Sociological Foundations of Education Unit 2 শিক্ষা, সামাজিক দিশ আৰু সামাজিক প্রক্রিয়া

Sociological Foundations of Education Unit 2 শিক্ষা, সামাজিক দিশ আৰু সামাজিক প্রক্রিয়া Notes, College and University Answer Bank of Education for BA, and Post Graduate Notes and Guide Available here, Sociological Foundations of Education Unit 2 শিক্ষা, সামাজিক দিশ আৰু সামাজিক প্রক্রিয়া Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus eg. Dibrugarh University and Guwahati University so that you can easily browse through different College and University Guide and Notes here. Sociological Foundations of Education Unit 2 শিক্ষা, সামাজিক দিশ আৰু সামাজিক প্রক্রিয়া Question Answer can be of great value to excel in the examination.

Sociological Foundations of Education Unit 2 শিক্ষা, সামাজিক দিশ আৰু সামাজিক প্রক্রিয়া

Join Telegram channel

Sociological Foundations of Education Unit 3 Education, Social Aspects and Socialization Process Notes cover all the exercise questions in UGC Syllabus. The Sociological Foundations of Education Unit 2 শিক্ষা, সামাজিক দিশ আৰু সামাজিক প্রক্রিয়া provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

শিক্ষা, সামাজিক দিশ আৰু সামাজিক প্রক্রিয়া

EDUCATION

শিক্ষাৰ সমাজতাত্বিক আধাৰ

Sociological Foundations of Education


1. Answer the following

(i) Who defined “Social stratification is a horizontal division of society into ‘higher’ and ‘lower’ social units.”

(a) W. Moore.

(b) Williams. 

(c) P. Sorokin.

(d) Ogburn.

Ans. (a) W. Moore.

(ii) Who defined “Social mobility means movement within the social structure.”

(a) William Headrick.

(b) Miller and work. 

(c) Young and Mack.

(d) P. Sorokin.

Ans. (c) Young and Mack.

(iii) Caste system weakened in the 20th century 

(a) Last fifty decades.

(b) First fifty decades. 

(c) In the middle decades.

(d) None of the above.

Ans. (b) First fifty decades.

(iv) Who defined “Social stratification is the division of society into permanent groups of categories linked with each other by the relationship of superiority and Subordination.”

(a) P. Crisbert.

(b) Ogburn and Nimkoff

(c) Bergel.

(d) Kingsley Devis.

Ans. (a) P. Crisbert. 

(v) Which is not a characteristic of. modernization.

(a) Religion faith…

(b) Mobility. 

(c)Empathy.

(d) Participation.

Ans. (c) Empathy.

(vi) When a group of people learn something and change their behaviour and attitudes as a result then we can say that this group has- learning.

(a) Co-operated.

(b) Assimilated_ 

(c) Competited.

(d) Conflicted.

Ans. (b) Assimilated.

(vii) Social stratification means.

(a) Traits that are socio-economic in nature. 

(b) Differentiation which carries social prestige –

(c) Groups of different sex, age and intelligence.

(d) All of these.

Ans. (a) Traits that are socio-economic in nature. 

(viii) Socialization process in human being takes place.

(a) During childhood.

(b) At different intervals

(c) For the whole life.

(d) During young age – 

Ans. (c)For the whole life.

(ix) Which is the pattern of modernization through education.

(a) Capitalist.

(b) Non-Capitalist.

(c) Both.

(d) Neither.

Ans. (c) Both.

2. What Is the meaning of socialization

উত্তৰঃ যি প্ৰক্ৰিয়াৰদ্বাবা ব্যক্তিয়ে সমাজৰ নীতি-নিয়ম, আইন-শৃংখলা, আদেশ, মানদণ্ড, ঐতিহা, কলা-সংস্কৃতি আদি অনুসৰণ কৰি সেই অনুসৰি নিজৰ আচাৰ-ব্যৱহাৰ নিয়ন্ত্ৰণ আৰু প্ৰদৰ্শন কব্‌সিলৈ শিকে তাকেই সামাজিকীকৰণ বোলা হয়।

মেকআইভাৰৰ মতে, “সামাজিকীকৰণ হৈছে এনে এক প্ৰক্ৰিয়া যাৰ দ্বাৰা সামাজিক জীৱই পৰস্পৰে পৰস্পৰৰ লগত অধিক ব্যাপক আৰু গভীৰ সম্বন্ধ স্থাপন কৰে, যাৰ যোগেদি তেওঁলোকৰ মাজত থকা। বান্ধোন আৰু নিৰ্ভৰশীলতা বৃদ্ধি পায়, যাৰ যোগেদি আনৰ প্ৰতি দায়বদ্ধতা আৰু দায়িত্ববোধ গঢ়ি উঠে, যাৰ জৰিয়তে তেওঁলোকে নিজৰ আৰু আনৰ ব্যক্তিত্বৰ প্ৰতি অধিক সচেতন হয় আৰু যাৰ সহায়ত ঘনিষ্ঠ আৰু দূৰ সম্পৰ্কৰ এক জটিল গাঁথনি গঢ় লৈ উঠে।”

সমাজবিজ্ঞানীসকলৰ মতে, কোনো শিশুবেই জন্মতেই সামাজিক গুণ বা সমাজবিৰোধী হৈ জন্মনহয়।শিণশু ক্ৰমে ডাঙৰ হৈ সমাজত বিভিন্ন লোকৰ সংস্পৰ্শলৈ আহি সমাজৰ আচাৰ ব্যৱহাৰ, ৰীতি-নীতি, বাধা নিষেধ ইত্যাদি আয়ত্ব কৰিবলৈ সক্ষম হয়। এনেদৰে সমাজৰ লগত উপযুক্তভাৱে খাপ খাব পৰা গুণৰাজি আয়ত্ব কৰা প্ৰক্ৰিয়াই হ’ল সামাজিকীকৰণ।

3. Define socialization.

উত্তৰঃ মেকআইভাৰৰ মতে, “সামাজিকীকৰণ হৈছে এনে এক প্ৰক্ৰিয়া যাৰ দ্বাৰা সামাজিক জীৱই পৰস্পৰে পৰস্পৰৰ লগত অধিক ব্যাপক আৰু গভীৰ সম্বন্ধ স্থাপন কৰে, যাৰ যোগেদি তেওঁলোকৰ মাজত থকা। বান্ধোন আৰু নিৰ্ভৰশীলতা বৃদ্ধি পায়, যাৰ যোগেদি আনৰ প্ৰতি দায়বদ্ধতা আৰু দায়িত্ববোধ গঢ়ি উঠে, যাৰ জৰিয়তে তেওঁলোকে নিজৰ আৰু আনৰ ব্যক্তিত্বৰ প্ৰতি অধিক সচেতন হয় আৰু যাৰ সহায়ত ঘনিষ্ঠ আৰু দূৰ সম্পৰ্কৰ এক জটিল গাঁথনি গঢ় লৈ উঠে।”

4. What are the characteristics of competition.

উত্তৰঃ ১। ই এক সর্বজনীন আৰু বিশ্বজনীন প্রক্রিয়া ।

২। ইএক অচেতনপ্রক্রিয়া। 

৩। ই ব্যক্তিৰ ব্যক্তিত্বৰ বিকাশ সাধন কৰে

৪। ইহ’ল বহুতক পৰাভূত কৰি নিজেই আগস্থান দখল কৰা প্ৰক্ৰিয়া।

৫। প্রতিযোগিতা ব্যক্তি বিশেষৰ বাহিৰেও দলগত ভাৱ হ’ব পাৰে। 

5. Discuss the process of socialization.

উত্তৰঃ সমাজিকীকৰণত কেইটামান প্রক্রিয়া দেখিবলৈ পোৱা যায় ৷

সেইবোৰ হ’ল-

১। প্রতিযোগিতা ৷

২। সহযোগিতা ৷

৩। সংঘাত ৷

৪। উপযোজন ৷

৫। সমন্বয়ন বা আত্মীকরণ ৷

৬। অনুশাসন ৷

১। প্রতিযোগিতা (Competition) :- কোনো এটা উদ্দেশ্যত উপনীত হ’বৰ বাবে দুজন বা তাতোধিক ব্যক্তিৰ মাজত যি পাৰস্পৰিক প্ৰতিদ্বন্দ্বিতা চলে তাকে প্রতিযোগিতা বোলা হয়। ই হৈছে সামাজিক সংগ্ৰামৰ মূল ভেটি। প্রতিযোগিতা ব্যক্তিৰ মাজত ধন-সম্পদ, ঐশ্বৰ্য-বিভূতি, ক্ষমতা, মান-সন্মান ইত্যাদিৰ বাবে চলে। প্রতিযোগিতাৰ মনোভাৱ ব্যক্তিসকলক লক্ষ্যত উপনীত হ’বলৈ আৰু অধিক শ্ৰম কৰিবলৈ উৎসাহ যোগায়। ই ব্যক্তিক আত্মবিশ্বাসী কৰি তোলাৰ লগতে ভৱিষ্যত জীৱনত আগবাঢ়ি যাবলৈ প্ৰেৰণা প্ৰদান কৰে। ব’গাদাচৰ মতে, “চাহিদা পূৰণ কৰিব পৰাকৈ যোগান নথকা কিবা সামগ্ৰী লাভ কৰিবৰ বাবে হোৱা সংগ্রামেই হৈছে প্ৰতিযোগিতা”

(Competition is a contest to obtain something which does note exist in a quality sufficient to meet the demand)  প্রতিযোগিতাৰ বৈশিষ্ট্য (Characteristics of Competition)

১। ইএক সর্বজনীন আৰু বিশ্বজনীন ।

২। ইএক অচেতন প্রক্রিয়া।

৩। ই ব্যক্তিৰ ব্যক্তিত্বৰ বিকাশ সাধন কৰে। 

৪। ইহ’ল বহুতক পৰাভূত কৰি নিজেই আগস্থান দখল কৰা প্ৰক্ৰিয়া ।

৫ । প্রতিযোগিতা বাক্তি বিশেষৰ বাহিৰেও দলগত ভাৱ হ’ব পাৰে। 

প্ৰতিযোগিতাৰ গুৰুত্ব বা উপকাৰিতা :- 

(importance or Benefits of Competition):- (ক) ই ব্যক্তিক শৈক্ষিক, ৰাজনৈতিক, সাংস্কৃতিক, ব্যৱসায়িক দিশত উচ্চ স্থান লাভ কৰিবৰ বাবে প্ৰেবণা যোগায়।

(খ) প্রতিযোগিতাই শিক্ষার্থৰি সুস্থ ভাৱভংগী, চিন্তা-চচৰ, আচৰণ আদি যোগাত্মক চৰিত্ৰ গঢ় লোৱাত সহায় কৰে।

(গ) ই ব্যক্তিৰ আত্মবিশ্বাস আৰু আত্ম প্রত্যয় সৃষ্টিত সহায় কৰে। 

(ঘ) ই শিক্ষাৰ্থীৰ কৰ্মস্পৃহা বৃদ্ধিত সহায় কৰে তথা শিক্ষাৰ্থীৰ মনৰ পৰা ভয়, সংশয় দূৰ কৰাত সহায় কৰে।। 

(ঙ) প্রতিযোগিতাৰ জৰিয়তে ব্যক্তিয়ে নীতি-নিয়ম মানি চলাৰ প্ৰতি অধিক শ্রদ্ধাবান হৈ পৰে।।।

২। সহযোগিতা (Co-operation) :- সহযোগিতাৰ ইংৰাজী প্রতিশব্দ Co-operation । এই শব্দটো লেটিন ভাষাৰ ‘co’ আৰু ‘operari শব্দ দুটাৰ পৰা আহিছে। “Co’ মানে ‘একেলগে’ (together) আৰু ‘operari’ মানে কাম কৰা (work) । গতিকে সহযোগিতা হ’ল সকলোৱে একেলগে মিলিজুলি কাম কৰা কাৰ্য। 

যেতিয়া দুজন বা তাতোধিক লোকে মিলা প্রীতিৰে কোনো এটা লক্ষ্যত উপনীত হ’বৰ বাবে কাম কৰে তাকে সহযোগিতা বোলা হয়। ই হৈছে উমৈহতীয়া তথা স্বাৰ্থ পূৰণৰ অন্যতম মাধ্যম। 

সমাজতত্ত্ববিদ মেৰিলৰ মতে, “দুজন বা তাতোধিক ব্যক্তিয়ে যেতিয়া কোনো একেই উদ্দেশ্য পূৰণৰ বাবে একেলগে কাম কৰে আৰু তাৰ ফলস্বৰূপে যি সামাজিক আন্তঃক্রিয়া সংঘটিত হয় তাকে সহযোগিতা বোলা হয়।” (“Co-operation may be defined as a form of social interaction where in two or more persons work together to gain common ends.”)

সহযোগিতা অবিহনে এখন সমাজ বৃত্তী থাকিব নোৱাৰে। গতিকে প্রত্যেক সমাজৰে ব্যক্তিসকলৰ মনত সহযোগিতাৰ প্ৰৱণতা বয়স বৃদ্ধিৰ লগে লগে জাগি উঠে। ইয়াৰ দ্বাৰা সমাজৰ সমস্যাবোৰৰ উপযুক্ত সমাধান উলিয়াব পাৰি।

সহযোগিতাৰ বৈশিষ্ট্য

1 (Characteristics of Cooperation) 

১। ই হ’ল এক সর্বজনীন আৰু বিশ্বজনীন প্ৰক্ৰিয়া। 

২। ই সামূহিক স্বাৰ্থ পূৰণ কৰাত সহায় কৰে।

৩। ইসদায় দলীয়ভাৱে সংঘটিত হয়।

৪। ই এক সামাজিক আন্তঃক্রিয়া। 

৫। ই দুজন বা তাতোধিক ব্যক্তিৰ পাৰস্পৰিক বুজাবুজিৰ দ্বাৰা সংঘবদ্ধ হোৱা ব্যক্তিৰ সমষ্টি।

সহযোগিতাৰ গুৰুত্ব বা উপকাৰিতা (Importance or Benefits of Cooperation) :- সহযোগিতাৰ গুৰুত্ব আৰু উপকাৰিতা সমূহ এনেধৰণৰ- 

১। সহযোগিতাই দেশৰ ৰাজনৈতিক, মানৱ সমাজৰ আধ্যাত্মিক দিশৰলক্ষ্য সাধনত সহায় আগবঢ়ায়। 

২। সহযোগিতাই মানুহৰ মাজত পাৰস্পৰিক নিৰ্ভৰশীলতা আৰু পাৰস্পৰিক সহায়ৰ দ্বাৰা জীয়াই থাকিবলৈ প্ৰেৰণা যোগায়। 

৩। ই ব্যক্তিৰ মাজত শান্তি, ঐক্য আৰু সংহতি স্থাপনত বিশেষভাৱে সহায় কৰে। 

৪। ইয়াৰ দ্বাৰা শিক্ষাৰ্থীৰ বৌদ্ধিক জ্ঞান অর্জনত সহায়ক হয়। 

৫। ই সমাজৰ অৰ্থনৈতিক দিশৰ লক্ষ্য সাধনৰ ক্ষেত্ৰত সহায়ক হয়।

৩। সংঘাত (Conflict) :- দুইবা তাতোধিক ব্যক্তি বা দলৰ মাজত বিভিন্ন কাৰণত উদ্ভৱ হোৱা আবেগৰ কাৰণে যি বিৰোধভাৱৰ সৃষ্টি হয় আৰু দৃয়োজন ব্যক্তি বা দুয়োজনৰ মাজত শত্ৰুতাৰ সৃষ্টি হয় তাকে সংঘাত বোলা হয়। সাধাৰণভাৱে চাবলৈ গ’লে সমাজৰ উন্নতিৰ বাবে সংঘাতে প্রত্যক্ষভাৱে সহায় নকৰে যদিও ই এবিধ গুরুত্বপূর্ণ সামাজিক প্রক্রিয়া। প্রতিযোগিতাৰ ফলত কেতিয়াবা সমাজত দুজন ব্যক্তিৰ মাজতো সংঘাত সৃষ্টি হ’ব পাৰে। সংঘাতে সাধাৰণতে মানুহৰ শক্তি আৰু সময়ৰ অপচয় কৰে যদিও কেতিয়াবা কোনো ক্ষেত্ৰত কিছুমান ভুলৰ বশৱৰ্তী হৈ সৃষ্টি হোৱা সংঘাতে শুধৰণিৰ জন্ম দিয়াত সহায় কৰে। দলীয় সংঘাতৰ ফলত প্ৰতিটো দলৰ সদস্যসকলৰ মাজত একতাৰ ভাব দৃঢ়হয়।

গিলিন আৰু গিলিনৰ মতে, “সংঘাত হৈছে এনে এটা সমাজাকি প্রক্রিয়া য’ত ব্যক্তি বা দলে পোনপটীয়াকৈ বিপক্ষক হিংসাত্মক কার্যৰ দ্বাৰা বা ভীতি প্ৰদৰ্শন কৰি নিজ উদ্দেশ্য সাধন কৰিবলৈ চেষ্টা কৰে। 

(“Conflict the social process in which individuals or groups Seek their ends by directly challenging the antagonist by violence or their of violence. “)

সংঘাতৰ বৈশিষ্ট্য (Characteristics of Conflict):-

১। ইএক সৰ্বজনীন আৰু বিশ্বজনীন প্ৰক্ৰিয়া।

২। ই একব্যক্তিগত প্রক্রিয়া।

৩। ই এক বিচ্ছিন্ন প্রক্রিয়া।

৪। ই পাৰস্পৰিক প্ৰয়োজনীয়তাৰ ভিত্তি সৃষ্টি হোৱা এক কার্য। 

৫। ই এক প্রতিক্রিয়ামূলক প্রক্রিয়া ।

সংঘাতৰ গুৰুত্ববা উপকাৰিতা (Importance or Benefits of Conflict) :-

১। এই সংঘাতে দলৰ সদস্যসকলৰ মাজত সম্বন্ধ কটকটীয়া কৰে।

২। ই নতুন মতামত গঢ়ি তোলাত সহায়কৰে।

৩। ই দলগত মানদণ্ড বজায় ৰখাৰ লগতে দলৰ আপেক্ষিক স্থান নিৰ্দ্ধাৰণত সহায় কৰে।

৪। সংঘাতত ন্যায়, শুদ্ধ আৰু সত্যৰ জয় হ’লে এই সজগুণসমূহ সমাজৰ ব্যক্তিসকলৰ মাজত সম্প্ৰসাৰণ হয়।

৪। উপযোজন (Accommodation) :- সমাজত কোনো কথা বা সিদ্ধান্তৰ ক্ষেত্ৰত কেতিয়াবা সংঘাতৰ সৃষ্টি হয়। এই সংঘাত সৃষ্টি হোৱাৰ পাছত যেতিয়া দুই ব। তাতোধিক দল বা পক্ষৰ মাজত পুনৰ বুজাবুজিৰ মাধ্যমেৰে সংঘাতৰ আঁতৰ কৰা হয় তেতিয়া তেনে প্রক্রিয়াকে উপযোজন বোলে। মিল্টন এ. মে’ৱেলৰ মতে, “উপযোজন এনে এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে সমাজৰ ব্যক্তিসকলৰ মাজৰ ব্যৱধান আঁতৰ কৰি একেলগ কৰাত সহায় ‘আগবঢ়োৱা কাৰ্য। ব্যক্তি আৰু সংগঠন সমূহৰ মতানৈক্য আঁতৰ কৰি একতাৰ লগত খাপ খুউৱা প্রক্রিয়া হিচাপে উপযোজন শব্দৰ ব্যৱহাৰ কৰা হয়। সমাজৰ ব্যক্তিসকলৰ মাজত একতা আৰু সংঘবদ্ধতা সৃষ্টি কৰাৰ কাৰণে উপযোজনে এক গুৰুত্বপূৰ্ণ স্থান দখল কৰে।

৫। সমন্বয়ন (Assimilation) :- যেতিয়া কোনো ব্যক্তিয়ে আন ব্যক্তিৰ মনোভাৱ, ভাৱভঙ্গী, সংস্কৃতি আদি শিকাৰ পাছত নিজৰ আয়ত্বধীন কৰি নিজৰ পূৰ্বৰ সংস্কৃতি আৰু মনোভাৱ আদি সামৰি নতুনখিনিৰ লগত নিজকে খাপ খুৱাই লয় সেয়ে সমন্বয়ন বা আত্মীকৰণ। সমন্বয়ন কেতিয়াবা দুটা গোষ্ঠীৰ মাজত নাইবা দুখন সমাজৰ মাজতো সংঘটিত হয়। এইদৰে কোনো ব্যক্তি, গোষ্ঠী বা এখন সমাজে নিজৰ সভ্যতা, সংস্কৃতি, মনোভাৱ, ৰীতি নীতি আদি পাহৰি আনৰ সভ্যতা সংস্কৃতিৰ লগত মিলি যোৱা প্ৰক্ৰিয়াই হ’ল সমন্বয়ন। সমন্বয়ন এটা অতি ধীৰ গতিত চলা সামাজিক প্ৰক্ৰিয়া ‘আনৰ সাংস্কৃতিক উপাদানসমূহৰ প্ৰয়োজনীয়তা বেছি যেন অনুভৱ কৰাৰ ফলস্বৰূপে নাইবা বেছি আকর্ষণীয় হ’লে সমন্বয়ন প্রক্রিয়া সংঘটিত হয়।

৬। অনুশাসন (Discipline) :- সমাজৰ শৃংখলাবদ্ধ অৱস্থাই হ’ল অনুশাসন । সমাজত এই ব্যবস্থাৰ জৰিয়তে ব্যক্তিৰ ইচ্ছা, আচৰণ আদিক নিয়ন্তণ কৰা হয়। অনুশাসন অবিহনে সমাজৰ শৃংখলা বজাই ৰখা সম্ভৱপৰ নহয়! কিছুমান সমাজিক ৰীতি-নীতি, আইন-শৃংখলা প্ৰবৰ্তনৰ জৰিয়তে কিছুমান ব্যক্তিৰ দ্বাৰা সৃষ্টি হ’ব পৰা অৰাজক পৰিস্থিতিৰ উপশমৰ বাবে কৰা চিন্তা-চচৰি ফলস্বৰূপে অনুশাসন ব্যৱস্থাৰ সৃষ্টি হোৱা বুলি ক’ব পৰা যায়। সেয়েহে অনুশাসন এক সামাজিক প্রক্রিয়া বুলি ঘৃণ্য কৰা হয় ৷

6. What is social mobility. What are the factors that quicken social mobility. 

উত্তৰঃ সামাজিক গতিশীলতা হ’ল- মানৱ সমাজৰ বিভিন্ন দিশত পৰিৱৰ্তন অন্য এক সামাজিক প্রক্রিয়া । এই প্ৰক্ৰিয়াৰ মাধ্যমেদি এটা সামাজিক শ্রেণীয়ে অন্য এটা সামাজিক শ্ৰেণীলৈ উর্ধ্বমুখী বা অধঃমুখীভাৱে অথবা সমাস্তৰালভাৱে গতি কৰা এটা সামাজিক প্ৰক্ৰিয়া । সামাজিক গতিশীলতাৰ সম্পৰ্কে বিভিন্ন দার্শনিকে বিভিন্ন মতামত আগবঢ়াইছে।

সামাজিক গতিশীলতাৰ সংজ্ঞা (Definitions of Social Mobility) :- 

সামাজিক গতিশীলতাৰ বিদগ্ধ পণ্ডিত ছ’ৰ ‘কিন (Sorokin) ৰ মতে “ব্যক্তি বা সামাজিক উদ্দেশ্য আৰু মূল্যক যদি মানুহে মানবীয় কাৰ্যৰ দ্বাৰা এটা ৰূপৰ পৰা অন্য এটা ৰূপলৈ পৰিৱৰ্তিত কৰে তাকে সামাজিক গতিশীলতা বুলি বুজা যায়।”

(By social mobility is meant any transition of an indi vidual from one position to another is a constellation of social group and strata.)

বিখ্যাত দার্শনিকৰ মতে “কোনো এক বিশেষ সামাজিক পৰিস্থিতিপ্রাপ্ত লোকে সামাজিক পৰিস্থিতিৰ পৰিৱৰ্তনেৰে আন এটা শ্ৰেণীত অন্তর্ভুক্ত কৰা প্ৰক্ৰিয়াকে সামাজিক গতিশীলতা বুলি কোৱা হয়। “(Social mobility meansÊ. movement within the social structure.) 

William Headrick ৰ মতে-“ব্যক্তিয়ে এটা সামাজিক গোটৰ পৰা অন্য এটা সামাজিক গোটলৈ গতি কৰাকে সামাজিক গতিশীলতা বুলি কোৱা হয়।” 

(The movement of person from one social group to another social group.)

ওপৰৰ সংজ্ঞা সমূহৰ পৰা আমি ক’ব পাৰো যে কোনো ব্যক্তি অথবা কোনো শ্রেণী যদি তেওঁলোকৰ সামাজিকমস্থানৰ পৰিৱৰ্তন ঘটাই সিয়েই সামাজিক গতিশীলতা । অথবা কোনো এজন ব্যক্তি বা সমূহ নাইবা শ্ৰেণীয়ে যেতিয়া এটা স্তৰৰ পৰা উচ্চ বা নিম্ন স্তৰলৈ সামাজিকভাৱে গতি কৰে তাকে সামাজিক গতিশীলতা আখ্যা দিব পাৰি।

সামাজিক গতিশীলতাত প্ৰভাৱ পেলোৱা প্ৰধান কাৰকসমূহ- (Factors Affecting Social Mobility) :-

সামাজিক গতিশীলতাৰ দিশত বিভিন্ন কাৰকসমূহে প্রভাৱ বিস্তাৰ কৰা পৰিলক্ষিত হয়-

১। পৰিয়াল (Family) :- সামাজিক,গতিশীলতাৰ ক্ষেত্ৰত পৰিয়ালৰ বিশেষ ভূমিকা আছে। কিয়নো শিশু এটাৰ সামাজিক প্রস্থিতি

তাৰপৰিয়ালটোৰ ওপৰতেই নিৰ্ভৰ কৰে। এনেদৰে পৰিয়ালে সামাজিক গতিশীলতাত প্ৰভাৱ পেলায়। 

২। বিদ্যালয় আৰুঅন্যান্য শিক্ষানুষ্ঠান (School and other educational institution) :- বিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠান সমূহেও সামাজিক গতিশীলতাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিয়নোউপযুক্ত শিক্ষা গ্ৰহণৰ যোগেদি বহুতো নিম্ন পৰ্য্যয়িৰ ব্যক্তি উচ্চ পৰ্য্যয়িলৈ গতি কৰিব পাৰে। 

৩। বৃত্তিমূলক সংগঠন (Professional organisation) :- বৃত্তিমূলক সংগঠনসমূহৰ যোগেদিও ব্যক্তি; সামাজিক প্রস্থিতিৰ পৰিৱৰ্তন ঘটিব পাৰে। এনে সংগঠনৰ দ্বাৰা প্ৰশিক্ষণ লৈ নিম্ন স্তৰৰ বা নিম্ন ঘৰৰ এজন ব্যক্তিও ডাক্তৰ, ইঞ্জিনিয়াৰ আদিৰ দৰে উচ্চ পদবীত গতি কৰিব পাৰে। 

৪। ৰাজনৈতিক সংস্থাসমূহ (Political Institution) :- বর্তমান গণতান্ত্রিক ব্যৱস্থাত এজন সাধাৰণ নাগৰিকেও একে দিনৰ ভিতৰতে এজন উচ্চ পদস্থ চৰকাৰী ব্যক্তি বা নেতা হৈ পৰিব পাৰে। গতিকে ৰাজনৈতিক সংস্থাসমূহেও এই ক্ষেত্ৰত প্ৰভাৱ পেলায়। উল্লিখিত কাৰকসমূহেই সামাজিক গতিশীলতাত কম বেছি পৰিমাণে প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয়।

7. Give the meaning of modernization. How can the process of modernization be accelerated through education. 

উত্তৰঃ আধুনিকীকৰণ বুলিলৈ পুৰণি কিছুমান ৰীতি-নীতিক আৱশ্যকীয় উদ্যোগিক অৱস্থালৈ নি পুৰণা প্ৰতিৰূপ আৰু সৌধৰ পৰিৱৰ্ত্তন সাধন কৰি নতুন সৌধ আৰু প্ৰতিৰূপৰ সৃষ্টি কৰাকে বুজা যায়। বৰ্তমানৰ মানৱ সমাজৰ লগত আধুনিক শব্দটোৰ সম্পৰ্ক থকা যেন অনুভৱ হয়। সামাজিক পৰিৱৰ্তনৰ গতিয়ে প্রাচীন অৱস্থাৰ পৰা বিভিন্ন স্তৰ অতিক্রম কৰি বৰ্ত্তমানৰ আধুনিক অৱস্থাৰ মাজত অৱস্থান কৰিছে। কিছুমান উন্নত বা আগবঢ়া সমাজে লাভ কৰা আধুনিক অৱস্থাৰ প্ৰতি আকৃষ্ট হোৱাৰ ফলত আন কিছুমান সমাজে উন্নত সমাজৰ আধুনিকখিনিক আয়ত্ব কৰিবলৈ চেষ্টা চলায় আৰু প্রাচীন অৱস্থাৰ পৰিৱৰ্তনৰ জৰিয়তে আধুনিক অৱস্থালৈ উত্তৰণৰ যি দীৰ্ঘদিনীয়া গতি লাভ কৰে তাকে সাধাৰণ অৰ্থত আধুনিকীকৰণ বোলা হয়।

বিভিন্নজনে আধুনিকীকৰণৰ সন্দৰ্ভত বিভিন্ন মতামত দিছে। তাৰ ভিতৰত তলত উল্লেখ কৰা সংজ্ঞাটো উল্লেখনীয়।

গিলবার্টই মুৰেৰ মতে,“আধুনিকীকৰণ এক গতিশীল প্রক্রিয়া। এই প্ৰক্ৰিয়াই পৰম্পৰাগত ৰীতি-নীতিসমূহক উদ্যোগিক অৱস্থালৈ আগুৱাই নিয়ে। এই প্ৰক্ৰিয়াৰ লগত ৰাজনৈতিক আদৰ্শ, ইয়াৰ ফলপ্ৰসূ প্রয়োগ, উপযুক্ত জাতীয় অর্থনীতি, স্বাক্ষৰ আৰু দত্ত জনশক্তি, মানৱ সম্পদ,গতিশীল মূল্যবোধ জড়িত হৈ থাকে।”

শিক্ষা আৰু আধুনিকীকৰণঃ (Modernisation and education) :-

শিক্ষা আৰু আধুনিকীকৰণৰ মাজত এক নিবিড় সম্পর্ক আছে। শিক্ষাইব্যক্তিক জ্ঞান আহৰণত সহায় কৰে। লগতে ই সামাজিক, নৈতিক, আধ্যাত্মিক মূল্যবোধৰ বিকাশ, আগ্ৰহৰ সৃষ্টি, সমযোজন কৰা, বিচাৰ বিষেণ কৰা আৰু বিভিন্ন কৌশল আয়ত্ব কৰাতো সহায় কৰে। আকৌ শিক্ষাৰ দ্বাৰাহে আধুনিকীকৰণ সম্ভৱ হয়। সমাজত বৰ্তি থকা অজ্বতা, অন্ধবিশ্বাস, নিৰক্ষৰতা আদি আধুনিকীকৰণৰ দ্বাৰাহে আঁতৰ কৰিব পাৰি। শিক্ষাৰ বিকাশ হ’বৰ বাবে দেশে পৰিৱৰ্ত্ততৰ লগত খাপ খাব পৰাকৈ আধুনিকীকৰণ হ’ব লাগিব। ঠিক সেইদৰেই আধুনিকীকৰণ হ’বৰ বাবে সমাজৰ ব্যক্তিসকল শিক্ষিত, কৌশলী, দক্ষ আৰু প্ৰশিক্ষণপ্রাপ্ত মানৱ সম্পদলৈ ৰূপান্তৰ হ’ব লাগিব। আধুনিকীকৰণে ব্যক্তিৰ স্বকীয় চিন্তা, চেতনা, মৌলিক শক্তি, মানসিক, নৈতিক আৰু আধ্যাত্মিক যোগ্যতাৰ প্ৰকাশ আৰু বিকাশৰ পথত যথেষ্ট অৱদান আগবঢ়ায়। এই প্ৰক্ৰিয়াৰ যোগেদি মানুহৰ জীৱন, সমাজ আৰু সংস্কৃতি আৰু সভ্যতাক গতিশীল কৰি তোলাত সহায় কৰে।

যিবিলাক দিশত শিক্ষাক আধুনিকীকৰণে উপযুক্ত আহিলা হিচাপে প্ৰয়োগ কৰাত সহায় কৰে নাইবা যিবোৰ শৈক্ষিক বিকাশৰ কাৰ্যসূচী আধুনিকীকৰণৰ লগত জড়িত সেইবোৰ তলত আলোচনা কৰা হ’—

১। আধুনিকীকৰণ প্ৰক্ৰিয়া মানুহৰ লগত জড়িত।এই ক্ষেত্ৰত পৰিৱৰ্ত্তিত পৰিস্থিতিত মানুহৰ মনত সঠিক মনোভাৱ, বিশ্বাস আৰু উপযুক্ত মূল্যবোধ শিক্ষাইহে সহায় কৰিব পাৰে।

২। আধুনিকীকৰণ প্রক্রিয়া বিভিন্ন ধৰণৰ অভিজ্ঞতাৰে পুষ্ট পাৰদৰ্শী ব্যক্তিৰ ওপৰত নিৰ্ভৰশীল আৰু এনে পাৰদৰ্শী ব্যক্তিৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত শিক্ষাৰ বিকল্প একো হ’ব নোৱাৰে।

৩। শিক্ষাই শিক্ষার্থীসকলক প্ৰস্থিতি লাভৰ নিৰ্দেশনা দিয়ে, আনহাতে আধুনিকীকৰণে এই প্ৰস্থিতি সম্বন্ধে বৃহৎ সংখ্যক জনসাধাৰণৰ মনত সচেতনতা বৃদ্ধি কৰে। 

৪। আধুনিকীকৰণে সমাজৰ পৰম্পৰাগত সামাজিক ভেঁটিত পৰিৱৰ্তনসূচনা কৰে আৰু সমাজৰ পুৰণি ৰীতি-নীতি আৰু বিশ্বাসৰ পৰিৱৰ্তন সাধন কৰে। এইক্ষেত্ৰত উপযুক্ত শিক্ষা অবিহনে পৰিৱৰ্ত্তন সম্ভৱ নহয়। 

৫। আধুনিকীকৰণৰ দ্বাৰা নতুন আৱিষ্কাৰ আৰু প্ৰযুক্তিবিদ্যাৰ জ্ঞান লাভ কৰি ব্যক্তিৰ অৰ্হতাৰ বিকাশ সাধন কৰে। এইক্ষেত্ৰত শিক্ষাইহে মানুহক উপযুক্ত পথৰ সন্ধান দিয়ে।

৬। শিক্ষাই সমাজৰ গতিশীলতাক আগুৱাই নিয়ে, কিন্তু আধুনিকীকৰণৰ জৰিয়তে ব্যক্তিৰ মনলৈ আধুনিক অৱস্থাৰ আগমন ঘটে, উপযুক্ত পৰিকল্পনা আৰু সঠিক দিশেৰে শিক্ষাক অৰ্থপূৰ্ণ ৰূপত প্ৰয়োগ কৰিব পাৰি। 

৭। আধুনিকীকৰণৰ জৰিয়তে জাতি, বৰ্ণ, ধৰ্ম আৰু ভাষাৰ বৈষম্যৰ সমস্যাৰ সমাধান কৰিব পাৰি। কিন্তু শিক্ষা অবিহনে ই সম্ভৱ নহয়। সেইবাবে দুয়োটাৰ মাজত সম্পর্ক আছে। 

বৰ্ত্তমান বিজ্ঞান আৰুপ্ৰযুক্তিবিদ্যাৰ যথেষ্ট উন্নতি হৈছে। কিন্তু এই উন্নতিক গ্ৰহণ কৰিবৰ বাবে আধুনিকীকৰণ আৰু শিক্ষাৰ মাজত সু-সম্বন্ধ ৰাখিব লাগিব ৷ দুয়োটাৰ মাধ্যমতহে জাতি তথা দেশৰ উন্নতি হ’ব। 

8. What are the main attributes of modernization.

উত্তৰঃ ১। সামাজিক গতিশীলতাৰ লগত সম্বন্ধযুক্ত : আধুনিকীকৰণৰ সামাজিক গতিশীলতাৰ লগত ওতপ্রোতভাৱে জড়িত। আধুনিক ধ্যান ধাৰণাৰ দিশলৈ এই প্রক্রিয়াই সমাজক গতি প্ৰদান কৰে।

২। সমাজৰ গাঁঠনিত পৰিৱৰ্ত্তন সাধন : সমাজৰ গঠন প্রক্রিয়াত আধুনিকীকৰণে পৰিৱৰ্ত্তন সাধন কৰে। সমাজৰ বিভিন্ন সম্বন্ধবিলাকৰ মাজত থকা কঠোৰ নীতি নিয়মসমূহ আধুনিকীকৰণৰ প্ৰভাৱত কিছু শিথিল হৈ পৰিছে। 

৩। নগৰমুখী প্ৰৱণতাঃ আধুনিকীকৰণৰ ফলত মানুহৰ মনত নগৰমুখী প্ৰৱণতা গঢ়ি উঠা দেখিবলৈ পোৱা যায়। সেয়েহে নগৰমুখী মনোভাৱ আৰু অধুনিকীকৰণৰ মাজত সম্পৰ্ক আছে।

৪। আন্তর্জাতিক সহযোগিতাৰ বিকাশঃ আধুনিকীকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে আন্তর্জাতিক পৰ্য্যায়ত মানুহে সহযোগিতাৰ সম্বন্ধ গঢ়িবলৈ সক্ষম হৈছে। আর্জাতিক সহযোগিতাৰ সৃষ্টি কৰাত আধুনিকীকৰণ প্ৰক্ৰিয়াৰ অৱদান আছে।

৫। বিস্তৃত শিক্ষাৰ প্ৰসাৰ (Spreading of Comprehension Education) :- শিক্ষাই আধুনিকতা বা নতুনত্বক কঢ়িয়াই অনাৰ বিপৰীতে আধুনিকীকৰণে মানুহক শিক্ষাৰ প্ৰয়োজনীয়তা সম্পর্কে অধিক সচেতন কৰি তুলিছে। সেইবাবে আধুনিকীকৰণে শিক্ষাৰ পৰিধি ব্যাপক কৰি তুলিছে।

9. Explain the concept of social mobility. How does education serve as an important agent for so cial mobility. Explain with examples.

উত্তৰঃ সামাজিক গতিশীলতা হ’ল-মানৱ সমাজৰ বিভিন্ন দিশত পৰিৱৰ্তন অন্য এক সামাজিক প্রক্রিয়া এই প্ৰক্ৰিয়াৰ মাধ্যমেদি এটা সামাজিক শ্রেণীয়ে অন্য এটা সামাজিক শ্ৰেণীলৈ উর্ধ্বমুখী বা অধঃমুখীভাৱে অথবা সমান্তৰালভাৱে গতি কৰা এটা সামাজিক প্ৰক্ৰিয়া। 

সামাজিক গতিশীলতাৰ সম্পৰ্কে বিভিন্ন দার্শনিকে বিভিন্ন মতামত আগবঢ়াইছে।

সামাজিক গতিশীলতাৰ বিদগ্ধ পণ্ডিত ছ’ৰকিন (Sorokin) ৰ মতে— “ব্যক্তি বা সামাজিক উদ্দেশ্য আৰু মূল্যক যদি মানুহে মানবীয় কার্যব দ্বাৰা এটা ৰূপৰ পৰা অন্য এটা ৰূপলৈ পৰিৱৰ্তিত কৰে তাকে সামাজিক গতিশীলতা বুলি বুজা যায়। 

(By social mobility is meant any transition of an individual from one position to another is a constellation of social group and and strata.)

বিখ্যাত দার্শনিক য়ুঙ আৰু মাৰ্কৰ মতে “কোনো এক বিশেষ সামাজিক পৰিস্থিতিপ্রাপ্ত লোকে সামাজিক পৰিস্থিতিৰ পৰিৱৰ্তনেৰে আন এটা শ্ৰেণীত অন্তৰ্ভুক্ত কৰা প্ৰক্ৰিয়াকে সামাজিক গতিশীলতা বুলি কোৱা হয়।” (Social mobility means movement within the social structure.) 

William Hendrick ৰ মতে-“ব্যক্তিয়ে এটা সামাজিক গোটৰ পৰা অন্য এটা সামাজিক গোটলৈ গতি কৰাকে সামাজিক গতিশীলতা বুলি কোৱা হয়” 

(The movement of ero hoe social group to another social group.)

ওপৰ সংজ্ঞা সমূহৰ পৰা আমনি ক’ব পাৰো যে কোনো ব্যক্তি অথবা কোনো শ্রেণী যদি তেওঁলোকৰ সামাজিক স্থানৰ পৰিৱৰ্তন ঘটাই সি.েই সামাজিক গতিশীলতা। অথবা কোনো এজন ব্যক্তি বা সমূহ নাইবা শ্ৰেণীয়ে যেতিয়া এটা স্তৰৰ পৰা উচ্চ বা নিম্ন স্তৰলৈ সামাজিকভাবে গতি কৰে তাকে সামাজিক গতিশীলতা আখ্যা দিব পাৰি। 

শিক্ষা আৰু সামাজিক গতিশীলতা :- সামাজিক গতিশীলতা বুলিলে সাধাৰণ অৰ্থত সমাজ প্ৰগতিৰ পথত আগুৱাই যোৱা এটা প্ৰক্ৰিয়াকে বুজায়। সামাজিক গতিশীলতাৰ ফলতে ব্যক্তিয়ে উন্নতিৰ দিশেদি আগবাঢ়ে আৰু ইয়াৰ লগে লগে এখন সমাজো প্রগতিব দিশে ধাৱমান হয়। সামাজিক গতিশীলতা সামাজিক জীৱনৰ এটা সাধাৰণ প্ৰকৃতি। কোনো এজন মানুহে এটা বৃত্তিৰ পৰা অন্য এটা বৃত্তিলৈ বা এটা ধৰ্মৰ পবা অন্য এটা ধৰ্মলৈ পৰিৱৰ্তিত হ’লে তাকে সামাজিক গতিশীলতাৰ উদাহৰণস্বৰূপে দেখুৱাব পাৰি। সামাজিক গতিশীলতাৰ কাৰণ বহুতো যেনে— উদ্যোগীকৰণ, নগবীকৰণ, আধুনীকৰণ, পশ্চাত্যকৰণ, বিজ্ঞান আৰুপ্ৰযুক্তিবিদ্যাৰ উন্নতি আদি। সামাজিক গতিশীলতাই মানৱ সমাজত বিভিন্ন দিশত পৰিৱৰ্তনৰ সূচনা কৰে।

এইক্ষেত্ৰত শিক্ষাই এক শক্তিশালী মাধ্যম হিচাপে ভূমিকা পালন কৰে।

তলত শিক্ষাই কেনেকৈ সামাজিক গতিশীলতা আনিব পাৰে সেই সম্পর্কে আলোচনা কৰা হ’ল—

১। বৈজ্ঞানিক চিন্তাৰ সম্প্ৰসাৰণ :- শিক্ষাই ব্যক্তিৰ মাজত বৈজ্ঞানিক চিন্তাধাৰাৰ সম্প্ৰসাৰণ ঘটাই সমাজত প্ৰচলিত অন্ধবিশ্বাস, উচ্চ-নীচ, আদি ধাৰণাবোৰ দূৰ কৰি সামাজিক গতিশীলতা সৃষ্টি কৰাত অৰিহণা যোগাইছে। সমাজত শিক্ষা আৰু ব্যক্তিগত যোগ্যতা অনুসৰি জাতি, ধর্ম, বর্ণ, নির্বিশেষে যিকোনো ব্যক্তিয়ে উচ্চতম সামাজিক স্থি সামাজিক স্থিতিলৈ গতি কৰিব পাৰে।

২। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰংত উন্নয়ন :- বৰ্তমান যুগত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই সমগ্ৰ মানৰ সমাজত দ্ৰুতগতিত উন্নতি আৰু প্ৰসাৰত। লাভ কৰিছে ৷ এই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত প্ৰগতি লাভ কৰিবলৈ হ’লে কাৰিকৰীবিদ্যা আৰু অন্যান্য ক্ষেত্ৰত দক্ষতাসম্পন্ন ব্যক্তিৰ অতীব প্রয়োজন। গতিকে ইয়াত প্ৰকৃততে যিসকল ব্যক্তিৰ যোগ্যতা থাকে তেওঁলোককহে জাতি, ধর্ম, বর্ণ, উচ্চ-নীচ সম্প্ৰদায়ৰ ভিত্তিত বিচাৰ নকৰাকৈ উপযুক্ত স্থান নিযুক্তি লাভ কৰিব পাৰে। ইয়াৰ ফলত বহুতো নিম্ন প্রস্থিতিসম্পন্ন ব্যক্তিয়ে উচ্চস্তৰৰ সামাজিক প্ৰস্থিতি অৰ্জন কৰিবলৈ সামৰ্থতা লাভ কৰে।

৩। ব্যক্তিৰ অন্তনিৰ্হিত প্ৰতিভাৰ বিকাশ সাধন :- শিক্ষাই ব্যক্তিৰ অন্তৰত নিহিত সুপ্ত প্রতিভা সমূহৰ বিকাশ সাধন কবি ব্যক্তিৰ অৰ্থনৈতিক যোগ্যতাৰ বিকাশ কৰে আৰু নিয়োগৰ জগতখনত খাপ খাব পৰাকৈ দক্ষ, কৌশলী, উৎপাদনক্ষম কৰি তোলে। গতিকে ইয়াৰ ফলত ব্যক্তিয়ে যিকোনো ধৰণৰ বৃত্তি আহৰণ কৰি এটা শ্ৰেণীৰ পৰা অন্য এটা শ্ৰেণীলৈ গতি কৰিব পাৰে।

৪। বিভিন্ন ক্ষেত্ৰত নতুন নতুন পদ্ধতি আল্‌চ কৌশলসমূহৰ বিকাশ :- শিক্ষাই উদ্যোগৰ ক্ষেত্ৰতেই হওক বা কৃষিৰ ক্ষেত্ৰতেই হওক নতুন নতুন আৱিষ্কৃত কৌশলসমূহ গ্ৰহণ কৰাত আৰু সফলভাৱে প্ৰয়োগ কৰাত সহায় কৰে। এই নতুন নতুন কৌশল আৰু পদ্ধতিসমূহ প্ৰয়োগ কৰিও ব্যক্তিৰ সামাজিক প্রস্থানৰ গতি সলনি হ’ব পাৰে।

৫ । জীৱন ধাৰণৰ মানদণ্ডৰ উন্নতি :- বৰ্তমান শিক্ষাই মানুহৰ মাজত আধুনিক চিন্তা ধাৰাৰে উদ্বুদ্ধ কৰি তুলিছে। ব্যক্তিয়ে নিজৰ জীৱন ধাৰণৰ প্রণালী এতিয়া সলনি কৰিবলৈ বাধ্য হৈছে আৰু পশ্চিমীয়া দেশৰ অনুকৰণেৰে নিজৰ চিন্তাধাৰা, ভাৱশক্তি প্রয়োগ কৰি জীৱন ধাৰণৰ মানদণ্ডৰ উন্নতি সাধন কৰিছে। গতিকে আমি ক’ব পাৰো যে-শিক্ষাই হৈছে প্ৰধান উপায় যিয়ে ব্যক্তিৰ সুস্থ মনোভাৱ, ভাবাদর্শ গ্ৰহণ কৰি আধুনিকীকৰণত সহায় কৰিছে আৰু নিম্ন প্ৰস্থিতিৰ পৰা উচ্চ দিশলৈ গতি কৰাৰ ফলত সামাজিক গতিশীলতাই গা কৰি উঠিছে।

৬। নাৰী শিক্ষাৰ প্ৰভাৱ :- বৰ্তমান বিশ্বায়নৰ যুগত মহিলাসকলক শিক্ষাৰ যোগেদি অর্থনৈতিক, সামাজিক, ৰাজনৈতিক, নৈতিক প্ৰমূল্যবোধৰ জ্ঞান প্ৰদান কৰি পুৰুষৰ সমানে সমানে নিয়োগৰ জগতখনত স্থান দখল কৰাত উদগনি যোগাইছে। গতিকে মহিলাৰ সৱলীকৰণৰ ফলত নাৰী সমাজে শিক্ষা লাভ কৰি সামাজিক গতিশীলতাত সহায় কৰিছে।

৭। সমগ্র ব্যক্তিত্বৰ বিকাশ সাধন :- বর্তমান যুগৰ শিক্ষাৰ এটা অন্যতম লক্ষ্য হৈছে ব্যক্তিৰ সমগ্ৰ ব্যক্তিত্বৰ বিকাশ সাধন কৰা। ব্যক্তিয়ে ব্যক্তিত্ব বিকাশৰ ক্ষমতা অনুসৰি স্থান, প্ৰস্থিতি লাভ কৰিব পাৰে আৰু এটা শ্ৰেণীৰ পৰা অন্য এটা শ্ৰেণীলৈ গতি কৰিব পাৰে।

৮। সমাজ ব্যৱস্থাৰ পৰিৱৰ্তন :- আধুনিক শিক্ষাই পুৰণি সমাজ ব্যৱস্থাৰ পৰিৱৰ্তন ঘটাই ব্যক্তিৰ নীচাত্মিকা মনোভাৱ দূৰ কৰাত সহায় কৰিছে। এনেভাবে সমাজৰ কোনো শ্ৰেণীয়েই আন কোনো শ্ৰেণীৰ শোষণৰ কবলত থাকিব লগাৰ পৰা মুক্ত কৰিছে।

গতিকে আধুনিক শিক্ষা ব্যৱস্থাৰ ফলত সমাজ ব্যৱস্থাত যি পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তনে সামাজিক গতিশীলতা তীব্র কৰি তুলিছে।

৯। সর্বজনীন প্রাথমিক শিক্ষাৰ প্ৰসাৰ :- বর্তমান শিক্ষা ব্যৱস্থাত “সকলোৰে বাবে শিক্ষা” (Education for all) ধাৰণাটোৰ বিকাশৰ লগে লগে সমাজত জাতি, ধর্ম, বর্ণ, ভাষা, লিংগ নির্বিশেষে সকলোৱে শিক্ষা লাভৰ সুবিধা পাইছে। বিনামূলীয়া আৰু বাধ্যতামূলক প্রাথমিক শিক্ষাই বিভিন্ন পিছপৰা সম্প্ৰদায়ৰ লোকৰ উন্নতিৰ বাবে কৰ্ম সংস্থাপনৰ সুবিধা প্ৰদানৰ লগতে শিক্ষাৰ ক্ষেত্ৰত থকা বক্ষণশীল মনোভাৱ দূৰ কৰি সকলোকে সমান সা-সুবিধা পোৱাত সহায় কৰিছে। এইবোৰৰ দ্বাৰাও বিভিন্ন শ্ৰেণীয়ে নিজৰ প্ৰস্থিতিৰ পৰিৱৰ্তন ঘটাবলৈ সামৰ্থ হৈছে।।

১০। অনুন্নত পিছপৰা সম্প্ৰদায়ৰ শ্ৰেনীৰ লোকৰ বাবে শিক্ষা ব্যৱস্থা :- বৰ্তমান আমাৰ দেশত অর্থনৈতিক বা সামাজিকভাৱে পিছপৰা (Economically and Socially Disadvantaged Groups of the People SC/ST/OBC)

ব্যক্তিসকলৰ বাবে শিক্ষাৰ ক্ষেত্ৰত সমান সা-সুবিধা প্রদান আৰু নিয়োগৰ জগতখনত আসন সংৰক্ষণৰ ব্যৱস্থা নিম্ন শ্রেণী বুলি বা পিছপৰা অনুসূচিত জাতি জনজাতীয় লোকসকলেও সমাজৰ উচ্চপদস্থ পদবীত আসন দখল কৰি সামাজিক গতিশীলতাত অৰিহণা যোগাইছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top