Sociological Foundations of Education Unit 1 শিক্ষা সমাজবিজ্ঞানৰ ধাৰণা আৰু তত্ত্ব

Sociological Foundations of Education Unit 1 শিক্ষা সমাজবিজ্ঞানৰ ধাৰণা আৰু তত্ত্ব Notes, College and University Answer Bank of Education for BA, and Post Graduate Notes and Guide Available here, Sociological Foundations of Education Unit 1 শিক্ষা সমাজবিজ্ঞানৰ ধাৰণা আৰু তত্ত্ব Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus eg. Dibrugarh University and Guwahati University so that you can easily browse through different College and University Guide and Notes here. Sociological Foundations of Education Unit 1 শিক্ষা সমাজবিজ্ঞানৰ ধাৰণা আৰু তত্ত্ব Question Answer can be of great value to excel in the examination.

Join Telegram channel

Sociological Foundations of Education Unit 1 Concept, Approaches and Theories

Sociological Foundations of Education Unit 1 শিক্ষা সমাজবিজ্ঞানৰ ধাৰণা আৰু তত্ত্ব Notes cover all the exercise questions in UGC Syllabus. The Sociological Foundations of Education Unit 1 শিক্ষা সমাজবিজ্ঞানৰ ধাৰণা আৰু তত্ত্ব provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

৬. Explain the various theories of educational sociology.

উত্তৰঃ সংগঠনমূলক কাৰ্য্যাত্মবাদ [Structural Functionalism] সমাজবিজ্ঞান অধ্যয়নৰ এটা বিশেষ গুৰুত্বপূৰ্ণ মতবাদ হিচাপে কাৰ্য্যত্মিবাদ বা কার্যকাৰিতাবাদৰ ভূমিকা উল্লেখযোগ্য । এই মতবাদ সম্পৰ্কত ইমেইল দুৰখেইম, হার্বাট স্পেনচাৰ, বার্নাড বাৰ্বাৰ, টালকট পাৰ্চন, কিংছলি ডেভিড আৰু মূৰে, ৰবাৰ্ট মাৰ্টন, ৰুছো, মাৰচেল মাউচ, ব্রাউনিচল’, মেলানস্কি, ৰেডক্লিফ ব্রাউন আলমণ্ড আৰু পাৱেল আদিয়ে মতামত আগবঢ়াইছিল।

হার্বাট স্পেনচাৰে তেওঁৰ “Principle of Sociology” (১৮৭৪ (৯৬) আৰু টালকট পাচনে তেওঁৰ “(The structure of social Action” (১৯৩৭) নামৰ গ্ৰন্থত এই তত্ত্ব সম্পর্কে বিশদ ব্যাখ্যা দাঙি ধৰিছে।।

এই মতবাদ অনুসৰি সমাজৰ সংগঠন সম্পৰ্কে যথোপযুক্ত বিশ্লেষণ কৰিবৰ কাৰণে নাইবা সমাজ এখন গঠন হোৱাৰ প্ৰকৃতি সম্পর্কে বুজাবলৈ হ’লে প্রথমে সমাজখনক কিছুমান একক বা গোটত ভাগ কৰি প্ৰতিটো এককৰ নাইবা গোটৰ কাৰ্যকিলাপ সমূহৰ বিষয়ে অধ্যয়ন কৰিব লাগিব। কণ্য্যকাৰিতাবাদ মতবাদক অধিক জনপ্রিয় মতবাদ হিচাপে সমাজবিজ্ঞানত প্রতিষ্ঠিত কৰাত মুখ্য ভূমিকা কৃতিত্ব দিব পৰা বিখ্যাত সমাজবিদজন হৈছে টালকট পাচন। তেখেতে মানৱ সমাজ সম্পর্কে অধ্যয়ন কৰাৰ ক্ষেত্ৰত কাৰ্যকাৰিতা উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। এই মতবাদ সমৰ্থনৰ জৰিয়তে টালকট পাৰচন্‌চে সমাজৰ সংগঠন আৰু ব্যক্তিগত কাৰি মাজত সম্বন্বয় সাধনত চেষ্টা কৰিছিল।।

এই মতবাদ অনুসৰি সমাজ এখন কিছুমান একক নাইবা গোটৰ সমষ্টিৰে সংগঠিত হয়। এই একক বা গোট সমূহৰ কাৰ্যৰ ওপৰত সমাজ এখন নিৰ্ভৰ কৰি থাকে। এই কাৰ্যসমূহে সমাজৰ জৈৱিক তথা মানসিক আদি বিভিন্ন দিশতে প্ৰভাৱ বিস্তাৰ কৰে। সেইবাবে এই কার্যসমূহ বিস্তাৰিতভাৱে অধ্যয়ন কৰিলেহে সমাজ এখনৰ প্ৰকৃত স্বৰূপটো বুজিবলৈ কোনো ব্যক্তি সক্ষম হ’ব পাৰিব।

গঠনমূলক কার্যাত্মবাদে সমাজৰ গঠনত ধনাত্মক আৰু ধণাত্মক কাৰ্যৰ মাজত সম্বন্বয় সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। এই মতবাদ অনুসৰি সামাজিক কাৰ্যাত্মবাদক এক বিশেষ প্ৰকাৰৰ গঠনমূলক কাৰ্যাত্মবাদ বুলি কোৱা হয় আৰু ইয়াৰ জৰিয়তে সমাজ সংৰচনাত সমাজৰ সামাজিক সংগঠন আৰু অনুষ্ঠানসমূহৰ ভূমিকা ব্যাখ্যা কৰাৰ উপৰিও এই বিভিন্ন সংগঠন সমূহৰ মাজত থকা পাৰস্পৰিক সম্বন্ধৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়।

এই তত্ত্বৰ আন দুজন পৃষ্ঠপোষক কিংছলি ডেভিড আৰু ই মুৰেৰ মতে ব্যক্তিৰ সামাজিক প্রস্থিতিবোৰৰ প্ৰভেদীকৰণেই হৈছে স্তৰীকৰণৰ মূল ভেটি অর্থাৎ সমাজ এখন বৰ্ত্তি থাকিবলৈ হ’লে সমাজৰ বিভিন্ন কামবোৰ বিভিন্ন ব্যক্তিৰ মাজত বিতৰণ হ’ব লাগিব আৰু ইয়াৰ বাবেপ্রহথিতি প্রভেদীকৰণৰো প্ৰয়োজন আছে। কিয়নো সমাজৰ সকলো কাম সমাজৰ বাবে সমানে প্রয়োজন নহয় সেয়ে সেই কামবোৰৰ প্ৰকৃতি অনুযায়ী বিভিন্ন ভাগত ভাগ কৰিবলগীয়া হয়। সমাজৰ কামবোৰ এনেদৰে ভাগ নকৰিলে এখন সমাজ বৰ্ত্তি থকা বা সামাজিক শৃংখলা বক্ষা কৰা সম্ভৱ নহয়। সমাজৰ এই কামবোৰ প্ৰকৃতি অনুযায়ী সমাজত উচ্চ নিম্ন অবস্থাৰ সৃষ্টি হয়। সমাজৰ কামবোৰ আকৌ সমানে আকর্ষণীয় নহয়। কিছুমান কাম সহজ আৰু কিছুমান কামৰ বাবে বহু কষ্ট স্বীকাৰ কৰিবলগীয়া হয় । সাধাৰণতে মানুহে সহজ কামবোৰৰ প্ৰতি অধিক আকর্ষিত হয়। কিন্তু সমাজখনত বৰ্তি থাকিবৰ বাবে সহজ আৰু কষ্ট সাধ্য দুর্যোবিধ কামেই সম্পাদন হ’ব লাগিব। সেয়ে কষ্টসাধ্য কামৰ বাবে সা-সুবিধা, অর্থ অধিক সামাজিক প্ৰস্থিতি প্ৰদানৰ ব্যৱস্থা কৰিব লাগে, তেতিয়াহে তেনে কামৰ প্ৰতি মানুহ আকৰ্ষিত হ’ব। এনেদৰে সমাজত বিভিন্ন কামৰ বিভেদীকৰণৰ ফলত সমাজত সামাজিক স্তৰীকৰণৰ সৃষ্টি হৈছে।।

২. ঘটনামূলক সিদ্ধান্ত বা ক্রিয়ামূলক সিদ্ধান্ত (Phenomenology) 

২। ঘটনামূলক সিদ্ধান্ত বা ক্রিয়ামূলক সিদ্ধান্ত (Phenomenology)

‘Phenomenology’ শব্দটো গ্ৰীক ভাষাৰ ‘Phenomenon’ আৰু ‘Logos’ ৰ পৰা উৎপত্তি হৈছে। ‘Phenomenon’ মানে ‘that which appear” অর্থাৎ যিটো দেখা দিয়ে আৰু logos’ মানে study’ বা অধ্যয়ন । গতিকে ‘Phenomenology’ মানে ‘Study of that which appear’ অর্থাৎ যিটো দেখা দিয়ে বা যিটো দেখা পোৱা যায় আৰু অধ্যয়নেই হৈছে phenomenology ই হৈছে সচেতন অভিজ্ঞতাক অধ্যয়ন কৰা এক ব্যাপক দৃষ্টিভংগী।

এই চিন্তাধাৰাৰ সমৰ্থকসকলৰ ভিতৰত Edith Stein, Martin Heidegger, Haz Scheler, Jean Paul Sartre, Paul Ricoeur, Emmanuel Levinas, Alfred Schutz, Eric voegelin, Carl stumpf, Hicks, Safranski আদি উল্লেখযোগ্য।

ব্যক্তিৰ সচেতনতা আৰু সামাজিক জীৱনৰ মাজত এক গভীৰ যোগসূত্র আছে বুলি অনুভৱ কৰি বহুকেইজন আধুনিক সমাজবিজ্ঞানী তথা শিক্ষাবিদে এই যোগসূত্ৰৰ উত্তৰণ ঘটাবৰ বাবে ঘটনামূলক পদ্ধতি বা সিদ্ধান্তক যথোপযুক্ত হিচাপে বিবেচনা কৰি গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। সমাজৰ এটা পদ্ধতি হিচাপে ঘটনামূলক পদ্ধতিয়ে সামাজিক্রিয়া, সামাজিক দৃশ্যপট আৰুসামাজিক জীৱন সৃষ্টিৰ ক্ষেত্ৰত কিদৰে মানুহ সজাগতা বা সচেতনতা লিপ্ত হৈ আছে সেই সম্পৰ্কে অধ্যয়নৰ পথ সুগম কৰিছে।

ইমানুৱেল কান্টে ১৯ শতিকাতে ‘ঘটনা সম্বন্ধীয় ধাৰণা ‘Phenomeriology বা শব্দটো ব্যৱহাৰ কৰিছিল। তেওঁৰ মতে পূৰ্বৰ অভিজ্ঞতাই নতুন অভিজ্ঞতাৰ জন্ম দিয়ে। তেওঁৰ মতে জ্ঞান বা অভিজ্ঞতাৰ জৰিয়তে আমি ব্যৱহাৰিক জগতখনৰ বিষয়েহে সমল পাওঁ। সাধাৰণ জ্ঞান বা অভিজ্ঞতাৰ বাহিৰতো ‘অজ্ঞাত আৰু ‘আজ্ঞেয়’ এখন সমাজ আছে বুলি কান্টে মত পোষণ কৰে অৰ্থ তেওঁৰ মতে জ্ঞানতকৈও এখন বহল সমাজ বা জগত আছে আৰু সেইখনহে প্ৰকৃত জগত। তেওঁ প্ৰকৃত জগতখন, জ্ঞান, বুদ্ধি, অভিজ্ঞতা আদিৰ বিষয়ে বিচাৰবাদৰ জৰিয়তে আলোচনা কৰিছে।

কুৰি শতিকাৰ আৰম্ভণিতে জামনীৰ বিখ্যাত গণিতজ্ঞ এডমাণ্ড হাচলি আৰু তেওঁৰ অনুগামীসকলে ‘Phenomenology’ শব্দটো বহুল প্রয়োগ কৰিছিল।এডমাণ্ড হাৰ্চলিৰ মতে, “Phenomenology is the reflective study of the essence of consciousness as experienced from the first person point of view.”

সমাজতত্ত্বত ঘটনা সম্বন্ধীয় ধাৰণাকে দুটা দিশত ব্যৱহাৰ কৰা হয়—

১। প্রকৃত বা আচল সমাজতান্ত্ৰিকৰ সমস্যা সমূহৰ বাবে সমাধান সূত্ৰ আৱিষ্কাৰ কৰাৰ ক্ষেত্ৰত। (To theories about substantive Sociological problems)

২। সমাজতাত্বিক গৱেষণাৰ পদ্ধতিসমূহৰ উপযুক্ততা বৃদ্ধি কৰাৰ ক্ষেত্ৰত। (To enhance the adequacy of Sociological research methods)

৩। আন্তঃক্রিয়াবাদ (Interactionism) সমাজবিজ্ঞান আৰু শিক্ষাৰ সম্বন্ধৰ বিষয়ে অধ্যয়ন কৰাৰ ক্ষেত্ৰত বহুতো শিক্ষাবিদ তথা সমাজবিদে বিভিন্ন সময়ত বিভিন্ন সিদ্ধান্ত আগবঢ়াই আহিছে। সমাজৰ ধাৰণা আৰু বিভিন্ন সমাজিক প্ৰক্ৰিয়াৰ মূল বিষয়বস্তু হিচাপে ব্যক্তি আৰু সমাজৰ মাজত সংঘটিত হোৱা বিভিন্ন আন্তৰিয়া সমূহকে অভিহিত কৰা হয়।এই সামাজিক প্ৰক্ৰিয়াবোৰ হৈছে সংঘাত, সহযোগিতা, একাত্মীকৰণ, প্রতিযোগিতা ইত্যাদি। ব্যক্তিৰ লগত সমাজৰ বিভিন্ন আন্তঃক্রিয়া আহৰণ সংঘটিত হৈয়ে থাকে। এই আন্তঃক্রিয়াসমূহেই সমাজত বিভিন্ন দিশত সংগঠিত ৰূপ প্ৰদান কৰে। আন্তঃক্রিয়াবাদ সিদ্ধান্ত অনুসৰি সমাজৰ বিভিন্ন দিশৰ অধ্যয়নত সফল হ’বলৈ হ’লে ব্যক্তি আৰু সমাজৰ মাজত হোৱা বিভিন্ন আন্তঃক্ৰিয়াবোৰৰ বিষয়ে উপযুক্ত আলোচনা কৰিব লাগিব।

জেমচ পাৰ্কাৰে এই আন্তঃক্রিয়াবাদক প্রথম কৰ্মৰ সৈতে সংযোগ ঘটায় প্রয়োগবাদী দার্শনিক আৰু সামাজিক সত্যতা সম্পৰ্কীয় বস্তুবাদী বিশ্লেষক জর্জ হাবার্ট মিড (George Herbert Mead) এ এই তত্ত্ববৰ নেতৃত্ব বহন কৰিছিল । হাবার্ট ব্লুমাৰ (Herbert Blumer) এ মিডৰ কৰ্মৰাজিৰ প্ৰসাৰ ঘটাইছিল আৰু এই তত্ত্বক “Symbolic interactionism’ নামাকুৰণ কৰিছিল । বিভিন্ন দিশৰ জ্ঞানেৰে পৰিপুষ্টি লাভ কৰি হাবাৰ্ট মিডে মানৱ সমাজলৈ বিভিন্ন সিদ্ধান্ত আগবঢ়াইছিল যদিও এই সিদ্ধান্তসমূহ গ্ৰহ আকাৰে তেখেতৰ মৃত্যুৰ পাছতহে প্ৰকাশ পাইছিল। 

এই বিখ্যাত গ্রন্থ কেইখন হৈছে–

(1) Philosophy of the present (1932) (i) Mind, self and society (1934)

(ii) Movements of thought in the 19th century (1936)

(iii) Movements of thought in the 19th century (1936)

(iv) Philosophy of the Art (1938) 

আন্তঃক্রিয়াবাদ বা পাৰস্পৰিকতাবাদ বুলি ক’লে সমাজৰ ব্যক্তিসকলৰ মাজৰ পাৰস্পৰিক সম্বন্ধকে বুজা যায়। সামাজিক পাৰস্পৰিকতা হৈছে দুই বা তাতোধিক ব্যক্তিৰ মাজত হোৱা ক্ৰিয়া প্ৰক্ৰিয়া আৰু পাৰস্পৰিক বা সকলোৰে উপযোগী মুখামুখি প্ৰক্ৰিয়া সামাজিক পাৰস্পৰিকতাই মানুহৰ সকলোবোৰ ভাষাৰ লগতে শাৰীৰিক ভাষা আৰুৰ্ধৰণ কৰণক বুজায় । সামাজিক আন্তঃ ক্ৰিয়াৰ ৰ মুখ্য উদ্দেশ্য হৈছে আনৰ লগত যোগাযোগ বা সংযোগ স্থাপন কৰা। যদিহে সামাজিক পাৰস্পৰিকতা তথা আদান প্রদান বিপদজ্জনক হৈ উঠে তেতিয়া তয়া তাক নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰে।

৮। দ্বন্দ্বাত্মক সিদ্ধান্ত (Conflict Theory) সংঘাত্মক মতবাদ আগবঢ়োৱা বিজ্ঞানীসকলে সমাজৰ সদস্যসকলৰ মাজত থকা দ্বন্দ্ব বা সংঘৰ্ষৰ অধ্যয়নৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰিছিল ছিল। কালমার্ক্স, ইমেইল দুৰখেইম,মিল,ডাৰ্নেডৰফি,পলিচ অষ্ট্ৰয়া,লষ্টাৰ এফ, বাৰ্ড আদি সংঘাত্মক মতবাদৰ সমৰ্থক আছিল। কালমার্ক্স এই সিদ্ধান্তৰ পিতৃ বুলি ক’ব পাৰি। তেওঁৰ মতে উৎপাদনৰ পদ্ধতি অনুযায়ী সমাজত সামাজিক স্তৰীকৰণ স্বৰূপ গঢ়ি উঠে। তেওঁ কৈছিল—মানৱ জাতিৰ ইতিহাস মানেই শ্রেণী সংগ্ৰামৰ ইতিহাস”।

এই মতবাদৰ সমৰ্থকসকলে বিশেষভাৱে সমাজৰ দুটা দিশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল।

১। সমাজৰ প্ৰচলিত দমনমূলক প্রকৃতি।

২। সামাজিক পৰিৱৰ্তনৰ ব্যাপকতা(Pervasiveness of social change).

সংঘাত্মক মতবাদে সমাজ ব্যৱস্থাটোক শাসক শ্রেণী (Dominant Group) আৰু তলতীয়া শ্ৰেণী হিচাপে ভাগ কৰিছিল। শাসক শ্ৰেণীটোৱে সদায় তলতীয়াসকলক দমন কৰি ৰাখিবৰ চেষ্টা কৰে আৰু তেওঁলোকৰ নিজৰ মূল্যবোধ আৰু বিশ্বাসসমূহ তলতীয়াসকলৰ ওপৰত বাধ্যবাধকতা কৰাৰ চেষ্টা কৰে। কিন্তু সমাজৰ তলতীয়া লোকৰ শ্ৰেণীটো সদায় ‘তলতীয়া’ হৈ থাকিবলৈ নিবিচাৰে। তেওঁলোক কোনো কোনো ক্ষেত্ৰত কেতিয়াবা শাসক শ্ৰেণীৰ বাবে প্ৰত্যাহ্বান বা ভাবুকিৰ সৃষ্টি কৰে যাৰ ফলত সংঘাটৰ জন্ম হয় আৰু সমাজৰ সুস্থিৰতা বিনাশ পায়। তেতিয়াই সমাজৰ শাসক শ্ৰেণীটোৱে সামাজিক মিথ্যাচাৰৰ আশ্ৰয়ত কাল্পনিক কাহিনীৰ জৰিয়তে নাইবা বিশেষ বিশেষ নির্বাচিত তলতীয়া শ্ৰেণীৰ সদস্যক প্রলোভিত কৰি সমাজৰ স্থিৰতা ৰক্ষাৰ চেষ্টা কৰে। ভাৰতীয় সমাজত সদায় ব্রাহ্মণ বা উচ্চ জাতিৰ লোক সকলে নিম্নজাতি অৰ্থত হৰিজন সকলক দমন কৰি আহিছে ফলত এই উচ্চ জাতি আৰু নিম্নজাতিৰ মাজত বর্ত মানলৈকে সংঘাত বা দ্বন্দ্ব চলি আছে।

মুঠৰ ওপৰত সংঘাত বা দ্বন্দূৰৰ পৰিৱৰ্তন আৰু দমন বা শোষনেই হৈছে দন্দ্বাত্নক সিদ্ধান্তৰ মূল দিশ। এই সিদ্ধান্তৰ সমৰ্থকসকলৰ মতে

এক নতুন দমনকাৰী বা ক্ষমতাশালী শক্তিৰ উদ্ভৱ হ’লেই পুৰণি দমনমূলক শক্তিৰ পৰিৱৰ্তন হয়। উদাহৰণস্বৰূপে ভাৰতীয় সমাজৰ কিছুমান অংশত হৰিজন বা নিম্ন জাতিৰ লোকসকল শক্তিশালী হৈ উঠে আৰু উচ্চজাতিৰ লোকসকলৰ ক্ষমতাৰ পৰিমাণ হ্রাস পায়। 

৫। ঐক্যমত তত্ত্ব (Consensus Theory) ঐক্যমত তত্ত্বৰ মত অনুসৰি এখন সমাজৰ গঠন হার্বাট স্পেনচাৰৰ সামাজিক অংগীবাদ ৰ লগত তুলনা কৰিব পাৰি। সামাজিক অংগীবাদত হাবার্ট স্পেনচাৰে কোৱাৰ দৰে সামূহিক মতবাদ তত্ত্বই এখন সমাজক এটা জীৱদেহৰ লগত তুলনা কৰিছে। জীৱদেহৰ দৰে এখন সমাজৰ বিভিন্ন অংশসমূহৰ মাজত সদায় সমতুলতা বিৰাজ কৰে। যেতিয়া কোনো কাৰণত কোনো এটা অংশৰ বিজুটি ঘটে তেতিয়া গোটেই সমাজখনৰ সমতুলতা নষ্ট হৈ পৰে।

এখন সমাজৰ সদস্যসকলৰ মাজত পাৰস্পৰিক বুজাবুজি, একে ভাবধাৰা, মনোভাৱ আৰু মূল্যবোধ গঢ়ি উঠাৰ ফলতহে সমাজ এখন সুন্দৰভাবে বৰ্ত্তি থকাটো সম্ভৱ হৈ উঠে বুলি ঐক্যমত তত্ত্বৰ সমৰ্থকসকলে মতপোষণ কৰে। এই তত্ত্বই সমাজৰ লোকসকলে গ্ৰহণ কৰা আৰু সকলোৰে বাবে একে নৈতিক মূল্যবোধ, বিশ্বাস আৰু আগ্ৰহ অনুভূতিৰ ওপৰতহে গুৰুত্ব দিয়ে। ই যিবোৰে আমাৰ মাজত পাৰ্থক্যৰ সৃষ্টি কৰে সেই দিশসমূহৰ ওপৰত গুৰুত্ব দিয়ে।

এখন সমাজৰ, সদস্যসকলৰ মাজত পাৰস্পৰিক আদান-প্রদান, বুজা পৰা আৰু পাৰস্পৰিক সম্পৰ্কৰ মাত্ৰা যিমানেই অধিক হয়, সিমানেই সেই-সমাজখনত ঐক্য আৰু সংহতি বৃদ্ধি পায়। ঐক্যমত তত্ত্বৰ সমৰ্থক সকলৰ মনতে সমাজ কিছুমান নিৰ্দিষ্ট আৰু আন্তঃসম্পর্কযুক্ত অংশ। যেনে :- অনুষ্ঠান, সংস্থাসমূহ আদিৰ দ্বাৰা গঠিত হয়। সমাজশাস্ত্ৰৰপিতৃ স্বৰূপে আগষ্ট ক’টৰ মতে সমাজৰ বিভিন্ন অংগ ৰা অংশসমূহৰ মাজত,পাৰস্পৰিক বুজাবুজিৰ সৃষ্টি হ’লেহে সামাজিক শৃংখল বা স্থিৰতা লাভ কৰিব পাৰে।

ঐক্যমত তত্ত্বৰ মূল উপাদানসমূহ হ’ল—

১। সংৰচনা আৰু কাৰ্য (Structure and function)

২। সংহতি (Integration)

৩ । স্থিৰতা (Stability)

৪। ঐক্যমত (Consensus)

7. State systematically the aims andÊ. objectives of educationalÊ, sociology and add a note on its Scope. 

উত্তৰঃ শিক্ষা সমাজবিজ্ঞান অধ্যয়নৰ উদ্দেশ্য— 

১। বিদ্যালয় আৰু শিক্ষকৰ কাৰ্যাৱলী সম্বন্ধে জ্ঞান অৰ্জন কৰা আৰু তাৰ জৰিয়তে সমাজ আৰু সামাজিক প্ৰক্ৰিয়াসমূহৰ বিকাশ সাধন কৰা।

২। সামাজিক উপাদানসমূহে বিদ্যালয়ত কেনেকুৱা প্ৰভাৱ পেলায়। সেই সম্পর্কে আলোচনা আৰু অধ্যয়ন কৰা।

৩। সামাজিক উপাদানসমূহে ব্যক্তিৰ ওপৰত কেনেকুৱা প্ৰভাৱ পেলায় সেই সম্পর্কে জ্ঞান অর্জন কৰা।।

৪। এখন সমাজৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক অৱস্থাৰ সৰ্বজনীনতাৰ বুজ লৈ পাঠ্যক্ৰম প্ৰস্তুত কৰা।

৫ । গণতান্ত্রিক আদৰ্শৰ বুজ লোৱা।

৬। শিক্ষা সমাজবিজ্ঞানৰ সকলোবোৰ লক্ষ্য পূৰণ হোৱাকৈ বিভিন্ন গৱেষণামূলক কৌশল আয়ত্ব কৰা আৰু প্ৰয়োগ কৰা । 

শিক্ষা সমাজবিজ্ঞানৰ পৰিসৰ-

সমাজবৈজ্ঞানিকদৃষ্টিকোণৰ পৰা শিক্ষা সমাজবিজ্ঞানৰ পৰিসৰসমূহ

বিশ্লেষণ কৰিলে তলৰ দিশসমূহ উল্লেখ কৰিব পাৰি

১। নতুন পৰিৱেশৰ লগত সমাযোজন।

২। সংস্কৃতিৰ সংৰক্ষণ আৰু সংমিশ্ৰণ প্ৰক্ৰিয়া (Cultural

Preservation and Assimilation)

৩। সামাজিক সমস্যাৰ অধ্যয়ন (Study of Social Problem ) 

৪ । বিভিন্ন সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানসমূহ আৰু গোটসমূহ (Various Social and Cultural Institutions) | 

৫। সামাজিক পৰিৱৰ্তনৰ আহিলাসমূহ।

৬। সমাজবিজ্ঞানৰ বিভিন্ন তত্ত্বসমূহ।

৭। ব্যক্তি আৰু সমাজৰ মাজত থকা সম্পৰ্ক। 

৮। ১াজনৈতিক আদর্শসমূহ আৰু শিক্ষা।

৯ । সামাজিক প্রক্রিয়াসমূহ আৰু শিক্ষা ।

8. Write a brief note on-

(a) Structural functionalism. 

উত্তৰঃ সংগঠনমূলক কাৰ্য্যাত্মবাদ (Structural Functionalism) 

সমাজবিজ্ঞান অধ্যয়নৰ এটা বিশেষ গুৰুত্বপূৰ্ণ মতবাদ হিচাপে কাৰ্য্যাত্মবাদ বা কার্যকাৰিতাবাদৰ ভূমিকা উল্লেখযোগ্য। এই মতবাদ সম্পৰ্কত ইমেইল দুৰখেইম, হার্বাট স্পেনচাৰ, বাৰ্নাডবাৰ্বাৰ, টালকট পাৰ্চন, কিংছলি ডেভিড আকু মূৰে, ৰবাৰ্ট মাৰটন, ৰুছো, মাৰচেল মাউচ,ব্ৰাউনিচল’, মেলানস্কি, ৰেডক্লিফ ব্রাউন আলমণ্ড আৰু পাৱেল আদিয়ে মতামত আগবঢ়াইছিল।

হার্বাট স্পেনচাৰে তেওঁৰ “Principle of Sociology” (1874-96) আৰু টালকট পাচনে তেওঁৰ The structure of social Action” (1937) নামৰ গ্ৰন্থত এই তত্ত্ব সম্পর্কে বিশদ ব্যাখ্যা দাঙি ধৰিছে। 

এই মতবাদ অনুসৰি সমাজৰ সংগঠন সম্পৰ্কে যথোপযুক্ত বিশ্লেষণ কৰিবৰ নাইবা সমাজ এখন গঠন হোৱাৰ প্ৰকৃতি সম্পর্কে বুজাবলৈ হ’লে প্রথমে সমাজখনক কিছুমান একক বা গোটত ভাগ কৰি প্ৰতিটো এককৰ নাইবা গোটৰ কাৰ্যকলাপসমূহৰ বিষয়ে অধ্যয়ন কৰিব লাগিব। কাৰ্যকাৰিতাবাদ মতবাদক অধিক জনপ্রিয় মতবাদ হিচাপে সমাজবিজ্ঞানত প্রতিষ্ঠিত কৰাত মুখ্য ভূমিকা কৃতিত্ব দিব পৰা বিখ্যাত সমাজবিদজন হৈছে টালকট পাৰ্চন । তেখেতে মানৱ সমাজ সম্পর্কে অধ্যয়ন কৰাৰ ক্ষেত্ৰত কার্যকাৰিতা । উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।এই মতবাদ সমর্থনৰ জৰিয়তে টালকট পাৰচন্‌চে সমাজৰ সংগঠন আৰু ব্যক্তিগত কাৰ্য্যৰ মাজত সম্বন্বয় সাধনত চেষ্টা কৰিছিল।

এই মতবাদ অনুসৰি সমাজ এখন কিছুমান একক নাইবা গোটৰ সমষ্টিৰে সংগঠিত হয়। এই একক বা গৌট সমূহৰ কাৰ্যৰ ওপৰত সমাজ এখন নিৰ্ভৰ কৰি থাকে। এই কাৰ্যসমূহে সমাজৰ জৈৱিক তথা মানসিক আদি বিভিন্ন দিশতে প্ৰভাৱ বিস্তাৰ কৰে। সেইবাবে এই কার্যসমূহ বিস্তাৰ্তিভাৱে অধ্যয়ন কৰিলেহে সমাজ এখনৰ প্ৰকৃত স্বৰূপটো বুজিবলৈ কোনো ব্যক্তি সক্ষম হ’ব পাৰিব।

গঠনমূলক কার্যাত্মবাদে সমাজৰ গঠনত ধনাত্মক আৰু ঋণাত্মক কাৰ্যৰ মাজত সম্বন্বয় সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। এই মতবাদ অনুসৰি সামাজিক কাৰ্যাত্মবাদক এক বিশেষ প্ৰকাৰৰ গঠনমূলক কাযগ্নিবাদ বুলি কোৱা হয় আৰু ইয়াৰ জৰিয়তে সমাজ সংৰচনাত সমাজৰ সামাজিক সংগঠন আৰু অনুষ্ঠানসমূহৰ ভূমিকা ব্যাখ্যা কৰাৰ উপৰিও এই বিভিন্ন সংগঠন সমূহৰ মাজত থকা,পাৰস্পৰিক সম্বন্ধৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়।

এই তত্ত্বৰ আন দুজন পৃষ্ঠপোষক কিংছলি ডেভিড-আৰু ই মুৰেৰ মতে ব্যক্তিৰ সামাজিক প্ৰস্থিতিবোৰৰ প্ৰভেদীকৰণেই হৈছে স্তৰীকৰণৰ মূল ভেটি অর্থাৎ সমাজ এখন বৰ্ত্তি থাকিবলৈ হ’লে সমাজৰ বিভিন্ন কামবোৰ বিভিন্ন ব্যক্তিৰ মাজত বিতৰণ হ’ব লাগিব আৰু ইয়াৰ বাবে প্ৰস্থিতি প্রভেদীকৰণৰো প্ৰয়োজন আছে। কিয়নো সমাজৰ সকলো কাম সমাজৰ বাবে সমানে প্রয়োজন হয়। সেয়ে সেই কামবোৰৰ প্ৰকৃতি অনুযায়ী বিভিন্ন ভাগত ভাগ কৰিবলগীয়া হয়। সমাজৰ কামবোৰ এনেদৰে ভাগ নকৰিলে এখন সমাজ বৰ্ত্তি থকা বা সামাজিক শৃংখলা ৰক্ষা কৰা সম্ভৱ নহয়। সমাজৰ এই কামবোৰ প্ৰকৃতি অনুযায়ী সমাদৃত উচ্চ নিম্ন অৱস্থাৰ সৃষ্টি হয়। সমাজৰ কামবোৰ আকৌ সমানে আকর্ষণীয় নহয়। কিছুমান কাম সহজ আৰু কিছুমান কামৰ বাবে বহু কষ্ট স্বীকাৰ কৰিবলগীয়া হয়। সাধাৰণতে মানুহে সহজ কামবোৰৰ প্ৰতি অধিক আকর্ষিত হয়। কিন্তু সমাজখনত বৰ্তি থাকিবৰ বাবে সহজ আৰু কষ্ট সাধ্য দুযোবিধ কামেই সম্পাদন হ’ব লাগিব। সেয়ে কষ্টসাধ্য কামৰ বাবে সা-সুবিধা, অর্থ, অধিক সামাজিক প্রস্থিতি প্ৰদানৰ ব্যৱস্থা কৰিব লাগে, তেতিয়াহে তেনে কামৰ প্ৰতি মানুহ আকৰ্ষিত হ’ব। এনেদৰে সুমুজিত বিভিন্ন কামৰ বিভেদীকৰণৰ ফলত সমাজত সামাজিক স্তৰীকৰণৰ সৃষ্টি হৈছে।

(b) Phenomenology.

উত্তৰঃ ঘটনামূলক সিদ্ধান্ত বা ক্রিয়ামূলক সিদ্ধান্তঃ (Phenomenology) ‘Phenomenology’ শব্দটো গ্ৰীক ভাষাৰ ‘Phenomenon আৰু ‘Logos’ ৰ পৰা উৎপত্তি হৈছে। ‘Phenomenon’ মানে “that which appear’ অর্থাৎ যিটো দেখা দিয়ে আৰু ‘Logos’ মানে “study” বা অধ্যয়ন । গতিকে ‘Phenomenology’ মানে ‘Study of that which appear’ অর্থাৎ যিটো দেখা দিয়ে বা যিটো দেখা পোৱা যায় আৰু অধ্যয়নেই হৈছে ‘Phenomenology’. ই হৈছে সচেতন অভিজ্ঞতাক অধ্যয়ন কৰা এক ব্যাপক দৃষ্টিভংগী।

এই চিন্তাধাৰাৰ সমৰ্থকসকলৰ ভিতৰত Haz Scheler, Jean Paul Sartre, Paul Ricoeur, Emmanuel Levinas, Alfred Schutz, Eric voegelin, Carl stumpf, Hicks, Safranski আদি উল্লেখযোগ্য।

ব্যক্তিৰ সচেতনতা আৰু সামাজিক জীৱনৰ মাজত এক গভীৰ যোগসূত্র আছে বুলি অনুভৱ কৰি বহুকেইজন আধুনিক সমাজবিজ্ঞান তথা শিক্ষাবিদে এই যোগসূত্ৰৰ উত্তৰণ ঘটাবৰ বাবে ঘটনামূলক পদ্ধতি বা সিদ্ধান্তক যথোপযুক্ত হিচাপে বিবেচনা কৰি গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। সমাজৰ এটা পদ্ধতি হিচাপে ঘটনামূলক পদ্ধতিয়ে সামাজিক ক্রিয়া, সামাজিক দৃশ্যপট আৰু জিক জীৱন সৃষ্টিৰ ক্ষেত্ৰত কিদৰে মানুহৰ সজাগতা বা সচেতনতা লিপ্ত হৈ আছে সেই সম্পৰ্কে অধ্যয়নৰ পথ সুগম কৰিছে।

ইমানুৱেল কান্টে ১৯ শতিকাতে ‘ঘটনা সম্বন্ধীয় ধাৰণা’ ‘Phenomenology’ বা শব্দটো ব্যৱহাৰ কৰিছিল। তেওঁৰ মতে পূৰ্বৰ অভিজ্ঞতাই নতুন অভিজ্ঞতাৰ জন্ম দিয়ে। তেওঁৰ মৃতে জ্ঞান বা অভিজ্ঞতাৰ জৰিয়তে আমি ব্যৱহাৰিক জগতখনৰ বিষয়েহে সমল পাওঁ। সাধাৰণ জ্ঞান বা অভিজ্ঞতাৰ বাহিৰতো ‘অজ্ঞাত’ আৰু ‘আজ্ঞেয়’ এখন সমাজ আছে বুলি কান্টে মত পোষণ কৰে অৰ্থাৎ তেওঁৰ মতে জ্ঞানতকৈও এখন বহল সমাজ বা জগত আছে আৰু সেইখনহে প্ৰকৃত জগত। তেওঁ প্ৰকৃত জগতখন, জ্ঞান, বুদ্ধি, অভিজ্ঞতা আদিৰ বিষয়ে বিচাৰবাদৰ জৰিয়তে আলোচনা কৰিছে।

কুৰি শতিকাৰ আৰম্ভণিতে জাৰ্মনীৰ বিখ্যাত গণিতজ্ঞ এডমাণ্ড হাৰচলি আৰু তেওঁৰ অনুগামীসকলে ‘Phenomenology শব্দটো বহুল প্রয়োগ কৰিছিল। এডমাণ্ড হাচলিৰ মতে “Phenomenology is the reflective studyÊ. of the essence of consciousness as experienced from the first person point of view.”

সমাজতত্ত্বত ঘটনা সম্বন্ধীয় ধাৰণাকে দুটা দিশত ব্যৱহাৰ কৰা হয়-

১। প্রকৃত বা আচল সমাজতাত্ত্বিকৰ সমস্যা সমূহৰ বাবে সমাধান

সূত্র আবিস্কাৰ কৰাৰ ক্ষেত্ৰত। (To theories about substantive

Sociological problems).

২। সমাজতাত্ত্বিক গৱেষণাৰ পদ্ধতিসমূহৰ উপযুক্ততা বৃদ্ধি কৰাৰ ক্ষেত্ৰত। (To enhance the adequacy of Sociological research methods)

(C) Interactionism. 

উত্তৰঃ আন্তঃক্রিয়াবাদ (Interactionism) সমাজবিজ্ঞান আৰু শিক্ষাৰ সম্বন্ধৰ বিষয়ে অধ্যয়ন কৰাৰ ক্ষেত্ৰত বহুতো শিক্ষাবিদ তথা সমাজবিদে বিভিন্ন সময়ত বিভিন্ন সিদ্ধান্ত আগবঢ়াই আহিছে। সমাজৰ ধাৰণা আৰু বিভিন্ন সমাজিক প্ৰক্ৰিয়াৰ মূল বিষয়বস্তু। হিচাপে ব্যক্তি আৰু সমাজৰ মাজত সংঘটিত হোৱা বিভিন্ন আন্তঃক্রিয়া সমূহকে অভিহিত কৰা হয়। এই সামাজিক প্ৰক্ৰিয়াবোৰ হৈছে সংঘাত, সহযোগিতা,একাত্মীকৰণ, প্রতিযোগিতা ইত্যাদি। ব্যক্তিৰ লগত সমাজৰ বিভিন্ন আন্তঃক্রিয়া আহৰণ সংঘটিত হৈয়ে থাকে। এই আন্তঃক্রিয়া সমূহেই সমাজত বিভিন্ন দিশত সংগঠিত ৰূপ প্ৰদান কৰে। আন্তঃক্রিয়াবাদ সিদ্ধান্ত অনুসৰি সমাজৰ বিভিন্ন দিশৰ অধ্যয়নত সফল হ’বলৈ হ’লে ব্যক্তি আৰু সমাজৰ মাজত হোৱা বিভিন্ন আন্তঃক্রিয়াবোৰৰ বিষয়ে উপযুক্ত আলোচনা কৰিব লাগিব।

জেমচ পাৰ্কাৰ এ এই আন্তঃক্রিয়াবাদক প্রথম কৰ্মৰ সৈতে সংযোগ ঘটায়।প্রয়োগবাদী দার্শনিক আৰুসামনাজিক সত্যতা সম্পৰ্কীয় বস্তুবাদী বিশ্লেষক জর্জ হাবার্ট মিড (George Herbert Mead) এ এই তত্ত্বৰ নেতৃত্ব বহন ‘কৰিছিল। হাবার্ট বলুমাৰ এ মিডৰ কৰ্মৰাজিৰ প্ৰসাৰ ঘটাইছিল আৰু এই তত্ত্বক “Symbolic interactionism” নামেৰে নামাকৰণ কৰিছিল । বিভিন্ন দিশৰ জ্ঞানেৰে পৰিপুষ্টি লাভ কৰি হাবার্ট মিডে মানৱ সমাজলৈ বিভিন্ন সিদ্ধান্ত আগবঢ়াইছিল যদিও এই সিদ্ধান্তসমূহ গ্রন্থ আকাৰে তেখেতৰ মৃত্যুৰ পাছতহে প্ৰকাশ পাইছিল। এই বিখ্যাত গ্রন্থ কেইখন হৈছে—

(i) Philosophy of the present (1932) 

(ii) Mind, self and society (1934)

(iii) Movements of thought in the 19th century (1936) 

(iv) Philosophy of the Art (1938) আন্তঃক্রিয়াবাদ বা পাৰস্পৰিকতাবাদ বুলি ক’লে সমাজৰ ব্যক্তিসকলৰ মাজৰ পাৰস্পৰিক সম্বন্ধকে বুজা যায়। সামাজিক পাৰস্পৰিকতা হৈছে দুই বা তাতোধিক ব্যক্তিৰ মাজত হোৱা ক্ৰিয়া প্ৰক্ৰিয়া আৰু পাৰস্পৰিক বা সকলোৰে উপযোগী মুখামুখি প্রক্রিয়া। সামাজিক পাৰস্পৰিকতাই মানুহৰ সকলোবোৰ ভাষাৰ লগতে শাৰীৰিক ভাষা আৰু ধৰণ কৰণক বুজায় সামাজিক আন্তঃ ক্ৰিয়াৰ মুখ্য উদ্দেশ্য হৈছে আনৰ লগত যোগাযোগ বা সংযোগ স্থাপন কৰা। যদিহে সামাজিক পাৰস্পৰিকতা তথা আদান প্রদান বিপদজনক হৈ উঠে তেতিয়া তাক নিয়ন্ত্রণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰে। 

(d) Conflict and Consensus Theories.

উত্তৰঃ দ্বন্দ্বাত্মক সিদ্ধান্ত (Conflict Theory) সংঘাত্মক মতবাদ আগবঢ়োৱা বিজ্ঞানীসকলে সমাজৰ সদস্যসকলৰ মাজত থকা দ্বন্দ্ব বা সংঘৰ্ষৰ অধ্যয়নৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰিছিল। কালমার্ক্স, ইমেইল দুৰখেইম, মিল, ডানেডৰফি,পলিচ অষ্টিয়ান, লষ্টাৰ এফ,ৱাৰ্ড আদি সংঘাত্মক মতবাদৰ সমৰ্থক আছিল। কালমার্ক্স এই সিদ্ধান্তৰ পিতৃ বুলি ক’ব পাৰি। তেওঁৰ মতে অর্থনৈতিক উৎপাদনৰ পদ্ধতি অনুযায়ী সমাজত সামাজিক স্তৰীকৰণ স্বৰূপ গঢ়ি উঠে। তেওঁ কৈছিল—“মানৱ জাতিৰ ইতিহাস মানেই শ্রেণী সংগ্ৰামৰ ইতিহাস’।

এই মতবাদৰ সমৰ্থকসকলে বিশেষভাৱে সমাজৰ দুটা দিশৰ ওপৰত গুৰত্ব প্ৰদান কৰিছিল।

১। সামাজিক-পৰিৱৰ্তনৰ ব্যাপকতা।

২। সমাজ ব্যৱস্থাটোক শাসক শ্রেণী (Dominant Group) আৰু তলতীয়া শ্রেণী (Subordinate group) হিচাপে ভাগ কৰিছিল । শাসক নিজৰ মূল্যবোধ আৰু বিশ্বাসসমূহ তলতীয়াসকলৰ ওপৰত বাধ্যবাধকতা কৰাৰ চেষ্টা কৰে। কিন্তু সমাজৰ তলতীয়া লোকৰ শ্ৰেণীটো সদায় ‘তলতীয়া’ হৈ থাকিবলৈ নিবিচাৰে। তেওঁলোকে কোনো কোনো ক্ষেত্ৰত কেতিয়াবা শাসক শ্ৰেণীৰ বাবে প্ৰত্যাহ্বান বা ভাবুকিৰ সৃষ্টি কৰে যাৰ ফলত সংঘাটৰ জন্ম হয় আৰু সমাজৰ সুস্থিৰতা বিনাশ পায়। তেতিয়াই সমাজৰ শাসক শ্ৰেণীটোৱে সামাজিক মিথ্যাচাৰৰ আশ্ৰয়ত কাল্পনিক কাহিনীৰ জৰিয়তে নাইবা বিশেষ বিশেষ নির্বাচিত তলতীয়া শ্ৰেণীৰ সদস্যক প্রলোভিত কৰি সমাজৰ স্থিৰতা ৰক্ষাৰ চেষ্টা কৰে। ভাৰতীয় সমাজত সদায় ব্রাহ্মণ বা উচ্চ জাতিৰ লোক সকলে নিম্নজাতি অৰ্থাৎ হৰিজন সকলক দমন কৰি আহিছে ফলত এই উচ্চ জাতি আৰু নিম্নজাতিৰ মাজত বৰ্তমানলৈকে সংঘাত বা দ্বন্দূৰ চলি আছে।

মুঠৰ ওপৰত সংঘাত বা দ্বন্দ্ব্বৰৰ পৰিৱৰ্তন আৰু দমন বা শোষনেই হৈছে দ্বন্দ্বাত্মক সিদ্ধান্তৰ মূল দিশ। এই সিদ্ধান্তৰ সমৰ্থকসকলৰ মতে এক নতুন দমনকাৰী বা ক্ষমতাশালী শক্তিৰ উদ্ভৱ হলেই পুৰণি দমনমূলক শক্তিৰ পৰিৱৰ্তন হয়। উদাহৰণস্বৰূপে ভাৰতীয় সমাজৰ কিছুমান অংশত হৰিজন বা নিম্ন জাতিৰ লোকসকল ঐক্যামত তত্ত্ব।

ঐক্যমত তত্ত্বৰ মত অনুসৰি এখন সমাজৰ গঠন হাবার্ট স্পেনচাৰ সামাজিক অংগীবাদ ৰ লগত তুলনা কৰিব পাৰি। সামাজিক অংগীবাদত হাবাট স্পেনচাৰে কোৱাৰ দৰে সামূহিক মতবাদ তত্ত্বই এখন সমাফডকু এটা জীৱদেহৰ লগত তুলনা কৰিছে।জীৱদেহৰ দৰে এখন সমাজৰ বিভিন্ন অংশসমূহৰ মাজত সদায় সমতুলতা বিৰাজ কৰে। যেতিয়া কোনো কাৰণত কোনো এটা অংশৰ বিজুটি ঘটে তেতিয়া গোটেই সমাজখনৰ সমতুলতা নষ্ট হৈ পৰে।

এখন সমাজৰ সদস্যসকলৰ মাজত পাৰস্পৰিক বুজাবুজি, একে ভাৱধাৰা মনোভাৱ আৰু মূল্যবোধ গঢ়ি উঠাৰ ফলতহে সমাজ এখন সুন্দৰভাৱে বৰ্তি থকাটো সম্ভৱ হৈ উঠে বুলি ঐক্যমত তত্ত্বৰ সমর্থকসকলে মতপোষণ কৰে। এই তত্ত্বই সমাজৰ লোকসকলে গ্রহণ কৰা আৰুসকলোৰে বাবে একে নৈতিক মূল্যবোধ, বিশ্বাস আৰু আগ্ৰহ অনুভূতিৰ ওপৰতহে গুৰুত্ব দিয়ে। ই যিবোৰে আমাৰ মাজত পাৰ্থক্যৰ সৃষ্টি কৰে সেই দিশসমূহৰ ওপৰত গুৰুত্ব নিদিয়ে।।

এখন সমাজৰ সদস্যসকলৰ মাজত পাৰস্পৰিক আদান-প্রদান, বুজাপৰা আৰু পাৰস্পৰিক সম্পৰ্কৰ মাত্ৰা যিমানেই অধিক হয় সিমানেই সেই সমাজখনত ঐক্য আৰু সংহতি বৃদ্ধি পায়। ঐক্যমত তত্ত্বৰ সমৰ্থক সকলৰ মতে সমাজ কিছুমান নির্দিষ্ট আৰু আন্তঃসম্পর্কযুক্ত অংশ যেনে :- অনুষ্ঠান, সংস্থা সমূহ আদিৰ দ্বাৰা গঠিত হয় । সমাজশাস্ত্ৰৰ পিতৃ স্বৰূপে আগষ্ট ক’টৰ মতে সমাজৰ বিভিন্ন অংগ বা অংশসমূহৰ মাজত পাৰস্পৰিক বুজাবুজিৰ সৃষ্টি হ’লৈহে সামাজিক শৃংখলা বা স্থিৰতা লাভ কৰিব পাৰে।। 

ঐক্যমত তত্ত্বৰ মূল উপাদান সমূহ হ’ল—

১। সংৰচনা আৰু কাৰ্য।

২। সংহতি।

৩। স্থিৰতা।

৪। ঐক্যমত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top