ৰতি থকা মানুহৰ ধাৰণাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে।

৬। শান্তিপূৰ্ণ আৰু হিংসাজনিত ঘটনাৰ বাবে অর্থনৈতিক কাৰকসমূহেই জগৰীয়া।

৭। এখন দেশৰ ৰাজনৈতিক পট পৰিৱৰ্তনত অর্থনৈতিক কাৰকৰ এক গুৰুত্বপূৰ্ণ ভূমিকা থকা দেখা যায়।

(চ) মনস্তাত্বিক কাৰক: গিলিন আৰু গিলিনৰ দৰে বিখ্যাত দার্শনিকে মত পোষণ কৰি কৈছে যে মনস্তাত্বিক কাৰকেও সামাজিক পৰিৱৰ্তন আনে। তেওঁলোকৰ মতে মানুহে পৌৰাণিক পৰম্পৰা আৰু প্ৰথাক যথেষ্ট সন্মান কৰে আৰু এইবোৰৰ পৰিৱৰ্তন হঠাৎ বা হিংস্ৰতাৰে নিবিচাৰে নিশ্চিতভাৱেই বিপদ আহি পৰে। সেয়ে মানুহে ক্রমশঃ সামাজিক পৰিৱৰ্তনৰ পোষকতা কৰা দেখা যায়।

(ছ) ব্যক্তিত্বকাৰক: কোনো সন্দেহ নাই যে সাধু, নায়ক, শীসক বা সংস্কাৰকসকলে সামাজিক পৰিৱৰ্তনত সদায়েই এক গুৰুত্বপূৰ্ণ

ভূমিকা পালন কৰে। তেওঁলোকৰ এক প্ৰতিপত্তি আৰু ঐশ্বর্যশালী ব্যক্তিত্ব থাকে। আমাৰ সামাজিক, আর্থিক আৰু ৰাজনৈতিক নেতাসকলে আমাক নতুন আদৰ্শ আৰু ৰাজনৈতিক দৃষ্টিভংগী দিয়ে। তেওঁলোকে সমর্থনকেন্দ্ৰীক পৰিস্থিতিত কাম কৰে। ভাৰতত মহাত্মা গান্ধী, দক্ষিণ আফিকাত নেলচন মাণ্ডেলা, আমেৰিকাত মার্টিন লুথাৰৰ দৰে ব্যক্তিত্বসম্পন্ন নেতাই সামাজিক পৰিৱৰ্তন আনিছিল। ৰাজা ৰামমোহন ৰয়, ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ, গোবিন্দ ৰাণাডেৰ দৰে সংস্কাৰকসকলে ভাৰতত আমূল পৰিৱৰ্তন আনিছিল। বর্তমান সময়ত পতঞ্জলীৰ যোগেদি স্বামী ৰামদেৱে ভাৰতীয় সমাজ ব্যৱস্থাৰ পৰিবৰ্তনৰ বাবে চেষ্টা কৰি থকা দেখা গৈছে।

(জ) শৈক্ষিক কাৰক: সামাজিক পৰিৱৰ্তনৰ আন এক উল্লেখযোগ্য কাৰক হ’ল শিক্ষা শিক্ষাই এজন ব্যক্তিৰ ধাৰণা, দৃষ্টিভংগী, জীৱন-শৈলী, সামাজিক সম্বন্ধৰ আৰ্হি বা স্বৰূপ ইত্যাদিবোৰত পৰিৱৰ্তন আনে যিটো শেষত সামাজিক পৰিৱৰ্তনৰ ৰূপ লয়। আধুনিক শিক্ষা ব্যৱস্থাই বিজ্ঞান, প্রযুক্তিবিদ্যা, ব্যৱস্থাপনাকে ধৰি জ্ঞানৰ অন্যান্য বিশেষীকৃত দিশসমূহৰ ওপৰত এক গভীৰ আৰু পূৰ্ণ শিক্ষা দান কৰে। আধুনিক শিক্ষা ব্যৱস্থাই আমাৰ ধাৰণা, দৃষ্টিভংগী, প্রথা, পৰম্পৰা, বিশ্বাস, মূল্যবোধ, আচৰণ-প্ৰণালী, নৈতিকতা, সংস্কৃতি আদিবোৰৰ পৰিৱৰ্তন সাধন কৰে। শিক্ষাৰ সৈতে জড়িত হৈ থকা উদাৰ্তা আৰু ধৰ্মনিৰপেক্ষতাই অন্ধবিশ্বাসৰ বাধা নিষেধসমূহ সলনি কৰাত যথেষ্ট সহায় কৰে। ইয়াৰ উপৰি ই গোড়ামী আৰু বিশেষভাৱ নাইকিয়া কৰাটো সহায় কৰে। উচ্চ শিক্ষাই আচাৰ-ব্যৱহাৰ আৰু নৈতিকতাত পৰিৱৰ্তন আনে। ই সমাজত নাৰীৰ সামাজিক প্ৰস্থিতি উন্নীত কৰিছে। নিয়োগ ব্যৱস্থাই পৰিয়াল আৰু সমাজত নাৰীৰ স্থান আৰু মানদণ্ডক উচ্চ কৰি তুলিছে।

অর্থনীতি আৰু উৎপাদন ব্যৱস্থাৰ ফালৰ পৰা ক’বলৈ গ’লে আমি ক’ব পাৰো যে শিক্ষাই নিপূণ আৰু প্ৰশিক্ষিত মানৱ সম্পদৰ গঢ় দিয়ে। ই আধুনিক উদ্যোগ আৰু বিশেষীকৃত সেৱাৰ প্ৰয়োজনীয়তাসমূহ পুৰণ কৰাত এক বিশিষ্ট ভূমিকা পালন কৰিছে। উচ্চ শিক্ষাৰে শিক্ষিত ব্যক্তিয়ে উচ্চ বেতনভোগী কর্ম সংস্থাপন লাভ কৰাৰ লগে লগে ই তেনেলোকৰ আৰ্থ-সামাজিক প্ৰস্থিতি আৰু স্থান উন্নীতকৰণত সহায় কৰিলে। ফলত উর্ধমুখী সামাজিক গতিশীলতাত শিক্ষাৰ ভূমিকা অনস্বীকার্য হৈ পৰিল।

শিক্ষাই দেশৰ জনসাধাৰণৰ মাজত ৰাজনৈতিক সচেতনতা অনাত যথেষ্ট সহায় কৰে। ৰাষ্ট্ৰীয় ৰাজনীতিত মানুহৰ ব্যাপক অংশগ্রহণে ৰাজনীতিৰ স্বৰূপ আৰু বৈশিষ্ট্যত অভূতপূর্ব পৰিৱৰ্তন ঘটালে।

শিক্ষা আৰু সামাজিক পৰিৱৰ্তন ( Education and Social Change): পৰিৱৰ্তন চিৰ প্ৰৱাহমান। এই পৰিৱৰ্তন এক বিশ্বজনীন প্ৰক্ৰিয়া। পুৰণি কালৰেপৰা পৃথিৱীত পৰিৱৰ্তন ঘটি আহিছে। এই পৰিৱৰ্তন প্রকৃতিগত নিয়ম (change is the law of nature) । গতিকে সমাজো চিৰ পৰিৱৰ্তনশীল। এই গতি কোনেও ৰোধ কৰিব নোৱাৰে। সামাজিক জীৱনৰ উপাদানসমূহ অনবৰতে সাল সলনি হৈ থাকে। সেয়েহে সময়ৰ লগে লগে এখন সমাজৰো পৰিৱৰ্তন হৈ থাকে।

বৰ্তমান বিশ্বায়নৰ যুগত শিক্ষা সামাজিক পৰিৱৰ্তনৰ এক শক্তিশালী মাধ্যম হিচাপে পৰিগণিত হৈছে। এই শিক্ষাৰ ওপৰতেই এখন সমাজৰ উন্নতি নিৰ্ভৰ কৰে৷ কিয়নো শিক্ষাই হৈছে প্ৰধান আহিলা যাৰ যোগেদি আমি সামাজিক পৰিৱৰ্তন আশা কৰিব পাৰো। অশিক্ষিত সমাজ এখনৰ তুলনাত শিক্ষিত সমাজ এখনত সামাজিক পৰিৱৰ্তন অতি দ্রুতগতিত আৰম্ভ হয়। সেয়েহে শিক্ষা আৰু সামাজিক পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰিবলৈ যোৱাৰ আগতে শিক্ষা আৰু সামাজিক পৰিৱৰ্তনৰ অৰ্থ থূলমূলকৈ জানি লোৱাৰ দৰকাৰ।

শিক্ষাৰ অৰ্থঃ সাধাৰণ অৰ্থত কিবা এটা বিষয়ত জ্ঞান বা অভিজ্ঞতা অৰ্জন কৰাকো শিক্ষা বুলি কোৱা হয়। ই এক জীৱন যোৰা প্ৰক্ৰিয়া, অৰ্থাৎ শিক্ষা কাৰ্য জীৱৰ জন্মৰ প্ৰাকমুহূৰ্তৰ পৰা মৃত্যুৰ তৎমুহূৰ্তলৈকে অবিৰামভাৱে চলি থাকে। সেয়েহে শিক্ষা বুলি ক’লে, মানৱ সমাজৰ ভাৱ, অনুভূতি চিন্তা আৰু ক্ৰিয়াৰ মূল পৰিচালিকা শক্তিকেই বুজা যায়।

সামাজিক পৰিৱৰ্তনৰ অৰ্থঃ (Concept of Social Change)

মানুহন জীৱন নিৰ্বহিৰ ভাৱধাৰা, প্ৰণালী, সামাজিক সংগঠন, সামাজিক গাঁঠনি, আচৰণ, পাৰস্পৰিক আন্তঃক্রিয়া আদিৰ পৰিৱৰ্তনেই হ’ল সামাজিক পৰিৱৰ্তন। সামাজিক পৰিৱৰ্তন এক অবিৰত আৰু বিশ্বজনীন প্ৰক্ৰিয়া। এই পৰিৱৰ্তন বিশ্বৰ সকলো ঠাইতে অবিৰতভাৱে সংঘটিত হৈয়ে থাকে। ই সময়ৰ সৈতে জড়িত এক প্রক্রিয়া। উন্নত আৰু শিক্ষিত এই পৰিবৰ্তনৰ গতি খৰতকীয়া আৰু অশিক্ষিত সমাজত ইয়াৰ পৰিৱৰ্তন ধীৰেস্থিৰে হোৱা পৰিলক্ষিত হয়।

তলত শিক্ষা আৰু সামাজিক পৰিৱৰ্তনৰ মাজত সম্পৰ্কৰ বিষয়ে আলোচনা কৰা হ’ল—

(ক) সামাজিক পৰিৱৰ্তনত শিক্ষাৰ ভূমিকা । 

(খ) শিক্ষাৰ ক্ষেত্ৰত সামাজিক পৰিৱৰ্তনৰ ভূমিকা

(ক) সামাজিক পৰিৱৰ্তনত শিক্ষাৰ ভূমিকাঃ এখন সমাজৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত শিক্ষাৰ ভূমিকা অনস্বীকার্য। শিক্ষাই হৈছে সামাজিক পৰিৱৰ্তনৰ প্ৰধান বাহক বা আহিলা স্বৰূপ। সামাজিক পৰিৱৰ্তনত শিক্ষাই নিম্নলিখিত কাৰ্যসমূহ সম্পাদনা কৰে।

(১) সুপ্ত প্রতিভাৰ বিকাশ সাধন কৰা: শিক্ষাই ব্যক্তিৰ অস্তৰত নিহিত হৈ থকা সুপ্ত প্রতিভা, শক্তি, সামৰ্থ আদিৰ বিকাশ সাধন কৰি এজন ব্যক্তিক সমাজৰ বাবে দক্ষ আৰু কৌশলী কৰি তোলে। যিয়ে ভৱিষ্যতে সমাজত পৰিৱৰ্তন সাধন কৰিব পাৰে।

(২) বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ নিত্য নতুন কৌশল সমূহৰ লগত খাপ খুৱাই তোলাত সহায় কৰে: সময়ৰ পৰিৱৰ্তনৰ লগে লগে পৰিৱৰ্তিত সমাজৰ লগত উপযুক্তভাৱে খাপ খাবৰ কাৰণে শিক্ষা ব্যৱস্থাৰো পৰিৱৰ্তন ঘটাবলগীয়া হয়। সেইবাবে বিজ্ঞান, শিল্প আৰু প্রযুক্তিবিদ্যাৰ দ্ৰুত উন্নতিৰ লগে লগে বৰ্তমান শিক্ষাৰ উদ্দেশ্য, শিক্ষণ পদ্ধতি, শিক্ষাৰ বিষয়বস্তু আদিৰো পৰিৱৰ্তন প্রয়োজন হৈ পৰে। গতিকে এনে পৰিৱৰ্তিত শিক্ষাইহে আকৌ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ নিত্য নতুন কৌশলসমূহৰ সৈতে ছাত্র-ছাত্ৰীসকলক খাপ খুৱাই তোলাত সহায় কৰে, এই উঠি অহা প্ৰজন্মই শেষত আমাৰ সমাজ জীৱনলৈ বিৰল পৰিৱৰ্তন আনিব আৰু ই বৰ্তমানৰ লগতে ভৱিষ্যতৰ সামাজিক উন্নতি আৰু প্ৰগতিত অৰিহণা যোগাব।

(৩) সুনাগৰিক হিচাপে গঢ়ি তোলা: শিক্ষাই হৈছে প্ৰধান বাহক যিয়ে শিক্ষার্থীক প্রয়োজনীয় জ্ঞান প্ৰদান কৰি দেশৰ একোজন সকল ব্যক্তিৰূপে গঢ়ি তোলাত সহায় কৰে। উপযুক্ত শিক্ষাই নাগৰিকসকলৰ মাজত বন্ধুত্বসুলভ মনোভাৱ, সহযোগিতা, সমতা, ন্যায় আদি গুণসমূহৰ বিকাশ সাধন কৰি প্ৰত্যেককে দেশৰ সু-নাগৰিক হিচাপে তৈয়াৰ কৰে। এই নাগৰিক সকলৰ ওপৰতেই এখন সমাজৰ উন্নতি নিৰ্ভৰ কৰে আৰু ই সামাজিক পৰিৱৰ্তনত অৰিহণা যোগাব পাৰে।

(8) শিক্ষার্থীক উপযুক্ত জ্ঞান, কৌশল,দক্ষতা আদি প্ৰদান কৰেঃ শিক্ষাই ব্যক্তিক প্রয়োজনীয় সামাজিক পৰিৱৰ্তন আনিব পৰাকৈ উপযুক্ত জ্ঞান, কৌশল, দক্ষতা আদি প্ৰদান কৰে, যাৰ ফলত প্রত্যেক ব্যক্তিয়ে এখন সমাজৰ অৰ্থনৈতিক প্ৰগতিত অৰিহণা যোগাব পাৰে। ব্যক্তিয়ে শিক্ষাৰ সহায়তেই নিজকে প্রকৃত মানৱ সম্পদলৈ ৰূপান্তৰিত কৰিব পাৰে। এই মানৱ সম্পদৰ ওপৰতেই এখন সমাজৰ পৰিৱৰ্তন নিৰ্ভৰ কৰে।

(৬) শিক্ষাই ব্যক্তিক উৎপাদনক্ষম কৰি তোলেঃ শিক্ষাই নাগৰিক সকলক উৎপাদন কৌশলী, কর্মনিপুণ কৰি তোলে। উপযুক্ত শিক্ষাৰে শিক্ষিত হৈ নাগৰিকসকলে আত্মনিৰ্ভৰশীল হ’ব পাৰে আৰু নিৱনুৱা সমস্যা দূৰ কৰিবলৈ সক্ষম হয়। ব্যক্তিৰ উৎপাদন ক্ষমতাৰ ওপৰত এখন সমাজ্জৰ বা দেশৰ অৰ্থনৈতিক উন্নয়ন নিৰ্ভৰ কৰে।

(৭) শিক্ষার্থীক সমাজ সচেতন আৰু দেশপ্রেমী কৰি তোলে: শিক্ষাই এখন দেশৰ সমাজ সচেতন আৰু দেশপ্রেমী নাগৰিকসকলক গঢ় দি তোলে। শিক্ষার্থীসকলক সজ আচৰণৰ, ন্যায় পৰায়ণ, সহনশীল মনোভাৱ উদাৰতা মূল্যবোধ আদি প্ৰদান কৰি শিক্ষাৰ্থীসকলক সৎ গুণৰ অধিকাৰী কৰি তোলে। ইয়ে সমাজ পৰিৱৰ্তনতো অৰিহণা যোগায়।

(খ) শিক্ষাৰ ক্ষেত্ৰত সামাজিক পৰিবৰ্তনৰ ভূমিকা (Role of Social Change in Education): সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত যেনেদৰে শিক্ষাৰ ভূমিকা তাৎপর্যপূর্ণ ঠিক তেনেদৰে শিক্ষৰ ক্ষেত্ৰতো, সামাজিক পৰিৱৰ্তনৰ ভূমিকা অপৰিসীম। শিক্ষাৰ ক্ষেত্ৰনো সামাজিক পৰিৱৰ্তনে কি ভূমিকা পালন কৰিছে সেই সম্পৰ্কে তলত আলোচনা কৰা হ’ল- 

(১) শিক্ষাৰ লক্ষ্যৰ পৰিৱৰ্তন সাধন: সামাজিক পৰিৱৰ্তনে শিক্ষাৰ 

লক্ষ্যৰ পৰিৱৰ্তন আনিছে। উদাহৰণস্বৰূপে, প্রাচীন ভাৰতৰ শিক্ষাৰ লক্ষ্য আছিল ব্ৰহ্মজ্ঞান লাভ কৰি আত্মাৰ চিৰ মুক্তি সাধন কৰা। অৰ্থাৎ সেই সময়ৰ শিক্ষাৰ লক্ষ্য আধ্যাত্মিকতাৰ ওপৰত প্ৰতিষ্ঠিত আছিল। কিন্তু বর্তমান সমাজ পৰিৱৰ্তনৰ লগে লগে শিক্ষাৰ লক্ষ্যৰো পৰিৱৰ্তন সাধিত হৈছে। সাম্প্ৰতিক শিক্ষাবিদসকলৰ মতে, মনস্তাত্ত্বিক আৰু দাৰ্শনিক দৃষ্টিভংগীৰে শিক্ষাৰ্থীসকলৰ সৰ্বতোমুখী বিকাশ সাধনেই শিক্ষাৰ লক্ষ্য হ’ব লাগে বুলি ক’ব খোজে অর্থাৎ সহজ অৰ্থত শিক্ষাৰ লক্ষ্য হ’ল ব্যক্তি এজনক শাৰীৰিক, আধ্যাত্মিক, অর্থনৈতিক, সামাজিক আদি সকলো দিশৰ শিক্ষা দি সমাজৰ এজন উপযুক্ত ব্যক্তি হিচাপে গঢ়ি তোলে।

২। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ নতুন কৌশলসমূহৰ প্ৰয়োগ সাধন কৰাঃ সাম্প্ৰতিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নে সামাজিক জীৱনলৈ যথেষ্ট প্রভাৱ পেলারলৈ সক্ষম হৈছে। ইয়াৰ লগে লগে সামাজিক পৰিৱৰ্তনেও শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন আনিছে। বর্তমান প্রযুক্তিবিদ্যাক শিক্ষাৰ আটাইতকৈ প্ৰয়োজনীয় আহিলা স্বৰূপে বিবেচিত কৰা হয়। সেইদৰে আকৌ শিক্ষাৰ দ্বাৰাহে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি সম্ভৱপৰ। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ফলত উদ্ভাৱন হোৱা নতুন সা-সঁজুলি কৌশলসমূহ শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰি বৰ্তমানৰ শ্ৰেণীকক্ষৰ শিক্ষাদান আৰু শিক্ষাগ্রহণ প্রক্রিয়া অধিক মনোগ্রাহী কৰি তুলিব পাৰি।

(৩) ব্যক্তিৰ সমাজিক জীৱনৰ মানদণ্ডৰ পৰিৱৰ্তনঃ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে সামাজিক পৰিৱৰ্তনৰ সৃষ্টি হৈছে আৰু এই সমূহে ব্যক্তিৰ ব্যক্তিগত আৰু সামাজিক জীৱনৰ মানদণ্ডতো পৰিৱৰ্তন আনিছে। এইসমূহৰ সহায়তেই মানুহে পূৰ্বৰ তুলনাত বহুতো উন্নতমানৰ জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হৈছে৷জীৱন ধাৰণৰ মানদণ্ডৰ লগে লগে শিক্ষাৰ জগতখনত পৰিৱৰ্তন হ’বলৈ ধৰিলে আৰু যাৰ ফলত মানুহৰ জীৱন ধাৰণৰ প্ৰণালী, খাদ্যাভ্যাস আদিৰ পৰিৱৰ্তন হ’ল।

(8) সার্বজনীন প্রাথমিক শিক্ষা: অতীতৰ শিক্ষা ব্যৱস্থা সর্বজনীন প্ৰকৃতিৰ নাছিল, অৰ্থত শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত কোনো বাধ্য বাধকতাও নাছিল। কিন্তু সামাজিক পৰিৱৰ্তনৰ লগে লগে শিক্ষা বৰ্তমান সকলোৰে কাৰণে বিনামূলীয়া আৰু বাধ্যতামূলক কৰণৰ ওপৰত জোৰ দিয়া হৈছে। জাতি, ধর্ম, বর্ণ, লিংগ নির্বিশেষে সমাজৰ প্রত্যেক ব্যক্তিয়ে বিনামূলীয়া আৰু বাধ্যতামূলক প্রাথমিক শিক্ষা গ্রহণ কৰাতো বর্তমান নিতান্তই প্ৰয়োজনীয় বুলি বিবেচিত হৈছে।

(৫) মহিলাৰ শিক্ষাৰ ওপৰত গুৰত্ব প্রদানঃ বর্তমান সময়ত মহিলা সকলক শিক্ষাৰ যোগেদি অর্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক স্বাধীনতা প্ৰদান কৰাৰ ওপৰত গুৰুত্ব নিক্ষেপ কৰা হৈছে কেৱল মাত্র সামাজিক পৰিৱৰ্তনৰ বাবে। কিয়নো, আজিৰ সমাজত মহিলাসকলকো পুৰুষৰ সমানে সকলো ক্ষেত্ৰতে অংশগ্ৰহণৰ সমান সুযোগ সুবিধা প্রদান হয়। প্রাচীন কালত পুৰুষৰ মহিলাৰ প্ৰতি থকা নীচাত্মিকা মনোভাৱৰ বৰ্তমান পৰিৱৰ্তন ঘটি মহিলাসকলৰ সৱলীকৰণত প্ৰভাৱ পেলাইছে। ইয়ো সামাজিক পৰিৱৰ্তনৰে ফল।

(৬) স্বাক্ষৰতাৰ হাৰ বৃদ্ধি: সামাজিক পৰিৱৰ্তনৰ ফলস্বৰূপেই সমাজত বর্তমান “সকলোৰে বাবে শিক্ষা” (Education for all) ধাৰণাটোৰ বিকাশ সাধন কৰা হৈছে। ইয়াৰ বাবে সৰ্বশিক্ষা অভিযান আঁচনি শিক্ষাৰ অধিকাৰ আইন (২০০৯) আদিৰ যোগেদি বিভিন্ন ধৰণৰ পদক্ষেপো হাতত লোৱা হৈছে।

ওপৰৰ আলোচনাৰ পৰা এটা কথা প্রতীয়মান হয় যে, সামাজিক পৰিৱৰ্তন আৰু শিক্ষাৰ মাজত এক নিবিড় সম্পর্ক আছে। শিক্ষাই হৈছে প্ৰধান আহিলা যাৰ যোগেদি আমি সামাজিক পৰিৱৰ্তন আশা কৰিব পাৰো। শিক্ষাই যেনেকৈ সামাজিক পৰিৱৰ্তনত অৰিহণা যোগায় ঠিক তেনেকৈয়ে শিক্ষাৰ জগতখনতো সামাজিক পৰিৱৰ্তনৰ প্ৰভাৱ অপৰিসীম। গতিকে শিক্ষাই সামাজিক পৰিৱৰ্তনত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে।

4. What Is social change Describe its meaning and “concept with special reference of india.

উত্তৰঃ সামাজিক পৰিৱৰ্তনৰ অৰ্থ (Concept of Social Change): মানুহৰ জীৱন নিৰ্বাহৰ ভাৱাধাৰা, প্ৰণালী, সামাজিক সংগঠন, সামাজিক গাঁঠনি, আচৰণ, পাৰস্পৰিক আন্তঃক্রিয়া আদিৰ পৰিৱৰ্তনেই হ’ল সামাজিক পৰিবৰ্তন। সামাজিক পৰিৱৰ্তন এক অবিৰত আৰু বিশ্বজনীন প্রক্রিয়া। এই পৰিবৰ্তন বিশ্বৰ সকলো ঠাইতে অবিৰতভাৱে সংঘটিত হৈয়ে থাকে। ই সময়ৰ সৈতে জড়িত এক প্রক্রিয়া। উন্নত আৰু শিক্ষিত সমাজত এই পৰিৱৰ্তনৰ গতি খৰতকীয়া, আৰু অশিক্ষিত সমাজত ইয়াৰ পৰিৱৰ্তন ধীৰে স্থিৰে হোৱা পৰিলক্ষিত হয়।

পৰিৱৰ্তন এক গতিশীল ধাৰণা, স্থবিৰ পৰিঘটনা নহয়। ইয়াৰ অস্তিত্ব আমাৰ চাৰিওফালে দেখা যায়। আমি যি ফালেই চকু ফুৰাও সিফালেই পৰিৱৰ্তন হোৱা দেখা পাওঁ। এই পৰিৱৰ্তন দৈহিক, ভৌতিক, সামাজিক, ধর্মীয়, সাংস্কৃতিক, আর্থিক অথবা অন্যান্য যিকোনো ৰূপত হ’ব পাৰে। তোমালোকে নিজৰ কথাকেই ধৰাচোন। আজিৰ পৰা পাঁচ বছৰ আগৰ ‘তুমি’ আৰু বৰ্তমানৰ ‘তুমি’ৰ মাজত তুলনা কৰিলেই পৰিৱৰ্তন ধাৰণাটোক সহজেই বুজিব পাৰিবা । বয়স, দৈহিক সংৰচনা, শিক্ষা, অর্থ, কথা কোৱাৰ ভংগী, বিশ্লেষণ কৰাৰ ক্ষমতা অথবা দৃষ্টিভংগী, বুজাৰ সামৰ্থতা, জ্ঞান, অর্হতা, যোগ্যতা এই সকলোবোৰতেই ‘তুমি’ৰ পৰিৱৰ্তন হৈছে। অৰ্থাৎ পৰিৱৰ্তন এক ধাৰাবাহিক প্রক্রিয়া। ই কাহানিও স্থবিৰ হৈ নপৰে। বিখ্যাত গ্রীক দার্শনিকে হেৰেক্লিটাছে পৰিৱৰ্তনক ব্যাখ্যা কৰিবলৈ গৈ ইয়াক নদীৰ বোৱতী পানীৰ সৈতে তুলনা কৰি উল্লেখ কৰিছিল যে মানুহে কাহানিও নদীৰ একেখিনি পানীত দুবাৰ খোজ পেলাব নোৱাৰে অর্থাৎ যিখিনি পানীত প্রথম খোজ পেলোৱা হয় দ্বিতীয় খোজত সেইখিনি পানী নাপায়। প্ৰথম আৰু দ্বিতীয় খোজৰ ব্যৱধানত মানুহ আৰু পানী দুয়োটাৰে পৰিৱৰ্তন হয়। কোনো এটাই একে হৈ নাথাকে।

পৰিৱৰ্তন প্ৰকৃতিৰ নিয়ম। ই এক ধাৰাবাহিক আৰু অন্তহীন প্ৰক্ৰিয়া ৷ ঠিক একেদৰে সমাজো পৰিৱৰ্তনশীল। পৰিৱৰ্তনশীলতা সমাজৰ এক লেখত ল’বলগীয়া বৈশিষ্ট্য। সমাজৰ পৰিৱৰ্তনৰ লগে লগে সামাজিক সংৰচনা, পদ্ধতি, কার্যপ্রণালী ইত্যাদিবোৰত পৰিৱৰ্তন আহে। তোমালোকে নিশ্চয় সমাজতত্ত্বৰ পিতৃ আগষ্ট কটৰ ব্যাখ্যাত সামাজিক গতিশীলতাৰ বিশ্লেষণ পাইছাই। অনুৰূপভাবে ইংলেণ্ডৰ দাৰ্শনিক হার্বাট স্পেনচাৰ, ফ্রান্স দার্শনিক ইমাইল দুৰখেইম আৰু জাৰ্মান দার্শনিক কার্লমার্ক্সৰ ব্যাখ্যাত পোৱা পৰিৱৰ্তন ধাৰণাটোৰ সৈতে তোমালোক চিনাকী হৈছাই। চমুকৈ ক’বলৈ গ’লে পৰিৱৰ্তন অৱধাৰণাই সমাজতত্ত্ববিদসকলৰ আলোচনাত সদায়েই মুখ্য স্থান অধিকাৰ কৰি আহিছে।

মেক আইভাৰ আৰু পেজৰ মতে সমাজ সামাজিক সম্বন্ধৰ জালগোঁথনি স্বৰূপ। কিন্তু এই সম্বন্ধবোৰো পৰিৱৰ্তনশীল প্ৰকৃতিৰ। মানুহৰ দ্বাৰা গঠিত সমাজৰ সময় সলনিৰ লগে লগে পৰিবৰ্তন হয়। প্রযুক্তিবিদ্যাৰ প্ৰসাৰণৰ লগে লগে সা-সঁজুলিৰ ব্যৱহাৰত পৰিৱৰ্তন দেখা যায় ইয়াৰ লগতে সংস্থাগত ক্ৰিয়া আৰু সংৰচনাৰো পৰিৱৰ্তন হয়। অর্থাৎ কোনো সমাজেই একে ঠাইতে ৰৈ নাথাকে। এহেজাৰ বছৰৰ আগৰ এচিয়া, ইউৰোপ আৰু আফ্রিকা বা আমেৰিকাৰ সমাজৰ তুলনাত বৰ্তমানৰ সমাজৰ যথেষ্ট পৰিৱৰ্তন হৈছে আৰু আগন্তুক এহেজাৰ বছৰৰ পিছৰ সমাজতো এনে পৰিৱৰ্তন দেখা পোৱা যায়।

কিন্তু কিহৰ কাৰণত সামাজিক পৰিৱৰ্তন হয় বা সামাজিক পৰিৱৰ্তনৰ বাবে কোনকেইটা কাৰক দায়ী তাক স্পষ্টভাৱে ক’ব নোৱাৰি। সামাজিক পৰিৱৰ্তনৰ ধ্রুপদী সিদ্ধান্তবোৰৰ মতে ধৰ্ম, অর্থনৈতিক উন্নয়ন, মহান ব্যক্তিত্ব, পৰিৱেশ সম্বন্ধীয় পৰিস্থিতি আৰু প্ৰযুক্তিবিদ্যাত হোৱা পৰিৱৰ্তনে সামাজিক পৰিৱৰ্তন আনে। অর্থাৎ এইবোৰ শিকলিৰ যোগসূত্ৰত আন্তঃসম্পর্কিত। সেয়ে হয়তো ৰোমান কবি লুক্রেটিয়াছে লিখিছিল সেইজনে সুখী যিজনে পৰিৱৰ্তনৰ কাৰণ জানে।

এইদৰে-আনি ক’ব পাৰো বেসামাজিক পৰিৱৰ্তনে সামাজিক সংগঠনত হোৱা পৰিৱৰ্তনক বুজাৰ অৰ্থাৎ সমাজৰ সংৰচনা আৰু ক্ৰিয়াত হোৱা পৰিৱৰ্তনেই সামাজিক পৰিৱৰ্তন। চমুকৈ ক’বলৈ গ’লে মানৱ সমাজত আমি দেখা, জনা বা প্রত্যক্ষ কৰা এতিহানিক ভিন্নতা সামাজিক পৰিৱৰ্তন। অর্থাৎ ই ৰাজনৈতিক সংস্থা, ধৰ্মীয় সংৰচনা, শ্ৰেণী আৰু জাতি ব্যৱস্থা, সামাজিক পদ্ধতি, অর্থনৈতিক পদ্ধতি, জীৱন-ধাৰণ প্ৰণালী, সাংস্কৃতিক এতিহ্য, জীৱন শৈলী বা মানুহৰ সামাজিক সম্বন্ধত হোৱা পৰিৱৰ্তনক বুজায়। চমুকৈ ক’বলৈ গ’লে সামাজিক পৰিৱৰ্তন মানে মানুহৰ পৰিৱৰ্তন। কিংলি ডেভিচৰ ভাষাত ক’বলৈ গ’লে সমাজত পৰিৱৰ্তন হ’বলৈ হ’লে মানুহৰ পৰিৱৰ্তন হোৱাটো অতি প্রয়োজন। সামাজিক পৰিৱৰ্তনৰ গতি আৰু মাত্ৰা সময় আৰু সমাজভেদে ভিন -ভিন হোৱা দেখা যায়। কেতিয়াবা কিছুমান সমাজত পৰিৱৰ্তন ক্ষিপ্ত গতিত হোৱাৰ বিপৰীতে কেতিয়াবা ই লাহে লাহে হয়।

5. Describe education as an agency of human resource development.

উত্তৰঃ শিক্ষা আৰু মানৱ সম্পদৰ বিকাশৰ মাজত এক ওতপ্রোত

সম্বন্ধ পৰিলক্ষিত হয়। কিয়নো, শিক্ষাইহে প্রকৃত মানৱ সম্পদ বিকাশ সাধন ঘটাব পাৰে। বৰ্তমান আমাৰ পৃথিৱীখন এটা সৰু গোলকলৈ ৰূপান্তৰিত হৈছে। আধুনিকীকৰণ, গোলকীকৰণ, উদাৰীকৰণ, ব্যক্তিগতকৰণৰ সময়ছোৱাত আমাৰ শিক্ষণ ব্যৱস্থাক কেনেদৰে এই সময়োপযোগী পৰিস্থিতিৰ লগত খাপ খুৱাই উন্নতিৰ শিখৰলৈ আগবঢ়াই নিব পাৰি তাৰ ওপৰতেই আমাৰ দেশৰ প্ৰগতি নিৰ্ভৰশীল গতিকে শিক্ষাৰ গুণগত মানদণ্ডৰ প্ৰসাৰ ঘটাই বিজ্ঞান, প্রযুক্তি আৰু কাৰিকৰী বিদ্যাৰ সকলো দিশকে সাঙুৰি শিক্ষাৰ কাৰ্যক্ৰম প্ৰস্তুত কৰিলেহে প্ৰকৃত মানৱ সম্পদ বিকাশ ঘটিল। এইক্ষেত্ৰত শৈক্ষিক অনুষ্ঠানসমূহক “শৈক্ষিক উদ্যোগ বা কাৰখানা” (Educational factories) আৰু উদ্যোগিক প্রতিষ্ঠান বুলি অভিহিত কৰিব পাৰি য’ত শিক্ষকসকল হৈছে গঢ়োতা অর্থাৎ শিক্ষকসকলেই শিক্ষার্থী সকলৰ প্ৰতিভা সমূহৰ বিকাশ ঘটাই বিভিন্ন ধৰণেৰে গঢ় দিব পাৰে। অন্তর্নিহিত গুণাৱলীৰ বিকাশ সাধন কৰি ভবিষ্যত জীৱনৰ বাবে প্ৰস্তুত কৰি তোলে। বর্তমান শিক্ষাক মানৱ সম্পদ বিকাশৰ আহিলা বুলি মত পোষণ কৰা হৈছে।

In the words of V. K. R V. Rao, “India is a’ land of poverty and unskilled labour which can be solved only through education.

মানৱ সম্পদৰ বিকাশত শিক্ষাৰ ভূমিকা নিম্নলিখিত ধৰণেৰে উপস্থাপন কৰিব পাৰি—

১। শিক্ষাৰ্থীৰ আৰ্জিত গুণাৱলীৰ বিকাশ সাধনঃ এটা সদ্য নৱজাত শিশুৱে অধিক সম্ভাৱনীয়তা, প্রতিভা আৰু গুণাগুণ লৈ জন্মগ্রহণ কৰে। শিক্ষাই শিশুৰ এই অন্তর্নিহিত গুণাবলীৰ বিকাশ সাধন কৰাত সহায় কৰে আৰু যোগ্যৱান কৰি তোলে।

২। শিশুৰ দক্ষতা আৰু সৃজনীশীল প্রতিভার বিকাশ সাধনঃ শিক্ষাই সুপ্ত প্রতিভা আৰু সৃজনীশীল ক্ষমতাসমূহ চিনাক্ত কৰি তোলাত সহায় কৰে। নতুন নতুন কৌশল আৱিষ্কাৰ কৰি তুলিব পৰাকৈ দক্ষ আৰু কৌশলী কৰি তোলে।

৩। মানৱ শক্তিৰ গুণগত আৰু পৰিমাণগত বিকাশ সাধন: মানুহৰ গুণগত আৰু পৰিমাণগত বিকাশ সাধন কৰাই শিক্ষাৰ এক পৰম লক্ষ্য। শিক্ষার্থীসকলৰ ব্যক্তিত্বৰ বিকাশ সাধন কৰি যিকোনো কামৰ বাবে দক্ষ কৰি তোলাত শিক্ষাই সহায় কৰে। 

৪। উৎপাদনক্ষম কৰি তোলাত সহায় কৰাঃ শিক্ষাই ব্যক্তিক যিকোনো উৎপাদনৰ বাবেই দক্ষ আৰু কৰ্মপটু কৰি তোলে।

শিক্ষার্থীসকলক উপযুক্ত প্রশিক্ষণপ্রাপ্ত আৰু কৌশলী কৰি তুলি উৎপাদনৰ জগতখনত অৰিহণা যোগাব পৰাকৈ সক্ষম কৰি তোলে। 

৫। বৃত্তিমূলক দক্ষতাৰ বিকাশ সাধন: শিক্ষাই ব্যক্তিক যিকোনো এটা বৃত্তি নিবাৰ্চন কৰি লোৱাত বা যিকোনো বৃত্তিৰ বাবে যোগ্য কৰি তোলাত সহায় কৰে। নিজৰ আগ্ৰহ, অভিপ্রায়, অভিৰুচিৰ সহায়ত ব্যক্তিৰ বৃত্তিমূলক দক্ষতাৰ বিকাশ সাধন কৰি তোলাত শিক্ষাৰ ভূমিকা অপৰিসীম।

৬। সুস্থ অৰ্থনীতিৰ বিকাশ: এখন দেশৰ শিক্ষা ব্যৱস্থাৰ ওপৰতেই সেই দেশৰ মানৱ শক্তিৰ বিকাশ নিৰ্ভৰ কৰে। মানৱ শক্তিৰ বিকাশৰ লগে লগে সুস্থ অৰ্থনীতিৰ বিকাশ আশা কৰিব পাৰি।

৭। সামাজিক জীৱনৰ পৰিৱৰ্তনঃ উপযুক্ত শিক্ষাই মানৱ সম্পদৰ বিকাশ সাধন কৰি সামাজিক পৰিৱৰ্তনত অৰিহণা যোগায়। কিয়নো শিক্ষাই ব্যক্তিৰ মনৰ অন্ধবিশ্বাস দূৰ কৰি জ্ঞানৰ পোহৰ বিলাই আৰু প্রয়োজনীয় সামাজিক পৰিৱৰ্তন আনিব পৰাকৈ কৌশলী কৰি তোলে। 

৮। সু-নাগৰিক চিনাক্তকৰণঃ শিক্ষাই সমাজ আৰু দেশৰ উন্নতিৰ বাবে প্রয়োজন হোৱা সচেতন, দেশপ্রেম, কৌশলী ব্যক্তিসকলৰ গঢ় দি তোলাত সহায় কৰে।

গতিকে আমি ক’ব পাৰো যে শিক্ষা আৰু মানৱ সম্পদৰ বিকাশৰ মাজত এক ঘনিষ্ঠ সম্পর্ক আছে। দেশৰ উন্নতিৰ বাবে প্ৰয়োজন হোৱা মানৱ সম্পদৰ সঠিক ৰূপায়ন আৰু গঢ় দিবৰ বাবে শিক্ষাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। সেয়েহে শিশুৰ অন্তনিৰ্হিত গুণাৱলীৰ বিকাশ সাধন কৰিব পৰাকৈ আৰু যিকোনো কামৰ বাবে দক্ষ আৰু কৌশলী কৰি তুলিবলৈ দেশৰ শিক্ষা ব্যৱস্থা সু-পৰিকল্পিত আৰু নিয়ন্ত্ৰিত কৰাটো বাঞ্চনীয় । ইয়াৰ বাবে শিক্ষাৰ পাঠ্যক্ৰমখনত বিভিন্ন ধৰণৰ বিষয়বস্তু অন্তর্ভূক্তি কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। প্রকৃত মানৱ সম্পদ গঠন কৰিবলৈ হ’লে পাঠ্যক্ৰমখনত বিজ্ঞানভিত্তিক শিক্ষা (Science based education) ৰ অন্তৰ্ভুক্তি কৰিব লাগিব। যিয়ে শিক্ষাৰ্থীসকলৰ মনৰ অজ্ঞানতা দূৰ কৰি বহল মনৰ অধিকাৰী কৰি তুলিব পাৰে। বৰ্তমান পৰিৱৰ্তনশীল সমাজৰ লগত খাপ খাব পৰাকৈ আৰু ছাত্ৰ-ছাত্ৰীৰ আগ্ৰহ, অভিৰুচি আৰু প্ৰয়োজনীয়তাৰ লক্ষ্য ৰাখি শিক্ষাৰ পাঠ্যক্ৰমখন প্ৰস্তুত কৰা উচিত। কিয়নো পাঠ্যক্ৰমৰ সঠিক ৰূপায়নৰ ওপৰতেই মানৱ সম্পদ বিকাশ নিৰ্ভৰ কৰিছে।

6. Discuss how education functions as an instru ment of social change

Or

“Education as a result of social change” – ex plain.

উত্তৰঃ এখন সমাজৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত শিক্ষাৰ ভূমিকা অনস্বীকার্য। শিক্ষাই হৈছে সামাজিক পৰিৱৰ্তনৰ প্ৰধান বাহক বা আহিলা স্বৰূপ। সামাজিক পৰিৱৰ্তনত শিক্ষাই নিম্নলিখিত কার্যসমূহ সম্পাদনা কৰে।

(১) সুপ্ত প্রতিভাৰ বিকাশ সাধন কৰা: শিক্ষাই ব্যক্তিৰ অস্তৰত নিহিত হৈ থকা সুপ্ত প্রতিভা, শক্তি, সামর্থ আদিৰ বিকাশ সাধন কৰি এজন ব্যক্তিক সমাজৰ বাবে দক্ষ আৰু কৌশলী কৰি তোলে। যিয়ে ভৱিষ্যতে সমাজত পৰিৱৰ্তন সাধন কৰিব পাৰে।

(২) বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ নিত্য নতুন কৌশল সমূহৰ লগত খাপ খুৱাই তোলাত সহায় কৰে: সময়ৰ পৰিৱৰ্তনৰ লগে লগে পৰিৱৰ্তিত সমাজৰ লগত উপযুক্তভাৱে খাপ খাবৰ কাৰণে শিক্ষা ব্যৱস্থাৰো পৰিৱৰ্তন ঘটাবলগীয়া হয়। সেইবাবে বিজ্ঞান, শিল্প আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নতিৰ লগে লগে বৰ্তমান শিক্ষাৰ উদ্দেশ্য, শিক্ষণ পদ্ধতি, শিক্ষাৰ বিষয়বস্তু আদিৰো পৰিৱৰ্তন প্রয়োজন হৈ পৰে। গতিকে এনে পৰিৱৰ্তিত শিক্ষাইহে আকৌ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ নিত্য নতুন কৌশলসমূহৰ সৈতে ছাত্র-ছাত্রীসকলক খাপ খুৱাই তোলাত সহায় কৰে, এই উঠি অহা প্ৰজন্মই শেষত আমাৰ সমাজ জীৱনলৈ বিৰল পৰিৱৰ্তন আনিব আৰু ই বৰ্তমানৰ লগতে ভৱিষ্যতৰ সামাজিক উন্নতি আৰু প্ৰগতিত অৰিহণা যোগাব।

(৩) সুনাগৰিক হিচাপে গঢ়ি তোলা: শিক্ষাই হৈছে প্রধান বাহক যিয়ে শিক্ষার্থীক প্রয়োজনীয় জ্ঞান প্রদান কৰি দেশৰ একোজন সবল ব্যক্তিৰূপে গঢ়ি তোলাত সহায় কৰে। উপযুক্ত শিক্ষাই নাগৰিকসকলৰ মাজত বন্ধুত্বসুলভ মনোভাৱ, সহযোগিতা, সমতা, ন্যায় আদি গুণসমূহৰ বিকাশ সাধন কৰি প্ৰত্যেককে দেশৰ সু-নাগৰিক হিচাপে তৈয়াৰ কৰে। এই নাগৰিক সকলৰ ওপৰতেই এখন সমাজৰ উন্নতি নিৰ্ভৰ কৰে আৰু ই সামাজিক পৰিৱৰ্তনত  যোগাব পাৰে।

(8) শিক্ষার্থীক উপযুক্ত জ্ঞান, কৌশল,দক্ষতা আদি প্ৰদান কৰেঃ শিক্ষাই ব্যক্তিক প্রয়োজনীয় সামাজিক পৰিৱৰ্তন আনিব পৰাকৈ উপযুক্ত জ্ঞান, কৌশল, দক্ষতা আদি প্ৰদান কৰে, যাৰ ফলত প্রত্যেক ব্যক্তিয়ে এখন সমাজৰ অৰ্থনৈতিক প্ৰগতিত অৰিহণা যোগাব পাৰে। ব্যক্তিয়ে শিক্ষাৰ সহায়তেই নিজকে প্ৰকৃত মানৱ সম্পদলৈ ৰূপান্তৰিত কৰিব পাৰে। এই মানৱ সম্পদৰ ওপৰতেই এখন সমাজৰ পৰিৱৰ্তন নিৰ্ভৰ কৰে।

(৬) শিক্ষাই ব্যক্তিক উৎপাদনক্ষম কৰি তোলেঃ শিক্ষই নাগৰিক সকলক উৎপাদন কৌশলী, কর্মনিপুণ কৰি তোলে। উপযুক্ত শিক্ষাৰে শিক্ষিত হৈ নাগৰিকসকলে আত্মনিৰ্ভৰশীল হ’ব পাৰে আৰু নিৱনুৱা সমস্যা দূৰ কৰিবলৈ সক্ষম হয়। ব্যক্তিৰ উৎপাদন ক্ষমতাৰ ওপৰত এখন সমাজ্জৰ বা দেশৰ অৰ্থনৈতিক উন্নয়ন নিৰ্ভৰ কৰে।

(৭) শিক্ষার্থীক সমাজ সচেতন আৰু দেশপ্রেমী কৰি তোলে: শিক্ষাই এখন দেশৰ সমাজ সচেতন আৰু দেশপ্রেমী নাগৰিকসকলক গঢ় দি তোলে। শিক্ষাৰ্থীসকলক সজ আচৰণৰ, ন্যায় পৰায়ণ, সহনশীল মনোভাৱ, উদাতা মূল্যবোধ আদি প্ৰদান কৰি শিক্ষাৰ্থীসকলক সৎ গুণৰ অধিকাৰী কৰি তোলে। ইয়ে সমাজ পৰিৱৰ্তনতো অৰিহণা যোগায়।

7. What is social change. How do social changes ‘effect education.

উত্তৰঃ মানুহৰ জীৱন নিৰ্বাহৰ ভাৱাধাৰা, প্ৰণালী, সামাজিক সংগঠন, সামাজিক গাঁঠনি, আচৰণ, পাৰস্পৰিক আন্তঃক্রিয়া আদিৰ পৰিৱৰ্তনেই হ’ল সামাজিক পৰিৱৰ্তন। সামাজিক পৰিৱৰ্তন এক অবিৰত আৰু বিশ্বজনীন প্রক্রিয়া। এই পৰিবৰ্তন বিশ্বৰ সকলো ঠাইতে অবিৰতভাৱে সংঘটিত হৈয়ে থাকে। ই সময়ৰ সৈতে জড়িত এক প্রক্রিয়া। উন্নত আৰু শিক্ষিত সমাজত এই পৰিৱৰ্তনৰ গতি খৰতকীয়া, আৰু অশিক্ষিত সমাজত ইয়াৰ পৰিৱৰ্তন ধীৰে স্থিৰে হোৱা পৰিলক্ষিত হয়। 

লুণ্ডবার্গৰ মতে, ‘সামাজিক পৰিৱৰ্তনে আন্তঃমানৱীয় সম্বন্ধৰ প্রতিষ্ঠিত আৰ্হি আৰু আচৰণৰ মানদণ্ডৰ সাল-সলনিক বুজায়।” (Social change refers to any modification in established patterns of inter human relationships and standards of con duct.)

(Social change is change in social structure (including changes in the size of society) or in particular social institutions or in the relationship between institutions.)

টি.বি. বটমৰৰ মতে, “সামাজিক পৰিৱৰ্তনক এজন মানুহৰ জীৱন বা এখন সমাজৰ ক্ৰিয়াক সলনি বা বদলিৰে নতুন ধুন বা আৰ্হিৰ প্ৰতিষ্ঠা বুলি ক’ব পাৰি।” (Social change may be defined as a new fashion or mode either modifying or replacing the old in the life of a people or in the operation of a society.)

শিক্ষাৰ ক্ষেত্ৰত সামাজিক পৰিবৰ্তনৰ ভূমিকা (Role of Social Change in Education): সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত যেনেদৰে শিক্ষাৰ ভূমিকা তাৎপর্যপূর্ণ ঠিক তেনেদৰে শিক্ষাৰ ক্ষেত্ৰতো, সামাজিক পৰিৱৰ্তনৰ ভূমিকা অপৰিসীম। শিক্ষাৰ ক্ষেত্ৰতনো সামাজিক পৰিৱৰ্তনে কি ভূমিকা পালন কৰিছে সেই সম্পৰ্কে তলত আলোচনা কৰা হ’ল

(১) শিক্ষাৰ লক্ষ্যৰ পৰিবর্তন সাধন: সামাজিক পৰিৱর্তনে শিক্ষাৰ লক্ষ্যৰ পৰিৱৰ্তন আনিছে। উদাহৰণস্বৰূপে, প্রাচীন ভাৰতৰ শিক্ষাৰ লক্ষ্য আছিল ব্ৰহ্মজ্ঞান লাভ কৰি আত্মাৰ চিৰ মুক্তি সাধন কৰা। অর্থাৎ সেই সময়ৰ শিক্ষাৰ লক্ষ্য আধ্যাত্মিকতাৰ ওপৰত প্ৰতিষ্ঠিত আছিল। কিন্তু বর্তমান সমাজ পৰিৱৰ্তনৰ লগে লগে শিক্ষাৰ লক্ষ্যৰো পৰিৱৰ্তন সাধিত হৈছে। সাম্প্ৰতিক শিক্ষাবিদসকলৰ মতে, মনস্তাত্ত্বিক আৰু দাৰ্শনিক দৃষ্টিভংগীৰে শিক্ষাৰ্থীসকলৰ সৰ্বতোমুখী বিকাশ সাধনেই শিক্ষাৰ লক্ষ্য হ’ব লাগে বুলি ক’ব খোজে অর্থাৎ সহজ অৰ্থত শিক্ষাৰ লক্ষ্য হ’ল ব্যক্তি এজনক শাৰীৰিক, আধ্যাত্মিক, অর্থনৈতিক, সামাজিক আদি সকলো দিশৰ শিক্ষা দি সমাজৰ এজন উপযুক্ত ব্যক্তি হিচাপে গঢ়ি তোলে। 

২। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ নতুন কৌশলসমূহৰ প্ৰয়োগ সাধন কৰাঃ সাম্প্রতিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্রুত উন্নয়নে সামাজিক জীৱনলৈ যথেষ্ট প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। ইয়াৰ লগে লগে সামাজিক পৰিৱৰ্তনেও শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন আনিছে। বর্তমান প্রযুক্তিবিদ্যাক শিক্ষাৰ আটাইতকৈ প্ৰয়োজনীয় আহিলা স্বৰূপে বিবেচিত কৰা হয়। সেইদৰে আকৌ শিক্ষাৰ দ্বাৰাহে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি সম্ভৱপৰ। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ফলত উদ্ভাৱন হোৱা নতুন সা-সঁজুলি কৌশলসমূহ শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰি বৰ্তমানৰ শ্ৰেণীকক্ষৰ শিক্ষাদান আৰু শিক্ষাগ্রহণ প্রক্রিয়া অধিক মনোগ্রাহী কৰি তুলিব পাৰি।

(৩) ব্যক্তিৰ সমাজিক জীৱনৰ মানদণ্ডৰ পৰিৱৰ্তনঃ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে সামাজিক পৰিৱৰ্তনৰ সৃষ্টি হৈছে আৰু এই সমূহে ব্যক্তিৰ ব্যক্তিগত আৰু সামাজিক জীৱনৰ মানদণ্ডতো পৰিৱৰ্তন আনিছে। এইসমূহৰ সহায়তেই মানুহে পূৰ্বৰ তুলনাত বহুতো উন্নতমানৰ জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হৈছে৷জীৱন ধাৰণৰ মানদণ্ডৰ লগে লগে শিক্ষাৰ জগতখনত পৰিৱৰ্তন হ’বলৈ ধৰিলে আৰু যাৰ ফলত মানুহৰ জীৱন ধাৰণৰ প্ৰণালী, খাদ্যাভ্যাস আদিৰ পৰিৱৰ্তন হ’ল।

(8) সার্বজনীন প্রাথমিক শিক্ষা: অতীতৰ শিক্ষা ব্যৱস্থা সর্বজনীন প্ৰকৃতিৰ নাছিল, অৰ্থত শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত কোনো বাধ্য বাধকতাও নাছিল। কিন্তু সামাজিক পৰিৱৰ্তনৰ লগে লগে শিক্ষা বৰ্তমান সকলোৰে কাৰণে বিনামূলীয়া আৰু বাধ্যতামূলক কৰণৰ ওপৰত জোৰ দিয়া হৈছে। জাতি, ধর্ম, বর্ণ, লিংগ নির্বিশেষে সমাজৰ প্ৰত্যেক ব্যক্তিয়ে বিনামূলীয়া আৰু বাধ্যতামূলক প্রাথমিক শিক্ষা গ্ৰহণ কৰাতো বৰ্তমান নিতান্তই প্রয়োজনীয় বুলি বিবেচিত হৈছে।

(৫) মহিলাৰ শিক্ষাৰ ওপৰত গুৰত্ব প্রদানঃ বর্তমান সময়ত মহিলা সকলক শিক্ষাৰ যোগেদি অর্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক স্বাধীনতা প্রদান কৰাৰ ওপৰত গুৰুত্ব নিক্ষেপ কৰা হৈছে। কেৱল মাত্র সামাজিক পৰিৱৰ্তনৰ বাবে। কিয়নো, আজিৰ সমাজত মহিলাসকলকো পুৰুষৰ সমানে সকলো ক্ষেত্ৰতে অংশগ্ৰহণৰ সমান সুযোগ সুবিধা প্রদান হয়। প্রাচীন কালত পুৰুষৰ মহিলাৰ প্ৰতি থকা নীচাত্মিকা মনোভাৱৰ বৰ্তমান পৰিৱৰ্তন ঘটি মহিলাসকলৰ সৱলীকৰণত প্ৰভাৱ পেলাইছে। ইয়ো সামাজিক পৰিৱৰ্তনৰে ফল।

(৬) স্বাক্ষৰতাৰ হাৰ বৃদ্ধি: সামাজিক পৰিৱৰ্তনৰ ফলস্বৰূপেই সমাজত বৰ্তমান “সকলোৰে বাবে শিক্ষা” (Education for all) ধাৰণাটোৰ বিকাশ সাধন কৰা হৈছে। ইয়াৰ বাবে সর্বশিক্ষা অভিযান আঁচনি শিক্ষাৰ অধিকাৰ আইন (২০০৯) আদিৰ যোগেদি বিভিন্ন ধৰণৰ পদক্ষেপো হাতত লোৱা হৈছে।

ওপৰৰ আলোচনাৰ পৰা এটা কথা প্রতীয়মান হয় যে, সামাজিক পৰিৱৰ্তন আৰু শিক্ষাৰ মাজত এক নিবিড় সম্পর্ক আছে। শিক্ষাই হৈছে প্ৰধান আহিলা যাৰ যোগেদি আমি সামাজিক পৰিৱৰ্তন আশা কৰিব পাৰো। শিক্ষাই যেনেকৈ সামাজিক পৰিৱৰ্তনত অৰিহণা যোগায় ঠিক তেনেকৈয়ে শিক্ষাৰ জগতখনতো সামাজিক পৰিৱৰ্তনৰ প্ৰভাৱ অপৰিসীম। গতিকে শিক্ষাই সামাজিক পৰিৱৰ্তনত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top