SEBA Class 10 Assamese Sample Paper – 4 | দশম শ্ৰেণীৰ অসমীয়া প্ৰশ্নকাকত

SEBA Class 10 Assamese Sample Paper, HSLC Model Question Answer, দশম শ্ৰেণীৰ অসমীয়া প্ৰশ্নকাকত to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Assamese Sample Paper Class 10 SEBA can be of great value to excel in the examination.

SEBA Class 10 Assamese Sample Paper

Join Telegram channel

HSLC Model Question Paper provided is as per the Latest Assam Board Curriculum and covers all the questions from the SEBA Textbooks. Access the detailed SEBA Class 10 Assamese Sample Paper provided here and get a good grip on the subject. Access the SEBA Class 10 Assamese Sample Paper, Class X Model Question Answer of Assamese in Page Format. Make use of them during your practice and score well in the exams.

১০। তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা । 

( ক ) বৰগীতটি কি ৰাগত বন্ধা আছে ? 

উত্তৰঃ বসন্ত ৰাগত বন্ধা আছে । 

( খ ) জিকিৰৰ ৰচক কোন ? 

উত্তৰঃ জিকিৰৰ ৰচক আজান ফকিৰ । 

( গ ) ৰঘুনাথ চৌধুৰীৰ জন্ম ক’ত হৈছিল ? 

উত্তৰঃ হাজোৰ ওচৰৰ লাউপাৰা গাঁৱত । 

১১। ব্যাখ্যা কৰা ( যিকোনো এটা ) : 

( ক ) নৱ বিশালয়দলে চামৰ ধুলাই প্রকৃতিক আনিলে সাদৰি । 

উত্তৰঃ উদ্ধৃত কাব্যাংশ কবি ৰঘুনাথ চৌধুৰীদেৱৰ ৰচিত কবিতা ‘ প্রশস্তি’ৰ পৰা তুলি দিয়া হৈছে । 

কবিয়ে উক্ত কাব্যাংশৰ জৰিয়তে পুৱা সূৰ্যৰ পোহৰ পৰাৰ লগে লগে দশোদিশ উজ্জ্বলি উঠি কিদৰে প্ৰকৃতিক ন – সাজ পিন্ধাই আদৰি আনিছে তাকে ক’ব বিচাৰিছে । পুৱাকালত হেঙুলী আভাৰে সূৰ্যদেৱতাই ভুমুকি মৰাৰ লগে লগে গোটেই প্রকৃতি জগততে এক অপৰূপ ৰূপ সৌন্দৰ্যৰ সৃষ্টি হয় । জল – স্থল – আকাশ সকলোতে সুন্দৰতাৰ জয়গান চলিছে । বনৰ চৰাই – চিৰিকটিৰ গানে গছ – লতিকাৰ শিৰে শিৰে সুমধুৰ গীতৰ ৰাগিনী ঢালি দিছে । মন – প্রাণ হৰি পুলকিত কৰি চৌদিশে ফুলি থকা ফুলবোৰৰ প্ৰাণ আনন্দতে টলমল হৈ পৰিছে । নতুনকৈ কোঁহ মেলা গছ – বনৰ সেউজীয়া পাতবোৰে ন সাজেৰে সজাই প্রকৃতিক আদৰি আনিছে ।

( ঘ ) মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয় দেশ – প্ৰাণ , মুক্ত প্রাণ , অসমৰ স্বদেশ ভকতি । 

উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত চৈয়দ আব্দুল মালিকদেৱৰ দ্বাৰা ৰচিত ‘ মই অসমীয়া ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে । 

অসমীয়া সৈনিক আৰু সাধাৰণ নাগৰিকৰ বল – বিক্ৰমৰ বিষয়ে ক’বলৈ গৈ কবিয়ে উক্ত কবিতাফাকি অৱতাৰণা কৰিছে । 

সাম্রাজ্য বিস্তাৰৰ অৰ্থে অসম অধিকাৰ কৰিবলৈ অহা মোগলসকলে অসমীয়া মানুহৰ বীৰত্ব দেখি তবধ মানিছে । মোগলে ভাবিছিল তেওঁলোকে সহজে অসম অধিকাৰ কৰিব পাৰিব । কিন্তু সমৰ থলীত দেশমাতৃক ৰক্ষাৰ হেতু উপস্থিত অসমৰ পুৰুষ – তিৰোতাৰ দেখি বিস্মিত হৈ পৰিছে । পুৰুষ – নাৰী সকলোবে ৰণচণ্ডী মূৰ্তি আৰু বল – বিক্ৰম তথা সমৰ কৌশলত মোগলে পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হ’ল।সদা বিজয়ী অসমীয়াৰ কণ্ঠত উচ্চস্বৰত স্পান্দি হ’ল অসমৰ স্বাধীনতাৰ গান আৰু প্ৰতিধ্বনি হ’ল অসমৰ গৌৰৱ আৰতি । অসমীয়া সেনাৰ দুৰন্ত শক্তি আৰু গভীৰ স্বদেশ প্ৰেমৰ পৰিচয় শতক মোগলে ভালকৈয়ে পালে ৷ 

১২। তলত দিয়া যিকোনো পাঁচটা প্রশ্নৰ উত্তৰ লিখা ।

( ক ) তলৰ যিকোনো দুটা শব্দত ‘ণ’ আৰু ‘ষ’ কি কাৰণে হৈছে বুজাই লিখা— 

ঋণ , কাৰণ , শ্ৰীচৰণেষু , বৰষুণ । 

উত্তৰঃ ঋণ — ‘ ঋ’ৰ পাছত থকা বাবে।

কাৰণ — ৰ’ৰ পাছত থকা বাবে।

শ্ৰীচৰণেষু — অ , আ ভিন্ন অন্য স্বৰবৰ্ণৰ পাছত থকা প্ৰত্যয়ৰ স মূৰ্দ্ধণ্য ষ হয় । 

ইয়াত ‘ এ ’ স্বৰবৰ্ণৰ পাছত থকা বাবে ‘ ষ ’ হৈছে । 

বৰষুণ — অ , আ ভিন্ন অন্য স্বৰবৰ্ণ বা ক বা ৰ – ৰ পাছত থকা প্ৰত্যয়ৰ মূৰ্দ্ধণ্য ষ হয় । ইয়াত ‘ ৰ’ৰ পাছত থকা বাবে ‘ ষ ’ হৈছে । 

( খ ) ব্যাসবাক্যসহ সমাসৰ নাম লিখা— ( যিকোনো দুটাৰ ) 

ৰামায়ণ , পীতাম্বৰ , হাতদীঘল , জলচৰ । 

উত্তৰঃ ৰামায়ণ : ব্যাস বাক্য ৰাম আৰু ৰাৱণ।

         সমাস — ইতৰেতৰ দ্বন্দ্ব সমাস । 

পীতাম্বৰ : ব্যাসবাক্য — পাত ( হালধীয়া বৰণৰ ) অম্বৰ ( কাপোৰ ) পিন্ধে যিয়ে তেওঁ।

         সমাস— কর্মধাৰয় বা সমানাধিকৰণ বহুব্ৰীহি। 

হাতদীঘল : ব্যাসবাক্য — হাতদীঘল ( প্রভাৱ থকা ) যাৰ । 

          সমাস— বহুব্রীহি সমাস । 

জলচৰ : ব্যাসবাক্য— জলত চৰে যি । 

          সমাস— তৎপুৰুষ সমাস । 

( গ ) যিকোনো দুটাৰ শব্দৰ সন্ধি ভাঙা— 

হিমাচল , গিৰীন্দ্ৰ , যথেষ্ট , উচ্ছেদ 

উত্তৰঃ হিমাচল = হিম + আচল। 

          যথেষ্ট = যথা + ইষ্ট। 

          গিৰীন্দ্ৰ = গিৰি + ইন্দ্ৰ। 

          উচ্ছেদ = উৎ + ছেদ। 

( ঘ ) তলৰ যিকোনো দুটাৰ অৰ্থ লিখি একোটাকৈ বাক্য ৰচনা কৰা – 

ধোদৰ পচলা , হাত লৰ , চকু চৰহা , কাণে কাণ মাৰি । 

উত্তৰঃ ধোদৰ পচলা – ( এলেহুৱা ) ধোদৰ পচলা হৈ ঘৰত খাই শুই থকা লোকবোৰৰ পৰা দেশৰ উন্নতি আশা কৰিব নোৱাৰি । 

হাত লৰ – ( চোৰ স্বভাৱৰ ) হাত লৰ স্বভাৱৰ লোকক ঘৰৰ চাবিকাঠি দিব নোৱাৰি দেই । 

চকু চৰহা – ( লোকৰ ভাল দেখিব নোৱাৰা ) চকু চৰহা লোকে আনৰ উন্নতি সহিব নোৱাৰে । 

কাণে কাণ মাৰি – ( কোনোমতে ) কাণে কাণ মাৰিহে এইবাৰ সি প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছে । 

( ঙ ) বিপৰীতার্থক শব্দ লিখা ( যিকোনো দুটা ) 

আশা , উন্নতি , উত্তম , কৃতজ্ঞ 

উত্তৰঃ আশা ― নিৰাশা ।

         উত্তম — অধম ।

         উন্নতি — অৱনতি।

         কৃতজ্ঞ ― কৃতঘ্ন / অকৃতজ্ঞ।

( চ ) এটা শব্দত প্ৰকাশ কৰা ( যিকোনো দুটা )   

ঘৰতে থাকি কৰিব পৰা উদ্যোগ , যাৰ মৰণ নাই , কাঁহৰ বাচন গঢ়োতা। 

উত্তৰঃ ঘৰতে থাকি কৰিব পৰা উদ্যোগ – কুটীৰ শিল্প।

         যাৰ মৰণ নাই — অমৰ।

         কাহৰ বাচন গঢ়োতা — কঁহাৰ।

( ছ ) যথা স্থানত যতি চিহ্ন দিয়া–

মই কিন্তু নৰওঁ এতিয়াই যামগৈ 

উত্তৰঃ মই কিন্তু নৰওঁ , এতিয়াই যামগৈ । 

( জ ) নির্দেশ অনুসৰি তলৰ বাক্য দুটা পৰিৱৰ্তন কৰা –

১। অসাধু লোকক কোনেও সন্মান নকৰে । ( জটিল বাক্যলৈ নিয়া ) 

উত্তৰঃ যিসকল লোক অসাধু তেওঁলোকক কোনেও সম্মান নকৰে । 

২। যি মানুহে দেশক ভাল নাপায় , তেওঁৰ জীৱন বৃথা । ( সৰল বাক্যলৈ পৰিৱৰ্তন কৰা ) 

উত্তৰঃ দেশক ভাল নোপোৱা মানুহৰ জীৱন বৃথা । 

( ঝ ) তলৰ যিকোনো দুটাৰ সমার্থক শব্দ লিখা – 

ব্যথা , কৰুণ , হৃদয় 

উত্তৰঃ ব্যথা — বেদনা,পীড়া।

          হৃদয় — অন্তৰ , হিয়া । 

          কৰুণ ― বেজাৰ।

১৩। ভাব সম্প্রসাৰণ কৰা – 

( ক ) যি মূলা বাঢ়ে তাৰ দুপাততে চিন । ’ 

উত্তৰঃ সৰু ল’ৰা – ছোৱালী ভাল হোৱাৰ লক্ষণ যে সৰু অৱস্থাতেই দেখা যায় , সেই কথাকেই অসমীয়া সদা প্রচলিত এই যোজনাটিৰে বুজোৱা হয়।মূলা গছক ইয়াত সৰু ল’ৰা – ছোৱালীৰ ৰূপক হিচাপে লোৱা হৈছে । 

মূলা গছ এজোপা ডাঙৰ – দীঘল হ’ব নে নাই , সেই কথা তাৰ দুপতীয়া অৱস্থাতেই ধৰা দিয়ে ৷ যিজোপা মূলা গছ ভাল হ’ব , লহপহকৈ বাঢ়ি আহিব সেই কথা একেবাৰে সৰু পুলিতেই ধৰিব পাৰি । মূলাৰ নিচিনা সকলোবোৰ উদ্ভিদৰ ক্ষেত্ৰতেই সেই একেই কথা । উদ্ভিদ এই কথা মানুহৰ জীৱনতো একেদৰে প্রতিফলিত হয় । যি ল’ৰা – ছোৱালী ডাঙৰ হৈ ভাল হৈ উঠিব সেই কথা তাৰ সৰু কালতেই ধৰা পৰে । সৰু কালতেই যিবোৰ ল’ৰা – ছোৱালীৰ স্বভাৱ – চৰিত্ৰ ভাল হয় ; আচাৰ – ব্যৱহাৰ সুন্দৰ হয় ; ডাঙৰক ভক্তি ভাৱেৰে গ্ৰহণ কৰে ; যিবোৰ ল’ৰা – ছোৱালী তীক্ষ্ণ বুদ্ধি সম্পন্ন হয় আৰু একাগ্ৰতাৰে অধ্যয়নকে ধৰি নিজৰ অন্যান্য কর্তব্যও সুকলমে পালন কৰি যায় ; সেই ল’ৰা – ছোৱালী যে ভৱিষ্যত জীৱনত ডাঙৰ মানুহ হৈ নিজৰ বংশ গৌৰৱ উজ্বলাই তোলাৰ লগতে দেশৰ নামো উজ্বলাই তুলিব সেয়া অতি নিশ্চিত কথা । সেই কথা বুজাবলৈকে সেয়ে অসমীয়াত এই যোজনা প্রচলিত আছে । ইংৰাজীতো এই যোজনাৰ সমপৰ্যায়ৰ যোজনা আছে । ইংৰাজীত এই কথা বুজাবলৈকে কোৱা হয়— ” Morning shows the day . ” 

নাইবা 

( খ ) শাৰীৰিক অসুস্থতাৰ বাবে তুমি দুদিন স্কুললৈ আহিব পৰা নাছিলা, তাৰ বাবে ছুটী বিচাৰি বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ এখন আবেদন প্রস্তুত কৰা । ( আবেদনত কাৰো নাম , ঠিকনা আদি নিলিখিবা ) 

উত্তৰঃ প্রতি , 

             মাননীয় অধ্যক্ষ মহোদয় বনগাঁও 

             উচ্চতৰ মাধ্যমিক বিদ্যালয় , 

             পাঠশালা । 

                  অসমীয়া ( মাননীয় শ্রেণী শিক্ষক 

                  মহোদয়ৰ জৰিয়তে ) 

বিষয় : ছুটীৰ বাবে আবেদন । 

                                      তাং – ১০-০৩-১৪

মহাশয় , 

            বিনীত নিবেদন এই যে মই যোৱা ২৪ আৰু ২৫ তাৰিখে শাৰীৰিক অসুস্থতাৰ বাবে বিদ্যালয়ত উপস্থিত থাকিব পৰা নাছিলো । গতিকে দয়ালু মহোদয়ে উক্ত দুদিনৰ ছুটী দি মোৰ মনোবাঞ্ছা পূৰ্ণ কৰে যেন । 

            এয়ে মহোদয়ৰ ওচৰত মোৰ সৰল মিনতি। 

আপোনাৰ বিশ্বাসী 

নাম : ………………..

শ্ৰেণী : ……………….

শাখা : ……………….

ৰোল নং : …………..

১৪। তলত দিয়া যিকোনো এটি বিষয়ৰ ওপৰত এখন ৰচনা লিখা– 

( ক ) তোমাৰ প্ৰিয় গ্ৰন্থখন ।

উত্তৰঃ মোৰ প্ৰিয় গ্ৰন্থখন 

আৰম্ভণি : আমি জীৱনত বহু কিতাপ বা গ্রন্থই পঢ়িছো যদিও তেনে এক বা একাধিক গ্ৰন্থই আমাৰ মনত বিশেষভাৱে প্ৰভাৱ পেলায় বা গ্ৰন্থখনৰ প্রতি বিশেষ আকর্ষণ হয় । মোৰ বাবে তেনে এখন গ্ৰন্থ হ’ল ‘ আদি দশম’। 

গ্ৰন্থ পৰিচয় : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা ‘ আদি দশম ‘ কাব্য মোৰ এখন প্রিয় গ্রন্থ । এই গ্রন্থ মহৰ্ষি বেদব্যাস ৰচিত ভাগৱত পুৰাণৰ দশম স্কন্ধৰ আদিছোৱাৰ প্রাঞ্জল ভাঙনি । পাঁচ হাজাৰ বছৰ জুৰি ভাৰতবৰ্ষৰ জনমানসক আলোড়িত কৰি অহা অপূৰ্ব শ্ৰীসম্পন্ন চৰিত্ৰ পুণ্যশ্লোক শ্ৰীকৃষ্ণৰ জন্ম – বৃত্তান্ত আৰু শৈশৱ – কৈশোৰৰ লীলাৰে ৰচিত এই কাব্য শংকৰদেৱৰ প্ৰতিভাৰ উজ্বল চানেকি । ‘ কৃষ্ণস্তু ভগৱান স্বয়ম্ ‘ আৰু ‘ ঈশ্বৰঃ পৰমঃ কৃষ্ণ সচ্ছিদানন্দ বিগ্রহ : ভাগৱত পুৰাণৰ এই মহাবাণীয়ে যুগ যুগান্তৰ ধৰি ভাৰতবৰ্ষৰ জনমানসক অনুৰঞ্জিত কৰি এক মহান সাংস্কৃতিক ঐতিহ্যৰ সৌধ গঢ়িছিল ।

শংকৰদেৱে ভাগৱত পুৰাণৰ বিভিন্ন স্কন্ধৰ অনুবাদৰ সহায়েৰে অসমৰ মানুহক বিশাল ভাৰতবৰ্ষৰ এই মহান ঐতিহ্যৰে সৈতে চিনাকি কৰি দিলে । ভাগৱত পুৰাণৰ বাৰটা স্কন্ধৰ ভিতৰত দশম স্কন্ধৰ এক সুকীয়া আবেদন আছে । কিয়নো , এই কাব্যৰ বিষয়বস্তু শিশু আৰু কিশোৰ কৃষ্ণৰ মনোহৰ ব্ৰজলীলা । 

প্রিয় হোৱাৰ কাৰণ : মূলৰ ভাৱ , ভাষা আৰু প্ৰকাশভংগী সম্পূর্ণ শুদ্ধভাৱে ৰক্ষা কৰি শংকৰদেৱে এই গ্রন্থ অসমীয়ালৈ অনুবাদ কৰিছে । কিন্তু তাৰ মাজতে অসীম প্রতিভাধৰ কবিৰ ৰচনাৰ মৌলিক সৌন্দর্য বিকশিত হৈ উঠিছে । শিশু কৃষ্ণৰ দুষ্টালি , ঠেহ পেচ , পালক পিতৃ – মাতৃ নন্দ – যশোদাৰ সৈতে থকা স্নেহৰ বান্ধোন , কিশোৰ কৃষ্ণৰ সখিসকলৰ প্ৰতি থকা নিবিড় মমতা , জ্যেষ্ঠ ভ্রাতৃ বলৰামৰ বাবে থকা স্নেহ শ্রদ্ধা , ব্রজবধু , গোপীসকলৰ প্ৰতি প্ৰদৰ্শিত পৰম অনুকম্পা , সকলো প্ৰাণীৰে প্ৰতি বৰ্ষা কৰুণাধাৰা , আনকি দুষ্কৃতিৰ প্ৰতিভূ কংস ৰজাক বধ কৰি তেওঁকো সৰূপা মুক্তি দি কৰা কৃপা — ‘ আদি দশম’ত বর্ণিত বিষয় । 

‘ আমি দশম ’ গোপকৃষ্ণৰ কিশোৰ ৰূপৰ বৰ্ণনাই পাঠকক অনুক্ষণ মুগ্ধ কৰি ৰাখে ৷ কৃষ্ণৰ গাৰ বৰণ নতুন মেঘৰ দৰে শ্যাম , নয়নজুৰি পদ্মৰ পাপৰি , শুভ্র কুন্দ – ফুল – কলি যেন দাঁত , কোমল কুঁহিপাতৰ দৰে হাতৰ তলুৱা , নৱ পদ্ম কোষ যেন চাৰু চৰণ ৷ হালধীয়া পাটৰ বস্ত্ৰ , সুগন্ধি বনফুলৰ মালা , ৰত্ন – অলংকাৰ , কৌস্তভ মণিয়ে সেই ৰূপ আৰু মোহনীয় কৰি তোলে । কিশোৰ কৃষ্ণই গোকুলৰ প্ৰতিটো প্রাণীৰে মন মুহি থৈছে । পদ্ম – গন্ধেৰে সুৰভিত যমুনাৰ ৰম্য বালিত কৃষ্ণক চাৰিওফালে আৱৰি লৈ গোপশিশুসকলে দৈ ভাত খায় । সেই চিত্র যেন এপাহি পূর্ণ প্রস্ফুটিত পদুম ফুলহে । কৃষ্ণ যেন পদুমৰ চকা আৰু সখিসকল যেন পদুমৰ পাহি । 

বৃন্দাবনৰ ৰমণীয় বন প্ৰান্তৰত কৃষ্ণৰ সৈতে গোপবালকসকলে ৰং – ধেমালি কৰে । কোনোৱে পক্ষীৰ ছায়া খেদি ফুৰে , কোনোৱে কুলিৰ কণ্ঠক চিয়াঁৰে , কোনোৱে ভোমোৰাৰ লগে লগে ভৰি খুপি খুপি ফুৰে , কোনোৱে ময়ূৰৰ দৰে চালি ধৰি নাচে , কোনোৱে ৰাজহাঁহৰ লগে লগে ভৰি খুপি খুপি ফুৰে , কোনোৱে বেঙৰ লগত দেও দি ফুৰে । পৰম দেৱতা কৃষ্ণক সখিৰূপে লাভ কৰা ব্ৰজৰ শিশুসকলৰ এনে ভাগ্যোদয় দেখি ভক্ত কবি অভিভূত হৈ পৰে । কৃষ্ণৰ বাঁহীৰ সুৰ শুনিলে কালিন্দী যমুনা উজাই বয় , কমল বনত শিহৰণ জাগে , গৰু , মৃগ , পক্ষী চিত্ৰৰ পুতলিৰ দৰে থৰ হয় , তৰুলতাই মধুক্ষৰণ কৰে , মেঘে মিত্ৰ বুলি মধুৰ গাজনিৰে সম্ভাষণ কৰি ছায়াছত্ৰ ধৰে আৰু কৃষ্ণসাৰ বিমোহিত হৈ কাষ চাপি আহে । 

এই লীলাময় কৃষ্ণকেই সৃষ্টিকর্তা ব্রহ্মাই নির্জন বৃন্দাবনত অপূর্ব গোপৰূপত দেখিছে , এওঁৰ মহিমা দেখি দুৰ্দান্ত কালীনাগ আৰু পত্নীসকল বিস্ময়ত অভিভূত হৈছে , এওঁৰেই মুৰুলীমোহন নটবৰ ৰূপে শৰতৰ পূৰ্ণিমা বাতি ব্ৰজবধুসকলক ব্যাকুল কৰিছে আৰু এওঁৰেই দিব্যৰূপ নীল যমুনাৰ তলত দেখি অক্ৰুৰ বাৰম্বাৰ শিহৰিত হৈছে । কংসৰ ৰাজসভাত এওঁকেই সমজুৱাসকলে দশৰূপত দৰ্শন কৰিছে । 

ভক্তজনৰ পৰম নমস্য এই ভুৱন সুন্দৰ কৃষ্ণৰ সৌন্দৰ্য আৰু লীলা অসংখ্য মনোমোহা চিত্রকল্পেৰে উপমা , ৰূপক , উৎপ্ৰেক্ষা অনুপ্ৰাস আদি অলংকাৰেৰে , নৱ ৰসেৰে , দুলড়ি , লেছাৰি , ছবি , ঝুমুৰী আদি ছন্দেৰে বৰ্ণনা কৰি কবিয়ে পাঠকৰ মন অনাবিল আনন্দেৰে ভৰপূৰ কৰি তুলিছে । 

( খ ) মোৰ জীৱনৰ লক্ষ্য।

উত্তৰঃ মোৰ জীৱনৰ লক্ষ্য

আৰম্ভণি : আমাৰ সমাজৰ প্ৰতিজন ব্যক্তিৰে জীৱনৰ লক্ষ্য বেলেগ বেলেগ । কিন্তু সকলো লক্ষ্য এক কেন্দ্ৰবিন্দুলৈ ধাৱিত হোৱা দৰকাৰ আৰু সেই লক্ষ্যৰ কেন্দ্ৰবিন্দু হ’ল ব্যক্তিগত ক্ষেত্ৰত নিজৰ আত্মিক আৰু মানৱীয় বিকাশ আৰু আমাৰ সমাজ তথা গোটেই মানৱগোষ্ঠীৰ উন্নয়ন। সকলোৱে এই লক্ষ্য আগত ৰাখি নিজৰ উদ্দেশ্য আৰু কৰ্ম ঠিক কৰি ল’লে নিজৰ লগতে সমাজৰো উন্নতি হোৱাটো স্বাভাৱিক । 

লক্ষ্যৰ প্ৰয়োজনীয়তা : মানুহে জীৱিকাৰ বাবে এটা লক্ষ্য স্থিৰ কৰি পঢ়াশুনা কৰাটো উচিত । এই লক্ষ্য বহু সময়ত পৰিৱেশ আৰু পৰিস্থিতিৰ পৰাই মনত স্থিৰ কৰি লোৱা দেখা যায় । কিন্তু লক্ষ্য যিমানেই নহওক কিয় সেয়া মানৱ কল্যাণৰ কামত লগাব পৰাটোৱে হ’ল লক্ষ্য নিৰূপণৰ মূল কথা । 

মোৰ জীৱনৰ লক্ষ্য : মই মোৰ লক্ষ্য নিৰূপণ কৰোতে সাধাৰণতে অন্যায় – অনীতিৰ পৰা সততে আঁতৰি থাকিব পৰা এটা জীৱিকাৰ কথাকেই চিন্তা কৰিছো ৷ সেয়ে মই এজন শিক্ষক হ’ব বিচাৰো ৷ মই সকলো শ্রেণীৰে শিক্ষকৰ প্ৰতি শ্রদ্ধাৱান আৰু এই চাকৰিটোক মহান বুলি গণ্য কৰো । সেয়েহে মই বিশ্ববিদ্যালয় নাইবা মহাবিদ্যালয়ৰ শিক্ষক হোৱাৰ লক্ষ্য স্থিৰ কৰিছো । মই অধ্যাপনা কৰাৰ লগে লগে গৱেষণাৰ বিভিন্ন প্রকল্প গ্রহণ কৰি সমাজ আৰু জাতিৰ উন্নতিত অৰিহণা যোগাব বিচাৰো । মই মোৰ চিন্তা আৰু সৃষ্টি শক্তিৰে গ্ৰন্থ ৰচনা কৰি তাত বিভিন্ন তথ্য দাঙি ধৰি সমাজৰ উন্নতিৰ কথা চিন্তা কৰিম । অধ্যয়নৰ লগে লগে নৈতিক চৰিত্ৰ গঠনৰ প্ৰতিও ছাত্ৰ – ছাত্ৰীসকলক মই অনুপ্রাণিত কৰিবলৈ সুবিধা পাম ৷ 

নিজ লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰথমতে দৰকাৰ হ’ব গভীৰ অধ্যয়নৰ । তদুপৰি ইয়াত যোগ্যতা অর্জন কৰিবলৈয়ো পৰীক্ষাৰ ফলাফল উৎকৃষ্ট হ’ব লাগিব । অধ্যাপনাৰ যোগেদি এক সবল আৰু সুস্থ সমাজ গঢ়াৰ বাবে প্ৰয়াস কৰিম । তেতিয়াহে মোৰ লক্ষ্যই পূর্ণতা পাবলৈ সক্ষম হ’ব । 

সামৰণি : প্ৰতিজন ব্যক্তিয়ে জীৱনত এটা লক্ষ্য ঠিক কৰি লৈ তাক লাভ কৰিবলৈ চেষ্টা কৰাটোৱে মানুহৰ প্ৰথম কৰ্তব্য । মানুহৰ গভীৰ আত্মবিশ্বাস আৰু সাধনাই লক্ষ্যত উপনীত কৰাত মূল হিচাপে কাম কৰে।আমি স্থিৰ কৰা লক্ষ্যত উপনীত হ’ব নোৱাৰিলেও আমাৰ মন হৈ পৰে সুসংস্কৃত আৰু দৃঢ় অভিজ্ঞতাৰে পৰিপুষ্ট এটা জীৱন ৷ সেয়ে নিৰূপিত লক্ষ্য আগত লৈহে মানুহে জীৱনত আগবঢ়াটো উচিত । সেয়েহে তেনে এটা লক্ষ্য লৈয়ে আগবাঢ়িছো আৰু তাৰ বাবে বিৰামহীনভাৱে সাধনা কৰা সংকল্প লৈছো । 

( গ ) অসমৰ কুটীৰ শিল্প।

উত্তৰঃ অসমৰ কুটীৰ শিল্প

আৰম্ভণি : যিবিলাক শিল্প কম খৰচতে নিজৰ ঘৰতে থাকি নাইবা হাতেৰেই চলাব পাৰি , সেই বিলাককেই সাধাৰণতে কুটীৰ বা ঘৰুৱা শিল্প বুলি কোৱা হয় । বর্তমান সময়ত দেশ এখনৰ অৰ্থনৈতিক প্রগতিত বৃহৎ উদ্যোগ বা শিল্পসমূ লগতে কুটীৰ শিল্পয়ো এক বিশিষ্ট বৰঙণি আগবঢ়াইছে । বিশেষকৈ অর্থনৈতিকভাৱে অনগ্ৰসৰ গাঁৱলীয়া লোকসকলৰ অর্থনৈতিক প্ৰগতিত কুটীৰ বা ঘৰুৱা শিল্পসমূহে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে । গাঁৱৰ দুখীয়া লোকসকলে নিজ নিজ ঘৰতে থাকি আজৰি সময়ত এই ঘৰুৱা শিল্পবোৰত নিজকে জড়িত কৰিব পাৰে ৷ গতিকে , গাঁৱলীয়া মানুহৰ উন্নতিত কুটীৰ শিল্পৰ প্ৰয়োজন আছে । 

অসমৰ কুটীৰ শিল্পৰ প্ৰাচীনত্ব : ভাৰতবৰ্ষৰ উত্তৰ – পূব অঞ্চলত অৱস্থিত আমাৰ অসম ৰাজ্যখনত অতি পুৰণি কালৰ পৰাই কুটীৰ শিল্পত চহকী । এনেকি প্রাচীন কালৰ কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মনেও উত্তৰ ভাৰতৰ ৰজা হর্ষবর্ধনলৈ অসমৰ কুটীৰ শিল্পৰ লগত জড়িত লোকে সাজি উলিওৱা বস্তু কেইপদমান আগবঢ়াইহে গৌৰৱবোধ কৰিছিল । হর্ষবর্ধনলৈ আগবঢ়োৱা এই বস্তুবোৰৰ ভিতৰত আছিল পাটৰ কাপোৰ , কাঁহৰ বাচন , হাতী দাঁতৰ বস্তু , বাঁহৰ ফুলাম জাপি আদি । অসমৰ আহোম – কোচ আদি ৰজাসকলেও কুটীৰ শিল্পৰ উন্নতিত বিশেষ গুৰুত্ব আৰোপ কৰিছিল বুলি গম পোৱা যায় প্রাচীনকালত ৰচিত অসমীয়া কিছুমান সাহিত্য গ্ৰন্থৰ পৰা । কোচ ৰজা মহাৰাজ নৰনাৰায়ণে অর্থনৈতিক দিশত সেই সময়ৰ মানুহবোৰৰ উন্নতিকল্পে কুটীৰ শিল্পৰ ওপৰত গুৰুত্ব দি উজনিৰ পৰা বিভিন্ন শিল্পৰ লগত জড়িত বিভিন্ন সম্প্ৰদায়ৰ মানুহ আনি নামনি অসমত স্থাপন কৰিছিল । 

প্রাচীন কালৰে পৰা অসমৰ তিৰোতা আনকি কিছুসংখ্যক পুৰুষো যে বয়ন শিল্পৰ লগত জড়িত আছিল সেই কথাও পুৰণি সাহিত্যৰ আধাৰত বুজি পোৱা যায় । অসমত অতি পূৰ্বৰে পৰা বৃত্তিয়াল জাতি হিচাপে থকা সোণাৰী , কমাৰ , কুমাৰ , তাঁতী আদি জাতি – সম্প্রদায়বোৰেও অসমৰ কুটীৰ শিল্পৰ প্ৰমাণ দাঙি ধৰে । এই কথাবোৰৰ পৰা এই কথা স্বাভাৱিকতে গ্ৰহণ কৰিব পাৰি যে প্রাচীন অসম কুটীৰ শিল্পত চহকী আছিল । 

অসমৰ কুটীৰ শিল্পৰ অৱনতিৰ কাৰণ : অসমৰ কুটীৰ শিল্পৰ অৱনতিৰ কাৰণসমূহ ভিন ভিন ধৰণৰ । এই ক্ষেত্ৰত প্ৰথমে যান্ত্রিক যুগত যন্ত্রশিল্পৰে তৈয়াৰী বস্তুৰ সৈতে কুটীৰ শিল্পজাত সামগ্ৰীসমূহে ফেৰ মাৰিব নোৱাৰাটোৱেই মুখ্য কাৰণ বুলি ক’ব লাগিব ।

বৰ্তমান যুগটো হৈছে সঁচাকৈয়ে যন্ত্ৰৰ যুগ । এই যন্ত্ৰৰ যুগত যন্ত্ৰৰ সহায়ত বৃহৎ উদ্যোগসমূহৰ জৰিয়তে কম সময়তে আৰু কম খৰচতে বিভিন্ন ধৰণৰ প্ৰয়োজনীয় বস্তুসমূহ তৈয়াৰ কৰি উলিয়াবলৈ সক্ষম হোৱা গৈছে । যন্ত্ৰৰ সহায়ত সাজি উলিওৱা এই বস্তুবোৰৰ তুলনাত কুটীৰ শিল্পজাত সামগ্ৰীৰ দাম বেছি হোৱা বাবে স্বাভাৱিকতে সেইবোৰ বস্তুৰ প্ৰতি মানুহৰ আকর্ষণ বাঢ়ি গৈছে । ফলস্বৰূপে কুটীৰ শিল্পজাত সামগ্ৰীৰ সমাদৰ কমি গৈছে আৰু এই শিল্পসমূহ দুৰ্যোগৰ সন্মুখীন হৈছে । 

দ্বিতীয়তে , বর্তমান মানুহৰ ৰুচিৰ পৰিৱৰ্তন কুটীৰ শিল্পসমূহৰ অৱনতিৰ অন্য এটা কাৰণ । মানুহে বর্তমানে যন্ত্ৰৰ দ্বাৰা তৈয়াৰী বস্তু ব্যৱহাৰ কৰিহে মানসিকভাৱে শান্তি লাভ কৰে আৰু সেয়ে তেনেবোৰ শিল্পজাত বস্ত্ৰ ব্যৱহাৰৰ প্ৰতিহে অসমীয়া মানুহৰ নিচা দেখা গৈছে । 

তৃতীয়তে , বর্তমান বিভিন্ন ধৰণৰ কেঁচা সামগ্ৰীসমূহৰ দুৰ্মূল্য আৰু দুষ্প্রাপ্যতাও কুটীৰ শিল্পৰ অৱনতিৰ অন্য এক কাৰণ হৈ পৰিছে । কুটীৰ শিল্পৰ বাবে প্রয়োজনীয় কেঁচা সামগ্ৰীবোৰ বৰ্তমানে কমি গৈছে আৰু সেইবোৰৰ দামো অত্যধিক হৈ গৈছে । সেয়ে সেইবোৰৰ দ্বাৰা তৈয়াৰী বস্তুবোৰৰ দামো বৃদ্ধি কৰিবলগীয়া হৈছে আৰু ফলস্বৰূপে সেই সামগ্ৰীবোৰে উপযুক্ত বজাৰ নোপোৱা হৈছে । কুটীৰ শিল্পজাত সামগ্ৰীৰ এনেকুৱা অৱস্থা হোৱাৰ কাৰণে এই শিল্পীসকলৰ অৰ্থনৈতিক জীৱনো লাহে লাহে দুৰ্বলৰ পৰা দুৰ্বলতাৰ অৱস্থালৈ গতি কৰিছে । মূলতঃ কুটীৰ শিল্পৰ অৱনতিৰ কাৰণ হিচাপে এইবোৰকেই উল্লেখ কৰিব পাৰি । 

সামৰণি : কিন্তু বর্তমান অসমত কুটীৰ শিল্পৰ এনে অৱনতি দেখা গৈছে যদিও অসমৰ গ্ৰাম্য অৰ্থনীতিত কুটীৰ শিল্পৰ বিশিষ্ট ভূমিকা আছে।অসমৰ মানুহে এই শিল্পৰ উন্নতিৰ বাবে প্রয়োজনীয় চেষ্টা আৰু ব্যৱস্থা কৰা দৰকাৰ । মহামানৱ মহাত্মা গান্ধীয়েও পোনতে অসমৰ কুটীৰ শিল্পৰ প্ৰতি অসমীয়া মানুহৰ মনোযোগ আকর্ষণ কৰি এই কুটীৰ শিল্পৰ লগত গ্রাম্য মানুহৰ অর্থনৈতিক প্রগতি জড়িত আছে বুলি কৈছে । বৰ্তমান অসমৰ গাঁওবাসীৰ অধিকাংশ লোকেই কৃষিজীৱী । অসমীয়া কৃষিজীৱী এই লোকসকলে তেওঁলোকৰ অর্থনৈতিক জীৱনৰ পৰিপূৰক হিচাপে কুটীৰ শিল্পটো যদি মনোযোগ দিয়ে তেতিয়াহ’লে অসমীয়া গাঁৱলীয়া লোকসকলৰ অর্থনৈতিক উন্নতি যে সাধন হ’ব সেয়া নিশ্চিত। 

কুটীৰ শিল্পৰ উন্নতি কৰিবলৈ হ’লে অসমীয়া মানুহৰ সংঘবদ্ধ প্রচেষ্টা প্রয়োজনীয় । লগতে চৰকাৰৰ ফালৰ পৰাও এই শিল্পৰ উন্নতিকল্পে বিশেষ গুৰুত্ব আৰোপ কৰিব লাগিব ৷ কুটীৰ শিল্পৰ আধুনিকীকৰণ কৰি আৰু সেই শিল্পৰ লগত জড়িত আগৰ ব্যৱস্থাৰ লগতে আধুনিক যন্ত্রপাতিৰ প্ৰয়োগ কৰিলেহে সেই শিল্পৰ লগত জড়িত শিল্পীসকলৰ অর্থনৈতিক জীৱনৰো উন্নতি হ’ব । কুটীৰ শিল্পৰ এই উন্নতিয়ে অসমৰ নিবনুৱা সমস্যাৰ সমাধানতো কিছু পৰিমাণে হ’লেও সহায় কৰিব । সেয়ে অসমৰ অৰ্থনীতিৰ উন্নতিৰ বাবে কুটীৰ শিল্পসমূহৰ উন্নতিও অপৰিহাৰ্য । 

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top